Tuesday 20 August 2013

বিচিত্ৰ প্ৰকৃতি:প্ৰাণীৰ সমাজত সহায়কাৰী

প্ৰকৃতিৰ জগতখন চিৰ ৰহস্যময়৷  এই বিচিত্ৰ জগতখনৰ বহু কথাই এতিয়াও আমাৰ বাবে আন্ধাৰতে আছে৷ সময়ৰ লগে লগে এই অজানা প্ৰকৃতিৰ নতুন নতুন দিশ উন্মোচিত হৈ আহিছে৷ ইয়াৰে বহু কথাই আমাৰ বাবে হয়তো আশ্চৰ্য্যজনক৷ চৰাইৰ সমাজত ঘটা সহযোগিতামূলক প্ৰজননো এনে এটা আশ্চৰ্য্যজনক পৰিঘটনা৷ আহকচোন চাওঁ, কি এই সহযোগিতামূলক প্ৰজনন?



প্ৰায়ভাগ চৰাইৰ মাজতে এহাল মতা-মাইকী যোৰ পাতি কণী পাৰি পোৱালি জগোৱাৰ নিয়ম৷ কিন্তু কিছুমান চৰাইৰ প্ৰজাতিৰ ক্ষেত্ৰত এই সচৰাচৰ নিয়মৰ ব্যতিক্ৰম দেখা যায়৷ এই চৰাইবোৰৰ ক্ষেত্ৰত মাক-দেউতাকৰ উপৰিও অন্য ওচৰ সম্পৰ্কীয় চৰায়ে একেটা বাহতে থাকি পোৱালি ডাঙৰ কৰে৷ এনেধৰণে নিজৰ সন্তান নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা প্ৰজননৰ ধৰণটোক জীৱবিজ্ঞানৰ ভাষাৰে সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ পূৰ্বতে বিজ্ঞানী সকলে প্ৰায় বিৰল বুলি গণ্য কৰা এই আচৰণ শেহতীয়াকৈ বহুতো জীৱ-জন্তু তথা চৰাই চিৰিকটিয়ে দেখুৱায় বুলি প্ৰমাণিত হৈছে৷ বৰ্ত্তমানলৈকে গৱেষণাত পোৱা তথ্য অনুসৰি বিশ্বৰ সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ প্ৰজাতিত আৰু কেইবিধমান স্তন্যপায়ী প্ৰাণী তথা মাছৰ প্ৰজাতিৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ এই প্ৰাণীবোৰক সাধাৰণতে সহায়কাৰী (helper) বুলি আখ্যা দিয়া হয়৷ 



মিয়েৰকেটৰ পৰিয়াল
স্তন্যপায়ী প্ৰাণীৰ ভিতৰত আফ্ৰিকাত পোৱা শিয়ালৰ এক প্ৰজাতি (black-backed jackal, Canis mesomelas)) তথা মিয়েৰকেট (meerkat, Suricata suricatta) নামৰ প্ৰাণীৰ সমাজত সহায়কাৰী থকা দেখা যায়৷ তেনেদৰে ভাৰত তথা প্ৰশান্ত মহাসাগৰত পোৱা এনিমন মাছৰ ক্ষেত্ৰত পোৱালিৰ যত্ন লোৱাত মাক-দেউতাকৰ বাহিৰেও অন্য মাছে সহায় কৰে৷ চৰাইৰ ভিতৰত আফ্ৰিকাৰ এটা জিঞাখাটী চৰাইৰ প্ৰজাতি ( White-fronted Bee-eater), উত্তৰ আমেৰিকাত পোৱা এবিধ কাঠোৰোকা (Red-cockaded woodpeckers) আদিয়ে এই আচৰণ দেখুৱায়৷ তেনেদৰে আমাৰ তেনেই চিনাকি পখৰা মাছৰোকা (Lesser-pied Kingfisher) ৰ সমাজতো সহায়কাৰী চৰাই থকা দেখা যায়৷ 

  •  সহায়কাৰীয়ে কৰেনো কি?
 সহায়কাৰীয়ে অন্যান্য চিকাৰী প্ৰাণীৰ পৰা বাহটোক প্ৰতিৰক্ষা দিয়ে৷ যেনে কণী বা পোৱালি খাবলৈ অহা সাপক জাক পাতি খেদি বা পৰিয়ালৰ অন্যান্য সদস্যক সতৰ্ক কৰি দিয়ে৷ ফলত ই পোৱালিবোৰৰ সুৰক্ষা নিশ্চিত কৰে৷ তাৰোপৰি ইহঁতে খাদ্য আদি গোটাই আনি পোৱালিক খুউৱাতো সহায় কৰে৷ ফলত পোৱালিৰ প্ৰকৃত মাক-দেউতাকৰ কষ্ট বহুখিনি লাঘব হয়৷ গতিকে পোৱালিৰ লগতে মাক-দেউতাকো বেছিদিন জীয়াই থাকে৷ কেতিয়াবা সহায়কাৰীয়ে বাহ সঁজাত তথা কণী উমনি দিয়াতো সহায় কৰে বুলি জনা যায়৷

  •  প্ৰকৃততে কোন এই সহায়কাৰী?
গৱেষণাৰ তথ্য অনুসৰি প্ৰায়বোৰ সহায়কাৰীয়ে পোৱালিৰ প্ৰকৃত মাক-দেউতাকৰ সম্পৰ্কীয় হয়৷ মতা-মাইকী উভয়ে সহায়কাৰীৰ ভূমিকাত অৱতীৰ্ণ হ’ব পাৰে কিন্তু সাধাৰণতে মাইকীতকৈ মতা সহায়কাৰীৰ সংখ্যা বেছি হোৱা দেখা যায়৷

পখৰা মাছোৰোকা
  • স্বাৰ্থান্বেষী নে নিস্বাৰ্থ সেৱা ?
জীৱ-জন্তু তথা চৰাই-চিৰিকটিৰ মাজত এনে ব্যৱহাৰ কিয় দেখা যায় সেয়া এতিয়াও বিতৰ্কিত বিষয়৷ জীৱবিজ্ঞানীসকলে এই প্ৰক্ৰিয়াটোক দুটা ভাগত ভগাই বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে-

১) পূৰ্ণবয়স্ক বয়সতো নিজাকৈ বাহ সাঁজি বংশবৃদ্ধি নকৰি কিয় পুৰণা বাহতে প্ৰয়োজনতকৈ দীঘলীয়াকৈ ৰৈ যায়? 

২) পোৱালিৰ লালন-পালনত কিয় সহায় কৰে?

এই প্ৰশ্ন দুটাৰ উত্তৰ কেইবাধৰণেও দিব পাৰি৷ হয়তো পূৰ্ণতাপ্ৰাপ্তিৰ পিছতো কোনো কোনো পৰিস্থিতিতন্ত্ৰত নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ হয়৷ ফলত মাক-দেউতাকৰ পোৱালিবোৰ পিছৰবাৰ কণী পৰালৈকে পুৰণা বাহ এৰি যাবলৈ সক্ষম নহয়৷ কাৰণ সোনকালে পুৰণি বাহ এৰি গ’লে নতুনকৈ প্ৰজনন ক্ষম হোৱা এই চৰাইবোৰে অভিজ্ঞতাৰ অভাৱ তথা খাদ্যকে আদি কৰি প্ৰয়োজনীয় সম্পদসমূহ গোটাব নোৱাৰাৰ বাবে মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে৷ এই ধাৰণাটো (The ecological constraints hypothesis; Selander, 1964)ৰ সমৰ্থনত গম পোৱা গৈছে যে পৰিস্থিতি অনুকূল হ’লে তথা বাহ সাজিব পৰাকৈ নতুন ঠাইৰ সন্ধান পালে সহায়কাৰীয়ে পুৰণি বাহটো এৰি গুচি যায়৷ 

অন্য এটা ধাৰণা ( Philopatry hypothesis; Stacey & Ligon 1987, Waser 1988) অনুসৰি সহায়কাৰীয়ে সন্মুখীন হোৱা বাধা বোৰতকৈ এই সহায়কাৰ্য্যৰ পৰা হোৱা লাভ-লোকচানৰ অংকইহে সিহঁতক এনে আচৰণ দেখুৱাবলৈ উদগনি যোগায়৷ এই ধাৰণা অনুসৰি ঠাইৰ অভাৱ নথকা স্বত্বেও কিছুমান পৰিৱেশত সহায়কাৰী চৰাই থকা দেখা যায়৷ গতিকে এই ধাৰণাই যুক্তি দিয়ে যে, মতা চৰায়ে মাক দেউতাকক নতুন পোৱালিৰ যত্ন লোৱাত সহায় কৰাৰ কাৰণ হৈছে ই উত্তৰাধিকাৰী সুত্ৰে পুৰণি ভৌগোলিক এলেকা (territory)ৰে এটা অংশ লাভ কৰে৷ কাৰণ সমূহীয়াকৈ থকাৰ বাবে নিজা এলেকাৰ আকাৰ কিছু ডাঙৰ হয়৷ তাৰোপৰি এনেদৰে পোৱালিৰ যত্ন লৈ সহায়কাৰীয়ে পিছত নিজৰ পোৱালিৰ তোলাৰ বাবে প্ৰশিক্ষণ লাভ কৰে বুলিও কোনোৱে মত পোষণ কৰে৷ 

আচলতে ভালকৈ চাবলৈ গ’লে এই দুয়োটা ধাৰণাই একেটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে৷ কাৰণ প্ৰথমটোৱে পুৰণা বাহ এৰি যোৱাৰ সংকট (risk) আৰু দ্বিতীয়টোৱে পুৰণা বাহতে থকাৰ লাভ সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ গতিকে দুয়োটাই বাহ এৰা আৰু থকাৰ মাজত লাভ-লোকচানৰ বিশ্লেষণ (cost–benefit analysis ) ৰ ওপৰত প্ৰতিষ্ঠিত৷ 

তাৰোপৰি দুৰসম্পৰ্কীয় প্ৰাণীয়েই সহায়কাৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ অন্তৰালত অন্য এটা ক্ৰমবিৱৰ্ত্তন সম্পৰ্কীয় কাৰণো থকা বুলি ধাৰণা কৰা হয়৷ ক্ৰমবিৱৰ্ত্তনৰ ধাৰণা অনুসৰি সকলো জীৱৰে জীয়াই থকাৰ মূল উদেশ্য বংশবৃদ্ধি কৰা আৰু তাৰদ্বাৰাই ভৱিষ্যত প্ৰজন্মৰ বাবে নিজৰ সৰ্বোচ্চ সংখ্যক জিন এৰি যোৱা৷ ১৯৬৪ চনত প্ৰসিদ্ধ বিজ্ঞানী হেমিলটন (W. D. Hamilton) এ প্ৰমাণ কৰে যে যিহেতু প্ৰাণী এটাৰ একে প্ৰজাতিৰ সম্পৰ্কীয় প্ৰাণীৰ দেহত থকা জিনবোৰৰ মিল থাকে, গতিকে তেনে এটা প্ৰাণীৰ লালন-পালন কৰি জীৱন সুনিশ্চিত কৰিলে মূল প্ৰাণীটোও আংশিকভাৱে লাভান্বিত হয়৷ 

জীৱ-জন্তুৰ বিচিত্ৰ এই পৃথিৱীখনৰ বহু কথাই এতিয়াও আমাৰ অজ্ঞাতেই আছে ৷ তাৰ মাজতে শেহতীয়া গৱেষণাই আৱিস্কাৰ কৰা এনে মনোগ্ৰাহী কথাবোৰে এই ৰহস্যময় জগতখনৰ কিছু কিছু অংশ আমাৰ বাবে বোধগম্য কৰি তোলে আৰু সম্পূৰ্ণকৈ জনাৰ স্পৃহা অদম্য কৰি তোলে৷


সহায়ক গ্ৰন্থপঞ্জী: 
১) Cooperative breeding in birds: long term studies of ecology and behaviour-PB Stacey, WD Koenig - 1990 

২) Ecology and evolution of cooperative breeding in birds
-WD Koenig, JL Dickinson - 2004 

৩) Jetz, Walter; Rubinstein, Dustin R. (2011). "Environmental Uncertainty and the Global Biogeography of Cooperative Breeding in Birds" (PDF). Current Biology 21: 1–7.

৪) Ecological constraints, life history traits and the evolution of cooperative breeding (2000)-BJ Hatchwell, J Komdeur; Animal Behaviour 59: 1079-1086

Friday 16 August 2013

এজন অসমীয়াপ্ৰেমী তামিলৰ কথাৰে!

যোৱা ১৫ আগষ্টৰ দিনা নতুনকৈ ঘোষণা কৰা স্তন্যপাণী প্ৰাণী ওলিঙ্গোইটোৰ বিষয়ে কালি অসমীয়া ৱিকিপিডিয়াত এটা প্ৰবন্ধ যোগ দিছিলো (ইয়াত চাব পাৰে)৷ নিশাৰ ভাগলৈ মোৰ সদস্যপৃষ্ঠাত এটা বাৰ্ত্তা আহিল৷ লিখিছিল C.R.Selvakumar  নামৰ তামিল ৱিকিপিডিয়ান এগৰাকীয়ে৷  পঢ়ি লৈ অলপ আচৰিত হ’লো যদিও খুউব ভালো লাগিল৷ তেওঁ লিখিছিল যে, তেওঁ অসমীয়া ভাষা বুজি নাপায় যদিও তামিল ৱিকিপিডিয়াত সেই একেটা বিষয়ত এটা প্ৰবন্ধ সংযোগ কৰাৰ পিছত তেওঁ জানিব পাৰিলে যে অসমীয়া ৱিকিপিডিয়াত সেই একেটা প্ৰবন্ধ ইতিমধ্যে সৃষ্টি কৰা হৈছে৷ ইমান শেহতীয়া বিষয় এটাত তাৎক্ষণিক ভাৱে এনেকৈ তথ্য সংযোগ কৰাকে লৈ তেওঁ আনন্দ প্ৰকাশ কৰিলে৷ (ইয়াত চাব পাৰে)

কিছুপৰৰ পিছতে দেখিলো তেওঁ অসমীয়া ৱিকিপিডিয়াতো এটা একাউন্ট খুলিছে৷ তাত তেওঁৰ বক্তব্য আছিল-
“Greetings!I contribute to Tamil Wikipedia and my user page can be seen at செல்வா (C.R.Selvakumar). I wish to contribute whatever I can to Assamese Wikipedia, like adding a picture and taking part in matters related to Tamil language and Tamil culture in Assamese Wikipedia. I don't yet know Assamese language, but will be picking up a little at least I hope in due course. I wish Assamese Wikipedia a great success-Regards,செல்வா (C.R.Selvakumar)”(তেওঁৰ সদস্য পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াত অৰিহণা যোগাবলৈ অসমীয়াৰ মাজতে আগ্ৰহৰ অভাৱৰ এই হতাশাজনক পৰিস্থিতিত  তামিল ৱিকিপিডিয়ান এজনৰ এনে আগ্ৰহ আৰু আন্তৰিকতা দেখি অভিভূত হৈ পৰিলো৷ কিন্তু, তাতোকৈ বেছি আশ্চৰ্য্য ৰৈ আছিল মোৰ বাবে! তেওঁৰ বিষয়ে অধিক জানিবৰ বাবে তেওঁৰ তামিল ৱিকিৰ সদস্যপৃষ্ঠাটোত চকু ফুৰালো৷ তামিল আখৰৰ মাজত দুটা ইংৰাজী ভাষাত থকা লিংক দেখা পালো (তেওঁৰ ইউনিভাৰ্ছিটিৰ প্ৰফাইল)৷ লিংকত গৈ দেখিলো, এওঁ কানাডাৰ ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক! তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ মন ভৰি উঠিল৷

বিশ্বৰ  শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম, ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ এগৰাকী অধ্যাপকে তেওঁৰ কৰ্মব্যস্ততাৰ মাজত তামিল ৱিকিপিডিয়াৰ নিয়মীয়া অৱদানকাৰী হোৱাকৈ, একেবাৰে নজনা অসমীয়া ভাষা শিকি লৈ অসমীয়া ৱিকিলৈ অৰিহণা যোগোৱাৰ প্ৰস্তাব দিব পৰাকৈ আগ্ৰহ আৰু ঐকান্তিকতা থকা এনে এজন ব্যক্তি সঁচাই অশেষ শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ উৎস৷ এনে সততাৰে লগা লোকৰ বাবেই হয়তো তামিল ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা  বৰ্ত্তমান ৫৫,১৩৬ টা আৰু ভাৰতৰ সকলো ভাষাৰ ভিতৰত দ্বিতীয়তে সৃষ্টি হোৱা স্বত্বেও অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা পুতৌজনকভাৱে ২,৩৩৮ টা ৷ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকে যদি বিদেশত থাকিও তেওঁৰ শৈক্ষিক ব্যস্ততাৰ মাজতে নিজ ভাষা(তামিল)ৰ লগতে আনৰ ভাষা(অসমীয়া)ৰ বাবে সময় উলিয়াব পাৰে আমাৰ অসমীয়াসকলে নিজৰ ভাষাৰ বাবে দিনে ১০-১৫ মিনিট সময় উলিয়াব নোৱাৰেনে! কেৱল "জয় আই অসম" বা "চিৰ চেনেহী মোৰ ভাষা জননী" ধ্বনি  তুলি থাকিলে আমাৰ ভাষাটো বাচি নাথাকে (সকলোকে কোৱা নাই)। তাতকৈ হাতে কামে লগাটোহে  বেছি প্ৰয়োজনীয়। এনে দহজনো ব্যক্তি আমাৰ মাজৰ পৰা ওলালে আমি আৰু কেতিয়াও ‘আমি অসমীয়া, নহওঁ দুখীয়া’ বুলিয়েই সান্তনা লভি হা-হুমুনিয়াহ কাঢ়ি থাকিব নালাগিব৷

প্ৰকৃতিৰ অনুপম বৈচিত্ৰ্যত এক নতুন সংযোজন-অ'লিংগুইট'(Olinguito)


প্ৰকৃতিৰ ৰহস্যময় জগতখনৰ বিষয়ে এতিয়াও আমাৰ যে কিমান জানিবলৈ বাকী তাকে প্ৰমাণ কৰি আৱিস্কাৰ হ’ল এবিধ নতুন মাংসভোজী প্ৰাণী৷ ইয়াৰ নাম অ'লিংগুইট' (Olinguito)৷ ই এবিধ স্তন্যপায়ী প্ৰাণী৷ বাহ্যিক গঠনৰ ফালৰ পৰা ইয়াক বিজ্ঞানীসকলে ঘৰচীয়া মেকুৰী আৰু টেডী ভালুকৰ মাজৰ এটা প্ৰাণী বুলি বৰ্ণনা কৰিছে৷ ৱাছিংটনৰ স্মিথছনিয়ান ইন্সটিউটৰ বিজ্ঞানীসকলে পোণপ্ৰথমে এই প্ৰাণীটোৰ অস্তিত্ব পোহৰলৈ আনে৷ যোৱা ৩৫ বছৰৰ ভিতৰত নতুন বিশ্ব (New World) ত নতুনকৈ আৱিস্কাৰ হোৱা ইয়েই প্ৰথম মাংসভোজী প্ৰাণী৷ ই কলম্বিয়া আৰু ইকোৱেডৰৰ ঘন বনাঞ্চলৰ মাজত বাস কৰে৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন সংগ্ৰহালয়ত এই প্ৰাণীবিধৰ সংৰক্ষিত নমুনা আছিল যদিও এই সকলোবোৰ যোৱা প্ৰায় এশবছৰ ধৰি ইয়াৰ দৰে দেখাত মিল থকা অ'লিঙ্গো (olingo) নামৰ প্ৰাণীটো বুলি ভুলকৈ চিনাক্ত কৰি ৰখা হৈছিল৷ আনকি ১৯৬০ ৰ দশকত আমেৰিকাৰ কিছু চিৰিয়াখানাত অ'লিংগুইট' থকাৰো তথ্য পোৱা গৈছে৷ কিন্তু ইয়াক অন্য ওলিঙ্গোৰ সৈতেই ৰখা হৈছিল আৰু ই অ'লিঙ্গোৰ সৈতে প্ৰজনন নকৰাটো আশ্চৰ্য্যজনক আছিল যদিও কোনেও বিশেষ গুৰুত্ব সহকাৰে লোৱা নাছিল৷ অৱশেষত স্মিথছনিয়ান নেশ্যনেল মিউজিয়াম অব নেশ্যাৰেল হিষ্ট’ৰি (Smithsonian National Museum of Natural History) নামৰ প্ৰতিষ্ঠানটোৰ স্তন্যপায়ী প্ৰাণী বিভাগৰ কিউৰেটৰ ক্ৰিষ্টোফাৰ হেলগেন (Kristofer Helgen) কালি অৰ্থাৎ ১৫ আগষ্টৰ দিনটোতে শৰীৰস্থান (anatomical) তথা জিনীয় তথ্যৰ সহায়ত এই প্ৰাণীবিধক অন্য প্ৰাণীবোৰৰ পৰা পৃথক এক নতুন স্তন্যপায়ী প্ৰাণী বুলি ঘোষণা কৰে৷ 

 অ'লিংগুইট' নামৰ নতুন প্ৰাণীবিধ 
বিজ্ঞানী হেলগেন তথা তেওঁৰ গোটৰ এই আবিষ্কাৰ ইতিমধ্যে ZooKeys নামৰ জাৰ্ণেলখনত গৱেষণাপত্ৰৰূপে প্ৰকাশ পাইছে৷ হেলগেনে ইয়াৰ পূৰ্বেও কেইবাবিধো নতুন স্তন্যপায়ী জন্তুৰ সম্ভেদ উলিয়াইছে যদিও অ'লিংগুইট' (Olinguito)ৰ ক্ষেত্ৰত তেওঁ সেই উদেশ্যেৰেই পৰিকল্পনা কৰা নাছিল৷ অ'লিংগুইট' (Olinguito) ক ভুলকৈ চিনাক্ত কৰা ওচৰ সম্পৰ্কীয় আনবিধ প্ৰাণী অৰ্থাৎ ওলিঙ্গোৰ বিভিন্ন প্ৰজাতি সমূহ ভালকৈ চিনাক্ত কৰাৰ বাবেহে তেওঁ প্ৰচেষ্টা চলাই আছিল৷ ইয়াৰ বাবে তেওঁ বিভিন্ন সংগ্ৰহালয় সমূহত সংৰক্ষিত কৰি ৰখা অ'লিঙ্গোৰ নমুনা সমূহৰ বিতং পৰীক্ষা কৰি আছিল৷ এনেকৈ কাম চলাই থাকোতেই হঠাৎ এদিন তেওঁ চিকাগো ফিল্ড মিউজিয়ামত এটা ড্ৰয়াৰত নতুন ধৰণৰ ৰঙা-মটিয়া নোমাল ছাল লক্ষ্য কৰে৷ অ'লিঙ্গোৰ চুটি মুগা নোমবোৰৰ পৰা ই সম্পূৰ্ণ পৃথক আছিল৷ ইয়াৰ ভিত্তিতে তেওঁ এই প্ৰাণীবিধৰ দাঁত আৰু শৰীৰস্থান অধ্যয়ন কৰে আৰু তাৰ লগে লগে তেওঁলোকৰ সন্দেহো দৃঢ় হ’বলৈ ধৰে৷

প্ৰায় ১৮ টাতকৈ অধিক সংগ্ৰহালয় পৰিদৰ্শন কৰি আৰু বিশ্বৰ ৯৫% তকৈও অধিক অ'লিঙ্গো নমুনা পৰীক্ষা কৰি হেলগেনে এই ৰহস্যময় প্ৰাণীবিধৰ ভালেসংখ্যক নমুনা গোটাবলৈ সক্ষম হয়৷ এই সংগ্ৰহসমূহৰ উৎসস্থান বিচাৰি তেওঁলোকে জানিব পাৰিলে যে এই সকলোবোৰ নমুনা দক্ষিণ আমেৰিকাৰ পাৰ্বত্য অঞ্চল সমূহৰ পৰা সংগ্ৰহ কৰা হৈছে৷ 

অ'লিঙ্গো: অ'লিংগুইট'ৰ ডাঙৰ ভাই! 
এই ৰহস্যময় প্ৰাণীটোৰ সম্ভেদ উলিয়াবলৈ হেলগেনে তেওঁৰ অন্য দুগৰাকী সহকৰ্মীৰ স’তে ২০০৬ চনত দক্ষিণ আমেৰিকাত অৱস্থিত ইকোৱেডৰৰ অ'টংগা বনাঞ্চল (Otonga Reserve) লৈ যাত্ৰা কৰে৷ এই বনাঞ্চলত পূৰ্বে কোনো কোনো জীৱবিজ্ঞানীয়ে গৱেষণা কৰিছিল যদিও অজ্ঞাত কাৰণবশত: কোনেও এই প্ৰাণীবিধৰ সম্ভেদ পোৱা নাছিল৷ অৱশ্যে তাত প্ৰথম নিশাটো কটায়ে বিজ্ঞানীৰ দলটোৱে ইয়াৰ কাৰণ বিচাৰি পাইছিল৷ এই বনাঞ্চল সাগৰ পৃষ্ঠৰ পৰা ৫,০০০-৯,০০০ ফুট উচ্চতাত অৱস্থিত আৰু সকলো সময়তে ঘন কুঁৱলীয়ে চাৰিওকাষ ঘেৰি ৰাখে৷ যি কি নহওক, কিছু বিচাৰ খোচাৰৰ অন্তত তেওঁলোকে স্পেচিমেনৰ স’তে কিছু মিল থকা প্ৰাণী দেখা পালে যদিও তেওঁলোক নিশ্চিত হোৱা নাছিল৷ অৱশেষত শেষ উপায় হিচাপে স্থানীয় চিকাৰীৰ দলৰ চিকাৰৰ মাজত বিচাৰি চোৱাত তেওঁলোকে অবিশ্বাস্যভাৱে এই প্ৰাণীটো দেখা পালে৷

ইয়াৰ পিছত কেইবাবছৰ ধৰি হেলগেন আৰু তেওঁ গোটৰ বিজ্ঞানীসকলে অ'টংগা বনাঞ্চল আৰু আশে পাশে থকা অৰণ্যসমূ্ত এই প্ৰাণীবিধৰ বৈশিষ্ট্যসমূহ তথা আচৰণ অধ্যয়ন কৰিলে৷ তেওঁলোকে ইয়াক নাম দিলে অ'লিংগুইট' (Olinguito) বুলি৷ অ'লিঙ্গোৰ স’তে “ ইটো (-ito)” সংযোগ কৰা হ’ল যাৰ স্পেনিচ ভাষাত অৰ্থ হ’ল-সৰু৷ ওলিঙ্গোইটোৰ দেহটো নোমাল, ওজন প্ৰায় ০.৯ কিলোগ্ৰাম৷ ওলিঙ্গোৰ দৰেই ই নিশাচৰ প্ৰাণী কিন্তু আকাৰ যথেষ্ট সৰু৷ বিজ্ঞানীসকলে এই বনাঞ্চলত প্ৰাণীবিধক পৰ্য্যবেক্ষণ কৰি জানিব পাৰিছে যে খাদ্য হিচাপে ই মাংসৰ লগতে ফল-মূলো গ্ৰহণ কৰে৷ দিনটোৰ প্ৰায়ভাগ সময় গছতে কটায়৷ ইহঁতে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে বুলিও তথ্য পোৱা গৈছে৷

অ'লিংগুইট'ৰ বিতৰণ 
প্ৰাণীটোৰ তেজৰ নমুনা সংগ্ৰহ কৰি এই বিজ্ঞানী সকলে ডিএনএৰ বিশ্লেষণ কৰি জানিব পাৰিলে যে অ'লিঙ্গোৰ পৰা ই সম্পূৰ্ণ পৃথক৷ এই প্ৰাণীটোৰ বৈজ্ঞানিক নাম-Bassaricyon neblina বুলি দিয়া হৈছে৷ এই Bassaricyon ত গছত বাস কৰা অন্যান্য মাংসভোজী স্তন্যপাবী প্ৰাণীসমূহো অন্তৰ্ভুক্ত কৰা হৈছে৷ হেলগেনৰ দলটোৱে বৰ্ত্তমান ইয়াৰ স্থিতি তথা সংৰক্ষণ সম্পৰ্কে অধ্যয়ন কৰি আছে৷ প্ৰাৰম্ভিক পৰ্য্যায়ৰ তথ্যমতে এই দুস্প্ৰাপ্য প্ৰাণীবিধৰ প্ৰতি প্ৰধান ভাবুকি হৈ পৰিছে বনাঞ্চল ধ্বংস৷ তথ্য অনুসৰি ইয়াৰ বাসস্থানৰ প্ৰায় ৪২% অঞ্চলেই ইতিমধ্যে নগৰীকৰণ নাইবা খেতি পথাৰলৈ পৰিৱৰ্ত্তন হৈছে৷ গতিকে অনাগত দিনত ইয়াৰ সংৰক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা নল'লে ইও অন্যান্য বহুতো আপুৰুগীয়া প্ৰাণীৰ দৰেই বিলুপ্তিৰ পথত আগবঢ়াৰ সম্ভাৱনা আছে৷ 

পোক-পতংগ বা উভচৰ প্ৰাণীৰ নতুন নতুন প্ৰজাতিৰ প্ৰায়ে সম্ভেদ পোৱা যায় যদিও স্তন্যপায়ী প্ৰাণীৰ আৱিস্কাৰ খুবেই কম আৰু আশ্চৰ্য্যপূৰ্ণ৷ হেলগেনৰ ভাষাত, “অ'লিংগুইট'ৰ আৱিস্কাৰেই প্ৰমাণ কৰে যে ৰহস্যময় প্ৰকৃতিৰ বহুতো আশ্চৰ্য্য এতিয়াও আন্ধাৰতেই আছে-আধুনিক বিজ্ঞানে এতিয়াও বহু অংশ পোহৰলৈ আনিবলৈ বাকী!” 

সহায়ক উৎস: 

http://www.smithsonianmag.com/science-nature/For-the-First-Time-in-35-Years-A-New-Carnivorous-Mammal-Species-is-Discovered-in-the-Western-Hemisphere--219762981.html#New-Mammal-Olinguito-1.png 
http://www.bbc.co.uk/news/science-environment-23701151