Sunday 26 May 2013

‘ৰিভাৰ ডগ’: মহাবাহু ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বংগোপ সাগৰৰ মোহনালৈ এক বৰ্ণাঢ্য যাত্ৰা


‘ৰিভাৰ ডগ’ বৃটিছ পৰ্য্যটক তথা লিখক মাৰ্ক চান্দে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বংগোপ সাগৰৰ মোহনালৈ কৰা পৰিভ্ৰমণ সম্পৰ্কে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী ৷ ১৯৫১ চনত জন্ম গ্ৰহণ কৰা মাৰ্কে জীৱনৰ সৰহভাগ কাল ভ্ৰমণ কৰিয়েই পাৰ কৰিছে৷ শেহতীয়াকৈ তেওঁৰ তাৰা নামৰ হাতীজনীৰ সৈতে ইতিহাসৰ প্ৰথম মহিলা মাউত পাৰ্বতী বৰুৱা (প্ৰতিমা পাণ্ডে বৰুৱাৰ ভগ্নী)ৰ লগ হৈ ভাৰতৰ বিভিন্ন অঞ্চলত কৰা ভ্ৰমণৰ সাৱলীল বৰ্ণনাসমৃদ্ধ ‘ট্ৰেভেলচ অন মাই এলিফেন্ট’ (Travels on My Elephant ) নামৰ গ্ৰন্থখনে আন্ত:ৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে৷

বিখ্যাত লিখক তথা পৰ্যটক চাৰ্লছ এলেন ( Charles Allen )ৰ উত্তৰ-পূব ভাৰতৰ বিভিন্ন দু:সাহসিক অভিযানৰ অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হৈ ১৯৮২ চনত মাৰ্কে পোন-প্ৰথমে ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বংগোপ সাগৰৰ মোহনালৈকে সমগ্ৰ গতিপথেৰে এনে এক যাত্ৰাৰ পৰিকল্পনা কৰে৷ চাৰ্লছ এলেনে “Last Great Asian Adventure’’ বুলি অভিহিত কৰা এই যাত্ৰাৰ বাবে ভালেমান বছৰ জুৰি অধ্যয়ন আৰু প্ৰস্তুতি চলাই তেওঁ অৱশেষত ১৯৯৮-৯৯ চনত ইয়াৰ শুভাৰম্ভ কৰে৷
মানস সৰোবৰৰ এটা সৰু বৰফাবৃত জুৰিত আৰম্ভ হৈ তিনিখন দেশৰ মাজেৰে, ৫৭১৫ মিটাৰ উচ্চতাৰ পৰা সাগৰ-পৃষ্ঠলৈকে এই ১৮০০ মাইল জোৰা দৈৰ্ঘ্য অতিক্ৰম কৰি বংগোপ সাগৰত বিলীন হোৱা ব্ৰহ্মপুত্ৰ দুয়োপাৰৰ শত-সহস্ৰ লোকৰ জীৱনৰেখা স্বৰূপ৷ এই ব্ৰহ্মপুত্ৰই তীব্বতত চাংপো, তাৰপৰা “হে'য়াৰ-পিন”ৰ আকৃতিৰ গতিলৈ চিয়াং নামেৰে অৰুণাচলত সোমায়হি৷ ই অসমত বিভিন্ন উপনৈসমূহেৰে লগ লাগি বিশাল ৰূপ লয় আৰু সৰ্বশেষত বাংলাদেশত গংগাৰে লগ হৈ পদ্মা নামেৰে সাগৰলৈ গতি লৈ শেষত ই মেঘনা নামেৰে সাগৰত বিলীন হয়৷ গ্ৰন্থখনত এজন বিদেশী পৰ্য্যটকৰ দৃষ্টিভংগীৰে মহাবাহুৰ এই অনন্য ৰূপ, দুয়োপাৰৰ জনজীৱন তথা এই গতিপথৰ আলিয়ে-কেঁকুৰিয়ে লাগি ৰোৱা ইতিহাস সাৱলীলভাৱে অংকিত হৈছে ৷
তীব্বতৰ কৈলাশ পৰ্বতৰ বৰফাবৃত উচ্চতম শিখৰৰত এই অনন্য যাত্ৰাৰ শুভাৰম্ভণি ঘটাই তীব্বতৰ দুৰ্গম অংশ লিখকে খোজেৰে আৰু মাজে মাজে গাড়ী তথা য়াকেৰে অতিক্ৰম কৰে৷ চিয়াঙৰ পাৰৰ গেলিং, টুটিং,ব’না,পাংগ’, পেলিং আদি অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত সৰু-বৰ ভিতৰুৱা অঞ্চলসমূহ মাৰ্ক আৰু তেওঁৰ সহযোগীসকলে খোজেৰে পৰিভ্ৰমণ কৰে। এই সমগ্ৰ যাত্ৰাপথত হোৱা বিভিন্ন অভিজ্ঞতা যেনে- বাঁহৰ ওলোমা সেঁতুৰে পাৰ হওঁতে পিছলি পৰি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা, আপঙৰ সোৱাদ তথা এই গাওঁসমূহৰ স্থানীয় মানুহৰ সৈতে হোৱা ভাব-বিনিময়ৰ এক সজীৱ বৰ্ণনাই পাঠকৰ বাবে অধিক মনোগ্ৰাহী কৰি তোলে৷ তাৰোপৰি এই চিৰ-পৰিৱৰ্ত্তনশীল আৰু ৰহস্যময় নৈখনক নিচেই ওচৰৰ পৰা অনুভৱ কৰা লিখকৰ বৰ্ণনাত নৈখন যেন জীৱন্ত হৈ উঠে৷
ব্ৰহ্মপুত্ৰৰ অসমৰ ভিতৰৰ প্ৰায় সমগ্ৰ অংশটো অৰ্থাৎ পূৱৰ অসম-অৰুণাচল সীমান্তৰ পৰা পশ্চিমৰ ধুবুৰী পৰ্যন্ত লিখকে নাৱেৰে ভ্ৰমণ কৰে৷ এই নৌকাযাত্ৰাৰ মাজত ক্ষন্তেকীয়া বিৰতি লৈ তেওঁ ডিব্ৰুগড়, শিৱসাগৰ তথা মাজুলী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ভুমুকি মাৰি যায়৷ ব্ৰহ্মপুত্ৰৰ ইপাৰ-সিপাৰ নেদেখা বিশালতাৰ মাজত দিক-বিদিক হেৰুওৱা অৱস্থাত লিখকে বাৰে বাৰে অনুভৱ কৰে এই মহাবাহুৰ সীমাহীন শক্তিৰ প্ৰভাৱ৷ য’ত একোৱেই স্থায়ী নহয়, যিখন নৈয়ে স্ব-ইচ্ছাৰেই দুয়োপাৰৰ অঞ্চলৰ মানচিত্ৰ ঘনে ঘনে সলনি কৰে তাত কোনোৱে যেন প্ৰকৃত অৱস্থান জনা অসম্ভৱ- কেৱল যেন নাৱৰ চালক ‘গামা’ই দিব্যচকুৰে নাৱৰ গতিপথ স্থিৰ কৰি তেওঁলোকক নিৰাপদে আগুৱাই নিছিল ৷ ব্ৰহ্মপুত্ৰৰ মাজে মাজে সিঁচৰতি হৈ থকা জনপ্ৰাণীবিহীন বালিচৰত নিশা কটাওঁতে পুৱতি নিশা আকাশেদি উৰি যোৱা শ-শ ধৃতিৰাজ চৰাই চাই চাই তেওঁ স্বগতোক্তি কৰি উঠিছিল- “Life couldn’t get much better than this”৷ তেনেদৰে মাজুলীৰ কমলাবাৰী সত্ৰ পৰিদৰ্শন কৰি সত্ৰত বিৰাজমান অবিস্মৰণীয় পবিত্ৰতা, শান্তি আৰু নিৰ্মোহে তেওঁক বুৰাই পেলোৱা যেন অনুভৱ কৰিছিল ৷ শিষ্যসকলৰ শান্ত-সমাহিত আধ্যাত্মিক দৃষ্টিয়ে তেওঁক যেন চুম্বকৰ দৰে সন্মোহিত কৰি পেলাইছিল৷ সংসাৰৰ সকলো মায়া-মোহৰ পৰা মুক্ত হৈ মন্ত্ৰমুগ্ধৰ দৰে তেওঁ তাতে ৰৈ যাব খোজা যেন অনুভৱ কৰিছিল৷ সত্ৰৰ কাঠৰ দুৱাৰখন বন্ধ হৈ যোৱাৰ লগে লগে তেওঁ সপোনৰ পৰা সাৰ পাই উঠা যেন ভাৱ হৈছিল৷
ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নানা বিপদ বিঘিনি নেওচি আগবাঢ়োতে এনেদৰেই লেখক নানা পৰিস্থিতিৰ সম্মুখীন হৈছে , মাৰাঠী বন্ধুৰ পৰা আৰম্ভ কৰি জনজাতীয় গাৱঁৰ গাওঁবুঢ়া, অসমীয়া বন্ধু-বান্ধৱী, মিলিটেৰী কৰ্প’ৰেল, বাংলাদেশী আৰক্ষী আদি বিভিন্ন ব্যক্তিত্বৰ সৈতে এই যাত্ৰাৰ মূহুৰ্তবোৰ অতিবাহিত কৰিছে; এই সৰু বৰ ঘটনাবোৰ খুবেই মনোগ্ৰাহী ভাৱে লেখকে বৰ্ণনা কৰিছে। “ৰিভাৰ ডগ’’ৰ এই যুগমীয়া যাত্ৰাত লেখকৰ সহযাত্ৰী ‘ভাইটি’ নামৰ চিকাৰী কুকুৰটোৰ সৈতে সহমৰ্মিতাইয়ো ইয়াক অন্য এক মাত্ৰা প্ৰদান কৰিছে৷ সমগ্ৰ যাত্ৰাৰ বৰ্ণনাৰ মাজত লিখকৰ ৰসবোধেও গ্ৰন্থখনিৰ প্ৰথমৰ পৰা শেষলৈকে পাঠকৰ বাবে উপভোগ্য কৰি ৰাখে৷ যাত্ৰাৰ বাটে পথে লিখকে প্ৰায় সকলো ঠাইৰ ইতিহাস, লোকগাঁথাৰ উল্লেখ কৰি পাঠকক বহু কথা জনাৰ সুযোগ দিছে৷ সকলো মিলি এই গ্ৰন্থখন নিশ্চিতভাৱে সকলো শ্ৰেণীৰ পাঠকৰ বাবে উপভোগ্য হৈ উঠিছে৷ তাৰোপৰি এই গ্ৰন্থখনে বিশ্বৰ অন্য অংশৰ পাঠক সমাজকো আমাৰ এই অঞ্চলৰ চহকী লোকসংস্কৃতি তথা কিংবদন্তী সমূহৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব বুলি আশা কৰিব পৰা যায়৷

গ্ৰন্থ–ৰিভাৰ ডগ
(River Dog-A journey down the Brahmaputra)
গ্ৰন্থকাৰ-মাৰ্ক চান্দ (Mark Shand)
প্ৰথম সংস্কৰণ: ২০০২
প্ৰকাশক: লিটল ব্ৰাউন বুক গ্ৰুপ, লণ্ডন (Little, Brown Book Group, London)
মূল্য-৪৮৫ টকা
জুন, ২০১৩ সংখ্যাৰ সাহিত্য ডট অৰ্গত প্ৰকাশিত

Wednesday 8 May 2013

এনেকৈয়ে জীৱন

পূবৰ আকাশত ধলফাঁট দিবলৈ তেতিয়াও কিছু বাকী৷ নিশাৰ শেষ আন্ধাৰখিনিয়ে ক্ৰমান্বয়ে মুখৰ হৈ অহা পুৱাটোৰ সৈতে যেন যুঁজি যুঁজি ভাগৰি পৰিছে৷ ভিতৰকণিকা নৈৰ দুয়োপাৰে থকা মেনগ্ৰুভ অৰণ্যখনো লাহে লাহে সাৰ পাই উঠিছে৷ তাৰ মাজেৰেই আমাৰ ডিংগী অৰ্থাৎ সৰু হাত নাওখন ধীৰ গতিৰে মহিষামুণ্ডা সুঁতিৰ ফালে আগবাঢ়িল৷ ডিংগীৰ উজনি মূৰত বহি ৰক্ষাকৰে চলৌপ চলৌপকৈ বঠা মাৰিছে৷  তাৰ বঠাই বাৰে বাৰে আঘাত কৰা পানীখিনি সৰু সৰু বগা কণিকা হৈ ছিটিকি পৰিছে। মন্ত্ৰমুগ্ধৰ দৰে নাৱত বহি মই সেই পানীৰ খেলাকে চাই গ'লো। নাওখনৰ ইটো মূৰত বাংগই বঠা ধৰিছে৷ সোঁতৰ বিপৰীতে নাও লৈ যাব লগীয়া হ’লে ময়ো কেতিয়াবা বঠা ধৰোঁ৷ আজি এয়া ভাটা আৰম্ভ হৈছেই। তাতে আমি সাগৰৰ দিশতে আগবাঢ়িছোঁ৷ গতিকে মই আজি অকণমান আৰামেৰে এইকণ বাট যাব পাৰো৷

“মেডামৰ এতিয়াও টোপনি ভঙাই নাই নেকি?” ৰক্ষাকৰে ভঙা ভঙা ওড়িয়া-হিন্দী মিহলি শব্দেৰে মোক সুধিলে৷ গৱেষণাৰ কামত ইয়ালৈ অহাৰে পৰা ময়ো অলপ-অচৰপ ওড়িয়া শিকিছো৷ গতিকে সম্পূৰ্ণ সাৱলীলকৈ ক’ব নোৱাৰিলেও কাম চলাকৈ ওড়িয়াতে পাতিব পৰা হৈছোঁ৷ 

মই তন্ময় হৈ পানীৰ খেলা চাই যোৱা কাৰৱাৰটোকে ৰক্ষাকৰে টোপনিওৱা বুলি ভুল বুজিলে কিজানি৷ তাৰ উত্তৰত একোকে নকৈ মাথোঁ মূৰ জোকাৰিলোঁ৷ 

ৰক্ষাকৰৰ বয়স পঞ্চাছৰো উৰ্দ্ধৰ৷ তেনে এজন মানুহে মোক ‘মাডাম’ বুলি সম্বোধন কৰাটোত বৰ অস্বস্তি পাওঁ৷ প্ৰথম দুদিনমান কেইবাবাৰো নাম কাঢ়ি মাতিবলৈ সোঁৱৰাই দিছিলোঁ। পিছে অফিচৰ সকলোকে তেনেকৈ সম্বোধন কৰাৰ অভ্যাসটো যে ইমান সহজে নাযায় সেয়া এতিয়া বুজি উঠিছোঁ৷ উপায় নাপাই ময়ে সকলোকে ‘ভাই’ বুলি মাতোঁ। ওড়িয়াত ইয়াক ককাইদেউ স্থানীয়জনক সম্বোধন কৰিবলৈ 'ভাই' ব্যৱহাৰ কৰে।

“পৰহি ৰাতি গাৱঁত কি হ’ল গম পায় নে নাপায় মেডাম?”

মোক সাৰ পোৱাবলৈকে যেন ৰক্ষাকৰে কথা আৰম্ভ কৰিলে৷  কৌতুহলেৰে তাৰ মুখলৈ চালো৷ 

ভিতৰকণিকা ৰাষ্ট্ৰীয় উদ্যানৰ সীমাতে লাগি থকা গাওঁ ডাংমালত থাকে সিহঁত৷ যোৱা এবছৰে এই গাওঁখনৰ মাটিৰ সৰু সৰু পঁজাবোৰ মোৰ বাবে তেনেই চিনাকি হৈ পৰিছে। তাৰ লগতে চিনাকি হৈ পৰিছে সেই গাঁৱৰ প্ৰায়বোৰ মুখ, সেই শুকান মুখবোৰৰ আঁৰত লুকাই থকা দৈন্যতা আৰু যন্ত্ৰণাবোৰো৷ 

ৰাজ্যখনৰ ৰাজধানীৰ পৰা বাছেৰে মাত্ৰ পাঁচঘন্টা দুৰত্বত এই ভিতৰকণিকা। কিন্তু অঞ্চলটো বাহিৰৰ পৃথিৱীখনৰ পৰা যেন বহু যোজন দুৰত যে ৰৈ গৈছে৷ দুবেলা-দুমুঠি, এসাঁজ ভাল কাপোৰ আৰু মূৰৰ ওপৰত এখন চালিৰ বাবে কৰা হাঁহাকাৰৰ মাজতেই এই মানুহচামৰ জীৱনৰ চকৰি আৱৰ্ত্তিত হয়৷ তাৰ মাজতে খন্তেকীয়াকৈ হ’লেও মানুহবোৰৰ জীৱনত অকণমান ৰং বোলাই যায় যাত্ৰাৰ দৰে অনুষ্ঠানবোৰে৷ মাথোঁ দুদিন আগতে তেনেকুৱা যাত্ৰা এখনেই ডাংমাললৈ আহিছিল। একমাত্ৰ বুনিয়াদী বিদ্যালয়খনতে অস্থায়ীকৈ সজা মঞ্চত যাত্ৰাৰ নাটক হৈছিল। গাৱঁৰ সকলোৰে লগতে ময়ো ওৰে ৰাতি নাটক চালোগৈ৷ পঢ়া-শুনা মানুহ বুলি হাজাৰ আপত্তি কৰা স্বত্বেও মোক তাত সসন্মানে আছুতীয়াকৈ চকী পাৰি বহুৱাইছিল৷ অগৰবাৰ চান্দবালিৰ বজাৰৰ পৰা মই ৰক্ষাকৰ আৰু বাংগৰ কাৰণে দুটা চাৰ্ট কিনি আনিছিলোঁ। তাকে দুয়ো পিন্ধি গৈ সেইনিশা গাঁৱৰ মানুহক গৌৰৱেৰে দেখুৱাই ফুৰিছিল৷ 

মই একো নোকোৱা দেখি ৰক্ষাকৰে নিজেই ক’বলৈ ধৰিলে-

“পৰহি মূৰ্মূৰ শাক-পাচলিৰ বাৰীখন বনৰীয়া গাহৰিয়ে তহিলং কৰি দিলে নহয়৷’’

"ইচ, হয় নেকি?”


মোৰ মনোযোগ আকৰ্ষণ কৰিব পাৰি 
ৰক্ষাকৰ যেন অধিক উৎসাহী হৈ পৰিল। সি মূৰ্মূৰ বাৰীৰ ক্ষয়-ক্ষতিৰ বিশদ বৰ্ণনা দিবলৈ লাগিল৷ মূৰ্মূ বনবিভাগৰ মটৰচালিত নাও ‘মা ঠানুপতি’ৰ চালক৷ যাত্ৰা চাবলৈ গৈ আমাৰ দৰেই তাৰ পৰিয়ালৰ সকলো মানুহ নিশাটো বিদ্যালয়তে কটালে। সেই সুযোগতে বাঁৰীত বনৰীয়া গাহৰিৰ দল এটা সোমাল হেনো৷ লূণীয়া মাটি-পানীৰ এই সাগৰৰ উপকূলীয় ঠাইবোৰত শাক-পাচলি লগাবলৈ এনেয়ে ইমান হাড়ভঙা পৰিশ্ৰম কৰিব লাগে ৷ তাতে আকৌ ঠন ধৰি অহা বাৰীখন এটা নিশাতে তহিলং কৰিলে ঘৰৰ মানুহৰ কেনে অৱস্থা হ’ব মোৰ ভাবিবলৈকে বেয়া লাগিল৷ মোৰ নিজৰ বাবেও অলপ চিন্তা লাগিল৷ মূৰ্মূৰ বাঁৰীখন ডাংমাল গাঁৱৰ ভিতৰতে  ডাঙৰ বাঁৰী। তাৰ পৰাই মোৰ অস্থায়ী ঘৰলৈকো শাক-পাচলি আহে৷ গাঁৱৰ সাপ্তাহিক বজাৰখনত শাক-পাচলি নোহোৱা হ’লে মই আকৌ চান্দবালিৰ বজাৰলৈকে যাব লাগিব৷ 

চান্দবালিলৈ যোৱা মানেইতো সম্পৰ্ণ দুটা দিন কাম বন্ধ ! তালৈ যে বৰ দীঘলীয়া বাট! ডাংমালৰ পৰা নদীৰ ঘাটলৈ দহ কি:মি: বাট চাইকেলেৰে গৈ, তাৰ পৰা আকৌ সৰু মটৰ নাৱেৰে ধামৰা নৈখন পাৰহৈ চান্দবালিৰ বজাৰ পাওঁগৈ মানে বেলি ভটিয়াবৰে হয়গৈ৷

ৰক্ষাকৰে মোৰ মুখলৈ চায়ে মনৰ ভাৱ পঢ়িব পাৰিলে চাগৈ৷ সি সান্তনাৰ সুৰত ক’লে,

“দুদিনমান অজয়ৰ দোকানৰ পৰাই আলু আনি খাব লাগিব আৰু মেডাম৷ এইকেইদিন কাম কৰোঁতে নদীত জাল ধৰিব পাৰিলে মাছো পাম নহয়৷”


ভিতৰকণিকাৰ মূল নৈখন আৰু সুঁতিবোৰত মাছ উভৈনদী৷ কিন্তু ৰাষ্ট্ৰীয় উদ্যান বাবে ইয়াত মাছ মৰা, গছ কটা বা কেকোঁৰা ধৰা সকলো নিষিদ্ধ৷ কিন্তু বেআইনীভাৱে এইবোৰ কম-বেছি পৰিমাণে চলিয়ে থাকে৷ চোৰাং-চিকাৰীয়ে মাছ ধৰিবলৈ এনেকৈ গোপনে পাতি থৈ যোৱা জালৰ কথাকে সি বুজালে৷ 

মই অৱশ্যে এইবোৰ ধৰাত বৰ এটা উৎসাহ নিদিওঁ ৷ তাতকৈ একো নাপালে অজয়ভাইৰ দোকানৰ পৰা আলু আনি খাই থকাই ভাল৷ 

পিছে এই গৱেষণা আৰম্ভ কৰোঁতেই ইয়াৰ মূখ্য বনবিষয়া জনে মোক ভিতৰকণিকাত চলি থকা চোৰাং কাৰবাৰৰ কথা কৈ কৈছিল,

“আপুনিটো প্ৰতিটো সুঁতিলৈ গৈ গৱেষণাৰ কাম কৰিব৷ কামৰ লগতে আমাকো অলপ সহায় কৰি দিব পাৰেচোন৷ আমাৰ মানুহ চোৰাং-চিকাৰী বিচাৰি ৰাতি ৰাতি ঘুৰে৷ কিন্তু প্ৰতিটো সুঁতি ঘনাই পহৰা দিয়া সম্ভৱ নহয়৷ আপুনি কামৰ ঠাইত চোৰাং চিকাৰীৰ কিবা চিন-মোকাম পালে আমাক খবৰ দিবচোন৷’’


এইবোৰত মূৰ গুঁজিবলৈ 
মোৰ বৰ এটা ইচ্ছা নাছিল৷ কাৰণ মই জানো, দুটামান বাহিৰা গোটৰ বাহিৰে ইয়াৰ প্ৰায়বোৰ চিকাৰীয়ে কাষৰীয়া গাৱঁৰ সহজ-সৰল মানুহবোৰহে ৷ তেওঁলোকৰ কোনেও চোৰাং-চিকাৰ কৰিবলৈ এই হাবিত নোসোমায়হি৷ তেওঁলোকৰ বেছিভাগেই দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহে। বহুতে দৈনিক ৰোজগাৰ উলিয়ায় বনবিভাগৰ কাম বা গাঁৱৰ ৰাস্তা বনোৱা কামত হাজিৰা খাতি৷ সেই নামমাত্ৰ হাজিৰাই প্ৰায়বোৰ পৰিয়ালৰে অভাৱ নামাৰে। সেয়ে খৰচৰ জোৰা মাৰিবলৈকে বহুতে এই ঘৰিয়ালেৰে ভৰা সুঁতিবোৰত মাছ বা কেকোঁৰা ধৰিবলৈ আহে৷ এনে মানুহৰ বাবে পেটৰ ভোকৰ সন্মুখত আইনৰ ধাৰণা বহু তলতে পৰি ৰয়৷

অৱশ্যে এতিয়ালৈকে আমি কেইবাবাৰো চোৰাংকৈ পতা মাছধৰা জাল, কেকোঁৰাৰ ফান্দ আদি উঠাই আনি বন-বিভাগত জমা দিছোঁ৷ চোৰাং চিকাৰী অহাৰ চিন দেখা পাই কেইবাবাৰো খবৰো দিছো৷ মোতকৈ এনে কামত সদায়ে ৰক্ষাকৰ আৰু বাংগৰ উৎসাহ বেছি৷ প্ৰথমতে ইয়াৰ কাৰণ বুজা নাছিলোঁ৷ পিছত গম পালোঁ, প্ৰতিটো খবৰৰ বাবে সিহঁতে বিভাগৰ পৰা বকচিচ পায়৷ তাতে মাছ লগা জাল পালে আমি সকলোৱে মাছৰো ভাগ পাওঁ৷

ক্ৰমাৎ চাৰিওকাষে উজ্জল হৈ আহিল৷ আমাৰ ডিংগীৰ গতিও খৰ হ’ল৷ এই এটা বছৰৰ অভিজ্ঞতাৰে দুয়ো জানে যে চৰাইৰ কাকলি প্ৰথম শুনাৰ লগে লগেই আমি কাম আৰম্ভ কৰিব লাগে৷ তথাপিও ৰক্ষাকৰৰ কথাৰ গতি নকমিল৷ কথাৰ লগে লগে সুঁতিৰ দুয়োপাৰেও সি তীক্ষ্ন দৃষ্টি দি গ’ল৷ সি মুখ ফুটাই নক'লেই বুজিলোঁ, এতিয়া ভাটাৰ সময় যেতিয়া সুঁতিবোৰত পানী কমি আহিছে। গতিকে চোৰাং চিকাৰীয়ে নিশাতে আহি সুঁতিৰ ইপাৰ সিপাৰ কৰি পাতি যোৱা জালবোৰ এতিয়া ওলাই পৰাৰ সম্ভাৱনা৷

“ৰক্ষাকৰ ভাই, কাম শেষ কৰি ঘুৰি আহোতেও জাল চাব পাৰিব।এতিয়া আমি সোনকালে পাবগৈ লাগে দেই৷’’

মই সঁকিয়ালোঁ ৷ উপায় নাই৷ ৰক্ষাকৰ শৈশৱৰে পৰা এই অৰণ্যত পিতপিতাই ঘুৰি ফুৰি ডাঙৰ হৈছে। গতিকে এতিয়াও মানুহজনৰ মনত অহৰহ ক’ত মাছ বা কেকোৰাঁ পোৱা যাব, ক’ত মৌবাহ পোৱা যাব আদিৰ চিন্তা৷ সেইবাবেই এই অৰণ্যৰ গছ-লতা, জীৱ-জন্তুৰ বিষয়ে মানুহজনৰ জ্ঞানৰো তুলনা নাই৷ বাংগৰো ঘৰ এই একে গাঁৱত যদিও দুশ্ৰেণী পঢ়াৰ জহতে সি কেৰেলাৰ প্লাইউদ কাৰখানাত কাম কৰাৰ সুবিধা পালে৷ বহুদিন তাতে থাকি এতিয়া তাৰ চাকৰিটো জোৱায়েকক দি বাংগ গাঁৱলৈ উভতি আহিছে ৷

কিছুপৰৰ পিছতে আমি মহিষামুণ্ডা পালোগৈ৷ মহিষামুণ্ডা সুঁতিটো ভিতৰকণিকা নৈখনত মিলি যোৱা ঠাইতে ৰক্ষাকৰে সাৱধানেৰে নাওখন চম্ভালিলে৷ 

মোৰ মনত পৰিল, এই ঠাইতে এদিন এটা ঘৰিয়ালে আমাৰ ডিংগীৰ পিছ লৈছিল৷ সিদিনা বহুপৰলৈ আমাৰ পিছে পিছে ঘৰিয়ালটোৰ পিঠিৰ জোঙবোৰ পানীৰ ওপৰত ভাঁহি আহি আছিল। প্ৰথমতে ঘৰিয়ালে এনেকৈ পিছ ল’ব পাৰে বুলি মোৰ বিশ্বাসেই হোৱা নাছিল৷ কিন্তু ৰক্ষাকৰ আৰু বাংগ দুয়ো কৈছিল, এই ঘৰিয়ালটো সিহঁতে ভালকৈয়ে চিনি পায়৷ ঘৰিয়ালটো হেনো বৰ চতুৰ আৰু এনেকৈয়ে মনে মনে মানুহৰ পিছ লয়৷ এই ঘৰিয়ালেই হেনো  নিৰাকৰৰ মানুহজনীক কেকোঁৰা ধৰিবলৈ আহোতে জোৱাৰৰ সময়ত পাৰৰ পৰা টানি নিলে৷ লগত অহা দুজনী গাভৰু ছোৱালী ভাগ্যৰ বলত সাৰিল৷ পিছত কোনেও মানুহজনীৰ চুলি এডালো বিচাৰি নাপালে৷ বেআইনীভাৱে অৰণ্যত সোমোৱাৰ বাবে চৰকাৰেও সিহঁতলৈ কোনোদিনে ঘুৰি নাচালে৷ কেকোঁৰা বেচি দুশ-তিনিশ মান টকা পাবলৈকে কোনোবা মানুহে যে নিজৰ জীৱনক এনে বিপদলৈ ঠেলি দিব পাৰে সেয়া সঁচাই অবিশ্বাস্য৷

ৰক্ষাকৰৰ মাতত মোৰ সম্বিত ঘুৰিল৷ সি পানীৰ গভীৰতা জুখিবলৈ ব্যৱহাৰ কৰা দীঘল বাঁহডাল উলিয়াই ক’লে,

“ইয়ে....এইডালৰ মিটাৰৰ চিনবোৰ এৰালেই চোন৷ সোনকালেই চিনবোৰত আকৌ ৰং লগাব লাগিব৷”

“এইবাৰ বাহডালত ৰং লগাই সংখ্যাবোৰো তই লিখিবি দেই, মই বেলেগ কাম কৰিম৷”

বাংগই কথাষাৰ কৈয়ে মোলৈ চাই মুখ টিপি হাঁহিলে৷ 

ৰক্ষাকৰ সম্পৰ্ণ নিৰক্ষৰ বাবে দুশ্ৰেণী পঢ়া বাংগই মোক ফিল্ডৰ লিখা মেলা কামত সহায় কৰে৷ ৰক্ষাকৰকো দহটা সংখ্যা আৰু ইংৰাজী বৰ্ণমালা অলপকৈ শিকাইছোঁ৷ কিন্তু এইবোৰত লাগি থাকিবলৈ মানুহটোৱে বৰ টান পায়৷ ঘৰত কিবা লিখি আনিবলৈ দিলে সৰু ল’ৰাৰ দৰে কলমটো বেয়া হ’ল বা কাগজ নাছিল বুলি ফাঁকি দিয়ে৷ এইবোৰ কথাত বাংগ আৰু মই খুউব হাঁহো ৷ এবাৰটো কাগজ নাই বুলি মিছাকৈ কোৱাত শাস্তি দিবলৈকে মই মানুহটোক নিজৰ দাখনৰ নালতে সংখ্যা লিখিবলৈ দিছিলো৷ আমি দৰকাৰী ঠাইবোৰত চিন দিবলৈ ৰখা হালধীয়া ৰঙ ৰক্ষাকৰে থেৰোগেৰোঁকৈ ব্ৰাছত লগাই লৈছিল। বেছ কিছুপৰ যুঁজি থাকি এটা সময়ত আমাক দাখন দেখুৱাইছিলহি। দাখনত ওলোটাকৈ লিখা ‘তিনি’ সংখ্যাটো দেখি বাংগই সিদিনা এনে হাঁহি মাৰিছিল যে পিছৰ কেইবাদিনলৈ ৰক্ষাকৰে পঢ়া-শুনাৰ নামকে লোৱা নাছিল৷

এতিয়াও সি আমাৰ হাঁহিক আওকাণ কৰি একমনে ডিংগীখন চম্ভালিলে৷ মই মাছোৰোকা চৰাই এটাৰ নিৰীক্ষণত লাগিলোঁ৷ সুঁতিলৈ হাউলি পৰা ডাল এটাত পৰি চৰাইটোৱে কিছুপৰ জোপ লৈ থাকিল। চাই থাকোঁতেই ভুটুংকৈ পানীত ডুব দিলে আৰু মুখত মাছ এটা লৈ উৰা মাৰিলে। মই খৰকৈ পৰ্য্যবেক্ষণবোৰৰ টোকা কৰিলোঁ। সেইখিনি সময়তে বাংগই  পানীৰ সোঁত, গভীৰতা আদি জুখি লিখি গ’ল৷ 

এইবাৰ আমাৰ ডিংগীখন লাহে লাহে আৰু একেবাৰে নীৰৱে সুঁতিৰ মাজেৰে আগবাঢ়িল৷ সম্পূৰ্ণ সুঁতিটো ছাৰ্ভে কৰি উঠি ডিংগীখন সুবিধাজনক এঠাইত গছৰ গাত বান্ধি আমি জিৰালোঁ৷ ভাটাৰ সময় বাবে সুঁতিৰ পানী পাৰৰ অৰণ্যতকৈ বহু তলেদি বৈছে৷ গতিকে পাৰৰ আলতীয়া আৰু পিছল বোকা পাৰ হৈ কেনিও যোৱাৰ উপায় নাই৷ সেয়ে আনদিনাৰ দৰে নৈৰ পাৰলৈ গৈ মুকলি ঠাইত বহি খোৱাৰ সলনি আজি আমি ডিংগীতে খাবলৈ বহিলোঁ৷ তিনিও পানী দিয়া পইতা ভাত আৰু আলুপিটিকা বৰ তৃপ্তিৰে খালোঁ৷ খোৱাৰ মাজতে ৰক্ষাকৰে ক’লে,

“কালি ভ’জ’ৰ পৰা লোৱা ডাবটো আনিছোঁ নহয়৷ মেডামে ইয়াতে খাব পাৰিব৷”

ভ’জ’ ডাংমালৰে ডাব নাৰিকলৰ বেপাৰী৷ ভিতৰকণিকালৈ অহা পৰ্য্যটকৰ মাজত বিক্ৰী কৰিবলৈ সি চাইকেলত ওলোমাই ডাব আনে৷ বনবিভাগৰ কোৱাৰ্টাৰতে থাকো বাবে মোৰ ঘৰত সদায়ে সি দুটাকৈ ডাব দি যায়৷ দুপৰীয়াৰ অসহ্য গৰমত উভতি গৈ ডাবৰ পানী খোৱাৰ আমেজেই সুকীয়া।

“চাওঁ, দাখন দে, মেডামক ডাবটো কাটি দিও ৷’’ খাই উঠি বাংগই ক’লে৷

“মই আধাৰাতিতে খৰধৰকৈ আহোতে দাখন আনিবলৈ পাহৰিলোঁ, তোৰখন কি কৰিলি?” ৰক্ষাকৰে ভেকাহি মৰাৰ সুৰেৰে ক’লে৷

বাংগ ৰক্ষাকৰতকৈ বয়সত কিছু সৰু। মানুহটোৱে কথা বতৰাও কমকৈ কয়৷ ৰক্ষাকৰৰ দৰে কথা-চহকী মানুহৰ লগত সি চাগৈ মুখ চুপতি মাৰি থাকিবলৈকো টান পায়৷ আৰু ৰক্ষাকৰেও ইয়াৰে সুযোগ লৈ হোৱাই নোহোৱাই বাংগক দাবী-হুমকি দি থাকে৷ দুয়োজনৰ মাজত আকৌ থোতামোজা আৰম্ভ হয় বুলি মই ক’লোঁ,

“হ’ব, নালাগে ৷ মই ঘুৰি গৈ ঘৰতে ডাব খামগৈ আৰু!”

আধাঘন্টামান জিৰণি লৈ আমাৰ ওভোটনি যাত্ৰা আৰম্ভ হ’ল৷ এইবাৰ উজাই আগবঢ়া বাবে ময়ো বঠা ধৰিলোঁ৷ জোৱাৰ আৰম্ভ হ’বলৈ এঘন্টা মান বাকী৷ ৰক্ষাকৰে এইবাৰ সুঁতিৰ দুয়োপাৰে খুউব মন দি চাই আহিল৷ কেইবাঠাইতো আমি চোৰাং কৈ জাল পতাৰ চিন পালোঁ, কিন্তু জাল ইতিমধ্যেই উঠাই নিয়া হৈছিল৷ ৰক্ষাকৰক সেইবিষয়ে ফৰেষ্টাৰক জনাবলৈ ক’লোঁ৷

আমাৰ কেম্প পাবলৈ মাথোঁ কিছুদুৰ বাকী আছিল৷ দুপৰীয়াৰ ৰ’দজাক মূৰতে পৰাত মোৰ অলপ টোপনি টোপনি ভাৱো আহিছিল৷ এনেতে ৰক্ষাকৰৰ মাত শুনি সচকিত হৈ উঠিলোঁ৷

“মেডাম, চাওক, চাওক৷ মানুহ আছে৷”

দেখা পালোঁ নৈৰ সোঁফালে ভাটাৰ পানীয়ে উদঙাই দিয়া পাৰৰ আলতীয়া বোকামাটিত মানুহৰ খোজ ৷ খোজবোৰ সতেজ! বুজিলোঁ, অলপ সময় আগতে কোনোবা আহিছিল৷ হয়তো এতিয়াও হাবিৰ মাজতে আছে৷ নাইবা আমাৰ কথা-বতৰা শুনি বনবিভাগৰ মানুহ বুলি ভয় খাই আঁতৰি গৈছে৷ কেকোঁৰা ধৰিবলৈ পুঁতি থোৱা ফান্দৰ ৰছী কেইডালমানো আমাৰ চকুত পৰিল৷ 

ৰক্ষাকৰ আৰু বাংগ দুয়ো উত্তেজিত হৈ উঠিল৷ ৰক্ষাকৰে ক’লে,

“মেডাম, আমি নামি গৈ চাই আহোঁ৷ মানুহ এতিয়াও ভিতৰতে আছে৷’’

মই দুয়োৰে উৎসাহ দমাবলৈকে নিৰ্বিকাৰ হৈ ক’লোঁ-

“নালাগে থাকক, কেকোঁৰাহে ধৰিবলৈ আহিছে চাগৈ৷ ঠাইখনৰ কথা ছাৰক কৈ দিলেই হ’ব৷”

পিছে ৰক্ষাকৰ আৰু বাংগ দুয়ো গৈ চাই আহিবলৈ বৰকৈ মন কৰিলে। উপায় নাপাই সঁচাকৈয়ে কোনোবা আছে নেকি তাকে চাই আহিবলৈ ক'লোঁ৷ ক’বতো নোৱাৰি, বাহিৰৰ কোনোবা হ’লে লগত বন্দুকো থাকিব পাৰে ৷ 

পাৰৰ পৰা পানীৰ ফালে বেঁকা হৈ পৰা সুন্দৰী গছ এজোপাতে ৰক্ষাকৰে ডিংগীখন চপালে। তাৰপিছত দুয়ো নামি লৈ আলতীয়া বোকাৰে খুপি খুপি আগবাঢ়িল৷ মই ডিংগীতে বহি বাট চাই ৰ’লোঁ৷ 

প্ৰায় বিশমিনিটমান সময় পাৰ হৈ গ’ল৷ মোৰ চিন্তাই লাগিল৷ কিন্তু ভাৱিলোঁ, কেম্পৰ ইমান ওচৰৰ ঠাইলৈ এই সময়ত বাহিৰৰ কোননো আহিব৷ বাহিৰৰ পৰা চোৰাং-চিকাৰী আহিলে সাধাৰণতে মাজনিশা বাঁহৰ জালিত পলিথিন লগোৱা নাৱেৰেহে আহে৷ হয়তো ওচৰৰ গাঁৱৰে মানুহ! কাৰণ সুঁতিৰ এইপাৰে ডাংমালকে ধৰি কেইবাখনো গাওঁ ওলাবগৈ পৰা লুংলুঙীয়া বাট আছে৷


কিছুসময়ৰ পিছত দুয়ো নিৰ্বিকাৰভাৱে উভতি আহিল ৷ লগত কোনো নাই। কিন্তু ৰক্ষাকৰৰ হাতত দা এখন৷ 

“কি হ'ল? কাকো নাপালে?”

“নাই, মানুহ কেইটামান পালোঁ৷’’-বাংগই ক’লে

“নধৰিলো আৰু মেডাম৷ গাঁৱৰে দুখীয়া মানুহ! কেকোঁৰাহে ধৰিবলৈ আহিছে৷ অলপ দাবী দি এই দা খনকে ছাৰক দিবলৈ বুলি কাঢ়ি লৈ আহিলো৷’’ ৰক্ষাকৰে নৰম সুৰত ক’লে আৰু বঠা মাৰিবলৈ আৰম্ভ কৰিলে৷

ইমান উৎসাহেৰে যোৱা মানুহ দুজন এনেকৈ নৰম হৈ উভতি অহাত অলপ আচৰিত হ’লো। তথাপি একো নক’লোঁ ৷ 

কিছু সময়ৰ পিছত ৰক্ষাকৰে ক’লে,

“মেডাম, সেই খাবলৈ নোপোৱা মানুহবোৰৰ পৰা দাখন লৈ গৈ ছাৰক দিনো কি কৰিম! ঘুৰায়ে দিম দিয়ক৷ সিহঁতৰ এটাক মই চিনিয়ে পাওঁ৷”

মই হ’ব বুলিয়ে ক’লোঁ আৰু কথাটো বিশেষ নাভাৱিলোঁ৷ এটা সময়ত আমি তিনিও ঘৰ পালোঁগৈ৷ বাংগই চাহ একাপ খাই লৈ গাঁৱলৈ উভতিল৷ ৰক্ষাকৰে মোৰ বাবে সদায় ভাত সাঁজো ৰান্ধি থৈ যায়৷ সি ল’ৰালৰিকৈ ডাবটো কাটি দি পাকঘৰত লাগোগৈ বুলি ক’লে৷ ডাবৰ মিঠা পানীখিনি খাই অঁটাই ফালি লৈ ভিতৰৰ অপৈণত বগা খিনিও খাওঁ বুলি দাখন বিচাৰি আনিলোগৈ৷ ডাবটো ফালিব খোজোতেই মোৰ চকুত পৰিল, এইমাত্ৰ ৰক্ষাকৰে চোৰাংচিকাৰীৰ পৰা কাঢ়ি অনা দাখনত ওলোটাকৈ লিখা হালধীয়া তিনি সংখ্যাটো!