Thursday 30 December 2021

প’লেণ্ডৰ ডায়েৰী (৯): ব্যতিক্ৰমী বৰদিন

বৰদিনৰ দিনা সমগ্ৰ ৱাৰশ্বাৱা মহানগৰী শুকুলা বৰফৰ আচ্ছাদনে ঢাকি পেলালে৷ এপাৰ্টমেন্টৰ খিৰিকীৰে উজ্বল ৰ’দত জিলমিলাই উঠা বাহিৰৰ শুভ্ৰ পৃথিৱীখন চাই চাই ভাৱিলো, তেনে এনেকৈয়ে আহিল বৰদিন! মহামাৰীয়ে পিষ্ট কৰা এই নতুন পৃথিৱীত ব্যতিক্ৰমী এটা দিন হৈ! 

বৰফৰ আচ্ছাদনত ৱাৰশ্বাৱা মহানগৰী

যোৱা দিনকেইটাতে বাবচ্চাৰ ইটো সিটো জটিলতাৰ বাবে কেইবাবাৰো সময়ে-অসময়ে ঘৰখনত ভুমুকি মাৰিছেহি জৰুৰী স্বাস্থ্যসেৱাৰ এম্বুলেন্সে৷ অক্সিজেনৰ মাত্ৰাৰ অহৰহ পৰীক্ষা চলিছে৷ সদ্যহতে ঘৰতে যত্ন লৈ থাকি অক্সিজেনৰ মাত্ৰা নিম্নগামী হোৱা যেন দেখিলেহে পোনেই হস্পিটেললৈ নিয়াৰ পৰামৰ্শ দিছে ডাক্তৰে৷ 

পুৱাতে মনটো কিছু সেমেকিল৷ সুদুৰ কানাডাৰ পৰা বাবচ্চাৰ সৈতে বৰদিন উদযাপন কৰিবলৈ আহি আজিৰ দিনটোত মই এই অকলশৰীয়া এপাৰ্টমেন্টত৷ বাবচ্চাই সমগ্ৰ জীৱন পৰম্পৰা অনুসৰি কৰি অহা বৰদিনৰ বাৰবিধ খাদ্যৰে নিশাৰ সাঁজ আজি ৰন্ধা নহ’ব, খ্ৰীষ্টমাছ ট্ৰী জোপা ৰং-বিৰঙী লাইটৰ পোহৰেৰে, নানা সাজ-সজ্জাৰে উজ্বলি নুঠিব, নোখোলাকৈয়ে পৰি ৰ’ৱ বৰদিনৰ উপহাৰবোৰ! মহামাৰীয়ে যেন নিমিষতে তচনচ্ কৰি দিলে আমাৰ সকলো আয়োজন, সকলো হেঁপাহ!

মনত পৰিল, অসম্ভৱ হৈ পৰা সেই সকলোবোৰ হেঁপাহৰ মাজতো এতিয়াও সম্ভৱপৰ মোৰ একমাত্ৰ নিজা বৰদিনৰ পৰম্পৰাটো! প্ৰায় লগে লগেই তৰপে তৰপে উমাল কাপোৰ সোমোৱাই ওলাই আহিলো৷ বাহিৰত তেতিয়া -১০ ডিগ্ৰী তাপমাত্ৰা৷ উজ্বল ৰ’দজাকৰ ভৰসাতে খোজ দিলো মহানগৰৰ মাজমজিয়াতে থকা ৱ’জেনকি উদ্যান (Łazienki Park) লৈ৷ 

মোৰ উদেশ্য বৰদিনৰ পক্ষী নিৰীক্ষণ (Christmas Bird Count)৷ এটা সময়ত উত্তৰ আমেৰিকাত বৰদিনৰ পৰম্পৰাৰ অংশ হিচাপে সেই দিনা চৰাই চিকাৰৰ প্ৰতিযোগিতা হৈছিল৷ ১৯০০ চনত তাৰে এটা স্বেচ্ছাসেৱী অনুষ্ঠান নেশ্যনেল অডূবন ছ’ছাইটিয়ে ৰাইজলৈ আহ্বান জনালে বৰদিনৰ দিনা চৰাই চিকাৰ নকৰি নিৰীক্ষণ কৰিবলৈ৷ তেতিয়াৰে পৰা প্ৰতিবছৰে দেশে বিদেশে এই বৰদিনৰ পক্ষী নিৰীক্ষণৰ পৰম্পৰা বিয়পিলৈ ল’লে৷ আজিৰ দিনত এই প্ৰকল্পটো বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ চলি অহা নাগৰিক বিজ্ঞানৰ প্ৰকল্প৷ আজি বৰদিনৰ দিনা সেই প্ৰকল্পলৈকে কিছু অৱদান দিয়াৰ হেঁপাহত মই খোজ দিলোহি ৱ’জেনকি উদ্যানত৷

ৱ’জেনকি উদ্যানত ভৰি দিয়ে চকুত পৰিল বৰদিনৰ ৰাতিপুৱাই বন্ধু-বান্ধৱ বা পৰিয়ালৰ সৈতে খোজ দিবলৈ বহুতো লোক ওলাই আহিছে৷ ডাঠ উমাল কাপোৰৰ মাজত কোনোমতে দেখা পোৱা মুখবোৰলৈ চাই চাই ভাৱিলো, কাৰ বাবে কেনেদৰে আহিছে এই বৰদিন, কেনে ৰূপ লৈছে জীৱনে এই নতুন পৃথিৱীত! 

ৱ’জেনকি উদ্যানত বৰফৰ দলিচা

ৱ’জেনকি উদ্যানখনৰ চাৰিওদিশে বৰফৰ দলিচা৷ লঠঙা গছবোৰৰ ডালে ডালে বৰফৰ শুকুলা প্ৰলেপ৷ উজ্বল ৰ’দত চিকমিকাই উঠা সেই অৰণ্যৰ অপূৰ্ব ৰূপে মোক পলকতে মুগ্ধ কৰি পেলালে৷ এই উদ্যানখন বহুদশক পূৰ্বে এগৰাকী সম্ভ্ৰান্ত নাগৰিকে ব্যক্তিগত স্নান উদ্যানৰ আৰ্হিত গঢ়িছিল৷ গম পালো ৱ’জেনকি নামটোৰ অৰ্থই হ’ল বাথ অৰ্থাৎ স্নান৷ পৰৱৰ্ত্তীকালত প’লেণ্ডৰ অন্তিম ৰজা গৰাকীয়ে এই বিশাল উদ্যানখন কিনি লৈ নিৰ্মাণ কৰিলে আটকধুনীয়া প্ৰসাদ, নানা আকৰ্ষণীয় কীৰ্তিচিহ্ন৷ 

বিশাল উদ্যানখনৰ অসংখ্য সৰু বৰ বাট৷ বাইন’কুলাৰ উলিয়াই লৈ তাৰে এটা বাটত লাহে লাহে খোজ দিলো৷ ফোনত সক্ৰিয় কৰি ল’লো ইবাৰ্ড নামৰ এপটো৷ পক্ষী নিৰীক্ষণৰ বাবে অতিকৈ নিৰ্ভৰযোগ্য এই এপটোৱে মোৰ গতিপথ আৰু সময় জিপিএছৰ সহায়ত ৰেকৰ্ড কৰিব আৰু পক্ষী নিৰীক্ষণৰ সকলো তথ্যও লগে লগেই তাত ভৰাই যাব পাৰিম৷ 

সেই ঠেটুৱৈ লগা শীততো দেখা পালো ইফাল সিফাল কৰি খাদ্যৰ সন্ধানত ব্যস্ত হৈ পৰিছে কেইবাটাও ভদৰকলি চৰাই৷ প’লেণ্ডৰ এই অংশত আকৌ দুবিধ ভদৰকলি চৰাইৰ প্ৰজাতি পোৱা যায়৷ দেখাত প্ৰায় একে যেন লাগিলেও এবিধৰ মূৰটো নীলবৰণীয়া (Eurasian Blue Tit), আনবিধ আমাৰ অসমত দেখা পোৱা ক’লা মূৰৰ একেবিধ ভদৰকলি (Great Tit)৷ দুয়োবিধ প্ৰজাতিৰে কেইবাটাও জাকে সুমধুৰ মাতেৰে এটা ডালৰ পৰা সিটো ডাললৈ উৰি ফুৰা চকুত পৰিল৷

খাদ্যৰ সন্ধানত ব্যস্ত এটি ভদৰকলি


সমগ্ৰ উদ্যানখনতে লঠঙা গছৰ ডালত আৰু বৰফৰ দলিচাতো কেইবাবিধো কাউৰী প্ৰজাতিৰ চৰাইয়ে কোৰ্হাল কৰি থকাও দেখা পালো৷ সেইকেইবিধ দেখাত সাইলাখ কাউৰীৰ দৰেই যদিও ভালকৈ মন কৰিলে চকুত পৰে, দেহৰ বৰণৰ ইটো সিটো পাৰ্থক্যবোৰ৷ সিদিনা চকুত পৰিল ৰুক, হুডেড কাউৰী আৰু ৰেভেনৰ জাকবোৰ৷

বৰফৰ মাজত এটা হুডেড কাউৰী

সুউচ্চ পৰ্ণপাতী অৰণ্যৰ ছাঁত মূৰ দাঙি ৰোৱা শ্ন’বেৰী জোপোহাবোৰৰ ফটো ল’বলৈ এঠাইত ক্ষন্তেক ৰ’লো৷ বৰফৰ দলিচাৰ সৈতে শুকান ডালত শ্ন’বেৰীবোৰৰ আকৰ্ষণীয় ৰূপ৷

শ্ন’বেৰীৰ শুকান জোপোহা

পিছে অকস্মাৎ মোৰ মনোযোগ আকৰ্ষণ কৰিলে এটা কেৰ্কেটুৱাই৷ মোৰ কাষতে থিয় দঙা দি কৌতুহলেৰে চাই আছে এটা ৰঙা কেৰ্কেটুৱাই৷ মই লৰচৰ নকৰাত এখোজ দুখোজ কৈ আগবাঢ়ি আহি  পলকতে একেবাৰে কাষ চাপি আহিল কেৰ্কেটুৱাটো আৰু মই কিবা তলকিবলৈ পোৱাৰ আগতেই মোৰ ভৰিৰে বগাই আঁঠু পালেহি!

কৌতুহলী কেৰ্কেটুৱাটো

ঘটনাৰ আকস্মিকতাত ক’ব নোৱাৰাকৈয়ে সৰুকৈ চিৎকাৰ এটা ওলাল মোৰ মুখেৰে৷ তৎমুহুৰ্ত্ততে কেৰ্কেটুৱাটোৱে ফৰিং ছিটিকা দিলে৷ কেৰ্কেটুৱা এটাই তেনেকৈ ভয় খুওৱা দেখি নিজলৈকে হাঁহি উঠিল৷ তাৰ পিছতো বেছ কিছুপৰ সেই কেৰ্কেটুৱাটোৰ গতি বিধি চাই ৰ’লো৷ অলপ দূৰৈত থিয় দি সিও মোৰ আলেখ লেখ চাই থাকিল আৰু এটা সময়ত গছৰ ওপৰলৈ দৌৰ দিলে৷

কিছুপৰ খোজ দি আগবাঢ়ি গৈ থকাৰ পৰত উপলব্ধি কৰিলো, উদ্যানখনত প্ৰায়বোৰ মানুহৰে কাষ চাপিছেগৈ এই ৰঙা কেৰ্কেটুৱাবোৰ৷ তাৰে বহুতে ব্ৰেড বা অন্য খাদ্য আগবঢ়াইছে সিহঁতলৈ৷ মোৰ গালৈ জপিওৱা কেৰ্কেটুৱাটোৰ দৰে কিছুমান দু:সাহসী কেৰ্কেটুৱাই আনকি মানুহৰ হাতৰ পৰাই খাদ্য খাইছে!

পিছত খুঁচৰি চাই গম পালো, ৱাৰশ্ব’ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ এটা দলৰ গৱেষণাত ধৰা পৰিছে যে এই উদ্যানত দুশৰো অধিক ৰঙা কেৰ্কেটুৱাই বাস কৰে আৰু ইয়াৰ মূলতে হ’ল মানুহে খুওৱা এই খাদ্য৷ বিজ্ঞানীসকলে মানুহৰ সংস্পৰ্শত থকা কেৰ্কেটুৱাবোৰৰ সৈতে সম্পূৰ্ণ বন্য পৰিৱেশত থকা কেৰ্কেটুৱাৰ স্বভাৱৰ কিবা পাৰ্থক্য আছে নেকি তাৰো পৰীক্ষা কৰি দেখিলে যে, প্ৰাকৃতিক পৰিৱেশত কেৰ্কেটুৱাৰ সক্ৰিয়তা আৰু গতি-বিধি পৰিচালিত হয় সূৰ্য্যৰ দ্বাৰা৷  পিছে এই উদ্যানত ৰঙা কেৰ্কেটুৱাবোৰ আটইতকৈ সক্ৰিয় যেতিয়া মানুহৰ সমাগমো সকলোতকৈ বেছি!

পিছতহে বুজিলো কি ক’ব খুজিছিল এই কেৰ্কেটুৱাটোৱে!

মনত পৰিল, কানাডাত  এই স্থানীয় ৰঙা কেৰ্কেটুৱাৰ সংখ্যা ক্ৰমাগতভাৱে কমি আহিছে মানুহে লৈ অনা বহিৰাগত মুগাবৰণীয়া কেৰ্কেটুৱাৰ সৈতে হোৱা খাদ্য আৰু বাসস্থানৰ প্ৰতিযোগিতাৰ বাবে৷ ভাৱ হ’ল, মানুহে জ্ঞাতে বা অজ্ঞাতে যেন প্ৰকৃতিৰ সকলো ক্ষেত্ৰতে প্ৰভাৱ বিস্তাৰ কৰিছে৷ একোৱেই বাদ পৰি ৰোৱা নাই মানুহৰ পৰিসীমাৰ পৰা!

তাৰ পিছত জাৰৰ প্ৰকোপত ক’তো বেছিপৰ ৰোৱাৰ অৱকাশ নোলাল৷ ইমান তৰপে তৰপে উমাল কাপোৰ পিন্ধিও ক্ষন্তেক দীঘলীয়াকৈ শৰীৰ লৰচৰ নকৰিলেই হাত ভৰি বিষাই আহে যেন৷ সেয়ে খৰ খোজেৰে কেইবাটাও ৰাজকীয় প্ৰসাদৰ সন্মুখেৰে পাৰ হৈ গ’লো৷ তাৰে এঠাইত দেখিলো, এহাল ম’ৰা চৰাই চৰি ফুৰিছে৷ ম’ৰা চৰাই ইয়াৰ স্থানীয় চৰাই নহয়৷ অনুমান কৰিলোঁ হয়তো তেতিয়াই আনি ইয়াত পুহিবলৈ লোৱা ম’ৰা চৰাই৷

বৰফে ঢাকি থোৱা সৰু দলং এখনেৰে প্ৰায় গোট মৰা সুঁতি এটা পাৰ হৈ যাওঁতে দেখা পালো, ৰঙৰ সমাহাৰেৰে জিলিকি উঠা মেণ্ডেৰিন হাঁহৰ জাক, আশে পাশে আমাৰ চিনাকি আম’ৰ’লীয়া হাঁহ কেইটামানো৷
মেণ্ডেৰিন হাঁহ

এই উদ্যানৰ এক অন্তিম আকৰ্ষণ পেলেচ অন দ্য আইলৰ সন্মুখতো বহুতো চৰাইৰ জাক৷ ব্লেক-হেডেড গাল, ৰাজহাঁহ (মিউট ছোৱান), এমেৰিকান কুট আদিৰ সংখ্যা চাই চাই মোৰ ফোনৰ এপত যোগ দিলো৷

পেলেচ অব আইলৰ সন্মুখৰ হ্ৰদ

শেষত ঠাণ্ডাতে জুপুকা লাগি থকা পাৰ চৰাই জাকটোৰ হিচাপেৰে মোৰ বৰদিনৰ পক্ষী নিৰীক্ষণ সামৰিলো৷ বেছ কিছুপৰ প্ৰকৃতিৰ মাজত কটাই, বৰদিনৰ হেঁপেহুৱা এটা পৰম্পৰা মানি সন্তোষেৰে ভৰি পৰিল হৃদয়৷ উভতাৰ বাটত খৱৰ পালো, য়ানেকৰ পৰিয়ালৰ এগৰাকী বন্ধুৱে মহানগৰৰ ইটো মূৰৰ পৰা আহি সকলোকে দি গ’লহি নিজে যতনেৰে ৰন্ধা বৰদিনৰ নানা খাদ্য সম্ভাৰ, পানীৰ বটল আৰু দৈনন্দিন অত্যৱশ্যকীয় সামগ্ৰীৰ এটা বৃহৎ টোপোলা৷ 

এনে এটা দিনত এই উজ্বল ৰ’দজাকৰ বাবে, প্ৰকৃতিৰ অপৰূপ গছ-লতা, চৰাই-চিৰিকটিৰ বাবে আৰু বিপদৰ দিনৰ সাৰথি এনে সহৃদয় মানুহৰ বাবে কৃতজ্ঞতাৰে মোৰ হৃদয় উপচি পৰিল৷ সঁচাকৈয়ে যেন এটা ব্যতিক্ৰমী দিন হৈ আহিল এই বৰদিন!

বৰফাবৃত উদ্যানৰ সুঁতি


পূৰ্বৰ খণ্ডসমূহ:

Wednesday 29 December 2021

প’লেণ্ডৰ ডায়েৰী (৮): বৰদিনৰ অঘটন

বৰদিনৰ আয়োজনত ব্যস্ত হৈ থকা সন্ধিয়াটোতে এটা ফোন কলে  আমাৰ মুখৰ হাঁহি মুহুৰ্ত্ততে নোহোৱা কৰি দিলে৷ দুদিনমান আগতে বাবচ্চাৰ আলপৈচান ধৰিবলৈ অহা চুবুৰীয়া জিজিশ্বাৱাৰ ফোন৷ কিছু অপৰাধবোধ, কিছু আশংকাৰে তেওঁ জনালে, তেওঁৰ ডাঙৰ ল’ৰাৰ ক’ভিড পজিটিভ! 

লগে লগে অজান আশংকাত কিংকৰ্তব্যবিমুঢ় হৈ পৰিলো আমি৷ সিদিনা পুৱাৰে পৰা অসুস্থ হৈ পৰা বাবচ্চাৰ অৱস্থাটো যেন আকৌ এবাৰ ফঁহিয়াই চাবলৈ বাধ্য হ’লো! 

পিছদিনা পুৱাতে খদমদমকৈ ৰেপিড টেষ্টৰ কিট আনি বাবচ্চাৰ টেষ্ট কৰিলোঁ আৰু আমাৰ আশংকা সঁচা কৰি কেইমিনিটমানৰ ভিতৰতে ধৰা পৰিল, বাবচ্চা ক’ভিড পজিটিভ!

মুহুৰ্ত্ততে য়ানেকৰ মুখখন ক’লা পৰি গ’ল৷ মূক হৈ দুয়ো বহি ৰ’লো কিছুপৰ৷ শতায়ুৰ কাষ চপা এগাৰকী বৃদ্ধাৰ বাবে ক’ভিডে ক্ষন্তেকতে কেনে ৰূপ ল’ব পাৰে তাৰ যেন অনুমান কৰিবলৈকো ভয় হ’ল৷ তিনিবাৰকৈ ভেকচিন লৈয়ো বাবচ্চাৰ শৰীৰে প্ৰতিৰোধ কৰিব নোৱাৰিলে সেই সংক্ৰমণ! আমাৰ খেলিমেলি লাগি গ’ল, ক’ভিডৰ গম্ভীৰ ৰূপৰ সকলো লক্ষণচোন ইতিমধ্যেই বাবচ্চাৰ দৈনন্দিন জীৱনৰ অংশ৷ তেনে কোনটো অধিক গম্ভীৰ? কেনে চিকিৎসাই উপশম দিব এই অৱস্থাৰ পৰা?

সিদিনাই বাবচ্চাৰ ঘৰখন যেন ৰূপান্তৰ হৈ পৰিল এক যুদ্ধক্ষেত্ৰলৈ৷ য়ানেক আৰু মোৰ টেষ্টৰ ফলাফল নিগেটিভ ওলোৱাত লগে লগেই আমাৰ মাজত সিদ্ধান্ত হৈ গ’ল৷ বাবচ্চাৰ আলপৈচান ধৰা কেয়াৰগিভাৰ দুগৰাকী আৰু অন্য যিকোনো আলহীৰ অহা-যোৱা বন্ধ কৰি য়ানেকে সমগ্ৰ ঘৰৰ আৰু বাবচ্চাৰ দায়িত্ব চমজি ল’লে৷ আৰু মই উপায়হীন হৈ ওলাই আহিলো সেইখন ঘৰৰ পৰা এয়াৰ বিএনবিৰ এটা অস্থায়ী এপাৰ্টমেন্টলৈ৷ বাবচ্চাৰ যত্ন ল’বলৈ য়ানেক ঘৰতে বন্দী হৈ পৰাৰ সময়ত প্ৰয়োজনীয় ৰেচন আৰু ঔষধ পাতি যোগাৰ দিবলৈকে এতিয়া যে মই বাহিৰতে ৰৈ সুস্থ হৈ থকাৰ একান্ত প্ৰয়োজন! 

দিনটোৰ ভিতৰতে সলনি হৈ গ’ল গোটেই ঘৰখনৰ আৱহাৱা৷ ইমানেই খৰতকীয়াকৈ সকলোবোৰ ঘটি গ’ল যে আমি উশাহ সলাবলৈকে পাহৰি পেলালো যেন৷লগে লগেই মাস্ক, ফেইচ শ্বিল্ড, ছেনিটাইজাৰ, অক্সিমিটাৰ সকলোৰে যোগাৰ কৰিলো৷ বাবচ্চাৰ স্বাস্থ্যৰ খৰকৈ অৱনতি ঘটিবলৈ ল’লে৷ সেই খদমদমৰ মাজত তেওঁ বুজিবই নোৱাৰিলে কিনো হৈছে, মইনো কিয় ঘৰ এৰি ওলাই আহিলো৷ মাথোঁ মই গুচি যোৱা বুলি গম পাই নীৰৱে চকুলো টুকিলে৷ 

য়ানেকে মোক সুধিলে, 

’কেনেকৈ কোৱাৰেনটিনৰ কাৰিকৰী দিশবোৰ বাবচ্চাক বুজোৱা যায়? কেনেকৈ কোৱা যায় স্বাভাৱিক জীৱনৰ নিয়ম নাখাটে ক’ভিডৰ ক্ষেত্ৰত?’

একো উত্তৰ দিব নোৱাৰিলো৷ এইবোৰ উত্তৰবিহীন প্ৰশ্ন লৈয়েতো পাৰ হৈছে মহামাৰীয়ে পিষ্ট কৰা দিনবোৰ৷ এতিয়া যে কেৱল নিৰন্তন সংগ্ৰাম এই কঠিন সময়ছোৱা কোনো বিপদ-বিঘিনি নোহোৱাকৈ পাৰ হৈ যোৱাৰ৷ এতিয়াযে নিজৰ আৰু আপোনজনৰ স্বাস্থ্য আৰু সুৰক্ষাৰ খাতিৰতে আঁতৰি যাব লগীয়া হৈছে৷ অস্বাভাৱিক সময়ৰ অস্বাভাৱিক প্ৰতিক্ৰিয়াত স্বাভাৱিক আবেগে যেন ঠাই নোপোৱা হৈছে৷ এইবোৰ বাবচ্চাক কোৱা নাযায়, বুজোৱা নাযায়!

সেই অঘটনৰ দিনটো!


পূৰ্বৰ খণ্ডসমূহ:


প’লেণ্ডৰ ডায়েৰী (৭): বৰদিনৰ আয়োজন

বৰদিনলৈ মাথোঁ তিনিদিন বাকী৷ সেইদিনা পুৱাতে বাবচ্চাৰ আলপৈচান ধৰিবলৈ আহি কেয়াৰগিভাৰ এভা ব্যতিব্যস্ত হৈ পৰিল৷ যোৱা সপ্তাহতকৈ স্বাস্থ্য কিছু টনকিয়াল হোৱাৰ বাবেই নেকি বাবচ্চাৰ হঠাৎ চকুত পৰিল বৰদিনৰ বাবে চোন একোৱেই সাজু হোৱা নাই! য়ানেকৰ পৰিয়ালত কোনোৱে ধাৰ্মিক নহয়৷ কিন্তু পৰম্পৰা মানি বৰদিন পালন কৰাটো ইয়াত হেনো সকলোৰে বাবে খুবেই গুৰুত্বপূৰ্ণ৷ ইয়াৰ আয়োজনো চলে বৰ আড়ম্বৰেৰে৷  

’পাকঘৰটো চাফ-চিকুণ কৰিবৰ হ’ল এভা৷’ 

’বহাকোঠাটোও ইমান বিশৃংখল দেখাইছে! য়াছু, এই টেবুলখন অলপ চিজিল কৰাচোন৷’

এভা আৰু য়ানেকে বাধ্য ছাত্ৰৰ দৰে সকলো নিৰ্দেশ মানি গ’ল৷ ক্ষন্তেকৰ বাবে হ’লেও বাবচ্চাৰ মাজত একালৰ তজবজীয়া গৃহকৰ্ত্ৰীৰ ৰূপটো দেখা পাই মই বৰ আমোদ পালো৷ আৰামেৰে বাবচ্চাৰ বিছনাত বহি লৈ তাৰে ৰং চাই থাকোঁতে অলপ পিছতে পিছে মোলৈকো নিৰ্দেশ আহিল!

’জলিয়ে সেই বাচন-বৰ্তনখিনিকে চিজিল লগাব পাৰাচোন!’ 

এভা আৰু য়ানেক দুয়ো তাকে শুনি মুখ টিপি হাঁহিলে৷ আজি বাবচ্চা কামৰ মুডত যেতিয়া কাৰো নিস্তাৰ নাই তেন্তে!

অগ্যতা মোৰ দায়িত্বখিনি সামৰি সকলোকে তেনেকৈ এৰি মই ওচৰৰে জিমটোলৈ ওলাই আহিলো৷ যোৱাৰ পৰত বাবচ্চাই ক’লে,

’মোৰ কাৰণেও অলপ ব্যায়াম কৰি দিবা দেই৷’ 

কৈ কৈ হাত দুখন মেলি বক্সিঙৰ ভংগী কৰি দেখুৱালে৷ হাঁহি পেলালো আমি সকলোৱে৷ পিছে দেৰঘন্টামানৰ পিছত ঘৰলৈ উভতি আহি দেখোঁ, বাবচ্চা আৰ্মচেয়াৰ এৰি বিছনাত৷ 

’অলপ দুৰ্বল অনুভৱ কৰিছে হেনো, সেয়ে বিছনাত বাগৰ দিছেগৈ৷’ য়ানেকে ক’লে৷

সেই অৱস্থাৰেই বাবচ্চাই মোক প’লিছ কফি এবিধ খাই চাবলৈ দিলে৷ সুধিলে কেনে পাইছোঁ৷

য়ানেকে আগেয়েই সাৱধান কৰি থৈছিল৷ কিবা এটা ভাল দেখিছোঁ বা পাইছোঁ বুলি বাবচ্চাক জনোৱাৰ আগতে ভালকৈ ভাৱি চাবলৈ৷ কাৰণ, যিটোৱে মোৰ চকুত লাগে তাকে বাবচ্চাই মোৰ সৈতে কানাডালৈ দি পঠোৱাৰ চেষ্টা কৰিব! আজিও তাৰ ব্যতিক্ৰম নহ’ল৷ খাবলৈ ভাল পাইছোঁ বুলি শুনাৰ লগে লগে বিছনাৰ পৰাই ববাচিয়াই মাত দিলে,

’তোমাৰ খ্ৰীষ্টমাছৰ প্ৰেজেন্টত কফিৰ পেকেট এটাও দিম তেন্তে৷’

হয়ভৰ দিয়াৰ বাহিৰে গত্যন্তৰ নাথাকিল মোৰ৷ যোৱা কেইদিন এনেকৈয়ে দেখি আহিছোঁ বাবচ্চাক৷ এদিন তজবজীয়া, অন্য এদিন অৱশ হৈ পৰা তেওঁৰ দেহ-মন৷ সেয়ে বিশেষ চিন্তা নকৰি য়ানেকৰ সৈতে আবেলিলৈ ওলাই গ’লো খ্ৰীষ্টমাছ ট্ৰী আনিবলৈ৷

বাবচ্চাৰ ঘৰৰ পৰা প্ৰায় দহমিনিট মানৰ দুৰতে এঠাইত শাৰী শাৰী খ্ৰীষ্টমাছ ট্ৰী সজাই লৈ এজন বিক্ৰেতা৷ বৰদিনৰ আয়োজনৰ মোৰ প্ৰথম অভিজ্ঞতা এয়া৷ জোপোহাৰ শাৰীবোৰ ভালকৈ পৰীক্ষা কৰি এইবাৰহে গম পালো খ্ৰীষ্টমাছ ট্ৰী বিভিন্ন প্ৰজাতিৰ হ’ব পাৰে৷ ইয়াত প্ৰধানকৈ স্প্ৰুচ আৰু পাইনৰ জোপোহা দেখা পালো৷ ওপৰৰ পৰা তললৈ ভালকৈ পৰীক্ষা কৰি কৰি অৱশেষত দুয়ো পছন্দ কৰিলো স্প্ৰুচৰ এজোপা খ্ৰীষ্টমাছ ট্ৰী৷

খ্ৰীষ্টমাছ ট্ৰীৰ বজাৰত!

বৰ উৎসাহেৰে নিজেই দাঙি আনি ঘৰ পোৱালোহি সেই খ্ৰীষ্টমাছ ট্ৰী৷ তেতিয়ালৈ বাবচ্চা পুনৰ উঠি আহি নিজৰ আৰ্মচেয়াৰখনত বহিছেহি৷ মোক দেখি দুৱাৰমুখতে সুধিলে,

’গছজোপা কিমান ডাঙৰ?’

’বহুত ডাঙৰ আৰু ধুনীয়াও!’ 

মই তপৰাই ক’লো৷ কিন্তু আশা কৰাৰ দৰে বাবচ্চাৰ মুখত হাঁহিৰ সলনি আতংকৰহে চিন ফুটি উঠিল যেন!

’কি কথা?’ য়ানেকলৈ চাই সুধিলো৷

তেতিয়াহে গম পালো, দহবছৰমানৰ আগতে বৰদিনৰ সময়ত এই বহা কোঠাতে বিয়াগোম খ্ৰীষ্টমাছ ট্ৰী এজোপা কাষতে বহি থকা বাবচ্চাৰ গাত অকস্মাৎ সৰি পৰিছিল৷ ভাগ্যে গুৰুতৰ আঘাত পোৱাৰ পৰা বাচি গ’ল তেওঁ৷ কিন্তু তেতিয়াৰে পৰা ডাঙৰ খ্ৰীষ্টমাছ ট্ৰীক লৈ বাবচ্চাৰ আতংক!

বাবচ্চাক কথা দিলো এইবাৰ আমি সাৱধান হ’ম যাতে তেনে একো অঘটন নঘটে৷ কথামতেই বৰ সতৰ্কতাৰে গছজোপা ষ্টেণ্ডত ৰাখি পানী দিলো৷ আমি দুয়ো সেইবোৰত লাগি থাকোঁতে বাবচিয়াই ফোনটো লৈ যুঁজি থাকিল কাৰোৱালৈ ফোন লগাবলৈ৷

তাকে শুনি য়ানেকে জোকালে,

’ডাঙৰ খ্ৰীষ্টমাছ ট্ৰী অনাৰ বাবে আমাক ৰিপৰ্ট কৰিবলৈ ছ’ছিয়েল ছাৰ্ভিছলৈ ফোন লগোৱা নাইতো?’

মই হোহোৱাই হাঁহি উঠিলো৷ কিন্তু প্ৰসংগটো সঁচা৷ মাথোঁ কেই দিনমানৰ আগতে চৰকাৰৰ ফালৰ পৰা ছ’ছিয়েল ছাৰ্ভিছৰ বিষয়াই আকস্মিকভাৱে আহি বাবচ্চাৰ খৱৰ লৈ গৈছে৷ য়ানেকক বাবচ্চাৰ যত্ন লোৱাৰ বিষয়ে বহুতো প্ৰশ্ন সুধি গৈছে৷ গতিকে চৰকাৰৰ ফালৰ পৰা বৃদ্ধাৱস্থাত সেই নুন্যতম দায়িত্বখিনি ঠিকেই পালন কৰি আছে৷

পিছে আমাৰ ধেমালি আওকাণ কৰি বাবচ্চাই পজনাইন চহৰত থকা বান্ধৱীৰ সৈতেহে ফোনত কথাৰ মহলা মাৰিবলৈ লাগিল৷

আলমিৰাৰ পৰা এইবাৰ য়ানেকে উলিয়াই আনিলে বৰদিনৰ ৰং বিৰঙী লাইট আৰু বিভিন্ন সাজ-সজ্জা৷ ৰঙা-বগা বল, চিকমিক তৰা, শুভ্ৰ বৰফৰ কণিকাৰ সজ্জা আৰু মুছৰ শিঙৰ চুলিত মৰা বেণ্ড, টুপী সকলোবোৰ দেখি স্ফূৰ্ত্তি লাগি গ’ল মোৰ৷ তাৰ মাজৰ পৰা খ্ৰীষ্টমাছৰ ৰঙা টুপী এটা আনি পিন্ধাই দিলোহি বাবচ্চাক৷ আমিও পিন্ধি ল’লো একোটা টুপী৷ ইমানবোৰ সাজ-সজ্জা যে বৰদিনৰ দিনা কোনটো পিন্ধিম কোনটো এৰিম তাকে লৈ মোৰ মন থৌকি বাথৌ লাগি পৰিল৷

সেইদিনা বৰদিনৰ আয়োজনৰ হাঁহি ধেমালিৰ মাজত আমি কোনেও জনা নাছিলো, সেয়াই যে হৈ ৰ’ৱ বৰদিনৰ নামত আমি একেলগে কটোৱা সময়ৰ একমাত্ৰ স্মৃতি! অৱহেলিত হৈ পৰি ৰ’ৱ সেই খ্ৰীষ্টমাছ ট্ৰী আৰু সকলো সাজ-সজ্জা!

পূৰ্বৰ খণ্ডসমূহ:

প’লেণ্ডৰ ডায়েৰী (৬): ৱাৰশ্বাৱাৰ অলিয়ে গলিয়ে

কমলাৰঙী ছাতিৰ তলত

’আপুনিয়ে ৱাকিং ট্যুৰৰ গাইড নেকি?’

অ’ল্ড টাউনৰ মাৰ্কেট স্কুৱাৰত কমলাৰঙী ছাতি এটাৰ তলত থিয় দি থকা যুৱকজনক দেখি কোনো সন্দেহৰ অৱকাশ নাথাকিল যদিও সুধিলো৷

’হয়, মোৰ নাম মেক্স৷ আৰু কোনোবা আহে নেকি অলপপৰ চাওঁ৷ নহ’লে সোনকালেই ট্যুৰ আৰম্ভ কৰিম৷’

যুৱকজন বিছ-বাইছ বছৰীয়া৷ নতুন প্ৰজন্মৰ ল’ৰা ছোৱালীয়ে নিজৰ ঠাইখনৰ ইতিহাসৰ প্ৰতি দেখুওৱা এনে আগ্ৰহে মোক সদায়ে সুখী কৰি তোলে৷ মই নিজেও চেষ্টা কৰোঁ যিকোনো ঠাইৰ ইতিহাসৰ গম ল’বলৈ৷ অতীতৰ ভেঁটিতেইতো গঢ় লয় বৰ্তমান আৰু ভৱিষ্যতে৷ গতিকে সেই যোগসূত্ৰ নিবিচৰাকৈ ঠাই এখনৰ প্ৰকৃত পৰিচয় পোৱাতো যেন ভিত্তিহীন৷

ক্ষন্তেক পিছতে মেক্সৰ কাষ চাপি আহিল এহাল যুৱক-যুৱতী৷ গ্ৰীক দম্পতী৷ গম পালো যুৱকজন কৰ্মসূত্ৰে লণ্ডনত, যুৱতীগৰাকী এথেন্সত থাকে৷ সেয়ে বন্ধৰ সুযোগতে দুয়ো লগ হৈছেহি দুয়ো ঠাইৰ মাজতে প’লেণ্ডত৷

ৰাতিপুৱাৰ পৰাই বতৰ ডাৱৰীয়া হৈ আছিল৷ অতিপাত ঠাণ্ডাও৷ মেক্সে আমাৰ চিনাকি লয় মানে হুৰহুৰাই বৰফ পৰিবলৈ আৰম্ভ কৰিলে৷ বাট-পথ, বাটৰ গাড়ী, দাঁতিকাষৰীয়া বননি, ঘৰৰ মূধচ সকলো নিমিষতে ছানি পেলালে বৰফৰ শুভ্ৰ দলিচাই৷

’মই আজি বহুদিনৰ মূৰতহে ৱাকিং ট্যুৰ আৰম্ভ কৰিছোঁ৷ যোৱা দুমাহমান ক’ভিডত পৰি গা টঙাবলৈকে দিন লাগিল৷ গতিকে লাহে ধীৰে আগবাঢ়িম৷ কিবা সুধিবলগীয়া থাকিলে নিসংকোচে সুধিব দেই৷’

মেক্সে ক’লে৷ শুনি আমি তিনিও সহানুভূতি জনালো৷ কথা কৈ কৈ তেওঁ ডিঙিৰ উমাল মাফলাৰখন বতাহে আমনি কৰিব নোৱাৰাকৈ ভালকৈ মেৰিয়াই ল’লে৷ ঠাণ্ডাৰ প্ৰকোপত আমাৰ সকলোৰে গৰম কাপোৰৰ তৰপবোৰৰ পৰা দুচকুহে মুকলি হৈ থাকিল৷ তেনেকৈয়ে আমি খোজ আগবঢ়ালো ৱাৰশ্বাৱাৰ ইতিহাসৰ পম খেদি৷

ৱাকিং ট্যুৰৰ দলটো

ইতিহাসৰ পম খেদি

প’লেণ্ডৰ ৰাজকীয় প্ৰসাদৰ  সন্মুখত এটা স্তম্ভৰ কাষত ৰৈ মেক্সে ক’লে,

’প’লেণ্ডলৈ প্ৰথম অহা মানুহৰ দলবোৰ আছিল শ্লভিক মূলৰ৷ ৯৬৬ খ্ৰীষ্টাব্দত এই দলবোৰে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰাৰে পৰা এই দেশ হৈ পৰিল মূলত: খ্ৰীষ্টান ধৰ্মাৱলম্বী৷ এই স্তম্ভটোৰ মানুহজন কোন জানেই চাগৈ?’

স্তম্ভটোৰ নাম ছিগমাণ্ডৰ স্তম্ভ- ৱাৰশ্বাৱাৰ এটা বিখ্যাত লেণ্ডমাৰ্ক৷ আজি মেক্সৰ পৰা জানিলো, এই স্তম্ভৰ ব্যক্তিজন প’লেণ্ডৰ তৃতীয়জন ৰজা Sigismund III Vasa ৷ তেৱেঁই ১৫৯৬ চনত প’লেণ্ডৰ ৰাজধানী ক্ৰাক’ভ (Kraków) ৰ পৰা ৱাৰশ্বাৱা (Warsaw) লৈ আনিছিল৷ তাৰে স্মৃতিত এই স্তম্ভ৷

’তেৱেঁই এই ৰাজকীয় প্ৰসাদ ৰাজপৰিয়ালৰ বাবে নতুন আৰ্হিৰে সাজি উলয়ায়৷ তাৰ লগে লগে এই প্ৰসাদৰ আশে পাশে গঢ়ি উঠিল সম্ভ্ৰান্ত পৰিয়ালবোৰৰ অট্টালিকাও৷’

ৰাজকীয় প্ৰসাদ আৰু ছিগমাণ্ডৰ স্তম্ভ

চাই পঠিয়ালো সেই বিশাল ৰাজকীয় প্ৰসাদৰ আটকধুনীয়া কাৰুকাৰ্য্য৷ আৰু তাৰ চাৰিওকাষৰ সুুউচ্চ অট্টালিকাবোৰ৷ মেক্সে সোঁৱৰাই দিলে, এই সকলোবোৰ পিছে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পুননিৰ্মাণ কৰাহে৷ সেইসময়ত ৱাৰশ্বাৱাৰ অস্তিত্বই সম্পূৰ্ণৰূপে ধূলিসাৎ কৰাৰ লক্ষ্যৰে জাৰ্মানীৰ নাৎজী বাহিনীয়ে প্ৰায় সকলোবোৰ ঘৰ-দুৱাৰ, ঐতিহাসিক কৃতীচিহ্ন ধ্বংস কৰি পেলাইছইল, এই মহানগৰৰ বাসিন্দাসকলক বন্দী কৰি লৈ গৈছিল শ্ৰমিক শিবিৰ বা কন্সেন্ট্ৰেশ্যন কেম্পলৈ৷ মানৱতাৰ এক কৰুণ ইতিহাস সেয়া৷

সেই অধ্যায়ৰ শেষত শ্মশানৰ পৰাই পুনৰ জী উঠিল যেন এই মহানগৰ৷ মাটিৰ সৈতে সমান হৈ পৰা এই মহানগৰৰ ঘৰ-বাট-দলং-গীৰ্জা সকলোৰে এক অভূতপূৰ্ব্ব পুনৰ্নিমাণ প্ৰক্ৰিয়া আৰম্ভ হ’ল৷ ৱাৰশ্বাৱাৰ অলিয়ে গলিয়ে মেক্সে আমাক দেখুৱাই গ’ল ইতিহাসৰ সেই কৰুণ অধ্যায়ৰ চানেকি৷ লগত লৈ অহা বুকলেটত দেখুৱালে পুনৰ্নিমাণ প্ৰক্ৰিয়াৰ ঐতিহাসিক প্ৰতিচ্ছৱি৷ 

’প্ৰতিটো বাটৰ দুয়োকাষে, প্ৰতিটো ঘৰৰ ভিতৰে-বাহিৰে সম্পূৰ্ণ একেদৰেই নিখুঁতভাৱে পুনৰ্নিমাণ কৰিবলৈ যুদ্ধত বিধ্বস্ত দেশখনে পুঁজি ক’ৰ পৰা গোটালে?’ মোৰ কৌতুহল হ’ল৷

’ভাল প্ৰশ্ন! আপোনালোকে হয়তো বিশ্বাস নকৰিব! ইয়াৰ সকলো পুঁজি আহিছিল জনসাধাৰণৰ বৰঙণিৰ পৰা৷ সমগ্ৰ প’লেণ্ডৰ পৰা আহি এই প্ৰকল্পবোৰত কাম কৰিবলৈ স্বেচ্ছাসেৱী গোট খাইছিলহি৷’

শুনি অভিভূত হৈ পৰিলো৷ ভাৱ হ’ল, ৰাইজে নখ জোকাৰিলে সঁচাই নৈ বয়!

প’লিছ জাতীয়দাবাদৰ উপৰিও সেইদিনা মেক্সৰ পৰা জানিলো বিজ্ঞান, কলা আৰু সাহিত্যলৈ প’লেণ্ডৰ অতুলনীয় অৱদানৰ কথা৷ ক’পাৰ্নিকাছ চায়েন্স চেন্টাৰৰ সন্মুখত ৰৈ তেওঁ এই দেশৰে সন্তান নিক’লাছ ক’পাৰনিকাছৰ অৱদান সুৱঁৰিলে, ৱাৰশ্ব’ বিশ্ববিদ্যালয়ৰ সন্মুখত আমাক শুনালে ম্যেৰী কুৰীৰ অধ্যাৱসায়ৰ কাহিনী৷ উচ্চ শিক্ষা আৰু গৱেষণাৰ বাবে এটা সময়ত ফ্ৰান্সলৈ প্ৰব্ৰজন কৰিলেও ম্যেৰী কুৰী যেন অন্তৰেৰে চিৰদিন প’লিছ হৈয়ে ৰ’ল৷ তেওঁ আৱিষ্কাৰ কৰা প্ৰথমটো ৰাসায়নিক মৌলক সেয়ে নাম দিছিল ’প’ল’নিয়াম৷’ এই আৱিষ্কাৰেই তেওঁলৈ আনিছিল দ্বিতীয়টো ন’বেল বঁটা৷ 

এঠাইত দেখা পালো প’লেণ্ডৰ সৰ্বশ্ৰেষ্ঠ কবি ৰূপে জনাজাত আদাম মিটছকেভিটছৰ সুউচ্চ প্ৰতিমূৰ্ত্তি৷ হুৰহুৰাই অবিৰাম সৰি থকা বৰফৰ মাজতে থিয় দি আমি মেক্সৰ পৰা শুনিলো প’লিছ সত্ত্বা জীয়াই ৰখাৰ বাবে কলমেৰেই কেনেকৈ যুঁজিছিল এই কবিজনে৷

প’লেণ্ডৰ সৰ্বশ্ৰেষ্ঠ ৰোমান্টিক কবিগৰাকী

চপিনৰ কলিজাটো

কিছুপৰৰ পিছতে আমাক কিছু সকাহ দি বৰফ পৰা বন্ধ হ’ল৷ কেইমুহুৰ্ত্তমানৰ পিছতে ডাৱৰ ফালি ওলাল এচেৰেঙা ৰ’দ৷ আমি তিনিও মেক্সৰ সৈতে খোজ দি দি য’তেই সুৰুঙা পালো তাতে ৰ’দৰ উত্তাপত সজীৱ কৰাৰ চেষ্টা কৰিলো ঠেঁটুৱৈ লগা হাত-ভৰিবোৰ৷ 

ৱাৰশ্ব’ বিশ্ববিদ্যালয়ৰ বিপৰীতে এটা বিশাল গীৰ্জা৷ তাৰ সন্মুখতে ৰৈ মেক্সে ক’লে,

’এই ৰোমান কেথ’লিক গীৰ্জাটোৰ নাম হ’লী ক্ৰছ গীৰ্জা৷ গীৰ্জাটো এটা সময়ত প’লেণ্ডৰ আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ গীৰ্জা আছিল৷ এতিয়া পিছে এই গীৰ্জা অন্য এটা কাৰণৰ বাবেহে পৰ্য্যটকৰ এক প্ৰধান আকৰ্ষণ৷ এই গীৰ্জাই সাঁচি ৰাখিছে বিশ্ববিখ্যাত সুৰকাৰ চপিনৰ কলিজাটো!’

ফ্ৰেডেৰিক চপিনৰ সংগীতৰ খ্যাতি অতুলনীয়৷ প’লিছ আৰু ফৰাচীসকলে তেওঁৰ নাগৰিকত্ব লৈ টনা আঁজুৰা কৰিব খোজে৷ কিন্তু সিদিনা মেক্সৰ মুখত এই সুৰকাৰ আৰু পিয়ানোবাদক গৰাকীৰ বিষয়ে জানি সেই বিষয়ে আমাৰ কাৰো দ্বিমত নাথাকিল৷

ডেকা বয়সতে প’লেণ্ডলৈ আহি থিতাপি লোৱা ফৰাচী দেউতাক আৰু প’লিছ মাকৰ সন্তান চপিন ডাঙৰ হৈছিল এই ৱাৰশ্বাৱাতে৷ শৈশৱতে পৰিয়ালৰ সৈতে বহু দেওবাৰৰ দিন  চপিনে এই গীৰ্জাতে কটাইছিলহি৷ পিছে প’লিছ-প্ৰুছিয়ান যুদ্ধ আৰম্ভ হোৱাৰ আগে আগে চপিনে বিছ বছৰ বয়সতে চিৰদিনৰ বাবে প’লেণ্ড এৰি যাবলৈ বাধ্য হ’ল৷ ফ্ৰান্সতে থিতাপি লৈ জীৱনৰ বাকী সময়ছোৱা তেওঁ সংগীত সাধনাতে কটালে৷ মৃত্যুৰ সময়ত চপিনে ভনীয়েকক ক’লে, তেওঁৰ শেষইচ্ছা- তেওঁৰ কলিজাটো ৱাৰশ্বাৱাৰ এই হ’লী ক্ৰছ গীৰ্জাত যাতে থোৱা হয়!! 

কথামতেই কাম৷ ভনীয়েকে তেওঁৰ নিৰ্দেশ অনুসৰিয়ে বটলত সাঁফৰ মাৰি ব্ৰেণ্ডিত ডুবাই সেই কলিজা বহু বাধা বিঘিনি অতিক্ৰম কৰি প’লেণ্ড পোৱালেহি৷ সেই সময়ৰ ৰাছিয়ান সাম্ৰাজ্যৰ অধীনত স্বাধীনতাৰ বাবে হাঁহাকাৰ কৰি উঠা প’লেণ্ডত চপিন এক ৰাষ্ট্ৰীয় নায়ক হৈ পৰিছে৷ পিছে ভনীয়েকক আচৰিত কৰি সেই অমূল্য উপহাৰ গ্ৰহণ কৰিবলৈ গীৰ্জা অমান্তি হ’ল৷ কাৰণ হ’ল, মৃত্যুৰ আগতে প্ৰগতিবাদী লেখিকা এগৰাকীৰ সৈতে চপিনৰ ৰোমান্টিক সম্পৰ্ক! ভনীয়েকৰ কাতৰ অনুৰোধ এৰাব নোৱাৰি গীৰ্জাৰ কৰ্তৃপক্ষই অৱশেষত সেয়া চমজি ল’লে কিন্তু বহুবছৰ ধৰি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ সেই সুৰকাৰৰ কলিজা অৱহেলিত হৈ পৰি ৰ’ল গীৰ্জাৰ কোনোবা চুকত জাবৰৰ দ’মৰ সৈতে৷

১৯৪৫ চনৰ ৱাৰশ্ব’ আপৰাইজিঙৰ সময়ত পুনৰ এবাৰ প’লেণ্ডৰ দেশপ্ৰেম উঠলি উঠিল৷ অতীতত হেৰাই যাব খোজা ৰাষ্ট্ৰীয় নায়কসকলৰ সন্ধানত ওলোৱা এগৰাকী সাংবাদিকে এদিন কেনেবাকৈ বিচাৰি পালেগৈ জাবৰৰ দ’মৰ মাজত পৰি ৰোৱা চপিনৰ কলিজাটো৷ এইবাৰ মহা আড়ম্বৰেৰে গীৰ্জাত স্থাপিত হ’ল সেই উপহাৰ৷

চপিনৰ হৃদয়খন সদায়ে প’লেণ্ডৰ হৈ ৰ’ৱ- আক্ষৰিক অৰ্থতে সেয়া চিৰকাল সঁচা হৈ ৰ’ল৷ Home is where your heart is!

                                                      চপিনৰ কালজয়ী সুৰ


Sunday 26 December 2021

প’লেণ্ডৰ ডায়েৰী (৫): অপেৰা থিয়েটাৰত এটা সন্ধ্যা

’আস্, জেকেটৰ সলনি ফৰমেল কোট এটা হোৱা হ’লে ভাল আছিল!’ বাবচিয়াই গহীন সুৰেৰে দিয়া মন্তব্যটোত য়ানেকে হাঁহি পেলালে৷

’কানাডাৰ পৰা কোট অনাই নহ’ল নহয় বাবচিয়া!’ হাঁহি হাঁহিয়ে সি কৈফিয়ৎ দিয়াৰ সুৰত ক’লে৷

মই অলপ আচৰিত হ’লো৷ এইয়া যে প্ৰথমবাৰৰ বাবে বাবচিয়াৰ ফেছন সচেতন ৰূপটো দেখিছোঁ!

’চাওঁ, জলিয়ে কি পিন্ধিছা দেখুওৱা এইবাৰ!’

অলপ থতমতেই খালো যদিও বাবচিয়াৰ সন্মুখলৈ আহি পাক এটা মাৰি দেখুৱালো৷ মনতে অলপ আশংকা- মোৰ সাজসজ্জাত সেই বিচাৰকে কিবা খুঁত পাই যায়েইবা!

আৰ্মচেয়াৰখনৰ পৰাই বাবচিয়াই দুচকু বহলকৈ মেলি লৈ মোক তলৰ পৰা ওপৰলৈ ভালকৈ পৰ্য্যবেক্ষণ কৰিলে৷

’উউউউউউ!’

প্ৰশংসাৰ প্ৰলেপ সনা সেই সুৰটোৱেই যেনিবা মোৰ আশংকাবোৰ নোহোৱা কৰিলে৷ সন্তোষৰ হাঁহি এটা মাৰি এইবাৰ খৰধৰকৈ কিছুপৰ ধৰি ৰৈ থকা টেক্সিখনত উঠিলোহি৷ টেক্সিখনে লগে লগে গতি কৰিলে প’লেণ্ডৰ গ্ৰেণ্ড অপেৰা থিয়েটাৰলৈ বুলি৷ তাতে সিদিনা সন্ধিয়া বেলে উপভোগ কৰাৰ কথা৷ বাবচিয়া আৰু য়ানেকে ইতিমধ্যে মোক বিতংকৈ জনালে, সেই থিয়েটাৰৰ ৰেহ-ৰূপেই বেলেগ৷ প’লেণ্ডত এনে অনুষ্ঠানৰ ড্ৰেছ ক’ডক লৈয়ো সকলো অতি সচেতন হেনো৷ সেইবাবেই আমাৰো এই সন্ধ্যা ইমানবোৰ প্ৰস্তুতি!

ৱাৰশ্বাৱাৰ সন্ধিয়াৰ সমাগমৰ মাজেৰেই লাহে ধীৰে টেক্সিখন আগবাঢ়িল৷ বতৰ ডাৱৰীয়া হৈয়ে আছিল৷ কিন্তু আধাবাটতে হঠাৎ বৰষুণ আৰম্ভ হ’ল৷

’এস্ ছাতি অনাই নহ’ল খৰধৰতে!’ মোৰ চিন্তা হ’ল৷

বন্ধুত্বসুলভ ড্ৰাইভাৰজনে টপৰাই উত্তৰ দিলে,

’একেবাৰে সন্মুখলৈকে আগবঢ়াই দিম, চিন্তাই নকৰিব!’

অলপ আচৰিত হ’লো টেক্সি ড্ৰাইভাৰজনে ইংৰাজী কোৱা দেখি৷ যোৱা কেইবাৰ অহা-যোৱা কৰা প্ৰায়বোৰ উবাৰতে ৰাছিয়ান, ইউক্ৰেনিয়ান বা প’লিছ ড্ৰাইভাৰৰ সৈতে প’লিছ সম্ভাষণ আৰু ধন্যবাদৰ বাহিৰে বিশেষ একো ভাৱ বিনিময়েই কৰা হোৱা নাই৷

টপ্ কৈ এটা শব্দই মোৰ ভাৱত যতি পেলালে৷ লগে লগে লানি নিছিগা টপ্ টপ্ শব্দ- নিমিষতে আৰম্ভ হ’ল শিল বৰষুণ এজাক! কেনে অভাৱনীয় বতৰ! পিছে যেনেকৈ হঠাতে আৰম্ভ হৈছিল তেনেকৈয়ে অপেৰা হাউছ পাওঁগৈ মানে হঠাতে সেই শিল বৰষুণ ৰৈ গ’ল৷
অপেৰা থিয়েটাৰৰ একাংশ

প’লেণ্ডৰ গ্ৰেণ্ড অপেৰা থিয়েটাৰ (Teatr Wielki Opera Narodowa) ৰ বিশাল দুৱাৰতে থমকি ৰৈ ক’ভিড সংক্ৰান্তীয় তথ্য পাতিৰে ফৰ্ম পূৰাব লগা হ’ল৷ গম পালো, কেৱল দুবাৰকৈ ভেকচিন লোৱা দৰ্শককহে এই থিয়েটাৰত সোমোৱাৰ অনুমতি দিয়া হৈছে৷ ক’ভিডৰ অনিশ্চয়তাৰ মাজত দুমাহৰ আগতেই বহু যুঁজি বাগৰিহে য়ানেকে আজিৰ সন্ধিয়াটোৰ বাবে টিকেট পাইছিল৷ বহুদিনৰ মূৰত এই জাকজমকতাৰ মাজত এটা লাইভ শ্ব’ উপভোগ কৰাৰ মাদকতাই মোক চুই গ’ল৷

থিয়েটাৰৰ ভিতৰছোৱা

ক’ভিড সংক্ৰান্তীয় সকলোখিনি ফৰ্মেলিটি সামৰি অৱশেষত সোমাই গ’লো অপেৰা হাউছৰ ভিতৰছোৱালৈ৷ সেই থিয়েটাৰৰ স্থাপত্য চালে চকুৰোৱা৷ বিশাল হল আৰু থিয়েটাৰৰ বাহিৰে ভিতৰে গিজগিজাই থকা দৰ্শকৰ সাজ-সজ্জাও চকুত লগাকৈ ফৰমেল৷ উপলব্ধি কৰিলো, বাবচিয়াই কিয় বাৰে বাৰে দোহাৰিছিল ভালদৰে সাজি পাৰি অহাৰ কথা৷

থিয়েটাৰৰ মঞ্চৰ সন্মুখতে লাইভ অৰ্কেষ্টা৷ য়ানেকে ক’লে, প’লেণ্ডৰ জাতীয় বেলেৰ দলটোৰ যথেষ্ট সুখ্যাতি আছে৷ আজি সেই দলৰে অনুষ্ঠান ’The Nutcracker and the Mouse King'৷ মোৰ বাবে এয়াই প্ৰথম বেলেৰ লাইভ শ্ব’ৰ অভিজ্ঞতা৷ সেয়ে বৰ উৎসাহেৰে বাট চালো অনুষ্ঠান আৰম্ভ হোৱালৈ৷

বেলেৰ এটি দৃশ্য; ফটো: অপেৰা থিয়েটাৰ

ঠিক সময়তে বেলে আৰম্ভ হ’ল৷ তাৰ পিছত প্ৰায় দুঘন্টা জুৰি সকলো দৰ্শকক আকন্ঠ ডুবাই ৰাখিলে অৰ্কেষ্টাৰ অপৰূপ সংগীতৰ মূৰ্ছনাত, বেলে নৃত্যশিল্পীসকলৰ লয়লাস নৃত্যৰে৷ কোনো কথা নোহোৱাকৈয়ে সেই অপূৰ্ব সংগীত আৰু নৃত্যই পৰিৱেশন কৰি গ’ল কাহিনীৰ প্ৰতিটো পৰিচ্ছেদ৷


বেলেৰ অন্য এটা দৃশ্য; ফটো: অপেৰা থিয়েটাৰ

ককাদেউতাকে কণমানিজনীক বৰদিনৰ উপহাৰ হিচাপে দিয়া নাটক্ৰেকাৰ পুতলাটোক কেন্দ্ৰ কৰি এই বেলেৰ কাহিনী৷ সেই পুতলাটো জীৱন্ত হৈ দৰ্শকক লৈ গ’ল সপোনপুৰীৰ এটাৰ পিছত আনটো মনোমোহা চিত্ৰপটলৈ৷ ভাৱ হ’ল, সেই সুৰ, সেই লয়লাস নৃত্য যেন সকলো ইন্দ্ৰিয়ৰ এক অপৰূপ সুখটান৷ সেই লহৰতে মন্ত্ৰমুগ্ধৰ দৰে নিমজ্জিত হৈ ৰ’লো বেলেৰ অন্তিম মুহুৰ্ত্তলৈকে৷ প’লেণ্ডত এক পাহৰিব নোৱাৰা অভিজ্ঞতা হৈ ৰ’ল সেয়া৷

সেই অনুষ্ঠানৰ পূৰ্বৰ এক ৰেকৰ্ডিং



প’লেণ্ডৰ ডায়েৰী (৪): প’লিছ খাদ্যৰ জুতি লৈ

ৱাৰশ্বাৱাত প্ৰথম সপ্তাহ৷ এদিন সন্ধিয়া ওলাই আহিলো অ’ল্ড টাউনলৈ৷ বাবচিয়াৰ ঘৰৰ পৰা মহানগৰীৰ সেই অংশলৈ গাড়ীৰে প্ৰায় আধাঘন্টাৰ বাট৷ মহামাৰীৰ এই প্ৰকোপৰ সময়ত পৰাপক্ষত বাছৰ ভিৰৰ এৰাই চলি টেক্সিৰেই ইফাল সিফাল কৰিবলৈ লৈছোঁ৷ আজিও সেয়ে য়ানেকৰ সৈতে বহি পৰিলো উবাৰখনত৷

সন্ধিয়াৰ সময়, তাতে বৰদিনৰ বতৰ৷ গতিকে অবিৰাম গাড়ী-মটৰৰ সোঁত৷ প’লেণ্ডত নিজেই গাড়ী চলাম বুলি আন্তৰ্জাতিক ড্ৰাইভিং লাইচেন্সো লৈ আহিছোঁ যদিও ইয়াৰ ড্ৰাইভাৰৰ গাড়ী চলোৱাৰ ধৰণ দেখি এতিয়াও সেই সাহস হোৱা নাই৷ আজিও আমাৰ উবাৰখন ট্ৰেফিকৰ মাজেৰেই সুৰুঙা উলিয়াই একাবেঁকা বাটেৰে যাবলৈ ধৰিলে৷ উবাৰৰ খিৰিকীৰে সমগ্ৰ বাটটো মই উপভোগ কৰিলো ৱাৰশ্বাৱা মহানগৰীৰ সন্ধিয়াৰ মাদকতাময় ৰূপ৷

’এইখন কি দলং?’ গাড়ীখন ৱিষ্টুলা নদী পাৰ হোৱাৰ পৰত য়ানেকক সুধিলো৷

তাৰ উত্তৰ শুনি বিব্ৰতভাৱে মাথোঁ হাঁহিলো৷ ঠাই, দলং, খাদ্য সকলোৰে প’লিছ নামবোৰ মোৰ বাবে বলে নোৱাৰা একো একোটা দাঁত ভঙা শব্দহে যেন!

সেয়ে উচ্চাৰণ কৰাৰ ব্যৰ্থ চেষ্টা নকৰি মাথোঁ বানানটোকে চাই ল’লো, 'Most Poniatowskiego' এই দলঙৰ নাম৷ গম পালো, প্ৰথম আৰু দ্বিতীয় দুয়োখন বিশ্বযুদ্ধতে এই দলংখন ধ্বংস হৈছিল আৰু দুয়োবাৰেই প’লিছসকলে পুনৰ্নিমাণ কৰি উলিয়াইছিল৷ সেই দলংখন পাৰ হৈয়ে আমি সোমালোহি ৱাৰশ্বাৱা মহানগৰীৰ পশ্চিম অংশত৷

ৱিষ্টুলা নদীখনে ৱাৰশ্বাৱা মহানগৰীখনক পূবা-পশ্চিমাকৈ দুটা অংশত ভাগ কৰিছে৷ এই নদীৰ পূবপাৰে বাবচিয়াৰ ঘৰ৷ সেইপাৰৰ বহু অংশ হেনো পৰিৱৰ্ত্তনৰ ঢৌৱে নুচুৱাকৈ একেদৰেই ৰৈ গ’ল৷ পশ্চিমপাৰৰ মহানগৰৰ অংশটোত দোপতদোপে আকাশচুম্বী অট্টালিকা উঠিল, পৰ্য্যটনৰ নানা আকৰ্ষণেৰে ভৰি পৰিল৷

অ’ল্ড টাউনত পোহৰৰ খেলা

অ’ল্ড টাউনৰ মাৰ্কেট স্কুৱাৰত উবাৰখনৰ পৰা নমাৰ লগে লগেই শীমশীতল বতাহ এজাকে চুই গ’লহি৷ কানাডাতে ইতিমধ্যে দুটা বছৰ পাৰ কৰিছোঁ যদিও প’লেণ্ডৰ এই ঠেটুৱৈ ধৰা জাৰত অভ্যস্ত হ’ব পৰা নাই মই৷ তথাপি সন্ধিয়াৰ অ’ল্ড টাউনৰ উৎসৱমুখৰ পৰিৱেশ পৰিৱেশ আৰু বৰদিনৰ অপূৰ্ব আয়োজন উপভোগ কৰোঁ বুলিয়েই পদপথেৰে খোজ দিলো৷
বৰদিনৰ আয়োজন

এই অ’ল্ড টাউন বা প’লিছ ভাষাত ষ্টেৰে মিয়াষ্ট’ ৱাৰশ্বাৱাৰ ঐতিহাসিক কেন্দ্ৰ আৰু মহানগৰীৰ আটাইতকৈ প্ৰাচীন অংশ৷ তেৰশ শতিকামানৰ পৰাই ইয়াৰ মাৰ্কেট স্কোৱাৰ, ৰাজকীয় প্ৰসাদ আৰু অট্টালিকাবোৰে ইতিহাসৰ পাতত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ নাৎজি বাহিনীয়ে ৮৫% পৰ্য্যন্ত ধূলিসাৎ কৰাৰ পিছত এই অ’ল্ড টাউন পুনৰ আগৰদৰেই হুবহু নিৰ্মাণ কৰি উলিয়ালে প’লিছ সকলে৷ বৰ্তমান এই অংশটো সৰু-বৰ দোকান, ৰেষ্টুৰেন্ট, সংগ্ৰহালয় আদিৰে ৱাৰশ্বাৱা মহানগৰৰ ভিতৰতে পৰ্য্যটনৰ অন্যতম আকৰ্ষণ হৈ পৰিছে৷

বৰদিন উপলক্ষে সমগ্ৰ অ’ল্ড টাউন জিলিকি উঠিছে শাৰী শাৰী লাইটেৰে৷ কৃত্ৰিম লাইটৰ চিকমিকনিত অপূৰ্ব হৈ ধৰা দিছে সন্ধিয়াৰ বাট-পথ, ৰাজকীয় প্ৰসাদ আৰু বাটৰ কাষৰ দোকানবোৰ৷ সকলোবোৰ হেঁপাহেৰে উপভোগ কৰি গৈ গৈ এঠাইত ঘপকৈ ৰৈ দিলো মই৷

’মুল্ড ৱাইন!’

বাটৰ কাষতে অস্থায়ীকৈ পাতি লোৱা ষ্ট’লত এগৰাকী মহিলাই বেচিছে বৰদিনৰ বিশেষ মুল্ড ৱাইন৷ শীতৰ এই সেমেকা সন্ধিয়া ৰেড ৱাইনৰ সৈতে বিভিন্ন মছলা দি কৰা এই গৰম ৱাইনেই যেন বিচাৰি আছিলো৷

বৰদিনৰ বিশেষ পানীয়: মুল্ড ৱাইন

'১৫ জ্ল’টি৷’ মুল্ড ৱাইনৰ গিলাচটো মোলৈ আগবঢ়াই মানুহগৰাকীয়ে ক’লে৷ আমাৰ হিচাপত প্ৰায় উনৈশ টকা৷

সেই ৱাইনত শোহা দি জাৰৰ পৰা অলপ তত পাই এইবাৰ পুনৰ আগবাঢ়িলো৷ অতদিনে প’লিছ এলকহল মানেই কেৱল ভদকাৰ কথাহে শুনি আহিছিলো৷ বাইছন ভদকা (Żubrówka)ৰ বাবে এই দেশ বিখ্যাত৷ এই বিশেষ ভদকাৰ এক অন্যতম উপাদান হ’ল এই দেশৰ পূব সীমান্তৰ Białowieża নামৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা সংগ্ৰহ কৰা বাইছন ঘাঁহ৷ ইয়ালৈ আহি প্ৰতিখন ষ্ট’ৰতে দেখা পাইছোঁ এই বিশেষ ভদকাৰ শাৰী শাৰী বটল৷

বাইছন ভদকা

দোকানে দোকানে দেখা পোৱা অন্য দুবিধ প’লিছ খাদ্য হ’ল প’লিছ আচাৰ আৰু ছ’ছেজ৷ দুয়োবিধ খাদ্য প’লিছ সকলৰ দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় অংশ৷ 

তিয়ঁহৰ আচাৰ বা গা’কিন

এই আচাৰবোৰ আমাৰ অসমৰ দৰে তেলত মছলা দি কৰা নহয় পিছে! প’লিছসকলে গ্ৰীষ্মৰ দিনবোৰত তিয়ঁহ, বন্ধাকবি, বিট আদিৰ টেঙা আচাৰ কৰে শীতকালি খাবপৰাকৈ৷ বন্ধাকবিৰ লগত বিভিন্ন মাংসৰ টুকুৰাৰে কৰা ’বিগ’ছ’ খাই ভালেই পাওঁ৷ পিছে তিয়ঁহৰ আচাৰ বা গা’কিন (gherkin) ৰ জুতি পাবলৈ মোৰ বেছ কিছু সময় লাগিল৷ প’লিছ চ’ছেজবোৰ অন্য চ’ছেজতকৈ বেছি সোৱাদ যেনেই ভাৱ হয়৷

প’লিছ ছ’ছেজ

অ’ল্ড টাউনত আজি পিছে অন্য এবিধ চিৰাচৰিত প’লিছ খাদ্যৰ সন্ধান কৰিলো৷ এইবিধ হ’ল পেৰ’গী নামৰ এবিধ সুস্বাদু ডাম্পলিং৷ প’লেণ্ডলৈ আহি পেৰ’গী খাই নোচোৱা মানে যেন প’লিছ খাদ্যৰ জুতিয়ে আধৰুৱা হৈ ৰ’ৱ! সেয়ে মোৰ অনুৰোধতে য়ানেকে লৈ গ’ল
 ’Zapiecek’ নামৰ এখন ৰেষ্টোৰাঁলৈ৷ তাৰ মতে ৱাৰশ্বাৱাৰ ভিতৰতে সুস্বাদু পেৰ’গী পোৱা যায় ইয়াত৷

ৰেষ্টোৰাঁৰ ম্যেনুত বিভিন্ন পেৰ’গীৰ দীঘলীয়া তালিকা৷ ক্ষন্তেক পিছতে মোৰ সন্মুখত ছাৰ্ভাৰে পৰিৱেশন কৰিলেহি কেইবাবিধো পেৰ’গীৰে পূৰ্ণ এখন প্লেট৷ বিচৰাৰ দৰেই পৰম্পৰাগত পেৰ’গীৰ এক মিশ্ৰণ- ডাম্পলিংবোৰৰ ভিতৰত বেলেগে বেলেগে বেক’ন, কাঠফুলা, বন্ধাকবি আৰু মাংস, বন্ধাকবি আৰু কাঠফুলা আৰু চীজ৷ একেলগেই গোটেইবোৰৰ সোৱাদ লোৱাৰ সুযোগ পালো৷

আমিষ পেৰ’গী

য়ানেকে আকৌ পেৰ’গী মিঠাকৈ খাই ভাল পায়৷ তাৰ বাবে আহিল ফলমূলৰ মিঠা পেৰ’গী৷ ডাম্পলিঙৰ ভিতৰত ব্লেককাৰেন্টেৰে পূৰোৱা৷ লগতে ক্ৰীম৷

ফলৰ মিঠা পেৰ’গী

ভেনকুভাৰতে প্ৰথমবাৰ পেৰ’গী খাই চাইছিলো৷ এবাৰ তাতে নিজে ৰন্ধাৰ চেষ্টা কৰোঁতে উপলব্ধি কৰিছিলো ভিতৰৰ উপাদানখিনি ওলাই নপৰাকৈ ডাম্পলিংবোৰ উতলা পানীত সিজোৱাটো কিমান কঠিন! ফোনত বাবচ্চাই কৈছিল, সুস্বাদু পেৰ’গীৰ বাবে তাৰ উপাদানবোৰ প’লেণ্ডৰ খাঁটি উপাদান হোৱাটো জৰুৰী হেনো৷ আজি ৱাৰশ্বাৱাৰ মাটিত সেই পেৰ’গীৰ সোৱাদ লৈহে কথাষাৰৰ গুৰুত্ব বুজিলো যেন!

বাবচ্চাৰ বাবেও পেৰ’গীৰ টোপোলা এটা লৈ দুয়ো বৰ তৃপ্তিৰে সিদিনা ঘৰলৈ উভতিলো৷

Tuesday 21 December 2021

প’লেণ্ডৰ ডায়েৰী (৩): বাবচ্চাৰ সান্নিধ্যত

’জিন ড’ব্ৰে বাবচ্চা (শুভ  দিন আইতা৷)’- দুৱাৰমুখতে বেগ আৰু কোট-মাফলাৰ আদি সকলো এৰি আহি মাত দিলো৷ 

’জিন ড’ব্ৰে, জিন ড’ব্ৰে’ দুৰ্ব্বল মাতটোৰে বাবচ্চাই সঁহাৰি দিলে৷ লিভিং ৰূমৰ একাষে ৰিক্লাইনিং আৰ্মচেয়াৰখন ৰিম’টেৰে কিছু পোনাই লৈ বাবচ্চাই মূৰ তুলি মোলৈ চালে৷ দুচকুত কৌতুহল, মুখত হাঁহিৰ আভাস!

য়ানেকৰ আইতাক বাবচ্চা৷ শতায়ু হ’বলৈ মাথোঁ ছটা বছৰ বাকী৷ অতদিনে তেওঁৰ মাত শুনি আহিছিলো, স্ক্ৰীণৰ সিপাৰে এইখন চেয়াৰতে দেখি আহিছিলো৷ আজি প্ৰথমবাৰৰ বাবে সোশৰীৰে লগ পালো৷ প’লেণ্ডত প্ৰথম সম্ভাষণৰ সৌজন্য ৰাখি গালত চুমা যচাৰ ৰীতি, য়ানেকে কৈছিল৷ পিছে এতিয়াৰ ক’ভিডে স্তব্ধ কৰা পৃথিৱীত দৈনন্দিন জীৱনৰ এনে বহুতো সৰু-বৰ কথা-কম সলনি হৈ গৈছে৷ গতিকে আজিও বিমানযাত্ৰাৰ সকলো সা-সামগ্ৰী ছেনিটাইজ কৰিবলৈ বুলি একাষে থৈ গা পা ধুই আহিহে বাবচ্চাৰ কাষ চাপিলোহি৷

আহি দেখোঁ, বাবচ্চা ব্যস্ত তেওঁৰ সন্মুখৰ টিভিৰ ষ্টেণ্ডত ৰখা ডিজিটেল ফটো ফ্ৰেমৰ ফটোবোৰ চোৱাত৷ চাই চাই মাজে মাজে মোকো আঙুলীয়াই দেখুৱালে,

’য়াছু!’

’মিউনিখ!’

ঠিকেই, কেইমিনিটমানৰ মূৰে মূৰে সেই ফটো ফ্ৰেমত ধৰা দিছে, য়াছু অৰ্থাৎ য়ানেকৰ শৈশৱৰ এক প্ৰতিচ্ছৱি, মিউনিখৰ কোনোবা এক সেউজ লেণ্ডস্কেপত বাবচ্চাৰ হাঁহিভৰা মুখ৷

’বাবচ্চাই এই ফটোবোৰকে চাই চাই পুৰণি কথা সোঁৱৰিবলৈ ভাল পায়৷ এইবয়সত স্মৃতিবোৰ সজীৱ কৰি ৰখাৰ এটা ব্যায়াম যেনেই হৈ পৰিছে এইটো৷’ য়ানেকে ক’লে৷ মাতত কিছু কাৰুণ্য৷ কিছু মমতা৷

এই আৰ্মচেয়াৰ আৰু বিছনাখনেৰে ঘৰৰ চাৰিবেৰেই আজি বহুদিন ধৰি বাবচ্চাৰ পৃথিৱী৷ জীৱনৰ এই বিয়লি বেলাত তেওঁৰ শৰীৰৰ বাবে একো একোটা খোজেই হৈ পৰিছে বিৰাট প্ৰত্যাহ্বান৷ তথাপিও যেন এইগৰাকী নাৰীৰ মনে অহৰহ যুঁজিছে জীৱনৰ শেষ ৰংখিনি ধৰি ৰাখিবলৈ, এই ঘৰৰ সীমাতে মনৰো পৰিসীমাৰ ঘেৰ নাটানিবলৈ৷ সেইবাবেই হয়তো প্ৰতিদিনে পৰম আগ্ৰহেৰে তেওঁ দেশৰ বা-বাতৰি চায়৷ শেহতীয়া ৰাজনৈতিক বা অৰ্থনৈতিক অৱস্থাক লৈ তৰ্ক কৰিব খোজে৷ স্কি জাম্পিং বা কাৰ ৰেচিঙৰ এখনো প্ৰতিযোগিতা চাবলৈ নাপাহৰে৷

কাষ চাপি গৈ মই লাহেকৈ স্পৰ্শ কৰিলো তেওঁৰ সোতোৰা পৰা হাতখন৷ বাবচ্চাই মোলৈ চাই লাহেকৈ হাঁহিলে, য়ানেকক প’লিছ ভাষাতে কিবা ক’লে, কিন্তু তেওঁৰ হাতখনত সংবেদনশীলতাৰ বিশেষ পৰশ নাপালো৷ 

’তোমাৰ ফ্লাইট কেনে আছিল সুধিছে৷’ য়ানেকে মোলৈ চাই ক’লে৷

বাবচ্চাই ইংৰাজী নকয়৷ মোৰ প’লিছ ভাষাৰ তেনেই সীমিত জ্ঞান৷ গতিকে বাবচ্চাই প’লিছত কিবা ক’লে মই ইংৰাজীতে উত্তৰ দিওঁ৷ য়ানেক আশে পাশে থাকিলে সি অনুবাদকৰ দায়িত্ব পালন কৰে৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল৷

’ঘৰ পোৱা দেৰি হোৱাত বাবচ্চা চিন্তাত অস্থিৰ হৈছিল তোমাৰ ভিজাৰ খেলিমেলি হৈ প’লেণ্ডত সোমাবলৈ নিদিয়া বুলি৷’

কিনো ক’ম ভাৱি নাপালো৷ এইগৰাকী বাবচ্চাই কঁপা কঁপা হাতেৰে চহী কৰি মোলৈ নতুন বছৰ আৰু জন্মদিনৰ কাৰ্ড পঠিয়ায়, মোৰ দৰকাৰী কিবা ইন্টাৰভিউ বা পৰীক্ষা থাকিলে ইয়াৰ পৰাই গোটেই সময়খিনি দুটা আঙুলীৰে ক্ৰছ কৰি ৰৈ থাকে সেয়া ঠিকে ঠাকে পাৰ হৈ যোৱালৈ৷  কিবা ক’বলৈ পোৱাৰ আগতেই বাবচ্চাৰ যত্ন লোৱা এভা সোমাই আহিল৷

পুনৰ ’জিন ড’ব্ৰে’ৰে চিনাকি পৰ্ব্ব৷ তেওঁ প্ৰতিদিনে পুৱা-গধুলি আহি বাবচ্চাৰ আলপৈচান ধৰেহি৷ তেওঁক বাবচ্চাই ক’লে, ইটো সিটো খাদ্য উলিয়াই মোক খাবলৈ দিবলৈ৷ বুজিলো, আৰ্মচেয়াৰৰ পৰা উঠিবলৈকো সহায়ৰ দৰকাৰ হোৱা মানুহগৰাকীৰ মাজত এতিয়াও সজীৱ হৈ আছে অতিথি শুশ্ৰষাৰ বাবে খদমদম লগোৱা গৃহিণী এগৰাকী৷

নিশাৰ সাঁজ খাওঁ মানে দীঘলীয়া যাত্ৰাৰ ক্লান্তিয়ে হেঁচা মাৰি ধৰিলে মোক৷ তথাপি লিভিং ৰুমৰ আৰামী ছোফাখনতে আউজি লৈ বহি ৰ’লো৷

মোৰ মনত অনেক প্ৰশ্ন৷ বাবচ্চাৰ জীৱনক লৈ, সেই জীৱনৰ বিভিন্ন আলি-কেঁকুৰিক লৈ৷ দ্বিতীয় মহাযুদ্ধ, নাৎজি বাহিনীৰ শোষণ সকলো নিজ চকুৰে দেখিছে, সেই তিক্ত অধ্যায়ে বাবচ্চাৰ জীৱনলৈও বহু ঘাত-প্ৰতিঘাত আনিছে৷ এইগৰাকী নাৰীয়ে বুকুৰ মাজত সাঁচি ৰাখিছে এই দেশৰ প্ৰায় এটা শতকজোৰা ইতিহাস৷ সেই স্মৃতি বুটলাৰ অদম্য হেঁপাহ পিছলৈ সামৰি থ’লো৷ মাথোঁ নীৰৱে বেছ কিছুপৰ য়ানেক আৰু বাবচ্চাই কথা পতা শুনি ৰ’লো৷ নাতি আৰু আইতাকৰ সেই আন্তৰিক বান্ধোন বুজিবলৈ ভাষাৰ প্ৰয়োজন নহ’ল৷ সময়ৰ আঁচোৰে ক্ৰমাৎ জুৰুলা কৰি অনা আইতাকৰ শুভ্ৰ চুলিত হাত ফুৰাই ফুৰাই য়ানেকে ইটো সিটো কৈ গ’ল৷ বাবচ্চাই ক্লান্তি আৰু তৃপ্তিৰ মিশ্ৰিত আৱেগ লৈ ’টাক টাক’ বুলি হয়ভৰ দি থাকিল৷ সেয়া চাই চাই তন্ময় হৈ মই ডুব গ’লো অতীত সোঁৱৰণিত - বহু যুগৰ আগতে হেৰুওৱা নিজৰ দুজন ককাৰ স্মৃতিচাৰণত৷ 

এটা সময়ত এখোজ দুখোজকৈ গৈ বাবচ্চাই বিছনাত বাগৰ দিলেগৈ৷ য়ানেকে আলফুলকৈ ড্যুভেখন  তেওঁৰ গাত দিলে৷ বিছনাৰ কাষতে পানী, ঔষধ আদি সকলো যোগাৰ দি বিদায় দিব খোজোতে বাবচ্চাই পুনৰ মাত দিলে৷ তেওঁক টেবলেটটো লাগে৷ য়ানেকে কোনোবা এবাৰ বাবচ্চাৰ জন্মদিনত উপহাৰ দিয়া টেবলেটটো এতিয়া বাবচ্চাৰ এৰাব নোৱাৰা সংগী হেনো৷ নিশা টোপনি নাহিলে এপৰলৈকে তেওঁ তাতে অডিঅ’ বুক শুনে৷ সেই নিশাও হাতৰ অনুমানতে বাটন টিপাৰ লগে লগে ভাঁহি আহিল এগৰাকী নাৰীৰ সুমধুৰ কন্ঠ৷

’সেইখন কি কিতাপ?’  কৌতুহল দমাব নোৱাৰি সুধিলো৷

’প্ৰাইড এণ্ড প্ৰিজুদিছ! এয়া তৃতীয় বাৰলৈ শুনিছে কিজানি বাবচ্চাই৷ এইবাৰ নতুন অডিঅ’ বুক দুখনমান আনি দিব লাগিব৷’ য়ানেকে ক’লে৷

গম পালো, এই ঘৰৰ প্ৰতিটো কোঠাতে ঠাহ খাই থকা শাৰী শাৰী কিতাপবোৰ বাবচ্চাৰে যোৱা বিছ বছৰৰ সংগ্ৰহ৷ ইতিহাসৰ কল্পকাহিনী পঢ়ি ভাল পায় তেওঁ৷ এতিয়া চকুৰে ঠিক মনিব নোৱাৰা হোৱাৰে পৰা অডিঅ’ বুকেই হৈ পৰিছে তেওঁৰ সেই বিদ্যানুৰাগী মনৰ খোৰাক৷

’ড’ব্ৰানটছ বাবচ্চা’ (শুভৰাত্ৰি আইতা)

অভিভূত মন এটাৰে বাবচ্চাৰ গালত চুমা দি কৈ উঠিলো৷

’ড’ব্ৰানটছ জলি!’

হাতেৰে হেঁপিয়াই হেঁপিয়াই বাবচ্চাই অ’ডিঅ’ বুকৰ মাতটো ৰখালে ৷ সোতোৰা সোতোৰ দুয়ো হাতেৰে মোৰ দুয়োগালত ধৰি কাষ চপাই আনিলে তেওঁ আৰু মোক কিছু আচৰিত কৰি টপ্ টপ্ কৈ  কপালত দুটা চুমা আঁকি দিলে৷


পূৰ্বৰ খণ্ডসমূহ:

Sunday 19 December 2021

প’লেণ্ডৰ ডায়েৰী (২): ৱিষ্টুলা নদীৰ পাৰত

ৱাৰশ্ব’ বা প’লিছ ভাষাত ৱাৰশ্বাৱাত প্ৰথম সপ্তাহ৷ ভেনকুভাৰৰ সৈতে নঘন্টা সময়ৰ পাৰ্থক্য ইয়াত৷ সেয়ে জেট লেগৰ প্ৰভাৱ কাটিবলৈকে কিছু সময় লাগিল৷ তাৰ মাজতে এদিন ওলাই আহিলো ৱিষ্টুলা নদীৰ পাৰলৈ৷ যোৱাৰ পৰত বাবচ্চাক সহায় কৰিবলৈ অহা চুবুৰীয়া জিজিশ্বাৱাই কিছু চিন্তিত হৈ ক’লে,

’এনেকৈ অকলে গ’লে হেৰাই নোযোৱাতো? এবাৰ মোৰ মানুহজনৰ সৈতে যাওঁতে সেই হাবিখনত বাট বিচাৰি নাপাই ঘু্ৰ্মুটিয়াই ফুৰিছিলো আমি!!’

হাঁহি পেলালো৷ কিছুপৰলৈ তেনেকৈ হেৰাই যোৱাটোও যে এতিয়া এক বিলাসিতা!

ৱিষ্টুলাৰ পাৰলৈ বাট
গোমা আকাশখন আৰু শীতৰ চেঁচা বতাহজাকে গালে-মুখে চুই গ’ল৷ তৰপে তৰপে উমাল কাপোৰ পিন্ধিহে কোনোমতে সেই শীতক দেও দিও ওলাই যোৱাৰ সাহস কৰিলো৷ অৱশ্যে বাবচিয়াৰ ঘৰৰ পৰা ৱিষ্টুলা নদীৰ পাৰলৈ খোজেৰে মাথোঁ  আধাঘন্টামানৰ বাট৷ সেই আৱাসিক অঞ্চলটোৰ পৰা ওলাই আহি মূলপথটো পাৰ হৈয়ে দেখা পালো ৱিষ্টুলা নদীৰ পাৰৰ ওখ মথাউৰী৷ প’লিছ ভাষাত এইবোৰক কোৱা হয় ৱাৰ্ফ৷ এই নামেৰেই আৱাসিক অঞ্চলটোৰো নাম হৈছে Wał Miedzeszyński৷ আগতে বহুবাৰ ৱিষ্টুলা নদী ওফন্দি আহি কাষৰীয়া অঞ্চলবোৰত বানপানীৰ সৃষ্টি কৰিছিল৷ সেইবাবেই এই প্ৰতিৰক্ষা৷

ৱিষ্টুলা নদীৰ সেই মথাউৰী পাৰ হৈয়ে খোজ দিলো কেঁচা বাট এটাত৷ বাটৰ দুয়োকাষে গ’ল্ডেনৰ’ডৰ বিস্তীৰ্ণ ঘাঁহনি আৰু মাজে মাজে লঠঙা গছৰ লানি৷ শীতৰ ৰুক্ষতাৰ চানেকি লৈ যেন থিয় দি আছে সেই প’পলাৰ, উইল’, অল্ডাৰ আৰু অ’ক গছৰ লঠঙা গাবোৰ৷ 

প’পলাৰ গছৰ সেই লঠঙা ডাল কিছুমানত মিহি হালধীয়া চামনি৷ মোৰ ফোনত ’আই নেচাৰেলিষ্ট’ এপটো উলিয়াই পৰীক্ষা কৰিলো৷ গম পালো, সেয়া চানবাৰ্ষ্ট লাইকেন৷ প্ৰকৃতিৰ অপূৰ্ব সমন্বয়ৰ চিনাকি সেয়া৷

চানবাৰ্ষ্ট লাইকেন

সেইখিনিৰ পৰাই ইফালে সিফালে হাবিতলীয়া বাটবোৰ বিভক্ত হৈ গৈছে৷ পোনেই নদীৰ পাৰলৈকে খোজ  দিলো৷ বাটৰ কাষতে এজোপা গছত কিচিৰ মিচিৰ মাত দি খাদ্য সন্ধানত ঘুৰি ফুৰিল কেইটামান ব্লেক টিট- অসমৰ ভদৰকলিৰ পৰিয়ালৰ এবিধ চৰাই৷ বাইন’কুলাৰেৰে সিহঁতক চাই থাকোতেই মোৰ খোজৰ শব্দত চাতকৈ উৰি গ’ল ইউৰোপীয়ান গল্ডফিন্স এজাক৷ সিহঁতৰ দেহত ৰং আৰু ৰূপৰ বাহাৰ দেখি মনটো পুলকিত হৈ উঠিল৷

গ’ল্ডেনৰ’ডৰ বিস্তীৰ্ণ ঘাঁহনি

কিছুদূৰ গৈয়ে ৰ’লোগৈ ৱিষ্টুলা নদীৰ পাৰৰ সৰু বীচ্চ এখনত৷ এইখনৰ নাম Plaża Leśna৷  ঘাইপথৰ পৰা বেছি দূৰৈত নহ’লেও বৰ নিজান নদীৰ সেই পাৰ৷ সেই পাৰ চুই ঢৌ তুলি তুলি এই ৱিষ্টুলা নদীখন বৈ গৈছে এহেজাৰ কিলোমিটাৰ পৰ্য্যন্ত৷ ৱাৰশ্ব’ৰ মাজেদি বৈ যোৱা এই নদীৰ পাৰতে গঢ়ি উঠিছে প’লিছ লোকৰ জীৱন৷ পিছত গম পালো এই নদীৰ পৰাই ৱাৰশ্ব’ নামৰো উৎপত্তি হৈছে৷

কিংবদন্তী অনুসৰি এই ৱিষ্টুলা নদীৰ পাৰতে বহুবছৰৰ পূৰ্বে হেনো ৱাৰ (War) নামৰ এগৰাকী মাছমৰীয়াই বাস কৰিছিল তেওঁৰ পত্নী শ্বাৱা (Sawa) ৰ সৈতে৷ এই হাবিতে চিকাৰ কৰি ফুৰোঁতে বাট হেৰুৱাইছিল এই দেশৰ ৰাজকুমাৰে আৰু ৱাৰ আৰু শ্বাৱাৰ ঘৰত নিশাৰ অতিথি হৈছিলহি৷ পতি-পত্নীৰ অতিথি সেৱাত সন্তুষ্ট হৈ ৰাজকুমাৰে যোৱাৰ পৰত কৈ গ’ল, 

’তোমালোকৰ প্ৰতি কৃতজ্ঞতাৰ চিনস্বৰূপেই আজিৰ পৰা এই ঠাইৰ নাম ৱাৰশ্বাৱা থ’লো৷’ 

তেতিয়াৰ পৰাই এই ঠাই হৈ পৰিল ৱাৰশ্বাৱা বা ইংৰাজীত ৱাৰশ্ব’৷

ৱিষ্টুলা নদীৰ একাংশ

সেই নিজান পাৰৰ বালিতে বহি ৰ’লো বেছ কিছুপৰ৷ চকুৰে মনালৈকে চাই পঠিয়ালো ৱিষ্টুলা নদীৰ বুকুলৈ৷ দূৰৈতে ৱিষ্টুলাৰ পানীত আপোনমনে খেলা কৰিছে পানী কাউৰীবোৰে৷ গাল চৰাইৰ জাকবোৰো উৰি ফুৰিছে খাদ্যৰ সন্ধানত৷ প্ৰকৃতিৰ সেই অপূৰ্ব ৰূপ হেঁপাহ পলুৱাই উপভোগ কৰিলো৷ ভাৱিলো, ৱাৰশ্ব’ মহানগৰীৰ মাজেৰে বৈ যোৱা এই নদীয়ে সোঁৱৰায় নাযায়নে মানুহ আৰু প্ৰকৃতিৰ চিৰন্তন সংযোগৰ কথা? ইয়াৰ দুয়োপাৰৰ তৰু-লতা, চৰাই-চিৰিকটিয়ে বাধ্য নকৰেনে এই মহানাগৰিক ব্যস্ত জীৱন এপলকৰ বাবেও থমকি ৰ’বলৈ? ক্ষন্তেকৰ বাবে হ’লেও প্ৰকৃতিৰ কোলাত নিমগ্ন হ’বলৈ? দেখা পালো, মোৰ পৰা কিছু দূৰৈতে সেয়া এগৰাকী চাইকেল আৰোহী থিয় দিছেহি৷ চাইকেলখন বালিতে এৰি পাৰলৈ আহি তেওঁও তধা লাগি চাই ৰৈছে ৱিষ্টুলাৰ বুকুলৈ৷ সেই নীৰৱ-নিজান পাৰত ঠেঁটুৱৈ লগা জাৰত তেনে দুই এক বাটৰুৱাই, চাইকেল আৰোহীয়েই যেন মোৰ বহুতো প্ৰশ্নৰ উত্তৰ দি গ’ল৷

এটা মুকলি মন লৈ উভতনি খোজ দিলো৷ 

ৱিষ্টুলা নদীৰ পাৰত মই দেখা পোৱা চৰাই কেইবিধমান৷ ফটো: ৱিকিকমনছ

পূৰ্বৰ খণ্ড:


Friday 17 December 2021

প’লেণ্ডৰ ডায়েৰী (১): এটা আশা, বহু বাধা

এটা আশা, বহু বাধা

’ইউ ছিম প্ৰিপেয়াৰড!’ গাঢ় প’লিছ সুৰ এটাৰে কাউন্টাৰৰ বিষয়াগৰাকীয়ে মোলৈ চাই ক’লে৷ 

ভেনকুভাৰৰ প’লিছ কনছুলেট৷ মোৰ ভিজাৰ আবেদনৰ কাগজ-পত্ৰবোৰ কাউন্টাৰৰ মহিলা বিষয়াগৰাকীয়ে এফালৰ পৰা মন দি চাই গ’ল৷ বিভিন্ন দেশৰ বাবে ভিজাৰ আবেদনৰ অভিজ্ঞতাই ইতিমধ্যে শিকাই থৈছে, ক’তো একো সুৰুঙা নোহোৱাকৈ সকলো তথ্য-পাতি সঠিককৈ দিয়াটো অতিকৈ জৰুৰী৷ সেই আপাহতে প’লেণ্ডৰ বাবে শ্বেংগেন ভিজাৰ আবেদনৰ প্ৰস্তুতিতো হয়তো কোনো বিঘিনি নঘটিল৷

বেছ কিছু দিন ধৰি লৈ থকা এটা আশা- বৰদিনৰ বন্ধৰ দিনকেইটা প’লেণ্ডত কটোৱাৰ৷ য়ানেকৰ পৰিয়ালৰ সৈতে৷ পিছে মহামাৰীয়ে স্তব্ধ কৰি পেলোৱা এই নতুন পৃথিৱীখনত দূৰণিবটীয়া যাত্ৰা মানেই বাধাৰ নিছিগা লানি৷ সেয়ে ক’ভিডৰ বাবে বিমানযাত্ৰাত কিবা বিৰূপ প্ৰভাৱ পৰে নেকি তাকে শেষ মুহুৰ্ত্তলৈকে লক্ষ্য কৰি ৰ’লো

ইতিমধ্যে কানাডাত প্ৰায় ৭৬% বাসিন্দাৰ ছিটাকৰণ সম্পূৰ্ণ হৈ যোৱাত যাত্ৰাৰ ক্ষেত্ৰত নীতি নিয়মবোৰ কিছু শিথিল হৈছে৷ তথাপি সকলো ৰাজহুৱা স্থানত মাস্কৰ ব্যৱহাৰ বাধ্যতামূলক৷ আন্তৰ্জাতিক ভ্ৰমণৰ বাধা-নিষেধো কিছু কমা যেন লগাত অক্টোবৰৰ শেষৰফালে প’লিছ কনছুলেটত ভিজাৰ এই আবেদন৷  

প্ৰায় এসপ্তাহ পিছতে শ্বেংগেন ভিজা হাতত পৰিলহি৷ পিছে সেই সকাহবোধ বেছি দিনলৈ স্থায়ী নহ’ল৷ 

নৱেম্বৰৰ প্ৰথম সপ্তাহতে জানিব পাৰিলো, অস্থায়ী কৰ্মীৰ সলনি কানাডাৰ চৰকাৰে কানাডাৰ স্থায়ী বাসিন্দাৰূপে মোক অনুমোদন জনাইছে! এই স্থিতিয়ে কানাডাৰ যিকোনো ঠাইতে কাম কৰাৰ আৰু থিতাপি লোৱাৰ স্বাধীনতা আনি দিয়ে মোৰ দৰে বহুতো প্ৰবাসীৰ বাবে৷ সেই স্বাধীনতাৰ আমেজে বৰ সুখী কৰি পেলালে৷ পিছে পিছ মুহুৰ্ত্ততে উপলব্ধি কৰিলো, ইয়াৰ পৰাই অনাগত প’লেণ্ড যাত্ৰাত বিঘিনি ঘটাৰ সম্ভাৱনা!

কাৰণটো হ’ল, স্থায়ী বাসিন্দাৰূপে অনুমোদিত হোৱাৰ জাননী অহাৰ পৰা এই স্বীকৃতিৰ পৰিচয়বাহক কাৰ্ডখন পোৱালৈকে সময়খিনি দুই নাওত দুই ভৰি যেন সময়৷ এই দুদোল্যমান সময়ছোৱাত ইতিপূৰ্বে গৃহীত কোনো ভিজা বা অস্থায়ী কৰ্মীৰ অনুমোদন স্বয়ংক্ৰিয়ভাৱে অবৈধ হৈ পৰে৷ গতিকে সেই জাননী গ্ৰহণ কৰাৰ লগে লগে মোৰ ইপাৰ সিপাৰ নোহোৱা অৱস্থা হৈ পৰিব- অস্থায়ী কৰ্মীও নহয়, স্থায়ী বাসিন্দাও নহয়৷ মহামাৰীয়ে পিষ্ট কৰা যোৱা দুটা বছৰত জাননীৰ পৰা স্বীকৃতি পোৱালৈকে এই অপেক্ষাৰ সময়ছোৱা বাঢ়ি গৈ তিনি-চাৰিমাহ হৈছেগৈ৷  এই সময়ছোৱাত কোনো আন্তৰ্জাতিক ভ্ৰমণ কৰিলে উভতি আহি কানাডাৰ সীমাত প্ৰৱেশ কৰাত লেঠা লাগিব৷

কানাডাৰ এই চৰকাৰী মেৰপাকে মোক বিবুদ্ধিত পেলালে৷ বুজিলো,শুনাত তেনেই অবান্তৰ যেন লাগিলেও সময়ত কাৰ্ডখন নাহিলে মই উভতিব নোৱাৰি প’লেণ্ডতে আৱদ্ধ হৈ পৰাৰ সম্ভাৱনা! উপায়হীন হৈ লগে লগে কানাডাৰ বিভাগীয় কৰ্তৃপক্ষলৈ ইমেইল কৰিলো৷ মোৰ অৱস্থাটো আৰু এমাহ পিছতে প’লেণ্ডলৈ যোৱাৰ পৰিকল্পনা বৰ্ণাই চৰকাৰী বিভাগৰ পৰাই বিকল্প সমিধান বিচাৰিলো৷

মোক প্ৰায় আচৰিত কৰি পিছদিনাই উত্তৰ আহিল, জনালে, বিভাগে এই প্ৰক্ৰিয়া যিমান পাৰি খৰতকীয়া কৰাৰ চেষ্টা কৰিছে৷ গতিকে লগে লগে অনুমোদন গ্ৰহণ কৰি যাৱতীয়া তথ্য-পাতি জমা কৰিলে প’লেণ্ডলৈ যোৱাৰ আগতেই স্থায়ী বাসিন্দাৰ স্বীকৃতিবাহক কাৰ্ডখন অহাৰ সম্ভাৱনা৷ সেই ৰিস্ক ল’ব নুখুজিলে এই প্ৰক্ৰিয়া সাময়িকভাৱে স্থগিত কৰি অহাবছৰো কামখিনি কৰিব পাৰোঁ৷

বহু ভাৱি চিন্তি ৰিস্ক লোৱাৰে সিদ্ধান্ত ল’লো৷ তাৰপিছত দুটা সপ্তাহ প’লেণ্ডলৈ যোৱা-নোযোৱাৰ উদ্বিগ্নতাত কটোৱাৰ পিছত সঁচাকৈয়ে এদিন আহি হাতত পৰিল, স্থায়ী বাসিন্দাৰ কাৰ্ডখন!

উৎসাহেৰে যো-জা আৰম্ভ কৰোঁতেই পুনৰ পৃথিৱী ছাটি ধৰিলে অ’মিক্ৰ’ণ  ভেৰিয়েন্টে৷ ইখনৰ পিছত সিখনকৈ দেশে ক’ভিডৰ বাধা-নিষেধ পুনৰ বলবৎ কৰিবলৈ লাগিল৷ প্ৰতিদিনে প’লেণ্ডকে ধৰি ইউৰোপৰ বিভিন্ন দেশত বাঢ়ি আহিল ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা৷

কানাডাৰ তুলনামূলকভাৱে নিৰাপদ ক’ভিড স্থিতিৰ বাবেই প্ৰায়বোৰ দেশে ইয়াৰপৰা যাত্ৰাৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰা নাই৷ তথাপি যেন সেই চিৰাচৰিত অন্তদ্বৰ্ন্দ্ব, বিপদাকাঙ্খাৰ বাবে অনিৰ্দিষ্ট কাললৈ জীৱন ৰৈ যাবলৈ দিম নে এই নতুন পৃথিৱীত জীৱনৰ গতি অব্যাহত ৰখাৰ বাট উলিয়াম? অৱশেষত সকলো সাৱধানতা লৈ হ’লেও যোৱাৰে সিদ্ধান্ত ল’লো৷

আকাশী পথেৰে

ক’ভিডৰ বাবে ঘনাই সলনি হোৱা পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়ে কেইবাদিনো আগতীয়াকৈ ট’ৰ’ন্ট’লৈ আহি বান্ধৱী এলাইডাৰ ঘৰত বাহৰ পাতিলোহি৷ ট’ৰ’ন্ট’ৰ পৰা পোনেই প’লেণ্ডৰ ৰাজধানী ৱাৰশ্ব’লৈ বিমানযাত্ৰা৷

যাত্ৰাৰ দিনা এলাইডাৰ সৈতে এয়াৰপৰ্টলৈ গৈ থকাৰ মুহুৰ্ত্তত খৱৰ পালো, মই গৈ পোৱাৰ পিছদিনাৰ পৰাই প’লেণ্ডলৈ আগমণৰ নীতি অধিক কঠোৰ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে৷  আস্, কাণে কাণ মাৰিহে যেন সাৰি গ’লো এইবাৰলৈ!

দুবছৰৰ মূৰত প্ৰথমবাৰৰ বাবে বিমানবন্দৰত ভৰি থৈ অসহজ ভাৱ এটাই আমনি কৰিলেহি৷ সকলোৰে মুখেমুখে মাস্ক, বাৰে বাৰে হাত দুখন ছেনিটাইজ কৰিলো, যিমান পাৰি আঁতৰি ফুৰিলো মানুহৰ ভিৰৰ পৰা৷ ক’ভিডোত্তৰ এই পৃথিৱীত সৌজন্যতা বা সামাজিক সম্পৰ্কৰ বহু উৰ্দ্ধত যেন হৈ পৰিছে স্বাস্থ্যৰক্ষা৷

সকলোবোৰ যাবতীয় কাম সুকলমে কৰি এটা সময়ত বহিলোহি প’লিছ এয়াৰলাইন ল’টৰ আসনত৷ বৰদিনৰ বাবেই হয়তো এটাও আসন খালী নথকাকৈ বিমানখনত যাত্ৰীৰ ভিৰ৷ 

ট’ৰ’ন্ট’ৰ নিশাৰ আকাশখন চাই চাই দীঘলকৈ এটা উশাহ ল’লো৷ মনতে কৈ উঠিলো, 

Poland, here I come!’

ট’ৰ’ন্ট’ৰ পৰা প’লেণ্ডলৈ

প্ৰায় আঠঘন্টাৰ বিমান যাত্ৰাৰ শেষত স্থানীয় সময়ৰ একমান বজাত ৱাৰছ’ৰ মাটিত ভৰি থ’লোহি৷ যাত্ৰীৰ দীঘলীয়া শাৰীত থিয় দি এটা সময়ত বৰ্ডাৰ কন্ট্ৰ’লৰ মুখামুখি হ’লো৷

’ড্যু ইউ হেভ এনি ইনভিটেশ্যন লেটাৰ ট্যু বি হিয়েৰ?’
কাউন্টাৰৰ সিপাৰে থকা বিষয়াগৰাকীয়ে মোলৈ মূৰ তুলি চাই গম্ভীৰ কন্ঠেৰে ক’লে৷

অলপ থতমত খালো৷ ভিজাৰ বাবে দৰকাৰ হোৱা তথ্য-পাতি ইয়াতো বিচাৰিব বুলি হয়তো আশা কৰা নাছিলো৷ তথাপি খুঁচৰি মেলি উলিয়াই দেখুৱালো য়ানেকৰ আইতাকে পঠোৱা চিঠিখন৷

প’লিছ ভাষাত লিখা চিঠিখন চাই লৈ তেওঁৰ মুখখন যেন কুমলিল৷ একো নুবুজিলেও অনুমান কৰি ল’লো বাবচিয়া (প’লিছ ভাষাত আইতা)ই হয়তো লিখিছে, 

’তাইক মই মাতি পঠাইছোঁ৷ বৰদিনৰ সময়খিনি মোৰ লগতে অমুক ঠিকনাত থাকিবহি তাই৷....'

বাবচিয়াৰ প্ৰতি কৃতজ্ঞ হ’লো৷ তাৰপিছতে লেঠা লাগিল ফিংগাৰ প্ৰিন্টৰ স্কেনিঙত৷ কেইবাবাৰো দুয়োখন হাতৰ স্কেন লৈ বাৰে বাৰে তেওঁ কৈ উঠিল,

’ৰেজিষ্ট্ৰাৰ হোৱা নাই, আকৌ দিয়কচোন৷’

প্ৰায় পাঁচ-ছয়বাৰ চেষ্টা কৰি বিফল হৈ তেওঁ ইন্টাৰকমত কথা পাতিবলৈ লাগিল৷ কিছু উদ্বিগ্ন হ’লো৷ ইফালে য়ানেক আৰু বাবচিয়াও উৎকন্ঠাত ভুগিছে কিবা কাৰণত প’লেণ্ডৰ এয়াৰপৰ্টতে ৰৈ যাম বুলি!

ক্ষন্তেকতে ক’ৰবাৰ পৰা এগৰাকী ডেকা পুলিচ বিষয়া ওলালেহি৷ গাঢ় প’লিছ সুৰেৰে তেওঁ মোক ক’লে,
’মেডাম প্লিজ, ফ’ল’ মি!’ 

তেওঁৰ পিছে পিছে গৈ থকা সময়খিনিত মোৰ মনত পৰিল এনেকৈয়ে এবাৰ ছৌদি আৰবৰ জেদাহ বিমানবন্দৰত অফিচাৰে মোক আগবঢ়াই লৈ যোৱাৰ কথা, তাতে আৱদ্ধ হৈ পৰাৰ আশংকাত কিংকৰ্তব্যবিমূঢ় হোৱাৰ কথা৷ সেয়াও অন্য এক কাহিনী৷ পিছে আজি ভাগ্যক্ৰমে সেই কাহিনীৰ পুনৰাবৃত্তি নঘটিল৷ 

পুলিচ বিষয়াগৰাকীৰ সৈতে গৈ এটা সৰু অফিচ কোঠাত আকৌ ফিংগাৰ প্ৰিন্ট দিলোগৈ৷ এইবাৰ কিবা ভাৱি আগতীয়াকৈ হেণ্ড ক্ৰীম অলপ ভালকৈ সানি ল’লো৷ অহৰহ ছেনিটাইজাৰ ব্যৱহাৰ কৰি কৰি দুয়োহাতৰ ৰুক্ষতা যেন এৰাব নোৱাৰা হৈ পৰিছে৷ এইবাৰ স্কেনাৰ আৰু হাতে ঠিকেই কাম কৰিলে৷ স্বস্তিৰ নিশ্বাস এটা পেলাই ওলাই আহিলো৷

প’লেণ্ডত ভৰি দিয়াৰ ইতিমধ্যে দুঘন্টামান পাৰ হৈ গৈছে৷ লাগেজ বেল্টলৈ গৈ দেখিলো, সকলো বয় বস্তু লৈ বাকী যাত্ৰী কেতিয়াবাই দিহাদিহি গৈছে৷ এচুকত মাথোঁ এলাগী হৈ পৰি ৰৈছে মোৰ চ্যুটকেছ৷ চ্যুটকেছটো ঠেলি ঠেলি এয়াৰপৰ্টৰ পৰা ওলায়ে দেখিলো, উৎকন্ঠাৰে কিছু দূৰৈত থিয় দি আছে য়ানেক৷

প্ৰথম দৃষ্টিত প’লেণ্ড

’একেবাৰে ভাগৰি পৰা নাই যদি ঘৰলৈ যোৱাৰ আগতে তোমাক এখন ঠাই দেখুৱাব খুজিছোঁ৷ যাবানে?’

উবাৰখনত বহাৰ লগে লগে য়ানেকে ক’লে৷ তাৰ দুচকুত কৌতুক৷ বুজিলো, কিবা এক চাৰপ্ৰাইজ! ভাগৰতকৈ কৌতুহল বেছি হ’ল এইবাৰ৷ হয়ভৰ দিয়াৰ লগে লগে ট্ৰেফিকৰ লানিৰ মাজলৈ উবাৰখন আগবাঢ়িল৷ 

শীতৰ সেমেকা সন্ধ্যা প’লেণ্ডত৷ বাটৰ দুয়োকাষৰ লঠঙা গছবোৰৰ ৰুক্ষ ডালবোৰত শুকুলা বৰফৰ টুকুৰা চিকমিকাইছে৷ বহুঠাইত গছবোৰত সোণালী লাইটৰ মালা৷ বৰদিনৰ অপূৰ্ব আয়োজন সকলোফালে৷ 

পাৰ হৈ যাওঁতেই চকুত পৰিল ঘন কুঁৱলীৰ আচ্ছাদনৰ মাজত লুকাই পৰা পেলেচ অব কালচাৰ এণ্ড চায়েন্সৰ গগনচুম্বী অট্টালিকাটো৷ ইউৰোপৰ ভিতৰতে সৰ্বোচ্চ অট্টালিকাবোৰৰ এটা হ’লেও এই ঠাই ষ্টেলিনৰ শোষণৰ প্ৰতিমূৰ্ত্তি প’লিছ লোকসকলৰ বাবে৷ য়ানেকৰ বাবেও৷ তথাপি ফটো এখন লোৱাৰ লোভ সামৰিব নোৱাৰিলো৷

পেলেচ অব কালচাৰ এণ্ড চায়েন্স

প্ৰায় আধাঘন্টাৰ মূৰতে  উবাৰখন এঠাইত ৰ’লগৈ৷ বাহিৰলৈ ওলোৱাৰ লগে লগে বৰফচেঁচা বতাহ এজাকে চুই গ’ল মোৰ গালে-মুখে৷ অভাৰকোটটো গাত সুমুৱাই লৈ চাৰিওফালে চকু দিলো৷ সকলোফালেই উৎসৱমুখৰ পৰিৱেশ৷ শাৰী শাৰী লাইটৰ বাহাৰ৷ কিছু দূৰৈত এক বিশালাকায় খ্ৰীষ্টমাছ ট্ৰী৷ তাৰ কাষতে থিয় দি অহৰহ চেলফি কেমেৰা টিপিছে পথচাৰীয়ে৷

’সৌৱা তোমাৰ চাৰপ্ৰাইজ৷’ 

য়ানেকে আঙুলীয়াই দেখুৱালে সুসজ্জিত সেই খ্ৰীষ্টমাছ ট্ৰীৰ কাষতে থকা বিশাল প্ৰসাদটোলৈ৷ ৱাৰশ্ব’ৰ ৰাজকীয় প্ৰসাদ! দেখিয়েই মই হোহোৱাই হাঁহি উঠিলো৷

ৰাজকীয় প্ৰসাদবোৰৰ প্ৰতি মোৰ সহজাত বিৰাগক লৈ য়ানেকৰ ব্যংগ সেয়া! 

’ভিতৰলৈ গৈ ভালকৈ চাবা নেকি?’ সি হাঁহি হাঁহি সুধিলে৷

’নাযাওঁ, একালৰ ৰাজকীয় বংশ বা আঢ্যবন্ত মানুহে কেনে লাহ-বিলাহেৰে জীৱন যাপন কৰিছিল তাৰ প্ৰতি মোৰো কোনো আকৰ্ষণ নাই! পাৰা যদি সেইসময়ত সাধাৰণ নাগৰিকে কেনেকৈ জীৱন কটাইছিল তাকে দেখুওৱা৷’ কৃত্ৰিম খঙেৰে কৈ উঠিলো মই৷

ৱাৰশ্ব’ৰ ৰাজকীয় প্ৰসাদ

অৱশ্যে মনতে ভাৱিলো, পিছত এদিন আহি ভালকৈ চাবহি লাগিব এই অ’ল্ড টাউন, ইয়াৰ ঐতিহাসিক কৃতীচিহ্নবোৰ৷ য়ানেকে টেক্সি ল’বলৈ আগবাঢ়ি গ’ল৷ সেই সময়তে এগৰাকী অচিনাকি বৃদ্ধই ওচৰ চাপি আহি মোক উদেশ্যি ক’লেহি,

’ডব্ৰে ভিয়েচ্চ’ৰ’ (প’লিছ ভাষাত শুভ সন্ধ্যা)

’ডব্ৰে ভিয়েচ্চ’ৰ!’ কিছু থতমত খাই ময়ো উত্তৰ দিলো৷

তাৰ পিছতে তেওঁ কিনো ক’লে মোৰ তেনেই সীমিত প’লিছ জ্ঞানেৰে একোকে বুজি নাপালো৷ সেয়ে ক’লো,

’ছেপ্ৰাছাম! নিয়ে মুভিয়ে প’প’লস্কু!’ (ক্ষমা কৰিব, মই প’লিছ ক’ব নাজানো)

তেওঁ বুজিলে৷ হাত জোকাৰি  বিদায় দি অহাবাটেৰে আগবাঢ়িল৷ তেতিয়াহে উপলব্ধি কৰিলো, এই দেশৰ মানুহৰ প্ৰায় নব্বৈ শতাংশই প’লিছ, গতিকে এই বৈচিত্ৰ্যহীনতাৰ মাজত মোৰ চেহেৰা দেখিয়েই সকলোৱে বুজিব মই যে বহিৰাগত!

’ইতিমধ্যে বন্ধু বিচাৰি পালাই যেন লাগিছেচোন!’ টেক্সিৰ পৰা য়ানেকে মাত দিয়াত সকাহ পালো৷

লৰালৰিকৈ টেক্সিখনত উঠি পৰিলো  বাবাচিয়াৰ ঘৰ অভিমুখে৷ প’লেণ্ডত নতুন অভিজ্ঞতা লোৱাৰ, ইয়াৰ জীৱনৰ ৰং-ৰূপ চোৱাৰ আশাৰে৷ এটা আশাৰ পৰাইটো জন্ম হয় অন্য বহু আশাৰ!