Thursday 28 July 2005

সংগ্ৰামৰ অন্য এক পৰিচ্ছেদ

কালি নিশা এক মূহূৰ্তৰ বাবেও টোপনি নাহিল মোৰ৷ এক অসহায় অস্থিৰতাৰ কোলাত হৃদয়খন গুঁজি দি উজাগৰী নিশাটো পাৰ কৰি দিবলৈ বাধ্য হ’লো৷ ডিম লাইটৰ কোমল সেউজী আভাত টোপনিত লালকাল হৈ থকা অৰুণাৰ শৰীৰটো ধুমুহাত উভাল খাই পৰা লেহুকা গছ এডাল যেন লাগিছিল মোৰ৷ অথচ বাস্তৱত কোমল সেউজীয়া বৰণৰ এই লেহুকা গছ ডালতে বিশাল বট বৃক্ষৰ সমস্ত শক্তি থুপ খাইছেহি৷ কেনেকৈ এয়া সম্ভৱপৰ হ’ল মই নাজানো৷ কিন্তু এটা কথা ভালদৰেই জানো যে এই ৰহস্যময় শক্তিৰ আধাৰতেই লেহুকা গছডালে সকলো ধুমুহা নীৰৱে পাৰ হৈ যাবলৈ দি অলৰ অচৰ হৈ ৰ’ব পৰিছে৷

অৰুণা ওলাই গ’ল মই বিচনাত থাকোতেই৷ চিৰাচৰিত অভ্যাস অনুসৰি যাওঁতে মোক জগাই থৈ গ’ল কুম্ভকৰ্ণ হোৱাৰ আখৰা কৰিব নালাগে বুলি কৈ৷ শেষ নিশাৰ চিলমিলিয়া টোপনিৰ আবেশতো অবচেতনভাৱে মই তাইৰ মুখলৈকে চালো৷ এয়া সেই একেজনী অৰুণাই৷ প্ৰাণোচ্ছল আৰু ফূৰ্তিবাজ অৰুণা৷ মাছ কমিউনিকেশ্যনৰ ক’ৰ্ছ শেষ কৰি আগশাৰীৰ টেলিভিশ্যন চেনেলত কাম কৰিব বিচৰা অৰুণা৷ আৰু…আৰু অবৈধভাৱে গজালি মেলি তিলতিলকৈ জীৱনীশক্তি শুহি অনা এলানি অস্থিৰ কোষ বুকুত কঢ়িয়াই ফুৰা অৰুণাও এইজনীয়ে৷

কোঠাৰ একমাত্ৰ খিৰিকীখনৰ কাষত মই থিয় দি ৰ’লোগৈ৷ একো নেদেখি কাষতে থকা ওখ ফ্লেট কেইটাৰ বাহিৰে৷ গুৱাহাটী মহানগৰ এইখন৷ সঁচাকৈয়ে বৰ সংকীৰ্ণ হৈ পৰে ইয়াত দৃষ্টিৰ পৰিসীমা৷ একোটা নিৰ্দিষ্ট বৃত্তৰ ভিতৰতে মনবোৰ চপাই কোঁচাই থব লগা হয় প্ৰত্যেকেই৷…আমি ভৱাতকৈও বাস্তৱ হয়তো বেছি নিষ্ঠুৰ৷ সেইবাবেই বাস্তৱক একাষে এৰি আমি দেও দি যাব খোজোঁ আশাৰ জগতখনলৈ৷ এতিয়াও জানি বুজিয়ে মোৰ মন গ’ল হৃদয়ৰ সমস্ত ক্লান্তি অৱসাদ নেদেখা আকাশখনৰ উদেশ্যে মুক্ত কৰি দিবলৈ৷ নোৱাৰিলো৷ কাৰণ মই জানো, কংক্ৰিটৰ বেৰত ঠেকা খাই আহি সেইবোৰে দুগুণ জোৰেৰেহে আঘাত হানিবহি মোক৷

বিমোৰ হৈ মই একেঠাইতে থিয় দি ৰ’লো৷ হঠাৎ যেন পৰিৱৰ্তনৰ আচহুৱা উকমুকনি এটাই মোক বেৰি ধৰিলেহি৷ আশ্চৰ্য্যজনকভাৱে মোৰ দৃষ্টিৰ পৰা আঁতৰি গ’ল কাঠফুলাৰ দৰে গজি উঠা কংক্ৰিটৰ বিশৃংখল অবয়ৱবোৰ৷ চাৰিওদিশৰ বেসুৰা চিঞৰ-বাখৰ, যান্ত্ৰিক শব্দবোৰো যেন নিমিষতে কোনোবাই স্তব্ধ কৰি দিলে৷ মোৰ দৃষ্টিশক্তিৰ পৰিসীমাত ভাঁহি থাকিল কেৱল কুঁৱলী আৰু কুঁৱলী৷ লাহে লাহে কুঁৱলীৰ আৱৰণ আঁতৰি দৃশ্যপটত দেখা গ’ল এখন সমভূমি৷ কিন্তু সমগ্ৰ অঞ্চলটোত সেউজীয়াৰ আঁক এটাও বিচাৰি নাপালো মই৷ গছ-লতা, আকাশ, মাটি-পানী ধূসৰ- সকলো৷ সেই নিৰ্মম ধূসৰতাৰ মাজত এজাক গাভৰু দৌৰি ফুৰিছে লক্ষ্যহীনভাৱে৷ আৰু নিশব্দতা ভংগ হৈছে সিহঁতৰ খিলখিলনিৰে৷ বৰ আচৰিতভাৱে মই আৱিস্কাৰ কৰিলো সিহঁতৰ প্ৰত্যেকেই একো একোজনী অৰুণা৷

‘আস!’ মই থাউনি বিচাৰি খিৰিকীৰ গ্ৰীলত খামুচি ধৰিলো৷ তেতিয়াও মোৰ কাণত খিলখিলনিৰ শব্দই ভাঁহি থাকিল৷ ডিঙিটো শুকাই যোৱা যেন লাগিল৷ পানী বটলতে পালো-নিশ্চয় অৰুণাই ভৰাই থৈ গৈছে৷ অলপ সুস্থ অনুভৱ কৰিলো৷ খিৰিকীৰ কাষৰ পৰা আহি মই বিছনাত পৰিলোহি৷ কাষতে নোটবুকখন আৰু কলম এটা৷ কিছুসময় আঁকবাঁক কৰি ল’লো তাতে৷ হয়তো হৃদয়ত ভিৰ কৰা অস্থিৰতাবোৰ বাহিৰ কৰাৰ পথ বিচাৰি৷

অৰুণাৰ স’তে বৃহৎ ফ্লেটটোৰ গ্ৰাউণ্ড ফ্লৰৰ এই কোঠাটৌত থকা প্ৰায় এবছৰেই হ’ল মোৰ৷ এই এটা বছৰে গঢ়ি উঠা ঘনিষ্ঠতা সূত্ৰে মই জানো অৰুণা ঘৰৰ জেষ্ঠা আৰু একমাত্ৰ কন্যা সন্তান৷ তাতে তাইৰ প্ৰাণোচ্ছল স্বভাৱটোৰ বাবেও খুড়াক, পেহীয়েক, ককাক-আইতাক আৰু ভায়েক-ভনীয়েকেৰে পৰিবেষ্টিত যৌথ পৰয়ালটোৰ বাবে অৰুণা হৃদপিণ্ড স্বৰূপ৷ এইজনী অৰুণাই কালি শুবৰ পৰত বৰ স্বাভাৱিক ভাৱে কৈ পেলালে মোক-তাই কৰ্কট ৰোগী৷ এলানি কোষে বুকুত খোপনি পুতি অবিৰত বিভাজনেৰে কুটি কুটি শেষ কৰি আনিছে তাইৰ জীৱন৷ ডাক্তৰে নিশ্চিত কৰাই দুটা বছৰ হ’ল৷ ডাক্তৰে বাৰে বাৰে পৰামৰ্শ দিয়া স্বত্বেও দুই এটা টেবলেট খোৱাৰ বাহিৰে একো চিকিৎসাই কৰা নাই তাই…………..আনকি আনকি নিজৰ যিখন ঘৰৰ বাবে তাই প্ৰাণতকৈও আপোন, এইখন ঘৰকো অৰুণাই বঞ্চিত কৰি ৰাখিছে এই নিৰ্মম সত্যৰ পৰা৷ এই প্ৰত্যেকেটো কথাৰ অন্ততে মোক প্ৰশ্নবোধক চিনটোৱে আমনি কৰিলে৷ কিন্তু মই এটা প্ৰশ্নও কৰিব নোৱাৰিলো ইমানবোৰ অস্বাভাৱিকতাৰে স্বাভাৱিক হৈ মোৰ সমুখত কৌতুকবোধৰ আঁৰত ক্ষণিক তাইৰ দুচকুত জিলিকি উঠা ব্যাকুলতাখিনিও অস্বীকাৰ কৰিব নোৱাৰিলো৷ তাই কোৱা প্ৰত্যেকটো কথাই যে সঁচা সেয়া মৰ্মে মৰ্মে অনুভৱ কৰি হয়তো মই স্থৱিৰ হৈ পৰিছিলো৷

জীৱন সম্পৰ্কে আমি কৰা ধাৰণাবোৰ হয়তো তেনেই আপেক্ষিক আৰু অস্থায়ী৷ সময়, পৰিস্থতি আৰু আবেগ অনুসৰি এই ধাৰণাবোৰৰ পৰিৱৰ্তন ঘটি থাকে কিজানি৷ অৰুণাৰ কথাবোৰ শুনি শুনি তন্ময় হৈ মই এনেদৰেই ভাৱিবলৈ আৰম্ভ কৰিছিলো৷ তাই কৈ গৈছিল ৰোগৰ কথা, সেই ৰোগে নিয়ন্ত্ৰণ কৰি পেলোৱা কিছু পৰিস্থিতি, কিছু আবেগৰ কথা৷…দুটা বছৰৰ সান্নিধ্যৰে সমীৰ নামৰ কোনো এক সত্তাৰ সতে এক সুগভীৰ আবেগিব সম্পৰ্ক গঢ়ি উঠিছিল অৰুণাৰ৷ মেডিকেল ৰিপৰ্টৰ কথা জানিব পাৰি সমীৰে সহানুভূতি আগবঢ়াইছিল তাইৰ প্ৰতি৷ ঘৰত খৱৰ দিয়াৰ কথা কৈছিল৷ আৰু তাৰ দুমাহমানৰ পিছত তাইৰ হাতত পৰিছিলহি এখন বিয়াৰ কাৰ্ড৷ লগত এখন সৰু কাগজত সমীৰৰ দুশাৰী হাতৰ আখৰ৷ মাকে পছন্দ কৰি হঠাতে সকলো বন্দবস্ত কৰি পেলালে হেনো৷

নোটবুকৰ মসৃণ পৃষ্ঠাটোত মোৰ বিশৃংখল আঁকবাঁকবোৰে কিবা এটা নিৰ্দিষ্ট ৰূপ ল’বলৈ বিচৰা যেন লাগিল৷ ভিন্ন আকৃতিৰ অসংখ্য কণাৰ মাজত অস্পষ্টকৈ এটা কুণ্ডলী৷ কণাবোৰৰ আবেষ্টনীৰ পৰা কুণ্ডলীটোৰ এটা মূৰ অকণমানকৈ ওলাই আছে মুক্তভাৱে৷ মোৰ কলম তেতিয়াও ব্যস্ত কণাৰ ক্ষুদ্ৰ পাহাৰটোত৷ হঠাৎ মোৰ ভাৱ হ’ল, এইবোৰ যেন অন্য একো নহয় অৰুণাৰ বুকুত ক্ৰমান্বয়ে বেদখল কৰি অহা কোষবোৰহে৷ আৰু কুণ্ডলীটো! সেইটো তেন্তে তাইৰ জীৱন কুণ্ডলী! মই উচপ খাই নোটবুকখন জোৰেৰে বন্ধ কৰি দিলো৷ কলমটো উফৰি মজিয়াত পৰিলগৈ৷

অৰুণাৰ কথাবোৰ পুনৰ মোৰ কাণত বাজি উঠিল৷ তাই কোনো প্ৰামাণ্য স্বাক্ষৰ ৰখা নাই ৰোগৰ৷ মেডিকেল ৰিপৰ্ট, ডাক্তৰৰ প্ৰেছক্ৰিপশ্যন সকলো নষ্ট কৰি পেলাইছে কেতিয়াবাই৷ তাইৰ যুক্তি, প্ৰয়োজন নাই তাইক মৃত্যুৰ পদধ্বনি কিমান ওচৰ পাইছেহি সেয়া ক্ষণে ক্ষণে জানি থকাৰ৷ তাইৰ জীৱনৰ মোহত বন্দী হৈ ৰ’ব খোজে৷ জীৱন-ৰাগিণী উপভোগ কৰিব খোজে পূৰ্ণতাৰে৷

“তই ঘৰৰ মানুহক খৱৰ দিয়া হ’লে ভাল আছিল অৰু!” স্বতস্ফূত ভাৱে মোৰ মুখৰ পৰা ওলাই আহিছিল কথাষাৰ৷

মোৰ কাষ চাপি আহি দুয়ো হাতেৰে হাত এখন তুলি তাই কৈছিল, “জানো মই৷ কিন্তু তই ভাৱি চাছোন মাত্ৰ এজনৰ স্থায়ী উপাৰ্জনৰ ওপৰত নিৰ্ভৰশীল এটা যৌথ পৰিয়ালৰ কথা৷ মই জানো ভালদৰেই, মোৰ চিকিৎসাৰ বাবে ঘৰখনে সকলো ত্যাগ কৰিব৷ কিন্তু মই নিবিচাৰো, মোৰ জীৱনৰ আয়ুস ৰেখাডালত দুটামান বছৰ যোগ দিবলৈ গৈ অন্য কেইবাটাও জীৱন আৰম্ভণিতে কোঙা হৈ পৰক৷ যিমান দিন সম্ভৱ, এই সত্যৰ পৰা বঞ্চিত হৈয়ে থাককছোন৷ মা-দেউতাৰ বেদনাক্লিষ্ট মুখবোৰ চাবলৈ বৰ কষ্ট হ’ব মোৰ৷”

…কোনো কথাই গভীৰভাৱে ভাবিব নোখোজা অৰুণাৰ হৃদয়ৰ সাগৰ সম গভীৰতাত মই যেন ডুবিব ধৰিছিলো৷ তাই কৈ গৈছিল- “আচলতে কি জান নমি, এই কথাটোৱে মোক এটা নিৰ্দিষ্ট দিশত আগবাঢ়িবলৈ প্ৰেৰণা যোগাইছে৷ অনৰ্থক বিলাস কিছুমান বাদ দিবলৈ মই সাহস পাইছোঁ৷ কোনো মানুহেই অমৰ নহয়৷ মৃত্যু আছে বাবেইতো জীৱন ইমান মধুৰ৷ তেন্তে এই ক্ষন্তেকীয়া সময়কণ মানুহে কিয় মৃত্যুৰ আশংকা কটাই দিব খোজে? যি বাবেই নহওক, মই তেনে মানুহৰ শাৰীত নাই৷ জীয়াই থকা দিনকেইটা সুখত থাকিব খোজো মই, বুজিছ?”

অৰুণাৰ মুখত কৌতুক হাঁহি এটাই ঢৌ খেলিছিল৷ মোলৈ চাই তাই কৈছিল, “আহাহা—৷ এইবোৰ ক’বলৈ মইনো তোকহে পাব লাগেনে! এনে ছিৰিয়াছ হৈছ যেন তোৰ ওপৰতে সমগ্ৰ পৃথিৱীৰ বোজাটো কোনোবাই জাপি দিলে৷ বাদ দে এইবোৰ৷ শুই থাক৷ ৰাতি বহুত হ’ল৷”

……ইমান সহজনে! সঁচাকৈয়ে ইমান সহজনে কথাবোৰ!...ম’বাইলত মিহি সুৰ এটা বাজি উঠিল৷ -অৰুণাৰ ফোন! এনে সময়ত তাই ফোন কৰাৰ কোনো কাৰণ বিচাৰি নাপালো৷

“হেল্ল’ ”

“হেল্ল’ নমি৷ তই ক’ত আছ এতিয়া?” অৰুণাৰ উচ্চাসিত মাত

“ৰুমত৷ তই?”

“ভালেই হ’ল৷ শুন, তোৰ সৈতে চিনাকী কৰি দিবলৈ মানুহ এজনক নি আছো৷ এই দহমিনিটৰ ভিতৰতে পামগৈ৷ বুজিছ?”

“কিন্তু---”

“কোনো কিন্তু নাই, তই থাকিবি হা৷ বাই৷”

মোৰ খেলিমেলি লাগি গ’ল৷ কোনবা আহিব! তাকো মোৰ সৈতে চিনাকী হ’বলৈ! তথাপিও কোঠাটো খৰধৰকৈ ঠিকঠাক কৰিলো৷ শেষত চকু পৰিল অৰুণাৰ টেবুলখনত৷ কি যে কৰি থৈ গৈছে তাই৷ এখন দীঘল আকাৰৰ বহী মেলা অৱস্থাতে৷ কাষতে দুই-তিনিখন শকত ভলিউমৰ কিতাপ ওপৰা-ওপৰিকৈ৷ অলপ চিজিল কৰি থওঁ বুলি মই সেইবোৰ সামৰাত লাগিলো৷ তেনেতে টেবুলৰ কাষৰ ফালে থকা কিতাপ এখন সৰি পৰিল মজিয়াত৷ আৰু তাৰ পৰা তিনি চাৰিটামান কাগজৰ টুকুৰা ওলাই সিঁচৰিত হৈ পৰিল৷

মোৰ নিজৰ ওপৰতে অলপ খং উঠিল৷ ইমান অন্যমনস্ক হৈছো কিয় বাৰু? কাগজবোৰ তুলি কিতাপখনৰ মাজত ভৰাব খোজোতে হঠাৎ এটা সৰু টুকুৰাত চকু পৰিল মোৰ! কবিতা! অৰুণাই কবিতাও পঢ়েনে! মইতো ইমানদিনে অৰুণা আৰু কবিতাৰ সম্পৰ্কটো দুবোৰ্ধ্যতাৰ পৰা ওপজা একধৰণৰ অহি-নকুলৰ সম্পৰ্ক বুলিয়ে ভাৱি আছিলো৷ আগ্ৰহেৰে চকু ফুৰালো মই—

“I wish I had the voice of Homer
To sing of rectal carcinoma,
Which kills a lot more chaps, in fact,
Than were bumped off when Troy was sacked.…………………………
I know that cancer often kills,
But so do cars and sleeping pills;”

…..কিমান সময় থৰ হৈ ৰ’লো ক’ব নোৱাৰো, কলিং বেলৰ শব্দত সম্বিত ঘুৰাই পালো মই৷ খপজপকৈ কিতাপখন সামৰি থৈ দুৱাৰ খুলি দিলো৷ অৰুণাৰ সৈতে বয়সস্থ ব্যক্তি এগৰাকী৷ মোৰ বিধ্বস্ত চেহেৰা দেখিয়েই হয়তো অৰুণাই সুধিলে৷,

“শুই আছিলি নেকি? মই ফোন কৰা পোন্ধৰ মিনিটো হোৱা নাই দেখোন৷”

হাঁহিবলৈ আপ্ৰাণ চেষ্টা কৰি মই উত্তৰ দিলো,

“ নাই নাই৷ এনেয়ে পৰি আছিলো৷….আহক৷”

মোৰ শেষৰ শব্দটোৰ লক্ষ্য অনুধাৱন কৰি অৰুণাই ক’লে,

“আংকল, এয়াই নমি৷ আৰু নমি, এখেতক তই চিনি পোৱা নাই নিশ্চয়৷ এখেতেই মোৰ ডাক্তৰ আংকল৷ এঠাইত হঠাতে লগ পাই লৈয়ে আহিলো৷ ভাবিলো তই জানিলিয়ে সকলো৷ আজি চিনাকিও কৰাই দিওঁ৷”

ডাক্তৰ জনে ঈষৎ হাঁহিৰে অথচ আন্তৰিকতাৰে কৈ উঠিল,

“তোমাৰ কথা অৰুণাই মোক প্ৰায়ে কয়৷ গতিকে আজিয়ে প্ৰথম দেখিছোঁ যদিও পুৰণি চিনাকি যেনেই লাগিছে বুজিছা৷”

তাইক ইমানদিনে চাই অহা ডাক্তৰজনৰ সৈতে একধৰণৰ আত্মীয়তা গঢ়ি উঠা বুলি অৰুণাই কোৱা কথাষাৰ মনত পৰিল৷ অৰুণাই আমাক দুয়োকে কথা পাতিবলৈ দি চাহ কৰাত লাগিল৷ ঘৰুৱা দুই এটা কথা-বাৰ্তা, মোৰ ভৱিষ্যত পৰিকল্পনা, মহানগৰীৰ জলন্ত সমস্যা আদি কথাৰ শেষত আমাৰ মাজলৈ আহিল অৰুণাৰ ৰোগৰ কথা৷ এই সুযোগতে মই কালি নিশাৰ পৰা আমনি দি থকা ভাৱবোৰ ডাক্তৰ আংকলৰ আগত প্ৰকাশ কৰিলো৷ দীঘল হুমুনিয়াহ এটা কাঢ়ি তেওঁ ক’লে,

“জীৱনত বহুত ৰোগী পালো৷ কিন্তু অৰুণা একেবাৰে ব্যতিক্ৰম৷ মই আজি দুবছৰে এটা দিনো তাইক ভাগি পৰা নেদেখিলো৷ মোৰ ডাঙৰ ল’ৰাটোৱে ‘এইমছ’ত কৰে৷ সিও বহুত বুজালে বাহিৰত চিকিৎসা কৰিবলৈ৷ তাই কোনো দিনেই মান্তি নহ’ল৷…এতিয়া ভাবিছো তাইক এনেকৈয়ে থাকিবলৈ দিয়া উচিত৷ তাই অকলেই যেনেকৈ যুঁজিছে, আত্মীয়-স্বজন, তুমি-মই সকলো মিলিও তেনেকৈ যুঁজ দিব নোৱাৰো৷ তথাপিও তাইক বুজাও ঘৰত খৱৰ দিবলৈ৷ ভাবাচোন অন্তিম মুহূৰ্তত গম পালে ঘৰৰ মানুহৰ অৱস্থা কেনেকুৱা হ’ব৷”

ক্ষন্তেক তভক মাৰি তেওঁ অস্ফুট কন্ঠেৰে শুনা-নুশুনাকৈ ক’লে,

“অৰুণাক মই নিজৰ ছোৱালীৰ দৰে ভাৱো৷”

……ইয়াৰ পিছতো প্ৰায় এঘন্টামান সময় তেওঁ বহিল৷ অৰুণাৰ হাতৰ বিভিন্ন আইটেম আৰু মিঠাইৰে আমাৰ সৰু মেজখন ভৰি পৰিল৷ ভদ্ৰতা ৰক্ষা কৰিবলৈকে কষ্টেৰে দুই-এবিধ খালো৷ অৰুণাৰ অবিৰাম খিলখিলনিৰ লগত সুৰ মিলাবলৈকো মই ব্যৰ্থ হ’লো৷ আঁৰ চকুৰে হাঁহি হাঁহি ভাগৰি পৰা আংকলৰ মুখখনলৈ চালো৷ তেওঁৰ হৃদয়ত জানো সঁচাকৈয়ে আনন্দৰ নিজৰা বৈছে? মোৰ সন্দেহ হ’ল৷

আংকলক বিদায় দি মই ৰন্ধা বঢ়াত লাগিলো৷ অৰুণাই বিচনাত পেট পেলাই নীৰৱে পৰি থাকিল৷ ভাত খোৱাৰ সময়তো তাই নীৰৱ হৈয়ে ৰ’ল৷ তাইৰ এনে নীৰৱতাত সামান্য কৌতুহল অনুভৱ কৰিলো যদিও একো নক’লো৷ শুবৰ পৰত তাই লাহেকৈ ক’ল,

“ডাক্তৰ আংকল কোন জাননে নমি?”

“কোন মানে?”

কিছুসময় পুনৰ নীৰৱে থাকি মোৰ ফালে নোচোৱাকৈয়ে তাই ক’লে,

“আংকল সমীৰৰ দেউতাক!”

“কি?” মই উচপ খাই উঠিলো৷

“অ’! সমীৰ তেওঁৰ ডাঙৰ ল’ৰা! এইমছত কৰে৷”

অৰুণাই লাহেকৈ মোৰ ফালে মুখখন ঘুৰালে৷ তাইৰ মুখত এটা উজ্জল হাঁহি বিৰিঙি উঠিল৷ জয়ৰ এক বিনম্ৰ অহংকাৰ যোগ হৈ সেই হাঁহিক যেন অধিক উজ্জল কৰি তুলিছে-মোৰ এনে লাগিল৷ কিন্তু এই একে সময়তে সমান উজ্জলতাৰে মোৰ দৃষ্টিত ধৰা পৰিল তাইৰ দুচকুত ভৰ বাৰিষাৰ বান৷ সেই বানত কিহৰ ঢৌ উঠিছিল মই নাজানো৷

Wednesday 27 July 2005

আপোনাক কৈছো

যথেষ্ট বাস্তৱবাদী আপুনি
আবেগৰ টুলুঙা নাৱত উঠি
জীৱন নৈত উটি ভাঁহি ফুৰাৰ
কোনো দুৰাকাঙ্ক্ষা নাই আপোনাৰ
গতিকে সঠিক সিদ্ধান্তই ল'লে আপুনি
নীৰৱে আঁতৰি গৈ

ঠিকেই, কি দৰকাৰ আপোনাৰ
কাৰোৱাৰ বিষাদৰ অন্ধকাৰ অৰণ্যত
জোনাক সিঁচিবলৈ
বিবৰ্ণ লঠঙা গছবোৰত কুঁহিপাতৰ সন্ধান কৰিবলৈ 
নাইবা কাৰোৱাৰ তপত হুমুনিয়াহেৰে 
বুকুখন ওপচাই পেলাবলৈ৷

যথেষ্ট বাস্তৱবাদী আপুনি
কাৰোৱাৰ জীৱনৰ বাট ভেঁটি ৰোৱা
কেকটাছ উঘালি কিয়ইবা
ৰাঙলী কৰিব নিজৰ হাত
যদিও আপোনাৰ বহু দুঃসময়ৰ নিশা
মতলীয়া ধুমুহাই বাট বুলিছিল তেওঁৰ বুকুৱেদি
তেওঁ কাঁজলিয়ে কাঁজলিয়ে
সুখৰ সম্ভাৰ গোটাইছিল আপোনাৰ বাবে
নিজৰ সকলো হতাশা আৰু বেদনা 
সামৰি থৈ তেওঁ হাঁহিছিল প্ৰাণখুলি
গাইছিল বসন্তৰ গান
কেৱল আপোনাৰ বাবেই

যথেষ্ট বাস্তৱবাদী আপুনি
আপোন সত্বাক বিস্মৃতিৰ গৰ্ভলৈ দলিয়াই
সঠিক সিদ্ধান্তই ল'লে আপুনি৷

ৰচনাকাল-২০০৫