Tuesday 14 July 2015

অসমৰ জৈৱবৈচিত্ৰ্য ৫: অৰ্কিড

জৈব-বৈচিত্ৰ্যৰ আকৰ অসমৰ গাঁৱে-ভূঞে তথা বনাঞ্চলসমূহত অনেক প্ৰজাতিৰ অৰ্কিড দেখা পোৱা যায় ৷ ইয়াৰে কিছুসংখ্যক অৰ্কিডে অসমৰ লোকসংস্কৃতিতো বিশেষ স্থান অধিকাৰ কৰি আহিছে৷ উদাহৰণস্বৰূপে, কপৌফুল ৰঙালী বিহুৰ এক অপৰিহাৰ্য অংগ৷ কপৌ ফুল অবিহনে বিহুৱতীৰ সাজ-সজ্জাই, বিহুৰ উদযাপনে পৰিপূৰ্ণতা নাপায়৷ তেনেদৰে ভাটৌফুলৰো অসমীয়া সমাজত সমাদৰ আৰু চাহিদা যথেষ্ট৷ 



অৰ্কিড ’অৰ্কিডেচি’ নামৰ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ একবীজপত্ৰী উদ্ভিদ ৷ ৰং বিৰঙী মনোমোহা ফুলবোৰৰ একক সজ্জাৰ বাবেই এইবোৰক পৃথক শ্ৰেণীৰ মৰ্য্যদা দিয়া হৈছে৷ অৰ্কিড ফুলৰ তিনিটাকৈ বেটুপাত আৰু পাহি থাকে; বেটুপাত তিনিটা সমান আকৃতিৰ কিন্তু এটা পাহি ৰূপান্তৰিত যাক ওঁঠ বুলি কোৱা হয়৷ এই বেটুপাত আৰু পাহিকেইটা এনেদৰে একান্তৰভাৱে সজ্জিত হৈ থাকে যে দেখাত ছটা পাহিৰ ফুল যেন ধাৰণা হয়৷ বেছিভাগ অৰ্কিডেই পৰাশ্ৰয়ী (Epiphyte) অৰ্থাৎ অন্য গছত আশ্ৰয় লৈ থাকে যদিও কিছুমান স্থলজ (Terrestrial) অৰ্কিডো পোৱা যায়৷ তেনেদৰে মৃত বা পচা গছত আশ্ৰয় লোৱা অৰ্কিডো (Saprophye) থাকে৷ পৰাশ্ৰয়ী অৰ্কিডসমূহে শিপাত থকা ’ভেলামেন’ নামৰ বিশেষ তন্তুৰ সহায়ত বতাহৰ পৰা জলীয় বাষ্প আহৰণ কৰে ৷ 

ভাৰতত পোৱা ১৩০০ মান প্ৰজাতিৰ ভিতৰত অসমত ৭১ গণৰ অন্তৰ্গত ১৯৩ বিধ অৰ্কিডৰ প্ৰজাতি পোৱা গৈছে ৷ ইয়াৰে ২৭ বিধ প্ৰজাতি কেৱল অসমতহে পোৱা যায় (endemic) ৷ তেনে কেইবিধমান অৰ্কিড প্ৰজাতি হ’ল- ফেলেন’পছিছ মাষ্টাৰছি (Phalaemopsis Mastersii), ডেনড্ৰবিয়াম মিছেৰাম (Dendrobium Miserum), এৰিয়া পুমিলা (Eria Pumila), ইউল’ফিয়া কেনডিডা (Eulophia Candida), ফলিডটা কেলচিয়েটা (Pholidata Calceata), পেফিঅ’পেডিয়াম স্পাইচেৰিয়েনাম (Paphiopedium Spicerianum), টাইনিয়া বাৰবাটা (Tainia Barbata), বাল্ব’ফাইলাম অবেৰিয়েনাম (Bulbophyllum Oberienianum) আদি ৷ অসমৰ কাছাৰ ,কাৰ্বি আংলং, দিহিং পাটকাই, নামবৰ আদি অঞ্চল অৰ্কিডত চহকী বুলি জনা যায়৷ 

কেৱল অসমত পোৱা অৰ্কিড- ফেলেন’পছিছ মাষ্টাৰছি,
(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
অসমত পোৱা অন্যান্য দুষ্প্ৰাপ্য পৰাশ্ৰয়ী অৰ্কিডৰ ভিতৰত উল্লেখযোগ্য হৈছে বাল্ব’ফাইলাম এপ’ডাম (Bulbophyllum apodum), ক্ৰিছ’গ্লছাম আৰনেটাম (Chrysoglossum ornatum), ক্লেইছ’ষ্টমা লিনেৰিল’বেটাম (Cleisostoma linearilobatum), ক্লেইছ’ষ্টমা ছিমণ্ডি (Cleisostoma simondii), চাৰকান্থাছ টেৰেটিফ’লিয়াছ (Sarcanthus teretifolius), ক্লেইছ’ষ্টমা চেইডেনফাডেনি (Cleisostoma seidenfadenii), কটন চেম্পিয়নি (Cotton championii), ডিপ্ল’প্ৰৰা চেম্পিয়নি (Diploprora championii), এৰিয়া ক’নেটা (Eria connata), এৰিয়া ফেৰুজিনিয়া (Eria ferruginea), চাৰক’কিলাছ ক্ৰেপিডিফ’ৰমিছ (Sarcochilus crepidiformis), ইউপ্ৰব’ছিছ পিগমিয়া (Euproboscis pygmaea) থ্ৰিকছস্পাৰনাম ন’টেবাইল (Thrixspermum notabile), থ্ৰিকছস্পাৰনাম পিগমিয়াম (Thrixspermum pygmaeum) ইত্যাদি৷ আপুৰুগীয়া স্থলজ অৰ্কিডৰ ভিতৰত ক’লাবিয়াম চাইনেনছ (Collabium chinense), ইপছিয়া ৰায়ানা (Ipsea wrayana), বাঁহ অৰ্কিড (Arundina graminifolia), কেলেন্থে মাচুকা (Calanthe masuca) আদিয়ে প্ৰধান ৷

অসমত পোৱা এবিধ স্থলজ অৰ্কিড কেলেন্থে মাচুকা
(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
অপৰূপ সৌন্দৰ্য তথা বৈচিত্ৰ্যৰ উপৰিও বহুতো অৰ্কিড প্ৰজাতিৰ বনৌষধি হিচাপেও সমাদৰ আছে৷ অৰ্কিডত থকা ঔষধিগুণ সম্পন্ন এলকালয়ড (alkaloids), ট্ৰিটাৰপেনইডছ (triterpenoids), ফ্লেভনয়ড (flavonoids) আৰু ষ্টিলবেন’ইডছ (stilbenoids) আদি ৰাসায়নিক উপাদানে নানা ৰোগ নিৰাময়ত সহায় কৰে বুলি তথ্য পোৱা গৈছে ৷ উদাহৰণস্বৰূপে, অসমীয়া সমাজত সকলোৰে প্ৰিয় অৰ্কিড কপৌফুলৰ শিপা আৰু ফুল উভয়ৰে ঔষধি গুণ আছে৷ ইয়াৰ শিপা হাড়ৰ বিভিন্ন ৰোগ নিৰাময়ত পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ আহিছে ৷ তাৰোপৰি কপৌফুলৰ ৰসে জণ্ডিচ, শ্বাসতন্ত্ৰৰ সমস্যা, পেটৰ অসুখ, কাহ, জ্বৰ, বিষ, বাতৰোগ নিৰাময়ত সহায় কৰে বুলিও জনা যায়৷ তেনেদৰে ডেন্দ্ৰ’বিয়াম ক্ৰুমেনেটিভ (Dendrobium crumenative), ইউল’ফিয়া কেম্পেছট্ৰিছ (Eulophia campestris), অৰ্কিছ লেটিফ’লিয়া (Orchis latifolia), ভেণ্ডা ৰক্সবাৰ্ঘি (Vanda roxburghii) আৰু ভেণ্ডা টেছেলাটা (Vanda tessellata) ৰ ঔষধি গুণ সম্পৰ্কেও বৈজ্ঞানিক তথ্য পোৱা গৈছে৷

শেহতীয়াকৈ বহুসংখ্যক অৰ্কিডেই প্ৰাকৃতিক পৰিবেশ ধ্বংস, ঔদ্যোগিকৰণ, প্ৰদূষণ আদিৰ বাবে বিপন্ন হোৱাৰ পথত৷ আই ইউ চি এনৰ ৰঙা তালিকাত বিলুপ্তপ্ৰায় (Endangered) ৰূপে চিহ্নিত কৰা অসমৰ অৰ্কিড প্ৰজাতিসমূহ হ’ল -এপ্লেট’নছ পাফিঅ’পেডিলাম (Appleton’s Paphiopedilum), চাৰ্লছৱৰ্থ পাফিঅ’পেডিলাম (Charlesworth Paphiopedilum), স্পাইচাৰছ পাফিঅ’পেডিলাম (Spicer’s Paphiopedilum) আৰু চাৰ্মিং পাফিঅ’পেডিলাম (Charming Paphiopedilum)৷ তাৰোপৰি এই তালিকাত ৱিল’জ পাফিঅ’পেডিলাম (Villose Paphiopedilum) নামৰ অৰ্কিড বিধকো অসুৰক্ষিত (Vulnerable) ৰূপে গণ্য কৰা হৈছে৷ এই আপুৰুগীয়া অৰ্কিডসমূহৰ স্থিতিৰ সঠিক তথ্য সংগ্ৰহ তথা ইয়াৰ ভাবুকিসমূহৰ নিয়ন্ত্ৰণ কৰি সংৰক্ষণ কৰাটো অতীব প্ৰয়োজনীয় ৷

অসমৰ জৈৱবৈচিত্ৰ্য ৪: বনৌষধি আৰু সুগন্ধি উদ্ভিদ

আধুনিক চিকিৎসা বিজ্ঞানৰ সংস্পৰ্শ পোৱাৰ বহু আগৰে পৰা মানৱ সমাজে প্ৰকৃতিৰ বিভিন্ন তৰু-লতাৰ নানা অংশ ৰোগ নিৰাময়ত ব্যৱহাৰ কৰি আহিছে৷ ৰোগ নিৰাময়ৰ এই পৰম্পৰাগত প্ৰথা ভাৰতবৰ্ষতো অতি প্ৰাচীন কালৰে পৰা প্ৰচলন হৈ আহিছে৷ আধুনিক বিশ্বতো বৰ্তমান এই বনৌষধি সমূহৰ বহুল ব্যৱহাৰ হৈছে আৰু এইবোৰৰ ঔষধি গুণাগুণ সম্পৰ্কে নিত্য নতুন তথ্য পোৱা গৈছে৷ ফলত ইয়াকে কেন্দ্ৰ কৰি বৰ্তমান বিশ্বত বনৌষধি আৰু সুগন্ধি উদ্ভিদৰ এক ক্ৰমবৰ্ধমান বাণিজ্য গা কৰি উঠিছে৷


ভাৰতত পোৱা বনৌষধিৰ সংখ্যা সঠিককৈ জনা নাযায় যদিও পৰম্পৰাগত চিকিৎসা পদ্ধতিত ব্যৱহাৰ হৈ অহা বনৌষধি ৩০০০-৮০০০ বিধ প্ৰজাতি বুলি ঠাৱৰ কৰা হয়৷ ভাৰতৰ ছটা পৰম্পৰাগত চিকিৎসা পদ্ধতি যেনে, আয়ুৰ্বেদ, হোমিঅ’পেথি অদিকে ধৰি অন্যান্য প্ৰকাশিত গৱেষণাপত্ৰৰ পৰা যুগুতোৱা ভাৰতীয় বনৌষধিৰ তথ্যভাণ্ডাৰত বৰ্তমানলৈ ৭২৬৩ বিধ বনৌষধিৰ উল্লেখ আছে৷ অৱশ্যে ভাৰতবৰ্ষত পোৱা প্ৰায় ৪৫,০০০ উদ্ভিদৰ ভিতৰত ৩৫,০০০ ত কৈও অধিক উদ্ভিদ ঔষধি গুণসম্পন্ন বুলি দাবী কৰা হয় আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত ৰোগ নিৰাময়ৰ বাবে এনে বনৌষধিৰ ব্যৱহাৰ হয়৷

জৈব-বৈচিত্ৰ্যৰ এক ’হট স্পট’ উত্তৰ-পূৰ্বাঞ্চলৰ বনৌষধি তথা সুগন্ধি উদ্ভিদ সম্পৰ্কে বৈজ্ঞানিক তথ্য সীমিত ৷ কিন্তু প্ৰাচীন কালৰে পৰা অসমৰ থলুৱা ৰাইজে পৰম্পৰাগতভাৱে নানা বনৌষধিৰ ব্যাপকভাৱে ব্যৱহাৰ কৰি আহিছে৷ ইয়াৰে কিছু সংখ্যকৰ ঔষধি গুণাগুণ বৈজ্ঞানিকভাৱে প্ৰমাণিত যদিও অনেক উদ্ভিদ সম্পৰ্কে বৰ্তমানো বৈজ্ঞানিক তথ্য তেনেই সীমিত৷

এবিধ উল্লেখযোগ্য বনৌষধি-ব্ৰাহ্মীশাক
অসমীয়া নিত্যনৈমিত্তিক খাদ্যৰ অন্তৰ্ভুক্ত প্ৰায়বোৰ শাক-পাচলি ঔষধি গুণসম্পন্ন বুলি তথ্য পোৱা যায়৷ উদাহৰণস্বৰূপে, পিয়াঁজ (Allium ascalonicum) দাঁতৰ বিষত, নহৰু (Allium sativum) উচ্চ ৰক্তচাপ, বহুমূত্ৰ, গেষ্ট্ৰিক আদিৰ নিয়ন্ত্ৰণত  ভোট জলকীয়া (Capsicum chinense) পেটৰ নানা সমস্যা নিৰাময়ত ব্যৱহাৰ হয়৷ তেনেদৰে, বৰ-কচু (Alocasia macrorrhiza) আঁঠুৰ যোৰাৰ বিষত, কোমোৰা (Benincasa hispida) মূত্ৰনলীৰ সংক্ৰমণ (infections), বৃক্কৰ পাথৰ, বদহজমৰ সমস্যাত,অমিতা (Carica papaya) অজীৰ্ণতা, কৌষ্ঠকাঠিন্য, ছালৰ ৰোগ আদিত, ঔটেঙা (Dillenia indica) গ্ৰহণী, জ্বৰ, চুলিৰ নানা সমস্যা আদিত, জাতি লাউ (Lagenaria vulgare) হৃদৰোগ, কৌষ্ঠকাঠিন্য, বৃক্কৰ ৰোগত, তিতা কেৰেলা (Momordica charantia) গ্ৰহণী, জ্বৰ, পেটৰ অন্যান্য ৰোগ নিৰাময়ত আৰু ভাত কেৰেলা (Momordica cochinchinensis) বৃক্কৰ পাথৰৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়৷ সেউজীয়া শাকৰ ঔষধি গুণ সৰ্বজনবিদিত অসমীয়া খাদ্যত সহজলভ্য এনে বনৌষধি শাক কিছুমানৰ উল্লেখযোগ্য ব্যৱহাৰ হ’ল, বৰ মানিমুনি (Centella asiatica) তেজৰ বিশুদ্ধিকৰণত, জিলমিল শাক (Chenopodium album) পেটত বিষ নিৰাময়ত, ব্ৰাহ্মীশাক (Bacopa monnieri) মৃগীৰোগ, কাহ, জ্বৰ, বহুমূত্ৰ আদি ৰোগ নিৰাময় আৰু সঞ্জীৱনীদায়ক (rejuvinative), মছন্দৰী (Houttuynia cordata) এলাৰ্জী উপশমত, দোৰোণ (Leucas aspera) যকৃতৰ ৰোগ, মূৰৰ বিষ, আভোক আদিত আৰু পদিনা (Mentha viridis) গ্ৰহণী নিৰাময়ত সহায় হয় বুলি জনা যায়৷ অন্যান্য শাক-পাচলি ৰূপে অসমীয়া সমাজত বহুলভাৱে ব্যৱহৃত বনৌষধি কিছুমান হৈছে, তেজপাত (Cinnamomum tamala), চজিনা (Moringa oleifera), আদা (Zingiber officinale) , জালুক (Piper nigrum), ডালচেনি (Cinnamomum zeylanicum), কোটাহী বেঙেনা ( Solanum phasianum) আদি৷ 

অন্য কিছুমান উদ্ভিদ মূলত: ঔষধি গুণৰ বাবেই অসমত খাদ্য হিচাপে গ্ৰহণ কৰা হয় ৷ উদাহৰণস্বৰূপে, বগা বাহক (Adhatoda vasica) কাহ আৰু এলাৰ্জীৰ সমস্যাত, চালকুৱঁৰী (Aloe barbadensis) জুয়েপোৰা আঘাত উপশম আৰু পেটৰ সমস্যাত, দূপৰ টেঙা (Kalanchoe pinnata) বৃক্কৰ পাথৰ, গ্ৰহণীকে ধৰি পেটত অসুখ, জণ্ডিচ, জ্বৰ আদিত আৰু মহানিম (Azadirachta indica) ছাল আৰু পেটৰ ৰোগ আদিত ব্যৱহাৰ হয় ৷ তাৰোপৰি শুকলতি (Perilla ocimoides), বিয়নীসাবটা (Desmodium laxiforum) , বন্দৰ কেকোঁৱা (Mucuna prurita), বচ গছ (Acoras calamus), চতিয়না (Alstonia scholaris), দূবৰি বন (Cynodon dactylon), যমলাখুটি (Clerodendron siphonanthus), নিলাজীবন (Mimosa pudica) আদিও অসমত পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ অহা বনৌষধি৷ এই বনৌষধি সমূহৰ বিভিন্ন অংশ যেনে, শিপা, পাত, কাণ্ড, ফল আদি ৰোগ নিৰাময়ত ব্যৱহাৰ হয়৷ 

তেনেদৰে অসমত থলুৱাভাৱে পোৱা ফল-মূলসমূহেও নানা ৰোগ নিৰাময়ত সহায় কৰে৷ বেল (Aegle Marmelos) গ্ৰহনী, অৰ্শ, জ্বৰ, জণ্ডিচ আদিত , মাটিকঁঠাল (Ananas comosus) জুয়েপোৰা আঘাত উপশমত, আতলচ (Annona squamosa) তেজত শৰ্কৰাৰ পৰিমাণ কমাবলৈ , কঁঠাল (Artocarpus integrifolia) মূৰৰ বিষ, বহুমূত্ৰ, এজমা, জ্বৰ, মৃগীৰোগ আদিত , কৰ্দৈ (Averrhoa carambola) হজমশক্তি বৃদ্ধি কৰিবলৈ, কোমোৰা (Benincasa hispida) মূত্ৰনলীৰ সংক্ৰমণ, বৃক্কৰ পাথৰ, অজীৰ্ণতা আদিৰ নিৰাময়ত, কলা-জামু (Eugenia jambolana) বহুমূত্ৰ, অজীৰ্নতা, উচ্চ ৰক্তচাপ আদি নিয়ন্ত্ৰণত, ডিমৰু (Ficus glomerata) যকৃতৰ সমস্যাত , আখৰুট (Juglans regia) আঘাত, আঁঠুৰ যোৰাত বিষ আদিত ব্যৱহাৰ কৰা হয়৷ অন্যান্য ঔষধি গুণসম্পন্ন ফল-মূল হৈছে, জুতুলীপকা (Rubus moluccanus) , কেঁহৰাজ (Eclipta alba), শিলিখা (Teminalia chebula), আমলখি (Phyllanthus emblica) ইত্যাদি ৷

কিছুসংখ্যক ফুলৰ প্ৰজাতিও অসমত বনৌষধি হিচাপে ব্যৱহৃত হয়৷ উদাহৰণস্বৰূপে, শেৱালি (Nyctanthes arbortristis) কাহ, মেলেৰিয়া, পেলু, জ্বৰ, বহুমূত্ৰ ৰোগ নিৰাময়ত, সোণাৰু (Cassia fistula) মুখৰ ঘাঁ, গ্ৰহণী, কাহ, পেটৰ বিষত, বকুল (Mimusops elengi) জ্বৰ, দাঁতৰ বিষত উপশমৰ বাবে অসমীয়াই ব্যৱহাৰ কৰে৷ অন্যান্য বনৌষধি ফুলৰ ভিতৰত শতমূল (Asparagus racemoses), জবা (Hibiscus rosa sinensis), মদাৰ (Erythrina indica), নয়নতৰা (Vinca rosea), ধঁতুৰা (Datura stragmonium) আদি প্ৰধান৷ 

প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা থকা সুগন্ধি উদ্ভিদ পাছাউলি
প্ৰচুৰ বাণিজ্যিক সম্ভাৱনা সম্পন্ন অসমৰ সুগন্ধি উদ্ভিদসমূহৰ ভিতৰত অৰ্জুন গছ , পাছাউলি,গান্ধ বিৰিণা, অগৰ, নেমু ঘাঁহ আদি উল্লেখযোগ্য ৷ পাছাউলি (Patchouli) এবিধ জোপোহা তৃণজাতীয় সুগন্ধি উদ্ভিদ (aromatic herb) য’ৰ পৰা সুগন্ধি তেল নিষ্কাষণ কৰা হয়৷ ইয়াৰ সুগন্ধৰ বাবে পাৰফিউম, চাবোন, প্ৰসাধন সামগ্ৰী আৰু অন্যান্য সুগন্ধি দ্ৰব্য প্ৰস্তুত কৰাত ইয়াৰ বহুল ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি এই তেলে হতাশাৰোধক (anti depressent) হিচাপে আৰু আঘাত উপশমতো সহায় কৰে৷ সমগ্ৰ বিশ্বতে পাছাউলিৰ উৎপাদন বাৰ্ষিক প্ৰায় ২০০০ টন বুলি জনা যায় ৷ তেনেদৰে চিত্ৰনেলা (Cymbopogon winterianus)-ৰ পৰা নিষ্কাষিত তেলত চিত্ৰনেলেল (citronellal), জেৰানিয়ল (geraniol), হাইড্ৰক্সি চিত্ৰনেলল (hydroxy citronellol) আদিয়ে সুগন্ধ প্ৰদান কৰে৷ সেয়ে ইয়াৰ তেল চাবোন, ডিটাৰজেন্ট, প্ৰসাধন সামগ্ৰী, ধূপ আদি সুগন্ধি কৰি তুলিবলৈ ব্যৱহাৰ কৰা হয়৷ নেমু ঘাঁহ (Cymbopogon flexuosus) অসমত পোৱা অন্য এবিধ সুগন্ধি ঘাঁহ৷ ইয়াত চাইত্ৰেল (citral ) নামৰ এক চাইক্লিক ম’ন’টাৰপিন (cyclic monoterpene) থাকে যি ঘাঁহবিধক নেমুৰ দৰে এক সুগন্ধি প্ৰদান কৰে৷ এই নেমু ঘাঁহৰ পৰা প্ৰস্তুত কৰা নেমু ঘাঁহ তেল প্ৰসাধন সামগ্ৰী, পাৰফিউম আৰু পানীয়ত সুগন্ধ আনিবলৈ ব্যৱহাৰ কৰা হয়৷ সমগ্ৰ বিশ্বতে বছৰি প্ৰায় ১৩০০ মেট্ৰিকটন নেমু ঘাঁহ ব্যৱহৃত হয়৷ অসমত পোৱা অন্যান্য সুগন্ধি উদ্ভিদৰ ভিতৰত গান্ধ বিৰিণা (Vetiveria zizanioides)-ৰ শিপাৰ তেল আৰু সুগন্ধমন্ত্ৰী (Homalomena aromatica) ৰ সুগন্ধি ৰাইজ’ম চাবোন, প্ৰসাধন সামগ্ৰী, পান মছলা, ধূপ আদি প্ৰস্তুত কৰোঁতে ব্যৱহাৰ হয়৷ গান্ধ বিৰিণাৰ শামক গুণ (cooling properties) থকা বুলিও জনা যায়৷ অসমৰ বৰাক উপত্যকাৰ পৰা প্ৰতিবছৰে প্ৰায় ৪০০ মেট্ৰিক টন সুগন্ধমন্ত্ৰীৰ ৰাইজ’ম ভাৰতৰ বিভিন্ন অঞ্চললৈ যায় ৷ অসমৰ অগৰ (Aquilaria agallocha) তেলৰো ব্যৱহাৰ আৰু বিনিয়োগৰ সম্ভাৱনা অনেক৷ ইয়াৰ দীৰ্ঘসময় অক্ষুণ্ণ থকা সুগন্ধৰ বাবে অগৰ অত্যাধিক মূল্যৰ পাৰফিউমত বহুলভাৱে ব্যৱহাৰ কৰা হয়৷ 

অসমৰ জৈৱবৈচিত্ৰ্য ৩: কীট-পতংগৰ বৈচিত্ৰ্য আৰু ব্যৱহাৰ

বাৰিষা অ’ত ত’ত দীঘলীয়া বাট গঢ়া পৰুৱাৰ লানিৰ পৰা, তীক্ষ্ণ মাতেৰে সন্ধিয়াবোৰ মুখৰ কৰি তোলা জিলিটো, কণমান পোহৰ কঢ়িয়াই অন্ধকাৰ আঁতৰাব খোঁজা জোনাকী পৰুৱাবোৰ, ফুলৰ মৌ চুহি উৰি ফুৰা ৰং-বিৰঙী পখিলা, খেতি-পথাৰত উপদ্ৰৱ কৰা অনিষ্টকাৰী পতংগবোৰলৈকে অসমীয়াৰ নিত্যনৈমিত্তিক জীৱনত সৰু-বৰ ভালেসংখ্যক কীট-পতংগ ওত:প্ৰোতভাৱে জড়িত হৈ আছে ৷ এনে উপকাৰী কীট-পতংগ অসমীয়া ৰাইজে বিভিন্ন উপায়েৰে ব্যৱহাৰ কৰি লাভৱান হৈছে ৷ তেনেদৰে অনিষ্টকাৰী পতংগ নিয়ন্ত্ৰণৰো বিভিন্ন ব্যৱস্থা হাতত লৈছে ৷

কীট-পতংগবোৰ অমেৰুদণ্ডী সন্ধিপদী প্ৰাণী ৷ ইহঁতৰ মূল বৈশিষ্ট হৈছে, তিনিটা অংশত বিভক্ত দেহ (মূৰ, বক্ষ আৰু পেট), তিনিযোৰ ঠেং আৰু এযোৰ এন্টিনা (antennae) ৷ বৈচিত্ৰ্যতাৰ ফালৰ পৰা সমগ্ৰ বিশ্বৰে মুঠ জীৱৰ আধাতকৈ অধিক প্ৰজাতি কীট-পতংগ৷ কীট-পতংগৰ ২৪ টা বৰ্গৰ ভিতৰত আটাইতকৈ বেছি প্ৰজাতি থকা বৰ্গসমূহ হৈছে- গুবৰুৱাজাতীয় পতংগ (Beetles, বৰ্গ- Coleoptera), মাখিজাতীয় পতংগ (Fly, বৰ্গ-Diptera) , বৰল (wasps), মৌমাখি (bees) আৰু পৰুৱা (ants) (বৰ্গ-Hymenoptera) আৰু সকলো পখিলা ( বৰ্গ- Lepidoptera) ৷ ১৯৯১ চনৰ জুল’জিকেল চাৰ্ভে অব ইণ্ডিয়াৰ তথ্য অনুসৰি সমগ্ৰ বিশ্বৰ ৯৮,৩৭৪৪ টা কীট-পতংগৰ প্ৰজাতিৰ ভিতৰত ভাৰতত ৬০,৩৮৩ টা প্ৰজাতি অৰ্থাৎ বিশ্বৰ প্ৰায় ৬.১৩% বৰ্তমানলৈকে চিনাক্ত কৰা হৈছে৷ ইয়াৰে কিমান সংখ্যক অসমত পোৱা যায় সেয়া সঠিককৈ ক’ব পৰা নাযায়৷ 

উত্তৰ-পূৰ্বাঞ্চৰ অন্যান্য ৰাজ্যসমূহৰ লগতে অসমতো কীট-পতংগ খাদ্য হিচাপে গ্ৰহণ কৰা হয়৷ সমগ্ৰ বিশ্বতে প্ৰায় ২০০০ বিধমান কীট-পতংগৰ প্ৰজাতি খাদ্য হিচাপে গ্ৰহণ কৰা হয়৷ অসমৰ বিভিন্ন জনজাতিৰ লোকে পানীত থকা জায়েন্ট ৱাটাৰ বাগ (Lethocercus indicus), জিলি (House cricket), মৌমাখি (honey bee brood), ফৰিং (grasshopper) আদি খায়৷ এৰী (Eri silkworm) আৰু মুগা (Muga Silkworm) পলু মিচিং জনজাতীয় লোকৰ প্ৰিয় খাদ্যৰ অন্তৰ্ভুক্ত৷ আহোম সম্প্ৰদায়ৰ লোকে বিহুৰ সময়ত আমৰলি পৰুৱা (Red tree ants, বৈজ্ঞানিক নাম-Oecophylla smargdina) খোৱাৰ নিয়ম৷ তেনেদৰে অসমৰ বিভিন্ন অঞ্চলত পৰম্পৰাগতভাৱে খাদ্য হিচাপে গ্ৰহণ কৰি অহা অন্যান্য কীট-পতংগ হৈছে, Dorylus orientalis, Acheta domestica, Lethocercus indicus, Odontotermes obesus, Apis indica, Vespa orientalis, Hydrochara rickseckeri, Heiroglyphus bannian, Neoconocephalus palustris, Philosomia ricini, Anthera assama , Bombyx mori ইত্যাদি ৷ 

অসমত খোৱা এবিধ পতংগ-জায়েন্ট ৱাটাৰ বাগ
খাদ্য হিচাপে গ্ৰহণ কৰা এই কীট-পতংগসমূহ ঔষধি গুণসম্পন্ন বুলি জনা যায়৷ কীট-পতংগসমূহ প্ৰটিন, শৰ্কৰা, লোণ আৰু ভিটামিনেৰে সমৃদ্ধ হৈ থাকে৷ লেটাসমূহত পটেছিয়াম, জিংক আদিকে ধৰি ভালেসংখ্যক ৰাসায়নিক উপাদান থাকে৷ অসমত খোৱা বৰল (Vespa orientalis) কাহ,পানীলগা, পেটৰ বিভিন্ন ৰোগত, Eumenes petiolatus নামৰ পোকবিধ মূৰৰ বিষ আৰু জুয়েপোৰা আঘাত উপশমত ব্যৱহাৰ হয়৷ তেনেদৰে আমৰলি পৰুৱাত থকা ফ’ৰমিক এচিডে সৰু আই, দাঁতৰ বিষ, পেটৰ সমস্যা, ৰক্তচাপৰ সমস্যা আদি নিৰাময়ত সহায় কৰে বুলি ধাৰণা কৰা হয়৷ 

খাদ্যৰ উপৰিও কীট-পতংগৰ অন্য ব্যৱহাৰো আছে৷ উদাহৰণস্বৰূপে, উইঁহাফলু (Termite) অসমীয়া ৰাইজে মাছৰ খাদ্য হিচাপে ফিছাৰি সমূহত ব্যৱহাৰ কৰে৷ মুগা, পাট আৰু এৰীপলু ৰ পৰা সূতা উলিয়াই অসমীয়া পৰম্পৰাগত সাঁজ তৈয়াৰ কৰা হয়৷

অসমৰ জৈৱবৈচিত্ৰ্য ২: সৰীসৃপ

অসমৰ ভৌগোলিক অৱস্থান আৰু বাসস্থানৰ ভিন্নতাৰ বাবে ইয়াৰ সৰীসৃপ প্ৰজাতিও বৈচিত্ৰ্যপূৰ্ণ ৷ নৈ-বিল, ঘাঁহনি, বনাঞ্চলকে ধৰি মানুহৰ বাসস্থানৰ আশে-পাশেও অনেক প্ৰকাৰৰ সৰীসৃপ প্ৰাণী দেখা পোৱা যায়৷ তথ্য অনুসৰি, অসমত এবিধ ঘঁৰিয়াল, ১৯ বিধ কাছৰ প্ৰজাতি , ৭৭ বিধ সাপ আৰু অনেক প্ৰকাৰৰ জেঠীজাতীয় সৰীসৃপ পোৱা যায়৷


ঐতিহাসিকভাৱে ঘঁৰিয়াল (Gharial gangeticus) অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈত আৰু ইয়াৰ প্ৰায়বোৰ উপনৈত পোৱা গৈছিল যদিও বৰ্তমান ইয়াৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে৷ আই ইউ চি এনৰ ৰঙা তালিকাতো এই প্ৰাণীবিধক বিপদজনকভাৱে সংকটাপন্ন (critically endangered) বুলি চিহ্নিত কৰা হৈছে ৷ ২০১০ চনৰ এক গৱেষণাৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহত ঠাইবিশেষে ঘঁৰিয়াল পোৱা যায়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য অঞ্চল হৈছে, লখিমপুৰৰ সোৱণশিৰি নৈ, বৰাক উপত্যকাৰ ধলেশ্বৰী নৈ, গোৱালপাৰাৰ উৰপড বিল (Urpod beel), লক্ষীপুৰৰ জিঞ্জিৰাম নৈ, বৰপেটাৰ বেঁকী নৈ ইত্যাদি৷ 

অসমৰ এবিধ বিলুপ্তপ্ৰায় কাছ বাঘিয়া কাছ(ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)
কাছৰ প্ৰজাতিও অসমৰ নৈ-পুখুৰী আৰু আদ্ৰভূমিসমূহত উভৈনদী৷ তথ্য অনুসৰি ভাৰতত পোৱা ২৯ বিধ মিঠাপানীৰ কাছ (freshwater turtles and tortoises) ৰ ভিতৰত ২১ বিধ উত্তৰ-পূৰ্বাঞ্চলতে পোৱা যায় ৷ ইয়াৰে ভালেসংখ্যক ব্ৰহ্মপুত্ৰ উপত্যকাত আৰু হিমালয়ৰ পাদদেশত বাস কৰে ৷ শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নদী অববাহিকাক কাছৰ সংৰক্ষণৰ দিশত বিশ্বৰ ভিতৰতে অতি গুৰুত্বপূৰ্ণ স্থান (world’s highest priority freshwater turtle conservation area) বুলি চিহ্নিত কৰা হৈছে ৷ অসমত দেখা পোৱা কাছৰ প্ৰজাতিৰ ভিতৰত উল্লেখযোগ্য হৈছে, চকৰি কাছ (Peacock Softshell Turtle Bor), বৰ কাছ (Black Softshell Turtle), লাউমূৰা কাছ (Indian Softshell Turtle), বাঘিয়া কাছ (Narrow headed Softshell Turtle), হালধীয়া ফুটুকী কাছ (Indian Flapshell Turtle), শালিকা দুৰা (Assam Roofed Turtle), ফুটুকী শালিকা দুৰা (Indian Roofed Turtle), মূগা দুৰা (Brown Roofed Turtle), নল দুৰা Spotted Pond Turtle), বৰ দুৰা(Crowned River Turtle), পাহাৰীয়া দুৰা বা শিল দুৰা Tricarinate Hill Turtle), জাপ দুৰা (Malayan Softshell Turtle), চেপেটা দুৰা (Indian Leaf Turtle), পাহাৰী জাপ দুৰা (Keeled Box Turtle) ইত্যাদি৷ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিভিন্ন প্ৰকাৰৰ কাছৰ এক উল্লেখযোগ্য বাসস্থান৷ ইয়াত পোৱা পাহাৰী জাপ দুৰা  বাঘিয়া কাছ আদি আই ইউ চি এন তালিকাত সংকটাপন্ন হিচাপে চিহ্নিত কৰা হৈছে ৷ কিন্তু অসমৰ এই বিভিন্ন প্ৰকাৰৰ কাছবোৰ ব্ৰহ্মপুত্ৰত মাছ ধৰোঁতে একেলগে পাই বহুতে চোৰাংচিকাৰীৰ হাতত গতাই দিয়ে বুলি জনা যায় ৷ ফলস্বৰূপে এনে আপুৰুগীয়া কাছৰ প্ৰজাতিসমূহ বৰ্তমান সংকটৰ মুখামুখি হৈছে৷

অসমত পোৱা বিভিন্ন সাপৰ ভিতৰত ঢোঁৰা সাপ (checkered keelback), গুৱলা সাপ (Milk snake), শঁকা সাপ (Banded krait), চকৰিফেঁটী সাপ (Monocled cobra ), ৰাজফেঁটী সাপ (King Cobra), অজগৰ সাপ (Asiatic Python), সৰু-খন্তীয়া সাপ (Brahminy Blindsnake), কাৰ্শলা সাপ (Bronzeback Tree Snake), মচোৱা গোম সাপ (Oriental Ratsnake), বৰ-খন্তীয়া সাপ (Diard’s Blind Snake), শালিকা ঠোঁটিয়া সাপ (Short-nosed Vine Snake), বামুণী সাপ (Buff-Striped Keelback), ধুন্দুলী ফেঁটীসাপ (Copper-headed Trinket Snake), সুন্দৰী সাপ (Ornate Flying Snake), মেনী সাপ (Smooth Water Snake), মালীবৰ সাপ (Common Wolf Snake), বগাপতীয়া খুকুৰী সাপ (White-barred Kukri Snake), শামুক খোৱা সাপ (Assam Snail Eater), বাটৰাজ সাপ (Red-necked Keelback), লাওডোগা সাপ (White-lipped Pit Viper ), সৰু পৰ্বতীয়া ভাইপাৰ (Mountain Pit Viper), ডাঙৰ পৰ্বতীয়া ভাইপাৰ (Jerden's Pit Viper), হালধীয়া ভাইপাৰ (White-lipped Pit viper), শংখচূড় (Banded Krait), চকৰি ফেঁটি (Monocellate cobra) আদিয়ে প্ৰধান ৷ ইয়াৰে, সৰু-খন্তীয়া সাপ (Brahminy Blind Snake), বৰ-খন্তীয়া সাপ (Diard's Blind Snake), অজগৰ (Burmese Python), ঢোঁৰা (Checkered Keelback), মচোৱা গোম, কালডাৰাইছ (Indian Rat Snake), বামুনী সাপ, জুনিয়া (Striped Keelback), ধুন্দলী ফেঁটী, দুধৰাজ,বাতৰাজ, নিলাজীগোম (Copper-headed Trinket), কৰ্শলা,কাণশলকা, এছাৰি (Painted Bronzeback), খুকুৰি সাপ (White-barred Kukri Snake), মৰালি, মাল্লিবৰ (Common Wolf Snake), শামুক খোৱা সাপ (Assam Snail Eater) আদি বিষহীন সাপ৷ নকলি ভাইপাৰ (Common Mock Viper), লতাসাপ, বেজীমুখি, পাতসাপ, শালিকা ঠোঁটিয়া সাপ, গকুল মেকুৰী সাপ (Eastern Cat Snake), কলপতীয়া মেকুৰী সাপ (Green Cat Snake), সুন্দৰী সাপ, কালনাগিনী, উৰণীয়া সাপ (Ornate Flying Snake), গেমেটীয়া ঢোঁৰা (Common Water Snake), পাহাৰী বাটচুপা (Himalayan Keelback), বাটচুপা (Red-necked Keelback) আদি সামান্যভাৱে বিষাক্ত সাপ৷ সাপক কেন্দ্ৰ কৰি অসমীয়া সমাজত থকা অন্ধবিশ্বাসসমূহৰ বাবে বছৰি বহুসংখ্যক সাপ মানুহৰ আক্ৰমণৰ চিকাৰ হয় ৷ সাপৰ সংৰক্ষণৰ বাবে ৰাইজৰ মাজত এইসম্পৰ্কীয় শুদ্ধ তথ্যৰ প্ৰচাৰ আৰু সংৰক্ষণৰ গুৰুত্বৰ বাবে সচেতনতা অনাৰ প্ৰয়োজন৷

অসমত পোৱা এবিধ বিষহীন সাপ-শামুক খোৱা সাপ  (ফটো-ইন্টাৰনেটৰ পৰা সংগৃহীত)