বাছৰ পৰা নামি জুমিয়ে দীঘলকৈ উশাহ এটা টানি ল'লে। নাইট চুপাৰৰ দহঘণ্টীয়া যাত্ৰাৰ অন্তত তাইৰ হাত-ভৰিবোৰ প্ৰায় জঠৰ হৈ পৰা যেন লাগিল। দুচকুত এতিয়াও চিলমিল টোপনিৰ জাল। অঁকোৱা-পকোঁৱা পাহাৰীয়া বাটটোত বাছৰ প্ৰতিটো জোকাৰণিতে যোৱা নিশা তাই বাৰে বাৰে সাৰ পাই থাকিল। কাইলৈ আকৌ ট্ৰেইনত উঠাৰ আগেয়ে টোপনি পূৰাই ল'ব লাগিব- ভাৱি ভাৱি তাই যাত্ৰীৰ উখল-মাখলৰ মাজত বাছৰ পৰা নিজৰ বয়-বস্তু নমালে। বাটৰ ধূলিৰ পৰা ৰক্ষা পাবলৈ নীলা স্কাৰ্ফখন কেইবাটাও পাক দি মুখত মেৰিয়াই ল'লে। তাৰপিছত বেকপেকটো পিঠিত লৈ সোঁহাতেৰে প্ৰকাণ্ড চ্যুটকেছটোৰ চকা টানি জুমিয়ে হোটেললৈ বাট বুলিলে।
এই বোৱাৰী পুৱাতে ডিমাপুৰত গাড়ী আৰু মানুহৰ খদমদম আৰম্ভ হৈছে। অন্য সীমামূৰীয়া চহৰৰ দৰেই ইয়াৰ জীৱন ব্যতিব্যস্ত আৰু বিশৃংখল। চৌদিশে জীৱনটো চলাই নিয়াৰ অহৰহ যুঁজ-বাগৰ। ডিমাপুৰৰ এই ধুলি আৰু যান্ত্ৰিক কোলাহলে যেন জুমিক এটা ধুনীয়া সপোনৰ পৰাহে হঠাৎ জগাই দিলে। যোৱা তিনিমাহ ধৰি আৰণ্যক নিৰ্জনতাৰ মাজত সঁচাই এক সপোনপুৰীত থকাৰ দৰেই ভাব হৈছিল। শাৰী শাৰী সেউজ পাহাৰৰ মাজত পেনকিম নামৰ নগা গাওঁখন। পুৱা-গধুলি মৰুং ঘৰৰ পৰা ভাঁহি অহা ডবাৰ কোব, চৰাইৰ কাকলি, বনৰীয়া ফুলৰ গোন্ধৰ মাজত এক অজটিল জীৱন। দিল্লীৰ মহানাগৰিক জীৱনৰ পৰা গৈ জুমিৰ ভাব হৈছিল যেন পেনকিম গাঁৱৰ অপূৰ্ব প্ৰাকৃতিক শোভাই তাইৰ দুচকু নিজাৰ পেলাই দিছে। সেই নিৰ্মলতাই যেন মগজুৰ আহ-পাহত জঁট লাগি ধৰা গাঁঠি কিছুমান মুকলি কৰি দিছে। বহুদিনৰ মূৰত যেন তাইৰ দেহ-মনক এক সজীৱতা আৰু মুক্তিৰ অনুভূতিৰে আৱৰি পেলাইছিল। পেনকিম গাওঁ এৰি আহি এতিয়া ডিমাপুৰৰ বৈপৰীত্যই তাইক ৰুক্ষ বাস্তৱৰ মুখামুখি কৰাই দিয়া যেন ভাৱ হৈছে।
বাছ ষ্টেচনৰ পৰা খোজেৰে দহমিনিটৰ বাটতে হোটেল একেচিয়া। তাৰ পাইগৈ মানে বয়-বস্তু কঢ়িয়াই জুমিৰ ফোঁপনি উঠিছে। চেহ্ অ'ট'ৰিক্সা এখনকে ল'ব পাৰিলেহেঁতেন!
'গুড মৰ্ণিং মেম। আপোনাক কেনেকৈ সহায় কৰিব পাৰোঁ?' হোটেলৰ ৰিচেপশ্যনত কোট-টাই পৰিহিত এজন যুৱক। মিচিকিয়া হাঁহিটোতে মুদ খাই পৰিব খোজা চকুহালত এতিয়াও যেন কৈশোৰৰ মায়া।
'মুই লাগা ৰুম একটা বুক কৰি কিনে ৰাখিছে।' জুমিয়ে নাগামিজত ক'লে। যোৱা তিনিমাহে নাগামিজ কৈ কৈ এতিয়া হঠাতে যেন অভ্যাসটো এৰি দিব খোজা নাই তাই।
যুৱকজনৰ চকুৱে-মুখে কৌতুক বিৰিঙিল। তেৱোঁ নাগমিজতে ক'লে, তাইৰ কোঠা দ্বিতীয় মহলাত। হোটেলৰ লগতে ৰেস্তোঁৰা। কিন্তু কোঠাতে কিবা খাব বিচাৰিলে ৰুম চাৰ্ভিছো আছে।
জুমিয়ে মূৰ দুপিয়াই কোঠাৰ কাৰ্ডখন ল'লে আৰু লিফটত উঠিলগৈ। কোঠাটোত সোমাই তাই স্বস্তিৰ নিশ্বাস এটা এৰিলে। কত দিনৰ মূৰত যে বাথৰুমৰ শ্বাৱাৰত গা ধোৱাৰ, মেট্ৰেছ পৰা বিছনাত শুৱাৰ বা টিভি চোৱাৰ সুযোগ পাইছে! পেনকিম গাৱঁৰ হোমষ্টে'ত গৃহিণী আলেই বৰ আন্তৰিকতাৰে তাইক ৰাখিলে, ৰান্ধি-বাঢ়ি খুৱালে। কিন্তু সেই পৰ্বতীয়া গাৱঁত ইমানদিন থাকি মাজে মাজে জুমিৰ হাবিয়াস জাগিবলৈ আৰম্ভ কৰিছিল- শ্লিপিং বেগৰ সলনি এখন কোমল বিছনাত শুৱাৰ, প্ৰতিদিনে সিজোৱা মাংস আৰু আখুনিৰ খোৱাৰ সলনি হেঁপাহেৰে অসমীয়া ভাত এসাঁজ খোৱাৰ। চৌকাৰ জুই আৰু ধোঁৱাৰ সেই পৰিচিত গোন্ধটোৰ সলনি অকণমান পাৰফিউমৰ গোন্ধ লোৱাৰ। কি যে মিশ্ৰিত অনুভূতি! এফালে এক অপৰূপ অভিজ্ঞতা সামৰি তাইৰ গৱেষণাৰ ক্ষেত্ৰ এৰি অহাৰ দুখ, আনহাতে বহুদিনৰ মূৰত আধুনিক বিলাসৰ সোৱাদ পোৱাৰ মোহ!
এনেতে ফোনৰ ৰিংটোৱে তাইক বাস্তৱলৈ উভতাই আনিলে। নিয়ৰৰ হাঁহি থকা মুখখন ফোনৰ স্ক্ৰীণত জিলিকি উঠিল।
'কোৱা নিয়ৰ!'
'পালাহি তেন্তে?' সি পোনেই ক'লে। কিছু উৎকণ্ঠাৰে।
'অ' পালোঁহি। তুমি চিন্তা কৰি আছিলা নেকি? ডিমাপুৰ পোৱাৰ আগত ফোনৰ নেটৱৰ্ক নাপাওঁ বুলি কৈছিলোঁ নহয়!'
'অঁ ঠিকেই! মই পাহৰি গৈছিলোঁ। কেইবাবাৰো ফোন কৰি মাহঁতে তোমাক পোৱা নাই। সেয়ে মোক সুধি আছিল।'
জুমিয়ে ফোনটো চাই দেখিলে, মাকৰ কেইবাটাও মিছ্ড কল। সেয়া দেখি পলকতে তাইৰ কপাল কোঁচ খালে। আজি দুবছৰ ধৰি তাই দিল্লীত আৰু ভায়েক জোন পুনে'ত আছে। কিন্তু মাক-দেউতাকে যেন এতিয়াও দুয়োকে পাখিৰে আৱৰি ৰাখিব খোজে। য'লৈকে নাযাৱক, যিয়ে নকৰক মাক দেউতাকৰ সেই এটাই চিন্তা, ঠিকে-ঠাকে ঘৰ পালেহিনে সিহঁত? ক'ৰবালৈ ফুৰিবলৈ গৈ হুৱাট্ছ এপত ধুনীয়া ফটো এখন পঠালে মাকে প্ৰথমেই সোধে, কেতিয়া ঘৰ পাবিহি? যেন বাহিৰত থকা মানেই সিহঁত নিৰাপদ নহয়। যিকোনো যাত্ৰাৰ আগতে দেউতাকে বাৰে বাৰে সোঁৱৰায়, 'দিন কাল বৰ বেয়া আজিকালি। কোনো অচিনাকি মানুহক বিশ্বাসত নল'বি। নিজৰ নাম-ঠিকনা নজনাবি। টোপনি ধৰিলে বেগটো ছিটৰ সৈতে বান্ধি থ'বি।......' কেতিয়াবা ভাব হয়, ঘৰৰ চাৰিবেৰৰ মাজত কেৱল টিভি আৰু সামাজিক মাধ্যমৰ বাতৰিৰে পৃথিৱীখন চাই চাই যেন মাক-দেউতাক অহৰহ আতংকিত হৈ ৰয় সিহঁতৰ নিৰাপত্তাৰ চিন্তাত!
মাকলৈ তাই মেচেজ লিখিলে, 'এইমাত্ৰ হেটেল পাইছোঁহি। ৰ'ৱা- গা-পা ধুই ফোন কৰিম।'
শ্বাৱাৰৰ পানীয়ে চুলি পাৰ হৈ সমগ্ৰ শৰীৰ তিয়াই নিওঁতে জুমিৰ মন পুনৰ সেই নগা গাওঁ পেনকিমলৈ ঘুৰি গ'ল। প্ৰথমবাৰ ভৰি দিওঁতে যে মানুহবোৰে কেনেকৈ তাইলৈ থৰ লাগি চাইছিল! তাই ভঙা ভঙা নাগামিজত গৈছিল, 'মই আপোনালোকৰ গাৱঁলৈ গৱেষণাৰ কাৰণে আহিছোঁ। জুম খেতি কেনেকৈ কৰে, জলবায়ু পৰিৱৰ্ত্তনৰ লগে লগে কেনেকৈ ইয়াৰ ৰূপ সলনি হৈছে সেয়া জানিব খুজিছোঁ।'
মানুহবোৰ আচৰিত হৈছিল।এগৰাকী বৃদ্ধই কৈছিল, 'আজিলৈকে কোনো বাহিৰা মানুহ এই গাৱঁলৈ অহা নাই! সেয়ে তুমি কোনোবা চৰকাৰী বিষয়া বুলিহে ভাৱিছিলোঁ।'
গাৱঁৰ গাওঁবুঢ়া কিউচাং। চুটি-চাপৰ কিন্তু আটিল দেহৰ এগৰাকী আদহীয়া ইমচুংগাৰ নগা। তেৱেঁ জুমিৰ বাবে নিজৰ ঘৰত এটা কোঠা খালী কৰি দিছিল। তেওঁৰ আহল-বহল পাকঘৰৰ জুহালত গোটখোৱা মানুহবোৰক গলগলীয়া কণ্ঠেৰে কৈছিল,
'জুমিয়ে এইবছৰ জংঘলত জুই দিয়াৰ পৰা খেতি চপোৱালৈকে গোটেই সময় খিনি ইয়াতে থাকিব, খেতিৰ কথা শিকিব। আপুনিখান মৰম পৰা তাইক হেল্প কৰি দিবি দেই!'
তেতিয়াৰ পৰা বহুজনৰ লগত থিয় পাহাৰবোৰ বগাই জুম খেতিলৈ গ'ল; বহুজনৰ সৈতে বহু কথা পাতিলে; শিকিলে কেনে কঠিন এই জীৱনযাত্ৰা। কেনেকৈ বিজ্ঞানে আজিও বুজি নোপোৱা এই পৰম্পৰাগত খেতিত খেতিয়কে যুগ যুগ ধৰি শিকি অহা কথাবোৰ কামত লগাইছে। কেনেকৈ জুম খেতিয়কে প্ৰতিদিনে পৰিৱৰ্ত্তিত পৰিৱেশ আৰু জীৱন ধাৰাৰ সৈতে নিজকে খাপ খোৱাৰ যুঁজখন যুঁজিছে। কিমান দেখিলে আৰু কিমান শিকিলে তাই!
আহ্, আকৌ ফোনৰ ৰিং! তাই খপজপাই তিতা চুলিখিনি টাৱেলেৰে মেৰিয়াই ওলাই আহিল। টিচাৰ্ট আৰু পেণ্ট এটা পিন্ধি লৈ ফোনটো তুলি ল'লে। ভিডিঅ' কলত প্ৰথমে মাকৰ মূৰৰ চুলি আৰু সেন্দুৰৰ সেঁওতা ওলাল। জুমিয়ে খিলখিলাই হাঁহি ক'লে, 'মা, ফোনটো অলপ দূৰলৈ নিয়া- অলপ বেঁকা কৰা। তোমালোকৰ মুখখনকে দেখা নাই।'
মাকে ফোনটো হাত মেলি দূৰলৈ ধৰিলে। এইবাৰ তাই মাকৰ মুখখন সম্পূৰ্ণকৈ দেখিলে। কিন্তু দেউতাকক আকৌ বুজাব লগা হ'ল, 'দেউতা তুমি কলটো কাটা- মাৰ কাষত ৰোৱাহি। একেঠাইৰ পৰা দুইজনে কল কৰিলে মাতবোৰ ওপৰা-ওপৰি হ'ব নহয়!'
'বহুত দিনৰ মূৰত ভিডিঅ' কল কৰিছোঁ। সেয়ে খেলিমেলি লাগি গৈছে দেই!' দোষী দোষীভাৱে কথাষাৰ কৈ মাকে হাঁহিলে। জুমিয়ে বুজিলে, যোৱা তিনিমাহত ভায়েক জোনে কিজানি মাক-দেউতাকলৈ এবাৰো ভিডিঅ' কল কৰা নাই। ভায়েকে মাক-দেউতাকৰ চিৰাচৰিত আবদাৰবোৰলৈ বৰকৈ কেৰেপ নকৰে। জুমিয়ে পিছে এতিয়াও প্ৰতিদিনে এবাৰ কল কৰাৰ নিয়মটো যিমান পাৰি মানি চলাৰ চেষ্টা কৰে। মাকৰ কথা হ'ল, 'একো খবৰ নাথাকিলেও ভাত খালিনে নাই, ঘৰ পালিহিনে নাই তাকে মেচেজ এটা কৰি হ'লেও আমাক জনাবি- নহ'লে ৰাতি সেই চিন্তাতে টোপনি নধৰে।'
মাক-দেউতাকৰ সৈতে কথা পাতি থাকোঁতেই জুমিয়ে দেখা পালে, ৰাঘৱ মাথুৰৰ ফোন।
'তোমালোকৰ ফোন ৰাখাচোন, ইয়াৰ ডি এফ অ'ই কল কৰিছে চোন!'
'হেল্ল' চাৰ, কওকচোন।'
'হাই জুমি, কি খৱৰ?' ফোনৰ সিপাৰৰ পৰা মাথুৰৰ গলগলীয়া মাতটো ভাঁহি আহিল।
'ভালেই, আপোনাৰ?'
'মোৰো ভাল। আমাৰ ৰেঞ্জাৰ লিমথুৰেই এইমাত্ৰ জনালে, আজি তুমি ডিমাপুৰ পাবাহি বুলি। সেয়ে কল কৰিলোঁ। কামবোৰ ঠিকে ঠাকে হৈ গ'লনে?'
জুমিয়ে ওঁঠ কামুৰিলে। ছেহ্, সেইটো খবৰ আচলতে তাই নিজে মাথুৰক দিব লাগিছিল। গৱেষণাৰ কামত তেওঁ যে কিমান সহায় কৰি দিলে! প্ৰথম তেঁৱেই তাইক পেনকিম গাঁৱৰ কথা জনাইছিল। কৈছিল, জুম খেতি এতিয়াও তাত পৰম্পৰাগত পদ্ধতিৰে কৰা হয়। অন্য বহু ঠাইৰ দৰে অন্য স্থায়ী খেতিয়ে সেয়া সলাই পেলোৱা নাই। গতিকে সেই গাঁৱেই তাইৰ ক্ষেত্ৰ অধ্যয়নৰ কাৰণে উপযুক্ত ঠাই হ'ব। পেনকিমত ফোনৰ নেটৱৰ্ক নাই বাবে তেঁৱেই কাৰোবাৰ হাতত গাওঁবুঢ়া কিউচাঙলৈ বাৰ্তা দি পঠাইছিল। আনকি তাই গৱেষণা কৰি থকা সময়তে এদিন তেওঁ দেখাও দিছিলগৈ।
'অঁ, হয় ছাৰ। এই এঘণ্টা মান আগতেহে পাইছোঁহি।'
'তোমাৰ সকলো কাম হৈ গ'লনে?
'হয়। যিমান পাৰোঁ তথ্য গোটাই আনিছোঁ। বাকী বিশ্লেষণ কৰিলেহে ফলাফল ওলাব আৰু!'
'ঠিকেই ওলাব। তুমি ইমান কষ্টৰে গৱেষণা কৰিছা, ফলো ঠিকেই হ'ব। পিছে আজিৰ কি প্লেন?'
'আজি মানে তেনে একো প্লেন নাই! কাইলৈ পুৱাই ইয়াৰ পৰা ট্ৰেইন আছে ঘৰলৈ।'
'ঠিক আছে। সন্ধিয়া ওলাবা তেনে- ডিনাৰ একেলগে কৰিম!'
জুমিয়ে অলপ থতমত খালে। মাথুৰে তেনেকৈ ৰাতিৰ সাজৰ কাৰণে নিমন্ত্ৰণ জনাব বুলি যেন তাই আশাই কৰা নাছিল। তাই কিবা কোৱাৰ আগতে তেওঁ আকৌ সুধিলে, 'কোন হোটেলত আছা তুমি?'
'হোটেল একেচিয়াত।' বাধ্য ছাত্ৰীৰ দৰে তাই উত্তৰ দিলে।
'ঠিক আছে। সন্ধিয়া সাত বজাত সাজু হৈ থাকিবা। মই নিবলৈ আহিম!'
ফোন ৰাখি জুমিয়ে কিছুপৰ ভাৱিলে। মাথুৰৰ সৈতে ডিনাৰ! অৱশ্যে এইটো তেনে একো নতুন কথা নহয়! তেওঁ পেনকিম গাঁৱত থকা তিনিওটা নিশাই দুয়ো একেলগে জুহালৰ কাষত বহি ৰাতিৰ সাজ খাইছিল। প্ৰতি নিশা গাৱঁৰ অন্য মানুহেও সিহঁতৰ সৈতে যোগ দি মেল মাৰিছিল। পেনকিমৰ লগতে ওচৰৰ পুংৰ' আৰু ছালুমী গাৱঁৰ মানুহক গোট খুৱাই পতা ৰাজহুৱা সভাত তেওঁ জুমিৰ চিনাকি দিছিল,
'স্কুল-কলেজত যিমানলৈকে পঢ়িব পাৰি, তাৰ একেবাৰে ওপৰত এই জুমি। এই গৱেষণা শেষ কৰিলেই তেওঁ ডক্টৰেট ডিগ্ৰী পাব।'
সকলোৰে হাত-চাপৰি আৰু প্ৰশংসা শুনি জুমিৰ গাল দুখন ৰঙচুৱা হৈ পৰিছিল! সেই সভাতে মাথুৰে তিনিওখন গাৱঁত আৰম্ভ কৰিব বিচৰা কৃষিউদ্যানৰ চৰকাৰী যোজনাখন ব্যাখ্যা কৰিছিল। ৰাইজৰ মতামত বিচাৰিছিল। তেওঁৰ কৰ্মদক্ষতা আৰু সলসলীয়া নাগামিজে যেন সকলো গঞাকে মুগ্ধ কৰি পেলাইছিল।
![]() |
©: fizdi.com |
ফোনত আকৌ মাকৰ মুখখন জিলিকিল। দেউতাক হয়তো আবেলিৰ বজাৰলৈ ওলাই গ'ল।
'কিয় ফোন কৰিছিল ডি এফ অ'অই, জুমি?'
'অঁ, খবৰ ল'বলৈ।'
'খবৰ ল'বলৈ?'
'অঁ লগতে আজি একেলগে ডিনাৰ কৰাৰ কথা ক'লে।'
'একেলগে ডিনাৰ!'
'অঁ আজি ইয়াত মোৰ শেষ দিন যে!'
মাক খন্তেক নীৰৱ হৈ ৰ'ল। কিন্তু সেই চিন্তাক্লিষ্ট মুখ দেখিয়ে জুমিয়ে বুজি পালে, মাকৰ মমতা আৰু প্ৰতিৰক্ষাৰ দুয়োপাখি মেল খাইছে। তাইক আৱৰি পেলাব খুজিছে কিন্তু তাইৰ সহজ আৰু আত্মবিশ্বাসী সুৰটোৱে যেন কিছু দোমোজাত পেলাইছে। সেই যুঁজ বেছিপৰ নিটিকিল।
'জুমি, অচিনাকি মতা মানুহ এজনৰ সৈতে ৰাতিখন এনেকৈ ওলাই যোৱাটো ভাল কথা জানো?'
'তুমি কিয় তেনেকৈ ভাৱিছা, মা? তেওঁ অচিনাকি নহয়- বহুবাৰ লগ পাইছোঁ। এতিয়ালৈকে মোক বহুত সহায় কৰিছে গৱেষণাৰ কামত।'
'কিয় বা সহায় কৰিছিল!'
মাকৰ কথাৰ সুৰটোৱে জুমিৰ চকুৱে-মুখে এসোঁতা তেজ বোৱাই আনিলে। সেই ইংগিতেৰে মাকে কেৱল মাথুৰকে নহয়, তাইৰো আত্মসন্মানত আঘাত কৰা যেন ভাব হ'ল। আজি কতদিন গৱেষণাৰ বাবে তাই ঘুৰি ফুৰিছে। কতবাৰ কিমান অচিনাকি মানুহৰ সৈতে একেলগে ঘুৰিছে, চাহ-ভাত খাইছে তাই হিচাপ ৰখা নাই। মাকেতো এবাৰ দুজন খেতিয়কৰ সৈতে জুম খেতিলৈ যোৱাৰ কথা শুনিয়ে জাঁপ মাৰি উঠিছিল,
'তই অকলে অকলে তেনেকৈ হাবিতলীয়া বাটেৰে খেতি চাবলৈকে গৈছ?
'নাই, মোৰ সৈতে দুজন নগা খেতিয়ক আছিল।'
'চিনি-জানি নোপোৱা মানুহ। তাতে তাৰ মানুহে হাতত খামতি দা লৈ নুফুৰে জানো!'
কেতিয়াবা জুমিৰ ভাব হয়, অহৰহ বাতৰিৰ ঘটনাবোৰ দেখি-শুনি মাক-দেউতাকৰ মন যেন বহু অনাহক ভয় আৰু শংকাই ভৰাই পেলাইছে। অন্যদিনাৰ দৰে আজিও মাকে নিজৰ সেই ভয় আৰু আশংকাবোৰ জুমিলৈ ঠেলি দিছে। হয়তো ৰক্ষণশীল সমাজ আৰু পৰিয়ালৰ আৱেষ্টনীৰ মাজত ডাঙৰ হোৱা মাকৰ বাবে ছোৱালী এজনী এনেকৈ ঘুৰি ফুৰাটোও আজব কথা। সেয়ে কিজানি প্ৰতিৰক্ষাৰ কবচেৰে তাইকো আৱৰি ৰাখিব খোজে। কিন্তু সেই আশংকাই যদি মানুহক জীৱনৰ বাটত আগবঢ়াতে পদে পদে বাধা দিয়ে, তেনে তাত জানো এডাল ৰেখা টনা নাযায়? কিমান দূৰলৈ মাক-দেউতাকে সিহঁতক মমতাৰে আৱাৰি ৰাখিব আৰু কিমানৰ পিছত প্ৰাপ্তবয়স্ক সন্তানে নিজৰ জীৱনৰ দায়িত্ব নিজে ল'ব!
মাকক কোনোমতে আশ্বস্ত কৰি জুমিয়ে ফোন সামৰিলে। আবেলি বিছনাতে এবাগৰ দিবৰ চেষ্টা কৰিলে। কিন্তু চিলমিলকৈ টোপনি আহোঁতেই আকৌ ফোনৰ ৰিঙে তাইক সাৰ পোৱাই দিলে। মামাৰ ফোন!
'মামা, কোৱা। ভালনে তোমালোকৰ?'
'অঁ আমাৰ ভালেই। তয়ো ঠিকে-ঠাকে ওলাই আহিলি নহয়? বাইদেৱে ক'লে আজি হেনো অফিচাৰে ডিনাৰত মাতিছে!'
জুমিয়ে ভীষণ অস্বস্তি পালে। এইটো কথা মাকে মামাককো ক'ব লাগেনে!
তাই একো ক'বলৈ সুযোগ নিদি মামাকেই কৈ গ'ল, 'চা জুমি, মই আজি বাৰ বছৰে চৰকাৰী অফিচৰ চাকৰিয়াল। গোটেই জীৱন এনে কাৰবাৰ দেখিছোঁ। পুৰুষৰ মনত কি চলি থাকে সেয়া আমিহে ভালদৰে জানো! ভুলতো ৰাতিখন ওলাই নাযাবি দেই!'
এইবাৰ জুমিয়ে কিছু বিৰক্তি আৰু ক্ষোভেৰে মাকলৈ ফোন কৰিলে, 'মা, মামাকো কিয় এইবোৰত লগাইছা বাৰু!'
'নাই নাই, মই নিজে কোৱা নাছিলোঁ। সন্ধিয়া ভাইটি আহিছিল। মই আৰু দেউতাৰে পাতি থাকোঁতেহে সি শুনিলে। সি আমাক দঢ়াই দঢ়াই কৈ গৈছে, কোনো কাৰণতে তোক যাবলৈ নিদিবলৈ।'
এইবাৰ মাকৰ মাতটো কাতৰ হৈ ওলাল, 'চা জুমি, আমি জানো, তই নিজেই চাই-চিতি চলিবলৈ জান। আজিৰ পৃথিৱীখন বহুত বেলেগ হ'ল-সেয়াও বুজোঁ। কিন্তু অতদিনে বিপদ-আপদ নোহোৱাকৈ সেই অজান্তি মুলিকত কাম কৰিলি। আজি শেষৰ দিনটোত আকৌ কিয়নো বিপদ চপাই ল'ব লাগে, ক'চোন!'
এইবাৰ জুমি যেন সঁচাই বিবুদ্ধিত পৰিল। সকলোৰে কথা শুনি শুনি তাইৰ নিজৰ ওপৰতে সন্দেহ হ'বলৈ ধৰিলে-তাইহে মানুহক সহজে বিশ্বাস কৰে নেকি! ক'তা, মাথুৰৰ কথা বা কামত কোনো সময়তে একো অসহজ ভাব তাইৰ হোৱা নাই। বৰঞ্চ পেনকিম গাৱঁৰ মানুহবোৰৰ তাই মুগ্ধ হৈছে তেওঁৰ কৰ্মদক্ষতা আৰু আন্তৰিকতাত। উত্তৰ প্ৰদেশৰ পৰা এনেকৈ এই অজান্তি মুলুকত থিতাপি লৈ তেওঁ ভাষা-সংস্কৃতি শিকিছে। গ্ৰামীণ জীৱন উন্নত কৰাৰ চেষ্টা কৰিছে।ত্তেনে এজন মানুহৰ তাইৰ প্ৰতি অসৎ উদেশ্য থকা বুলি কেনেকৈ ধৰি লয় বাৰু?
এইবাৰ তাই নিয়ৰলৈ ফোন লগালে, 'নিয়ৰ, মা-দেউতাই বৰকৈ কৈছে মাথুৰৰ সৈতে ডিনাৰলৈ নাযাবলৈ। এই এঘণ্টা পিছতে তেওঁ মোক নিবলৈ অহাৰ কথা- কি যে লেঠা!'
নিয়ৰ কিছুপৰ নীৰৱে ৰ'ল। তাৰ পিছত গম্ভীৰ স্বৰেৰে ক'লে, 'মাই মোলৈকো ফোন কৰিছিল, জুমি! ঘৰত সকলোৱে খুউব ভয় খাইছে। এনেকুৱা কত কিমান বাতৰি কাকতে পত্ৰই বা টিভিত দেখা পাই থাকে ভাবাচোন। ভয় খোৱাৰে কথা!
নিয়ৰৰ কথাখিনিয়ে এইবাৰ যেন জুমিয়ে বিচাৰি থকা সেই আঁচডাল টানি দিলে। সকলোৰে বাধা উলাই কৰি মাথোঁ মাথুৰৰ কথা ৰাখিবলৈকে তাই ডিনাৰ কৰিবলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। তাই খৰধৰকৈ কাপোৰসাজ সলালে। তাৰপিছত হোটেলৰ কোঠাৰ আইনাৰ সন্মুখত থিয় দি মুখৰ ভিতৰতে ক'লে,
'ছাৰ- বেয়া নাপাব। মোৰ হঠাতে খুউব মূৰৰ বিষ আৰম্ভ হৈছে। পোনেই বিছনালৈহে যাব খুজিছোঁ। আজি আৰু বাহিৰত ডিনাৰ কৰাৰ সাধ্য নাই!'
কেইবাবাৰো মনতে সেই কথাখিনিকে দোহাৰি তাই বাহিৰ ওলাল। বুকুখন কিছু কঁপিল। তাই যে মানুহক না ক'বলৈ অসুবিধা পায়। তাৰ মাজতে মাকৰ মেচেজ, 'হোটেলৰ ৰুম সোমালিনে? আহ্, নাগালেণ্ডৰ এই শেষৰ নিশাটোত কিয় যে এইবোৰ জঁট লাগিল- আশা কৰি থকাৰ দৰে তাই ভালদৰে উপভোগ কৰিবলৈকে আহৰি নাপালে!
তাই নামি আহি হোটেলৰ লবীত থিয় দিলেহি। ইযোৰাৰ পিছত সিযোৰা মানুহ আহিল আৰু গ'ল। তাই উদাস দৃষ্টিৰে বাটলৈ চাই ৰ'ল। এনেতে মাথুৰৰ ফোন আহিল।
'ছাৰ!' ফোনৰ সিপাৰে সন্ধিয়াৰ যান-জঁটৰ হুলস্থুল।
'জুমি, এয়া পাইছোঁহি দেই। তুমি পাৰিলে হোটেলৰ সন্মুখলৈকে ওলাই আহাচোন।'
তাই একো ক'বলৈকে নাপালে। তেওঁ ফোন কাটি দিলে।
অহ্ তাই কি কৰে এতিয়া? উপায়ন্তৰ হৈ জুমি ওলাই আহিল। সেয়া মাথুৰৰ গাঢ় নীলা জীপ গাড়ীখন একেচিয়াৰ সন্মুখ পাইছে। চালকৰ আসনৰ পৰাই মাথুৰে সোঁহাতখন জোঁকাৰিছে। অঁ, সেয়া তেওঁৰ কাষৰ আসনতচোন এগৰাকী মহিলা। গাড়ীৰ পিছৰ আসনৰ খিৰিকীৰেও কণমানি মুখ এখনে তাইক সম্ভাষণ জনাইছে।
জুমি যেন থৰ হৈ ৰ'ল! গাড়ীখন তাইৰ ঠিক সন্মুখতে ৰোৱাৰ লগে লগে মহিলাগৰাকী নামি আহিল। তেওঁৰ মুখত এটি কোমল হাঁহি। দেহত বগা কূৰ্টা আৰু আকাশী নীলা জিনছ।
'হাই জুমি, মোৰ নাম আৰাধ্যা- ৰাঘৱৰ পৰিবাৰ। এয়া আমাৰ ছোৱালী ঈশা। তুমি তাইৰ লগত পিছৰ আসনতে বহা দেই!' তেওঁ গাড়ীৰ পিছ দুৱাৰখন খুলি দিলে।
জুমিয়ে কোনোমতে মূৰ দুপিয়াই পিছৰ আসনত বহি পৰিল। লগে লগে গাড়ীখন সন্ধিয়াৰ যানজঁটৰ লানিত সোমাই পৰিল।
'হাই জুমি!' কণমানি ঈশাই তাইৰ কেকুঁৰা চুলিৰ বেণী লৰাই লৰাই মাত দিলে। তাইৰ বয়স খুউব সম্ভৱ ছয়-সাত বছৰ। দুচকুত নিষ্পাপ শৈশৱৰ কৌতুহল। মুখত লাজ লাজ হাঁহি।
এইবাৰ জুমিয়ে যথাসম্ভৱ সহজ হ'বলৈ চেষ্টা কৰিলে। 'হাই ঈশা, ইমান ধুনীয়া তোমাৰ নামটো!' ঈশাই খিলখিলাই হাঁহি পেলালে।
'তোমাৰ নামটোও বৰ ধুনীয়া!' দুচকুত তিৰবিৰণি তুলি তাই উত্তৰ দিলে।
মাথুৰৰ পৰিবাৰে মুখ ঘুৰাই ক'লে, 'ঈশাই তোমাক লগ পাবলৈ বৰ আগ্ৰহেৰে বাট চাই আছিল বুজিছা। তোমাৰ কথা এখেতে আমাক খুউব কৈ থাকে। আজিৰ দিনৰ ছোৱালী কিমানদূৰ আগবাঢ়ি গৈছে সেয়া শুনি বৰ ভাল লাগে জানা। সেয়ে ঈশায়ো বৰকৈ লগ পাব খুজিছিল!'
'আৰাধ্যা আৰু ঈশাক আজি নাগালেণ্ডৰ গাঁৱত থাকি কেনেকৈ গৱেষণা কৰিছা, জুম খেতিৰ কথা শিকিছা সকলো ক'বা দেই! ঈশাৰো তোমাৰ দৰেই কাম কৰিবলৈ মন, নহয় ঈশা?' মাথুৰে গাড়ী চলাই থকাৰ পৰা মাত দিলে।
'অঁ অঁ। ডাঙৰ হ'লে ময়ো তোমাৰ দৰে ৰিচাৰ্ছাৰ হ'ম! গোটেই পৃথিৱী ঘুৰিম!' ঈশাৰ কথাত তিনিও একেলগে হাঁহিলে।
জীপ গাড়ীখন ৰেষ্টোৰাঁ অভিমূখে আগবাঢ়িল। ৰেষ্টোৰাঁ পোৱাৰ আগেয়ে জুমিয়ে লাহেকৈ ফোনৰ বাওঁকাষৰ বাটনটো টিপি 'চাইলেণ্ট' কৰি থ'লে।