Sunday 20 November 2016

হৃদয়ত খৰাং

এসময়ত ইয়াতে এডৰা সেউজীয়া আছিল
অনুভৱৰ বা-মাৰলিয়ে ঘনে ঘনে
শব্দৰ বৰষুণ নমাইছিল
ৰ’দ-বৰষুণৰ লুকাভাকুৱে
সপোনৰ ৰানধেনু আঁকিছিল
উছাহৰ ফেনে-ফোটোকাৰে ভৰা নৈখনত
সৰু-বৰ অজস্ৰ ঢৌ তুলিছিল

এতিয়া ইয়াত ৰাশি ৰাশি বালি
এক অনুৰ্বৰা নিৰ্দয় মৰুভূমি
ইপাৰ-সিপাৰ নমনা শূন্যতা

এজাক বৰষুণৰ আশাত বন্দী
মোৰ হৃদয়ত এতিয়া খৰাং


ৰচনাকাল: ০২/০৭/২০১৬

Thursday 3 November 2016

এটি অজুহাত পালেই

এটি অজুহাত পালেই মই গুচি যাব পাৰোঁ
কোনেও নোযোৱা বাট এটিৰে
সিপাৰে কি নজনা সুঁতি এটাৰে
গৈ গৈ নিৰুদ্দেশ হৈ যাব পাৰোঁ
কোনোবা অচিন-অজান কেকুঁৰিত

একোৱেইতো নাই যি
আঁটি আঁটি বান্ধি ৰাখিব মৰমৰ জৰীৰে
যি জীৱনৰ মৰিশালিত সেউজ ৰহণ বোলাব
যি সহমৰ্মিতাৰ হাতখন মেলি দিব আৰু
আৱৰি ধৰিব এবুকু ভালপোৱাৰে

নাজানো কোন বাটে কেনি আহি
পালোহি এইখিনি
য’ত হেপাঁহবোৰ এলাগী হয়
সপোনবোৰ তচনচ হয়
সুখ হৈ পৰে মায়াবী হৰিণী
য’ত বাৰিষাৰ কোবাল নৈ হয় জীৱন
ঠেলি-হেঁচুকি লৈ যায় পকনীয়াৰ গহ্বৰলৈ
কেতিয়াও উভতি আহিব নোৱাৰাকৈ

এটি অজুহাত পালেই মই গুচি যাব পাৰোঁ
কোনেও নোযোৱা বাট এটিৰে
সিপাৰে কি নজনা সুঁতি এটাৰে
গৈ গৈ নিৰুদ্দেশ হৈ যাব পাৰোঁ
কোনোবা অচিন-অজান কেকুঁৰিত৷