Monday 15 May 2017

অবোধ্য

তুমি এতিয়াও চিনা নাই
শব্দৰ পৰিধিত সোমাব নোখোঁজা
মোৰ অসহজ অনুভৱবোৰ
শান্ত দুচকুৰ আঁৰত লুকাই থকা
সৰু-বৰ ঢৌৰে উত্তাল সাগৰখন
উচ্ছল হাঁহিৰে সামৰি থোৱা
অবুজ অসহায় কান্দোনবোৰ

তুমি দেখা নাই এতিয়াও
মোৰ বুকুত কি অস্থিৰতাই বাঁহ সাজিছেহি
কিহৰ কোবাল ধুমুহাই
তচনচ কৰি যাব খুঁজি̀̀̀ছে প্ৰাণচাকি
কি এক মায়াই শুহি নিছেহি
জীয়াই থকাৰ আকুলতা

তুমি মাথোঁ দেখি আছা
মোৰ এক কৃত্ৰিম প্ৰতিচ্ছবি
যি জীৱনৰ কাৰুণ্যক চিনা নাই
যাৰ বাবে ভৱিষ্যত এক অধীৰ অপেক্ষা
দিবাস্বপ্নৰ সাতোৰঙী ৰহঘৰা
আকাংক্ষাৰ সহস্ৰ জোৱাৰে
যাৰ দুচকুত তিৰবিৰ কৰে

মোৰ ছাঁ দেখি ভুল নুবুজিবা
তাৰ আঁৰতে মই যে এক নিস্ব: নিকিন সত্য


১৩/০১/২০১৭

Saturday 6 May 2017

দিদি

তাইৰ আচল নামটো আজিলৈকে নাজানিলো৷ কোনে জানো দিদি বুলি মাতিবলৈ লৈছিল! মনত পৰাৰে পৰা সকলোৱে তাইক দিদি বুলিয়ে মতা শুনিছোঁ৷ ওচৰৰ কেইবাঘৰৰ কাম সামৰি এদিন প্ৰথমবাৰৰ বাবে তাই আমাৰ ঘৰলৈ আহিছিল৷ চুটি-চাপৰ মানুহজনীক ৰং উৰা শাৰীখনে গিলি পেলোৱাৰ দৰে লাগিছিল৷  মাই উলিয়াই লোৱা ঘৰ মচা বাল্টি আৰু কাপোৰখন লৈ  কৈছিল,
’মই মচি দিম দিয়ক৷’
মাই না কৰা নাছিল৷ অচিনাকি চহৰত নতুনকৈ পতা ঘৰখনত মাক সহায়ৰ প্ৰয়োজন হৈছিল ৷ দিদিয়ে সেই শীৰ্ণ দেহাটোৰেই কুঁৱাৰ ৰচী বাৰে বাৰে তল-ওপৰ কৰিছিল, বাল্টিয়ে বাল্টিয়ে ভিতৰলৈ পানী কঢ়িয়াইছিল, কোঠাবোৰ সাৰি-মচি আনিছিল, কুঁৱাৰ পাৰৰ পকাখনত আছাৰি আছাৰি কাপোৰ ধুইছিল৷ আমাৰ স্কুলৰ ইউনিফৰ্মবোৰ চিকচিকিয়া কৰি পেলাইছিল তাই৷

কামৰ শেষত চাহকাপ ভালকৈ খাই লৈ দিদিয়ে তামোল কাটিছিল৷ কাষতে চকী এখন লৈ মাও বহি লৈ তাই সজাই দিয়া তামোলখনলৈ বাট চাইছিল৷ তামোলৰ লগতে দুয়োৰে কথাৰো পাগ উঠিছিল৷ নতুন চহৰত মাৰ লগতে আমাৰ সকলোৰে সুখ-দুখৰ ভাগী হৈ পৰিছিল দিদি৷ ওলাই যোৱাৰ পৰত পুৰণা কাপোৰৰ টোপোলা এটা উলিয়াই দি মাই সুধিছিল,
’কিমান দিম দিদি?’
দিদিয়ে লাজ কৰিছিল৷ কামৰ-ঘন্টাৰ একোৰে ঠিক দাম নাছিল নেকি তাইৰ! মাথোঁ কৈছিল,
’যি দিয়ে দিয়ক৷’
মাই বেছিকৈ জোৰ কৰিলে তাই একেষাৰ কথাকে দোহাৰি থাকিছিল, মাথোঁ প্ৰতিবাৰতে অস্বস্তিখিনি বাঢ়ি গৈছিল তাইৰ৷ অৱশেষত মাই নিজৰ হিচাপমতে গুঁজি দিয়া টকাকেইটা এবাৰো হিচাপ নকৰাকৈ তাই ঘৰমুৱা হৈছিল৷

কিমান দিন চলিছিল এই প্ৰক্ৰিয়া! এবছৰ-দুবছৰৰ মূৰে মূৰে আমি ইটোৰ পিছত সিটোকৈ ভাড়াঘৰ সলনি কৰিছিলোঁ৷ কোনোবাই খৱৰ-ঠিকনা দিছিল নে নাই নাজানো-প্ৰতিটো ঘৰতে দুদিনমানৰ পিছত দিদি ওলাইছিলগৈ ৷আহিয়ে আমাক কয়হি, 
’কি কাপোৰ আছে দিয়া ধুই দিওঁ৷’ 
তেতিয়ালৈ কেৱল ডাঙৰ বিছনা চাদৰ আদিহে মাই উলিয়াই দিবলৈ ল’লে৷ বাকীবোৰ চোন আমি নিজেই ধুব পাৰোঁ৷  কেতিয়াবা একো নাথাকিলেও তাই বহে৷ তামোলৰ বঁটাটো বিচাৰি আনি কাটিবলৈ লাগে৷ চিৰাচৰিতভাৱে মাও বহেহি৷ পুৰণা কাপোৰৰ মোনাটো ডাঙৰ হৈ গৈ থাকে৷ সেইবোৰ একেলগ কৰি দিদিয়ে জাৰৰ দিনৰ বাবে কেথাঁ চিলাই কৰে৷ মাই ভাল শাৰী কেতিয়াবা কিনি আনি দিলেও সেই একেই ৰং উৰা শাৰীখন পিন্ধিয়ে তাই আহে৷ নতুন শাৰীবোৰ কিয় নিপিন্ধে বুলি সুধিলে কয়, সেইখনেৰে জীয়েককহে ভাল দেখিব কাৰণে তাইকেই দিলে  বুলি৷

এদিন মাই মন কৰিলে, চাহৰ লগত দিয়া সকলোবোৰ খাদ্য দিদিয়ে নাখাই নিজৰ মোনাটোত ভৰাই লৈছে৷ কিয় খোৱা নাই সোধাত হেহোঁ নেহোঁকৈ ক’লে,
’ সেই কেকটুকুৰা নাতিনীয়ে খাই বৰ ভাল পাব কিজানি! সেয়ে.....’
মাই দিদিক সেয়া খাবলৈ কৈ নাতিনীৰ কাৰণে বেলেগকৈ টিফিন এটাত ভৰাই দিলে৷ তেতিয়াৰ পৰা মাই দিদিলৈ বিশেষ কিবা কৰিলে নাতিনীলৈ বেলেগকৈ ৰাখিবলৈ ল’লে৷
দিদি

মাজে মাজে দিদিয়ে নাতিনীয়েককো লৈ অহা হ’ল ৷ প্ৰথম দুদিনমান আইতাকৰ শাৰীৰ আচলৰ আঁৰত লুকাই পৰা নাতিনীজনী লাহে লাহে আমাৰ স’তে সহজ হ’ল৷ দিদি আমাৰ ঘৰলৈ আহিবলৈ ওলালে তায়ো আহিবলৈ আব্দাৰ কৰিবলৈ ল’লে৷ দিদিক ক’লো,

’এইক পঢ়াব দেই দিদি৷ যেনেতেন হ’লেও স্কুললৈ পঠাব৷’

সময়ত সঁচাই নাতিনীক স্কুলত নাম লগাই দিলে৷  চৰাইয়ে কূটা কঢ়িওৱা দি দিদিয়ে অ’ৰ ত’ৰ পৰা তাইৰ স্কুলৰ ইউনিফৰ্ম-কিতাপ পত্ৰৰ খৰচ গোটালে৷

এটা সময়ত মাটি কিনি আমাৰ নতুন ঘৰ সঁজালো৷ আমি কলেজলৈ যাবলৈ ল’লো৷ দিদিৰ বাবে আমাৰ ঘৰত কাম কমি আহিল৷ পানীৰ মটৰৰ শব্দই কুঁৱাৰ সৰু বাল্টিটোৰ ’খেটেলেং খেটেলেং’ শব্দটো পাহৰণিৰ গৰ্ভলৈ ঠেলি দিলে৷ দিদি আহি কাপোৰ ধুবলৈ বিচাৰিলে মাই ৱাশ্বিং মেশ্বিনটোলৈ দেখুৱাই ’তাতে ধুব পাৰিম দে’ বুলি ক’বলৈ ল’লে৷  তাই আহি ঘৰত কোনোবাই কিবা কামত লাগি থকা দেখিলে কাঢ়ি লৈ নিজে কৰিবলৈ বিচৰা হ’ল৷ যেন বছৰ বছৰ জোৰা এটা প্ৰক্ৰিয়া ইমান সহজে শেষ হ’বলৈ নিদিওঁ বুলিয়ে তাই বদ্ধপৰিকৰ হ’ল৷

দিদিৰ জীৱনতো পৰিৱৰ্তনৰ বতাহে চুই গ’ল৷  পুতেক চামচুলে এখন শাক-পাচলিৰ দোকান আৰম্ভ কৰি দিদিক দোকান চোৱাৰ দায়িত্ব দিলে৷ চামচুলে  পুৱাতে বাছত গৈ লালুকৰ পৰা শাক-পাচলি আনেগৈ আৰু দিদিয়ে দোকানত বহে৷ দোকান আৰম্ভ কৰাৰ পিছৰে পৰা ঘৰে ঘৰে কাম কৰিবলৈ দিদিৰ প্ৰয়োজন আৰু আহৰি নোহোৱা হ’ল৷ তাই তথাপিও মাহেকে-পষেকে আমাৰ ঘৰলৈ আহি থাকিল৷ মাই ’চাহ একাপ খাই যা’ বুলিলে ’এস নাখাওঁ- যাওঁ; কাম আছে’ বুলি জোৰ দি কৈ তাই খিটখিটাই হাঁহে আৰু মূঢ়াটো আনি লৈ বহে৷ কেতিয়াবা আমাৰ প্ৰত্যেকৰে কোঠালৈ গৈ কোনে কি কৰিছে খা-খৱৰ লয়৷ 

মূল বাটৰ কাষৰ বজাৰত দিদিৰ দোকান৷ আমি সেইফালেদি পাৰ হৈ গ’লে নাইবা কিবা কিনো বুলি ল’লে কেনেবাকৈ দিদিৰ চকুত পৰিলে আৰু ৰক্ষা নাই৷ সৰু দোকানখনত বিভিন্ন শাক-পাচলিৰ মাজত বহি থকাৰ পৰাই দিদিজনীয়ে চিঞঁৰ মাৰি মাতে৷ তাইৰ দোকানত থকা শাক-পাচলি নিজৰ ইচ্ছামতে যি পাৰে এফালৰ পৰা বেগত ভৰাই দি পঠায়৷ দাম সুধিলে তাইৰ সদায়ে সেই একেজাতীয় উত্তৰ-
’কিবা এটা দিলেই হ’ব’
আমি অনুমান কৰি কিবা এটাই দি আহোঁ৷

এটা সময়ত আমিবোৰে কলেজো সামৰি ভিন্ন দিশত ঘৰৰ পৰা ওলাই গ’লো ৷ ঘৰলৈ আহিলে গম লৈ লৈ দিদিও আহে৷ আমি খাই ভাল পোৱা বতৰৰ কিবা এটা ফল লৈ আহে ৷ এনে অহা-যোৱা বোৰতে কোনোবা এবাৰ দিদি আহি ক’লে,
’অলপ টকাৰ দৰকাৰ হৈছে৷’
গম পালো, দিদিৰ গেষ্ট্ৰিক আলচাৰ হৈছে৷ দৈন্যতাৰ স’তে অবিৰাম যুঁজি থকা দিদিৰ এই জীৱনত সেয়া হয়তো একো আশ্চৰ্য্য নহয়৷ যি পাৰোঁ দি ক’লো,
’এইবাৰ ৰোজা ৰাখিব নালাগে দেই দিদি৷ এইটো শৰীৰে আৰু লঘোণৰ বোজা ল’ব নোৱাৰে৷’

সেই যে আৰম্ভ হ’ল, দিদিৰ বেমাৰে এৰাৰ নাম নল’লে আৰু লগ পালেই টকা অলপ খোঁজাটো দিদিৰ অভ্যাসৰ দৰে হৈ পৰিল৷ লাহে লাহে দিদিৰ দোকানৰ আলুবোৰ পোকে ধৰিল, শাকবোৰ লেৰেলিল৷ কাষৰ দোকানৰ সতেজ শাক-পাচলিৰ লগত ফেৰ মাৰিব নোৱাৰা হৈ আহিল৷ সেই জৰাজীৰ্ণ শাক-পাচলিখিনি লৈ গ্ৰাহকৰ আশাত বোন্দাপৰ দি থকা দিদিৰ পৰা আমি এনেয়ে দুই এটা কিনিব লগাত পৰিলোঁ৷

হ’লেও দিদি আহি থাকিল৷ সেই একে প্ৰথম দেখা ক্ষীণকায় মানুহজনী৷ দোকানৰ সন্মুখেৰে গাড়ী চলাই যোৱাৰ পৰত মাক ’বাইই.....বাইই’ বুলি চিঞঁৰ মৰাৰ কাৰণে পিছত মাৰ কৃত্ৰিম খং দেখি খিটখিটাই হঁহা দিদিজনী৷

এইবাৰ হেনো  দীঘলীয়াকৈ দুদিনমান দিদিৰ দেখা-শুনা নাছিল৷ কিনো হ’ল বুলি মাই মাত লগাবলৈ দিদিৰ ঘৰ গৈ পাই দেখে, দিদি বিছনাত৷ অস্থি চৰ্মসাৰ শৰীৰটো বিছনাৰ লগত মিলি আছে যেন৷ মাই টকা অলপ দি ভালকৈ ডাক্তৰক দেখুৱাবলৈ কৈ আহিল৷

আৰু আজি খৱৰ আহিল,
’দিদি ঢুকাল!’

জীৱনৰ স’তে যুঁজি যুঁজি দিদি হেৰাই গ’ল৷ শেষ মুহুৰ্তত আপোন মানুহবোৰ পালেনে বাৰু দিদিয়ে- নাতিনীয়েক আছিলনে বাৰু কাষত! দিদিৰ কবৰটোত দিবলৈ ওলালনে বাৰু ফুল কেইপাহমান!আত্মীয়তাৰ এক নতুন স্বৰূপ আমাক সকলোকে শিকাই যোৱা দিদিৰ শেষৰ দিনকেইটা অলপ সহজ হ’লনে তাৰো উমান নাপালো আমি৷ 

দুটোপাল চকুলোকে আপোনাৰ নামত দিলো দিদি-সোঁৱৰণীৰ বাহিৰে দুটা দশকজোৰা এই সম্পৰ্কত দিবলৈ মোৰ যে একোৱে নাই!