Thursday 3 January 2008

শীত নামিব ধৰিছে

শীত নামিব ধৰিছে
মায়াময় কুঁৱলীৰ শুভ্ৰতাই
হৃদয় পথাৰৰ ইকুল সিকুল 
আৱৰি পেলাইছে
অনুভৱৰ লঠঙা গছবোৰ
ঠক ঠককৈ কঁপিছে
ক’ৰবাৰ উদাসী সুৰ এটিয়ে
জুহালৰ উমাল পুৱা
চেতনাক জগাইছে
পদুলিমুখত যে ৰৈ আছেহি
ভালপোৱা চিকুণ ৰ’দ
কাণে কাণে তাৰে বতৰা দিছে
শীত নামিব ধৰিছে

ৰচনাকাল- জানুৱাৰী২০০