Thursday 9 June 2011

বৰষুণ

আবতৰীয়া বৰষুণ এজাকে জুৰুলি জুপুৰিকৈ তিয়াই পেলালেহি সন্ধ্যাৰ পৃথিৱীখন
গোমা আকাশ খণ্ড-বিখণ্ড কৰি চমকাই তুলিলে বিজুলীৰ ৰেখাবোৰে
আকাশ খনে গৰজিয়ে থাকিল অবিৰত
ধূলিৰ আৱৰণ ভেদি হৃদয়ৰ আলি-পদূলিত চিনাকি মাটিৰ সুৰটো উভতাই ননালৈকে!