Thursday 11 October 2007

কবিতা

কোনে জানিছিল 
সৰাপাতৰ খচমচনিত যে
লুকাই থাকিব পাৰে
কিমান বিষাদৰ হুমুনিয়াহ
য’ত টগবগাই উঠে
গছে এলাগী কৰাৰ অপাৰ যন্ত্ৰণা

অথবা কিহৰ মায়াত
নিজৰ আলসুৱা বাহটোলৈ
ব্যাকুল হৈ উভতি আহে
আকাশৰ সীমা চুব খোজা চৰাইটো

কোনে জানিছিল 
হাজাৰ বাধা নেওচিও একা বেঁকা বাটেৰে
কিয় নিৰবধি বৈ যায় নৈখন
কোনোবা সাগৰৰ বুকুত একাকাৰ হ’বলৈ

কোনে জানিছিল 
এই যাযাবৰী ব্যর্থ কবিও যে
এদিন সৰাপাতৰ দৰে
বিচ্ছেদৰ যন্ত্ৰণাত ডুব যাব

বাহলৈ উভতা চৰাইটোৰ দৰে
গৈ গৈ ক’ৰবাত ৰৈ যাব
এখন ঘৰৰ মায়াত
আৰু নিৰবধি নৈ খনৰ দৰে
বৈ যাব মৰমৰ সাগৰলৈ

হ্য়তো প্ৰত্যেকেই সন্ধান কৰে
সংগোপনে এক নিশ্চিন্ত আশ্ৰয়
যাৰ বুকুত নিৰলে উজাৰি দিব পাৰি
ক্লান্ত হৃদয়ৰ সকলো ব্যথা
যাত্ৰাৰ শেষত উভতি অহাকৈ
বুকুয়ে বুকুয়ে যি মেলি থয় 
ভালপোৱাৰ অজস্ৰ শিপা
কোনেও নজনাকৈ।


ৰচনাকাল- অক্টোবৰ, ২০০