Saturday 25 March 2017

এজাক ৰ’দৰ সন্ধানত (৫): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন


বাৰ্চিলোনাৰ পৰা প’ৰ্ট’লৈ দুঘন্টাৰ ফ্লাইট৷ পুৱাতে ফ্লাইট আছিল৷ যোৱাৰ আগনিশা৷ আমি তিনিও বাৰ্চিলোনাৰ এপাৰ্টমেন্টত বস্তু সামৰা আৰু পিছদিনাৰ যাত্ৰাৰ যা-যোগাৰত ব্যস্ত৷ মই প’ৰ্ট’ত বুক কৰি থোৱা এপাৰ্টমেন্টৰ গৰাকীলৈ মেইল কৰিবলৈ বহিলো৷ এপাৰ্টমেন্টটো পৰ্ট’ৰ চিটি চেন্টাৰতে আছে৷ গৰাকীক জনালো যে আমি পিছদিনা পুৱাতে পামগৈ৷ তেনেকুৱাতে বীৰে আহি মাত দিলেহি,



”এপাৰ্টমেন্টৰ ঠিকনাটো আকৌ এবাৰ গুগুল মেপত চাই লওঁ দেচোন৷”



লেপটপটো আগবঢ়াই দিলো৷

সি ঠিকনাটো দি ষ্ট্ৰীট ভিউ উলিয়ালে৷ ক’লো,

”কাইলৈ গৈ এনেও দেখিমেই৷ এতিয়া ঠিকনাটো এবাৰ ভালকৈ চাই লৈ বস্তু সামৰাৰ কামত লাগচোন৷”

বীৰে এবাৰ মোৰ ফালে চাই ক’লে,

”নাই নাই, মই মাথোঁ আশে-পাশে ঠাইখন যাতে খেলিমেলি ধৰণৰ নহয় থাকে চাই ল’ব খুজিছোঁ৷!”

মোৰ খোঁকোজা লাগি গ’ল৷ কি কয় সি! মোৰ মুখৰ বিব্ৰত দৃষ্টি দেখি সি ক’লে,

”তই এতিয়াও গম নাপাৱ!”

শোৱাকোঠাৰ পৰা প্ৰজ্ঞা ওলাই আহিল৷ হয়তো আমাৰ কথা-বতৰা শুনিয়ে৷ আহি তাই মোৰ সন্মুখৰ চকীখন টানি বহি ল’লে,

”আচলতে এইটো কথা কোৱাই হোৱা নাছিল তোক৷ অহাৰ দুদিনমান আগতে মোৰ পৰ্টুগীজ বন্ধু ৰুইৰ লগত কথা পাতিছিলো৷ তেতিয়াহে গম পালো, আমি প’ৰ্ট’ত বুক কৰা এপাৰ্টমেন্টটো থকা ঠাইখন হেনো পাঁচবছৰমান আগলৈকে ৰেড লাইট এৰিয়া আছিল!”

মই কিংকৰ্তব্যবিমুঢ় হৈ পৰিলো যেন৷ মোৰ কি প্ৰতিক্ৰিয়া হ’ব যেন ঠিৰাং কৰিবই নোৱাৰিলো৷ এতিয়াও তেনে ঠাই হৈ থকা হ’লে দস্তুৰমত আপত্তি কৰিলোঁহেতেন৷ কিন্তু সেয়া যদি সঁচাই অতীত তেনে সংকোচৰ থল নেদেখিলো৷ যি হ’ব দেখা যাব বুলিয়ে ধৰি ল’লো৷ 

পৰ্ট’ এয়াৰপৰ্টৰ পৰা আমি থাকিবলগীয়া ঠাইখনলৈ প্ৰায় চল্লিশমিনিটমানৰ মেট্ৰ’ৰ যাত্ৰা৷ এটা ৰ’দোজ্জল দিন৷ মেট্ৰ’ মাটিৰ তলৰ সুৰংগৰে নগৈ বেছিভাগ দুৰত্ব ওপৰেৰে গ’ল বাবে দু্য়োকাষৰ ঠাইখন চাই যাবলৈ সুবিধা হ’ল৷ বাটৰ দুয়োকাষেৰে পাৰ হৈ গ’ল শাৰী শাৰী পৰম্পৰাগত ৰঙা টাইলেৰে সজোৱা ঘৰবোৰ ৷ বাৰ্চিলোনাৰ দৰে পৰ্য্যটকৰ ভিৰ চকুত নপৰিল৷ মেট্ৰ’ৰ বাহিৰে-ভিতৰে সুগঢ়ী পৰ্টুগীজসকলেই গিজগিজাই আছিল৷ অৱশেষত নামিলোগৈ ট্ৰিনিডাড নামৰ মেট্ৰ’ ষ্টেচনটোত৷ নামিয়েই প্ৰজ্ঞাই ক’লে,

”পৰ্ট’ আমাৰ ভাল লাগিব, এইকণ বাট আহিয়ে গম পাই গ’লো!”

মই সন্মত নোহোৱাকৈ নোৱাৰিলো৷ প্ৰথম দেখাতেই ভাল লাগি যোৱা সৰু আটোমটোকাৰী এখন চহৰ! এপাৰ্টমেন্টৰ এজেন্ট গৰাকীয়ে মেট্ৰ’ষ্টেচনৰ পৰা এপাৰ্টমেন্ট উলিয়াবলৈ সকলো পথ নিৰ্দেশনা সুন্দৰকৈ মেইলকত দি থৈছিল৷ গতিকে অকণো অসুবিধা নোহোৱাকৈ খোঁজেৰেই গৈ ওলালোগৈ৷ ঘৰতকৈ বেছিকৈ আমাৰ মনত দোলা দি আছিল এই এলেকাৰ শুনি অহা ইতিহাসে৷ পিছে এলেকাটোৰ চাৰিওকাষে চকু ফুৰাই একো আপত্তিজনক নেদেখিলো! বৰং আচৰিতহে হ’লো, চিটি চেন্টাৰৰ ইমান কাষতে ৰেড লাইট এৰিয়া কেনেকৈ চলি আছিল সেয়া ভাবি৷ 

ঘৰটোৰ নাম-”অ’ পৰ্ট’ নাও”৷ মূল পথৰ লগতে লাগি থকা তিনি মহলাৰ এটা ঘৰ৷ এজেন্টজনে আমালৈকে বাট চাই আছিল৷ একেবাৰে ওপৰৰ মহলালৈ লৈ গৈ ক’লে, 

’দ্য এনটায়াৰ ফ্ল’ৰ ইজ ইয়ৰছ!’

সোমায়েই মন জুৰাই গ’ল৷ সম্পূৰ্ণ অত্যাধুনিক সা-সুবিধা থকা আটোমটোকাৰি এটা এপাৰ্টমেন্ট৷ এজেন্ট গৰাকীয়ে নেদেখাকৈ আমি তিনিও ইটোৱে সিটোৰ সৈতে দৃষ্টি বিনিময় কৰিলোঁ৷ চকুৰ ভাব,

”ইমান কম দামতে এনে সুবিধাজনক ধুনীয়া এপাৰ্টমেন্ট!”

অ’ পৰ্ট’ নাউৰ একাংশ
আমাক সকলো চমজাই, দৰকাৰী কথাখিনি বুজাই এজেন্টজন গ’লগৈ৷ তেওঁ যোৱাৰ পিছত ধুৰি পকি এপাৰ্টমেন্টটো চালো৷ শোৱাকোঠা আৰু পাকঘৰ দুয়োটাতে আহল-বহল বেলকনি৷ দুয়োটা দিশতে বেলকনিৰ পৰা সন্মুখৰ মূল পথ দেখা পোৱা যায়৷ মোৰ উজ্বলি উঠা মুখখন দেখিয়ে হ’বলা প্ৰজ্ঞাই জোকাবলৈকে মাত দিলে,

”এটা সময়ত চাগৈ কিমান ব্যস্ত আছিল এই এপাৰ্টমেন্ট! এইটোৱে কিমান ৰঙীণ সময়ৰ সাক্ষী হৈ ৰৈছে কোনে জানে, নহয়?”

হাঁহি উঠি গ’ল আমাৰ৷ বীৰে যোগ দিলে,

” ইমানকৈ বেলকনি কিয় বুজিছই নহয়?”

মই বোলো,

”ঠিকেই, মেৰিলিন মনৰোৰ ”উ-হো” মুহূৰ্ত্তবোৰৰ কাৰণেই নহয়?”

(এই ’উ-হো’ মুহূৰ্ত্তৰ কথা মনত নপৰিলে পূৰ্বৰ বাৰ্চিলোনাৰ খণ্ডত চকু ফৰাই চাওক-লা ৰাম্বালাত এটি সন্ধিয়াৰ চমক)

তিনিও হো-হোৱাই হাঁহি উঠিলো৷ এই কথাটোৱে ঘুৰি পকি আহি আহি অ’পৰ্ট’ত থকা গোটেই সময়খিনি আমাৰ আড্ডা ৰসাল কৰি দিলেহি৷

ট্ৰিপেৰ’ৰ দেশত প্ৰথম দিন :

পৰ্ট’ত প্ৰথম দিনাই স্থানীয় খাদ্যৰ জুতি লোৱাৰ ইচ্ছা হ’ল৷ এপাৰ্টমেন্টৰ এজেন্ট গৰাকীকে বীৰে সুধিলে ওচৰত এনে খাদ্য পোৱা ৰেষ্টোৰাঁৰ ঠিকনা৷ তেওঁৰ পৰামৰ্শ মতে আমি ওলাই গ’লো৷ 'Restaurante Abadia do Porto'

এখন সৰু ৰেষ্টোৰাঁ প্ৰায় সকলোবোৰ অভ্যগতই পৰ্টুগীজ লোক৷ বুজিলো, স্থানীয় লোকসকলৰ মাজত জনপ্ৰিয় এই ৰেষ্টোৰাঁ৷ বয়সস্থ ৱেইটাৰ এগৰাকীয়ে আথেবেথে আমাক এচুকত বহিবলৈ দিলে৷ 

খাদ্যৰ মেন্যুখন হাতত লৈ আমি ইটোৱে সিটোৰ মুখলৈ চোৱাচোৱিহে কৰিবলৈ বাধ্য হ’লো৷ খাদ্যৰ তালিকাৰ এটা নামো পৰিচিত নহয়৷ পৰ্টুগীজ খাদ্যৰ বিষয়ে আমাৰ তৰাং জ্ঞানৰ বুজ পায়ে হবলা ৱেইটাৰ গৰাকী আগবাঢ়ি আহিল৷ মানুহজন তেজগোৰাঁ মুখ-জোঙা নাকেৰে প্ৰথম দেখাতে পৰ্টুগীজ বুলি ধৰিব পাৰি৷ সুন্দৰ ইংৰাজীৰে তেওঁ ক’লে,

”মই কিবা সহায় কৰিব পাৰোঁনে?”

”আমি স্থানীয় পৰ্টুগীজ খাদ্য খাব খুজিছোঁ৷ কোনবিধ ভাল হ’ব বাৰু?”-মই মাত দিলো৷

মিঠা হাঁহি এটাৰে মেন্যুখন মোৰ হাতৰ পৰা লৈ তেওঁ ক’লে,

”আমিষ নে নিৰামিষ খোৱাৰ ইচ্ছা?”

”আমিষ”

”তেনে মোৰ পৰামৰ্শ হ’ব তুমি ’ট্ৰাইপ’ৰ সোৱাদ লৈ চোৱা৷ এইবিধ খুবেই জনপ্ৰিয় পৰ্টুগীজ খাদ্য৷”

তেনেদৰে তেওঁ বীৰ আৰু প্ৰজ্ঞাকো নিৰামিষ আহাৰৰ পৰামৰ্শ দিলে৷ আমি বিনাপ্ৰশ্নৰে তেওঁৰ উপদেশ মানি ল’লো৷ অৰ্ডাৰ কৰা মতে খাদ্য আহিল৷ মোৰ ’ট্ৰাইপ’ আহিল মজলীয়া আকাৰৰ বাতি এটাত৷ কুকুৰাৰ মাংস আৰু কিবা বীন এবিধৰ জোল৷ বৰ হেপাঁহেৰে মুখত দিলো৷ পিছে সেই হেপাঁহ বেছিপৰ নাথাকিল৷ অতি সোনকালেই বুজি পালো, কুকুৰাৰ মাংসবোৰ সকলো নাড়ী-ভুৰুহে৷ চোবাবলৈকে বৰ কষ্ট পালো৷ কিছুপৰ যত্ন কৰিয়ে বাদ দিবলৈ বাধ্য হ’লো৷ নষ্ট কৰিবলৈ বেয়া পাই গোটেইখিনি ট্ৰাইপ এপাৰ্টমেন্টলৈ কঢ়িয়ালো৷ পৰ্ট’ত থকা গোটেইকেইটা দিন যুঁজিহে যুঁজিহে এবাতি ট্ৰাইপ শেষ কৰিব পাৰিলো৷

সেই বিখ্যাত ট্ৰাইপ বাতি 

পিছতহে গম পালো, এই খাদ্যৰ আঁৰৰ প্ৰকৃত ইতিহাস ৷ কিংবদন্তী মতে ১৪১৫ চনত উত্তৰ আফ্ৰিকাত সাগৰৰ পাৰত কা চেওটা (Ceuta) নগৰী জয় কৰিবলৈ অভিযানত ওলোৱা বিশাল পৰ্টুগীজ সৈন্যবাহিনীৰ বাবে সমগ্ৰ পৰ্ট’ নগৰবাসীয়ে সকলো মাংস দান কৰিলে৷ ফলত নগৰবাসীৰ বাবে মাথোঁ ৰৈ গ’ল পেটত নাড়ী-ভুৰুবোৰ৷ অভাৱেই আৱিষ্কাৰৰ মূল, এই আপ্তবাক্যষাৰিকে সৰোগত কৰি নগৰবাসীৰে নাড়ী-ভুৰুৰেই সৃষ্টি কৰিলে ’ট্ৰাইপ’ৰ ৰন্ধন প্ৰকৰণ৷ চেওটাৰ বিজয়ে পৰ্টুগীজসকললৈ কঢ়িয়াই আনিলে আফ্ৰিকাত উপনিবেশ স্থাপনৰ সোণালী সুযোগ৷ সেই তাহানিৰে পৰা প’ৰ্ট’বাসীৰ বাবে ’ট্ৰাইপ’ এক দেশপ্ৰেম আৰু গৌৰৱৰ ইতিহাসেৰে মহিমামণ্ডিত সুস্বাদু খাদ্য হৈ পৰিল৷ এই ট্ৰাইপ’ৰ বাবেই পৰ্ট’বাসীৰ অন্য এক নাম হ’লগৈ-ট্ৰিপেৰ’৷

Thursday 2 March 2017

স্কটলেণ্ডত এসপ্তাহ: এখন ঠাই, এজাক মানুহ আৰু এটা অঘটন

এটা ক’ৰ্ছৰ বাবে ষ্টাৰলিঙলৈ যাবলৈ ওলালো৷ কৰ্ছ এসপ্তাহৰ৷ মোৰ বৰ্তমানৰ কৰ্মস্থলী শ্বেফিল্ডৰ পৰা ষ্টাৰলিঙলৈ পাঁচঘন্টাৰ ট্ৰেইন৷ আমাৰ ভাৰতত এনে এটা যাত্ৰা চমু যাত্ৰাৰ শাৰীতে পৰিব যদিও ইংলেণ্ডৰ ভিতৰত কৰিব পৰা যাত্ৰাবোৰৰ তুলনাত এইটো দীঘলীয়া যাত্ৰা৷ যিমান আৰামদায়ক হ’লেও ইয়াত ট্ৰেইনত পাঁচ-ছঘন্টা যোৱাতকৈ বহুতেই ফ্লাইটতহে যাবলৈ খুঁজিব কিজানি৷ 



ক’ৰ্ছ আৰম্ভ হোৱাৰ আগদিনাই এনে এটা দীঘলীয়া যাত্ৰা কৰি আবেলি ষ্টাৰলিঙ পালোগৈ৷ মোৰ বাবে নতুন ঠাই৷ ট্ৰেইন ষ্টেচনৰ পৰা ওলায়ে আমাৰ বাবে আয়োজকে ঠিক কৰি থোৱা যুৱ হোষ্টেল (Youth hostel)টো বিচাৰি উলিয়ালোগৈ৷ 

ৰিচেপশ্যনত এগৰাকী সত্তৰৰ উৰ্দ্ধৰ ব্যক্তি ৷ তেজগোড়া মুখ৷ মিঠা হাঁহি এটাৰে সম্ভাষণ জনালে৷ তেওঁৰ হাতত ইতিমধ্যে আজি আহি পাবলগীয়া কৰ্ছৰ অংশগ্ৰহণকাৰীসকলৰ নামৰ তালিকা এখন আছিলেই৷ মোৰ নামটোৰ বিপৰীতে থকা কোঠাৰ নম্বৰ আৰু প্ৰয়োজনীয় ইলেকট্ৰনিক কাৰ্ড ইত্যাদি দিয়াৰ মাজতে তেওঁ সুধিলে,

’ক’ৰ পৰা আহিলা?’
’শ্বেফিল্ডৰ পৰা৷ বহুত দূৰ ইয়াৰ পৰা! (ইতিমধ্যে ইয়াত থাকি থাকি মোৰ দূৰত্বৰ ধাৰণাত ব্ৰিটিছৰ প্ৰভাৱ পৰিছে কিজানি৷)
’সেয়াটো একোৱে নহয়৷ ইয়ালৈ ইউ এছ-কানাডাৰ দৰে দূৰৰ ঠাইৰ পৰাও কিমান মনুহ আহে৷’-কৈয়ে তেওঁ হো-হোৱাই হাঁহি উঠিল৷
ভুলটো ভাঙিল৷ ঠিকেইটো এয়া একোৱে নহয়! 

কোঠালৈ খোঁজ দিয়াৰ পৰত তেওঁ কৈ উঠিল,
’তোমালোকৰ বাহিৰে এইসপ্তাহ অন্য কোনো নাই হোষ্টেলত৷ একেবাৰে নিজৰ ঘৰৰ দৰে ভাবিবা দেই৷’
ভাল লাগিল আন্তৰিকতাৰ পৰশকণ পাই৷ 

ষ্টাৰলিঙ ঠাইখন
হোষ্টেলৰ পৰা ষ্টাৰলিং বিশ্ববিদ্যালয়লৈ অহা-যোৱা, পুৱাৰ পৰা গধুলিলৈকে ওপৰা-ওপৰি ক্লাছ, আলোচনা, প্ৰেক্টিকেলৰ মাজত ডুবি থাকোতেই সপ্তাহটো কেনেকৈ পাৰ হ’ল গমেই নাপালো৷ তাৰ মাজত থাউকতে সময় উলিয়াই ষ্টাৰলিঙৰ বাটে-পথে অলপ তহল দিয়াৰহে সময় উলিয়াব পাৰিলো৷ 

পাহাৰীয়া ওখ-চাপৰ বাটবোৰ৷ গাড়ীৰ সংখ্যা কম৷ অনুমান কৰিব পাৰি, ঠাইখন সৰু; মহানগৰ নুবুলি নগৰ বোলাহে সঠিক হ’ব কিজানি৷ মই থকা হোষ্টেলৰ এলেকাটো পুৰণি টাউনৰ অংশ৷ হোষ্টেলৰ পৰা মাথোঁ পাঁচমিনিট দূৰৈত ষ্টাৰলিং দুৰ্গ৷ স্কটলেণ্ডৰ আটাইতকৈ ধুনীয়া দুৰ্গবোৰৰ ভিতৰত এটা বুলি গণ্য কৰা হয়৷ এই দূৰ্গৰ বাবেই ১৩১১ চনত ইংৰাজ আৰু স্কষ্টিছসকলৰ মাজৰ প্ৰথম স্বাধীনতাৰ সংগ্ৰামৰ অন্যতম ৰণ বেন’কবাৰ্ণৰ যুদ্ধ সংঘটিত হৈছিল৷ 

সেই অংশ সাগৰপৃষ্ঠৰ পৰা কিছু উচ্চতাত বাবে ষ্টাৰলিঙৰ পেনেৰ’মিক দৃশ্যও তাৰ পৰা দেখা পোৱা যায়৷ তাৰপৰা দেখা পোৱা ষ্টাৰলিঙৰ স্কাইলাইনৰ মূল আকৰ্ষণ হ’ল নেশ্যনেল ৱালেছ মনুমেন্ট (National Wallace Monument) ৷ এই স্থানতে ১২৯৭ চনত ৱিলিয়াম ৱালেচ নামৰ এগৰাকী স্কটিছ বীৰে সামৰিক কৌশলেৰে বৃহৎ এক ইংৰাজ সৈন্যবাহিনীক অৱৰুদ্ধ কৰি পেলাইছিল৷ 

মহানগৰৰ মাজেৰে একা-বেঁকা পথেৰে বৈ গৈছে শান্ত-সৌম্য ফৰ্থ নৈ ( River Forth)৷ মহানগৰীৰ অলিয়ে-গলিয়ে সিচঁৰতি হৈ আছে দীঘলীয়া স্বাধীনতা সংগ্ৰামৰ অনেক স্মৃতিচিহ্ন৷ ওখ-চাপৰ ঠেক বাটবোৰত সন্ধিয়া খোঁজ কাঢ়ি ফুৰোঁতে বাৰে বাৰে মনলৈ আহিল, শৈশৱৰ শান্ত সৰু গাওঁ আৰু নগৰৰ বাটবোৰলৈ৷ মহানগৰীৰ হাই-হুৰুমি, কৃত্ৰিমতাৰ পৰা বহু দূৰৈৰ শান্ত-সৌম্য নিভাঁজ পৃথিৱীখনলৈ৷ এই পৃথিৱীত মায়া আছে, আপোনত্ব আছে, আৰু আছে সীমাহীন প্ৰশান্তি৷ ষ্টাৰলিঙে বহুদিনৰ মূৰত সেই পৃথিৱীখনৰ অনুভৱখিনি জীপাল কৰি দিলেহি৷

এজাক মানুহ
ইংলেণ্ডৰ বিভিন্ন ঠাইৰ পৰা অহা এজাক মানুহ৷ ওখ-পাখ, সোণালী ঢৌ খেলোৱা চুলিটাৰিৰে ৰাছিয়াৰ টাটছিয়ানা৷ লণ্ডনত পি এইচ ডি কৰি আছে৷ গম পালো, তাই বিয়া হৈছে পাঞ্জাৱী ল’ৰা এজনৰ সৈতে৷ কেতিয়াও নেদেখা ভাৰতখনৰ প্ৰতি তাইৰ কৌতুহলৰ সীমা নাই৷ অবাৰডিনৰ কেজাহ, সকলোৰে প্ৰতি তাইৰ নিভাঁজ আন্তৰিকতা, একেই বন্ধুত্বপূৰ্ণ৷ তাই কম্বোডিয়াত এটা আন্ত:ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সৈতে স্থানীয় জনজাতিৰ অৰণ্যৰ ওপৰত নিৰ্ভৰশীলতা কমাই আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে কাম কৰে৷ এক্সেটাৰৰ ৰবাৰ্টে আকৌ সমুদ্ৰৰ প্ৰবাল প্ৰাচীৰৰ ওপৰত গৱেষণা কৰি আছে৷ ল’ৰাজনৰ হাঁহিটো সংক্ৰামক হৈ পৰিবলৈ বেছি সময় নালাগে৷ পুখুৰীৰ শান্ত পানীখিনিত শিল এটা পৰিলে ঢৌবোৰ চাৰিওদিশে বিয়পি পৰাৰ দৰে ৰবাৰ্টৰ হাঁহিৰো অৱশেষ আমাৰ সকলোলৈকে বিয়পি পৰে৷ নিৰাময় কৰিবলৈ কিবা ৰোগ নাথাকিলে কি কৰিব ভাবি নোপোৱা লিভাৰপুলৰ এলেক্স পশুবিজ্ঞানী৷ জীৱ-জন্তুৰ বিভিন্ন ৰোগসমূহ কি গতিত বিয়পে, কেনেকৈ তাৰ প্ৰতিৰোধ কৰিব পাৰি তাৰেই গৱেষণা তাইৰ৷ তাইৰ ভাষাত -"I have to have something that needs to be fixed"৷ চুইডেনৰ জ’ ভূবিজ্ঞানী৷ চুইডেনৰ জিঅ’ল’জিকেল ছ’ছাইটিত কেইবাবছৰো চাকৰি কৰি পুনৰ ঘৰি আহিছে পি এইচ ডি গৱষণালৈ৷ সকলো বিষয়তে তাইৰ আগ্ৰহৰ শেষ নাই৷ তাইৰ মাজত জনাৰ এক অনন্ত হেঁপাহ দেখা পাই  অনুপ্ৰেৰণা পালো৷ সঁচাই জনাৰ হেঁপাহ থাকিলে এই পৃথিৱীৰ সকলো বাটৰে দুৱাৰ মুকলি৷ স্কটলেণ্ডৰে জিম আমাৰ সকলোৰে মাজত আটাইতকৈ বয়সত ডাঙৰ৷ বহুবছৰ প্ৰাইভেট কোম্পানীৰ কাম কৰি জীৱনৰ মধ্যাহ্ন বেলা উভতি আহিছে গৱেষণালৈ৷ তেওঁ অৰ্থনীতিবিদ৷ খাদ্য উৎপাদন আৰু কৃষি প্ৰসাৰণৰ সৈতে জড়িত অৰ্থনীতিৰ  গৱেষণাত ব্যস্ত তেওঁ৷ বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা এনে অন্য বহুতক লগ পালো৷ এদল উদ্যমী বিজ্ঞানীৰ মাজত থাকি জানিবলৈ পালোঁ সকলোৱে কৰি থকা উত্তেজনাপূৰ্ণ কামবোৰৰ বিষয়ে ৷ বহুতে মনৰ চোতালত আঁকি গ’ল একো একোডাল আঁচ-নিজৰ কামেৰে, আকৰ্ষণীয় ব্যক্তিত্বৰে৷

আনকি হোষ্টেলৰ ৰান্ধনি ৰ’জাৰো বাদ নপৰিল এইসকলৰ মাজৰ পৰা৷   ৰ’জাৰ সত্তৰৰ উৰ্দ্ধৰ এগৰাকী ব্যক্তি৷ তেওঁ ডুবাইত থকাৰ সময়ত দক্ষিণ ভাৰতৰ বহুতো সহকৰ্মী আছিল বাবেই নেকি ভাৰতৰ প্ৰতি এক অবুজ আকৰ্ষণ তেওঁৰ৷ এবাৰ নিজ চকুৰে চাবলৈ, ভাৰতৰ মাটিত এবাৰ ভৰি দিবলৈ খুবেই ইচ্ছা৷ নিশাৰ আহাৰৰ পৰত সদায়ে ৰ’জাৰে মোৰ লগত দুষাৰ নপতাকৈ নাথাকে৷ এনিশা ক’লে, তেওঁৰ কেৰেলালৈ যাবলৈ বিৰাট ইচ্ছা৷ উৎসাহ দিলো, এতিয়া নগ’লে কেতিয়া যাবনো! গৈ আহকগৈ-মনৰ হেঁপাহটো পূৰ হ’ব৷ উভতাৰ আগদিনা কেৱল মোৰ বাবেই ৰ’জাৰে বজাৰলৈ গৈ নান বিচাৰি আনি ভাৰতীয় ষ্টাইলত কাৰি ৰান্ধি তাৰ সৈতে আমাক সকলোকে ৰাতিৰ সাঁজ খুৱালে৷ এনে আন্তৰিক আতিথ্য পাই নিজকে সৌভাগ্যৱতী বুলি নামানি নোৱাৰিলো৷

ঘৰমুৱা যাত্ৰাত অঘটন
ষ্টাৰলিঙৰ পৰা উভতাৰ ট্ৰেইন আছিল আবেলি ৩:৩৭ বজাত ৷ কিন্তু তাৰ পৰা শ্বেফিল্ডলৈ পোনপটীয়া ট্ৰেইন নাই৷ প্ৰথমে এডিনব’ৰা (স্কটলেণ্ডৰ ৰাজধানী) লৈ গৈ তাৰ পৰা তিনিঘন্টা য়ৰ্কলৈ৷ য়ৰ্কৰ পৰা শ্বেফিল্ডলৈ আকৌ অন্য এখন ট্ৰেইনত শ্বেফিল্ডলৈ৷ সময়তকৈ আগতেই ষ্টেচন পালোগৈ৷ সৰু চিটিৰ সৰু ষ্টেচন৷ চালো, ৩:৩৭ বজাৰ ট্ৰেইন প্লেটফৰ্ম দুইৰ পৰা যাব৷ স্কট ৰেইল৷ যথা সময়ত ট্ৰেইন আহিল৷ তেতিয়ালৈ সম্পূৰ্ণ ঘৰমুৱা মন মোৰ৷ ফুৰি চাকি ঘৰমুৱা হোৱাৰ সময়ত নিজৰ কোঠাটোৰ, নিজৰ বিছনাখনৰ আকৰ্ষণে টানি নিয়ে যেন৷ সেইবাবেই উভটনি যাত্ৰাবোৰত ঘড়ীৰ কাঁটাবোৰ জোখতকৈ লাহেকৈ ঘুৰা যেন লাগে কিজানি৷

ট্ৰেইন এৰাৰ পিছত কিছুসময় বাহিৰৰ বৰফাবৃত ঘাঁহনিবোৰ, ঘাঁহনিৰ সিপাৰৰ গছ-লতা বিহীন মুকলি পাহাৰবোৰ আগ্ৰহেৰে চাই গ’লো৷ লগতে দুই-এখন ফটো তোলাৰ বৃথা চেষ্টা ৷ পাহাৰৰ সেউজীয়া আৰু বৰফৰ শুভ্ৰতা চাই চাই এটা সময়ত চকু মুদ খাই আহিল৷ দিনটোৰ ব্যস্ততাৰ শেষত দেহ-মন ভাগৰি আহিছিল কিজানি৷ কিমান সময় টোপনি গ’লো ক’ব নোৱাৰোঁ৷ এবাৰ চকামকাকৈ সাৰ পাই খেলিমেলি লাগি গ’ল৷ এডিনব’ৰা পাৰ হৈ আহিলো নেকি টোপনিত থাকোতেই! সময় চাই দেখিলো, ৪:২০ বাজিছে৷ অহ, ঠিকেই আছে৷ তাৰ পৰা পাঁচবজাতহে য়ৰ্কলৈ ট্ৰেইন৷ ৪:৩৪ মানত য়ৰ্ক গৈ পাবগৈয়ে লাগে৷ কিছুপৰ যোৱাৰ পিছত কিন্তু একেটা সন্দেহে আকৌ বিন্ধিলে৷ বাহিৰলৈ চাই দেখিলো, বৰফে ঢকা পাহাৰবোৰ, পামবোৰ, ইফালে সিফালে বৈ যোৱা সৰু-বৰ জুৰিবোৰ যেন ক্ৰমান্বয়ে বাঢ়ি আহিছে আৰু সেই অনুপাতে কমি গৈছে ঘৰ-দুৱাৰবোৰ৷ অহাৰ সময়ত ইমান মন জুৰুৱা প্ৰাকৃতিক পৰিবেশ দেখা হ’লেতো মনত থাকিলহেঁতেন মোৰ!

ট্ৰেইনত ঘোষণা কৰিলে, ডাংকেল্ড পাইছোঁহি! অচিনাকি নাম৷ কিছুপৰ যোৱাৰ পিছত ঘোষণা হ’ল, পিটল’ক্ৰি পাবৰ হৈছে৷ এইবাৰ মনটো ইচ-ইচাই উঠিল৷ এইখন ঠাইৰ নাম জীৱনত শুনা নাই! ল’ৰাল’ৰিকৈ ফোনটো উলিয়াই নেটত চাবলৈ চেষ্টা কৰিলো৷ যুঁজিব লগা হ’ল নেটৱৰ্ক পাবলৈ৷ এইবাৰ সন্দেহটো যেন দৃঢ় হৈ গ’ল৷ এইটো ষ্টাৰলিং-এডিনব’ৰাৰ বাট হ’বই নোৱাৰে৷ স্কটিছ হাইলেণ্ডৰ দূৰণিবটীয়া ঠাইবিলাকতহে নেটৱৰ্ক পাবলৈ টান! কিন্তু কেনেকৈ সম্ভৱ সেইটো!!

কিছুপৰ যুঁজাৰ পিছত ফোনত গুগল মেপে উত্তৰটো দিলে৷ এডিনব’ৰালৈ নগৈ তাৰ সম্পূৰ্ণ বিপৰীত দিশে স্কটিছ হাইলেণ্ডৰ একেবাৰে উত্তৰৰ ইনভাৰনেছ নামৰ ঠাইখনলৈ যোৱা ট্ৰেইন এইখন! বিস্ময়ত হতবাক হৈ গ’লো! তাৰমানে ৩:৩৭ বজাতে একেটা ষ্টেচনৰ পৰাই দুখন বেলেগ বেলেগ ট্ৰেইন আছিল! আৰু মই বিপৰীত দিশৰ ট্ৰেইনখনত উঠিলো! বাহিৰলৈ চাই দেখিলো, ক’তো এটাও ঘৰ বা মানুহৰ বসবাস দেখিবলৈ নাই৷ দূৰ-দূৰণিলৈকে কেৱল মুকলি বৰফাবৃত ঘাঁহনি৷ তাৰ সিপাৰে শাৰী শাৰী পাহাৰ আৰু পাহাৰ!! ট্ৰেইনৰ মানুহবোৰলৈ চালো৷ এখন ন’ মেনছ লেণ্ডৰ মাজেদি যেন জীৱন্ত ট্ৰেইন এখনহে গৈ আছে, এনে লাগিল৷ একমুহুৰ্তৰ বাবে ভাবিলো, ট্ৰেইনৰ ইমানবোৰ মানুহৰ মাজত থাকি কিবা উপায় উলিওৱাটো ভাল হ’ব নে নামি লৈ অচিন ঠাইত কি কৰিব পাৰি চোৱা ভাল হ’ব৷ ঠিক কৰিলো, আৰু আগুৱাই যাব নোৱাৰি৷ আগলৈ আৰু একোৰে সংযোগ নোপোৱাও হৈ যাব পাৰোঁ৷ যি হয় হ’ব, পিছৰ ষ্টেচনটোতে নামি দিম৷ কাকো নাপালেও অন্তত: ষ্টেচনৰ টিকেট কাউন্টাৰত কথাটো বুজাই ক’ব পৰা হ’ব৷

পাঁচমিনিট পিছতে জীৱনত কেতিয়াও নাম নুশুনা পিটল’ক্ৰি নামৰ সৰু ঠাইখনত নামি পৰিলো৷ তেনেই সৰু ষ্টেচন ঘৰ এটা, কাষেৰে সৰু জুৰি এটা পাৰ হৈ গৈছে৷ একেবাৰে প’ষ্টকাৰ্ডৰ ছবিৰ দৰে ধুনীয়া ঠাই৷ নামি লৈ মনটো যেন অলপ সলনি হৈ গ’ল! ভাবিলো, মইতো ইংলেণ্ডত থাকিবলৈ লোৱাৰ পৰা সদায়ে স্কটলেণ্ডৰ এই হাইলেণ্ডৰ ফালে আহিবলৈ বিচাৰি আছিলো৷ যেনেকৈয়ে নহওক আজি ইয়াৰ পাই গ’লোহি৷ সন্মুখত শনি আৰু দেওবাৰ-ৰৈয়ে দিওঁ নেকি! উত্তেজিত চিন্তাটো আধাবাটতে ৰখাই বিবেকে কৈ উঠিল, নাই এনেকৈ নহয়৷ ইমান সৰু ঠাই এখনত আগতীয়াকৈ বুকিং নকৰাকৈ এনেকৈ হঠাত আহি থাকিবলৈ ঠাই পোৱা সম্ভৱ নহয়৷ আৰু উভতাৰ ট্ৰেইনৰ টিকেট ইয়াৰ পৰা দুদিন আগত কৰা মানে সাঁচতীয়া প্ৰায়খিনি টকা পানীত পেলোৱা হ’ব৷ নাই নাই, যিমানদূৰ পাৰি আজিয়ে শ্বেফিল্ড পোৱাৰ চেষ্টা কৰিবই লাগিব৷ অৱশ্যে ঘড়ীৰ কাঁটাই পাঁচবজাৰ সংকেত দিয়া দেখি সেই আশাটো অলপ ক্ষীণ হৈ অহা যেনহে লাগিল৷

বাহিৰত ক’তো এজনো মানুহ নেদেখিলো৷ টিকেট কাউন্টাৰৰ ভিতৰলৈ গৈ এগৰাকী যাত্ৰী দেখিলো-অলপ সকাহ পালো৷ কাউন্টাৰত এগৰাকী প্ৰায় ষাঠীৰ উৰ্ধৰ ব্যক্তি৷ হাঁহিমুখেৰে মোক মাত লগালে৷

অলপ লাজ আৰু অস্বস্তিৰে ক’লো,
”মই আচলতে এডিনব’ৰালৈহে যাব লাগিছিল৷ ভুল ট্ৰেইনত উঠি ইয়াৰ পালোহি! এডিনব’ৰা বা ষ্টাৰলিঙলৈ ইয়াৰ পৰা এতিয়া কিবা ট্ৰেইন পামনে বাৰু?

মানুহজনে একো ক’বই নাপালে, কোঠাৰ ভিতৰত বহি থকা মহিলাগৰাকীয়ে ইচ-ইচাই কৈ উঠিল,
”অহ, ইউ প’ৰ থিং!”

মই হাঁহি দিলো৷ কাউন্টাৰৰ মানুহজনে ক’লে,

”একো নাই, আধাঘন্টা পিছতে এডিনব’ৰালৈ যোৱা ট্ৰেইনখন আহিব৷ তাতে উঠি দিবা৷”

”কিন্তু টিকেট?" মই আচলতে আকৌ নতুনকৈ টিকেট কৰিবলৈ মানসিকভাৱে প্ৰস্তুত হৈছিলোৱে৷

”নাই, কেতিয়াবা বিচাৰে, কেতিয়াবা নিবিচাৰে৷ তুমি যিহেতু ভুলতেহে উঠিলা, একো দিগদাৰ হ’ব নালাগে৷”

তেওঁৰ ভৰসা পাই মুখলৈ পানী আহিল৷ অন্তত: ইয়াত ৰাতিটো কটাবলৈ ঠাই বিচাৰি হাহাঁকাৰ কৰিব নালাগে৷ এডিনব’ৰা ডাঙৰ চিটি-তাৰ পৰা শ্বেফিল্ডলৈ আগবাঢ়ি যোৱাৰ উপায় নাপালেও তাতে থাকিবলৈ হোটেল পোৱা যাব৷

ষ্টাৰলিঙৰ পৰা এডিনব’ৰা নহৈ সম্পূৰ্ণ বিপৰীত দিশৰ ট্ৰেইনেৰে পিটল’ক্ৰি পোৱাৰ বাটটো
সন্ধিয়া ৫:৩৫ বজাত ট্ৰেইন আহিল৷ মাথোঁ তিনিটা চুটি ডবা৷ সোমাবলৈ লৈয়ে টিকেট পৰীক্ষকৰ মুখামুখি হ’লো ! আস, যেতিয়া টিকেট থাকে, কোনেও আহি চাব নোখোঁজে৷ আৰু কাচিৎ এনেকুৱা পৰিস্থিতি হ’লে আকৌ তেওঁৰ মুখতে পৰোঁ! ইচ্ছাকৃতভাৱেই তেওঁৰ পৰা আটাইতকৈ দূৰৰ খালী চিটটোত বহি পৰিলো৷ কিন্তু সকলো চেষ্টা ফুটুকাৰ ফেন হ’ল৷ টিকেট পৰীক্ষকজন যেন মোৰ পিছে পিছেই লাগি আহিল! ভালকৈ বহিবলৈ নাপালোৱে, আহিয়ে মোৰ পৰাই প্ৰথম টিকেট বিচাৰিলে!

পেটে পেটে খং উঠিল, ষ্টাৰলিঙৰ পৰা ইয়ালৈ ভুল ট্ৰেইনত উঠোতে এনেকৈ লগে লগে টিকেট বিচৰা হ’লেতো এইবোৰ হ’বলৈকে নাপায়!

আকৌ একেই কাহিনীৰ পুনৰাবৃত্তি কৰিলো তেওঁৰ আগতো৷ তেওঁ সহানুভূতিৰে ক’লে,

”একো নাই, ইয়াৰ পৰা ষ্টাৰলিঙলৈ টিকেটটো লৈ লোৱা৷ পিছৰখিনি আগৰ টিকেটেৰেই হ’ব৷”

বাৰ পাউণ্ড দি নতুনকৈ টিকেট ল’লো৷ এডিনব’ৰালৈ দুঘন্টা এতিয়াৰ পৰা৷ বুজিলো, এডিনব’ৰা আৰু য়ৰ্কলৈ দুয়োখন সংযোগী ট্ৰেইনলৈ মই সময়মতে গৈ পোৱাৰ কোনো সম্ভাৱনা নাই৷ ইয়াত সাধাৰণতে ট্ৰেইন পলম নহয়ে কাৰণে সংযোগী ট্ৰেইনবোৰো পাঁচ-দহমিনিটৰ ব্যৱধানতে কৰা হয়৷ গতিকে এডিনব’ৰা পোৱাৰ পিছত কি কৰিম ঠিক কৰিব লাগিল৷ অনলাইন চাই দেখিলো, মই তাৰ পোৱাৰ পাঁচমিনিট পিছতেই লণ্ডনলৈ এখন ট্ৰেইন আছে৷ সেইখনত গৈ ডংকেষ্টাৰ নামৰ সৰু চিটিখনত নামিলে তাৰ পৰা শ্বেফিল্ডলৈ শেষ ট্ৰেইনখন পাম৷ সকলো ঠিকে ঠাকে গ’লে মাজৰাতি ১২:০৫ ত শ্বেফিল্ড পামগৈ৷

ভাবিলো, আকৌ সেই দুখনতে টিকেট কৰি দিওঁ নেকি! চাই দেখোঁ টিকেটৰ দাম এশ দহ পাউণ্ড! আমাৰ হিচাপত কমেও দহহাজাৰ টকা (ইমানদিন হ’ল যদিও পাউণ্ডৰ পৰা লগে লগে টকালৈ হিচাপ কৰিহে সিদ্ধান্ত লোৱাৰ অভ্যাসটো যোৱাই নাই!) নাই, ইমান টকা খৰচ কৰিব নোৱাৰোঁ৷ গোটেই ক’ৰ্ছটোৰ খৰচ-পাতিৰ বন্দবস্ত আয়োজকে কৰাৰ কাৰণে মই ইতিমধ্যেই তাতে টিকেটৰ কপি দি আহিছোঁ৷ নিজৰ পকেটৰ পৰা এনেকুৱা কাৰণত ইমান খৰচ কৰিবলৈ মোৰ গা বেজবেজাই যাব৷ মনটো অলপ বিদ্ৰোহী হৈ উঠিল৷ বেপৰোৱা ভাব এটাই যেন আৱৰি ধৰিলেহি৷ চাই থকা টিকেট বুকিঙৰ ৱেবছাইটটো বন্ধ কৰিলো৷ ভাবিলো, টিকেটেই নকৰোঁচোন এইবাৰ! চাওঁ কি হয়! কিছুমান ষ্টেচনত অট’মেটেট টিকেট বেৰিয়াৰ থাকে, টিকেট দিলেহে পাৰ হৈ ওলাব বা সোমাব পাৰি, কিছুমানত নাথাকে৷ নথকাবোৰত কেতিয়াবা টিকেট পৰীক্ষক আহে, কেতিয়াবা নাহে৷ আগতে ভাবিছিলো, ইয়াত টিকেট লৈ ইমান কঠোৰ নহয় কিজানি৷ কিন্তু বন্ধুবৰ্গৰ পৰা শুনিছোঁ, কেনেবাকৈ ধৰা পেলালে বৰ দামত ট্ৰেইনতে টিকেট ল’বলৈ বাধ্য কৰায়৷ ভাবিলো, দেখা যাওকচোন যাব পাৰোঁ নে নোৱাৰোঁ, নোৱাৰিলে ৰৈ দিম নাইবা ট্ৰেইনতে দামত কিনিম৷ এনেকৈয়োতো কম খৰচ নহয় (ট্ৰেইনত পিছে কিমান ভৰাব মোৰ একো ধাৰণা নাই, তথাপিও ’হু কেয়াৰছ’ ভাব মনতে)৷

চিন্তা-চৰ্চাৰ মাজতে দেখিলো, মোৰ ডবাতে কেইজনমানে সমবেত সংগীত আৰম্ভ কৰিছে৷ গোটেইকেইজনৰ পিন্ধনত পৰম্পৰাগত স্কটিছ স্কাৰ্ট৷ গান গাই গাই উৎসাহ দিছে বাকীবোৰকো,
”কাম অন, ইউ কেন ডু ইট!”
ডবাৰ বাকীবোৰ মানুহেও এজন দুজনকৈ যোগ দিছে৷ হাত-চাপৰি বজাইছে৷ কি পৰিবেশ! শুনিছিলো, স্কটিছ মানুহবোৰ খুউব ৰঙীয়াল হয় হেনো৷ তেওঁলোকে পিছে মোক নাগালেণ্ডৰ ঘাটে-বাটে বিভিন্ন সময়ত লগ পোৱা ৰঙীয়াল সহযাত্ৰীবোৰলৈহে মনত পেলাই দিলে৷

মনটো ভাল লাগিল৷ সদ্যহতে পৰিকল্পনা হ’ল, এডিনব’ৰাত প্লেটফৰ্মৰ পৰা নোলাওঁৱে যেতিয়া টিকেট বেৰিয়াৰ পাৰ হ’ব নালাগে৷ এটাৰ পৰা অন্য এটালৈ গৈ পিছৰ ট্ৰেইনখনত উঠিবহে লাগে৷ সেয়াই কৰিম আৰু ট্ৰেইনত টিকেট পৰীক্ষকে ধৰিলে সময়ত দেখা যাব৷

পিছে ভবাৰ দৰে নহ’ল! নামিয়ে দেখোঁ ভয় কৰি থকা টিকেট বেৰিয়াৰ সন্মুখতে! মাথোঁ মই নমা প্লেটফৰ্মৰ দুয়োপাৰে থকা দুটাৰ বাবে! বেপৰোৱা ভাবটোৱে চিঞঁৰিলে, ’হুৱাট দা হ্যেল!’ আজি ময়ো নেৰিছোঁ যা:৷

লাহেকৈ ষ্টাৰলিঙৰ পৰা শ্বেফিল্ডলৈ যোৱাৰ টিকেটটো বেৰিয়াৰৰ মেচিনত ভৰাই দিলো৷ মনতে প্ৰতিটো ছেকেণ্ড গণিবলৈ লোৱাৰ সময়তে টিকেটটো লাহেকৈ মেচিনৰ পৰা ওলাই আহিল আৰু বেৰিয়াৰত জিলিকি উঠিল সেউজীয়া সংকেত!

অহ ৰক্ষা! কিন্তু তাৰ পৰা ওলায়ে সময় দেখি দৌৰিবলৈ বাধ্য হ’লো৷ দৌৰাদৌৰিৰ মজতে পৰম্পৰাগত স্কাৰ্ট পিন্ধি বিপৰীতফালৰ পৰা খৰখেদাকৈ অহা এজন স্কটিছক মোৰ ট্ৰলীত জোঁটপোঁট লগাবলৈও নেৰিলো পিছে৷ দ্বিতীয় ট্ৰেইনখনলৈ খুউব কম সময়৷ ভাগ্যক্ৰমে সেইটো প্লেটফৰ্মত বেৰিয়াৰ নাছিল৷ ট্ৰেইনত সোমায়ে পৰীক্ষকে নোপোৱা ধৰণৰ চিট বিচাৰিলো, নাই প্ৰায়ভাগতে মানুহ আছেই৷ শেষত সেইবোৰ চিন্তা বাদ দি এজন মানুহৰ কাষতে খালী চিট এটাত বহি পৰিলো৷
পিছে আজি মোক পৰীক্ষকে নেৰিবই যেন৷ ট্ৰেইন এৰাৰ পাঁচমিনিটৰ পিছতে মাত শুনিলো,
”পেছেঞ্জাৰছ ফ্ৰম এডিনব’ৰা, প্লিজ লেট মি হেভ এ লুক এট ইয়’ৰ টিকেটছ!”

তেওঁলোকে সাধাৰণতে প্ৰতিটো ষ্টেচনৰ পিছতে নতুনকৈ উঠা যাত্ৰীবোৰকহে টিকেট দেখুৱাবলৈ কয়৷ মই যেন বহু আগৰে আহি আছোঁ এনে এটা ভাব দেখুৱাই গহীনত বহি থাকিলো৷ মোৰ সহযাত্ৰীয়ে আকৌ নিজৰ টিকেট উলিয়াই দাঙি ধৰিলে৷ পেটে পেটে মানুহজনলৈ খং উঠিল৷ কিন্তু যেতিয়া পৰীক্ষক আহি মোৰ সন্মুখত থিয় হৈ একেষাৰ কথাকে দোহাৰিলে, বুজিলো এতিয়া আৰু কৰিব পৰা একো নাই!

আহল-বহল হাঁহি এটা উলিয়াই যিমান পাৰি বিনয়ী হৈ তেওঁৰ আগতো একেটা ঘটনাকে বৰ্ণনা কৰিলোঁ৷

ভাগ্যক্ৰমে এডিনব’ৰাৰ পৰা ধৰিব নোৱাৰা আগৰ ট্ৰেইনখনৰ সৈতে এইখন একেটা কোম্পেনীৰ ট্ৰেইন আছিল (ইয়াত প্ৰাইভেট কোম্পানী কিছুমানে নিজা ট্ৰেইন চলায় আৰু প্ৰত্যেকৰ নীতি-নিয়ম অলপ বেলেগ হয়)৷ তেওঁৰ আগত বাৰে বাৰে দোহাৰিলো,
”দু্যোখন ভাৰ্জিন ট্ৰেইনছ কাৰণেহে মই ভাবিলো এইখনতে আহিব পাৰিম বুলি”
”অ’কে”
-কৈয়ে মোৰ পিছৰ যাত্ৰীগৰাকীৰ ফালে আগবাঢ়িল৷ এইবাৰ সঁচাই খুউব সকাহ পালো৷ অন্তত: ডংকেষ্টাৰ পামগৈ৷ তাৰপৰা মাথোঁ আধাঘন্টাৰ বাট যেতিয়া কিবা নহয় কিবা উপায় উলিয়াব পৰা হ’ব! বয়-বস্তুবোৰ চিজিল কৰি ল’লো৷ অভাৰকোটৰ ভিতৰত চিন্তাতে নে এচিৰ বাবে নাজানো, ঘামিবলৈ লাগিছিলো হ’বলা! উঠি লৈ খুলি পেলালো, দেখিলো মোৰ কৰ্ছত লগাই লোৱা নামৰ বেজটো তেতিয়াও চাৰ্টত লাগি আছে৷ এৰুৱাই সামৰি থ’লো৷ পুনৰ বহাৰ লগে লগে সহযাত্ৰীয়ে মাত লগালে,

”আৰ ইউ ফ্ৰম শ্বেফিল্ড?”

প্ৰথমে আচৰিত হৈ গ’লো, কিন্তু মুহুৰ্ত্ততে বুজিলো, মোৰ আৰু ইউনিভাৰ্ছিটিৰ নাম বেজটোত তেওঁ দেখা পালে কিজানি৷ উৎসাহেৰে ক’লে,
”মই জ্যাষ্ট পি এইচ ডি শেষ কৰিছোঁ শ্বেফিল্ডতে৷”
মই আগ্ৰহী হৈ উঠিলো, দুষাৰমান পতাৰ পিছতে আমাৰ দুয়োৰে চিনাকি মানুহো ওলাল৷ কথাৰ পাগ উঠিল৷ মানুহজনৰ নাম জন৷ নিউ কেছ’লত ঘৰ৷ যোৱামাহত পি এইচ ডি শেষ হৈছে তেওঁৰ৷ আজি এডিনব’ৰা ইউনিভাৰ্ছিটিত প’ষ্ট ডকৰ ইন্টাৰভিউ এটা দি ঘৰলৈ উভতিছে৷ গম পালো, ক্ৰ’ম’জ’মৰ টেল’মিয়েৰ অংশৰ আৱিস্কাৰৰ বাবে ন’বেল বঁটা পোৱা বিজ্ঞানীগৰাকীৰ ছাত্ৰৰ লেব সেইটো৷ সেইটো বিভাগৰ পৰাই অন্য এজনেও কেইবছৰমানৰ আগতে ন’বেল বঁটা পাইছে৷ সুধিলো,
”কেনে গ’ল?”
” আচলতে মই পজিশ্যনটো পাইছোৱে৷ ইন্টাৰভিউ শেষ হোৱাৰ পিছতে মোক জনায়ে দিলে৷”
তেওঁৰ মুখত সন্তুষ্টিৰ হাঁহি৷ দেখি ভাল লাগি গ’ল৷
”আহিলে সকলো লগতে আহে নহয়নে? পিএইচডি শেষ কৰি লগে লগেই ইমান ভাল লেব এটাত কাম কৰাৰ সুযোগ পাইছে!”
”সঁচাই, এইবছৰটো খুউব ভালেৰেই আগবাঢ়িছে মোৰ কাৰণে৷ এতিয়া ঘৰলৈ গৈ দেউতাক লগ পামগৈ কাৰণেও মনটো ভাল লাগি আছে৷ মোৰ মেট ( খুউব ভাল বন্ধুক ইয়াত সকলোৱে মেট বুলি উল্লেখ কৰে) এজনৰ দুসপ্তাহ আগতে কেচুঁৱা এটা হ’ল-সিহঁতকো লগ পামগৈ৷ মই সুখী!” -জনে কোৱা কথাকেইষাৰত একো ভাঁজ নাছিল৷ ভাল লাগিল এজন সুখী মানুহ লগ পাই বহুদিনৰ মূৰত- যি গৱেষণা কৰি সুখী, নতুন কাম কৰি সুখী, নিজৰ পৰিয়ালৰ সৈতে সুখী! আমি বহুত পায়ো কেতিয়াবা মাথোঁ কিবা এটা নোপোৱাৰ কাৰণে হাঁহাকাৰ কৰোঁ, অসংখ্য প্ৰাপ্তিক উলাই কৰি এটা মাথোঁ অপ্ৰাপ্তিক কেন্দ্ৰ কৰি দুখক আদৰোঁ৷ হয়তো জনৰো দুখ আছে-বিচৰাটো নোপোৱাৰ বা পায়ো হেৰুওৱাৰ৷ কিন্তু পোৱাখিনিক প্ৰাপ্য স্বীকৃতি দি সঁচা অৰ্থত তেওঁৰ দৰে কেইজননো সুখী হ’ব পাৰিছে!

ভাব হ’ল, এওঁৰ লগত কথা পাতিব পৰা যায়, পাতি নিজেও কিছু সুখী হ’ব পৰা যায়৷ মোৰ ট্ৰেইন যাত্ৰাৰ কাহিনী শুনি জনে ক’লে,
”তুমি যে এডিনব’ৰা বা হাইলেণ্ডৰ কোনোবা অচিন ঠাইত ৰৈ যাব লগা নহ’ল সেয়াইটো ডাঙৰ কথা৷”
ক’লো, ”ঠিকেই, It could have been worse!”
শুনিলো, কালি এইফালে সাংঘাটিক ধুমুহা- Storm Doris- ৰ দপদপনি৷ সকলো ট্ৰেইন বন্ধ হৈ গৈছিল৷ ভাল যে কালি নাহিলোঁ!

ভাব হ’ল, হয়তো অন্য সময়ত এনেকৈ চিন্তা নকৰিলোহেঁতেন৷ কিন্তু ইটোৰ পিছত সিটো বেয়া খৱৰে মনবোৰ গধুৰ কৰি তোলা সময় এতিয়া৷ এইসময়ত জনৰ দৰে অকণমান যোগাত্মক মনোভাৱৰ বৰ দৰকাৰ৷ কালি মাথোঁ কানজাছত হাইদৰাবাদৰ শ্ৰীনিবাসক গুলীয়াই থৈ গ’ল সুবিধাবদীয়ে জাতি-বৰ্ণৰ প্ৰতি ঘৃণাৰে বিষাক্ত কৰি তোলা মনৰ কোনোবা গৰাকীয়ে৷ কেনে মানসিক বিভ্ৰান্তিত ভুগিলে মানুহে কাৰোবাক গুলীয়াই চিঁঞৰিব পাৰে, ’Get out of my country!’ আজি পুৱাতে মোৰ লগৰ ভাৰতীয় বন্ধুবোৰে ইটোৱে সিটোৰ সৈতে বিনিময় কৰিছে ইমাৰজেন্সি কনটেক্ট নাম্বাৰ আৰু ব্লাড গ্ৰুপ! কোন মুহুৰ্তত কাৰোবাৰ দেশ বা বৰ্ণৰ বাবে ভিত্তিহীন ঘৃণাই কাৰ মন বিষাক্ত কৰি তোলে কোনে জানে!

কিছুসময়ৰ আগতে মাথোঁ লগ পোৱা জনক মুকলিকৈ ক’লো, এই ভয়াবহতাই কেনেকৈ শেলি যায় আমাক৷ তেওঁ ক’লে, ব্ৰেক্সিটৰ পিছত শ্বেফিল্ডতো পৰিস্থিতি খুবেই বেয়া হৈছিল৷ আশে পাশে ঘটা ঘটনা কিছুমানে এই বিষবাষ্পৰ ৰং শ্বেফিল্ডতো সানি গৈছিল৷ কিন্তু লাহে লাহে পৰিস্থিতি ঠিক হ’লগৈ৷

”সকলো পৰিস্থিতি এটা সময়ত ঠিক হয়গৈ!”-জনৰ আশাৰ অকণমাণ ৰেঙণি মোলৈও বিয়পিল৷

ডংকেষ্টাৰৰ শেষ ট্ৰেইনখন যেনেতেন হ’লেও ধৰিবলৈ কৈ জন নিউ কেছ’লত নামি গ’ল৷

প্ৰায় খালী হৈ পৰা ট্ৰেইনখনে ডংকেষ্টাৰত ৰওঁতে নিশা ১০:৪৫ বাজিছে ৷ ভবাৰ দৰে জনপ্ৰাণীবিহীন হৈ থকা নাছিল ষ্টেচনটো৷ শেষ ট্ৰেইনখন মই ঠিকেই ধৰিলো৷ শুক্ৰবাৰ কাৰণেই নেকি যথেষ্ট মানুহ উঠিল, অন্য দিনা এনে সময়ৰ ট্ৰেইনবোৰ প্ৰায় খালী পৰে৷ চাৰি-পাঁচবাৰমান টিকেট পৰীক্ষক মোৰ কাষেৰে পাৰ হৈ গ’ল৷ আশে পাশে থকা যাত্ৰীবোৰৰ টিকেট পৰীক্ষা কৰিলে৷ প্ৰথমবাৰ আহোঁতে মোক সুধিব খোঁজাৰ দৰে কৰিও তেওঁ আঁতৰি গ’ল৷ বুজি পালো, মই লেপটপ উলিয়াই গহীন মুখেৰে কাম কৰি থকা দেখি তেওঁ আমনি কৰিবলৈ টান পালে৷ তাৰপিছত প্ৰতিবাৰেই তেওঁক অহা দেখিলেই মই তেনে এখন মুখেৰেই টাইপ কৰি থাকিলো৷ ব্ৰিটিছসকলৰ সহজাত ভদ্ৰতা আৰু শিষ্টাচাৰৰ ইচ্ছাকৃতভাৱেই লাভ উঠালো আজি৷ ঘৰ গৈ পোৱাৰ বাবেই যেন সকলো কৰিম!

অৱশেষত টেক্সিৰ পৰা ঘৰৰ সন্মুখত নমাৰ মুহুৰ্তলৈ দিনটোৰ ব্যস্ততা উৎকন্ঠা আৰু নঘন্টীয়া ট্ৰেইন যাত্ৰাৰ ক্লান্তিয়ে হেঁচা মাৰি ধৰিলেহি৷ কিন্তু মনৰ একোণত এটা নতুন সুৰৰ সৃষ্টি কৰি গ’ল এই এটা দিনে! এবুকু প্ৰাণচঞ্চল অনুভৱে দোলা দি গ’ল৷ ইটো-সিটো নানা ৰঙী অভিজ্ঞতাৰ সমষ্টিয়েতো জীৱন! এইবাবেইটো জীৱন জীৱন বৰ অনুপম৷