Monday 28 July 2008

মানাহত হৃদয়ৰ বৰষুণ


(এক)

এটা সৰু কোঠা৷ নিশ্চিদ্ৰ অন্ধকাৰ আৰু নিৰ্জনতাই গিলি থৈছে কোঠাটোক ৷ সেই কোঠাটোৰে চেঁচা মজিয়াত উদভ্ৰান্তৰ দৰে পৰি আছে মানসী৷ ঘোপমৰা অন্ধকাৰত তাই নিজকে চিনিব পৰা নাই৷ অখণ্ড নিৰ্জনতা ভংগ কৰি চিঞৰি উঠিবলৈকো সাহস হেৰুৱাই পেলাইছে তাই কিবা এক অজান আশংকাত৷ মনটো যেন অসাৰ হৈ গৈছে৷ ক’ত আছে- কিয় আছে সেইবোৰ একোকে চিন্তা কৰিব পৰা নাই তাই৷ কিমান সময় তেনেদৰে পৰি ৰ’ল মানসীয়ে ক’ব নোৱাৰে, হঠাতে তাই কাৰোৱাৰ খোজৰ শব্দ শুনা পাইছে৷ শব্দটো ক্ৰমাৎ কোঠাৰ কাষ চাপি আহিছে৷ এয়া-একমাত্ৰ দুৱাৰখনেদি পোহৰৰ ক্ষীণ ৰশ্মি এটা কোঠাটোৰ ভিতৰলৈ সোমাইছে৷ এটা চেপা আৰ্তনাদ কৰি দুৱাৰখন লাহেকৈ মেল খাইছে৷ ক্ৰমান্বয়ে পোহৰ ৰশ্মিটোৰ আকাৰ বাঢ়ি আহিছে৷ বহুপৰ অন্ধকাৰত থকাৰ বাবেই কিজানি উজ্জল পোহৰত তাইৰ চকুযোৰ স্বত:স্ফুৰ্তভাৱে মুদ খাই গৈছে৷ কিন্তু মনে মনে শিহৰিত হৈ উঠিছে তাই উদ্ধাৰৰ আশাত৷ সঁচাকৈ তাইক উদ্ধাৰ কৰিবলৈ কোনোবা আহিছে৷ দুবাহুত ধৰি জোকাৰি দিছে তাইক কাৰোৱাৰ দুখন হাতে৷ মানসীয়ে জোৰকৈ দুচকু মেলি দিলে৷ কিন্তু এয়া কি? তাইৰ দুবাহুত ধৰি এয়াচোন ৰীমাহে৷ সেই অন্ধকাৰ কোঠাটোৰ পৰিৱৰ্ত্তে তাই দেখোন পুৱাৰ পোহৰেৰে আলোকিত এটি কোঠাৰ বিছনাত৷

“কি হ’ল? মোলৈ ট ট কৈ চাই আছ যে?”-ৰীমাই ক’লে৷
“ মানে…….”- মানসীয়ে থতমত খালে৷
“সপোন দেখিলি?”
“ অ’৷” –মানসীয়ে সপোনটো ভালকৈ মনত পেলাবলৈ চেষ্টা কৰিলে৷

“সপোন বাদ দে এতিয়া৷ দিঠকলৈ আহ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত আছো আমি৷ সপোন দেখি দেখি শুই থাকিলে আমাৰ এইটো শিক্ষামূলক ভ্ৰমণ নহৈ স্বপ্নৰাজ্য ভ্ৰমণহে হ’বগৈ, বুজিছনে?”

নিজৰ কথাতে ৰস পাই ৰীমাই সশব্দে হাঁহি উঠিল৷ মানসীয়ে গুৰুত্ব নিদিয়া যেন দেখুৱাই বিছনাৰ পৰা নামিল৷ কোঠাৰ এচুকত খেলিমেলিকৈ থোৱা এয়াৰ বেগবোৰৰ পৰা তাই নিজৰটো উলিয়াই আনিলে আৰু কিবা এটা বিচাৰিবলৈ ধৰিলে৷ অলপ সময়ৰ ভিতৰতে টুথপেষ্ট, ব্ৰাছ আৰু টাৱেলখন উলিয়াই তাই ব্ৰাছ কৰিবলৈ লাগি গ’ল৷ 

“মানসী, এই শব্দটো শুনিছনে?”- ৰীমাই ক’লে৷

ব্ৰাছ কৰা বন্ধ কৰি ক্ষন্তেক ৰৈ মানসীয়ে শব্দটো ভালকৈ শুনিবলৈ চেষ্টা কৰিলে৷ পানীৰ প্ৰচণ্ড হোহোৱনিৰ শব্দ৷ যিমান উৎসাহেৰে তাই ব্ৰাছ কৰিবলৈ আৰম্ভ কৰিছিল তাতকৈ দুগুণ হতাশাৰে বেচিনত মুখ ধুলেগৈ৷ কালি নিশা মাত্ৰ সিহঁতৰ বাইশজনীয়া কলেজীয়া দলটো আহি পাইছেহি৷ আজি পুৱাই যদি এনেকৈ কলহৰ কাণে ঢলা বৰষুণ দিবলৈ হয়, তেন্তে সকলোৰে আশাত চেঁচাপানী পৰিব৷

“ক আকৌ৷”- ৰীমাই সুধিলে
“কি?”
“কিহৰ শব্দ এইটো?”
“বৰষুণ দিছে৷” - অলপ বিৰক্তিৰে ক’লে মানসীয়ে৷ ৰীমাৰ হাঁহিৰে উজ্জল মুখখন দেখি তাইৰ খঙো উঠিল৷ পিছে ৰীমাৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই৷ মানসীৰ কথা শুনি তাইৰ হাঁহিটো আৰু অলপ বহল হৈহে গ’ল৷ ‘ব’ল’ বুলি একপ্ৰকাৰ জোৰ কৰিয়েই মানসীক বাহিৰলৈ টানি লৈ আহিল৷

বাৰাণ্ডাত ভৰি দিয়ে মানসী বিস্ময়াভূত হৈ পৰিল৷ ইয়াততো এটোপালো বৰষুণ নাই৷ বৰং উজ্জল ৰ’দাল ৰাতিপুৱা এটাৰহে সম্ভাৱনাহে প্ৰকট হৈ পৰিছে৷ অথচ শব্দটো তাই দেখোন এতিয়াও শুনি আছে৷ একমুহূৰ্তৰ বাবে তাইৰ সন্দেহ হ’ল৷ এয়া পুনৰ অন্য এক সপোন নহয়তো! ৰীমালৈ চোৱাত তাই খিলখিলাই হাঁহি উঠিল৷ একো নকৈ তাই আগবাঢ়ি গ’ল৷ মানসীয়ে কৌতুহলী হৈ তাইৰ পিছ ল’লে৷

এটা সৰু টিলাৰ ওপৰত সিহঁত থকা দুই মহলীয়া ট্যুৰিষ্ট বাংল’টো৷ বাৰাণ্ডা আৰু সৰু চোতালখন পাৰ হৈয়ে এঢলীয়াকৈ তললৈ নামি যোৱা চিৰি৷ সেই চিৰিত ভৰি দিয়ে মানসীয়ে দেখিলে ট্যুৰিষ্ট বাংল’ৰ নিচেই কাষেদি প্ৰচণ্ড শব্দ কৰি দক্ষিণলৈ বৈ গৈছে এখন তীব্ৰবেগী পাহাৰীয়া নৈ৷ পূবৰ আকাশত ডাৱৰ ফালি সূৰুযৰ কিৰণ সিঁচৰিত হৈ পৰিছে৷ চাৰিওফালে গভীৰ অৰণ্য৷ সেউজীয়াৰ অপূৰ্ব সমাহাৰ৷ চিনাকি অচিনাকি অনেক চৰাইৰ মাত৷ যেন সকলো মিলি স্বাগতম জনাইছে সিঁহতক এই প্ৰাচুৰ্যময় পৃথিৱীখনলৈ৷

দুয়ো উল্লাসিতভাৱে নৈৰ পাৰলৈ ঢাপলি মেলিলে৷ সৰু-বৰ শিলবোৰ বগাই গৈ নৈৰ পাৰ পালেগৈ সিহঁত৷ বিজিত, পৰাণ, জুৰি, সৌৰভ, মৃদুল সকলো ইতিমধ্যে তাৰ পাইছিলগৈ৷ মানসী আৰু ৰীমাক দেখি সিহঁতে চিঞৰি উঠিল৷ আগদিনাৰ দীঘলীয়া ক্লান্তিকৰ যাত্ৰাৰ কোনো অৱশেষ নাই সিহঁতৰ দেহ-মনত৷ কোনোবাই পানী ছটিয়াইছে, কোনোবাই ইটোৰ পৰা সিটো শিললৈ জপিয়াইছে, কোনোবাই আকৌ ঢৌবোৰ চাই চাই আত্মহাৰা হৈ পৰিছে৷ মানসী আগবাঢ়ি গৈ লাহেকৈ পানীত ভৰিখন দিয়ে শিয়ঁৰি উঠিল৷ ইমান চেঁচা! স্ফটিকৰ দৰে ফটফটীয়া পানী৷ প্ৰচণ্ড বেগত আহি ঢৌবোৰে শিলে শিলে খুন্দা খাইছে ৷ তীব্ৰ খলকনি তুলি পুনৰ আগবাঢ়ি গৈছে পূৰ্বতকৈ অধিক বেগেৰে৷ মানসীৰ এনে লাগিল যেন নৈখনে আনন্দত কথা ক’ব ধৰিছে, গীত জুৰিছে সুৱদি কন্ঠেৰে৷…তেন্তে এইখনেই অসম-ভূটান সীমান্তৰে প্ৰবাহিত হৈ থকা বেঁকী নৈ ৷ ছাৰে সিহঁতক মানাহৰ বিষয়ে আভাস দিওঁতে বেঁকী নৈৰ কথাও কৈছিল৷ অৱশ্যে নৈখনে যে অবিৰাম এনেকৈ কথা কয় সেয়া কোৱা নাছিল৷

মানসীৰ হাঁহি উঠিল৷ অলপ আগেয়ে নৈখনৰ এই সুৱদি মাত কথাবোৰকে সপোন-দিঠকৰ মায়াজালত বৰষুণৰ শব্দ বুলি ভুল কৰিছিল তাই৷ এই সপোন-দিঠক, সুখ-দুখ, বুজা-নুবুজাৰ দোমোজাতে মানুহে চাগৈ কিমান ভুল কৰে৷ কিমান কথা, ঘটনা-অঘটনা চাগৈ শুদ্ধ ৰূপত নিচিনাকৈ-নজনাকৈ থাকি যায়! অনুপমলৈ মনত পৰিল তাইৰ৷ অনুপমক জানিলেনে তাই? তাৰ প্ৰকৃত ৰূপটো চিনিলেনে তাই? অনুপম- ঋজু দেহৰ বগাকৈ সেই ল’ৰাটো৷ সাধাৰণ বেশভূষাৰে অন্য দহজনৰ সৈতে মিলি যাব যদিও অনুপমৰ এটা বিশেষত্ব আছিল৷ শিশুসুলভ এক সৰলতাই বৰ সৌন্দৰ্য্যময় কৰি তুলিছিল তাৰ হাঁহিটো৷ হাঁহিটো দেখিলে আনা লাগে যান সেই হাঁহিৰ গৰাকীৰ হৃদয় কেতিয়াও কোনো কলুষতাই স্পৰ্শ কৰা নাই, কাহানিও যন্ত্ৰণাত নীল বৰণীয়া হোৱা নাই সেই হৃদয়! প্ৰথম লগ পোৱাৰ দিনটোৰ পৰা প্ৰায় ডেৰ বছৰ ধৰি এই হাঁহিটোৱে খেদি ফুৰিলে মানসীক৷ সেই ডেৰ বছৰত অসংখ্যবাৰ অনুপমৰ মুখামুখি হ’ল তাই৷ অথচ তাৰ দুচকুত বাঢ়নী পানীৰ দৰে বাঢ়ি অহা ব্যাকুলতা দেখিও তাই অকণো দুৰ্বলতা প্ৰকাশ নকৰিলে৷ মাথোঁ নীৰৱে সহি গ’ল সেই ব্যাকুল দুচকু আৰু নিষ্পাপ হাঁহিৰ আমনি৷

কাৰোৱাৰ চিঞৰত মানসী বাস্তৱলৈ উভতি আহিল৷ ঘূৰি চাই দেখিলে, ছাৰে সকলোকে পুৱাৰ আহাৰৰ বাবে মাতিছে৷ ছে: এই সুন্দৰ পুৱাটোত কি যে কথাবোৰে আমনি কৰিলেহি! নৈখনৰ স’তে কথা পাতিবলৈ আহি নিজৰ সৈতেই কথা পাতি থাকিল দেখোন তাই৷ মানসীয়ে এবাৰ চাই পঠিয়ালে নৈখনলৈ৷ মনতে ক’লে, “বেঁকী, অভিমান নকৰতো?” এইবাৰ পানীৰ শব্দটো খিলখিলনিৰ দৰে লাগিল তাইৰ৷ এইখন পাহাৰীয়া চঞ্চল নৈ৷ দুখ-অভিমান সাঁচি থব নাজানে এই নৈয়ে৷ সকলো ঢৌৰ স’তে উটি গুচি যায় অজান দেশলৈ৷ নিশ্চিত হৈ তাই দৌৰ দিলে ট্যুৰিষ্ট বাংল’লৈ৷ যাওঁতে মনে মনে ভাৱি গ’ল, “ মানুহৰ হৃদয়ো যদি এনে হ’লহেঁতেন!!”


(দুই)
নৱেম্বৰ মাহৰ শেষ ভাগ যদিও বৰ বিশেষ জাৰ পৰা নাই ইয়াত৷ ব্ৰেড-জাম, ফল-মূল আদি খাই পুৱা আঠ বজাতে সিহঁত ট্ৰেকিঙৰ বাবে ওলাল৷ প্ৰতে্যকৰ লগত মজলীয়া জোখৰ একোটা বেগ৷ বেগত কেমেৰা, নোটবুক, কলম আৰু পানীৰ বটল৷ প্ৰথমে ছাৰ, ছাৰৰ পিছে পিছে এজন এজনকৈ শাৰী পাতি সকলো আগবাঢ়িল৷ সিহঁতৰ লগত দুজন ফৰেষ্ট গাৰ্ডও নিৰাপত্তাৰ বাবে গ’ল৷

মথনগুৰি অৰ্থাৎ ট্যুৰিষ্ট বাংল’ থকা ঠাইৰ উত্তৰ দিশত ভূটানৰ অটব্য অৰণ্য৷ তাৰ কাষেদিয়ে দক্ষিণলৈ বৈ গৈছে বেঁকী নৈ৷ বেঁকীৰ এইপাৰে ট্যুৰিষ্ট বাংল’টো৷ বাংল’ৰ পৰা দক্ষিণ-পশ্চিমমুৱাকৈ থকা অৰণ্যলৈ যোৱা বাটটোৰে দলটো আগবাঢ়িল৷ প্ৰায় এক কি: মি: ব্যৱধানত থকা জংৰং আৰু চংৰং সুঁতি দুটা পাৰ হৈ দুইমুখত উপস্থিত হ’লগৈ সিহঁত৷ এই দুইমুখতে জংৰং আৰু চংৰং লগ লাগিছে৷ ইমান বৃহৎ দলটোত কেমেৰাৰ ‘ক্লিক ক্লিক’ৰ বাহিৰে এটাও শব্দ নাই৷ কাৰণ সকলোকে আগতেই সকীয়াই দিয়া হৈছে যে অৰণ্যৰ জীৱ-জন্তুক সিহঁতৰ স্বাভাৱিক বাসস্থানত পৰ্ষবেক্ষণ কৰিবলৈ হ’লে নীৰৱতাই সৰ্বশ্ৰেষ্ঠ পন্থা৷

প্ৰত্যেকৰে সন্ধানী দুচকু চাৰিওফালে ঘূৰি ফুৰিছে নতুন কিবা এটা দেখাৰ আশাত৷ অৱশ্যে সিহঁত বিমুখো নহ’ল৷ প্ৰথম চকু গ’ল পৰাণৰ৷ ওখ ওখ নাম নজনা গছকেইজোপাত জাক জাক বন্দৰ৷ অন্য ঠাইত অন্য সময়ত হোৱা হ’লে সি হয়তো স্ফূৰ্তিতে চিঞৰ দুটামান মাৰিলেহেঁতেন৷ আতিয়া তাৰে নিয়ন্ত্ৰিত ৰূপ হিচাপে সি ঔফুলীয়া হাঁহি এটা মাৰি উত্তেজিত কন্ঠেৰে কিন্তু ফুচফুচাই ছাৰক ক’লে- “ছাৰ ছাৰ, ওপৰলৈ চাওকচোন৷”

ছাৰৰ লগতে সকলোৱে ওপৰলৈ চালে৷ ছাৰে ক’লে,-“এইবোৰ টুপীমূৰীয়া বান্দৰ৷” প্ৰায় দহমিনিটমান সময় সকলোৱে নীৰৱে বান্দৰজাকৰ খেলা উপভোগ কৰিলে৷ তাৰ পিছত ছাৰে কোৱাত অনিচ্ছাস্বতে্বও সকলো আগবাঢ়িল৷ ৰোৱাৰ যে সময় নাই কাৰো৷ এয়া যে অৰণ্য, প্ৰকৃতিৰ ৰাজ্য-ইয়াত খোজে প্ৰতি নতুনত্বৰ সোৱাদ৷

বহুদূৰ সুঁতিৰ কাষেদি বালিত খোজকাঢ়িলে দলটোৱে৷ কেইবাৰো শিলে শিলে জপিয়াই জংৰং সুঁতি পাৰ হ’ল৷ প্ৰথমবাৰ পাৰ হওঁতে পিছল শিলত ভৰি দি জুৰি পানীত পৰিল৷ সশব্দে হাঁহিব নোৱাৰিলেও কোনেও নহঁহাকৈ নাথাকিল৷ পিছৰবাৰত এজন এজনকৈ পিছলিল বিজিত, মানসী আৰু একেবাৰে শেষত পৰাণ৷ গোটেইটো পানীত তিতি জুৰুলি-জুপুৰি হৈ পৰাণে ক’লে- “এহ- শিলবোৰ বৰ পিছল অ’৷ এইবাৰো সকলোৰে হাঁহিয়ে নিয়ন্ত্ৰিত ৰূপ ল’লে৷

তেনেকৈয়ে এক কি:মি: মান গৈ সিহঁত জ্ঞাতি কেম্প পালেগৈ৷ তিতা কাপোৰ গাতে শুকালে- তালৈ কাৰো ভ্ৰূক্ষেপ নাই৷ বালিত সিহঁতে চিনাকি-অচিনাকি অনেক জন্তুৰ খোজৰ চিন পালে৷ ছাৰে সিহঁতক দেখুৱাই দিলে তাৰে কোনবোৰ বাঘৰ, কোনবোৰ বনৰীয়া ম’হ বা নলগাহৰিৰ৷ জ্ঞাতিৰ পৰা সিহঁতৰ উভতনি যাত্ৰা আৰম্ভ হ’ল৷ কি যে প্ৰচণ্ড উৎসাহত অকণো জিৰণি নোলোৱাকৈ প্ৰায় বাৰ কি:মি: বাট খোজকাঢ়িলে সেয়া শিহঁতে নিজেই ক’ব নোৰাৰিলে৷ হয়তো মানাহৰ ইতিহাস শুনি শুনি তাৰে বৰ্তমান নিজ চকুৰে পৰ্যবেক্ষণ কৰি অভিভূত হৈ পৰিছিল সিহঁত৷ আশীৰ দশকত উগ্ৰপন্থীৰ সক্ৰীয় ঘাটী হৈ পৰাত মানাহৰ সমগ্ৰ আন্ত:গাঁঠনিৰ বিস্তৰ ক্ষতি হয়৷ সেই ক্ষতিপূৰণ এতিয়াও সম্পূৰ্ণকৈ হৈ উঠা নাই৷ বন্যকৰ্মীৰ নিৰলস প্ৰচেষ্টাতহে প্ৰকৃতিৰ অপূৰ্ব লীলাভূমি মানাহে আজি জীয়াই থকাৰ সপোন দেখিছে৷

ভৰ দুপৰীয়া ট্যুৰিষ্ট বাংল’ পালেহি মানসীহঁত৷ বাংল’ৰে কৰ্মচাৰী কালাচান, জয়, বীৰবলহঁতৰ উদ্যোগত ৰন্ধা-বঢ়া ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছিল৷ প্ৰতে্যেকেই নিজৰ বাবে বাচন-বৰ্তন লৈ গৈছিল৷ অন্য কোনো বিকল্প ব্যৱস্থাই প্ৰাকৃতিক পৰিৱেশ দূষিত কৰাৰ আশংকাতেই এই সতৰ্কতা লোৱা হ’ল৷ এটা দীঘলীয়া শাৰী৷ প্ৰত্যেকৰে হাতত থাল৷ দুজনমানে ভাত-দাইল বিলাইছে, দুই-একে ঠাট্টা মস্কৰা কৰিছে৷ সৰু সৰু কথাতে সকলোৱে গৰ্জনি মাৰি হাঁহিছে৷

মনটো এনেয়ে ভাল লাগি গ’ল মানসীৰ৷ কেতিয়াও এনে পৰিৱেশ পোৱা মনত নপৰে তাইৰ৷ ব্যৱসায়ী দেউতাক আৰু সমাজসেৱিকা মাক নিজৰ ক্ষেত্ৰতে অতি ব্যস্ত৷ আধুনিক জীৱনৰ যান্ত্ৰিকতাত ৰং হেৰুৱাই পেলোৱা এটা শৈশৱ পাৰ কৰি আহিছে মানসীয়ে৷ সেয়ে সৰুৰে পৰা তাই নিসংগতাপ্ৰিয়৷ সামাজিক অনুষ্ঠানবোৰৰ পৰাও পৰাপক্ষত আঁতৰি থাকে তাই৷
“জলকীয়া দিওঁ?”- বিজিতে সুধিলে৷
“হা-অ’ দিয়া৷”- মানসীৰ সম্বিৎ ঘূৰি আহিল৷

ট্যুৰিষ্ট বাংল’ৰ সন্মুখৰ বিস্তৰ ঘাঁহনিৰ অ’ত-ত’ত বহি খাবলৈ আৰম্ভ কৰিছিল সকলোৱে৷ মুকলি আকাশৰ তলত প্ৰকৃতিৰ কোলাত বহি খোৱাৰ আমেজ যেন মানসীয়ে আজিহে অনুভৱ কৰিলে৷ টিলাটোৰ পৰা তললৈ নামি যোৱা চিৰিত ৰীমা আৰু তাই বহিলগৈ৷ সিহঁতক দেখি জুৰি, মৃদুল, সৌৰভহঁতো আহিল৷ সন্মুখত বেঁকী নৈ৷ সিপাৰে গভীৰ অৰণ্য৷ চহৰৰ যান্ত্ৰিক কোলাহল, গতানুগতিক ব্যতিব্যস্ত জীৱনৰ পৰা বহু আঁতৰত এয়া যেন কোনোবা তপস্বীৰ শান্তি আশ্ৰমহে৷ মানসীৰ মনৰ ভাৱ চুৰ কৰি পঢ়িয়েই হয়তো ৰীমাই উচ্ছাসেৰে কৈ উঠিল৷

“ আস! কি যে সুন্দৰ পৰিৱেশ৷ ইয়াতে যদি থাকি যাব পাৰিলোহেঁতেন!”

“হয়নে? পিছে থকাৰ বন্দোবস্ত কৰিলে কেৱল নিজৰ বাবেই নকৰিবি৷ সৌৰভৰ কথাও চিন্তা কৰিবি৷”-বিজিতে ক’লে৷

ৰীমা আৰু সৌৰভৰ পৰস্পৰৰ প্ৰতি থকা দুৰ্বলতাৰ কথা সিহঁতৰ কাৰোৰে অবিদিত নহয়৷ সেয়ে সুবিধা পাই বিজিতে খোঁচটো মাৰিলে৷ এফালে পাহাৰীয়া জুৰিৰ দৰে প্ৰাণোচ্ছল ৰীমা আৰু অন্যফালে বয়সৰ হিচাপত অত্যাধিক গম্ভীৰ, অন্তৰ্মুখী সৌৰভ- দেখাত দুটা বিপৰীত মেৰু যেন লাগে৷ কিন্তু তাৰ মাজত যে এক অদৃশ্য চুম্বক আছে সেয়াও সঁচা৷ অৱশ্যে অজ্ঞাত কাৰণত সেই চুম্বক এতিয়াও দৃশ্যমান হৈ উঠা নাই৷ সেয়ে ৰীমাই বিজিতক কৃত্ৰিম দাবী দিলে, “বিজিত, মজা পাবি কিন্তু৷”

তাইৰ কথাষাৰ শেষ হ’ল কি নহ’ল, মৃদুলৰ আৰ্ত্তনাদ শুনা গ’ল, “ নিলে নিলে ঐ মোৰ মাছটুকুৰা৷” লগে লগে ভাতৰ থাল লৈয়ে পৰাণৰ দৌৰ৷ পিছে পিছে মৃদুল৷ অলপ সময়ৰ পিছত দুয়ো ঘুৰি আহিল৷ মৃদুলৰ মূকত বিজয়ীৰ হাঁহি৷ ক’লে-“আধাটুকুৰা পালো৷”

মানসীয়ে বেছ উপভোগ কৰিলে এই নিৰ্দোষ ধেমালিবোৰ৷ ইয়াৰ আগলৈকে ৰীমাৰ বাহিৰে অন্য কাৰোৰে সৈতে বিশেষ ঘনিষ্ঠতা নাছিল তাইৰ৷ কলেজত প্ৰায়ে তাই বন্ধু-বান্ধৱৰ সংগ এৰাই ফুৰে৷ কাৰো স’তে মনৰ অনুভৱবোৰ ভাগ-বতৰা কৰিব নোখোজে তাই৷ প্ৰকৃততে একধৰণৰ আত্মাভিমান গঢ় লৈ উঠিছিল তাইৰ মনত৷ এই অহংকাৰৰ বাবেই ডেৰ বছৰ হৃদয়ৰ সমস্ত ব্যাকুলতা লুকুৱাই প্ৰতিক্ৰিয়াহীন হৈ ৰৈছিল তাই অনুপমৰ আগত৷ আহো আহো কৰি থকা বৰষুণজাকক বাট ভেটি ধৰি ভাৱিছিল, সেইজাক বৰষুণত অনুপমৰ সৈতে কেতিয়াও একেলগে নিতিতে তাই৷ মাথোঁ স্মৃতিৰ জোলোঙাত সংগোপনে সাঁচি থব ডাৱৰে ওন্দোলাই অনা এখন আকাশৰ কথা৷ ভবামতে নহ’ল৷ বাৰিষাৰ প্ৰথমজাক বৰষুণক কোনোবাই বাধা দি ৰাখিব পাৰে জানো? 


(তিনি)

সিদিনাই আবেলি এঘন্টামান জিৰণি লোৱাৰ পিছত সকলো পুনৰ ট্ৰেকিঙত ওলাল৷ মানাহৰ পূব দিশে ট্যুৰিষ্ট বাংল’ৰ কাষেৰে যোৱা বাটটোৰে দলটো আগবাঢ়িল৷ এঘন্টামান খোজকাঢ়ি গৈ সিহঁত ভাৰত-ভূটান সীমান্ত পালেগৈ৷ তাৰ পৰা বিশফুটমান তলেদি বৈ গৈছে বেঁকী৷ পাৰলৈ নামি যোৱা লুংলুঙীয়া বাটটো একেবাৰে থিয় আৰু পিছল৷ বৰ সাৱধানতাৰে খুপি খুপি প্ৰত্যেকেই আগবাঢ়িল৷ এইবাৰ কিন্তু কোনেও পিছল নাখালে৷ ইয়াত অৱশ্যে বেঁকী সেই অবিৰাম কথা কোৱা বেঁকী নহয়৷ ইয়াত বেঁকীৰ শান্ত সৌম্য ৰূপ৷ নাৱেৰে বেঁকী পাৰ হৈ ভূটানৰ ৰয়েল মানাহ ৰাষ্ট্ৰীয় উদ্যানত সিহঁতে ভৰি দিলেগৈ৷ ভূটান ৰজাৰ বাংল’টো পাই দলটো তাতে ক্ষন্তেক ৰ’ল৷ সেই অঞ্চলত ফটো তোলা নিষেধ৷ ঘূৰি পকি চাই সকলোৱে সেয়ে মনৰ কেমেৰাতে বন্দী কৰি ল’লে সেই স্মৃতি৷

ট্যুৰিষ্ট বাংল’লৈ ঘূৰি অহাৰ পিছত গধূলি চাহৰ পৰ্ব৷ জুৰি, বৰ্ণালী, মৃদুলহঁতে চৌকাতে জুই ধৰি চাহ কৰিলে৷ বাকীবোৰেও লাগি ভাগি দিলে৷ ছাৰ কিবা কামত ব্যস্ত হৈ নিজৰ কোঠাতে আছে বুলি গম পাই ৰীমাই ক’লে,

“যাচোন মানসী, ছাৰক চাহকাপ তাতে দি আহগৈ৷”

মানসীয়ে ট্ৰে এখনত চাহ একাপ আৰু প্লেটত ব্ৰেড-জাম লৈ ছাৰৰ কোঠালৈ আগবাঢ়িল৷ দুই মহলীয়া বাংল’টোৰ তলৰ মহলাৰ তিনিটা আৰু ওপৰ মহলাৰ দুটা কোঠা দিয়া হৈছে সিহঁতৰ দলটোক৷ তলৰ মহলাৰ এটাত মানসীহঁত আৰু অন্য দুটাত ল’ৰাকেইজন৷ ছাৰৰ কোঠা ওপৰ মহলাত৷ কিন্তু এতিয়া ওপৰলৈ গৈ মানসীৰ খেলিমেলি লাগি গ’ল৷ ছাৰ বা কোনটো কোঠাত আছে! কাৰোৱাক সুধি ল’বলৈকো বাহিৰত কোনো নাই৷ অনুমানতে তাই এটা কোঠাৰ দুৱাৰত টোকৰ মাৰিলে৷ কোনো সঁহাৰি নাই৷ অলপপৰ ৰৈ আকৌ এবাৰ টুকুৰিয়াবলৈ লওঁতেই দুৱাৰখন খোল খালে৷ দীৰ্ঘদেহী এক যুৱক দুৱাৰমুখত৷ উজ্জল দুচকুৰে কান্তিময় মুখখনত ৰুক্ষ চুলিবোৰ যেন চন্দ্ৰৰ গাত থকা কলংকহে৷ মানসী অপ্ৰস্তুত হ’ল, খৰধৰকৈ ক’লে তাই,

“বেয়া নাপাব৷ মিছাতে আপোনাক আমনি কৰিলো আপোনাক৷ মই এইটো ছাৰৰ কোঠা বুলি ভাৱিছিলো৷”

ল’ৰাজনে প্ৰথমে তাইলৈ আৰু তাৰ পিছত তাইৰ হাতত থকা ট্ৰেখনলৈ চাই মিচিকিয়াই হাঁহিলে৷ ক’লে-

“ইটছ অ’কে৷ তুমি সেই কলেজীয়া দলটোৰ লগত আহিছা, নহয় জানো? তোমালোকৰ ছাৰৰ কোঠা সেই একেবাৰে কাষৰটো৷”

তেওঁক ধন্যবাদ জনাই মানসী ছাৰৰ কোঠালৈ গ’ল৷ সিহঁতৰ দলটোৰ বাহিৰে অন্য কোনোবা বাংল’ত থকাৰ কথাটো সিহঁতে গম পোৱা নাছিল৷ মাথোঁ ভাত খোৱাৰ পৰত কৰ্মচাৰী এজনে বৰ ৰস লগাকৈ কৈছিল পাঁচদিন ঘূৰা-পকাৰ পিছত দুজন বিদেশীয়ে কালি মানাহ এৰাৰ কথা- বৰ আগ্ৰহেৰে হাতলেম্পকেইটাৰ ফটো তোলাৰ কথা৷ ক’তা-এওঁৰ কথাটো কোনেও কোৱা নাই৷

ছাৰক চাহকাপ দি পাকঘৰলৈ উভতি গৈ মানসীয়ে কিবা এটা ভাবিলে৷ আগৰ দৰেই ট্ৰেত চাহ একাপ সজাই তাই ওপৰলৈ আহিল৷ পুনৰ টোকৰ পৰিল সেই অচিনাকি যুৱকৰ দুৱাৰত৷ দুৱাৰ খোলাৰ লগে লগে এইবাৰ অকণো সংকোচ নকৰাকৈ স্মিত হাঁহিৰে মানসীয়ে ক’লে-

“অথনি চাহকাপ আপোনাৰ দুৱাৰমুখৰ পৰাই উভতাই নিলো ৷ বেয়া নাপায় যদি এয়া নতুনকৈ বাঁকি আনিছোঁ-খাব৷”

অপ্ৰস্তুত ভাবটো লুকুৱাই ধন্যবাদ দি চাহকাপ ল’লে তেওঁ৷ তললৈ নামি আহোতেহে মানসীৰ খেয়াল হ’ল, তেওঁনো কোন তাকে নুসুধিলে তাই৷……

নিশাও এটা ট্ৰিপ হ’ল সিহঁতৰ৷ চাৰিটা দলত বিভক্ত হৈ পৃথকে পৃথকে গাড়ীৰে সিহঁত নৈশ অভিযানত ওলাল৷ ঘূৰি আহি প্ৰত্যেকৰে উত্তেজনাপূৰ্ণ বৰ্ণনা৷ গাড়ীৰ সন্মুখতে আহি পৰা শৰপহু, দল-হৰিণ, বনৰীয়া মেকুৰী দেখা পোৱাৰ বৰ্ণনা৷ ঢেঁকীয়াপতিয়া বাঘ দেখা নোপোৱাৰ দুখ এইবোৰে যথেষ্ট পাতলালে৷

নিশা ভাত হোৱালৈকে চোতালতে জুই একুৰা ধৰি ঘূৰণীয়াকৈ সকলো বহিল৷ জুৰি, ৰীমা আৰু পৰাণে সৰু সৰু আলু আনি ৰঙা আঙঠাৰ মাজে মাজে ভৰাই দিলেহি৷ নানা কথাৰ মাজত মানাহৰ কথাই বেছিকৈ পাতিলে সিহঁতে৷ বিজিতৰ কথাৰ পৰা মানসীয়ে গম পালে, তাই আজি লগ পোৱা যুৱকজন কলকাতাৰ পৰা অহা গৱেষক সুমিত ভট্টাচাৰ্য্য৷ বিগত দুটামাহ ধৰি তেওঁ মানাহতে থাকি গৱেষণা কৰি আছে৷ তেওঁৰ লগত ছাৰে কথা পতা দেখিছিল বিজিতে৷ পিছত সি ছাৰক সোধাত ছাৰে তেওঁৰ কথা ক’লে হেনো৷ মানসীয়ে তাৰ কথাবোৰ নীৰৱে শুনি থাকিল৷ কিন্তু তাইৰ যে ইতিমধ্যে সেই সুমিত ভট্টাচাৰ্য্যৰ স’তে দেখা-সাক্ষাৎ হৈ গৈছে সেয়া তাই কাকো নক’লে৷

আড্ডা ইতিমধ্যে জমি উঠিল৷ সকলোৱে সৌৰভক গান গাবলৈ অনুৰোধ কৰিলে৷ সৌৰভে খুউব সুন্দৰকৈ গান গায়৷ প্ৰথমেই সি আৰম্ভ কৰিলে, “এই ধুনীয়া গধূলি লগন…৷” সকলো নিজম পৰিল৷ কি যে এক দৰদী কন্ঠ সৌৰভৰ! এক অজান দুখবোধে স্পৰ্শ কৰি গ’ল প্ৰত্যেকৰে হৃদয়৷ ৰীমাই পোৰা আলু এটা উলিয়াই বাকলি গুচাবলৈ আৰম্ভ কৰিছিল৷ হাতৰ আলু হাততে থাকিল তাইৰ৷ থৰ হৈ চাই ৰ’ল তাই সৌৰভলৈ৷ সি তেতিয়াও আত্মবিভোৰ হৈ গাই আছে৷


প্ৰেম যেন বহুতৰ কটাৰীৰ খেল
শানিত কটাৰীৰ চালে
শন শন শৱদে বুকু ভেদিলে
বাধা দিব কোন কৌশলে……

গান শেষ হ’ল৷ সকলো নীৰৱ-নিথৰ৷ নিৰ্জনতা ভেদি জুৰিয়ে আৱেগেৰে কৈ উঠিল, “এনে গান কিয় গাইছ সৌৰভ?” একো নকৈ সৌৰভে মাথোঁ হাঁহিলে আৰু আৰম্ভ কৰি দিলে অন্য এটা গান৷

“গা গা আজি গাই যা যা এই গীতকে গা……”

তাৰ লগে লগে পৰাণে গাই গাই নাচিবলৈ ধৰিলে৷ বিজিত, বৰ্ণালী, মৃদুলহঁতেও যোগ দিলে৷ পুনৰ সজীৱ হৈ উঠিল পৰিৱেশটো৷ ভাত খোৱাৰ পৰলৈকে সিহঁতৰ মাজত ইটোৰ পিছত সিটোক গানৰ মজলিছ বহি গ’ল৷

দিনটোৰ পৰিশ্ৰমৰ অন্ততো নিশা বহু পৰলৈকে টোপনি নাহিল মানসীৰ৷ ৰীমা তাইৰ নিচেই কাষতে একেখন লেপৰ তলত৷ তাই মানসীৰ ফালে পিঠি দি শুই আছে৷ ওপৰমুৱাকৈ শুই চিলিঙৰ ফালে চাই চাই ৰীমাৰ কথাকে ভাৱিলে মানসীয়ে৷ ইমান প্ৰাণ চাঞ্চল্যৰে ভৰা ছোৱালীজনী আজি গম্ভীৰ হৈ পৰিছিল সৌৰভৰ গান শুনি৷ 

…এনেতে ৰীমাই কাতি হৈ তাইৰ ফালে মুখ ঘূৰালে৷ চিলিঙৰ পৰা দৃষ্টি উভতাই আনি ৰীমালৈ চায়ে থতমত খালে মানসীয়ে৷ স্থিৰ দৃষ্টিৰে তাইলৈকে চাই আছে ৰীমাই৷

“ৰীমা, তই শুৱা নাই?”
“ওহো৷” মানসীয়ে বুজিলে তাইৰ দৰেই ৰীমাৰো দুচকুত অনিদ্ৰাই বাহৰ পাতিছে৷
“এটা কথা কওঁ?” মানসীয়ে ক’লে৷
“ক৷”
“তহঁত কিমান দিন এনেদৰে থাকিবি?”
“মানে?”
“একেলগে একেটা বাটেৰে গৈ থাকিও কিমানদিন ইটোৱে সিটোক নেদেখাৰ ভাও ধৰি থাকিবি?”


মানসীৰ আশংকা হৈছিল, ৰীমা হয়তো আবেগিক হৈ পৰিব৷ কিন্তু তাইক অলপ আচৰিত কৰি অকনো আবেগিক নোহোৱাকৈ শান্তভাৱেই ৰীমাই ক’লে-

“নাজানো৷ মাথোঁ জানো, ভালপোৱা স্বতৰ্স্ফুত৷ কাৰোৱাৰ ওপৰত জোৰ কৰি যেনেকৈ ইয়াৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰি, তেনেকৈ হাজাৰ চেষ্টাৰেও বাধা দি ৰাখিব নোৱাৰি ইয়াৰ চিৰপ্ৰবাহমান গতিক৷ যিমান সময় লাগে লওক সি৷ মাই বাট চাম৷”

দুয়ো নীৰৱ হৈ ৰ’ল৷ মানসীৰ মনত এজাক প্ৰবল বৰষুণ আৰম্ভ হ’ল৷ স্মৃতিৰ বৰষুণ৷ বৰষুণৰ প্ৰতিটো টোপাল হৈ অনুপম সৰিল- এখন নৈ হ’ল আৰু দিহিঙে দিপাঙে বুৰাই পেলালে৷ কিয় এনে হ’ল? কিয় তাইৰ বাবে প্ৰেম যন্ত্ৰনাৰ অন্য এক নাম হ’ল? ইমান নিবিড়তাৰে, হৃদয়ৰ সমস্ত আন্তৰিকতাৰে গঢ়ি উঠা স্বতে্বও সিহঁতৰ সম্পৰ্ক স্থায়ী নহ’ল৷ সৰু সৰু কথাতে শিশুৰ দৰে অভিমান কৰা ল’ৰাটো হঠাতে যেন পৰিপক্ক হৈ উঠিল৷ হঠাতে এদিন সি বুজি উঠিল, সিহঁত পৰস্পৰে পৰস্পৰৰ বাবে নহয়৷ সিহঁত প্ৰকৃততে ৰেলৰ আলিৰ সমান্তৰাল চিৰি দুডালৰ দৰে৷ বহুদূৰৈৰ কোনোবা এটা বিন্দুত লগ হোৱা যেন দেখিলেও সেয়া চকুৰ ভ্ৰমহে৷ প্ৰকৃততে কেতিয়াও ইডাল সিডালৰ সৈতে লগ নহয়৷ অলপ কষ্টতে মানসীয়ে গম পালে, অনুপমৰ হৃদয়লৈ পুনৰ বসন্ত নামিছে৷ তাইৰ বাবে নহয়-অন্য কাৰোৱাৰ বাবে৷ কোনো কাজিয়া বা ভুল বুজাবুজি নোহোৱাকৈ দুয়ো আঁতৰি আহিল৷ কোনোধৰণৰ উষ্মা প্ৰকাশ নকৰাকৈ , একো কৈফিয়ৎ নিবিচৰাকৈ নীৰৱ হৈ ৰ’ল মানসী৷


(চাৰি)

পিছদিনা পুৱা এলাৰ্মৰ শব্দত সাৰ পালে মানসীয়ে৷ ৰীমা তেতিয়াও টোপনিত৷ মানসী বাহিৰলৈ ওলাই আহিল৷ ৰাতি পুৱাবলৈ তেতিয়াও কিছুসময় বাকী৷ অৱশিষ্ট আন্ধাৰখিনিয়ে অস্তিত্বৰ বাবে পোহৰৰ স’তে শেষ সংগ্ৰামত উঠি-পৰি লাগিছে৷ কিন্তু তিষ্ঠিব নোৱাৰি অন্ধকাৰ কেনিবা পলাই ফাঁট মাৰিছে৷ মানসী গৈ ছিৰিবোৰৰে কোনোবা এটাত বহিলগৈ৷ বেঁকীৰ পাৰলৈ যাবলৈ মন গৈছিল তাইৰ৷ কিন্তু এই সময়ত অকলশৰে তালৈ যোৱাটো বিপদজনক হ’ব পাৰে বুলি আশংকা হোৱাত সেই ইচ্ছা সম্বৰণ কৰিলে৷ নিশা যে বনৰীয়া জীৱ-জন্তু ট্যুৰিষ্ট বাংল’ৰ চোতাল পায়হি সেয়া সিহঁতক আগেয়ে জনোৱা হৈছিল৷

“গুডমৰ্ণিং৷” কাৰোৱাৰ মাত শুনি মানসীয়ে ঘূৰি চালে৷ দেখিলে, তাইৰ পিছফালে থিয় দিছেহি সুমিত ভট্টাচাৰ্য্য৷ পিন্ধনত পাতল সেউজীয়া ৰঙৰ চাৰ্ট আৰু খাকী ৰঙী ট্ৰাউজাৰ৷ হাতত কেমেৰা, দূৰবীণ আৰু পিঠিত মজলীয়া জোখৰ এটা বেগ৷ মানসীয়ে স্মিত হাঁহিৰে ক’লে-

“গুড মৰ্ণিং৷” আপুনি ক’ৰবালৈ যায় নেকি?”

“নাই-মই এঠাইৰ পৰা ঘূৰি আহিলো এইমাত্ৰ৷” বেগ-কেমেৰা এইবোৰ থৈ তাইৰ কাষতে বহি পৰিল তেওঁ৷

“ইমান ৰাতিপুৱাই ক’লৈনো গৈছিল আপুনি?”- তাই পুনৰ সুধিলে৷

মিচিকিয়া হাঁহিৰে তেওঁ ক’লে,

“মানাহলৈ নতুনকৈ পবিতৰাৰ পৰা আনি মুকলি কৰা গঁড় কেইটাৰ কথা জানা নহয়? আমি সেই গড়ঁ কেইটাত সংযোগ কৰি থোৱা ৰেডিঅ’ কলাৰৰ সহায়ত সিহঁতৰ চাল-চলনৰ বিষয়ে গম পাই থাকোঁ ৰুমত বহিয়েই৷ কালি এটা গঁড় কাটাঝাৰ কেম্পৰ ফালে চৰি ফুৰা বুলি গম পাইছিলো৷ সেয়ে আজি ৰাতিপুৱাই চাই আহিলোগৈ ৷ আচৰণৰ বিষয়ে ডেটা অলপ দৰকাৰ আছিল৷ 

“আপোনাৰ ভয় নালাগেনে এনেকৈ অকলশৰে ঘূৰি ফুৰিবলৈ?”

“প্ৰথমে লাগিছিল৷ জীৱ-জন্তুৰ আচৰণৰ বিষয়ে যথেষ্ট শিকিছোঁ বাবে এতিয়া নালাগে৷ আজি দুমাহ ধৰি এইখনেইতো মোৰ পৃথিৱী৷…বাৰু এটা কথা মন কৰিছানে তুমি?” তেওঁৰ দুচকুত কৌতুক৷

“কি কথা?”

“আমি যে এতিয়ালৈকে চিনাকিয়েই হোৱা নাই?”
মানসীৰ হাঁহি উঠি গ’ল৷ হাঁহি হাঁহিয়েই ক’লে তাই,

“আপোনাৰ পৰিচয় মই আগতেই পালো৷ আৰু মোৰ চিনাকি? মোৰ নাম মানসী!”

“ঠিক আছে মানসী৷ পিছত আকৌ কথা পাতিম তোমাৰ স’তে৷ এতিয়া মোৰ অলপ কাম আছে৷”

সুমিত ভট্টাচাৰ্য্যই বিদায় লোৱাৰ পিছতো মানসী কিছুপৰ তাতে বহি ৰ’ল৷ অৱশ্যে কিছু সময়ৰ পিছতে ৰীমা, বিজিত, পৰাণহঁত আহি হুলস্থুল লগাই দিলেহি তাই নিৰলে বহি কবিতা ৰচি আছে বুলি৷ অগ্যতা তাই উঠিব লগা হ’ল৷

সেইদিনা সমগ্ৰ দিনটোত সিহঁত এবাৰেই ট্ৰেকিঙলৈ গ’ল৷ এই ট্ৰেকিঙটো যথেষ্ট দীঘলীয়া হ’ল৷ জ্ঞাতি পাৰ হৈ পহুফিল্ড পাই তাৰ পৰা দুই কি:মি: দূৰত্বত থকা বাঁহবাৰী ৰেঞ্জ অফিচলৈকে দলটোৱে ট্ৰেকিং কৰিলে৷ মুঠতে বিশ কি:মি: ট্ৰেকিঙত নলগাহৰি যোৱা লুংলুঙীয়া বাটেৰে, বাট নথকা ঠাইত হাবিৰ মাজেৰেই দলটো আগবাঢ়িল৷ এঠাইত ওখ ওখ বিৰিণাৰ মাজেদি ঠেক বাট এটাৰে যাওঁতে প্ৰায় সকলোৰে হাত-মুখত বিৰিণাই কাটিলে৷ অলপ দূৰ তেনেকৈয়ে যোৱাৰ পিছত পৰাণে খন্তেক ৰৈ পিন্ধি থকা জেকেটটো খুলি মূৰ ঢাকি আগবাঢ়িল৷ বিৰিণাৰ পৰা মুখখন ৰক্ষা কৰিব পাৰি সি স্বস্তিৰ নিশ্বাস এৰিলে৷ তাক দেখি সকলোৱে যি পালে তাৰেই মূৰ ঢাকি ঢাকি আগবাঢ়িল৷ ভাগ্য ভাল যে এই সময়লৈ জোকৰ উপদ্ৰৱ যথেষ্ট কমে৷

ট্যুৰিষ্ট বাংল’লৈ উভতি আহি ভাত-পানী খাই সকলোৱে অলপ জিৰণি ল’লে৷ প্ৰায় আবেলি হৈছিল তেতিয়া ৷ বাহিৰৰ চোতালতে অ’ত ত’ত বহি প্ৰত্যকেই কামত লাগি গ’ল৷ মানসী আৰু সৌৰভে ট্ৰেকিঙৰ বৰ্ণনা লিখিলে, মৃদুলে ফৰেষ্ট গাৰ্ড কেইজনৰ সহায়ত ট্ৰেকিংপথৰ স্কেচ আঁকিলে, জুৰি আৰু ৰীমাই এই দুদিনৰ অভিযানত দেখা জীৱ-জন্তু, বনাঞ্চলৰ প্ৰকাৰ সম্পৰ্কে ছাৰৰ লগত আলোচনা কৰিলে৷ কাৰো আদেশক্ৰমে নহয়, প্ৰত্যেকেই এইবোৰ কৰি গ’ল একমাত্ৰ নিজৰ আন্তৰিক আগ্ৰহৰ বাবে৷ প্ৰাণচাঞ্চল্যৰে টগবগাই থকা বয়স এইটো অথচ প্ৰত্যেকেই নিজৰ কৰ্তব্যৰ প্ৰতি সদা-সচেতন৷

কামবোৰ শেষ কৰি সাঁজ লগাৰ আগে আগে ৰীমা আৰু মানসী নৈৰ পাৰলৈ গ’ল৷ নৈৰ পাৰত শিলত বহি লৈ মানহৰ কথা পাতি থাকোতে কিমান সময় পাৰ হৈ গ’ল দুয়ো গমকে নাপালো৷ হঠাতে কাৰোৱাৰ মাত শুনি দুয়োৰে সম্বিৎ আহিল৷ ঘূৰি চাই দেখিলে, সৌৰভ ওপৰত ৰৈ আছে-সিহঁতকো ওপৰলৈ আহিবলৈ ইংগিত দিছে৷ ৰীমা আৰু মানসী নৈৰ পাৰৰ পৰা উঠি আহিল৷ সূৰুযৰ শেষ কিৰণ চতুৰ্দিশে বিয়পি পৰিছে তেতিয়া৷ শিলবোৰ বগাই ওপৰলৈ আহোতে মানসী ৰীমাতকৈ অলপ আগবাঢ়িল৷ ওপৰ পাই তাই দেখিলে, সৌৰভ নামি গৈছে খৰধৰকৈ৷ এটা পিছল শিলত থাউনি নাপাই ৰীমাই অন্য এটা শিলত ধৰিবলৈ লওঁতেই সৌৰভে হাতখন আগবঢ়াই দিলে তাইলৈ৷ এপলকৰ বাবে তাই তাৰ চকুলৈ চালে আৰু লাহেকৈ তাৰ হাতত ধৰিলে৷ দুয়ো পোন-প্ৰথমবাৰৰ বাবে কোনো দ্বিধা বা জড়তা নোহোৱাকৈ পৰস্পৰে পৰস্পৰৰ মুখামুখি হ’ল৷ অতদিনৰ সাঁচতীয়া আবেগখিনি যেন সেই ক্ষণতে পাৰ ভাঙি বৈ গ’ল বেঁকীৰ সোঁতে সোঁতে৷ সৌৰভে সেই একেই স্বভাৱগত গম্ভীৰ সুৰত ক’লে, “যাওঁ ব’লা৷” এটাও মাত নমতাকৈ দুয়ো আগবাঢ়িল ট্যুৰিষ্ট বাংল’লৈ৷ মানসী ইতিমধ্যে তাৰ পাইছিলগৈ৷

(পাঁচ)

সম্পূৰ্ণ এটা সপ্তাহ সিহঁতে মানাহত অতিবাহিত কৰিলে৷ মানহৰ চুকে-কোণে অক্লান্তভাৱে ঘুৰি ফুৰিলে কলেজীয়া দলটো৷ এনিশা ছাৰৰ অনুৰোধক্ৰমে সুমিত ভট্টাচাৰ্য্যই প্ৰজেক্টৰৰ সহায়ত মানাহৰ ওপৰত কৰা ডকুমেন্টেৰী দেখুৱালে সিহঁতক৷ ইখনৰ পিছত সিখনকৈ নানা তথ্য আৰু নতুনত্বৰে ভৰা ডকুমেন্টেৰী চাই সকলো আপ্লুত হৈ পৰিল৷ মানাহৰ বিষয়ে, প্ৰকৃতিৰ বিষয়ে সোধা প্ৰতিটো প্ৰশ্নৰে তেওঁ সাৱলীলভাৱে উত্তৰ দি গ’ল৷ সকলোৰে লগত এটা সপ্তাহতে আন্তৰিকতা গঢ়ি উঠিল তেওঁৰ৷ প্ৰত্যেকৰে বাবে হৈ পৰিল সুমিতদা৷ অত্যন্ত ব্যস্ততাৰ মাজতো ক্ষন্তেক আজৰি সময় পালেই তেওঁ সিহঁতৰ সৈতে সময় কটাবলৈ ভাল পোৱা হ’ল৷

প্ৰকৃতিৰ কোলাত, বন্ধুত্বৰ উমাল স্পৰ্শত দিনবোৰ কেনেকৈ যে পাৰ হৈ গ’ল মানসীয়ে ধৰিবই নোৱাৰিলে৷ কিন্তু নতুনকৈ এটা অস্বস্তিয়ে তাইৰ অনুভৱৰ সাগৰত অশান্ত ঢৌৰ সৃষ্টি কৰিলেহি৷ 

এদিন ট্ৰেকিঙৰ পৰা ঘূৰি আহি ভাত-পানী খাই ওপৰ মহলাৰ বাৰাণ্ডাৰ এমূৰত বহিছিল তাই৷ দূৰবীণ লৈ বেঁকীৰ সিপাৰৰ অৰণ্যখনৰ শোভা উপভোগ কৰি আছিল৷ এনেতে সুমিত আহিল৷ মানসীৰ স্মিত হাঁহিৰ প্ৰত্যুত্তৰত তেৱোঁ হাঁহিলে আৰু ক’লে,

“নৈখন চাইছা ?”
“ও৷ নৈখন চাইছোঁ-লগতে সিপাৰৰ অৰণ্যখনো৷”
“এই বেঁকী নৈৰ ভূটানত নাম কি জানানে?”
“ওহো-নাজানো৷ কওকচোন৷” মানসীয়ে দূৰবীণটো নমাই থ’লে৷
“ভূটানত ‘ডামেচ্ছু’ আৰু ‘মাংদেচ্ছু’ নামৰ দুখন নৈ লগ হৈ বেঁকী হৈছে৷ ভূটানী ভাষাত ‘চ্ছু’ মানে নদী৷ এই বেঁকী নৈ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি বৈ গৈ তিনিটা সুঁতিত ভাগ হৈছে-মানহ, বেঁকী আৰু হাকুৱা৷ পঞ্চাছ কি: মি: পশ্চিমত গৈ ব্ৰহ্মপুত্ৰত তিনিওটা সুঁতি লগ লাগিছেগৈ৷”

“তেন্তে আমি দেখা এই নৈখন প্ৰকৃততে বেঁকীৰ সুঁতিহে নেকি?”
“ওঁ৷ বেঁকী নৈৰ ওপৰত বিশেষভাৱে এখন ডকুমেন্টেৰী বনাই আছোঁ৷ বেছিদিন নালাগেই চাগৈ৷ তেতিয়া ভালকৈ বুজি পাবা৷”
“কিমান দিন লাগিব?”
“এই ধৰা, দহ-বাৰ দিন৷”
“আমিতো নাথাকিম তেতিয়ালৈ৷ আৰু এদিন পিছতেই আমি মানাহ এৰিব লাগিব৷”

সুমিতে যেন অপ্ৰত্যাশিত কিবা এষাৰহে শুনিলে৷ এই প্ৰথমবাৰৰ বাবে মানসীয়ে তেওঁৰ হাঁহিৰে উজ্জল মুখখন বিষণ্ণ হৈ পৰা দেখিলে৷ আচৰিত হৈ তাই সুধিলে,

“কি হ’ল আপোনাৰ ?”
“নাই, তোমালোক যে যাবাগৈ সেইটো মনলৈকে অহা নাছিল৷”
তেওঁ যেন কিবা এটা লুকুৱাবলৈ আপ্ৰাণ চেষ্টা কৰিছে- এনে লাগিল মানসীৰ৷ কিছু সময় দুয়ো নীৰৱ৷ মৌনতা ভাঙি গম্ভীৰ মাতেৰে সুমিতে কৈ উঠিল,

“মোৰ খুউব বেয়া লাগিব৷”
“আমাৰো৷”
“বিশেষকৈ তোমাক মিছ কৰিম৷”
“কিয়?” কথাটো সুধিয়ে তাই থতমত খালে৷ সুমিতৰ গম্ভীৰ মাতটোৱে ইতিমধ্যে ভয় খুৱাই দিছে তাইক৷ কিন্তু তেওঁ অকণো খোকোজা নলগাকৈ ক’লে,

“তুমি আনতকৈ ভিন্ন, সেইবাবে৷”

মানসীয়ে লগে লগে প্ৰতিবাদ কৰি উঠিল,

“নক’ব তেনেকৈ৷ মই আনতকৈ ভিন্ন নহওঁ-হ’বও নিবিচাৰো৷ প্ৰত্যেক মানুহৰ দৰেই মোৰ দুখ আছে৷ আছে পাহৰিব নোৱাৰা কিছুমান স্মৃতি৷ সেই সকলোবোৰ বুকুত সাবটি লৈয়ো মই সপোন দেখোঁ সুখী জীৱন এটাৰ৷….”

হঠাৎ ৰৈ গ’ল তাই৷ তাই এইবোৰ কি কৈ পেলাইছে! কেতিয়াওতো কাকো কোৱা নাই এইবোৰ কথা-তেন্তে আজি কিয় কৈ পেলালে? কিয়?

“কোৱা মানসী-কৈ যোৱা৷ কিয় ৰৈ গ’লা৷ কিয় নিজকে ইমান লুকুৱাই ৰাখা তুমি?”- সুমিতৰ অধৈৰ্য কন্ঠস্বৰ৷

মানসী শংকিত হৈ উঠিল৷ কিছুদিনৰ চিনাকি এই মানুহজনে কেনেকৈ তাইক ইমান বেছিকৈ জানি পেলাইছে! তাইক জানিবলৈ-বুজি পাবলৈ মাক-দেউতাক আছিল, অনুপম আছিল- তেওঁলোকে বুজি নাপালে যদি এওঁ কোন ইমান বেছিকৈ জানিবলৈ! তাই দৃঢ় হ’ল৷ লাহেকৈ ক’লে,

“ছৰী৷ মোৰ অলপ কাম আছে-মই যাওঁ৷”

সুমিতে একো নক’লে৷ মাথোঁ মূৰ দুপিয়াই মিচিকিয়াই হাঁহিলে৷ সেই হাঁহিত জয়ৰ এক বিনম্ৰ অহংকাৰ সন্নিহিত হৈ থকা যেন লাগিল মানসীৰ৷ এবাৰো উভতি নোচোৱাকৈ তাই দুপদুপাই চিৰিয়েদি তললৈ নামি গ’ল৷

পিছদিনা দিনটো কামৰ ফাঁকে ফাঁকে মানসীয়ে সুমিতৰ কথাকে ভাৱি থাকিল৷ একো বুজি নোপোৱাৰ ভাও ধৰি থকা মানুহৰ শাৰীত নপৰে তাই৷ তাই ঠিকেই বু্জি পালে আৰু এই ঠিককৈ বুজি পোৱা কথাটোৱে তাইক ভিতৰি ভিতৰি অস্থিৰ কৰি তুলিলে৷

জীৱনে কি যে বিচিত্ৰ ৰূপ দেখুৱায় মানুহক! জীৱনৰ মোহত বন্দী মানুহে মৰিচীকাৰ পিছে পিছে দৌৰি ফুৰে-কিহৰ সন্ধানত হয়তো সেয়া নিজেই নাজানে৷ সঁচাকৈ, কেনেকৈ বাৰে বাৰে প্ৰেমত পৰে মানুহ? প্ৰেমত হ’ব পাৰেনে প্ৰথম, দ্বিতীয় বুলি কিবা হিচাপ? হৃদয়ত এবাৰ কাৰোৱাৰ প্ৰতিচ্ছৱি অংকিত হৈ যোৱাৰ পিছত মচ খাব পাৰেনে সেয়া ? তেন্তে কিয় তাই কোনোমতেই পাহৰিব পৰা নাই অনুপমৰ সান্নিধ্য? কিয় তাইৰ হৃদয়ত আগৰ সমানেই উজ্জ্বলতাৰে জিলিকি আছে অনুপম নামৰ এক সত্ত্বা-য’ত পাৰ্থিৱ ঘটনা-অঘটনা আৰু সময়ৰ প্ৰভাৱো ব্যৰ্থ হৈ গৈছে! নাই নাই, প্ৰেম বাৰে বাৰে হ’ব নোৱাৰে৷ মানুহৰ জীৱনত প্ৰেম এবাৰেই হয়-মাথোঁ এবাৰেই৷ বাকীবোৰ পাৰস্পৰিক বুজাবুজি মাত্ৰ, যাক মানুহে প্ৰেম বুলি ভুল কৰে৷

তেন্তে সুমিত ভট্টাচাৰ্য নামৰ দুদিনীয়া চিনাকী বঙালী যুৱকজনৰ স’তে গঢ়ি উঠা এই সহমৰ্মিতাৰ নাম কি? তেওঁৰ এষাৰ কথাতে কিয় তাই কাকো নোকোৱা কথা কিছুমান কৈ পেলালে?...নাই, এই সম্পৰ্কৰ কোনো নাম নাই৷ কোনো সংজ্ঞা, চৰ্ত বা দাবীও নাই এই সম্পৰ্কত৷ সামাজিক মূল্যবোধে সংজ্ঞা স্থিৰ কৰি দিয়া সম্পৰ্কবোৰৰ স’তে তাই ইমানদিনে বুজাপৰা কৰিলে৷ তথাপিও কোনো সম্পৰ্কই নিস্বাৰ্থ হৈ নাথাকিল তাইৰ বাবে-নানা চৰ্ত দাবী আহি পৰিল সংজ্ঞাৰ লগে লগে৷ মানাহলৈ আহি এই প্ৰথমবাৰৰ বাবে তাই জীৱনটো নতুন দৃষ্টিভংগীৰে ল’বলৈ শিকিছে৷ প্ৰথমবাৰৰ বাবে অনুভৱ কৰিছে, মানুহক মানুহৰ সংগ লাগে৷ নিসংগতাও কেতিয়াবা যন্ত্ৰণাদায়ক হৈ উঠিব পাৰে৷ তেন্তে সুমিত ভট্টাচাৰ্যৰ স’তে তেনে এক সম্পৰ্কই হওক৷ সংজ্ঞা, চৰ্ত বা অন্য সকলো কাৰকৰ পৰা মুক্ত আক স্বতন্ত্ৰ সম্পৰ্ক৷…মানসী আশস্ত হ’ল৷

মানাহত শেষ নিশা৷ দলটোৰ সৈতে অন্তৰংগ আলাপৰ বাবে মুখ্য সংৰক্ষণকাৰী বিষয়াগৰাকী আহিছে৷ প্ৰজেক্টৰৰ সহায়ত মানহ ৰাষ্ট্ৰীয় উদ্যানৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ ওপৰত গভীৰভাৱে আলোকপাত কৰিছে তেওঁ৷ শেষত তেওঁ কৈছে, সংৰক্ষণৰ লক্ষ্য হ’ল প্ৰেম, শান্তি আৰু পাৰস্পৰিক সহানুভূতি৷ নিজেও জীয়াই থাকা আৰু আনকো জীয়াই থাকিবলৈ দিয়া৷ সকলোকে আহ্বান জনাইছে তেওঁ মানাহৰ বাবে, প্ৰকৃতিৰ বাবে কিছু ভাৱিবলৈ, কিছু কৰিবলৈ৷

(ছয়)

পুৱাৰ পৰা খদমদম ৷ বয়-বস্তু সামৰি গাড়ীত তোলা, নিজে সাজু হোৱা আদিক লৈ সকলো ব্যস্ত ৷ ৰীমাৰ উৎপাতত তাইৰ লগতে মানসীৰো যথেষ্ট সোনকালেই সকলো সামৰা হৈ গ’ল৷ সৌৰভ, জুৰি আৰু মৃদুল সকলোকে চাহ বিলোৱাত ব্যস্ত৷ মানসীয়ে সিহঁতক সহায় কৰি দিলে৷ তাৰ পিছত আজৰি হৈ কিবা এটা ভাৱি তাই ওপৰলৈ আহিল ৷ দেখিলে সুমিত বাৰাণ্ডাত৷ দূৰবীণ লৈ কিবা এটা চাই আছে৷ চাই দেখিলে, মানাহৰ সিটো পাৰত ক’লাকৈ কিবা এটা ঘূৰি ফুৰিছে৷ তাইৰ উপস্থিতি গম পাই সুমিতে দূৰবীণটো তাইক দি ক’লে, “চোৱাচোন৷” বনৰীয়া ম’হ এটা৷ অলপ পৰ চাই তাই দূৰবীণ নমাই থ’লে৷ সুমিত যেন অন্যমনস্ক হৈ আছে৷ তাই লাহেকৈ সুধিলে,

“আপুনি আৰু কিমান দিন থাকিব ইয়াত?”

“ৰিচাৰ্ছৰ কাম শেষ নোহোৱালৈকে থাকিবইতো লাগিব৷ কেতিয়া শেষ হ’ব সেয়া ক’ব নোৱাৰো৷ যিমানে সোমাই গৈছোঁ মানহৰ ভিতৰলৈ সিমানে নতুন নতুন তথ্য পাইছো৷ হয়তো-হয়তো একপ্ৰকাৰ মোহ উপজিছে মানাহত৷”

কিছু সময় দুয়ো নীৰৱ৷ নীৰৱতা ভেদি সুমিতে সুধিলে,

“তোমালোকৰ যাবৰ হ’ল?’’
“ও৷ এঘন্টাৰ ভিতৰতে আমি মানাহ এৰিম৷”
“মই বিদায় জনাবলৈ নাপাম চাগৈ৷ অলপ পিছতে লতাজানলৈ কাম এটাৰ বাবে যাব লাগিব৷”

মানসীৰ অলপ সন্দেহ হ’ল৷ এয়া অজুহাত নহয়তো? তাই ক’লে,

“ঠিক আছে, মই যাওঁ তেন্তে!” মানসীয়ে দীঘল বাৰাণ্ডাখন পাৰ হৈ প্ৰথম চিৰিটোত ভৰি দিওঁতে সুমিতৰ মাত শুনিলে,

“মানসী…৷” তাই ঘুৰি চালে৷

“তুমি সুখী হোৱা, মই তাকে বিচাৰো৷” সুমিতে আবেগ কম্পিত মাতেৰে ক’লে৷ পূৰ্ণ দৃষ্টিৰে তাইকেই চাই আছিল তেওঁ৷

একেবাৰে শান্তভাৱে মানসী তললৈ নামি আহিল৷ তাই নিশ্চিত হ’ল, অনুপমৰ নিচিনাকৈ এই দৃষ্টিয়ে কেতিয়াও খেদি নুফুৰে তাইক৷ কাৰণ হৃদয়ৰ নিভৃত কোণত চিৰদিনলৈ বন্দী হৈ গ’ল আই দৃষ্টি- কেতিয়াও আমনি কৰিব নোৱাৰাকৈ৷……..

সকলো সাজু হোৱাৰ পিছত শেষ বাৰৰ বাবে বেঁকীৰ পাৰলৈ গ’ল ৰীমা আৰু মানসী৷ দুয়ো এটা প্ৰকাণ্ড শিলত বহি সৰু ঢৌৰ খেলা চাই চাই আত্মমগ্ন হৈ ৰ’ল৷ আজি পুৱা বিছনাত থাকোতেই মানসীৰ ফোন আহিছিল৷ মানাহত এইকেইদিন কোনেও নেটৱৰ্ক পোৱা নাছীল৷ খৰধৰকৈ ম’বাইলটো লৈ দেখে, ঘৰৰ ফোন৷ ৰিচিভ কৰাৰ লগে লগে মাকৰ চিন্তিত মাত ভাঁহি আহিল, “মানু, তুমি কেনে আছা? আমি বৰ চিন্তাত পৰিছিলো৷….”

মাকৰ পৰা ম’বাইলটো লৈ দেউতাকে ক’লে, “তুমি কেতিয়া আহিবা, মানু?” দুচকু ভৰি আহিছিল মানসীৰ৷ কোনোমতে তাই ক’লে,

“মই ঠিকে আছো- চিন্তা নকৰিবা৷ আজি গৈ আছো মা-আজিয়েই৷” এতিয়া নৈৰ পাৰত বহি বহি তাই মাক-দেউতাকৰ কথাকে ভাবিলে৷ প্ৰথমবাৰৰ বাবে তাইৰ মনটো ঘৰমুখী হৈ পৰিল৷ বহাৰ পৰা উঠি তাই যাবলৈ ওলাল৷ ৰীমাও থিয় হ’ল৷ কাষ চাপি আহি তাই মানসীৰ কাণত ফুচফুচাই কোৱাৰ দৰে ক’লে,

“মই আকৌ আহিম ইয়ালৈ৷”
“ময়ো৷”
“জাননে, এই নৈৰ প্ৰেমত পৰিলো মই৷”
“মই এই অৰণ্যৰ প্ৰেমত-এই গছ-লতা, চৰাই-চিৰিকটি, আকাশ-বতাহ সকলোৰে প্ৰেমত পৰিলো৷”
এইবাৰ বেছ ডাঙৰ মাতেৰে ৰীমাই ক’লে,

“প্ৰকৃততে আমি জীৱনৰ প্ৰেমত পৰিলো-একেবাৰে নতুনকৈ ৷”

এনাজৰী

আৱেগ আৰু যুক্তিৰ ঠিক কোনটোৱে মানুহৰ জীৱনত অধিক প্ৰভাৱ বিস্তাৰ কৰে- এই প্ৰশ্নৰ হয়তো কোনো চূড়ান্ত উত্তৰ পোৱা নাযায়৷ সময়, পৰিস্থিতি তথা মানুহভেদে ইয়াৰ উত্তৰ সদায়ে ভিন্ন হ’ব৷ কিন্তু এই কথা সত্য যে সমাজৰ গৰিষ্ঠসংক্যক লোকেই ভিন্ন ক্ষেত্ৰত ভিন্ন কাৰণত কিছুমান অহৈতুকী আবেগ হৃদয়ত কঢ়িয়াই লৈ ফুৰে৷ যুক্তিয়ে ঢুকি নোপোৱা আবেগ এইবোৰ৷ এই গৰিষ্ঠসংখ্যক লোককো আকৌ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷ এচামে নিজৰ অজ্ঞাতে জীৱনৰ বাটে পথে এনে আবেগ বুটলি লয় আৰু দ্বিতীয় চাম ভাববিলাসী লোকে অহৈতুকী বুলি জানিও কিবা এক অবুজ মায়াত ডুবি বুকুত সযতনে সাঁচি থয় এনে আবেগ৷ এটা গোপন অসুখৰ দৰে এই আবেগে সময়ে-অসময়ে হৃদয়ক পীড়া দি থাকে৷ তথাপি কোনো কাৰণতে দ্বিতীয় চাম মানুহে সেই আবেগৰ দুৱাৰ বন্ধ কৰিব নোখোজে৷ সেই দুৱাৰেদি কিবা এক অমূল্য সম্পদ জীৱনৰ চ’ৰাঘৰত প্ৰৱেশ কৰিবহি বুলি অনাহক আশাত মগ্ন হৈ ৰয় তেওঁলোক৷

প্ৰাণচাঞ্চল্যৰে ভৰা এজাক কলেজীয়া ল’ৰা-ছোৱালীৰ আড্ডাত বহি থাকিও মৃণালে এইবোৰ কথাকে ভাবি আছিল৷ সি যে বহুপৰ ধৰি মৌন হৈ আছে, সেই কথাটো কাৰো দৃষ্টিত ব্যতিক্ৰম হৈ ধৰা দিয়া নাই৷ কাৰণ প্ৰত্যেকৰে এটা বদ্ধমূল ধাৰণা, মৃণাল ছিৰিয়াছ প্ৰকৃতিৰ ল’ৰা৷ পঢ়া-শুনাত ভাল ফল দেখুৱাই, শান্ত-শিষ্ট স্বভাৱেৰে ইতিমধ্যে সি অনায়াসে ভাল ল’ৰাৰ খিতাপটো অৰ্জন কৰি থৈছেই৷ গতিকে মৃণাল নামৰ তথাকথিত ভাল ল’ৰাজনে আড্ডাৰ মাজত অন্যমনস্ক হৈ থকাৰ দৰে অপকৰ্ম এটা যে কৰিছে সেয়া কোনেও লক্ষ্য কৰা নাই৷ নাই, কথাটো ঠিক এনেকৈ ক’লে অলপ ভুল হ’ব৷ তাৰ পৰা তিনিজন আড্ডাবাজ পাৰ হৈ ল’ৰাবোৰে ‘দুখী আত্মা’ বুলি জোকোৱা প্ৰণামীয়ে তাইৰ স্বভাৱসিদ্ধ দুখী দুখী ভাব এটা চকুৱে-মুখে ফুটাই লৈ বহি আছে৷ তাইৰ কাষতে সেইজনী শ্ৰুতি৷ অঞ্জনৰ সঁচা-মিছাৰ নিৰ্দিষ্ট অনুপাতৰ মিশ্ৰণেৰে সৃষ্টি কৰা ৰসাল কাহিনীবোৰ শুনি সকলোৰে লগতে তায়ো হাঁহিছে৷ এইজনী শ্ৰুতিয়েই আড্ডাৰ কথা আৰু হাঁহিৰ মাজে মাজে সন্তপৰ্ণে মৃণাললৈ দৃষ্টি নিক্ষেপ কৰিছে৷ দুৱাৰমান মৃণালৰ চকুৱে চকুৱে পৰাত এনেভাৱে দৃষ্টি আঁতৰাই নিছে যেন চাওঁ বুলি তাই চোৱাই নাছিল, এনেয়েহে পৰি গ’ল৷ শ্ৰুতিৰ এই দৃষ্টি, এই দৃষ্টিৰ আঁৰত হৃদয়ত থকা অহৈতুকী অনুভৱক কেন্দ্ৰ কৰিয়েই মৃণালে আৱেগ আৰু যুক্তিৰ দৰ্শন মেলিছে৷

মৃণালে যে তাইক ঠিকেই ধৰা পেলাইছে আৰু তাকে লৈ কিছু চিন্তিতও হৈ পৰিছৈ, সেয়া শ্ৰুতিয়ে ধৰিব পৰা নাই৷ শ্ৰুতিৰ এই প্ৰথমচাম মানুহৰ আৱেগতকৈ মৃণাল যে নিজৰ দ্বিতীয় চাম মানুহৰ আৱেগক লৈ অধিক চিন্তিত হৈ পৰিছে, সেই কথাও তাই জানিব পৰা নাই৷ জনাৰ কথাও নহয়৷

মৃণালৰ হঠাতে পৰিৱেশটো ভাল নলগাও হৈ পৰিল৷ প্ৰায় একেসময়তে তাৰ মনত পৰিল, “পাৰ যদি সোনকালে ঘৰলৈ আহিবিচোন’’ বুলি মাকে কোৱা কথাষাৰ৷ সি যাবলৈ ওলাল৷ এইবাৰ কিন্তু কথাটো সকলোৰে চকুত পৰিল৷

“এতিয়াও ঘৰলৈ যাৱনে?” “কি কৰিবিনো এতিয়াই গৈ?” জাতীয় কেইবাটাও প্ৰশ্নৰ উত্তৰ-“কাম আছে” বুলি একেষাৰতে দি সি নৰ’লেই৷ শ্ৰুতিৰ দৃষ্টিকো একপ্ৰকাৰ আওকাণ কৰিয়েই মৃণাল শ্ৰেণীকোঠাৰ পৰা ওলাই আহিল৷

নিজম দুপৰীয়া জনশূন্য বাটটোৰে মৃণালে খোজ দিলে ঘৰলৈ বুলি৷ এনে নিজম দুপৰীয়া অকলশৰে খোজ কঢ়াৰ এক সুকীয়া মাদকতা আছে বুলি সি সদায়ে অনুভৱ কৰে৷ সঁচাই, নিজকে একেবাৰে কাষত পাবলৈ, নিজেই নিজৰ সংগ উপভোগ কৰিবলৈ সহজলভ্য আৰু বঢ়িয়া উপায়বোৰৰ এইটোও এটা-মৃণালে ভাৱিলে৷

শ্ৰুতিৰ মুখখন তাৰ মনলৈ আহিল৷ কিন্তু মাত্ৰ দুটা মুহূৰ্তৰ বাবে৷ খন্তেকতে সেই মুখখন ধুঁৱলী-কুঁৱলী হৈ গৈ তাৰ ঠাইত ভাঁহি উঠিল অন্য এখন মুখ, সেইখন মুখ কাবেৰীৰ৷ কাবেৰী, অহৈতুকী বুলি জানিও বুকুত সংগোপনে লালন কৰা এক আৱেগ, যাৰ বাবে মৃণালে নিজকে দ্বিতীয় চাম মানুহৰ অন্তৰ্ভুক্ত বুলি ভাৱে৷ কাৱেৰী মৃণালৰ শৈশৱৰ লগৰী৷ তাৰ শৈশৱ আৰু কৈশোৰৰ দোমোজাত , দুটামান স্বপ্নময় দিনত, যি সপোনৰ দৰে আহি নোহোৱা হৈ গ’ল৷ অথচ মৃণাল আকোঁৰগোজ, সেই সপোনকে সাবটি ধৰি আছে৷ সেই সপোণকে কেন্দ্ৰ কৰি অন্য হাজাৰটা সপোন ৰচিছে৷ 

মৃণালৰ এতিয়াও খুউব ভালকৈ মনত আছে৷ সঘনে ট্ৰেন্সফাৰ হোৱা দেউতাকৰ চাকৰিটোৰ বাবে সিঁহতে প্ৰায়েই ঠাই সলাই দিহিঙে-দিপাঙে ঘুৰি ফুৰিব লগীয়া হৈছিল৷ ভাৰাঘৰে ভাৰাঘৰে ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা জীৱনটোক অলপ সকাহ দি সেইবাৰ দেউতাকৰ ট্ৰেন্সফাৰ হৈছিল নিজৰ জন্মস্থান নাহৰণিলৈ৷ মৃণাল সেই সময়ত দহ বছৰীয়া কিশোৰ৷ চহৰৰ অকলশৰীয়া জীৱনৰ পৰা আহি গাঁৱৰ মধুৰ পৰিবেশত ককাক-আইতাক, খুড়াক-পেহীয়েকেৰে ভৰা ঘৰ এখন আৰু সমনীয়া ল’ৰা-ছোৱালীৰ বৃহৎ দল এটা পাই ভীষণ সুখী হৈ উঠিছিল৷ কম দিনৰ ভিতৰতে সি সকলোৰে সৈতে সহজ হৈ পৰিল৷ ধলপুৱাতে শুই উঠি পদ্ম ককাকৰ ভৰপুৰ বাৰীখনৰ পৰা বতৰৰ ফল চুৰ কৰিব পৰাকৈ পাৰ্গত হৈ উঠিল সি! চিলা উৰোৱা, বৰশী বোৱা, নৈত সাঁতোৰা, চাপৰিত গৰুখিচ, চেচুক, ইকৰা-পানী বিচাৰি গোটাইখন পিতপিতাই ফুৰা- কি যে কৰা নাছিল সিহঁতে! সঁচাই বৰ ৰঙীন আৰু মুক্ত জীৱন আছিল সেয়া!............ 

কিন্তু এই সকলোৰে মাজত কাবেৰী কিছু ভিন্ন আছিল৷ চুৰ কৰা ফল-মূলৰ পৰাও দুটামান সদায়ে তাই মৃণাললৈ একাষৰীয়াকৈ থৈ দিছিল৷ ঘৰত কিবা এটা ভাল বস্তু দিলেও তাই তালৈ লৈ আনিছিল৷ আনকি মৃণালৰ প্ৰতিটো কথাও তাই নিৰ্বিবাদে মানি লৈছিল৷ কিয়? এই প্ৰশ্নটোৱে সেই সময়ত সেই বয়সত মৃণালক এবাৰো আমনি নকৰিলে৷ তাইৰ সৰল আন্তৰিকতাক তেতিয়া সদায়ে সি স্বাৰ্থপৰৰ দৰে ব্যৱহাৰ কৰিলে৷ অথচ, তাই নোহোৱা হৈ যোৱাৰ পাছত এই সাধাৰণ কথাবোৰেই স্বকীয় অৰ্থ লৈ তাৰ মনৰ পদূলিত অগা-ডেৱা কৰিবলৈ ল’লে৷ মৃণালৰ হৃদয়ত কাবেৰীৰ এক মৃন্ময় মূৰ্তি প্ৰতিষ্ঠা হ’ল আৰু এক অনন্য অনুভৱৰ জোৱাৰে সেই মূৰ্তিৰ চৰণ ধুৱাই থাকিল৷ এই সকলো ক্ৰিয়া-প্ৰতিক্ৰিয়া সেইজনী কাবেৰীক লৈয়ে ঘটি থাকিল, যাক লগ পোৱাৰ পাছত দহটা বছৰ বাগৰি গ’ল৷ 

দহবছৰ পূৰ্বে সেই ৰঙীন দিনবোৰৰ কোনোবা এটা নিৰ্মল স্বাভাৱিক দিনে সিহঁতৰ জীৱনত পদাৰ্পণ কৰিলেহি অস্বাভাৱিকতাৰ বতৰা লৈ৷ সেইদিনা ককাকৰ সম্পত্তিৰ ভাগ-বটোৱাৰা কৰাৰ প্ৰশ্ন তুলিছিল খুড়াকে৷ ককাকে লাহে-ধীৰে কৰাৰ কথা কওঁতে খুড়াক অধৈৰ্য্য হৈ পৰিছিল৷ মৃণালৰ দেউতাকে ঘাই ঘৰলৈ আহি লৈ সমস্ত সম্পত্তি দখল কৰাৰ আঁচনি কৰিছে বুলিও খুড়াকে অভিযোগ কৰিছিল৷ মৃণালে আজিও বুজিব নোৱাৰিলে ইমান মৰমিয়ালে খুড়াকৰ মনত এইবোৰ ধাৰণা কেনেকৈ সোমাল৷ হয়তো কাৰোৱাৰ প্ৰৰোচনাত পৰি খুড়াকৰ মনত এইবোৰ ধাৰণা কেনেকৈ সোমাল৷ হয়তো কাৰোৱাৰ প্ৰৰোচনাত পৰি খুড়াকৰ মতিভ্ৰম হৈছিল৷ ইতিমধ্যে মৃণালৰ দেউতাকৰ ব্যক্তিত্বৰ সৈতে এক অদ্ভুত জেদী মনোভাৱ সাঙোৰ খাই পৰিছিল৷ খুড়াকৰ অভিযোগে তেওঁৰ আত্মসন্মানত কুঠাৰঘাত কৰিছিল৷ সিদিনাই ঘৰৰ সকলোৰে সন্মুখত দেউতাকে সিদ্ধান্ত লৈছিল-সেই ঘৰ, সেই সম্পত্তি সকলো ত্যাগ কৰিব তেওঁ৷ 

চৰম অৰ্থত নিতান্তই মূল্যহীন পাৰ্থিৱ সম্পত্তিয়ে সুখী ঘৰ এখনত আপোনত্বৰ বান্ধোন তুচ্ছ কৰি তুলিছিল৷ কাৰো কোনো ধৰণৰ আপত্তি নৰজিল দেউতাকৰ সিদ্ধান্তৰ আগত৷ এদিন পাছতেই মা-দেউতাকৰ সৈতে মৃণাল আৰু ভনীয়েক জুৰি চহৰলৈ গুচি আহিল৷ এৰি আহিল সেই সপোনপুৰী-আপোন বুলি ভবা মানুহবোৰ৷ আৰু কাবেৰীকো৷ নিজৰ নিজৰ দুখ, ক্ষোভ বা অন্য হিচাপ-নিকাচত ব্যস্ত হৈ থাকোতে কোনেও ভাবিবলৈ আহৰিয়ে নাপালে মৃণালৰ অকণমান পৃথিৱীখনত কিমান ঠাই শূন্যতাই বেদখল কৰি ললেহি৷……
গেটখন খুলিয়েই বাৰাণ্ডাত মাকক দেখি মৃণালে বুজিলে যে মাকে তাৰ বাবেই অপেক্ষা কৰি আছিল৷ তাক দেখি আগবাঢ়ি আহি মাকে ক’লে, 

“আহিলি তই! পলম কৰা বাবে চিন্তাতে পৰিছিলোঁ৷” 

“কিয়, কি হ’লনো?” 

এইবাৰ তাৰ আৰু অলপ কাষ চাপি আহি মাকে ক’লে, 
“পুৱাতে ককাৰৰ অসুখ বুলি খৱৰ আহিছিল আজি৷ বাথৰুমত পিছলি পৰিল হেনো৷” 

মৃণালে আচৰিত হৈ সুধিলে, “ককাৰ অসুখ! মোক পুৱাতে কোৱা নাছিলা কিয়?” 

“কোৱাৰ সুযোগেই নাপালো দেখোন! দেউতাৰ ঘৰতে নাছিল জানো? 

হয়, মাকে ঠিকেই কৈছে৷ এই দহটা বছৰে সেইখন ঘৰৰ সৈতে শিঁহতৰ একো যোগাযোগ নাই৷ আনকি দেউতাকৰ উপস্থিতিত সিহঁতৰ ঘৰত এই সম্পৰ্কীয় কথা উলিওৱাতে অঘোষিত নিষেধাজ্ঞা৷ মৃণালৰ বেদনাৰ্ত মুখখন দেখি মাকো যেন আবেগিক হৈ পৰিল৷ কিন্তু পাছমুহূৰ্ততে নিজকে নিয়ন্ত্ৰণ কৰি আকৌ ক’লে- 

“দেউতাৰে অফিচৰ পৰা টিফিন খাবলৈ আহি ঘৰতে আছেহি৷ একো খোৱাও নাই৷ অথনিৰে পৰা নিজৰ কোঠাত পায়চাৰি কৰি আছে৷ জুৰিক স্কুলৰ পৰা আনিবলৈকো যোৱা নাই৷ কওঁনো কেনেকৈ? যাচোন, তয়ে লৈ আনগৈ৷ 

পাঁচ মিনিটৰ ভিতৰতে গাড়ীখন লৈ মৃণাল ঘৰৰ পৰা ওলাল৷ জুৰিৰ স্কুল কিছু দুৰত৷ গাড়ী চলাই গৈ থাকোতে দেউতাকৰ ওপৰত তাৰ খংটো বাঢ়ি গৈ থাকিল৷ কি অদ্ভুত জেদ দেউতাকৰ! অত বছৰে সেই জেদতে একো খৱৰ নকৰাকৈ পাৰ কৰি দিলে৷ তিনিবছৰৰ আগতে ক’ৰবাৰ পৰা পেহীয়েকৰ বিয়াৰ খৱৰ শুনিও দেউতাকৰ সিদ্ধান্ত সলনি নহ’ল৷ সেইখন ঘৰৰ কাৰোৱেই সিহঁতৰ খৱৰ এটা ল’বলৈ আহৰি নোলালনে! মৃণাল আচৰিত হ’ল৷

আৰু কাবেৰী? কাবেৰীৰ কোনো খৱৰেই নাপালে সি৷ দেউতাকৰ প্ৰতি থকা শ্ৰদ্ধামিহলি ভয়ৰ বাবে মৃণালে একো পদক্ষেপেই লোৱাৰ সাহস গোটাব নোৱাৰিলো৷ অথচ কাবেৰী তাৰ বাবে কেৱল শৈশৱৰ লগৰীয়ে নাছিল৷ তাৰ হৃদয়ৰ কোনোবা এক নিভৃত কোণ তাই নিগাজিকৈ দখল কৰি লৈছিলল বহুতো নিশা স্বপ্ন ৰাজ্যৰ মধুৰ আৱেশত সেই কোণটো বাৰে বাৰে উদ্ভাসিত হ’ল৷ একেটা সপোনৰ পিছে পিছে প্ৰতিনিশা মৃণালে ঢপলিয়াই ফুৰিলে আৰু ক’ৰবাত উজুটি খাই সাৰ পাই যোৱাৰ পিছত শেষ নিশাবোৰ টোপনিহীনতাৰে ভাৰাক্ৰান্ত হ’ল৷ ইয়াতকৈ বেছি একো কৰিব নোৱাৰিলে মৃণালে৷ 

জুৰিক লৈ ঘৰলৈ উভতোতে কোনো প্ৰসংগ ননাকৈ মৃণালে সুধিলে- 
“ জুৰি, ককাৰ যে অসুখ গম পাৱনে?” 

“কি? নাহৰণিৰ ককা? সেই যে ফটোত দেখা চছমা পিন্ধা মানুহজন?” 

মৃণালৰ মনটোৱে হাহাকাৰ কৰি উঠিল৷ নিজকে সন্তনা দি সি ভাৱিলে, জুৰিক দোষ দিয়াৰটো একো যুক্তি নাই৷ তাৰ পৰা আহোঁতে তাইৰ আঢ়ৈ বছৰ বয়স৷ মৃণালল বহুপৰ নীৰৱে থকা দেখি জুৰিয়ে আকৌ সুধিলে- 

“দাদা, অসুখ বেছি নেকি?” 
“ও”৷ 

মৃণালৰ মাতত ফুটি উঠা হাহাঁকাৰ খিনি জুৰিয়ে ধৰিব নোৱাৰিলে৷ এনেতে শান্তনুক দেখা পাই সিহঁতৰ কথা-বতৰা বন্ধ হ’ল৷ মৃণালে গাড়ী ৰখালে৷ শান্তনুৱে তাক দেখি উৎসাহেৰে ক’লে- 

“আৰে তই! আজি কি হ’ল তোৰ, ইমান সোনকালে গুচি আহিলি যে কলেজৰ পৰা? মই তোক লগ কৰিবলৈ গৈছিলোঁ৷” 

“গাড়ীত উঠচোন৷ কথা আছে৷- মৃণালে শান্তভাৱে ক’লে৷ 

শান্তনুৱে কিবা এটা বুজিলে৷ নীৰৱে সি গাড়ীত উঠিল৷ জুৰিক ঘৰত থৈ দুয়ো ওলাই আহিল৷ শান্তনু মৃণালৰ ঘনিষ্ঠ বন্ধুবোৰৰ অন্যতম৷ কোনো সংকোচ নকৰাকৈ বহুত কথাই কৈ দিব পাৰি তাক৷ অৱশ্যে আগৰ কথাবোৰ সি জানেই৷ কাবেৰীৰ কথা সি বহুতবাৰ শুনিছে মৃণালৰ পৰা৷ শ্ৰুতিৰ বিষয়েও পোনপ্ৰথমে এই শান্তনুৱেই মৃণালক সচেতন কৰি দিছিল৷ এতিয়া সকলোবোৰ জনাৰ পিছত কিছুপৰ চিন্তা কৰি শান্তনুৱে ক’লে, 

“এইটো সোণালী সুযোগ পাইছ তই৷ এই সুযোগটো নেৰিবি৷ বৰদেউতাই নিজৰ সম্পৰ্কক লৈ সিদ্ধান্ত লৈছে৷ তই তোৰ সম্পৰ্কক লৈ সিদ্ধান্ত ল৷ ককা-আইতা, পেহী-খুড়া, কাবেৰী- এই সকলোৰে সৈতে তোৰ জানো কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই? সেইখন ঘৰ, সেই গাওঁ তোৰ জানো নহয় মৃণাল? ইমানদিনে নীৰৱ হৈ ৰ’লি৷ এইবাৰ অন্তত: সম্পৰ্কৰ প্ৰতি তোৰ দায়িত্ব ৰক্ষা কৰ৷ ফল যিয়েই নহওক, পাছত বিবেকৰ ওচৰত কৈফিয়ৎ দিয়াৰ পৰা ইয়েই ৰক্ষা কৰিব৷ 

মৃণাল ভিতৰি ভিতৰি উত্তেজিত হ’ল৷ এনেকৈতো সি কেতিয়াও ভবাই নাছিল৷ 

“তাৰমানে তই মোক নাহৰণিলৈ যাবলৈ কৈছ?” 

উত্তেজনা চেপি সি সুধিলে- 

“অ’৷” শান্তনুৱে একেবাৰে শান্ত মাত এটাৰে ক’লে৷ 

“দেউতা? দেউতাই মোক কেতিয়াও যাবলৈ নিদিয়ে৷” 

“নিদিয়ে যদি নোকোৱাকৈ যা৷ ৰিস্ক ল’বলৈ শিক বুজিছ!”-শান্তনুৱে একেই কন্ঠস্বৰ৷ 

মৃণালৰ নিজৰ ওপৰতে সন্দেহ হ’ল৷ ইমানদিনে দেউতাকৰ আদেশেৰে চিন্তাক গঢ় দি অহা ল’ৰা সি৷ সি ইমান দুঃসাহসী হ’ব পাৰিবনে ! নাই, সি যাবই লাগিব৷ মৃণাল দৃঢ় হ’ল৷ শান্তনুৱে ঠিকেই কৈছে৷ এয়া তাৰ বাবে সম্পৰ্কৰ প্ৰতি দায়িত্ব পালন কৰাৰ সময়৷ এটা মুকলি মন লৈ মৃণাল ঘৰলৈ উভতিল৷ ঘৰখনৰ গোমা পৰিৱেশটোৱে তাৰ সিদ্ধান্তক অধিক শক্তিশালীহে কৰি তুলিলে৷ সুবিধা বুজি মাকক সি অকলশৰীয়াকৈ মাতি তাৰ সিদ্ধান্তৰ কথা ক’লে৷ মাকে প্ৰথমতে ঘোৰ আপত্তিৰ তীব্ৰতা কমি আহি নোহোৱা হৈ পৰিল৷ মাক সন্মত হ’ল-হয়তো মৃণালৰ দৃঢ়তা দেখি, হয়তো সেই ঘৰখনৰ প্ৰতি থকা হেঁপাহৰ তাড়নাত ৷

সকলো অতিক্ৰম কৰি তাৰ দুদিনৰ মূৰত মৃণাল এয়া নাহৰণিলৈ যোৱাৰ অলেখ ভাবৰ ঢৌ৷ সৰু-বৰ ঢৌবোৰে তাক তিয়াই-বুৰাই উটুৱাই উটুৱাই লৈ গ’ল অতীত নামৰ মহাসাগৰলৈ ৷ জোনাক নিশা চোতালত ঢাৰি পাৰি পাৰি ককাকৰ মুখেৰে সাধু শুনা, নামঘৰত টোপনিয়াই টোপনিয়াই ভাওনা চোৱা দিনবোৰে তাক আবেগিক কৰি পেলালে৷ বাছৰ খিৰিকীৰে কাষৰ পথাৰবোৰত সি দহবছৰীয়া মৃণালকে দৌৰি ফুৰা দেখিলে৷ কাষে কাষে সেয়া যেন কাবেৰী৷ সেয়া তাইৰ ৰঙা চিলাখন ওখ শিমলুজোপাৰ ডাল এটাত লাগি ধৰি ফাটি গৈছে৷ তাইৰ কৰুণ মুখখন দেখি মৃণাল দৌৰি আহিছে৷ বতাহত খেলি মেলি হৈ কাবেৰীৰ চকুৰ আগলৈ আহি পৰা চুলিকেইডাল আলফুলে কাণৰ কাষলৈ নি সি কৈ উঠিছে- 

“জাপৰী, আকৌ এখন চিলা বনাই দিম নহয় তোক৷” 

…..নাহৰণি, নাহৰণি৷ কণ্ডাক্টৰৰ চিঞৰত মৃণালৰ তন্ময়তা ভাঙিল৷ বাছৰ পৰা নামিয়েই সি দীঘলকৈ উশাহ এটা ল’লে, যেন প্ৰাণভাৰি টানি ল’ব খুজিলে তাৰ সপোনপুৰীৰ সুবাস৷ সি আগবাঢ়িল৷ সকলোবোৰ যেন সম্পূৰ্ণ অচিনাকি৷ কি এক বিৰাট পৰিৱৰ্তন নাহৰণিৰ৷ বাট-পথ, ঘৰ-দুৱাৰ, মানুহ সকলো অপৰিচিত৷ বিচাৰি খোচাৰি মৃণালে কোনোমতেহে সিহঁতৰ পুৰণি ঘৰখন ওলালগৈ৷ ঘৰটো একেদৰেই আছে৷ অৱশ্যে অযত্নৰ বাবে সময়ৰ আঁচোৰবোৰ স্পষ্ট হৈ পৰা যেন লাগিল মৃণালৰ৷ ঠায়ে ঠায়ে ৰঙৰ প্ৰলেপো এৰাইছে৷ চোতালত অপ্ৰয়োজনীয় গছ-বন বেছি হোৱা যেনো তাৰ ভাব হ’ল৷ 
দুৱাৰমুখত ৰৈ ভিতৰৰ কঁপনিটো যথাসম্ভৱ কমাবলৈ চেষ্টা কৰি মৃণালে মাত দিলে, “ককা!” 

কোনো সঁহাৰি নাই৷ দ্বিতীয়বাৰ অলপ ডাঙৰকৈ মাতিবলৈ লওঁতেই ভিতৰৰ পৰা বৃদ্ধা এগৰাকী ওলাই আহিল৷ পিন্ধনত কিছু মলিয়ন কপাহী মেখেলা-চাদৰ৷ মৃণালৰ মুখৰ পৰা ওলাই আহিল অনয় এক সম্বোধন৷ 
"আইতা!”- এইবাৰ তাৰ মাতটো সঁচাকৈয়ে কঁপিল৷ 

আইতাক ওচৰ চাপি আহিল৷ ভালকৈ জুখি চোৱাৰ দৰে চাই লৈ ক’লে-

“কোননো? মই চিনিব পৰা নাই দেখোন৷” 
মৃণালৰ কান্দিবৰ মন গ’ল৷ কোনোমতে সি নিজকে চম্ভালি ল’লে৷ আগবাঢ়ি আহি আইতাকৰ হাতখন খামুচি ধৰি সি ক’লে- 
“মই মৃণাল, আইতা৷ আপোনালোকৰ বাবা আকৌ৷”

আইতাক কিছুপৰ থৰ হৈ ৰ’ল ৷ তাৰ পিছত তাক সাবটি ধৰি এসোঁতা কান্দি ল’লে৷ আৰু আথে-বেথে তাক ভিতৰলৈ আগবঢ়াই নিলে৷ ককাক বিছনাত শুই আছিল৷ তেতিয়ালৈ ককাকৰ শাৰীৰিক অৱস্থা যথেষ্ট ভাল যদিও সম্পূৰ্ণ আৰোগ্য লাভ কৰাই নাই৷ মৃণালক বুকুৰ মাজত আকোঁৱালি লৈ তেওঁ খা-খৱৰ সুধিলে, ক’লে-

:ইমানদিনে সদায় ঈশ্বৰক খাটিছিলোঁ, সিফলীয়া হোৱাৰ আগতে অন্তত: এবাৰৰ বাবে হ’লেও যেন তহঁতৰ মুখকেইখন চাই যাব পাৰোঁ৷ চা বাবা, ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিলে৷…

খুড়াক-খুড়ীয়েকেও অতি উৎসাহেৰে তাৰ অভ্যৰ্থনা কৰিলে৷ অতীতৰ কালিমাৰ কোনো চিন-চাব নাছিল তেওঁলোকৰ ব্যৱহাৰত৷ বৰং খুঢ়াকে গধুৰ কন্ঠেৰে ক’লে,

:গাঁৱৰ চকুচৰহা এচামৰ কথাই মোক বিপথে পৰিচালিত কৰিছিল বাবা৷ যেতিয়া নিজৰ ভুলটো বুজি পালোঁ. তেতিয়ালৈ বহু পলম হৈ গৈছিল৷ কিমান চেষ্ঠা কৰিলো অ’ৰ ত’ৰ পৰা তহঁতৰ খৱৰ গোটাবলৈ৷ কিন্তু তহঁতৰ সেইখন বৰ ডাঙৰ ঠাই, বহু মানুহ, বহু কথা৷ সংসাৰৰ সকলো ঝামেলা মাৰি সময় উলিয়াই কোনো তথ্য নোহোৱাকৈ বিচাৰ-খোচাৰ কৰাটো সম্ভৱ নাছিল৷…সেইটো কথাটেই ককাইদেৱেনো ইমান বছৰ কেনেকৈ আঁতৰি থাকিব পাৰিলে বাবা?

মৃণাল নিৰুত্তৰ৷

বহুপৰ হেঁপাহ পলুৱাই কথা পাতি লোৱাৰ পিছত খুড়ীয়েকে ভাতৰ আয়োজন কৰিবলৈ উঠি গ’ল৷ মৃণালে ককাকৰ বিছনাতে বহি লৈ সকলোৰে খা-খৱৰবোৰ দি গ’ল৷ এনেতে তাৰ ম’বাইলত মিহি সুৰ এটা বাজি উঠিল৷ চাই দেখিলে দেউতাক৷ বাহিৰলৈ ওলাই আহি সি ফোনটো ৰিচিভ কৰিলে৷ 

: হেল্ল’ দেউতা৷ 
:বাবা, তই এনেকুৱা এটা কাম কৰিবলৈ….. 

দেউতাকৰ খঙাল কন্ঠস্বৰে মৃণালৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰিলে৷ দেউতাকক বাধা দি একেবাৰে শান্ত মাত এটাৰে সি ক’লে,- 

: দেউতা, মই যি কৰিছোঁ ভাৱি চিন্তিয়েই কৰিছোঁ৷ আপোনাক একো বুজাবলৈ নাযাওঁ, কিন্তু প্লিজ দেউতা, এনে একো সিদ্ধান্ত নল’ব যাৰ বাবে সমগ্ৰ জীৱনলৈ আপোনাৰ আক্ষেপ ৰৈ যায়৷ আৰু এটা কথা, মই ঠিক কৰিছোঁ, ককা সম্পূৰ্ণকে ভাল হৈ নুঠালৈকে ইয়াৰ পৰা ক’লৈকো নাযাওঁ৷

মৃণালে ফোন কাটি দিলে৷ দেউতাকৰ সৈতে মনত পৰাৰে পৰা আজিহে ইমান স্পষ্টতাৰে কথা পাতিলে সি৷ এতিয়া দেউতাকৰ যি ইচ্ছা তাকে কৰক৷ সি যি ভাল দেখিলে, হৃদয়ে যি উচিত বুলি ভাৱিলে সেয়া কৰিলে৷ পুনৰ ককাকৰ ওচৰলৈ উভতি আহি মৃণাল কথা পতাত ব্যস্ত হ’ল৷ অৱশ্যে দেউতাকৰ ফোন অহাৰ কথা সি নক’লে৷ 

সেইদিনা সমগ্ৰ দিনটো যে কেনেকৈ পাৰ হৈ গ’ল মৃণালে গমাই নাপালে৷ আবেলি ভাত-পানী খাই উঠি পাকঘৰত আইতাকৰ সৈতে ইটো-সিটো পাতি থাকোঁতে খুড়ীয়েক সোমাই আহি ক’লে,- 

: বাবা, সৰুতে যে তোমাৰ সৈতে একেলগে উমলি ফুৰিছিল কাবেৰী, মনত আছেনে তোমাৰ? কাবেৰী আৰু মাক আহিছে দেউতাৰ খৱৰ ল’বলৈ৷ 

কাৱেৰী!! নাহৰণিলৈ আহি পোৱাৰ পিছত এই প্ৰথমবাৰৰ বাবে মৃণালৰ মনত পৰিল কাৱেৰীলৈ৷ ইমানপৰে ককাক-আইতাক, খুড়াক-খুড়ীয়েকৰ সৈতে মান-অভিমান আৰু খা-খৱৰৰ বিনিময়ত, তেওঁলোকৰ মৰমৰ উমত অন্য একো অনুভৱ আহিবলৈ সুৰুঙাই নোহোৱা হৈ পৰিছিল৷ কিবা যেন আকস্মিক সংযোগ! যাক বিচাৰি যোৱা দহটা বছৰে স্বপ্নই দিঠকে সি ঢপলিয়াই ফুৰিলে সেই কাৱেৰী ইয়াত! হৃদয়ত উখল-মাখল লগাই দিয়া আৱেগৰ গতিক বাধা দিবলৈ আপ্ৰাণ চেষ্ঠা কৰি মৃণালে ক’লে- 

:মনত কিয় নাথাকিব খুড়ী! আছে, খুউব ভালকৈয়ে আছে৷ 
: বৰ লখিমী ছোৱালী অ’৷ এইকেইদিন সদায়ে তাই ককাৰৰ যত্ন লৈছেহি৷ 

আইতাকে কাৱেৰীৰ প্ৰশংসা কৰি আৰু কিবা কৈছিল যদিও মৃণালৰ কাণত নোসোমাল৷ ককাকৰ কোঠাটোলৈ আগবাঢ়ি যাওঁতে খোজকেইটা থৰক-বৰক হৈছিল যদিও সি গম নাপালে৷ পৰ্দাখন দাঙি খপজপকৈ সি সোমাই দিয়াত কোঠাটোত থকা তিনিওজনেই একেলগে তালৈ চাই পঠিয়ালে৷ ককাক, তাৰ ৰমা-জেঠায়েক আৰু ককাকৰ মূৰ-শিতানত বহি থকা কাৱেৰীয়ে! 

এইজনী কাৱেৰী? তাৰ কাৱেৰী? মৃণালে থৰ লাগি তাইকে চাই ৰ’ল৷ সৰু সৰু ৰঙা ফুল থকা পাটৰ মেখেলা-চাদৰ এযোৰ পিন্ধি আছিল তাই৷ লগতে খোপালৈকে টনা ওৰণিখন আৰু কপালৰ ডগমগীয়া ৰঙা বেলিটোৰে তাইক সঁচাই লখিমী বোৱাৰী যেন লাগিছিল৷ মৃণাললৈ ইমানপৰে আশ্চৰ্য্যৰ দৃষ্টিৰে চাই থকা কাৱেৰীয়ে এইবাৰ চকু তললৈ নমাই নিলে আৰু অনাৱশ্যকভাৱে ওৰণিখন ঠিকে ঠাকে আছে নে নাই তাকে এবাৰ পৰীক্ষা কৰি ল’লে৷ 

একেবাৰে ক্লান্ত মানুহৰ দৰে কাষৰ বিছনাখণত মৃণাল বহি পৰিল৷ হৃদয়ত প্ৰতিষ্ঠা কৰা মৃণ্ময় মূৰ্ত্তি চিৰদিনৰ বাবে আনৰ হৈ গৈছে এই কথাটৌ তাৰ বিশ্বাস কৰিবলৈ মন নগ’ল৷ কিন্তু সেই অবাঞ্চিত সত্যৰ জীৱন্ত প্ৰমাণ দি এই যে কাৱেৰী তাৰ সন্মুখতে সংকুচিত ভাৱে বহি আছে সেয়াটো অৱিশ্বাস কৰিব নোৱাৰি৷ ইমানদিনে যিখন নৈয়ে ফেনে-ফোটোকাৰে বাঢ়ি আহি তাৰ হৃদয়ত উখল-মাখল লগাই আছিল, সেই নৈখনে ভয়ংকৰ গতিৱে গৰাখহনীয়া আৰম্ভ কৰি দিলে৷ মৃণালে অসহায় হৈ নীৰৱে চাই ৰ’ল আৰু এটা সময়ত অনুভৱ কৰিলে তাৰ বুকুখন একেবাৰে শূন্য হৈ গৈছে৷ সকলো থান-বান হৈ খহনীয়াৰ সৈতে উটি গৈছে৷ 

কাৱেৰীৰ মাক ৰমা জেঠায়ে আদৰেৰে মৃণালক মাত লগালে৷ সি যে ইমান ওখ-ডাঙৰ হ’ল সেয়া ক’লে আৰু ঘৰৰ খৱৰ ল’লে৷ জোৰকৈ মুখত হাঁহি এটা ফুটাই সি কথাবোৰৰ উত্তৰ দি গ’ল৷ ইমানখিনিৰ পিছতো নিশ্চুপ হৈ থকা কাৱেৰীক বহুপৰৰ পিছত সোধো-নোসোধোকৈ সন্দেহেৰে মৃণালে সুধিলে- 

:কাৱেৰী, তই মোক চিনি পোৱা নাই? 
:পাইছোঁ, কিয় নাপাম! ভালনে তোমাৰ? 

সুদীৰ্ঘ দহটা বছৰৰ মূৰত এই প্ৰথম সি কাৱেৰীৰ মাত শুনিলে৷ তাইৰ সৈতে কথা পাতিলে মৃণালে৷ আৰু প্ৰথমবাৰৰ বাবে ইমান সংকুচিত হৈ ভাবি-চিন্তি, তইৰ পৰিৱৰ্তে তুমি সম্বোধনেৰে কাৱেৰীয়ে কথা ক’লে তাইৰ আগত! নাই এইজনী তাৰ কাৱেৰী নহয়৷ তাৰ স্মৃতিৰ বৰঘৰ শুৱনি কৰি ৰখা, তাৰ অনুভৱৰ আকাশত ভোটাতৰা হৈ জিলিকি ৰোৱা কাৱেৰীজনীৰ সৈতে এই কাৱেৰীৰ কি সাংঘাটিক পাৰ্থক্য৷ প্ৰথমবাৰৰ বাবে মৃণালৰ উপলব্ধি হ’ল, তাৰ হৃদয়ৰ কাৱেৰীৰ কোনো পাৰ্থিৱ অস্তিত্ব নাই৷ তাই মাথোঁ মৃণালৰ সেই অহৈতুকী আৱেগৰ জগতখনৰে বাসিন্দা৷ সেই জগতৰ পৰা ওলাই আহি বাস্তৱত ধৰা দিয়াৰ সকলো বাট বন্ধ হৈ গৈছে ইতিমধ্যে৷ 

এনেতে কোঠাৰ ভিতৰলৈ পোন্ধৰ-ষোল্ল বছৰীয়া ল’ৰা এজন সোমাই আহিল৷ কোলাত ছোৱালী এজনী, এক-ডেৰবছৰমান বয়সৰ৷ ল’ৰাজনক মৃণালে চিনি পালে৷ ৰতন, কাৱেৰীৰ ভায়েক৷ মৃণালক দেখি ৰতনে উল্লাসিত ভাৱে চিঞৰি উঠিল- 
: বাবাদা নহয়নে? 

মৃণালে হাঁহিলে পাকৈত অভিনেতাৰ দৰে৷ ইটো সিটো কথা পাতিবলৈ ধৰিলে দুয়ো৷ ছোৱালীজনীক দেখুৱাই কথা প্ৰসংগত ৰতনে ক’লে- 

: এই বৰ আমনি কৰি আছিল৷ সেয়ে বাইদেউৰ ওচৰলৈ লৈ আনিলোঁ৷ 

মৃণালে বুজিব পাৰিলে-এইজনী কাৱেৰীৰ ছোৱালী, অকণমানি কাৱেৰী! তাইক আলফুলে কোলাত লৈ মৃণালে কাৱেৰীলৈ চাই সুধিলে- 

: কি নাম? 
: ভাল নাম দূবৰি! 

নামটো মনতে উচ্চাৰণ কৰি মৃণালে ক’লে- 

: ধুনীয়া নাম! বয়স এবছৰতকৈ বেছি হ’ল, নহয়? 
: ওঁ, তিনিমাহৰ পাছত দুবছৰ পূৰ হ’ব৷ নামটো ভিনদেৱে দিয়া৷ শিক্ষক মানুহটো! গতিকে নাম দিবলৈ বিশেষ ভাবিব লগাই নহ’ল৷ মনলৈ হঠাতে আহিল আৰু ক’লে,-এইৰ নাম দূবৰি হ’ব৷ বচ হৈ গ’ল৷….. 

ৰতনে ভিনিয়েকৰ কথা আৰু কিবাকিবি ক’লে প্ৰশংসাসূচক ভাৱে৷ মৃণালে নীৰৱে শুনি গ’ল৷ কাৱেৰীলৈ চাই দেখিলে, তাই আৰু বেছি সংকোচবোধ কৰিছে৷ গালখন অকণমান ৰঙাও পৰিছে৷ তাইৰ মুখত চকামকাকৈ পৰা তৃপ্তিৰ ৰহণকণো মৃণালৰ দৃষ্টিৰ পৰা সাৰি নগ’ল৷ কিছুপৰ তেনেকৈয়ে কথা পতাৰ পাছত দূবৰিয়ে বেছিকৈ আমনি কৰিবলৈ ধৰাত সিহঁত যাবলৈ উঠিল৷ সিহঁতক আগুৱাই দিওঁতে মৃণালে হঠাতে কৈ পেলালে- 
: তোৰ মানুহজনক নেদেখিলোৱে নহয় কাৱেৰী! 

আগে আগে দূবৰিক লৈ গৈ থকা কাৱেৰীয়ে ঘুৰি চালে৷ সেই একে লাজৰ আভা-চকামকা তৃপ্তিৰ ৰহণকণ আৰু শেষত প্ৰশান্তিময় হাঁহিটোৰে তাই ক’লে- 
: দেখিবা নহয়! দুদিন পাছতে মোক আৰু দূবৰিক নিবলৈ আহিব তেওঁ৷ 

সিহঁত গ’লগৈ৷ শূন্য বাটটোলৈ চাই চাই মৃণালে ভাৱিলে, হওক পৰিপূৰ্ণভাৱে সুখী হওক তাই৷ শুভকামনাৰ বাহিৰে তাইক দিবলৈতো একোৱেই নাই তাৰ৷ 

পাছদিনা পুৱাতে গোটেই ঘৰখনত আনন্দৰ জোৱাৰ উঠিল৷ মৃণালৰ মাক-দেউতাক আৰু জুৰি পালেহি৷ মৃণালক আশ্চৰ্য্যান্বিত কৰি লগত আহিল অঞ্জন, শ্ৰুতি আৰু শান্তনু৷ মৃণালে ক’লে, 
: তহঁত আহিলি যে! 
শান্তনুৱে কিবা এটা ক’বলৈ মুখ মেলোঁতেই অঞ্জনে টপৰাই ক’লে- 

: তই ইয়ালৈ একেবাৰে গুচি আহিলি বুলি শুনি আমি তোক শেষ বিদায় জনাবলৈহে আহিলোঁ৷ 

মৃণালৰ দেউতাকৰ দৰে গহিন-গম্ভীৰ মানুহজনেও হা: হা: কৈ হাঁহি উঠিল অঞ্জনৰ কথাত৷ সকলোৰে লগত হাঁহিব নোৱাৰিলে মাথোঁ মৃণালে৷ মান-অভিমানৰ দীঘলীয়া প্ৰক্ৰিয়াৰ শেষত ঘৰখনৰ গধুৰ বতাহজাক ওলাই গৈছিল৷ দেউতাকে ককাকক চহৰলৈ নি ভালকৈ চিকিৎসা কৰাৰ প্ৰস্তাৱ দিছিল, সকলোৱে নিৰ্বিবাদে মানি লৈছিল৷ মাক আৰু খুড়ীয়েকে পাকঘৰত যা-যোগাৰ আৰম্ভ কৰিলেগৈ, সকলোৱে মিলি ভালকৈ এসাঁজ খাবৰ মনেৰে! 

আবেলি সদায় অহাৰ দৰে কাবেৰী আকৌ আহিল৷ ককাকৰ হাত-ভৰিবোৰ মালিচ কৰি দিলে, গৰমপানী কৰি দৰৱ খুৱাই দিলে৷ সেই শৈশৱৰে পৰা তাই ককাকৰ বৰ মৰমৰ আছিল৷ সেই মৰমৰ সঠিক মূল্য ৰাখিবলৈ তাই যেন যত্নপৰ হ’ল৷ শান্তনু, শ্ৰুতি আৰু অঞ্জনে ইতিমধ্যে সকলো জানি পেলাইছিল৷ কাৱেৰী আৰু দূবৰিৰ সৈতে সিহঁতক চিনাকি কৰি দি মৃণাল বাহিৰলৈ ওলাই আহিল৷ 

দীঘল পদূলিটোৰ একেবাৰে মূৰত ৰৈ নঙলাডালত ভেঁজা দি সি দূৰণিলৈ চাই থাকিল৷ পশ্চিম আকাশত চতুৰ্দিশ ৰাঙলী কৰি ডুবিবলৈ ধৰা সূৰ্যৰ দৰে তাৰ মনটোও ভাবৰ আকাশত ডুব গ’ল৷ বহুপৰ তেনেকৈ কটোৱাৰ পাছত এটা সময়ত কান্ধত এখন চেঁচা কোমল হাতৰ স্পৰ্শ সি অনুভৱ কৰিলে৷ মৃণালে ঘূৰি চালে৷ সেইখন হাত কাৱেৰীৰ নাছিল, আছিল শ্ৰুতিৰ৷ মৃণালৰ দৰে তাইৰ সাঁচতীয়া আৱেগখিনি তেতিয়ালৈ অহৈতুকী হৈ ৰোৱা নাছিল৷ সেই আৱেগে পৰিপূৰ্ণতাৰ ৰূপেৰে উদ্ভাসিত হ’বলৈ এটা শক্তিশালী যুক্তি বিচাৰি পোৱা যেন লাগিছিল৷