Monday 29 November 2021

অসমীয়া ৱিকিপিডিয়াত মোৰ এটা দশক

অসমীয়া ৱিকিপিডিয়াৰ সৈতে মোৰ এটা দশকজোৰাসম্পৰ্ক। আজিৰ পৰা দহবছৰ আগতে ২০১১ চনত প্ৰথমবাৰৰ বাবে অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰিছিলোঁ এটা নতুন প্ৰবন্ধ, শৈশৱৰ একাল পাৰ কৰি অহা ঢকুৱাখনাৰ বিষয়ে। পৃথিৱীৰ যিকোনো কোণৰ পৰা কোনোবা অসমীয়াই ঢকুৱাখনাৰ বিষয়ে ইণ্টাৰনেটত খুঁচৰিলে অসমীয়াতে এই প্ৰবন্ধই ধৰা দিবহি; লিখি উঠি সেই অনুভৱে মন ৰোমাঞ্চিত কৰি তুলিলে। সেই প্ৰথম অৱদানৰ অপূৰ্ব অনুভূতি, অসমীয়া ভাষাটোৰ বাবে কিবা এটা কৰাৰ সেই সন্তুষ্টিয়েই মোৰ বাবে মুকলি কৰি দিলে এটা নতুন বাট। অসমীয়া ৱিকিপিডিয়াৰ সৈতে এটা নজহা নপমা আন্তৰিক সম্পৰ্কৰ বাট!


বিগত দশকটোত জীৱনৰ বহু দিশৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ সৈতে এই সম্পৰ্কয়ো নতুন ৰূপ ল’লে। সময়ৰ লগে লগে মোৰ ৱিকি আসক্তিকেৱল ৱিকিপিডিয়াতে সীমাবদ্ধ নাথাকি ৱিকিপিডিয়াৰ সহযোগী প্ৰকল্প যেনে- ৱিকিকমনছ, মুক্ত অনলাইন পুথিভঁৰাল ৱিকিউৎস আদিলৈকো বিয়পিল। এই সময়ছোৱাত ৱিকিমিডিয়াৰ এই প্ৰকল্পসমূহৰ বিভিন্ন কামত জড়িত হ’লোঁ, কেইবাখনো কৰ্মশালা, এডিটাথন আদিতো অংশ লোৱাৰ সুযোগ পালোঁ। লগতে চিনাকি হ’লোঁ অসমীয়া ভাষাৰ বাবে নিস্বাৰ্থভাৱে অক্লান্ত অৱদান আগবঢ়াই অহা অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে। দৈনন্দিন ব্যস্ততাৰ মাজতো ভিন্ন ঠাইৰ, ভিন্ন বয়সৰ এই সকলো অসমীয়াই ৱিকিপিডিয়াৰ পৃষ্ঠাত প্ৰতিদিনে যোগ দিয়েহি এটি দুটিকৈ শব্দ আৰু তথ্যৰ; প্ৰতিদিনে কীবৰ্ডত আঙুলি বুলাই সাধনা কৰেহি অসমীয়া ভাষাক ডিজিটেল পৃথিৱীত প্ৰতিষ্ঠা কৰাৰ। ৱিকিপিডিয়াৰ জৰিয়তে ময়ো কম সময়তে এই অপূৰ্ব যাত্ৰাত সেইসকলৰ সহযাত্ৰী হৈ পৰিলোঁ।


উৎস

যোৱা দশকটোতে প্ৰথমে উচ্চশিক্ষাৰ বাবে অসম এৰি আহিলোঁ। তাৰপিছত কৰ্মসূত্ৰে সাত সাগৰ তেৰ নদীৰ সিপাৰে বিভিন্ন ঠিকনা আদৰিব লগাত পৰিলোঁ। কিন্তু যিমানে অসমৰ পৰা ভৌগোলিক দূৰত্ব বাঢ়িল, মোৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ তাৎপৰ্য্য যেন সিমানে বেছি গভীৰ হৈ পৰিল। বৰ্তমান কানাডাৰ পশ্চিম প্ৰান্তৰ এই ভেনকুভাৰ মহানগৰীত অসমীয়া কথা এষাৰ নুশুনাকৈ-নোকোৱাকৈ কেতিয়াবা বহুদিন বাগৰি যায়। সেই অভাৱখিনি পূৰাবলৈকে হয়তো প্ৰতিদিনে ব্যস্ততাৰ মাজতো ক্ষন্তেক সময় উলিয়াই চেষ্টা কৰোঁ এটা হ’লেও পৃষ্ঠা অসমীয়াত পঢ়িবলৈ, দহমিনিটৰ বাবে হ’লেও অসমীয়া ৱিকিপিডিয়াত কিবা এটা কাম কৰিবলৈ। গতিকে সময়ৰ লগে লগে অসমীয়া ভাষাৰ সৈতে মোৰ সম্পৰ্ক জীপাল কৰি ৰখাৰ, সাৰ্মথ্য অনুসৰি মাতৃভাষাটোৰ প্ৰতি কিছু অৱদান আগবঢ়োৱাৰ মূল মাধ্যম হৈ পৰিছে অসমীয়া ৱিকিপিডিয়া।


জীৱন আৰু জীৱিকাৰ প্ৰয়োজনে মানুহক অৰঙে দৰঙে লৈ যায়, জীৱন পটত ৰং বোলাবলৈ নতুন তূলিকা আৰু নতুন অভিজ্ঞতা আনি দিয়ে। যোৱা দশকটোত এনেবোৰ প্ৰয়োজনেই মোকো লৈ গৈছে বহু ঠাইলৈ, বাধ্য কৰিছে ভিন্ন ভাষা আৰু সংস্কৃতিৰে পূৰ্ণ এক গোলকীয় সম্প্ৰদায়ৰ অংশ হৈ পৰিবলৈ। কিন্তু নিজৰ শিপা এৰি সেই মিছলত বিলীন হৈ পৰাৰ সলনি দিনক দিনে মোৰ মাজত যেন দৃঢ়ৰ পৰা দৃঢ়তৰ হৈ আহিছে স্বাভিমানী অসমীয়া হৈ মূৰ দাঙি জীয়াই থকাৰ হেঁপাহ। যেন এটা জেদ, এটা প্ৰত্যাহ্বান- অসমীয়া ভাষা আৰু সংস্কৃতিৰ ভৱিষ্যতক লৈ ক্ষণে ক্ষণে উঠা আশংকাবোৰ দেই দি যোৱাৰ, নিজা ভাষা-সংস্কৃতিক জীয়াই ৰখাৰ বাবে দেশে দেশে খিলঞ্জীয়া জাতিবোৰে কৰা নিৰলস প্ৰচেষ্টাত গৌৰৱেৰে যোগ দিয়াৰ। অসমীয়া ৱিকিপিডিয়া মোৰ সেই প্ৰতিবাদী সত্তাৰ সমৰক্ষেত্ৰ, আকাশত উৰাৰ হেঁপাহ লৈও নিজৰ শিপাডাল নেহেৰুৱাৰ এক আলম৷


মই বিশ্বাস কৰোঁ, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে আছে। জন্মলগ্নৰ পৰা বহু বাধা নেওচিও অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎসই লাভ কৰা ক্ৰমাগত বিকাশ আৰু প্ৰসাৰে এই কথাকে প্ৰতিপন্ন কৰিছে। ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অসমীয়া ৱিকিপিডিয়াৰ ভূমিকা কেনে গুৰুত্বপূৰ্ণ সেয়া অনুধাৱন কৰি হাতে-কামে লাগি পৰিছে বহুতো এনে অসমীয়াই। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱাকৈ অসমীয়া ভাষাৰ এক বিশাল ডিজিটেল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বহুতৰ অজানিতে আৰম্ভ হৈছে এক বৌদ্ধিক আন্দোলন, নিৰলস এক প্ৰচেষ্টা চলিছে অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ- যাৰ নাম অসমীয়া ৱিকিপিডিয়া। এই আন্দোলনৰ এটা দশকজোৰা সাক্ষী হ’বলৈ পাই, অসমীয়া ৱিকিমিডিয়া সমাজৰ বিভিন্নজনৰ সৈতে একেলগে এই প্ৰয়াসত হাত উজান দিবলৈ পাই মই গৌৰৱান্বিত।


অসমীয়া ৱিকিপিডিয়াৰ এই যাত্ৰা চিৰযুগমীয়া হওক।

Friday 5 November 2021

ফেঁহুজালি (চুটিগল্প)

সন্ধিয়াৰ কানিমুনি সময়৷ অলপ আগতে কাৰেন্ট গ’ল৷ প্ৰণামীয়ে যেন ভালেই পালে৷ পঢ়ি থকা কিতাপখন জপাই থৈ নিশব্দে আহি তাই খিৰিকীমুখত থিয় দিলেগৈ৷ দূৰৈৰ পৰা সান্ধ্য পূজাৰ মৃদু টিলিঙাৰ শব্দ ভাঁহি আহিল৷ লগতে ধূনাৰ ফুৰফুৰীয়া গোন্ধ এটা প্ৰণামীৰ নাকত লাগিলহি৷ চুবুৰীয়া কোনোবা এঘৰত হয়তো দেৱীমূৰ্ত্তিৰ সন্মুখত মন্ত্ৰৰ সুৰৰ লগত তাল মিলাই কাৰোবাৰ হাতৰ শাখা-বালা লৰিছে৷ হয়তো বিৰতিয়ে ধূনাদানীটো লৈ ইটো কোঠাৰ পৰা সিটো কোঠালৈ লাহে লাহে ঘুৰাবলৈ আৰম্ভ কৰিছে৷ এনে সময়ত কেতিয়াবা প্ৰণামীয়ে নিজেও সেই কামটো কৰি ভাল পায়৷ পিছে আজি বেছ কিছুদিন ধৰি সেই সচৰাচৰ কামবোৰৰ প্ৰতি এক অপাৰ বিৰাগে ভৰ কৰিছেহি তাইৰ মন-মগজুত৷ সেইবাবেই অন্য দিনাৰ দৰেই আজিও খিৰিকীৰ সিপাৰৰ অন্ধকাৰখিনিলৈ চাই চাই তাই আত্মস্থ হৈ ৰ’ল৷ 

ধ্ৰুৱই এবাৰ ভুমুকিয়াই যোৱা গম পালে প্ৰণামীয়ে৷ সি মাত নলগোৱা দেখি যেন স্বস্তিহে পালে তাই৷ ক্ষন্তেক পিছতে কাষৰ কোঠাটোৰ পৰা ভাহি আহিল দুৰদৰ্শনত কোনোবা সাংবাদিকৰ তীক্ষ্ণ কন্ঠস্বৰ৷ সেই শানিত শব্দৰ কৃত্ৰিমতাই যেন সন্ধিয়াৰ উদাসী নীৰৱতাখিনি মুহুৰ্ত্ততে থানবান কৰি দিলেহি৷ প্ৰণামীৰ মনটো তিক্ততাৰে ভৰি পৰিল৷ তাই খপজপকৈ উঠি  গৈ কোঠাটোৰ দুৱাৰখন ধামকৈ জপাই দিলেগৈ আৰু পুনৰ উভতি আহি খিৰীকীখনৰ সন্মুখত ৰ’লহি৷ সেই বিকট শব্দৰ তীব্ৰতা কিছু কমিল৷ তাৰ বিপৰীতে ক্ৰমাৎ গাঢ় হৈ আহিল খিৰিকীৰ সিপাৰৰ অন্ধকাৰখিনি৷ প্ৰণামীৰ ভাৱ হ’ল যেন সন্ধিয়াৰ সেই অন্ধকাৰে তাইৰো সমস্ত সত্বাকে গ্ৰাস কৰি পেলাব খুজিছে৷ তাইৰ বাহিৰে-ভিতৰে সকলোতে যে ইমান অন্ধকাৰ, ইমান বিষণ্ণতা!

হঠাৎ দুৱাৰখন মেলাৰ শব্দ হ’ল৷ অলপ বিৰক্তিৰে তাই উভতি চালে৷ ধ্ৰুৱ সোমাই আহিল৷ দোষী দোষী ভাৱেৰে ফোনটো আগবঢ়াই দি সি ক’লে,

মাই কথা পাতিব খুজিছে৷ তোমাৰ ফোনত উত্তৰ নোপোৱাৰ কাৰণে মোলৈ কৰিলে হেনো!’

তাই একো নকৈ অনিচ্ছা স্বত্বেও ফোনটো ল’লে৷ ধ্ৰুৱই তাইলৈ বিমুঢ়ভাৱে এবাৰ চাই আঁতৰি গ’ল৷

মা কোৱা৷’ 

প্ৰশান্ত কাইলৈ পাবগৈ৷’ কোনো পাতনি নেমেলাকৈ মাকে কৈ উঠিল৷ কিন্তু সেয়া শুনি ক্ষন্তেকৰ বাবে হ’লেও প্ৰণামীৰ মনটো যেন জীপাল হৈ উঠিব খুজিলে৷ তাইৰ মৰমৰ ভায়েক প্ৰশান্ত অহাৰ কথা! কাইলৈকে!

অন্যদিনাৰ দৰেই আজিও মাকে উশাহ নসলোৱাকৈ তাৰ কৃতীৰ কথাকে ক’বলৈ ধৰিলে৷ একমাত্ৰ ল’ৰাৰ সফলতাক লৈ মাকৰ উৎসাহৰ অন্ত নাই, গৌৰৱৰ পৰিধি নাই৷

’জাননে, প্ৰশান্তৰ প্ৰমোচনটো সি আশা কৰাতকৈও বহুত সোনকালে হৈ গ’ল? তাৰ কামৰ দক্ষতা দেখিয়েই মেনেজিং ব’ৰ্ডে সেই সিদ্ধান্ত ল’লে হেনো!’

সৰুৰে পৰা মেধাৱী ল’ৰা প্ৰশান্ত৷ য’তেই নাথাকক সকলোৰে লগত হাঁহি-তামাচা কৰি স্ফূৰ্তিৰে থাকি ভাল পায় সি৷ তাৰ  বিপৰীতে প্ৰায়ে সকলোৰে পৰা আঁতৰি নিৰলে থাকিব পৰা চুক এটা বিচাৰি ফুৰিছিল প্ৰণামীয়ে৷ নিজস্ব অনুভৱৰ পৃথিৱীখনত ডুব গৈ থকাটোৱে আছিল যেন তাইৰ আশৈশৱ বিলাসিতা৷ সৰুৰে পৰা সকলোৱে কয়, প্ৰশান্ত বৰ স্মাৰ্ট আৰু সমাজপ্ৰিয় ল’ৰা৷ আৰু তাই? বৰ স্পৰ্শকাতৰ৷ বাস্তৱৰ পৃথিৱীৰ লগত মিলিব নোৱাৰাকৈ স্পৰ্শকাতৰ প্ৰণামী

’সি অষ্ট্ৰেলিয়ালৈ যোৱাৰ আগতে তোৰ তাত দুদিনমান কটাব খুজিছে৷ তালৈ গৈ আকৌ কেতিয়া ঘৰলৈ আহিবলৈ ছুটি পাব ঠিক নাই নহয়৷’

ইনভেষ্টমেন্ট বেংকাৰ প্ৰশান্তৰ ট্ৰেন্সফাৰ হৈছে কুইনছলেণ্ডলৈ৷ আকৌ বা কেতিয়া তাক ভালকৈ লগ পোৱাৰ সুযোগ পাব! প্ৰণামীয়ে যেন কথাটো তেতিয়াহে টং কৰিলে৷

ইফালে মাক পুনৰ ব্যতিব্যস্ত হৈ পৰিল তাৰ গুণানুকীৰ্ত্তনত৷ বেছ কিছুপৰৰ পিছত সেয়া সামৰি ফোন থোৱাৰ পিছতহে প্ৰণামীৰ খেয়াল হ’ল, আজিও পাহৰি গ’ল মাকে৷ পাহৰি গ’ল তাই কেনে আছে তাকে এবাৰ সুধিবলৈ৷ তাইৰ ওঁ-অঁ বোৰৰ আঁৰত বিষণ্ণতাৰ ঢৌৱে উত্তাল কৰি ৰখা পৃথিৱীখনৰ ভূকে নাপালে আপোন মাকজনীয়ে৷

সোধা হ’লেও জানো প্ৰণামীয়ে ক’লেহেঁতেন, ঠিকে নাই তাই! ঠিকে নাই৷ আজি বেছ কিছুদিন ধৰি যে এক অপাৰ শূন্যতাই ভৰ কৰিছেহি তাইৰ হৃদয়ত৷ কেতিয়ানো কেনেকৈ ইমান অন্ধকাৰে, ইমান বিষণ্ণতাই ছাটি ধৰিলেহি তাই নাজানে৷ ক’লেহেঁতেননে কিবা এক অজান উদাসী সুৰে ক্ৰমাৎ শুহি নিছে তাইৰ জীৱনবোধ, তাইৰ আশা- আকাংক্ষা আৰু সপোনবোৰ! ইমান উদাস, ইমান অস্থিৰ হৈ পৰিছে দিনবোৰ,উজাগৰী হৈ পৰিছে ৰাতিবোৰ৷ যেন এই জীৱন, এই জীৱনৰ বান্ধোনবোৰ সকলো ক্ৰমাৎ অৰ্থহীন হৈ পৰিছে৷ 

সাঁজ লাগি ভঙাৰ পিছতহে প্ৰণামী খিৰিকীৰ কাষৰ পৰা উঠি আহিল৷ অনিচ্ছা স্বত্বেও প্ৰায় জোৰ কৰিয়ে তাই গৈ পাকঘৰৰ দুৱাৰডলিত নিশব্দে ৰ’লগৈ৷ ধ্ৰুৱই ইতিমধ্যে ভাত বহাইছে৷ প্ৰেছাৰ কুকাৰৰ ফিচ্ ফিচ্ শব্দলৈ চকু ৰাখিয়ে এফালে বাতি এটাত পনীৰৰ টুকুৰাবোৰ লৈ প্ৰত্যেকটো টুকুৰা সযতনে পৰীক্ষা কৰিছে সি৷ তাইক দুৱাৰমুখত দেখি তাৰ মুখখন উজ্জ্বল হৈ উঠিল৷ অকণমান হঁহাৰ নিচিনা কৰি সি ক’লে,

’চোৱা আজি পনীৰ ৰান্ধিবলৈ লৈছোঁ৷ তুমি পনীৰ খাই ইমান ভালপোৱা! অথচ আজি কিমানদিন যে হ’ল পনীৰেৰে ভাত এসাঁজ খোৱা নাই আমি, নহয়?’

’অঁ’- প্ৰণামীয়ে যেন নিদিলে নহয় বুলিয়েই সঁহাৰি দিলে৷ তথাপি তাই চেষ্টা কৰিলে সেই সঁহাৰিতে তাইৰ অৱশিষ্ট উছাহখিনি গুজি দিবলৈ৷ পাকঘৰৰ সৰু ঘুৰণীয়া খোৱা মেজখনৰে চকী এখন লাহেকৈ টানি লৈ গোঁজ মাৰি বহি ৰ’ল তাই৷

ধ্ৰুৱই কিছু অসহায়বোধ কৰিলে৷ তাইৰ তেনে ৰূপ দেখি দুশ্চিন্তাৰ বা- মাৰলি উৰিল তাৰ হৃদয়ত সংগোপনে ৷ কিন্তু তথাপি সি নিজকে প্ৰবোধ দিয়াৰ চেষ্টা কৰিলে, তাই যে আজি অতদিনৰ মূৰত পাকঘৰলৈ আহি তাৰ নিচেই কাষত বহিছেহি! তাৰ ৰন্ধা-বঢ়াত বৰ চখ৷ তাতে প্ৰণামী কাষতে আহি ৰোৱাত উৎসাহ পাই হেঁপাহেৰে সি ৰেচিপি চাই চাই মটৰ-পনীৰ ৰান্ধিলে৷ মাজে মাজে প্ৰণামীলৈ চাই সুধিলে,

’জিৰাগুৰি এক চাহ চামুচ দিম জানো? তুমি আকৌ জিৰাৰ সোৱাদ সিমান ভাল নোপোৱা নহয়?’

নাজানে প্ৰণামীয়ে৷ যেন সেই সোৱাদ তাইৰ মনত নাই, মনত নাই জুতিৰ জোখ-মাপ! প্ৰশ্নটো এৰাবলৈকে তাই ক’লে,

’তুমি যেনেকৈ বিচাৰা তেনেকৈয়ে ৰান্ধাচোন৷ মই তেনেকৈয়ে খাম৷’

ধ্ৰুৱৰ হৃদয়খন মোচৰ খাই উঠিল৷ এই একেজনী প্ৰণামীয়ে আজি মাথোঁ দুটাবছৰৰ আগেয়ে কত ৰেচিপি চাই চাই পৰীক্ষা-নিৰীক্ষা কৰি প্ৰতিবিধ মছলাৰ জোখ ঠিক কৰিছিল! ’পাৰফেক্ট পনীৰ’ৰ ৰেচিপিৰ ৰাগীতে এসপ্তাহলৈকে দুয়ো প্ৰতিসাঁজতে বিধে বিধে পনীৰ খাইছিল৷ ক’লৈ গ’ল সেই খাদ্যৰসিক প্ৰাণোচ্ছল প্ৰণামীজনী! 

দুয়ো এটা সময়ত খোৱা মেজত বহিল৷ খাবলৈ বহিও মটৰ-পনীৰখিনি ভাতৰ সৈতে লিৰিকি বিদাৰি অন্যমনস্ক হৈ ৰ’ল প্ৰণামী৷ ক’তা! অকণোৱে চোন ভোক নাই তাইৰ৷ কিন্তু ধ্ৰুৱই ইমান যত্ন সহকাৰে ৰন্ধাৰ পিছত নাখালে সি দুখ পাব বুলি বাধ্যত পৰিয়ে যেন তাই ভাতৰ গৰাহ মুখত দিলে৷ 

কেইবাটাও নীৰৱ মুহুৰ্ত্ত পাৰ হৈ গ’ল৷ 

ধ্ৰুৱই ক’বলৈ কথা বিচাাৰি আঁত নাপায়ে যেন শেষত ক’লে,

’মোডী অসমলৈ অহাটোক লৈ খুউব বিতৰ্ক হৈছে জানা!’

’হু!’

’বৰ বেয়া সময় এতিয়া, অসমৰ এই পৰিস্থিতিত কথাৰ প্ৰতিশ্ৰুতিয়েতো কাৰো পেট নভৰে৷’

প্ৰণামীয়ে শূন্য দৃষ্টিৰে তালৈ মূৰ তুলি চালে৷ তাই বুজি পালে, কথা উলিওৱাৰ সুযোগ বিচাৰিয়ে সি আৰম্ভ কৰিছে তাৰ প্ৰিয় ৰাজনীতিৰ কথা, দেশৰ বাতৰিৰ কথা৷ তাইৰ ভাৱ হ’ল যেন সিহঁত দুটাৰ মাজত এখন বিশাল ধুঁৱলী কুঁৱলী দেৱাল! একেখন ঘৰতে থাকিও যেন বহু দুৰত্বত ৰৈ গৈছে সিহঁত পৰস্পৰে পৰস্পৰৰ পৰা৷ সি ঢুকি নাপায় তাইৰ খেয়ালী পৃথিৱী৷ ওৰ নাপায় তাইৰ হৃদয়ৰ উত্তাল হাঁহাকাৰ বোৰৰ৷ মুহুৰ্ত্ততে কৰুণাৰে ভৰি উঠিল তাইৰ হৃদয়৷ বৰ সৰল সি৷ বৰ সৰল৷ মাথোঁ দিনৰ দিনটো অফিচত কাম কৰি, নিশাৰ ভাতসাঁজ শান্তিৰে খায়ে সুখী হৈ পৰে সি৷ 

প্ৰণামীয়ে জানে, ধ্ৰুৱ বিমূঢ় হৈছে৷ তাইৰ বাবে চিন্তাত পৰিছে সি৷ পোনপটিয়াকৈ নক’লেও তাই শাহুৱেকৰ মুখতে শুনিছে সেই কথা৷ কালি শাহুৱেকে ফোনত দীঘলীয়াকৈ তাইৰ সৈতে কথা পাতিছে৷ তাইৰ মাকে সুধিবলৈ পাহৰা কথাষাৰি সুধিছে,

’কেনে আছা প্ৰণামী?’ 

কিন্তু তাই কিবা ক’বলৈ পোৱাৰ আগতেই তেওঁ কৈ উঠিছে,

’ধ্ৰুৱই কৈছে তোমাৰ গা ভাল নহয় হেনো?’ কণমানকৈ খোল খাব ধৰা খোলাটোৰ ভিতৰতে ক্ষন্তেকতে পুনৰ কেৰেলুৱাৰ দৰে ঘোৰ খাই পৰিল প্ৰণামী৷ 

ধ্ৰুৱক বা আপোন মাককে বুজাব নোৱাৰা কথা এটা সদায় দূৰে দূৰে থকা শাহুৱেকজনীকনো কেনেকৈ বুজায় তাই? বুজি পালেও নাপালেও শাহুৱেকে সহজাত উপায় এটা দিবলৈ চেষ্টা কৰিছে৷ আওপকীয়াকৈ সন্তান এটাৰ কথা উলিয়াইছে তেওঁ৷ অন্য বহুতৰ দৰে তেওঁৰো ধাৰণা, পাৰিবাৰিক সকলো সমস্যাৰ ফলপ্ৰসূ সমাধান আনি দিব পাৰে এটা সন্তানে৷ অন্য বহুতৰ দৰে তেওঁৰ আশা, কোলাৰ কেঁচুৱাটোৱে কোনো অস্থিৰতাই ভুমুকি মৰাৰ অৱকাশ নৰখাকৈ সিহঁতৰ সংসাৰখন ভৰাই তুলিব৷ 

প্ৰণামীয়ে ধ্ৰুৱক কোৱা নাই৷ ক’ব পৰা নাই যে তাই নিজে অহৰহ যুঁজি থকা সেই সংগ্ৰামখনত অন্য এটি জীৱন জোঁটপোঁট লগাই পেলাব নোৱাৰে৷ নোৱাৰে সেই উদাসী সাগৰৰ ঢৌৰ সন্মুখত এটি নিষ্পাপ জীৱনক পণবন্দী কৰিবলৈ৷ এটি শিশুৰ জীৱনদায়িনী মাতৃ হোৱাৰ আগতে তাই নিজে জীয়াই উঠাৰ প্ৰয়োজন, এই বিষণ্ণতাৰ ঘনঘোৰ ছাঁয়াৰ পৰা নিজকে মুকলি কৰাৰ প্ৰয়োজন!

সিদিনা নিশা চিৰাচৰিত ভাৱে প্ৰণামী আৰু ধ্ৰুৱ দুয়ো বিছনাৰ দুফালে পৰি ৰ’ল৷ কিছু পৰৰ পিছত ধ্ৰুৱ লাহেকৈ তাইৰ কাষ চাপি আহিল৷ একেবাৰে কাষ চাপি আহি সি তাইৰ চুলিত তাৰ আঙুলীৰ পৰশেৰে কিবা এটা কোৱাৰ চেষ্টা কৰিলে যেন৷ তাৰ হৃদয়ে যে শব্দৰ মালা গুঁঠি একোকে বুজাব নাজানে-সুধিব নাজানে৷ আজিও তাৰ মনআকাশত শব্দবোৰ অবাধ্য হ’ল, বাৰে বাৰে নিৰুদ্দেশ হ’ল৷ কিবা এটা ক’ব খুজিও সি বাৰে বাৰে উজুটি খালে৷ কেনেকৈ সোধে সি, কি হৈছে তাইৰ- কি হৈছে? কিয় ইমান বিষণ্ণ তাই? কিয় ইমান অড়ষ্টতা সিহঁতৰ মাজৰ বতাহজাকত? সুধিব নোৱাৰিলে সি৷ মাথোঁ হেপেহুৱা স্পৰ্শৰ মায়াৰে আঁতৰাব খুজিলে তাইক খুলি খুলি খোৱা সেই বিষণ্ণতাৰ পোকটো৷ সেই স্পৰ্শই বহুদিনৰ মূৰত প্ৰণামীৰ হৃদয়ৰ গভীৰতম প্ৰদেশত শিল হৈ ৰোৱা হেঁপাহ এখিনি উজাই আনিলে৷ লেতু-সেতু হৈ তাৰ বুকুৰ মাজত সোমাই পৰিল তাই৷ তাই বিচাৰিলে হৃদয়ৰ সকলো আবেগেৰে সেই নিবিড়তাত জাহ দিবলৈ৷ সেই নিবিড় হেঁপাহৰ পাৰ ভঙা ঢলেৰে হৃদয়ৰ শূন্যতাখিনি নিশ্চিহ্ন কৰিবলৈ৷ 

কিন্তু মুহুৰ্ত্ততে তাই উপলব্ধি কৰিলে কিমান নিষ্ফল সেই প্ৰচেষ্টা৷ এই হেঁপাহৰ পাৰ ভঙা ঢলেও পূৰাব নোৱাৰাকৈ তাইৰ বিষণ্ণতাৰ অতল খাদ৷ এই নিবিড়তাই মচিব নোৱাৰাকৈ বহল তাইৰ হৃদয়ৰ শূন্যতাৰ পৰিধি৷ ধ্ৰুৱৰ উশাহবোৰ ঘন হ’ব খোজোতেই তাই খপজপকৈ আঁতৰি আহিল বিছনাৰ এমূৰলৈ৷ দুয়োৰে মাজত সেই এবেগেত দুৰত্ব এখন পাৰ হ’ব নোৱাৰা সাগৰ হৈ নিমিষতে দুয়োকে ৰোধি পেলালে৷  

নিশাটো দুস্বপ্নৰ দৰে পাৰ হৈ গ’ল৷ টোপনিহীনতা আৰু উদ্বিগ্নতাৰে ভাৰাক্ৰান্ত হৈ দুয়ো নীৰৱে পুৱা বিছনা এৰি আহিল৷ এবাৰো ধ্ৰুৱৰ দুচকুত চকু থৈ কিবা এটা ক’বলৈ সাহস নহ’ল প্ৰণামীৰ৷ ধ্ৰুৱই সকলো পাহৰি সহজ হোৱাৰ অভিনয়ৰে আৰম্ভ কৰিলে নিত্যনৈমিত্তিক ব্যস্ততা৷ প্ৰণামীয়ে পুৱাৰ চাহকাপ লৈ নিৰলে গৈ বাৰাণ্ডাত বহিলগৈ৷ আৰামী চকীখনত বহি চাহত শোহা মাৰি লৈ তাই চাই ৰ’ল সন্মুখৰ ফুলনিখনলৈ৷ দুজোপা খৰিকাজাঁই আৰু ভিন্নৰঙী গোলাপৰ মাজে মাজে মূৰ দাঙি উঠা নয়নতৰাৰ গুলপীয়া আৰু নাৰ্জীৰ কমলা ৰং৷ এটা সময়ত ফুলনিৰ এই ৰংখিনি লৈয়ে আপোন পাহৰা হৈ থাকিছিল প্ৰণামী৷ এতিয়া অযত্নপালিত ফুলনিখনত অপতৃণৰ আধিপত্য৷ প্ৰায়ে পুৱাৰ চাহকাপ লৈ তাই ভাৱে, ’এইখিনি চিকুণাব লাগিব আজি৷’ পিছে দিনৰ পিছত দিন বাগৰে, নিশাবোৰে কলমটিয়ায়৷ সেই ’আজিৰ দিনটো’ কোনোদিনে নাহে৷

অফিচলৈ ওলাই যাবলৈ লৈ বাৰাণ্ডাত ক্ষন্তেক ৰৈ ধ্ৰুৱই সুধিলে,

’কালি মাই কিবা জৰুৰী কথাত ফোন কৰিছিল নেকি?’

চাহকাপ হাতত লৈ থৰ লাগি চাই থকাৰ পৰা প্ৰণামীয়ে চক্ খাই মূৰ দাঙিলে৷

’কি? অ’ আজি প্ৰশান্ত আমাৰ ইয়াত থাকিবলৈ আহিব হেনো!’ 

’ইয়ে, হয় নেকি?’ কথাষাৰ শুনি ধ্ৰুৱও যেন বৰ উৎসাহী হৈ উঠিল৷ তাৰ আশা, প্ৰশান্তই যেন ক্ষন্তেকৰ বাবে হ’লেও প্ৰাণোচ্ছল কৰি তুলিব সিহঁতৰ ঘৰখন, সিহঁতৰ সংসাৰখন৷

’মই আজি সোনকালে উভতিম তেন্তে! বহুদিনৰ মূৰত প্ৰশান্তক লগ পালে ভাল লাগিব৷’

ধ্ৰুৱ অফিচৰ পৰা উভতি আহি ঘৰ পোৱাৰ আগতেই সিদিনা প্ৰশান্ত ওলালহি৷ আহি পায়ে সি হুৰ-মূৰ লগাই দিলেহি,

’বাইদেউ, খৰকৈ সাজু হ৷ আজি ভালকৈ অসমীয়া ভাত এসাঁজ খাম নতুন ৰেষ্টেুৰেন্টখনত৷ তাত মাছৰ পেটু ভজাৰ পৰা খৰিকালৈকে সকলো বৰ সোৱাদ লগা হেনো৷’

প্ৰণামীয়ে কৃত্ৰিম চেষ্টা এটা কৰিলে তাৰ উচ্ছলতা ৰোধিবলৈ৷

’হেই, আহি পাইছহে! অলপ বহচোন৷ ধ্ৰুৱও আহক৷ লাহে ধীৰে গ’লেও হ’ব নহয়৷’

’নাই নাই, ভিনদেউক অফিচৰ পৰা লগ ল’ম, ব’ল৷ আজিৰ গোটেই সন্ধিয়াৰ দীঘলীয়া প্ৰগ্ৰেম৷ ঘৰত বহি কথাৰ মালিহা মাৰিবলৈ সময় নাই৷’

অগ্যতা সাজু হ’ল প্ৰণামী৷ তাৰবাবে এইখিনিও নকৰিবনে তাই? মৰমৰ ভায়েকৰ সকলো আব্দাৰেই যে তাই পূৰাব খোজে৷ চৌখিন প্ৰশান্তৰ সাজোন কাচোন দেখি তায়ো বহুদিনৰ মূৰত উলিয়াই ল’লে যোৱা বিহুতে ধ্ৰুৱই আনি দিয়া নুনীপাট গুণা কৰা কুহুমবৰণীয়া মেখেলা চাদৰযোৰ৷ তাইলৈ চাই প্ৰশান্তই মাত দিলে,

’বাহ্, এতিয়াহে তোক শুৱনি দেখাইছে৷ আজি ফটো চেশ্যন এটাও কৰিব লাগিব যি দেখিছোঁ৷’

প্ৰণামীয়ে হাঁহি পেলালে৷ গোটেই বাটটো প্ৰশান্তৰ কথাৰ শেষ নহ’ল- লগতে হাঁহিৰো৷ ক’ৰ পৰা যে হাঁহিৰ থুনপাকটো লৈ আহে সি! ধ্ৰৱও বিনা প্ৰতিবাদে চামিল হৈ পৰিল তাৰ পৰিকল্পনাত৷ ৰেষ্টুৰেন্টত আঁৰ চকুৰে প্ৰণামীলৈ চাই  স্বস্তিৰ নিশ্বাস পেলালে ধ্ৰুৱই৷ আজি যে সি কিমান দিনৰ মূৰত তাইক প্ৰাণ খুলি হঁহা দেখিছে৷ কিমান দিনৰ মূৰত ক্ষন্তেকৰ বাবে হ’লেও সি দেখা পাইছে অতীতৰ প্ৰণামীজনীৰ মায়াময় ৰূপ৷

বহুদিনৰ মূৰত সিহঁতৰ ঘৰখন জীপাল হৈ উঠিল সেই ৰাতি৷ প্ৰশান্ত আৰু ধ্ৰুৱই একেলগে গীটাৰ বজালে৷ তাৰপিছতো বহুপৰলৈকে সিহঁত তিনিওৱে বাৰেবিংকৰা কথাৰে গল্প কৰিলে৷ প্ৰশান্তৰ খুহুটীয়া কথাত হাঁহি হাঁহি দুবাৰ মান প্ৰণামী ঢলি পৰিব খুজিলে ধ্ৰুৱৰ কান্ধত৷ দুয়ো যেন পুনৰ এবাৰ অনুভৱ কৰিলে পৰস্পৰে পৰস্পৰৰ আন্তৰিক সংস্পৰ্শ৷ দুয়ো দেখা পালে, হৃদয়ৰ নিভৃত কোণত সকলোচোন একেই আছে- একোৱেতো হেৰুৱা নাই৷ একোৱেতো সলনি হোৱা নাই৷ তেনে কিয় এই বিষণ্ণতা, কিয় এই জটিলতা?

সিদিনা সিহঁত বিছনালৈ যায় মানে নিশা দুপৰ হ’ল ৷ বিছনাত পৰাৰ বেছ কিছুপৰলৈকে প্ৰণামীৰ দুচকু জাপ নাখালে৷ প্ৰশান্তৰ কথাৰেই মন ভৰি থাকিল তাইৰ৷ তাইতকৈ ছবছৰ সৰু প্ৰশান্ত৷ সৰুকালৰ দৰেই কোনো কাৰণতে দুখ-কষ্টৰ ছিটিকনিকে পৰিবলৈ নিদিয়াকৈ তাই যেন এতিয়াও আৱৰি ৰাখিব খোজে তাক৷ সেই ভায়েকটোৱে ইমান দূৰলৈ যাবগৈ! 

হঠাৎ প্ৰণামীৰ মনত পৰিল, তাই যে আলহী কোঠাৰ খিৰিকীখন খুলিছিল- বন্ধ কৰিলে জানো? ম’হ সোমাই প্ৰশান্তকচোন শুবলৈকে নিদিব৷ খকামকাকৈ বিছনাতে উঠি বহিল তাই৷ প্ৰশান্তৰ যিহে পাতল টোপনি, ম’হৰ দুটামান কামোৰতে গোটেই নিশাটো উজাগৰে কটাব সি৷ কথাটো ভাৱিয়ে তাই ৰ’ৱ নোৱাৰিলে৷ ধ্ৰুৱক সাৰ নোপোৱাকৈ নিশব্দে তাই বিছনাৰ পৰা উঠি আহিল৷ চেন্দেলজোৰ ভৰিত নোসোমোৱাকৈয়ে যথাসম্ভৱ নিৰলে নিমাতে আহি তাই আলহী কোঠাত সোমালহি৷

খোজটো দুৱাৰদলিত পৰোঁতেই হঠাৎ প্ৰণামীয়ে যেন এটা শব্দ শুনা পালে৷ এটা ক্ষীণ শব্দ! ইমানেই ক্ষীণ যে থমকি ৰৈ পুনৰবাৰ শুনিহে তাই গম পালে সেয়া এটা চেপা উচুপনি! প্ৰশান্তৰ শুৱা কোঠাৰ পৰাই আহিছে সেই উচুপনি৷

প্ৰায় ধুমুহাৰ গতিৰে সোমাই গৈয়ে তাই থতমত খাই হঠাৎ ৰৈ গ’ল৷ তাই ৰোৱাৰ লগে লগে ৰৈ গ’ল সেই উচুপনিৰ শব্দও৷ সেয়াচোন প্ৰশান্ত! বিছনাতে আউজি মজিয়াত বহি আছে সি! তাৰ উজাগৰী দুচকুত চিৰাচৰিত উচ্ছলতাৰ সলনি এক অপাৰ শূন্যতা৷ এনেকৈ হঠাৎ তাইৰ সন্মুখত ধৰা পৰাৰ হতভম্বিতা৷

তাই লাহেকৈ কাষ চাপি গ’ল৷ তাৰ কাষতে লেপেটা খাই তায়ো বহি পৰিল একেবাৰে নিশ্চুপ হৈ৷ কিছু আশ্বস্ত হৈ এইবাৰ প্ৰশান্তই তাইৰ হাত দুখনত ধৰি কঁপা কঁপা মাতেৰে কৈ উঠিল,

’ আজি অলপদিনৰ পৰা মোৰ কি হৈছে নাজানো বাইদেউ৷ ইমান অন্ধকাৰ চাৰিওফালে-ইমান অন্ধকাৰ!’

প্ৰণামীৰ হৃদয়খন মোচৰ খাই উঠিল৷ তাইৰ যেন আজন্ম চিনাকি সেই অসহায় বিভ্ৰান্তি- বিষণ্ণতাৰ সেই কৃষ্ণগহ্বৰ৷ সেয়া তাইৰ পৰা কেইগজমান আঁতৰত বিষণ্ণতাই ক্ৰমাৎ কুটি আনিছে তাইৰ দৰেই মৰমৰ ভায়েকৰো জীৱনবোধ৷ সিহঁতৰ ঘৰখনৰ মধ্যমণি ভায়েকক৷ ইমানবোৰ তথাকথিত প্ৰাপ্তিৰ হিচাপেও, উল্লাসৰ ঢলেও বলে নোৱাৰাকৈ ক্ৰমাৎ বাঢ়ি আহিছে সেই শূন্যতাৰ ব্যাপ্তি৷ 

হঠাৎ যেন প্ৰণামীৰ মাজত এক সংগ্ৰামী সত্বাই সাৰ পাই উঠিল৷ এনেকৈ হাৰ মানিব নোৱাৰে তাই৷ এনেকৈ সকলোৰে আঁৰত জাহ দিব নোৱাৰে জীৱনৰ সকলো ৰং৷ এয়া জানো মাথোঁ এক ব্যাধি নহয়? জ্ঞাতে-অজ্ঞাতে, কাৰণে-অকাৰণে যিকোনো মানুহকে আঁচোৰি যাব পৰা এক ব্যাধি এই বিষণ্ণতা৷ এই  ব্যাধিৰ পৰা তাই নিজকে মুক্ত কৰিব লাগিব আৰু ভায়েককো উলিয়াই আনিব লাগিব এই কৃষ্ণগহ্বৰৰ পৰা৷ 

প্ৰশান্ত ইতিমধ্যে অৱশ হৈ পৰিছিল৷ হয়তো সকলো হাঁহাকাৰ একাষে থৈ আগৰদৰেই প্ৰাণোচ্ছল হৈ ৰোৱাৰ অভিনয় কৰি কৰি জুৰুলা হৈ পৰিছিল সি৷ হয়তো প্ৰথমবাৰৰ বাবে কাৰোবাৰ আগত অসহায় হৃদয়খন উদঙাই দি সকাহবোধেৰে ক্লান্ত হৈ পৰিছিল সি৷ তাক শুবলৈ দি প্ৰণামীয়ে ভাৱিলে, তাই ক’ব তাক তাইৰ ধমনীয়ে ধমনীয়েও সেই একেই উদাসী সুৰ৷ সেই একেই বিষণ্ণতা৷ আজি বহুদিন ধৰি৷ অতদিনে নিজৰ মাজতে লালন কৰি থাকি ভায়েকৰ দৰেই সেই হাহাঁকাৰবোৰক পোখা মেলিবলৈকে এৰি দিছিল তাই৷ পোখাই পোখাই হৃদয়খন ছাটি ধৰাৰ আগতেই সেই ব্যাধি ৰোধ কৰাৰ এক অদ্ভুদ তৎপৰতা আহি পৰিল যেন তাইৰ মাজলৈ৷

নিজৰ বিছনালৈ উভতি গৈ তাই দেখিলে, ধ্ৰুৱ ইতিমধ্যে সাৰ পাইছে৷ বিছনাতে বহি লৈ উদ্বিগ্ন হৈ সি তাইলৈ চাইছে৷ 

তাৰ কাষ চাপি আহি প্ৰণামীয়ে বৰ আকুল হৈ ফুচফুচাই কোৱাৰ দৰে কৈ উঠিল,

মই ঠিকে নাই ধ্ৰুৱ- ঠিকে নাই মোৰ মন৷ কাইলৈ ডাক্তৰৰ ওচৰলৈ যাম৷ যাবানে মোৰ স’তে?’ 

ধ্ৰুৱই একো ক’ব নোৱাৰিলে৷ শব্দবোৰে পুনৰ অসহযোগ কৰিলে যেন তাৰ স’তে৷ মাথোঁ হৃদয়ৰ সমস্ত আবেগেৰে সি আঁকোৱালি ধৰিলে তাইক৷ সেই আলিংগনতে সি উজাৰি দিলে এসাগৰ ভালপোৱা আৰু  সহযোদ্ধা হোৱাৰ একনিষ্ঠ অংগীকাৰ৷ তেতিয়ালৈ অন্ধকাৰ নিশাটোৱে বাট এৰি দিছে ফেঁহুজালিলৈ৷ এটা নতুন দিনলৈ৷


উৎস