Thursday 11 October 2007

কবিতা

কোনে জানিছিল 
সৰাপাতৰ খচমচনিত যে
লুকাই থাকিব পাৰে
কিমান বিষাদৰ হুমুনিয়াহ
য’ত টগবগাই উঠে
গছে এলাগী কৰাৰ অপাৰ যন্ত্ৰণা

অথবা কিহৰ মায়াত
নিজৰ আলসুৱা বাহটোলৈ
ব্যাকুল হৈ উভতি আহে
আকাশৰ সীমা চুব খোজা চৰাইটো

কোনে জানিছিল 
হাজাৰ বাধা নেওচিও একা বেঁকা বাটেৰে
কিয় নিৰবধি বৈ যায় নৈখন
কোনোবা সাগৰৰ বুকুত একাকাৰ হ’বলৈ

কোনে জানিছিল 
এই যাযাবৰী ব্যর্থ কবিও যে
এদিন সৰাপাতৰ দৰে
বিচ্ছেদৰ যন্ত্ৰণাত ডুব যাব

বাহলৈ উভতা চৰাইটোৰ দৰে
গৈ গৈ ক’ৰবাত ৰৈ যাব
এখন ঘৰৰ মায়াত
আৰু নিৰবধি নৈ খনৰ দৰে
বৈ যাব মৰমৰ সাগৰলৈ

হ্য়তো প্ৰত্যেকেই সন্ধান কৰে
সংগোপনে এক নিশ্চিন্ত আশ্ৰয়
যাৰ বুকুত নিৰলে উজাৰি দিব পাৰি
ক্লান্ত হৃদয়ৰ সকলো ব্যথা
যাত্ৰাৰ শেষত উভতি অহাকৈ
বুকুয়ে বুকুয়ে যি মেলি থয় 
ভালপোৱাৰ অজস্ৰ শিপা
কোনেও নজনাকৈ।


ৰচনাকাল- অক্টোবৰ, ২০০

Friday 3 August 2007

এছ এম এছত বৰষুণ



তোমাৰ এছ এম এছৰ
বৰষুণৰ এটা টোপালেই মাতি আনিলে
এজাক ধাৰাসাৰ বৰষুণ


নোকোৱাকৈয়ে জানিলা তুমি
ঠিক তোমাৰ দৰেই
বৰষুণ যে খুবেই প্ৰিয় মোৰ

অথচ নুবুজিলা যে
একেখন আকাশৰে
একেখিনি ডাৱৰে নমোৱা
একেজাক বৰষুণতে তিতি বুৰি
জুৰুলি জুপুৰি হওঁ আমি
পৃথকে পৃথকে


ৰচনাকাল-আগষ্ট, ২০০৭

Friday 27 July 2007

মাজৰাতিৰ নৈশব্দত


মাজৰাতিৰ নৈশব্দত
বিষাদৰ সুৰ এটা বাজে
সেই সুৰে গিলি থয় মোৰ
দিবাস্বপ্নৰ আকাশখন
বহুদিন নীৰৱ হৈ ৰোৱা
স্মৃতিবোৰ সাৰ পায় মাজৰাতি
ধুলি-মাকতি জোকাৰি
মনৰ চোতালত ওমলে
বিষাদৰ গীত জুৰি
ওৰে ৰাতি অনাদৰত পৰি ৰয় টোপনি।

ৰচনাকাল-২০০৭