Saturday 30 April 2022

আশৈশৱ (চুটিগল্প)

কলিতা ছাৰ সোমাই অহাৰ লগে লগে গোটেই শ্ৰেণীটো কাঁহ পৰি জীণ যোৱাৰ দৰে হ'ল। ছাৰৰ কপালত বিন্দু বিন্দু ঘাম। তামোলৰ বোলেৰে ৰাঙলী মুখখনত ধুমুহাৰ আগৰ নিমাত-নিসাৰ ৰূপ। শ্ৰেণীত সোমায়ে ছাৰে কাঠৰ টেবুলখনত ধাচ্ কৈ পৰীক্ষাৰ বহীৰ জাপটো থ'লে। সেই তীব্ৰতা সহিব নোৱাৰি টেবুলখনৰ লেহুকা মাৰিকেইডাল কঁপি উঠিল। তালৈ আওকাণ কৰি ছাৰে দুহাতমান দীঘল বেতডাল হাতেৰে খামোচ মাৰি লৈ সিহঁতলৈ চালে। ঠিক বাঘৰ চোঙত ক'ব নোৱাৰাকৈয়ে আৱদ্ধ হৈ পৰা হৰিণৰ জাকলৈ চোৱাৰ দৰে। ছাৰৰ প্ৰতিটো চাল-চলন সুক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা গোটেই ছোৱালীজাকে প্ৰমাদ গণিবলৈ আৰম্ভ কৰিলে।

ষষ্ঠ শ্ৰেণীৰ কোঠাটোত তৃতীয় শাৰীৰ বেঞ্চখনৰ একোণত পম্পী। লগৰ ছোৱালীবোৰৰ দৰে কলিতা ছাৰৰ আতংকই ইতিমধ্যে তাইৰো মন-মগজু গ্ৰাস কৰাৰ উপক্ৰম কৰিছে। কিন্তু তাৰ মাজতো তাই আঁৰ চকুৰে কোঠাটোৰ সোঁফাললৈ চাই পঠিয়ালে। দীঘল স্কুলঘৰটোত শ্ৰেণীবোৰ পৃথক কৰিছে অস্থায়ী জালীকটা বেৰাই। সেই জালীকটা বেৰাৰ মাজেৰে পম্পীয়ে পৰীক্ষা কৰিলে, কাষৰ শ্ৰেণীৰ পৰা ভনীয়েক মাতুৱে এইফালে চাইছে নেকি! সিহঁতৰ শ্ৰেণীলৈ এতিয়াও কোনো শিক্ষক অহা নাই। কিন্তু সিহঁতে এইপাৰে কলিতা ছাৰ সোমোৱাৰ উমান পাইছে। পম্পীয়ে দেখিলে, মাতুৱে লগৰ পিংকীৰ সৈতে ভুনভুনাই কথা পাতিছে। কিন্তু কথাৰ মাজে মাজে এইফালেও চকু দি আছে। আস, তাই অলপ পিছতে কান্দিবলৈ নল'লেই হ'ল!

কলিতা ছাৰে ইতিমধ্যে ছমহীয়া পৰীক্ষাৰ বহীবোৰ দিবলৈ আৰম্ভ কৰিছে। প্ৰথমেই ছাৰে মাতিলে, 'ৰোল নম্বৰ দুই!'

অঁ, এইবাৰ তেনে সমাজ অধ্যয়নত জাহ্নবীয়ে সকলোতকৈ বেছি নম্বৰ পাইছে! খপজপকৈ উঠি গৈ তাই নিজৰ বহীখন ল'লে। বেতডাল টেবুলতে লৰচৰ নকৰাকৈ পৰি থাকিল। জাহ্নবীয়ে হাহোঁ হাহোঁ কৰিও ছোৱালীবোৰৰ কেহেৰাজ বৰণীয়া মুখবোৰলৈ চাই হাঁহিব নোৱাৰিলে। মাথোঁ নীৰৱে উভতি গৈ পম্পীৰ সন্মুখৰ বেঞ্চখনত বহি পৰিল। বাকীবোৰৰ দৰেই পম্পীৰো ঈৰ্ষাৰ দৃষ্টি জাহ্নবীৰ পিঠিত লাগিলগৈ।

তাইৰ পিছতে ৰোল নম্বৰ মতাত আগবাঢ়ি গ'ল মণিকুন্তলা। বহী ল'বলৈ পতা তাইৰ হাতখনত পোনেই বেতৰ কোবহে পৰিল। সৰৌপ সৰৌপকৈ তিনিবাৰ!

'নাম সেইটো আৰু নম্বৰ পাইছ এয়া!' কোব দিয়াৰ মাজতে ছাৰে ভেকাহি মাৰি ক'লে।

লাজে-দুখে কোঙা হৈ মণিকুন্তলা নিজৰ ঠাইলৈ উভতি আহিল। তাই কিমান নম্বৰ পাইছে চাবলৈ শ্ৰেণীৰ বাকীবোৰে অলপ জুমাজুমি কৰিলে। ৬৫ নম্বৰৰ কাৰণে তিনিকোব যদি ৪০, ৫০ আৰু ৬০ নম্বৰৰ কাৰণে কিমান বাৰ বেতৰ কোব পৰিব? এটা সৰল মৌখিক অংক। কিন্তু পাছ কৰিবনে নাই তাকে লৈ আশংকাত ভোগা পম্পীৰ বাবে সেই মৌখিকটোও যেন বৰ জটিল হৈ পৰিল!

তাৰপিছত আৰু ছাৰৰ হাতৰ পৰা সেই বেতডালে আহৰি নাপালে। বহীৰ জাপটো যিমানেই কমি আহিল সিমানেই বাঢ়ি আহিল বেতৰ কোবৰ সংখ্যা আৰু কলিতা ছাৰৰ বিষোদগাৰ।

'কোন গাঁৱৰ ছোৱালী তই? অঁ, সেই গাঁৱৰ মানুহে পৃথিৱী বেলিৰ চাৰিওফালে ঘূৰে নে বেলিটো পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে তাকো ক'ব নোৱাৰে, মোৰ জনা আছে।'

'কি উত্তৰ লিখিছ এইবোৰ? ইমান ভুল! পঢ়া-শুনা কৰি মাৰ-বাপেৰৰ টকা ভঙাতকৈ ৰন্ধা-বঢ়া শিক বুজিছ? এনেয়ে মই তহঁতজাকৰ লগত কষ্ট কৰি মৰিছোঁ।'

যিমানে সময় গ'ল সিমানে পম্পীৰ অস্থিৰতা বাঢ়িল। তাই ইমান কম নম্বৰ পাইছেনে যে এতিয়াও তাইৰ বহীখন ওলোৱা নাই! সেই আশংকা-অস্থিৰতাৰ মাজতে তাই আকৌ এবাৰ পঞ্চম শ্ৰেণীলৈ চালে। এতিয়ালৈকে সিহঁতৰ শিক্ষক নাহিল। সেয়া মাতুকে ধৰি গোটেইবোৰ ছোৱালীয়ে বেৰাখনৰ কাষত ৰৈ ঠৰ লাগি এইফালেই চাই আছে। সেই বেৰাৰ মাজেদিও মাতুৰ সজল দুচকু তাই ঠিকেই দেখা পালে। ফুলৰ পাহিহেন কোমল এই মাতুজনীৰ মনটো। পম্পীয়ে জানে বায়েকক কষ্ট পোৱা দেখিলে মাতুৰ চকুপানীয়ে বাধা নমনা হ'ব। মাতুৰ বাবেই যেন তাই বুকুত সাহ বান্ধিলে। নিজৰ ৰোল নম্বৰ শুনাৰ লগে লগে অসহায় ভাৱটো লুকুৱাই তাই আগবাঢ়ি গ'ল।

কলিতা ছাৰে কিবা কোৱাৰ আগতেই পম্পীয়ে নিজৰ হাতখন পাতি দিলে। মনতে প্ৰাৰ্থনা কৰিলে, ছাৰে যি কয় কওক- কিন্তু তাইৰ নম্বৰটো যাতে সকলোৰে আগত কৈ নিদিয়ে। পিছে বেতৰ কোবৰ লগে লগে মুখখন বিকটাই লৈ ছাৰে গোঁজৰি উঠিল,

'এই নম্বৰ লৈ জীৱনত কি কৰিবিগৈ হুহ! চাফ-চিকুণতাৰ কাৰণে দিয়া পাঁচ নম্বৰ লৈ কোনোমতে পাছ কৰিছ।'

পম্পীয়ে লাজতে তলমূৰ কৰিলে। হাতখন বিষত থৰথৰাই গ'ল। তথাপিও বেতৰ কোব বন্ধ নোহোৱা দেখি নিৰুপায় হৈ তাই এইবাৰ হাত সলাই সোঁহাতখন পাতি দিলে। একেৰাহে বেত ঘূৰাই ছাৰৰো থুলন্তৰ দেহটোত ইতিমধ্যে ফোঁপনি উঠিছে। সেয়ে কিজানি হাতৰ সলনি ছাৰৰ মুখৰ তীব্ৰতা বাঢ়িল। ছাৰৰ সেই তীব্ৰ ককৰ্থনা নিৰৱে হজম কৰি এটা সময়ত পম্পী নিজৰ ঠাইলৈ উভতি আহিল।

বেঞ্চত বহি পম্পীয়ে কোনোমতে চকুপানী সামৰি হাত দুখন অলপ পৰ জোকাৰি থাকিল। দুয়োহাতৰ পতা টিকটিকীয়া ৰঙা। ভালকৈ চাই দেখিলে বাওঁহাতৰ আঙুলীৰ পাবত অলপকৈ তেজ বিৰিঙিছে। এনেতে কোনোবাই নাক উজোৱা শুনি তাই মূৰ তুলি চাই দেখিলে, বেৰৰ সিপাৰে তাইৰ নিচেই কাষত সেইজনী মাতু। পম্পীৰ উখহি উঠা হাত দুখন তায়ো দেখা পাইছে। পম্পীয়ে ভয় কৰাৰ দৰেই চকুপানীয়ে তাইৰ দুয়োগাল তিয়াই পেলাইছে।

পম্পীয়ে তাইলৈ চাই জোৰ কৰি হাঁহি এটা উলিওৱাৰ চেষ্টা কৰিলে। অন্য দিনাৰ দৰেই আকাৰে-ইংগিতে মাতুক পতিয়ন নিওৱাৰ চেষ্টা কৰিলে, তাই ঠিকে আছে। ক'তা, একোৱেতো হোৱা নাই তাইৰ! মাতুৱে মাথোঁ অবিশ্বাসৰ দৃষ্টিৰে তাইলৈ চাই ৰ'ল। পিছে পম্পীয়ে ইমান সহজে হাৰ নামানিলে। ছাৰৰ বেতৰ কোব কেনেকৈ তাইৰ হাতত পৰিল আৰু স্প্ৰীঙৰ দৰে উফৰি গ'ল তাকে তাই হাতৰ চিয়াৰেৰে দেখুৱাবলৈ ধৰিলে। পম্পীৰ সেই অংগী-ভংগী দেখি এটা সময়ত মাতুৱে সঁচাকৈ হাঁহি পেলালে। এনেতে দুয়োৰে চকুত পৰিল, মাতুৰ শ্ৰেণীলৈ খৰ খোজেৰে সোমাই আহিছে হাজৰিকা বাইদেউ। বাইদেউৰ হাততো এজাপ বহী! দেখিয়েই নিমিষতে মাতুৰ মুখৰ হাঁহি মৰহি গ'ল। একেকোবে দৌৰি গৈ তাই নিজৰ আসনত বহি পৰিলগৈ।

পম্পীৰ বুকুখন চিৰিংকৈ গ'ল। আজিৰ দিনতোৱে যেন আপদীয়া। আজি কিয়, গৰম বন্ধ খোলাৰ পিছৰ এই গোটেই মাহটো বিভীষিকাৰ মাহ! ছমহীয়া পৰীক্ষাৰ বহী দিয়াৰ পৰ্বটোৱে সিহঁতৰ গা আৰু মনত এচাৰিৰ ঘাঁ শুকাবলৈ নিদিয়ে।

প্ৰথমবাৰ এই হাজৰিকা বাইদেউৰ ৰুদ্ৰমূৰ্ত্তি দেখি পিছদিনাৰ পৰা স্কুললৈ নাহোঁ বুলি মাতুৱে কান্দিছিল। পম্পীয়ে সেইদিনা মৰসাহ কৰি গৈ বাইদেউক কৈছিল,

'বাইদেউ, আপোনালৈ ভয় কৰি মোৰ ভণ্টি মাতুৱে স্কুললৈ নাহে বুলি কন্দা-কটা কৰিছে। তাইক আপুনি নামাৰে বুলি কৈ দিবনে? নহ'লে যে তাই কেতিয়াও স্কুললৈ নাহিব!'

সেই অদ্ভুত অনুৰোধটো শুনি বাইদেৱে থতমত খাই গৈছিল সেইদিনা।

'কিয় নাহিব তাই? স্কুলত শাসন মানিলে আৰু ভালকৈ পঢ়িলে এনেয়ে মাৰ নাখায় নহয়!'

বাইদেৱে আজি সেই কথা নাৰাখে, পম্পীয়ে বুজিলে। অসহায় হৈ তাই মাথোঁ চাই ৰ'ল মাতুৱে বাইদেউৰ পৰা বহী লোৱাৰ পৰ্ব। পম্পীৰ দৰে সাহসীৰ অভিনয় কৰাৰ সলনি তাই বেতৰ কোব পৰাৰ আগতেই আতংকত হাও হাওকৈ কান্দি পেলালে। বাইদেউৰ কঠোৰ মুখখন যেন অলপ কুমলিল। 'বছৰেকীয়া পৰীক্ষাত ভাল নম্বৰ পাব লাগিব' বুলি কৈ দুকোব দিয়ে তাইক ঘুৰাই পঠালে। বেঞ্চত বহিও মাতুৱে উচুপি থাকিল। পম্পীৰ বুকুখন মোচৰ খাই যোৱা যেন ভাৱ হ'ল।

স্কুল ছুটি হোৱাৰ পৰলৈকে মাতুৰ চকু-নাক ৰঙা পৰি থাকিল। পম্পীয়ে টিউবেলৰ পাৰলৈ নি তাইৰ মুখখন ধুৱাই দিলে। ৰুমালেৰে মুখখন লাহেকৈ মচি দি তাই ক'লে,

'একো নহয় দে! কাইলৈকে এইবোৰ বিষ কমি যাব। হু ল- এয়া তোলৈ মৰ্টন কিনিছিলো।'

টেঙা মৰ্টনৰ কমলা বাকলিখন এৰুৱাই এৰুৱাই মাতুৱে আপচোছ ভৰা মাতেৰে ক'লে,

'আজি ইংৰাজীৰ বহী নিদি ছবিৰ দিয়া হ'লে! মই জানো, ছবিত ভাল নম্বৰ পামেই। পৰীক্ষাত কিমান ধুনীয়াকৈ কাপ-প্লেটযোৰ আঁকিছিলো।'

'পাবি, ছবি অঁকাত তোক কোনেও হৰুৱাব নোৱাৰে মাতু।'

মাতুৱে মিচিকিয়াই হাঁহিলে। মৰ্টন চুপি চুপি দুয়ো লাহে লাহে ঘৰলৈ বাট বুলিলে। মাতুৰ মনটো অলপ মুকলি হোৱা দেখি সেই সুযোগতে পম্পীয়ে ক'লে,

'শুনচোন মাতু! আজি যদি দেউতাই এচাৰি লৈ খেদি আহে, তই ঠাইতে ৰৈ নাথাকিবি দেই। দুয়োজনীয়ে একেলগে পলাম। পিছত দেউতাৰ খং কমিলে ইমান মাৰ খাব লগা নহয়।'

কথাষাৰ শুনাৰ লগে লগে মাতুৰ মুখখন পুনৰ ক'লা পৰি গ'ল।তাই যেন পাহৰিয়ে গৈছিল এতিয়াও ঘৰত যে কি বিভীষিকা ৰৈ আছে! পৰীক্ষাৰ বহীত দেউতাকৰ চহী লৈ কাইলৈকে স্কুলত দেখুৱাব লাগিব। সিহঁতৰ পঢ়াৰ অগ্ৰগতি যে ঘৰত জানে তাৰ প্ৰমাণ দিব লাগিব। কিন্তু পৰীক্ষাৰ নম্বৰ চাই আজি ৰাতি দেউতাকে বা কি ৰূপ লয়! চিটিপনি এচাৰিৰ কোব দিয়েই ক্ষান্ত হ'বনে খাবলৈ-শুবলৈ নিদি শেষ নিশালৈকে সিহঁতক পঢ়ুৱাবলৈ ল'ব কোনে জানে।

পম্পীৰ হাত এখনত জোৰেৰে খামোচ মাৰি ধৰি তাই ক'লে,

'কিন্তু দেউতাৰ ওচৰলৈতো যাবই লাগিব! কাইলৈ চহী দেখুৱাব নোৱাৰিলে স্কুলত আকৌ মাৰ খাব লাগিব। '

'নহয় অঁ! দেউতাক বহীখন দি ৰৈ নাথাকিবি আকৌ। এনেকৈ ধৰাৰ নিচিনাকৈ মোক হাতত ধৰি ল'বি। আমি দুয়োজনী একেলগে পলাম।'

'ক'লৈ?'

'বাটলৈ। একো নহ'লেও গাঁৱৰ মানুহে শুনা পাব। কেনেবাকৈ তামুলী খুড়া ঘৰত থাকিলে জৰুল আমাক বচাবহি!'

মাতুৱে কিছু দ্বিধাৰে মূৰ দুপিয়ালে। তাই যে বুজি নাপায় কি হৈ যায়! দেউতাকৰ সেই ৰূপ দেখিলে তাইৰ যেন মন-মগজু উকা হৈ পৰে। হাত-ভৰি লৰচৰ কৰিব নোৱাৰা হৈ পৰে। পম্পীৰ চিৎকাৰ, মাকৰ কান্দোনৰ বিপৰীতে মাতু হৈ পৰে এক প্ৰস্তৰ মূৰ্ত্তি।

এবাৰ এনেকুৱা এটা কালনিশাৰ পিছত সিহঁতৰ গাঁৱৰে তামুলী খুড়াই দেউতাকক কৈছিলহি,

'হোমেনকাই, এই ফুকলীয়া ছোৱালীদুজনীক ইমানকৈ মাৰধৰ কৰিব লাগেনে বাৰু? এইবয়সত ইমানকৈ মাৰ খালে সিহঁত গোটেই জীৱনলৈ ঘুণীয়া হৈ পৰিব।'

দেউতাকে ভেকাহি মাৰি উঠিছিল,

'কি কোৱাহে ব্ৰজেন! ছেকনিৰ আগতহে বিদ্যা বুলি এনেয়ে নকয় নহয়। আমাৰ দেউতাৰ এচাৰিৰ কোবকেইটায়ে আমাক পোন কৰিছিল, মানুহ হোৱাৰ শিক্ষা দিছিল। এতিয়াও সেই শিক্ষা পাহৰা নাই।'

তাৰপিছত দেউতাকে আৰম্ভ কৰিলে সেই একেখন ৰেকৰ্ড। ককাক হৰিকান্তৰ ভয়ত কেনেকৈ সাতোটা ককাই-ভাই ঘৰত থৰহৰি কম্পমান হৈ ৰৈছিল। হৰিকান্তৰ চকুলৈ চাই কোনেও কথা কোৱাৰ সাহস নকৰিছিল। কৈ কৈ দেউতাক অতীত সোঁৱৰণিত ডুব গ'ল। তামুলী খুড়াই হামিয়াবলৈ আৰম্ভ কৰিলে। বহা কোঠাৰ সিপাৰে কাণ উনাই ৰোৱা পম্পীৰ গধুৰ খোজবোৰ পাকঘৰ অভিমুখে গতি কৰিলে।

সকলো যেন একেটা পাকচক্ৰত বন্দী। কথাবোৰ যেনেকৈ চলি আহিছে তেনেকৈয়ে চলাই নিয়াৰ এটা অদ্ভুত তাড়নাত বন্দী। এবাৰ মাথোঁ- এবাৰ যদি ছেকনিৰ আগেৰে সিহঁতক ডাঙৰ মানুহ কৰাৰ অহৰহ চেষ্টাত যতি পেলাই কেৱল মানুহ বুলি চালেহেঁতেন। তেজ-মঙহৰ মানুহ। ভাল লগা-বেয়া লগা বহু অনুভূতিৰে, হেঁপাহেৰে উপচি থকা মানুহ! ইমান সাধাৰণ কথাটোনো মাক-দেউতাক-ছাৰ-বাইদেউহঁতে কিয় দেখা নাপায়? পম্পীয়ে বুজি নাপায়।

যিমানেই ঘৰৰ কাষ চাপিল সিমানেই দুয়োজনীয়ে মনে-প্ৰাণে বিচাৰিলে এই বাটৰ যেন কেতিয়াও শেষ নহওক। বাটৰ বাওঁকাষৰ ধাননি পথাৰবোৰ দীঘল হৈ গৈ থাকক, সন্মুখৰ কেকুঁৰিটোৰ ওৰ নোলাওক, সোঁকাষৰ দ'লনিখন বহল হৈ গৈ ইপাৰ-সিপাৰ নমনা হৈ পৰক!

ঘৰ পায়ে মুখ হাত ধুই দুয়ো নিৰৱে ভাত খাবলৈ বহিল। দুয়োৰে শুকান মুখ দেখি একো নোকোৱাকৈয়ে মাকে যেন সকলো বুজি পালে।

'কিহৰ বহী দিলে আজি? কিমান পালি?' খাই থকাৰ মাজতে মাকে সুধিলে।

পম্পী আৰু মাতুৱে একো ক'ব নোৱাৰিলে। মাথোঁ নিৰৱে গৈ বহী দুখন মাকৰ হাতত দিলেহি। লগে লগে মাকৰ মুখ গোমোঠা হৈ পৰিল। সিহঁত দুজনীতকৈ মাকৰ দুখ আৰু হতাশাৰ ধাৰাহে তীব্ৰ হৈ পৰিল যেন!

পাকঘৰৰ চৰু-কেৰাহী সামৰি সামৰি মাকে আপোনমনে ক'বলৈ লাগিল,

'লোকৰ ল'ৰা-ছোৱালীয়ে ইমান নম্বৰ তোলে। আমাৰ কেইজনীৰ চোৱা। পঢ়া-শুনাত নহ'ল, নাচ-গান-ঘৰৰ কাম কাজ একোতেই নহ'ল।'

পম্পী আৰু মাতুৱে ভাতৰ গৰাহ মুখলৈ নিনি লিৰিকি বিদাৰি মাকৰ কথা শুনি থাকিল। কিমান কষ্ট কৰি মাক-দেউতাকে দুয়োজনীক স্কুলত পঢ়াইছে। দেউতাকে দিনৰ দিনটো চাপৰিৰ খেতিতে কটায়। মাকে তাঁত বয়। তথাপি সিহঁত দুজনীক স্কুললৈ পঠাইছে- পঢ়ি-শুনি মানুহ হওক বুলি। মাক-দেউতাকৰ দৰে কষ্টৰ জীৱন সিহঁতৰো নহওক বুলি। তাৰ প্ৰতিদান এয়া?

মাকৰ দুখৰ মালিতা স্তব্ধ হোৱাৰ কোনো লক্ষণ নেদেখি পম্পীয়ে অলপ অসহিষ্ণুভাৱে কৈ পেলালে,

'কিয়, স্কুলৰ প্ৰতিযোগিতাত কিমানবোৰ খেলত মই প্ৰতিবাৰেই প্ৰথম হওঁ!'

পিছে হিতে বিপৰীত হ'ল। মাকৰ দুচকু ভমক কৰে জ্বলিহে উঠিল যেন।

'খেলত প্ৰথম হৈ তই কেনেকৈ ঘৰ পুহিবি মোক ক'চোন। মাতু অন্তত: নম্ৰ। তইতো সেয়াও হ'বলৈ নিশিকিলি, কথাই কথাই উত্তৰ দিয়। ইমান চোকা মুখখনেৰে কাৰ ঘৰ ধৰিবিগৈ?'

দুখে-ক্ষোভে মাকে এসোঁতা কান্দি পেলালে। পম্পীৰ মন বিতৃষ্ণাৰে ভৰি পৰিল। তাই ভাতৰ থালখনকে থেকেচিলে। মাক আৰু পম্পীৰ উখনা-উখনিৰ মাজত মাতু যেন নিৰুপায় হৈ পৰিল। তাই কোমল মাতেৰে লেনিয়াই ক'লে,

'মা, আমি পথাৰত গৈ সোণটোহঁতৰ লগত অলপ খেলোগৈনে?'

'পৰীক্ষাত সেয়া নম্বৰ আনিছ আৰু খেলাৰ কথা ক'বলৈ লাজ লগা নাই? যা: অলপ শুই লগৈ। ৰাতি পঢ়িব লাগিব।' মাকে দাবী দি উঠিল।

দুয়ো সুৰসুৰাই আহি বিছনাত পৰিলহি। মাকে নক'লেও দুয়ো বুজিলে, আজি ৰাতিৰ বাবে সাজু হ'বলৈহে এই ব্যৱস্থা। দেউতাক অহাৰ পিছত সিহঁতৰ কি দশা হ'ব কোনেও নাজানে!

মনত হাজাৰটা আশংকা লৈও কেতিয়ানো টোপনি গ'ল দুয়ো ক'বই নোৱাৰিলে। সন্ধিয়া মাকে জগাই দিলত পম্পী আৰু মাতু দুয়ো একেজাপে উঠি আহিল। প্ৰথমেই দেউতাক আহিল নেকি তাৰ উমান ল'লে। নাই, এতিয়াও ঘৰ পোৱাহি নাই! মুখ হাত ধুই দুয়ো প্ৰাৰ্থনা কৰি লৈ পোনেই পঢ়া টেবুলত বহিল। অন্য দিনাৰ দৰে আজি সিহঁতক পঢ়িবলৈ মাকে সোঁৱৰাব লগা নহ'ল।

পিছে সিহঁত এজনীৰো পঢ়াত মন নবহিল। এই যেন এজাক তীব্ৰ ধুমুহা আহিব। তছনছ কৰি দিবহি এই নিৰিবিলি সন্ধিয়াটো। সেই উদ্বিগ্নতাই সিহঁতৰ উশাহবোৰ চুটি কৰি আনিলে। তথাপি মাতুৱে বিজ্ঞানৰ পাঠ এটা যিমান পাৰে ডাঙৰ মাতেৰে মাতি পঢ়িবলৈ চেষ্টা কৰিলে। তাকে দেখি দেউতাকৰ মন কুমলেই বা।

শিল্পী: Alina-Ondine Slimovschi


সন্ধিয়া লাগি ভগাৰ পিছত দেউতাক ঘৰ সোমালহি। চাহকাপ খাই লৈ তেওঁ বহাকোঠাৰ আৰামী চকীখনত বহিল। তাৰপৰাই কাষৰ কোঠাত পঢ়ি থকা পম্পী আৰু মাতুৱে শুনাকৈ ডাঙৰ মাতেৰে ক'লে,

'বহীকেইখন লৈ আন!'

লগে লগে আতংকত মাতুৰ কণ্ঠৰুদ্ধ হৈ গ'ল। বিজ্ঞানৰ কিতাপখন তাইৰ হাতৰ পৰা সৰি পৰিল। পম্পীয়ে তাইক ভৰসা দিয়াৰ চেষ্টা কৰিলে। ঘৰলৈ অহাৰ বাটত কি পাতিছিল সোঁৱৰাই দিয়াৰ চেষ্টা কৰিলে। দুয়ো চুচুক-চামাককৈ নিজৰ নিজৰ পৰীক্ষাৰ বহী হাতত লৈ বহাকোঠাটোলৈ সোমাই আহিল।

দেউতাকৰ ক্লান্ত মুখ। কিন্তু চকুৱে-মুখে খঙৰ ৰেখা স্পষ্ট। দেউতাকৰ কাষতে টমীয়ে মজিয়াত বাগৰ দি আছে। দুদিনমানৰ আগতে সেই বাটৰ কুকুৰটোৱে ঘৰ লৈছেহি। কিন্তু সি যেন ইতিমধ্যে দেউতাকৰ বিশস্ত সহচৰ হৈ পৰিছে। বহাকোঠাৰ খোলা দুৱাৰেৰে অহা ফিৰফিৰিয়া বতাহজাক লৈ আৰাম কৰি থকা টমীলৈ সিহঁতৰ ঈৰ্ষা উপজিল। পম্পীয়ে পাকঘৰলৈ যোৱা দুৱাৰখনত ভেঁজা দি ৰৈ থকা মাকলৈ চালে। অসহায় নিৰৱ দৰ্শক মাকৰ দুচকুত এসাগৰ দুখ। নে হতাশা? পম্পীয়ে ঠিক ধৰিব নোৱাৰিলে। দেউতাকৰ কথামতে মাকে বিনা প্ৰতিবাদে কোঠাৰ চুকৰ পৰা চেৰেপনি এছাৰি ডাল আনি তেওঁৰ হাতত তুলি দিলে।

বহীখন দেখুৱাবলৈ কোৱাৰ লগে লগে পম্পীয়ে মাতুৰ বাওঁহাতখনত খামোচ মাৰি ধৰিলে আৰু চকুৰে ইংগিত দিলে। তথাপি যেন কিছু পলম হৈ গ'ল!

ইতিমধ্যে মাতুৰ সমগ্ৰ শৰীৰ জঠৰ হৈ পৰিছে। পম্পীয়ে সৰ্বশক্তিৰে টানিও তাইৰ গাটো কেটকুটেই কৰাব নোৱাৰিলে। মাতুৱে যেন উশাহো ল'বলৈ পাহৰি গৈছে। মাথোঁ নিথৰ চকুৰে চাই ৰৈছে দেউতাকলৈ।

পম্পীৰ কাৰবাৰ দেখি দেউতাকে প্ৰথমে তাইকে ধৰিবলৈ উদ্যত হ'ল। এইবাৰ আৰু এক মুহুৰ্তও পলম নকৰি পম্পীয়ে মাক-দেউতাকে তলকিবলৈ পোৱাৰ আগতেই সাউৎকৈ বাহিৰলৈ দৌৰ দিলে।

বিস্ফোৰিত দুচকুৰে দেউতাকে তাইৰ পিছে পিছে খেদি গ'ল। দেউতাকৰ পিছে পিছে লৰ দিলে টমীয়ে। ঘটনাৰ আকস্মিকতাত মাক তাতে হতভম্ব হৈ থিয় দি ৰ'ল।

কেনিও নোচোৱাকৈ ঘৰৰ সন্মুখৰ বাটেৰে পম্পীয়ে মাথোঁ দৌৰিলে আৰু দৌৰিলে। দৌৰি দৌৰি তাই পাৰ হৈ গ'ল সেই ধূলিয়ৰি বাট, বাটৰ সিপাৰৰ সৰিয়হডৰা। স্কুলৰ দৌৰ প্ৰতিযোগিতাত তাই সদায়ে প্ৰথম হয়।তাইৰ ভৰি দুখনেই যেন যিকোনো বিপদৰ সময়ত একমাত্ৰ সাৰথি।

তাইৰ দৌৰৰ লগত তাল মিলাব নোৱাৰি বাটটোৰ শেষত ফোঁপাই জোঁপাই দেউতাক ৰৈ গ'ল। প্ৰচণ্ড আক্ৰোশেৰে তেওঁ গৰজিলে,

'আহ তই আজি ঘৰলৈ! ভৰিৰ কলাফুল ফালি চিৰাচিৰ কৰি দিম।'

সেই কাণিমুনি আন্ধাৰৰ মাজেদি তাই অবিৰাম দৌৰিয়ে থাকিল। কিমান দূৰ, কিমান সময় দৌৰিলে তাই ক'বই নোৱাৰিলে। দেউতাক যে বহু আগতেই ঘৰলৈ উভতি গৈছে তাই মনেই নকৰিলে। 

এটা সময়ত তাইৰ দুভৰি থমকি ৰ'ল। পথাৰৰ সিপাৰৰ দ'লনি খন পাবৰ হৈছে। সেইখিনিতে ঘোপমৰা বাঁহনি এখন। বুকুৰ ধপধপনিটো কমাৰ পিছত পম্পীয়ে লাহেকৈ বাঁহনিৰ কাষতে থকা বৰটেঙাৰ গছ এজোপাত বগাই উঠিল। এইখিনিত ওচৰে পাজৰে এঘৰো মানুহ নাই। পথাৰৰ সিপাৰেহে ঘৰবোৰৰ ধিমিক ধামাক লেমৰ পোহৰ দেখা গৈছে। সেইফালে মন দি চাই পম্পীয়ে সিহঁতৰ ঘৰটোও দেখিলে। টমীৰ ভুকভুকনিৰ ক্ষীণ শব্দ এটা শুনা পালে যেন তাই। নাই, সেয়া অন্য কুকুৰহে কিজানি। সৌৱা সিহঁতৰ ঘৰৰ মূল দুৱাৰখনচোন বন্ধ হৈ গৈছে। মাথোঁ খিৰিকীৰে ভাঁহি আহিছে টেবুল লেম্পৰ অনুজ্জল পোহৰ।

বৰটেঙাৰ ডাল এটা সাবটি ধৰি সেই গছৰ ফেৰেঙণিতে বহু পৰ বহি ৰ'ল পম্পী। বতাহে কঁপাই যোৱা বাঁহপাতৰ চি চি শব্দৰ বাহিৰে চাৰিওফালে মৰিশালিৰ নিৰ্জনতা। ইমান অন্ধকাৰ, ইমান প্ৰশান্তিময় সেই ঠাই! কেইটামান মুহুৰ্ত্তৰ আগৰ সেই আতংকৰ যেন একো চিনমোকামেই নাই ইয়াত।

দিনটোৰ অৱসাদে যেন এতিয়াহে আৱৰি ধৰিলে তাইক। চকুহাল মুদি লৈ তাই ভাবিবলৈ ধৰিলে, কি কৰা যায়? তাই গুচি যাব নেকি? এই গাওঁ এৰি। এই ঘৰ এৰি। চিৰদিনলৈ?

আজি ৰাতিটো ইয়াতে কটাই দোকমোকালিতে যোগেনৰ বাছত উঠি টাউনলৈ গুচি যাব নেকি? টাউনত কাৰোবাৰ ঘৰত বন কৰা ছোৱালী হৈ পইচা ঘটিব। দিনত কাম কৰি আৰু ৰাতি ৰাতি পঢ়ি তাই এদিন মানুহ হ'ব!

নাইবা- নাইবা এই গাওঁ পাৰ হৈ বহু দূৰৈৰ কোনোবা অজান গাঁৱলৈ গুচি যাব নেকি? এই হাবিতলীয়া বাটেৰে গোটেই ৰাতি দৌৰি দৌৰি গৈ ক'ৰবাৰ কোনোবা গাওঁ ওলাবগৈ। তাত মৰমিয়াল এঘৰ মানুহে তাইক তুলনীয়া জী কৰি ল'ব। তাৰ স্কুলৰ শিক্ষকেও মৰম কৰি পঢ়াব। তাই তাতে খুউব মন দি পঢ়িব।

কল্পনাৰ পখীঘোঁৰাত উঠি বেছ কিছুপৰ তাই আপোনপাহৰা হৈ ৰ'ল।

কিন্তু এনেতে এটা শব্দই তাইক বাস্তৱলৈ উভতাই আনিলে। বহুত দূৰৈৰ পৰা ৰিৰিয়াই ভাঁহি আহিছে এটা কান্দোনৰ শব্দ। কোনোবা নাৰীয়ে হিয়া বিদাৰি কান্দিছে।

কাৰ কি হৈছে? পম্পীয়ে উৎকণ্ঠাৰে সিহঁতৰ ঘৰলৈ চাই পঠিয়ালে। ঘৰৰ খিৰিকী খোলা কিন্তু ভিতৰখন আন্ধাৰ।

হঠাৎ যেন তাইৰ সম্বিত আহিল। তাই গুচি গ'লে মাতুৰ কি হ'ব? মাতুৰ??

হুৰুসকৈ গছজোপাৰ পৰা পম্পী নামি আহিল। গছৰ ঠানি এটাত লাগি তাইৰ চোলাটোৰ এফাল চিঙি গ'ল। ছেহ! মাকে দেখা পোৱাৰ আগতেই চোলাটো চিলাই পেলাব লাগিব। ফালি যোৱা চোলাটোলৈ চাই চাই তাই ভাৱিলে।

লাহে লাহে তাইৰ ভৰি দুখন আগবাঢ়িল। ঘৰ অভিমুখে।