Showing posts with label ৱিকিপিডিয়া. Show all posts
Showing posts with label ৱিকিপিডিয়া. Show all posts

Friday, 31 January 2025

ৱিকিসংযোগ: মাতৃভাষাৰ হকে এদল নতুন যুঁজাৰু


কানাডাৰ এলবাৰ্টা প্ৰদেশৰ পশ্চিমীয়া চহৰ এডমন্টন। শৰতৰ ৰ’দঘাই ৰাতিপুৱা এটাত মই কফিৰ কাপ লৈ বহিছোঁ। মোৰ সন্মুখত ঘৰৰ চৌহদ পাৰ হৈ চুবুৰীৰ মূল পথটো। পথৰ দুয়োকাষে সুউচ্চ চেষ্টনাট গছৰ শাৰী। গছৰ পাতবোৰে লাহে লাহে সোণ-হালধীয়া বৰণ ল'বলৈ আৰম্ভ কৰিছে। কানাডাৰ এই প্ৰদেশত এতিয়া ৰূপান্তৰৰ অপূৰ্ব ঋতু আৰম্ভ হৈছে। বহাকোঠাৰ প্ৰকাণ্ড খিৰিকীৰে প্ৰকৃতিৰ সেই ৰূপ উপভোগ কৰি কৰি মই ফোনত চকু দিলোঁ। অন্যদিনাৰ দৰে প্ৰথমেই অসমীয়া ৱিকিমিডিয়া সমাজৰ হুৱাট্ছ‌চএপ গোটলৈকে চকু গ'ল। যোৱা কেইবছৰমান ধৰি এই গোটটোৱে অসমীয়া ৱিকি সমাজৰ সকলো ধৰণৰ সংযোগ ৰক্ষাৰ বাবে এক কেন্দ্ৰীয় মাধ্যমৰ ভূমিকা লৈছে। এই গোটতে সদস্যসকলে অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পৰ বিষয়ে আলোচনা কৰে আৰু ৱিকিৰ বিভিন্ন কামত ইজনে সিজনৰ সৈতে সহযোগিতা কৰে। অসমৰ পৰা সাত সাগৰ তেৰ নদীৰ সিপাৰে মোৰ বাবেও অসমীয়া ৱিকি সমাজৰ সক্ৰিয় সদস্যা হৈ ৰোৱাৰ বাবে গোটটো এক অপৰিহাৰ্য মাধ্যমত পৰিণত হৈছে।

সেই ৰাতিপুৱা দেখা পালোঁ, গোটত অসমীয়া ৱিকিৰ সীমিত সক্ৰিয় সদস্যৰ বিষয়ে এটা আলোচনা চলি আছে। যোৱা কেইবছৰত অসমীয়া ৱিকি সমাজত সক্ৰিয়তা যথেষ্ট বাঢ়িছে- সেইমতে বিভিন্ন প্ৰকল্প আৰু আঁচনিও হাতত লোৱা হৈছে। ৱিকিৰ এই বিভিন্ন প্ৰকল্পসমূহ যেনে ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি, ৱিকিমিডিয়া কমন্স, আৰু ৱিকিডাটা - ত সমল বঢ়োৱাৰ বাবে আমি অহৰহ চেষ্টা চলাই আহিছোঁ। তাৰোপৰি প্ৰতিমাহে মাহটোৰ অগ্ৰগতিৰ খতিয়ানেৰে ৱিকিপত্ৰিকা নামেৰে এখন মাহেকীয়া পত্ৰিকা প্ৰকাশ কৰা হৈছে আৰু প্ৰতিমাহৰ প্ৰথম দেওবাৰটোত  অনলাইন মাহিলী সভা নিয়মীয়াকৈ অনুষ্ঠিত হৈ আহিছে। ৱিকিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন অনলাইন আৰু অফলাইন অনুষ্ঠান আৰু কৰ্মশালাৰো আয়োজন কৰা হৈছে। এই অনুষ্ঠানসমূহে নতুন সদস্যক ৱিকিৰ প্ৰতি আগ্ৰহী কৰাত সহায় কৰিছে যদিও উদ্যমেৰে অৱদান আগবঢ়োৱা সক্ৰিয় সদস্যৰ সংখ্যা বৃদ্ধি হ'বলৈ এতিয়াও বহু বাকী। 

অসমীয়া ৱিকিমিডিয়া সমাজৰ হোৱাট্ছ‌এপ গোটত হোৱা আলোচনাই মোৰ মনত এটা ধাৰণা জগাই তুলিলে। আমি জানোঁ যে অসমীয়া ৱিকিৰ বিভিন্ন প্ৰকল্প আৰু অসমীয়া ভাষাৰ বাবে এই প্ৰকল্পসমূহৰ গুৰুত্বৰ বিষয়ে বহুতে এতিয়াও ভালদৰে গম নাপায়। অসমীয়া ৱিকিৰ বিষয়ে জানিলেও বা এই প্ৰকল্পবোৰত কাম কৰিবলৈ আগ্ৰহী হ'লেও কেনেকৈ আগবাঢ়িব সেইবিষয়ে বহুতে নাজানে। লগতে দৈনন্দিন ব্যস্ততাত এইক্ষেত্ৰত নিজা উদ্যোগ লৈ কিবা এটা কৰিবলৈ হয়তো বহুতৰে সময়-সুবিধা নহয়গৈ। এইক্ষেত্ৰত নতুন সদস্যসকলক প্ৰয়োজন অনুসাৰে পথ প্ৰদৰ্শন কৰিবলৈ আৰু সক্ৰিয় অংশগ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ এক সুপৰিকল্পিত আৰু দীৰ্ঘম্যাদী আঁচনি লোৱাৰ দৰকাৰ।  এদিনীয়া কৰ্মশালা বা অনুষ্ঠান সমূহ ৱিকিৰ সৈতে পৰিচিত হোৱাৰ বাবে গুৰুত্বপূৰ্ণ কিন্তু নতুন আৰু আগ্ৰহী সদস্যসকলে  নিসংকোচে ৱিকি সম্পৰ্কীয় প্ৰশ্ন বা অসুবিধাবোৰ সুধি-বুজি ল'বলৈ কিছু দীঘলীয়া সময় আৰু অধিক সহায়-সহযোগিতাৰ প্ৰয়োজন।

শেহতীয়াকৈ  কেইবাগৰাকী অভিজ্ঞ সদস্যই ব্যক্তিগত উদ্যোগত নতুন সদস্যক শিকাই-বুজাই ৱিকিৰ বিভিন্ন প্ৰকল্পত সক্ৰিয় কৰি তোলা দেখি মোৰ বাবে এই ধাৰণাটো অধিক দৃঢ় হৈ পৰিল। এই প্ৰক্ৰিয়াটোকে কিছু পৰিকল্পনাৰে এটা প্ৰণালীবদ্ধ আৰু দলীয় ৰূপ দিব নোৱাৰিনে? কেৱল ৱিকিৰ প্ৰকল্পৰ সৈতে চিনাকি কৰাতেই সীমাবদ্ধ নাথাকি  অভিজ্ঞ সদস্যই নতুন সদস্যৰ বাবে ৱিকিত পথ-প্ৰদৰ্শকৰ ভূমিকা ল'ব পাৰে। এই প্ৰক্ৰিয়াই নতুন আৰু অভিজ্ঞ সদস্যৰ মাজত এক সহযোগিতাৰ বাতাবৰণ সৃষ্টি কৰাতো বৰঙণি যোগাব। 

সেই উৎসাহতে অসমীয়া ৱিকিপিডিয়াৰ ৰাইজৰ চ'ৰাত অসমীয়া ৱিকিৰ মেণ্টৰশ্বিপ প্ৰকল্প ৱিকিসংযোগৰ প্ৰস্তাৱ দিলোঁ।এই পদক্ষেপৰ জৰিয়তে অসমীয়া ৱিকিমিডিয়া সমাজৰ অভিজ্ঞ আৰু সক্ৰিয় সদস্যসকলে নতুন সদস্যক দিহা-পৰামৰ্শ আৰু প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ দি ৱিকিত সক্ৰিয় কৰি তোলাৰ চেষ্টা কৰিব।  ইয়াৰ দ্বাৰা নতুন আৰু অভিজ্ঞ সদস্যৰ পাৰস্পৰিক সহায়-সহযোগিতাকে ভেঁটি কৰি অসমীয়া ৱিকিৰ প্ৰকল্পসমূহত সক্ৰিয়তা বৃদ্ধি কৰা আৰু অসমীয়া ৱিকি সমাজক অধিক শক্তিশালী কৰি তোলাৰ চেষ্টা কৰা হ'ব।

অসমীয়া ৱিকিমিডিয়া সমাজে অতি উৎসাহেৰে এই প্ৰস্তাৱক আঁকোৱালি ল'লে। কেইবাগৰাকী অভিজ্ঞ ৱিকিমিডিয়ান মেণ্টৰৰ ভূমিকা পালন কৰিবলৈ আগবাঢ়ি আহিল আৰু পৰৱৰ্ত্তী দিনবোৰত এই তালিকাত অধিক নাম যোগ হ'বলৈ ধৰিলে। মই এই প্ৰকল্পৰ পৰিচালক হিচাপে নেতৃত্ব ল'লোঁ আৰু দুগৰাকী সক্ৰিয় ৱিকিমিডিয়ান দিব্য দত্ত আৰু ঈশান জ্যোতি বৰাই সমন্বয়কৰ গুৰু দায়িত্ব ল'বলৈ আগবাঢ়ি আহিল। ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈকে মেণ্টৰশ্বিপৰ সময়সীমা বান্ধি দিয়া হ'ল, যাতে সময়ে সময়ে এই প্ৰকল্পৰ কাৰ্যকাৰিতা নিৰ্ধাৰণ কৰিব পৰা যায়। ছেপ্টেম্বৰ মাহত বিভিন্ন মাধ্যমৰ জৰিয়তে এই প্ৰকল্পৰ প্ৰচাৰ কৰি অসমীয়া ৱিকিত কাম কৰিবলৈ আগ্ৰহী যিকোনো অসমীয়াক মেণ্টিৰূপে অংশ ল'বলৈ আহ্বান জনোৱা হ'ল। এই প্ৰকল্পত অংশগ্ৰহণৰ বাবে কোনো মাচুলৰ প্ৰয়োজন নাই বা কোনোধৰণৰ শিক্ষাগত অৰ্হতা, বয়স, ঠাই বা সময়ৰো বাধ্যবাধকতা নাই। পৃথিৱীৰ যিকোনো ঠাইৰ পৰা যিকোনো অসমীয়াই এই প্ৰকল্পত অংশ লৈ নিজৰ সময়-সুবিধা অনুযায়ী ৱিকিৰ কাম শিকিব পাৰে।মাথোঁ প্ৰয়োজন অসমীয়া ভাষাৰ বাবে স্বেচ্ছাসেৱী হিচাপে কাম কৰাৰ আগ্ৰহ। যিহেতু মেণ্টৰ আৰু মেণ্টিৰ সম্পৰ্কই এই প্ৰকল্পৰ সফলতা নিৰ্ণয় কৰিব, সেয়ে সকলো মেণ্টৰক মেণ্টি নিৰ্বাচন কৰাৰ আগেয়ে ব্যক্তিগতভাৱে চা-চিনাকি হৈ কথা-বতৰা পাতিবলৈ অনুৰোধ কৰিলোঁ। সম্ভাব্য মেণ্টিগৰাকী ৱিকিৰ কামত কিয় আগ্ৰহী, কোন প্ৰকল্পত আগ্ৰহী, কিমান সময় দিব পাৰিব বা কেনে সহায়ৰ দৰকাৰ সকলোখিনি জানি ল'লে মেণ্টৰে সেইমতে সহায়-দিহা-পৰামৰ্শ আগবঢ়াবলৈ সক্ষম হ'ব।

ৱিকিসংযোগ প্ৰকল্পই অসমীয়া ৰাইজৰ পৰাও বিপুল সঁহাৰি পালে।  ২০২৪ চনৰ ছেপ্টেম্বৰ মাহৰ শেষলৈ মুঠ ১৮ গৰাকী মেণ্টৰ আৰু ৫৮ গৰাকী নতুন মেণ্টিয়ে এই প্ৰকল্পত যোগ দিলে। অসমৰ বিভিন্ন প্ৰান্তৰ, ভাৰত আৰু বিদেশ (কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ)ৰ পৰাও কেইবাগৰাকী মেণ্টৰ আৰু মেণ্টিয়ে অংশগ্ৰহণ কৰিলে। ইয়াৰে কেইবাগৰাকী মেণ্টৰে অন্য অভিজ্ঞ মেণ্টৰৰ মেণ্টি হিচাপেও নিজৰ নাম যোগ দিলে। সেয়া দেখি আকৌ এবাৰ মোৰ উপলব্ধি হ'ল, ৱিকিত সঁচায়ে শিকাৰ শেষ নাই, পাৰস্পৰিক সহায়-সহযোগিতাৰো সীমা নাই!

২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত এখন অনলাইন উদ্বোধনী সভাৰে ৱিকিসংযোগ প্ৰকল্পৰ শুভাৰম্ভণি হ'ল। সেই সভাত নতুন সদস্য সকলৰ নিভাঁজ বক্তব্যই আমাৰ মন চুই গ'ল।  ডিজিটেল পৃথিৱীত মাতৃভাষাটো প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকৰ আগ্ৰহ আৰু আন্তৰিকতাই সকলোকে নতুনকৈ প্ৰেৰণা যোগালে।  

২০২৪ চনৰ ২৯ ছেপ্টেম্বৰত ৱিকিসংযোগৰ উদ্বোধনী সভাত অংশগ্ৰহণকাৰীসকলৰ একাংশ
চিত্ৰ: ঈশান জ্যোতি বৰা

তাৰ পিছৰ তিনিমাহত নতুন সদস্যসকলে যেন অসমীয়া ৱিকিমিডিয়া সমাজলৈ এক অপূৰ্ব জোৱাৰ আনি দিলে! এডমন্টনত মোৰ বাবে বেছিভাগ ৰাতিপুৱা আৰম্ভ হ'ল মেণ্টৰ আৰু মেণ্টিৰ ৱিকিৰ কাম-কাজ সম্পৰ্কীয় বিভিন্ন বাৰ্তাৰে। প্ৰতিগৰাকী মেণ্টৰে নিজা পদ্ধতিৰে মেণ্টিসকলক ৱিকিৰ আদি পাঠ দিলে। কিছু মেণ্টৰে অনলাইন পাঠ কৰি হাতে-কামে বিভিন্ন প্ৰকল্পৰ কাম দেখুৱাই দিলে, অন্য কিছুৱে মেণ্টিৰ প্ৰয়োজন অনুসৰি সহায়ৰ হাত আগবঢ়ালে। আৰম্ভ হ'ল মেণ্টৰ-মেণ্টিৰ বিভিন্ন প্ৰশিক্ষণ গোট-  যেনে ‘লগে ভাগে ৱিকি’ আৰু ‘ৱিকি আড্ডা’ ইত্যাদি। লগতে আমি ৱিকিসংযোগৰ বাবে পৃথককৈ এটা হোৱাট্ছ‌এপ গঠন কৰিলোঁ যাতে সকলোৱে তাত গুৰুত্বপূৰ্ণ তথ্য ভাগ-বতৰা কৰিব পাৰে আৰু নিয়মীয়াকৈ মুকলি অনলাইন পাঠ অনুষ্ঠিত কৰিব পাৰে।

ৱিকিসংযোগ প্ৰকল্পৰ সময়ছোৱাত অসমীয়া ৱিকিমিডিয়া সমাজৰ উদ্যোগত বিভিন্ন সম্পাদনা মেলাও অনুষ্ঠিত হ'ল, যেনে- ৱিকিপিডিয়াত এছিয়া সম্পৰ্কীয় প্ৰবন্ধ আৰু তথ্য বৃদ্ধি কৰিবলৈ এছিয়ান মাহ ২০২৪ এডিটাথন, ৱিকিপিডিয়াৰ চমূ প্ৰবন্ধসমূহ উন্নত কৰিবলৈ পোখালি বিস্তাৰ মেলা আৰু মুক্ত অনলাইন পুথিভঁৰাল ৱিকিউৎসত কপিৰাইটমুক্ত গ্ৰন্থৰ বৈধকৰণৰ বাবে  প্ৰুফৰিডাথন আদি। এই সকলোবোৰ প্ৰতিযোগিতাত মেণ্টিসকলে উদ্যমেৰে যোগদান কৰিলে আৰু বিভিন্ন প্ৰকল্পত সক্ৰিয় অৱদান আগবঢ়ালে। তাৰোপৰি ৱিকিসংযোগৰ প্ৰথম মাহতে এগৰাকী মেণ্টিয়ে এহেজাৰৰ অধিক সম্পাদনাৰে এক নতুন অভিলেখ গঢ়িলে। 

প্ৰকল্পৰ সামৰণিত  মুঠ ৫৮ গৰাকী নতুন সদস্যৰ ভিতৰত ছগৰাকী মেণ্টিয়ে ১০০০+, আঠগৰাকীয়ে ১০০+, ১৩ গৰাকীয়ে ১০+ আৰু বাকী ১১ গৰাকীয়ে ১+ টা সম্পাদনা কৰি ৱিকিৰ বিভিন্ন প্ৰকল্পলৈ অৱদান আগবঢ়ালে। প্ৰকল্পৰ শেষ দিনটোলৈকে সকলো মেণ্টিৰ সৰ্বমুঠ সম্পাদনা হ'লগৈ ১৯,৭৬৭ টা। ইয়াৰ ভিতৰত সৰ্বোচ্চ সম্পাদনাৰে প্ৰথম তিনিটা স্থান পোৱা মেণ্টিসকল হৈছে কুমুদ ঘোষ (৪,৯৭৬ টা সম্পাদনা; মেণ্টৰ: প্ৰণামিকা অধিকাৰী), পাপৰি বৰা (৩,৯৫২ টা; মেণ্টৰ: জলি ৰুমী) আৰু নৰুনা বৰুৱা (২,৭৮৩ টা; মেণ্টৰ: ৰুমী বৰা)। তাৰোপৰি এই প্ৰকল্পৰ অধীনত অসমীয়া ৱিকিপিডিয়াত কুমুদ ঘোষে সৰ্বমুঠ ৯১ টা, নৰুনা বৰুৱাই ৭০ টা আৰু দীপাংকৰ দাস (মেণ্টৰ: বাবুল বৈশ্য)-এ ৪৬ টা নতুন প্ৰবন্ধ সৃষ্টি কৰে। তেনেদৰে ৱিকিউৎসত সৰ্বোচ্চ সম্পাদনা কৰা প্ৰথম তিনিগৰাকী মেণ্টি হৈছে হিমাশ্ৰী বৰা (৭৯৪ টা; মেণ্টৰ: দিব্য দত্ত), সুস্মিতা লেখাৰু (৬৪৬ টা; মেণ্টৰ: ৰুমী বৰা) আৰু অঞ্জুমণি শইকীয়া (৩৭০ টা; মেণ্টৰ: জলি ৰুমী)। এই পৰিসংখ্যাই আমাক আকৌ এবাৰ সোঁৱৰাই গ'ল- ৰাইজে নখ জোকাৰিলে সঁচায়ে নৈ বয়!

ৱিকিসংযোগ প্ৰকল্পৰ খতিয়ান

তিনিমাহৰ এই প্ৰেৰণাময় যাত্ৰাৰ শেষত ২০২৫ চনৰ ৫ জানুৱাৰীত অসমৰ গুৱাহাটীস্থিত ইণ্ডিয়ান ইনষ্টিটিউট অৱ বেংক মেনেজমেণ্টত অনুষ্ঠিত হোৱা প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলনত ৱিকিসংযোগ প্ৰকল্পৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিল। অসমীয়া ৱিকিমিডিয়া সমাজ আৰু CIS-A2Kৰ যৌথ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰিলে সক্ৰিয় ৱিকিমিডিয়ান আৰু মেণ্টৰ ঈশান জ্যোতি বৰা আৰু নয়ন জ্যোতি নাথে। এই অনুষ্ঠানত প্ৰথমবাৰৰ বাবে মেণ্টৰ আৰু মেণ্টি সকলে মুখামুখিকৈ লগ হ'ল আৰু ৱিকিসংযোগৰ অভিজ্ঞতাৰ ভাগ-বতৰা কৰাৰ সুযোগ পালে। এই সন্মিলনতে অসমীয়া ৱিকিউৎস আৰু অসমীয়া ৱিকিউদ্ধৃতিৰ বৰ্ষপূৰ্তিও উদযাপন কৰা হ'ল৷ 

প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলনত মেণ্টৰ আৰু মেণ্টিৰ হাতে-কামে ৱিকি
চিত্ৰ: নয়ন জ্যোতি নাথ

প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলন বিপুল উৎসাহ-উদ্যম আৰু সফলতাৰে সম্পন্ন হৈ গ'ল। মেণ্টৰ আৰু মেণ্টিসকলে অসমীয়া ৱিকিত তেওঁলোকৰ কাম আৰু অভিজ্ঞতাৰ কথা পাতিলে, হাতে-কামে ৱিকিৰ বিভিন্ন প্ৰকল্পলৈ অৱদান আগবঢ়ালে। তাৰোপৰি ৱিকিসংযোগৰ বিভিন্ন প্ৰকল্পত অৱদানৰ ভিত্তিত মেণ্টিসকলক পদক প্ৰদান কৰা হ'ল। এই অনুষ্ঠানৰ এক বিশেষ আকৰ্ষণ আছিল প্ৰথমবাৰৰ বাবে আগবঢ়োৱা 'বৰ্ষশ্ৰেষ্ঠ ৱিকিমিডিয়ান বঁটা'। ২০২৪ বৰ্ষত অসমীয়া ৱিকিলৈ আগবঢ়োৱা সৰ্বশ্ৰেষ্ঠ অৱদানৰ বাবে এই বঁটা লাভ কৰে সক্ৰিয় ৱিকিমিডিয়ান জ্যোতি চিৰিঙে। 

২০২৫ বৰ্ষত ৫ জানুৱাৰীত গুৱাহাটিত অনুষ্ঠিত হোৱা প্ৰথম অসমীয়া ৱিকিসংযোগ সন্মিলনৰ অংশগ্ৰহণকাৰী সকল
চিত্ৰ: গীতাৰ্থ বৰদলৈ

ৱিকিসংযোগ প্ৰকল্পৰ যোগেদি যোৱা তিনিটা মাহত ৱিকিৰ প্ৰতি আগ্ৰহী ভালেসংখ্যক অসমীয়াৰ সৈতে আমি কথা পাতিলোঁ, লগে-ভাগে বহু কাম কৰিলোঁ আৰু মাতৃভাষাৰ হকে হাতে-কামে লাগিবলৈ সাজু এদল নতুন যুঁজাৰুক অসমীয়া ৱিকি পৰিয়াললৈ আদৰি আনিলোঁ। দৈনন্দিন ব্যস্ততাৰ মাজতো মেণ্টৰসকলে প্ৰতিটো খোজতে মেণ্টিসকলক সহায় কৰিবলৈ যেনেদৰে নিজৰ সময় আৰু প্ৰচেষ্টা আগবঢ়ালে আৰু মেণ্টিসকলে যি নিষ্ঠা আৰু উদ্যমেৰে ৱিকিৰ বিভিন্ন কাম শিকিলে- সেয়া সঁচাই প্ৰেৰণাদায়ক আছিল। মেণ্টি আৰু মেণ্টৰৰ যোগাযোগৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ ২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা আমি 'ৱিকি মুকলি পাঠ' নামেৰে প্ৰতিমাহে এক নিয়মীয়া অনলাইন প্ৰশিক্ষণৰো আয়োজন কৰিছোঁ।

ব্যক্তিগতভাৱে, এই প্ৰকল্পই মোক পুনৰ এবাৰ সোঁৱৰাই গ'ল বয়স, ঠাই, কৰ্মক্ষেত্ৰ সকলো দেও দি কেনেকৈ অসমীয়া ৱিকিয়ে আমাক সকলোকে এডাল একতাৰ ডোলেৰে বান্ধি ৰাখিছে। এই ডোলদাল হ'ল মাতৃভাষাটো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আমাৰ হেঁপাহটো। ৱিকিসংযোগৰ সময়ছোৱাত সেই হেঁপাহৰ বহুতো সৰু-বৰ চানেকিয়ে মোক অনুপ্ৰাণিত কৰি গ'ল। মোৰ মেণ্টি পাপৰি বৰাই এদিন অনলাইন পাঠত যোগ দিলে ক্ষেত্ৰ অধ্যয়নৰ বাবে যোৱা এক ভিতৰুৱা গাঁৱৰ পৰা; মেণ্টি কুমুদ ঘোষে চিকিৎসালয়ৰ পৰা ৱিকিৰ মাহেকীয়া সভাৰ আলোচনাত ভাগ ল'লে; মেণ্টি সুস্মিতা লেখাৰু আৰু তেওঁৰ মেণ্টৰ ৰুমী বৰা (আৰু লগতে মোৰ মা!) মাজনিশালৈকে ৱিকিৰ কাম-কাজ শিকি থকাৰ কথা শুনিলোঁ- এই সকলোবোৰ কোনো ব্যক্তিগত লাভালাভ আশা নকৰাকৈ কেৱল নিজৰ মাতৃভাষাটোৰ বাবে হাতে-কামে লাগিব বিচৰা প্ৰকৃত অসমীয়াৰ আবেগৰ চিন!

ৱিকিসংযোগ প্ৰকল্পৰ এই যাত্ৰাই মোক অসমীয়া ৱিকিমিডিয়া সমাজৰ সদস্য আৰু অসমীয়া ৱিকিমিডিয়ান হিচাপে আকৌ এবাৰ গৌৰৱান্বিত কৰি গ'ল। এই ছেগতে প্ৰকল্পটোত জড়িত থকা সকলো মেণ্টৰ আৰু মেণ্টিলৈ আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ। এতিয়া এডমণ্টনক বৰফৰ শুধ বগা চাদৰ এখনে আৱৰি পেলাইছে। প্ৰতিটো ৰাতিপুৱা মই একেদৰেই কফি কাপ লৈ  অসমীয়া ৱিকি গোটৰ আলোচনা চাইছোঁ আৰু আগতকৈও আশাবাদী হৈ উঠিছোঁ। মোৰ আশা, অসমীয়া ৱিকিমিডিয়া সমাজ চিৰসেউজ হৈ ৰ'ৱ—  নতুন আৰু অভিজ্ঞ ৱিকিমিডিয়ান সকলোৱে ভৱিষ্যতেও লগে-ভাগে আৰু একেই উদ্যম আৰু আন্তৰিকতাৰে মাতৃভাষাৰ হকে অৱদান আগবঢ়াই যাব।

To read the article in English, click here.

Saturday, 6 May 2023

অসমীয়া ৱিকিমিডিয়ান মা

প্ৰথমতে নিজৰ স্বাৰ্থতে এই কামটো কৰিছিলোঁ। সেইসময়ত মোৰ ৱিকি আসক্তি তুংগত! ৱিকি মানে অসমীয়া ৱিকিপিডিয়া আৰু সহযোগী প্ৰকল্পবোৰ। বহু বছৰ ধৰি সক্ৰিয় সদস্য হিচাপে ৱিকিৰ সেই প্ৰকল্পবোৰত কাম কৰি থাকি সেয়া মোৰ নিচাৰ দৰে হৈ পৰিছে। কিন্তু সেইসময়ত পি এইচ ডিৰ  গৱেষণা আৰম্ভ কৰাৰে পৰা মোৰ সময় আৰু সুযোগৰ অভাৱ হ'বলৈ লৈছে। পিছে ৱিকিৰ প্ৰকল্পবোৰৰ জৰিয়তে ডিজিটেল পৃথিৱীত অসমীয়া ভাষাক আগবঢ়াই নিয়াৰ হেঁপাহ আগতকৈও বাঢ়িছেহে। 

এনে এটা দিনতে ঘৰলৈ যাওঁতে মাক সুধিলোঁ,

'মা, তুমি ৱিকিত কাম নকৰা কিয়?'

মাৰ প্ৰশ্নবোধক চাৱনি দেখি বুজনিৰ সুৰত ক'লোঁ, 'মই ৱিকিত লাগিবলৈ একেবাৰে সময় নোপোৱা হৈছোঁ। মোৰ সলনি তুমিয়ে কৰা। কথাতো একেটাই!'

বাচ্‌, তেনেকৈয়ে আৰম্ভ হৈ গ'ল! ঘৰত পৰি থকা মোৰ পুৰণি লেপটপটোত মাই প্ৰথমে অসমীয়া টাইপ কৰিবলৈ শিকিলে। বিভিন্ন কিতাপ-আলোচনীৰ পৰা ৱিকিৰ প্ৰৱন্ধবোৰত তথ্য-পাতি যোগ দিবলৈ শিকিলে। এটা সময়ত ৱিকিত নতুন প্ৰৱন্ধও সৃষ্টি কৰিবলৈ ল'লে।

সৰুৰে পৰা দেখি আহিছোঁ, কোনো কাম টান বুলিয়ে মাই সহজে হাৰ নামানে। সেই  ধৈৰ্য আৰু একাগ্ৰতাই যেন ৱিকিতো ফল দিলে। প্ৰথমে বহুপৰ যুঁজি-বাগৰিহে হৈ উঠা ৱিকিৰ কিছুমান কাম নিমিষতে কৰিব পৰা হ'লগৈ। 

কিন্তু ইমানখিনিলৈ আগবঢ়াৰ পিছতো মা যেন এদিন হঠাৎ ৰৈ গ'ল! 

সুধিলোঁ, 'ৱিকিত নিলিখা হ'লা যে?'

'এহ্‌, সময়ে নোপোৱা হৈছোঁ। লিখিম ৰ'।' 

মাই যেন আচল কাৰণটো ক'বলৈ সংকোচ কৰিলে। কিন্তু মই বুজিলোঁ, মাৰ ৱিকিত কাম কৰাৰ হেঁপাহটোৰ আগত মাক হোৱাৰ আৰু ঘৰখন চম্ভালাৰ দায়িত্ববোৰে অগা-দেৱা কৰিবলৈ লৈছে। 

সদায়ৰ দৰে!

সৰুৰে পৰাইতো দেখি আহিছোঁ, মাই অহৰহ ঘৰৰ জঞ্জালবোৰ লৈ টাকুৰী ঘুৰাদি ঘুৰিছে। আমাৰ ইটো সিটো প্ৰয়োজন পূৰাবলৈকে ঢপলিয়াই ফুৰিছে। কেতিয়াবা আজৰি পৰত আমাক সাধুকথা কোৱাৰ দৰে কৈছে, ককাৰ স'তে কটোৱা সৰুকালৰ কাহিনী। মাৰ দেউতাক সমাজসেৱক ককা। ককাৰ স'তে মেলে-মিটিঙে আৰু সামাজিক কামবোৰত কণমানি মাও ঘুৰি ফুৰে। সপোন দেখে, এদিন ককাৰ আদৰ্শেৰে সমাজত নিজৰ বাবে এটা চিনাকি গঢ় দিয়াৰ। 

'তাৰ পিছত?' আমি সোধোঁ।

'তাৰ পিছত আৰু কি! কম বয়সতে বিয়া হ'লোঁ। ঘৰ-সংসাৰত সোমাই পৰিলোঁ।' মাই এটা সৰল সত্যৰ দৰে কথাষাৰ কয়। কিন্তু তাৰ লগে লগে আমাক সোঁৱৰায়,

'সেইকাৰণেই তহঁতক কওঁ, বিয়া-বাৰু সংসাৰ কৰাৰ আগতে নিজৰ কাৰণে সেই চিনাকিটো প্ৰথম বিচাৰি ল। তাৰপিছত যি কৰ তহঁতৰ ইচ্ছা। তাত মোৰ কোনো আপত্তি নাই।'

মাই যেন নিজৰ ৰৈ যোৱা সপোনবোৰ আমাৰ মাজেৰে পূৰোৱাৰ সপোন দেখিবলৈ লয়। আমাৰ কাৰণেই সময় আৰু পৰিস্থিতিয়ে যেনেকৈ দাবী কৰে তেনেকৈয়ে নিজকে বিলাই দিব খোজে।

তাৰ বহু বছৰৰ পিছতো, আমিবোৰ নিজৰ ভৰিত থিয় দিয়াৰ পিছতো মাৰ সেই সমীকৰণটো একেদৰে ৰ'ল। ঘৰৰ সকলোৰে সকলো প্ৰয়োজন পূৰায়ে মা ব্যতিব্যস্ত। 

ইফালে ময়ো বদ্ধপৰিকৰ। ঘৰলৈ যাওঁতে এবাৰ জোৰ দি ধৰিলোঁ,

'নিজে সময় নুলিয়ালে কেনেকৈ ৱিকিৰ কাৰণে সময় পাবা? আমাৰ কাৰণে দৌৰা-ঢপৰা কৰি থাকিবলৈ এৰা আৰু!'

মাই আপত্তি কৰিলে। ক'লে, 'জোৰ নকৰিবিচোন। মই যেতিয়া পাৰোঁ কৰিম নহয়।'

সেইদিনা উপলব্ধি কৰিলোঁ, পশ্চিমীয়া দেশ এখনত সম্পূৰ্ণ স্বাধীন জীৱন এটা কটাই থাকি মই যেন কিছু অন্ধ হৈ পৰিছোঁ। যেন বুজিও নুবুজাৰ ভাও ধৰিব খুজিছোঁ, পুৰুষতান্ত্ৰিক সমাজ এখনৰ ধ্যান-ধাৰণাবোৰ আমাৰ কিমান গভীৰলৈকে শিপাই থাকে! জন্মৰে পৰাইতো নাৰীক শিকোৱা হয় নিজা হেঁপাহবোৰ সামৰি থ'বলৈ। পদে পদে সোঁৱৰাই দিয়া হয় পৰিয়াল-সমাজৰ প্ৰয়োজন পূৰোৱাতহে নাৰীৰ সাৰ্থকতা। তাত নিজা হেঁপাহ এটা ঠাই দিয়া মানেই যেন ঘোৰ স্বাৰ্থপৰতা! তাৰ ব্যতিক্ৰম হ'বলৈ মাৰ কষ্ট হয়। লগতে হয়তো আহি পৰে অপৰাধবোধো।

তথাপি যেন শৈশৱৰ সাধুকথাত সোমাই থকা কণমানিজনীয়ে মাৰ মাজত লুকা ভাকু খেলিবলৈ নেৰিলে। এটা সময়ত বুকুত উমি উমি ৰোৱা সেই হেঁপাহটোৰ কাৰণেই মা হয়তো আকৌ ৱিকিলৈ ঘুৰি আহিল। লকডাউনৰ সময়ত পৃথিৱী স্থিৰ হৈ ৰোৱা দিনবোৰতে এদিন মাই ৱিকিউৎসত যোগ দিলে।

ৱিকিউৎস অসমীয়া ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্প। পৃথিৱীৰ যিকোনো ঠাইৰ পৰা বিনামূল্যে পঢ়িব পৰা অসমীয়া কিতাপৰ ডিজিটেল পুথিভঁৰাল। এই প্ৰকল্পত আগৰদৰেই মাই একাগ্ৰতাৰে কামবোৰ শিকিবলৈ ল'লে। কৰ্মশালাত যোগ দি কাৰিকৰী কথাবোৰো বুজি ল'লে। বহু সময়ত আহৰি আৰু ধৈৰ্যৰ অভাৱত মই এৰি যোৱা কামবোৰ মাই মোকো শিকাব পৰা হ'ল। 

লাহে লাহে মা অসমীয়া ৱিকিসমাজৰ এগৰাকী সক্ৰিয় সদস্যা হৈ পৰিল। সেইসময়তে অনুষ্ঠিত হ'ল ভাৰতীয় ৱিকিউৎসৰ অনলাইন মুদ্ৰণ সংশোধন প্ৰতিযোগিতা। কপিৰাইট উকলা অসমীয়া কিতাপবোৰ ডিজিটেল পৃথিৱীত সংৰক্ষণ কৰাৰ কাম। মাৰ লগতে ভিন্ন ঠাইৰ ভিন্ন বয়স আৰু ক্ষেত্ৰৰ বহু অসমীয়াই সদলবলে যোগ দিলে। লক্ষ্য এটাই- অন্য ভাৰতীয় ভাষাতকৈ অসমীয়াত বেছি কাম হ'ব লাগে। সেই মনোভাৱে মাৰ মাজলৈকো যেন নতুন উদ্যমৰ জোৱাৰ এটা আনি দিলে। 

দিনত ঘৰ-সংসাৰৰ লেঠাবোৰ যিমান পাৰি সোনকালে সামৰি প্ৰতি নিশা মা লেপটপ লৈ বহে। ৰাতি বহুপৰলৈকে ৱিকিৰ কেইবাগৰাকী সদস্যৰ সৈতে ফেৰ মাৰি পঞ্চাশ-ষাঠি পৃষ্ঠা পৰ্যন্ত মুদ্ৰণ সংশোধন কৰে, বৈধকৰণ কৰে। ইখনৰ পিছত সিখন অসমীয়া কিতাপ ৱিকিত সকলোৱে পঢ়িব পৰাকৈ উপলব্ধ কৰি যায়।

মাকে ধৰি অসমীয়া ৱিকিৰ প্ৰতিযোগীসকলৰ সেই সাধনাই ফল দিলে।মাথোঁ পোন্ধৰ দিনতে ত্ৰিছখন মান অসমীয়া কিতাপ ৱিকিত উপলব্ধ কৰি অসমীয়া ৱিকিউৎসই সৰ্বভাৰতীয় পৰ্য্যায়ত তৃতীয় স্থান পালে। সেই গৌৰৱৰ ভাগ মায়ো ল'লে। হাঁহি হাঁহি মোক ক'লে,

'এইবাৰ ৰাতি ৰাতি তেনেকৈ লাগি থাকি নিজৰে সৰুকালটো ঘুৰাই পোৱা যেন লাগিল, বুজিছ!'

মোৰ চকুত ভাঁহি উঠিল, স্কুলৰ পৰা আহি মাই আইতাক পথাৰত লাগি দিছে। ঘৰৰ কাম-বন সামৰি সেয়া কণমানি মা ৰাতিলৈ আজৰি হৈছে। চকুৰ টোপনি আৰু দেহাৰ ভাগৰ একাষৰীয়া কৰি হাতলেম্পৰ ধিমিক ধামাক পোহৰত মাই পঢ়িবলৈ লৈছে!

তেনে সেই হেঁপাহৰ চাকি নুমোৱা নাই, সেই সপোন হেৰোৱা নাই!

সেইবাৰ মাৰ জন্মদিনত আমি পৰিয়ালৰ সকলোৱে মিলি এটা নতুন লেপটপ কিনি দিলোঁ। মাৰ গতি এইবাৰ আৰু স্তব্ধ নহ'ল। ৱিকিউৎসত নিয়মীয়াকৈ মাক দেখা পাই থকা হ'লোঁ। গৱেষণাৰ কাম সামৰি মোৰো কিছু আহৰি ওলাল। মাৰ সৈতে এই নতুন ধাৰাটো জীয়াই ৰাখিবলৈকে মই এদিন উলিয়ালোঁ, 

'মা, আমি সপ্তাহত এবাৰকৈ একেলগে ৱিকিৰ কাম কৰিব পাৰোঁচোন।'

মা লগে লগেই মান্তি হৈ গ'ল।

তাৰপিছত প্ৰতি শনিবাৰে ৰাতি আজৰি উলিয়াই মই কানাডাৰ একোণত বহোঁ। সাত সাগৰ তেৰ নদীৰ সিপাৰে দেওবাৰে পুৱা মাও বহে। দুয়ো একেলগে অনলাইন বহি ৱিকিৰ কাম কৰোঁ। নজনা কথাবোৰ ইজনীয়ে সিজনীক দেখুৱাই দিওঁ। কামৰ লগে লগে সুখ-দুখৰ ইটো-সিটো কথাও পাতোঁ। 

এনেকৈয়ে এদিন ৱিকিকনফাৰেন্স ইণ্ডিয়া ২০২৩- ৰ খৱৰ আহিল। ভাৰতীয় ভাষাৰ ৱিকিমিডিয়া প্ৰকল্প আৰু ভাৰতৰ ভাষা ভিত্তিক আন্দোলনৰ প্ৰতি আগ্ৰহী দক্ষিণ এছিয়াৰ ৱিকিমিডিয়ান সকলৰ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন এই ৱিকিকনফাৰেন্স ইণ্ডিয়া। কানাডাৰ পৰা গৈ যোগ দিয়াটো মোৰ কাৰণে অসম্ভৱ যদিও মাক উৎসাহ দিলোঁ।

'এহ, মই পাৰিম জানো? কি ক'মগৈনো?' মাৰ মাতত এটা সংকোচৰ ভাৱ। নিজৰ সামৰ্থ্যক লৈ এটা চিৰন্তন সন্দেহৰ অগা-দেৱা।

'কিয় নোৱাৰিবা? ৱিকিউৎসৰ কামবোৰ আৰু তোমাৰ অভিজ্ঞতাৰ কথাকে ক'বাগৈ।'

অৱশেষত ঠিক হ'ল, মাৰ বক্তব্যৰ বিষয় হ'ব- ৱিকিউৎসৰ বিগত এটা দশক। কথামতেই কাম। আবেদন কৰাৰ এমাহমানৰ পিছতে খৱৰ আহিল, সেই বিষয়ে বক্তব্য দিবলৈ মা মনোনীত হৈছে। তাকো হায়দৰাবাদৰ সেই ৱিকিকনফাৰেন্সলৈ অহা-যোৱা আৰু থকা-খোৱা সকলো সামৰি সম্পূৰ্ণ জলপানিসহ!

এই কনফাৰেন্সত যোগ দিবলৈ ওলোৱা অন্য অসমীয়া ৱিকিমিডিয়ানৰ লগতে মাৰো  পূৰ্ণোদ্যমে যোৱাৰ প্ৰস্তুতি চলিল। তাৰ লগতে পিছে বাঢ়িল মাৰ পাৰিবাৰিক দায়িত্ববোৰ। গতিকে মাই যেন আগতকৈও বেছিকৈ ঢপলিয়াই ফুৰিবলৈ ল'লে। আজি অ'ত, কাইলৈ ত'ত মা। যেন যি যেনেকৈ বিচাৰিছে তেনেকৈয়ে সেই সময়ত সেই ঠাইত গৈ উপস্থিত হোৱাটোৱে মাৰ কৃতিত্ব!

পৃথিৱীৰ ইটো মূৰৰ পৰা মই সেয়ে মাজে মাজে সোঁৱৰাবলৈ ল'লোঁ, 

'মা, তোমাৰ কনফাৰেন্সলৈ বেছি দিন নাই। প্ৰেজেনটেশ্যন হৈছেগৈ নাই?'

দুয়োখন পৃথিৱীৰ টনা-আজোৰাতে নিৰন্তৰ ব্যস্ত থাকিও ৰাতি ৰাতি মা লেপটপৰ আগত বহে। জীৱনত কোনোদিনে কৰি নোপোৱা কামবোৰ নতুনকৈ শিকে। টোপনি ক্ষতি কৰি কৰি লেপটপত প্ৰেজেনটেশ্যন বনায়। বিচাৰি খুঁচৰি ৱিকিউৎসৰ এটা দশকৰ এই যাত্ৰাৰ টোকা কৰে। 

পিছদিনা পুৱা মাই কষ্টেৰে গোটোৱা তথ্য-পাতি আৰু প্ৰেজেণ্টেশ্যন চাই চাই মই যেন মমৰ দৰে গলিবলৈ ধৰোঁ। আকৌ এবাৰ নিজকে সোঁৱৰাওঁ, মোৰ কাৰণে যে কথাবোৰ ক'বলৈ বৰ সহজ। কিন্তু মাৰ পৃথিৱীখনত নিজৰ হেঁপাহ এটা পূৰাবলৈকো যে বহু যুঁজ-বাগৰ চলে। নিজৰ সৈতেও। সমাজৰ সৈতেও।

এনেকৈয়ে টানি-আজুৰি এদিন মা সাজু হ'লগৈ। দলে-বলে অসমীয়া ৱিকিৰ আঠজনীয়া দলটো হায়দৰাবাদলৈ উৰা মাৰিলে। 

ৱিকিকনফাৰেন্সত বক্তৃতা দিয়াৰ পৰত মা

পোনপ্ৰথমবাৰৰ কাৰণে মাই কেৱল নিজৰ কাৰণে এনে এটা যাত্ৰা কৰিলে।

পোনপ্ৰথমবাৰৰ কাৰণে এনে এখন কনফাৰেন্সত অংশ ল'লে।

পোনপ্ৰথমবাৰৰ কাৰণে দেশ-বিদেশৰ ৱিকিমিডিয়ানৰ সন্মুখত বক্তব্য দিলে। সম্পূৰ্ণ অসমীয়াত। 

এইবোৰৰ গুৰুত্ব বহুত। কিন্তু মোৰ বাবে এইখিনি পোৱালৈকে মাৰ অসমীয়া ৱিকিত যাত্ৰা তাতোকৈ বেছি তাৎপৰ্য্যপূৰ্ণ। কাৰণ মই জানো, কিমান আলৈ-আহুকাল নেওচি মাই আজিৰ দিনটো পাইছেহি। জানো, কেনেকৈ মাই অহৰহ নিজাকৈ এটা চিনাকি আৰু নিজা এখন পৃথিৱী বিচাৰি আহিছে।

প্ৰায়ে দেখোঁ, মাক-দেউতাকে সন্তানৰ কৃতিত্বক লৈ গৌৰৱ কৰে।সন্তানৰ কৃতিত্বৰ মাজেৰেই নিজৰ হেঁপাহ পূৰোৱাৰ চেষ্টা কৰে।  আমি সন্তানবোৰেও যেন কেৱল সেই দৃষ্টিৰেই মা-দেউতাৰ কথা ভাৱোঁ। বহুসময়ত যেন পাহৰি যাওঁ, তাৰ বাহিৰেও যে তেওঁলোকৰ এটা নিজস্ব সত্বা আছে, নিজস্ব কিছুমান হেঁপাহ আছে। বিশেষকৈ পুৰুষতান্ত্ৰিক সমাজ এখনত বহু মহিলাৰ মাক বা পত্নীৰ চিনাকিটোৰ আগত বাকীবোৰ চিনাকি মোলান পৰি যায়। সেয়ে এই সকলোবোৰ একাষৰীয়া কৰি থৈ আজি মই মাৰ কৃতিত্বক লৈ গৌৰৱ কৰিব খুজিছোঁ। গৌৰৱ কৰিছোঁ মাৰ নিজৰ বাবে অকণমান ঠাই, অকণমান আকাশ বিচাৰি থকাৰ চেষ্টাটোৰ বাবে।

অসমীয়া ৱিকিক লৈও মই সদায়ে গৌৰৱ কৰি আহিছোঁ। এই কামৰ বাবে কোনো বিশেষ জ্ঞান, শিক্ষাগত অৰ্হতা, বয়স আদিৰ প্ৰয়োজন নাই। মাথোঁ প্ৰয়োজন নিজৰ ভাষাটোৰ বাবে নিভাঁজ ভালপোৱা, কথাৰ সলনি কামেৰে মাতৃভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ হেঁপাহ। সেই হেঁপাহৰ বাবেই অহৰহ লগি থকা অসমীয়া ৱিকিমিডিয়া সমাজৰ প্ৰচেষ্টাত হাত উজান দিবলৈ পাই মই গৌৰৱান্বিত। ক্ৰমান্বয়ে যেন এই গৌৰৱৰ আঁৰত থকা কাৰণবোৰত আৰু এটা যোগ হ'ল। এই মাধ্যমে মোৰ কাৰণে মাক কেৱল মাৰ চিনাকিৰে নহয়, এগৰাকী সহকৰ্মী হিচাপে পোৱাৰ সৌভাগ্য আনি দিছে। পৃথিৱীৰ দুটা বিপৰীত মূৰত থাকিও মা আৰু মই একেখন আকাশৰ তলত লগ হোৱাৰ সুবিধা দিছে। লগতে দিছে দুটা ভিন্ন পথেৰে আহি আহিও দুয়োৰে একেটা লক্ষ্য আৰু চিনাকি হোৱাৰ গৌৰৱ - অসমীয়া ৱিকিমিডিয়ান হিচাপে।


ৱিকিকনফাৰেন্সত মা

Monday, 29 November 2021

অসমীয়া ৱিকিপিডিয়াত মোৰ এটা দশক

অসমীয়া ৱিকিপিডিয়াৰ সৈতে মোৰ এটা দশকজোৰাসম্পৰ্ক। আজিৰ পৰা দহবছৰ আগতে ২০১১ চনত প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰিছিলোঁ এটা নতুন প্ৰবন্ধ, শৈশৱৰ একাল পাৰ কৰি অহা ঢকুৱাখনাৰ বিষয়ে। পৃথিৱীৰ যিকোনো কোণৰ পৰা কোনোবা অসমীয়াই ঢকুৱাখনাৰ বিষয়ে ইণ্টাৰনেটত খুঁচৰিলে অসমীয়াতে এই প্ৰবন্ধই ধৰা দিবহি; লিখি উঠি সেই অনুভৱে মন ৰোমাঞ্চিত কৰি তুলিলে। সেই প্ৰথম অৱদানৰ অপূৰ্ব অনুভূতি, অসমীয়া ভাষাটোৰ বাবে কিবা এটা কৰাৰ সেই সন্তুষ্টিয়েই মোৰ বাবে মুকলি কৰি দিলে এটা নতুন বাট। অসমীয়া ৱিকিপিডিয়াৰ সৈতে এটা নজহা নপমা আন্তৰিক সম্পৰ্কৰ বাট!


বিগত দশকটোত জীৱনৰ বহু দিশৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ সৈতে এই সম্পৰ্কয়ো নতুন ৰূপ ল’লে। সময়ৰ লগে লগে মোৰ ৱিকি আসক্তিকেৱল ৱিকিপিডিয়াতে সীমাবদ্ধ নাথাকি ৱিকিপিডিয়াৰ সহযোগী প্ৰকল্প যেনে- ৱিকিকমনছ, মুক্ত অনলাইন পুথিভঁৰাল ৱিকিউৎস আদিলৈকো বিয়পিল। এই সময়ছোৱাত ৱিকিমিডিয়াৰ এই প্ৰকল্পসমূহৰ বিভিন্ন কামত জড়িত হ’লোঁ, কেইবাখনো কৰ্মশালা, এডিটাথন আদিতো অংশ লোৱাৰ সুযোগ পালোঁ। লগতে চিনাকি হ’লোঁ অসমীয়া ভাষাৰ বাবে নিস্বাৰ্থভাৱে অক্লান্ত অৱদান আগবঢ়াই অহা অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে। দৈনন্দিন ব্যস্ততাৰ মাজতো ভিন্ন ঠাইৰ, ভিন্ন বয়সৰ এই সকলো অসমীয়াই ৱিকিপিডিয়াৰ পৃষ্ঠাত প্ৰতিদিনে যোগ দিয়েহি এটি দুটিকৈ শব্দ আৰু তথ্যৰ; প্ৰতিদিনে কীবৰ্ডত আঙুলি বুলাই সাধনা কৰেহি অসমীয়া ভাষাক ডিজিটেল পৃথিৱীত প্ৰতিষ্ঠা কৰাৰ। ৱিকিপিডিয়াৰ জৰিয়তে ময়ো কম সময়তে এই অপূৰ্ব যাত্ৰাত সেইসকলৰ সহযাত্ৰী হৈ পৰিলোঁ।


উৎস

যোৱা দশকটোতে প্ৰথমে উচ্চশিক্ষাৰ বাবে অসম এৰি আহিলোঁ। তাৰপিছত কৰ্মসূত্ৰে সাত সাগৰ তেৰ নদীৰ সিপাৰে বিভিন্ন ঠিকনা আদৰিব লগাত পৰিলোঁ। কিন্তু যিমানে অসমৰ পৰা ভৌগোলিক দূৰত্ব বাঢ়িল, মোৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ তাৎপৰ্য্য যেন সিমানে বেছি গভীৰ হৈ পৰিল। বৰ্তমান কানাডাৰ পশ্চিম প্ৰান্তৰ এই ভেনকুভাৰ মহানগৰীত অসমীয়া কথা এষাৰ নুশুনাকৈ-নোকোৱাকৈ কেতিয়াবা বহুদিন বাগৰি যায়। সেই অভাৱখিনি পূৰাবলৈকে হয়তো প্ৰতিদিনে ব্যস্ততাৰ মাজতো ক্ষন্তেক সময় উলিয়াই চেষ্টা কৰোঁ এটা হ’লেও পৃষ্ঠা অসমীয়াত পঢ়িবলৈ, দহমিনিটৰ বাবে হ’লেও অসমীয়া ৱিকিপিডিয়াত কিবা এটা কাম কৰিবলৈ। গতিকে সময়ৰ লগে লগে অসমীয়া ভাষাৰ সৈতে মোৰ সম্পৰ্ক জীপাল কৰি ৰখাৰ, সাৰ্মথ্য অনুসৰি মাতৃভাষাটোৰ প্ৰতি কিছু অৱদান আগবঢ়োৱাৰ মূল মাধ্যম হৈ পৰিছে অসমীয়া ৱিকিপিডিয়া।


জীৱন আৰু জীৱিকাৰ প্ৰয়োজনে মানুহক অৰঙে দৰঙে লৈ যায়, জীৱন পটত ৰং বোলাবলৈ নতুন তূলিকা আৰু নতুন অভিজ্ঞতা আনি দিয়ে। যোৱা দশকটোত এনেবোৰ প্ৰয়োজনেই মোকো লৈ গৈছে বহু ঠাইলৈ, বাধ্য কৰিছে ভিন্ন ভাষা আৰু সংস্কৃতিৰে পূৰ্ণ এক গোলকীয় সম্প্ৰদায়ৰ অংশ হৈ পৰিবলৈ। কিন্তু নিজৰ শিপা এৰি সেই মিছলত বিলীন হৈ পৰাৰ সলনি দিনক দিনে মোৰ মাজত যেন দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ আহিছে স্বাভিমানী অসমীয়া হৈ মূৰ দাঙি জীয়াই থকাৰ হেঁপাহ। যেন এটা জেদ, এটা প্ৰত্যাহ্বান- অসমীয়া ভাষা আৰু সংস্কৃতিৰ ভৱিষ্যতক লৈ ক্ষণে ক্ষণে উঠা আশংকাবোৰ দেই দি যোৱাৰ, নিজা ভাষা-সংস্কৃতিক জীয়াই ৰখাৰ বাবে দেশে দেশে খিলঞ্জীয়া জাতিবোৰে কৰা নিৰলস প্ৰচেষ্টাত গৌৰৱেৰে যোগ দিয়াৰ। অসমীয়া ৱিকিপিডিয়া মোৰ সেই প্ৰতিবাদী সত্তাৰ সমৰক্ষেত্ৰ, আকাশত উৰাৰ হেঁপাহ লৈও নিজৰ শিপাডাল নেহেৰুৱাৰ এক আলম৷


মই বিশ্বাস কৰোঁ, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে আছে। জন্মলগ্নৰ পৰা বহু বাধা নেওচিও অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসই লাভ কৰা ক্ৰমাগত বিকাশ আৰু প্ৰসাৰে এই কথাকে প্ৰতিপন্ন কৰিছে। ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা কেনে গুৰুত্বপূৰ্ণ সেয়া অনুধাৱন কৰি হাতে-কামে লাগি পৰিছে বহুতো এনে অসমীয়াই। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ অসমীয়া ভাষাৰ এক বিশাল ডিজিটেল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বহুতৰ অজানিতে আৰম্ভ হৈছে এক বৌদ্ধিক আন্দোলন, নিৰলস এক প্ৰচেষ্টা চলিছে অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ- যাৰ নাম অসমীয়া ৱিকিপিডিয়া। এই আন্দোলনৰ এটা দশকজোৰা সাক্ষী হ’বলৈ পাই, অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে একেলগে এই প্ৰয়াসত হাত উজান দিবলৈ পাই মই গৌৰৱান্বিত।


অসমীয়া ৱিকিপিডিয়াৰ এই যাত্ৰা চিৰযুগমীয়া হওক।

Thursday, 12 March 2015

ৱিকি-আসক্তি

অনলাইন বিশ্বকোষ অসমীয়া ৱিকিপিডিয়াৰ জন্মৰ প্ৰায় দহবছৰলৈকে অন্য বহুতৰে দৰে ময়ো ইয়াৰ অস্তিত্বৰ একো উমঘামেই পোৱা নাছিলো। ইটো সিটো প্ৰয়োজনত ইংৰাজী ৱিকিপিডিয়াত খুঁচৰি চাইছিলো। অসমীয়া ভাষাটো যে এনে এখন ৱিকিপিডিয়া থাকিব পাৰে সেয়া মনলৈকে অহা নাছিল, ইয়াত লিখা বা জড়িত হোৱাৰ ইচ্ছা দূৰৰে কথা। ২০১১ চনৰ শেষৰফালে কোনোবা এটা দিনত বন্ধু এজনৰ মুখত অসমীয়া ৱিকিৰ বিষয়ে শুনিবলৈ পালো । সেইসময়ত ইন্টাৰনেটত অসমীয়া ভাষাত তথ্য-পাতি প্ৰায় নাছিল বুলিলেই হয়। তেনে পৰিস্থিতিত অসমীয়া ৱিকিৰ ভৱিষ্যত গুৰুত্বৰ বিষয়ে বন্ধুৱে আভাস এটা দিলে। গুগলত কিবা এটা অসমীয়াত বিচাৰিলে অসমীয়াতে সেইবিষয়ে তথ্য পাম, এই ভাৱটোৱে মন ৰোমাঞ্চিত কৰি তুলিলে! সিদিনাই ৱিকিত একাউন্ট এটা খুলিলো। ফে'চবুকৰ অসমীয়া ৱিকিপিডিয়া সমাজতো সদস্যভুক্ত হ’লো। অসমীয়া টাইপিঙৰ সমস্যাবোৰো কেইবাজনো অভিজ্ঞ ৱিকিপিডিয়ানৰ সহায়ত নোহোৱা হ’ল।

ৱিকিত সোমায়েই মই প্ৰথম কৰা কামটো আছিল, মোৰ জন্ম জিলা লখিমপুৰৰ বিষয়ে তথ্য যোগ দিয়া।নিজৰ জিলাখনৰ উল্লেখযোগ্য ঠাই, ব্যক্তি, অনুষ্ঠান আদিৰ বিষয়ে যি পাৰো লিখিলো। সেইখিনি কৰি উঠি ৱিকিৰ সম্পাদনা কৰাৰ ক্ষেত্ৰত মনটো অলপ আত্মবিশ্বাসী হ’ল। এইবাৰ নতুন প্ৰবন্ধ সৃষ্টিত লাগিলো। বহুতৰে দৰে মোৰো ভাৱ হৈছিল, নতুনকৈ কিনো লিখিম! কিছু চিন্তা কৰি মোৰ প্ৰিয় বিষয় কিছুমান বাচি ল’লো – মই ইতিমধ্যে জনা বা জানিব খোঁজা বিষয়বোৰ।
ইয়াৰ ভিতৰত অন্যতম আছিল, অসমৰ বন্যপ্ৰাণী আৰু চৰাই-চিৰিকটিৰ বিষয়ে প্ৰবন্ধ সৃষ্টি। এটা নতুন প্ৰবন্ধ লিখি সম্পূৰ্ণ কৰি এক সাংঘাটিক সন্তুষ্টি বা পৰিতৃপ্তি পোৱা হ’লো। ৱিকিত কিবা এটা কৰিলেই ভাব হয়, যেন অন্ততঃ এটা ভাল কাম কৰিলো! লাহে লাহে এনে দিন আহিলগৈ যে দিনটোৰ ভিতৰত ৱিকিত অলপকৈ হ’লেও কিবা এটা নিলিখিলে বা নকৰিলে কিবা এটা আধৰুৱা হৈ ৰৈ যোৱা যেন লগা হ’ল! হয়, মোক বহুতো ৱিকিপিডিয়ানৰ দৰে ৱিকিৰ আসক্তিয়ে পালে আৰু আজিও এই আসক্তি কেতিয়াও এৰাব নোৱাৰাকৈ গভীৰলৈকে শিপাই আছে। পিছে, কেৱল ৱিকিৰ পৰা পোৱা সন্তুষ্টি বা জ্ঞানেই নহয়, ইয়াৰ লগতে অন্য কেইবাটাও কথাই এই আসক্তি গভীৰ কৰাত সাৰ-পানী যোগাই আহিছে।

প্ৰথম অনুঘটকটো হ’ল, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ! এনে এটা হেঁপাহ হয়তো প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে থাকেই। বাহিৰৰ বহু লোকৰে উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কীয় জ্ঞান সীমিত বুলি আমি অভিযোগ কৰোঁ, ইয়াৰ নিৰাময়ৰ বাবে কি কৰিব পাৰি সেই সম্পৰ্কে নানা আলোচনা, বিতৰ্কও চলে। তেনেদৰে ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষা-সংস্কৃতিৰ চালুকীয়া অৱস্থা আদিৰ বিষয়েও বহুতে কয়।  উচ্চশিক্ষাৰ বাবে অসম এৰি দূৰৈত থকাৰে পৰা এইবিষয়ে যেন মই বেছি সচেতন হ’বলৈ ল’লো। সাধ্যানুসাৰে কিবা এটা কৰাৰ হেঁপাহটোও হয়তো তীব্ৰ হৈ উঠিল। ইচ্ছা থাকিলেও পঢ়াৰ বা কামৰ ব্যস্ততাৰ বাবে এনে ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হ’ব নোৱাৰা বহুতৰ দৰে মোৰ বাবেও অসমীয়া ৱিকি এক উপযুক্ত মাধ্যম হৈ পৰিল যেন। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে এটা-দুটাকৈ প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে ইন্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ এক বিনামূলীয়া আৰু বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱা এক বিশাল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছে। ৱিকিউৎস নামৰ ভগ্নী প্ৰকল্পত আপুৰুগীয়া অসমীয়াগ্ৰন্থসমূহ ইউনিক’ড ৰূপত পাব পৰা হৈছে। অসম আৰু অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিকোনো ব্যক্তিয়ে সাধ্যানুসৰি অৱদান আগবঢ়াব পৰা ইয়াতকৈ সঠিক আৰু উপযুক্ত মাধ্যম আৰু কি হ’ব পাৰে!

তাৰোপৰি দৈনন্দিন ব্যস্ততাৰ মাজত ৱিকিত মই নিজৰ সুবিধা অনুসৰি যিকোনো সময়ত বা যিকোনো প্ৰকাৰে অৱদান আগবঢ়াব পাৰোঁ। সময়ৰ কোনো বাধ্যবাধকতা নাই- কেতিয়াবা পাঁচ-দহমিনিট, কেতিয়াবা কেইবা ঘন্টালৈকে সুবিধা অনুসৰি কৰোঁ। সুবিধা মতে নতুন প্ৰবন্ধ লিখোঁ, নাইবা ৱিকিত ইতিমধ্যে থকা প্ৰবন্ধত দুই এটা তথ্য যোগ দিওঁ; সেয়াও নহ’লে, নিজে তোলা ফটো আপল’ড কৰোঁ নাইবা ৱিকিউৎসত কোনোবা কিতাপৰ টাইপিঙতে অকণমান লাগি দিওঁ।


তৃতীয় কাৰকটো হ'ল, অন্য ভাষাসমূ্হৰ তুলনাত অসমীয়া ভাষাৰ সীমিত ডিজিটেল তথ্যভাণ্ডাৰ। অসমীয়াৰ সচেতনতাৰ এক উল্লেখযোগ্য নিদৰ্শনৰূপে মালায়ালম ৱিকিপিডিয়াৰ পিছতে ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া আছিল ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া৷ কিন্তু সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে বৰ্তমানলৈকে এই ৱিকিপিডিয়া চালুকীয়া অৱস্থাতে আছে৷আজিৰ তাৰিখত পৰিসাংখ্যিকভাৱে ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা তিনি কোটি আৰু মালায়ালম ৱিকিপিডিয়াৰ এক লাখ হোৱাৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ কেৱল তিনিহাজাৰটা৷ এই পৰিসংখ্যাটোৱে  প্ৰতিযোগিতাৰ বা প্ৰত্যাহ্বানৰ ভাৱ এটা মোৰ মনলৈ আনি দিয়ে। বাংগালোৰত থকাৰ সময়ছোৱাত ৱিকিৰ প্ৰতি আগ্ৰহী সহকৰ্মী কেইজনমানৰ সৈতে সপ্তাহত এবাৰকৈ আমি একেলগ হৈছিলো। প্ৰত্যেকেই নিজৰ মাতৃভাষাৰ বা ইংৰাজী ৱিকিৰ কাম কৰোঁ। সেই সুযোগতে তামিল, ইংৰাজী আদি ৱিকিৰ কাম-কাজৰ প্ৰক্ৰিয়া প্ৰত্যক্ষ ভাৱে দেখিছিলো। তাৰবাবেই কিজানি জ্ঞানৰ মুক্ত বিতৰণ আৰু প্ৰসাৰৰ দৌৰত আমাতকৈ বহুযোজন আগবাঢ়ি যোৱা এই ৱিকিসমূহৰ সমকক্ষ হোৱাৰ সংকল্প এটাই মনত ঠাই ল’লে।



এই আভিজ্ঞতাসমূহৰ বাহিৰেও ৱিকিৰ লগত জড়িত বহুতো প্ৰেৰণাদায়ক অভিজ্ঞতাইও মোক সদায়ে উৎসাহ যোগাই আহিছে। উদাহৰণস্বৰূপে, ২০১৩-ৰ শেষৰফালে বাংগালোৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কনফাৰেঞ্চ এখনৰ এক বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিলো। বিষয় আছিল-স্থানীয় ভাষাত প্ৰকৃতি বা পৰিস্থিতিবিজ্ঞানৰ জ্ঞানৰ প্ৰসাৰৰ গুৰুত্ব আৰু বৰ্তমানলৈকে বিভিন্ন ভাষাত ইয়াৰ অগ্ৰগতিৰ বুজ লোৱা। তাতে কেইবাগৰাকী ব্যক্তিৰ তেলুগু, মাৰাঠী আদি ভাষাত প্ৰকৃতি সম্পৰ্কীয় লিখা-মেলাৰ কথা শুনিলো। ময়ো অন্যান্য মাধ্যমত চৰ্চাৰ উপৰিও অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃতি সম্পৰ্কীয় তথ্য বিস্তাৰৰ বিষয়ে দুআষাৰ ক’লো।সকলোৱে কিছু আশ্চৰ্য্য প্ৰকাশ কৰিলে অসমীয়া ভাষাত এনে অগ্ৰগতিৰ সম্পৰ্কে জানি। বহুতে মন্তব্য কৰিলে, নিজৰ মাতৃভাষাত এনে ধৰণৰ প্ৰকল্প আৰম্ভ কৰিবলৈ উদ্যোগ ল’ব বুলি। আনৰ বাবে অসমীয়া ৱিকিৰ চানেকি দেখুৱাবলৈ পাই গৌৰৱত মোৰ বুকুখন ফুলি উঠিল!

অন্য এটা ভাল লগা অভিজ্ঞতা; সেইবছৰতে নতুনকৈ আৱিস্কৃত স্তন্যপায়ী প্ৰাণীৰ প্ৰজাতি অলিংগুইট'ৰ বিষয়ে বাতৰিত পোৱাৰ পিছদিনাই অসমীয়া ৱিকিপিডিয়াত এটা প্ৰবন্ধ যোগ দিছিলো৷নিশাৰ ভাগলৈ ৱিকিৰ মোৰ সদস্যপৃষ্ঠাত এটা বাৰ্ত্তা আহিল৷ লিখিছিল C.R.Selvakumar নামৰ তামিল ৱিকিপিডিয়ান এগৰাকীয়ে৷ তেওঁ লিখিছিল, তেওঁ অসমীয়া ভাষা বুজি নাপায়। কিন্তু তামিল ৱিকিপিডিয়াত সেই একেটা বিষয়ত এটা প্ৰবন্ধ সংযোগ কৰাৰ পিছত তেওঁ জানিব পাৰিলে যে অসমীয়া ৱিকিপিডিয়াত সেই বিষয়ে প্ৰবন্ধ ইতিমধ্যে সৃষ্টি কৰা হৈছে৷ ইমান শেহতীয়া বিষয় এটাত তাৎক্ষণিক ভাৱে এনেকৈ তথ্য সংযোগ কৰাকে লৈ তেওঁ আনন্দ প্ৰকাশ কৰিলে৷ পঢ়ি লৈ অলপ আচৰিত হ’লো যদিও খুউব ভালো লাগিল৷ কিছুপৰৰ পিছতে দেখিলো তেওঁ অসমীয়া ৱিকিপিডিয়াতো এটা একাউন্ট খুলিছে৷ তাত তেওঁৰ বক্তব্য আছিল- “I wish to contribute whatever I can to Assamese Wikipedia, like adding a picture and taking part in matters related to Tamil language and Tamil culture in Assamese Wikipedia. I don't yet know Assamese language, but will be picking up a little at least I hope in due course. I wish Assamese Wikipedia a great success”. অসমীয়া ৱিকিপিডিয়াত অৰিহণা যোগাবলৈ অসমীয়াৰ মাজতে আগ্ৰহৰ অভাৱৰ এক হতাশাজনক পৰিস্থিতিত তামিল ৱিকিপিডিয়ান এজনৰ এনে আগ্ৰহ আৰু আন্তৰিকতা দেখি অভিভূত হৈ পৰিলো৷ কিন্তু, তাতোকৈ বেছি আশ্চৰ্য্য ৰৈ আছিল মোৰবাবে! তেওঁৰ বিষয়ে অধিক জানিবৰ বাবে তেওঁৰ তামিল ৱিকিৰ সদস্য পৃষ্ঠাটোত চকু ফুৰালো৷দেখিলো, তেওঁ কানাডাৰ ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ জ্যেষ্ঠ অধ্যাপক! তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ মন ভৰি উঠিল৷ বিশ্বৰ শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম, ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ এগৰাকী অধ্যাপকে তেওঁৰ কৰ্মব্যস্ততাৰ মাজত তামিল ৱিকিপিডিয়াৰ নিয়মীয়া অৱদানকাৰী হোৱাকৈ, একেবাৰে নজনা অসমীয়া ভাষা শিকি লৈ অসমীয়া ৱিকিলৈ অৰিহণা যোগোৱাৰ প্ৰস্তাব দিব পৰাকৈ আগ্ৰহ আৰু ঐকান্তিকতা থকা এনে এজন ব্যক্তি সঁচাই অশেষ শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ উৎস৷

এইসমূ্‌হৰ উপৰিও মোৰ ৱিকিৰ আসক্তি স্থায়ী কৰাৰ অন্যতম কাৰণ হ’ল অসমীয়া ৱিকিপিডিয়া সমাজখন। অসম আৰু বাহিৰৰো বহু ঠাইত কাম কৰি থকা বা পঢ়ি থকা এই সকল লোকে কোনো ব্যক্তিগত লাভ নিবিচৰাকৈ অসমীয়া ভাষাৰ কাৰণে যেনেকৈ কাম কৰি আছে সেয়া মোৰ কাৰণে এটা ডাঙৰ প্ৰেৰণা৷ দুই এজনৰ বাহিৰে আমি প্ৰায়ভাগেই মুখামুখিকৈ কেতিয়াও লগ পোৱা নাই । কিন্তু আজি ইমানবছৰ ধৰি আমি একেলগে ৱিকিৰ কাম কৰি আহিছোঁ। আমাৰ ভাষাৰ বা জাতিটোৰ কাৰণে কিবা কৰাৰ কথা প্ৰায় সকলোৱে কয়, কিন্তু আবেগ বাদ দি সঁচা অৰ্থত হাতে কামে লগা লোকৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি। এইক্ষেত্ৰত মই সদায়ে অসমীয়া ৱিকিপিডিয়ান সকলক লৈ গৌৰৱ কৰোঁ৷ প্ৰতিদিনে অলপ অলপকৈ তথ্য যোগ দি আজি বছৰ বছৰ ধৰি এইখিনি মানুহে নিস্বাৰ্থভাৱে নিজৰ ভাষাৰ হকে কাম কৰি আহিছে।ৱিকিৰ জৰিয়তে এইখিনি মানুহক লগ পাই আৰু এই বৌদ্বিক আন্দোলনৰ অংশীদাৰ হ’ব পাৰি মই নিজকে বহুত ভাগ্যবান বুলি গণ্য কৰোঁ৷

শেষত কওঁ, বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শেহতীয়াকৈ ৱিকিপিডিয়াত অসমীয়া ভাষাত তথ্য বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন চাৰ্ছ ইঞ্জিনসমূ্হত অসমীয়া ভাষাত তথ্য পাব পৰা হৈছে৷ গতিকে অধিক অৱদানেৰে নিসন্দেহে ই অসমীয়া ভাষাটোক ডিজিটেল জগতত আৰু এঢাপ আগুৱাই নিব পাৰে৷ কিন্তু ইয়াৰ বাবে অধিক লোকে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ প্ৰয়োজন৷ গতিকে আহক, অসমীয়া ভাষা আৰু সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এইপ্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ৷ আহক, সকলোৱে অসমীয়া ৱিকিপিডিয়াত লিখোঁ!

বি:দ্ৰ: অসমীয়া ৱিকিৰ কেইটামান দৰকাৰী লিংক
অসমীয়া ৱিকিপিডিয়া
অসমীয়া ৱিকিত মই সৃষ্টি কৰা প্ৰৱন্ধসমূহ
অসমীয়া ৱিকিত প্ৰবন্ধ সৃষ্টিৰ সহায়
অসমীয়া ৱিকিউৎসত কেনেকৈ কি কৰিব

Saturday, 15 March 2014

অসমীয়া ৱিকিপিডিয়াত লিখোঁ আহক

ৱিকিপিডিয়া “ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে” সংকলিত এক মুক্ত অনলাইন বিশ্বকোষ৷ পৃথিৱীৰ যিকোনো ঠাইৰ আগ্ৰহী লোকে নিজৰ অৰ্হতা অনুসৰি কোনো বিষয়ত জ্ঞান সংগ্ৰহ কৰি ৱিকিপিডিয়ালৈ অৱদান আগবঢ়াব পাৰে৷ ২০১১ চনত ৱিকিমিডিয়া ফাউণ্ডেশ্যনে ইংৰাজী ৱিকিপিডিয়া আৰম্ভ কৰাৰ পৰা বিশ্বত মুক্ত জ্ঞানৰ ব্যৱহাৰ আৰু বিতৰণৰ ক্ষেত্ৰত এক আন্দোলনৰ সূচনা হৈছে৷ এই প্ৰকল্পৰ অধীনত সমগ্ৰ বিশ্বত বৰ্তমানলৈকে ২৮৭ টা ভাষাৰ ৱিকিপিডিয়া আৰম্ভ হৈছে৷ বৰ্তমান ইয়াৰ জৰিয়তেই যিকোনো বিষয়ৰ জ্ঞান বিনামূল্যে বিশ্বৰ সকলো লোকৰ বাবে নিজ ভাষাতো উপলব্ধ হৈ উঠিছে৷  


মালায়ালম ৱিকিপিডিয়াৰ পিছতে ২০০২ চনত মুকলি কৰা অসমীয়া ৱিকিপিডিয়া ভাৰতীয় ভাষাসমূহৰ ভিতৰতে দ্বিতীয়খন ৱিকিপিডিয়া৷ কিন্তু সক্ৰিয় অৱদানকাৰীৰ অভাৱৰ বাবে বৰ্তমানলৈকে এই ৱিকিপিডিয়া চালুকীয়া অৱস্থাতে আছে৷ পৰিসাখ্যিকভাৱে ইংৰাজী ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা ৪৪ লাখ আৰু মালায়ালম ৱিকিপিডিয়াৰ ৩৪ হাজাৰ হোৱাৰ বিপৰীতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ কেৱল আঢ়ৈহাজাৰটা৷ এই ৱিকিপিডিয়াত পঞ্জীভূত সদস্য ৮,৪০৭ গৰাকী যদিও নিয়মীয়াকৈ অৱদান আগবঢ়োৱা সক্ৰিয় সদস্য সংখ্যা তেনেই কম৷ 


ৱিকিপিডিয়াৰ বাহিৰেও ৱিকিমিডিয়া ৰ তত্বাৱধানত অসমীয়া ৱিকিপিডিয়াৰ সহযোগী প্ৰকল্প ৱিকিউৎস আৰম্ভ কৰা হৈছে৷ এই ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত মুক্ত প্ৰকাশনসমূহ ডিজিটেল ৰূপত সংগ্ৰহ কৰি ৰখা হয়৷ শেহতীয়াকৈ কেইগৰাকীমান অসমীয়া স্বেছ্ছাসেৱকৰ আশাসুধীয়া আৰু নিৰলস প্ৰচেষ্টাত ইয়াত লেখাৰ সংখ্যা এহাজাৰ হৈছেগৈ৷ শংকৰ-মাধৱৰ প্ৰায়ভাগ বৰগীত তথা ৰচনাকে ধৰি ভালেসংখ্যক প্ৰসিদ্ধ লেখকৰ সাহিত্য কৰ্মসমূহ এই ৱিকিউৎসত উপলব্ধ কৰা হৈছে ৷

বহুলোকে ভৱাৰ দৰে অসমীয়া ৱিকিপিডিয়াত সম্পাদনা কৰাটো মুঠেই টান কাম নহয়৷ ইয়াত নিজৰ অৰ্হতা বা আগ্ৰহ অনুসাৰে বিষয়বস্তু বাচি লৈ যিকোনো লোকে ইতিমধ্যে থকা প্ৰবন্ধৰ যথাযথ সম্পাদনা কৰিব পাৰে নাইবা প্ৰয়োজনীয় বুলি ভবা বিষয়ৰ ওপৰত নতুন প্ৰবন্ধ সৃষ্টি কৰিব পাৰে৷ তাৰোপৰি, ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ দীঘলীয়া সময়ৰো প্ৰয়োজন নাই৷ নিজৰ সুবিধা আৰু সামৰ্থ্য অনুসাৰে সময় উলিয়াই সম্পাদনা কৰিব পৰা যায়৷ সম্পাদনাত অসুবিধাৰ মুখামুখি হোৱা নতুন সদস্যসকলক অভিজ্ঞ ৱিকিপিডিয়ানসকলে বন্ধুত্বপূৰ্ণভাৱে সহায় কৰে৷ এই সদস্যসকলৰ মাজত ৱিকিপিডিয়া সম্পৰ্কীয় আলোচনা তথা যোগাযোগৰ বাবে ফে’চবুকত Assamese Wikipedia Community নামৰ এটা আলোচনা গোট আৰু অসমীয়া ৱিকিপিডিয়া- Assamese Wikipedia নামৰ এখন পৃষ্ঠাও আছে৷ 

বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ ইন্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ শেহতীয়াকৈ ৱিকিপিডিয়াত অসমীয়া ভাষাত তথ্য বৃদ্ধি পোৱাৰ লগে লগে বিভিন্ন ছাৰ্ছ ইঞ্জিনসমূ্হত বাংলাৰ পৰিৱৰ্ত্তে অসমীয়া ভাষাত তথ্য পাব পৰা হৈছে৷ গতিকে অধিক অৱদানেৰে নিসন্দেহে ই অসমীয়া ভাষাটোক ডিজিটেল জগতত আৰু এধাপ আগুৱাই নিব পাৰে৷ কিন্তু ইয়াৰ বাবে অধিক লোকে ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱাৰ প্ৰয়োজন৷ গতিকে আহক, অসমীয়া ভাষা আৰু সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এই প্ৰয়াসত আমি সকলোৱে কণমানকৈ হ’লেও অৱদান আগবঢ়াওঁ৷ আহক, সকলোৱে অসমীয়া ৱিকিপিডিয়াত লিখোঁ!

Friday, 16 August 2013

এজন অসমীয়াপ্ৰেমী তামিলৰ কথাৰে!

যোৱা ১৫ আগষ্টৰ দিনা নতুনকৈ ঘোষণা কৰা স্তন্যপাণী প্ৰাণী ওলিঙ্গোইটোৰ বিষয়ে কালি অসমীয়া ৱিকিপিডিয়াত এটা প্ৰবন্ধ যোগ দিছিলো (ইয়াত চাব পাৰে)৷ নিশাৰ ভাগলৈ মোৰ সদস্যপৃষ্ঠাত এটা বাৰ্ত্তা আহিল৷ লিখিছিল C.R.Selvakumar  নামৰ তামিল ৱিকিপিডিয়ান এগৰাকীয়ে৷  পঢ়ি লৈ অলপ আচৰিত হ’লো যদিও খুউব ভালো লাগিল৷ তেওঁ লিখিছিল যে, তেওঁ অসমীয়া ভাষা বুজি নাপায় যদিও তামিল ৱিকিপিডিয়াত সেই একেটা বিষয়ত এটা প্ৰবন্ধ সংযোগ কৰাৰ পিছত তেওঁ জানিব পাৰিলে যে অসমীয়া ৱিকিপিডিয়াত সেই একেটা প্ৰবন্ধ ইতিমধ্যে সৃষ্টি কৰা হৈছে৷ ইমান শেহতীয়া বিষয় এটাত তাৎক্ষণিক ভাৱে এনেকৈ তথ্য সংযোগ কৰাকে লৈ তেওঁ আনন্দ প্ৰকাশ কৰিলে৷ (ইয়াত চাব পাৰে)

কিছুপৰৰ পিছতে দেখিলো তেওঁ অসমীয়া ৱিকিপিডিয়াতো এটা একাউন্ট খুলিছে৷ তাত তেওঁৰ বক্তব্য আছিল-
“Greetings!I contribute to Tamil Wikipedia and my user page can be seen at செல்வா (C.R.Selvakumar). I wish to contribute whatever I can to Assamese Wikipedia, like adding a picture and taking part in matters related to Tamil language and Tamil culture in Assamese Wikipedia. I don't yet know Assamese language, but will be picking up a little at least I hope in due course. I wish Assamese Wikipedia a great success-Regards,செல்வா (C.R.Selvakumar)”(তেওঁৰ সদস্য পৃষ্ঠা)

অসমীয়া ৱিকিপিডিয়াত অৰিহণা যোগাবলৈ অসমীয়াৰ মাজতে আগ্ৰহৰ অভাৱৰ এই হতাশাজনক পৰিস্থিতিত  তামিল ৱিকিপিডিয়ান এজনৰ এনে আগ্ৰহ আৰু আন্তৰিকতা দেখি অভিভূত হৈ পৰিলো৷ কিন্তু, তাতোকৈ বেছি আশ্চৰ্য্য ৰৈ আছিল মোৰ বাবে! তেওঁৰ বিষয়ে অধিক জানিবৰ বাবে তেওঁৰ তামিল ৱিকিৰ সদস্যপৃষ্ঠাটোত চকু ফুৰালো৷ তামিল আখৰৰ মাজত দুটা ইংৰাজী ভাষাত থকা লিংক দেখা পালো (তেওঁৰ ইউনিভাৰ্ছিটিৰ প্ৰফাইল)৷ লিংকত গৈ দেখিলো, এওঁ কানাডাৰ ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক! তেওঁৰ প্ৰতি শ্ৰদ্ধাত মোৰ মন ভৰি উঠিল৷

বিশ্বৰ  শীৰ্ষস্থানীয় বিশ্ববিদ্যালয় সমূহৰ ভিতৰত অন্যতম, ইউনিভাৰ্ছিটি অব ৱাটাৰলুৰ এগৰাকী অধ্যাপকে তেওঁৰ কৰ্মব্যস্ততাৰ মাজত তামিল ৱিকিপিডিয়াৰ নিয়মীয়া অৱদানকাৰী হোৱাকৈ, একেবাৰে নজনা অসমীয়া ভাষা শিকি লৈ অসমীয়া ৱিকিলৈ অৰিহণা যোগোৱাৰ প্ৰস্তাব দিব পৰাকৈ আগ্ৰহ আৰু ঐকান্তিকতা থকা এনে এজন ব্যক্তি সঁচাই অশেষ শ্ৰদ্ধাৰ আৰু প্ৰেৰণাৰ উৎস৷ এনে সততাৰে লগা লোকৰ বাবেই হয়তো তামিল ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা  বৰ্ত্তমান ৫৫,১৩৬ টা আৰু ভাৰতৰ সকলো ভাষাৰ ভিতৰত দ্বিতীয়তে সৃষ্টি হোৱা স্বত্বেও অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধ সংখ্যা পুতৌজনকভাৱে ২,৩৩৮ টা ৷ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকে যদি বিদেশত থাকিও তেওঁৰ শৈক্ষিক ব্যস্ততাৰ মাজতে নিজ ভাষা(তামিল)ৰ লগতে আনৰ ভাষা(অসমীয়া)ৰ বাবে সময় উলিয়াব পাৰে আমাৰ অসমীয়াসকলে নিজৰ ভাষাৰ বাবে দিনে ১০-১৫ মিনিট সময় উলিয়াব নোৱাৰেনে! কেৱল "জয় আই অসম" বা "চিৰ চেনেহী মোৰ ভাষা জননী" ধ্বনি  তুলি থাকিলে আমাৰ ভাষাটো বাচি নাথাকে (সকলোকে কোৱা নাই)। তাতকৈ হাতে কামে লগাটোহে  বেছি প্ৰয়োজনীয়। এনে দহজনো ব্যক্তি আমাৰ মাজৰ পৰা ওলালে আমি আৰু কেতিয়াও ‘আমি অসমীয়া, নহওঁ দুখীয়া’ বুলিয়েই সান্তনা লভি হা-হুমুনিয়াহ কাঢ়ি থাকিব নালাগিব৷