Wednesday 25 December 2013

বনভোজৰ বতৰত

ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ এই বতৰত আমাৰ মাজত বনভোজ বা পিকনিক খোৱাৰ জোৱাৰ উঠে৷ আমি সকলোৱে কৰ্মস্থানৰ সহকৰ্মী, পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে লগ হৈ ব্যস্ত একঘেয়ামী জীৱনৰ কোলাহলৰ পৰা আঁতৰি প্ৰাকৃতিক পৰিৱেশৰ কোনো ঠাইত এটা দিন স্ফুৰ্ত্তিৰে, মনৰ হেঁপাহেৰ উপভোগ কৰিব খোজোঁ৷ সাধাৰণতে এনে বনভোজৰ ঠাই বা ‘পিকনিক স্পট’বোৰ কোনো নৈ বা পাহাৰীয়া জান-জুৰিৰ আশে পাশে হয়৷ ডিচেম্বৰৰ শেষৰফালে আৰম্ভ হৈ জানুৱাৰীৰ প্ৰায় সমগ্ৰ মাহটো এই ঠাইবোৰ বনভোজৰ দলেৰে উপচি থাকে৷ 

নিত্যনৈমিত্তিক কৰ্মব্যস্ততা নাইবা একঘেয়ামী জীৱনৰ গতানুগতিকতাৰ পৰা মুক্ত হৈ সকলোৱে মিলি এদিনৰ বাবে প্ৰকৃতিৰ কোলাত এসাঁজ খোৱাটো নিশ্চয় খুবেই আনন্দদায়ক৷ কিন্তু আনন্দৰ উচ্ছাসত আমি বহুতেই হয়তো জ্ঞাতে বা অজ্ঞাতে এই বিশেষ দিনত কিছুমান দিশত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিওঁ ৷ বনভোজৰ আনন্দ উচ্ছাসৰ মাজেৰে নতুন বছৰটোক আদৰণি জনোৱাৰ পিছত এই দিনটো আমাৰ বাবে এক সোঁৱৰণি হৈ পৰে, কিন্তু আমাৰ দায়িত্বজ্ঞানহীনতাৰ পৰিচায়ক এই কামবোৰৰ ফল বহুদিনলৈ,কেতিয়াবা আনকি বহু বছৰ ধৰি ৰৈ যায়৷ 

উদাহৰণস্বৰূপে, বনভোজৰ সময়ত খোৱা-বস্তু ৰন্ধা বঢ়া কৰোঁতে আমি বহুতেই পেলনীয়া সামগ্ৰী যেনে শাক-পাচলিৰ বাকলি, প্লাষ্টিকৰ বেগ, বটল আদি সেই ঠাইতে পেলাই থৈ আহোঁ৷ এনেদৰে সিঁচৰিত কৰি এৰি অহা জাবৰ-জোথৰবোৰে ঠাইখনৰ সৌন্দৰ্য্য শেষ কৰি পেলায়৷ পিছত অহা অন্য এটা দলে সেই বিশেষ ঠাইখিনি লেতেৰা দেখি ওচৰৰে অন্য এক ঠাইত বনভোজ পাতে৷ এই দলটোও অন্য নিৰানব্বৈ শতাংশ বনভোজৰ দলৰ দৰে দায়িত্বহীন হ’লে সেই ঠাইখনো পুনৰ লেতেৰা হৈ পৰে৷ এনেদৰে যিবোৰ প্ৰকৃতিক স্থানৰ নৈসৰ্গিক শোভাৰ বাবে আমি বনভোজ খাবলৈ যাওঁ, এৰি অহাৰ পৰত সেই ঠাইবোৰ আনৰ বাবে বৰ্জনীয় হৈ পৰেগৈ৷ 

লায়াছান এলবেট্ৰছৰ পেটত প্লাষ্টিক
এতিয়া আহো, আমি সেই ঠাইবোৰৰ জীৱ-জন্তু আৰু প্ৰাকৃতিক পৰিৱেশৰ ক্ষেত্ৰত কৰা ক্ষতিলৈ৷ আমি এৰি অহা সেই জাবৰ-জোথৰবোৰে জীৱ-জন্তুৰ অকল্পনীয় ক্ষতি সাধন কৰিব পাৰে৷ প্লাষ্টিকৰ যিকোনো অংশ মাছ, চৰাই আদিয়ে খাদ্য বুলি ভুল কৰি ভক্ষণ কৰাৰ ফলত ডিঙিত লাগি ধৰি মৃত্যু হয়৷ তেনেদৰে ভঙা কাঁচে বহু জীৱ-জন্তুৰ দেহত আঘাত সানে৷ জেঠীৰ দৰে প্ৰাণীয়ে বটল আদিৰ ভিতৰত থকা অৱশিষ্টখিনি খাবলৈ চেষ্টা কৰি বটলৰ মুখত লাগি ধৰি আঘাতপ্ৰাপ্ত হয় বা কেতিয়াবা ভিতৰৰ পৰা ওলাব নোৱাৰি লঘোণত মৃত্যুমুখত পৰে৷ প্ৰতিবছৰে এনে বহুতো প্ৰাণীৰ জাবৰ-জোথৰৰ বাবে মৃত্যু হয়, কিন্তু কাৰো ওচৰত ইয়াৰ সঠিক হিচাপ নাই৷ প্ৰশান্ত সাগৰৰ এটা দ্বীপত কৰা এটা গৱেষণাত গম পোৱা গৈছিল যে লায়াছান এলবেট্ৰছ (Laysan Albatross) নামৰ সাগৰীয় চৰাইবিধৰ পেট প্লাষ্টিকেৰে পূৰ্ণ হৈ থকাৰ ফলত বদহজমৰ বাবে ইয়াৰ মৃত্যূ হয়৷ তাৰোপৰি এই চৰাইটোৱে পোৱালিবোৰকো প্লাষ্টিক খুৱাই থকাৰ ফলত সকলোবোৰৰে পাখি গজাৰ পূৰ্বেই মৃত্যু হৈছিল৷ গতিকে ইয়াৰ পৰাই আমি এইবোৰৰ ভয়াবহতা অনুমান কৰিব পাৰোঁ৷ 


সত্ত্বজান বিলত শৰালি হাঁহৰ জাক
বনভোজৰ দলে প্ৰাকৃতিক পৰিৱেশত কৰা দায়িত্বজ্ঞানহীন আনন্দৰ ফল আনে কেনেদৰে ভোগ কৰিবলগীয়া হৈছে তাৰ এটা উদাহৰণ বালিৰাম গগৈ৷ উত্তৰ লখিমপুৰত প্ৰস্তাবিত পক্ষী উদ্যান সত্ত্বজান নামৰ বিলখনৰ পাৰতে এই গৰাকী প্ৰকৃতিকৰ্মী বালিৰাম গগৈৰ ঘৰ৷ আমি যি সময়ত নতুন বছৰক আদৰাৰ আনন্দত উটি ভাঁহি যাওঁ সেইসময়ত এই বয়োজ্যেষ্ঠ নীৰৱ কৰ্মী গৰাকীৰ বাবে দিনবোৰ দূৰ্বিসহ হৈ উঠে বনভোজৰ দলবোৰৰ বাবে৷ নতুন বছৰৰ প্ৰথমকেইদিন তেওঁৰ দিনৰ সৰহভাগ সময় পাৰ হয় বিলৰ পাৰত বনভোজৰ দলে সিঁচৰিত কৰি যোৱা জাবৰ-জোথৰ আঁতৰাই চাফা কৰা কামত৷ তাৰোপৰি জলচৰ চৰাইৰে ভৰি থকা এই বিলৰ পানী আৰু আশে পাশে ঠাইবোৰ লেতেৰা নকৰিবলৈ তেওঁৰ বুজনিক অপমানেৰে উত্তৰ দিয়া বনভোজৰ দলৰ সৈতে নিত্যনৈমিত্তিক বাদানুবাদ আছেই৷ 

আকৌ, বনভোজৰ ঠাইৰ আশে পাশে থকা শিল বা মনোমোহা গছবোৰৰ গাত নিজৰ প্ৰেমৰ কথা খোদিত কৰি অমৰ হ’ব খোজা সকলে প্ৰকৃততে নিজৰ স্থুল মানসিকতাৰহে পৰিচয় দিয়ে ৷ তাৰোপৰি এনে বনভোজৰ দলসমূহত মদ খাই কৰা উদ্ভণ্ডালি বা গাড়ীৰ দুৰ্ঘটনাৰ কথা নক’লোৱেবা৷ মদ খোৱা-নোখোৱা সেইটো প্ৰত্যেকৰে ব্যক্তিগত সিদ্ধান্ত আৰু তাত আমাৰো ক’বলগীয়া একো নাই৷ কিন্তু তাৰ লগত জড়িত এনে নেতিবাচক ঘটনাবোৰ নিসন্দেহে নিন্দনীয়৷ আহকচোন, এইবাৰ বনভোজত আমি দায়িত্বশীলভাবে আনন্দ কৰোঁ আৰু নতুন বছৰটোত এনে কামবোৰ এৰাই চলো৷ বেয়া কাম এটা পৰিত্যাগ কৰাটোও ভাল কামৰে আৰম্ভণি নহয়জানো?

Tuesday 24 December 2013

চকলেট_গীটাৰ_ম’ম’জ: পঢ়ুৱৈৰ দৃষ্টিৰে

সংগীতৰ জগতত প্ৰতিষ্ঠা লাভৰ বাবে সংগ্ৰাম কৰি থকা এজন অসমীয়া যুৱক, জোছেফ৷ কেইবাগৰাকী প্ৰেয়সীৰে সৈতে তিক্ততাপূৰ্ণ আৰু বিফল সম্পৰ্কৰ অন্তত জোছেফে গল্প-উপন্যাসত থকাৰ দৰে অদৃষ্টই নিৰ্ধাৰণ কৰি থোৱা জীৱনৰ প্ৰকৃত সংগী (soulmate) গৰাকীৰ সন্ধানত নামে৷ বোলছবিৰ নায়কৰ ক্ষেত্ৰত হোৱাৰ দৰে আঠবছৰৰ আগতে গুৱাহাটীৰ কোনো এটা বাছ আস্থানত বাটৰ সিপাৰৰ পৰা তেওঁলৈ চাই এগৰাকী যুৱতীয়ে মিচিকিয়াই হঁহাৰ মুহুৰ্তটোৱে সেই অদৃষ্টৰ ইংগিত বুলি তেওঁ ধৰি লয়৷ উদ্ভট যেন লাগিলেও তেওঁৰ প্ৰিয় বন্ধু উৎপলেও জোছেফৰ এই সন্ধানত সহায় কৰে৷ কিন্তু সমস্যা হ’ল, সেই বিশেষগৰাকীৰ কোনো তথ্যই জোছেফৰ হাতত নাই৷ নাম-ঠিকনাতো দূৰৰে কথা তেওঁৰ চেহেৰাটোৱে জোছেফৰ সঠিককৈ মনত নাই৷ কেৱল মনত আছে-সেইদিনা তেওঁ এটা ছাই-বৰণীয়া স্কাৰ্ট পৰিধান কৰি আছিল৷ তথাপিও হতাশ নহৈ দুয়ো বন্ধুৱে কেৱল এই কথাটোকে ভেঁটি হিচাপে লৈ ইন্টাৰনেট আৰু বন্ধুবান্ধৱৰ সহায়েৰে সন্ধানত নামি পৰে৷ এনে এক অহেতুক আৰু ৰোমান্তিক বিলাসপূৰ্ণ সন্ধানেৰে আৰম্ভ হৈ দুয়ো বন্ধুৰ ঘটনাবহুল জীৱন পৰিক্ৰমা কিদৰে আগবাঢ়ে তাৰে কাহিনী কেনী দেউৰী বসুমতাৰীৰ চকলেট_গীটাৰ_ম’ম’জ’ (Chocolate Guitar Momos) নামৰ উপন্যাসখন৷

কিতাপখনৰ বেটুপাত
২০১৩ চনত মুক্তি পোৱা ‘লোকেল কুংফু’ নামৰ প্ৰথম অসমীয়া এক্স’ন-কমেডী চলচ্চিত্ৰখনৰ পৰিচালনাৰে জনপ্ৰিয় হৈ পৰা কেনী দেউৰী বসুমতাৰীয়ে লেখক ৰূপে আত্মপ্ৰকাশ কৰে ২০১১ চনত প্ৰকাশ পোৱা চকলেট_গীটাৰ_ম’ম’জ’ নামৰ এই ইংৰাজী উপন্যাসখনেৰে৷ আধুনিক পৃথিৱীৰ যুৱ প্ৰজন্মৰ মনস্তত্বৰ এক হাস্য-মধুৰ প্ৰতিফলন এই উপন্যাস৷ মূলত: গুৱাহাটী মহানগৰীক পটভূমি হিচাপে লৈ ৰচিত উপন্যাসখনত নগৰীয়া জীৱন সুন্দৰভাৱে ৰূপায়িত হৈছে৷ এগৰাকী অভিলাসী আৰু ৰোমান্তিক যুৱকৰ প্ৰেমৰ কাহিনীৰে আগবঢ়া বিষয়বস্তুত বিশেষ নতুনত্ব নাই যদিও কাহিনীৰ উপস্থাপন খুবেই আকৰ্ষণীয়৷ কাহিনীৰ আদিৰে পৰা শেষলৈকে চৰিত্ৰসমূহৰ ৰসাল (witty) কথোপকথন, কামৰ ধৰণে পাঠকক যথেষ্ট আমোদ দিব৷ উপন্যাসৰ সামৰণিয়ে এক অপ্ৰত্যাশিত গতি লৈ পাঠকক কিছু চাচপেঞ্চত ৰাখিবলৈও সক্ষম হৈছে৷ 

কিতাপখনৰ আকৰ্ষণীয় নাম আৰু বেটুপাতৰ দৰেই কাহিনীৰ উপস্থাপনৰ ধৰণো ব্যতিক্ৰমী আৰু উপভোগ্য৷ মুঠতে ২২ টা খণ্ডত বিভক্ত উপন্যাসখনৰ পঞ্চম খণ্ডটোত (A Year Goes by) কেৱল এটা বাক্য ‘A Year went by’ৰে লেখকে কৌতুকপূৰ্ণভাৱে সামৰি থৈছে৷ হাস্যৰসেৰে পৰিপূৰ্ণ ঘটনাসমূহ আৰু কাহিনীৰ ক্ষিপ্ৰ গতিৰ বাবে আমনি নিদিয়াকৈ একেবহাতে পঢ়ি শেষ কৰিব পৰাকৈ উপন্যাসখনে যিকোনো স্তৰৰ পাঠকৰ মনোযোগ আকৃষ্ট কৰিবলৈ সক্ষম হ’ব৷ উপন্যাসখনৰ শেষৰ কিছু অংশত অত্যাধিক নাটকীয়তাই উজুটি খুৱায় যদিও সামগ্ৰিকভাৱে নৱ-প্ৰজন্মৰ বাবে উপন্যাসখন যথেষ্ট উপভোগ্য হ’ব বুলি আশা কৰিব পাৰি৷ উপন্যাসৰ কাহিনীত অদৃষ্টই ঠিক কৰি থোৱা সেই বিশেষগৰাকীৰ সন্ধানৰ বাবে নায়কে সৃষ্টি কৰা গানটোৰ স’তে কাহিনীৰো কিছু আভাস পাবৰ বাবে লেখকৰ ভিডিঅ’ টোও ইয়াত চাব পাৰে৷ প্ৰথমখন উপন্যাসতে নিসন্দেহে কেনী দেউৰী বসুমতাৰীয়ে তেওঁৰ সাহিত্য প্ৰতিভাৰ পৰিচয় দিছে৷ অনাগত দিনত তেওঁৰ পৰা যুৱপ্ৰজন্মৰ উপযোগী এনে অধিক অৱদান আশা কৰিলো৷


নাম: চকলেট_গীটাৰ_ম’ম’জ (Chocolate_Guitar_Momos)
লেখক: 
কেনী দেউৰী বসুমতাৰী
ভাষা: ইংৰাজী
প্ৰকাশক: ৱেষ্টলেণ্ড লিমিটেড ( Tranquebar Press, Westland Limited) (৩০ জানুৱাৰী, ২০১১)
মূল্য: দুশ টকা
পৃষ্ঠা সংখ্যা: ২৪৮ পৃষ্ঠা




(কিতাপখন অনলাইন বিক্ৰেতা snapdeal.com, amazon.in infibeam.com আৰুcrossword.in তো উপলব্ধ)