Monday 28 July 2008

এনাজৰী

আৱেগ আৰু যুক্তিৰ ঠিক কোনটোৱে মানুহৰ জীৱনত অধিক প্ৰভাৱ বিস্তাৰ কৰে- এই প্ৰশ্নৰ হয়তো কোনো চূড়ান্ত উত্তৰ পোৱা নাযায়৷ সময়, পৰিস্থিতি তথা মানুহভেদে ইয়াৰ উত্তৰ সদায়ে ভিন্ন হ’ব৷ কিন্তু এই কথা সত্য যে সমাজৰ গৰিষ্ঠসংক্যক লোকেই ভিন্ন ক্ষেত্ৰত ভিন্ন কাৰণত কিছুমান অহৈতুকী আবেগ হৃদয়ত কঢ়িয়াই লৈ ফুৰে৷ যুক্তিয়ে ঢুকি নোপোৱা আবেগ এইবোৰ৷ এই গৰিষ্ঠসংখ্যক লোককো আকৌ দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি৷ এচামে নিজৰ অজ্ঞাতে জীৱনৰ বাটে পথে এনে আবেগ বুটলি লয় আৰু দ্বিতীয় চাম ভাববিলাসী লোকে অহৈতুকী বুলি জানিও কিবা এক অবুজ মায়াত ডুবি বুকুত সযতনে সাঁচি থয় এনে আবেগ৷ এটা গোপন অসুখৰ দৰে এই আবেগে সময়ে-অসময়ে হৃদয়ক পীড়া দি থাকে৷ তথাপি কোনো কাৰণতে দ্বিতীয় চাম মানুহে সেই আবেগৰ দুৱাৰ বন্ধ কৰিব নোখোজে৷ সেই দুৱাৰেদি কিবা এক অমূল্য সম্পদ জীৱনৰ চ’ৰাঘৰত প্ৰৱেশ কৰিবহি বুলি অনাহক আশাত মগ্ন হৈ ৰয় তেওঁলোক৷

প্ৰাণচাঞ্চল্যৰে ভৰা এজাক কলেজীয়া ল’ৰা-ছোৱালীৰ আড্ডাত বহি থাকিও মৃণালে এইবোৰ কথাকে ভাবি আছিল৷ সি যে বহুপৰ ধৰি মৌন হৈ আছে, সেই কথাটো কাৰো দৃষ্টিত ব্যতিক্ৰম হৈ ধৰা দিয়া নাই৷ কাৰণ প্ৰত্যেকৰে এটা বদ্ধমূল ধাৰণা, মৃণাল ছিৰিয়াছ প্ৰকৃতিৰ ল’ৰা৷ পঢ়া-শুনাত ভাল ফল দেখুৱাই, শান্ত-শিষ্ট স্বভাৱেৰে ইতিমধ্যে সি অনায়াসে ভাল ল’ৰাৰ খিতাপটো অৰ্জন কৰি থৈছেই৷ গতিকে মৃণাল নামৰ তথাকথিত ভাল ল’ৰাজনে আড্ডাৰ মাজত অন্যমনস্ক হৈ থকাৰ দৰে অপকৰ্ম এটা যে কৰিছে সেয়া কোনেও লক্ষ্য কৰা নাই৷ নাই, কথাটো ঠিক এনেকৈ ক’লে অলপ ভুল হ’ব৷ তাৰ পৰা তিনিজন আড্ডাবাজ পাৰ হৈ ল’ৰাবোৰে ‘দুখী আত্মা’ বুলি জোকোৱা প্ৰণামীয়ে তাইৰ স্বভাৱসিদ্ধ দুখী দুখী ভাব এটা চকুৱে-মুখে ফুটাই লৈ বহি আছে৷ তাইৰ কাষতে সেইজনী শ্ৰুতি৷ অঞ্জনৰ সঁচা-মিছাৰ নিৰ্দিষ্ট অনুপাতৰ মিশ্ৰণেৰে সৃষ্টি কৰা ৰসাল কাহিনীবোৰ শুনি সকলোৰে লগতে তায়ো হাঁহিছে৷ এইজনী শ্ৰুতিয়েই আড্ডাৰ কথা আৰু হাঁহিৰ মাজে মাজে সন্তপৰ্ণে মৃণাললৈ দৃষ্টি নিক্ষেপ কৰিছে৷ দুৱাৰমান মৃণালৰ চকুৱে চকুৱে পৰাত এনেভাৱে দৃষ্টি আঁতৰাই নিছে যেন চাওঁ বুলি তাই চোৱাই নাছিল, এনেয়েহে পৰি গ’ল৷ শ্ৰুতিৰ এই দৃষ্টি, এই দৃষ্টিৰ আঁৰত হৃদয়ত থকা অহৈতুকী অনুভৱক কেন্দ্ৰ কৰিয়েই মৃণালে আৱেগ আৰু যুক্তিৰ দৰ্শন মেলিছে৷

মৃণালে যে তাইক ঠিকেই ধৰা পেলাইছে আৰু তাকে লৈ কিছু চিন্তিতও হৈ পৰিছৈ, সেয়া শ্ৰুতিয়ে ধৰিব পৰা নাই৷ শ্ৰুতিৰ এই প্ৰথমচাম মানুহৰ আৱেগতকৈ মৃণাল যে নিজৰ দ্বিতীয় চাম মানুহৰ আৱেগক লৈ অধিক চিন্তিত হৈ পৰিছে, সেই কথাও তাই জানিব পৰা নাই৷ জনাৰ কথাও নহয়৷

মৃণালৰ হঠাতে পৰিৱেশটো ভাল নলগাও হৈ পৰিল৷ প্ৰায় একেসময়তে তাৰ মনত পৰিল, “পাৰ যদি সোনকালে ঘৰলৈ আহিবিচোন’’ বুলি মাকে কোৱা কথাষাৰ৷ সি যাবলৈ ওলাল৷ এইবাৰ কিন্তু কথাটো সকলোৰে চকুত পৰিল৷

“এতিয়াও ঘৰলৈ যাৱনে?” “কি কৰিবিনো এতিয়াই গৈ?” জাতীয় কেইবাটাও প্ৰশ্নৰ উত্তৰ-“কাম আছে” বুলি একেষাৰতে দি সি নৰ’লেই৷ শ্ৰুতিৰ দৃষ্টিকো একপ্ৰকাৰ আওকাণ কৰিয়েই মৃণাল শ্ৰেণীকোঠাৰ পৰা ওলাই আহিল৷

নিজম দুপৰীয়া জনশূন্য বাটটোৰে মৃণালে খোজ দিলে ঘৰলৈ বুলি৷ এনে নিজম দুপৰীয়া অকলশৰে খোজ কঢ়াৰ এক সুকীয়া মাদকতা আছে বুলি সি সদায়ে অনুভৱ কৰে৷ সঁচাই, নিজকে একেবাৰে কাষত পাবলৈ, নিজেই নিজৰ সংগ উপভোগ কৰিবলৈ সহজলভ্য আৰু বঢ়িয়া উপায়বোৰৰ এইটোও এটা-মৃণালে ভাৱিলে৷

শ্ৰুতিৰ মুখখন তাৰ মনলৈ আহিল৷ কিন্তু মাত্ৰ দুটা মুহূৰ্তৰ বাবে৷ খন্তেকতে সেই মুখখন ধুঁৱলী-কুঁৱলী হৈ গৈ তাৰ ঠাইত ভাঁহি উঠিল অন্য এখন মুখ, সেইখন মুখ কাবেৰীৰ৷ কাবেৰী, অহৈতুকী বুলি জানিও বুকুত সংগোপনে লালন কৰা এক আৱেগ, যাৰ বাবে মৃণালে নিজকে দ্বিতীয় চাম মানুহৰ অন্তৰ্ভুক্ত বুলি ভাৱে৷ কাৱেৰী মৃণালৰ শৈশৱৰ লগৰী৷ তাৰ শৈশৱ আৰু কৈশোৰৰ দোমোজাত , দুটামান স্বপ্নময় দিনত, যি সপোনৰ দৰে আহি নোহোৱা হৈ গ’ল৷ অথচ মৃণাল আকোঁৰগোজ, সেই সপোনকে সাবটি ধৰি আছে৷ সেই সপোণকে কেন্দ্ৰ কৰি অন্য হাজাৰটা সপোন ৰচিছে৷ 

মৃণালৰ এতিয়াও খুউব ভালকৈ মনত আছে৷ সঘনে ট্ৰেন্সফাৰ হোৱা দেউতাকৰ চাকৰিটোৰ বাবে সিঁহতে প্ৰায়েই ঠাই সলাই দিহিঙে-দিপাঙে ঘুৰি ফুৰিব লগীয়া হৈছিল৷ ভাৰাঘৰে ভাৰাঘৰে ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা জীৱনটোক অলপ সকাহ দি সেইবাৰ দেউতাকৰ ট্ৰেন্সফাৰ হৈছিল নিজৰ জন্মস্থান নাহৰণিলৈ৷ মৃণাল সেই সময়ত দহ বছৰীয়া কিশোৰ৷ চহৰৰ অকলশৰীয়া জীৱনৰ পৰা আহি গাঁৱৰ মধুৰ পৰিবেশত ককাক-আইতাক, খুড়াক-পেহীয়েকেৰে ভৰা ঘৰ এখন আৰু সমনীয়া ল’ৰা-ছোৱালীৰ বৃহৎ দল এটা পাই ভীষণ সুখী হৈ উঠিছিল৷ কম দিনৰ ভিতৰতে সি সকলোৰে সৈতে সহজ হৈ পৰিল৷ ধলপুৱাতে শুই উঠি পদ্ম ককাকৰ ভৰপুৰ বাৰীখনৰ পৰা বতৰৰ ফল চুৰ কৰিব পৰাকৈ পাৰ্গত হৈ উঠিল সি! চিলা উৰোৱা, বৰশী বোৱা, নৈত সাঁতোৰা, চাপৰিত গৰুখিচ, চেচুক, ইকৰা-পানী বিচাৰি গোটাইখন পিতপিতাই ফুৰা- কি যে কৰা নাছিল সিহঁতে! সঁচাই বৰ ৰঙীন আৰু মুক্ত জীৱন আছিল সেয়া!............ 

কিন্তু এই সকলোৰে মাজত কাবেৰী কিছু ভিন্ন আছিল৷ চুৰ কৰা ফল-মূলৰ পৰাও দুটামান সদায়ে তাই মৃণাললৈ একাষৰীয়াকৈ থৈ দিছিল৷ ঘৰত কিবা এটা ভাল বস্তু দিলেও তাই তালৈ লৈ আনিছিল৷ আনকি মৃণালৰ প্ৰতিটো কথাও তাই নিৰ্বিবাদে মানি লৈছিল৷ কিয়? এই প্ৰশ্নটোৱে সেই সময়ত সেই বয়সত মৃণালক এবাৰো আমনি নকৰিলে৷ তাইৰ সৰল আন্তৰিকতাক তেতিয়া সদায়ে সি স্বাৰ্থপৰৰ দৰে ব্যৱহাৰ কৰিলে৷ অথচ, তাই নোহোৱা হৈ যোৱাৰ পাছত এই সাধাৰণ কথাবোৰেই স্বকীয় অৰ্থ লৈ তাৰ মনৰ পদূলিত অগা-ডেৱা কৰিবলৈ ল’লে৷ মৃণালৰ হৃদয়ত কাবেৰীৰ এক মৃন্ময় মূৰ্তি প্ৰতিষ্ঠা হ’ল আৰু এক অনন্য অনুভৱৰ জোৱাৰে সেই মূৰ্তিৰ চৰণ ধুৱাই থাকিল৷ এই সকলো ক্ৰিয়া-প্ৰতিক্ৰিয়া সেইজনী কাবেৰীক লৈয়ে ঘটি থাকিল, যাক লগ পোৱাৰ পাছত দহটা বছৰ বাগৰি গ’ল৷ 

দহবছৰ পূৰ্বে সেই ৰঙীন দিনবোৰৰ কোনোবা এটা নিৰ্মল স্বাভাৱিক দিনে সিহঁতৰ জীৱনত পদাৰ্পণ কৰিলেহি অস্বাভাৱিকতাৰ বতৰা লৈ৷ সেইদিনা ককাকৰ সম্পত্তিৰ ভাগ-বটোৱাৰা কৰাৰ প্ৰশ্ন তুলিছিল খুড়াকে৷ ককাকে লাহে-ধীৰে কৰাৰ কথা কওঁতে খুড়াক অধৈৰ্য্য হৈ পৰিছিল৷ মৃণালৰ দেউতাকে ঘাই ঘৰলৈ আহি লৈ সমস্ত সম্পত্তি দখল কৰাৰ আঁচনি কৰিছে বুলিও খুড়াকে অভিযোগ কৰিছিল৷ মৃণালে আজিও বুজিব নোৱাৰিলে ইমান মৰমিয়ালে খুড়াকৰ মনত এইবোৰ ধাৰণা কেনেকৈ সোমাল৷ হয়তো কাৰোৱাৰ প্ৰৰোচনাত পৰি খুড়াকৰ মনত এইবোৰ ধাৰণা কেনেকৈ সোমাল৷ হয়তো কাৰোৱাৰ প্ৰৰোচনাত পৰি খুড়াকৰ মতিভ্ৰম হৈছিল৷ ইতিমধ্যে মৃণালৰ দেউতাকৰ ব্যক্তিত্বৰ সৈতে এক অদ্ভুত জেদী মনোভাৱ সাঙোৰ খাই পৰিছিল৷ খুড়াকৰ অভিযোগে তেওঁৰ আত্মসন্মানত কুঠাৰঘাত কৰিছিল৷ সিদিনাই ঘৰৰ সকলোৰে সন্মুখত দেউতাকে সিদ্ধান্ত লৈছিল-সেই ঘৰ, সেই সম্পত্তি সকলো ত্যাগ কৰিব তেওঁ৷ 

চৰম অৰ্থত নিতান্তই মূল্যহীন পাৰ্থিৱ সম্পত্তিয়ে সুখী ঘৰ এখনত আপোনত্বৰ বান্ধোন তুচ্ছ কৰি তুলিছিল৷ কাৰো কোনো ধৰণৰ আপত্তি নৰজিল দেউতাকৰ সিদ্ধান্তৰ আগত৷ এদিন পাছতেই মা-দেউতাকৰ সৈতে মৃণাল আৰু ভনীয়েক জুৰি চহৰলৈ গুচি আহিল৷ এৰি আহিল সেই সপোনপুৰী-আপোন বুলি ভবা মানুহবোৰ৷ আৰু কাবেৰীকো৷ নিজৰ নিজৰ দুখ, ক্ষোভ বা অন্য হিচাপ-নিকাচত ব্যস্ত হৈ থাকোতে কোনেও ভাবিবলৈ আহৰিয়ে নাপালে মৃণালৰ অকণমান পৃথিৱীখনত কিমান ঠাই শূন্যতাই বেদখল কৰি ললেহি৷……
গেটখন খুলিয়েই বাৰাণ্ডাত মাকক দেখি মৃণালে বুজিলে যে মাকে তাৰ বাবেই অপেক্ষা কৰি আছিল৷ তাক দেখি আগবাঢ়ি আহি মাকে ক’লে, 

“আহিলি তই! পলম কৰা বাবে চিন্তাতে পৰিছিলোঁ৷” 

“কিয়, কি হ’লনো?” 

এইবাৰ তাৰ আৰু অলপ কাষ চাপি আহি মাকে ক’লে, 
“পুৱাতে ককাৰৰ অসুখ বুলি খৱৰ আহিছিল আজি৷ বাথৰুমত পিছলি পৰিল হেনো৷” 

মৃণালে আচৰিত হৈ সুধিলে, “ককাৰ অসুখ! মোক পুৱাতে কোৱা নাছিলা কিয়?” 

“কোৱাৰ সুযোগেই নাপালো দেখোন! দেউতাৰ ঘৰতে নাছিল জানো? 

হয়, মাকে ঠিকেই কৈছে৷ এই দহটা বছৰে সেইখন ঘৰৰ সৈতে শিঁহতৰ একো যোগাযোগ নাই৷ আনকি দেউতাকৰ উপস্থিতিত সিহঁতৰ ঘৰত এই সম্পৰ্কীয় কথা উলিওৱাতে অঘোষিত নিষেধাজ্ঞা৷ মৃণালৰ বেদনাৰ্ত মুখখন দেখি মাকো যেন আবেগিক হৈ পৰিল৷ কিন্তু পাছমুহূৰ্ততে নিজকে নিয়ন্ত্ৰণ কৰি আকৌ ক’লে- 

“দেউতাৰে অফিচৰ পৰা টিফিন খাবলৈ আহি ঘৰতে আছেহি৷ একো খোৱাও নাই৷ অথনিৰে পৰা নিজৰ কোঠাত পায়চাৰি কৰি আছে৷ জুৰিক স্কুলৰ পৰা আনিবলৈকো যোৱা নাই৷ কওঁনো কেনেকৈ? যাচোন, তয়ে লৈ আনগৈ৷ 

পাঁচ মিনিটৰ ভিতৰতে গাড়ীখন লৈ মৃণাল ঘৰৰ পৰা ওলাল৷ জুৰিৰ স্কুল কিছু দুৰত৷ গাড়ী চলাই গৈ থাকোতে দেউতাকৰ ওপৰত তাৰ খংটো বাঢ়ি গৈ থাকিল৷ কি অদ্ভুত জেদ দেউতাকৰ! অত বছৰে সেই জেদতে একো খৱৰ নকৰাকৈ পাৰ কৰি দিলে৷ তিনিবছৰৰ আগতে ক’ৰবাৰ পৰা পেহীয়েকৰ বিয়াৰ খৱৰ শুনিও দেউতাকৰ সিদ্ধান্ত সলনি নহ’ল৷ সেইখন ঘৰৰ কাৰোৱেই সিহঁতৰ খৱৰ এটা ল’বলৈ আহৰি নোলালনে! মৃণাল আচৰিত হ’ল৷

আৰু কাবেৰী? কাবেৰীৰ কোনো খৱৰেই নাপালে সি৷ দেউতাকৰ প্ৰতি থকা শ্ৰদ্ধামিহলি ভয়ৰ বাবে মৃণালে একো পদক্ষেপেই লোৱাৰ সাহস গোটাব নোৱাৰিলো৷ অথচ কাবেৰী তাৰ বাবে কেৱল শৈশৱৰ লগৰীয়ে নাছিল৷ তাৰ হৃদয়ৰ কোনোবা এক নিভৃত কোণ তাই নিগাজিকৈ দখল কৰি লৈছিলল বহুতো নিশা স্বপ্ন ৰাজ্যৰ মধুৰ আৱেশত সেই কোণটো বাৰে বাৰে উদ্ভাসিত হ’ল৷ একেটা সপোনৰ পিছে পিছে প্ৰতিনিশা মৃণালে ঢপলিয়াই ফুৰিলে আৰু ক’ৰবাত উজুটি খাই সাৰ পাই যোৱাৰ পিছত শেষ নিশাবোৰ টোপনিহীনতাৰে ভাৰাক্ৰান্ত হ’ল৷ ইয়াতকৈ বেছি একো কৰিব নোৱাৰিলে মৃণালে৷ 

জুৰিক লৈ ঘৰলৈ উভতোতে কোনো প্ৰসংগ ননাকৈ মৃণালে সুধিলে- 
“ জুৰি, ককাৰ যে অসুখ গম পাৱনে?” 

“কি? নাহৰণিৰ ককা? সেই যে ফটোত দেখা চছমা পিন্ধা মানুহজন?” 

মৃণালৰ মনটোৱে হাহাকাৰ কৰি উঠিল৷ নিজকে সন্তনা দি সি ভাৱিলে, জুৰিক দোষ দিয়াৰটো একো যুক্তি নাই৷ তাৰ পৰা আহোঁতে তাইৰ আঢ়ৈ বছৰ বয়স৷ মৃণালল বহুপৰ নীৰৱে থকা দেখি জুৰিয়ে আকৌ সুধিলে- 

“দাদা, অসুখ বেছি নেকি?” 
“ও”৷ 

মৃণালৰ মাতত ফুটি উঠা হাহাঁকাৰ খিনি জুৰিয়ে ধৰিব নোৱাৰিলে৷ এনেতে শান্তনুক দেখা পাই সিহঁতৰ কথা-বতৰা বন্ধ হ’ল৷ মৃণালে গাড়ী ৰখালে৷ শান্তনুৱে তাক দেখি উৎসাহেৰে ক’লে- 

“আৰে তই! আজি কি হ’ল তোৰ, ইমান সোনকালে গুচি আহিলি যে কলেজৰ পৰা? মই তোক লগ কৰিবলৈ গৈছিলোঁ৷” 

“গাড়ীত উঠচোন৷ কথা আছে৷- মৃণালে শান্তভাৱে ক’লে৷ 

শান্তনুৱে কিবা এটা বুজিলে৷ নীৰৱে সি গাড়ীত উঠিল৷ জুৰিক ঘৰত থৈ দুয়ো ওলাই আহিল৷ শান্তনু মৃণালৰ ঘনিষ্ঠ বন্ধুবোৰৰ অন্যতম৷ কোনো সংকোচ নকৰাকৈ বহুত কথাই কৈ দিব পাৰি তাক৷ অৱশ্যে আগৰ কথাবোৰ সি জানেই৷ কাবেৰীৰ কথা সি বহুতবাৰ শুনিছে মৃণালৰ পৰা৷ শ্ৰুতিৰ বিষয়েও পোনপ্ৰথমে এই শান্তনুৱেই মৃণালক সচেতন কৰি দিছিল৷ এতিয়া সকলোবোৰ জনাৰ পিছত কিছুপৰ চিন্তা কৰি শান্তনুৱে ক’লে, 

“এইটো সোণালী সুযোগ পাইছ তই৷ এই সুযোগটো নেৰিবি৷ বৰদেউতাই নিজৰ সম্পৰ্কক লৈ সিদ্ধান্ত লৈছে৷ তই তোৰ সম্পৰ্কক লৈ সিদ্ধান্ত ল৷ ককা-আইতা, পেহী-খুড়া, কাবেৰী- এই সকলোৰে সৈতে তোৰ জানো কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই? সেইখন ঘৰ, সেই গাওঁ তোৰ জানো নহয় মৃণাল? ইমানদিনে নীৰৱ হৈ ৰ’লি৷ এইবাৰ অন্তত: সম্পৰ্কৰ প্ৰতি তোৰ দায়িত্ব ৰক্ষা কৰ৷ ফল যিয়েই নহওক, পাছত বিবেকৰ ওচৰত কৈফিয়ৎ দিয়াৰ পৰা ইয়েই ৰক্ষা কৰিব৷ 

মৃণাল ভিতৰি ভিতৰি উত্তেজিত হ’ল৷ এনেকৈতো সি কেতিয়াও ভবাই নাছিল৷ 

“তাৰমানে তই মোক নাহৰণিলৈ যাবলৈ কৈছ?” 

উত্তেজনা চেপি সি সুধিলে- 

“অ’৷” শান্তনুৱে একেবাৰে শান্ত মাত এটাৰে ক’লে৷ 

“দেউতা? দেউতাই মোক কেতিয়াও যাবলৈ নিদিয়ে৷” 

“নিদিয়ে যদি নোকোৱাকৈ যা৷ ৰিস্ক ল’বলৈ শিক বুজিছ!”-শান্তনুৱে একেই কন্ঠস্বৰ৷ 

মৃণালৰ নিজৰ ওপৰতে সন্দেহ হ’ল৷ ইমানদিনে দেউতাকৰ আদেশেৰে চিন্তাক গঢ় দি অহা ল’ৰা সি৷ সি ইমান দুঃসাহসী হ’ব পাৰিবনে ! নাই, সি যাবই লাগিব৷ মৃণাল দৃঢ় হ’ল৷ শান্তনুৱে ঠিকেই কৈছে৷ এয়া তাৰ বাবে সম্পৰ্কৰ প্ৰতি দায়িত্ব পালন কৰাৰ সময়৷ এটা মুকলি মন লৈ মৃণাল ঘৰলৈ উভতিল৷ ঘৰখনৰ গোমা পৰিৱেশটোৱে তাৰ সিদ্ধান্তক অধিক শক্তিশালীহে কৰি তুলিলে৷ সুবিধা বুজি মাকক সি অকলশৰীয়াকৈ মাতি তাৰ সিদ্ধান্তৰ কথা ক’লে৷ মাকে প্ৰথমতে ঘোৰ আপত্তিৰ তীব্ৰতা কমি আহি নোহোৱা হৈ পৰিল৷ মাক সন্মত হ’ল-হয়তো মৃণালৰ দৃঢ়তা দেখি, হয়তো সেই ঘৰখনৰ প্ৰতি থকা হেঁপাহৰ তাড়নাত ৷

সকলো অতিক্ৰম কৰি তাৰ দুদিনৰ মূৰত মৃণাল এয়া নাহৰণিলৈ যোৱাৰ অলেখ ভাবৰ ঢৌ৷ সৰু-বৰ ঢৌবোৰে তাক তিয়াই-বুৰাই উটুৱাই উটুৱাই লৈ গ’ল অতীত নামৰ মহাসাগৰলৈ ৷ জোনাক নিশা চোতালত ঢাৰি পাৰি পাৰি ককাকৰ মুখেৰে সাধু শুনা, নামঘৰত টোপনিয়াই টোপনিয়াই ভাওনা চোৱা দিনবোৰে তাক আবেগিক কৰি পেলালে৷ বাছৰ খিৰিকীৰে কাষৰ পথাৰবোৰত সি দহবছৰীয়া মৃণালকে দৌৰি ফুৰা দেখিলে৷ কাষে কাষে সেয়া যেন কাবেৰী৷ সেয়া তাইৰ ৰঙা চিলাখন ওখ শিমলুজোপাৰ ডাল এটাত লাগি ধৰি ফাটি গৈছে৷ তাইৰ কৰুণ মুখখন দেখি মৃণাল দৌৰি আহিছে৷ বতাহত খেলি মেলি হৈ কাবেৰীৰ চকুৰ আগলৈ আহি পৰা চুলিকেইডাল আলফুলে কাণৰ কাষলৈ নি সি কৈ উঠিছে- 

“জাপৰী, আকৌ এখন চিলা বনাই দিম নহয় তোক৷” 

…..নাহৰণি, নাহৰণি৷ কণ্ডাক্টৰৰ চিঞৰত মৃণালৰ তন্ময়তা ভাঙিল৷ বাছৰ পৰা নামিয়েই সি দীঘলকৈ উশাহ এটা ল’লে, যেন প্ৰাণভাৰি টানি ল’ব খুজিলে তাৰ সপোনপুৰীৰ সুবাস৷ সি আগবাঢ়িল৷ সকলোবোৰ যেন সম্পূৰ্ণ অচিনাকি৷ কি এক বিৰাট পৰিৱৰ্তন নাহৰণিৰ৷ বাট-পথ, ঘৰ-দুৱাৰ, মানুহ সকলো অপৰিচিত৷ বিচাৰি খোচাৰি মৃণালে কোনোমতেহে সিহঁতৰ পুৰণি ঘৰখন ওলালগৈ৷ ঘৰটো একেদৰেই আছে৷ অৱশ্যে অযত্নৰ বাবে সময়ৰ আঁচোৰবোৰ স্পষ্ট হৈ পৰা যেন লাগিল মৃণালৰ৷ ঠায়ে ঠায়ে ৰঙৰ প্ৰলেপো এৰাইছে৷ চোতালত অপ্ৰয়োজনীয় গছ-বন বেছি হোৱা যেনো তাৰ ভাব হ’ল৷ 
দুৱাৰমুখত ৰৈ ভিতৰৰ কঁপনিটো যথাসম্ভৱ কমাবলৈ চেষ্টা কৰি মৃণালে মাত দিলে, “ককা!” 

কোনো সঁহাৰি নাই৷ দ্বিতীয়বাৰ অলপ ডাঙৰকৈ মাতিবলৈ লওঁতেই ভিতৰৰ পৰা বৃদ্ধা এগৰাকী ওলাই আহিল৷ পিন্ধনত কিছু মলিয়ন কপাহী মেখেলা-চাদৰ৷ মৃণালৰ মুখৰ পৰা ওলাই আহিল অনয় এক সম্বোধন৷ 
"আইতা!”- এইবাৰ তাৰ মাতটো সঁচাকৈয়ে কঁপিল৷ 

আইতাক ওচৰ চাপি আহিল৷ ভালকৈ জুখি চোৱাৰ দৰে চাই লৈ ক’লে-

“কোননো? মই চিনিব পৰা নাই দেখোন৷” 
মৃণালৰ কান্দিবৰ মন গ’ল৷ কোনোমতে সি নিজকে চম্ভালি ল’লে৷ আগবাঢ়ি আহি আইতাকৰ হাতখন খামুচি ধৰি সি ক’লে- 
“মই মৃণাল, আইতা৷ আপোনালোকৰ বাবা আকৌ৷”

আইতাক কিছুপৰ থৰ হৈ ৰ’ল ৷ তাৰ পিছত তাক সাবটি ধৰি এসোঁতা কান্দি ল’লে৷ আৰু আথে-বেথে তাক ভিতৰলৈ আগবঢ়াই নিলে৷ ককাক বিছনাত শুই আছিল৷ তেতিয়ালৈ ককাকৰ শাৰীৰিক অৱস্থা যথেষ্ট ভাল যদিও সম্পূৰ্ণ আৰোগ্য লাভ কৰাই নাই৷ মৃণালক বুকুৰ মাজত আকোঁৱালি লৈ তেওঁ খা-খৱৰ সুধিলে, ক’লে-

:ইমানদিনে সদায় ঈশ্বৰক খাটিছিলোঁ, সিফলীয়া হোৱাৰ আগতে অন্তত: এবাৰৰ বাবে হ’লেও যেন তহঁতৰ মুখকেইখন চাই যাব পাৰোঁ৷ চা বাবা, ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিলে৷…

খুড়াক-খুড়ীয়েকেও অতি উৎসাহেৰে তাৰ অভ্যৰ্থনা কৰিলে৷ অতীতৰ কালিমাৰ কোনো চিন-চাব নাছিল তেওঁলোকৰ ব্যৱহাৰত৷ বৰং খুঢ়াকে গধুৰ কন্ঠেৰে ক’লে,

:গাঁৱৰ চকুচৰহা এচামৰ কথাই মোক বিপথে পৰিচালিত কৰিছিল বাবা৷ যেতিয়া নিজৰ ভুলটো বুজি পালোঁ. তেতিয়ালৈ বহু পলম হৈ গৈছিল৷ কিমান চেষ্ঠা কৰিলো অ’ৰ ত’ৰ পৰা তহঁতৰ খৱৰ গোটাবলৈ৷ কিন্তু তহঁতৰ সেইখন বৰ ডাঙৰ ঠাই, বহু মানুহ, বহু কথা৷ সংসাৰৰ সকলো ঝামেলা মাৰি সময় উলিয়াই কোনো তথ্য নোহোৱাকৈ বিচাৰ-খোচাৰ কৰাটো সম্ভৱ নাছিল৷…সেইটো কথাটেই ককাইদেৱেনো ইমান বছৰ কেনেকৈ আঁতৰি থাকিব পাৰিলে বাবা?

মৃণাল নিৰুত্তৰ৷

বহুপৰ হেঁপাহ পলুৱাই কথা পাতি লোৱাৰ পিছত খুড়ীয়েকে ভাতৰ আয়োজন কৰিবলৈ উঠি গ’ল৷ মৃণালে ককাকৰ বিছনাতে বহি লৈ সকলোৰে খা-খৱৰবোৰ দি গ’ল৷ এনেতে তাৰ ম’বাইলত মিহি সুৰ এটা বাজি উঠিল৷ চাই দেখিলে দেউতাক৷ বাহিৰলৈ ওলাই আহি সি ফোনটো ৰিচিভ কৰিলে৷ 

: হেল্ল’ দেউতা৷ 
:বাবা, তই এনেকুৱা এটা কাম কৰিবলৈ….. 

দেউতাকৰ খঙাল কন্ঠস্বৰে মৃণালৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰিলে৷ দেউতাকক বাধা দি একেবাৰে শান্ত মাত এটাৰে সি ক’লে,- 

: দেউতা, মই যি কৰিছোঁ ভাৱি চিন্তিয়েই কৰিছোঁ৷ আপোনাক একো বুজাবলৈ নাযাওঁ, কিন্তু প্লিজ দেউতা, এনে একো সিদ্ধান্ত নল’ব যাৰ বাবে সমগ্ৰ জীৱনলৈ আপোনাৰ আক্ষেপ ৰৈ যায়৷ আৰু এটা কথা, মই ঠিক কৰিছোঁ, ককা সম্পূৰ্ণকে ভাল হৈ নুঠালৈকে ইয়াৰ পৰা ক’লৈকো নাযাওঁ৷

মৃণালে ফোন কাটি দিলে৷ দেউতাকৰ সৈতে মনত পৰাৰে পৰা আজিহে ইমান স্পষ্টতাৰে কথা পাতিলে সি৷ এতিয়া দেউতাকৰ যি ইচ্ছা তাকে কৰক৷ সি যি ভাল দেখিলে, হৃদয়ে যি উচিত বুলি ভাৱিলে সেয়া কৰিলে৷ পুনৰ ককাকৰ ওচৰলৈ উভতি আহি মৃণাল কথা পতাত ব্যস্ত হ’ল৷ অৱশ্যে দেউতাকৰ ফোন অহাৰ কথা সি নক’লে৷ 

সেইদিনা সমগ্ৰ দিনটো যে কেনেকৈ পাৰ হৈ গ’ল মৃণালে গমাই নাপালে৷ আবেলি ভাত-পানী খাই উঠি পাকঘৰত আইতাকৰ সৈতে ইটো-সিটো পাতি থাকোঁতে খুড়ীয়েক সোমাই আহি ক’লে,- 

: বাবা, সৰুতে যে তোমাৰ সৈতে একেলগে উমলি ফুৰিছিল কাবেৰী, মনত আছেনে তোমাৰ? কাবেৰী আৰু মাক আহিছে দেউতাৰ খৱৰ ল’বলৈ৷ 

কাৱেৰী!! নাহৰণিলৈ আহি পোৱাৰ পিছত এই প্ৰথমবাৰৰ বাবে মৃণালৰ মনত পৰিল কাৱেৰীলৈ৷ ইমানপৰে ককাক-আইতাক, খুড়াক-খুড়ীয়েকৰ সৈতে মান-অভিমান আৰু খা-খৱৰৰ বিনিময়ত, তেওঁলোকৰ মৰমৰ উমত অন্য একো অনুভৱ আহিবলৈ সুৰুঙাই নোহোৱা হৈ পৰিছিল৷ কিবা যেন আকস্মিক সংযোগ! যাক বিচাৰি যোৱা দহটা বছৰে স্বপ্নই দিঠকে সি ঢপলিয়াই ফুৰিলে সেই কাৱেৰী ইয়াত! হৃদয়ত উখল-মাখল লগাই দিয়া আৱেগৰ গতিক বাধা দিবলৈ আপ্ৰাণ চেষ্ঠা কৰি মৃণালে ক’লে- 

:মনত কিয় নাথাকিব খুড়ী! আছে, খুউব ভালকৈয়ে আছে৷ 
: বৰ লখিমী ছোৱালী অ’৷ এইকেইদিন সদায়ে তাই ককাৰৰ যত্ন লৈছেহি৷ 

আইতাকে কাৱেৰীৰ প্ৰশংসা কৰি আৰু কিবা কৈছিল যদিও মৃণালৰ কাণত নোসোমাল৷ ককাকৰ কোঠাটোলৈ আগবাঢ়ি যাওঁতে খোজকেইটা থৰক-বৰক হৈছিল যদিও সি গম নাপালে৷ পৰ্দাখন দাঙি খপজপকৈ সি সোমাই দিয়াত কোঠাটোত থকা তিনিওজনেই একেলগে তালৈ চাই পঠিয়ালে৷ ককাক, তাৰ ৰমা-জেঠায়েক আৰু ককাকৰ মূৰ-শিতানত বহি থকা কাৱেৰীয়ে! 

এইজনী কাৱেৰী? তাৰ কাৱেৰী? মৃণালে থৰ লাগি তাইকে চাই ৰ’ল৷ সৰু সৰু ৰঙা ফুল থকা পাটৰ মেখেলা-চাদৰ এযোৰ পিন্ধি আছিল তাই৷ লগতে খোপালৈকে টনা ওৰণিখন আৰু কপালৰ ডগমগীয়া ৰঙা বেলিটোৰে তাইক সঁচাই লখিমী বোৱাৰী যেন লাগিছিল৷ মৃণাললৈ ইমানপৰে আশ্চৰ্য্যৰ দৃষ্টিৰে চাই থকা কাৱেৰীয়ে এইবাৰ চকু তললৈ নমাই নিলে আৰু অনাৱশ্যকভাৱে ওৰণিখন ঠিকে ঠাকে আছে নে নাই তাকে এবাৰ পৰীক্ষা কৰি ল’লে৷ 

একেবাৰে ক্লান্ত মানুহৰ দৰে কাষৰ বিছনাখণত মৃণাল বহি পৰিল৷ হৃদয়ত প্ৰতিষ্ঠা কৰা মৃণ্ময় মূৰ্ত্তি চিৰদিনৰ বাবে আনৰ হৈ গৈছে এই কথাটৌ তাৰ বিশ্বাস কৰিবলৈ মন নগ’ল৷ কিন্তু সেই অবাঞ্চিত সত্যৰ জীৱন্ত প্ৰমাণ দি এই যে কাৱেৰী তাৰ সন্মুখতে সংকুচিত ভাৱে বহি আছে সেয়াটো অৱিশ্বাস কৰিব নোৱাৰি৷ ইমানদিনে যিখন নৈয়ে ফেনে-ফোটোকাৰে বাঢ়ি আহি তাৰ হৃদয়ত উখল-মাখল লগাই আছিল, সেই নৈখনে ভয়ংকৰ গতিৱে গৰাখহনীয়া আৰম্ভ কৰি দিলে৷ মৃণালে অসহায় হৈ নীৰৱে চাই ৰ’ল আৰু এটা সময়ত অনুভৱ কৰিলে তাৰ বুকুখন একেবাৰে শূন্য হৈ গৈছে৷ সকলো থান-বান হৈ খহনীয়াৰ সৈতে উটি গৈছে৷ 

কাৱেৰীৰ মাক ৰমা জেঠায়ে আদৰেৰে মৃণালক মাত লগালে৷ সি যে ইমান ওখ-ডাঙৰ হ’ল সেয়া ক’লে আৰু ঘৰৰ খৱৰ ল’লে৷ জোৰকৈ মুখত হাঁহি এটা ফুটাই সি কথাবোৰৰ উত্তৰ দি গ’ল৷ ইমানখিনিৰ পিছতো নিশ্চুপ হৈ থকা কাৱেৰীক বহুপৰৰ পিছত সোধো-নোসোধোকৈ সন্দেহেৰে মৃণালে সুধিলে- 

:কাৱেৰী, তই মোক চিনি পোৱা নাই? 
:পাইছোঁ, কিয় নাপাম! ভালনে তোমাৰ? 

সুদীৰ্ঘ দহটা বছৰৰ মূৰত এই প্ৰথম সি কাৱেৰীৰ মাত শুনিলে৷ তাইৰ সৈতে কথা পাতিলে মৃণালে৷ আৰু প্ৰথমবাৰৰ বাবে ইমান সংকুচিত হৈ ভাবি-চিন্তি, তইৰ পৰিৱৰ্তে তুমি সম্বোধনেৰে কাৱেৰীয়ে কথা ক’লে তাইৰ আগত! নাই এইজনী তাৰ কাৱেৰী নহয়৷ তাৰ স্মৃতিৰ বৰঘৰ শুৱনি কৰি ৰখা, তাৰ অনুভৱৰ আকাশত ভোটাতৰা হৈ জিলিকি ৰোৱা কাৱেৰীজনীৰ সৈতে এই কাৱেৰীৰ কি সাংঘাটিক পাৰ্থক্য৷ প্ৰথমবাৰৰ বাবে মৃণালৰ উপলব্ধি হ’ল, তাৰ হৃদয়ৰ কাৱেৰীৰ কোনো পাৰ্থিৱ অস্তিত্ব নাই৷ তাই মাথোঁ মৃণালৰ সেই অহৈতুকী আৱেগৰ জগতখনৰে বাসিন্দা৷ সেই জগতৰ পৰা ওলাই আহি বাস্তৱত ধৰা দিয়াৰ সকলো বাট বন্ধ হৈ গৈছে ইতিমধ্যে৷ 

এনেতে কোঠাৰ ভিতৰলৈ পোন্ধৰ-ষোল্ল বছৰীয়া ল’ৰা এজন সোমাই আহিল৷ কোলাত ছোৱালী এজনী, এক-ডেৰবছৰমান বয়সৰ৷ ল’ৰাজনক মৃণালে চিনি পালে৷ ৰতন, কাৱেৰীৰ ভায়েক৷ মৃণালক দেখি ৰতনে উল্লাসিত ভাৱে চিঞৰি উঠিল- 
: বাবাদা নহয়নে? 

মৃণালে হাঁহিলে পাকৈত অভিনেতাৰ দৰে৷ ইটো সিটো কথা পাতিবলৈ ধৰিলে দুয়ো৷ ছোৱালীজনীক দেখুৱাই কথা প্ৰসংগত ৰতনে ক’লে- 

: এই বৰ আমনি কৰি আছিল৷ সেয়ে বাইদেউৰ ওচৰলৈ লৈ আনিলোঁ৷ 

মৃণালে বুজিব পাৰিলে-এইজনী কাৱেৰীৰ ছোৱালী, অকণমানি কাৱেৰী! তাইক আলফুলে কোলাত লৈ মৃণালে কাৱেৰীলৈ চাই সুধিলে- 

: কি নাম? 
: ভাল নাম দূবৰি! 

নামটো মনতে উচ্চাৰণ কৰি মৃণালে ক’লে- 

: ধুনীয়া নাম! বয়স এবছৰতকৈ বেছি হ’ল, নহয়? 
: ওঁ, তিনিমাহৰ পাছত দুবছৰ পূৰ হ’ব৷ নামটো ভিনদেৱে দিয়া৷ শিক্ষক মানুহটো! গতিকে নাম দিবলৈ বিশেষ ভাবিব লগাই নহ’ল৷ মনলৈ হঠাতে আহিল আৰু ক’লে,-এইৰ নাম দূবৰি হ’ব৷ বচ হৈ গ’ল৷….. 

ৰতনে ভিনিয়েকৰ কথা আৰু কিবাকিবি ক’লে প্ৰশংসাসূচক ভাৱে৷ মৃণালে নীৰৱে শুনি গ’ল৷ কাৱেৰীলৈ চাই দেখিলে, তাই আৰু বেছি সংকোচবোধ কৰিছে৷ গালখন অকণমান ৰঙাও পৰিছে৷ তাইৰ মুখত চকামকাকৈ পৰা তৃপ্তিৰ ৰহণকণো মৃণালৰ দৃষ্টিৰ পৰা সাৰি নগ’ল৷ কিছুপৰ তেনেকৈয়ে কথা পতাৰ পাছত দূবৰিয়ে বেছিকৈ আমনি কৰিবলৈ ধৰাত সিহঁত যাবলৈ উঠিল৷ সিহঁতক আগুৱাই দিওঁতে মৃণালে হঠাতে কৈ পেলালে- 
: তোৰ মানুহজনক নেদেখিলোৱে নহয় কাৱেৰী! 

আগে আগে দূবৰিক লৈ গৈ থকা কাৱেৰীয়ে ঘুৰি চালে৷ সেই একে লাজৰ আভা-চকামকা তৃপ্তিৰ ৰহণকণ আৰু শেষত প্ৰশান্তিময় হাঁহিটোৰে তাই ক’লে- 
: দেখিবা নহয়! দুদিন পাছতে মোক আৰু দূবৰিক নিবলৈ আহিব তেওঁ৷ 

সিহঁত গ’লগৈ৷ শূন্য বাটটোলৈ চাই চাই মৃণালে ভাৱিলে, হওক পৰিপূৰ্ণভাৱে সুখী হওক তাই৷ শুভকামনাৰ বাহিৰে তাইক দিবলৈতো একোৱেই নাই তাৰ৷ 

পাছদিনা পুৱাতে গোটেই ঘৰখনত আনন্দৰ জোৱাৰ উঠিল৷ মৃণালৰ মাক-দেউতাক আৰু জুৰি পালেহি৷ মৃণালক আশ্চৰ্য্যান্বিত কৰি লগত আহিল অঞ্জন, শ্ৰুতি আৰু শান্তনু৷ মৃণালে ক’লে, 
: তহঁত আহিলি যে! 
শান্তনুৱে কিবা এটা ক’বলৈ মুখ মেলোঁতেই অঞ্জনে টপৰাই ক’লে- 

: তই ইয়ালৈ একেবাৰে গুচি আহিলি বুলি শুনি আমি তোক শেষ বিদায় জনাবলৈহে আহিলোঁ৷ 

মৃণালৰ দেউতাকৰ দৰে গহিন-গম্ভীৰ মানুহজনেও হা: হা: কৈ হাঁহি উঠিল অঞ্জনৰ কথাত৷ সকলোৰে লগত হাঁহিব নোৱাৰিলে মাথোঁ মৃণালে৷ মান-অভিমানৰ দীঘলীয়া প্ৰক্ৰিয়াৰ শেষত ঘৰখনৰ গধুৰ বতাহজাক ওলাই গৈছিল৷ দেউতাকে ককাকক চহৰলৈ নি ভালকৈ চিকিৎসা কৰাৰ প্ৰস্তাৱ দিছিল, সকলোৱে নিৰ্বিবাদে মানি লৈছিল৷ মাক আৰু খুড়ীয়েকে পাকঘৰত যা-যোগাৰ আৰম্ভ কৰিলেগৈ, সকলোৱে মিলি ভালকৈ এসাঁজ খাবৰ মনেৰে! 

আবেলি সদায় অহাৰ দৰে কাবেৰী আকৌ আহিল৷ ককাকৰ হাত-ভৰিবোৰ মালিচ কৰি দিলে, গৰমপানী কৰি দৰৱ খুৱাই দিলে৷ সেই শৈশৱৰে পৰা তাই ককাকৰ বৰ মৰমৰ আছিল৷ সেই মৰমৰ সঠিক মূল্য ৰাখিবলৈ তাই যেন যত্নপৰ হ’ল৷ শান্তনু, শ্ৰুতি আৰু অঞ্জনে ইতিমধ্যে সকলো জানি পেলাইছিল৷ কাৱেৰী আৰু দূবৰিৰ সৈতে সিহঁতক চিনাকি কৰি দি মৃণাল বাহিৰলৈ ওলাই আহিল৷ 

দীঘল পদূলিটোৰ একেবাৰে মূৰত ৰৈ নঙলাডালত ভেঁজা দি সি দূৰণিলৈ চাই থাকিল৷ পশ্চিম আকাশত চতুৰ্দিশ ৰাঙলী কৰি ডুবিবলৈ ধৰা সূৰ্যৰ দৰে তাৰ মনটোও ভাবৰ আকাশত ডুব গ’ল৷ বহুপৰ তেনেকৈ কটোৱাৰ পাছত এটা সময়ত কান্ধত এখন চেঁচা কোমল হাতৰ স্পৰ্শ সি অনুভৱ কৰিলে৷ মৃণালে ঘূৰি চালে৷ সেইখন হাত কাৱেৰীৰ নাছিল, আছিল শ্ৰুতিৰ৷ মৃণালৰ দৰে তাইৰ সাঁচতীয়া আৱেগখিনি তেতিয়ালৈ অহৈতুকী হৈ ৰোৱা নাছিল৷ সেই আৱেগে পৰিপূৰ্ণতাৰ ৰূপেৰে উদ্ভাসিত হ’বলৈ এটা শক্তিশালী যুক্তি বিচাৰি পোৱা যেন লাগিছিল৷

No comments:

Post a Comment