Thursday 23 November 2017

উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণৰ ভাৰসাম্য ৰক্ষাৰ বাবে ঘাইপথৰ এক গোলকীয় মেপ

সমগ্ৰ বিশ্বতে ২০৫০ চনৰ ভিতৰত ২৫ মিলিয়ন কিলোমিটাৰ নতুন ঘাইপথ নিৰ্মাণ কৰাৰ আঁচনি আছে৷ ২০১০ চনৰ মুঠ পথৰ তুলনাত ঘাইপথৰ মুঠ দৈৰ্ঘ্যৰ এয়া প্ৰায় ৬০% বৃদ্ধি৷ ইয়াৰে দহভাগৰ ন অংশ নতুন ঘাইপথ নিৰ্মাণ কাৰ্য্য উন্নয়নশীল দেশসমূহত হ’ব বুলি ধাৰণা কৰা হৈছে৷ নতুন ঘাইপথ নিৰ্মাণে যিকোনো অঞ্চলৰ আৰ্থসামাজিক উন্নয়নৰ বাট মুকলি কৰি দিয়াৰ সময়তে প্ৰকৃতিৰ বাবে বহুসময়ত ক্ষতিকাৰক হৈও দেখা দিয়ে৷ উদাহৰণস্বৰূপে বনাঞ্চলৰ মাজেৰে বা কাষৰীয়া অঞ্চলত নিৰ্মাণ কৰা পথে বহুসময়ত অৰণ্য ধ্বংস কৰে, বনজুই বা বনৰীয়া জন্তুৰ চোৰাং চিকাৰৰ সম্ভাৱনাও বঢ়ায়৷ 

শেহতীয়াকৈ পৰিৱেশবিজ্ঞানী সকলে জৈৱবৈচিত্ৰ্য আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত ভাৰসাম্য ৰক্ষা কৰি পূৰ্বপৰিকল্পিতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহ নিৰ্বাচন কৰাৰ এক আন্ত:ৰাষ্ট্ৰীয় আঁচনি প্ৰকাশ কৰিছে৷ এই প্ৰক্ৰিয়াই প্ৰকৃতিৰ ওপৰত নুন্যতম বিৰূপ প্ৰভাৱ পৰা কিন্তু উন্নয়নৰ বাবে আটাইতকৈ লাভদায়ক ঠাইসমূহ চিনাক্ত কৰি পৰিকল্পিতভাৱে তেনে অঞ্চলত ঘাইপথ নিৰ্মাণত প্ৰাধান্য দিছে৷ 
পৰিৱেশ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ (environmental-values layer) স্তৰ (a) আৰু কৃষিক্ষেত্ৰত উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ (road-benefits layer)  অঞ্চলসমূহ (b) 

এই গোলকীয় মেপখন নতুন ঘাইপথ নিৰ্মাণৰ বাবে হ’বলগীয়া লাভ বা লোকচান (cost-benefits)-ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে৷ মেপখন প্ৰস্তুত কৰিবলৈ বিজ্ঞানীসকলে দুটা স্তৰত অঞ্চলসমূহ পৰীক্ষা কৰে- প্ৰথমে পৰিৱেশ সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ (environmental-values layer) স্তৰ আৰু দ্বিতীয়তে কৃষিক্ষেত্ৰত উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ (road-benefits layer)  অঞ্চলসমূহ৷ এই দুইটাস্তৰ সংযোগ কৰি তেওঁলোকে কোনবোৰ অঞ্চলত নতুনকৈ ঘাইপথ নিৰ্মাণে উন্নয়নৰ সম্ভাৱনা আনে, কোনবোৰ অঞ্চলত ঘাইপথ নিৰ্মাণকাৰ্য্য পৰিৱেশ সংৰক্ষণৰ বাবে ক্ষতিকাৰক হৈ উঠিব পাৰে আৰু এই দুয়োক্ষেত্ৰত সংঘৰ্ষ হ’ব পৰা উন্নয়ন আৰু পৰিৱেশ সংৰক্ষণ দুয়োটাৰ বাবে গুৰুত্বপূৰ্ণ অঞ্চলসমূহো নিৰ্ণয় কৰিছে৷


গোলকীয় ঘাইপথৰ মানচিত্ৰ: সেউজীয়া অঞ্চলসমূহ পৰিৱেশ সংৰক্ষণৰ বাবে আৰু ৰঙা অংশসমূহ অৰ্থনৈতিক উন্নয়নৰ বাবে গুৰুত্বপূৰ্ণ অঞ্চল; গাঢ় অঞ্চলসমূহ দুয়োটাক্ষেত্ৰতে গুৰুত্বপূৰ্ণ  
  
এই  গোলকীয় মেপে পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতন দৃষ্টি ৰাখি আৰু অৰ্থনৈতিক উন্নয়নো বাধাপ্ৰাপ্ত নোহোৱাকৈ পৰিকল্পিতভাৱে ঘাইপথ নিৰ্মাণত সহায় কৰিব বুলি আশা কৰা হৈছে ৷

Tuesday 21 November 2017

মানুহৰ দাঁতে বহন কৰে ভিটামিন ডিৰ অভাৱৰ সাক্ষ্য

মানুহৰ দাঁতৰ পৰা দেহত ভিটামিন ডিৰ অভাৱ সম্পৰ্কে তথ্য পাব পাৰি৷ মেকমাষ্টাৰ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে শেহতীয়াকৈ দাঁতৰ এক্স-ৰে’ পৰীক্ষাৰ দ্বাৰা এই তথ্য আৱিষ্কাৰ কৰিছে৷ 


বিজ্ঞানীসকলে পূৰ্বতে ধৰা পেলাইছিল যে মানুহৰ দাঁতৰ গঠন আৰু আকৃতিৰ পৰা ভিটামিন ডিৰ অভাৱৰ ফলত হোৱা ৰিকেটছ (rickets) ৰোগৰ স্থায়ী আৰু নিৰ্ভৰযোগ্য তথ্য পাব পাৰি৷ এই ভিটামিনৰ অভাৱত দাঁতৰ মূল অংশ ডেন্টিন (dentin) ত ক্ষুদ্ৰাতিক্ষুদ্ৰ বিকৃতি (deformities) আৰম্ভ হয়৷ এই ডেন্টিনৰ এনে বিকৃতিবোৰ এনামেল (enamel) নামৰ অংশই আৱৰি ৰাখে বাবে এইবোৰ ক্ষয় নাযায়৷ এই বৈশিষ্ট্যৰ বাবে প্ৰাচীন মানুহৰ দাঁত অধ্যয়ন কৰি তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কেও তথ্য পাব পাৰি৷  কিন্তু ডেন্টিনৰ এই বিকৃতিসমূহ দাঁতবোৰ পৃথক কৰি তন্নতন্নকৈ পৰীক্ষা নকৰিলে ধৰা পেলোৱা প্ৰায় অসম্ভৱ ৷ এই অসুবিধা আঁতৰ কৰিবৰ বাবে বিজ্ঞানীৰ  দলটোৱে এক্স ৰে’ ব্যৱহাৰ কৰি দাঁতৰ ’পাল্প হৰ্ণ’ নামৰ অন্য এক অংশৰ গঠনৰ পৰিৱৰ্ত্তনৰ লগত তুলনা কৰি ভিটামিন ডিৰ পৰিমাণ নিৰ্ণয় কৰিব পৰাৰ পদ্ধতি উলিয়াইছে৷ এক্স ৰে’ত দেখা পোৱা দাঁতৰ মাজভাগত দেখা পোৱা ক’লা অংশটোক পাল্প হৰ্ণ বুলি কোৱা হয়৷ এই পাল্প হৰ্ণৰ আকাৰ পৰীক্ষা কৰি অতি সহজেই ভিটামিন ডিৰ অভাৱ নিৰ্ণয় কৰিব পৰা যায়৷

দাঁতৰ বিভিন্ন অংশসমূহৰ অৱস্থান আৰু ভিটামিন ডিৰ অভাৱত দেখা দিয়া বিকৃতি সমূহ ( b, c) 

সুস্থ মানুহ এজনৰ পাল্প অংশৰ আকৃতি ধেনুভিৰীয়া (ওপৰৰ চিত্ৰত a) হয় কিন্তু ভিটামিন ডিৰ অভাৱ হ’লে এই আকৃতি বেছি জোঙা (ওপৰৰ চিত্ৰত b) বা এমূৰে দীঘলীয়া হৈ চকী এখনৰ দৰে (ওপৰৰ চিত্ৰত c) হৈ পৰে৷ 


ভিটামিন ডিৰ অভাৱে আমাৰ দেহত নানা জটিলটাৰ সৃষ্টি কৰে৷ বিশেষকৈ আমাৰ দেহৰ হাড়ৰ গঠনত এই ভিটামিনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ এক্স ৰে’ৰ দ্বাৰা দাঁতৰ পাল্প অংশৰ নিয়মীয়া পৰীক্ষাৰ দ্বাৰাই এই অভাৱ চিনাক্ত কৰাৰ পদ্ধতিয়ে এনে জটিলটাসমূহ সময়মতে ৰোধ কৰাৰ পথ মুকলি কৰিছে৷

Sunday 5 November 2017

ঘোঁৰাই বুজিব পাৰে মানুহৰ দেহৰ ভাষা

ঘোঁৰাই মানুহৰ দেহৰ ভাষা (body language) অধ্যয়ন কৰি কৰ্তৃত্বশীল আৰু আজ্ঞাধীন মানুহৰ পাৰ্থক্য বুজিব পাৰে৷ ছাছেক্স বিশ্ববিদ্যালয় (University of Sussex) ৰ বিজ্ঞানীসকলে শেহতীয়া এক গৱেষণাৰ যোগেদি এই তথ্য আৱিষ্কাৰ কৰিছে৷ এই গৱেষণাই জীৱ-জন্তুৱে দেহৰ ভাষা অধ্যয়নৰ দ্বাৰা অন্য প্ৰজাতিৰ সৈতে কেনেকৈ যোগাযোগ কৰিব পাৰে সেই বিষয়ে আমাক নতুন বাতৰি দিছে৷ 

ঘোঁৰাই কৰ্তৃত্বশীল লোক (বাওঁফালে)ৰ সলনি আজ্ঞাধীন লোক (সোঁফালে) হে পছন্দ কৰে


বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানীসকলে ত্ৰিছটা পোহনীয়া ঘোঁৰাৰ ওপৰত এই বিষয়ত পৰীক্ষা চলায়৷ তেওঁলোকে ঘোঁৰাবোৰে কৰ্তৃত্বশীল (dominant) ৰূপে (ভৰি-হাত মেলি ৰাখি আৰু বুকু ফুলাই থাকি) পোনকৈ থিয় দিয়া মানুহ এজন নে আজ্ঞাধীন (submissive) ৰূপে (ভৰি-হাত দেহৰ ওচৰত আৰু সহজভাৱে) থকা মানুহ এজনৰ ওচৰ চাপে সেয়া পৰীক্ষা কৰে৷ দেখা গ’ল যে দেহৰ ভাষা নিৰপেক্ষভাৱে ৰাখি ইয়াৰ প্ৰত্যেকজন ব্যক্তিয়ে পোনতে ঘোঁৰাবোৰক খাদ্য খাবলৈ দি প্ৰলোভিত কৰি ৰখাৰ পিছতো তেওঁলোকৰ দেহৰ ভাষা সলনি হোৱাৰ লগে লগে ঘোঁৰাবোৰৰ প্ৰতিক্ৰিয়াও সলনি হয়৷ ঘোঁৰাবোৰে সহজভাৱে থকা আজ্ঞাধীন ধৰণৰ মানুহৰহে কাষ চাপিব খোঁজে৷  

ইতিহাসৰ বিভিন্ন কাহিনীত ঘোঁৰাই মানুহৰ মনৰ ভাব বুজি কাম কৰাৰ উল্লেখ পোৱা যায় যদিও বৈজ্ঞানিকভাৱে কোনো গৱেষণাত এই কথা প্ৰমাণ হোৱা নাছিল৷ গতিকে এই গৱেষণাই বেলেগ বেলেগ প্ৰজাতিৰ মাজত হোৱা যোগাযোগ সম্পৰ্কে নতুনকৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে৷

Wednesday 1 November 2017

ফিল্ড ডায়েৰী-৪: নাগালেণ্ডৰ পাহাৰে কণ্ডৰে

সময়-অসময়, ২০১৫

দ্বিতীয়বাৰ নাগালেণ্ডলৈ যোৱাৰ বাবে মোৰ বাবে আটাইতকৈ সুবিধাজনক সময় আছিল নৱেম্বৰ-ডিচেম্বৰ মাহ৷ কাৰণ এইবাৰ অন্যান্য কামবোৰৰ লগতে মোৰ উদেশ্য আছিল শীতকালিৰ চৰাইবোৰৰ ওপৰত জুমখেতিৰ প্ৰভাৱ কেনে তাৰ গৱেষণা কৰা৷ আমাৰ উত্তৰ-পূবলৈ নৱেম্বৰৰ ভিতৰত পৰিভ্ৰমী চৰাইবোৰ আহিবলৈ আৰম্ভ কৰেই৷ গতিকে এইসময়তে কাম আৰম্ভ নকৰিলে পিছলৈ সময়ৰ নাটনি হোৱাৰ সম্ভাৱনা! পিছে, ইটো সিটো লেঠা মাৰি বৰফৰ দেশখন এৰি থৈ স্বদেশ পাওঁগৈ মানে ডিচেম্বৰ মাহ আৰম্ভ হ’লেই৷ প্ৰস্তুতি পৰ্বতো যথেষ্ট সময় লাগে৷ গৱেষণাৰ আহিলা-পাতি, অহা-যোৱা-থকা আদি বন্দবস্ত কৰিবলৈ দীঘলীয়া প্ৰস্তুতি কৰিব লগীয়া হয়৷ তাতে নাগালেণ্ডৰ সেই ভিতৰুৱা ঠাইবোৰত এবাৰ গৈ পোৱাৰ পিছত সৰু-সুৰা কিবা এটা নোহোৱা হ’লেও ক’তো কিনাৰ বা বিচাৰি পোৱাৰ সুবিধা নাই৷


ডিচেম্বৰৰ মাজভাগত বাংগালোৰ পালোহি৷ তাৰপৰাই শেষৰ প্ৰস্তুতিখিনি কৰিলো৷ নাগালেণ্ডলৈ যিমান পাৰি সোনকালে গৈ কাম আৰম্ভ কৰাৰ ইচ্ছা৷ কিন্তু ইতিমধ্যেই বৰদিনৰ জাকজমকতা আৰম্ভ হৈছে৷ নব্বৈ শতাংশৰো অধিক খ্ৰীষ্টধৰ্মী মানুহৰ বসতিস্থল নাগালেণ্ডত স্বাভাৱিকতে উৎসৱমুখৰ পৰিৱেশ৷ ল’থা (নাগা জনজাতি) বন্ধু লানছ’ই খৱৰ দিলে, ঠায়ে ঠায়ে আনকি স্থানীয় বাতৰি কাকতত জাননী দিয়া হৈছে যে, এইমাহটোত যেন কোনেও সেই অঞ্চলসমূহলৈ চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা নকৰে; কাৰণ সকলো গাৱঁতে গাওঁবুঢ়াকে ধৰি চৰকাৰী বিষয়ববীয়া, পাদুৰি আৰু খেতিয়ক আদি সকলো বৰদিনৰ আয়োজনত ব্যস্ত হৈ থাকিব৷

চিন্তাতে পৰিলো৷ প্ৰথমেই নাগালেণ্ডৰ পূবে ম্যানমাৰ সীমান্তত থকা কিফিৰে জিলালৈ যোৱাৰ পৰিকল্পনা৷ সেয়ে, ভাবিলো, তাৰ ৱাইল্ডলাইফ ৱাৰ্ডেনৰ মতামত লৈয়ে কি কৰা যায় ঠিক কৰিম৷ ফোনৰ সিপাৰে হেমন্ত কামডিৰ তজবজীয়া মাতটো ভাঁহি আহিল
ড’ন্ট ৱ’ৰি৷ ইউ কেন কাম হিয়েৰ এনিটাইম ইউ ৱান্ট! বৰদিনৰ আগতেই আহি পালে ভালহে, গাঁৱৰ মানুহৰ লগত একেলগে বৰদিন পাতি তাৰপিছৰ পৰাই কাম আৰম্ভ কৰিবা!’

তেওঁৰ কথাই অভিভূত কৰিলে৷ হেমন্ত মানুহজনেই এনে৷ খুবেই আগ্ৰহী আৰু সহায় কৰিবলৈ সদাপ্ৰস্তুত৷ কিন্তু তেওঁৰ লগতে গাঁৱৰ মানুহৰ অতিথিপৰায়ণতাৰ এনেকৈ সুযোগ ল’বলৈ সত নগ’ল৷ ঠিক কৰিলো, বৰদিনৰ পিছদিনাহে যাত্ৰা আৰম্ভ কৰিম৷ কথামতেই কাম৷ বৰদিনৰ পিছদিনাই গৈ ডিমাপুৰ পালোগৈ৷ 

এদিনত ছমাহৰ ৰচদ-পাতি

বৰদিনৰ ৰং ৰহইচৰ জোৱাৰ অকণো মাৰ যোৱা নাই তেতিয়াও৷ বাটে ঘাটে ধুনীয়াকৈ তৈয়াৰ কৰা বৰদিনৰ সাজ-সজ্জাত ডিমাপুৰৰ ধূলিৰ তৰপে স্পৰ্শ কৰিবলৈ এতিয়াও বাকী৷ বন্ধু লানছ’ৰ সৈতে নিউ মাৰ্কেটত বজাৰৰ দীঘলীয়া তালিকা এখন লৈ ইমূৰ-সিমূৰ কৰি ফুৰিলো৷ পাঁচমহীয়া ফিল্ডৰ কাম৷ এবাৰ কহিমা পাৰ হৈ ভিতৰুৱা নগা গাওঁবোৰত সোমালে কেতিয়ানো আকৌ ওলাই আহিম একো ঠিক নাই৷ অতি প্ৰয়োজন নহ’লে একেবাৰে কাম শেষ কৰিহে ওলাই অহাৰ কথা৷ কেতিয়াবা এনে পৰিস্থিতিত একেবাৰে সৰু  সামগ্ৰী এপদো অতি প্ৰয়োজনীয় হৈ ধৰা দিব পাৰে৷ গতিকে দৰকাৰী একো বাদ নপৰিবলৈকে এমাহৰ আগৰে পৰা তালিকা একোখন লিখি গৈছিলো- গৱেষণাৰ আহিলা-পাতি, খাদ্য, কাপোৰ-কানি, ঔষধ-পাতি সকলোৰে ভাগে ভাগে৷ আনকি ’বিবিধ’ সামগ্ৰীৰো বেলেগকৈ এখন তালিকা! এতিয়া সেই সকলোবোৰ তালিকা জপটিয়াই লৈ নিউ মাৰ্কেট চলাথ কৰিলো৷

লানছ’ বনবিভাগৰে সুদক্ষ কৰ্মী৷ ডিমাপুৰৰে স্থানীয় ল’ৰা বাবে ইয়াৰ সকলো তলা-নলাও জানে৷ সি মোক ক’ত কি কি লাগে মাথোঁ কৈ যাবলৈ ক’লে৷ দৰ-দামৰ বিভাগটোৰ দায়িত্ব সি স্ব-ইচ্ছাই ল’লে৷ তাৰ ভাষাত,
’ইউ নিড টু বি ৰিয়েলী গুড এট বাৰ্গেইনিং হিয়েৰ ইফ ইউ ড’ন্ট ৱান্ট টু গেট ছিটেড!’ 


লানছ’ৰ সৈতে
বাধ্য ছাত্ৰীৰ দৰে তাৰ কথা মানি লৈছোঁ৷ সবিস্ময়ে মাথোঁ চাই আছোঁ, চাউল-ডাইলৰ পৰা চেম্পুলৈকে কেনেকৈ প্ৰত্যেক বস্তুৰে লানছ’ই দাম কমাইছে৷ দোকানীৰ কলা পৰি যোৱা মুখখনলৈ কেৰেপ নকৰি সি বিলবোৰ লৈছে খৰখেদাকৈ৷ খৰখেদা কৰাৰ কাৰণো আছে অৱশ্যে৷ মোৰ গাড়ী আহি পালে আজিয়ে ডিমাপুৰৰ পৰা ওলোৱাৰ কথা৷ মণিপুৰী বন্ধু এজনৰ সৈতে কথা পাতি মোৰ ফিল্ডৰ কামৰ বাবে জীপ এখন ড্ৰাইভাৰৰ সৈতে বন্দবস্ত কৰিছোঁ৷ যোৱাবছৰৰ ফিল্ডৰ অভিজ্ঞতাই শিকাইছে, ৰাজহুৱা যাতায়ত ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নাগালেণ্ডৰ ভিতৰুৱা গাওঁবোৰত মোৰ কেনে আলাই-আথানি হ’ব৷ সেয়ে এইবাৰ আগতীয়াকৈ কথাবোৰ পৰিকল্পনা অনুসৰি কৰিবলৈ চেষ্টা কৰিছোঁ৷ গাড়ীখনে মণিপুৰৰ নগা গাওঁ এখনৰ পৰা কালিয়ে যাত্ৰা আৰম্ভ কৰিছে ৷  আজি আৰু এঘন্টামানৰ ভিতৰতে ডিমাপুৰ পোৱাহিৰ কথা৷

মূল বজাৰখিনি কৰি উঠো মানে ড্ৰাইভাৰজনৰ ফোন আহিলেই৷ গাড়ী-ড্ৰাইভাৰ কাকো মই আগতে পোৱা নাই৷ মূল বজাৰখিনি কৰি উঠো মানে ড্ৰাইভাৰৰ সৈতে কেইবাবাৰো ফোনতে কথাবাৰ্ত্তা হ’ল৷ পিছে পাঁচোটামান ফোন কলৰ দীঘলীয়া পথ নিৰ্দেশনা, লানছ’ আৰু মোৰ যুটীয়া বুজনিৰেও ড্ৰাইভাৰজনক মোৰ হোটেলৰ সন্মুখলৈ আহিবলৈ সৈমান কৰিব নোৱাৰিলো৷ বাৰে বাৰে সি মাথোঁ দোহাৰি থাকিল ডিমাপুৰত ৰে’লৱে ষ্টেচনৰ বাহিৰে সি একোকে চিনি নাপায়, বিচাৰি উলিয়াবও নাজানে৷ গতিকে সি ষ্টেচনতে ৰৈ আছে-মই গৈ তাতে লগ কৰিলে ভাল হ’ব৷

উপায় নাপাই লানছ’ই ক’লে তাৰ গাড়ীতে সকলো ৰচদ-পাতি লৈ ষ্টেচনলৈ যোৱা যাওক৷ কথামতেই কাম৷ মোৰ ইতিমধ্যে পাহাৰ হেন হৈ পৰা বয়-বস্তু লানছ’ৰ ইণ্ডিকাখনৰ আগে-পিছে ঠেলি হেঁচি ভৰাই লৈ কোনোমতে নিজেও বহি পৰিলোঁ৷  ষ্টেচনলৈ গাড়ীৰে মাথোঁ পাঁচমিনিটৰ বাট৷ গৈ পাই দেখোঁ, বগা জীপচী এখনত এজন ডেকা ল’ৰা গহীনাই বহি আছে৷ বয়স খুউব বেছি বাইছ-তেইছ হ’ব-চুটিকৈ কটা থিয় ছুলি, সৰু সৰু চকু, মুখত অজলা হাঁহি এটা৷ ড্ৰাইভাৰজনৰ আলেখ লেখ দেখিয়ে ষ্টেচনতে গোঁজ পাতি ৰোৱাৰ ব্যখ্যা পালো৷ ভিতৰুৱা গাঁৱৰ বহুতো লোকে ডিমাপুৰলৈ আহিলে জনসমুদ্ৰ, নগৰীয়া-হাইউৰুমি, ট্ৰেফিকৰ মাজত বিবুদ্ধিত পৰেহি৷ বেচেৰা ল’ৰাজনৰো একেই অৱস্থা হ’ল চাগৈ৷  ওচৰ চাপি গৈ সুধিলো,
’আপুনিহি ডালে আছে না?’
’হয় হয়’ -ফুলাম হাঁহি এটা মাৰি সি নামি আহিল৷

ইতিমধ্যে দহ বাজি গৈছে৷ গন্তব্যস্থানলৈ প্ৰায় বাৰঘন্টাৰ বাট-পূবাপশ্চিমাকৈ নাগালেণ্ডৰ ইমূৰৰ পৰা সিমূৰ পোৱাগৈৰ কথা৷ দুৰত্ব মাথোঁ ৩৩৪ কিলোমিটাৰ৷ কিন্তু, নাগালেণ্ডৰ বাটেৰে সেয়াই বহুদূৰ.... তিনিও খদমদমকৈ সকলোবোৰ বস্তু জীপৰ পিছফালে জাপি দিলো৷ লানছ’ই ডালেক সোঁৱৰালে,
’লেট নকৰিকিনে জল্ডি যালে ভাল আছে৷’
ডালেই অলপ ইতস্তত কৰি ক’লে,
’গাড়ীলাগা বেটেৰী অলপ খাৰাপ হৈছে৷ নতুন একটা ডিমাপুৰতে কিনিলে বেছি ভাল আছে৷ ডিমাপুৰ ছাড়িকিনে দুছড়া জাগাতে বেটেৰীলাগা দোকানভী নাই৷’

উপায় নাই৷ ডিমাপুৰ বা কহিমাৰ বাহিৰে ক’তো এইটো কাম কৰিব পৰা নহ’ব৷ গম পালো, বেটেৰী পোৱা যাব ক্ল’ক টাৱাৰৰ ওচৰত৷ ডালেই ডিমাপুৰৰ একো উৱাদিহ নাপায়৷ লানছ’ই ক’লে সি অফিচলৈ এতিয়া সেই বাটেৰেই যাব৷ গতিকে আমি তাৰ গাড়ীখনৰ পিছে পিছে গৈ থাকিলেই দোকান পাই যামগৈ৷ গ’লো৷ লানছ’ক তাতে বিদায় দি লৰালৰিকৈ বেটেৰী এটা কিনি ল’লো৷ ডালেক ক’লো, গাড়ীৰ আৰু কিবা বস্তু কিনিব লাগে যদি ইয়াতে লৈ ল’বলৈ৷ পিছত নহ’লে বাটত বা হাবিত দিগদাৰ কৰিলে একো কৰিব পৰা নহ’ব৷ টেংকী ভৰ্ত্তি কৰি পেট্ৰ’ল ভৰাই ল’লো৷ দুটা জাৰকিন লৈ তাতো পঞ্চাছ লিটাৰ ভৰাই ল’লো৷ যোৱাবছৰৰ অভিজ্ঞতাৰ পৰা জানো, ডিমাপুৰৰ পৰা যিমানেই পূবলৈগৈ থাকিম পেট্ৰ’লৰ দাম আৰু ভেজালৰ  পৰিমাণ বাঢ়ি গৈ থাকিব আৰু সেইমতে ডিপুৰ সংখ্যাও কমি গৈ থাকিব৷ 

ডালেই বাটতে খাই বৈ আহিছিল৷ যা-যোগাৰত লাগি থাকোতে মোৰ খাবলৈ সময় নহ’ল ৷ এতিয়া অলপো সময় অবাবত খৰচ নকৰি যিমান পাৰি সোনকালে ওলোৱাৰ কথা৷ সেয়ে ডিমাপুৰৰ দোকান-বজাৰ এৰাৰ আগেয়ে বেকাৰী এখনত সোমাই বাটত খাবলৈ বুলি যি পাৰোঁ কিনি ল’লো ৷ আৰু কিমান দিনলৈ এইবোৰ খাদ্যৰ মুখ দেখিবলৈ নাপাওঁ কি ঠিক!


বাটৰ কণা বিধি

যাত্ৰা আৰম্ভ!
গাড়ীয়ে চহৰৰ ব্যস্ত পথৰ ট্ৰেফিক, ধূলিময় বাট এৰি যাত্ৰা আৰম্ভ কৰিলে শাৰী শাৰী পাহাৰৰ দেশলৈ-নাগালেণ্ডৰ পূবৰ শেষ সীমাটোলৈ৷ জীপৰ সন্মুখৰ আসনত বহি মই চাই ৰ’লো একেৰাহে পিছলৈ দৌৰা গছ-গছনি আৰু ঘৰবোৰ৷ এনেদৰে কোনো যাত্ৰাত ওলালেই প্ৰতিবাৰেই যেন জীপাল হৈ উঠে মোৰ ভিতৰৰ যাযাবৰী সত্বাটো! ভাব হয়, যাত্ৰাৰ এই চলমান ৰূপটোৱেই যেন প্ৰকৃত জীৱন- এই অকোঁৱা পকোৱা বাটেৰে আগবঢ়া গাড়ীখনৰ দুয়োকাষে অবিৰতভাৱে পৰিৱৰ্ত্তিত হৈ থকা দৃশ্যপট, সকলোৰে অজ্ঞাতে তাৰ বুকুত সামৰি থোৱা সুখ-দুখৰ প্ৰতিচ্ছবি সকলো পাৰ হৈ যায় চকুৰ পচাৰতে৷ চিৰন্তন সত্যৰূপে ৰৈ যায় মাথোঁ এটা দীঘলীয়া বাট৷ এই গতিশীলতাই যেন সকলো বান্ধোনৰ পৰা মুক্ত কৰি পেলায় দেহ-মন! এই মুক্তিৰ আস্বাদৰ মাজত ডুব গৈ থাকোঁতেই গাড়ীখন ঘপকৈ ৰৈ যোৱাত মোৰ তন্ময়তা ভাগিল৷ কিমান সময় আহিলো বাৰু! ঘড়ী চাইহে উপলব্ধি কৰিলো, আধাঘন্টা হৈছে মাথোঁ ডিমাপুৰৰ পৰা ওলাই অহা৷

বাটৰ কাষলৈ নি গাড়ীৰ ষ্টাৰ্ট বন্ধ কৰি একো নোকোৱাকৈয়ে ডালে নামি গ’ল হুৰমূৰকৈ৷ সন্মুখৰ হুডখন দাঙি চাই তাৰ মুখখন মোলান পৰা দেখি ময়ো নাম গ’লো৷
’ৰেডিয়েটৰটো না বেচ্ছি গৰম হৈ কিনে দিকদাৰ দিছে৷’
মোৰো চিন্তা লাগিল৷ সি গাড়ীৰ পৰা পানী এবটল উলিয়াই আনি লাহে লাহে ঢালি দিলে৷ তাতে দুয়ো অলপ জিৰাই শঁতাই পুনৰ ওলালো৷ সিমানপৰে ৰেডিয়েটৰো ঠাণ্ডা হ’লগৈ৷

কিন্তু ভবা নাছিলো সেয়া সমস্যাৰ আৰম্ভণিহে! ডিমাপুৰৰ পৰা কহিমাৰ দিশে প্ৰায় পচিশ কিলোমিটাৰ  আগুৱাই গ’লে মেডজিফেমা নামৰ মফচলীয়া ঠাইখন৷ স্থানীয় মানুহে কয় ’গাছপানী’৷ সেইখিনি পাওঁতেই জীপখনে খুউব কষ্ট পোৱাৰ দৰে শব্দ কৰি কোনোমতে আহি আহি ৰৈ দিলেহি৷ আশে পাশে দুখনমান সৰু সুৰা দোকান৷ ডালেই পুনৰ গাড়ীৰ ৰেডিয়েটৰ পৰীক্ষা কৰাত লাগিল৷ কিছুপৰ ৰ’লেই যাব পাৰিম বুলি ময়ো বাটৰ কাষতে দিয়া আনাৰসৰ দোকানখনলৈ আগবাঢ়ি গ’লো৷ 
 মেডজিফেমাৰ বাটৰ কাষত জুম খেতিৰ আনাৰস
 মই যোৱাত দোকানীজনে হাঁহিমুখে মাত লগালেহি,
’পাইনেপ’ল ল’বি৷ বেচ্ছি চস্তা আছে৷’
কাষৰীয়া ছেমা গাঁৱৰ পৰা মানুহ হাল৷ বাটৰ কাষতে জুমখেতিৰ আনাৰস বিক্ৰী কৰিছেহি৷ চাই চাই ত্ৰিশটা আনাৰস কিনি গাড়ীৰ আসনৰ তলতে  জাপি দিলোহি৷ মই যাবলৈ ওলোৱা সীমান্তৰ নগা গাওঁবোৰত ফল-মূলৰ বৰ অকাল৷ ভাবিলো, গাঁৱৰ ল’ৰা-ছোৱালীবোৰে বতৰৰ ফল এবিধ পালে বৰ ভাল পাব৷

গাড়ীত উঠি ডালেই ষ্টাৰ্ট দিলে- জীপখনে একো কেটকুটেই নকৰিলে৷ পুনৰ এবাৰ চেষ্টা কৰাতো একো নোহোৱাত ডালে আকৌ নামি গ’ল৷ হুডখন দঙাৰ লগে লগে এইবাৰ ভমককৈ ধোৱাঁ এজাক ওলাই আহিল৷ আনাৰসৰ দোকানীজনে দৌৰি আহি ৰেডিয়েটৰত এমগ পানী ঢালি দিলেহি! এইবাৰ মই সঁচাকৈয়ে চিন্তাত পৰিলো৷ ছমাহৰ বাবে ওলাই অহা গাড়ীখনৰ আধাঘন্টা আহিয়ে এই অৱস্থা! হাবিয়ে জংঘলে পাহাৰীয়া বাটত এইখনকে একমাত্ৰ ভৰসা কেনেকৈ কৰিম!ডিমাপুৰ বা কহিমাৰ বাহিৰে নাগালেণ্ডৰ ক’তোৱে জীপৰ মেৰামতি সম্ভৱ নহয়৷ ঠিক কৰিলো, এনেকৈ জীপখন নি ফিল্ডত হাৰমালহে কৰা হ’ব৷ ডালেৰ লগত পাতি সিদ্ধান্ত কৰিলো, আজি আৰু আগনবঢ়াই ভাল হ’ব৷ ভিতৰুৱা গাওঁবোৰলৈ গৈ কাম আৰম্ভ কৰাৰ আগতেই জীপখনৰ সকলো বেমাৰ আঁতৰোৱা দৰকাৰ৷

পিছে এতিয়া ক’লৈ যাওঁ! কহিমালৈকে আগবাঢ়ি যাব পৰা হ’লে ভাল আছিল-পিছে তালৈ এতিয়াও প্ৰায় পঞ্চাছ কিলোমিটাৰ৷ ডিমাপুৰলৈ উভতি যোৱাৰ বাহিৰে অন্য উপায় নেদেখিলো৷ ভাবি গুণি থাকোঁতে ডালেই মাত দিলে,
’আমি লাগা ভনী একটা এইটো জাগাতে থাকিছে৷ তাইৰ মতাটো মেকানিক আছে৷ তাতে একবাৰ যাইকিনে তাইকে দেখালে ভাল আছে৷ নাইট হল্ট ভী এইটো জাগাতে কৰি কিনে কালি আস্তে পৰা যাই যাব৷’

খা-খৱৰ নিদিয়াকৈ হঠাতে এনেকৈ মানুহৰ আলহী হৈ অসুবিধা কৰিবলৈ সত নাযায়৷ কিন্তু ডালেৰ কথাত আশস্ত হৈ অগ্যতা তাকে কৰিবলৈ বাধ্য হ’লো৷  ভাবিলো তাৰ দূৰ সম্পৰ্কীয় ভিনিয়েকে গাড়ীৰ আচল ৰোগটো ধৰা পেলালে কি কৰিব পাৰি ঠিক কৰিব পাৰিম৷

ভাগ্যক্ৰমে তেওঁলোকৰ ঘৰ নাতিদূৰৈতে আছিল৷ ডালেই তালৈ গৈ ভিনিয়েকৰ লগ লাগি ঘৰলৈ জীপখন নিয়াৰ বন্দবস্ত কৰিলে৷ মোৰ লক্ষ্যস্থান নাগালেণ্ডৰ সীমান্ত গাওঁ ফাকিমৰ পৰা বহু দূৰৈতে নিশাটোৰ বাবে ৰৈ গ’লো মই অচিন ঘৰ এখনত৷ কিন্তু এই ৰোমাঞ্চকৰ যাত্ৰাৰ প্ৰতিশ্ৰুতি ৰাখি সেই প্ৰথম নিশাটোতে অপ্ৰত্যাশিতভাৱে মোৰ দৃষ্টিত ধৰা দিলেহি অন্য এখন জগতৰ চকামকা ৰূপ! সেই কাহিনী পৰৱৰ্ত্তী খণ্ডত...
ডালে, মই আৰু এখন জীপগাড়ী