Tuesday 31 October 2017

আংশিকভাৱে ধ্বংসপ্ৰাপ্ত বৰ্ষাৰণ্যৰ জৈব-বৈচিত্ৰ্য সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা আৱিষ্কাৰ

শেহতীয়া এক গৱেষণাই দেখুৱাইছে যে কিছু পৰিমাণে গছ কাটি পেলোৱাৰ বাবে আংশিকভাৱে  ক্ষতিগ্ৰস্ত  হোৱা (logged) অৰণ্যও জৈব বৈচিত্ৰ্যৰ বাবে অন্য যিকোনো অটব্য বৰ্ষাৰণ্যৰ সমানেই গুৰুত্বপূৰ্ণ৷ ইংলেণ্ডৰ শ্বেফিল্ড আৰু য়ৰ্ক বিশ্ববিদ্যালয়ৰ গৱেষক দলটোৱে দক্ষিণ-পূব এছিয়াৰ বৰ্ণিঅ’ দ্বীপৰ বৰ্ষাৰণ্যত  প্ৰাণীয়ে জলবায়ু পৰিৱৰ্ত্তনৰ লগত কেনেকৈ নিজকে খাপ খুৱায় আৰু ইহঁতে বাস কৰা অৰণ্যসমূহে কেনেদৰে এই অভিবৰ্ত্তনত সহায় কৰে সেই সম্পৰ্কে অধ্যয়ন কৰিছিল ৷ 
বৰ্ণিঅ’ দ্বীপৰ বৰ্ষাৰণ্য, ফটো-ৰেবেকা ছিনিঅ’ৰ (মূল গৱেষক)


মানুহৰ দৰেই প্ৰাণীয়েও পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ সৈতে নিজকে খাপ খুৱাই ল’বলৈ যত্ন কৰে৷ গৰম কোঠা এটাত সোমাই থাকিব লগা হ’লে আমি যেনেদৰে খোলা খিৰিকী এখনৰ কাষত থিয় দিওঁগৈ, ঠিক তেনেদৰেই কণমান ভেকুলী এটা বা পোক-পতংগ এবিধে গোলকীয় উষ্ণতা বৃদ্ধিৰ মাত্ৰা অনুভৱ কৰিলে নিজৰ চাৰিওদিশৰ অকণমানি পৃথিৱীখনতে শীতল ঠাই অলপ বিচাৰি আশ্ৰয় লয়গৈ৷ অৰণ্যৰ কোনো জুৰিৰ পাৰৰ সেমেকা জোপোহা, গছৰ খোৰোং, গছৰ সৰা পাতৰ দ’ম, পঁচা গছ আদিবোৰে এনে ক্ষুদ্ৰ-আশ্ৰয়স্থলী (cool refuge) ৰ কাম কৰে৷
বৰ্ষাৰণ্যৰ উষ্ণতা মাপক চিত্ৰ, ফটো-ৰেবেকা ছিনিঅ’ৰ

গৱেষকৰ দলটোৱে বৰ্ণিঅ’ দ্বীপত প্ৰায় এটা দশক পূৰ্বে কুন্দা কটা ব্যৱসায়ৰৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা এনে অৰণ্যত ক্ষুদ্ৰ উভচৰ আৰু সৰীসৃপ প্ৰাণীবোৰৰ বাবে আশ্ৰয়স্থলীসমূহ উপলভ্য হয় নে নহয় সেয়া পৰীক্ষা কৰে৷ লগতে অত্যাধুনিক প্ৰযুক্তিৰ উষ্ণতা নিৰূপক কেমেৰা (thermal camera)ৰে ক্ষতিগ্ৰস্ত অৰণ্যৰ ভিতৰৰ উষ্ণতাৰ সৈতে কোনো ধৰণৰ প্ৰতিকূল প্ৰভাৱ নপৰা কাষৰীয়া অটব্য অৰণ্যৰ উষ্ণতা তুলনা কৰি চায়৷ তেওঁলোকে আৱিস্কাৰ কৰে যে দুয়ো ক্ষেত্ৰতে আংশিকভাৱে ক্ষতিগ্ৰস্ত এখন অৰণ্যৰ কাষৰীয়া ঘন অৰণ্য এখনৰ সৈতে বিশেষ পাৰ্থক্য নাই৷ এনে অৰণ্যসমূহৰ বিভিন্ন ক্ষুদ্ৰ-আশ্ৰয়স্থলী (cool refuge) বোৰৰ উষ্ণতা কাষৰীয়া ঘন অৰণ্যৰ সৈতে একে৷

গছৰ কুন্দা কটা (logging)ৰ দ্বাৰা পৃথিৱীৰ প্ৰায় ২০% ক্ৰান্তীয় বৰ্ষাৰণ্য ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে৷ এনে আংশিকভাৱে ধ্বংসপ্ৰাপ্ত অৰণ্যসমূহত বহুতো বিৰল প্ৰজাতিৰ জীৱ-জন্তু বাস কৰি আহিছে৷ কিন্তু ইতিমধ্যেই ধ্বংসপ্ৰাপ্ত হোৱাৰ  বাবেই এনে অৰণ্যসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰাধান্য দিয়া নহয়-ফলত কালক্ৰমত প্ৰায়ভাগেই কৃষিভূমিলৈ পৰিণত হয়৷ এই গৱেষণাই পৃথিৱীৰ বিভিন্ন অঞ্চলত বিয়পি থকা এনে বহুতো অৰণ্য পুণৰুদ্ধাৰ কৰিব পাৰিলে যে পুনৰ জৈব বৈচিত্ৰ্যৰ বাবে এক গুৰুত্বপূৰ্ণ আশ্ৰয়স্থলী হৈ পৰিব তাকে প্ৰমাণ কৰিছে৷

বৰ্ণিঅ’ৰ শিঙাল ভেকুলী (Bornean Horned Frog), ফটো-ৰেবেকা ছিনিঅ’ৰ

Thursday 12 October 2017

পৰিপুষ্টিৰ সম্পুৰক (Nutritional supplement) বোৰ কিমানদূৰ ফলপ্ৰসূ?

শৰীৰৰ সামগ্ৰিক পুষ্টিৰ বাবে বহুসময়ত আমি কিছুমান পুষ্টি সম্পুৰক (Nutritional supplement) খাওঁ৷ এনে প্ৰায়বোৰ সম্পুৰকে শৰীৰক দৰকাৰী পুষ্টি যোগায় যদিও এইক্ষেত্ৰত সাবধানতা অৱলম্বন কৰাৰ প্ৰয়োজন৷ শেহতীয়াকৈ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ এটা গৱেষণাই দেখুৱাইছে যে ক্ৰীড়াবিদ সকলৰ মাজত জনপ্ৰিয়তা লাভ কৰা কিট’ন ছল্ট নামৰ সম্বিপুৰকবিধে শৰীৰৰ পুষ্টি সাধন কৰাৰ সলনি তীব্ৰ-প্ৰাবল্যৰ ব্যায়াম (High-intensity exercise) ৰ সময়ত বাধাহে জন্মাব পাৰে৷


আমাৰ দেহৰ মূল শক্তিৰ উৎস হ’ল খাদ্যৰ পৰা লাভ কৰা গ্লুক’জ৷ উপবাসে থাকিলে এই উৎস নোহোৱা হৈ পৰাৰ ফলত শৰীৰে তাৰ সলনি স্নেহ পদাৰ্থ (fat) ৰ পৰা শক্তি উৎপাদন কৰিবলৈ আৰম্ভ কৰে৷ স্নেহ পদাৰ্থৰ বিপাক ক্ৰিয়াত কিট’ন নামৰ কণাবোৰ উৎপন্ন হয়৷ কিট’ন ছল্ট সম্পুৰকে কৃত্ৰিমভাৱে তেজত কিট’নৰ পৰিমাণ বৃদ্ধি কৰি শৰীৰত এই একেধৰণৰ অৱস্থা সৃষ্টি কৰে৷ গৱেষণাটোত প্ৰকাশ পোৱা মতে, স্নেহ পদাৰ্থৰ পৰা শক্তি আহৰণ কৰাটো এটা জটিল প্ৰক্ৰিয়া ৷ গতিকে গ্লুক’জৰ পৰা সহজতে আৰু কম সময়তে যিকোনো কামত প্ৰয়োজন হোৱা শক্তি আহৰণ কৰাৰ দৰে ই খৰতকীয়া নহয়৷

তাতে তেজত কিট’নৰ পৰিমাণ বৃদ্ধি পালে গ্লাইক’জেন (সঞ্চিত গ্লু’কজ) ৰ ব্যৱহাৰত বাধা আহি পৰে৷ ফলত তীব্ৰ প্ৰাবল্যৰ যিকোনো ক্ৰীড়াৰ  সময়তো স্নেহ পদাৰ্থৰ বিপাক ঘটাই শক্তি আহৰণ কৰাৰ লেহেমীয়া প্ৰক্ৰিয়া চলি থাকে৷ ইয়াৰ ফলস্বৰূপে প্ৰয়োজনীয় তাৎক্ষণিক শক্তি নোপোৱাৰ বাবে ক্ৰীড়াবিদ সক্ষমতাও কমি যাব পাৰে৷

গৱেষণাটোত একেধৰণৰ শাৰীৰিক সক্ষমতা আৰু শৰীৰ-ভৰ অনুপাত  (body mass indice) বিশিষ্ট দহজন ব্যক্তিক পৰীক্ষাৰ বাবে বাচনি কৰা হয়৷ নিৰ্দিষ্ট সময় উপবাসে থাকিবলৈ দি তেওঁলোকক ভিন্নদিনত কিট’ন ছল্ট আৰু প্লেচিব’ (placebo, শৰীৰত কোনো প্ৰভাৱ নপৰা কেৱল পৰীক্ষাৰ বাবে দিয়া দ্ৰব্য) খাবলৈ দিয়া হয়৷ দুয়োটা দলৰ বাচনি যাদৃচ্ছিক প্ৰক্ৰিয়াৰে কৰা হয় যাতে পৰীক্ষাটোৰ ফলাফলত পক্ষপাতিত্ব নাথাকে আৰু অংশগ্ৰহণকাৰীসকলক কিটন ছল্ট বা প্লেচিব’ কোনবিধ খাবলৈ দিছে সেইসম্পৰ্কে জানিবলৈ দিয়া নহয় ৷ সকলোকে ইয়াৰ পিছত নিৰ্দিষ্ট সময়ৰ বাবে চাইক্লিং কৰিবলৈ দি শৰীৰ পৰীক্ষা কৰা হ’ল৷ এই পৰীক্ষাত ধৰা পৰিল যে কিট’ন ছল্ট খোৱাৰ দিনা অংশগ্ৰহণকাৰীৰ শক্তি প্লেচিব’ খোৱাৰ দিনাতকৈ প্ৰায় সাত শতাংশ কম আছিল৷

গতিকে শৰীৰ কৰ্মোদ্যম বৃদ্ধি কৰাৰ উদেশ্যেৰে বজাৰত উপলব্ধ কৰা এই ছাপ্লিমেন্ট সমূহে বিপৰীত প্ৰভাৱহে পেলোৱা বুলি গৱেষণাটোত প্ৰকাশ পাইছে৷ তাৰোপৰি শৰীৰত কিট’নৰ পৰিমাণ কৃত্ৰিমভাৱে বৃদ্ধি কৰাৰ অন্য প্ৰক্ৰিয়াৰ ওপৰত কেনে প্ৰভাৱ পৰে সেই সম্পৰ্কে বিজ্ঞানীসকল এতিয়াও অজ্ঞাত৷ গতিকে প্ৰকৃত বৈজ্ঞানিক ভিত্তিসমূহ পৰীক্ষা নকৰাকৈ ক্ৰীক্ষাবিদ সকলে যিকোনো সম্পুৰক ব্যৱহাৰ কৰাৰ পৰা বিৰত থকা উচিত৷

Tuesday 10 October 2017

জনসাধাৰণৰ সমুহীয়া তথ্যই পোহৰলৈ আনিলে আই ইউ চি এনৰ ৰঙা তালিকাৰ বিসংগতি

পৃথিৱীত চিনাক্ত হোৱা সকলো জীৱ-জন্তু, চৰাই চিৰিকটিৰে সাম্প্ৰতিক অৱস্থা মূল্যাংকণ কৰে আই ইউ চি এন (International Union for Conservation of Nature's (IUCN) নামৰ এটা আন্তৰ্জাতিক সংস্থাই৷ এই মূল্যাংকণত সংকটাপন্ন বুলি পোহৰলৈ অহা প্ৰজাতিসমূহ সংস্থাটোৱে বিভিন্ন শ্ৰেণীৰ তালিকাভুক্ত কৰে৷ তালিকাখনক কোৱা হয় আই ইউ চি এনৰ ৰঙা তালিকা (IUCN Red List)৷ প্ৰত্যেক প্ৰজাতিৰ বাবে এই শ্ৰেণীসমূহ থিৰ কৰা হয় বিভিন্ন মাপকৰ সহায়ত৷ এইবোৰৰ ভিতৰত প্ৰজাতিবিধৰ ভৌগোলিক বিস্তৃতি এক গুৰুত্বপূৰ্ণ মূল্যাংকণ মাপক৷

শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা মতে আই ইউ চি এনৰ পক্ষীকুলৰ সাম্প্ৰতিক ভৌগোলিক বিস্তৃতিৰ তথ্য সম্পূৰ্ণ সঠিক নহয়৷ বহুক্ষেত্ৰত প্ৰকৃত বিস্তৃতিতকৈ অধিক ঠাইক কোনো কোনো চৰাইৰ বসতিস্থল বুলি গণ্য কৰাৰ বাবে ৰঙা তালিকাৰ শ্ৰেণী নিৰূপণতো বিসংগতি ধৰা পৰিছে৷
আই ইউ চি এনৰ ৰঙা তালিকাৰ শ্ৰেণীৰ বিসংগতি:  অসুৰক্ষিত (VU-Vulnerable)-> বিলুপ্তপ্ৰায় (EN-Endangered) , নুন্যতম সংকটজনক (LC-Least concerned)-> সংকটাসন্ন (NT-Near-threatened)

গৱেষণাটোত চিটিজেন চায়েন্স নামৰ জনসাধাৰণৰ সমূহীয়া অৱদানেৰে গঢ়ি তোলা চৰাইৰ নিৰীক্ষণ সম্পৰ্কীয় তথ্যসমূহ বিশ্লেষণ কৰি বিজ্ঞানীসকলে এই তথ্য প্ৰকাশ কৰিছে৷ চিটিজেন চায়েন্স নামৰ এই বিনামূলীয়াকৈ উপলব্ধ ৱেবছাইটত বিশ্বৰ যিকোনো ব্যক্তিয়ে চৰাই নিৰীক্ষণৰ তথ্য ঠাই আৰু সময়ৰ সৈতে অন্তৰ্ভুক্ত কৰি অৱদান আগবাঢ়াব পাৰে৷ গতিকে এনে তথ্যই প্ৰতিবিধ চৰাইৰ প্ৰজাতিৰ বিস্তৃতি কিমানখিনি সেইবিষয়েও সঠিক বাতৰি দিব পাৰে৷

এই গৱেষণাই ভাৰতৰ কেৱল পশ্চিমঘাট অঞ্চল (Western Ghats) ত পোৱা (endemic) ১৮ বিধ চৰাইৰ প্ৰজাতিৰ ভিতৰত ১৭ বিধৰ ক্ষেত্ৰতে আই ইউ চি এনে প্ৰকৃত ভৌগোলিক বিস্তৃতিতকৈ অধিক বুলি নিৰূপণ কৰিছে বুলি দেখুৱাইছে৷ ইয়াৰ মূল কাৰণ হৈছে, ভৌগোলিক বিস্তৃতিৰ ভিতৰত কিছুক্ষেত্ৰত চৰাইৰ বসবাসৰ অযোগ্য ঠাইয়ো অন্তৰ্ভুক্ত কৰাটো৷ ফলত সঠিক ভৌগোলিক বিস্তৃতিলৈ লক্ষ্য কৰি ইয়াৰে দহবিধ প্ৰজাতিক আই ইউ চি এনৰ ৰঙা তালিকাত অধিক সংকটাপন্ন শ্ৰেণীত তালিকাভুক্ত কৰাত প্ৰয়োজনীয়তা আহি পৰিছে৷ বিশ্বৰ জৈৱবৈচিত্ৰ্য সংৰক্ষণৰ বাবে লোৱা পদক্ষেপসমূহত এই ৰঙা তালিকাৰ শ্ৰেণীসমূহৰ ভিত্তিতে বিপদাপন্ন প্ৰজাতিক অগ্ৰাধিকাৰ দিয়া হয়৷  সেয়ে প্ৰজাতিৰ সংকট অৱস্থাৰ সঠিক মূল্যায়ন নহ’লে বিপদাপন্ন প্ৰজাতি আমাৰ সকলোৰে অগোচৰে পৃথিৱীৰ পৰা বিলুপ্ত হোৱাৰ শংকা থাকে৷ গতিকে এই গৱেষণাই প্ৰজাতিৰ ভৱিষ্যত সঠিক মূল্যায়ন আৰু সংৰক্ষণত নতুন দিশৰ সূচনা কৰিছে৷ 

Monday 9 October 2017

দাপোণত নিজৰ মুখ

স্ফটিকৰ দৰে তোৰ দেহত মোৰ প্ৰতিবিম্ব
নিজৰ দুচকুত চকু থৈ
মুখামুখি হওঁ নিজৰ সৈতে
উদঙাই দিওঁ মোৰ
ভাটিয়ালী সপোণ আৰু আশা
আৰু তাৰ আঁৰতে লুকাই থকা
এবুজ এসাগৰ বিষণ্ণতা
নিজৰ পৰা নিজলৈকে টানি লওঁ
অনুভৱৰ মৌন কোলাহল
তোৰ বুকুৱেদি পাৰ ভাঙি বৈ আহে
হাঁহি-কান্দোন আৰু খং-অভিমানৰ ঢল

তই মুকলি কৰা  বাটেৰে গৈ
নিজৰ মাজতে মগন হওঁ মই
চকুপানীবোৰ মোহাৰি লওঁ
অভিমান সামৰি থওঁ
হাঁহিবোৰ বিয়পাই দিওঁ
চিৰদিন কাষতে ৰোৱাৰ প্ৰতিশ্ৰুতি দিওঁ

বাৰে বাৰে প্ৰমাণ কৰোঁ
আমি যে নিজৰেই চিৰন্তন প্ৰেমিক

Tuesday 3 October 2017

টোপনি আৰু স্মৃতিশক্তিৰ নিবিড় সম্পৰ্ক

আমাৰ মগজু আটাইতকৈ গুৰুত্বপুৰ্ণ অংগবোৰৰ অন্যতম৷ জীৱনৰ বিভিন্ন অভিজ্ঞতাৰ ভিত্তিত মগজুৱে নিজকে পৰিৱৰ্ত্তন কৰি পাৰিপাৰ্শ্বিকতাৰ সৈতে খাপ খুৱাই লয়৷ শেহতীয়াকৈ এটা নতুন গৱেষণাই প্ৰকাশ কৰিছে যে টোপনিয়ে আমাৰ মগজুৰ এই নমনীয়তা (plasticity), অৰ্থাৎ আমাৰ মগজুৰ ভিতৰত হোৱা পৰিৱৰ্তন আৰু পুণ:সংগঠনত এক গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ বাৰ্লিনৰ খ্যাতনামা হামব’ল্ট আৰু চেৰিটি বিশ্ববিদ্যলয় (Humboldt and Charité Universities) ৰ গৱেষকসকলে অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত মগজুৰ ডেনড্ৰাইট অংশৰ ক্ৰিয়াকলাপ নিৰীক্ষণ কৰি আহিছিল৷ এই ডেনড্ৰাইট অংশই নতুন তথ্যপাতি মগজুত ধৰি ৰাখে৷ তেওঁলোকে আৱিষ্কাৰ কৰে যে, টোপনিৰ সময়ত ডেনড্ৰাইট অধিক সক্ৰিয় হৈ উঠে৷ এই সক্ৰিয়তা মগজুৰ বিশেষ কিছুমান তৰংগৰ সৈতে জড়িত হৈ আছে বুলি তেওঁলোকে ধৰা পেলাইছে৷ স্পিণ্ডল নামৰ এই চুটি আৰু পুন:পৌনিক তৰংগবোৰ সৃষ্টি হোৱাৰ সময়তে মগজুৰ পুন:সংগঠন হয়৷ মগজুৰ এই বিশেষ তৰংগ স্পিণ্ডল সমূহ আকৌ আমাৰ স্মৃতি গঢ়া প্ৰক্ৰিয়াত অতি গুৰুত্বপূৰ্ণ৷ বিজ্ঞানীসকলৰ মতে,আমি টোপনি গৈ থকা অৱস্থাত এই স্পিণ্ডলসমূহ চলিবলৈ আৰম্ভ কৰে আৰু এই সময়ত ডেনড্ৰাইটৰ বিশেষ কিছুমান প্ৰক্ৰিয়া সক্ৰিয় হৈ উঠে যি স্মৃতিবোৰ অধিক শক্তিশালী কৰি তোলে৷

ভৱিষ্যতে শেহতীয়া প্ৰযুক্তিৰ সহায়ত একে কম্পনাংকৰ এনে স্পিণ্ডলসমুহ কৃত্ৰিমভাৱে সৃষ্টি কৰি ডেনড্ৰাইটক সক্ৰিয় কৰি তুলিব পাৰিলে স্মৃতিৰ সৈতে জড়িত নানা ৰোগ যেনে ডিমেনছিয়া আদিৰ উন্নত চিকিৎসা সম্ভৱ হৈ উঠিব৷