Monday 29 June 2015

অসমৰ জৈৱবৈচিত্ৰ্য ১: চৰাই-চিৰিকটি

জৈব-বৈচিত্ৰত চহকী অসম নানাৰঙী স্থানীয় আৰু পৰিভ্ৰমী চৰাইৰ এক অপূৰ্ব বিচৰণভূমি| তথ্য অনুসৰি, ভাৰতবৰ্ষত পোৱা চৰাইৰ প্ৰজাতিসমূহৰ প্ৰায় ৫৩%, অৰ্থাৎ ছশৰো অধিক চৰাই-চিৰিকটি অসমত দেখা পোৱা যায় (Environmental Information System (ENVIS), Assam)| আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই (IUCN) প্ৰজাতিসমূহৰ মুঠ আৱাদী, আৱাদী হ্ৰাসৰ হাৰ, ভৌগলিক বিতৰণ, বিতৰণৰ বিচ্ছিন্নতা তথা সংৰক্ষণৰ গুৰুত্ব অনুসৰি প্ৰস্তুত কৰা ৰঙা তালিকা (IUCN Red List of Threatened Species) ত অসমত দেখা পোৱা কিছুসংখ্যক চৰায়েও স্থান পাইছে| এই সমূহৰ ভিতৰত হাড়গিলা (Greater Adjutant), পাতি শগুণ (White-rumped Vulture), ৰজা শগুণ (Red-headed Vulture), উলূম’ৰা (Bengal Florican) আদি উল্লেখযোগ্য|


অসমত দেখা পোৱা কেইবিধমান আপুৰুগীয়া চৰাই



দেওহাঁহ (White-winged Wood Duck): এই আপুৰুগীয়া তথা বিৰল প্ৰজাতিৰ হাঁহবিধক অসমৰ জাতীয় চৰাই ৰূপে জনা যায়| এই হাঁহবিধৰ বিকট মাতৰ বাবে অসমীয়াত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়৷ ২০০২ বৰ্ষৰ এটা সমীক্ষা অনুসৰি সমগ্ৰ বিশ্বতে মাঁথো মুঠ ৮০০ মান দেওহাঁহ আছে ৷ ইয়াৰে ৪৫০ টা দেওহাঁহ ভাৰত, বাংলাদেশ আৰু ম্যানমাৰ ত আছে৷ ভাৰতবৰ্ষত বৰ্তমান দেওহাঁহ কেৱল অসম তথা অৰুণাচলত পোৱা যায়৷ অসমত দেওহাঁহ দেখা পোৱা প্ৰধান সংৰক্ষিত বনাঞ্চল কেইখন হৈছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, দিহিং-পাটকাই সংৰক্ষিত বনাঞ্চল আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান৷ 
অসমৰ জাতীয় চৰাই দেওহাঁহ

 ই মূলতঃ চিৰসেউজীয়া বা পৰ্ণপাতী বনাঞ্চলৰ বন্ধ বা কম সোঁতৰ পানী থকা প্ৰাকৃতিক তথা কৃত্ৰিম জলাশয়ত বাস কৰে৷ ক্ৰমান্বয়ে বৃদ্ধি পাই অহা বনাঞ্চল ধ্বংস, দেওহাঁহৰ কণী, মাংস তথা অন্যন্য ব্যৱহাৰৰ বাবে কৰা চোৰাংচিকাৰ আদিৰ ফলশ্ৰুতিত দেওহাঁহৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে৷ বৰ্তমান এই প্ৰজাতিটোক আই ইউ চি এন ৰঙা তালিকা (IUCN Red List) অনুসৰি বিলুপ্তপ্ৰায় (Endangered) গোটত অন্তৰ্ভুক্ত কৰা হৈছে৷


হাড়গিলা (Greater Adjutant): হাড়গিলা বগলী জাতীয় এবিধ বৃহৎ আকাৰৰ চৰাই৷ হাড়গিলাৰ মূৰটো নোমহীন আৰু ডিঙিত এটা বৈশিষ্ট্যপূৰ্ণ টোপোলা (neck pouch) থাকে ৷ ইহঁতে মিলিটেৰী আৰ্হিত দিয়া খোজৰ লগত সাদৃশ্য ৰাখি ইয়াৰ ইংৰাজী নামটো উদ্ভৱ হৈছে৷ হাড়গিলা এবিধ সৰ্বভক্ষী (omnivorous) চৰাইৰ প্ৰজাতি৷ ইহঁতক প্ৰায়ে জাৱৰৰ দ'মত দেখা যায়, ই তাৰ পৰা মানুহ বা অন্য জীৱ-জন্তুৰ মল খাই জীয়াই থাকে৷ জলাশয় সমূহ শুকাই যোৱাৰ ফলত বাহ সজাৰ আৰু চৰাৰ স্থানৰ অভাৱত তথা প্ৰদুষণ আদিৰ প্ৰভাৱত হাড়গিলাৰ জনসংখ্যা বিপদজনক ভাৱে হ্ৰাস পাই আহিছে৷ পূৰ্বতে ইয়াক সমগ্ৰ দক্ষিণ এছিয়াতে পোৱা গৈছিল যদিও বৰ্তমান বিভিন্ন কাৰণত ইয়াৰ জনসংখ্যা হ্ৰাস পাই মাত্ৰ দুটা প্ৰজনন কাৰী গোটহে বাকী ৰৈছেগৈ| তাৰে এটা ভাৰতৰ অসমত আৰু আনটো কম্বোডিয়াত আছে৷ বৰ্তমান আই ইউ চি এন ৰঙা তালিকাত ইয়াক সংকটাপন্ন প্ৰজাতি ( Endangered) বুলি আখ্যা দিয়া হৈছে৷


বৰশৰালি (Fulvous Whistling Duck):বৰশৰালি এবিধ স্থানীয় হাঁহৰ প্ৰজাতি৷ ৷ বৰশৰালিৰ ঠোঁট দীঘল আৰু মুগা বৰণৰ, মূৰ দীঘল আৰু ডেউকা গাঢ় মুগা বৰণৰ হয়৷ ইয়াৰ নেজ আৰু ডেউকাৰ অংশবিশেষ ৰঙচুৱা (chestnut) আৰু নেজৰ ওপৰভাগত বগা আঁচ দেখা যায়৷ বৰশৰালিয়ে ঘাইকৈ ধাননি, জলচৰ উদ্ভিদেৰে পূৰ্ণ জলাশয় আদিত চৰে৷ ই ধাননি পথাৰত বাহ সাজে৷ বৰশৰালিয়ে নিশাৰ ভাগত ধান, গুটি বা অন্যান্য উদ্ভিদৰ সন্ধান কৰে আৰু বৃহৎ গোটত বাস কৰে৷ ই এবিধ হুলস্থুলীয়া হাঁহৰ প্ৰজাতি বুলি খ্যাত৷


ৰজা শগুণ (Red-headed Vulture): ই এটা মধ্যমীয়া আকাৰৰ শগুণৰ প্ৰজাতি৷ ৰজা শগুণ পূৰ্বতে ভাৰত আৰু দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত আছিল যদিও যদিও পৰৱৰ্ত্তী কালত বিশেষকৈ ১৯৯২ চনৰ পৰা ২০০৭ চনৰ ভিতৰত ইয়াৰ ৯৯.৯% জনসংখ্যা মৃত্যুমুখত পৰে৷ ফলস্বৰূপে এসময়ত উভৈনদীকৈ পোৱা এই চৰাইবিধৰ জনসংখ্যা বৰ্তমান বিলুপ্তিৰ পথত৷ ২০০৭ চনত আই ইউ চি এনে ইয়াক বিপদজনক ভাৱে সংকটাপন্ন (Critically Endangered) প্ৰজাতি বুলি ঘোষণা কৰে৷ ভাৰতত বহুলভাৱে ব্যৱহাৰ কৰা ডাইক্ল'ফেনেক (Diclofenac) নামৰ পশুচিকিৎসাৰ ঔষধ বিধকে ইয়াৰ জনসংখ্যা হ্ৰাস পোৱাৰ বাবে জগৰীয়া কৰা হয়৷ গৰুৰ বাবে ব্যৱহাৰ কৰা এই ঔষধবিধ গৰু মৰাৰ পিছতো মৰাশত থাকি যায় আৰু শগুণে যেতিয়া এনে মৰাশ ভক্ষণ কৰে তেতিয়া বৃক্ক নিস্ক্ৰিয় হৈ শগুণবোৰ মৃত্যুমুখত পৰে৷ ৰঙাশগুণৰ সংৰক্ষণৰ বাবে বিভিন্ন ঠাইত ইয়াৰ কৃত্ৰিম প্ৰজনন (captive-breeding), পুনৰ সংস্থাপন আৰু কৃত্ৰিমভাৱে ৰেষ্টোৰা (vulture restaurant) আদিৰ ব্যৱস্থা কৰা হৈছে৷


এই আপুৰুগীয়া চৰাইসমূহৰ উপৰিও শীতকালৰ আগমণৰ লগে লগে অসমৰ বিভিন্ন অঞ্চললৈ পৰিভ্ৰমী চৰাইৰো সোঁত বয়৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল, ধৃতিৰাজ (Bar-headed Goose) নামৰ বনৰীয়া হাঁহবিধ৷ ধৃতিৰাজ বিশ্বৰ আটাইতকৈ দীঘলীয়া সময় ধৰি আৰু সৰ্বোচ্চ উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই সমূহৰ মাজত অন্যতম৷ অবিশ্বাস্য হ’লেও 
অসমলৈ অহা বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ আৰু সৰ্বোচ্চ
 উচ্চতাত পৰিভ্ৰমণ কৰা চৰাই ধৃতিৰাজ

 সঁচা যে এই হাঁহবিধে সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰ পাবলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷ প্ৰতিবছৰে নৱেম্বৰ-ডিচেম্বৰ মাহত ধৃতিৰাজ হাঁহৰ জাক অসম পায়হি আৰু মাৰ্চ মাহৰ ভিতৰত পুনৰ উভতি যায়৷ অসমলৈ অহা অন্যান্য পৰিভ্ৰমী চৰাইৰ ভিতৰত বিভিন্ন হাঁহৰ প্ৰজাতি যেনে, দীঘলনেজীয়া (Northern Pintail), চাকৈ-চকোৱা (Ruddy Shelduck), কলীমূৰী হাঁহ (Common Teal), খন্তীয়া হাঁহ (Northern Shoveller) আৰু অন্যান্য চৰাই যেনে, বগা বালিমাহী (White Wagtail), বগাঢেৰা (Great White Pelican),বৰবালি বগুৱা (Wood Sandpiper) লৰীয়তী (Marsh Sandpiper), ৰামপৰা (Brown-headed Gull), গলমণিকা নাচনী (Red-throated Flycatcher) আদি উল্লেখযোগ্য৷ 

অসমত দেখা পোৱা অন্যান্য চৰাইৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ ফেঁচা, ধনেশ, বাঢ়ৈটোকা, বতাহী, ভাটৌ, হাইঠা, শেন, সখিয়তী, বাৰীসুন্দৰী, চাতক, বালিমাহী, টুনি আদিয়ে প্ৰধান| বাৰেৰহণীয়া ৰং, সুললিত কন্ঠ আৰু মানুহৰ সৈতে অভিযোজিত হৈ বাস কৰিব পৰা বৈশিষ্ট্য সমূহৰ বাবে অসমৰ লোকসংস্কৃতিত চৰাই-চিৰিকটিয়ে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে| অসমীয়া লোকগীত, বিহুনাম, কবিতা, ফকৰা-যোজনা আদিত বহুলভাৱে চৰাইৰ উল্লেখ পোৱা যায়| অসমীয়া জন-জীৱনৰ প্ৰতিটো পুৱাই ঘৰচিৰিকা, কপৌ, শালিকাৰ কিচিৰ-মিচিৰ মাতে মুখৰিত কৰি তোলে| চৰাইৰ বিৰহী গীতে বিহুনাম আৰু গোৱালপৰীয়া লোকগীতত মানুহৰ হিয়াৰ কান্দোন হৈ স্থান পাইছে-

"কপৌ কুৰুলিয়াই ৰাতি ঐ নুপুৱায়
ফেচাই কুৰুলিয়াই ডালত ৷" (বিহুনাম)

"বালু তিল তিল পংখী কান্দে
বালুতে পৰিয়া
মুঈ অভাগী নাৰী কান্দো
এ যৌৱন বান্ধিয়া||" ( গোৱালপৰীয়া লোকগীত)

“বৰ ঘৰৰ মুধতে কপৌ কুৰুলিয়ায়
সাইলাখ মদনৰ মাত
থেকেচি ভাঙি যাও যতৰ ঐ চেৰেকী
অগনি জ্বলালে গাত |” (বিহুনাম)

তেনেদৰে অসমত চৰাই-চিৰিকটিয়েই ঋতুৰ পৰিৱৰ্তনৰ প্ৰথম বাৰ্তাবাহক| উদাহৰণস্বৰূপে,

"চ’ততে মাতিলে চতীয়া চৰাই ঐ
বহাগত মাতিলে কুলি (বিহুনাম)"

চৰাইৰ ৰং-ৰূপৰ বৰ্ণনাও অসমীয়া বিয়ানাম, ধাইনাম, বাৰমাহী গীত আদিত বিৰাজমান| উদাহৰণস্বৰূপে, চৰাই হালধীয়া পাখী বিনন্দীয়া (বিহুনাম), হালধীয়া চৰায়ে বাওধান খায় (ধাইনাম), কাম চৰাইৰ ৰঙা ঠোট (বিয়ানাম), বগাকৈ বগলী উৰে জাকি মাৰি (বিহুনাম), চৰাইৰ চিকুণে তেলীয়া সাৰেঙে (বিয়ানাম), সোণাৰ বৰণ পাখীৰে তোৰ হেঙুল বৰণ আখি (গোৱালপৰীয়া লোকগীত) ইত্যাদি|

Sunday 28 June 2015

ফিল্ড ডায়েৰী ২: মিজোৰামৰ অৰঙে দৰঙে

বহুদিনৰ বিৰতিৰ পিছত ফিল্ড ডায়েৰীৰ দ্বিতীয় খণ্ডটো আগবঢ়াইছো আগ্ৰহীসকলে প্ৰথম খণ্ডটোত চকু ফুৰাবলৈ তলৰ লিংকত চাব পাৰে-
ফিল্ড ডায়েৰী ১: মিজোৰামৰ অৰঙে দৰঙে

পৰিস্কাৰ পৰিচ্ছন্নতাৰ অপূৰ্ব নিদৰ্শন - মোৱালপেং

কাপীৰ ঘৰত এটা প্ৰশান্তিময় নিশা কটাই পিছদিনা পুৱাতে উঠিলো। গাওঁখন ইমূৰৰ পৰা সিমূৰলৈকে খোজকাঢ়ি চালোগৈ। প্ৰথমেই চকুত পৰিল, গাওঁখনৰ পৰিস্কাৰ-পৰিচ্ছন্নতা। মাথোঁ অলপ দূৰে দূৰেই ডাষ্ট-বিন।, প্ৰতিটো সৰু-বৰ বাটতে পৰিস্কাৰ ৰাজহুৱা প্ৰস্ৰাবগাৰ নিৰ্মাণ কৰা হৈছে। দেখিলো, প্ৰত্যেকেই পুৱা নিজৰ চোতাল সাৰি আহি সন্মুখৰ আলিবাটো বঢ়িয়াকৈ সাৰি পেলাইছে।পিছত কেইবাখন গাৱঁতে এই কথাটো মন কৰি তাৰে স্থানীয় শিক্ষয়িত্ৰী এগৰাকীক সুধিছিলো।

মোৱালপেঙৰ বাটৰ এফালে প্ৰসাৱগাৰ, আনফালে ডাষ্টবিন 
ক’লে, "এইবোৰ সকলো ইয়ং মিজো এছ’ছিয়েশ্যনৰ তদাৰকত হোৱা কাম। এই ডাষ্টবিনবোৰো তাৰে ল’ৰাই পতা। প্ৰতিবছৰে চৰকাৰে এই এছ’ছিয়েশ্যনৰ সহায়ত আটাইতকৈ পৰিস্কাৰ-পৰিছন্নকৈ ৰখা প্ৰথম তিনিখন গাঁৱক বঁটাও দিয়ে। ইয়াকে লৈ আমাৰ এই গাঁওকেইখনৰ তলে তলে খুউব প্ৰতিযোগিতাও চলে!"

ভাল লাগিল। পিছত বহুবাৰ দেখিলো, গাঁৱৰ পেন্দুকণা কেইটাইও মৰ্টনৰ বাকলি পেলাবলৈ ডাষ্টবিন বিচাৰি ফুৰে। সেয়ে বাটৰ আশে-পাশে বা অন্য কোনো ৰাজহুৱা স্থানত প'লিথিন বা জাবৰৰ দ’মো চকুত নপৰিল।

পৰিস্কাৰ-পৰিচ্ছন্ন মোৱালপেং

অকোৱা-পকোৱা পাহাৰীয়া বাটেৰে 
লিয়ানাই তেওঁৰ বাইকখন লৈ সাজু হৈছিলেই। ময়ো প্ৰয়োজনীয় বয়-বস্তুখিনি লৈ ওলাই আহিলো দিনটোৰ বাবে। আমাৰ উদেশ্য মোৱালপেঙৰ লগতে ওচৰৰ গাওঁকেইখনৰ ঝুমখেতিৰ ব্যৱস্থা, সময়ৰ সৈতে পৰিৱৰ্তন, খেতিৰ পদ্ধতি আদিৰ বুজ লোৱা। এই প্ৰাৰম্ভিক সমীক্ষাৰ তথ্যই মোৰ মূল গৱেষণাৰ পৰিকল্পনাত সহায় কৰিব
হাতত সময় কম-সেয়ে বাইকেৰেই যিমানকেইখন গাওঁলৈ যাব পাৰি যোৱাৰ সিদ্ধান্ত হ’ল। লিয়ানাই ক’লে, আমাক লগ দিবলৈ তাৰে অন্য এজন বন সুৰক্ষা কৰ্মী আহিব। দুয়ো ওলাই আহি বাট চালো।

গাঁৱৰ বাটেৰে এফালৰ পৰা এখন বাইক অহা দেখা পালো। কাউবয় হেট, দীঘল কোটেৰে এইজনানো কোন ওলালোহি বুলি ভাবোঁতেই লিয়ানাই ক’লে,

: ইয়ে আমাৰ লগত যাব!

ত্ৰিশৰ অনুৰ্দ্ধৰ এজন ল’ৰা। হিন্দী একেবাৰে নাজানে, ইংৰাজীত দুই-এষাৰ ক’ব পাৰে। নামটো সুধিলো। ক’লে, ‘কিমতিয়াহ’-চমূকৈ কিমা। লিয়ানাই কোৱাত মই কিমাৰ বাইকত বহিলোগৈ
কিমাই মোৰ নাম সুধিয়ে প্ৰশ্ন কৰিলে,

: ডু ইউ হে'ভ এ ফে’চবুক একাউন্ট?

মই মনতে ভাবিলো, কম নহয় এখেত! প্ৰথমেই সেইটো প্ৰশ্ন!

বাটত লিয়ানা আৰু কিমা
যি নহওক, ধূলিময় পাহাৰীয়া বাটেৰে আমি আগবাঢ়িলো। লিয়ানাই আমাক বাট দেখুৱাই নিলে। বাটৰ দুয়োপাৰে ঝুম খেতিৰ বাবে মোকলোৱা এঢলীয়া উদং পথাৰবোৰ, কাষতে আঁচ এডাল টানি দুভাগ কৰাৰ দৰে পুৰণা হাবিৰ সৰু-বৰ খণ্ডবোৰ। কিছুমান পাহাৰ দূৰৰ পৰা দেখিলে কোনোবাই সেউজীয়া এবখলা আঁতৰাই নিয়াৰ দৰে ঘন হাবিৰ মাজতে এডৰা উদং মাটি। বাটে বাটে ৰৈ ফটো ল’লো। লিয়ানাই কথাবোৰ ব্যাখ্যা কৰিলে। এই ঝুমখেতিবোৰ প্ৰতি এবছৰ বা দুবছৰৰ মূৰে মূৰে মিজো খেতিয়কে অন্য কাষৰীয়া ঠাইলৈ সলায়। এঠাইত কৰি উঠি তাত পুনৰ গছ-বন ডাঙৰ হৈ জংঘল হোৱালৈকে এৰি অন্য ঠাইত পুৰণা জংঘল কাটি খেতি কৰে। এই আৱৰ্তন (rotation)ৰ ফলতে এঢলীয়া পাহাৰীয়া মাটিৰ খেতিৰ পিছত হেৰোৱা উৰ্বৰতা কেইবাবছৰ ধৰি গঢ় লৈ উঠা গছ-গছনিয়ে উভতাই অনাত সহায় কৰে। লিয়ানাই ক’লে,

: ইয়াত আমি এডোখৰ মাটিত এবাৰ খেতি কৰি সাত বছৰলৈ এৰি যাওঁ। সাতবছৰত জংঘল ডাঙৰ হৈ মাটি ‘ভাল’ হৈ গ’লে আকৌ খেতি কৰোহি|

ঝুম খেতিৰ বাবে মোকলোৱা মাটি 
বহুতো তথ্যই কয়, জনসংখ্যা বৃদ্ধিৰ ফলত খেতিয়কৰ গাইগুটীয়া খেতিমাটিৰ পৰিমাণ কমিছে। সেয়ে আৱৰ্তনৰ চক্ৰও চুটি হৈছে। ফলত মটিৰ উৰ্বৰতাও সম্পূৰ্ণকৈ উভতি অহাৰ পূৰ্বেই মানুহে আকৌ খেতিৰ বাবে নতুনকৈ মোকলাবলৈ লৈছে। গতিকে সময়ৰ লগে লগে ফচল কমিছে, নতুন খেতিমাটিৰ বাবে হেঁচাও বাঢ়িছে। খেতিয়কে নতুনকৈ কাষৰে অৰণ্য মোকলাবলৈ লৈছে। বহুতে ঝুমখেতিৰ পৰা পৰিয়ালটো চলিব পৰাকৈও ফচল নাপাই অন্য বিকল্পলৈও মন মেলিছে| বাটত আমি ফলৰ বাগিচা, মাছ পোহা পুখুৰী আদিও দেখিবলৈ পালো। মোৰ উদ্দেশ্য আছিল, এনে দিশসমূহৰ বিষয়ে সাধ্যানুসৰি তথ্য গোটোৱা আৰু এই পৰিৱৰ্তনসমূহে জৈববৈচিত্ৰ্যত কেনে প্ৰভাৱ পেলাব পাৰে সেয়া বুজিবলৈ চেষ্টা কৰা|

দুপৰীয়া আমি টইজ’ নামৰ গাওঁখন পালোগৈ। তাৰপৰা এটা বাট ট’ৱি ( Tawi) অভয়াৰণ্যলৈ যায়। অৱশ্যে মূল অৰণ্যলৈ খোঁজেৰে যোৱাৰ বাহিৰে অন্য গত্যন্তৰ নাই।


আমি তাৰপৰাও আগবাঢ়ি গৈ মেইটে নামৰ গাওঁখনতহে জিৰালোগৈ। ৰ’দজাক মূৰত লৈ আহি থাকি বিষ এটাই ধৰিছিলেগৈ। সেয়ে কিজানি তাত বন সুৰক্ষা কৰ্মী জোছেফৰ ঘৰত বহি সেৰসেৰীয়া একেবাৰে পাতল ফিকাঁ চাহ কাপ খায়ো আৰাম পালো। মন কৰিলো, পুৰুষ-মহিলা নিৰ্বিশেষে প্ৰায়বোৰেই ইয়াত ধুমপান কৰে
ঘনে ঘনে চিগাৰেট হোঁপা আৰু তাৰ মাজে মাজে চূণেৰে বোলাই তামোলখন মুখত ভৰোৱাৰ দৃশ্য সকলোতে সহজলভ্য

মেইটেত লিয়ানাই বিভাগীয় জৰীপৰ বাবে গাৱঁৰ প্ৰত্যেকৰে বাঁৰীত বনৰীয়া গাহৰিয়ে এইমাহত কৰা ক্ষয়-ক্ষতিৰ খতিয়ান ল’লে। ময়ো লিয়ানাৰ সহায়ত মিজো খেতিয়কসকলৰ পৰা ঝুমখেতিৰ বিষয়ে তথ্য গোটালো বেছিভাগেই হিন্দী বা ইংৰাজী একোৱে বুজি নাপায় সেয়ে সকলোতে লিয়ানা মোৰ বাবে কণাৰ লাখুটি যেন হ’ল এঘন্টামান জিৰাই আমি তাৰ পৰা উভতিলো।


উভতি টইজ’ পাওঁহি মানে ভীষণ ভোক লাগিল। তাতে বাটৰে এখন সৰু হোটেলত খাবলৈ বহিলো। চাহ আৰু লগতে অ’ৰিট’ আৰু চেঙা নামৰ দুবিধ মিঠাই; লগতে দহটামান সিদ্ধ কণী-তাকে বৰ তৃপ্তিৰে তিনিও খালো। লিয়ানাই যিমানহে অৰ্ডাৰ কৰিলে, আমি খাই শেষ কৰিব নোৱাৰিলো
পিছত দেখিলো, দোকানীগৰাকীয়ে আমি নোখোৱাখিনি প্লেটৰ পৰা নি আকৌ ধুনীয়াকৈ খাপে খাপে নি সজাই থৈ দিলে!

টৱি অৰণ্যখন চাই যোৱাৰ মন আছিল মোৰ
লিয়ানাক কোৱাত ক’লে,

:ঠিক আছে, বাটত কাষৰ পৰাই হাবিলৈ যাবলৈ লুংলুঙীয়া বাট এটাৰে পাহাৰলৈ উঠিব পাৰি
সেইফালে অলপ বগাই চাই আহিব পাৰিব

গ’লো; থিয় পাহাৰীয়া বাট লিয়ানাই আগে আগে বাট দেখুৱাই গ’ল, মোক ক’লে,

: আপুনি মাজত আহক
কিমা আপোনাৰ পিছে পিছে আহি থাকক
 সুধিলো, “কিয়?”

লিয়ানাৰ উত্তৰ,
: কেনেবাকৈ আপুনি পিছল খাই বা হামথুৰি খাই পৰিলে একেবাৰে তল নাপাবগৈ, কিমাই সাউৎকৈ ধৰিব!

হাঁহি উঠি গ’ল মোৰ
ক’লো, তেনেকুৱা একো নহয়, মোৰ অভ্যাস আছে; এতিয়াও মই আৰামত গৈ আছোচোন!

সিহঁত পতিয়ন নগ’ল
বনবিভাগৰ পৰা নিৰ্দেশ দিয়া হৈছে হেনো, কোনোকাৰণতে মই যাতে পৰা-ধৰা বা দুখ পোৱাৰ ‘ঘটনা’ নঘটে! উপায় নাপাই মানি ল’লো

---------------ক্ৰমশ: