Saturday 23 March 2013

পৃথিৱীৰ বাবে এঘন্টা



ফটোৰ উৎস- Earth Hour India


আজি অৰ্থাৎ ২৩ মাৰ্চ তাৰিখে সমগ্ৰ বিশ্বতে নিশা ৮.৩০ ৰ পৰা ৯.৩০ বজালৈকে এঘন্টা সময় বিজুলীবাতি নুমুৱাই ৰাখি পৃথিৱীৰ বাবে এঘন্টা (Earth hour) পালন কৰা হব৷ ই প্ৰকৃততে ৱৰ্ল্ড ৱাইড ফান্ড ফৰ নেচাৰ বা চমুকৈ WWF নামৰ সংস্থাৰ তত্ত্বাৱধানত সমগ্ৰ বিশ্ব জুৰি পালন কৰা এক প্ৰতীকী পদক্ষেপ৷ সাধাৰণতে প্ৰতিবছৰে মাৰ্চ মাহত এই অনুষ্ঠানৰ আয়োজন কৰা হয়৷ এই দিনটোত সকলো ঘৰ তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ অপ্ৰয়োজনীয় সকলো বিজুলীবাতি এঘন্টাৰ বাবে নুমুৱাই ৰাখিবলৈ আগ্ৰহ যোগোৱা হয়৷ ইয়াৰ দ্বাৰা বতৰ পৰিৱৰ্ত্তনৰ পৰিপ্ৰেক্ষিতত পৃথিৱীৰ ওপৰত পৰা প্ৰভাৱসমূহৰ বিষয়ে জনসাধাৰণক সচেতন কৰি তুলিবলৈ চেষ্টা কৰা হয়৷ এই অনুষ্ঠানটো পোন-প্ৰথমবাৰৰ বাবে ২০০৭ চনৰ অষ্ট্ৰেলিয়াৰ চিডনীত আয়োজিত হৈছিল য’ত প্ৰায় ২.২ মিলিয়ন লোকে এটা ঘন্টাৰ বাবে সকলো বিজুলী-বাতি বন্ধ কৰি ৰাখিছিল৷ পৰৱৰ্ত্তী বৰ্ষৰ পৰা আন্ত:মহাদেশীয়ভাৱে এই এঘন্টা পালন কৰি অহা হৈছে৷ এই এঘন্টাৰ মূল উদেশ্য হ’ল-

১) আমাৰ এই বিনন্দীয়া পৃথিৱীখনৰ পৰিৱেশ বিনষ্টকাৰী অপশক্তিসমূহৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ আগ্ৰহ প্ৰদৰ্শন কৰা আৰু সকলোকে একত্ৰিত কৰোৱা৷

২) জনসাধাৰণক এই এটা ঘন্টাৰ বাহিৰেও অন্যান্য উপায়েৰে শক্তিৰ অপচয় ৰোধ কৰিবলৈ উৎসাহ যোগোৱা

৩) এক বহণক্ষম (sustainable) ভৱিষ্যতৰ অৰ্থে বিশ্বৰ সকলো বিভিন্ন ঠাইৰ জনসাধৰণ তথা অনুষ্ঠান-প্ৰতিষ্ঠান সমূহৰ মাজত এক যোগসূত্ৰ গঢ়ি তোলা৷



ফটোৰ উৎস- Green Humour

অৱশ্যে পৃথিৱীৰ বাবে এঘন্টা বৰ্তমান কেৱল এটা ঘন্টাতে সীমাবদ্ধ হৈ থকা নাই৷ ২০১২ বৰ্ষৰ পৰা ডব্লিউ ডব্লিউ এফে “I Will If You Will” নামেৰে এটা নতুন আঁচনি আৰম্ভ কৰে৷ ইয়াৰ দ্বাৰা পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন দেশত পৃথিৱীৰ বাবে এঘন্টাৰে আৰম্ভ হৈ পৰিৱেশ সংৰক্ষণৰ যুগান্তকাৰীপদক্ষেপ কিছুমান সফলতাৰে আৰম্ভ হৈছে৷ উদাহৰণ স্বৰূপে ৰাছিয়াত সাত বছৰ ধৰি কৰি অহা বিফল প্ৰচেষ্টাৰ পিছত প্ৰায় ১,২০,০০০ লোকৰ স্বাক্ষৰ সম্বলিত এক আৰ্জিয়ে সাগৰত তৈলখণ্ডনৰ সময়ত হোৱা সাগৰৰ পানীৰ প্ৰদুষণ ৰোধ কৰিবলৈ আইনী সংশোধন কৰিবলৈ সক্ষম হয়৷ তেনেদৰে উগাণ্ডাতো বিশ্বৰ প্ৰথমখন ২৭০০ হেক্টৰ জোৰা Earth Hour forest গঠন কৰে৷ বৰ্তমান এই অৱ্যৱহৃত আৰু ব্যৱহাৰৰ অনুপযোগী মাটিত জনসাধাৰণ আৰু বিভিন্ন প্ৰতিষঠানৰ উদ্যোগত স্থানীয় গছ ৰোপণ কৰা হৈছে ৷ একেদৰে অহা জুলাই মাহত ফ্ৰান্সত এক নতুন আইন বলবৎ কৰা হ’ব যাৰ দ্বাৰা সকলো উদ্যাগিক প্ৰতিষ্ঠান আৰু অফিচ-কাছাৰীত নিশা এক বজাৰ পিছত সকলো বিজুলীবাতি নুমুৱাই ৰখাটো বাধ্যতামুলক কৰা হ’ব ৷

বৰ্তমান বতৰ পৰিৱৰ্ত্তনৰ ফলত আমাৰ জীৱনত পৰিব পৰা কুপ্ৰভাৱ সম্পৰ্কে সকলোৱে কম-বেছি পৰিমাণে অৱগত৷ আমি কৰা পৰিৱেশ বিনষ্টকাৰী নানা কামে আমাৰ জীৱনতে ইতিমধ্যে বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে৷ ইণ্ডোনেছিয়াৰ বানপানী, চীনৰ অত্যাধিক প্ৰদুষণৰ ফলত তাৰ নাগৰিকে ভোগা স্বাস্থ্যজনিত সমস্যা, আমেৰিকাক কঁপাই যোৱা হাৰিকেন ছেণ্ডি আদি সকলো এই পৰিৱেশ বিনষ্টকাৰী কুকৰ্মসমূহৰে ফল৷ গতিকে আমি বাস কৰা এই পৃথিৱীৰ প্ৰাকৃতিক পৰিৱেশৰ ক্ষতি ৰোধ কৰিলে আমি নিজৰ আৰু উত্তৰপুৰুষৰ জীৱন সুনিশ্চিত তথা নিৰাপদ কৰা হব৷ দেখাত এইটো ব্যক্তিগত প্ৰচেষ্টাতকৈ বহু ডাঙৰ পদক্ষেপ যেন লাগিলেও প্ৰকৃততে আমি প্ৰত্যেকেই সচেতন হৈ উঠিলে কিঞ্চিত পৰিমাণে হ’লেও শক্তিৰ অপচয় ৰোধ কৰিব পাৰোঁ৷ শক্তিৰ অপচয় ৰোধ কৰিলে আমি সামূহিকভাৱে পৰিৱেশৰ বাবে বৰঙণি যোগোৱাৰ লগতে আমাৰ নিজৰো বহুতো টকাৰ অপচয়ত বাধা দিব পাৰো৷ অন্যান্য কামৰ লগতে আমি ল’ব পৰা সাধাৰণ পদক্ষেপসমূহ এনেধৰণৰ-
  • পানীৰ সংৰক্ষণ কৰক৷ অপ্ৰয়োজনীয় ভাৱে পানীৰ টেপ খুলি নাৰাখিব৷
  • দৰকাৰ নহ’লে বিজুলীবাতি (লাইট) নুমুৱাই ৰাখক৷ অন্য বাল্বৰ সলনি চি এফ এল বাল্ব লগাওক যি অন্য বাল্বতকৈ ৭৫% শক্তি কমকৈ খৰচ কৰে আৰু দহগুণ বেছি কাৰ্য্যক্ষম হয়৷
  • আহিলা-পাতি কিনোতে শক্তিৰ অপচয় ৰোধ কৰিবলৈ সক্ষম হয় নে নহয় (energy efficiency label) পৰীক্ষা কৰক৷
  • ডেস্কটপৰ সলনি লেপটপ ব্যৱহাৰ কৰক৷ লেপটপে তুলনামূলকভাৱে পাঁচগুণ কম বিজুলীশক্তি খৰচ কৰে৷ ডেস্কটপ ল’লে এল চি ডি স্ক্ৰীণ (LCD screen) থকা লওক৷ কম্পিউটাৰত বেটেৰী পৰিচালনা (power management) সক্ষম কৰি ৰাখক৷
  • অপ্ৰয়োজনীয়ভাৱে প্ৰিন্ট নকৰিব৷ প্ৰিন্ট কৰিলে সদায়ে কাগজৰ দুয়োপিঠিত কৰক৷
  • গাড়ী-মটৰ কমকৈ চলাওক৷ আপুনি নচলোৱা প্ৰতি পাঁচ কি:মি:ত ১.৫ কি:গ্ৰা:কৈ কাৰ্বন –ডাই-অক্সাইডৰ নিস্কাষণ কমিব৷ এনেয়ে ৰৈ থাকিব লগীয়া হ’লে গাড়ী-মটৰৰ ইঞ্জিণ বন্ধ কৰি ৰাখক৷
  • প্লাষ্টিক সম্পূৰ্ণকৈ বৰ্জন কৰক৷ বজাৰলৈ যাওঁতে কাপোৰৰ বজাৰ কৰা বেগ এটা লগত লৈ যাওক৷ কিছুমান বস্তু ভাগে ভাগে পেকিং নকৰাকৈ একেলগে বেগত ভৰাব পাৰি৷
  • সৌৰশক্তি ব্যৱহাৰ কৰা আহিলা-পাতিৰ ব্যৱহাৰ অধিক কৰক৷
  • ব্যৱহাৰ নকৰাৰ সময়ত টিভি, কম্পউটাৰ, ফেন সকলো বন্ধ কৰি থওক৷
  • ফ্ৰিজত থোৱাৰ আগতে খাদ্যবোৰ কিছু ঠাণ্ডা হ’বলৈ দিয়ক৷ একেবাৰে গৰমে গৰমে ভৰাই ৰাখিলে বেছি শক্তিৰ খৰচ হয়৷

পৃথিৱীৰ দুয়োটা মেৰুতে ভৰি থোৱা প্ৰথম অভিযাত্ৰী ৰৱাৰ্ট শ্বোৱানে (Robert Swan) কৈছিল, “আমি প্ৰত্যেকেই অন্য কোনোবাই পৰিৱেশ সংৰক্ষণ কৰিব বুলি ভৱাটোৱে পৃথিৱীৰ বাবে আটাইতকৈ ডাঙৰ সংকট”৷ অথচ আমি য’তেই নাথাকো এই কামত অংশ ল’ব পাৰো, নিজৰ সাৰ্মথ্যৰে অকনমান হ’লেও বৰঙণি আগবঢ়াব পাৰোঁ আমি বাস কৰা এই পৃথিৱীক ধ্বংসৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ৷ তেন্তে আহক আনলৈ আশা পালি নাথাকি আমি নিজে এই আন্দোলনৰ অংশ হওঁ৷ আহক আজি নিশা এঘন্টাৰ বাবে বিজুলীবাতি নুমুৱাই ৰাখি এনে এক মহৎ প্ৰচেষ্টাৰ শুভাৰম্ভণি কৰোঁ৷



সহায়ক উৎসসমূহ-
১) http://www.earthhour.org/
২) http://www.thedailygreen.com/green-homes/latest/7-energy-savers-460608#slide-6
৩)http://www.emd.wa.gov/hazards/haz_simple_ways_to_save_energy.shtml

সাহিত্য ডট অৰ্গৰ এপ্ৰিল সংখ্যাত প্ৰকাশিত৷ চাবলৈ ইয়াত ক্লিক কৰক৷

Sunday 17 March 2013

চৰাই চিনো আহক


কইম্ব’টোৰত হোৱা চৰাইৰ গৱেষণা বিষয়ক এখন কনফাৰেন্সত ছেলিম আলিৰ ভতিজাক ৰ’ফ আলি (Rauf Ali) য়ে তেওঁৰ বক্তৃতাৰ আৰম্ভণিতে কৈছিল যে পক্ষী বিষয়ক গৱেষণা কৰা লোকক সততে এটা প্ৰশ্ন সোধা যায়৷ প্ৰশ্নটো হ’ল, “আপুনি কেতিয়াৰ পৰা পক্ষী নিৰীক্ষণ (Bird-watching) কৰিবলৈ ল’লে?” তেওঁৰ মতে প্ৰকৃততে প্ৰশ্নটো ইয়াৰ ওলোটাহে হ’ব লাগে৷ কাৰণ শৈশৱত আমি প্ৰত্যেকেই জ্ঞাতে বা অজ্ঞাতে পক্ষী নিৰীক্ষণ কৰোঁ৷ ৰং-বিৰঙী চৰাই, সিহঁতৰ কিচিৰ-মিচিৰ মাত-কথাই আমাৰ শৈশৱৰ একাল ৰঙীণ কৰি ৰাখে৷ তাৰোপৰি বয়স নিৰ্বিশেষে চৰাইৰ দৰে উৰিব খোজাৰ হেঁপাহে আমনি নকৰা লোক খুবেই কম ওলাব৷ উদাহৰণস্বৰূপে ব্যক্তিগতভাৱে, শৈশৱৰ স্মৃতি বুলি ক’লে অন্য হাজাৰটা কথাৰ লগতে মোৰ মনলৈ আহে পুৱা শুই উঠিয়ে কেনেবাকৈ অকলশৰীয়াকৈ শালিকা দেখিলে দিনটো বেয়াকৈ যোৱাৰ ভয়ত যোৰ পাতিবলৈ আৰু এটা শালিকা বিচাৰি চলাথ কৰা, বাৰিষা ঘৰৰ ওপৰেদি উৰি যোৱা গঙাচিলনীটোৱে বানপানী অহাৰ বতৰা দিছে বুলি শংকিত হৈ পৰা, আকাশেদি উৰি যোৱা বগলীহালক ‘বগলী বগা ফোঁট দি যা, দি যা’ বুলি কাবৌ কৰা ইত্যাদি স্মৃতিবোৰ৷ তাৰোপৰি পুৱাতে ৰুণ দি দি চাউল খুজি থকা কপৌহালক সন্তুষ্ট কৰা, ঘৰৰ মুধচৰ ফাঁকত কূটা কঢ়িয়াই কঢ়িয়াই বাহ সঁজা ঘৰচিৰিকা হালৰ লগত কটোৱা সময়বোৰৰ কথা নক’লোৱে বা!

কিন্তু বয়সৰ লগে লগে নানা ব্যস্ততাই বা জটিলতাই আমাক প্ৰকৃতিৰ এই মনোমোহা ৰাজ্যখনৰ পৰা আঁতৰাই আনে৷ আমি হেৰাই যাবলৈ বাধ্য হওঁ এখন যান্ত্ৰিক পৃথিৱীত৷ সেয়ে ৰ’ফ আলিয়ে কৈছিল, আমি প্ৰত্যকেই আচলতে সুধিব লগীয়া প্ৰশ্নটো হ’ল, “ আমি কেতিয়াৰ পৰা পক্ষী নিৰীক্ষণ কৰিবলৈ এৰিলো?’’ সঁচা কথা, এইখন প্ৰতিযোগিতাৰ পৃথিৱী৷ ইয়াত কাৰো অন্য একো ভৱাৰ সময় নাই ৷ কিন্তু তথাপিও আমি হৃদয়ৰ একোণত সেই নিভাঁজ আমেজকণ সাঁচি থওঁ চিৰদিনলৈ কাৰণ আমিও প্ৰকৃতিৰেই এটা অংশ ৷ সেইবাবেই হয়তো আমাৰ মনটোৱে যেতিয়া অকণমাণো জিৰণি লোৱাৰ কথা ভাৱে, আমি ব্যাকুল হৈ পৰো এই আধুনিক বিশৃংখল পৃথিৱীৰ পৰা আতঁৰি আৰণ্যক নিৰ্জনতাৰ মাজত ডুব গৈ মনটোত শান্তি দিবলৈ৷ আৰু সেইবাবেই সুবিধা পালেই আমি অভয়াৰণ্য-ৰাষ্ট্ৰীয় উদ্যান সমূহলৈ যাওঁ, নতুন বছৰৰ ভোজ খাওঁ কোনোবা নদীৰ পাৰত অৰণ্যত, চেষ্টা কৰো ব্যস্ত জীৱনৰ কেইটামান মূহূৰ্ত প্ৰকৃতিৰ সৌহাৰ্দ্যত কটাই নিজকে প্ৰাণোচ্ছল কৰি তুলিবলৈ৷

যদি আপুনিও এনে এজন প্ৰকৃতিৰ মাজত থাকি ভালপোৱা ব্যক্তি, একান্ত মনেৰে বিচৰা স্বত্বেও বহুসময়ত আধুনিক জীৱনৰ নানা লেঠাত পৰি প্ৰকৃতিৰ কোলাত মনটো অকণমান সতেজ কৰি তোলাৰ হেঁপাহকণ অৱদমিত কৰি ৰাখিবলৈ বাধ্য হয়; তেন্তে আপোনালৈ এটা সুখৱৰ আছে৷ আপুনি জানেনে, আপুনি য’তেই নাথাকক নিজৰ আশে পাশে থকা ঠাইতে আপুনি সেই হেৰাবলৈ ধৰা আমেজকন ল’ব পাৰে ৷ ইয়াৰ বাবে বহুতো উপায় থাকিব পাৰে৷ কিন্তু শেহতীয়া ভাৱে আটাইতকৈ জনপ্ৰিয় হৈ উঠা এনে এটা উপায় হৈছে পক্ষী নিৰীক্ষণ৷ উৰিব পৰাৰ বাবে আৰু সময়ৰ লগে লগে বাঢ়ি অহা নগৰ অঞ্চল সমূহত নিজকে সফলভাৱে অভিযোজিত কৰিব পৰাৰ বাবে চৰায়ে বিশ্বৰ প্ৰায় সকলো ঠাইতে বিস্তৃতি লাভ কৰিছে৷ সেয়ে আমি য’তেই নাথাকো , সকলো ঠাইতে চৰায়ে মানুহৰ আশে পাশে প্ৰকৃতিৰ সেই বিনন্দীয়া জগত খন কঢ়িয়াই লৈ যায়৷ অৱশ্যে এনে বহুতো প্ৰজাতি আছে যি কেৱল অৰণ্যতহে বাস কৰে- মুকলি বা মানুহ থকা ঠাইত এইবোৰ চৰাই সাধাৰণতে দেখা নাযায়৷ তথাপিও আপুনি নিজৰ আশে পাশেই চাব পৰা বহুতো নানাৰঙী চৰায়ে আছে৷ এবাৰ এই পক্ষী নিৰীক্ষণৰ কামটো আৰম্ভ কৰকচোন৷ দেখিব লাহে লাহে এইটো আপোনাৰ প্ৰিয় হবী হৈ পৰিব৷ 


নাচনী চৰাই; ফটোৰ উৎস-orientalbirdimages.org 

নতুন শিকাৰুৰ বাবে এটা নতুন চৰাই চিনাক্ত কৰাৰ সমান আনন্দ একোৱে হ’ব নোৱাৰে৷ যদি আপুনিও এই আনন্দ আৰু প্ৰকৃতিৰ বিনন্দীয়া ৰূপ উপভোগ কৰিব বিচাৰিছে তেন্তে আজিৰ পৰাই আৰম্ভ কৰক৷ প্ৰথম আৰম্ভ কৰোতে দুটামান বস্তু যোগাৰ কৰি ল’ব পাৰিলে আপোনাৰ সহায় হ’ব৷ যেনে ধৰক, এখন নোটবুক- য’ত আপুনি দেখা চৰাইৰ নাম, সংখ্যা লিখিব পাৰে৷ নাম নাজানিলে কেৱল আপুনি দেখা বৈশিষ্ট্য কেইটা (কিমান ডাঙৰ-চিনাকি চৰাইৰ লগত তুলনা কৰি, যেনে-ঘৰচিৰিকা, শালিকা নে কাউৰীটোৰ সমান?, ঠোঁটতো দীঘলীয়া নে চুটি, কি ৰঙৰ, ডেউকা দুখনৰ ৰং কেনে? ঠেং দুখন? ইত্যাদি)৷ আৰু যদি মাজে সময়ে ছবি অঁকাৰ অভ্যাস আছে তেন্তেতো খুবেই বঢ়িয়া৷ আপুনি যেনেকৈ দেখিছে সেয়া পিছত চাই বুজিব পৰাকৈ স্কেছ এটাকে আঁকি থব পাৰে৷ তেনে স্কেচ্ছ এটা বহুত ভাল কিবা হোৱাৰ প্ৰয়োজন নাই৷ চৰাইটোৰ সহজতে চকুত পৰা বৈশিষ্ট্য সমূহ পিছত চিনিব পাৰিলেই যথেষ্ট৷ লগতে নোটবুকত চৰাইটো দেখাৰ তাৰিখ আৰু সময় লিখিবলৈও নাপাহৰিব৷ অন্য কিবা বিশেষ তাৎপৰ্য্যপূৰ্ণ ব্যৱহাৰ যেনে- নেজডাল ফেন খনৰ দৰে মেলি মেলি দিছে নেকি ( যিটো সততে দেখা পোৱা নাচনী চৰাই, White throated Fantail ৰ অন্যতম বৈশিষ্ট্য) বা নেজডাল একেৰাহে পথালিকৈ লৰাই আছে নেকি (বালিমাহী বা Wagtail গোটৰ চৰাইৰ বৈশিষ্ট্যপূৰ্ণ ব্যৱহাৰ) অথবা মাতটোৰ বিষয়েও লিখি ৰাখিব পাৰে৷ এইবোৰেও চৰাইৰ চিনাক্তকৰণত বহুত সহায় কৰিব পাৰে৷ কেমেৰা থাকিলে আপুনি থাউকতে এখন ফটোও তুলি ৰাখিব পাৰে৷ 

দ্বিতীয়তে, যদি দূৰৈৰ চৰাই ভালকৈ চাব বিচাৰে তেন্তে আপোনাক এটা বাইন’কুলাৰৰ প্ৰয়োজন হ’ব৷ আজিকালি যথেষ্ট সস্তাতে একোটা ভাল বা কাম চলিব পৰা বাইনকুলাৰ কিনিবলৈ পোৱা যায়৷ তেনে এটা সুবিধা হ’লে লৈ লওক৷ বৰ্তমানৰ বাইন’কুলাৰ সমূহৰ ভিতৰত নিকন, অলিম্পাছ আদি কোম্পানীৰ বাইন’কুলাৰ খুবেই জনপ্ৰিয়৷

চৰাই চিনাৰ বাবে সহায়ক ফিল্ড গাইড বুক

এবাৰ এটা নতুন চৰাই দেখাৰ পিছত আপুনি জানিব বিচাৰিব সেইটো কি চৰাই৷এইক্ষেত্ৰত আপোনাক বিভিন্ন ফিল্ড গাইডবুক সমূহে সহায় কৰিব পাৰে৷ অথবা চৰাইৰ বিষয়ে জনা কোনোবা ব্যক্তিৰো সহায় ল’ব পাৰে৷ এনে কিতাপ সমূহত চৰাইৰ চিনাক্তকৰণত সুবিধা হোৱাকৈ প্ৰধান বৈশিষ্ট্যবোৰ চিত্ৰৰ সৈতে লিখা থাকে৷ লগতে আপোনাৰ সহায়ক হোৱাকৈ প্ৰত্যেকটো চৰাইৰ বিস্তৃতি সম্পৰ্কে মেপো থাকে৷ সততে পাব পৰা এনে দুখনমান গাইড বুক হৈছে, “A Field Guide to the Birds of the Indian Subcontinent” , লেখক- Krys Kazmierczak আৰু “ Birds of the Indian Subcontinent”, লেখক- Richard Grimmett, Carol Inskipp, Tim Inskipp ৷আমাৰ অসমৰ চৰাই সম্পৰ্কীয় এখন খুউব তথ্যসমৃদ্ধ কিতাপ হৈছে আনোৱাৰোদ্দিন চৌধুৰীৰ ‘Birds of Assam’৷ কিন্তু শেহতীয়াকৈ এই কিতাপখনৰ নতুন প্ৰিন্ট বজাৰত উপলব্ধ হৈ থকা নাই৷ 

পক্ষী নিৰীক্ষণৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ আছে৷ প্ৰথম কথা, ই কম-খৰচী৷ একেবাৰে কম বাজেটতে এই কাম কৰিব পৰা যায়৷ ইয়াৰ বাবে কেৱল প্ৰয়োজন ভাল দৃষ্টিশক্তি আৰু চৰাইৰ প্ৰতি আগ্ৰহ৷ ই মন সতেজ কৰাৰ লগতে চৰাই আৰু প্ৰকৃতিৰ বিষয়ে জনাতো সহায়ক হয়৷ প্ৰতিদিনেই কিছুমান নতুন প্ৰজাতিৰ চৰাই দেখাৰ উপৰিও নতুন নিৰীক্ষক এগৰাকী চৰাইৰ খাদ্য, আচৰণ, পৰিভ্ৰমণ আদিৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ পৰে৷ তাৰোপৰি কোনবোৰ চৰাই সাধাৰণতে কেনে বাসস্থানত দেখা পোৱা যাব পাৰে সেইবিষয়েও জানিব পাৰে৷ ৰং বিৰঙী চৰাইবোৰ কেমেৰাৰ লেনছত ধৰি ৰখাৰ চেষ্টাই কাৰোবাক আকৌ ফটোগ্ৰাফীতো আগ্ৰহী কৰি তোলে৷ গতিকে পক্ষী নিৰীক্ষণেৰে আৰম্ভ হৈ এজন ব্যক্তি পৰ্য্যায়ক্ৰমে ফটোগ্ৰাফী, ভ্ৰমণ আদিতো আগ্ৰহী হৈ উঠে৷ আপুনি ইচ্ছা কৰিলে নিজৰ ফুলনি বা বাৰীতে বহুতো চৰাই দেখা পাব পাৰে৷ ইয়াৰ কোনো বয়সো নাই৷ পেন্দুকণাটোৰ পৰা আলৰবৃদ্ধ এজনেও সহজতে এই হবী গঢ়ি তুলিব পাৰে আৰু বিশেষ কষ্ট নকৰাকৈয়ে ইয়াৰ আমেজ ল’ব পাৰে৷ সেইবাবেই বৰ্তমান পক্ষী নিৰীক্ষণ এটা অতিকৈ জনপ্ৰিয় হবী হৈ পৰিছে৷ আগতে নিচিনা চৰাই এটা অকণমান চেষ্টা কৰি আপুনি প্ৰথমবাৰ যেতিয়া চিনাক্ত কৰিব, তাৰ আনন্দই সুকীয়া হয়৷ তেন্তে আহক, আমি চৰাই চিনো আৰু নতুনকৈ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপ উপভোগ কৰোঁ৷


সাহিত্য ডট অৰ্গৰ এপ্ৰিল সংখ্যাত প্ৰকাশিত