Monday 31 December 2018

২০১৮ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ দহটা অসমীয়া গীত

বছৰৰ শেষৰ দিনটোত উভতি চাবলৈ মন গ’ল অসমীয়া সংগীতৰ পৃথিৱীখনলৈ৷ মোৰ প্ৰিয় গীত মানে সেইবোৰ গীত যাৰ ভাষাৰ লালিত্যই, সুৰৰ ঝংকাৰে আৰু মোহনীয় কন্ঠই মোক নিমিষতে লৈ যাব পাৰে অন্য এখন জগতলৈ, যি ক্ষন্তেকতে হৃদয়লৈ কঢ়িয়াই আনিব পাৰে চিনা-অচিনা আবেগৰ একোটা ঢ়ৌ৷ মোৰ বাবে ২০১৮ বছৰটোৰ এনে দহটা সৰ্বশ্ৰেষ্ঠ গীত উল্লেখ কৰিছোঁ৷

১) ন যুঁজৰ ৰণুৱা:
ৰচনা: ইবছন লাল বৰুৱা 
সুৰ আৰু কন্ঠ: জয় বৰুৱা

এইটো এটা ঐতিহাসিক পটভূমিত ৰচিত গান৷ জয় বৰুৱাৰ শক্তিশালী কন্ঠত প্ৰতিফলিত হৈছে বিভিন্ন প্ৰান্তত অযত্নপালিত হৈ থকা একালৰ কোঁচ সাম্ৰাজ্যৰ ধ্বংসাৱশেষ সমূহে কৈ যোৱা অতীত গাথাঁ৷ নৰনাৰায়ণ-চিলাৰায়ে ষোল্ল শতিকাত গঢ়া সেই পৰাক্ৰমী সাম্ৰাজ্যই মহাপুৰুষ জনাৰ পৃষ্ঠপোষকতা কৰি অসমত সত্ৰীয়া সংস্কৃতিৰ বুনিয়াদ গঢ়িছিল ৷ গানটোৱে প্ৰত্যেক অসমীয়াক সোঁৱৰাই যাব সেই গৌৰৱময় অতীতৰ কথা, সোঁৱৰাই যাব সেই একেই মন্ত্ৰৰে, হৃদয় উথলি উঠা জাতীয়তাবাদেৰে বৰ্তমানেও অসমৰ বাবে, অসমীয়া জাতিটোৰ বাবে হাতে কামে লাগি পৰাৰ কথা৷ প্ৰত্যেক অসমীয়াৰ দেহ-মনত শিহৰণ জগাব পৰা সঁচা অৰ্থতে এটা খুব প্ৰেৰণাদায়ক আৰু শক্তিশালী গীত৷ ভিডিঅ’টোৰ চিত্ৰায়নো মনোমোহা৷ কোঁচ সাম্ৰাজ্যৰ বিভিন্ন ধ্বংসাৱশেষবোৰ, খাঁটি অসমীয়া জীৱনৰ ছৱিবোৰে মুহুৰ্ত্ততে মনলৈ কঢ়িয়াই আনে অসমৰ মাটিৰ সুবাস৷ এই সকলোবোৰ কাৰণতে ’ন যুঁজৰ ৰণুৱা’ এই তালিকাৰ প্ৰথম গীত৷



২) ফাগুণ
ৰচনা: পৰম্পৰাগত অসমীয়া হোলী গীত
সুৰ আৰু কন্ঠ: অৰূপজ্যোতি বৰুৱা

’ফাগুণ আইল’ ৰে’ অসমত চলি অহা হোলী গীতৰ কথাৰে অপৰূপ চিত্ৰায়ন আৰু সুমধুৰ কন্ঠেৰে সৃষ্ট এটা গীত৷ বালি চাপৰিৰ শুভ্ৰতাৰ মাজত হোলীৰ নানৰঙৰ সমাবেশ, ৰিব ৰিব ফাগুণৰ পছোৱা বা আৰু প্ৰকৃতিৰ ৰং-ৰূপক আকোঁৱালি ল’ব খোঁজা এদল মানুহৰ কি এক অপূৰ্ব চিত্ৰায়ন! অসমীয়া ভাষাত এনে অভিনৱ আৰু কলাসুলভ গানৰ ভিডিঅ’ কমেই দেখিছোঁ৷ Cultivators সকলৰ পৰা অনাগত দিনত এনেকুৱাই আৰু গীত পাম বুলি আশা কৰিছোঁ৷

৩) Ai'n'e Undak | মিৰিউদ  
ৰচনা: মিৰান এচ টি (Miran ST)
কন্ঠ: পবা গৌৰব (Poba Gourab)
সংগীত: অনুপ কলিতা

শুনিলেই মন-প্ৰাণ মুহি যোৱা এটা মিচিং গীত৷ পবা গৌৰবৰ কি অপুৰ্ব কন্ঠ! পিছে দুখৰ (হয়তো লাজৰো) কথা, এটা শব্দও বুজি নাপাওঁ! কিন্তু গীতটো আজিলৈকে কিমান বাৰ শুনিছোঁ আৰু চাইছোঁ হিচাপ নাই৷ গতিকে এইটো প্ৰিয় গীত নহৈ কেনেকৈ পাৰে! আশা কৰোঁ, মিৰিউদে এদিন গীতবোৰত চাবটাইটল অন্তৰ্ভুক্ত কৰিব৷ অথবা ভৱিষ্যতে এদিন নিজেও মিচিং ভাষা শিকিমগৈ৷



৪) নক্ষত্ৰ
ৰচনা: অভি শইকীয়া
কন্ঠ: শাংকুৰাজ কোঁৱৰ

যোৱাবছৰৰ ’জলপ্ৰপাত’ৰ পিছত নক্ষত্ৰ ৰেইনফৰেষ্ট ৰেকৰ্ডছৰ আন এটি অপূৰ্ব নিবেদন৷  অভি শইকীয়াৰ অপূৰ্ব ৰচনা আৰু শংকুৰাজৰ কন্ঠৰ যুঁটিয়ে নিশাৰ আকাশৰ সহস্ৰ নক্ষত্ৰৰ খেলাক ৰূপক হিচাপে লৈ কঢ়িয়াই আনিছে মানুহৰ চিৰ অন্বেষণৰ বিক্ষিপ্ত অনুভৱবোৰ৷ নিষ্পাপ শৈশৱৰ সোঁৱৰণি আৰু বাস্তৱ জীৱনৰ হাঁহাকাৰবোৰৰ মাজত দুলি থকা গানটো যেন আমাৰ দৰে অজস্ৰজনে বুকুত লৈ ফুৰা এটা জীৱন্ত গান!



৫) মনগীত
ৰচনা: মানস মহন্ত
সুৰ আৰু কন্ঠ: নীলোৎপল বৰা আৰু পাপন

আজিৰ অশান্ত আৰু হিংসাজৰ্জৰিত পৃথিৱীৰ বিমুঢ় মনবোৰলৈ শান্তি আৰু সম্প্ৰীতিৰ বাণী কঢ়িয়াই অনা গীত মনগীত৷ মৰমৰ মাত এষাৰি আৰু অকণমান সহানুভূতিয়ে যে আমাক এখুঁজি দুখুঁজিকৈ আগুৱাই লৈ যাব পাৰে সমন্বয়ৰ বাটত৷ মাত্ৰ প্ৰয়োজন সঠিক দিশত খোঁজটো দিয়াৰ, ইজনে সিজনৰ প্ৰতি সহায়ৰ হাতখন আগবঢ়োৱাৰ৷ ইয়াতকৈ শক্তিশালী বাৰ্তা কি হ’ব পাৰে এই ৰুদ্ধশ্বাস সময়ত? নীলোৎপল আৰু পাপনৰ মনোমোহা কন্ঠ আৰু সুৰৰ কথা বেলেগকৈ দোহৰাৰ হয়তো প্ৰয়োজনেই নাই৷

৬)  ল’ৰালি
ৰচনা সুৰ আৰু কন্ঠ: শাংকুৰাজ কোঁৱৰ

বাস্তৱ জীৱনৰ ক্লান্ত এখন হৃদয়ে শৈশৱৰ সোঁৱৰণিৰ মাজত বিচাৰি যায় হেৰোৱা প্ৰশান্তি৷ শৈশৱতে যে কেনে এক নিষ্পাপ পৃথিৱীত আপোন পাহৰা হৈ ৰওঁ আমি৷ নষ্টালজিক সেই সময়খিনিকে কলা-বগা নানা চিত্ৰৰে জীৱন্ত কৰাৰ প্ৰচেষ্টা গায়কৰ৷ হেৰোৱা ল’ৰালি উভতাই পোৱাৰ হাঁহাকাৰৰ মাজতো আমি সকলোৱেই হয়তো স্বীকাৰ কৰি লওঁ শৈশৱৰ স্থান মাথোঁ সোঁৱৰণিত৷ স্বীকাৰ কৰি লওঁ ৰুঢ় বাস্তৱৰ মুখামুখি হ’লেই কাঁচৰ ঘৰৰ দৰে থনথনাই ভাঙি পৰিব সেই ল’ৰালিৰ সৌধ৷


৭) We shall overcome
ৰচনা: ৰাহুল গৌতম শৰ্মা
সুৰ আৰু কন্ঠ: অৰুপজ্যোতি বৰুৱা

হাজাৰ ধুমুহাই বাট ভেঁটিলেও আমি আগবাঢ়ি যাব লাগিব জীৱনৰ বাটত৷ এই প্ৰেৰণাদায়ক বাৰ্তাটোকে দি গৈছে অৰুপজ্যোতি বৰুৱাৰ কন্ঠৰ ’We shall overcome’ গানটোৱে৷ শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিশুসকলৰ সংগ্ৰাম আৰু সপোনৰ অপৰূপ চিত্ৰায়নেৰে ভিডিঅ’টোও আকৰ্ষণীয়৷ হাতে হাত ধৰি পোহৰৰ সন্ধানত জীৱন সংগ্ৰামত সাহসেৰে আগবাঢ়ি যোৱাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব গানটোৱে৷


৮) আজি ৰাতি

ৰচনা: অনুৰাধা শৰ্মা পূজাৰী
সুৰ: কাজল শৰ্মা
কন্ঠ: অনিন্দিতা পল

ভালপোৱাৰ নৈত উটি যোৱা এটি মায়াবী নিশাৰ মনোৰম চিত্ৰায়ণ ’আজি ৰাতি’৷ অনুৰাধা শৰ্মা পূজাৰীৰ অপূৰ্ব কথা আৰু অনিন্দিতা পলৰ সুমধুৰ কন্ঠই জীৱন্ত কৰি তুলিছে প্ৰেমৰ সেই চিৰন্তন ভাষা য’ত সময়ৰ আঁত হেৰাই যায়, য’ত একাকাৰ হৈ পৰে দুটি সত্তাৰ অবুজ আবেগ, পাৰ ভঙা বাসনা৷ গানটোত ৰূপকৰ ব্যৱহাৰ অনন্য! কপিল বৰা আৰু জেৰিফা ৱাহিদৰ অভিনয়েও গানটোৰ ভাৱ-ভাষা প্ৰতিফলিত কৰাত সফল হৈছে বুলি ভাৱো৷



৯) সৰু সৰু আশাবোৰ
ৰচনা, সুৰ আৰু কন্ঠ: তৰালী শৰ্মা


কেলেণ্ডাৰ ছবিখনৰ এটি গীত ’সৰু সৰু আশাবোৰ’৷ জীৱনৰ ৰং বিৰঙী আশা-হতাশা, সুখ-দুখ সকলো সামৰিও জীৱন উপভোগ কৰাৰ স্পৃহাক কঢ়িয়াই আনে গানটোৱে৷ বাৰে বাৰে সুখৰ বাটটোৰ আঁত হেৰায়, সপোন ভাগে থুনুকা কাঁচৰ দৰে আৰু উপেক্ষিত হৈ ৰয় অভিমানবোৰ৷ কিন্তু তৰালী শৰ্মাৰ শক্তিশালী কন্ঠই কৈ যায়, ’তথাপিও জীৱন, ভালপাওঁ তোক মই!”

১০)  সেউজীয়া
ৰচনা: জ্যোতি-বিষ্ণু আৰু ৰবীন্দ্ৰনাথৰ গীত
সুৰ আৰু কন্ঠ: অনিন্দিতা পল

’সেউজীয়া’ অনিন্দিতা পলৰ এটা সাহসী আৰু অভিনৱ প্ৰচেষ্টা৷ জ্যোতি-বিষ্ণু আৰু ৰবিন্দ্ৰনাথ ঠাকুৰৰ কেইবাটাও গানৰ সংমিশ্ৰণেৰে সেই কিম্বদন্তীসকলৰ গীতৰ মাজত আধুনিক এক উমৈহতীয়া সম্পৰ্ক আনিবলৈ চেষ্টা কৰিছে৷ এই প্ৰচেষ্টাত কালজয়ী গীতসমূহে যাতে স্বকীয় ৰূপ নেহেৰুৱায় তাৰ বাবেও সচেষ্ট হোৱা বাবে ভাল লাগিছে৷ অসমীয়া সংগীতত এনে পৰীক্ষামূলক আৰু সৎ প্ৰচেষ্টা হয়তো কম৷


বিশেষ উল্লেখ:


১) ৰৈ ৰৈ ধেমালি
সুৰ আৰু কন্ঠ: নীলোৎপল বৰা

পৰম্পৰাগত বিহুগীতকে আধুনিক চিত্ৰায়নেৰে তুলি ধৰিছে নীলোৎপল বৰুৱাই৷ যিকোনো বতৰতে অসমীয়াৰ হৃদয়লৈ বিহুৱা বা কঢ়িয়াই আনিব পৰা এটা গীত৷ সেয়ে বিশেষ উল্লেখ নকৰি নোৱাৰিলো৷



২) মই ভাগৰা নাই
ৰচনা: পাৰ্থজিত বৰুৱা
সুৰ আৰু কন্ঠ: জয় বৰুৱা

জীৱনৰ বিয়লি বেলা সোঁৱৰণিৰ মায়াৰে বাস্তৱৰ অৰ্থ বিচৰা এজন মানুহৰ প্ৰতিচ্ছৱি আঁকিছে গীতটোৱে৷ নিসন্দেহে ২০১৮ বছৰটোৰ এটা উল্লেখযোগ্য গীত৷


৩) চুই দিয়ানা
ৰচনা আৰু সুৰ: পলাশ সূৰ্য্য গগৈ
কন্ঠ: দীপলিনা ডেকা

এটা মনপৰশা ৰোমান্টিক গান৷ বিয়াৰ দুৱাৰদলিত এগৰাকী যুৱতীৰ হেঁপাহ আৰু সপোনবোৰক চিত্ৰায়ণ কৰিছে দীপলিনাই নিজে৷ গানটোৰ সুৰ অপূৰ্ব৷



বি: দ্ৰ: ইউটিউবত গীতকেইটিৰ প্লে’লিষ্ট

Tuesday 4 December 2018

অপূৰ্ব আয়াৰলেণ্ড (সপ্তম খণ্ড)

আয়াৰলেণ্ডত শেষ দিন৷ মোৰ জন্মদিনো! আহি পোৱাৰ দিনাই ঠিক কৰি থৈছিলো, এই দিনটো আয়াৰলেণ্ড ভ্ৰমণৰ সকলোতকৈ আকৰ্ষণীয় দিন হ'ব বুলি৷ এনে এটা দিন য'ত গতানুগতিক জীৱনৰ পৰা ক্ষন্তেকীয়া হ'লেও এটা বিৰতিয়ে নতুনকৈ মোক সোৱঁৰাই যাব এই পৃথিৱীৰ অপূৰ্ব ৰং ৰূপ৷ সোঁৱৰাই যাব আকৌ এবাৰ, জীৱন জীৱন বৰ অনুপম!

ভবাৰ দৰেই কাম৷ উত্তৰ আয়াৰলেণ্ডৰ একেবাৰে উত্তৰ পাৰলৈ এদিনীয়া ট্যুৰ এটা বুক কৰিলো৷ মেক কম্বচ ক'চ্চ ট্ৰেভেলত৷ যাত্ৰাৰ সময় আছিল পুৱা আঠ বজা৷ কেৰলৰ ঘৰৰ পৰা আধাঘন্টা আগতেই ওলাই খোঁজ দিলো৷ ভালকৈ ৰাতিপুওৱাই নাই তেতিয়া৷ বতৰ খুউব ডাৱৰীয়া৷ ভীষণ ঠাণ্ডাও৷ তেনেকৈয়ে কিছুপৰ ৰোৱাৰ পিছত বাছ আহিল৷ মোৰ লগতে কেইবাজনো পৰ্য্যটক উঠিল৷ 

বেলফাষ্টৰ পৰা জায়েন্ট ক’জৱে যাত্ৰাপথ

আমাক সম্ভাষণ জনালে বাছৰ ড্ৰাইভাৰ আয়ানে ৷ তেঁৱে ট্যুৰ গাইডো৷ প্ৰথমেই সুধিলে,
'Anyone's birthday today?'
মোৰ সন্মুখৰ আসনত বয়সস্থ মানুহ এহাল৷ মানুহজনে হাঁহিমুখেৰে হাত দাঙিলে৷

সকলোৱে তেওঁক শুভেচ্ছা দিলে৷ ক্ষন্তেকৰ বাবে ভাবিলো, ক'মনে আজি মোৰো জন্মদিন বুলি! নাই, নকওঁ৷ আজিৰ দিনটো কেৱল নিজৰ লগত কটাব খোজোঁ৷ চিনাকী- অচিনাকী সকলোৰে শুভেচ্ছা, ফোন- ইন্টাৰনেট সকলোৰে পৰা বহু আঁতৰত!

বাছখন বেলফাষ্ট চিটি চেন্টাৰৰ পৰা ওলাই মেৰাইন হাইৱে হৈ সাগৰৰ পাৰে পাৰে চলিবলৈ ল'লে৷


মনোমোহা মেৰাইন হাইৱে


আমাৰ সোঁহাতে কেভ হিল, বাওঁহাতে নীলিম সাগৰ৷ আয়ানৰ ড্ৰাইভিং চিটতে এটা স্পিকাৰ সংযুক্ত৷ তেওঁৰ আইৰিছ সুৰত ইংৰাজী কোৱাৰ ধৰণটো বৰ আগ্ৰহেৰে শুনিলো৷ তেওঁ যাত্ৰাটোৰ এটা আভাস দিলে৷ বেলফাষ্টৰ পৰা জায়েন্ট ক'জৱেলৈ প্ৰায় এশ কিলোমিটাৰ দূৰ, দুঘন্টাৰ বাট যদিও বাটে বাটে অন্য আকৰ্ষণবোৰো চাই যাম বাবে দুপৰৰ পিছতহে তাৰ পামগৈ৷

আধাঘন্টামানৰ পিছতে আমাৰ বাছ ৰ'লেগৈ আইৰিছ সাগৰৰ পাৰত কেৰিক ফাৰ্গাছ দুৰ্গ
 ৷ আয়ানে ক'লে,

এই সৰু টাউনখনৰ নামেই কেৰিক ফাৰ্গাছ৷ দুৰ্গটো প্ৰায় এহেজাৰ বছৰ পুৰণি৷ অ তীতত বিভিন্ন সময়ত নৰ্মান, স্কটিচ, ইংৰাজ আৰু ফৰাচী সকলে এই দুৰ্গটো দখল কৰিছিল৷'
আইৰিছ সাগৰৰ পাৰত কেৰিক ফাৰ্গিছ দুৰ্গ
খন্তেকৰ বাবে নামি দুৰ্গটো বাহিৰৰ পৰাই চালো৷ চাৰিওফালে ইটাৰ ৱালেৰে আগুৰা৷ সাগৰ পথেৰে অহা যিকোনো শত্ৰুক বাধা দিবলৈ সদা সষ্টম এটা দুৰ্গ৷ হয়তো কিমান অতীত কাহিনী সাঁচি ৰাখিছে দুৰ্গৰ প্ৰতিখন বেৰে, প্ৰতিখন দুৱাৰ-খিৰিকীয়ে! ইমান প্ৰাচীন যদিও প্ৰায় অক্ষত অৱস্থাত থকা দেখি ভাব হ'ল হয়তো মাজে সময়ে পুনৰ্নিমাণ হৈ আছে৷

আমাৰ বাছে পুনৰ যাত্ৰা আৰম্ভ কৰিলে৷ এইবাৰ ঘাইপথৰ দুয়োকাষে দেখা পালো চোতাল আৰু ফুলনি এখনেৰে সৈতে কেৱল এতলাৰ ঘৰবোৰ৷ ইংলেণ্ডৰ পৰম্পৰাগত ঘৰবোৰ সাধাৰণতেই কেইবামহলীয়া হয়৷ হয়তো মহানগৰৰ এই উপকন্ঠ অঞ্চলবোৰত এতিয়াও মাটিৰ দৰৰ জোৱাৰে গিলি পেলোৱা নাই!

আমাৰ লগে লগে এখন ৰামধেনু

আয়ানক সোধাত ক'লে,

'আয়াৰলেণ্ডৰ প্ৰায়বোৰ ঠাইত মাটিৰ দৰ ইংলেণ্ডৰ দৰে সুষম নহয়৷ মাটিৰ লগতে অঞ্চলটোৰ বহু কথাৰ ওপৰত নিৰ্ভৰ কৰে ক'ত মানুহে মাটি বা ঘৰ বিচাৰিব সেয়া৷ আগৰ হিংসাত্মক ঘটনাবোৰ শাম কাটিলে যদিও বেছিভাগ ঠাইত এতিয়াও ধৰ্মীয় আৰু ৰাজনৈতিক বিভেদ আঁতৰা নাই৷ ইংৰাজৰ অনুগত প্ৰটেষ্টান্ট লোকসকল আৰু জাতীয়তাবাদী কেথ'লিক লোকসকলে সিমান মিলামিছা নকৰে৷ গতিকে কিছুমান ঠাই এতিয়াও মাথোঁ কেথ'লিক আৰু কিছুমান মাথোঁ প্ৰটেষ্টান্ট হৈ ৰৈ গ'ল৷'

এইবাৰ সোঁহাতে শিলাময় পাহাৰ, বাওঁফালে সাগৰখন লৈ বাছখনে অকোঁৱা পকোৱা বাটেৰে গৈ থাকিল৷ শুকুলা ভেড়াৰ চৰণীয়া পথাৰবোৰ পাৰ হৈ কেইবাখনো সাগৰৰ পাৰৰ সৰু সৰু নগৰ দেখা পালো৷ আয়ানে ক’লে, ভেড়াপালন উত্তৰ আয়াৰলেণ্ডত জনপ্ৰিয় ব্যৱসায়৷ আয়াৰলেণ্ডৰ সাৰুৱা মাটি আৰু পৰ্য্যাপ্ত ঘাঁহনিৰ বাবে বহুতো খেতিয়কে ভেড়াপালন কৰিয়ে জীৱিকা অৰ্জন কৰিব পাৰে৷ বাটত পাই যোৱা সৰু সৰু সাগৰীয়া ঠাইবোৰৰ কাহিনীও আয়ানে বৰ শুৱলাকৈ কৈ গ’ল৷

বাছৰ পৰা দেখা পোৱা শুকুলা ভেড়াৰ চৰণীয়া পথাৰ
বতৰ ডাৱৰীয়া হৈয়ে ৰ'ল যদিও বৰষুণ নিদিয়া বাবে আমি আটায়ে সুখী হ'লো৷ এডোৰ বাট আমাক লগ দি গৈ থাকিল এখন সাতোৰঙী ৰামধেনু৷ ওলোমা দলংখন পোৱাৰ আগতে আমি পাৰ হ’লো বেলিকেছল নামৰ এখন সৰু চহৰ৷ আয়ানে ক’লে, আগতে পৰ্য্যটনৰ বাবে ব্যস্ত এখন চহৰ আছিল এই বেলিকেছল৷ কিন্তু  অৰ্থনেতিক মন্দাৱস্থাই সমগ্ৰ বিশ্বক কঁপাই যোৱাৰ সময়ত সেই উদ্যোগ ভাঙি পৰিল, বহুতো মানুহ অন্য ঠাইলৈ গুচি গ’ল জীৱিকাৰ সন্ধানত৷ অৱশ্যে এতিয়াও ইয়াত গ্ৰীষ্মকালত ভাড়াৰ বাবে বহুতো কাৰাভান ঘৰ পোৱা যায়৷ 

নিলীম সলিল ৰাশি আছে দুৰ-দিগন্ত বিয়পি
বাটৰ পৰাই সাগৰৰ সিপাৰে চকুত পৰিল ইংৰাজী এল আখৰটোৰ আকৃতিৰ এটা দীঘলীয়া দ্বীপ৷ নাম ৰ’থলিন দ্বীপ৷ প্ৰায় এশমান মানুহহে থাকে হেনো তাত৷ বেলিকেছলৰ পৰা তালৈ নিয়মীয়াকৈ ফেৰী চলে৷ তাত পাফিন চৰায়ে বাঁহ সাজেহি হেনো প্ৰতিবাৰে৷ সেইবাবে পক্ষী নীৰিক্ষকৰ বাবে এখন আকৰ্ষণীয় ঠাই৷ মোৰ ’ট্যু ডু’  তালিকাত মনতে যোগ দি থ’লো কথাটো৷ নিজ চকুৰে পাফিন চৰাই চাবলৈ পোৱাটো কেনে ভাগ্যৰ কথা হ’ব!

আইৰিছ সাগৰৰ ওপৰত ওলোমা সেঁতু

অৱশেষত আমি কেৰিক-এ-ৰিডৰ কাষ পালোগৈ৷ শাৰী শাৰী পৰ্য্যটকৰ গাড়ীৰ লগতে আমাৰ বাছো ৰ’লগৈ৷ গম পালো, তাৰ পৰা সেঁতুখন গৈ পাবলৈ বিছ মিনিট সাগৰৰ পাৰে পাৰে খোঁজকাঢ়িব লাগে৷ দলঙত উঠিবলৈ টিকট কৰি ল’লো সাত পাউণ্ডত, মানে আমাৰ হিচাপত ছশ টকা৷ 


আমি নামোগৈ মানে কিনকিনিয়াকৈ বৰষুণ এজাকো আৰম্ভ হ’ল৷ তথাপি মানুহৰ ভিৰ নকমিল৷ মানুহৰ লানি নিছিগা সোঁতত সোমাই পৰিলোগৈ৷ বাওঁফালে কেইবাফুট তলত সাগৰৰ ঢ়ৌৰ গৰ্জ্জন শুনি আৰু চাৰিওদিশৰ অপূৰ্ব প্ৰাকৃতিক দৃশ্য উপভোগ কৰি কেতিয়ানো সেঁতুৰ কাষ পালোগৈ গমকে নাপালো৷
গুগল আৰ্থত সেঁতুলৈ খোঁজেৰে অহা বাটছোৱা (ৰঙা পথটো)
মূল আয়াৰলেণ্ড আৰু কেৰিক-এ-ৰিড দ্বীপৰ শিলৰ সৰু পাহাৰ এটা সংযোগ কৰি বিশমিটাৰমান দীঘল এখন সেঁতু৷  প্ৰায় এশ ফুট তলত সাগৰৰ পানীৰ গৰ্জন! প্ৰতিবছৰে এই সেঁতুত  উঠাৰ অভিজ্ঞতা ল’বলৈ ইয়ালৈ হেনো পাঁচলাখ পৰ্যন্ত মানুহ আহে৷ প্ৰায় তিনিশ বছৰ পূৰ্বে এই সেঁতু খন চালম’ন মাছুৱৈ সকলে সাজিছিল ৷ পিছত কেইবাবৰো সেঁতুখনৰ মেৰামতি কৰিছে৷  কেৰিক-এ-ৰিড দ্বীপটোত মাথোঁ এটা ঘৰ আছে য’ত মাছুৱৈ সকল কেতিয়াবা থাকেগৈ৷ আমি যোৱাৰ দিনা বতৰ বেয়া বাবে দ্বীপটোলৈ যোৱাৰ অনুমতি নাছিল৷  
মায়াপুৰী! সাগৰৰ সিপাৰে ৰ’থলিন দ্বীপ, সন্মুখত কেৰিক-এ-ৰিড দ্বীপ
সেঁতুত উঠিবলৈ কিছু সময় ৰ’ৱ লাগে৷ এটা দল পাৰ হোৱাৰ পিছত সিপাৰে ৰৈ থকা অন্য এটা দলক উভতি আহিবলৈ দিছে৷ তাৰপিছত হে দ্বিতীয় এটা দলে আকৌ পাৰ হ’ব পাৰে৷ কিছুপৰ ৰৈ এটা সৰু দলৰ সৈতে ভৰি থ’লো ওলোমা সেঁতুখনত৷ কেইমিনিটমানৰ বাট মাথোঁ৷ কিন্তু ৰছীৰ মাজৰ সুৰুঙাৰে তললৈ চাই পঠিয়ালে বুকু কঁপি যোৱাকৈ গৰজি আছে সাগৰখনে! শ্বাসৰুদ্ধকাৰী এটা অভিজ্ঞতা!

পাৰ হৈয়ে সিপাৰৰ পৰা পিছত অহাসকলৰ ৰূপ চাই আমোদ ল’লো৷ দুগৰাকীমান বয়সস্থ মহিলাই চিৎকাৰ কৰি উঠিল সেঁতুত ভৰি দিয়েই৷ শুনিলো, কেইবাবাৰো এনেকুৱা ঘটনাও ঘটিছে য’ত এবাৰ পাৰহৈ দ্বীপটো গৈ পোৱা মানুহৰ দলঙেদি ঘুৰি আহিবলৈ সাহস নোহোৱাৰ বাবে নাৱেদি উভতাই আনিছে৷ তথাপিও সেই উত্তেজনা, সেই আবেগৰ সৈতে মুখামুখি হোৱাৰ বাসনাই এই ঠাইলৈ টানি আনিছে অসংখ্য মানুহক! 
কেৰিক-এ-ৰিড ওলোমা সেঁতু
বিখ্যাত কবি ছিমাছ হিনীৰ কবিতাতো এই সেঁতুখনে ঠাই পাইছে৷

’A lone figure is waving
From the thin line of a bridge
Of ropes and slates, slung
Dangerously out between
The cliff-top and the pillar rock.
– A Postcard from North Antrim, 1978.

আকাশ আৰু সাগৰৰ লুকাভাকুৰ মাজত সপোন সপোন লগা এটা পৰিৱেশত ওলোমা সেঁতুখনৰ অভিজ্ঞতাই অন্য সকলোৰে দৰে মোকো যেন নিমিষতে প্ৰাণোচ্ছল কৰি থৈ গ’ল৷ প’ষ্টকাৰ্ডৰ দৰে লগা সাগৰৰ মাজৰ অপূৰ্ব শিলাখণ্ড, নীলিম সাগৰ, অদুৰৰ ৰ’থলিন দ্বীপ- সকলোবোৰৰ মনোমোহা দৃশ্য হেঁপাহ পলুৱাই উপভোগ কৰিলোঁ৷  এটা বিস্মিত আৰু পৰিতৃপ্ত মন লৈ উভতনি খোঁজ দিলো বাছলৈ বুলি৷


পৰৱৰ্ত্তী খণ্ড:অবিশ্বাস্য জায়েন্টছ ক’জৱে

Sunday 2 December 2018

অপূৰ্ব আয়াৰলেণ্ড (ষষ্ঠ খণ্ড)

গালিভাৰৰ জন্মস্থানত

বেলফাষ্ট থকাৰ সময়তে এদিন বান্ধৱী তাম্মাৰ ফোন আহিল৷ মই বেলফাষ্টত আছোঁ বুলি জানি তাই উৎসাহেৰে কৈ উঠিল,

’Don't miss the Cave Hills! তাৰ শিখৰৰ পৰা বেলফাষ্টৰ দৃশ্য চাবলগীয়া!’

বাছেৰে কেভ হিললৈ বুলি
তাম্মা যোৱাবছৰ বেলফাষ্টলৈ আহিছিল৷ দীঘলীয়াকৈ কিছু সময় কটাই ইয়াৰ চুকে কোণে ফুৰি গৈছিল তাই৷ তায়ে ক’লে, এই কেভ হিলৰে একাংশ সাগৰৰ পৰা বিয়াগোম মানুহ এজনৰ নাক যেন দেখা পাই জনাথান ছুইফটে ’গালিভাৰছ ট্ৰেভেলছ’ ৰ প্ৰেৰণা পাইছিল! ইমান দূৰ আহি গালিভাৰৰ প্ৰকৃত জন্মস্থানো নোচোৱাকৈ উভতি যামনে! গতিকে এদিন কেভ পাহাৰলৈ বুলি ওলাই আহিলো৷  

কেভ পাহাৰটো আছে বেলফাষ্টৰ উপকন্ঠত৷ গুগুল মেপৰ নিৰ্দেশনা মতে আপাৰ কুইন ৰ’ডত  এক নম্বৰ বাছত উঠিলোগৈ৷ ইংলেণ্ডৰ দৰেই দুমহলীয়া বাছ৷ ড্ৰাইভাৰজনক ক’লো, কেভ হিললৈ যাব খোঁজো৷ তেওঁ ক’লে, নৰ্থ চাৰ্কোলাৰ ৰ’ডৰ ষ্টপ পালে বাছৰ সন্মুখলৈ আহিবলৈ৷ তেতিয়া তেঁৱে দেখুৱাই দিব ক’ৰ পৰা কেনেকৈ যাব লাগে৷ 

বাছেৰে কমেও আধাঘন্টাৰ বাট৷ গতিকে ওপৰৰ মহলাত একেবাৰে সন্মুখৰ আসনত আৰামৰে বহি ল’লোগৈ৷ সন্মুখৰ পৰা ভালকৈ সকলোবোৰ চাই যাব পাৰিম বুলিয়ে৷ 

চিটি চেন্টাৰৰ পৰা ওলাই বাছখন আহল-বহল ঘাইপথেৰে আগবাঢ়িল৷ শৰতক আদৰি সোণাৰু হালধীয়া হৈ পৰা বাটৰ দুয়োকাষৰ গছবোৰে পিছলৈ বাট বুলিলে৷ বাটত কেইবাটাও আকৰ্ষণীয় ষ্ট্ৰীট আৰ্ট চকুত পৰিল৷ ব্ৰিটেইনৰ বহুতো মহানগৰত মন কৰিছোঁ, বেৰঙী চুক কোণবোৰ আকৰ্ষণীয় কৰি পোহৰাই তুলিবলৈ কাউন্সিল (আমাৰ তাৰ পৌৰসভাৰ দৰে)-এ ষ্ট্ৰীট আৰ্টক মাধ্যম কৰি লৈছে৷ মহানগৰখন দেখিবলৈতো ধুনীয়া হয়ে, লগতে এইবোৰ পৰ্য্যটনৰো এটা উৎস হৈ পৰে৷
বেলফাষ্টত শৰতৰ আগমণ
ওপৰৰ পৰাই মাজে মাজে বাছ ষ্টপবোৰ মন কৰি গ’লো৷ ইংলেণ্ডৰ দৰেই ইয়াৰো বাছবোৰৰ প্ৰত্যেকটো আসনত ’ষ্টপ’ চুইছ থাকে৷ বাছ ষ্টপ পোৱাৰ আগতে কোনোবাই সেইটো টিপিলেহে বাছখন ৰখায়৷ নামিবলৈ বা উঠিবলৈ কোনো যাত্ৰী নাথাকিলে নিৰ্ধাৰিত ষ্টপবোৰতো বাছ নৰয়৷ গতিকে ড্ৰাইভাৰজনে কোৱাৰ দৰেই নিৰ্দিষ্ট ষ্টপ পোৱাৰ পিছত তললৈ নামি গৈ তেওঁৰ কাষত থিয় দিলোগৈ৷ তেওঁ মিহিকৈ হাঁহি মাত লগালে,

’Your stop is right after this one.'

নামিবৰ পৰত তেওঁ ক’লে,

’সেই যে সন্মুখত ব’ৰ্ডখন দেখিছা, তাৰ পৰা বাওঁহাতে পোনে পোনে ওপৰলৈ গৈ থাকিলেই পাবাগৈ৷’


বেলফাষ্ট দুৰ্গ
তেওঁ কোৱাৰ দৰেই ওপৰলৈ দহমিনিট মান খোঁজকাঢ়িলো৷ বাটৰ দু্য়োফালে আটোমটোকাৰি ঘৰ কিছুমান৷ প্ৰায়বোৰৰে সন্মুখত অকণমানকৈ ফুলনি৷ ইয়াত ঠাইৰ অভাৱ কাৰণেই নেকি মানুহে বৰ পৰিকল্পিতভাৱে ঘৰৰ বাহিৰে-ভিতৰে সকলোবোৰ ঠাই ব্যৱহাৰ কৰে৷ সেয়ে অকণমান ঠাইতে বিচৰা সকলোবোৰ কৰি লোৱাৰ উদাহৰণ ঘৰে ঘৰে দেখা পাওঁ৷

কিছুদূৰ গৈয়ে এখন গেইট পালোগৈ৷ কেভ হিল কান্ত্ৰি পাৰ্কৰ সীমা তাৰ পৰাই আৰম্ভ হৈছে৷ বিশাল অঞ্চলটোৰ ভিতৰতে আছে বেলফাষ্ট দুৰ্গ, উদ্যানখন আৰু সমগ্ৰ পাহাৰটো৷ প্ৰথমেই দুৰ্গটোলৈকে আগবাঢ়িলো৷ 

এখন সৰু উদ্যানেৰে প্ৰকাণ্ড দুৰ্গটো৷ গম পালো নৰ্মানসকলে আঠশ বছৰ পুৰ্বে বনোৱা বেলফাষ্ট দুৰ্গটো জুইত ধ্বংস হোৱাৰ পিছত এইটো দুৰ্গ তিনিশ বছৰৰ আগতেহে নিৰ্মাণ কৰি উলিয়াইছে৷ দুৰ্গটোত এতিয়া সংগ্ৰহালয় আছে, লগতে বিয়া, পাৰ্টি আদিও হয়৷

ভিতৰলৈ নগৈ সন্মুখৰ উদ্যানখনতে কিছুপৰ বহিলো৷ তাৰ পৰা বেলফাষ্ট মহানগৰৰ সৈতে আইৰিছ সাগৰৰ মনোমোহা দৃশ্য চাই ভাল লাগিল৷ ক্ষন্তেক পিছতে ওলাই আহিলো মোৰ মূল লক্ষ্যস্থানলৈ বুলি৷ 

কেভ হিলৰ বিভিন্ন পথৰ মেপ
দূৰ্গৰ ওচৰতে এখন মেপ দেখা পাই পাহাৰৰ ট্ৰেকিং পথকেইটা ভালদৰে চাই ল’লো৷ ইচ্ছা অনুযায়ী তিনিটা পথ লোৱাৰ সুবিধা আছে- ষ্টেট ট্ৰেইল, কেভ হিল ট্ৰেইল আৰু কেছ’ল ট্ৰেইল ৷ তিনিওটাৰ ভিতৰত আটাইতকৈ দীঘল আৰু প্ৰত্যহ্বানমূলক ট্ৰেইল হ’ল কেভ হিল ট্ৰেইলটো৷ সাত কিলোমিটাৰ জুৰা এটা বৃত্তাকাৰ পথ৷ কিন্তু এইটোৰে গ’লেহে প্ৰায়বোৰ আকৰ্ষণীয় ঠাই চাবলৈ সুবিধা পাম৷ সেয়ে ঠইক কৰিলো, দিনটো হাতত আছে যেতিয়া সেই বাটেৰেই যাওঁ৷




পাইনৰ কাঠনি
ঠায়ে ঠায়ে থকা সেউজীয়া কাড় চিনবোৰ অনুসৰণ কৰি আগবাঢ়িলো৷ নিজম নিতাল পৰিৱেশ৷ মাজে মাজে চৰাইৰ কিছৰ মিছিৰ৷ শৰতক আদৰি প্ৰায়বোৰ গছেই ৰং সলাইছে৷ শীতৰ বাবে যা-যোগাৰ আৰম্ভ কৰিছে৷ প্ৰথমে কিছু জোপোহা গছৰ অৰণ্যৰ মাজেৰে গৈ পাইন গছৰ কাঠনিত সোমালোগৈ৷ মাজে মাজে দুই এজন মানুহ দেখা পালো৷ ওপৰৰ পৰা নামি আহি আছে৷ সকলোৱে ’হাই-হেল্ল’ কৈ মাতি দি থৈ গ’ল৷ 

পাইনৰ কাঠনিৰ পৰা ওলাই এডোখৰ সৰু মুকলি সমতল৷ ঘাঁহনিৰে ভৰা৷ ইয়াত এইবোৰক মোৰলেণ্ড বুলি কয়৷ চূণশিলৰ খনি এটাও চকুত পৰিল৷  চাৰিওফালে চাই আপ্লুত হৈ পৰিলো৷ পৰিস্কাৰ আকাশ নহ’লেও ডাৱৰৰ লুকাভাকুৰ মাজেৰে এফালে দেখা পালো বেলফাষ্ট মহানগৰখন, আনফালে আইৰিছ সাগৰ! কি অপূৰ্ব দৃশ্য!

কেভ হিলৰ তলত বেলফাষ্ট মহানগৰ
কিছুপৰ ফটো লোৱাত ব্যস্ত হৈ পৰিলো৷ এইখিনিৰ পৰা কিছু থিয় পাহাৰটো৷ গতিকে কিছু ওপৰলৈ বগাব লগা হ’ল৷ অৱশ্যে সাগৰৰ নিৰ্মল বতাহজাকে বাৰে বাৰে দেহ-মন সতেজ কৰি গ’লহি৷ এফালে এখন বেঁৰা দেখা পালো৷ বেঁৰাৰ সিপাৰে কেইটামান গৰু৷ হয়তো কাৰোবাৰ ব্যক্তিগত ফাৰ্ম৷ তাৰ কাষে কাষে ঘাঁহনিৰে কিছুদূৰ খোঁজ দিয়ে দেখা পালো মেকআৰ্টৰ দুৰ্গটো (McArt’s Fort)৷ কেভ পাহাৰৰ শিখৰ এই মেকআৰ্টৰ দুৰ্গ৷ এসময়ত এই দূৰ্গৰ পৰাই বেলফাষ্টৰ প্ৰতিৰক্ষাৰ বাবে বহুতো যুদ্ধ হৈছিল হেনো৷  
মেক আৰ্টৰ দুৰ্গৰ পৰা দৃশ্য
দুৰ্গটোৰ অকণমান সমান ঠাই৷ শিখৰ বাবে বতাহৰ জোৰো বহুত৷ তেনেকৈয়ে কাণ-মূৰ ঢ়াকি বহুপৰ তাতে বহি ৰ’লো৷  তলৰ পুতলাঘৰ যেন দেখা দিয়া মহানগৰৰ অট্টালিকাবোৰ, বাটেৰে অহৰহ চলি থকা গাড়ী-মটৰ,  পাৰাপাৰহীন সাগৰ চাই চাই কি যে এক অনুভৱে মোক জোকাৰি গ’ল! সেই ব্যস্ত পৃথিৱীৰ পৰা বহু দূৰৈত এই নিৰিবিলি শান্ত পাহাৰৰ বিশালতাইহে যেন উপলব্ধি কৰাই দিলে, কিমান ক্ষুদ্ৰ এই জীৱন আৰু জীৱনৰ পোৱা নোপোৱাৰ হিচাপবোৰ! জীৱনটো নিৰপেক্ষভাৱে চাবলৈ বহুসময়ত কিজানি প্ৰয়োজন হয় দৈনন্দিন জীৱনৰ পৰা ক্ষন্তেকীয়া দুৰত্বৰ৷ প্ৰয়োজন হয়, হৃদয়ৰ কোলাহলবোৰক বাট এৰি দিবলৈ এসাগৰ মৌনতা আৰু দেহৰ ভিতৰে বাহিৰে প্ৰশান্তিৰ ধল বোৱাই আনিব পৰা এনেকুৱা এজাক বতাহৰ৷ কিয় জানো, এনে মুহুৰ্ত্তবোৰত নিজকে খুউব ভাগ্যৱান যেন লাগি যায়! ইচ্ছা হ’ল বুলিয়েই যে গুচি আহিব পাৰোঁ এনেকৈয়ে প্ৰকৃতিৰ কোলালৈ আৰু নিজৰ মাজলৈ! কোনো দিশতে কাৰো ওচৰত কৈফিয়ৎ নিদিয়াকৈ কেৱল নিজৰ যুক্তি-ভাৱনাৰে জীয়াই থাকিব পৰাটোৱেটো আজিৰ দিনত আটাইতকৈ টান কাম!
ডেভিলছ পান্সবাউল ঠাইখন
মেকআৰ্টৰ দুৰ্গৰ পৰাই দেখিলোঁ থিয় পথ এটাৰে বাওঁহাতে নামি গ’লে দুটামান গুহা৷ মনত পৰিল, মেক আৰ্টৰ দুৰ্গৰ পৰা ঘপকৈ নামি আকৌ গুহাৰ ওচৰত ওপৰলৈ যোৱাত বাতিৰ দৰে দেখাৰ কাৰণে এই ঠাইডোখৰৰ নাম  ’Devil’s Punchbowl’৷ বিপৰীতফালৰ পৰা কিছুমান মানুহ ওপৰলৈ আহি গুহাবোৰ চোৱা দেখা পালো৷ কিন্তু এইফালৰ পৰা কোনোৱে চোন যোৱা নাই৷ হয়তো নামি যোৱা পথটো খুউব থিয় বাবে৷ 
কেভ হিলৰ গুহা


কাঠনিৰ মাজেৰে
মুকলি মন এটা লৈ সেইবাটেৰেই মই নামি গ’লো৷ ভবাৰ দৰে পথটো কঠিন যেন নালাগিল৷ কেইমিনিটমানৰ ভিতৰতে গুহা কেইটা পালোগৈ৷ পথৰ শেষৰ গুহাটোৰ ওপৰতো আৰু দুটা গুহা৷ যুদ্ধৰ সময়ত হেনো ইয়াতে সৈনিকবোৰে ৰচদ-পাতি লুকুৱাই ৰাখিছিল৷ ভিতৰখন জুমি চাওঁ বুলিয়ে গুহাটোৰ মুখখনলৈ উঠিবলৈ বৃথা চেষ্টা এটা কৰিলো৷ শিলবোৰ খুউব পিছল হৈ আছিল৷ কেনেবাকৈ পিছল খালে সহায় কৰিবলৈ আশে পাশে কোনো মানুহো নেদেখিলো৷ অগ্যতা সেই ইচ্ছা বাদ দিবলৈ বাধ্য হ’লো৷

তাৰ পৰা নামিয়ে আকৌ অ’ক আৰু পাইনেৰে ভৰা কাঠনি এখনত সোমাই পৰিলো৷ এইটো বাটত যথেষ্ট মানুহৰ আহ-যাহ৷ হয়তো ইয়াৰ পৰাই অন্য ঠাইতো ওলাবগৈ পাৰি৷ মাউন্টেইন বাইক লৈ ওপৰলৈ চলাই যোৱা ডেকা ল’ৰাৰ দল এটাও লগ পালো৷ তাৰ বাহিৰে প্ৰায়ভাগ কুকুৰ লৈ অহা বৃদ্ধ, মহিলা আৰু আদহীয়া মানুহ৷ কুকুৰ যেন ইয়াৰ যান্ত্ৰিক জীৱনবোৰত প্ৰাণচাঞ্চল্য ধৰি ৰখাৰ একমাত্ৰ ভৰসা৷ কেতিয়াবা ভাৱ হয়, সকলোৱে যেন নিজৰ পোহনীয়া কুকুৰটোলৈকে এৰি দিয়ে সকলো আবেগ- জীৱনৰ হা-হুতাহ, সুখ-দুখ আৰু হেঁপাহ৷ 



তললৈ নমাৰ বাবেই কিজানি কম সময়তে উভতি আহি বেলফাষ্ট দুৰ্গৰ ওচৰ পালোহি যেন লাগিল৷ বেলফাষ্টত সন্ধিয়া নামিবৰ হৈছে তেতিয়া৷ এটা পৰিতৃপ্ত মন লৈ বাছৰ বাবে ষ্টেণ্ডত ৰ’লোগৈ৷ মহানগৰমুখী বাছখন আহিবলৈ তেতিয়াও কিছু সময় বাকী৷
কেভ হিলত শৰত



Saturday 1 December 2018

অপূৰ্ব আয়াৰলেণ্ড (পঞ্চম খণ্ড)

চিটি চেন্টাৰত জুই


ৱাকিং ট্যুৰৰ গাইড মেথিউৰ সৈতে আমি চিটি চেন্টাৰৰ মূল বজাৰ অঞ্চলটো পালোহি৷ তাতে  দেখা পালো, জুইৰ গ্ৰাসত পৰা এটা সুবৃহৎ অট্টালিকা সকলোফালে বেৰা দি আৱৰি থোৱা আছে৷

মেথিউক সোধাত ক’লে, ’এইটো প্ৰিমাৰ্ক বিল্ডিং আছিল৷
তিনিশ বছৰ পুৰণি এটা ঐতিহাসিক অট্টালিকা৷ ত্ৰিশবছৰমান আগতেহে প্ৰিমাৰ্কে লয়৷’

প্ৰিমাৰ্ক এটা আইৰিছ ফেশ্বন ৰিটেইলাৰ৷ পঞ্চাছবছৰমানৰ আগতে প্ৰথমে ডাবলিনত প্ৰতিষ্ঠা হৈছিল আৰু এতিয়া ব্ৰিটেইনৰ প্ৰতিখন মহানগৰতে প্ৰিমাৰ্ক ব্ৰিটিছসকলৰ আটাইতকৈ প্ৰিয় আৰু সহজলভ্য শ্ব’ৰুম৷ আমাৰ তাৰ বিশাল মেগামাৰ্টৰ দৰে!

মেথিউয়ে ঘটনাটোৰ কথা ক’লে,
’যোৱা 
আগষ্ট মাহত বিল্ডিংটোৰ আটাইতকৈ ওপৰৰ ফ্ল’ৰটোত মেৰামতিৰ কাম চলি আছিল৷ তাৰে পৰাই কেনেবাকৈ জুই কাঠৰ বীমত লাগি গোটেইটোত বিয়পি পৰিল৷
জুইৰ গ্ৰাসত প্ৰিমাৰ্ক
কাৰো জীৱনৰ ক্ষয়-ক্ষতি নহ’ল যদিও এই জুই নুমুৱাওঁতে তিনিদিন লাগিল৷এতিয়া চাৰিওফালে পুলিচে বেঁৰা দি পেলোৱাত আশে পাশে থকা শ্ব’ৰুমবোৰলৈকো মানুহে ঘুৰি পকি যাব লগাত পৰিছে৷’

আমোদজনকভাৱে গম পালো, প্ৰিমাৰ্কৰ এই জুই আৰু বেঁৰৰ বাধাই হঠাতে বেলফাষ্টৰ চিটি চেন্টাৰতে বাণিজ্য হেনো আশী শতাংশ কমাই পেলালে! বাতৰিত ওলোৱামতে  ঘুৰি পকি কাষৰ ঠাইবোৰলৈ যাব লগা হোৱা কাৰণেই বেলফাষ্টৰ চিটি চেন্টাৰলৈ স্থানীয় লোকসকল মানুহ অহা কমি গ’ল৷ 

ব্ৰিটেইনত দেখিছোঁ অগ্নিসুৰক্ষা সকলো ঠাইতে খুউব গুৰুতৰ বুলি গণ্য কৰে ৷ আমাৰ বিশ্ববিদ্যালয়তে নিয়মীয়াকৈ ফায়াৰ ড্ৰিল হয়৷ সময়ে সময়ে সকলোৱে ফায়াৰ চেফটিৰ মূল্যায়নত ভাগ ল’বলগীয়া হয়৷ প্ৰতিটো বিল্ডিঙতে কেনেবাকৈ জুই লাগিলে ওলাই গৈ ৰ’ৱলগীয়া নিৰাপদ ঠাই (assembly point)ৰ নিৰ্দেশ থাকে৷ প্ৰতিটো ঘৰত, এপাৰ্টমেন্টতো ফায়াৰ এলাৰ্ম থকাটো বাধ্যতামূলক৷ যোৱাবছৰৰ লণ্ডনৰ গ্ৰেনফেল টাৱাৰৰ জুইৰ ঘটনাৰ পিছত আগতকৈ বেছি সচেতন হৈ পৰিছে সকলো৷

মনোমোহা কমাৰ্চিয়েল কৰ্ট

চিটি চেন্টাৰৰ বজাৰ এৰি আমাৰ দলটো এইবাৰ এটা সৰু বাটৰ সন্মুখত ৰ’লগৈ৷ দুশাৰী ঘৰৰ মাজেৰে যোৱা বাটটোৰ দুয়োকাষে ৰঙা বেঞ্চ৷ দুয়োফালে ঘৰবোৰ ফুলৰ টাবেৰে, নানা ফলকেৰে আটকধুনীয়াকৈ সঁজাই থৈছে৷ বাওঁহাতে ঘৰৰ বেৰত বহুতো ষ্ট্ৰীটৰ নাম- ফৰচুনা ষ্ট্ৰীট, চাৰ্লি ভিলে ষ্ট্ৰীট, ক্ল’নি ষ্ট্ৰীট ইত্যাদি৷

মেথিউয়ে তাতে ৰৈ সুধিলে৷
’কোনোবাই ষ্ট্ৰীট উইথ ন’ নেমছ গানটো শুনিছেনে?’

দুজনমানে মূৰ জোঁকাৰিলে৷ আমি বেছিভাগেই শুনা নাই৷
’সেই গানটোও আয়াৰলেণ্ডৰ সেই ট্ৰাবলছৰ সময়খিনি সুঁৱৰি ৰচা৷ সেইসময়ত আইৰিছ বিপ্লৱীসকলে বেলফাষ্টৰ আশে পাশে বহুতো বাটৰ নামবোৰ অঁতৰাই পেলাইছিল৷ উদেশ্য আছিল স্বাধীনতা সংগ্ৰাম দমন কৰিবলৈ পঠোৱা ব্ৰিটিছ সেনাসকলক অপৰিচিত ঠাইত বিবুদ্ধিত পেলোৱা৷ এই স্মৃতিকে সজীৱ কৰি ৰাখিবলৈ এই বাটটোত সকলোবোৰ ষ্ট্ৰীটৰ নাম ৰখা হৈছে৷'

বেলফাষ্টৰ আটাইতকৈ পুৰণি পাবখন
গতিকে কমাৰ্চিয়েল কৰ্টত মোৰ পৰিচয় ঘটিল অন্য এটা কালজয়ী গীতেৰে

I want to run, I want to hide
I want to tear down the walls that hold me inside
I wanna reach out and touch the flame
Where the streets have no name

I want to feel sunlight on my face
I see that dust cloud disappear without a trace
I wanna take shelter from the poison rain
Where the streets have no name, oh oh

Where the streets have no name
Where the streets have no name
We're still building then burning down love
Burning down love
And when I go there, I go there with you
It's all I can do

ডাৰ্ক হৰ্ছ পাবৰ আটকধুনীয়া বাটচ’ৰা
বাটটোৰ দুয়োকাষে লগালগিকৈ কেইবাখনো পাব৷ নামবোৰ আমোদজনক- ’ডিউক অব য়ৰ্ক’, ’ডাৰ্ক হৰ্ছ’, ’ডাৰ্টি অনিয়ন’, ’থাৰ্ষ্টি গ’ট’,  ’হাৰ্প বাৰ’ ইত্যাদি ৷ মেথিউয়ে ক’লে, ইয়াত বিখ্যাত আইৰিছ বিয়েৰ আৰু অ’টছ চাইডাৰ পোৱা যায়৷ সেই কেঁকুৰিটোতে ৰং বিৰঙী ছাতি ওলোমাই বৰ সুন্দৰকৈ সজাই থোৱা এটা বাটচ’ৰা দেখা পালো৷ বাটচ’ৰাটোৰ দুয়োকাষে থকা বেৰত ৰঙীণ ছৱি৷ সোমাইগৈ পালোগৈ এখন আকৰ্ষণীয় চোতাল! চাৰিওফালে ৰঙীণ ছৱি আৰু কাহিনীতে সাংঘাতিক ধুনীয়াকৈ সজাই ৰাখিছে৷

প্ৰতিখন পাবতে সন্ধিয়া লাইভ আইৰিছ সংগীতৰ অনুষ্ঠান হয়৷ গতিকে ৰাতিহে সাৰ পাই উঠে এই ঠাই আৰু শেষ নিশালৈকে মানুহেৰে গিজগিজাই থাকে৷ 
ডাৰ্ক হৰ্ছ পাবৰ মনোমোহা পাছচোতাল

বিগ ফিছ

লগান নদীৰ পাৰত দেখিলো দহ মিটাৰ দীঘল এটা চালমন মাছ৷ মাছটোৰ নীলা বাকলিবোৰ চেৰামিক টাইলছৰ৷ প্ৰতিখন টাইলতে বেলফাষ্টৰ ইতিহাসৰ বিভিন্ন প্ৰতিচ্ছৱি৷ 

দ্য বিগ ছালমন ফিছ অব ন’লেজ

ভাৱ হ’ল, এই মহানগৰে সঁচাই সযতনে জীয়াই ৰাখিছে অতীতক, আপোন পৰিচয়ক৷ ইয়ালৈ অহা যিকোনো মানুহেই বাধ্য হ’ব আইৰিছ সকলৰ জাতীয়তাবোধক সন্মান কৰিবলৈ৷

বেলফাষ্ট টাইটানিক- টাইটানিকৰ সোঁৱৰণত গঢ়া সংগ্ৰহালয়

Wednesday 28 November 2018

অপূৰ্ব আয়াৰলেণ্ড (চতুৰ্থ খণ্ড)


আইৰিছ লিনেনৰ সুবাস

বেডফৰ্ড ষ্ট্ৰীট, বেলফাষ্ট৷ আমাৰ ৱাকিং ট্যুৰৰ দলটো লৈ গাইড মেথিউ ৰ’লগৈ এটা ডাঙৰ শ্ব’ ৰুমৰ সন্মুখত৷ ক’লে,

’এইখিনি  ঠাইক সকলোৱে বেলফাষ্টৰ লিনেন কোৱাৰ্টাৰ বা ইণ্ডাষ্ট্ৰীয়েল কোৱাৰ্টাৰ বুলি কয়৷ বিশ্ববিখ্যাত আইৰিছ লিনেন ইয়াৰে লিনেন মিলবোৰত উৎপাদন হৈছিল৷ লিনেন কিহৰ পৰা হয় জানেনে?’

’ফ্লেক্স?'-  লণ্ডনৰ ল’ৰাজনে মাত দিলে৷


আইৰিছ লিনেন (উৎস: billionairebespoke.com)
'ঠিকেই, ফ্লেক্স বনৰ কাণ্ডৰ পৰা সূতা উলিয়াই আইৰিছ লিনেন তৈয়াৰ কৰে৷ বেলফাষ্টৰ মাটি আৰু ঠাণ্ডা  জলবায়ু ফ্লেক্সৰ বাবে খুউব উপযোগী৷ আজিৰ পৰা এশ বছৰমানৰ আগলৈকে বহুতো থলুৱা আইৰিছ লোকৰ ফ্লেক্স বননিৰ খেতি আছিল৷ লিনেন মিলবোৰত বহুতো মহিলাই কাম কৰিছিল৷ সেই সময়ত মানুহে আনকি বেলফাষ্টক লিনেন’পলাছ বুলিও আখ্যা দিবলৈ লৈছিল৷

লিনেনৰ মসৃণ ৰূপটো পাবলৈ খুউব যত্নেৰে সূতা উলিয়াই ব’ব লগা হয়৷ সেয়ে সময়ো লাগে আৰু খাটনিও বেছি৷ গতিকে  চীনত বোৱা-কঁটাৰ মেচিন উদ্ভাৱনৰ লগে লগে কম সময়তে মেচিনত ব’ব পৰা কাপোৰৰ উৎপাদন আৰম্ভ হৈ পৰিল৷ তেনে কাপোৰৰ পয়োভৰে দামী আইৰিছ লিনেনৰ তাগিদা কমাই পেলালে আৰু এটা সময়ৰ সেই গৌৰৱোজ্জল ইতিহাস চকুৰ পচাৰতে হেৰাই গ’ল!’

আশে পাশে থকা বিশাল অট্টালিকাবোৰ দেখুৱাই মেথিউয়ে কৈ গ’ল,

’চাওক, তেতিয়াৰ এই লেনিন মিলবোৰ বেলফাষ্টত গঢ় লৈ উঠা পৰ্য্যটনৰ দাবীত প্ৰকাণ্ড হোটেললৈ ৰূপান্তৰিত কৰি পেলালে৷ মাত্ৰ ৰৈ গ’ল এতিয়া  আমাৰ সন্মুখত থকা এই শ্ব’ ৰুমটো! ইয়াৰ নামো আইৰিছ লিনেন উদ্যোগৰ গৌৰৱময় ইতিহাস সোঁৱৰি ৰখা হৈছে  লিনেন’পলিছ!’

আইৰিছ লিনেনৰ মহানগৰী লিনেন’পলিছ
এই ইতিহাসে মোৰ মনলৈ আনি দিলে ভাৰতৰ কপাহী সূতাৰ কাহিনী৷ হৰপ্পা সভ্যতাতে ভাৰতৰ বোৱাঁ কপাহী কাপোৰৰ বেহাই ইজিপ্টৰ নীল নদীৰ উপত্যকা স্পৰ্শ কৰিছিলগৈ৷  কিন্তু এই হস্ততাঁত উদ্যোগ ব্ৰিটেইনৰ উদ্যোগিক বিপ্লৱে উফৰাই পেলাইছিল একেবোৰ কাৰণতে৷ অৱশ্যে তাৰ লগতে ব্ৰিটিছৰ আক্ৰোশী নীতিও সমানেই জগৰীয়া৷

ষ্টেয়াৰৱে টু হেভেন

দুখোঁজমান আগবাঢ়িয়ে একেটা ষ্ট্ৰীটত দেখা পালোগৈ আলষ্টাৰ হ’ল৷ হ’লটোৰ সন্মুখত ৰৈ মেথিউয়ে আমাক প্ৰশ্ন কৰিলে,


’আপোনালোকৰ কোনোবাই লেড জেপেলিনৰ নাম শুনিছেনে?’

দুজনমানে মূৰ দুপিয়ালে৷ মোৰ বাবে সম্পূৰ্ণ অচিনাকি নাম! সেয়ে নিমাতে ৰ’লো৷ মেথিউয়ে কৈ গ’ল,
ঐতিহাসিক আলষ্টাৰ হ’ল

’লেড জেপেলিন এটা ইংৰাজ ৰক বেণ্ড৷ এই বেণ্ডটো সত্তৰৰ দশকৰ আটাইতকৈ জনপ্ৰিয় ৰক বেণ্ড বুলি বহুতে কয়৷ আমোদজনক কথাটো হ’ল তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে ১৯৭১ চনত এইটো হ’লতে ’Stairway to Heaven’ গানটো গাইছিল৷ এতিয়া এই গানটো সকলো সৰ্বকালৰ সৰ্বোৎকৃষ্ট ৰক গানবোৰৰ এটা বুলি ধৰা হয়৷ কিন্তু এইটো হ’লত প্ৰথম মুকলি কৰাৰ দিনা দৰ্শকসকলৰ কোনেও কিন্তু সেই গান উপভোগ নকৰিলে৷ গান চলি থকাৰ মাজতে তেওঁলোকৰ প্ৰতিক্ৰিয়া দেখি বেণ্ডটোৱে আধৰুৱাকৈয়ে অনুষ্ঠান সামৰিবলৈ বাধ্য হ’ল!’

আচৰিত হ’লো! এনেকুৱাও হয় নে!  অসাধাৰণ প্ৰতিভায়ো বহু সময়ত হয়তো যোগ্য স্বীকৃতি পাবলৈ অপেক্ষা কৰিব লগা হয় সঠিক সময়ত সঠিক মূল্যায়নলৈ! মেথিউৰ মাতত মোৰ সম্বিত ঘুৰিল,


’কিন্তু জানেনে, এতিয়া বেলফাষ্টৰ প্ৰায়বোৰ পাবতে সকলো বেণ্ডে লেড জেপেলিনৰ গানেৰে সন্ধিয়াৰ অনুষ্ঠান আৰম্ভ কৰে৷ হয়তো সেই প্ৰথম অনুষ্ঠানত তেওঁলোকৰ কালজয়ী গানটো আদৰি নোলোৱাৰ বাবে এনেদৰেই বেলফাষ্টে ক্ষতিপূৰণ দি আহিছে, লেড জেপেলিনক সন্মান জনাই আহিছে !’

সিদিনাই লেড জেপেলিনৰ সোঁৱৰণত ময়ো প্ৰথমবাৰৰ বাবে শুনিলো সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গীতবোৰৰ ভিতৰত অন্যতম সেই গীতটি-


"There's a lady who's sure

All that glitters is gold

And she's buying a stairway to heaven

When she gets there she knows

If the stores are all closed
With a word she can get what she came for
Oh oh oh oh and she's buying a stairway to heaven...."





বেলফাষ্টৰ হেলনীয়া স্তম্ভ


কুইনছ স্কোৱাৰত দেখা পালো বেলফাষ্টৰ অন্য এটা আকৰ্ষণ, এলবাৰ্ট মেম’ৰিয়েল ক্ল’ক৷ গ’থিক আৰ্হিৰ স্তম্ভটোত প্ৰিন্স এলবাৰ্টৰ প্ৰতিমূৰ্ত্তি আৰু একেবাৰে ওপৰত এটা বিশাল ঘড়ী৷ মেথিউয়ে সুধিলে,


’স্তম্ভটোত এটা খুঁত আছে৷ কি বাৰু?’

দুজনমানে ঘপকৈ উত্তৰ দিলে, ’সময়!’


এলবাৰ্ট মেম’ৰিয়েল ক্ল’ক
নাই, সময় সম্পূৰ্ণ সঠিক৷ তেনে কি! আমি ওপৰৰ পৰা তললৈ খুউব চালো৷ কোনেও একো উলিয়াব নোৱাৰিলে৷ কিছু সময় পিছত হঠাৎ এজনৰ মুখখন উজ্জল হৈ উঠিল৷ 

’ইটছ লিনিং এ বিট!’

কি কয় এওঁ! এইবাৰ আমি বাকীবোৰে তেওঁ ৰৈ থকা ঠাইলৈ গৈ আকৌ এবাৰ মন দি চালোগৈ৷ মেথিউয়ে হাঁহি মাৰি ক’লে,

’ঠিক ধৰিছে! আজিৰ পৰা ডেৰশ বছৰৰ আগতেই এই ক্ল'ক টাৱাৰটো সাজি উলিয়াইছিল৷ কিন্তু ইয়াৰ তলেদিয়ে এটা সময়ত ফাৰছেট নৈখন বৈ গৈছিল৷ সেয়ে ভেঁটিৰ মাটি নদীৰ বালিচাপৰি আছিল৷ বালিবোৰ বহি যোৱাত অলপদিনৰ ভিতৰতে স্তম্ভটো হেলনীয়া হ’বলৈ আৰম্ভ কৰিলে৷  


সাগৰৰ ডকৰ পৰা বেছি দূৰ নোহোৱাৰ কাৰণে এটা সময়ত এই ঠাইখিনিত জাহাজৰ নাবিকসকলে অহা যোৱা কৰিছিল৷ তেওঁলোকৰ লগে লগে ভিৰ কৰিছিলহি বহুতো বাৰবনিতা৷ সেয়ে স্থানীয় মানুহে ক’বলৈ লৈছিল, বাৰবনিতাবোৰে ভেঁজা দি দি থকাৰ ফলতে এই স্তম্ভটো হেলনীয়া হৈ পৰিল!

কিছুবছৰৰ আগতে আইৰিছ চৰকাৰে হেলনীয়া স্তম্ভটো মেৰামতি কৰিবলৈ কোটি টকীয়া প্ৰজেক্ট এটা আৰম্ভ কৰিলে৷ বহুদিনজোৰা কামৰ শেষত অভিযন্তাসকলে বালিবোৰ আঁতৰাই কংক্ৰিটৰ ভেঁটি বান্ধি দিলেহি৷ কাম শেষ হোৱাৰ পিছত মানুহে দেখিলে, একোতো সলনি নহ’ল! তেওঁলোকৰ সন্মুখত সেই একেই হেলনীয়া স্তম্ভ! চৰকাৰী ভাষ্য আহিল- স্তম্ভটো পোনাবলৈ গ’লে গোটেইটোৱে ভাঙি পৰাৰ সম্ভাৱনা আছিল৷ সেয়ে অভিযন্তাসকলে তেনেকৈয়ে ৰাখি ভেঁটিটোহে মেৰামতি কৰি দিলে যাতে আগলৈ আৰু বেঁকা নহয়৷ বেলফাষ্টৰ বহুতে কিন্তু এতিয়াও সন্দেহ কৰে, কামৰ মাজত ভুলতহে অভিযন্তাই স্তম্ভটো পোনাবলৈ পাহৰি গ’ল কিজানি!’




টাইটানিকৰ দেশত


বেলফাষ্টতে বিশ্ববিখ্যাত টাইটানিক জাহাজৰ নিৰ্মাণ হৈছিল বুলি জানিছিলো৷ ৱাকিং ট্যুৰৰ দলটোৰ লগতে চালোগৈ টাইটানিক মেম’ৰিয়েল গাৰ্ডেন ৷ এই বাগিচাখনে ১৯১২ চনত টাইটানিকৰ সৈতে সাগৰৰ গৰ্ভত হেৰাই যোৱা ১৫১২ টা জীৱনৰ সোঁৱৰণত গঢ়ি তুলিছিল৷ বাগিচাতে দীঘলীয়া মাৰ্বলৰ ভেটিটোত সকলো মৃতকৰ নামবোৰ অক্ষৰিক ক্ৰমত খোদিত কৰা হৈছে৷ 
টাইটানিক মেম’ৰিয়েল গাৰ্ডেনত অকালতে হেৰাই যোৱাসকলৰ সোঁৱৰণি
মেথিউয়ে দেখুৱালে তাৰ মাজতে থকা দুটামান নাম৷ থমাছ এণ্ড্ৰু- টাইটানিকৰ মেনেজিং ডিৰেক্টৰ৷ বাকীবোৰৰ নামৰ মাজত কিছু বেছিকৈ জিলিকি থকা এটা নাম কেপ্টেইন এডৱাৰ্ড স্মিথ৷ এমূৰে আছিল এটা প্ৰতিমূৰ্ত্তি৷ নাম ৱিলিয়াম পিৰি৷ টাইটানিক নিৰ্মাণত পুঁজিৰ যোগান ধৰা এজন মূল দাতা৷ মেনেজিং ডিৰেক্টৰ থ’মাছ এণ্ড্ৰুছ আকৌ তেওঁৰ জোৱায়েক আছিল৷ টাইটানিকৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত থ’মাছ এণ্ড্ৰুছে এদিন গৌৰৱেৰে গৈ শহুৰেকক ক’লেগৈ,



ৱিলিয়াম পিৰিৰ প্ৰতিমূৰ্ত্তি
’প্ৰথমবাৰ যেতিয়া একেলগেই টাইটানিকখনত উঠি চাওঁগৈ বলক!


দুয়ো টাইটানিকৰ একেবাৰে ওপৰৰ ফাৰ্ষ্ট ক্লাছৰ ডেকেৰে খোঁজ দিলে৷ এঠাইত ৰৈ ৱিলিয়াম পিৰিয়ে তললৈ চাই পঠিয়ালে৷ কিন্তু চায়ে তেওঁ চিৎকাৰ কৰি উঠিল,

’থ’মাছ, মইচোন ইয়াৰ পৰা তলৰ সাগৰখনকে দেখা নাপাওঁ!’


কাৰণটো হ’ল, দুয়োফালে শাৰী শাৰীকৈ লাইফ বোট বান্ধি থোৱা আছিল৷ তেওঁ জোৱায়েকক নিৰ্দেশ দিলে যাতে দুয়োফালে থকা দহখনকৈ লাইফ ব'ট আঁতৰাই পেলোৱা হয়৷ তেওঁৰ কথা হ’ল, ইমান টকা খৰচ কৰি জাহাজলৈ অহা প্ৰথম শ্ৰেণীৰ যাত্ৰীসকলৰ সাগৰ দৰ্শনত কোনোধৰণৰ বাধা পৰিব নালাগে!

বিছখন লাইফব'টে পোন্ধৰশজন যাত্ৰীৰ জীৱন ৰক্ষা কৰিব নোৱাৰে, সঁচা কথা৷ কিন্তু সেইকেইখন আঁতৰাই নেপেলোৱা হ’লে কেইটামান জীৱনে হ’লেও সেই দূৰ্ভাগ্য নিশ্চয় এৰাই যাব পাৰিলেহেঁতেন! কিন্তু ঘটনাক্ৰম এনেকুৱাই যে তেওঁ নিজে কেতিয়াও সেই অনুশোচনাত দগ্ধ হোৱাৰ সুযোগ নিমিলিল৷ টাইটানিকৰ যাত্ৰা আৰম্ভ হোৱাৰ আগতেই তেওঁ শয্যাশায়ী হৈ জীৱন নাট সামৰিলে !



ইমানদিনে দেখি-শুনি-চাই অহা টাইটানিকৰ বহুতো কাহিনীৰ লগতে মেথিউয়ে আৰু এটা নতুন কাহিনী যোগ দিলে! কোনে জানে, হয়তো এনে কত ঘটনা-অঘটনা চিৰদিনলৈ হেৰাই গৈছে কোনেও কেতিয়াও নজনাকৈ, নেদেখাকৈ!

পৰৱৰ্ত্তী খণ্ড: বেলফাষ্ট মহানগৰী-৪