Sunday 31 December 2017

২০১৭ চনৰ মোৰ প্ৰিয় দহটা অসমীয়া গীত

সাধাৰণ শ্ৰোতা হিচাপে গান শুনো, শুনি ভাল পাওঁ৷  কথা, সুৰ, কন্ঠ বা গান এটাই কঢ়িয়াই অনা সুন্দৰ অনুভৱখিনিৰ বাবেও মোৰ প্ৰিয় হৈ পৰে৷ অসমীয়া চিৰসেউজ গীতসমূহে দৈনন্দিন জীৱনৰ প্ৰায়বোৰ মুহুৰ্ত জীপাল কৰি ৰখাৰ মাজত সময়-সুবিধা অনুযায়ী ইউটিউবত উপলব্ধ দুই-এটি নতুন গীতো শুনাৰ বা চোৱাৰো অৱকাশ ওলায়৷ বিশেষকৈ অসমীয়া গীতৰ আগ্ৰহী শ্ৰোতা বন্ধুৱে ভাল লগা নতুন গানবোৰৰ নিয়মীয়াকৈ খৱৰ ৰাখে বাবে মোৰো এবাৰ শুনি চাবলৈ সুবিধা ওলায়৷ এনে কিছুমান গীতৰ মাজৰ পৰা ২০১৭ চনৰ বিদায়ৰ সন্দিক্ষণত বছৰটোৰ প্ৰিয় দহটা গানৰ তালিকা এখন কৰাৰ ইচ্ছা হ’ল৷ সস্তীয়া জনপ্ৰিয়তাৰ বাবে হিন্দী গানৰ অন্ধ অনুকৰণ কৰি তৰল কথা বা দৃশ্যকটু ভিডিঅ’ৰে চকু-কাণক কষ্ট দিয়া ইউটিউবত উপলব্ধ অলেখ অসংখ্য বেসুৰা অসমীয়া গীতৰ মাজত  এনে মন পৰশা গীতবোৰ সঁচাই আশাৰ এটাকৈ উজ্বল ৰেঙণি যেন৷ আশাকৰোঁ, অনাগত বছৰটোত এনে বহুতো হৃদয়স্পৰ্শী নতুন গীত দেখিবলৈ পাম৷

১) মাজুলী
কন্ঠ আৰু সুৰ: নীলোৎপল বৰা
কথা: শান্তনু  ৰৌমুৰীয়া

নীলোৎপল বৰাৰ সুমধুৰ কন্ঠত মাজুলীৰ ৰং-ৰূপৰ অপূৰ্ব চিত্ৰণেৰে মন পৰশা এটি গীত ’মাজুলী’৷ অসমৰ কলা-সংস্কৃতি, বিনন্দীয়া প্ৰকৃতিৰ সৈতে সংপৃক্ত অসমীয়াৰ সুখ-দুখৰ মনোমোহা প্ৰতিচ্ছবি দাঙি ধৰা গীতটোৰ প্ৰতিটো দৃশ্য হৃদয় জুৰুৱা৷ কথা-সুৰ-কেমেৰাই পলকতে যিকোনো অসমীয়াক ভাববিলাসী কৰি তুলিব পাৰে৷ বাৰে বাৰে শুনি থাকিবলৈ মন যোৱা এই গীতটো মোৰ দৃষ্টিত নিসন্দেহে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ গীতবোৰৰ মাজৰ এটা৷


২) কবিতা কেনেকৈ লিখে
কন্ঠ: জুবিন গাৰ্গ আৰু সুবাসনা দত্ত
কথা: ইবছন লাল বৰুৱা

ৰোমান্টিক গীতটোৰ কবিতাময় ভাষা মন পৰশা৷ কন্ঠ আৰু সুৰ অপূৰ্ব৷ গীতৰ মূল থীমত নতুনত্ব নাই যদিও ভাষা আৰু বুদ্ধিদ্বীপ্ত দৃশ্যগ্ৰহণে ভিডিঅ’টোও উপভোগ্য কৰি তুলিছে৷ গীতটো অন্তৰ্ভুক্ত কৰা ’কোঁৱৰপুৰৰ কোঁৱৰ’ মই এতিয়াও চোৱা নাই পিছে৷ 
৩) তুহু দীন তাৰণ
কন্ঠ: অভিশ্ৰুতি বেজবৰুৱা
কথা:স্বৰ্গীয় ৰাধানাথ ফুকন
সুৰ: পংকজ শৰ্মা

১৯০৫-০৬ চনত ৰাধানাথ ফুকনে লিখা এটি আধ্যাত্মিক ধৰ্মী গীত তুহু দীন তাৰণ৷ অভিশ্ৰুতি বেজবৰুৱাৰ কন্ঠত গীতটিৰ ভাব-ভাষা জীপাল হৈ উঠিছে৷ ওজাপালিৰ জৰিয়তে অসমৰ সত্ৰীয়া সংস্কৃতি, দৌল মহোৎসৱৰ এনে চিত্ৰণ অন্য অসমীয়া গীতত পূৰ্বতে দেখা মনত নপৰে৷ অভিশ্ৰুতি বেজবৰুৱাৰ পূৰ্বৰ এছাটি বতাহে, ৰৈ ৰৈ ৰতি আদিৰ দৰেই এই গীতটিয়েও অসমৰ নিভাঁজ ৰূপ এটা শ্ৰোতাৰ হৃদয়ত আঁকি থৈ যাবলৈ সক্ষম হৈছে৷


৪) ন যুঁজৰ ৰণুৱা

কন্ঠ আৰু সুৰ: জয় বৰুৱা
কথা: ইবছন লাল বৰুৱা

অসমীয়াৰ চেতনা জগোৱা কথা-সুৰৰ এটি মনোমোহা গীত৷ জয় বৰুৱাৰ শক্তিশালী কন্ঠই গীতটোক এক অনন্য মাত্ৰা প্ৰদান কৰিছে৷  শিলালিপি-সাঁচিপাতত সিঁচৰতি হৈ থকা কমতাপুৰৰ কোঁচ ৰাজত্বৰ গৌৰৱময় ইতিহাস সুঁৱৰি অসমীয়াৰ একতাৰ হকে যুঁজাৰ বাৰ্তা বহন কৰিছে গীতটোৱে৷ শিপাৰ সন্ধানত ওলোৱা অসমীয়া বিভেদকামী শক্তিক লাই নিদিয়ে, বৰং ইতিহাসে আমাক বাৰে বাৰে সোঁৱৰাই দিয়ে ঐক্য-সংহতি আৰু অহিংস পথৰ শক্তি, কৰ্মনিষ্ঠা আৰু যুক্তিৰ শক্তি৷ গীতটো আজিৰ দিনত প্ৰত্যেক অসমীয়াৰ বাবেই সময়োপযোগী আৰু প্ৰেৰণাদায়ক ৷

৫) ভাটিয়ালী সপোন
কথা, কন্ঠ আৰু সুৰ: মৈত্ৰেয়ী পাটৰ

মোৰ বাবে নতুন গায়িকা তথা গীতিকাৰ৷ মৈত্ৰেয়ী পাটৰৰ কন্ঠ সুমধুৰ, গীতৰ কথা-সুৰো মন চুই যোৱা৷  গীতটোৰ দৃশ্যগ্ৰহণ অগতানুগতিক -ৰং-তুলিকা আৰু ছাঁ-পোহৰৰ খেলাৰ মাজেৰে আবেগৰ এক বিমূৰ্ত ৰূপ দিয়াৰ চেষ্টা কৰিছে যেন ভাব হয়৷ বুজা নুবুজাৰ মাজতে গীতৰ কথা-সুৰ-দৃশ্য সকলো মিলি এক অনিৰ্বচনীয় অনুভৱ আনি দিয়ে, অচিনাকি এখন জগতলৈ মোক টানি লৈ যায়৷ 


৬) জলপ্ৰপাত
কন্ঠ: অভি শইকীয়া
কথা: শংকুৰাজ কোঁৱৰ

আকৰ্ষণীয় কথা আৰু সুৰৰ এটা আধুনিক গীত৷ ব্যতিক্ৰমী হিচাপে ধৰা দিছে গীতটিৰ ইলেক্ট্ৰনিক মিউজিকে; হয়তো এই ধাৰাত প্ৰথম অসমীয়া গীত৷ কিন্তু গীতটিত কন্ঠ মিউজিকৰ তুলনাত কিছু অৱদমিত হৈ ৰ’ল (বেকগ্ৰাউণ্ডত থকাৰ দৰে) যেন ভাব হ’ল ৷ লগতে ভিডিঅ’টোত গীতৰ কথাবোৰ অসমীয়া ইউনিক’ডেৰে দিয়া হ’লে বেছি ভাল লাগিলহেঁতেন৷


৭) জীৱনে ওমলে জামলে
কন্ঠ: সিদ্ধাৰ্থ হাজৰিকা
কথা: শান্তনু ৰৌমুৰীয়া

২০১৮-ত মুক্তি পাবলগীয়া ’কেলেণ্ডাৰ’ কথাছবিৰ এটি গীত ’জীৱনে ওমলে জামলে’৷ গীতটোৰ শব্দচয়ন খুবেই মনোগ্ৰাহী৷ দৈনন্দিন সৰু সৰু মুহুৰ্ত্তবোৰ, মান-অভিমান, সুখ-দুখৰ সমষ্টি এই জীৱনৰ এটা বাংময় ৰূপ দাঙি ধৰাৰ সুন্দৰ প্ৰচেষ্টা৷ গীতটোৱে দৰ্শকক কথাছবিখনৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈও সক্ষম হ’ব৷


৮) লাচিতে কৈছোঁ মই
কন্ঠ: নীল আকাশ আৰু কুসুম কৈলাশ

অন্য এটা জাতীয়তাবাদী চেতনা জগোৱা গীত৷ কুসুম কৈলাশৰ কন্ঠত অসমীয়াৰ মানসিকতাত লাচিতৰ সৈতে সংপৃক্ত হৈ থকা দুৰ্বাৰ সাহস আৰু পৰাক্ৰম সুন্দৰকৈ প্ৰতিফলিত হৈছে বুলি মোৰ ধাৰণা৷ এই দুয়োগৰাকী গায়কৰ বলিষ্ঠ কন্ঠ আৰু প্ৰচেষ্টা প্ৰশংসনীয়৷ ’ৰেপ’ৰ মাজেদি এনে এটা বাৰ্তা কঢ়িওৱাৰ বাবে গীতটো মোৰ দৃষ্টিত অধিক আকৰ্ষণীয় হৈ উঠিছে৷

৯) অ’ মা
কন্ঠ: জুবিন গাৰ্গ, পাপৰি গগৈ

আৱাহন থিয়েটাৰৰ গীতটোৰ কথাত বিশেষ নতুনত্ব-আকৰ্ষণ নাথাকিলেও (’তাৰে জমিন পৰ’ৰ মেৰি মা-ৰ সৈতে যথেষ্ট সাদৃশ্য চকুত পৰিল!) সুৰ আৰু জুবিনৰ অপূৰ্ব কন্ঠই শ্ৰেষ্ঠ দহটা গীতৰ তালিকাত স্থান পোৱাৰ যোগ্য কৰি তুলিছে৷

১০) শুদ্ধ চিন্তা কন্ঠ: নবন্তিকা কলিতা
কথা আৰু সুৰ: ইবছন লাল বৰুৱা

অসমীয়াৰ চেতনাবোধ জাগ্ৰত কৰাৰ প্ৰচেষ্টাৰে অন্য এটা গীত৷ গীতটোৱে বহন কৰা শক্তিশালী বাৰ্তা আৰু সুৱলা কন্ঠ প্ৰশংসনীয়৷ ’শুদ্ধ চিন্তা কৰা অসমীয়া, ক্ষুদ্ৰ চিন্তা এৰা, হাতে কামে ধৰা.. দুচকু মেলি চোৱা অসমীয়া, জাগি উঠা জাতি অসমীয়া..’ -অসমীয়া জাতিৰ এই সন্ধিক্ষণত ইয়াতকৈ সময়োপযোগী গীতৰ কথা কি হ’ব পাৰে!

Tuesday 19 December 2017

পৰিচয়

চিনাকি মুখবোৰৰ আঁৰত
সংগোপনে বাস কৰে
একোখন অপৰিচিত হৃদয়
দিনে নিশাই য’ত ঐক্যতান জুৰে
হাজাৰ অচিনাকি সুৰে

এই সহজ হাঁহি, এই অপূৰ্ব অভিনয়
সকলোৰে সিপাৰে দেও পাৰি থাকে
অপাৰ ক্ষোভ, হতাশা অথবা অপূৰ্ণতা
আৰু হৃদয়ক শিল কৰিব খোজাঁ
কোনো অভিশপ্ত মুহুৰ্ত

আমি মাথোঁ ভাও দি যাওঁ
হৃদয়ত চ’তৰ বা-মাৰলি লৈও
সৌম্য প্ৰতিমূৰ্ত্তি হৈ ৰওঁ
দাপোণত নিজকে নিচিনাৰ পৰত
আত্মীয়তাৰ মায়াজাল ৰচোঁ
অন্য মুখ কিছুমানৰ স’তে
চিনাকি অথচ বহু অচিনাকি




Thursday 23 November 2017

উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ভাৰসাম্য ৰক্ষাৰ বাবে ঘাইপথৰ এক গোলকীয় মেপ

সমগ্ৰ বিশ্বতে ২০৫০ চনৰ ভিতৰত ২৫ মিলিয়ন কিলোমিটাৰ নতুন ঘাইপথ নিৰ্মাণ কৰাৰ আঁচনি আছে৷ ২০১০ চনৰ মুঠ পথৰ তুলনাত ঘাইপথৰ মুঠ দৈৰ্ঘ্যৰ এয়া প্ৰায় ৬০% বৃদ্ধি৷ ইয়াৰে দহভাগৰ ন অংশ নতুন ঘাইপথ নিৰ্মাণ কাৰ্য্য উন্নয়নশীল দেশসমূহত হ’ব বুলি ধাৰণা কৰা হৈছে৷ নতুন ঘাইপথ নিৰ্মাণে যিকোনো অঞ্চলৰ আৰ্থসামাজিক উন্নয়নৰ বাট মুকলি কৰি দিয়াৰ সময়তে প্ৰকৃতিৰ বাবে বহুসময়ত ক্ষতিকাৰক হৈও দেখা দিয়ে৷ উদাহৰণস্বৰূপে বনাঞ্চলৰ মাজেৰে বা কাষৰীয়া অঞ্চলত নিৰ্মাণ কৰা পথে বহুসময়ত অৰণ্য ধ্বংস কৰে, বনজুই বা বনৰীয়া জন্তুৰ চোৰাং চিকাৰৰ সম্ভাৱনাও বঢ়ায়৷ 

শেহতীয়াকৈ পৰিৱেশবিজ্ঞানী সকলে জৈৱবৈচিত্ৰ্য আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত ভাৰসাম্য ৰক্ষা কৰি পূৰ্বপৰিকল্পিতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহ নিৰ্বাচন কৰাৰ এক আন্ত:ৰাষ্ট্ৰীয় আঁচনি প্ৰকাশ কৰিছে৷ এই প্ৰক্ৰিয়াই প্ৰকৃতিৰ ওপৰত নুন্যতম বিৰূপ প্ৰভাৱ পৰা কিন্তু উন্নয়নৰ বাবে আটাইতকৈ লাভদায়ক ঠাইসমূহ চিনাক্ত কৰি পৰিকল্পিতভাৱে তেনে অঞ্চলত ঘাইপথ নিৰ্মাণত প্ৰাধান্য দিছে৷ 
পৰিৱেশ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ (environmental-values layer) স্তৰ (a) আৰু কৃষিক্ষেত্ৰত উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ (road-benefits layer)  অঞ্চলসমূহ (b) 

এই গোলকীয় মেপখন নতুন ঘাইপথ নিৰ্মাণৰ বাবে হ’বলগীয়া লাভ বা লোকচান (cost-benefits)-ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে৷ মেপখন প্ৰস্তুত কৰিবলৈ বিজ্ঞানীসকলে দুটা স্তৰত অঞ্চলসমূহ পৰীক্ষা কৰে- প্ৰথমে পৰিৱেশ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ (environmental-values layer) স্তৰ আৰু দ্বিতীয়তে কৃষিক্ষেত্ৰত উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ (road-benefits layer)  অঞ্চলসমূহ৷ এই দুইটাস্তৰ সংযোগ কৰি তেওঁলোকে কোনবোৰ অঞ্চলত নতুনকৈ ঘাইপথ নিৰ্মাণে উন্নয়নৰ সম্ভাৱনা আনে, কোনবোৰ অঞ্চলত ঘাইপথ নিৰ্মাণকাৰ্য্য পৰিৱেশ সংৰক্ষণৰ বাবে ক্ষতিকাৰক হৈ উঠিব পাৰে আৰু এই দুয়োক্ষেত্ৰত সংঘৰ্ষ হ’ব পৰা উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণ দুয়োটাৰ বাবে গুৰুত্বপূৰ্ণ অঞ্চলসমূহো নিৰ্ণয় কৰিছে৷


গোলকীয় ঘাইপথৰ মানচিত্ৰ: সেউজীয়া অঞ্চলসমূহ পৰিৱেশ সংৰক্ষণৰ বাবে আৰু ৰঙা অংশসমূহ অৰ্থনৈতিক উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ অঞ্চল; গাঢ় অঞ্চলসমূহ দুয়োটাক্ষেত্ৰতে গুৰুত্বপূৰ্ণ  
  
এই  গোলকীয় মেপে পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতন দৃষ্টি ৰাখি আৰু অৰ্থনৈতিক উন্নয়নো বাধাপ্ৰাপ্ত নোহোৱাকৈ পৰিকল্পিতভাৱে ঘাইপথ নিৰ্মাণত সহায় কৰিব বুলি আশা কৰা হৈছে ৷

Tuesday 21 November 2017

মানুহৰ দাঁতে বহন কৰে ভিটামিন ডিৰ অভাৱৰ সাক্ষ্য

মানুহৰ দাঁতৰ পৰা দেহত ভিটামিন ডিৰ অভাৱ সম্পৰ্কে তথ্য পাব পাৰি৷ মেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে শেহতীয়াকৈ দাঁতৰ এক্স-ৰে’ পৰীক্ষাৰ দ্বাৰা এই তথ্য আৱিষ্কাৰ কৰিছে৷ 


বিজ্ঞানীসকলে পূৰ্বতে ধৰা পেলাইছিল যে মানুহৰ দাঁতৰ গঠন আৰু আকৃতিৰ পৰা ভিটামিন ডিৰ অভাৱৰ ফলত হোৱা ৰিকেটছ (rickets) ৰোগৰ স্থায়ী আৰু নিৰ্ভৰযোগ্য তথ্য পাব পাৰি৷ এই ভিটামিনৰ অভাৱত দাঁতৰ মূল অংশ ডেন্টিন (dentin) ত ক্ষুদ্ৰাতিক্ষুদ্ৰ বিকৃতি (deformities) আৰম্ভ হয়৷ এই ডেন্টিনৰ এনে বিকৃতিবোৰ এনামেল (enamel) নামৰ অংশই আৱৰি ৰাখে বাবে এইবোৰ ক্ষয় নাযায়৷ এই বৈশিষ্ট্যৰ বাবে প্ৰাচীন মানুহৰ দাঁত অধ্যয়ন কৰি তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কেও তথ্য পাব পাৰি৷  কিন্তু ডেন্টিনৰ এই বিকৃতিসমূহ দাঁতবোৰ পৃথক কৰি তন্নতন্নকৈ পৰীক্ষা নকৰিলে ধৰা পেলোৱা প্ৰায় অসম্ভৱ ৷ এই অসুবিধা আঁতৰ কৰিবৰ বাবে বিজ্ঞানীৰ  দলটোৱে এক্স ৰে’ ব্যৱহাৰ কৰি দাঁতৰ ’পাল্প হৰ্ণ’ নামৰ অন্য এক অংশৰ গঠনৰ পৰিৱৰ্ত্তনৰ লগত তুলনা কৰি ভিটামিন ডিৰ পৰিমাণ নিৰ্ণয় কৰিব পৰাৰ পদ্ধতি উলিয়াইছে৷ এক্স ৰে’ত দেখা পোৱা দাঁতৰ মাজভাগত দেখা পোৱা ক’লা অংশটোক পাল্প হৰ্ণ বুলি কোৱা হয়৷ এই পাল্প হৰ্ণৰ আকাৰ পৰীক্ষা কৰি অতি সহজেই ভিটামিন ডিৰ অভাৱ নিৰ্ণয় কৰিব পৰা যায়৷

দাঁতৰ বিভিন্ন অংশসমূহৰ অৱস্থান আৰু ভিটামিন ডিৰ অভাৱত দেখা দিয়া বিকৃতি সমূহ ( b, c) 

সুস্থ মানুহ এজনৰ পাল্প অংশৰ আকৃতি ধেনুভিৰীয়া (ওপৰৰ চিত্ৰত a) হয় কিন্তু ভিটামিন ডিৰ অভাৱ হ’লে এই আকৃতি বেছি জোঙা (ওপৰৰ চিত্ৰত b) বা এমূৰে দীঘলীয়া হৈ চকী এখনৰ দৰে (ওপৰৰ চিত্ৰত c) হৈ পৰে৷ 


ভিটামিন ডিৰ অভাৱে আমাৰ দেহত নানা জটিলটাৰ সৃষ্টি কৰে৷ বিশেষকৈ আমাৰ দেহৰ হাড়ৰ গঠনত এই ভিটামিনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ এক্স ৰে’ৰ দ্বাৰা দাঁতৰ পাল্প অংশৰ নিয়মীয়া পৰীক্ষাৰ দ্বাৰাই এই অভাৱ চিনাক্ত কৰাৰ পদ্ধতিয়ে এনে জটিলটাসমূহ সময়মতে ৰোধ কৰাৰ পথ মুকলি কৰিছে৷

Sunday 5 November 2017

ঘোঁৰাই বুজিব পাৰে মানুহৰ দেহৰ ভাষা

ঘোঁৰাই মানুহৰ দেহৰ ভাষা (body language) অধ্যয়ন কৰি কৰ্তৃত্বশীল আৰু আজ্ঞাধীন মানুহৰ পাৰ্থক্য বুজিব পাৰে৷ ছাছেক্স বিশ্ববিদ্যালয় (University of Sussex) ৰ বিজ্ঞানীসকলে শেহতীয়া এক গৱেষণাৰ যোগেদি এই তথ্য আৱিষ্কাৰ কৰিছে৷ এই গৱেষণাই জীৱ-জন্তুৱে দেহৰ ভাষা অধ্যয়নৰ দ্বাৰা অন্য প্ৰজাতিৰ সৈতে কেনেকৈ যোগাযোগ কৰিব পাৰে সেই বিষয়ে আমাক নতুন বাতৰি দিছে৷ 

ঘোঁৰাই কৰ্তৃত্বশীল লোক (বাওঁফালে)ৰ সলনি আজ্ঞাধীন লোক (সোঁফালে) হে পছন্দ কৰে


বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীসকলে ত্ৰিছটা পোহনীয়া ঘোঁৰাৰ ওপৰত এই বিষয়ত পৰীক্ষা চলায়৷ তেওঁলোকে ঘোঁৰাবোৰে কৰ্তৃত্বশীল (dominant) ৰূপে (ভৰি-হাত মেলি ৰাখি আৰু বুকু ফুলাই থাকি) পোনকৈ থিয় দিয়া মানুহ এজন নে আজ্ঞাধীন (submissive) ৰূপে (ভৰি-হাত দেহৰ ওচৰত আৰু সহজভাৱে) থকা মানুহ এজনৰ ওচৰ চাপে সেয়া পৰীক্ষা কৰে৷ দেখা গ’ল যে দেহৰ ভাষা নিৰপেক্ষভাৱে ৰাখি ইয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে পোনতে ঘোঁৰাবোৰক খাদ্য খাবলৈ দি প্ৰলোভিত কৰি ৰখাৰ পিছতো তেওঁলোকৰ দেহৰ ভাষা সলনি হোৱাৰ লগে লগে ঘোঁৰাবোৰৰ প্ৰতিক্ৰিয়াও সলনি হয়৷ ঘোঁৰাবোৰে সহজভাৱে থকা আজ্ঞাধীন ধৰণৰ মানুহৰহে কাষ চাপিব খোঁজে৷  

ইতিহাসৰ বিভিন্ন কাহিনীত ঘোঁৰাই মানুহৰ মনৰ ভাব বুজি কাম কৰাৰ উল্লেখ পোৱা যায় যদিও বৈজ্ঞানিকভাৱে কোনো গৱেষণাত এই কথা প্ৰমাণ হোৱা নাছিল৷ গতিকে এই গৱেষণাই বেলেগ বেলেগ প্ৰজাতিৰ মাজত হোৱা যোগাযোগ সম্পৰ্কে নতুনকৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে৷

Wednesday 1 November 2017

ফিল্ড ডায়েৰী-৪: নাগালেণ্ডৰ পাহাৰে কণ্ডৰে

সময়-অসময়, ২০১৫

দ্বিতীয়বাৰ নাগালেণ্ডলৈ যোৱাৰ বাবে মোৰ বাবে আটাইতকৈ সুবিধাজনক সময় আছিল নৱেম্বৰ-ডিচেম্বৰ মাহ৷ কাৰণ এইবাৰ অন্যান্য কামবোৰৰ লগতে মোৰ উদেশ্য আছিল শীতকালিৰ চৰাইবোৰৰ ওপৰত জুমখেতিৰ প্ৰভাৱ কেনে তাৰ গৱেষণা কৰা৷ আমাৰ উত্তৰ-পূবলৈ নৱেম্বৰৰ ভিতৰত পৰিভ্ৰমী চৰাইবোৰ আহিবলৈ আৰম্ভ কৰেই৷ গতিকে এইসময়তে কাম আৰম্ভ নকৰিলে পিছলৈ সময়ৰ নাটনি হোৱাৰ সম্ভাৱনা! পিছে, ইটো সিটো লেঠা মাৰি বৰফৰ দেশখন এৰি থৈ স্বদেশ পাওঁগৈ মানে ডিচেম্বৰ মাহ আৰম্ভ হ’লেই৷ প্ৰস্তুতি পৰ্বতো যথেষ্ট সময় লাগে৷ গৱেষণাৰ আহিলা-পাতি, অহা-যোৱা-থকা আদি বন্দবস্ত কৰিবলৈ দীঘলীয়া প্ৰস্তুতি কৰিব লগীয়া হয়৷ তাতে নাগালেণ্ডৰ সেই ভিতৰুৱা ঠাইবোৰত এবাৰ গৈ পোৱাৰ পিছত সৰু-সুৰা কিবা এটা নোহোৱা হ’লেও ক’তো কিনাৰ বা বিচাৰি পোৱাৰ সুবিধা নাই৷


ডিচেম্বৰৰ মাজভাগত বাংগালোৰ পালোহি৷ তাৰপৰাই শেষৰ প্ৰস্তুতিখিনি কৰিলো৷ নাগালেণ্ডলৈ যিমান পাৰি সোনকালে গৈ কাম আৰম্ভ কৰাৰ ইচ্ছা৷ কিন্তু ইতিমধ্যেই বৰদিনৰ জাকজমকতা আৰম্ভ হৈছে৷ নব্বৈ শতাংশৰো অধিক খ্ৰীষ্টধৰ্মী মানুহৰ বসতিস্থল নাগালেণ্ডত স্বাভাৱিকতে উৎসৱমুখৰ পৰিৱেশ৷ ল’থা (নাগা জনজাতি) বন্ধু লানছ’ই খৱৰ দিলে, ঠায়ে ঠায়ে আনকি স্থানীয় বাতৰি কাকতত জাননী দিয়া হৈছে যে, এইমাহটোত যেন কোনেও সেই অঞ্চলসমূহলৈ চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা নকৰে; কাৰণ সকলো গাৱঁতে গাওঁবুঢ়াকে ধৰি চৰকাৰী বিষয়ববীয়া, পাদুৰি আৰু খেতিয়ক আদি সকলো বৰদিনৰ আয়োজনত ব্যস্ত হৈ থাকিব৷

চিন্তাতে পৰিলো৷ প্ৰথমেই নাগালেণ্ডৰ পূবে ম্যানমাৰ সীমান্তত থকা কিফিৰে জিলালৈ যোৱাৰ পৰিকল্পনা৷ সেয়ে, ভাবিলো, তাৰ ৱাইল্ডলাইফ ৱাৰ্ডেনৰ মতামত লৈয়ে কি কৰা যায় ঠিক কৰিম৷ ফোনৰ সিপাৰে হেমন্ত কামডিৰ তজবজীয়া মাতটো ভাঁহি আহিল
ড’ন্ট ৱ’ৰি৷ ইউ কেন কাম হিয়েৰ এনিটাইম ইউ ৱান্ট! বৰদিনৰ আগতেই আহি পালে ভালহে, গাঁৱৰ মানুহৰ লগত একেলগে বৰদিন পাতি তাৰপিছৰ পৰাই কাম আৰম্ভ কৰিবা!’

তেওঁৰ কথাই অভিভূত কৰিলে৷ হেমন্ত মানুহজনেই এনে৷ খুবেই আগ্ৰহী আৰু সহায় কৰিবলৈ সদাপ্ৰস্তুত৷ কিন্তু তেওঁৰ লগতে গাঁৱৰ মানুহৰ অতিথিপৰায়ণতাৰ এনেকৈ সুযোগ ল’বলৈ সত নগ’ল৷ ঠিক কৰিলো, বৰদিনৰ পিছদিনাহে যাত্ৰা আৰম্ভ কৰিম৷ কথামতেই কাম৷ বৰদিনৰ পিছদিনাই গৈ ডিমাপুৰ পালোগৈ৷ 

এদিনত ছমাহৰ ৰচদ-পাতি

বৰদিনৰ ৰং ৰহইচৰ জোৱাৰ অকণো মাৰ যোৱা নাই তেতিয়াও৷ বাটে ঘাটে ধুনীয়াকৈ তৈয়াৰ কৰা বৰদিনৰ সাজ-সজ্জাত ডিমাপুৰৰ ধূলিৰ তৰপে স্পৰ্শ কৰিবলৈ এতিয়াও বাকী৷ বন্ধু লানছ’ৰ সৈতে নিউ মাৰ্কেটত বজাৰৰ দীঘলীয়া তালিকা এখন লৈ ইমূৰ-সিমূৰ কৰি ফুৰিলো৷ পাঁচমহীয়া ফিল্ডৰ কাম৷ এবাৰ কহিমা পাৰ হৈ ভিতৰুৱা নগা গাওঁবোৰত সোমালে কেতিয়ানো আকৌ ওলাই আহিম একো ঠিক নাই৷ অতি প্ৰয়োজন নহ’লে একেবাৰে কাম শেষ কৰিহে ওলাই অহাৰ কথা৷ কেতিয়াবা এনে পৰিস্থিতিত একেবাৰে সৰু  সামগ্ৰী এপদো অতি প্ৰয়োজনীয় হৈ ধৰা দিব পাৰে৷ গতিকে দৰকাৰী একো বাদ নপৰিবলৈকে এমাহৰ আগৰে পৰা তালিকা একোখন লিখি গৈছিলো- গৱেষণাৰ আহিলা-পাতি, খাদ্য, কাপোৰ-কানি, ঔষধ-পাতি সকলোৰে ভাগে ভাগে৷ আনকি ’বিবিধ’ সামগ্ৰীৰো বেলেগকৈ এখন তালিকা! এতিয়া সেই সকলোবোৰ তালিকা জপটিয়াই লৈ নিউ মাৰ্কেট চলাথ কৰিলো৷

লানছ’ বনবিভাগৰে সুদক্ষ কৰ্মী৷ ডিমাপুৰৰে স্থানীয় ল’ৰা বাবে ইয়াৰ সকলো তলা-নলাও জানে৷ সি মোক ক’ত কি কি লাগে মাথোঁ কৈ যাবলৈ ক’লে৷ দৰ-দামৰ বিভাগটোৰ দায়িত্ব সি স্ব-ইচ্ছাই ল’লে৷ তাৰ ভাষাত,
’ইউ নিড টু বি ৰিয়েলী গুড এট বাৰ্গেইনিং হিয়েৰ ইফ ইউ ড’ন্ট ৱান্ট টু গেট ছিটেড!’ 


লানছ’ৰ সৈতে
বাধ্য ছাত্ৰীৰ দৰে তাৰ কথা মানি লৈছোঁ৷ সবিস্ময়ে মাথোঁ চাই আছোঁ, চাউল-ডাইলৰ পৰা চেম্পুলৈকে কেনেকৈ প্ৰত্যেক বস্তুৰে লানছ’ই দাম কমাইছে৷ দোকানীৰ কলা পৰি যোৱা মুখখনলৈ কেৰেপ নকৰি সি বিলবোৰ লৈছে খৰখেদাকৈ৷ খৰখেদা কৰাৰ কাৰণো আছে অৱশ্যে৷ মোৰ গাড়ী আহি পালে আজিয়ে ডিমাপুৰৰ পৰা ওলোৱাৰ কথা৷ মণিপুৰী বন্ধু এজনৰ সৈতে কথা পাতি মোৰ ফিল্ডৰ কামৰ বাবে জীপ এখন ড্ৰাইভাৰৰ সৈতে বন্দবস্ত কৰিছোঁ৷ যোৱাবছৰৰ ফিল্ডৰ অভিজ্ঞতাই শিকাইছে, ৰাজহুৱা যাতায়ত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নাগালেণ্ডৰ ভিতৰুৱা গাওঁবোৰত মোৰ কেনে আলাই-আথানি হ’ব৷ সেয়ে এইবাৰ আগতীয়াকৈ কথাবোৰ পৰিকল্পনা অনুসৰি কৰিবলৈ চেষ্টা কৰিছোঁ৷ গাড়ীখনে মণিপুৰৰ নগা গাওঁ এখনৰ পৰা কালিয়ে যাত্ৰা আৰম্ভ কৰিছে ৷  আজি আৰু এঘন্টামানৰ ভিতৰতে ডিমাপুৰ পোৱাহিৰ কথা৷

মূল বজাৰখিনি কৰি উঠো মানে ড্ৰাইভাৰজনৰ ফোন আহিলেই৷ গাড়ী-ড্ৰাইভাৰ কাকো মই আগতে পোৱা নাই৷ মূল বজাৰখিনি কৰি উঠো মানে ড্ৰাইভাৰৰ সৈতে কেইবাবাৰো ফোনতে কথাবাৰ্ত্তা হ’ল৷ পিছে পাঁচোটামান ফোন কলৰ দীঘলীয়া পথ নিৰ্দেশনা, লানছ’ আৰু মোৰ যুটীয়া বুজনিৰেও ড্ৰাইভাৰজনক মোৰ হোটেলৰ সন্মুখলৈ আহিবলৈ সৈমান কৰিব নোৱাৰিলো৷ বাৰে বাৰে সি মাথোঁ দোহাৰি থাকিল ডিমাপুৰত ৰে’লৱে ষ্টেচনৰ বাহিৰে সি একোকে চিনি নাপায়, বিচাৰি উলিয়াবও নাজানে৷ গতিকে সি ষ্টেচনতে ৰৈ আছে-মই গৈ তাতে লগ কৰিলে ভাল হ’ব৷

উপায় নাপাই লানছ’ই ক’লে তাৰ গাড়ীতে সকলো ৰচদ-পাতি লৈ ষ্টেচনলৈ যোৱা যাওক৷ কথামতেই কাম৷ মোৰ ইতিমধ্যে পাহাৰ হেন হৈ পৰা বয়-বস্তু লানছ’ৰ ইণ্ডিকাখনৰ আগে-পিছে ঠেলি হেঁচি ভৰাই লৈ কোনোমতে নিজেও বহি পৰিলোঁ৷  ষ্টেচনলৈ গাড়ীৰে মাথোঁ পাঁচমিনিটৰ বাট৷ গৈ পাই দেখোঁ, বগা জীপচী এখনত এজন ডেকা ল’ৰা গহীনাই বহি আছে৷ বয়স খুউব বেছি বাইছ-তেইছ হ’ব-চুটিকৈ কটা থিয় ছুলি, সৰু সৰু চকু, মুখত অজলা হাঁহি এটা৷ ড্ৰাইভাৰজনৰ আলেখ লেখ দেখিয়ে ষ্টেচনতে গোঁজ পাতি ৰোৱাৰ ব্যখ্যা পালো৷ ভিতৰুৱা গাঁৱৰ বহুতো লোকে ডিমাপুৰলৈ আহিলে জনসমুদ্ৰ, নগৰীয়া-হাইউৰুমি, ট্ৰেফিকৰ মাজত বিবুদ্ধিত পৰেহি৷ বেচেৰা ল’ৰাজনৰো একেই অৱস্থা হ’ল চাগৈ৷  ওচৰ চাপি গৈ সুধিলো,
’আপুনিহি ডালে আছে না?’
’হয় হয়’ -ফুলাম হাঁহি এটা মাৰি সি নামি আহিল৷

ইতিমধ্যে দহ বাজি গৈছে৷ গন্তব্যস্থানলৈ প্ৰায় বাৰঘন্টাৰ বাট-পূবাপশ্চিমাকৈ নাগালেণ্ডৰ ইমূৰৰ পৰা সিমূৰ পোৱাগৈৰ কথা৷ দুৰত্ব মাথোঁ ৩৩৪ কিলোমিটাৰ৷ কিন্তু, নাগালেণ্ডৰ বাটেৰে সেয়াই বহুদূৰ.... তিনিও খদমদমকৈ সকলোবোৰ বস্তু জীপৰ পিছফালে জাপি দিলো৷ লানছ’ই ডালেক সোঁৱৰালে,
’লেট নকৰিকিনে জল্ডি যালে ভাল আছে৷’
ডালেই অলপ ইতস্তত কৰি ক’লে,
’গাড়ীলাগা বেটেৰী অলপ খাৰাপ হৈছে৷ নতুন একটা ডিমাপুৰতে কিনিলে বেছি ভাল আছে৷ ডিমাপুৰ ছাড়িকিনে দুছড়া জাগাতে বেটেৰীলাগা দোকানভী নাই৷’

উপায় নাই৷ ডিমাপুৰ বা কহিমাৰ বাহিৰে ক’তো এইটো কাম কৰিব পৰা নহ’ব৷ গম পালো, বেটেৰী পোৱা যাব ক্ল’ক টাৱাৰৰ ওচৰত৷ ডালেই ডিমাপুৰৰ একো উৱাদিহ নাপায়৷ লানছ’ই ক’লে সি অফিচলৈ এতিয়া সেই বাটেৰেই যাব৷ গতিকে আমি তাৰ গাড়ীখনৰ পিছে পিছে গৈ থাকিলেই দোকান পাই যামগৈ৷ গ’লো৷ লানছ’ক তাতে বিদায় দি লৰালৰিকৈ বেটেৰী এটা কিনি ল’লো৷ ডালেক ক’লো, গাড়ীৰ আৰু কিবা বস্তু কিনিব লাগে যদি ইয়াতে লৈ ল’বলৈ৷ পিছত নহ’লে বাটত বা হাবিত দিগদাৰ কৰিলে একো কৰিব পৰা নহ’ব৷ টেংকী ভৰ্ত্তি কৰি পেট্ৰ’ল ভৰাই ল’লো৷ দুটা জাৰকিন লৈ তাতো পঞ্চাছ লিটাৰ ভৰাই ল’লো৷ যোৱাবছৰৰ অভিজ্ঞতাৰ পৰা জানো, ডিমাপুৰৰ পৰা যিমানেই পূবলৈগৈ থাকিম পেট্ৰ’লৰ দাম আৰু ভেজালৰ  পৰিমাণ বাঢ়ি গৈ থাকিব আৰু সেইমতে ডিপুৰ সংখ্যাও কমি গৈ থাকিব৷ 

ডালেই বাটতে খাই বৈ আহিছিল৷ যা-যোগাৰত লাগি থাকোতে মোৰ খাবলৈ সময় নহ’ল ৷ এতিয়া অলপো সময় অবাবত খৰচ নকৰি যিমান পাৰি সোনকালে ওলোৱাৰ কথা৷ সেয়ে ডিমাপুৰৰ দোকান-বজাৰ এৰাৰ আগেয়ে বেকাৰী এখনত সোমাই বাটত খাবলৈ বুলি যি পাৰোঁ কিনি ল’লো ৷ আৰু কিমান দিনলৈ এইবোৰ খাদ্যৰ মুখ দেখিবলৈ নাপাওঁ কি ঠিক!


বাটৰ কণা বিধি

যাত্ৰা আৰম্ভ!
গাড়ীয়ে চহৰৰ ব্যস্ত পথৰ ট্ৰেফিক, ধূলিময় বাট এৰি যাত্ৰা আৰম্ভ কৰিলে শাৰী শাৰী পাহাৰৰ দেশলৈ-নাগালেণ্ডৰ পূবৰ শেষ সীমাটোলৈ৷ জীপৰ সন্মুখৰ আসনত বহি মই চাই ৰ’লো একেৰাহে পিছলৈ দৌৰা গছ-গছনি আৰু ঘৰবোৰ৷ এনেদৰে কোনো যাত্ৰাত ওলালেই প্ৰতিবাৰেই যেন জীপাল হৈ উঠে মোৰ ভিতৰৰ যাযাবৰী সত্বাটো! ভাব হয়, যাত্ৰাৰ এই চলমান ৰূপটোৱেই যেন প্ৰকৃত জীৱন- এই অকোঁৱা পকোৱা বাটেৰে আগবঢ়া গাড়ীখনৰ দুয়োকাষে অবিৰতভাৱে পৰিৱৰ্ত্তিত হৈ থকা দৃশ্যপট, সকলোৰে অজ্ঞাতে তাৰ বুকুত সামৰি থোৱা সুখ-দুখৰ প্ৰতিচ্ছবি সকলো পাৰ হৈ যায় চকুৰ পচাৰতে৷ চিৰন্তন সত্যৰূপে ৰৈ যায় মাথোঁ এটা দীঘলীয়া বাট৷ এই গতিশীলতাই যেন সকলো বান্ধোনৰ পৰা মুক্ত কৰি পেলায় দেহ-মন! এই মুক্তিৰ আস্বাদৰ মাজত ডুব গৈ থাকোঁতেই গাড়ীখন ঘপকৈ ৰৈ যোৱাত মোৰ তন্ময়তা ভাগিল৷ কিমান সময় আহিলো বাৰু! ঘড়ী চাইহে উপলব্ধি কৰিলো, আধাঘন্টা হৈছে মাথোঁ ডিমাপুৰৰ পৰা ওলাই অহা৷

বাটৰ কাষলৈ নি গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰি একো নোকোৱাকৈয়ে ডালে নামি গ’ল হুৰমূৰকৈ৷ সন্মুখৰ হুডখন দাঙি চাই তাৰ মুখখন মোলান পৰা দেখি ময়ো নাম গ’লো৷
’ৰেডিয়েটৰটো না বেচ্ছি গৰম হৈ কিনে দিকদাৰ দিছে৷’
মোৰো চিন্তা লাগিল৷ সি গাড়ীৰ পৰা পানী এবটল উলিয়াই আনি লাহে লাহে ঢালি দিলে৷ তাতে দুয়ো অলপ জিৰাই শঁতাই পুনৰ ওলালো৷ সিমানপৰে ৰেডিয়েটৰো ঠাণ্ডা হ’লগৈ৷

কিন্তু ভবা নাছিলো সেয়া সমস্যাৰ আৰম্ভণিহে! ডিমাপুৰৰ পৰা কহিমাৰ দিশে প্ৰায় পচিশ কিলোমিটাৰ  আগুৱাই গ’লে মেডজিফেমা নামৰ মফচলীয়া ঠাইখন৷ স্থানীয় মানুহে কয় ’গাছপানী’৷ সেইখিনি পাওঁতেই জীপখনে খুউব কষ্ট পোৱাৰ দৰে শব্দ কৰি কোনোমতে আহি আহি ৰৈ দিলেহি৷ আশে পাশে দুখনমান সৰু সুৰা দোকান৷ ডালেই পুনৰ গাড়ীৰ ৰেডিয়েটৰ পৰীক্ষা কৰাত লাগিল৷ কিছুপৰ ৰ’লেই যাব পাৰিম বুলি ময়ো বাটৰ কাষতে দিয়া আনাৰসৰ দোকানখনলৈ আগবাঢ়ি গ’লো৷ 
 মেডজিফেমাৰ বাটৰ কাষত জুম খেতিৰ আনাৰস
 মই যোৱাত দোকানীজনে হাঁহিমুখে মাত লগালেহি,
’পাইনেপ’ল ল’বি৷ বেচ্ছি চস্তা আছে৷’
কাষৰীয়া ছেমা গাঁৱৰ পৰা মানুহ হাল৷ বাটৰ কাষতে জুমখেতিৰ আনাৰস বিক্ৰী কৰিছেহি৷ চাই চাই ত্ৰিশটা আনাৰস কিনি গাড়ীৰ আসনৰ তলতে  জাপি দিলোহি৷ মই যাবলৈ ওলোৱা সীমান্তৰ নগা গাওঁবোৰত ফল-মূলৰ বৰ অকাল৷ ভাবিলো, গাঁৱৰ ল’ৰা-ছোৱালীবোৰে বতৰৰ ফল এবিধ পালে বৰ ভাল পাব৷

গাড়ীত উঠি ডালেই ষ্টাৰ্ট দিলে- জীপখনে একো কেটকুটেই নকৰিলে৷ পুনৰ এবাৰ চেষ্টা কৰাতো একো নোহোৱাত ডালে আকৌ নামি গ’ল৷ হুডখন দঙাৰ লগে লগে এইবাৰ ভমককৈ ধোৱাঁ এজাক ওলাই আহিল৷ আনাৰসৰ দোকানীজনে দৌৰি আহি ৰেডিয়েটৰত এমগ পানী ঢালি দিলেহি! এইবাৰ মই সঁচাকৈয়ে চিন্তাত পৰিলো৷ ছমাহৰ বাবে ওলাই অহা গাড়ীখনৰ আধাঘন্টা আহিয়ে এই অৱস্থা! হাবিয়ে জংঘলে পাহাৰীয়া বাটত এইখনকে একমাত্ৰ ভৰসা কেনেকৈ কৰিম!ডিমাপুৰ বা কহিমাৰ বাহিৰে নাগালেণ্ডৰ ক’তোৱে জীপৰ মেৰামতি সম্ভৱ নহয়৷ ঠিক কৰিলো, এনেকৈ জীপখন নি ফিল্ডত হাৰমালহে কৰা হ’ব৷ ডালেৰ লগত পাতি সিদ্ধান্ত কৰিলো, আজি আৰু আগনবঢ়াই ভাল হ’ব৷ ভিতৰুৱা গাওঁবোৰলৈ গৈ কাম আৰম্ভ কৰাৰ আগতেই জীপখনৰ সকলো বেমাৰ আঁতৰোৱা দৰকাৰ৷

পিছে এতিয়া ক’লৈ যাওঁ! কহিমালৈকে আগবাঢ়ি যাব পৰা হ’লে ভাল আছিল-পিছে তালৈ এতিয়াও প্ৰায় পঞ্চাছ কিলোমিটাৰ৷ ডিমাপুৰলৈ উভতি যোৱাৰ বাহিৰে অন্য উপায় নেদেখিলো৷ ভাবি গুণি থাকোঁতে ডালেই মাত দিলে,
’আমি লাগা ভনী একটা এইটো জাগাতে থাকিছে৷ তাইৰ মতাটো মেকানিক আছে৷ তাতে একবাৰ যাইকিনে তাইকে দেখালে ভাল আছে৷ নাইট হল্ট ভী এইটো জাগাতে কৰি কিনে কালি আস্তে পৰা যাই যাব৷’

খা-খৱৰ নিদিয়াকৈ হঠাতে এনেকৈ মানুহৰ আলহী হৈ অসুবিধা কৰিবলৈ সত নাযায়৷ কিন্তু ডালেৰ কথাত আশস্ত হৈ অগ্যতা তাকে কৰিবলৈ বাধ্য হ’লো৷  ভাবিলো তাৰ দূৰ সম্পৰ্কীয় ভিনিয়েকে গাড়ীৰ আচল ৰোগটো ধৰা পেলালে কি কৰিব পাৰি ঠিক কৰিব পাৰিম৷

ভাগ্যক্ৰমে তেওঁলোকৰ ঘৰ নাতিদূৰৈতে আছিল৷ ডালেই তালৈ গৈ ভিনিয়েকৰ লগ লাগি ঘৰলৈ জীপখন নিয়াৰ বন্দবস্ত কৰিলে৷ মোৰ লক্ষ্যস্থান নাগালেণ্ডৰ সীমান্ত গাওঁ ফাকিমৰ পৰা বহু দূৰৈতে নিশাটোৰ বাবে ৰৈ গ’লো মই অচিন ঘৰ এখনত৷ কিন্তু এই ৰোমাঞ্চকৰ যাত্ৰাৰ প্ৰতিশ্ৰুতি ৰাখি সেই প্ৰথম নিশাটোতে অপ্ৰত্যাশিতভাৱে মোৰ দৃষ্টিত ধৰা দিলেহি অন্য এখন জগতৰ চকামকা ৰূপ! সেই কাহিনী পৰৱৰ্ত্তী খণ্ডত...
ডালে, মই আৰু এখন জীপগাড়ী

Tuesday 31 October 2017

আংশিকভাৱে ধ্বংসপ্ৰাপ্ত বৰ্ষাৰণ্যৰ জৈব-বৈচিত্ৰ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা আৱিষ্কাৰ

শেহতীয়া এক গৱেষণাই দেখুৱাইছে যে কিছু পৰিমাণে গছ কাটি পেলোৱাৰ বাবে আংশিকভাৱে  ক্ষতিগ্ৰস্ত  হোৱা (logged) অৰণ্যও জৈব বৈচিত্ৰ্যৰ বাবে অন্য যিকোনো অটব্য বৰ্ষাৰণ্যৰ সমানেই গুৰুত্বপূৰ্ণ৷ ইংলেণ্ডৰ শ্বেফিল্ড আৰু য়ৰ্ক বিশ্ববিদ্যালয়ৰ গৱেষক দলটোৱে দক্ষিণ-পূব এছিয়াৰ বৰ্ণিঅ’ দ্বীপৰ বৰ্ষাৰণ্যত  প্ৰাণীয়ে জলবায়ু পৰিৱৰ্ত্তনৰ লগত কেনেকৈ নিজকে খাপ খুৱায় আৰু ইহঁতে বাস কৰা অৰণ্যসমূহে কেনেদৰে এই অভিবৰ্ত্তনত সহায় কৰে সেই সম্পৰ্কে অধ্যয়ন কৰিছিল ৷ 
বৰ্ণিঅ’ দ্বীপৰ বৰ্ষাৰণ্য, ফটো-ৰেবেকা ছিনিঅ’ৰ (মূল গৱেষক)


মানুহৰ দৰেই প্ৰাণীয়েও পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ যত্ন কৰে৷ গৰম কোঠা এটাত সোমাই থাকিব লগা হ’লে আমি যেনেদৰে খোলা খিৰিকী এখনৰ কাষত থিয় দিওঁগৈ, ঠিক তেনেদৰেই কণমান ভেকুলী এটা বা পোক-পতংগ এবিধে গোলকীয় উষ্ণতা বৃদ্ধিৰ মাত্ৰা অনুভৱ কৰিলে নিজৰ চাৰিওদিশৰ অকণমানি পৃথিৱীখনতে শীতল ঠাই অলপ বিচাৰি আশ্ৰয় লয়গৈ৷ অৰণ্যৰ কোনো জুৰিৰ পাৰৰ সেমেকা জোপোহা, গছৰ খোৰোং, গছৰ সৰা পাতৰ দ’ম, পঁচা গছ আদিবোৰে এনে ক্ষুদ্ৰ-আশ্ৰয়স্থলী (cool refuge) ৰ কাম কৰে৷
বৰ্ষাৰণ্যৰ উষ্ণতা মাপক চিত্ৰ, ফটো-ৰেবেকা ছিনিঅ’ৰ

গৱেষকৰ দলটোৱে বৰ্ণিঅ’ দ্বীপত প্ৰায় এটা দশক পূৰ্বে কুন্দা কটা ব্যৱসায়ৰৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা এনে অৰণ্যত ক্ষুদ্ৰ উভচৰ আৰু সৰীসৃপ প্ৰাণীবোৰৰ বাবে আশ্ৰয়স্থলীসমূহ উপলভ্য হয় নে নহয় সেয়া পৰীক্ষা কৰে৷ লগতে অত্যাধুনিক প্ৰযুক্তিৰ উষ্ণতা নিৰূপক কেমেৰা (thermal camera)ৰে ক্ষতিগ্ৰস্ত অৰণ্যৰ ভিতৰৰ উষ্ণতাৰ সৈতে কোনো ধৰণৰ প্ৰতিকূল প্ৰভাৱ নপৰা কাষৰীয়া অটব্য অৰণ্যৰ উষ্ণতা তুলনা কৰি চায়৷ তেওঁলোকে আৱিস্কাৰ কৰে যে দুয়ো ক্ষেত্ৰতে আংশিকভাৱে ক্ষতিগ্ৰস্ত এখন অৰণ্যৰ কাষৰীয়া ঘন অৰণ্য এখনৰ সৈতে বিশেষ পাৰ্থক্য নাই৷ এনে অৰণ্যসমূহৰ বিভিন্ন ক্ষুদ্ৰ-আশ্ৰয়স্থলী (cool refuge) বোৰৰ উষ্ণতা কাষৰীয়া ঘন অৰণ্যৰ সৈতে একে৷

গছৰ কুন্দা কটা (logging)ৰ দ্বাৰা পৃথিৱীৰ প্ৰায় ২০% ক্ৰান্তীয় বৰ্ষাৰণ্য ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে৷ এনে আংশিকভাৱে ধ্বংসপ্ৰাপ্ত অৰণ্যসমূহত বহুতো বিৰল প্ৰজাতিৰ জীৱ-জন্তু বাস কৰি আহিছে৷ কিন্তু ইতিমধ্যেই ধ্বংসপ্ৰাপ্ত হোৱাৰ  বাবেই এনে অৰণ্যসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া নহয়-ফলত কালক্ৰমত প্ৰায়ভাগেই কৃষিভূমিলৈ পৰিণত হয়৷ এই গৱেষণাই পৃথিৱীৰ বিভিন্ন অঞ্চলত বিয়পি থকা এনে বহুতো অৰণ্য পুণৰুদ্ধাৰ কৰিব পাৰিলে যে পুনৰ জৈব বৈচিত্ৰ্যৰ বাবে এক গুৰুত্বপূৰ্ণ আশ্ৰয়স্থলী হৈ পৰিব তাকে প্ৰমাণ কৰিছে৷

বৰ্ণিঅ’ৰ শিঙাল ভেকুলী (Bornean Horned Frog), ফটো-ৰেবেকা ছিনিঅ’ৰ

Thursday 12 October 2017

পৰিপুষ্টিৰ সম্পুৰক (Nutritional supplement) বোৰ কিমানদূৰ ফলপ্ৰসূ?

শৰীৰৰ সামগ্ৰিক পুষ্টিৰ বাবে বহুসময়ত আমি কিছুমান পুষ্টি সম্পুৰক (Nutritional supplement) খাওঁ৷ এনে প্ৰায়বোৰ সম্পুৰকে শৰীৰক দৰকাৰী পুষ্টি যোগায় যদিও এইক্ষেত্ৰত সাবধানতা অৱলম্বন কৰাৰ প্ৰয়োজন৷ শেহতীয়াকৈ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ এটা গৱেষণাই দেখুৱাইছে যে ক্ৰীড়াবিদ সকলৰ মাজত জনপ্ৰিয়তা লাভ কৰা কিট’ন ছল্ট নামৰ সম্বিপুৰকবিধে শৰীৰৰ পুষ্টি সাধন কৰাৰ সলনি তীব্ৰ-প্ৰাবল্যৰ ব্যায়াম (High-intensity exercise) ৰ সময়ত বাধাহে জন্মাব পাৰে৷


আমাৰ দেহৰ মূল শক্তিৰ উৎস হ’ল খাদ্যৰ পৰা লাভ কৰা গ্লুক’জ৷ উপবাসে থাকিলে এই উৎস নোহোৱা হৈ পৰাৰ ফলত শৰীৰে তাৰ সলনি স্নেহ পদাৰ্থ (fat) ৰ পৰা শক্তি উৎপাদন কৰিবলৈ আৰম্ভ কৰে৷ স্নেহ পদাৰ্থৰ বিপাক ক্ৰিয়াত কিট’ন নামৰ কণাবোৰ উৎপন্ন হয়৷ কিট’ন ছল্ট সম্পুৰকে কৃত্ৰিমভাৱে তেজত কিট’নৰ পৰিমাণ বৃদ্ধি কৰি শৰীৰত এই একেধৰণৰ অৱস্থা সৃষ্টি কৰে৷ গৱেষণাটোত প্ৰকাশ পোৱা মতে, স্নেহ পদাৰ্থৰ পৰা শক্তি আহৰণ কৰাটো এটা জটিল প্ৰক্ৰিয়া ৷ গতিকে গ্লুক’জৰ পৰা সহজতে আৰু কম সময়তে যিকোনো কামত প্ৰয়োজন হোৱা শক্তি আহৰণ কৰাৰ দৰে ই খৰতকীয়া নহয়৷

তাতে তেজত কিট’নৰ পৰিমাণ বৃদ্ধি পালে গ্লাইক’জেন (সঞ্চিত গ্লু’কজ) ৰ ব্যৱহাৰত বাধা আহি পৰে৷ ফলত তীব্ৰ প্ৰাবল্যৰ যিকোনো ক্ৰীড়াৰ  সময়তো স্নেহ পদাৰ্থৰ বিপাক ঘটাই শক্তি আহৰণ কৰাৰ লেহেমীয়া প্ৰক্ৰিয়া চলি থাকে৷ ইয়াৰ ফলস্বৰূপে প্ৰয়োজনীয় তাৎক্ষণিক শক্তি নোপোৱাৰ বাবে ক্ৰীড়াবিদ সক্ষমতাও কমি যাব পাৰে৷

গৱেষণাটোত একেধৰণৰ শাৰীৰিক সক্ষমতা আৰু শৰীৰ-ভৰ অনুপাত  (body mass indice) বিশিষ্ট দহজন ব্যক্তিক পৰীক্ষাৰ বাবে বাচনি কৰা হয়৷ নিৰ্দিষ্ট সময় উপবাসে থাকিবলৈ দি তেওঁলোকক ভিন্নদিনত কিট’ন ছল্ট আৰু প্লেচিব’ (placebo, শৰীৰত কোনো প্ৰভাৱ নপৰা কেৱল পৰীক্ষাৰ বাবে দিয়া দ্ৰব্য) খাবলৈ দিয়া হয়৷ দুয়োটা দলৰ বাচনি যাদৃচ্ছিক প্ৰক্ৰিয়াৰে কৰা হয় যাতে পৰীক্ষাটোৰ ফলাফলত পক্ষপাতিত্ব নাথাকে আৰু অংশগ্ৰহণকাৰীসকলক কিটন ছল্ট বা প্লেচিব’ কোনবিধ খাবলৈ দিছে সেইসম্পৰ্কে জানিবলৈ দিয়া নহয় ৷ সকলোকে ইয়াৰ পিছত নিৰ্দিষ্ট সময়ৰ বাবে চাইক্লিং কৰিবলৈ দি শৰীৰ পৰীক্ষা কৰা হ’ল৷ এই পৰীক্ষাত ধৰা পৰিল যে কিট’ন ছল্ট খোৱাৰ দিনা অংশগ্ৰহণকাৰীৰ শক্তি প্লেচিব’ খোৱাৰ দিনাতকৈ প্ৰায় সাত শতাংশ কম আছিল৷

গতিকে শৰীৰ কৰ্মোদ্যম বৃদ্ধি কৰাৰ উদেশ্যেৰে বজাৰত উপলব্ধ কৰা এই ছাপ্লিমেন্ট সমূহে বিপৰীত প্ৰভাৱহে পেলোৱা বুলি গৱেষণাটোত প্ৰকাশ পাইছে৷ তাৰোপৰি শৰীৰত কিট’নৰ পৰিমাণ কৃত্ৰিমভাৱে বৃদ্ধি কৰাৰ অন্য প্ৰক্ৰিয়াৰ ওপৰত কেনে প্ৰভাৱ পৰে সেই সম্পৰ্কে বিজ্ঞানীসকল এতিয়াও অজ্ঞাত৷ গতিকে প্ৰকৃত বৈজ্ঞানিক ভিত্তিসমূহ পৰীক্ষা নকৰাকৈ ক্ৰীক্ষাবিদ সকলে যিকোনো সম্পুৰক ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা উচিত৷

Tuesday 10 October 2017

জনসাধাৰণৰ সমুহীয়া তথ্যই পোহৰলৈ আনিলে আই ইউ চি এনৰ ৰঙা তালিকাৰ বিসংগতি

পৃথিৱীত চিনাক্ত হোৱা সকলো জীৱ-জন্তু, চৰাই চিৰিকটিৰে সাম্প্ৰতিক অৱস্থা মূল্যাংকণ কৰে আই ইউ চি এন (International Union for Conservation of Nature's (IUCN) নামৰ এটা আন্তৰ্জাতিক সংস্থাই৷ এই মূল্যাংকণত সংকটাপন্ন বুলি পোহৰলৈ অহা প্ৰজাতিসমূহ সংস্থাটোৱে বিভিন্ন শ্ৰেণীৰ তালিকাভুক্ত কৰে৷ তালিকাখনক কোৱা হয় আই ইউ চি এনৰ ৰঙা তালিকা (IUCN Red List)৷ প্ৰত্যেক প্ৰজাতিৰ বাবে এই শ্ৰেণীসমূহ থিৰ কৰা হয় বিভিন্ন মাপকৰ সহায়ত৷ এইবোৰৰ ভিতৰত প্ৰজাতিবিধৰ ভৌগোলিক বিস্তৃতি এক গুৰুত্বপূৰ্ণ মূল্যাংকণ মাপক৷

শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা মতে আই ইউ চি এনৰ পক্ষীকুলৰ সাম্প্ৰতিক ভৌগোলিক বিস্তৃতিৰ তথ্য সম্পূৰ্ণ সঠিক নহয়৷ বহুক্ষেত্ৰত প্ৰকৃত বিস্তৃতিতকৈ অধিক ঠাইক কোনো কোনো চৰাইৰ বসতিস্থল বুলি গণ্য কৰাৰ বাবে ৰঙা তালিকাৰ শ্ৰেণী নিৰূপণতো বিসংগতি ধৰা পৰিছে৷
আই ইউ চি এনৰ ৰঙা তালিকাৰ শ্ৰেণীৰ বিসংগতি:  অসুৰক্ষিত (VU-Vulnerable)-> বিলুপ্তপ্ৰায় (EN-Endangered) , নুন্যতম সংকটজনক (LC-Least concerned)-> সংকটাসন্ন (NT-Near-threatened)

গৱেষণাটোত চিটিজেন চায়েন্স নামৰ জনসাধাৰণৰ সমূহীয়া অৱদানেৰে গঢ়ি তোলা চৰাইৰ নিৰীক্ষণ সম্পৰ্কীয় তথ্যসমূহ বিশ্লেষণ কৰি বিজ্ঞানীসকলে এই তথ্য প্ৰকাশ কৰিছে৷ চিটিজেন চায়েন্স নামৰ এই বিনামূলীয়াকৈ উপলব্ধ ৱেবছাইটত বিশ্বৰ যিকোনো ব্যক্তিয়ে চৰাই নিৰীক্ষণৰ তথ্য ঠাই আৰু সময়ৰ সৈতে অন্তৰ্ভুক্ত কৰি অৱদান আগবাঢ়াব পাৰে৷ গতিকে এনে তথ্যই প্ৰতিবিধ চৰাইৰ প্ৰজাতিৰ বিস্তৃতি কিমানখিনি সেইবিষয়েও সঠিক বাতৰি দিব পাৰে৷

এই গৱেষণাই ভাৰতৰ কেৱল পশ্চিমঘাট অঞ্চল (Western Ghats) ত পোৱা (endemic) ১৮ বিধ চৰাইৰ প্ৰজাতিৰ ভিতৰত ১৭ বিধৰ ক্ষেত্ৰতে আই ইউ চি এনে প্ৰকৃত ভৌগোলিক বিস্তৃতিতকৈ অধিক বুলি নিৰূপণ কৰিছে বুলি দেখুৱাইছে৷ ইয়াৰ মূল কাৰণ হৈছে, ভৌগোলিক বিস্তৃতিৰ ভিতৰত কিছুক্ষেত্ৰত চৰাইৰ বসবাসৰ অযোগ্য ঠাইয়ো অন্তৰ্ভুক্ত কৰাটো৷ ফলত সঠিক ভৌগোলিক বিস্তৃতিলৈ লক্ষ্য কৰি ইয়াৰে দহবিধ প্ৰজাতিক আই ইউ চি এনৰ ৰঙা তালিকাত অধিক সংকটাপন্ন শ্ৰেণীত তালিকাভুক্ত কৰাত প্ৰয়োজনীয়তা আহি পৰিছে৷ বিশ্বৰ জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ বাবে লোৱা পদক্ষেপসমূহত এই ৰঙা তালিকাৰ শ্ৰেণীসমূহৰ ভিত্তিতে বিপদাপন্ন প্ৰজাতিক অগ্ৰাধিকাৰ দিয়া হয়৷  সেয়ে প্ৰজাতিৰ সংকট অৱস্থাৰ সঠিক মূল্যায়ন নহ’লে বিপদাপন্ন প্ৰজাতি আমাৰ সকলোৰে অগোচৰে পৃথিৱীৰ পৰা বিলুপ্ত হোৱাৰ শংকা থাকে৷ গতিকে এই গৱেষণাই প্ৰজাতিৰ ভৱিষ্যত সঠিক মূল্যায়ন আৰু সংৰক্ষণত নতুন দিশৰ সূচনা কৰিছে৷ 

Monday 9 October 2017

দাপোণত নিজৰ মুখ

স্ফটিকৰ দৰে তোৰ দেহত মোৰ প্ৰতিবিম্ব
নিজৰ দুচকুত চকু থৈ
মুখামুখি হওঁ নিজৰ সৈতে
উদঙাই দিওঁ মোৰ
ভাটিয়ালী সপোণ আৰু আশা
আৰু তাৰ আঁৰতে লুকাই থকা
এবুজ এসাগৰ বিষণ্ণতা
নিজৰ পৰা নিজলৈকে টানি লওঁ
অনুভৱৰ মৌন কোলাহল
তোৰ বুকুৱেদি পাৰ ভাঙি বৈ আহে
হাঁহি-কান্দোন আৰু খং-অভিমানৰ ঢল

তই মুকলি কৰা  বাটেৰে গৈ
নিজৰ মাজতে মগন হওঁ মই
চকুপানীবোৰ মোহাৰি লওঁ
অভিমান সামৰি থওঁ
হাঁহিবোৰ বিয়পাই দিওঁ
চিৰদিন কাষতে ৰোৱাৰ প্ৰতিশ্ৰুতি দিওঁ

বাৰে বাৰে প্ৰমাণ কৰোঁ
আমি যে নিজৰেই চিৰন্তন প্ৰেমিক

Tuesday 3 October 2017

টোপনি আৰু স্মৃতিশক্তিৰ নিবিড় সম্পৰ্ক

আমাৰ মগজু আটাইতকৈ গুৰুত্বপুৰ্ণ অংগবোৰৰ অন্যতম৷ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত মগজুৱে নিজকে পৰিৱৰ্ত্তন কৰি পাৰিপাৰ্শ্বিকতাৰ সৈতে খাপ খুৱাই লয়৷ শেহতীয়াকৈ এটা নতুন গৱেষণাই প্ৰকাশ কৰিছে যে টোপনিয়ে আমাৰ মগজুৰ এই নমনীয়তা (plasticity), অৰ্থাৎ আমাৰ মগজুৰ ভিতৰত হোৱা পৰিৱৰ্তন আৰু পুণ:সংগঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ বাৰ্লিনৰ খ্যাতনামা হামব’ল্ট আৰু চেৰিটি বিশ্ববিদ্যলয় (Humboldt and Charité Universities) ৰ গৱেষকসকলে অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত মগজুৰ ডেনড্ৰাইট অংশৰ ক্ৰিয়াকলাপ নিৰীক্ষণ কৰি আহিছিল৷ এই ডেনড্ৰাইট অংশই নতুন তথ্যপাতি মগজুত ধৰি ৰাখে৷ তেওঁলোকে আৱিষ্কাৰ কৰে যে, টোপনিৰ সময়ত ডেনড্ৰাইট অধিক সক্ৰিয় হৈ উঠে৷ এই সক্ৰিয়তা মগজুৰ বিশেষ কিছুমান তৰংগৰ সৈতে জড়িত হৈ আছে বুলি তেওঁলোকে ধৰা পেলাইছে৷ স্পিণ্ডল নামৰ এই চুটি আৰু পুন:পৌনিক তৰংগবোৰ সৃষ্টি হোৱাৰ সময়তে মগজুৰ পুন:সংগঠন হয়৷ মগজুৰ এই বিশেষ তৰংগ স্পিণ্ডল সমূহ আকৌ আমাৰ স্মৃতি গঢ়া প্ৰক্ৰিয়াত অতি গুৰুত্বপূৰ্ণ৷ বিজ্ঞানীসকলৰ মতে,আমি টোপনি গৈ থকা অৱস্থাত এই স্পিণ্ডলসমূহ চলিবলৈ আৰম্ভ কৰে আৰু এই সময়ত ডেনড্ৰাইটৰ বিশেষ কিছুমান প্ৰক্ৰিয়া সক্ৰিয় হৈ উঠে যি স্মৃতিবোৰ অধিক শক্তিশালী কৰি তোলে৷

ভৱিষ্যতে শেহতীয়া প্ৰযুক্তিৰ সহায়ত একে কম্পনাংকৰ এনে স্পিণ্ডলসমুহ কৃত্ৰিমভাৱে সৃষ্টি কৰি ডেনড্ৰাইটক সক্ৰিয় কৰি তুলিব পাৰিলে স্মৃতিৰ সৈতে জড়িত নানা ৰোগ যেনে ডিমেনছিয়া আদিৰ উন্নত চিকিৎসা সম্ভৱ হৈ উঠিব৷

Tuesday 26 September 2017

প্লাষ্টিক প্ৰদূষণৰ চিকাৰ হৈ পৰিছে মাছ

আমি সকলোৱে কম-বেছি পৰিমাণে পেলনীয়া প্লাষ্টিকে পৰিৱেশৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱবোৰৰ কথা জানো৷ বিশ্বত উৎপাদিত মুঠ প্লাষ্টিকৰ প্ৰায় দহ শতাংশই শেষত গৈ সাগৰৰ পানীত পৰেগৈ৷ গতিকে সাগৰীয় দূষিত পদাৰ্থত প্লাষ্টিকৰ পৰিমাণেই অধিক ৷ সূৰ্য্যৰ ৰশ্মি, ঢৌ, জলচৰ প্ৰাণীৰ প্ৰভাৱত এই প্লাষ্টিকবোৰ ভাঙি-চিঙি গৈ অৱশেষত ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা বা নেন’প্লাষ্টিকত পৰিণত হয়গৈ৷ পেলনীয়া প্লাষ্টিকৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ কেনে সেইসম্পৰ্কে ভালেমান গৱেষণা হৈছে যদিও নেন’প্লাষ্টিকৰ কণাসমূহৰ বিষয়ে আমাৰ জ্ঞান সীমিত৷ 
Credit: © Zacarias da Mata / Fotolia
শেহতীয়াকৈ ছুইডেনৰ লাণ্ড বিশ্ববিদ্যালয়ত বিজ্ঞানীসকলে কৰা এক গৱেষণাই  ধৰা পেলাইছে যে পেলনীয়া প্লাষ্টিকৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ কণা বা নেন’প্লাষ্টিকে মাছৰ মগজুৰ ভয়ংকৰ ৰূপত ক্ষতি কৰিব পাৰে৷ এই কণাবোৰ প্ৰথমে পানীৰ শেলাইত বিয়পি থাকে৷ এই শেলাই খায় প্লেংকটন (Zooplankton) সমূহে ৷ অৱশেষত মাছে প্লেংকটন খালে নেন’প্লাষ্টিকৰ কণাসমূহ মাছৰ দেহত সোমাই পৰে৷ এইদৰে খাদ্যশৃংখলৰ যোগেদি পাৰ হৈ গৈ মাছৰ মগজুৰ কলাসমূহত এই কণাবোৰ জমা হৈ পৰে৷ এই কণাসমূহে মগজুৰ ক্ষতি কৰাৰ ফলত মাছৰ ব্যৱহাৰৰ পৰিৱৰ্তন হয় বুলি গৱষণাটোত প্ৰকাশ পাইছে৷ মাছৰ ব্যৱহাৰৰ পৰিৱৰ্ত্তন নিৰ্ভৰ কৰে এই কণাবোৰৰ আকাৰৰ ওপৰত৷ উদাহৰণস্বৰূপে এক বিশেষ আকাৰৰ কণা জমা হ’লে মাছবোৰে খোৱা আৰু চলা-ফিৰা কমাই পেলায়৷ অৱশ্যে মাছৰ দেহৰ অন্য অংগতো এই কণাবোৰ জমা হৈ একেই খাদ্য শৃংখলৰ যোগেদি মানুহৰ দেহলৈকো বিয়পাৰ সম্ভাৱনা সম্পৰ্কে সঠিকভাৱ জানিবলৈ হ’লে অধিক গৱেষণাৰ প্ৰয়োজন৷

Thursday 21 September 2017

কণমান ভেকুলীৰ বধিৰতা

ৰঙালাও বেং (Pumpkin toadlet) - নামৰ দৰেই দেখাতো মৰমলগা এই কণমান বেং বিধ পোৱা যায় ব্ৰাজিলৰ আটলান্টিক অৰণ্যত৷ বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ ভেকুলীবোৰৰ এবিধ এই বেং৷ শেহতীয়াকৈ ব্ৰাজিল, ডেনমাৰ্ক আৰু ব্ৰিটেইনৰ এদল বিজ্ঞানীয়ে যুটীয়া এক গৱেষণাত ধৰা পেলাইছে যে এই বেঙৰ দুটা প্ৰজাতি বধিৰ-ইহঁতে নিজে মতা মাতো শুনা নাপায়৷ 

আঙুলিৰ মূৰত এটা ৰঙালাও বেং (Brachycephalus pitanga) 
চিত্ৰ: Sandra Goutte
কেমব্ৰিজ বিশ্ববিদ্যালয়ত সম্পন্ন কৰা এলানি পৰীক্ষাত গৱেষকৰ দলটোৱে আৱিষ্কাৰ কৰে যে ৰঙালাও বেঙৰ কাণৰ উচ্চ-কম্পনাংকৰ শব্দ শুনাৰ অংশটো অৱশেষাংগ (vestigial organ) হিচাপেহে আছে৷

জীৱ-জন্তুৱে মানুহৰ দৰেই মাতেৰে ইটোৱে সিটোৰ সৈতে যোগাযোগ ৰাখে৷ ভেকুলীবোৰে নিজৰ এলেকা বা টেৰিট’ৰী ওচৰ চুবুৰীয়াক জনাবলৈ, লগৰীক আকৰ্ষণ কৰিবলৈ আৰু বিপদ সংকেত দিবলৈ টোৰটোৰায়৷ নিজৰ মাতকে শুনা নোপোৱা স্বত্বেও টোৰটোৰোৱা এই ৰঙালাও বেঙৰ দৰে পৰিঘটনা প্ৰাণীজগতত অতিকৈ বিৰল৷ কাৰণ বিৱৰ্তনে প্ৰকৃতিক প্ৰতিটো প্ৰক্ৰিয়াতে মিতব্যয়ী হ’বলৈ বাধ্য কৰে৷ গতিকে নিজৰ মাজতে যোগাযোগ ৰাখিবলৈ মাতৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যোৱাৰ পিছতো এই বেঙৰ মাত কিয় ৰৈ গ’ল?

ৰঙালাও বেং ৰঙালাওটোৰ দৰেই উজ্বল কমলা ৰঙৰ আৰু দিনৰ সময়ছোৱাত সক্ৰিয়৷ গতিকে গৱেষক দলটোৰ ধাৰণা যে, এই বেঙৰ ক্ষেত্ৰত দৃষ্টিয়ে শব্দৰ দ্বাৰা সম্ভৱ নোহোৱা যোগাযোগ বৰ্তাই ৰাখিব পাৰিছে৷ তাৰোপৰি মাত মতাৰ সময়ত ডিঙিৰ চালনায়ো চাক্ষুষ যোগাযোগত সহায় কৰিব পাৰে৷ ৰঙালাও বেঙৰ এই অকাৰ্য্যক্ষম শব্দৰ যোগাযোগ ব্যৱস্থা প্ৰাণীজগততে এক অদ্বিতীয় উদাহৰণ৷ এই বেঙৰ ভৱিষ্যত অধ্যয়নে প্ৰাণীজগতৰ যোগাযোগ ব্যৱস্থাত বিৱৰ্তনৰ প্ৰভাৱৰ এনে ৰহস্যসমূহৰ আঁত ভাঙিবলৈ সহায় কৰিব৷

Tuesday 19 September 2017

দেহত ইনছুলিনৰ তাৰতম্য ৰোধাৰ নতুন উপায় আৱিষ্কাৰ

আমি প্ৰায় সকলোৱে জানো যে বহুমূত্ৰ ৰোগ হ’লে দেহত ইনছুলিন নামৰ হৰ্মন বিধৰ পৰিমাণ কমি যায়৷ অগ্ন্যাশয় (Pancreas)-এ ক্ষৰণ কৰা এই ইনছুলিনে আমাৰ দেহত শৰ্কৰাৰ বিপাক ঘটাই শক্তিৰ যোগান ধৰে৷ বহুমূত্ৰৰ সম্পূৰ্ণ বিপৰীত প্ৰক্ৰিয়াত সৃষ্টি হোৱা ৰোগবিধ হ’ল ’ক’নজেনিটেল হাইপাৰ-ইনছুলিজম’-অৰ্থাৎ এই ৰোগত দেহত ইনছুলিন অত্যাধিক পৰিমাণে ক্ষৰণ হয়৷ ফলত এই হৰ্মনে খৰতকীয়াকৈ বিপাক ঘটাই দেহৰ শৰ্কৰাৰ পৰিমাণো কমায় পেলায় ৷ এই ৰোগত দেহত পৰ্য্যাপ্ত শক্তিৰ অভাৱৰ বাবে মগজু অচল হৈ মানুহৰ মৃত্যু পৰ্য্যন্ত হ’ব পাৰে৷ বহুমূত্ৰৰ দৰে বিস্তৰ ভাৱে দেখা নিদিলেও বহুক্ষেত্ৰত এই ৰোগ চিনাক্ত নোহোৱাকৈ ৰৈ যায় বুলি বিজ্ঞানীসকলে সন্দেহ কৰে৷

ছুইজাৰলেণ্ডৰ জেনেভা বিশ্ববিদ্যালয়ৰ এদল গৱেষকে শেহতীয়াকৈ এই ৰোগৰ জিনগত উৎস আৱিষ্কাৰ কৰিছে৷ তেওঁলোকৰ গৱেষণাই দেখুৱাইছে যে আমাৰ দেহৰ 
’গ্লুড ১’ নামৰ এবিধ বিশেষ জিনৰ উৎপৰিৱৰ্তন (mutation) ঘটি  হাইপাৰ-ইনছুলিজম সৃষ্টি কৰে৷  এই জিনে জি ডি এইচ নামৰ প্ৰ’টিনৰ সহায়ত অগ্ন্যাশয়ৰ পৰা ইনছুলিনৰ ক্ষৰণ নিয়ন্ত্ৰণ কৰে৷ জি ডি এইচ প্ৰ’টিন মুকলি হৈ থাকিলে এবিধ বিশেষ গ্ৰাহক অণুৰ সৈতে সংযোজিত হয়৷ এই সংযোজন প্ৰক্ৰিয়াই অগ্ন্যাশয়লৈ ইনছুলিন ক্ষৰণৰ বাবে সংকেত পঠিয়ায়৷ সাধাৰণ অৱস্থাত দেহত শৰ্কৰাৰ পৰিমাণ এক নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি গ’লে এই প্ৰ’টিনবিধে অণুবিধৰ সংযোজন বন্ধ কৰি দিয়ে-ফলত ইনছুলিনৰ ক্ষৰণতো বাধা পৰে৷ কিন্তু ’গ্লুড ১’ জিনৰ উৎপৰিৱৰ্তন ঘটিলে জি ডি এইচ প্ৰ’টিনে একেৰাহে গ্ৰাহক অণুৰ সৈতে সংযোজিত হৈ ৰয়৷ ফলত প্ৰ’টিনৰ নিৰ্দেশত অগ্ন্যাশয়েও অনিয়ন্ত্ৰিতভাৱে ইনছুলিন ক্ষৰণ কৰি থাকে৷ এই উৎপৰিৱৰ্তিত জিন থকা ৰোগীৰ দেহত জি ডি এইচ প্ৰ’টিনে যকৃতত এম’নিয়াৰ পৰিমাণো অধিক কৰি তোলে বুলি গৱেষণাটোৱে প্ৰকাশ কৰিছে৷  
হাইপাৰ-ইনছুলিজমৰ সৈতে জড়িত জি ডি এইচ প্ৰটিনবিধ৷  সাধাৰণ অৱস্থাত বাওঁফালে থকাৰ দৰে প্ৰ’টিনবোৰ মুকলি হৈ থাকি অণুবিধেৰে সংযোজিত হয়৷ এই প্ৰক্ৰিয়াই ইনছুলিন ক্ষৰণৰ বাবে সংকেত পঠিয়ায়৷  ইনছুলিনৰ পৰিমাণ অধিক হৈ পৰিলে প্ৰ’টিনবোৰে গ্ৰাহক অণুৰ সৈতে সংযোজন বন্ধ কৰি দিয়ে৷ এই ৰোগৰ ক্ষেত্ৰত জিনীয় উৎপৰিৱৰ্তনৰ ফলত এই সংযোজন প্ৰক্ৰিয়া অনিয়ন্ত্ৰিত হৈ পৰে৷ (চিত্ৰ: Pierre Maechler / UNIGE)

বৰ্তমানে এই ৰোগৰ চিকিৎসাত 
দেহৰ পৰা অগ্ন্যাশয় সম্পূৰ্ণকৈ আঁতৰাই পেলোৱা হয়৷ এই প্ৰক্ৰিয়াৰ পৰা অন্যন্য জটিলতা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে৷ তাৰোপৰি অগ্ন্যাশয় অবিহনে ৰোগী কৃত্ৰিমভাৱে বহুমূত্ৰ ৰোগত ভূগিব পাৰে৷ এই গৱেষণাই দেখুৱাইছে যে জি ডি এইচ প্ৰ’টিনত গ্ৰাহক অণুবিধৰ সলনি কৃত্ৰিম দ্ৰৱ্যৰ সংজোজন ঘটিবলৈ দিলে প্ৰ’টিন বিধে অগ্ন্যাশয়লৈ পঠোৱা সংকেত বন্ধ হ’ব পাৰে৷ ফলত অত্যাধিক ইনছুলিন ক্ষৰণো ৰোধ কৰিব পৰা যাব৷ গতিকে এই নতুন গৱেষণাই ’হাইপাৰ-ইনছুলিজম’ ৰোগৰ উন্নত চিকিৎসাৰ দিশ মুকলি কৰিছে৷

Sunday 23 July 2017

এজাক ৰ’দৰ সন্ধানত (৮ শেষ খণ্ড): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন

পূৰ্বৰ খণ্ডসমূহ

ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

অচিন আপোন মানুহ


পৰ্ট’ত মাথোঁ দুটা দিন আছিল আমাৰ৷ সময়ৰ টিকনিত ধৰি এই অতীব সুন্দৰ চহৰখন ভালদৰে চাই লোৱাৰ হেপাঁহতে আমি তিনিও গোটেইখন পিটপিটাই ফুৰিলো৷ এনেকুৱা কোনো এবাৰতে পৰ্ট’ৰ মেট্ৰ’ৰে ঘুৰি ফুৰোতে ভিৰৰ বাবে প্ৰজ্ঞা আমাৰ কাষৰ ডবাটোত উঠিল৷ মই আৰু বীৰ অন্য এটা ডবাত মুখামুখিকৈ বহি পৰিলো৷ মোৰ কাষতে এগৰাকী বয়সস্থ পটুৰ্গীজ মহিলা৷

ষ্টেচন ৰামাল'ডে৷ কেইজনমান মানুহ নামি গ’ল৷ আমাৰ তেতিয়াও বহুদূৰ যাবলৈ বাকী৷ এজন মানুহ সোমাই আহি বীৰৰ কাষৰ খালী চিটটোতে বহি পৰিল৷ মেট্ৰ’ চলিবলৈ আৰম্ভ কৰাৰ লগে লগে মানুহজনে বীৰলৈ চাই ইংৰাজীতে ক’বলৈ লাগিল,

’মই বৰ দুখীয়া৷ অলপ সহায় কৰিব পাৰিব নেকি?’

বীৰে কিছু দ্বিধাৰে মোলৈ চাই পঠিয়ালে৷ মানুহজনৰ সাজ-পোছাকত ক’তো দাৰিদ্ৰ্যৰ চিন নাই৷ তাৰ দৃষ্টি অনুসৰণ কৰি এইবাৰ মানুহজনে মোলৈ চাই একেখিনি কথাকে দোহাৰিলে৷ তেনেতে মন কৰিলোঁ, মোৰ কাষত বহি যোৱা মানুহগৰাকী হঠাত খচমচাই উঠিল৷ তেওঁলৈ চাই দেখোঁ, তেওঁ চকুৰে ইংগিত দিছে মানা কৰাৰ দৰে৷ মই নুবুজাৰ দৰে ৰৈ থকাত মানুহগৰাকীয়ে এইবাৰ ভৰিৰে মোৰ ভৰিত হেঁচুকি দিয়াৰ দৰেও কৰিলে৷ এইবাৰ মই মানুহজনলৈ চাই কৈ উঠিলো,

’ ন’, উই ক্যান্ট হেল্প ইউ! ছ’ৰী!’

মানুহজন নীৰৱ হৈ ৰ’ল৷ ক্ষন্তেক পিছতে উঠি কাষৰ ডবাটোলৈ খোঁজ দিলে৷ মোৰ কাষত বহি যোৱা সহযাত্ৰী গৰাকীয়ে এইবাৰ আমাক দুয়োকে আকাৰে ইংগিতে কথা ক’বলৈ লাগিল৷ আমি ইয়াকে বুজিব পাৰিলোঁ যে, এনেকৈ সহায় বা টকা বিচাৰি ফুৰা মানুহবোৰৰ আসৈ দিব নালাগে৷ পৰ্য্যটক দেখিলে এনেয়ে সুবিধা ল’ব খোঁজে৷ মানুহগৰাকীৰ আন্তৰিকতাখিনি দেখি সঁচাই ভাল লাগিল৷ আমি দুয়ো একেলগে কৈ উঠিলো,

’অ’ব্ৰিগেড’-অ’ব্ৰিগেড’!’ (ধন্যবাদ)

ষ্টেচনত নমাৰ পিছত প্ৰজ্ঞাক কাহিনীটো কোৱাত তাই হাঁহি হাঁহি কৈ উঠিল,

’ হেহ, সেই একেজন মানুহে মোকো টকা খুঁজিছিলহি নহয়! মই কি ক’লো জান? ক’লো, মই এটকাও উপাৰ্জন নথকা ষ্টুডেন্টহে-আচলতে আপুনিহে মোক সহায় কৰিব লাগে!

মানুহজনে মোৰ ফালে পেন্দোৱাকৈ চাই একো নোকোৱাকৈ গুচি গ’ল!’

ফাড’ৰ ৰাগীত এটা সন্ধিয়া

পৰ্ট’ৰ ফাড’ সংগীতৰ কথা অহাৰ দিনাৰে পৰা শুনি আছিলো৷ এদিন সন্ধ্যা প্ৰজ্ঞাৰ সৈতে ওলালো, ফাড’ৰ আমেজ লওঁগৈ বুলি৷ চহৰৰ মাজমজিয়াতে পতা এটা সংগীতানুষ্ঠান৷ সৰু মঞ্চ এখনৰ সন্মুখত কেইশাৰীমান চকী৷ গম পালো, এই অনুষ্ঠান প্ৰত্যেক সন্ধিয়াই আয়োজন কৰে আৰু দেশী বিদেশী পৰ্য্যটকৰ মাজত যথেষ্ট জনপ্ৰিয়৷ 

পৰ্টুগজ গীটাৰ ফাড’ৰ অপৰিহাৰ্য্য অংগ
ফাড’ এক প্ৰসিদ্ধ ৰ্পটুগীজ সংগীত৷ এই গীতসমূহ আমাৰ দেহবিচাৰৰ গীতৰ দৰে নীতিশিক্ষামূলক অথবা দাৰ্শনিক৷ মানৱ জীৱনৰ মায়া-মোহৰ ভংগুৰতা  সোঁৱৰাই দিয়ে হেনো এই গীতবোৰে৷ এজনে ক’লে, পৰ্টুগীজ একো বুজি নোপোৱা লোকেও ফাড’ শুনিলে চকুপানীক বাধা দি ৰাখিব নোৱাৰা হয়-এনে এক কাৰুণ্যৰ তীব্ৰতাৰে ভৰি থাকে ফাড’৷

আমি বহাৰ কিছুপৰৰ পিছতেই এগৰাকী গায়িকা মঞ্চলৈ উঠি আহিল৷ লগত  অন্য দুগৰাকী পটুৰ্গী গীটাৰবাদক৷ পটুৰ্গীজ গীটাৰ নহ’লে হেনো ফাড’ পৰিবেশন অসম্ভৱ৷ গায়িকাগৰাকীয়ে এটাৰ পিছত আনটোকৈ গীত গাই গ’ল-সুন্দৰ কন্ঠ আৰু পৰিবেশনেৰে ৷ প্ৰায়ভাগেই কৰুণ বা উদাস সুৰৰ৷ দুই- এটাহে কিছু আনন্দপূৰ্ণ৷ এটা শব্দও বুজি নাপালোঁ যদিও গীতৰ সাৰ্বজনীন ভাষা আৰু সুৰে আমাক চুই গ’ল৷

পৰ্ট ৱাইনৰ সোৱাদ


পৰ্ট’ৰ অলিয়ে গলিয়ে ইমানবোৰ উল্লেখযোগ্য ঠাই চালো যদিও যিটো আকৰ্ষণৰ বাবে পৰ্ট’ আটাইতকৈ বিখ্যাত সেয়া চাবলৈ এতিয়াও বাকী আছিল৷ এই বিশ্ববিখ্যাত পৰ্টুগীজ সম্পদবিধ হ’ল পৰ্ট ৱাইন৷ এই মদৰ বিশ্বৰ সকলো দেশতে আদৰ আছে৷ 


পৰ্ট লুইজ দলংখন পাৰ হৈয়ে ডউৰ’ নদীৰ পাৰত গয়া চহৰত বহুতো বিশ্ববিখ্যাত চেলাৰ (cellar) আছে ৷ সেই চেলাৰবোৰত গাইডেড ট্যুৰ ল’লে এই মদৰ ইতিহাস, প্ৰস্তুতিৰ পৰা আদি  সকলোখিনিৰ আকৰ্ষণীয় উপস্থাপন পোৱা যায়৷ পৰ্ট’ত আমাৰ সময় কমি আহিছিল৷ তথাপি এই আকৰ্ষণ উলাই কৰা আমাৰ তিনিওৰে বাবে অসম্ভৱ যেন ভাৱ হ’ল৷ অৱশেষত সিদ্ধান্ত হ’ল, লিভাৰপুললৈ উভতাৰ ফ্লাইট আছে আবেলি তিনিবজাত৷ পুৱাতে এপাৰ্টমেন্টৰ পৰা সকলো সামৰি ওলাই গ’লে সময় মিলাবগে পাৰিম কিজানি৷ ডউৰ’ নদীত নৌকাযাত্ৰা কৰি গয়াৰ পৰ্ট ৱাইন চেলাৰত ভুমুকি এটা মাৰি এয়াৰপৰ্টলৈ মেট্ৰ’ ধৰিমগৈ৷

কথামতেই কাম৷  ডউৰ’ নৈত নাঁৱেৰে পুৱাৰ ৰ’দ আৰু দুইপাৰৰ সৌন্দৰ্য্য  ৰ আমেজকণ ল’লোগৈ৷ সিদিনা আটাইতকৈ সোনকালে মুকলি থকা চেলাৰ আছিল কেলেম(Calem)৷ তালৈকে গ’লো৷ গম পালো, ট্যুৰ প্ৰায় এঘন্টীয়া৷ ইংৰাজীকে ধৰি প্ৰায় পাঁচ-ছয়টা ভাষাত এই ট্যুৰ ল’ব পাৰি৷ এজন উজ্বল মুখৰ ডেকা ল’ৰা আগবাঢ়ি আহি আমাৰ সৰু দলটোক ভিতৰলৈ মাতি নিলেহি৷ ল’ৰাজনৰ নাম-জোৱাও (Joao)৷

প্ৰথমেই জোৱাওৱে আমাক সৰু ৱাইন সংগ্ৰহালয় এটালৈ লৈ গ’ল৷ এই চেলাৰৰ ইতিহাস আৰু তাত তৈয়াৰ কৰা পৰ্ট ৱাইনৰ বিষয়ে তেওঁ বৰ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিলে৷ গম পালো, কেৱল ডউৰ’ উপত্যকাত কৰা আঙুৰৰ পৰাহে পৰ্ট ৱাইন তৈয়াৰ হয়৷ পৃ্থিৱীৰ অন্য যিকোনো ঠাইতে সেই একেবিধ প্ৰক্ৰিয়াৰে কৰা ৱাইনে কেতিয়াও একে সোৱাদ আৰু নাম পাব নোৱাৰে৷ ইয়াৰ কাৰণ হ’ল, এই উপত্যকাৰ জলবায়ু আঙুৰ উৎপাদনৰ বাবে আটাইকৈ উপযোগী৷  

কেলেম চেলাৰৰ ভিতৰত পৰ্ট ৱাইন ৰখা বেৰেলবোৰ
পৰ্ট ৱাইনৰ বিশেষত্ব হ’ল, প্ৰাকৃতিক আঙুৰৰ স্পিৰিট এবিধ যোগ দি এই মদৰ কিন্বন প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হয়-ফলত এটা মিঠা সোৱাদ ৰৈ যায়৷ এইবাবেই পৰ্ট ৱাইনৰ এলকহলৰ পৰিমাণো অন্য মদতকৈ বেছি হেনো৷  এই মদ চেলাৰবোৰত শাৰী শাৰী বেৰেলত ৰাখি পুৰণি হ’বলৈ দিয়া হয়৷ প্ৰথমবাৰৰ কাৰণে জানিলো, পৰ্ট ৱাইনো চাৰিবিধ- ৰঙা আঙুৰৰ পৰা কৰা ৰুবী আৰু ৰ’জে পৰ্ট, বগা আঙুৰৰ হুৱাইট পৰ্ট; ট’নি পৰ্ট ৰঙা আঙুৰৰ পৰাই বনোৱা হয় কিন্তু, অ’ক কাঠৰ বেৰেলত ৰাখি পুৰণি হ’বলৈ দিয়াৰ বাবে কাঠৰ সৈতে জাৰণ হৈ এবিধ বিশেষ সোৱাদ সৃষ্টি হয়৷ প্ৰত্যেকবিধৰ খোৱাৰ সময়ো ভিন্ন-হুৱাইট ৱাইন খোৱা হয় মূল আহাৰৰ আগত আৰু ৰুবী আৰু ট’নি পৰ্ট খোৱা হয় আহাৰৰ পিছত ডিজাৰ্ট ৱাইন হিচাপে৷ 

সংগ্ৰহালয়ৰ শেষত আমি থিয় দিলোগৈ শাৰী শাৰী প্ৰকাণ্ড বেৰেলৰ মাজত৷ জোৱাওয়ে বেৰেলবোৰৰ দৈৰ্ঘ্য-প্ৰস্থ-ওজন সকলো ভাঙি পাতি বুজাই অৱশষত ক’লে,
’ইমানসময়ে পৰ্ট ৱাইনৰ ইমানবোৰ কথা শুনি শুনি আপোনালোকৰ কিজানি ইয়াৰ সোৱাদো ল’বলৈ খুউব মন গৈছে, নহয় জানো? আমি তাৰো ব্যৱস্থা কৰি থৈছোঁ৷’

আমাৰ মুখবোৰ উজ্বলি উঠিল৷ জোৱাওৰ পিছে পিছে গৈ আমি এটা হলঘৰ ওলালোগৈ৷ তাত আমাৰ প্ৰত্যেকৰে বাবে তিনিওবিধ ৱাইন সাজু কৰি ৰখা আছিল! আমাৰ উৎসাহী মুখবোৰ দেখি জোৱাওৱে ক’লে,

’আৰামকৈ বহি লৈ লাহে ধীৰে এই উৎকৃষ্ট ৱাইনৰ সোৱাদ লওক৷ মই আপোনালোকক আৰু আমনি নকৰোঁ৷’

জোৱাওক বিদায় দি আমি একোটাকৈ ফুলাম হাঁহি মুখত লৈ প্ৰথমটো গিলাচত চুমুক দিলো৷ আস-কি সোৱাদ! এনেতে মোৰ কেনেকৈ জানো হাতত ঘড়ীটোত চকু পৰিল! লগে লগে জাপ মাৰি উঠিলো৷ এক বাজি পাঁচ মিনিট! মেট্ৰ’ৰে আধাঘন্টা গৈ তিনিবজাৰ ফ্লাইট ধৰাৰ কথা! 

ট’নি, ৰুবী আৰু ৰ’জে ৱাইনৰ সোৱাদ লৈ
প্ৰজ্ঞা আৰু বীৰক সময় দেখুওৱাত সিহঁতো অস্থিৰ হৈ উঠিল৷ কি কৰা যায়! দস্তুৰমত দৌৰাৰ কথা- কিন্তু এই তিনিটা গিলাচ কেনেকৈ এৰি যাওঁ! ভাবিবলৈ সময় নহ’ল৷ আমাৰ সন্মুখত বহি ধীৰে-সুস্থিৰে পৰ্ট ৱাইনৰ সোৱাদ লৈ থকা দলৰ বাকীবোৰৰ আশ্চৰ্য্যান্বিত মুখবোৰ আওকাণ কৰি আমি তিনিও একেশোহাই প্ৰতিবিধ ৱাইন ডিঙিত ঢালি লৈ বাহিৰলৈ দৌৰ দিলো! তাৰপৰা ওলাই নৈৰ পাৰৰ পৰা দলঙলৈকে শাৰী শাৰী চিৰি বগাই কেনেকৈ ট্ৰিনিডাড মেট্ৰ’ ষ্টেচচন পালোহি ক’ব নোৱাৰোঁ৷ কিন্তু লিভাৰপুললৈ অহা ফ্লাইটখন আমি ঠিকেই ধৰিলোঁ!
হেপেঁহুৱা ৰ’দজাক হৃদয়ৰ ভিতৰে-বাহিৰে লৈ ঘৰমুৱা হ’লো

Tuesday 18 July 2017

এজাক ৰ’দৰ সন্ধানত (৭): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন

পূৰ্বৰ খণ্ডসমূহ

ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

লিভেৰিয়া লেল্ল’ৰ হেৰী প’টাৰ

ইউজিনিৰ সৈতে পৰ্ট’ নগৰীৰ অলিয়ে-গলিয়ে খোঁজ কাঢ়ি ফুৰোঁতে তেওঁ লিভেৰিয়া লেল্ল’ নামৰ বিশ্ববিখ্যাত কিতাপৰ দোকানখনৰ ইতিহাস কৈছিল৷ যেতিয়া আমি তাৰ সন্মুখত থিয় দিলোগৈ, সেইসময়ত দোকানখনৰ আইনাত ওলমি আছিল 'closed' ফলক৷ সেয়ে পিছদিনা পুনৰ তালৈকে ঘুৰি অহাৰ আশা লৈ আমি খোঁজ আগবঢ়ালো৷





সিদিনাই আবেলি আমি তাৰ পালোগৈ৷ বাহিৰৰ পৰাই দেখাত আকৰ্ষণীয়  এখন দোকান৷ পূৰ্বতে বিনামূলীয়াকৈ সোমাব পৰা এই দোকানখনত শেহতীয়াকৈ টিকেট কটাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ ভাবি আচৰিত লাগিল, কিতাপৰ দোকানত সোমাবলৈকো টিকেট কাটিব লাগে! পিছে টিকেটৰ দিঘলীয়া শাৰীত চকু দিয়ে বুজিব পাৰিলোঁ এই দোকানখন কিমান জনপ্ৰিয়! কাৰণ? এই অদ্ভুত জনপ্ৰিয়তাৰ কাৰণ হ’ল এই দোকানৰ সৈতে হেৰি পটাৰৰ সংযোগ৷ জে কে ৰাউলিঙে হেনো এই দোকানতে হেৰি পটাৰ সৃষ্টিৰ অনুপ্ৰেৰণা পাইছিল৷ সেইবাবেই হেৰি পটাৰৰ প্ৰকৃত এই জন্মস্থান চাবলৈ গুণগ্ৰাহীৰ ভিৰ লাগে ইয়াত৷

কোৱা হয়, বিশ্বৰ আটাইতকৈ সুন্দৰ লাইব্ৰেৰী আৰু কিতাপৰ দোকানবোৰৰ ভিতৰত এখন এই লিভৰেৰিয়া লেল্ল’(Livraria Lello) ৷ দোকানখনত দুটা মহলা৷ ভিতৰৰ স্থাপত্য নিঅ’ গ’থিক আৰ্হিৰ৷ ইউজিনিয়ে কৈছিল, ১৯০৬ চনত এই দোকানখনৰ প্ৰতিষ্ঠা হৈছিল ৷ দোকানখনত সোমায়েই প্ৰথম চকুত পৰিল এক আকৰ্ষণীয় খটখটী৷ দুফালৰ পৰা আৰম্ভ হৈ ইউটোৰ দৰে লগ হৈ আকৌ ওপৰলৈ ফণা মেলি গৈছে৷ দেখাতেই হেৰী পটাৰৰ হগৱাৰ্টছৰ খটখটীলৈ মনত পৰে৷ সেয়ে বহুতে কয়, জে কে ৰাউলিঙৰ হেৰি পটাৰৰ খটখটীৰ আৰ্হি এই দোকানৰ পৰাই লৈছিল বুলি৷ ঘৰটোৰ আইনাৰ মুধচখনত লেল’ৰ মূলমন্ত্ৰটো খোদিত কৰা আছে- “vecus in labore” অৰ্থাৎ 'dignity in work'


লেল্ল’ৰ হেৰি পটাৰ আৰ্হিৰ চিৰিত ফটো উঠাৰ লোভ সামৰিব নোৱাৰিলো



ইউজিনিয়ে কোৱা মতে, জে কে ৰাউলিঙৰ বিয়া হৈছিল এগৰাকী পৰ্টুগীজ লোকৰ সৈতে৷ মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ বাবেই তিনিটা অশান্তিজৰ্জৰ বছৰ পাৰ কৰিয়ে তেওঁৰ বিচ্ছেদ ঘটিল৷ নব্বৈৰ দশকত পৰ্ট’ত কটোৱা দহটা বছৰত তেওঁ এগৰাকী ইংৰাজী শিক্ষক হিচাপে কাম কৰিছিল৷ সেইসময়ত তেওঁ প্ৰায়ে হেনো লেল্ল’ৰ ওপৰৰ মহলাত কফি একাপ লৈ বহিছিলহি৷ সেইসময়তে হেনো তেওঁ হেৰি পটাৰৰ সৃষ্টিত হাত দিছিল৷ লেল্ল’ৰ  খটখটী, লাইব্ৰেৰী আদিৰ উপৰি হগৱাৰ্টছৰ ইউনিফৰ্মৰ সৈতেও পৰ্ট’ৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মৰ বহু সাদৃশ্য দেখে বহু গুণগ্ৰাহীয়ে৷ 



ষ্টেচনত বন্দী পৰ্ট’ৰ নীলিম ইতিহাস

পৰ্ট’ৰ চাও বেন্ট’ ৰে’লৱে ষ্টেচন (Estação de São Bento) টোও বিশ্বৰ আটাইতকৈ ধুনীয়া ষ্টেচনবোৰৰ ভিতৰত এটা হেনো৷ এই সৰু নগৰীখন বিশ্বৰ  সুন্দৰতম ঠাইবোৰৰ সংগমস্থলীহে যেন৷ ষ্টেচনটো এবাৰ চাই অহাৰ হেঁপাহ সামৰিব নোৱাৰিলো৷

১৯১৬ চনত মুকলি কৰা চাও বেন্ট’ এটা ঐতিহাসিক ষ্টেচন৷ ভিতৰ সোমায়েই ভাব হ’ল যেন ষ্টেচন নহয় কোনোবা চিত্ৰৰ সংগ্ৰহালয়তহে সোমাইছোঁ৷ বিশাল বেৰবোৰত তলৰ পৰা ওপৰলৈকে বিভিন্ন ছবি৷ ভালকৈ মন কৰিলো, ছবিবোৰ আচলতে অসংখ্য নীলা টাইলছ লগ কৰিহে নিৰ্মাণ কৰিছে৷ একেবাৰতে অঁকা নহয়৷ এই নীলা বৈশিষ্ট্যপূৰ্ণ টাইলছ সমূহক যাক আজুলেজ’(azulejo) বুলি কোৱা হয়৷ পৰ্টুগালৰ ইতিহাসৰ বিভিন্ন মুহূৰ্ত্ত বন্দী কৰি ৰাখিছে এই নীলা টাইলত খোদিত প্ৰতিচ্ছবিসমূহে৷ এই টাইলসমূহত আঁকিছিল জৰ্জ ক’লাক’ (Jorge Colaço) নামৰ এগৰাকী আজুলেজ’ শিল্পীয়ে৷ ষ্টেচনটোৰ এই বিভিন্ন প্ৰতিচ্ছবিসমূহত মুঠতে হেনো বিছহাজাৰমান টাইল আছে৷




ফ্ৰানচেচিনহা-A heart attack waiting to happen

দুপৰীয়াৰ বিৰতিত ইউজিনিয়ে ক’লে,
’তোমালোক সকলোৱে যেনেকৈ হ’লেও ফ্ৰানচেচিনহা খাই যাবা পৰ্ট’ এৰাৰ আগতে৷ ইয়ালৈ আহি ফ্ৰানচেচিনহা নোখোৱাকৈ গ’লে এই যাত্ৰা আধৰুৱা হৈ ৰ’ৱ৷’

তাৰপিছত প্ৰায় আধাঘন্টামান ইউজিনিয়ে ফ্ৰানচেচিনহাৰ ইমানেই গুণ বখানিলে যে আমিবোৰ একপ্ৰকাৰ কৌতুহলীয়ে হৈ উঠিলো৷ তেওঁ দেখুৱাই দিয়া এখন ৰেষ্টোৰাঁলৈ ঢ়াপলি মেলিলো কিনো এইবিধ খাই চাওঁ বুলি! ইউজিনিয়ে কোৱা মতে, পটুৰ্গীজসকলে খুবেই সাবধানে ফ্ৰানচেচিনহা খাব খোঁজা ভাল ৰেষ্টোৰাঁ বিচাৰি উলিয়ায় হেনো৷ কাৰণ, ফ্ৰানচেচিনহাৰ মূল ৰেচিপিটো সকলোৱে জানে যদিও প্ৰত্যেক ৰেষ্টোৰাঁৰে চ’চৰ ৰেচিপি ভিন্ন ৷ স্থানীয় পৰ্টুগীজসকলে বিশ্বাস কৰে যে এই চ’চবিধৰ সোৱাদৰ ওপৰতে ফ্ৰানচেচিনহাৰ সোৱাদো বহু পৰিমাণে নিৰ্ভৰ কৰে৷ সেয়ে ৰেষ্টোৰাঁবোৰে নিজৰ ৰেচিপি গোপনীয় কৰি ৰাখে৷

গৈ অৰ্ডাৰ দিওঁতে ক’লে, প্ৰকৃততে ফ্ৰানচেচিনহা আমিষ৷ পিছে নিৰামিষ মানুহৰ কাৰণে তৈয়াৰ কৰোঁতে ৰেচিপি অলপ সলাই  ফ্ৰানচেচিনহাক নিৰামিষ ৰূপ এটা দিয়ে৷

আচলতে, ফ্ৰানচেচিনহা এবিধ পটুৰ্গীজ চেন্দুইছ৷ ইউজিনিয়ে বিৱৰণ কৰা মতে ব্ৰেডৰ মাজত হেম , চ’চেজ আৰু অন্য পোৰা মাংস দি চীজ দি ফ্ৰানচেচিনহা তৈয়াৰ কৰা হয়৷ সাধাৰণতে এই খাদ্যবিধ বিলাহী আৰু বিয়েৰ চ’চৰ লগতে ফ্ৰেন্স ফ্ৰাইৰ সৈতে পৰিবেশন কৰে৷ আমাৰ সন্মুখতো তেনেদৰেই এক লোভনীয় ৰূপত ফ্ৰানচেচিনহাৰ প্লেট সজাই দিলেহি৷

মুখত দিয়ে গ’ম পালো, কিয় কোনোবা পৰ্য্যটকে এইবিধক 'a heart attack waiting to happen' বুলি বৰ্ণনা কৰিছিল!  চীজ আৰু চ’চৰ সোৱাদৰ সৈতে কাঠৰ অভেনত সিজোৱা চেন্দুইছৰ কি এক অপূৰ্ব সোৱাদ!

ইতিহাস অনুসৰি পঞ্চাছ আৰু ষাঠিৰ দশকত পৰ্টুগালত একনায়কত্ববাদৰ উত্থানে বহুতো নাগৰিকক চুবুৰীয়া দেশত ভগনিয়া হিচাপে আশ্ৰয় ল’বলৈ বাধ্য কৰিছিল৷ সত্তৰৰ দশকত ইয়াৰে সৰহভাগ ভগনিয়াই ফ্ৰান্সত আশ্ৰয় লৈ আছিল৷ এনে এজন ভগনিয়া লোকেই পৰ্টুগাললৈ উভতি আহি ফৰাচী ছেন্দুইছৰ এই পৰ্টুগীজ ৰূপ দিলে বুলি মানুহে কয়৷

যি নহওক, পৰ্টুগালৰ গৌৰৱ এই চেন্দুইছবিধৰ সোৱাদ লোৱাৰ হেপাঁহটো পূৰালো৷

এখন নদী আৰু দুখন মহানগৰী

ইউজিনিৰ সৈতে আমাৰ ৱাকিং ট্যুৰৰ সামৰণি পৰিল পৰ্ট’ৰ দক্ষিণ সীমাত, ডউৰ’ নদীৰ পাৰত ৷  পাৰৰ পৰা নৈসৰ্গিক সৌন্দৰ্য্য সঁচাই বৰ মনোমোহা৷

 তাৰপৰা ইউজিনিয়ে আঙুলীয়াই দেখুৱালে,

”সৌৱা এই নদীৰ সিপাৰে সেইখন বেলেগ এখন মহানগৰ-নাম গয়া 
(Vila Nova de Gaia) ৷”

আমি গয়া মহানগৰীৰ বিষয়ে ইটো সিটো সুধিলো৷ সেইবোৰৰ উত্তৰ দি ইউজিনিয়ে কৈ উঠিল,

”জানানে, চুবুৰীয়াৰ লগত অন্য বহুতৰ থকাৰ দৰে আমাৰো এই গয়াৰ স’তে অলপ প্ৰতিদ্বন্দীৰ ভাব আছে৷ তাতে প’ট’ৰ দৰে গয়া এতিয়াও পৰ্য্যটনৰ আকৰ্ষণ হৈ পৰা নাই বাবে আমি ধেমালিতে গয়াক হাহোঁ!”

আমি ভালকৈ জানিব খোঁজাত ইউজিনিয়ে এনে প্ৰতিযোগিতামূলক ভাবৰ বহুতো উদাহৰণ দি মেলি অৱশেষত এটা কৌতুকেৰে সামৰিলে! প’ট’ৰ মানুহে হেনো কয়,

”The only good thing that people at Gaya can do is to look at Porto"


সকলোৰে মাজত হাঁহিৰ ৰোল উঠিল! ইউজিনিৰ এই চহৰ পৰ্ট’ সঁচাই অনুপম!