Wednesday 28 November 2018

অপূৰ্ব আয়াৰলেণ্ড (চতুৰ্থ খণ্ড)


আইৰিছ লিনেনৰ সুবাস

বেডফৰ্ড ষ্ট্ৰীট, বেলফাষ্ট৷ আমাৰ ৱাকিং ট্যুৰৰ দলটো লৈ গাইড মেথিউ ৰ’লগৈ এটা ডাঙৰ শ্ব’ ৰুমৰ সন্মুখত৷ ক’লে,

’এইখিনি  ঠাইক সকলোৱে বেলফাষ্টৰ লিনেন কোৱাৰ্টাৰ বা ইণ্ডাষ্ট্ৰীয়েল কোৱাৰ্টাৰ বুলি কয়৷ বিশ্ববিখ্যাত আইৰিছ লিনেন ইয়াৰে লিনেন মিলবোৰত উৎপাদন হৈছিল৷ লিনেন কিহৰ পৰা হয় জানেনে?’

’ফ্লেক্স?'-  লণ্ডনৰ ল’ৰাজনে মাত দিলে৷


আইৰিছ লিনেন (উৎস: billionairebespoke.com)
'ঠিকেই, ফ্লেক্স বনৰ কাণ্ডৰ পৰা সূতা উলিয়াই আইৰিছ লিনেন তৈয়াৰ কৰে৷ বেলফাষ্টৰ মাটি আৰু ঠাণ্ডা  জলবায়ু ফ্লেক্সৰ বাবে খুউব উপযোগী৷ আজিৰ পৰা এশ বছৰমানৰ আগলৈকে বহুতো থলুৱা আইৰিছ লোকৰ ফ্লেক্স বননিৰ খেতি আছিল৷ লিনেন মিলবোৰত বহুতো মহিলাই কাম কৰিছিল৷ সেই সময়ত মানুহে আনকি বেলফাষ্টক লিনেন’পলাছ বুলিও আখ্যা দিবলৈ লৈছিল৷

লিনেনৰ মসৃণ ৰূপটো পাবলৈ খুউব যত্নেৰে সূতা উলিয়াই ব’ব লগা হয়৷ সেয়ে সময়ো লাগে আৰু খাটনিও বেছি৷ গতিকে  চীনত বোৱা-কঁটাৰ মেচিন উদ্ভাৱনৰ লগে লগে কম সময়তে মেচিনত ব’ব পৰা কাপোৰৰ উৎপাদন আৰম্ভ হৈ পৰিল৷ তেনে কাপোৰৰ পয়োভৰে দামী আইৰিছ লিনেনৰ তাগিদা কমাই পেলালে আৰু এটা সময়ৰ সেই গৌৰৱোজ্জল ইতিহাস চকুৰ পচাৰতে হেৰাই গ’ল!’

আশে পাশে থকা বিশাল অট্টালিকাবোৰ দেখুৱাই মেথিউয়ে কৈ গ’ল,

’চাওক, তেতিয়াৰ এই লেনিন মিলবোৰ বেলফাষ্টত গঢ় লৈ উঠা পৰ্য্যটনৰ দাবীত প্ৰকাণ্ড হোটেললৈ ৰূপান্তৰিত কৰি পেলালে৷ মাত্ৰ ৰৈ গ’ল এতিয়া  আমাৰ সন্মুখত থকা এই শ্ব’ ৰুমটো! ইয়াৰ নামো আইৰিছ লিনেন উদ্যোগৰ গৌৰৱময় ইতিহাস সোঁৱৰি ৰখা হৈছে  লিনেন’পলিছ!’

আইৰিছ লিনেনৰ মহানগৰী লিনেন’পলিছ
এই ইতিহাসে মোৰ মনলৈ আনি দিলে ভাৰতৰ কপাহী সূতাৰ কাহিনী৷ হৰপ্পা সভ্যতাতে ভাৰতৰ বোৱাঁ কপাহী কাপোৰৰ বেহাই ইজিপ্টৰ নীল নদীৰ উপত্যকা স্পৰ্শ কৰিছিলগৈ৷  কিন্তু এই হস্ততাঁত উদ্যোগ ব্ৰিটেইনৰ উদ্যোগিক বিপ্লৱে উফৰাই পেলাইছিল একেবোৰ কাৰণতে৷ অৱশ্যে তাৰ লগতে ব্ৰিটিছৰ আক্ৰোশী নীতিও সমানেই জগৰীয়া৷

ষ্টেয়াৰৱে টু হেভেন

দুখোঁজমান আগবাঢ়িয়ে একেটা ষ্ট্ৰীটত দেখা পালোগৈ আলষ্টাৰ হ’ল৷ হ’লটোৰ সন্মুখত ৰৈ মেথিউয়ে আমাক প্ৰশ্ন কৰিলে,


’আপোনালোকৰ কোনোবাই লেড জেপেলিনৰ নাম শুনিছেনে?’

দুজনমানে মূৰ দুপিয়ালে৷ মোৰ বাবে সম্পূৰ্ণ অচিনাকি নাম! সেয়ে নিমাতে ৰ’লো৷ মেথিউয়ে কৈ গ’ল,
ঐতিহাসিক আলষ্টাৰ হ’ল

’লেড জেপেলিন এটা ইংৰাজ ৰক বেণ্ড৷ এই বেণ্ডটো সত্তৰৰ দশকৰ আটাইতকৈ জনপ্ৰিয় ৰক বেণ্ড বুলি বহুতে কয়৷ আমোদজনক কথাটো হ’ল তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে ১৯৭১ চনত এইটো হ’লতে ’Stairway to Heaven’ গানটো গাইছিল৷ এতিয়া এই গানটো সকলো সৰ্বকালৰ সৰ্বোৎকৃষ্ট ৰক গানবোৰৰ এটা বুলি ধৰা হয়৷ কিন্তু এইটো হ’লত প্ৰথম মুকলি কৰাৰ দিনা দৰ্শকসকলৰ কোনেও কিন্তু সেই গান উপভোগ নকৰিলে৷ গান চলি থকাৰ মাজতে তেওঁলোকৰ প্ৰতিক্ৰিয়া দেখি বেণ্ডটোৱে আধৰুৱাকৈয়ে অনুষ্ঠান সামৰিবলৈ বাধ্য হ’ল!’

আচৰিত হ’লো! এনেকুৱাও হয় নে!  অসাধাৰণ প্ৰতিভায়ো বহু সময়ত হয়তো যোগ্য স্বীকৃতি পাবলৈ অপেক্ষা কৰিব লগা হয় সঠিক সময়ত সঠিক মূল্যায়নলৈ! মেথিউৰ মাতত মোৰ সম্বিত ঘুৰিল,


’কিন্তু জানেনে, এতিয়া বেলফাষ্টৰ প্ৰায়বোৰ পাবতে সকলো বেণ্ডে লেড জেপেলিনৰ গানেৰে সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ কৰে৷ হয়তো সেই প্ৰথম অনুষ্ঠানত তেওঁলোকৰ কালজয়ী গানটো আদৰি নোলোৱাৰ বাবে এনেদৰেই বেলফাষ্টে ক্ষতিপূৰণ দি আহিছে, লেড জেপেলিনক সন্মান জনাই আহিছে !’

সিদিনাই লেড জেপেলিনৰ সোঁৱৰণত ময়ো প্ৰথমবাৰৰ বাবে শুনিলো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গীতবোৰৰ ভিতৰত অন্যতম সেই গীতটি-


"There's a lady who's sure

All that glitters is gold

And she's buying a stairway to heaven

When she gets there she knows

If the stores are all closed
With a word she can get what she came for
Oh oh oh oh and she's buying a stairway to heaven...."





বেলফাষ্টৰ হেলনীয়া স্তম্ভ


কুইনছ স্কোৱাৰত দেখা পালো বেলফাষ্টৰ অন্য এটা আকৰ্ষণ, এলবাৰ্ট মেম’ৰিয়েল ক্ল’ক৷ গ’থিক আৰ্হিৰ স্তম্ভটোত প্ৰিন্স এলবাৰ্টৰ প্ৰতিমূৰ্ত্তি আৰু একেবাৰে ওপৰত এটা বিশাল ঘড়ী৷ মেথিউয়ে সুধিলে,


’স্তম্ভটোত এটা খুঁত আছে৷ কি বাৰু?’

দুজনমানে ঘপকৈ উত্তৰ দিলে, ’সময়!’


এলবাৰ্ট মেম’ৰিয়েল ক্ল’ক
নাই, সময় সম্পূৰ্ণ সঠিক৷ তেনে কি! আমি ওপৰৰ পৰা তললৈ খুউব চালো৷ কোনেও একো উলিয়াব নোৱাৰিলে৷ কিছু সময় পিছত হঠাৎ এজনৰ মুখখন উজ্জল হৈ উঠিল৷ 

’ইটছ লিনিং এ বিট!’

কি কয় এওঁ! এইবাৰ আমি বাকীবোৰে তেওঁ ৰৈ থকা ঠাইলৈ গৈ আকৌ এবাৰ মন দি চালোগৈ৷ মেথিউয়ে হাঁহি মাৰি ক’লে,

’ঠিক ধৰিছে! আজিৰ পৰা ডেৰশ বছৰৰ আগতেই এই ক্ল'ক টাৱাৰটো সাজি উলিয়াইছিল৷ কিন্তু ইয়াৰ তলেদিয়ে এটা সময়ত ফাৰছেট নৈখন বৈ গৈছিল৷ সেয়ে ভেঁটিৰ মাটি নদীৰ বালিচাপৰি আছিল৷ বালিবোৰ বহি যোৱাত অলপদিনৰ ভিতৰতে স্তম্ভটো হেলনীয়া হ’বলৈ আৰম্ভ কৰিলে৷  


সাগৰৰ ডকৰ পৰা বেছি দূৰ নোহোৱাৰ কাৰণে এটা সময়ত এই ঠাইখিনিত জাহাজৰ নাবিকসকলে অহা যোৱা কৰিছিল৷ তেওঁলোকৰ লগে লগে ভিৰ কৰিছিলহি বহুতো বাৰবনিতা৷ সেয়ে স্থানীয় মানুহে ক’বলৈ লৈছিল, বাৰবনিতাবোৰে ভেঁজা দি দি থকাৰ ফলতে এই স্তম্ভটো হেলনীয়া হৈ পৰিল!

কিছুবছৰৰ আগতে আইৰিছ চৰকাৰে হেলনীয়া স্তম্ভটো মেৰামতি কৰিবলৈ কোটি টকীয়া প্ৰজেক্ট এটা আৰম্ভ কৰিলে৷ বহুদিনজোৰা কামৰ শেষত অভিযন্তাসকলে বালিবোৰ আঁতৰাই কংক্ৰিটৰ ভেঁটি বান্ধি দিলেহি৷ কাম শেষ হোৱাৰ পিছত মানুহে দেখিলে, একোতো সলনি নহ’ল! তেওঁলোকৰ সন্মুখত সেই একেই হেলনীয়া স্তম্ভ! চৰকাৰী ভাষ্য আহিল- স্তম্ভটো পোনাবলৈ গ’লে গোটেইটোৱে ভাঙি পৰাৰ সম্ভাৱনা আছিল৷ সেয়ে অভিযন্তাসকলে তেনেকৈয়ে ৰাখি ভেঁটিটোহে মেৰামতি কৰি দিলে যাতে আগলৈ আৰু বেঁকা নহয়৷ বেলফাষ্টৰ বহুতে কিন্তু এতিয়াও সন্দেহ কৰে, কামৰ মাজত ভুলতহে অভিযন্তাই স্তম্ভটো পোনাবলৈ পাহৰি গ’ল কিজানি!’




টাইটানিকৰ দেশত


বেলফাষ্টতে বিশ্ববিখ্যাত টাইটানিক জাহাজৰ নিৰ্মাণ হৈছিল বুলি জানিছিলো৷ ৱাকিং ট্যুৰৰ দলটোৰ লগতে চালোগৈ টাইটানিক মেম’ৰিয়েল গাৰ্ডেন ৷ এই বাগিচাখনে ১৯১২ চনত টাইটানিকৰ সৈতে সাগৰৰ গৰ্ভত হেৰাই যোৱা ১৫১২ টা জীৱনৰ সোঁৱৰণত গঢ়ি তুলিছিল৷ বাগিচাতে দীঘলীয়া মাৰ্বলৰ ভেটিটোত সকলো মৃতকৰ নামবোৰ অক্ষৰিক ক্ৰমত খোদিত কৰা হৈছে৷ 
টাইটানিক মেম’ৰিয়েল গাৰ্ডেনত অকালতে হেৰাই যোৱাসকলৰ সোঁৱৰণি
মেথিউয়ে দেখুৱালে তাৰ মাজতে থকা দুটামান নাম৷ থমাছ এণ্ড্ৰু- টাইটানিকৰ মেনেজিং ডিৰেক্টৰ৷ বাকীবোৰৰ নামৰ মাজত কিছু বেছিকৈ জিলিকি থকা এটা নাম কেপ্টেইন এডৱাৰ্ড স্মিথ৷ এমূৰে আছিল এটা প্ৰতিমূৰ্ত্তি৷ নাম ৱিলিয়াম পিৰি৷ টাইটানিক নিৰ্মাণত পুঁজিৰ যোগান ধৰা এজন মূল দাতা৷ মেনেজিং ডিৰেক্টৰ থ’মাছ এণ্ড্ৰুছ আকৌ তেওঁৰ জোৱায়েক আছিল৷ টাইটানিকৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত থ’মাছ এণ্ড্ৰুছে এদিন গৌৰৱেৰে গৈ শহুৰেকক ক’লেগৈ,



ৱিলিয়াম পিৰিৰ প্ৰতিমূৰ্ত্তি
’প্ৰথমবাৰ যেতিয়া একেলগেই টাইটানিকখনত উঠি চাওঁগৈ বলক!


দুয়ো টাইটানিকৰ একেবাৰে ওপৰৰ ফাৰ্ষ্ট ক্লাছৰ ডেকেৰে খোঁজ দিলে৷ এঠাইত ৰৈ ৱিলিয়াম পিৰিয়ে তললৈ চাই পঠিয়ালে৷ কিন্তু চায়ে তেওঁ চিৎকাৰ কৰি উঠিল,

’থ’মাছ, মইচোন ইয়াৰ পৰা তলৰ সাগৰখনকে দেখা নাপাওঁ!’


কাৰণটো হ’ল, দুয়োফালে শাৰী শাৰীকৈ লাইফ বোট বান্ধি থোৱা আছিল৷ তেওঁ জোৱায়েকক নিৰ্দেশ দিলে যাতে দুয়োফালে থকা দহখনকৈ লাইফ ব'ট আঁতৰাই পেলোৱা হয়৷ তেওঁৰ কথা হ’ল, ইমান টকা খৰচ কৰি জাহাজলৈ অহা প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলৰ সাগৰ দৰ্শনত কোনোধৰণৰ বাধা পৰিব নালাগে!

বিছখন লাইফব'টে পোন্ধৰশজন যাত্ৰীৰ জীৱন ৰক্ষা কৰিব নোৱাৰে, সঁচা কথা৷ কিন্তু সেইকেইখন আঁতৰাই নেপেলোৱা হ’লে কেইটামান জীৱনে হ’লেও সেই দূৰ্ভাগ্য নিশ্চয় এৰাই যাব পাৰিলেহেঁতেন! কিন্তু ঘটনাক্ৰম এনেকুৱাই যে তেওঁ নিজে কেতিয়াও সেই অনুশোচনাত দগ্ধ হোৱাৰ সুযোগ নিমিলিল৷ টাইটানিকৰ যাত্ৰা আৰম্ভ হোৱাৰ আগতেই তেওঁ শয্যাশায়ী হৈ জীৱন নাট সামৰিলে !



ইমানদিনে দেখি-শুনি-চাই অহা টাইটানিকৰ বহুতো কাহিনীৰ লগতে মেথিউয়ে আৰু এটা নতুন কাহিনী যোগ দিলে! কোনে জানে, হয়তো এনে কত ঘটনা-অঘটনা চিৰদিনলৈ হেৰাই গৈছে কোনেও কেতিয়াও নজনাকৈ, নেদেখাকৈ!

পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী-৪

Tuesday 27 November 2018

অপূৰ্ব আয়াৰলেণ্ড (তৃতীয় খণ্ড)

ইউৰোপা হোটেলৰ কাষতে লাগি আছে বেলফাষ্টৰ গ্ৰেণ্ড অপেৰা হাউছ৷  চালে চকুৰোৱা ঘৰ এটি৷ ইটাবৰণীয়া বেৰবোৰৰ লগত শ্বেতৰঙী কাৰুকাৰ্য্য৷

’এইটো ঘৰ ১৮৯৫ চনতে নিৰ্মাণ হৈছিল৷’- মেথিউয়ে ক’লে৷

’সেইসময়ত ইউৰোপত আটাইতকৈ বিখ্যাত ইংৰাজ নিৰ্মাতা ফ্ৰেঙ্ক মাচ্ছামে এই ঘৰটো সাজিছিল৷ তেতিয়াৰ পৰাই বিশ্ববিখ্যাত শিল্পীৰ গীত, নৃত্য, নাটকৰ শ শ অনুষ্ঠান ইয়াত হৈ আহিছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সামৰণিৰ অনুষ্ঠান পাতোতে ইয়ালৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি আইজেনহাৱাৰো আহিছিল৷’ 
গ্ৰেণ্ড অপেৰা হাউছ

’ভিতৰখন চাবলৈ যাব পাৰিম নে বাৰু?’- কানাডাৰ ল’ৰা-ছোৱালীহালে সুধিলে৷ 

মেথিউয়ে আহল-বহল হাঁহি এটাৰে ক’লে,


আমি খোঁজ দিয়া এটা ৰঙীণ ফুটপাথ
’কিয় নোৱাৰিব! ভিতৰলৈ যোৱাৰ প্ৰথম উপায়টো হ’ল আপুনি অনুষ্ঠানৰ টিকেট ল’ব লাগিব৷ আৰু যদি টিকেটৰ দাম খুউব বেছি যেন ভাৱ হয় তেনে মোৰ হাতত সহজ উপায় এটাও আছে,  খুউব আত্মবিশ্বাসেৰে কাৰো ফালে নোচোৱাকৈ পোনে পোনে সোমাই যাওক ৷ য’ত যি ফটো ল’ব লাগে লৈ আহক!’

দলটোৰ কৌতুহলী দৃষ্টি উফৰাই মেথিউয়ে কৈ উঠিল,
’মাত্ৰ আগতীয়াকৈ কৈ থৈলো, ভিতৰত কোনোবাই কিবা সুধিলে যাতে আপোনালোকে মোৰ নাম নলয়!’

অগ্যতা আমি আগলৈ খোঁজ দিলো৷ কিছুদূৰ গৈয়ে অন্য এটা আটকধুনীয়া ঘৰৰ সন্মুখত ৰ’লোগৈ৷ দ্য ক্ৰাউন বাৰ৷ বাৰখনৰ বেৰবোৰৰ পৰা মজিয়াৰ টাইললৈকে সুক্ষ্ম আৰু ৰঙীণ কাৰুকাৰ্য্য! খিৰিকীৰ আইনাত নীলা, হালধীয়া আৰু সেউজীয়া ৰঙৰ মনোমোহা খোলা, অপ্সৰা আদিৰ ছৱি৷ মজিয়াৰ টাইলত ভিক্টোৰিয়ান জ্যামিতিক ক’লা-বগা সজ্জা৷ দুৱাৰৰ কাষবোৰত টেৰাক’টা আৰু নীলা টাইল৷ আনকি অ’ক কাঠৰ পেনেলবোৰতো নানা খোদিত কাৰুকাৰ্য্য৷ 
ক্ৰাউন বাৰৰ একাংশ

দলটোৰ বিস্ময়াভূত মুখবোৰ চাই মেথিউয়ে আমোদ পালে৷ কৈ উঠিল,

’বাৰখনৰ ৰূপ চাই চাই ইয়াৰ অতীতৰ আমোদজনক কাহিনীও শুনক তেন্তে৷ ক্ৰাউন বাৰখন সোতৰশ শতিকা মানতে নিৰ্মান কৰা৷ ওঠৰশ শতিকাত এই বাৰখন মাইকেল ফ্লেনেগান নামৰ আইৰিছ লোক এজন কিনি লয়৷ তেওঁ কিনাৰ সময়ত এই বাৰখন অন্য সাধাৰণ বাৰৰ দৰেই আছিল বাহিৰে ভিতৰে৷ পিছত তেওঁৰ পুতেক পেট্ৰিকেহে বাৰখন পুনৰ নতুনকৈ সজাই তুলিলে৷ 
বাৰখনৰ ভিতৰ চৰা, উৎস:ireland.com
’পেট্ৰিক নিজে এজন প্ৰটেষ্টান্ট আছিল কিন্তু  তেওঁৰ পত্নী আছিল কেথলিক, যিটো সেই সময়ত আচলতে অসাধাৰণ কথাই আছিল৷  কিন্তু তেওঁলোক দুয়ো ধনীঘৰৰ আছিল আৰু সৰ্বসাধাৰণৰ মাজৰ বিভেদে তেওঁলোকক তেতিয়াও ঢ়ুকি পোৱাগৈ নাছিল ৷ বাৰখনৰ নামটো আগতে ’ৰে’লৱে টেভাৰ্ণ’ হে আছিল৷ পেট্ৰিকে নামটো সলোৱাৰ সিদ্ধান্ত ল’লে কিন্তু নতুন নাম কি হ’ব সেই লৈ পতি-পত্নী বিপৰীত মেৰুত অৱস্থান কৰিলে৷ প্ৰটেষ্টান্ট পেট্ৰিক স্বাভাৱিকতে ইংৰাজ শাসকৰ প্ৰতি অনুগত আছিল৷ তাতে বেলফাষ্টলৈ দুদিনমানতে ৰাণী ভিক্টোৰিয়া অহাৰ কথা৷ গতিকে পেট্ৰিকৰ কথা, এইখনৰ নাম ক্ৰাউন ৰখা যাওক৷

পিছে পত্নীয়ে প্ৰতিবাদ কৰি উঠিল,
’নাই, কোনো কাৰণতে ক্ৰাউন নাম ৰাখিব নোৱাৰে৷ আমি ব্ৰিটিছ হোৱাৰ আগতে আইৰিছ মানুহ! গতিকে এটা আইৰিছ নাম ৰাখিলেহে ভাল হ’ব৷’

পিছে পেট্ৰিক নাছোৰবান্দা ৷ তেওঁৰ কল্পনাত ইতিমধ্যেই ৰাণী ভিক্টোৰিয়া বেলফাষ্টলৈ আহি ’দ্য ক্ৰাউন’ ত আইৰিছ ক্ৰাফট বীয়েৰৰ এটা পাইন্ট লোৱাৰ ছৱিখনে জলমলাবলৈ লাগিলে৷ গতিকে কাৰো কথা নামানি তেওঁ সেই নামেই দিলে৷

ৰাণী ভিক্টোৰিয়া বেলফাষ্টলৈ ঠিকেই আহিল৷ আহি তেওঁ লগান নৈৰ ওপৰত এখন দলং উন্মোচন কৰিলে৷ কিন্তু ক্ৰাউনলৈ নহাকৈয়ে ৰাণী লণ্ডনলৈ উভতি গ’লগৈ৷ ৰাণীক আদৰি আনিবলৈ বুলি শেনটো হৈ গৈ পেট্ৰিক ফেঁচাটো হৈ উভতি আহিল৷

তাৰ কেইবাবছৰৰ পিছত বেলফাষ্টৰ কেথেড্ৰেলটোৰ সাজ-সজ্জা কৰিবলৈ কেইজনমান ইটালীয়ান শিল্পী আহিছিল৷ তেওঁলোকে প্ৰায় প্ৰতি সন্ধিয়াই আহি ক্ৰাউন বাৰত বীয়েৰ খাই আড্ডা দিয়েহি৷ পেট্ৰিকৰ লগত খুব সোনকালেই তেওঁলোকৰ বন্ধুত্ব গঢ়ি উঠিল৷ এদিন তেওঁ ইটালীয়ান শিল্পীকেইজনক এটা প্ৰস্তাৱ দিলে,

বাৰখনৰ বাটচৰাত মুকুটৰ ম’জেইক
’তোমালোকে মোৰ এই বাৰখন বাহিৰে-ভিতৰে সঁজাই ধুনীয়া কৰি পেলাব পাৰিবানে? যদি পাৰা, তেনে আজীৱন মোৰ এই বাৰত তোমালোকৰ কাৰণে বিনামূলীয়াকৈ বীয়েৰ যোগান ধৰিবলৈ মই ৰাজী৷’

ইটালীয়ানসকল লগে লগেই মান্তি হৈ গ’ল আৰু বহুদিনজোৰা শ্ৰমেৰে বাৰখনৰ মুধচ, বেৰ আৰু মজিয়া পৰ্যন্ত আটকধুনীয়াকৈ সজাই পেলালে৷

পিছে পেট্ৰিকৰ পত্নীয়ে ইংৰাজৰ আনুগত্য জিলিকাই থকা নামটো তেতিয়াও সহজভাৱে ল’ব পৰা নাছিল৷ সেই অসন্তুষ্টি আঁতৰাবলৈকে তেওঁ এটা উপা্য উলিয়ালে৷ এদিন তেওঁ ইটালীয়ান শিল্পী সকলক গৈ অনুৰোধ কৰিলেগৈ যে বাৰখনৰ বাটচৰাতে মজিয়াত ৰাণীৰ মুকুটটোৰ আৰ্হিত এটা ম’জেইক কৰিবলৈ৷ 

কথা মতেই কাম! পত্নীয়ে বিচৰা মতেই আজিও যিয়ে বাৰখনলৈ সোমাই যায়, ক’ব নোৱাৰাকৈয়ে নিজৰ ভৰিখন সেই মুকুটৰ ম’জেইকৰ ওপৰতে ঘঁহাই চাফা কৰি যায়৷’

আমি গোটেইবোৰে হো-হোৱাই হাঁহি উঠিলো! ইয়াকে কয় সন্ধিৰ বাঁহ বুদ্ধিৰে কটা!
চিটি চেন্টাৰত প্ৰতিমূৰ্ত্তি
পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী-৩

Monday 26 November 2018

অপূৰ্ব আয়াৰলেণ্ড (দ্বিতীয় খণ্ড)

বেলফাষ্টত দ্বিতীয় দিন৷ পুৱাতে খোঁজেৰে চিটি চেন্টাৰলৈ ওলাই গ’লো৷ ৱাকিং ট্যুৰৰ ইমেইলত কৈছিল, ’Look for a yellow umbrella in front of the city hall' ৷ বতৰ ডাৱৰীয়া যদিও বৰষুণ নাই৷ গতিকে চিটি হলৰ আশে পাশে মেলি থোৱা একমাত্ৰ হালধীয়া ছাতিটো বিচাৰি উলিয়াবলৈ অসুবিধা নহ’ল৷ 

বেলফাষ্টৰ চিটি হ’ল
প্ৰকাণ্ড ছাটিটোৰ তলত এজন আইৰিছ ডেকাল’ৰা- ত্ৰিছৰ অনুৰ্দ্ধৰ হ’ব কিজানি৷ সাধাৰণতে ৱাকিং ট্যুৰৰ গাইড হিচাপে প্ৰায়ে চাকৰিৰ পৰা অৱসৰ লোৱা বয়সস্থ লোককহে দেখা পাওঁ যি নিজৰ ঠাইৰ অতীত-বৰ্তমানৰ গল্প কৰিবলৈ আৰু চহৰৰ চুকে কোণে বিদেশী পৰ্য্যটকক লৈ ফুৰিবলৈ ভাল পায়৷ নতুন চামেও এনেকুৱা কামত স্বেচ্ছাসেৱক হিচাপে যোগ দিয়া দেখি ভাল লাগিল৷

ইতিমধ্যে ল’ৰাজনৰ চাৰিওকাষে ভালেখিনি পৰ্য্যটকে ভিৰ কৰিছেহি৷ গলখেকাৰি এটা মাৰি ল’ৰাজনে ক’লে,
’মোৰ নাম মেথিউ৷ আজি আপোনালোকক বেলফাষ্ট চহৰখন দেখুওৱাৰ দায়িত্ব মোৰ ৷ কিবা প্ৰশ্ন থাকিলে নিসংকোচে মোক সকলোৱে সুধিব দেই৷ মই কেনেবাকৈ নাজানিলে গুগুল ককাইদেউক সুধি হ’লেও আপোনালোকক উত্তৰ উলিয়াই দিম৷’

আমাৰ মাজত হাঁহিৰ ৰোল উঠিল৷ মেথিউৱে আমাকো কোন ক’ৰ পৰা আহিছে চমুকৈ ক’বলৈ ক’লে৷ কমেও পোন্ধৰজনীয়া এটা দল৷ কোনোবা কানাডাৰ পৰা আহিছে আৰু কোনোবাজন আকৌ লণ্ডনৰ পৰাই৷ বাকীকেইজন ওলাল ৰাছিয়া, আমেৰিকা আৰু ইটালীৰ ৷ অকলশৰে ফুৰা  পৰ্য্যটক 
(solo traveller) কেৱল ময়ে!

তাতে ৰৈ মেথিউৱে প্ৰথমে চমুৱাই ’হেল্থ এণ্ড চেফটি’ নিৰ্দেশনাবোৰ দিলে৷ ইয়াত দেখিছোঁ যিকোনো সভা বা কাম সদায়ে ’হেল্থ এণ্ড চেফটি নিৰ্দেশনা’ৰে আৰম্ভ হয়৷ মেথিউৱে প্ৰথমেই কৈ ল’লে -

’Anything you do is not my fault!' গোটেইজাক মানুহৰ হাঁহিৰ মাজত সি কৈ গ’ল-

’বেলফাষ্টত ঘনাই বৰষুণ হয়৷ আজি ডাৱৰীয়া যদিও বৰষুণ হোৱাৰ সম্ভাৱনা নাই৷ তথাপি আমি খোঁজ কাঢ়ি ঘুৰি ফুৰোঁতে কেনেবাকৈ পাতলীয়াকৈ বৰষুণ হ’বও পাৰে৷ গতিকে এতিয়াই সাবধান কৰি থওঁ, ইয়াৰ ফুটপাথবোৰ তিতিলে পিছল হৈ পৰে৷ সেয়ে খোঁজ দিওঁতে সকলোৱে যেন সাৱধান হয়৷ আৰু প্ৰতিটো মূল বাট পাৰ হোৱাৰ পৰত পথচাৰীৰ ক্ৰছিঙত সকলোৱে সেউজ সংকেতৰ কাৰণে ৰ’ৱলৈও নাপাহৰিব কিন্তু৷’

সন্মুখত থকা বিশাল চিটি হলটোৰ পৰাই মেথিউৱে আয়াৰলেণ্ডৰ ইতিহাসেৰে ট্যুৰ আৰম্ভ কৰিলে-

’আয়াৰলেণ্ডত আজিৰ পৰা বাৰহেজাৰ বছৰৰ আগৰে পৰা মানুহে বাস কৰিছিল৷ লৌহ যুগৰ আৰম্ভণিৰ পৰা চেলটিক (Celtic) ভাষী লোকসকল আয়াৰলেণ্ডলৈ আহিবলৈ লয় আৰু তেতিয়াৰ পৰাই এই লোকসকলৰ গেলিক সংস্কৃতিয়ে আয়াৰলেণ্ডত খোপণি পুতিলে৷ বাৰশ শতিকালৈ আয়াৰলেণ্ড বিভিন্ন ৰাজত্বৰ ৰজাৰ মাজত শক্তিক লৈ হোৱা খোৱা কামোৰাত বিভক্ত হৈ পৰিছিল৷ এই ৰাজত্ববোৰক দমন কৰি  ইংলেণ্ডৰ ৰজা দ্বিতীয় হেনৰিয়ে
 বিশাল সৈন্যবাহিনী লৈ ১১৭১ চনত আয়াৰলেণ্ড অধিকাৰ কৰিলে৷ এটা শতিকা জুৰা যুদ্ধ বিগ্ৰহৰ অন্তত ষোল্ল শতিকাত এলিজাবেথ আৰু প্ৰথম জেমছৰ ৰাজত্বৰ সময়ত আয়াৰলেণ্ড  সম্পূৰ্ণকৈ ইংৰাজৰ অধীনলৈ আহিল৷

বেলফাষ্টৰ আকৰ্ষণীয় গ্ৰাফিথি
ষোল্লশ শতিকালৈ প্ৰায়বিলাক প্ৰটেষ্টান্ট ধৰ্মী ব্ৰিটিছ লোকে আয়াৰলেণ্ডত কাঠনি পাতিছিল আৰু অধিকাংশ কেথলিক আইৰিছ লোকে সেইবোৰত শ্ৰমিক হিচাপে কাম কৰিছিল৷ থলুৱা আইৰিছ সকলৰ ওপৰত ব্ৰিটিছ শাসকে কৰা নিপীড়নৰ বাবে বহুবাৰ কেইবাবছৰ জোৰা হিংসাত্মক প্ৰতিবাদ হৈছিল৷   ব্ৰিটিছে এই সকলোবোৰ আইৰিছ বিপ্লৱ কঠোৰ হাতেৰে দমন কৰি ব্ৰিটিছে ১৮০১ চনত গ্ৰেট ব্ৰিটেইন আৰু আয়াৰলেণ্ড একেলগ কৰিলে৷’
  
বেলফাষ্টৰ চিটি হ’লৰ সন্মুখভাগত থকা নানা প্ৰতিমূৰ্ত্তিবোৰলৈ আঙুলিয়াই মেথিউয়ে ক’লে,

’এয়া ৰাণী ভিক্টোৰিয়াৰ মূৰ্ত্তি আৰু তাৰ কাষতে চাওঁক গেলিক ভাষাত খোদিত আছে আয়াৰলেণ্ডৰ নাম ৷ বেলফাষ্টৰ সকলোতে ব্ৰিটিছ আৰু আইৰিছ-আমাৰ এই দুয়োটা পৰিচয়ৰ চিন আপোনালোকে একেলগে দেখা পাব৷ কাৰণ, আমি জন্মৰ লগে লগে দুয়োখন দেশৰ নাগৰিকত্ব পাওঁ৷'
চিটি হ’লৰ সন্মুখত ৰাণী ভিক্তোৰিয়াৰ প্ৰতিমূৰ্ত্তি

’তেন্তে উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ড দুখন বেলেগ দেশ কিয়’- কোনোবা এজনে মাত লগালে৷

মেথিউৰ মুখেৰে যেন এটা হুমুনিয়াহ ওলাল৷
’তাৰ আঁৰৰ কাহিনী দুখলগা আৰু ভয়ানকো! উনৈশৰ দশকত আয়াৰলেণ্ডত দুটা মূল ৰাজনৈতিক দলে মূৰ দাঙি উঠিছিল৷ উত্তৰত প্ৰটেষ্টান্ট সকলৰ ইউনিয়নিষ্ট (unionist) যি আয়াৰলেণ্ড আৰু ইংলেণ্ড একেলগ হৈ থকাটো বিচাৰিছিল আৰু দক্ষিণত কেথলিক সকলৰ জাতীয়তাবাদী দল যি সমগ্ৰ আয়াৰলেণ্ড কেৱল আইৰিছসকলৰ হোৱাটো বিচাৰিছিল৷ নব্বৈৰ দশকত এই দুটা দলৰ মাজত ৰাজনৈতিক সংঘৰ্ষ ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিল৷ বহুতো লোকৰ মৃত্যু হ’ল, বহুতো পৰিয়াল ছিন্ন ভিন্ন হ’ল৷ এই সংঘৰ্ষৰ ফলতেই ১৯২১ চনত আয়াৰলেণ্ডক পৃথক কৰি উত্তৰ আয়াৰলেণ্ড আৰু ৰিপাব্লিক অব আয়াৰলেণ্ড দুখন ভিন্ন দেশ হৈ পৰে৷ এই পৃথকীকৰণেও কিন্তু দেশ দুখনলৈ শান্তি কঢ়িয়াই নানিলে৷ দুয়োখন দেশতে কেথলিক আৰু প্ৰটেষ্টান্ট লোক মিশ্ৰিত হৈ থকাৰ বাবে চৰকাৰৰ ৰাজনৈতিক আৰু ধৰ্মীয় পক্ষপাতিত্বই সংখ্যালঘু সকলৰ ওপৰত শোষণ বন্ধ কৰিব নোৱাৰিলে৷ ইয়াৰ পিছতো ত্ৰিছ বছৰ ধৰি  দুয়োটা গোটৰ মাজত হিংসাত্মক সংঘৰ্ষ চলি থাকিল যাক আয়াৰলেণ্ডত মানুহে ’The Troubles’ বুলি কয়৷


 ১৯৯৮ চনত চুক্তি কৰি দুয়োটা ৰাজনৈতিক দলৰ সমান সংখ্যক প্ৰতিনিধি লৈ ক্ষমতাৰ সমানে ভাগ কৰি উত্তৰ আয়াৰলেণ্ডৰ চৰকাৰ গঠন কৰিবলৈ ল’লে৷ কিন্তু দুয়োটা দলৰ মাজত থকা মূল্যবোধৰ পাৰ্থক্যৰ বাবে কোনো কথাতে সহমত হৈ সিদ্ধান্ত লোৱা সদায়ে টান হৈ আহিছে৷ এতিয়াও ২০১৭ চনৰ জানুৱাৰীত দুয়োটা দলৰ মাজত বিভাজন হৈ চৰকাৰ ভংগ হৈ পৰিল আৰু তেতিয়াৰ পৰা আজিলৈ প্ৰায় ৭০০ দিন ধৰি কাৰ্য্যক্ষম চৰকাৰ এখন নোহোৱাকৈয়ে উত্তৰ আয়াৰলেণ্ড চলি আছে৷’
হয়তো নিজৰ অজানিতেই হাঁহিমুখীয়া মেথিউৰ চকুৱে-মুখে হতাশা আৰু ক্ষোভৰ ছাঁ এটা পৰিল৷ আমাৰ দলটো নিমাতে ৰ’ল৷ হয়তো প্ৰত্যেকেই নীৰৱে অনুভৱ কৰিলে শেষ নোহোৱা এক সংগ্ৰামৰ বাবে হেৰাই যোৱা বহুতো জীৱনৰ বেথাঁ৷

লাহে লাহে আমাৰ দলটোৱে চিটি হ’লৰ পৰা ওলাই মে’ ষ্ট্ৰীটেৰে খোঁজ ল’লে৷ মেথিউয়ে  কৈ গ’ল,

’বেলফাষ্টৰ বাটে পথে ঘুৰি ফুৰোঁতে মন কৰিবচোন, প্ৰতিটো বাটৰ কাষৰ ঘৰবোৰ কিছুমান খুবেই প্ৰাচীন, কিছুমান অত্যাধুনিক৷ ইটোৰ লগত সিটো লগালগিকৈ আছে৷ এই অদ্ভুত ধৰণটোৱেও আমাক সেই হিংসাত্মক অতীতকে মনত পেলাই দিয়ে৷ কিয় জানেনে? ট্ৰাবলছৰ সময়ত বেলফাষ্ট চিটি চেন্টাৰ সকলোবোৰ হিংসাত্মক ঘটনাৰ মূল লক্ষ্য হৈ পৰিছিল৷ বোমা বিস্ফোৰণ বা অন্য কিবা হিংসাত্মক ঘটনাত বহুতো প্ৰাচীন অট্টালিকা ধ্বংস হ’ল আৰু চৰকাৰে খৰধৰকৈ সেইবোৰৰ ঠাইত আধুনিক অট্টালিকা সাজি উলিয়ালে৷’
নতুন আৰু পুৰণিৰ ইতিহাস বুকুত লৈ বেলফাষ্ট মহানগৰ

বেলফাষ্টৰ বাটে-কেঁকুৰিয়ে ৰৈ যোৱা অতীত-বৰ্তমানৰ লগ্নবোৰৰ সন্ধানত আমাৰ খোঁজবোৰ আগবাঢ়িল৷ কেঁকুৰিটো ঘূৰিয়েই আমি ভৰি থ’লোগৈ গ্ৰেট ভিক্টোৰিয়া ষ্ট্ৰীটত ৷ দেখিলো সন্মুখত এটা প্ৰকাণ্ড অট্টালিকা৷ ট ট কৈ জ্বিলিকি আছে এটা বিয়াগোম নাম- ’ইউৰোপা’৷

মেথিউয়ে ক’লে,
ইউৰোপা হোটেল

’এইখন ইউৰোপা হোটেল৷ ১৯৭১ চনতে পতা এইখন হোটেল৷ ট্ৰাবলছৰ সময়ত 
সকলো নেতা-পালিনেতা, সাংবাদিক আদি বেলফাষ্টলৈ আহিলে এইখন হোটেলতে থাকিছিল কাৰণ এইখনে বেলফাষ্টৰ একমাত্ৰ হোটেল আছিল৷ সেইসময়ত এইখন হোটেলত মুঠতে ৩৬ টা বোমা পেলাইছিল কূটাঘাটকাৰীয়ে৷ সেয়ে এই হোটেলখন আজিও ইউৰোপৰ ভিতৰতে সকলোতকৈ বেছি বোমা বিস্ফোৰণ হোৱা হোটেল বুলি কুখ্যাত! এটা সময়ত ইউৰোপা হোটেলখনৰ গোটেইবোৰ খিৰিকীয়ে বোমা বিস্ফোৰণৰ সময়ত ক্ষতিগ্ৰস্ত হোৱাত সকলোতে কাঠৰ পেনেল লগাই থ’ব লগা হৈছিল৷ তেতিয়াৰ পৰা হোটেলখনক ’হাৰ্ডবৰ্ড হোটেল’ বুলিও মানুহে ক’বলৈ ল’লে৷”


মেথিউৰ কথাবোৰ শুনি কি যে এক অনুভৱে দোলা দি গ’ল! কিছুমান অতীত সঁচায়ে হয়তো পাহৰণিৰ গৰ্ভত কেতিয়াও হেৰায় নাযায়! অতীত ৰৈ যায় সোঁৱৰণীৰ জাপে জাপে, বৰ্তমানৰ অলিয়ে গলিয়ে ! এখন মহানগৰৰ মাটিয়ে সাঁচি থয় ধূলি হৈ যোৱা হাজাৰটা জীৱনৰ হাঁহাকাৰ আৰু  আকাশে বতাহে ওলমি ৰয় অতৃপ্ত সপোনৰ আৰ্তনাদবোৰ !

মনলৈ আহিল, এই একেবোৰ কথাই চোন পৃথিৱীৰ চুকে কোণে পুনৰাবৃত্তি হয়! থলুৱাৰ ওপৰত বহিৰাগতৰ শোষণ, মাতৃভূমিৰ ভাষা-সংস্কৃতিৰ সংকট-এয়া যেন প্ৰত্যেক জাতিৰে ইতিহাস৷ স্বাভিমানী জাতিয়ে মাথোঁ সেয়া অতিক্ৰম কৰি নিজৰ পৰিচয় দিয়ে, নতুন বৰ্তমান ৰচে৷ সংগ্ৰাম শেষ হওক বা নহওক, জীৱন ৰৈ নাযায় কাহানিও৷ জীৱন এক বোৱতী নদী-চৈৰৱতি চৈৰৱতি!



বেলফাষ্টৰ কোনোবা এটা গলি
পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী-২

Sunday 25 November 2018

অপূৰ্ব আয়াৰলেণ্ড (প্ৰথম খণ্ড)

আয়াৰলেণ্ডখন নিজ চকুৰে চোৱাৰ হেঁপাহ এটা বহুদিনৰে পৰা পুঁহি ৰাখিছিলো৷ এইবাৰ আজৰি সময় ওলোৱাত ঠিক কৰিলো, গৈয়ে আহোঁ৷ ৰাজধানী ডাবলিনৰ কথাই প্ৰথমে মনলৈ আহিল৷ অলপ খুঁচৰি চাইহে উপলব্ধি কৰিলো, আয়াৰলেণ্ডলৈ মোৰ ব্ৰিটিছ ভিজাই যোৱাৰ অনুমতি নিদিয়ে৷ ভাৰতীয় পৰ্য্যটকৰ বাবে একেখন ভিজাৰে ব্ৰিটেইন আৰু আয়াৰলেণ্ড দুয়োখন দেশলৈকে ফুৰিবলৈ যাব পাৰি যদিও যিকোনো এখন দেশত দিঘলীয়াকৈ থকা লোকৰ ক্ষেত্ৰত এই বিশেষ সুবিধা নাখাটে! এনেকুৱা নিয়ম কৰাৰ যুক্তিযুক্ততা কি বুজিব নোৱাৰি আইৰিছ এম্বেছিলৈ ইমেইল এটাকে কৰিলো৷ মনতে ক্ষীণ আশা- কেনেবাকৈ নতুনকৈ ভিজা নকৰাকৈয়ে যাব পৰা যায়ে বা! উত্তৰ আহিল- ’As a resident of the UK, the Short Stay Visa Waiver Programme does not apply and the permission to remain you have in the UK will not allow you entry into Ireland without the appropriate Irish visa.’


ডাবলিনলৈ যোৱাৰ আশা সদ্যহতে বাদ দি ঠিক কৰিলো উত্তৰ আয়াৰলেণ্ডলৈকে যোৱা যাওক৷ ৰাজনৈতিক সীমাই দুখন ভিন্ন দেশ কৰি পেলালেও ঐতিহাসিকভাৱেটো একেখনেই আয়াৰলেণ্ড!   উত্তৰ আয়াৰলেণ্ড গ্ৰেট ব্ৰিটেইনৰ ভিতৰত পৰে বাবে মোক বেলেগকৈ ভিজাৰো প্ৰয়োজন নাই৷ উত্তৰ আয়াৰলেণ্ডৰ ৰাজধানী বেলফাষ্টলৈ ৰায়ানএয়াৰৰ টিকেট খুউব সস্তাতে পালো- মানচেষ্টাৰৰ পৰা বেলফাষ্টলৈ পঞ্চল্লিছ মিনিটৰ বাটৰ খৰচ মাত্ৰ ৯.৯৯ পাউণ্ড! আমাৰ হিচাপত প্ৰায় নশ টকা৷ আচলতে  ইউ কেৰ ভিতৰত আৰু ইয়াৰ পৰা ইউৰোপৰ প্ৰায়বোৰ দেশলৈকো ৰায়ান এয়াৰৰ খুউব সস্তাত ফ্লাইট পাব পাৰি৷ মনত পৰিল বান্ধৱী কেটিয়ে এবাৰ এনেকৈয়ে মানচেষ্টাৰৰ পৰাই দুই পাউণ্ডত ৰায়ান এয়াৰেৰে ডাবলিনলৈ যোৱাৰ কথা৷



বেলফাষ্টত ভৰি দিয়াৰ সময়ত সন্ধিয়া নামিল৷ যোৱাৰ পৰতহে উপলব্ধি কৰিলো, বেলফাষ্টত দুটা বিমানবন্দৰ আছে৷ এটা চিটি এয়াৰপৰ্ট আনটো আন্তৰ্জাতিক বিমানবন্দৰ, বেলফাষ্ট মহানগৰীৰ পৰা প্ৰায় ত্ৰিছ কিলোমিটাৰ আঁতৰত৷ অন্য একো ৰাজহুৱা যাতায়ত নাপাই বাছতে উঠিলো৷ আধাঘন্টাৰ বাছ যাত্ৰাৰ বাবে আঠ পাউণ্ড দি টিকেট ল’ব লগা হ’ল৷


আইৰিছ সাগৰৰ পাৰত বেলফাষ্ট মহানগৰীৰ একাংশ



মহানগৰীখনলৈ তেতিয়া নিশা নামিছে৷ বেলফাষ্টত এইকেইদিন থাকিবৰ বাবে এয়াৰ বি এন বিৰ এটা ঘৰত বুক কৰি থৈছিলো৷ ঘৰটো মহানগৰীৰ এমূৰত নৈৰ পাৰত৷  শীতৰ সেমেকা নিশা৷ দোকান-পোহাৰ আৰু বাটবোৰ উদ্ভাসিত হৈ উঠিছে নানাৰঙী লাইটেৰে৷ পৰিৱেশটো ভাল লগাত খোঁজকাঢ়িয়ে ঘৰলৈ যাবলৈ ওলালো৷ গুগল মেপৰ কৃপাত ঘৰৰ ঠিকনাটো বিচাৰি উলিয়াবলৈ অকণো অসুবিধা নহ’ল৷


বেলফাষ্টৰ ৰঙীণ টেক্সি
কেৰলে দুৱাৰ খুলি দিলে,

’হাই! ইউ মাষ্ট বি জলি!’

কেৰল এইকেইদিনৰ বাবে মোৰ হ’ষ্ট৷ এগৰাকী মিঠামুখীয়া মহিলা৷ বয়স হয়তো ত্ৰিছৰ আশে পাশে হ’ব৷

মোৰ হাতখন মুঠি মাৰি তাই শিয়ঁৰি উঠিল,
’অহ, ইউ আৰ ফ্ৰিজিং কল্ড!’

মই হাঁহি পেলালো৷ এই অক্টোবৰ মাহতে এনে ঠাণ্ডা হ’ব বুলি ভবা নাছিলো বাবে গ্ল’ভছ যে অনাই নহ’ল!

কেৰলে মোৰ শোৱা কোঠাটো দেখুৱাই দিলে৷ সুসজ্জিত ডাবল বেডৰ একাষে এটা বুক ছেলফ৷ বেলফাষ্টৰ বিভিন্ন পৰ্য্যটনৰ ঠাইসমূহ সুন্দৰকৈ সঁজাই থোৱা আছে৷ লগতে কেৰলে বেলফাষ্টত চাব পৰা দহখন ঠাইৰ এখন তালিকাও লেমিনেশ্যন কৰি ৰাখিছে আলহীৰ বাবে৷ আহল-বহল পাকঘৰটো দেখুৱাই তাই ক’লে,

’ফ্ৰীজৰ পৰা যিকোনো বস্তু লৈ খাবলৈ সংকোচ নকৰিবা৷ মনৰ পচন্দৰ খাদ্য ৰান্ধিবৰ বাবে চেলফৰ পৰাও সকলো বস্তু ব্যৱহাৰ কৰিব পাৰা৷’

ভাল লাগিল পৰিপূৰ্ণ পাকঘৰটো দেখি৷ প্ৰতিসাঁজ বাহিৰত খোৱাটো ইয়াত খুবেই খৰচী কাৰবাৰ৷ গতিকে নিজৰ সুবিধামতে দুই-এটা ৰান্ধি ল’ব পাৰিলে বৰ ৰেহাই হয়৷

পাকঘৰত তেতিয়া নিশাৰ সাঁজ ৰন্ধাত ব্যস্ত আছিল অন্য এজন আলহী৷ কেৰলে চিনাকি কৰি দিলে,

’দিছ ইজ চাইমন ফ্ৰম কেন্ট৷’

চাইমন চল্লিশৰ উৰ্দ্ধৰ নহ’ব৷ এজন বিয়াগোম মানুহ! তেওঁ আগ্ৰহেৰে বহিলহি কথা পাতিবলৈ বুলি৷ ইংলেণ্ডৰ কেন্ট মহানগৰৰ পৰা তেওঁ প্ৰতিমাহে এসপ্তাহমানৰ কাৰণে বেলফাষ্টলৈ আহে৷ কামৰ বাবে৷ যেতিয়াই আহে কেৰলৰ ঘৰতে থাকে৷ গতিকে প্ৰায় স্থায়ী আলহীৰ দৰেই হৈছেগৈ!

কেৰল আৰু চাইমন দুয়ো বেলফাষ্টত চাব পৰা ঠাই, কৰিব পৰা কামৰ ইটো সিটো উপদেশ দিলে৷ শুনিলো, ’গেম অব থ্ৰনছ’ চিৰিজটোৰ বহুতো শ্বুটিং উত্তৰ আয়াৰলেণ্ডতে হৈছে৷ এইটো বেলফাষ্টৰ পৰ্য্যটনৰ এটা মূল আকৰ্ষণ হৈ পৰিছে৷ ’গেম অব থ্ৰনছ’ৰ শ্বুটিং হোৱা ঠাইবোৰ দেখুওৱাৰ বাবে বিশেষ ট্যুৰ পেকেজ ল’বও পাৰি৷ কেৰলে ক’লে, তাৰে কোনোবা এজন অভিনেতাৰ ঘৰ আনকি সেই একেটা ষ্ট্ৰীটতে আছে!

মোৰ আগ্ৰহ পিছে অন্যতহে! কংক্ৰিটৰ মহানগৰীৰ সলনি প্ৰকৃতিৰ মাজলৈ যোৱাৰ,  সময়ে গঢ়ি তোলা বৰ্তমানটোৰ আঁৰৰ ইতিহাস জনাৰ আৰু অচিন ঠাইৰ অচিন জীৱনৰ এধানি সুবাস লোৱাৰ আকৰ্ষণতহে অৰঙে দৰঙে ঢ়পলিয়াই ফুৰোঁ মই৷

সিদিনাই নিশা বিচাৰি খুঁচাৰি শেষৰ দিনটোৰ বাবে এটা ট্যুৰ পেকেজ ল’লো৷ জায়েন্টছ ক’জৱে (Giants causeway) চাবলৈ৷ প্ৰকৃতিৰ এটা আশ্বৰ্য্য আৰু বহুদিনলৈকে বিজ্ঞানীসকলৰ বাবে এটা ৰহস্য হৈ ৰোৱা এই পৰিঘটনাৰ অভিজ্ঞতা নোলোৱাকৈ কেনেকৈ উভতি যাব পাৰো! প্ৰথমেই বেলফাষ্টৰ অতীত আৰু বৰ্তমানৰ স’তে থুলমুলকৈ চিনাকি হৈ লওঁ বুলিয়েই পিছদিনাৰ বাবে এটা ৱাকিং ট্যুৰ বুক কৰিলো৷ ইয়াৰ প্ৰায়বোৰ চহৰতে এনে বিনামূলীয়া ৱাকিং ট্যুৰৰ সুবিধা থাকে৷ একোজন স্থানীয় গাইডে পৰ্য্যটকৰ সৰু-বৰ দলবোৰক লৈ চহৰখনৰ ইতিহাসৰ সৈতে জড়িত ঠাইবোৰ দেখুৱায় যায় আৰু চহৰখনৰ বিষয়ে ধাৰণা এটাও দিয়ে৷

এটা হেঁপাহৰ দিনলৈ বাট চাই নিশা বিছনালৈ গ’লো৷
বেলফাষ্টৰ চিটি চেন্টাৰত এটা ৰঙীণ ঘৰ
পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী

Thursday 22 November 2018

আমি

মই ঠিকে আছোঁ
জানো তুমিও ঠিকে থাকিবা
যদিওবা সোণালী ৰ’দজাকে তোমাৰ গালে-মুখে
বিয়লিৰ ৰাগটি সানি যাওঁতে
গোমা পুৱাটোৰে মই প্ৰাত্যহিকতা দোহাৰো
দিনবোৰ মাহত আৰু মাহবোৰ বছৰ হ’লে
লেপটপৰ স্ক্ৰীণৰ পৰা আহি 
আমি বাস্তৱ পৃথিৱীত থিয় দিওঁ
একেলগে আওৰাও জীৱনে ৰচি যোৱা
 সুখ-দুখৰ কবিতা


আমাৰ মাজত যে অৰ্ধ পৃথিৱীৰ দুৰত্ব
 যি অহৰহ ধূসৰ কৰিব খোঁজে
হৃদয়ৰ মৌন গুঞ্জন
নিৰ্মম হাতেৰে আঁজুৰি নিয়ে
ৰ’দাল দুপৰীয়া এটাৰ একান্ত হাবিয়াস
সিৰাই সিৰাই এৰি যায়
অপাৰ বিষণ্ণতা

তথাপিও মই ঠিকে আছোঁ
জানো তুমিও থাকিবা কুশলে
তুমিয়েতো কোৱা একেই থাকিব সকলো
ব’হাগৰ প্ৰথমজাক বৰষুণ
দুচকুৰ সেউজীয়া আশাৰ সোপান
আৰু হিয়াৰ ইকুল সিকুল জুৰাই থকা
আমাৰ ভালপোৱা

এই দুৰত্ব, এই নিৰ্যাস

মাথোঁ এক সময়ৰ পৰিহাস
আমি ঠিকে আছোঁ, ঠিকে থাকিম
চিৰদিন