Saturday 1 August 2015

আত্মিক

নন্দিনীয়ে হেণ্ডবেগত যাবতীয় বস্তু কেইপদ ভৰাই বেগটো হাতত লৈয়ে ঘৰৰ পদূলিমূখলৈ ওলাই আহিল৷ লোহাৰ প্ৰকাণ্ড গেটখন অলপকৈ খুলি তাই বাটলৈ চাই পঠিয়ালে ৷ তাৰপিছত আকৌ উভতি ঘৰলৈ সোমাই আহিল৷ যাওঁতে মেখেলাখন অলপকৈ দাঙি কোঁচবোৰ বেয়া নোহোৱাকৈ সাৱধানে খোঁজ দিয়াৰ দৰে নহৈ এইবাৰ তাই দপদপাই সোমাই আহিল৷ পাকঘৰৰ পৰা আলঙে আলঙে তাইৰ কাৰবাৰ চাই থকা মাকে তাইৰ খং উঠাৰ উমান পাই ওলাই আহিল৷ মাকক দেখিয়ে তাই অভিযোগৰ সুৰত ক’লে,

"মা, দেখিছানে! ই অৰ্ণৱ এতিয়াও আহি নাপালে৷ এইবোৰৰ লগত যে একো মিলাব নাপাই দেই ৷ বুঢ়া হ’বৰ হ’ল-সময়ৰ মূল্য বুজিবলৈ নিশিকিলে! ৰ’ৱা, মই ফোন কৰোঁ ৷"

মাকে ক’লে, "ৰ’চোন৷ সি চাগৈ বাটতে আছে,ফোন উঠাবলৈ ৰৈ আৰুহে দেৰি হ’ব ! তোৰ ওলাই হ’লেই নেকি ?"

"হৈ গ’ল মোৰ! আজি আহক ৰ’ৱা সি, পাব এজাউৰি!"

"ৰ’ৱলৈ ইমান টান পাৱ যদি মই কৈছিলোৱে দেখোন, গাড়ীখন লৈ যা৷" মাকে ক’লে, ”লখিমপুৰৰ পৰা পানীগাওঁ কেই কিলোমিটাৰনো!"

"নাই নাই, এই চাদৰ-মেখেলাৰে সাজোন কাচোন কৰি লৈ গাড়ী চলোৱাৰ অভ্যাস নাই মোৰ- গোটেইখন জোটপোঁট লাগিব, ৰিস্কি কাৰবাৰ৷ আৰু সি নিজেই ক’লে, বোলে মোৰ স্কুটাৰ লৈ আহিম-ওলাবি লগতে যাম! সেই কাৰণেহে মই গাড়ী নিয়াৰ কথা নাভাৱিলোৱে৷ সময়ত ওলাই আহিব নোৱাৰে যদি সি ক’লেই হ’ল! ই বৰ অপদাৰ্থ দেই!"

নন্দিনীয়ে আৰু দুটামান বিশেষণ লগাই ভোৰভোৰাই ভোৰভোৰাই ভিতৰৰ কোঠালৈ গ’ল৷

মাকে ভাবিলে, হ’ল আৰু, এইৰ অকৰা খং টো উঠিল যেতিয়া অতদিনৰ মূৰত অহা ল’ৰাটোৱেও ৰক্ষা নাপাব৷

তেওঁ ভিতৰলৈ গৈ দেখিলে, নন্দিনী আইনাৰ সন্মুখত৷ ভনীয়েকে ব্ৰাছডাল লৈ পাকৈত বিউটিচিয়ানৰ দৰে তাইৰ মুখত চলাব লাগিছে৷ তেওঁৰ মুখৰ প্ৰশ্নবোধক ভাৱটো দেখি ভনীয়েকে ক’লে,

"বিয়ালৈনো মানুহ এনেকৈ যায়নে! বায়ে সাজোন-কাচোন একো নিশিকিলে অ’ মা!"

"হেই থ', চাদৰ-মেখেলা পিন্ধি উৰি ওলাইছোঁৱে চোন! ফেশ্বন শ্ব’ত ভাগ ল’বলৈ নাযাওঁ নহয়৷ এনেয়ে মই বিয়া-বাৰুলৈ নাযাওঁ নেকি- মানুহবোৰৰ দামী কাপোৰ, অলংকাৰ, গাড়ী দেখুৱাই ফটা ঢোল বজাবলৈ অকল অজুহাত এটাহে লাগে আৰু!”

তাই ভেকাহিটো মাৰিহে দেখুৱালে, কিন্তু ভনীয়েকক শান্তভাৱে মুখখন পাতি দি বহি থাকিল৷ মাকৰ মনে মনে হাঁহি উঠিল৷ ৰীমাৰ বিয়া বুলিয়ে আজি দুদিনমানৰ পৰা তাই চাদৰ-মেখেলা, লোকাপাৰ-ধানসিৰা, বিয়াৰ নীতি-নিয়ম আদিক লৈ যেনে উথপথপখন লগাইছে যে ঘৰৰ সকলো আচৰিতেই হৈ পৰিছে ৷

কলিংবেলৰ শব্দ শুনি নন্দিনীয়ে খপজপকৈ সকলো সামৰি দুৱাৰ খুলিবলৈ গ’ল৷ হাঁহিমুখে থিয় দি থকা অৰ্ণৱক দেখিয়ে তাই চিঞৰি উঠিল,

"ঐ, সময় বুলি যে বস্তু এটা আছে জাননে নাজান? ঘড়ীটো চাল দিবলৈকে পিন্ধ’ নে কেতিয়াবা কিমান বাজিছে চাবলৈ শিকিছও?"

অৰ্ণৱে "হুহ, কথা কয় শুনা" বুলি কৈয়ে তাইক সম্পূৰ্ণ অৱজ্ঞা কৰি মাকক মাত লগালে৷

"খুড়ী ভাল নে আপোনালোকৰ? বহুদিনৰ মূৰত দেখা পালো৷"

"অ, আমাৰ ভালেই দিয়া ৷ তোমালোকক কাকোৱে আজিকালি লগ নোপোৱাই হ’লো৷ ঘৰলৈ কেতিয়া আহিলা?"

"কালি ৰাতিহে পাইছোঁহি৷ মোৰ ডিব্ৰুগড়ত ফিল্ডৱৰ্ক চলি আছে নহয়, কাম বেছিদিন ক্ষতিও কৰিব নোৱাৰি৷ কালি তাৰ পৰা ঘাটেৰে অকলে বাইক লৈ ঘৰ পাইগৈছোঁহি৷"- কৈ কৈ সি চোফাখনত বহিব ওলাইছিলহে, নন্দিনীয়ে ডবিয়ালে ৷

"বহিবলৈ সময় নাই এতিয়া, উঠ ৷ ইমান দেৰিকৈ ওলাইছহি, সিফালে ৰীমাই চাগৈ বাট চাই আছে৷"

মাকে অৰ্ণৱক চাহ একাপ খাই যাবলৈ ক’লে, কিন্তু সি নন্দিনীৰ ফালে এবাৰ চাই সেই আশা বাদ দিলে৷ "এইজনীৰ পৰা ক’তো শান্তি নাই আৰু" বুলি স্বগতোক্তি কৰি সি ওলাই আহিল ৷

মাকে সিহঁত যোৱাৰ ফালে চাই ভাবিলে, ইমান বছৰৰ পিছতো ইহঁত যে সঁচাই অকণো সলনি নহ’ল! আজি কিমানদিনৰ মূৰত যে অৰ্ণৱ আহিল ! সেই তাহানিতে কলেজত পঢ়োতেই তাক দেখা৷ কলেজৰ ওচৰতে বুলিয়ে নেকি নন্দিনীৰ বন্ধুবোৰৰ বাবে এই ঘৰখন ভাতঘৰেই হৈ পৰিছিল৷ কলেজ শেষ কৰি নন্দিনী দিল্লীলৈ পঢ়িবলৈ গ’ল৷ তাইৰ লগৰবোৰো ক’ত ক’ত যে সিঁচৰতি হৈ পৰিল! আজি অতবছৰৰ মূৰত লগৰ ৰীমাৰ বিয়া বুলিয়ে সিঁহতবোৰ এটা এটাকৈ ওলাইছেহি৷

সিহঁত গৈ বৰমূৰীয়া তিনিআলিটো পাৰ হৈছিলহে, চিপচিপকৈ বৰষুণ পৰিবলৈ ধৰিলে৷ নন্দিনীয়ে কিবা কোৱাৰ আগতেই অৰ্ণৱে ডাঙৰ গছ এজোপাৰ তলত স্কুটাৰখন ৰখাই দিলেগৈ৷ ক’লে,

"ছাতিটো তোৰ উৎপাতত অনাই নহ’ল নহয়! যিসোপাহে মুখত লগাই মেলি আহিছ, বৰষুণে চব ধুই নিব এতিয়া৷ যিমান ঘঁহিলে পিহিলেও কাউৰী সদায় কাউৰীয়ে, বগলী নহয়গৈ, জান’ নাই?" নিজৰ কথাতে ৰস পাই সি খুকখুকাই হাঁহি উঠিল৷

নন্দিনীয়ে তালৈ "মোক জোকাই লাভ নাই" জাতীয় চাৱনি এটা দি চাদৰৰ আগটো মূৰত লৈ থমথমকৈ বহি থাকিল৷ অৰ্ণৱে চেষ্টা নেৰিলে৷

"মোলৈ চা ৷ একো আৰ্টিফিচিয়েল বস্তুৰ দৰকাৰ নাই ৷ এসোপামান ঘঁহি মেলি নুফুৰিলেও এই হাজৰিকা সদায় সতেজ, চিৰসেউজ -কেতিয়াও সলনি নহয়৷"

"হৈছে, এই ঘেগেলা স্কুটাৰখন চলাই যিমান চিৰসেউজটো হৈ গ’লেও তোলৈ কোনেও নাচায় দে!"

"ঐ, স্কুটাৰখনক একো নক’বি দেই৷ দেউতাৰ পৰা পোৱা এইখন৷ ক’তো অকণো দাগ এটা নল’গাকৈ দেউতাই কিমান যত্নৰে ৰাখিছে দেখিছ নাই?চলাই ভাল পাওঁ কাৰণেইটো বাইক খন এৰি এইখন আনিছোঁ৷"

"ভালেই কৰিলি৷ এনেকৈ স্কুটাৰত উঠি গ’লে অন্তত: গাৱঁত কোনেও আমাক বেলেগকৈ নাচাব ৷ আজিকালিৰ দিনত কোনো ছোৱালীয়ে বয়ফ্ৰেণ্ডৰ লগত স্কুটাৰত উঠি নাযায় আৰু ৷”

"অ, ভাল মনত পৰিল৷ মোলৈ তহঁতে ছোৱালী চোৱাৰ দায়িত্ব লৈছিলি নহয় কেতিয়াবাতে, অতদিনে একো নকৰিলি৷ এইবাৰ ৰীমাৰ বিয়াত কিবা এটা কৰিবিয়ে কিন্তু৷"

"অ' অ', আমি ভাবি থৈছোঁৱে, তোক এইবাৰ গতি লগাবই লাগিব ৰ'৷ তোৰ আকৌ যিহে কঁকাললৈকে বৈ পৰা চুলিৰ ৰাজকুমাৰীত মন, পাবলৈকে টান নহয়৷ দীঘলচুলি ইমানেই পছন্দ যদি নিজে তেনেকৈ দীঘল কৰি ৰাখি নলৱ কিয়?"

তাৰ সেই ৰূপটো কল্পনা কৰিয়ে নেকি দুয়োটাই একেলগে হাঁহি উঠিল৷ অৰ্ণৱে আকাশলৈ মূৰ তুলি চাই ক’লে,

"অকণমান কমিছে, গৈ থাকো ব’ল৷ অলপ তিতিলেও একো নাই৷ দৰকাৰ হ’লে সলাই লৈ মোৰ ইযোৰ চাৰ্ট-পেন্ট পিন্ধি ল’মগৈ৷"

নন্দিনী আচৰিত হ’ল,

"ইযোৰ মানে? তই আৰু এযোৰ আনিছ? কিয়?"

"কিয়, দৰা অহাৰ আগে আগে মাজৰাতি কাপোৰ সলাই ইযোৰ পিন্ধিম আকৌ৷ এতিয়া ৰাতিপুৱাৰে পৰা কামত লাগি থকা যোৰকে তেতিয়াও পিন্ধি থাকিম নেকি?"

তাইৰ আকৌ খং উঠিল৷

"আগেয়ে নকৱ কিয় কথাবোৰ? মইতো একো কাপোৰ অনা নাই৷ ইমানকৈ চবকে সুধি লৈ প্লেন কৰিছোঁ৷ এইটো কথাকে কোনেও নক’লে যা:"

"ধেইত, এইবোৰ নিজে জানিবলগীয়া কথা আৰু৷ প্ৰাণজিৎ আহিব নহয় অলপ দেৰিকৈ, তাক ফোন কৰি দে নহ’লে৷"

তাই ফোন লগালে৷ প্ৰাণজিতে সোনকালে শুই উঠাৰ এলাহতে অলপ দেৰিকৈ আহিম বুলি কৈছিল৷ এতিয়া নন্দিনীৰ কঢ়া নিৰ্দেশ পালে, সি আহোতে তাইৰ ঘৰলৈ গৈ মাকৰ পৰা কাপোৰ এযোৰ লৈ আহিব লাগে৷

কেঁচা টোপনি ভঙাৰ কাৰণে সি গেঙেৰি দুটামান মাৰি ’হব যা:’ বুলি কৈ ফোন কাটি দিলে৷

চিপচিপিয়া বৰষুণৰ মাজতে সিহঁত গৈ বিয়াঘৰ পালেগৈ৷ ৰীমা শুৱাকোঠাত এজাক মহিলাৰ মাজত বহি আছিল ৷ নন্দিনীৰ পিছে পিছে সোমাই যোৱা অৰ্ণৱক ড্ৰয়িংৰূমতে বহাই তাই ৰীমাৰ কাষ পালেগৈ৷ আহোতে খাবলৈ কিবা এটা লৈ আহিবিচোন বুলি সি ক’বলৈ নাপাহৰিলে পিছে৷ নন্দিনীহঁতৰ ঘৰত খুড়ীয়ে তালৈ মালপোৱা কৰি থৈছিল বুলি কৈছিল, তাইৰ জহতে মুখত দিবলৈকে নাপালে সি!

"ইমান দেৰি কৰিলি" বুলি কৈ ৰীমায়ে তাই বহিবলৈ ঠাই উলিয়াই দিলে৷

"এই অৰ্ণৱৰ কাৰণে অ’৷ ইমান দেৰিকৈ ওলাইছেহি সি!"

"অ’, এতিয়া ক’ত আছে সি?"

"বাহিৰত বহাই আহিছো৷ ইয়ালৈ ল’ৰা সোমাবলৈ দিব জানো?"

"হেই, মাতি আন তাক৷ সি আহিলে একো নহয়৷"

অৰ্ণৱ আহিল৷ আহিয়েই ৰীমাৰ শেঁতা পৰা মুখখন দেখি ক’লে,

"কি ঐ! মৰিবলৈ ওলোৱাৰ দৰে আছ’ যে? তোক জোৰ কৰি ধৰি বান্ধি বিয়া দিয়া নাই নহয়৷ দহ বছৰীয়া প্ৰেম কৰি নীলিমৰ লগতে বিয়া হ’বলৈ ওলাইছ ৷ এতিয়া এইবোৰ এক্টিং নচলিব দেই৷"

বহি থকা মানুহখিনিৰ কথা-বতৰা তাৰ গলগলীয়া কথা-কেইষাৰে তভক লগালে৷ অলপ আচৰিত হৈ 'কোন ঔ এইটো’ ধৰণে তেওঁলোকে তালৈ চাই পঠিয়ালে৷

ৰীমাই সকলো পাহৰি স্বভাৱসুলভ বলিষ্ঠ মাতটোৰে ক’লে,

"হেই এইটো! আহিয়েই কি কথাবোৰ কৈছহি বাৰু!"

মুহুৰ্ততে পেহী-বৰমা-জেঠাইৰ হাজাৰটা নীতি-নিৰ্দেশনাৰ মাজত নিস্তেজ হৈ থকা ৰীমাজনী সপ্ৰতিভ হৈ উঠিল৷ তাই মন মাৰি আমন জীমনকৈ বহি থকা ৰূপটো দেখি বিমোৰ হোৱা নন্দিনীয়েও স্বস্তিৰ নিশ্বাস পেলালে ৷ কিছুপৰ কথা পতাৰ পিছতে ৰীমাক চোতালত নাম-প্ৰসংগত সেৱা কৰিবলৈ উলিয়াই লৈ গ’ল৷ সিহঁতেও বিয়াঘৰৰ ইটো-সিটো কামত লাগি ভাগি দিলেগৈ৷ আগচোতাল-ঘৰ-পাছচোতাল কৰি থাকোতেই কিমান সময় পাৰ হৈ গ’ল গমকে নাপালে৷

অসুখীয়া দেউতাকক অযথা সমস্যা নিদি বিয়াৰ আয়োজনৰ সকলো দায়িত্ব ৰীমাৰ ভনীয়েকে মূৰ পাতি লৈছে ৷ মাক-দেউতাক দুয়ো কেৱল অভ্যাগতৰ সোধ-পোচত ব্যস্ত আছে ৷ ঘৰৰ ডাঙৰ ছোৱালীজনীৰ বিয়া! গৱেষণাৰ কামত যতি পৰিব বুলি ৰীমাৰ দাবীতে পিছুৱাই ৰখা বিয়াখন অৱশেষত হৈ উঠাৰ স্বস্তি, ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই দিয়াৰ যন্ত্ৰণা, অথচ নীলিমৰ দৰে সঁচা অৰ্থত তাইক বুজা ল’ৰা এজন পোৱাৰ গৌৰৱ -সকলো আবেগ মিলি যেন দুয়োকে কাবু কৰি পেলাইছে ৷ নন্দিনীয়ে গৈ এবাৰ ক’লেগৈ, " আপোনালোকে মিছাতে একো চিন্তা কৰি থাকিব নালাগে দেই৷ আমি আছোঁ নহয়!"

ৰীমাৰ মাকে একো নকৈ মাথোঁ তাইৰ মূৰত হাত ফুৰাই দিলে ৷

নন্দিনী নিজেই আবেগিক হৈ পৰিল যেন! তাই সাউতকৈ তেওঁলোকলৈ কৰি অনা গ্লুক’জ দুগিলাচ দি খোৱাঘৰত সোমালগৈ ৷ দুপৰীয়া অগা-পিচাকৈ শিখা আৰু প্ৰাণজিৎ ওলালহি ৷ প্ৰাণজিতে তাইক কাপোৰসাঁজ দি সেইটো কামত তাক খটুওৱাৰ কাৰণে আকৌ ডবিয়ালে৷ কিন্তু লগতে সিহঁতৰ ঘৰত অৰ্ণৱৰ ভাগৰ মালোপোৱা খাই অহাৰ কথাও পৰম তৃপ্তিৰে ঘোষণা কৰিলে৷

শিখাই ইমান দেৰিকৈ অহাৰ কাৰণে সকলোৰে গালিখিনি হজম কৰি লৈ অলপ অভিমান কৰি ক’লে,

"তহঁতে কি বুজিবি মই কিমান মিলাই লৈ আহিছোঁ! স্কুলত গৰমৰ বন্ধ হ’লে কি হ’ব, টেটৰ ট্ৰেইনিং চলি আছে৷ মই মিলাই মেলি হাফছুটি লৈ আহিছোঁ৷ বাছ সলাই মেলি থাকোতে দেৰি হ’ব বুলি ঘিলামৰাৰ পৰা স্কুটি চলাই আহিছোঁ, ভাব!"

তাইৰ কথা শেষ হ’বলৈকে নাপালে প্ৰাণজিতে টপকৈ ক’লে,

"হেৰৌ, জহাবলৈ আহিছ! মই গাইডক ফাঁকি দি দুদিন আগতেই শ্বিলঙৰ পৰা আহিছোঁ জাননে? অৰ্ণৱেও ফিল্ডৰ কাম বন্ধ কৰি থৈ আহিছে দে!"

নন্দিনীয়ে ৰীমালৈ চাই ক’লে,

"মইহে ৰীমাৰ বিয়া বুলি আজি এসপ্তাহৰ পৰা লখিমপুৰত আছোঁহি! ভাবি আছিলো, এইবাৰ সময় পাইছোঁ যেতিয়া সীমান্তৰ তাত দুদিনমান থাকি আহোঁ, তাৰ ঠাইখন চাবলৈ ইমান মাতি থাকে ৷ টিকট কৰিবলৈ লওঁতেই ৰীমাই গম পাই হুলস্থুলখন লগালে মিছামিছি৷ যোৱাই নহ’ল মোৰ!"

ৰীমাই আলহীক মাত লগাই ইটো সিটো কথা পাতি আছিল৷ কিন্তু নন্দিনীৰ অভিযোগ তাই ঠিকেই শুনিলে৷ ঘুৰি চাই ক’লে,

"কিয় নলগাম! তোৰ একো ঠিকনা নাই-আজি অ’ত, কাইলৈ ত’ত৷ চাচোন, সীমান্তক লগ কৰিবলৈ তাই ছত্তিছগড়লৈ গৈ ঘুৰি আহি এসপ্তাহতে মোৰ বিয়া পায়হি বোলে, সম্ভৱ নেকি?"

নন্দিনীৰ বাহিৰে বাকী গোটেইকেইটাই ’ভালেই কৰিলি’ ধৰণে মূৰ দুপিয়ালে! শিখাই কৈ উঠিল,

"অহ, ভাল মনত পেলাই দিলি দেই, সীমান্তই ৰীমালৈ ফোন লগাই আছিল ৷ মোক আহি পাই ৰীমাৰ লগত তাৰ এবাৰ কথা পতাই দিবলৈ কৈছিল৷"

"হয় নেকি? লগাচোন লগা-মানুহৰ ভিৰ নহওঁতেই শান্তিৰে পাতি লওঁ৷"-ৰীমাই ক’লে৷

ফোন লগে লগে লাগিল৷ লাউডস্পিকাৰত সীমান্তৰ দুষ্টালিভৰা মাতটো ভাঁহি আহিল৷

"ৰীমা ঐ! তই ইমান দুখ দিবি বুলি ভবা নাছিলো দেই ৷ এই মাওবাদীসোপাৰ মাজত সোমালোহি বুলিয়ে মোক ঠগি দিলি নহয়?"

গোটেইকেইটাই গিৰ্জনি মাৰি হাঁহি উঠিল৷ ওচৰত অন্য কোনোবাই শুনিলে নেকি বুলি সচকিত হৈ ৰীমাই ইফালে-সিফালে চালে৷ নিশ্চিত হৈ লৈ এইবাৰ তাইৰ ধমকিটো ডাঙৰকৈয়ে ওলাল৷

"ঐ গৰু! বিয়ালৈতো আহিব নোৱাৰিলি, তাৰ পৰা বৰ বৰ মাত মাতিছ?"

"তেনেকৈ নক’বি ঐ, খেতিৰ বতৰত কাম-বন এৰি মই ইমান দূৰলৈ কেনেকৈ যাওঁ, জানই দেখোন!” সীমান্ত দুখীয়া খেতিয়কক আৰ্থিকভাৱে স্বাৱলম্বী কৰাত সহায় কৰা এটা এন জি অ’ৰ মূখ্য বিষয়া৷ খেতিৰ বতৰ তাৰ বাবে খাৱন শোৱন নোহোৱাকৈ কৰা কামৰ বতৰ!

সুবিধা পাই গোটেইকেইটাই সীমান্তক জাৰিবলৈ লাগিল৷ ৰীমাই সকলোকে তেনেকৈয়ে এৰি বহাঘৰ, খোৱাঘৰত ভুমুকি মাৰিলেগৈ৷ ঘুৰি আহি তাই সিহঁতক আলহী বেছি নহওঁতেই খাই বৈ ল’বলৈ ক’লে৷ আবেলিলৈ সকলো ব্যস্ত হৈ পৰিব৷ তাইৰ কথা মানি সকলো খোৱাঘৰত বহিলগৈ ৷ দেউতাকে ক’লে, "ৰীমাকো তোমালোকৰ লগতে বহুৱাই কিবা এটা খাবলৈ দিয়াচোন৷ পুৱাৰে পৰা একো এটা মুখত দিয়া নাই তাই ৷"

ৰীমা দেউতাকৰ বৰ আদৰৰ ছোৱালী৷ এতিয়াও দেউতাকে নিজে খোৱা লোৱাতকৈ তাই যাতে একো কষ্ট নাপাই সেয়াহে মন কৰি আছে ৷ দেউতাকৰ কথা পেলাব নোৱাৰি তায়ো লগতে বহিলগৈ ৷ এইবাৰ খোৱাৰ টেবুলত শিখাক ’কামোৰ’ দিয়াৰ পৰ্ব৷ বাকীকেইটাই মাজে সময়ে ফোনত বা অনলাইন কথা-বতৰা পাতি থাকিলেও শিখা প্ৰায়ে একেবাৰে নিৰুদ্দেশ হৈ থাকে৷ ’শিখা মৰিল নেকি ঔ’ বুলি সুধিলেহে ইটোৱে সিটোৰ পৰা তাইৰ খৱৰ একোটা পায়৷ সেয়ে আজি প্ৰাণজিৎ আৰু অৰ্ণৱে বেয়াকৈ ধৰিছে তাইক ৷

নন্দিনী কিছু নষ্টালজিক হৈ পৰিল যেন! কিমান বছৰৰ মূৰত এনেকৈ গোটেইকেইটা লগ হৈছে, তাকো কেনে এটা পৰিৱেশত ৷ বিশ্বাসেই হোৱা নাই যে সাতটা বছৰ পাৰ হৈ গ’ল! কলেজত কেনেকৈ যে এজন এজনকৈ লগ লাগি সিহঁতৰ দলটো গোট খাইছিল! প্ৰত্যকেই ভিন্ন ব্যক্তিত্বৰ, কিন্তু ইটোৱে সিটোৰ পৰিপূৰকৰূপে কাম কৰিছিল যেন! তিনিটা বছৰতে বৰ আপোন হৈ পৰিছিল সিহঁত ৷ ইটোৱে সিটোৰ হাঁহি-কান্দোনবোৰ ভগাই লোৱাৰ কিমান যে স্মৃতি গঢ় ল’লে সেই তিনিটা বছৰতে!

তাইৰ আজিও মনত আছে, কোনোবা এটা পৰীক্ষা দি গুৱাহাটীৰ পৰা নিশাৰ বাছেৰে আহোতে এইটো প্ৰাণজিতৰ লগতে এখুন্দা লাগিছিল তাই ৷ আচলতে লগ হ’লেই সিহঁতৰ কেৱল কাজিয়াই লাগিছিল ৷ তাইৰ আগত সি অনবৰতে ’থেকেচি পেলাম’ ধৰণৰ মুড এটা লৈ থাকিছিল আৰু তাই ’তোকো সুদাই নেৰোঁ’ ধৰণৰ ভাৱ এটাৰে ফেপেৰি পাতি আহিছিল ৷ কাৰো একো বুজনিয়ে কাম দিয়া নাছিল৷ প্ৰাণজিতৰ মাকে আনকি ছোৱালীক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় নহয় বুলি বুজাবলৈ চেষ্টা কৰোঁতে সি ওলোটাই কৈছিল, "তাই ছোৱালী নেকি!"

সিদিনাও গুৱাহাটীত অন্য এটা পৰীক্ষাৰ কাৰণে ৰৈ দিবলগীয়া হোৱাত সীমান্ত আৰু শিখাই সিহঁত দুয়োটাকে বেলেগে বেলেগে বুজাইছিল, বাছত কাজিয়া নকৰিবলৈ৷ সকলো শান্তভাৱে শুনি লৈও বাছত উঠিয়ে দুয়োটাই মাজৰ ঠাইকণত হাত থোৱাক লৈ কাজিয়া আৰম্ভ কৰি দিছিল৷ অৱশ্যে সেই কাজিয়া মাজনিশালৈ প্ৰাণজিতৰ সকলোৰে লগত এৰাএৰি হোৱাৰ আবেগৰ ধলে উটুৱাই নিছিল৷ আৰু তাৰ সেই ’পেনপেননি’ আঁতৰাবলৈ নন্দিনীয়ে গান এটাকে গাবলৈ আনুৰোধ কৰাত শেষনিশালৈকে সি এটাৰ পিছত এটাকৈ প্ৰিয় গানবোৰ গাই গৈছিল ৷ আৰু তাই! কেঁচা টোপনি ভঙা বাছৰ মানুহৰ খং উঠিব বুলি ভয়তে তাই তাপ মাৰি আছিল৷

সকলোৰে গিৰ্জনি মৰা হাঁহিত তাইৰ তন্ময়তা ভাগিল৷ ইংগিতপূৰ্ণ কথাবতৰা বোৰ দেখি তাই চকুৰ ইংগিতেৰে কি হৈছে সুধিলে৷ গম পালে, শিখাৰ পৰা এতিয়া ফ’কাছ অৰ্ণৱলৈ গৈছে ৷ ইতিমধ্যে কোনোবা কঁকালৈকে বৈ পৰা চুলিৰ গৰাকী হেনো তাৰ চকুত পৰিছেই ৷ একেবাৰে তাৰ সপোনৰ শ্ৰীমতী হাজৰিকাৰ সৈতে মিলি পৰিছে হেনো ৷ কিন্তু কেণাটো লাগিল, এতিয়া কাষৰ টেবুলতে বহি থকা দেখি তাইৰ পৰিচয় ৰীমাক সোধাতহে ৷ ৰীমাই হাঁহি হাঁহি ফুচফুচাই ক’লে, "লাভ নাই, তাইৰ অহামাহত বিয়াৰ তাৰিখ ঠিক হৈয়ে আছে আকৌ, আমাৰ ওচৰৰ গাওঁখনৰ ছোৱালী৷"

এইবাৰ অৰ্ণৱ চিৰসেউজ নহৈ চিৰকুমাৰ হ’বলৈ গৈ আছে নেকি সেই সম্পৰ্কে বিশদ আলোচনা চলিল ৷ মানুহ আহিবলৈ লোৱাত ৰীমা ওলাই গ’ল৷ নন্দিনীহঁতো কামত ব্যস্ত হ’ল৷ প্ৰাণজিতে মানুহক আদৰি সাদৰি বহুৱালে, অৰ্ণৱ থাকিল খোৱাঘৰৰ পৰিচালনাৰ দায়িত্বত ৷ নন্দিনী আৰু শিখাই কইনাৰ ছাপৰ্ট চিষ্টেমৰ দায়িত্বত থাকিল!

গাঁৱৰ বিয়া, নিশালৈ মানুহ কমি আহিল ৷ দৰা আদৰাৰ প্ৰস্তুতি আৰম্ভ হ’ল৷ কইনাক আকৌ নতুনকৈ সজাবলৈ লৈ আয়তীসকলে জাক জাক নামেৰে উপচাই পেলালে ৷ দিনটোৰ দৌৰাদৌৰিৰ পিছত নন্দিনীহঁতেও অকণমান আহৰি পালে ৷ গোটেইকেইটাই বাহিৰত বহিলহি৷ পুৰণি কথাবোৰকে ওলাল৷ তেনেতে কথা-প্ৰসংগত প্ৰাণজিতে ক’লে,

"ঐ, পৰাগৰ কি হ’লহে? এতিয়ালৈকে দেখাদেখি নাই যে!"

"সি চাগৈ বেংকৰ ফাইলৰ মাজত মূৰ গুঁজি আছে এতিয়াও ৷ বেংকত সোমোৱাৰে পৰা সি অতিপাত ব্যস্ত পৰিছে অ’ ৷"-শিখাই ক’লে ৷

"এহ, যিমান কাম হ’লেও ইয়াতে থাকিও ৰীমাৰ বিয়ালৈ নাহিব নেকি আৰু সি! ৰ, মই ফোন কৰোঁ, সি যিহে, পাহৰিবও পাৰে!"

অৰ্ণৱে ফোন কৰিলে৷ পৰাগ বেংকৰ পৰা আহি ঘৰ সোমাইছিলহে হেনো৷ তাৰ দহমিনিট পিছত সি বিয়াঘৰত হাজিৰ! আহিয়ে ক’লেহি,

"ভাল ফোন কৰিলি দেই! মই তাৰিখটো একেবাৰে পাহৰিছিলোঁ৷" ক্লান্ত মুখখনত হাঁহি বিৰিঙাই সি ক’লে৷

"হ’ব দে, একো নহয়৷ বিবাহিত মানুহৰ সেইটো এনেও প্ৰধান লক্ষণ"- অৰ্ণৱে খোঁচ এটা মাৰিলে৷

আটাইকেইটাৰ লগতে পৰাগেও খোলাকৈ হাঁহি পেলালে৷

এইবাৰ আড্ডা ভালকৈ জমি উঠিল৷ ইমান দিনৰ চেগা-চোৰোকা যোগাযোগৰ মাজত ৰৈ যোৱা সুখ-দুখৰ কথাবোৰ, হাঁহিবোৰ বাধাহীন জুৰি হৈ বৈ আহিল যেন! মাজতে এবাৰ সুবিধা পাই নন্দিনীয়ে প্ৰাণজিতক সুধি পেলালে,

"ঐ, কথা এটা ক’চোন৷ তই যে কলেজৰ শেষৰ দিনবোৰত আমিবোৰ এৰাএৰি হৈ পৰিম, নিজৰ নিজৰ জীৱনত হেৰাই যাম বুলি ইমান ট্ৰেজেদি ফালিছিলি, মনত আছে?"

"এহ, এইবোৰ বেছিভাগ সঁচা বন্ধুত্ব কি নুবুজা বা ভুল বুজা মানুহৰ কথা-কাণ্ড দেখি-শুনি মনলৈ অহা ভয় আছিল জান’ ৷ "

"এতিয়া তেন্তে নাভাব তেনেকৈ?”

"সময়ৰ আঁচোৰ নপৰাটোৱে সঁচা বন্ধুত্ব অ’৷ আমিচোন চবেই সেইখন দেওনা পাৰ কৰি আহিলো ৷ এতিয়া ভালকৈয়ে জানো, আমিবোৰ য’তেই নাথাকো, যিমান দিনৰ মূৰতেই লগ নাপাওঁ কিয়-আমি এনেকৈয়ে থাকি যাম, কলেজীয়া মনবোৰ লৈ!"

নন্দিনীয়ে একো নক’লে৷ প্ৰথমবাৰৰ কাৰণে প্ৰাণজিতৰ লগত তৰ্ক কৰিবলৈ তাইৰ একো শব্দ নাছিল৷ সিফালে বিয়াৰ উৰুলি ভাঁহি আহিল৷ দৰা অহাৰ সময় হ’ল-ৰীমাক উলিয়াই দিবৰ হ’ল
( লী পৰিয়ালৰ হাতত)


Tuesday 14 July 2015

অসমৰ জৈৱবৈচিত্ৰ্য ৫: অৰ্কিড

জৈব-বৈচিত্ৰ্যৰ আকৰ অসমৰ গাঁৱে-ভূঞে তথা বনাঞ্চলসমূহত অনেক প্ৰজাতিৰ অৰ্কিড দেখা পোৱা যায় ৷ ইয়াৰে কিছুসংখ্যক অৰ্কিডে অসমৰ লোকসংস্কৃতিতো বিশেষ স্থান অধিকাৰ কৰি আহিছে৷ উদাহৰণস্বৰূপে, কপৌফুল ৰঙালী বিহুৰ এক অপৰিহাৰ্য অংগ৷ কপৌ ফুল অবিহনে বিহুৱতীৰ সাজ-সজ্জাই, বিহুৰ উদযাপনে পৰিপূৰ্ণতা নাপায়৷ তেনেদৰে ভাটৌফুলৰো অসমীয়া সমাজত সমাদৰ আৰু চাহিদা যথেষ্ট৷ 



অৰ্কিড ’অৰ্কিডেচি’ নামৰ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ একবীজপত্ৰী উদ্ভিদ ৷ ৰং বিৰঙী মনোমোহা ফুলবোৰৰ একক সজ্জাৰ বাবেই এইবোৰক পৃথক শ্ৰেণীৰ মৰ্য্যদা দিয়া হৈছে৷ অৰ্কিড ফুলৰ তিনিটাকৈ বেটুপাত আৰু পাহি থাকে; বেটুপাত তিনিটা সমান আকৃতিৰ কিন্তু এটা পাহি ৰূপান্তৰিত যাক ওঁঠ বুলি কোৱা হয়৷ এই বেটুপাত আৰু পাহিকেইটা এনেদৰে একান্তৰভাৱে সজ্জিত হৈ থাকে যে দেখাত ছটা পাহিৰ ফুল যেন ধাৰণা হয়৷ বেছিভাগ অৰ্কিডেই পৰাশ্ৰয়ী (Epiphyte) অৰ্থাৎ অন্য গছত আশ্ৰয় লৈ থাকে যদিও কিছুমান স্থলজ (Terrestrial) অৰ্কিডো পোৱা যায়৷ তেনেদৰে মৃত বা পচা গছত আশ্ৰয় লোৱা অৰ্কিডো (Saprophye) থাকে৷ পৰাশ্ৰয়ী অৰ্কিডসমূহে শিপাত থকা ’ভেলামেন’ নামৰ বিশেষ তন্তুৰ সহায়ত বতাহৰ পৰা জলীয় বাষ্প আহৰণ কৰে ৷ 

ভাৰতত পোৱা ১৩০০ মান প্ৰজাতিৰ ভিতৰত অসমত ৭১ গণৰ অন্তৰ্গত ১৯৩ বিধ অৰ্কিডৰ প্ৰজাতি পোৱা গৈছে ৷ ইয়াৰে ২৭ বিধ প্ৰজাতি কেৱল অসমতহে পোৱা যায় (endemic) ৷ তেনে কেইবিধমান অৰ্কিড প্ৰজাতি হ’ল- ফেলেন’পছিছ মাষ্টাৰছি (Phalaemopsis Mastersii), ডেনড্ৰবিয়াম মিছেৰাম (Dendrobium Miserum), এৰিয়া পুমিলা (Eria Pumila), ইউল’ফিয়া কেনডিডা (Eulophia Candida), ফলিডটা কেলচিয়েটা (Pholidata Calceata), পেফিঅ’পেডিয়াম স্পাইচেৰিয়েনাম (Paphiopedium Spicerianum), টাইনিয়া বাৰবাটা (Tainia Barbata), বাল্ব’ফাইলাম অবেৰিয়েনাম (Bulbophyllum Oberienianum) আদি ৷ অসমৰ কাছাৰ ,কাৰ্বি আংলং, দিহিং পাটকাই, নামবৰ আদি অঞ্চল অৰ্কিডত চহকী বুলি জনা যায়৷ 

কেৱল অসমত পোৱা অৰ্কিড- ফেলেন’পছিছ মাষ্টাৰছি,
(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
অসমত পোৱা অন্যান্য দুষ্প্ৰাপ্য পৰাশ্ৰয়ী অৰ্কিডৰ ভিতৰত উল্লেখযোগ্য হৈছে বাল্ব’ফাইলাম এপ’ডাম (Bulbophyllum apodum), ক্ৰিছ’গ্লছাম আৰনেটাম (Chrysoglossum ornatum), ক্লেইছ’ষ্টমা লিনেৰিল’বেটাম (Cleisostoma linearilobatum), ক্লেইছ’ষ্টমা ছিমণ্ডি (Cleisostoma simondii), চাৰকান্থাছ টেৰেটিফ’লিয়াছ (Sarcanthus teretifolius), ক্লেইছ’ষ্টমা চেইডেনফাডেনি (Cleisostoma seidenfadenii), কটন চেম্পিয়নি (Cotton championii), ডিপ্ল’প্ৰৰা চেম্পিয়নি (Diploprora championii), এৰিয়া ক’নেটা (Eria connata), এৰিয়া ফেৰুজিনিয়া (Eria ferruginea), চাৰক’কিলাছ ক্ৰেপিডিফ’ৰমিছ (Sarcochilus crepidiformis), ইউপ্ৰব’ছিছ পিগমিয়া (Euproboscis pygmaea) থ্ৰিকছস্পাৰনাম ন’টেবাইল (Thrixspermum notabile), থ্ৰিকছস্পাৰনাম পিগমিয়াম (Thrixspermum pygmaeum) ইত্যাদি৷ আপুৰুগীয়া স্থলজ অৰ্কিডৰ ভিতৰত ক’লাবিয়াম চাইনেনছ (Collabium chinense), ইপছিয়া ৰায়ানা (Ipsea wrayana), বাঁহ অৰ্কিড (Arundina graminifolia), কেলেন্থে মাচুকা (Calanthe masuca) আদিয়ে প্ৰধান ৷

অসমত পোৱা এবিধ স্থলজ অৰ্কিড কেলেন্থে মাচুকা
(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
অপৰূপ সৌন্দৰ্য তথা বৈচিত্ৰ্যৰ উপৰিও বহুতো অৰ্কিড প্ৰজাতিৰ বনৌষধি হিচাপেও সমাদৰ আছে৷ অৰ্কিডত থকা ঔষধিগুণ সম্পন্ন এলকালয়ড (alkaloids), ট্ৰিটাৰপেনইডছ (triterpenoids), ফ্লেভনয়ড (flavonoids) আৰু ষ্টিলবেন’ইডছ (stilbenoids) আদি ৰাসায়নিক উপাদানে নানা ৰোগ নিৰাময়ত সহায় কৰে বুলি তথ্য পোৱা গৈছে ৷ উদাহৰণস্বৰূপে, অসমীয়া সমাজত সকলোৰে প্ৰিয় অৰ্কিড কপৌফুলৰ শিপা আৰু ফুল উভয়ৰে ঔষধি গুণ আছে৷ ইয়াৰ শিপা হাড়ৰ বিভিন্ন ৰোগ নিৰাময়ত পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে ৷ তাৰোপৰি কপৌফুলৰ ৰসে জণ্ডিচ, শ্বাসতন্ত্ৰৰ সমস্যা, পেটৰ অসুখ, কাহ, জ্বৰ, বিষ, বাতৰোগ নিৰাময়ত সহায় কৰে বুলিও জনা যায়৷ তেনেদৰে ডেন্দ্ৰ’বিয়াম ক্ৰুমেনেটিভ (Dendrobium crumenative), ইউল’ফিয়া কেম্পেছট্ৰিছ (Eulophia campestris), অৰ্কিছ লেটিফ’লিয়া (Orchis latifolia), ভেণ্ডা ৰক্সবাৰ্ঘি (Vanda roxburghii) আৰু ভেণ্ডা টেছেলাটা (Vanda tessellata) ৰ ঔষধি গুণ সম্পৰ্কেও বৈজ্ঞানিক তথ্য পোৱা গৈছে৷

শেহতীয়াকৈ বহুসংখ্যক অৰ্কিডেই প্ৰাকৃতিক পৰিবেশ ধ্বংস, ঔদ্যোগিকৰণ, প্ৰদূষণ আদিৰ বাবে বিপন্ন হোৱাৰ পথত৷ আই ইউ চি এনৰ ৰঙা তালিকাত বিলুপ্তপ্ৰায় (Endangered) ৰূপে চিহ্নিত কৰা অসমৰ অৰ্কিড প্ৰজাতিসমূহ হ’ল -এপ্লেট’নছ পাফিঅ’পেডিলাম (Appleton’s Paphiopedilum), চাৰ্লছৱৰ্থ পাফিঅ’পেডিলাম (Charlesworth Paphiopedilum), স্পাইচাৰছ পাফিঅ’পেডিলাম (Spicer’s Paphiopedilum) আৰু চাৰ্মিং পাফিঅ’পেডিলাম (Charming Paphiopedilum)৷ তাৰোপৰি এই তালিকাত ৱিল’জ পাফিঅ’পেডিলাম (Villose Paphiopedilum) নামৰ অৰ্কিড বিধকো অসুৰক্ষিত (Vulnerable) ৰূপে গণ্য কৰা হৈছে৷ এই আপুৰুগীয়া অৰ্কিডসমূহৰ স্থিতিৰ সঠিক তথ্য সংগ্ৰহ তথা ইয়াৰ ভাবুকিসমূহৰ নিয়ন্ত্ৰণ কৰি সংৰক্ষণ কৰাটো অতীব প্ৰয়োজনীয় ৷

অসমৰ জৈৱবৈচিত্ৰ্য ৪: বনৌষধি আৰু সুগন্ধি উদ্ভিদ

আধুনিক চিকিৎসা বিজ্ঞানৰ সংস্পৰ্শ পোৱাৰ বহু আগৰে পৰা মানৱ সমাজে প্ৰকৃতিৰ বিভিন্ন তৰু-লতাৰ নানা অংশ ৰোগ নিৰাময়ত ব্যৱহাৰ কৰি আহিছে৷ ৰোগ নিৰাময়ৰ এই পৰম্পৰাগত প্ৰথা ভাৰতবৰ্ষতো অতি প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ আহিছে৷ আধুনিক বিশ্বতো বৰ্তমান এই বনৌষধি সমূহৰ বহুল ব্যৱহাৰ হৈছে আৰু এইবোৰৰ ঔষধি গুণাগুণ সম্পৰ্কে নিত্য নতুন তথ্য পোৱা গৈছে৷ ফলত ইয়াকে কেন্দ্ৰ কৰি বৰ্তমান বিশ্বত বনৌষধি আৰু সুগন্ধি উদ্ভিদৰ এক ক্ৰমবৰ্ধমান বাণিজ্য গা কৰি উঠিছে৷


ভাৰতত পোৱা বনৌষধিৰ সংখ্যা সঠিককৈ জনা নাযায় যদিও পৰম্পৰাগত চিকিৎসা পদ্ধতিত ব্যৱহাৰ হৈ অহা বনৌষধি ৩০০০-৮০০০ বিধ প্ৰজাতি বুলি ঠাৱৰ কৰা হয়৷ ভাৰতৰ ছটা পৰম্পৰাগত চিকিৎসা পদ্ধতি যেনে, আয়ুৰ্বেদ, হোমিঅ’পেথি অদিকে ধৰি অন্যান্য প্ৰকাশিত গৱেষণাপত্ৰৰ পৰা যুগুতোৱা ভাৰতীয় বনৌষধিৰ তথ্যভাণ্ডাৰত বৰ্তমানলৈ ৭২৬৩ বিধ বনৌষধিৰ উল্লেখ আছে৷ অৱশ্যে ভাৰতবৰ্ষত পোৱা প্ৰায় ৪৫,০০০ উদ্ভিদৰ ভিতৰত ৩৫,০০০ ত কৈও অধিক উদ্ভিদ ঔষধি গুণসম্পন্ন বুলি দাবী কৰা হয় আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ৰোগ নিৰাময়ৰ বাবে এনে বনৌষধিৰ ব্যৱহাৰ হয়৷

জৈব-বৈচিত্ৰ্যৰ এক ’হট স্পট’ উত্তৰ-পূৰ্বাঞ্চলৰ বনৌষধি তথা সুগন্ধি উদ্ভিদ সম্পৰ্কে বৈজ্ঞানিক তথ্য সীমিত ৷ কিন্তু প্ৰাচীন কালৰে পৰা অসমৰ থলুৱা ৰাইজে পৰম্পৰাগতভাৱে নানা বনৌষধিৰ ব্যাপকভাৱে ব্যৱহাৰ কৰি আহিছে৷ ইয়াৰে কিছু সংখ্যকৰ ঔষধি গুণাগুণ বৈজ্ঞানিকভাৱে প্ৰমাণিত যদিও অনেক উদ্ভিদ সম্পৰ্কে বৰ্তমানো বৈজ্ঞানিক তথ্য তেনেই সীমিত৷

এবিধ উল্লেখযোগ্য বনৌষধি-ব্ৰাহ্মীশাক
অসমীয়া নিত্যনৈমিত্তিক খাদ্যৰ অন্তৰ্ভুক্ত প্ৰায়বোৰ শাক-পাচলি ঔষধি গুণসম্পন্ন বুলি তথ্য পোৱা যায়৷ উদাহৰণস্বৰূপে, পিয়াঁজ (Allium ascalonicum) দাঁতৰ বিষত, নহৰু (Allium sativum) উচ্চ ৰক্তচাপ, বহুমূত্ৰ, গেষ্ট্ৰিক আদিৰ নিয়ন্ত্ৰণত  ভোট জলকীয়া (Capsicum chinense) পেটৰ নানা সমস্যা নিৰাময়ত ব্যৱহাৰ হয়৷ তেনেদৰে, বৰ-কচু (Alocasia macrorrhiza) আঁঠুৰ যোৰাৰ বিষত, কোমোৰা (Benincasa hispida) মূত্ৰনলীৰ সংক্ৰমণ (infections), বৃক্কৰ পাথৰ, বদহজমৰ সমস্যাত,অমিতা (Carica papaya) অজীৰ্ণতা, কৌষ্ঠকাঠিন্য, ছালৰ ৰোগ আদিত, ঔটেঙা (Dillenia indica) গ্ৰহণী, জ্বৰ, চুলিৰ নানা সমস্যা আদিত, জাতি লাউ (Lagenaria vulgare) হৃদৰোগ, কৌষ্ঠকাঠিন্য, বৃক্কৰ ৰোগত, তিতা কেৰেলা (Momordica charantia) গ্ৰহণী, জ্বৰ, পেটৰ অন্যান্য ৰোগ নিৰাময়ত আৰু ভাত কেৰেলা (Momordica cochinchinensis) বৃক্কৰ পাথৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়৷ সেউজীয়া শাকৰ ঔষধি গুণ সৰ্বজনবিদিত অসমীয়া খাদ্যত সহজলভ্য এনে বনৌষধি শাক কিছুমানৰ উল্লেখযোগ্য ব্যৱহাৰ হ’ল, বৰ মানিমুনি (Centella asiatica) তেজৰ বিশুদ্ধিকৰণত, জিলমিল শাক (Chenopodium album) পেটত বিষ নিৰাময়ত, ব্ৰাহ্মীশাক (Bacopa monnieri) মৃগীৰোগ, কাহ, জ্বৰ, বহুমূত্ৰ আদি ৰোগ নিৰাময় আৰু সঞ্জীৱনীদায়ক (rejuvinative), মছন্দৰী (Houttuynia cordata) এলাৰ্জী উপশমত, দোৰোণ (Leucas aspera) যকৃতৰ ৰোগ, মূৰৰ বিষ, আভোক আদিত আৰু পদিনা (Mentha viridis) গ্ৰহণী নিৰাময়ত সহায় হয় বুলি জনা যায়৷ অন্যান্য শাক-পাচলি ৰূপে অসমীয়া সমাজত বহুলভাৱে ব্যৱহৃত বনৌষধি কিছুমান হৈছে, তেজপাত (Cinnamomum tamala), চজিনা (Moringa oleifera), আদা (Zingiber officinale) , জালুক (Piper nigrum), ডালচেনি (Cinnamomum zeylanicum), কোটাহী বেঙেনা ( Solanum phasianum) আদি৷ 

অন্য কিছুমান উদ্ভিদ মূলত: ঔষধি গুণৰ বাবেই অসমত খাদ্য হিচাপে গ্ৰহণ কৰা হয় ৷ উদাহৰণস্বৰূপে, বগা বাহক (Adhatoda vasica) কাহ আৰু এলাৰ্জীৰ সমস্যাত, চালকুৱঁৰী (Aloe barbadensis) জুয়েপোৰা আঘাত উপশম আৰু পেটৰ সমস্যাত, দূপৰ টেঙা (Kalanchoe pinnata) বৃক্কৰ পাথৰ, গ্ৰহণীকে ধৰি পেটত অসুখ, জণ্ডিচ, জ্বৰ আদিত আৰু মহানিম (Azadirachta indica) ছাল আৰু পেটৰ ৰোগ আদিত ব্যৱহাৰ হয় ৷ তাৰোপৰি শুকলতি (Perilla ocimoides), বিয়নীসাবটা (Desmodium laxiforum) , বন্দৰ কেকোঁৱা (Mucuna prurita), বচ গছ (Acoras calamus), চতিয়না (Alstonia scholaris), দূবৰি বন (Cynodon dactylon), যমলাখুটি (Clerodendron siphonanthus), নিলাজীবন (Mimosa pudica) আদিও অসমত পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ অহা বনৌষধি৷ এই বনৌষধি সমূহৰ বিভিন্ন অংশ যেনে, শিপা, পাত, কাণ্ড, ফল আদি ৰোগ নিৰাময়ত ব্যৱহাৰ হয়৷ 

তেনেদৰে অসমত থলুৱাভাৱে পোৱা ফল-মূলসমূহেও নানা ৰোগ নিৰাময়ত সহায় কৰে৷ বেল (Aegle Marmelos) গ্ৰহনী, অৰ্শ, জ্বৰ, জণ্ডিচ আদিত , মাটিকঁঠাল (Ananas comosus) জুয়েপোৰা আঘাত উপশমত, আতলচ (Annona squamosa) তেজত শৰ্কৰাৰ পৰিমাণ কমাবলৈ , কঁঠাল (Artocarpus integrifolia) মূৰৰ বিষ, বহুমূত্ৰ, এজমা, জ্বৰ, মৃগীৰোগ আদিত , কৰ্দৈ (Averrhoa carambola) হজমশক্তি বৃদ্ধি কৰিবলৈ, কোমোৰা (Benincasa hispida) মূত্ৰনলীৰ সংক্ৰমণ, বৃক্কৰ পাথৰ, অজীৰ্ণতা আদিৰ নিৰাময়ত, কলা-জামু (Eugenia jambolana) বহুমূত্ৰ, অজীৰ্নতা, উচ্চ ৰক্তচাপ আদি নিয়ন্ত্ৰণত, ডিমৰু (Ficus glomerata) যকৃতৰ সমস্যাত , আখৰুট (Juglans regia) আঘাত, আঁঠুৰ যোৰাত বিষ আদিত ব্যৱহাৰ কৰা হয়৷ অন্যান্য ঔষধি গুণসম্পন্ন ফল-মূল হৈছে, জুতুলীপকা (Rubus moluccanus) , কেঁহৰাজ (Eclipta alba), শিলিখা (Teminalia chebula), আমলখি (Phyllanthus emblica) ইত্যাদি ৷

কিছুসংখ্যক ফুলৰ প্ৰজাতিও অসমত বনৌষধি হিচাপে ব্যৱহৃত হয়৷ উদাহৰণস্বৰূপে, শেৱালি (Nyctanthes arbortristis) কাহ, মেলেৰিয়া, পেলু, জ্বৰ, বহুমূত্ৰ ৰোগ নিৰাময়ত, সোণাৰু (Cassia fistula) মুখৰ ঘাঁ, গ্ৰহণী, কাহ, পেটৰ বিষত, বকুল (Mimusops elengi) জ্বৰ, দাঁতৰ বিষত উপশমৰ বাবে অসমীয়াই ব্যৱহাৰ কৰে৷ অন্যান্য বনৌষধি ফুলৰ ভিতৰত শতমূল (Asparagus racemoses), জবা (Hibiscus rosa sinensis), মদাৰ (Erythrina indica), নয়নতৰা (Vinca rosea), ধঁতুৰা (Datura stragmonium) আদি প্ৰধান৷ 

প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা থকা সুগন্ধি উদ্ভিদ পাছাউলি
প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা সম্পন্ন অসমৰ সুগন্ধি উদ্ভিদসমূহৰ ভিতৰত অৰ্জুন গছ , পাছাউলি,গান্ধ বিৰিণা, অগৰ, নেমু ঘাঁহ আদি উল্লেখযোগ্য ৷ পাছাউলি (Patchouli) এবিধ জোপোহা তৃণজাতীয় সুগন্ধি উদ্ভিদ (aromatic herb) য’ৰ পৰা সুগন্ধি তেল নিষ্কাষণ কৰা হয়৷ ইয়াৰ সুগন্ধৰ বাবে পাৰফিউম, চাবোন, প্ৰসাধন সামগ্ৰী আৰু অন্যান্য সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰাত ইয়াৰ বহুল ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি এই তেলে হতাশাৰোধক (anti depressent) হিচাপে আৰু আঘাত উপশমতো সহায় কৰে৷ সমগ্ৰ বিশ্বতে পাছাউলিৰ উৎপাদন বাৰ্ষিক প্ৰায় ২০০০ টন বুলি জনা যায় ৷ তেনেদৰে চিত্ৰনেলা (Cymbopogon winterianus)-ৰ পৰা নিষ্কাষিত তেলত চিত্ৰনেলেল (citronellal), জেৰানিয়ল (geraniol), হাইড্ৰক্সি চিত্ৰনেলল (hydroxy citronellol) আদিয়ে সুগন্ধ প্ৰদান কৰে৷ সেয়ে ইয়াৰ তেল চাবোন, ডিটাৰজেন্ট, প্ৰসাধন সামগ্ৰী, ধূপ আদি সুগন্ধি কৰি তুলিবলৈ ব্যৱহাৰ কৰা হয়৷ নেমু ঘাঁহ (Cymbopogon flexuosus) অসমত পোৱা অন্য এবিধ সুগন্ধি ঘাঁহ৷ ইয়াত চাইত্ৰেল (citral ) নামৰ এক চাইক্লিক ম’ন’টাৰপিন (cyclic monoterpene) থাকে যি ঘাঁহবিধক নেমুৰ দৰে এক সুগন্ধি প্ৰদান কৰে৷ এই নেমু ঘাঁহৰ পৰা প্ৰস্তুত কৰা নেমু ঘাঁহ তেল প্ৰসাধন সামগ্ৰী, পাৰফিউম আৰু পানীয়ত সুগন্ধ আনিবলৈ ব্যৱহাৰ কৰা হয়৷ সমগ্ৰ বিশ্বতে বছৰি প্ৰায় ১৩০০ মেট্ৰিকটন নেমু ঘাঁহ ব্যৱহৃত হয়৷ অসমত পোৱা অন্যান্য সুগন্ধি উদ্ভিদৰ ভিতৰত গান্ধ বিৰিণা (Vetiveria zizanioides)-ৰ শিপাৰ তেল আৰু সুগন্ধমন্ত্ৰী (Homalomena aromatica) ৰ সুগন্ধি ৰাইজ’ম চাবোন, প্ৰসাধন সামগ্ৰী, পান মছলা, ধূপ আদি প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হয়৷ গান্ধ বিৰিণাৰ শামক গুণ (cooling properties) থকা বুলিও জনা যায়৷ অসমৰ বৰাক উপত্যকাৰ পৰা প্ৰতিবছৰে প্ৰায় ৪০০ মেট্ৰিক টন সুগন্ধমন্ত্ৰীৰ ৰাইজ’ম ভাৰতৰ বিভিন্ন অঞ্চললৈ যায় ৷ অসমৰ অগৰ (Aquilaria agallocha) তেলৰো ব্যৱহাৰ আৰু বিনিয়োগৰ সম্ভাৱনা অনেক৷ ইয়াৰ দীৰ্ঘসময় অক্ষুণ্ণ থকা সুগন্ধৰ বাবে অগৰ অত্যাধিক মূল্যৰ পাৰফিউমত বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ 

অসমৰ জৈৱবৈচিত্ৰ্য ৩: কীট-পতংগৰ বৈচিত্ৰ্য আৰু ব্যৱহাৰ

বাৰিষা অ’ত ত’ত দীঘলীয়া বাট গঢ়া পৰুৱাৰ লানিৰ পৰা, তীক্ষ্ণ মাতেৰে সন্ধিয়াবোৰ মুখৰ কৰি তোলা জিলিটো, কণমান পোহৰ কঢ়িয়াই অন্ধকাৰ আঁতৰাব খোঁজা জোনাকী পৰুৱাবোৰ, ফুলৰ মৌ চুহি উৰি ফুৰা ৰং-বিৰঙী পখিলা, খেতি-পথাৰত উপদ্ৰৱ কৰা অনিষ্টকাৰী পতংগবোৰলৈকে অসমীয়াৰ নিত্যনৈমিত্তিক জীৱনত সৰু-বৰ ভালেসংখ্যক কীট-পতংগ ওত:প্ৰোতভাৱে জড়িত হৈ আছে ৷ এনে উপকাৰী কীট-পতংগ অসমীয়া ৰাইজে বিভিন্ন উপায়েৰে ব্যৱহাৰ কৰি লাভৱান হৈছে ৷ তেনেদৰে অনিষ্টকাৰী পতংগ নিয়ন্ত্ৰণৰো বিভিন্ন ব্যৱস্থা হাতত লৈছে ৷

কীট-পতংগবোৰ অমেৰুদণ্ডী সন্ধিপদী প্ৰাণী ৷ ইহঁতৰ মূল বৈশিষ্ট হৈছে, তিনিটা অংশত বিভক্ত দেহ (মূৰ, বক্ষ আৰু পেট), তিনিযোৰ ঠেং আৰু এযোৰ এন্টিনা (antennae) ৷ বৈচিত্ৰ্যতাৰ ফালৰ পৰা সমগ্ৰ বিশ্বৰে মুঠ জীৱৰ আধাতকৈ অধিক প্ৰজাতি কীট-পতংগ৷ কীট-পতংগৰ ২৪ টা বৰ্গৰ ভিতৰত আটাইতকৈ বেছি প্ৰজাতি থকা বৰ্গসমূহ হৈছে- গুবৰুৱাজাতীয় পতংগ (Beetles, বৰ্গ- Coleoptera), মাখিজাতীয় পতংগ (Fly, বৰ্গ-Diptera) , বৰল (wasps), মৌমাখি (bees) আৰু পৰুৱা (ants) (বৰ্গ-Hymenoptera) আৰু সকলো পখিলা ( বৰ্গ- Lepidoptera) ৷ ১৯৯১ চনৰ জুল’জিকেল চাৰ্ভে অব ইণ্ডিয়াৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ ৯৮,৩৭৪৪ টা কীট-পতংগৰ প্ৰজাতিৰ ভিতৰত ভাৰতত ৬০,৩৮৩ টা প্ৰজাতি অৰ্থাৎ বিশ্বৰ প্ৰায় ৬.১৩% বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে৷ ইয়াৰে কিমান সংখ্যক অসমত পোৱা যায় সেয়া সঠিককৈ ক’ব পৰা নাযায়৷ 

উত্তৰ-পূৰ্বাঞ্চৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অসমতো কীট-পতংগ খাদ্য হিচাপে গ্ৰহণ কৰা হয়৷ সমগ্ৰ বিশ্বতে প্ৰায় ২০০০ বিধমান কীট-পতংগৰ প্ৰজাতি খাদ্য হিচাপে গ্ৰহণ কৰা হয়৷ অসমৰ বিভিন্ন জনজাতিৰ লোকে পানীত থকা জায়েন্ট ৱাটাৰ বাগ (Lethocercus indicus), জিলি (House cricket), মৌমাখি (honey bee brood), ফৰিং (grasshopper) আদি খায়৷ এৰী (Eri silkworm) আৰু মুগা (Muga Silkworm) পলু মিচিং জনজাতীয় লোকৰ প্ৰিয় খাদ্যৰ অন্তৰ্ভুক্ত৷ আহোম সম্প্ৰদায়ৰ লোকে বিহুৰ সময়ত আমৰলি পৰুৱা (Red tree ants, বৈজ্ঞানিক নাম-Oecophylla smargdina) খোৱাৰ নিয়ম৷ তেনেদৰে অসমৰ বিভিন্ন অঞ্চলত পৰম্পৰাগতভাৱে খাদ্য হিচাপে গ্ৰহণ কৰি অহা অন্যান্য কীট-পতংগ হৈছে, Dorylus orientalis, Acheta domestica, Lethocercus indicus, Odontotermes obesus, Apis indica, Vespa orientalis, Hydrochara rickseckeri, Heiroglyphus bannian, Neoconocephalus palustris, Philosomia ricini, Anthera assama , Bombyx mori ইত্যাদি ৷ 

অসমত খোৱা এবিধ পতংগ-জায়েন্ট ৱাটাৰ বাগ
খাদ্য হিচাপে গ্ৰহণ কৰা এই কীট-পতংগসমূহ ঔষধি গুণসম্পন্ন বুলি জনা যায়৷ কীট-পতংগসমূহ প্ৰটিন, শৰ্কৰা, লোণ আৰু ভিটামিনেৰে সমৃদ্ধ হৈ থাকে৷ লেটাসমূহত পটেছিয়াম, জিংক আদিকে ধৰি ভালেসংখ্যক ৰাসায়নিক উপাদান থাকে৷ অসমত খোৱা বৰল (Vespa orientalis) কাহ,পানীলগা, পেটৰ বিভিন্ন ৰোগত, Eumenes petiolatus নামৰ পোকবিধ মূৰৰ বিষ আৰু জুয়েপোৰা আঘাত উপশমত ব্যৱহাৰ হয়৷ তেনেদৰে আমৰলি পৰুৱাত থকা ফ’ৰমিক এচিডে সৰু আই, দাঁতৰ বিষ, পেটৰ সমস্যা, ৰক্তচাপৰ সমস্যা আদি নিৰাময়ত সহায় কৰে বুলি ধাৰণা কৰা হয়৷ 

খাদ্যৰ উপৰিও কীট-পতংগৰ অন্য ব্যৱহাৰো আছে৷ উদাহৰণস্বৰূপে, উইঁহাফলু (Termite) অসমীয়া ৰাইজে মাছৰ খাদ্য হিচাপে ফিছাৰি সমূহত ব্যৱহাৰ কৰে৷ মুগা, পাট আৰু এৰীপলু ৰ পৰা সূতা উলিয়াই অসমীয়া পৰম্পৰাগত সাঁজ তৈয়াৰ কৰা হয়৷

অসমৰ জৈৱবৈচিত্ৰ্য ২: সৰীসৃপ

অসমৰ ভৌগোলিক অৱস্থান আৰু বাসস্থানৰ ভিন্নতাৰ বাবে ইয়াৰ সৰীসৃপ প্ৰজাতিও বৈচিত্ৰ্যপূৰ্ণ ৷ নৈ-বিল, ঘাঁহনি, বনাঞ্চলকে ধৰি মানুহৰ বাসস্থানৰ আশে-পাশেও অনেক প্ৰকাৰৰ সৰীসৃপ প্ৰাণী দেখা পোৱা যায়৷ তথ্য অনুসৰি, অসমত এবিধ ঘঁৰিয়াল, ১৯ বিধ কাছৰ প্ৰজাতি , ৭৭ বিধ সাপ আৰু অনেক প্ৰকাৰৰ জেঠীজাতীয় সৰীসৃপ পোৱা যায়৷


ঐতিহাসিকভাৱে ঘঁৰিয়াল (Gharial gangeticus) অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈত আৰু ইয়াৰ প্ৰায়বোৰ উপনৈত পোৱা গৈছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে৷ আই ইউ চি এনৰ ৰঙা তালিকাতো এই প্ৰাণীবিধক বিপদজনকভাৱে সংকটাপন্ন (critically endangered) বুলি চিহ্নিত কৰা হৈছে ৷ ২০১০ চনৰ এক গৱেষণাৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত ঠাইবিশেষে ঘঁৰিয়াল পোৱা যায়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য অঞ্চল হৈছে, লখিমপুৰৰ সোৱণশিৰি নৈ, বৰাক উপত্যকাৰ ধলেশ্বৰী নৈ, গোৱালপাৰাৰ উৰপড বিল (Urpod beel), লক্ষীপুৰৰ জিঞ্জিৰাম নৈ, বৰপেটাৰ বেঁকী নৈ ইত্যাদি৷ 

অসমৰ এবিধ বিলুপ্তপ্ৰায় কাছ বাঘিয়া কাছ(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
কাছৰ প্ৰজাতিও অসমৰ নৈ-পুখুৰী আৰু আদ্ৰভূমিসমূহত উভৈনদী৷ তথ্য অনুসৰি ভাৰতত পোৱা ২৯ বিধ মিঠাপানীৰ কাছ (freshwater turtles and tortoises) ৰ ভিতৰত ২১ বিধ উত্তৰ-পূৰ্বাঞ্চলতে পোৱা যায় ৷ ইয়াৰে ভালেসংখ্যক ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু হিমালয়ৰ পাদদেশত বাস কৰে ৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নদী অববাহিকাক কাছৰ সংৰক্ষণৰ দিশত বিশ্বৰ ভিতৰতে অতি গুৰুত্বপূৰ্ণ স্থান (world’s highest priority freshwater turtle conservation area) বুলি চিহ্নিত কৰা হৈছে ৷ অসমত দেখা পোৱা কাছৰ প্ৰজাতিৰ ভিতৰত উল্লেখযোগ্য হৈছে, চকৰি কাছ (Peacock Softshell Turtle Bor), বৰ কাছ (Black Softshell Turtle), লাউমূৰা কাছ (Indian Softshell Turtle), বাঘিয়া কাছ (Narrow headed Softshell Turtle), হালধীয়া ফুটুকী কাছ (Indian Flapshell Turtle), শালিকা দুৰা (Assam Roofed Turtle), ফুটুকী শালিকা দুৰা (Indian Roofed Turtle), মূগা দুৰা (Brown Roofed Turtle), নল দুৰা Spotted Pond Turtle), বৰ দুৰা(Crowned River Turtle), পাহাৰীয়া দুৰা বা শিল দুৰা Tricarinate Hill Turtle), জাপ দুৰা (Malayan Softshell Turtle), চেপেটা দুৰা (Indian Leaf Turtle), পাহাৰী জাপ দুৰা (Keeled Box Turtle) ইত্যাদি৷ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰকাৰৰ কাছৰ এক উল্লেখযোগ্য বাসস্থান৷ ইয়াত পোৱা পাহাৰী জাপ দুৰা  বাঘিয়া কাছ আদি আই ইউ চি এন তালিকাত সংকটাপন্ন হিচাপে চিহ্নিত কৰা হৈছে ৷ কিন্তু অসমৰ এই বিভিন্ন প্ৰকাৰৰ কাছবোৰ ব্ৰহ্মপুত্ৰত মাছ ধৰোঁতে একেলগে পাই বহুতে চোৰাংচিকাৰীৰ হাতত গতাই দিয়ে বুলি জনা যায় ৷ ফলস্বৰূপে এনে আপুৰুগীয়া কাছৰ প্ৰজাতিসমূহ বৰ্তমান সংকটৰ মুখামুখি হৈছে৷

অসমত পোৱা বিভিন্ন সাপৰ ভিতৰত ঢোঁৰা সাপ (checkered keelback), গুৱলা সাপ (Milk snake), শঁকা সাপ (Banded krait), চকৰিফেঁটী সাপ (Monocled cobra ), ৰাজফেঁটী সাপ (King Cobra), অজগৰ সাপ (Asiatic Python), সৰু-খন্তীয়া সাপ (Brahminy Blindsnake), কাৰ্শলা সাপ (Bronzeback Tree Snake), মচোৱা গোম সাপ (Oriental Ratsnake), বৰ-খন্তীয়া সাপ (Diard’s Blind Snake), শালিকা ঠোঁটিয়া সাপ (Short-nosed Vine Snake), বামুণী সাপ (Buff-Striped Keelback), ধুন্দুলী ফেঁটীসাপ (Copper-headed Trinket Snake), সুন্দৰী সাপ (Ornate Flying Snake), মেনী সাপ (Smooth Water Snake), মালীবৰ সাপ (Common Wolf Snake), বগাপতীয়া খুকুৰী সাপ (White-barred Kukri Snake), শামুক খোৱা সাপ (Assam Snail Eater), বাটৰাজ সাপ (Red-necked Keelback), লাওডোগা সাপ (White-lipped Pit Viper ), সৰু পৰ্বতীয়া ভাইপাৰ (Mountain Pit Viper), ডাঙৰ পৰ্বতীয়া ভাইপাৰ (Jerden's Pit Viper), হালধীয়া ভাইপাৰ (White-lipped Pit viper), শংখচূড় (Banded Krait), চকৰি ফেঁটি (Monocellate cobra) আদিয়ে প্ৰধান ৷ ইয়াৰে, সৰু-খন্তীয়া সাপ (Brahminy Blind Snake), বৰ-খন্তীয়া সাপ (Diard's Blind Snake), অজগৰ (Burmese Python), ঢোঁৰা (Checkered Keelback), মচোৱা গোম, কালডাৰাইছ (Indian Rat Snake), বামুনী সাপ, জুনিয়া (Striped Keelback), ধুন্দলী ফেঁটী, দুধৰাজ,বাতৰাজ, নিলাজীগোম (Copper-headed Trinket), কৰ্শলা,কাণশলকা, এছাৰি (Painted Bronzeback), খুকুৰি সাপ (White-barred Kukri Snake), মৰালি, মাল্লিবৰ (Common Wolf Snake), শামুক খোৱা সাপ (Assam Snail Eater) আদি বিষহীন সাপ৷ নকলি ভাইপাৰ (Common Mock Viper), লতাসাপ, বেজীমুখি, পাতসাপ, শালিকা ঠোঁটিয়া সাপ, গকুল মেকুৰী সাপ (Eastern Cat Snake), কলপতীয়া মেকুৰী সাপ (Green Cat Snake), সুন্দৰী সাপ, কালনাগিনী, উৰণীয়া সাপ (Ornate Flying Snake), গেমেটীয়া ঢোঁৰা (Common Water Snake), পাহাৰী বাটচুপা (Himalayan Keelback), বাটচুপা (Red-necked Keelback) আদি সামান্যভাৱে বিষাক্ত সাপ৷ সাপক কেন্দ্ৰ কৰি অসমীয়া সমাজত থকা অন্ধবিশ্বাসসমূহৰ বাবে বছৰি বহুসংখ্যক সাপ মানুহৰ আক্ৰমণৰ চিকাৰ হয় ৷ সাপৰ সংৰক্ষণৰ বাবে ৰাইজৰ মাজত এইসম্পৰ্কীয় শুদ্ধ তথ্যৰ প্ৰচাৰ আৰু সংৰক্ষণৰ গুৰুত্বৰ বাবে সচেতনতা অনাৰ প্ৰয়োজন৷

অসমত পোৱা এবিধ বিষহীন সাপ-শামুক খোৱা সাপ  (ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)

Monday 29 June 2015

অসমৰ জৈৱবৈচিত্ৰ্য ১: চৰাই-চিৰিকটি

জৈব-বৈচিত্ৰত চহকী অসম নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ এক অপূৰ্ব বিচৰণভূমি| তথ্য অনুসৰি, ভাৰতবৰ্ষত পোৱা চৰাইৰ প্ৰজাতিসমূহৰ প্ৰায় ৫৩%, অৰ্থাৎ ছশৰো অধিক চৰাই-চিৰিকটি অসমত দেখা পোৱা যায় (Environmental Information System (ENVIS), Assam)| আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) প্ৰজাতিসমূহৰ মুঠ আৱাদী, আৱাদী হ্ৰাসৰ হাৰ, ভৌগলিক বিতৰণ, বিতৰণৰ বিচ্ছিন্নতা তথা সংৰক্ষণৰ গুৰুত্ব অনুসৰি প্ৰস্তুত কৰা ৰঙা তালিকা (IUCN Red List of Threatened Species) ত অসমত দেখা পোৱা কিছুসংখ্যক চৰায়েও স্থান পাইছে| এই সমূহৰ ভিতৰত হাড়গিলা (Greater Adjutant), পাতি শগুণ (White-rumped Vulture), ৰজা শগুণ (Red-headed Vulture), উলূম’ৰা (Bengal Florican) আদি উল্লেখযোগ্য|


অসমত দেখা পোৱা কেইবিধমান আপুৰুগীয়া চৰাই



দেওহাঁহ (White-winged Wood Duck): এই আপুৰুগীয়া তথা বিৰল প্ৰজাতিৰ হাঁহবিধক অসমৰ জাতীয় চৰাই ৰূপে জনা যায়| এই হাঁহবিধৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়৷ ২০০২ বৰ্ষৰ এটা সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে মাঁথো মুঠ ৮০০ মান দেওহাঁহ আছে ৷ ইয়াৰে ৪৫০ টা দেওহাঁহ ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ ত আছে৷ ভাৰতবৰ্ষত বৰ্তমান দেওহাঁহ কেৱল অসম তথা অৰুণাচলত পোৱা যায়৷ অসমত দেওহাঁহ দেখা পোৱা প্ৰধান সংৰক্ষিত বনাঞ্চল কেইখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান৷ 
অসমৰ জাতীয় চৰাই দেওহাঁহ

 ই মূলতঃ চিৰসেউজীয়া বা পৰ্ণপাতী বনাঞ্চলৰ বন্ধ বা কম সোঁতৰ পানী থকা প্ৰাকৃতিক তথা কৃত্ৰিম জলাশয়ত বাস কৰে৷ ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বনাঞ্চল ধ্বংস, দেওহাঁহৰ কণী, মাংস তথা অন্যন্য ব্যৱহাৰৰ বাবে কৰা চোৰাংচিকাৰ আদিৰ ফলশ্ৰুতিত দেওহাঁহৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে৷ বৰ্তমান এই প্ৰজাতিটোক আই ইউ চি এন ৰঙা তালিকা (IUCN Red List) অনুসৰি বিলুপ্তপ্ৰায় (Endangered) গোটত অন্তৰ্ভুক্ত কৰা হৈছে৷


হাড়গিলা (Greater Adjutant): হাড়গিলা বগলী জাতীয় এবিধ বৃহৎ আকাৰৰ চৰাই৷ হাড়গিলাৰ মূৰটো নোমহীন আৰু ডিঙিত এটা বৈশিষ্ট্যপূৰ্ণ টোপোলা (neck pouch) থাকে ৷ ইহঁতে মিলিটেৰী আৰ্হিত দিয়া খোজৰ লগত সাদৃশ্য ৰাখি ইয়াৰ ইংৰাজী নামটো উদ্ভৱ হৈছে৷ হাড়গিলা এবিধ সৰ্বভক্ষী (omnivorous) চৰাইৰ প্ৰজাতি৷ ইহঁতক প্ৰায়ে জাৱৰৰ দ'মত দেখা যায়, ই তাৰ পৰা মানুহ বা অন্য জীৱ-জন্তুৰ মল খাই জীয়াই থাকে৷ জলাশয় সমূহ শুকাই যোৱাৰ ফলত বাহ সজাৰ আৰু চৰাৰ স্থানৰ অভাৱত তথা প্ৰদুষণ আদিৰ প্ৰভাৱত হাড়গিলাৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে৷ পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা হ্ৰাস পাই মাত্ৰ দুটা প্ৰজনন কাৰী গোটহে বাকী ৰৈছেগৈ| তাৰে এটা ভাৰতৰ অসমত আৰু আনটো কম্বোডিয়াত আছে৷ বৰ্তমান আই ইউ চি এন ৰঙা তালিকাত ইয়াক সংকটাপন্ন প্ৰজাতি ( Endangered) বুলি আখ্যা দিয়া হৈছে৷


বৰশৰালি (Fulvous Whistling Duck):বৰশৰালি এবিধ স্থানীয় হাঁহৰ প্ৰজাতি৷ ৷ বৰশৰালিৰ ঠোঁট দীঘল আৰু মুগা বৰণৰ, মূৰ দীঘল আৰু ডেউকা গাঢ় মুগা বৰণৰ হয়৷ ইয়াৰ নেজ আৰু ডেউকাৰ অংশবিশেষ ৰঙচুৱা (chestnut) আৰু নেজৰ ওপৰভাগত বগা আঁচ দেখা যায়৷ বৰশৰালিয়ে ঘাইকৈ ধাননি, জলচৰ উদ্ভিদেৰে পূৰ্ণ জলাশয় আদিত চৰে৷ ই ধাননি পথাৰত বাহ সাজে৷ বৰশৰালিয়ে নিশাৰ ভাগত ধান, গুটি বা অন্যান্য উদ্ভিদৰ সন্ধান কৰে আৰু বৃহৎ গোটত বাস কৰে৷ ই এবিধ হুলস্থুলীয়া হাঁহৰ প্ৰজাতি বুলি খ্যাত৷


ৰজা শগুণ (Red-headed Vulture): ই এটা মধ্যমীয়া আকাৰৰ শগুণৰ প্ৰজাতি৷ ৰজা শগুণ পূৰ্বতে ভাৰত আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত আছিল যদিও যদিও পৰৱৰ্ত্তী কালত বিশেষকৈ ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইয়াৰ ৯৯.৯% জনসংখ্যা মৃত্যুমুখত পৰে৷ ফলস্বৰূপে এসময়ত উভৈনদীকৈ পোৱা এই চৰাইবিধৰ জনসংখ্যা বৰ্তমান বিলুপ্তিৰ পথত৷ ২০০৭ চনত আই ইউ চি এনে ইয়াক বিপদজনক ভাৱে সংকটাপন্ন (Critically Endangered) প্ৰজাতি বুলি ঘোষণা কৰে৷ ভাৰতত বহুলভাৱে ব্যৱহাৰ কৰা ডাইক্ল'ফেনেক (Diclofenac) নামৰ পশুচিকিৎসাৰ ঔষধ বিধকে ইয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ বাবে জগৰীয়া কৰা হয়৷ গৰুৰ বাবে ব্যৱহাৰ কৰা এই ঔষধবিধ গৰু মৰাৰ পিছতো মৰাশত থাকি যায় আৰু শগুণে যেতিয়া এনে মৰাশ ভক্ষণ কৰে তেতিয়া বৃক্ক নিস্ক্ৰিয় হৈ শগুণবোৰ মৃত্যুমুখত পৰে৷ ৰঙাশগুণৰ সংৰক্ষণৰ বাবে বিভিন্ন ঠাইত ইয়াৰ কৃত্ৰিম প্ৰজনন (captive-breeding), পুনৰ সংস্থাপন আৰু কৃত্ৰিমভাৱে ৰেষ্টোৰা (vulture restaurant) আদিৰ ব্যৱস্থা কৰা হৈছে৷


এই আপুৰুগীয়া চৰাইসমূহৰ উপৰিও শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈ পৰিভ্ৰমী চৰাইৰো সোঁত বয়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল, ধৃতিৰাজ (Bar-headed Goose) নামৰ বনৰীয়া হাঁহবিধ৷ ধৃতিৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ অবিশ্বাস্য হ’লেও 
অসমলৈ অহা বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ আৰু সৰ্বোচ্চ
 উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই ধৃতিৰাজ

 সঁচা যে এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ অসমলৈ অহা অন্যান্য পৰিভ্ৰমী চৰাইৰ ভিতৰত বিভিন্ন হাঁহৰ প্ৰজাতি যেনে, দীঘলনেজীয়া (Northern Pintail), চাকৈ-চকোৱা (Ruddy Shelduck), কলীমূৰী হাঁহ (Common Teal), খন্তীয়া হাঁহ (Northern Shoveller) আৰু অন্যান্য চৰাই যেনে, বগা বালিমাহী (White Wagtail), বগাঢেৰা (Great White Pelican),বৰবালি বগুৱা (Wood Sandpiper) লৰীয়তী (Marsh Sandpiper), ৰামপৰা (Brown-headed Gull), গলমণিকা নাচনী (Red-throated Flycatcher) আদি উল্লেখযোগ্য৷ 

অসমত দেখা পোৱা অন্যান্য চৰাইৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ফেঁচা, ধনেশ, বাঢ়ৈটোকা, বতাহী, ভাটৌ, হাইঠা, শেন, সখিয়তী, বাৰীসুন্দৰী, চাতক, বালিমাহী, টুনি আদিয়ে প্ৰধান| বাৰেৰহণীয়া ৰং, সুললিত কন্ঠ আৰু মানুহৰ সৈতে অভিযোজিত হৈ বাস কৰিব পৰা বৈশিষ্ট্য সমূহৰ বাবে অসমৰ লোকসংস্কৃতিত চৰাই-চিৰিকটিয়ে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে| অসমীয়া লোকগীত, বিহুনাম, কবিতা, ফকৰা-যোজনা আদিত বহুলভাৱে চৰাইৰ উল্লেখ পোৱা যায়| অসমীয়া জন-জীৱনৰ প্ৰতিটো পুৱাই ঘৰচিৰিকা, কপৌ, শালিকাৰ কিচিৰ-মিচিৰ মাতে মুখৰিত কৰি তোলে| চৰাইৰ বিৰহী গীতে বিহুনাম আৰু গোৱালপৰীয়া লোকগীতত মানুহৰ হিয়াৰ কান্দোন হৈ স্থান পাইছে-

"কপৌ কুৰুলিয়াই ৰাতি ঐ নুপুৱায়
ফেচাই কুৰুলিয়াই ডালত ৷" (বিহুনাম)

"বালু তিল তিল পংখী কান্দে
বালুতে পৰিয়া
মুঈ অভাগী নাৰী কান্দো
এ যৌৱন বান্ধিয়া||" ( গোৱালপৰীয়া লোকগীত)

“বৰ ঘৰৰ মুধতে কপৌ কুৰুলিয়ায়
সাইলাখ মদনৰ মাত
থেকেচি ভাঙি যাও যতৰ ঐ চেৰেকী
অগনি জ্বলালে গাত |” (বিহুনাম)

তেনেদৰে অসমত চৰাই-চিৰিকটিয়েই ঋতুৰ পৰিৱৰ্তনৰ প্ৰথম বাৰ্তাবাহক| উদাহৰণস্বৰূপে,

"চ’ততে মাতিলে চতীয়া চৰাই ঐ
বহাগত মাতিলে কুলি (বিহুনাম)"

চৰাইৰ ৰং-ৰূপৰ বৰ্ণনাও অসমীয়া বিয়ানাম, ধাইনাম, বাৰমাহী গীত আদিত বিৰাজমান| উদাহৰণস্বৰূপে, চৰাই হালধীয়া পাখী বিনন্দীয়া (বিহুনাম), হালধীয়া চৰায়ে বাওধান খায় (ধাইনাম), কাম চৰাইৰ ৰঙা ঠোট (বিয়ানাম), বগাকৈ বগলী উৰে জাকি মাৰি (বিহুনাম), চৰাইৰ চিকুণে তেলীয়া সাৰেঙে (বিয়ানাম), সোণাৰ বৰণ পাখীৰে তোৰ হেঙুল বৰণ আখি (গোৱালপৰীয়া লোকগীত) ইত্যাদি|

Sunday 28 June 2015

ফিল্ড ডায়েৰী ২: মিজোৰামৰ অৰঙে দৰঙে

বহুদিনৰ বিৰতিৰ পিছত ফিল্ড ডায়েৰীৰ দ্বিতীয় খণ্ডটো আগবঢ়াইছো আগ্ৰহীসকলে প্ৰথম খণ্ডটোত চকু ফুৰাবলৈ তলৰ লিংকত চাব পাৰে-
ফিল্ড ডায়েৰী ১: মিজোৰামৰ অৰঙে দৰঙে

পৰিস্কাৰ পৰিচ্ছন্নতাৰ অপূৰ্ব নিদৰ্শন - মোৱালপেং

কাপীৰ ঘৰত এটা প্ৰশান্তিময় নিশা কটাই পিছদিনা পুৱাতে উঠিলো। গাওঁখন ইমূৰৰ পৰা সিমূৰলৈকে খোজকাঢ়ি চালোগৈ। প্ৰথমেই চকুত পৰিল, গাওঁখনৰ পৰিস্কাৰ-পৰিচ্ছন্নতা। মাথোঁ অলপ দূৰে দূৰেই ডাষ্ট-বিন।, প্ৰতিটো সৰু-বৰ বাটতে পৰিস্কাৰ ৰাজহুৱা প্ৰস্ৰাবগাৰ নিৰ্মাণ কৰা হৈছে। দেখিলো, প্ৰত্যেকেই পুৱা নিজৰ চোতাল সাৰি আহি সন্মুখৰ আলিবাটো বঢ়িয়াকৈ সাৰি পেলাইছে।পিছত কেইবাখন গাৱঁতে এই কথাটো মন কৰি তাৰে স্থানীয় শিক্ষয়িত্ৰী এগৰাকীক সুধিছিলো।

মোৱালপেঙৰ বাটৰ এফালে প্ৰসাৱগাৰ, আনফালে ডাষ্টবিন 
ক’লে, "এইবোৰ সকলো ইয়ং মিজো এছ’ছিয়েশ্যনৰ তদাৰকত হোৱা কাম। এই ডাষ্টবিনবোৰো তাৰে ল’ৰাই পতা। প্ৰতিবছৰে চৰকাৰে এই এছ’ছিয়েশ্যনৰ সহায়ত আটাইতকৈ পৰিস্কাৰ-পৰিছন্নকৈ ৰখা প্ৰথম তিনিখন গাঁৱক বঁটাও দিয়ে। ইয়াকে লৈ আমাৰ এই গাঁওকেইখনৰ তলে তলে খুউব প্ৰতিযোগিতাও চলে!"

ভাল লাগিল। পিছত বহুবাৰ দেখিলো, গাঁৱৰ পেন্দুকণা কেইটাইও মৰ্টনৰ বাকলি পেলাবলৈ ডাষ্টবিন বিচাৰি ফুৰে। সেয়ে বাটৰ আশে-পাশে বা অন্য কোনো ৰাজহুৱা স্থানত প'লিথিন বা জাবৰৰ দ’মো চকুত নপৰিল।

পৰিস্কাৰ-পৰিচ্ছন্ন মোৱালপেং

অকোৱা-পকোৱা পাহাৰীয়া বাটেৰে 
লিয়ানাই তেওঁৰ বাইকখন লৈ সাজু হৈছিলেই। ময়ো প্ৰয়োজনীয় বয়-বস্তুখিনি লৈ ওলাই আহিলো দিনটোৰ বাবে। আমাৰ উদেশ্য মোৱালপেঙৰ লগতে ওচৰৰ গাওঁকেইখনৰ ঝুমখেতিৰ ব্যৱস্থা, সময়ৰ সৈতে পৰিৱৰ্তন, খেতিৰ পদ্ধতি আদিৰ বুজ লোৱা। এই প্ৰাৰম্ভিক সমীক্ষাৰ তথ্যই মোৰ মূল গৱেষণাৰ পৰিকল্পনাত সহায় কৰিব
হাতত সময় কম-সেয়ে বাইকেৰেই যিমানকেইখন গাওঁলৈ যাব পাৰি যোৱাৰ সিদ্ধান্ত হ’ল। লিয়ানাই ক’লে, আমাক লগ দিবলৈ তাৰে অন্য এজন বন সুৰক্ষা কৰ্মী আহিব। দুয়ো ওলাই আহি বাট চালো।

গাঁৱৰ বাটেৰে এফালৰ পৰা এখন বাইক অহা দেখা পালো। কাউবয় হেট, দীঘল কোটেৰে এইজনানো কোন ওলালোহি বুলি ভাবোঁতেই লিয়ানাই ক’লে,

: ইয়ে আমাৰ লগত যাব!

ত্ৰিশৰ অনুৰ্দ্ধৰ এজন ল’ৰা। হিন্দী একেবাৰে নাজানে, ইংৰাজীত দুই-এষাৰ ক’ব পাৰে। নামটো সুধিলো। ক’লে, ‘কিমতিয়াহ’-চমূকৈ কিমা। লিয়ানাই কোৱাত মই কিমাৰ বাইকত বহিলোগৈ
কিমাই মোৰ নাম সুধিয়ে প্ৰশ্ন কৰিলে,

: ডু ইউ হে'ভ এ ফে’চবুক একাউন্ট?

মই মনতে ভাবিলো, কম নহয় এখেত! প্ৰথমেই সেইটো প্ৰশ্ন!

বাটত লিয়ানা আৰু কিমা
যি নহওক, ধূলিময় পাহাৰীয়া বাটেৰে আমি আগবাঢ়িলো। লিয়ানাই আমাক বাট দেখুৱাই নিলে। বাটৰ দুয়োপাৰে ঝুম খেতিৰ বাবে মোকলোৱা এঢলীয়া উদং পথাৰবোৰ, কাষতে আঁচ এডাল টানি দুভাগ কৰাৰ দৰে পুৰণা হাবিৰ সৰু-বৰ খণ্ডবোৰ। কিছুমান পাহাৰ দূৰৰ পৰা দেখিলে কোনোবাই সেউজীয়া এবখলা আঁতৰাই নিয়াৰ দৰে ঘন হাবিৰ মাজতে এডৰা উদং মাটি। বাটে বাটে ৰৈ ফটো ল’লো। লিয়ানাই কথাবোৰ ব্যাখ্যা কৰিলে। এই ঝুমখেতিবোৰ প্ৰতি এবছৰ বা দুবছৰৰ মূৰে মূৰে মিজো খেতিয়কে অন্য কাষৰীয়া ঠাইলৈ সলায়। এঠাইত কৰি উঠি তাত পুনৰ গছ-বন ডাঙৰ হৈ জংঘল হোৱালৈকে এৰি অন্য ঠাইত পুৰণা জংঘল কাটি খেতি কৰে। এই আৱৰ্তন (rotation)ৰ ফলতে এঢলীয়া পাহাৰীয়া মাটিৰ খেতিৰ পিছত হেৰোৱা উৰ্বৰতা কেইবাবছৰ ধৰি গঢ় লৈ উঠা গছ-গছনিয়ে উভতাই অনাত সহায় কৰে। লিয়ানাই ক’লে,

: ইয়াত আমি এডোখৰ মাটিত এবাৰ খেতি কৰি সাত বছৰলৈ এৰি যাওঁ। সাতবছৰত জংঘল ডাঙৰ হৈ মাটি ‘ভাল’ হৈ গ’লে আকৌ খেতি কৰোহি|

ঝুম খেতিৰ বাবে মোকলোৱা মাটি 
বহুতো তথ্যই কয়, জনসংখ্যা বৃদ্ধিৰ ফলত খেতিয়কৰ গাইগুটীয়া খেতিমাটিৰ পৰিমাণ কমিছে। সেয়ে আৱৰ্তনৰ চক্ৰও চুটি হৈছে। ফলত মটিৰ উৰ্বৰতাও সম্পূৰ্ণকৈ উভতি অহাৰ পূৰ্বেই মানুহে আকৌ খেতিৰ বাবে নতুনকৈ মোকলাবলৈ লৈছে। গতিকে সময়ৰ লগে লগে ফচল কমিছে, নতুন খেতিমাটিৰ বাবে হেঁচাও বাঢ়িছে। খেতিয়কে নতুনকৈ কাষৰে অৰণ্য মোকলাবলৈ লৈছে। বহুতে ঝুমখেতিৰ পৰা পৰিয়ালটো চলিব পৰাকৈও ফচল নাপাই অন্য বিকল্পলৈও মন মেলিছে| বাটত আমি ফলৰ বাগিচা, মাছ পোহা পুখুৰী আদিও দেখিবলৈ পালো। মোৰ উদ্দেশ্য আছিল, এনে দিশসমূহৰ বিষয়ে সাধ্যানুসৰি তথ্য গোটোৱা আৰু এই পৰিৱৰ্তনসমূহে জৈববৈচিত্ৰ্যত কেনে প্ৰভাৱ পেলাব পাৰে সেয়া বুজিবলৈ চেষ্টা কৰা|

দুপৰীয়া আমি টইজ’ নামৰ গাওঁখন পালোগৈ। তাৰপৰা এটা বাট ট’ৱি ( Tawi) অভয়াৰণ্যলৈ যায়। অৱশ্যে মূল অৰণ্যলৈ খোঁজেৰে যোৱাৰ বাহিৰে অন্য গত্যন্তৰ নাই।


আমি তাৰপৰাও আগবাঢ়ি গৈ মেইটে নামৰ গাওঁখনতহে জিৰালোগৈ। ৰ’দজাক মূৰত লৈ আহি থাকি বিষ এটাই ধৰিছিলেগৈ। সেয়ে কিজানি তাত বন সুৰক্ষা কৰ্মী জোছেফৰ ঘৰত বহি সেৰসেৰীয়া একেবাৰে পাতল ফিকাঁ চাহ কাপ খায়ো আৰাম পালো। মন কৰিলো, পুৰুষ-মহিলা নিৰ্বিশেষে প্ৰায়বোৰেই ইয়াত ধুমপান কৰে
ঘনে ঘনে চিগাৰেট হোঁপা আৰু তাৰ মাজে মাজে চূণেৰে বোলাই তামোলখন মুখত ভৰোৱাৰ দৃশ্য সকলোতে সহজলভ্য

মেইটেত লিয়ানাই বিভাগীয় জৰীপৰ বাবে গাৱঁৰ প্ৰত্যেকৰে বাঁৰীত বনৰীয়া গাহৰিয়ে এইমাহত কৰা ক্ষয়-ক্ষতিৰ খতিয়ান ল’লে। ময়ো লিয়ানাৰ সহায়ত মিজো খেতিয়কসকলৰ পৰা ঝুমখেতিৰ বিষয়ে তথ্য গোটালো বেছিভাগেই হিন্দী বা ইংৰাজী একোৱে বুজি নাপায় সেয়ে সকলোতে লিয়ানা মোৰ বাবে কণাৰ লাখুটি যেন হ’ল এঘন্টামান জিৰাই আমি তাৰ পৰা উভতিলো।


উভতি টইজ’ পাওঁহি মানে ভীষণ ভোক লাগিল। তাতে বাটৰে এখন সৰু হোটেলত খাবলৈ বহিলো। চাহ আৰু লগতে অ’ৰিট’ আৰু চেঙা নামৰ দুবিধ মিঠাই; লগতে দহটামান সিদ্ধ কণী-তাকে বৰ তৃপ্তিৰে তিনিও খালো। লিয়ানাই যিমানহে অৰ্ডাৰ কৰিলে, আমি খাই শেষ কৰিব নোৱাৰিলো
পিছত দেখিলো, দোকানীগৰাকীয়ে আমি নোখোৱাখিনি প্লেটৰ পৰা নি আকৌ ধুনীয়াকৈ খাপে খাপে নি সজাই থৈ দিলে!

টৱি অৰণ্যখন চাই যোৱাৰ মন আছিল মোৰ
লিয়ানাক কোৱাত ক’লে,

:ঠিক আছে, বাটত কাষৰ পৰাই হাবিলৈ যাবলৈ লুংলুঙীয়া বাট এটাৰে পাহাৰলৈ উঠিব পাৰি
সেইফালে অলপ বগাই চাই আহিব পাৰিব

গ’লো; থিয় পাহাৰীয়া বাট লিয়ানাই আগে আগে বাট দেখুৱাই গ’ল, মোক ক’লে,

: আপুনি মাজত আহক
কিমা আপোনাৰ পিছে পিছে আহি থাকক
 সুধিলো, “কিয়?”

লিয়ানাৰ উত্তৰ,
: কেনেবাকৈ আপুনি পিছল খাই বা হামথুৰি খাই পৰিলে একেবাৰে তল নাপাবগৈ, কিমাই সাউৎকৈ ধৰিব!

হাঁহি উঠি গ’ল মোৰ
ক’লো, তেনেকুৱা একো নহয়, মোৰ অভ্যাস আছে; এতিয়াও মই আৰামত গৈ আছোচোন!

সিহঁত পতিয়ন নগ’ল
বনবিভাগৰ পৰা নিৰ্দেশ দিয়া হৈছে হেনো, কোনোকাৰণতে মই যাতে পৰা-ধৰা বা দুখ পোৱাৰ ‘ঘটনা’ নঘটে! উপায় নাপাই মানি ল’লো

---------------ক্ৰমশ:

Thursday 12 March 2015

ৱিকি-আসক্তি

অনলাইন বিশ্বকোষ অসমীয়া ৱিকিপিডিয়াৰ জন্মৰ প্ৰায় দহবছৰলৈকে অন্য বহুতৰে দৰে ময়ো ইয়াৰ অস্তিত্বৰ একো উমঘামেই পোৱা নাছিলো। ইটো সিটো প্ৰয়োজনত ইংৰাজী ৱিকিপিডিয়াত খুঁচৰি চাইছিলো। অসমীয়া ভাষাটো যে এনে এখন ৱিকিপিডিয়া থাকিব পাৰে সেয়া মনলৈকে অহা নাছিল, ইয়াত লিখা বা জড়িত হোৱাৰ ইচ্ছা দূৰৰে কথা। ২০১১ চনৰ শেষৰফালে কোনোবা এটা দিনত বন্ধু এজনৰ মুখত অসমীয়া ৱিকিৰ বিষয়ে শুনিবলৈ পালো । সেইসময়ত ইন্টাৰনেটত অসমীয়া ভাষাত তথ্য-পাতি প্ৰায় নাছিল বুলিলেই হয়। তেনে পৰিস্থিতিত অসমীয়া ৱিকিৰ ভৱিষ্যত গুৰুত্বৰ বিষয়ে বন্ধুৱে আভাস এটা দিলে। গুগলত কিবা এটা অসমীয়াত বিচাৰিলে অসমীয়াতে সেইবিষয়ে তথ্য পাম, এই ভাৱটোৱে মন ৰোমাঞ্চিত কৰি তুলিলে! সিদিনাই ৱিকিত একাউন্ট এটা খুলিলো। ফে'চবুকৰ অসমীয়া ৱিকিপিডিয়া সমাজতো সদস্যভুক্ত হ’লো। অসমীয়া টাইপিঙৰ সমস্যাবোৰো কেইবাজনো অভিজ্ঞ ৱিকিপিডিয়ানৰ সহায়ত নোহোৱা হ’ল।

ৱিকিত সোমায়েই মই প্ৰথম কৰা কামটো আছিল, মোৰ জন্ম জিলা লখিমপুৰৰ বিষয়ে তথ্য যোগ দিয়া।নিজৰ জিলাখনৰ উল্লেখযোগ্য ঠাই, ব্যক্তি, অনুষ্ঠান আদিৰ বিষয়ে যি পাৰো লিখিলো। সেইখিনি কৰি উঠি ৱিকিৰ সম্পাদনা কৰাৰ ক্ষেত্ৰত মনটো অলপ আত্মবিশ্বাসী হ’ল। এইবাৰ নতুন প্ৰবন্ধ সৃষ্টিত লাগিলো। বহুতৰে দৰে মোৰো ভাৱ হৈছিল, নতুনকৈ কিনো লিখিম! কিছু চিন্তা কৰি মোৰ প্ৰিয় বিষয় কিছুমান বাচি ল’লো – মই ইতিমধ্যে জনা বা জানিব খোঁজা বিষয়বোৰ।
ইয়াৰ ভিতৰত অন্যতম আছিল, অসমৰ বন্যপ্ৰাণী আৰু চৰাই-চিৰিকটিৰ বিষয়ে প্ৰবন্ধ সৃষ্টি। এটা নতুন প্ৰবন্ধ লিখি সম্পূৰ্ণ কৰি এক সাংঘাটিক সন্তুষ্টি বা পৰিতৃপ্তি পোৱা হ’লো। ৱিকিত কিবা এটা কৰিলেই ভাব হয়, যেন অন্ততঃ এটা ভাল কাম কৰিলো! লাহে লাহে এনে দিন আহিলগৈ যে দিনটোৰ ভিতৰত ৱিকিত অলপকৈ হ’লেও কিবা এটা নিলিখিলে বা নকৰিলে কিবা এটা আধৰুৱা হৈ ৰৈ যোৱা যেন লগা হ’ল! হয়, মোক বহুতো ৱিকিপিডিয়ানৰ দৰে ৱিকিৰ আসক্তিয়ে পালে আৰু আজিও এই আসক্তি কেতিয়াও এৰাব নোৱাৰাকৈ গভীৰলৈকে শিপাই আছে। পিছে, কেৱল ৱিকিৰ পৰা পোৱা সন্তুষ্টি বা জ্ঞানেই নহয়, ইয়াৰ লগতে অন্য কেইবাটাও কথাই এই আসক্তি গভীৰ কৰাত সাৰ-পানী যোগাই আহিছে।

প্ৰথম অনুঘটকটো হ’ল, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ! এনে এটা হেঁপাহ হয়তো প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে থাকেই। বাহিৰৰ বহু লোকৰে উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কীয় জ্ঞান সীমিত বুলি আমি অভিযোগ কৰোঁ, ইয়াৰ নিৰাময়ৰ বাবে কি কৰিব পাৰি সেই সম্পৰ্কে নানা আলোচনা, বিতৰ্কও চলে। তেনেদৰে ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষা-সংস্কৃতিৰ চালুকীয়া অৱস্থা আদিৰ বিষয়েও বহুতে কয়।  উচ্চশিক্ষাৰ বাবে অসম এৰি দূৰৈত থকাৰে পৰা এইবিষয়ে যেন মই বেছি সচেতন হ’বলৈ ল’লো। সাধ্যানুসাৰে কিবা এটা কৰাৰ হেঁপাহটোও হয়তো তীব্ৰ হৈ উঠিল। ইচ্ছা থাকিলেও পঢ়াৰ বা কামৰ ব্যস্ততাৰ বাবে এনে ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হ’ব নোৱাৰা বহুতৰ দৰে মোৰ বাবেও অসমীয়া ৱিকি এক উপযুক্ত মাধ্যম হৈ পৰিল যেন। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে এটা-দুটাকৈ প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ এক বিনামূলীয়া আৰু বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱা এক বিশাল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছে। ৱিকিউৎস নামৰ ভগ্নী প্ৰকল্পত আপুৰুগীয়া অসমীয়াগ্ৰন্থসমূহ ইউনিক’ড ৰূপত পাব পৰা হৈছে। অসম আৰু অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিকোনো ব্যক্তিয়ে সাধ্যানুসৰি অৱদান আগবঢ়াব পৰা ইয়াতকৈ সঠিক আৰু উপযুক্ত মাধ্যম আৰু কি হ’ব পাৰে!

তাৰোপৰি দৈনন্দিন ব্যস্ততাৰ মাজত ৱিকিত মই নিজৰ সুবিধা অনুসৰি যিকোনো সময়ত বা যিকোনো প্ৰকাৰে অৱদান আগবঢ়াব পাৰোঁ। সময়ৰ কোনো বাধ্যবাধকতা নাই- কেতিয়াবা পাঁচ-দহমিনিট, কেতিয়াবা কেইবা ঘন্টালৈকে সুবিধা অনুসৰি কৰোঁ। সুবিধা মতে নতুন প্ৰবন্ধ লিখোঁ, নাইবা ৱিকিত ইতিমধ্যে থকা প্ৰবন্ধত দুই এটা তথ্য যোগ দিওঁ; সেয়াও নহ’লে, নিজে তোলা ফটো আপল’ড কৰোঁ নাইবা ৱিকিউৎসত কোনোবা কিতাপৰ টাইপিঙতে অকণমান লাগি দিওঁ।


তৃতীয় কাৰকটো হ'ল, অন্য ভাষাসমূ্হৰ তুলনাত অসমীয়া ভাষাৰ সীমিত ডিজিটেল তথ্যভাণ্ডাৰ। অসমীয়াৰ সচেতনতাৰ এক উল্লেখযোগ্য নিদৰ্শনৰূপে মালায়ালম ৱিকিপিডিয়াৰ পিছতে ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া আছিল ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া৷ কিন্তু সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে বৰ্তমানলৈকে এই ৱিকিপিডিয়া চালুকীয়া অৱস্থাতে আছে৷আজিৰ তাৰিখত পৰিসাংখ্যিকভাৱে ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা তিনি কোটি আৰু মালায়ালম ৱিকিপিডিয়াৰ এক লাখ হোৱাৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ কেৱল তিনিহাজাৰটা৷ এই পৰিসংখ্যাটোৱে  প্ৰতিযোগিতাৰ বা প্ৰত্যাহ্বানৰ ভাৱ এটা মোৰ মনলৈ আনি দিয়ে। বাংগালোৰত থকাৰ সময়ছোৱাত ৱিকিৰ প্ৰতি আগ্ৰহী সহকৰ্মী কেইজনমানৰ সৈতে সপ্তাহত এবাৰকৈ আমি একেলগ হৈছিলো। প্ৰত্যেকেই নিজৰ মাতৃভাষাৰ বা ইংৰাজী ৱিকিৰ কাম কৰোঁ। সেই সুযোগতে তামিল, ইংৰাজী আদি ৱিকিৰ কাম-কাজৰ প্ৰক্ৰিয়া প্ৰত্যক্ষ ভাৱে দেখিছিলো। তাৰবাবেই কিজানি জ্ঞানৰ মুক্ত বিতৰণ আৰু প্ৰসাৰৰ দৌৰত আমাতকৈ বহুযোজন আগবাঢ়ি যোৱা এই ৱিকিসমূহৰ সমকক্ষ হোৱাৰ সংকল্প এটাই মনত ঠাই ল’লে।



এই আভিজ্ঞতাসমূহৰ বাহিৰেও ৱিকিৰ লগত জড়িত বহুতো প্ৰেৰণাদায়ক অভিজ্ঞতাইও মোক সদায়ে উৎসাহ যোগাই আহিছে। উদাহৰণস্বৰূপে, ২০১৩-ৰ শেষৰফালে বাংগালোৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কনফাৰেঞ্চ এখনৰ এক বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিলো। বিষয় আছিল-স্থানীয় ভাষাত প্ৰকৃতি বা পৰিস্থিতিবিজ্ঞানৰ জ্ঞানৰ প্ৰসাৰৰ গুৰুত্ব আৰু বৰ্তমানলৈকে বিভিন্ন ভাষাত ইয়াৰ অগ্ৰগতিৰ বুজ লোৱা। তাতে কেইবাগৰাকী ব্যক্তিৰ তেলুগু, মাৰাঠী আদি ভাষাত প্ৰকৃতি সম্পৰ্কীয় লিখা-মেলাৰ কথা শুনিলো। ময়ো অন্যান্য মাধ্যমত চৰ্চাৰ উপৰিও অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃতি সম্পৰ্কীয় তথ্য বিস্তাৰৰ বিষয়ে দুআষাৰ ক’লো।সকলোৱে কিছু আশ্চৰ্য্য প্ৰকাশ কৰিলে অসমীয়া ভাষাত এনে অগ্ৰগতিৰ সম্পৰ্কে জানি। বহুতে মন্তব্য কৰিলে, নিজৰ মাতৃভাষাত এনে ধৰণৰ প্ৰকল্প আৰম্ভ কৰিবলৈ উদ্যোগ ল’ব বুলি। আনৰ বাবে অসমীয়া ৱিকিৰ চানেকি দেখুৱাবলৈ পাই গৌৰৱত মোৰ বুকুখন ফুলি উঠিল!

অন্য এটা ভাল লগা অভিজ্ঞতা; সেইবছৰতে নতুনকৈ আৱিস্কৃত স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতি অলিংগুইট'ৰ বিষয়ে বাতৰিত পোৱাৰ পিছদিনাই অসমীয়া ৱিকিপিডিয়াত এটা প্ৰবন্ধ যোগ দিছিলো৷নিশাৰ ভাগলৈ ৱিকিৰ মোৰ সদস্যপৃষ্ঠাত এটা বাৰ্ত্তা আহিল৷ লিখিছিল C.R.Selvakumar নামৰ তামিল ৱিকিপিডিয়ান এগৰাকীয়ে৷ তেওঁ লিখিছিল, তেওঁ অসমীয়া ভাষা বুজি নাপায়। কিন্তু তামিল ৱিকিপিডিয়াত সেই একেটা বিষয়ত এটা প্ৰবন্ধ সংযোগ কৰাৰ পিছত তেওঁ জানিব পাৰিলে যে অসমীয়া ৱিকিপিডিয়াত সেই বিষয়ে প্ৰবন্ধ ইতিমধ্যে সৃষ্টি কৰা হৈছে৷ ইমান শেহতীয়া বিষয় এটাত তাৎক্ষণিক ভাৱে এনেকৈ তথ্য সংযোগ কৰাকে লৈ তেওঁ আনন্দ প্ৰকাশ কৰিলে৷ পঢ়ি লৈ অলপ আচৰিত হ’লো যদিও খুউব ভালো লাগিল৷ কিছুপৰৰ পিছতে দেখিলো তেওঁ অসমীয়া ৱিকিপিডিয়াতো এটা একাউন্ট খুলিছে৷ তাত তেওঁৰ বক্তব্য আছিল- “I wish to contribute whatever I can to Assamese Wikipedia, like adding a picture and taking part in matters related to Tamil language and Tamil culture in Assamese Wikipedia. I don't yet know Assamese language, but will be picking up a little at least I hope in due course. I wish Assamese Wikipedia a great success”. অসমীয়া ৱিকিপিডিয়াত অৰিহণা যোগাবলৈ অসমীয়াৰ মাজতে আগ্ৰহৰ অভাৱৰ এক হতাশাজনক পৰিস্থিতিত তামিল ৱিকিপিডিয়ান এজনৰ এনে আগ্ৰহ আৰু আন্তৰিকতা দেখি অভিভূত হৈ পৰিলো৷ কিন্তু, তাতোকৈ বেছি আশ্চৰ্য্য ৰৈ আছিল মোৰবাবে! তেওঁৰ বিষয়ে অধিক জানিবৰ বাবে তেওঁৰ তামিল ৱিকিৰ সদস্য পৃষ্ঠাটোত চকু ফুৰালো৷দেখিলো, তেওঁ কানাডাৰ ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ জ্যেষ্ঠ অধ্যাপক! তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ মন ভৰি উঠিল৷ বিশ্বৰ শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম, ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ এগৰাকী অধ্যাপকে তেওঁৰ কৰ্মব্যস্ততাৰ মাজত তামিল ৱিকিপিডিয়াৰ নিয়মীয়া অৱদানকাৰী হোৱাকৈ, একেবাৰে নজনা অসমীয়া ভাষা শিকি লৈ অসমীয়া ৱিকিলৈ অৰিহণা যোগোৱাৰ প্ৰস্তাব দিব পৰাকৈ আগ্ৰহ আৰু ঐকান্তিকতা থকা এনে এজন ব্যক্তি সঁচাই অশেষ শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ উৎস৷

এইসমূ্‌হৰ উপৰিও মোৰ ৱিকিৰ আসক্তি স্থায়ী কৰাৰ অন্যতম কাৰণ হ’ল অসমীয়া ৱিকিপিডিয়া সমাজখন। অসম আৰু বাহিৰৰো বহু ঠাইত কাম কৰি থকা বা পঢ়ি থকা এই সকল লোকে কোনো ব্যক্তিগত লাভ নিবিচৰাকৈ অসমীয়া ভাষাৰ কাৰণে যেনেকৈ কাম কৰি আছে সেয়া মোৰ কাৰণে এটা ডাঙৰ প্ৰেৰণা৷ দুই এজনৰ বাহিৰে আমি প্ৰায়ভাগেই মুখামুখিকৈ কেতিয়াও লগ পোৱা নাই । কিন্তু আজি ইমানবছৰ ধৰি আমি একেলগে ৱিকিৰ কাম কৰি আহিছোঁ। আমাৰ ভাষাৰ বা জাতিটোৰ কাৰণে কিবা কৰাৰ কথা প্ৰায় সকলোৱে কয়, কিন্তু আবেগ বাদ দি সঁচা অৰ্থত হাতে কামে লগা লোকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি। এইক্ষেত্ৰত মই সদায়ে অসমীয়া ৱিকিপিডিয়ান সকলক লৈ গৌৰৱ কৰোঁ৷ প্ৰতিদিনে অলপ অলপকৈ তথ্য যোগ দি আজি বছৰ বছৰ ধৰি এইখিনি মানুহে নিস্বাৰ্থভাৱে নিজৰ ভাষাৰ হকে কাম কৰি আহিছে।ৱিকিৰ জৰিয়তে এইখিনি মানুহক লগ পাই আৰু এই বৌদ্বিক আন্দোলনৰ অংশীদাৰ হ’ব পাৰি মই নিজকে বহুত ভাগ্যবান বুলি গণ্য কৰোঁ৷

শেষত কওঁ, বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শেহতীয়াকৈ ৱিকিপিডিয়াত অসমীয়া ভাষাত তথ্য বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন চাৰ্ছ ইঞ্জিনসমূ্হত অসমীয়া ভাষাত তথ্য পাব পৰা হৈছে৷ গতিকে অধিক অৱদানেৰে নিসন্দেহে ই অসমীয়া ভাষাটোক ডিজিটেল জগতত আৰু এঢাপ আগুৱাই নিব পাৰে৷ কিন্তু ইয়াৰ বাবে অধিক লোকে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ প্ৰয়োজন৷ গতিকে আহক, অসমীয়া ভাষা আৰু সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এইপ্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ৷ আহক, সকলোৱে অসমীয়া ৱিকিপিডিয়াত লিখোঁ!

বি:দ্ৰ: অসমীয়া ৱিকিৰ কেইটামান দৰকাৰী লিংক
অসমীয়া ৱিকিপিডিয়া
অসমীয়া ৱিকিত মই সৃষ্টি কৰা প্ৰৱন্ধসমূহ
অসমীয়া ৱিকিত প্ৰবন্ধ সৃষ্টিৰ সহায়
অসমীয়া ৱিকিউৎসত কেনেকৈ কি কৰিব

Sunday 22 February 2015

ফিল্ড ডায়েৰী ১: মিজোৰামৰ অৰঙে দৰঙে

বহুদিনীয়া এটা হেঁপাহ আছিল, অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যকেইখনত কাম কৰাৰ। কিন্তু কামে প্ৰতিবাৰে অন্য ঠাইবোৰলৈ লৈ যায়-নিজৰ ঠাইখনলৈ নিমিলেহে নিমিলে। দীঘলীয়া চেষ্টা এটাৰ অন্তত অৱশেষত এই সুযোগ আহিল। এই আৰম্ভনি পৰ্বৰে ইটো সিটো কথা- সৰু বৰ ঘটনাৰে মোৰ ফিল্ড ডায়েৰী-



যাবলৈ ওলাই :


মিজোৰাম হাউচ, গুৱাহাটী৷ ইনাৰ লাইন পাৰ্মিটৰ প্ৰপত্ৰখন আধা পূৰায়ে কাউন্টাৰত থিয় দিলোগৈ।মিজো মহিলাগৰাকীয়ে প্ৰপত্ৰবোৰ জমা লৈ আছিল। সুধিলো,

: এক্সকি্উজ মি, এইযে ইয়াত স্পনছ’ৰৰ নাম আৰু ঠিকনা লিখিবলৈ দিছে কি লিখিম বাৰু?মই ধৰিব পৰা নাই!

তেওঁ উত্তৰ দিলে,

: ইয়ৰ লোকেল কন্টেক্ট ইন মিজোৰাম। 

মই তেতিয়াও সমানেই কনফি্উজড, ক’লো,

: বাট, আই ড’ন্ট হেভ ৱান!

মহিলাগৰাকীয়ে অবিশ্বাসৰ দৃষ্টিৰে মোলৈ চালে, আকৌ যেন কথাটো নিশ্চিত কৰিবলৈকে সুধিলে,

:ই্উ ড’ন্ট ন’ এনিৱান ইন মিজোৰাম? এণ্ড ই্উ আৰ গয়িং টুম’ৰো?

মই থতমত খালো, কিন্তু কথাটো সঁচা, মূৰ দুপিয়ালো।

মোৰ মূৰৰ পৰা ভৰিলৈকে আকৌ এবাৰ চাই লৈ তেওঁ স্পনছ’ৰৰ নামৰ খালী ঠাইখিনিত খচখচকৈ লিখি দিলে ‘মিজোৰাম পয্যৰ্টন বিভাগ’৷ 

আই এল পি খন হাতত লৈ ভাবিলো, দিনতে আইজ’ল পামগৈ কাৰণে নিজেই সকলো ঠিক ঠাক কৰি ল’ম বুলিহে বিশেষ চিন্তা কৰা নাছিলো। মহিলাগৰাকীৰ চাৱনিটোৱে মোক ভবাই তুলিলে- কিছু সময়ৰ বাবেহে পিছে। তাৰ বনবিভাগৰ এজন বিষয়াক মই যে কাইলৈকে আইজ’ললৈ ওলাইছো সেয়া জনাই বস্তু সামৰিবলৈ লাগি গ’লো। I know, everything will get sorted out somehow!



দৰদী সহযাত্ৰী!


শিলচৰত ভাইটি বাবুৰ তাত এনিশা কটাই পিছদিনা পুৱাই আইজ’ললৈ ছুম’ত উঠিলো। অসম-মিজোৰাম সীমান্তত প্ৰতিখন গাড়ীতে তন্নতন্নকৈ মাদকদ্ৰব্যৰ বাবে বিচাৰ-খোচাৰ চলিল। শুনিলো, ক'ত কেনেকৈ সুৰুঙা উলিয়াই জনাজনে সকলোৰে চকুত ধূলি দি মদৰ বটল সীমান্ত পাৰ কৰায় আৰু ব্লেকত কিমান লাভত বিক্ৰী কৰিব পাৰে! সেইবোৰৰে আলেক-লেখ চাই থাকোতে সহযাত্ৰী এগৰাকীয়ে মাত লগালে। চল্লিশৰ উৰ্দ্ধৰ এগৰাকী ব্যক্তি।  গ’ম পালো, তেওঁ অসমীয়াই, মূল ঘৰ গুৱাহাটীৰ খানাপাৰাত। মিজোৰামত চাকৰি কৰাৰ আজি ছবছৰ হ’লহি। ইটো সিটোকৈ কথা ওলাল। তেওঁ মোৰো খবৰ ল’লে। সুধিলে, 



:আইজ’লত ক’ত থাকিবা? চিনাকি আছেনে?


মই বোলো, নাই, কৰিম আৰু কিবা এটা।

মানু্হ জন যেন চিন্তিত হৈ উঠিল। ক’লে,

:আজিটো দেওবাৰ। সকলো বন্ধ থাকিব। তুমি কেনেকৈ কি কৰিবা!

মোৰো আকৌ একেই নিৰুদ্ধেগ উত্তৰ, চাওঁচোন!

পিছত কেইবাবাৰো সেইটোকে সোধাত আমনি পাই ক’লো-

:অফিচৰ পৰাই কিবা ব্যবস্থা কৰিব। (মনতে ভাব, its none of your business!)

এইবাৰ কামোৰটো বেলেগকৈ আহিল,

:কোনে কৰিব, নাম কি! ক’ত কৰিব। হোটেলত নেকি?

মই তেওঁৰ ‘অনাহক’ প্ৰশ্নবোৰৰ পৰা সকাহ পাবলৈকে পিছৰখিনি বাট টোপনিৰ ভাও জুৰিলো। কিন্তু মানুহজন ক্ষান্ত নহ’ল। মোৰ পৰা সন্তোষজনক উত্তৰ নাপাই তেও নিজে অফিচত কাম কৰা স্থানীয় লোকক সুধি গ্যেষ্ট হাউচ ঠিক কৰাৰ বাবে ফোনাফোনি কৰা শুনিলো। ভাবিলো, হ’ল আৰু, কাৰ যে পাল্লাত পৰিলো!

ক’লাছিবত ছুম’ ৰখালে। তেওঁ মোক মাতি নিলে, ক’লে-

:দেওবাৰ যেতিয়া গৈয়ো খাবলৈ ৰেষ্টুৰেন্ট খোলা নাথাকিব। ইয়াতে দুয়ো দুপৰীয়াৰ ভাতসাঁজ খাই লওঁ আহা!

খালো। তেনেকুৱাতে বনবিভাগৰ বিষয়া জনে উপযাচিয়ে মোৰ থকাৰ ব্যৱস্থা কৰি দিয়াৰ দায়িত্ব ল’লে। ফোন থোৱাৰ লগে লগে দৰদী সহযাত্ৰীয়ে খৱৰটো লৈ শান্তিৰ নিশ্বাস পেলালে!! 

আইজ’ল পাওঁতে চাৰি বাজিল। মোক ঠিকনাটো সুধিলে-নকৈ উপায় নাই। মোৰ হাজাৰ আপত্তিলৈ পৰোৱাই নকৰি তেওঁ নিজৰো বয়বস্তু লৈ তালৈকে মোৰ লগে লগে আহিল। জাৰক’টৰ হোটেলখনত মই ৰুম এটা লোৱাৰ পিছতহে তেওঁ যাবলৈ ওলাল। যাওঁতে ক’লে, তেওঁৰ পৰিয়াল এইবাৰ গুৱা্হাটীত আছেগৈ। নহ’লে মোক তেওঁলোকৰ ঘৰলৈকে নিলে হয়! 

মোৰ মনে মনে হাঁহি উঠিল! ভাব হ’ল, নিজৰ ঠাই্ হ’লে এইবোৰেই দিগদাৰি নেকি-হাজাৰ হ’লেও অসমীয়া বুলি এটা টান থাকে হবলা! অযাচিত সহায়, দৰদৰ মুখামুখি হ’ব লব লগা হয়- হয়তো ছোৱালী বুলিও। কৈ দিবলৈ মন যায়- I am perfectly capable of taking care of myself! কিন্তু আত্মসন্মানত আঘাত লগা যেন পালেও বহু সময়ত অচিনাকিজনৰ সঁচা আন্তৰিকতাক বিমুখ কৰিবলৈকো অপৰাধবোধ কৰোঁ। যা হওক, মোৰ যিকোনো দৰকাৰত ফোন কৰিবলৈ কৈ তেওঁ গ’লগৈ। ময়ো শান্তিৰ নিশ্বাস পেলাই ৰুমত সোমালোগৈ।



আইজলত আতিথ্য

পিছদিনা দিনটোৰ বেছিভাগ সময় বনবিভাগৰ কাৰ্য্যালয়তে কটালো। মোৰ গৱেষণাৰ বিষয়ে বিভিন্ন পৰ্য্যায়ৰ বিষয়া-কমচাৰীৰ সৈতে আলোচনা। সকলোৰে উৎসাহদায়ক সঁহাৰি পাই বৰ সন্তোষ পালো । সকলোতেকৈ ভাল লাগিল বনবিভাগৰ সৰ্বোচ্চ পদবীধাৰী ব্যক্তি গৰাকীক। অন্য কেইবাখনো ৰাজ্যত এনে উচ্চ পদস্থ বিষয়াক বৈজ্ঞানিক গৱেষণাৰ বিষয়ে আশ্বাস জন্মোৱাত যথেষ্ট প্ৰত্যহ্বানৰ মুখামুখি হৈ থৈছো। সন্দেহপূৰ্ণ মন এটা লৈ তেওঁৰ কায্যালয়ত সোমাই গ’লো। কিন্তু ক্ষন্তেকতে তেওঁৰ সৰলতাত মুগ্ধ হৈ গ’লো-গোটেই আবেলিটো তেওঁৰ সৈতে বিভিন্ন আলোচনা চলিল। তেওঁ একেষাৰে মোক ৰাজ্যখনৰ বিভিন্ন বনাঞ্চলত গৱেষণা কৰিবলৈ আদৰণি জনালে। মোৰ অনুৰোধত আইজ’লৰ সকলোতকৈ ওচৰত থকা সংৰক্ষিত বনাঞ্চল খনলৈ গৱষণাৰ সমল বিচাৰি এপাক মৰাৰো বন্দবস্ত কৰি দিলে।

এটা মুকলি মন লৈ তাৰ কাৰ্য্যালয়ৰ পৰা ওলাই আহিলো। কাইলৈ পুৱাই টৱি বন্যপ্ৰাণী অভয়াৰণ্যলৈ ওলোৱাৰ কথা। মোৰ হাতত তেতিয়াও এঘন্টা আছে সন্ধিয়ালকৈ। আইজ’লত সকলো সন্ধিয়া ছয় বজাতে বন্ধ হয় বুলি শুনিছিলো। সেয়ে ভাবিলো, অলপ তহল দিওঁ। চহৰৰ ঠেক বাটবোৰেদি খোজ দিলোগৈ। জনবসতি অতি ঘন চহৰখনত। প্রতিটো সৰু-বৰ পাহাৰৰ তলে-ওপৰে থেপাথেপিকৈ অলেখ-অসংখ্য পকীঘৰ- প্ৰায়বোৰেই কেইবামহলীয়া। ঠেক ঘাইপথৰ কাষত পদপথ বুলিবলৈ দোকান-ঘৰৰ সন্মুখত দুই-তিনি লানি খটখটী; তলে-ওপৰেই খোজ দি যাব লাগে। সৰু চুটি চিটিবাছবোৰ দুটামান ঘাইপথত চলে। টেক্সিও সহজতে পোৱা যায়-কিন্তু ভাড়া যথেষ্ট বেছি বুলি গম পালো।
আইজ'ল চহৰৰ একাংশ


এগৰাকী প্ৰসিদ্ধ মিজো গায়কৰ সান্নিধ্যত

পিছদিনা পুৱাই বনবিভাগৰ কাৰ্য্যালয়লৈ ওলালো। তাৰ পৰাই টৱি বন্যপ্ৰাণী অভয়াৰণ্যলৈ ওলোৱাৰ কথা। কাৰ্য্যালয়ত সোমায়ে ইফালে সিফালে চাই লগ পাব খোজা বিষয়াগৰাকীক বিচাৰিলো। অন্য এগৰাকী আগবাঢ়ি আহিল,

:আৰ ই্উ জলি ফ্ৰম আছাম?

:ইয়েছ!

:আই এম চি ভানছাংগা। আই এম ছাপ’জড টু এক’ম্পেনী ই্উ টু টৱি।

বনবিভাগৰ তৎপৰতা দেখি সঁচাই ভাল লাগিল। দুপৰীয়া চি ভানছাংগা আৰু ভানলালজোৱানা নামৰ আৰু এজন লোক ওলাল মোক টৱিৰ সমীপৰ এখন মিজো গাৱঁলৈকে আগবঢ়াই দিবলৈ। গাওঁখনৰ নাম ‘মোৱালপেং’। পিছত গম পালো, দুয়োজন ক্ৰমে ‘লেনচিম’ আৰু ‘মোৱালপেঙ’ ৰ বিট অফিচাৰ।

বাটত ৰৈ দুদিনৰ বাবে খোৱাৰ সামগ্ৰী সকলো কিনি ল’লো। ভানছাংগা কথকী মানুহ-সুন্দৰকৈ ইংৰাজী কয়। বাটে বাটে আমি কথাৰ মহলা মাৰি গ’লো। আনজন বিট অফিচাৰে কেৱল মিজোহে কয়। তেওঁ নীৰৱে শুনি গ’ল। মাজে মাজে ভানছাংগাক দুই এটা কয় আৰু মোৰ স’তে ইংগিততে পাতে।


বাটত
পাহাৰীয়া বাট ঠেক আৰু অকোৱা পকোৱা । ৮৪ কিমি বাট পাৰ কৰিবলৈ আমাৰ প্ৰায় চাৰিঘন্টাই লাগিল । চাৰি বজাত মোৱালপেং নামৰ ঠাইখনত গাড়ী ৰ’লগৈ। আমি যাম বুলি ইতিমধ্যে তাৰ বনকৰ্মীক খবৰ দিয়া হৈছিল । লগ পালো ‘লালহিংলিয়ানা’ নামৰ বনৰক্ষীজনক। ভানছাংগাই ক’লে, এৱেঁই এইকেইদিন মোক সহায় কৰিব। আমাক এৰি ভানাছাংগা আৰু ভানলালজোৱানা আকৌ আইজ’ললৈ উভতি গ’লগৈ। 

পিছত লালহিংলিয়ানাৰ মুখেৰে গম পালো, ভানছাংগা হেনো এজন প্ৰসিদ্ধ মিজো গায়ক। তেওঁৰ মিজো আধুনিক গানসমূহ খুবেই জনপ্ৰিয় মিজোৰামত। ভানছাংগাক পিছত ফোন কৰি তেওঁৰ গানৰ কথা সুধিলো। তেওঁ প্ৰতিশ্ৰুতি দিলে যে পিচৰবাৰ তেওঁৰ গান শুনাব মোক।


মোৱালপেঙত আপোণ ঘৰখন

মোৱালপেং, শাৰী শাৰী পাহাৰে আৱৰা এখন অকণমানি শান্ত মিজো গাৱঁত মই ৰৈ গ’লো এইমাত্ৰ চিনাকি হোৱা মোৰ সাৰথি লালহিংলিয়ানাৰ স’তে। লালহিংলিয়ানাক মোৰ সাৰথি কৰাৰ কাৰণ আছিল তেওঁ হিন্দী ক’ব পাৰে। মোক ওচৰ পাজৰৰ ঠাইবোৰ দেখুওৱাৰ লগতে দোভাষীৰ কামো কৰিব পাৰিব বুলিয়েই তেওঁক এই দায়িত্ব দিয়া হ’ল। 

পোনতে বনবিভাগৰ ইন্সপেকশ্যন বাংল’ত থকাৰ কথা আছিল। কিন্ত গাৱঁৰ পৰা অলপ আঁতৰত থকা প্ৰকাণ্ড বাংল’টোত মোক অকলশৰে থাকিবলৈ দিবলৈ তেওঁলোকে হেহোঁ-নেহোঁ কৰিলে। এটা দীঘলীয়া আলোচনা চলিল আটাইকেইজনৰ মাজত। তেওঁলোকৰ মিজো কথা-বাৰ্তা, মুখৰ অংগী-ভংগীত কিনো পাতিছে উমান পাবলৈ বৃথা চেষ্টা কৰি মই তধা লাগি চাই থাকোতে বাংল’ৰ মহিলা চকীদাৰ গৰাকীয়ে এখন হাতেৰে মোৰ হাতত ধৰিলেহি।কিবা এটা ইংগিতো দিলে। মই একো বুজিব নোৱাৰি লালহিংলিয়ানাৰ মুখলৈ চালো। সি ক’লে-

: আপুনি বাংল’ৰ চকীদাৰ এই কাপী (আইতা)ৰ ঘৰতে থাকিব পাৰিব। 

কাপী আগবাঢ়িলেই, মই হয়ভৰ দি পিছে পিছে খোঁজ দিলো। এটা থিয় খটখটিয়েদি গৈ কাপীৰ গৰ ওলালোগৈ। দুকোঠলীয়া বাটামী ঘৰ, কাঠৰ মজিয়া। প্ৰকাণ্ড বহা কোঠাৰে এচুকত পাকঘৰ আৰু জুহাল। কাপীয়ে ঘৰটো সঁচাই বৰ আটোমটোকাৰীকৈ ৰাখিছে –সোমায়েই মোৰ মনটো ভাল লাগি গ’ল। গম পালো, কাপী তাত অকলশৰে থাকে। কাপীয়ে ক’লে, নিশা তেওঁ কাষৰে জীয়েকৰ ঘৰত থাকিবগৈ। জীয়েকৰ গা বেয়া বাবে পেন্দুকণা নাতি-নাতিনী কেইটাক চোৱা-চিতা কৰিব লাগে হেনো। মোক আৰু লালহিংলিয়ানা সেইটো নিজৰ ঘৰ বুলি ধৰি লৈ নিজৰ খুচীমতে থাকিবলৈ ক’লে। 

ইয়াত গাঁৱৰ মানু্হ সন্ধিয়া ছয় বজাতে নিশাৰ সাঁজ খায়। কাপীক বিদায় দি আমি দুয়ো ৰন্ধাৰ যা-যোগাৰ আৰম্ভ কৰি দিলো। লালহিংলিয়ানা মূৰ্গীৰ মাংস ৰান্ধিলে –তেওঁৰ ভাষাত ক’বলে গ’লে ফৌজী ষ্টাইলত। মই বাকীবোৰ যোগাৰ কৰিলো।


ভাতৰ টেবুলত
এঘন্টামানৰ ভিতৰতে সকলো ৰান্ধি-বাঢ়ি লিয়ানাই খোৱাৰ টেবুল সঁজাবলৈ লাগি গ’ল। খাবলৈ বহি দেখোঁ, ভাতৰ থালিত সৰু সৰু হেতা একোখন, টেবুলৰ মাজত ভাত-মাংস-ডাইলৰ বাচন। প্ৰথমতে ভাবিলো, ইয়াত চামুচৰ সলনি এইখনেৰেই খাই হ’বলা! পিছত দেখিলো, ফৌজীৰ কাহিনী কৈ কৈ লিয়ানাই হাতেৰেই ভাত খাইছে, কিন্তু ভাত-মাংস যি লাগে থালৰ সেই হেতাখনেৰেই বাচনৰ পৰা লৈ আছে! মনত পৰিল, ক’ৰবাত পঢ়িছিলো, মিজোসকলে লগতে বহি খোৱাকেইজনৰ মাজত এনেকৈয়ে সকলো খাদ্য মিহলাই খায়। 


কথাৰ মহলা মাৰি শুৱাকোঠালৈ গৈ কাপীয়ে ধুনীয়াকৈ সঁজাই যোৱা বিছনাকনত আৰামকৈ বহিলোগৈ। মূৰ শিতানত থকা খিৰিকীখন খুলি চাই পঠিয়ালো দূৰ-দিগন্তলৈ। নিৰ্মল চেঁচা বতাহ এজাকে মোক কঁপাই গ’লহি। সন্মুখৰ প্ৰকাণ্ড গীৰ্জাটোৰ পৰা যীশুৰ বন্দনা কিছুমান ভাঁহি আহিল। তাৰ সিপাৰলৈ শাৰী শাৰী পাহাৰৰ ঘন অৰণ্য আৰু বেছি জয়াল যেন দেখা দিলে। গাৱঁৰ দুই-এটা ঘৰৰ পৰাহে পো্হৰৰ ছিটিকণি পৰা দেখা পালো। নিৰ্মল চেঁচা বতাহ এজাকে মোক কঁপাই গ’লহি। সন্মুখৰ প্ৰকাণ্ড গীৰ্জাটোৰ পৰা যীশুৰ বন্দনা কিছুমান ভাঁহি আহিল। তাৰ সিপাৰলৈ শাৰী শাৰী পাহাৰৰ ঘন অৰণ্য আৰু বেছি জয়াল যেন দেখা দিলে। গাৱঁৰ দুই-এটা ঘৰৰ পৰাহে পো্হৰৰ ছিটিকণি পৰা দেখা পালো। গুৱাহাটীৰ ধূলি-হুলস্থুল-বিশৃংশলতাৰ মাজৰ পৰা আহি গাওঁখনৰ নীৰৱ-নিতাল নিশাটোৱে মনটো শাঁত পেলাই দিলে। নিজম নিশাটো, টোপনিৰ কোলাত ধলি পৰা মিজো গাওঁখন, দূৰণিৰ অন্ধকাৰে আৱৰি ৰহস্যময় কৰি তোলা অৰণ্যখন-সকলো যেন এটা বাংময় কবিতা হৈ মোৰ দুচকুৰ আগত দুলি থাকিলহি।
সিটো কোঠাৰ পৰা অহা লিয়ানাৰ মাতে মোৰ সম্বিত ঘুৰাই আনিলে,
: আজি আৰামেৰে শুই লওক দেই। কাইলৈ বহুত ঘুৰিব লাগিবতো।
ইমান প্ৰশান্তিময় ৰাতিটোত ভালকৈ টোপনি নামাৰিমনে! কাইলৈ পুৱাতে উঠি আকৌ নতুন ঠাইলৈ যোৱাৰ কথা গৱেষণাৰ সমল বিচাৰি! নতুন অভিজ্ঞতাৰ সোৱাদ বিচাৰি…



ক্ৰমশ: