Tuesday 6 February 2018

সুস্বাস্থ্যৰ বাবে পাঁচটা অভ্যাস

স্বাস্থ্যৰক্ষাৰ বিধি সম্পৰ্কে কাৰিকৰী পৰামৰ্শ দিব পৰাকৈ মই কোনো বিশেষজ্ঞ নহওঁ৷ কিন্তু নিজৰ অভিজ্ঞতাৰ পৰা এইটো নিশ্চয় ক’ব পাৰোঁ যে কেৱল অকণমান স্বাস্থ্য সচেতনতা আনিব পাৰিলেই মোৰ দৰে যিকোনো সাধাৰণ মানুহে স্বাস্থ্যকৰ জীৱন এটা কটাব পাৰে৷ সঁচা কথা ক’বলৈ গ’লে আজি কিছু বছৰৰ আগলৈকে মই নিজেও স্বাস্থ্য সম্পৰ্কে প্ৰায় নিৰ্বিকাৰ আছিলো৷ ডাক্তৰৰ ওচৰলৈ দৌৰিব লগীয়া অৱস্থা এটা নোহোৱালৈকে স্বাস্থ্য সম্পৰ্কে কিবা ভাবিলগীয়া আছে বুলিয়ে গণ্য কৰা নাছিলো৷ কিন্তু কামৰ টানে যেতিয়া নানা দুৰ্গম ঠাইত পাহাৰে-কণ্ডৰে সাধাৰণ অৰ্থত ’কঠিন’ পৰিস্থিতিৰ মুখামুখি কৰাই দিলে, তেতিয়াহে নতুনকৈ উপলব্ধি কৰিলো এটা সুস্থ-সবল শৰীৰৰ গুৰুত্ব আৰু জীৱনত সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা৷ আমি বহুতেই হয়তো ভাবি নাচাওঁ, এই পৃথিৱীত আমাৰ অস্বিত্ব, আমাৰ দৈনন্দিন জীৱন, আমাৰ সুখ-দুখ সকলোৰে মাধ্যম হ’ল আমাৰ শৰীৰটো৷ কথাতে কয়, সুস্থ শৰীৰ এটাতহে সুস্থ মন এটাই বাস কৰিব পাৰে৷ গতিকে সেই শৰীৰক সুস্থ কৰি ৰখাৰ গুৰুত্বও আমি হয়তো সচৰাচৰ ভবাতকৈ বহু বেছি৷


স্বাস্থ্য সম্পৰ্কে কিছু সচেতন হোৱাৰ পৰা মই নিজে কিছুমান অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰি আহিছোঁ৷ বিশেষকৈ এনে অভ্যাস যিবোৰে শৰীৰটোক যিমানদূৰ সম্ভৱ নিৰোগী আৰু সক্ৰিয় কৰি ৰাখে৷ কাৰণ ৰোগৰ চিকিৎসা (cure)ত কৈ প্ৰতিকাৰ (prevention) কৰিব পাৰিলে  বহুতো আহুকালৰ পৰাও নিলগত থাকিব পাৰি৷ ৰোগৰ এনে আগতীয়া প্ৰতিকাৰৰ বাবে মাথোঁ কিছুমান প্ৰাথমিক অভ্যাস কৰিয়ে বহুখিনি সুফল পাব পাৰি বুলি মোৰ বিশ্বাস৷ মোৰ জীৱনত সুস্বাস্থ্যৰ বাবে বিশেষভাৱে ফলপ্ৰসূ হোৱা এনে কেইটামান অভ্যাস আগবঢ়াইছোঁ৷ আশাকৰোঁ মোৰ দৰেই সকলোকে সুস্বাস্থ্য বৰ্তাই ৰখাত এই অভ্যাসবোৰে সহায় কৰিব৷

১) আপোনাৰ সুস্বাস্থ্যৰ প্ৰধান বৈৰী চেনি

সুস্বাস্থ্যৰ বাবে কৰিব পৰা প্ৰথম আৰু প্ৰাথমিক কামটো কি বুলি কোনোবাই সুধিলে মোৰ তাৎক্ষণিক উত্তৰ হ’ব মিঠা সোৱাদকণৰ সৈতে চিৰবিচ্ছেদ! এটা সময় আছিল, যেতিয়া মোৰ বাবে সকলো সময়তে পাকঘৰত মিঠাই বা বেকাৰিৰ বিভিন্ন বিস্কুট-কেক, চকলেট আদি মজুত কৰি ৰাখিব লগা হৈছিল৷ গৰমদিনত শীতল পানীয়, আইচক্ৰীম আদি নহ’লে মোৰ জীয়াই থকাই অসম্ভৱ যেন লাগিছিল৷ সময়ত বুজি পালো, এই কেক, বিস্কুট, আইচক্ৰীম, পেষ্ট্ৰি, শীতল পানীয়, কেণ্ডি সকলোতে অতি বেছি কেল’ৰি শক্তি থাকে, কিন্তু পৰিপুষ্টিৰ উপাদান বিশেষ একো নাথাকে৷ এইবোৰ নিয়মীয়াকৈ খালে উপৰুৱা কেল’ৰিখিনি দেহে চৰ্বি (visceral fat) হিচাপে দেহত জমা কৰি ৰাখে৷ সেইবাবেই এইবোৰ খাদ্যই মেদবহুলতা আনে৷ চেনিৰ প্ৰতি আমাৰ প্ৰায় সকলোৰে আসক্তিৰ বৈজ্ঞানিক ভিত্তিও আছে৷ এই চেনীজাতীয় খাদ্যবোৰত থকা ফ্ৰুক্ট’জে আমাৰ মগজুত ড’পামাইন নামৰ এবিধ ৰাসায়নিক দ্ৰব্য (neurotransmitter) ক্ষৰণ কৰে৷ এই ড’পামাইনে গৈ আমাৰ স্নায়ুতন্ত্ৰৰ সুখানুভূতিৰ কেন্দ্ৰ (reward centre)বোৰ সক্ৰিয় কৰি দিয়ে যাৰ বাবে মিঠা কিবা এটা খালেই আমাৰ মন ভাল লাগে৷ সেই অনুভৱখিনিৰ বাবেই আমাৰ বাৰে বাৰে মিঠা খোৱাৰ ইচ্ছা হয়৷ মিঠাৰ এই আসক্তিৰ প্ৰক্ৰিয়া ক’কেইন, নিক’টিন আদি ড্ৰাগছৰ আসক্তিৰ সৈতে সম্পূৰ্ণ একে৷ গতিকে দ্বিতীয়বাৰ মিঠাই এবিধ মুখত দিয়াৰ আগতে ক্ষন্তেক ৰৈ নিজকে সুধি চাবচোন, সুস্বাস্থ্য গঢ়াৰ বাটটো আপুনি অজানিতে নিজেই ভেটি থৈছে নেকি!


২) (বিশুদ্ধ) পানীয়েই অমৃত
আমাৰ শৰীৰৰ দুই-তৃতীয়াংশই পূৰাই ৰখা পানীৰ উপকাৰিতাৰ কথা আমি সকলোৱে জানো৷ পানীয়ে খাদ্য হজম কৰাত সহায় কৰে, দেহৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে, শৰীৰৰ ছাল সতেজ কৰি ৰাখে, বিষাক্ত পদাৰ্থ বৰ্জন কৰি পৰিশুধনত সহায় কৰে আৰু বিপাক ক্ৰিয়াও নিয়মিত কৰে৷ পিছে প্ৰতিদিনে পৰ্য্যাপ্ত পৰিমাণে পানী খাবলৈ বাৰু আমাৰ কিমানৰ মনত থাকে! মোৰো নাছিল!  কেইবাজনো ডাক্তৰে প্ৰেছক্ৰিপ্টশ্যনত যেতিয়া মোৰ বাবে ঔষধৰ সলনি যথেষ্ট পানী খোৱাৰহে উপদেশ দিলে, তেতিয়াহে মোৰ গা লৰিল৷ শুই উঠি অন্য কিবা পেটত পেলোৱাৰ আগতে এগিলাচ কুহুমীয়া গৰম পানী খাবলৈ ল’লো৷ ঘৰ-অফিচ, বাটে-পথে য’তেই নাথাকো পানীৰ বটলটো লগত লৈ ফুৰা হ’লো৷ কম সময়ৰ ভিতৰতে আৰু ক’ব নোৱাৰাকৈয়ে শৰীৰৰ পূৰ্বৰ বহুতো আলৈ-আহুকাল দূৰ হ’ল৷ এতিয়া সঁচা অৰ্থতে মই পানীৰ সম্পূৰ্ণ ’আসক্ত’! দিনটোতে বটলত যিমানবাৰ পানী ভৰাওঁ আৰু পৰম তৃপ্তিৰে গিলাচে গিলাচে যেনেকৈ পানী খাওঁ যে কোনোবাই মন কৰিলে সঁচাই সেই সন্দেহেই কৰিব! বিশুদ্ধ বুলি কিয় কৈছোঁ বুজিছেই চাগৈ৷ দূষিত পানী হাজাৰটা ৰোগৰ উৎসও৷ গতিকে খোৱা পানীখিনি বিশুদ্ধ নহ’লে হিতে বিপৰীতহে হোৱাৰ সম্ভাৱনা৷

৩) আখলত কিছু সময়
প্ৰথমেই এটা স্বীকাৰোক্তি: বহুদিনলৈকে মই মেগীৰ বাহিৰে অন্য একো ৰান্ধিবলৈ নাজানিছিলো৷ ঘৰত থাকোতে শিকাৰ একো আগ্ৰহ নাছিল৷  ভাৱিছিলো, মোৰ দ্বাৰা ৰন্ধা-বঢ়া সম্ভৱ নহয়৷ যেন তেন প্ৰকাৰেণ সোৱাদ লগা খাদ্য মুখৰ আগত পাই থাকিলে কি খালো, ক’ৰ পৰা-কেনেকৈ আহিল সেইবোৰ প্ৰশ্ন ভুলতো মনলৈ অহা নাছিল৷ পিছে কামৰ বাবে লাগ বুলিলেই কিবা এটা খোৱাবস্তু কিনিবলৈ শ শ মাইল দূৰলৈ কোনো দোকান বা ৰেষ্টুৰেন্ট নোহোৱাকৈ অৰণ্যৰ মাজত নূন্যতম খাদ্যৰে দিন কটোৱাৰ অভিজ্ঞতাই প্ৰথমবাৰৰ বাবে খাদ্যৰ মূল্য কি সেয়া নতুনকৈ উপলব্ধি কৰাই দিলে৷ তেনে ঠাইৰ পৰা ’সভ্যতা’ৰ মাজলৈ ওলাই অহাৰ পিছত মনৰ জোখাৰে সোৱাদ লগাই কিবা এটা খোৱাৰ বাবে পুহি ৰখা হেঁপাহটোৱে ৰান্ধিবলৈ আগ্ৰহী কৰি তুলিলে মোক৷ ইটো-সিটোকৈ নতুন একোবিধ ৰান্ধি-খাই আৰু খুৱাই বৰ সন্তুষ্টি পোৱা হ’লো৷ সুযোগ-সুবিধা মিলিলেই  ৰেষ্টুৰেন্টত খাবলৈ যোৱাৰ অভ্যাসটো প্ৰায় নোহোৱা হৈ পৰিল৷ এই সাধাৰণ পৰিৱৰ্ত্তনটোৱে নজনাকৈয়ে স্বাস্থ্যতো আমূল পৰিৱৰ্ত্তন আনি দিলে৷ ইয়াৰ কাৰণ যথেষ্ট৷ প্ৰথমেই হ’ল, বাহিৰৰ পৰা যিমানেই পৰিষ্কাৰ যেন নালাগক আমাৰ প্ৰায়বোৰ ৰেষ্টুৰেন্টৰ ৰন্ধাঘৰৰ ভিতৰখন এবাৰ দেখিলে আপোনাৰ কেতিয়াও দ্বিতীয়বাৰ তাতে খোৱাৰ সত নাযাব৷ আইনগতভাৱে বাধ্যতামূলক যদিও খাদ্যৰ স্বাস্থ্যবিধি (food hygiene) সম্পৰ্কত আমি এতিয়াও সচেতন হোৱা নাই৷ অপৰিষ্কাৰ খাদ্যই কিমান ৰোগ বিয়পায় সেয়া জানিও আমি প্ৰায় সকলোৱে সেয়া পাহৰি থাকিবলৈ চেষ্টা কৰোঁ৷ ৰেষ্টুৰেন্টত খোৱাটো কমালে এনে অপৰিষ্কাৰ খাদ্যই বিয়পোৱা ৰোগবোৰৰ পৰা হাত সাৰিব পাৰি৷ অতিপাত মছলা দিয়া খাদ্যই কৰা পেটৰ আলৈ আহুকালবোৰৰ কথা নক’লেও হয়৷ বিশেষকৈ কেঁচা শাক-পাচলিৰ চালাড কিমান পৰিষ্কাৰ নিজ চকুৰে নেদেখিলে কেতিয়াও মুখত দিব নালাগে, কাৰণ অপৰিষ্কাৰ কেঁচা পাচলিয়ে বিষক্ৰিয়া কৰিব পাৰে৷ তাৰোপৰি ৰেষ্টুৰেন্টত খোৱাৰ অভ্যাস আঁতৰাব পাৰিলে নিজৰ ইচ্ছামতে স্থাস্থ্যকৰ খাদ্যৰে খোৱা কাঁহীখন সজাই ল’ব পাৰি৷ এখোপ আগবাঢ়ি মই এইটোও ক’ম যে স্থাস্থ্যসচেতন যিকোনো মানুহে নিজৰ প্ৰয়োজনীয় খিনি নিজেই ৰান্ধিবলৈ শিকাটো অতি দৰকাৰী৷ বৰ্তমান ইন্টাৰনেটত সহজ ৰেচিপিৰ, ইউটিউবত নিৰ্দেশনাৰ অভাৱ নোহোৱা দিনত সেইখিনি শিকি ল’ব পাৰিলেই পৰত আশ, বনত বাস পৰিস্থিতিৰ পৰা সহজতে হাত সাৰিব পাৰি৷

৪) দৈনিক কিছু শাৰীৰিক পৰিশ্ৰম 
সুস্বাস্থ্যৰ বাবে শাৰীৰিক সক্ৰিয়তাৰ কিমান প্ৰয়োজন সেয়া জানিলেও  দৈনন্দিন জীৱনৰ নানা লেঠাৰ মেৰপাকত পৰি বহুতৰ সময় বা আগ্ৰহৰ অভাৱ হয়৷ মোৰো হৈছিল বা সঁচাকৈ ক’বলৈ গ’লে এতিয়াও হয়৷ কিন্তু এটা সময়ত মই অনুভৱ কৰিলো, বেলেগকৈ সময় বা সুবিধা নোলালেও দৈনন্দিন জীৱনৰ ৰুটিনৰ সৈতে খাপ খুৱাই আমি বহুতো উপায়েৰে শাৰীৰিক সক্ৰিয়তা বজাই ৰাখিব পাৰোঁ৷ সাধাৰণভাৱে আপোনাৰ ২০ টা খোঁজত এক কেল’ৰিকৈ শক্তি ক্ষয় হয়৷ গতিকে যিমান পাৰি ভৰি দুখনকে ব্যস্ত কৰি ৰাখিব পাৰিলেই শৰীৰৰ সক্ৰিয়তা বৃদ্ধি কৰিব পাৰি৷ যেনে, কম দূৰত্বৰ কৰ্মক্ষেত্ৰলৈ গাড়ীৰে নগৈ খোঁজকাঢ়ি, দৌৰি বা চাইকেলেৰে অহা-যোৱা কৰা, পৰাপক্ষত লিফটৰ সলনি  খটখটী ব্যৱহাৰ কৰা, ঘৰৰ ফুলনি বা শাকনিবাৰীৰ নিজে যত্ন লোৱা- মুঠতে শৰীৰক সক্ৰিয় কৰি ৰাখিব পৰা যিকোনোধৰণৰ এনে সৰু-সুৰা সুযোগবোৰৰ পূৰ্ণব্যৱহাৰ কৰক৷ গৱেষণাই দেখুৱাইছে যে দিনে এঘন্টা নিয়মীয়া খোঁজকঢ়া আৰু তিনিবাৰকৈ মাথোঁ দহমিনিট সময়ৰ বাবে খুউব খৰ খোঁজ দিয়াৰ শৰীৰৰ ওপৰত প্ৰভাৱ একেই৷ সৰু হ’লেও এইবোৰ অভ্যাস সুস্বাস্থ্যৰ বাবে একোটা উল্লেখযোগ্য পদক্ষেপ৷ 

৫) ভাতঘুমটিৰ আমেজকণৰ পৰা বিপদ
অসমীয়াৰ বাবে ভাতঘুমটিৰ আমেজখিনি বৰ হেপেহুৱা৷ গধুৰকৈ ভাতসাঁজ খাই আমি ভাগৰুৱা অনুভৱ কৰোঁ আৰু অকণমানকৈ জিৰোৱাৰ ইচ্ছা হয়েই৷ পিছে এই ভাতঘুমটি কণেই শৰীৰত কেণা লগাই পেলাব পাৰে৷ ইয়াৰ কাৰণ হ’ল, খাই উটাৰ লগে লগে শৰীৰে খাদ্যবোৰ হজম কৰা প্ৰক্ৰিয়া আৰম্ভ কৰে আৰু এই কামটো ভালকৈ সম্পন্ন হয় শৰীৰটো থিয় হৈ থাকিলে৷ শুই দিলে, কিছুমান খাদ্য পাকস্থলী অৰ্থাৎ পেটৰ পৰা উভতি হৈ গ্ৰাসনলী (esophagus)লৈ গ’লে তাৰ সৈতে থকা হজমৰ বাবে নি:সৰণ হোৱা উৎসেচকে পেট জ্বলা-পূৰা (Gastroesophageal Reflux Disease) আৰম্ভ কৰে৷ তাৰোপৰি নিশা খায়ে পোনেই বিছনালৈ গ’লে ষ্ট্ৰ’কৰ সম্ভাৱনাও বঢ়াই তোলে বুলি গৱেষণাত ধৰা পৰিছে৷ গতিকে খোৱাৰ পিছত ভাতঘুমটি কণৰ আমেজ এৰি প্ৰায় দুইৰ পৰা চাৰি ঘন্টালৈ বিছনাত বাগৰ নিদিয়াকৈ থাকিবলৈ চেষ্টা কৰা ভাল৷ 


ব’নাছ টিপ: আজিৰ যুগত যিকোনো বস্তুৰে আঁতি-গুৰি ছেকেণ্ডতে ইন্টাৰনেটত বিচাৰি উলিয়াব পাৰি৷ গতিকে ঘৰুৱা বিধি, বনৌষধ, হোমিঅ’পেথিক-এলোপেথিক-আয়ুৰ্বেদিক আদি যি সামগ্ৰীয়ে নহওক কোনোবাই পৰামৰ্শ দিলে বুলিয়ে জধে-মধে নাখাই গুণাগুণ পৰীক্ষা কৰিহে লোৱা উচিত৷ আটাইতকৈ দৰকাৰী কথাটো হ’ল, আমি যিয়ে মুখত নিদিওঁ, সেয়া আমাৰ নিজৰ শৰীৰেই পাব-তাৰ ভাল-বেয়া প্ৰভাৱ আমাৰ নিজৰ শৰীৰতে আৰু নিজৰ জীৱনতে পৰিব৷ সেয়ে যিমান পাৰি স্বাস্থ্যকৰ খাদ্য খাওক, সুস্বাস্থ্যই আপোনাৰ জীৱনত নিজে ধৰা দিবহি৷

Medindia-ই প্ৰস্তুত কৰা সুষম খাদ্যৰ পিৰামিড

1 comment:

  1. This comment has been removed by a blog administrator.

    ReplyDelete