Sunday 11 September 2016

অসমত চলি অহা তোলনি বিয়া বন্ধ হোৱা উচিত:পাঁচটা যুক্তি

তোলনি বা শান্তি বিয়া অসমত প্ৰচলিত এটা সামাজিক পৰম্পৰা য’ত প্ৰথমবাৰ ঋতুমতী হোৱা কিশোৰীক সাতদিনলৈ নানা নীতি নিয়মেৰে আছুতীয়াকৈ ৰাখি শেষত নোৱাই-ধোৱাই বিয়া তোলা হয়৷ পূৰ্বতে এই অনুষ্ঠানত পুৰুষৰ কোনো ভূমিকা নাছিল৷ প্ৰায় সকলো জনগোষ্ঠীতে কেৱল গাঁৱৰ মহিলাসকলে কিছু ৰং-ধেমালি কৰি এই পৰম্পৰা পালন কৰিছিল ৷ কিন্তু সাম্প্ৰতিককালত ’দেখাক দেখি উঠক গা’ ৰ অনুগামী অসমীয়াৰ মাজত তোলনি বিয়াক দিনক দিনে জাকজমককৈ উৎসৱৰ দৰে পালন কৰাৰ প্ৰবণতা দেখিছোঁ৷ যি ৰূপতে নহওক, এই তোলনি বিয়া আজিৰ যুগত সকলো দিশৰ পৰাই কুসংষ্কাৰপূৰ্ণ, মহিলাৰ বাবে অপমানজনক আৰু নিতান্তই অপ্ৰয়োজনীয় ৷ বহুতৰ বাবে বিতৰ্কিত এই উক্তিৰ সমৰ্থনত মোৰ পাঁচটা যুক্তি আগবঢ়ালো৷ এইসম্পৰ্কে আপোনাৰ কোনো দ্বিমত থাকিলে যুক্তিপূৰ্ণভাৱে উনুকিয়ালে সুখী হ’ম৷


১) অবৈজ্ঞানিক কুসংষ্কাৰ : ঋতুস্ৰাৱ নাৰীৰ শৰীৰৰ এটা অতি স্বাভাৱিক পৰিঘটনা৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল, কিশোৰী এগৰাকীৰ জীৱনৰ ই একান্তই ব্যক্তিগত বিষয়৷ ইয়াকে লৈ সমাজ মাতি ভোজ-ভাত খাই ৰং-ৰহইচ কৰাৰ যেনেকৈ কোনো অৰ্থ নাই, তেনেকৈ কিশোৰীগৰাকীক গোপনীয়তা ৰক্ষাৰ হেতু সকলোৰে পৰা আঁতৰত ঘৰৰ এচুকত বন্দী কৰি ৰখাৰো যুক্তি নাই৷ এই পৰম্পৰাৰ সৈতে জড়িত চাৰিদিন উপবাসে ঘৰৰ চুকত নিলগাই ৰখা, সেই সময়ত ৰ’দৰ কিৰণ এছাটিও সোমাব নোৱাৰাকৈ ৰখা বা কোনো পুৰুষৰ মুখ নোচোৱা ইত্যাদি সকলোবোৰ কুসংষ্কাৰ৷ তাৰ সলনি, কিশোৰীগৰাকীক যিমান পাৰি সহজভাৱে এই স্বাভাৱিক প্ৰক্ৰিয়া গ্ৰহণ কৰি স্বাস্থ্যসন্মত ভাৱে থাকিবলৈ অভিভাৱকে শিকোৱা উচিত৷


২) নাৰীৰ মৰ্যদাহানিকৰ: নাৰীৰ দেহৰ অতি স্বাভাৱিক পৰিৱৰ্ত্তন এটাক লৈ সামাজিকভাৱে আনুষ্ঠানিকতা পালন কৰিবলৈ এইটো নাৰীৰ এটা নিতান্তই ব্যক্তিগত বিষয়৷ এই শাৰীৰিক প্ৰক্ৰিয়াটোকে লৈ ধুমধামেৰে বিয়া এখন পাতি ৰং ৰহইচ কৰাতো কিশোৰী এগৰাকীয়ে সেই সময়ত মৰ্যদা হানিকৰ বুলি নুবুজিব পাৰে৷ কিন্তু মাক-দেউতাকে সেই কথা অনুধাবন নকৰাটো সঁচাই আশ্চৰ্য্যকৰ৷ বহু যুগৰে পৰা চলি অহা পৰম্পৰা বুলিয়ে সকলো কুসংষ্কাৰপূৰ্ণ নীতি নিয়ম আধুনিক অসমীয়া সমাজে অন্ধ হৈ পালন কৰিবলৈ হ’লে সমাজৰ বিকাশৰ বাটেই হেৰোৱাৰ উপক্ৰম হ’ব৷ বহু মাক-দেউতাকে ’পলাই যোৱা’ৰ সম্ভাবনাটোৰ অজুহাতত কিশোৰীগৰাকীৰ তোলনি বিয়াখন পাতি আগতীয়াকৈয়ে মাঙ্গলিক বিধিখিনি পালন কৰি মনোকামনা পূৰণ কৰাৰ এটা উদ্ভত যুক্তি কেতিয়াবা শুনা পাওঁ৷ বয়সন্ধিৰ সময়ত কিশোৰীগৰাকীক সেই যুক্তিত যদি তোলনি বিয়া পতা হয়, তেনে তাৰ মূলভাবটো এনে হয়গৈ যে, ‘আমি ছোৱালীজনীৰ এই এঘাৰ-বাৰ বছৰতে মাংগলিক কামখিনি কৰি আজৰি৷ এতিয়া আজিৰ পৰা দহ-পোন্ধৰ বছৰৰ পিছত তাই পলাই গ’লেও আমাৰ একো আপত্তি নাই!’ সন্তানৰ ভৱিষ্যত গঢ় দিয়াৰ চিন্তাৰ সলনি অভিভাবকে যদি এনে ঋণাত্মক মনোবৃত্তি দেখুৱায় সেয়া পৰিতাপৰ কথা৷ মোৰ মা-দেউতাই যদি এনে ভাবেৰে মোৰ তোলনি বিয়া এখন ধুমধামেৰে পাতিলেহেঁতেন (ৰক্ষা যে নাপাতিলে!), মোৰ আত্মসন্মানত আঘাত লগা যেন পালোহঁতেন আৰু অন্তৰেৰে সঁচা অৰ্থত কেতিয়াও তেওঁলোকক সন্মান কৰিব নোৱাৰিলোঁহেঁতেন৷ ল’ৰা বা ছোৱালীয়ে পলাই গৈ বিয়া পতাটো তেওঁলোকৰ ব্যক্তিগত কথা, তাত মোৰ একো ক’বলগীয়া নাই৷ কিন্তু সেইটোৰ অজুহাত দেখুৱাই অভিভাবকে এগৰাকী কিশোৰীক দহ-পোন্ধৰ বছৰ আগতীয়াকৈ মাংগলিক কাৰ্য্য পালন কৰি দায়িত্ব সাৰিব বিচৰাটো অপমানজনক!

৩) অৰ্থনৈতিক: বৰ্তমান  অন্য বহুতো কাৰবাৰৰ দৰে তোলনি বিয়া জাকজমকতাৰে পতাটোও বহতৰ বাবে সমাজত নিজৰ প্ৰতিপত্তি দেখুওৱাৰ এটা মাধ্যম হৈ পৰিছে৷ কোনে নিজৰ জীয়েকৰ বিয়াত কি কি খুৱালে, কিমানযোৰ কাপোৰ-গহণা পিন্ধালে, কিমান ডাঙৰকৈ ৰভা দিলে আদি এই প্ৰতিযোগিতাৰ মাপকাঠি হৈ পৰিছে৷ এই দৌৰত ছোৱালীৰ তোলনি বিয়াৰ নামত নিজৰ সাঁচতীয়া সকলোখিনি উদং কৰি সৰ্বস্বান্ত হৈ পৰা বহুতো লোক নিজেও ওচৰৰ পৰা পাইছোঁ৷ আনকি ছোৱালীৰ জন্মৰ সময়ৰে পৰা এই উদেশ্যেই টকা একাষৰীয়াকৈ ৰাখিবলৈ লোৱা অভিভাৱকো আছে৷ ইয়াৰ সলনি যদি মাক-দেউতাকে ছোৱালীজনীৰ ভৱিষ্যতৰ বাবে বা পঢ়া-শুনাৰ বাবে সেই খৰচখিনি একাষৰীয়াকৈ ৰাখে ছোৱালীজনীৰ কিমান উপকাৰ কৰা হ’ব! যি গতিত আৰু যি ৰূপত এই পৰম্পৰাই অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ মাজত শিপাইছে, সঁচাকৈয়ে ই ভৱিষ্যতে বব নোৱাৰা বোজা হ'বগৈ৷


৪) কৈশোৰ মনত বিৰূপ প্ৰভাৱ: আকৌ কওঁ প্ৰথম ঋতুস্ৰাৱ এটা স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া ৷ পৰিয়ালৰ বা সমাজৰ সকলোৰে বাবে যিমানেই আনন্দদায়ক নহওক সেইবোৰৰ পৰা এই অনুষ্ঠানৰ কেন্দ্ৰবিন্দু কিশোৰীগৰাকীৰ মনত বিৰূপ প্ৰভাব পৰাটো ধুৰুপ৷ উদাহৰণস্বৰূপে, কিশোৰীগৰাকীক এনে শাৰীৰিক পৰিৱৰ্তনসমূহ স্বাভাৱিকভাৱে গ্ৰহণ কৰিবলৈ নিশিকাই আছুতীয়াকৈ ৰাখি ’চুৱা’ হোৱাৰ সময়ত পালিবলগীয়া এশ এটা নীতি-নিয়মৰ শিক্ষা দিয়া হয়৷ সমগ্ৰ জীৱনলৈ প্ৰতিমাহৰ সেই এটা সপ্তাহ দৈনন্দিন জীৱনটো স্তব্ধ কৰি ঘৰৰ এচুকত পৰি থাকিবলৈ শিকোৱা হয় (যিটো সম্পূৰ্ণ অবৈজ্ঞানিক আৰু ব্যৱহাৰিক দিশৰ পৰা নিতান্তই অযুক্তিকৰ)৷ এই নীতি-নিয়ম, শিক্ষাসমূহে কিশোৰীগৰাকীৰ মনত নিজৰ সম্পৰ্কেই বহুতো ঋণাত্মক ধাৰণা আনি দিব পাৰে৷ এইবোৰে ভৱিষ্যত জীৱনত আত্মবিশ্বাস গঢ় লোৱাতো বাধা দিব পাৰে৷ মোৰ বোধেৰে, অবৈজ্ঞানিক আৰু কুসংস্কাৰপূৰ্ণ পৰম্পৰা এটাই অসমীয়া কৃষ্টি-সংস্কৃতি কোনো প্ৰকাৰে সমৃদ্ধতো নকৰেই, বৰং সেই দোদোল্যমান বয়স:ন্ধিৰ সময়ছোৱাত কিশোৰী এগৰাকীৰ মনত যথেষ্ট বিৰূপ প্ৰভাৱ পেলায়৷


৫) সহযোগী কুসংষ্কাৰসমূহ: এই পৰম্পৰা যেতিয়ালৈকে থাকিব ইয়াৰ ভিত্তিতে নানা যুক্তিহীন আৰু অপমানজনক কথা-কাণ্ডও ঠায়ে বিশেষে বৰ্তি থাকিব বা নতুনকৈ যোগ দিয়াও হৈ থাকিব৷ উদাহৰণস্বৰূপে, আজিৰ পৰা বিশবছৰ মানৰ আগলৈকে ঢকুৱাখনাৰ এখন প্ৰতিষ্ঠিত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত পুস্পিতা হোৱা ছোৱালীৰ ইউনিফৰ্ম চাদৰ-মেখেলা আৰু বাকীবোৰৰ স্কাৰ্ট আছিল৷ পুস্পিতা হোৱা নোহোৱাক লৈ এনেকৈ পৃথক কৰাটোৱে ছাত্ৰীৰ মানসিকতাত কেনেকৈ প্ৰভাব পেলাব পাৰে সেয়া সহজেই অনুমেয়৷ পিছত সচেতন অভিভাৱকৰ প্ৰচেষ্টাতে হয়তো এই নিয়ম উঠি গৈছিল৷ এনে 'নিয়ম-পৰম্পৰা'ৰ কথাও শুনো য'ত বহুতে সেই দিনা কলগছৰ সৈতে 'প্ৰতিকী অৰ্থ'ত ছোৱালীজনীক বিয়া দিয়াৰ ৰীতিখিনি পালন কৰে, আকৌ কাপোৰৰ 'প্ৰতিকী' কেঁচুৱাক নিঁচুকাবলৈ দিয়ে!

ব্যক্তিগত একাষাৰ:
মই নিজে প্ৰতিমাহে হোৱা এটা তেনেই স্বাভাৱিক পৰিঘটনাক লৈ পঢ়াশালি বা কৰ্মস্থানত নৰম মনোভাৱ বা কামৰ পৰা বিৰতি লোৱা আদিৰো সমৰ্থন নকৰোঁ৷ নিজৰ ক্ষেত্ৰতে কওঁ, গাঁৱত অন্য সকলোৰে দৰে অন্তত: ‘তিনিদিনলৈকে ক’লৈকো ওলাব নোৱাৰি, ক’তো বহিব নোৱাৰি, পাকঘৰত-প্ৰাৰ্থনাঘৰত সোমাব নোৱাৰি , একো এটা কাম কৰিব নোৱাৰি’ ধৰণৰ পৰিবেশ এটাৰ পৰা ওলাই আহি দেখিলোঁ, অসমৰ বাহিৰত এনে সময়ছোৱাতো লগৰ সকলোৱে স্বাভাৱিকভাৱে কাম-কাজ কৰে, দৈনন্দিন দৌৰা-দৌৰি, খেলা-ধূলা, নিয়মিত ব্যায়াম- একোতে কোনো পৰিৱৰ্ত্তন নাই৷ তেতিয়া বুজিলোঁ, এই যে প্ৰতিমাহে তিনিৰ পৰা সাতদিন পৰ্যন্ত তেনেই অবলাৰ দৰে ঘৰৰ এচুকত সোমাই থকা কাৰবাৰটো আমাৰ মানসিক বাধা (mental barrier)ৰ পৰাহে হোৱা, শাৰীৰিক নহয়৷ কিছুমান ব্যতিক্ৰম বাদ দি (যাৰ বাবে কোনো কাৰণত এই সময়খিনি খুবেই পীড়াদায়ক হয়), প্ৰায় সকলো নাৰীয়ে স্বাস্থ্যসন্মত বিধিখিনি পালন কৰিও স্বাভাৱিকভাৱে কাম-কাজ কৰিব পৰা অৱস্থাত থাকে৷ এনে নোহোৱা হ’লে আজিৰ দিনত শাৰীৰিক দক্ষতা প্ৰয়োজন হোৱা বহু ক্ষেত্ৰত মহিলাই খোঁজেই পেলাব নোৱাৰিলেহেঁতেন৷ মই নিজে এনে এক ক্ষেত্ৰত জড়িত বাবে ব্যক্তিগত অভিজ্ঞতাৰ পৰা কথাখিনি ক’লো৷ সেয়ে মই ভাৱো, তোলনি বিয়া সকলো দিশৰ পৰাই কুসংস্কাৰপূৰ্ণ, নাৰীৰ মৰ্যদা হানিকৰ আৰু আজিৰ দিনত তেনেই অপ্ৰাসংগিক৷

Thursday 8 September 2016

অপেক্ষা

তোমাৰ পৰা হাজাৰ মাইল দূৰত
মৌনতাৰে মুখৰ এটি নিশা
দুলি আছেহি
মোৰ চোতালত সোঁৱৰণীৰ ঢৌ  তুলিছেহি
মিলনৰ আকলুৱা পল গণিছেহি

তোমাৰ অবিহনে
হৃদয়ত ওলোমা বাদুলি হৈ ৰয়
টুকুৰা-টুকুৰি অস্থিৰতা
নিশাবোৰৰ উচপিচনিত
বগুৱা বাই আহে অনিদ্ৰা
শূন্যতাই ভাৰাক্ৰান্ত কৰি তোলেহি
মোৰ ইপাৰ সিপাৰ

এই কংক্ৰীটৰ মহানগৰীত
নিজম নিশাবোৰ জয়াল হৈ নুঠে
ফেঁচাৰ উৰুলিত
বিজুলী-ঢেৰেকনিৰে মুখৰিত হৈ
বাৰিষাও নাহে এই নগৰীলৈ

তুমি আহিলেই ইয়াত যে বসন্ত নামিব
প্ৰাণহীন নগৰী জীপাল হৈ উঠিব
চঞ্চল সময় ৰৈ যাবহি
ভালপোৱাৰ কেঁকুৰিত
দুয়ো এক হৈ যোৱাৰ গান এটি আওৰাব

তুমি অহাৰ দিনা
বিৰহী শীতৰ পুৱাও
হিয়াখন উমাল হৈ ৰ’ৱ
গোমোঠা আকাশৰ ডাৱৰ ফালি
এছাটি ৰ’দ উজ্বলিব
এই বিদেশী মাটি আৰু বতাহ
আপোনত্বৰ গোন্ধত আমোলমোলাব

তুমি অহাৰ দিনা
মই পাখিলাহী পখিলা হ’ম
অতদিনে গোঁজ মাৰি থোৱা
হাঁহিবোৰ এৰি দিম
আৰু চকুপানীবোৰকো
তোমাৰ বুকুত ঠাই উলিয়াই দিম

তুমি অহাৰ দিনা
মই সুখী হ’ম
সকলো হাঁহাকাৰ দলিয়াই
পৰিপূৰ্ণ হ’ম

তুমি আহিবানে?
তুমি আহিবানে?