Monday 28 June 2021

কানাডাৰ লোকগাঁথা: জোনবাই আৰু কায়’টি

এসময়ত মানুহে বনৰীয়া সকলো জীৱ-জন্তুৰ সৈতে কথা-বতৰা পাতিব পাতিছিল৷ এনে সময়তে হাবিৰ এটা পুখুৰীৰ পাৰত এগৰাকী বুঢ়ী মানুহে অকলশৰে বাস কৰিছিল৷ প্ৰতি সন্ধিয়া তেওঁ পুখুৰীৰ পাৰলৈ আহি আকাশত জোনবাই উঠালৈ বাট চায়৷

ফটো: পিক্সেলছ

সেই সময়ত আকাশৰ জোনবাইটো পৃথিৱীৰ বহু কাষত আছিল৷ গতিকে জোনবাইৰ পোহৰো এতিয়াতকৈ যথেষ্ট উজ্জ্বল যেন দেখা যায়৷ পূৰ্ণিমাৰ জোন ডাঠ হাবিখনৰ গছ-গছনিৰ ওপৰেদি আকাশলৈ উঠাৰ সময়ত বুঢ়ীগৰাকীয়ে প্ৰাণ ঢালি গাবলৈ ধৰে, 

’জোন, জোন, পূৰ্ণিমাৰ জোন৷’ 

তেনেকৈয়ে আমাৱস্যাৰ নিশাও জোনবায়ে দেখা দিয়াৰ লগে লগে তেওঁ গায়, 

’জোন, জোন, আউঁসীৰ জোন৷’

মুছ; ফটো: ৱিকিকমনছ
এদিন সন্ধিয়া বুঢ়ীগৰাকীৰ এই গান শুনিবলৈকে হাবিৰ সকলো জীৱ-জন্তু পুখুৰীলৈ নামি আহিল৷

’কি যে অপূৰ্ব কন্ঠ’- দীঘল শিঙীয়া মুছ নামৰ জন্তুবিধে ক’লে৷

’ঠিকেই, কিন্তু আমাক আৰু অলপ স্পন্দন (beat) ৰ দৰকাৰ৷’ হাঁহবোৰে মাত দিলে৷

’আৰু লগতে অলপ লয় থাকিলেও বৰ ভাল হ’ব৷’  বিভাৰ বোৰে সিহঁতৰ চেপেটা লপথপীয়া নেজবোৰ পানীত চপৰিয়াই চপৰিয়াই যোগ দিলে৷ 

’ডু-উপ, ডু-উপ, সমলয় (harmony)ৰ কথাও নাপাহৰিবা পিছে!’ লগে লগে ভেকুলী আৰু কাছবোৰেও কৈ উঠিল৷

এনেকৈয়ে এটা এটাকৈ সকলো জন্তুৱে বুঢ়ীগৰাকীৰ গীতত যোগ দিলে আৰু সমস্বৰে জোনবাইক উদেশ্যি গান গাবলৈ ধৰিলে৷

’জোন জোন, পূৰ্ণিমাৰ জোন’

এদিন সন্ধিয়া কায়’টিয়ে বুঢ়ীগৰাকী আৰু অন্য জন্তুবোৰৰ গীত শুনা পালে৷ 

সিয়ান হাঁহিটোৰে কায়’টিয়ে সকলোকে সুধিলে,

’তোমালোক কি কৰিছানো?

’আমি সকলোৱে জোনবাইৰ বাবে গান গাইছোঁ৷’- বুঢ়ী মানুহগৰাকীয়ে উত্তৰ দিলে৷

বিভাৰ; ফটো: ৱিকিকমনছ

ফণি এখনেৰে গোটেই গাৰ নোমবোৰ ফনিয়াই, জীভাখনেৰে দাঁত দুপাৰি পৰীক্ষা কৰি আৰু হাতোঁৰাৰে নাকটো মোহাৰি লৈ কায়’টিয়ে ক’লে,

’তেনে তোমালোকক মোৰ দৰে সুমধুৰ কন্ঠ এটাৰ দৰকাৰ৷’

’নাই নাই! তোমাৰ মাতটো বৰ কৰ্কশ৷’ সকলোৱে প্ৰায় আতংকত চিঞৰি উঠিল৷

বুঢ়ী মানুহগৰাকীয়েও হয়ভৰ দি ক’লে,

’তোমাৰ মাতটোৱে জোনবাইক আঁতৰলৈ খেদিহে পঠাব৷’

কায়’টিয়ে আহত অনুভৱ কৰি ক’লে,

’হুহ! জোনবাইৰ কাৰণে কোনেনো গান গাব খুজিছে!’

’জোনবাই আমাৰ বন্ধু৷ ৰাতি আমাক পোহৰ দিবলৈকে জোনবাইজনীয়ে গোটেই পৃথিৱীৰ চাৰিওফালে ঘুৰে৷’

’ৰাতিনো কাক পোহৰৰ দৰকাৰ পৰিছে? মূৰ্খ জোনবাইৰ উজ্জ্বল পোহৰৰ কাৰণেই ৰাতি মই ভালকৈ টোপনি যাব নোৱাৰোঁ৷ তোমালোকে মোক কাকুতি কৰিলেও জোনবাইৰ কাৰণে মই গান নাগাওঁ৷’ 

কায়’টিয়ে অহংকাৰ আৰু অভিমানেৰে ক’লে৷

কায়’টিৰ গান; ফটো: ৱিকিকমনছ

দুৰ্ভাগ্যক্ৰমে জোনবাইয়ে কায়’টিৰ সকলো কথাই শুনিবলৈ পালে৷ যিমানেই শুনিলে সিমানে জোনবাইৰ খং বাঢ়ি গ’ল৷

’ঠিক আছে৷ কায়’টিয়ে আন্ধাৰনো কিমান ভাল পায় চোৱা যাৱক তেনে৷’

এইবুলি কৈয়ে জোনবায়ে খঙে-দুখে নিজৰ সকলো বয়-বস্তু মোনা এটাত লৈ আকাশৰ পৰা সৰি পৰিল আৰু পুখুৰীটোত ডুব দিলে৷

জোনবাইয়ে পুখুৰীৰ তলিলৈ গতি কৰাৰ পৰত চাৰিওদিশ জোনৰ পোহৰে উজ্জ্বলাই তুলিলে৷

’উৱা, হঠাৎ ইমান পোহৰ কিয়?’ কায়’টি আচৰিত হ’ল৷

কিন্তু ক্ষন্তেক পিছতে গোটেই হাবিখন আন্ধাৰত ডুব গ’ল৷

’উৱা, হঠাৎ ইমান আন্ধাৰ কিয়?’ কায়’টি এইবাৰ হতভম্ব  হ’ল৷

কায়’টি আৰু বুঢ়ী মানুহগৰাকীৰ তৰ্কাতৰ্কি শেষ হোৱাৰ পিছতে সকলোৱে লক্ষ্য কৰিলে যে আকাশত জোনবাই নাই!

’সকলো তোমাৰ ভুল৷ জোনাবাইয়ে নিশ্চয়কৈ তোমাৰ কথাবোৰ শুনা পালে৷’ বুঢ়ী মানুহগৰাকীয়ে কায়’টিক ক্ষোভেৰে কৈ উঠিল৷

কায়’টিয়ে বেপৰোৱা ভাৱে ক’লে,

’ভালেই হ’ল, এতিয়া অন্তত: মই ৰাতি ভালদৰে টোপনি যাব পাৰিম৷’

কায়’টি চকুৰ আঁতৰ হোৱাৰ লগে লগে বুঢ়ীগৰাকীয়ে হাবিৰ সকলো জন্তুকে একেলগে গোট খুৱালে৷

’আমি জোনবাইক বিচাৰি উলিয়াই আকাশলৈ উভতি যাবলৈ অনুৰোধ কৰিব লাগিব৷ নহ’লে এই পৃথিৱীৰ অৱস্থা শোচনীয় হৈ পৰিব৷’

’কিন্তু জোনবাইনো গ’ল ক’লৈ?’ মুছে ক’লে৷

’নাজানো, কিন্তু আমি যিমান পাৰোঁ সোনকালে জোনবাইক বিচৰাৰ দৰকাৰ৷’ বুঢ়ীগৰাকীয়ে ক’লে৷

গতিকে সকলো জীৱ জন্তুৱে তেওঁৰ সৈতে লগ লাগি জোনবাইৰ সন্ধান কৰিবলৈ লাগিল৷

সেইসময়ত কায়’টিয়ে পিছে চেষ্টা কৰি আছিল ঘৰলৈ উভতাৰ বাট উলিয়াবলৈ৷

আন্ধাৰত কেনিও ভালকৈ নেদেখি ঘৰলৈ বুলি ওলাই কায়’টিয়ে প্ৰথমেই এজোপা গছৰ গাতহে খুন্দা মাৰিলেগৈ৷

’হেই, অলপ চাই চিতি যাব নোৱাৰানে?’ গছজোপাই চিৎকাৰ কৰি উঠিল৷

’দোষ নধৰিবাচোন৷ আন্ধাৰত একো দেখা নাপাইহে খুন্দাটো মাৰিলো৷’ কায়’টিয়ে দোষী দোষীভাৱেৰে ক’লে৷

’আন্ধাৰ নহ’বনো কিয়! কোনোবা জধামূৰ্খই হেনো অপমান কৰি জোনবাইৰ খং তুলিলে৷’ গছজোপাই বিৰক্তিৰে ক’লে৷

’মইতো ঠিকেই দেখা পাইছোঁ৷’ কপট গৌৰৱেৰে কৈয়ে কায়’টিয়ে আগবাঢ়ি যোৱাৰ চেষ্টা কৰিলে কিন্তু অলপ দূৰ গৈ আকৌ এটা প্ৰকাণ্ড শিলত হামথুৰি খাই পৰিলেগৈ৷

’অহ, সেইটোৱে নিশ্চয় বিষ তুলিলে!’ শিলটোৱে ক’লে৷

’উফ্, মই ঘৰলৈ উভতাৰ বাট বিচাৰি ফুৰিছোঁ৷’

’জোনৰ পোহৰ অলপ থকা হ’লেহে দেখা পালাহেঁতেনে৷’

’নাই, মোক জোনবাইৰ দৰকাৰ নাই৷’ 

এইবাৰ কায়’টিয়ে অন্ধৰ দৰে খেপিয়াই খেপিয়াই আগবঢ়াৰ চেষ্টা কৰিলে৷ কেইবাবাৰো গছ আৰু শিলবোৰত খুন্দা-খুন্দুলি খাই,  পিছল শেলুৱৈ আৰু গছৰ শিপাত উজট খাই মেলি এটা সময়ত সি ঠিক কৰিলে,

’আজিৰ ৰাতিটোৰ কাৰণে ইয়াতে শুৱাৰ ব্যৱস্থা কৰাই ভাল হ’ব কিজানি! ঘৰলৈ কাইলৈ ৰাতিপুৱাই যামগৈ৷’

এইবুলি সিদ্ধান্ত লৈ সি চাৰিওফালে খেপিয়াই চালে৷ এঠাইত সমান ঠাই এটুকুৰা অনুভৱ কৰি হাত মেলি চালে- খুউব কোমল আৰু উমাল কিবা এটা যেন৷

’অঁ, এইটোচোন বঢ়িয়াকৈ গাৰু কৰিব পাৰিম’ এইবুলি সি সেইটো মেৰিয়াই লৈ মূৰ শিতানত থৈ বাগৰ দিলে৷ টোপনি যাবলৈ ধৰোঁতেই কায়’টিৰ মূৰৰ তলৰ গাৰুটো লৰচৰ কৰিবলৈ ধৰিলে৷

’কিহে, বন্ধ কৰা সেইবোৰ৷ মই টোপনি যোৱাৰ চেষ্টা কৰিছোঁ৷’ বিৰক্তিৰে কৈ উঠিল সি৷

’ময়ো শুৱাৰেই চেষ্টা কৰি আছোঁ’- গাৰুটোৱে ঘপকৈ মাত দিলে৷

কায়’টি চক খাই উঠিল৷ আন্ধাৰত সি একো দেখা নাপালে৷ কিন্তু নোমটেঙৰ কায়’টিয়ে তৎক্ষণাৎ বুজি পালে যে সি এটা ভুল কৰি পেলাইছে৷ ইফালে সিফালে শুঙি চাই সি কোনোমতে ক’লে,

’তুমি জাবৰৰ কোমল মোনা এটা হ’লেই হয়!’

’নাই, ভাৱি লৈ আকৌ কোৱাচোন মই কি?

’মুছৰ কোমল বিষ্ঠা?’

’নহয়’

’স্কাংক?’

’ঠিক ধৰিছা!’ কৈয়ে স্কাংকটোৱে কায়’টিৰ গোটেই শৰীৰত অতিপাত দুৰ্গন্ধময় জুলীয়া মাস্ক (musk) এখিনি ছটিয়াই দিলে৷ চিকাৰী বা যিকোনো সংকটৰ পৰা ৰক্ষা পাবলৈকে স্কাংকৰ দেহত এই অস্ত্ৰবিধ মজুত থাকেই৷ সেইখিনি পোনে পোনে কায়’টিৰ মুখত লগাত তাৰ গোটেই শৰীৰ জ্বলি যোৱা যেন লাগিল, উৎকট দুৰ্গন্ধই পৰিপাটি নোমবোৰ ঢাকি পেলালে৷

দুৰ্গন্ধময় মাস্ক ছটিউৱাৰ আগমুহৰ্ত্তত স্কাংক
ফটো: ৱিকিকমনছ
’ইউউউউউউউউউ’ কায়’টিয়ে চিৎকাৰ কৰি জঁপিয়াই উঠিল আৰু প্ৰাণপণে ঢপলিয়াবলৈ আৰম্ভ কৰিলে৷

দৌৰি দৌৰি কায়’টি একেবাৰে থিয় গঁৰা এটাৰ দাঁতি পালেগৈ৷ সেইখিনি পায়ো নিজকে ৰখাব নোৱাৰি পোনে পোনে সি গৰাটোৰ পৰা সৰি একেটা পুখুৰীতে পৰিলগৈ৷

ইফালে বুঢ়ী মানুহগৰাকী আৰু গোটেই জীৱ-জন্তুবোৰ মিলি জোনাবাইৰ সন্ধান কৰি আছিল৷ কিন্তু বহু বিচাৰি খুঁচৰিও তেওঁলোকে ক’তো জোনবাইক দেখা নাপালে৷

’সেই বুঢ়া ফোঁপোলা গছজোপাত বিচাৰি চালানে? বুঢ়ী মানুহগৰাকীয়ে সুধিলে৷

’আমি তাত চালো৷’ কেৰ্কেটুৱাবোৰে উত্তৰ দিলে৷

’গুহাটোত পিছে?

’তাতো বিচাৰি চালো আমি৷’ ভালুককেইটাই কৈ উঠিল৷

’তেনে জোনবাই কিজানি সৌ জলপ্ৰপাতটোৰ আঁৰত লুকাই আছে৷’ বুঢ়ী মানুহগৰাকীয়ে চিন্তিত মনেৰে ক’লে৷

’নাই, জোনবাই তাতো নাই৷’ হৰিণকেইটাই ক’লে৷

হতাশ হৈ বুঢ়ী মানুহগৰাকী এচটা শিলত বহি পৰিল আৰু মূৰে কপালে হাত দি কৈ উঠিল,

’ক’লৈ গ’ল বাৰু আমাৰ মৰমৰ জোনবাই জনী!’

ইফালে কায়’টিয়ে চকু মেলি দেখা পালে, সি একেবাৰে পুখুৰীত তলিত পৰি আছে৷ 

’আহাহা, এইটো বৰ লাজলগা কথা হ’ল৷’ সি নিজকে নিজে ক’লে৷

 এনেতে তাৰ চকুত পৰিল, পুখুৰীৰ চেঁচা আৰু অন্ধকাৰ তলিৰ পৰিৱৰ্তে চাৰিওদিশ দেখোন উজ্জ্বল আৰু অপূৰ্ব সুন্দৰ! কিনো বুলি চাবলৈকে কায়’টিয়ে পুখুৰীটোৰ তলিতে ইফালে সিফালে খোজ দিবলৈ ধৰিলে৷

কিছুদূৰ গৈয়ে সি দেখা পালে, তলিৰ বালিতে কাপোৰ এখন পাৰি লৈ ঘূৰণীয়া ৰংবিৰঙী ছাতি এটাৰ তলত জোনবায়ে  সুৰুয মাছ (Sunfish)ৰ সৈতে ডবা খেলি আছে৷

’তুমি? ইয়াত!’ কায়’টিয়ে চিঞৰি উঠিল৷

’আঁতৰ হোৱা৷ মই খেলখন জিকিবৰ হৈছেই৷’ জোনবায়ে বিৰক্তিৰে কৈ  উঠিল৷

’চেকমে’ট!’ মাছটোৱে মাত দিলে আৰু তেওঁৰ ঘোঁৰাটোৰে জোনবাইৰ ৰজাটো উঠাই পেলালে৷ কিন্তু সি হঠাতে নাক-মুখ বিকটাই কৈ উঠিল,

’আস, কিহৰ উৎকট গোন্ধ সেয়া!’

’নাই, একোতো নাই৷’ কায়’টিয়ে একো নজনাৰ ভাও ধৰিলে৷

’আকৌ খেলা আৰম্ভ কৰোঁ আহা৷’ কৈ লৈয়ে জোনবায়েও নাকত সোপা দিলে৷

’ইমান বেয়া গোন্ধ ক’ৰ পৰা আহিছে!!’

একো নজানাৰ ভাও ধৰিয়েই কায়’টিয়ে ক’লে,

’জোনবাই, তুমি আকাশলৈ যাব লাগিব৷’

’মই ইয়াতে সুখেৰে আছোঁ’, জোনবায়ে অভিমানেৰে ক’লে৷

’কিন্তু তোমাক যে আকাশত বৰ দৰকাৰ হৈছে৷’ কায়’টিয়ে নেৰানেপেৰাকৈ ধৰিলে৷

কথা সলাবলৈকে জোনবায়ে ক’লে,

’তুমি যে পানীৰ তলত আছাহি, গম পাইছানে?

এইবাৰ কায়’টি সঁচাকৈয়ে চিন্তিত হ’ল৷ উশাহ সলাবলৈকে সি  পুখুৰীৰ ওপৰলৈ উঠি আহিবলৈ বাধ্য হ’ল৷ ওপৰলৈ উঠি আহি সি পুখুৰীৰ পাৰতে দেখা পালে, বুঢ়ীগৰাকী আৰু অন্য জীৱ-জন্তুবোৰে মন মাৰি বহি আছে৷

’আকৌ তুমি কিয় আহিছা ইয়ালৈ?’ বুঢ়ীগৰাকীয়ে খঙেৰেই সুধিলে৷

’ৰ’ৱাচোন ৰ’ৱা, শান্ত হোৱা! মই জোনবাইক বিচাৰি পালো৷ তেওঁ পুখুৰীৰ একেবাৰে তলিত আছেগৈ৷’

কায়’টিৰ কথা শুনি বুঢ়ী মানহগৰাকী আৰু জন্তুবোৰে পানীত জোবোৰা মাৰি তলিলৈ চাই পঠিয়ালে৷ সঁচাকৈ, একেবাৰে তলিত জোনবায়ে আনন্দমনেৰে মাছৰ সৈতে ডবা খেলি আছে৷

’কি যে লেঠা লগালা তুমি! এতিয়া জোনবাইক আকাশলৈ কেনেকৈ অনা যায়৷’ বুঢ়ীগৰাকীয়ে কায়’টিক উদেশ্যি ক’লে৷

এইবাৰ সকলোৱে পুখুৰীৰ পাৰতে বহি লৈ গুণা গঁথা কৰিবলৈ লাগিল৷ কিছুপৰৰ পিছত বুঢ়ীগৰাকীয়ে মাত লগালে,

’এটা উপায় পাইছোঁ৷ প্ৰথমে আমি এখন ভুৰ সাঁজিব লাগিব৷’

কথামতেই কাম৷ পিছদিনা পুৱাতে দিনৰ পোহৰত সকলোৱে মিলি এখন ভুৰ সাঁজি উলিয়ালে৷ বেলি ডুবাৰ আগে আগে সকলোৱে সেই ভুৰখনত উঠিল আৰু পুখুৰীৰ তলি পালেগৈ৷

জোনবায়ে বাহৰ পাতি থকা ঠাইতে ৰৈ এইবাৰ বুঢ়ীগৰাকীয়ে ক’লে,

’এতিয়া তোমালোক সকলোৱে গীত জুৰিবলৈ আৰম্ভ কৰা৷ সকলোৱে মানে কায়’টিক বাদ দিহে পিছে৷’

’সেয়া কেনে নিৰ্দয় কথা!জোনবাইকতো ময়ে বিচাৰি উলিয়ালো!’ কায়টিয়ে আপত্তি কৰি উঠিল৷ 

এইবাৰ বুঢ়ীগৰাকীয়ে একপ্ৰকাৰ আদেশৰ সুৰেৰে ক’লে,

’ইয়াতে চুপচাপ বহি থাকা৷’

কৈয়ে তেওঁ গীত জুৰিলে আৰু লগে লগে বাকী জন্তুবোৰেও এটা এটাকৈ ভাগ ল’বলৈ আৰম্ভ কৰিলে৷

’জোন জোন, সোনকালে উভতি ব’লাচোন৷’

সকলোৱে বহুপৰ ধৰি গান গাই থাকিল৷ পিছে জোনবায়ে লৰচৰ কৰাৰ নামেই নল’লে৷

’এনেকৈ কাম নিসিজিব৷’ বুঢ়ীগৰাকীয়ে চিন্তিত সুৰেৰে ক’লে৷ এখন্তেক ভাৱি তেওঁ গোটেইবোৰ জন্তুক গান গোৱা বন্ধ কৰি কাণত ঠিলা লগাবলৈ ক’লে৷ সকলোৱে তেওঁৰ কথা মতেই কৰাৰ পিছত তেওঁ কায়’টিলৈ চাই হাঁহি এটা মাৰি ক’লে,

’মই তোমাৰ কন্ঠক লৈ মিছাতে সন্দেহ কৰিছিলো৷ তোমাৰ গান অপূৰ্ব! মই ভাৱো, তুমি যদি অকলে এটা গীত জুৰা জোনবাই নিশ্চয় আকাশলৈ উঠি যাব৷’

’অকলেই?’ গৰ্বত কায়’টিৰ বুকুখন ফুলি উঠিল৷ কোনোমতেহে নিজকে চম্ভালি সি শান্তভাৱেৰে সুধিলে৷

বুঢ়ীগৰাকীৰ দুচকু কৌতুকেৰে ভৰি পৰিল৷

’অঁ, অকলেই৷ কিন্তু তুমি যিমান পাৰি ডাঙৰ মাতেৰে গাব পাৰিব লাগিব৷’ 

’ঠিক আছে, মই যিমান পাৰি ডাঙৰ মাতেৰেই সুন্দৰ গীত এটা গাম৷’ উত্তেজনাত কায়’টিৰ গা সাতখন আঠখন যেন হ’ল৷

ফণিখন উলিয়াই সি গোটেই গাৰ নোমবোৰ পৰিপাটীকৈ ফনিয়াই ল’লে, জীভাৰে দাঁতদুপাৰি তিয়ালে আৰু হাতোৰাৰে নাকটো মোহাৰি থিয় হৈ ল’লে৷ এইবাৰ কায়’টিয়ে ভীষণ কৰ্কশ মাতেৰে গাবলৈ ধিলে,

’ইউউউউউউ-এউউউউউউ-ৱাৱাৱাৱাৱা-ইউউউউউউ!’

কাণত ঠিলা দি থকা ভাগেই বুঢ়ী মানুহগৰাকী আৰু বাকী জন্তুবোৰে মুখ বিকটাই উঠিল৷

কায়’টিয়ে কেনিও নোচোৱাকৈ আপোন মনেৰে গায়ে থাকিল,

’ইউউউউউউ-এউউউউউউ-ৱাৱাৱাৱাৱা-ইউউউউউউ!’

সেইসময়ত জোনবায়ে সুৰুয মাছটোৰ লগত ডবাখেলত মগ্ন হৈ আছিল৷ এনেতে কাণ উনাই তেওঁ কৈ উঠিল,

’সেয়া কিহৰ হুলস্থুল?’

’মোৰ কাণ নাথাকি ভালেই হৈছে- একো হুলস্থুলে মোক আমনি কৰিব নোৱাৰে৷’ - সুৰুয মাছে ক’লে৷

কায়’টিৰ গান অবিৰাম ভাঁহি আহি থাকিল আৰু ক্ৰমে গানৰ শব্দ ডাঙৰ হৈ গৈ থাকিল৷ কাণত ঠিলা দিও জোনবায়ে শান্তিৰে বহি থাকিব নোৱাৰা হ’ল৷

’কোনে এনে বিকট হুলস্থুল খন কৰিছে?’

কৈয়ে জোনবায়ে তেওঁৰ সকলো বয় বস্তু মোনাখনত ভৰাই কিনো হৈছে চাবলৈকে উঠি আহিল৷ তাকে দেখি বুঢ়ীগৰাকীয়ে কায়’টিক ক’লে,

’আৰু ডাঙৰকৈ গোৱা৷’

কায়’টিয়েও এটা দীঘল উশাহ টানি লৈ আগতকৈও ডাঙৰ মাতেৰে গীত আৰম্ভ কৰিলে৷

’আআআআআআওওওওওওও, আআআআআআওওওওওওও’

’আস!’ জোনবাই খুউব অতীষ্ঠ হৈ পৰিল৷ ৰ’ৱ নোৱাৰি তেওঁ আকাশলৈ জাঁপ দিলে৷

’আআআআওওওওও, ইউউউউউউ৷’

কায়’টিয়ে গান গায়ে থাকিল৷

জোনবায়ে সেই বিকট শব্দৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈকৈ আকাশলৈ খৰগতিৰে ঢাপলি মেলিলে৷

’হ’ব, যথেষ্ট হৈছে৷’ বুঢ়ী মানুহগৰাকীয়ে কায়’টিৰ গান বন্ধ কৰাৰ চেষ্টা কৰিলে৷ কিন্তু সি তেওঁৰ কথা শুনাই নাপালে৷ সি গান গায়ে থাকিল আৰু জোনবাইজনীও দূৰলৈ গৈয়ে থাকিল৷

ঘটনা দেখি বুঢ়ীগৰাকীয়ে তৎক্ষণাৎ বুজি পালে যে তেওঁ কায়’টিৰ গান বন্ধ কৰিব নোৱাৰিলে জোনবাই আঁতৰি গৈ আকাশত নেদেখা হৈ পৰিব৷ গতিকে উপস্থিত বুদ্ধিৰে তেওঁ কায়’টিৰ জীভাখন থাপ মাৰি ধৰিলে আৰু মুখৰ চাৰিওফালে মেৰিয়াই পেলালে৷ 

কিন্তু কায়’টিৰ জীভাখন দীঘল আৰু পিছল৷ গতিকে বুঢ়ীগৰাকীয়ে গোটেই জীভাখন মেৰিয়াই অঁতাই মানে জোনবাই ইতিমধ্যে যথেষ্ট দূৰলৈ গ’লেই৷ লগতে জোনৰ পোহৰৰ উজ্জ্বলতাও বহুখিনি কমি গ’ল৷

’অহ, ভবাৰ দৰে বুদ্ধিটোৱে কাম নিদিলে!’ বুঢ়ীগৰাকীয়ে নিজকে নিজে ক’লে৷

’ পিছে উপায়টো নাই, এনেকৈয়ে কাম চলাব লাগিব৷’

’কায়’টিৰ গান বন্ধ কৰিবলৈ যিকোনো উপায়ে চলিব৷’ জন্তুবোৰে সমস্বৰে কৈ উঠিল৷

কিন্তু তেনেতে দেখা গ’ল, জোনবায়ে আকাশৰ পৰা পুখুৰীটোলৈ ভুমুকিয়াই চাইছে!

’অঁ চোৱা চোৱা, জোনবায়ে আকৌ আকাশৰ পৰা এইফালে নামি আহিব খুজিছে৷’ জন্তুবোৰে চিঞৰি উঠিল৷

বুঢ়ীগৰাকীয়ে মূৰ তুলি চালে৷ সঁচাকৈ জোনবায়ে আকৌ আকাশৰ পৰা পুখুৰীটোলৈ বুলি ঢাপলি মেলিছে৷ এইবাৰ তেওঁ কায়’টিৰ জীভাখন মুকলি কৰি দিলে আৰু ক’লে, 

’গোৱা গোৱা, গান এটা গোৱা৷’

’তুমি মোৰ জীভাখন উলিয়াই আকৌ পকাই নেপেলোৱাটো? কায়’টিয়ে সন্দেহেৰে সুধিলে৷

’নকৰোঁ, তুমি গাবলৈ আৰম্ভ কৰা৷ জোনবাই আহি পায়হিয়ে আৰু!’

গতিকে কায়’টিয়ে পুনৰ গাবলৈ আৰম্ভ কৰিলে৷ 

’ইউউউউউউউউউ, আউউউউউউউউউ’

কায়’টিৰ গান শুনামাত্ৰেই জোনবায়ে আকৌ আকাশলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰিলে৷

’এয়া যে বৰ লেঠা লাগিল! বুঢ়ীগৰাকীয়ে ক’লে৷

’মোৰ এটা বুদ্ধি আছে৷’ কায়’টিয়ে নাকটো মোহাৰি কৈ উঠিল৷

’মই জোনবাইক প্ৰতিনিশা চামহি৷ এই পুখুৰীটোলৈ নামি আহিব খুজিলেই গান জুৰি জোনবাইক উভতাই পঠাম৷’

’নাই নাই৷’ জন্তুবোৰে ক’লে৷

’নাই নাই নাই৷’ বুঢ়ীগৰাকীয়ে ক’লে৷

কিন্তু জোনবাইক আকাশত ধৰি ৰখাৰ এইটোৱে একমাত্ৰ  উপায় আছিল৷ 

গতিকে তেতিয়াৰে পৰা প্ৰতি সন্ধিয়া বুঢ়ীগৰাকীয়ে পুখুৰীটোলৈ গৈ জোনবাই আকাশলৈ উঠালৈ বাট চায়গৈ৷ আৰু কায়টিয়ে ওচৰৰ পাহাৰ এটাতে বহি নিজৰ নোমবোৰ পৰিপাটিকৈ ফনিয়াই, জীভাৰে দাঁত দুপাৰী তিয়াই আৰু হাতোৰাৰে নাকটো মোহাৰি লৈ গীত জুৰে,

’আআআআওওওওওওও, আওওওওওও৷’

উৎস: Coyote Tales- Thomas King

(কানাডাৰ খিলঞ্জীয়া সাধু)

Wednesday 9 June 2021

কানাডাৰ ডায়েৰী (১): কনাক নামৰ কাউৰীটো

প্ৰথমে খৱৰটো শুনিলো বান্ধৱী এলাইডাৰ মুখত৷ আমাৰ নিয়মীয়া সান্ধ্যভ্ৰমণৰ সময়ত৷ সেইদিনা পেচিফিক স্পিৰিট পাৰ্কৰ প্ৰৱেশপথত তাইলৈ ৰৈ ৰৈ ঘড়ীটোলৈ চাবলৈ আৰম্ভ কৰিছিলো মই৷ সচৰাচৰ আমি দুয়ো ঠিক সময়তে সেই ঠাইতে লগ হওঁহি৷ কেতিয়াবা কাচিৎ এগৰাকীৰ অলপ পলম হ’লেই অন্যগৰাকীৰ মন উচপিচাবলৈ ধৰে,

’সকলো ঠিকেই আছেতো!’

অতিমাৰীৰ সময়! মুহুৰ্ত্ততে জীৱনৰ ছন্দত আউল লাগি পৰাৰ সময় এয়া৷ সেয়ে নিজৰ অজানিতেই আমিবোৰ যেন চিৰন্তন উৎকন্ঠাৰ এক বৃত্তত সোমাই পৰিছোঁ৷ দিনে-নিশাই ঘুৰি পকি সেই একেই উৎকন্ঠা৷ সকলো ঠিকেই আছেতো!

কিছুসময়ৰ পিছতে অলপ বিতত ভাৱেৰে এলাইডা ওলালেহি৷ মই কিবা সুধিবলৈ পোৱাৰ আগতেই তাই কৈ উঠিল, 

’জানা, কাউৰীৰ আক্ৰমণৰ পৰা কোনোমতে বাচি আহিছোঁ আজি!’ 

মই হো-হোৱাই হাঁহি উঠিলো৷ অতিমাৰীৰ উৎকন্ঠাৰ পৰা কাউৰীৰ আতংক! তাকো ভেনকুভাৰ মহানগৰীত!

মোৰ হাঁহিলৈ পৰোৱাই নকৰি এলাইডাই বেছ গহীনভাৱেৰে ক’লে,
’I am not kidding!  ঘৰৰ পৰা ওলাই দুখোজমান দিছোঁহে, বাটৰ একাষৰ পৰা আহিল নহয় কাউৰী এটা! একেবাৰে মোৰ মূৰৰ ফালেই চো মাৰি উৰি আহিছিল৷ ঘপকৈ দুপ মাৰি হাউলী দিয়াতহে বাচিলো৷’ তাই যেন এতিয়াও কিছু হতভম্ভ, কিছু আতংকিত৷

’তাৰ পিছতো বেছ কিছুদূৰ কাউৰীটোৱে মোক অনুসৰণ কৰি আছিল বুজিছা৷’

’কাউৰীৰ এনে আক্ৰমণৰ কথা আগতে কেতিয়াও শুনা পোৱা নাই! সঁচাই তেনেকৈ মানুহক আক্ৰমণ কৰে?’ মোৰ মাতত কিছু আশ্চৰ্য্য, কিছু সহানুভূতি৷

’অঁ, তুমি নতুন কাৰণেহে গম পোৱা নাই চাগৈ৷ ইয়াত এয়া একো আচৰিত কথা নহয়! বিশেষকৈ গৰমকালি৷’ 

ঠিকেই, তেতিয়া মই ভেনকুভাৰলৈ অহা বেছি দিন হোৱাই নাই৷ এলাইডা কানাডাৰ নাগৰিক৷ যোৱা দুবছৰ ধৰি ভেনকুভাৰৰ নিবাসী তাই৷ 

ইতিমধ্যে আমি পেচিফিক অৰণ্যৰ হাবিতলীয়া বাট এটাত খোজ দিবলৈ আৰম্ভ কৰিলো৷ বাটৰ দুয়োফালে বিশালকায় ডগলাছ ফাৰ, চিডাৰ আৰু হেমলক গছৰ লানি৷ কানাডাৰ অপূৰ্ব বৰ্ষাৰণ্যৰ এটা অংশ৷ কথাৰ লগে লগে পিছে এলাইডাৰ সতৰ্ক দৃষ্টি দুয়োফালৰ সেই অৰণ্যত- যেন যিকোনো মুহুৰ্ত্ততে আকৌ কাউৰীৰ আক্ৰমণৰ সম্ভাৱনা!

মোৰ কৌতুহল বাঢ়িল৷ এলাইডাই ক’লে, বসন্ত নমাৰ লগে লগে এপ্ৰিল মাহৰ পৰা জুলাইলৈ ইয়াত কাউৰীৰ প্ৰজননৰ বতৰ৷ গতিকে সেই সময়ছোাৱত বাহ সজাত ব্যস্ত হৈ পৰে সিহঁত৷ তাৰ লগে লগে কাউৰীবোৰ ব্যতিব্যস্ত হৈ পৰে এই জনঅৰণ্যত নিজৰ আটোমটোকাৰী বাহটোৰ প্ৰতিৰক্ষাৰ বাবে ৷ গতিকে এই সময়ত কাউৰীৰ আক্ৰমণ এক সচৰাচৰ পৰিঘটনা৷ আনকি এনে আক্ৰমণৰ ভুক্তভোগীসকলৰে এজনে এই ঘটনাবোৰ অনুসৰণ কৰিবলৈ আৰু অন্য হাজাৰজনক সতৰ্ক কৰি দিবলৈকে আৰম্ভ কৰিলে এটা অনলাইন মেপিং চিষ্টেম৷ নাম ক্ৰ’ট্ৰেক্স (Crowtrax)৷ 

সিদিনাই ক্ৰ’ট্ৰেক্সৰ বিষয়ে খুঁচৰিলো৷ ভেনকুভাৰৰ মেপখনত একোটা কাউৰীৰ চিনে দাঙি ধৰিলে বিভিন্ন ঠাইত হোৱা কাউৰীৰ আক্ৰমণৰ বিৱৰণ৷ ২০১৬ চনত প্ৰথম আৰম্ভ কৰাৰ সময়ত ইয়াত মুঠতে ৮০০ টা ঘটনাৰ তথ্য জমা হৈছিল৷ তাৰ পিছৰ পৰা প্ৰতিবছৰে ছাইটটোত এনে মানুহ-কাউৰীৰ সংঘাতৰ ঘটনা প্ৰায় ১৫০০ টাকৈ ৰিপৰ্ট হৈ আহিছে৷ বিশেষকৈ মূল চিটিচেন্টাৰ অৰ্থাৎ ডাউনটাউন অঞ্চলটোতে এনে সংঘাতৰ ঘটনা সৰ্বাধিক৷ কাৰণ স্পষ্ট৷ এই অঞ্চলটোতে সৰ্বাধিক ৰেষ্টোঁৰা আছে য’লৈ খাদ্যৰ সন্ধানত ব্যস্ত কাউৰীবোৰ আকৰ্ষত হয় আৰু ইয়াতে জনবসতিও সৰ্বাধিক৷

ক্ৰ’ট্ৰেক্সত কাউৰী আৰু মানুহৰ সংঘাতৰ ঘটনা


ঘটনাৰ বিৱৰণবোৰৰ কিছুমান আমোদজনক, কিছুমান কিছু উদ্বেগজনক! ’এহাল কাউৰীৰ প্ৰতাপত আমি গোটেই দিনটো ঘৰৰ বাহিৰ হ’ব নোৱাৰিলো’, ’চো মাৰি আহি মোৰ পিঠিত ঠোঁটেৰে আঁচুৰি গ’ল’, ’বেছ কিছুদূৰ মোক খেদা মাৰি আহিছিল’, ’কাকো একো আমনি নকৰাকৈ থাৰ্ল’ পথেৰে খোজকাঢ়ি গৈ আছিলো৷ অকস্মাৎ এটা কাউৰী উৰি আহি ডুব মৰাদি পৰিলহি৷ তাৰ ঠেং দুখনে মোৰ চুলি চুই গ’ল৷ ঘটনাৰ আৎ নাপাওঁতেই তাৰ লগতে আৰু তিনিটা কাউৰীয়ে যোগ দিলে আৰু মোক ডেভি পথলৈকে খেদি আহিল!’ অলেখ-অসংখ্য ঘটনা- বিভিন্ন বিৱৰণ!

মন কৰিলো, তথ্য জমা কৰাৰ প্ৰপত্ৰখনত সন্নিবিষ্ট কৰা হৈছে এটা প্ৰশ্ন, ’Was it Canuck the Crow? আপুনি যদি কনাক নামৰ কাউৰীটো দেখে তেন্তে সেইবিষয়েও জনাওক!’

কোন এই কনাক নামৰ কাউৰী? অলপ খুঁচৰোতেই ওলাই পৰিল কনাক নামৰ কাউৰীটোৰ অলেখ-অসংখ্য অভিযানৰ কাহিনী! ইমানেই খ্যাতি (কুখ্যাতি?) যে এক অনলাইন নিৰ্বাচনত প্ৰায় তিনিলাখ ভোট লাভ কৰি ভেনকুভাৰৰ এম্বেছাদৰ হিচাপে নিৰ্বাচিত হৈছিল এই কনাক নামৰ কাউৰীটো!

কনাকৰ বৰ্ণাধ্য জীৱনৰ আৰম্ভণি পিছে কৰুণ৷ তেনেই পোৱালী অৱস্থাতে অজ্ঞাত কাৰণবশত: এদিন নিজৰ বাহৰ পৰা সৰি পৰিল কনাক৷ ভেনকুভাৰৰ দৰদী যুৱক এজনে তাক উদ্ধাৰ কৰি নিজ হাতে তুলি-তালি ডাঙৰ কৰিলে৷ সম্পূৰ্ণকৈ উৰিব পৰা আৰু আত্মনিৰ্ভৰ হোৱাৰ পিছত তেওঁ কনাকক মুকলি কৰি দিলে স্বাধীন জীৱন এটাৰ সপোন দি৷ চিন ৰাখিবলৈকে কনাকৰ বাওঁঠেঙত পিন্ধাই দিলে এটা ৰঙা আঙঠি৷ 

কনাক নামৰ কাউৰীটো (ফটো: ফে’চবুকৰ ’Canuck and I’ গোট)

স্বাধীন জীৱন কটাবলৈ আৰম্ভ কৰাৰ পৰাই কনাক ব্যস্ত হৈ পৰিল ইটোৰ পিছত সিটোকৈ দু:সাহসিক অভিযানত ৷ তাৰ যেন কৌতুহলৰ সীমা নাই মানুহকৈ লৈ৷ হয়তো মানুহৰ হাতত লালিত পালিত হোৱাৰ বাবেই সি মানুহৰ প্ৰতি কোনো ভয়-সংকোচ কৰিবলৈ নিশিকিলেই৷ কেতিয়াবা সি মানুহৰ মুখৰ পৰাই চিগাৰেট বা হাতৰ পৰা ছাবিকোঁচা লৈ উৰা মাৰে৷ কাৰোৱাৰ গাড়ীৰ দুৱাৰ বা খিৰিকীৰ আইনা খোলা থাকিলে কনাক সোমাই আহি আনকি গাড়ীৰ ভিতৰ পাইহি৷ কেতিয়াবা কনাকক দেখা যায় অন্য কাউৰীৰ সৈতে মিলি শেন চৰাইৰ সৈতে আকাশী যুদ্ধ কৰা, কেতিয়াবা দেখা যায় ভেনকুভাৰৰ স্কাই ট্ৰেইন (মেট্ৰ’)-ৰে যাত্ৰা কৰা৷ আনকি তিনিবছৰমান আগতে কনাকে কেইবাবাৰো ডাকোৱালক আক্ৰমণ কৰাৰ বাবে ভেনকুভাৰৰ পূবৰ কিছুমান অঞ্চললৈ চৰকাৰী ডাকসেৱা দুমাহলৈ বন্ধ কৰিব লগা হৈছিল ৷

সেইবোৰ অত:পালিতে ক্ষান্ত নাথাকি কনাক নামৰ কাউৰীটো জড়িত হৈ পৰিল অপৰাধৰ পৃথিৱীতো! এবাৰ ভেনকুভাৰৰ মাজ-মজিয়াতে এজন অপৰাধীৰ সৈতে পুলিচৰ মুখামুখি হ’ল আৰু অপৰাধীজনে তৎক্ষণাৎ
 ছুৰী এখন লৈ পুলিচৰ সৈতে যুঁজাৰ চেষ্টা কৰিলে৷ গুলী কৰিহে পুলিচে সেই অপৰাধীক ধৰিবলৈ সক্ষম হ’ল৷ কিন্তু তাৰ মাজতে ক’ৰবাৰ পৰা ওলালহি কনাক নামৰ কাউৰীটো৷ কোনেও তলকিবলৈ নাপাওঁতেই অপৰাধীৰ সেই ছুৰীখন ঠোঁটত লৈ  সি উৰা মাৰিলে৷ পুলিচ এজনে তাৰ পিছে পিছে খেদা মাৰি যোৱাতহে অৱশেষত কনাকে অনিচ্ছাস্বত্বেও (!) সেই ছুৰী ঠোঁটৰ পৰা মুকলি কৰি দিলে৷  এই চুৃৰী চোৰৰ ঘটনাটোৱে কনাকক সমগ্ৰ ভেনকুভাৰতে খ্যতনামা কৰি তুলিলে৷

পুলিচকো বিব্ৰত কৰা কনাক (ফটো: ফে’চবুকৰ ’Canuck and I’ গোট)


ফে’চবুকত কনাকৰ নামত আৰম্ভ হ’ল এটা অনুৰাগীৰ পৃষ্ঠা৷  এক লাখৰ অধিক অনুৰাগীয়ে কনাকৰ এনে দু:সাহসিক অভিযানবোৰৰ ফটো আৰু তথ্যৰে এই পৃষ্ঠা ভৰাই পেলালেহি৷ কনাকৰ বাবে বহুতো লোক অতীষ্ঠ বা আতংকিত হোৱাৰ বিপৰীতে কাউৰীটোৰ সাহস আৰু বুদ্ধিমত্তাই অনুৰাগীৰ সংখ্যা দিনক দিনে বঢ়াই আনিলে৷ কিছুমানে তাৰ বাবে পাছচোতালত খাদ্য উলিয়াই দিবলৈ ল’লে, কিছুমানে কনাকক সচৰাচৰ দেখা পোৱা ঠাইবোৰলৈ নিয়মীয়াকৈ যাবলৈ ল’লে তাৰ সান্নিধ্যৰ বাবে৷ কনাক যেন হৈ পৰিল কউৰী আৰু মানৱ সমাজৰ মাজত এক যোগসূত্ৰ! 

কনাকৰ মানুহে ব্যৱহাৰ কৰা বিভিন্ন বস্তুৰ প্ৰতি অদম্য কৌতুহল আৰু কৌশল পিছে কাউৰীৰ সমাজত ব্যতিক্ৰম নহয়৷ শেহতীয়া বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে প্ৰাইমেট বা বান্দৰজাতীয় প্ৰাণীৰ পিছতেই কাউৰীয়ে প্ৰাণীজগতৰ আটাইতকৈ বেছি বুদ্ধিমত্তা সম্পন্ন৷ বিশ্বৰ বিভিন্ন ঠাইৰ পৰা কাউৰীয়ে উপস্থিত বুদ্ধিৰে বহুতো জটিল সমস্যা-সমাধান কৰা আৰু সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে৷ গতিকে মানুহৰ সংস্পৰ্শত ডাঙৰ হৈ কনাকৰ এনে গুণসমূহ বিকাশৰো হয়তো সুবিধা হ’ল৷

প্ৰখৰ বুদ্ধিমত্তা আৰু কৌতুহল-অত:পালিৰে সমগ্ৰ মহানগৰখনকে মোহাবিষ্ট কৰি ৰখা কনাক হঠাৎ এদিন নিৰুদ্দেশ হৈ পৰিল৷ সিদিনা আছিল ২০১৯ চনৰ ৩০ আগষ্ট৷ তাৰ পিছৰ পৰা কনাকক কোনেও ক’তো দেখা পোৱা নাই৷ কনাক নামৰ কাউৰীটো সন্ধানহীন হৈ পৰাৰ বাতৰি সংবাদ মাধ্যমত জোৰদাৰ প্ৰচাৰ হ’ল৷ কনাকৰ যিকোনো খৱৰ আৰু ভালে কুশলে উভতাই অনাৰ বাবে দহহাজাৰ ডলাৰ (আমাৰ হিচাপত প্ৰায় ছয় লাখ টকা) ৰ পুৰস্কাৰো ঘোষণা কৰা হ’ল৷ কনাকৰ শুংসুত্ৰ লৈ নানা গুজব ওলাল৷ বহুতৰ ধাৰণা কনাকৰ বয়স চাৰি বছৰ৷ প্ৰায় দুবছৰ বয়সৰ পৰা প্ৰায়বোৰ চৰাইৰ স্বাভাৱিক মৃত্যুৰ সম্ভাৱনা বাঢ়ি যায়৷ গতিকে কিছুমানৰ ধাৰণা, হয়তো কনাকে স্বাভাৱিক মৃত্যুকে আকোৱালি ল’লে৷ কিন্তু কিছুমানে অপহৰণ বা অন্য ষড়যন্ত্ৰৰো উমান পালে৷  আনকি এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিৰ প্ৰশ্নোত্তৰ কালত এগৰাকী সাংবাদিকে ভেনকুভাৰৰ মেয়ৰক প্ৰশ্ন কৰিলে,

’কনাক নামৰ কাউৰীটোৰ কিবা খৱৰ?’

মেয়ৰৰ সহানুভুতিপূৰ্ণ উত্তৰ, 

’কনাকৰ চিন্তাত বিতত হৈ থকা অনুৰাগীসকললৈ আমাৰ সহানুভূতি জনাইছোঁ৷ কনাকৰ সন্ধান উলিয়াবলৈ যিকোনোধৰণে সহায় কৰিবলৈ আমি সাজু৷ আশা কৰোঁ, কনাকে মাথোঁ এটা বিৰতি লৈছে আৰু অতি সোনকালেই আমাৰ মাজলৈ উভতি আহিব৷’

তাৰপিছৰে পৰা কনাকৰ প্ৰতীক্ষাত ৰৈছে ভেনকুভাৰবাসী৷ বহুতো অনুৰাগীয়ে সংগ দিছেগৈ কনাকৰ প্ৰেয়সী কেছিয়াৰ (Cassiar)ক৷ তাইৰ আচৰণতো মানুহে দেখা পালে কনাক হেৰাই যোৱাৰ দুখ! দুদিনমানলৈ কনাকক বিচাৰি তাই হেনো ৰমলিয়াই থাকিল৷ কাউৰীয়ে আজীৱন প্ৰেমাস্পদৰ প্ৰতি বিশ্বস্ত (loyal) হৈ থাকে৷ কিন্তু জীৱন থমকি নৰয়৷ অনুৰাগীৰ আশা, কেছিয়াৰেও জীৱনৰ অৱধাৰিত গতিত বাট ল’ব৷ অন্য এক সংগীৰ সৈতে আপোনত্বৰ বান্ধোন গঢ়িব আৰু এদিন পোৱালিও জগাব৷

পেচিফিক স্পিৰিট পাৰ্ক
অতিমাৰীয়ে প্ৰায় স্তব্ধ কৰি পেলাব খোঁজা আমাৰ জীৱনতো সময়ে পাত লুটিয়ালে৷ এইবছৰ পুনৰ বাটৰ দুয়োকাষে ভৰি ভৰি ফুলা গুলাপী চেৰী ফুলে  ভেনকুভাৰলৈ গ্ৰীষ্মক বাট এৰি দিলেহি৷ এলাইডা আৰু মোৰ নিয়মীয়া সান্ধ্যভ্ৰমণ একেদৰেই থাকিল৷ একেদৰেই থাকিল সেই সহমৰ্মিতা আৰু বন্ধুত্ব৷ লগতে একেদৰেই থাকিল কাউৰীৰ আক্ৰমণৰ পৰা বাচিবলৈ তাইৰ সকলো সতৰ্কতা৷

পেচিফিক স্পিৰিট অৰণ্যৰ বাট এটাতে খোজ দিয়াৰ পৰত এদিন তাইক সুধিলো,
’কাউৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কিবা টিপছ?

মই ধেমালি কৰিবলৈহে সুধিছোঁ নেকি এবাৰ পৰীক্ষা কৰি লৈ তাই উত্তৰ দিলে,

’ঘৰৰ পৰা টুপী পিন্ধি ওলাবা, সদায় ছাতি এটা লগত ৰাখিবা৷ কাউৰীয়ে খেদা মাৰিলে দৌৰি পলোৱাৰ সলনি সিহঁতৰ চকুলৈ থৰ লাগি চাই ভয় খুৱাবা৷’

ক্ষন্তেক ৰৈ এটা খোলা হাঁহিৰে তাই পুনৰ ক’লে,

’কাউৰীবোৰ মোৰ সঁচাই ভাল লাগে৷ মাত্ৰ সিহঁতৰ পৰা বাচিবলৈ সদায় ক্ৰ’টেক্স চাইহে ঘৰৰ বাহিৰ ওলাওঁ!’

আগৰদৰে এইবাৰ পিছে মোৰ ৰগৰ কৰাৰ ইচ্ছা নহ’ল৷ মাথোঁ নীৰৱে মোৰ সমগ্ৰ চেতনাক বাট এৰি দিলো অৰণ্যৰ দুয়োপাৰৰ সেউজীয়া আৰু চৰাইৰ কিচিৰ-মিচিৰ মাতেৰে দেহ-মন জুৰাই পেলাবলৈ; বাট এৰি দিলো এই মহানগৰৰ বন্যজীৱৰ সৈতে সহনশীলতা আৰু সহাৱস্থানৰ এই অনন্য ৰূপটো আপোন কৰি ল’বলৈ৷

ভেনকুভাৰত বসন্ত