Sunday 26 May 2013

‘ৰিভাৰ ডগ’: মহাবাহু ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বংগোপ সাগৰৰ মোহনালৈ এক বৰ্ণাঢ্য যাত্ৰা


‘ৰিভাৰ ডগ’ বৃটিছ পৰ্য্যটক তথা লিখক মাৰ্ক চান্দে ব্ৰহ্মপুত্ৰৰ উৎপত্তিস্থলৰ পৰা বংগোপ সাগৰৰ মোহনালৈ কৰা পৰিভ্ৰমণ সম্পৰ্কে ৰচনা কৰা এখন ভ্ৰমণ কাহিনী ৷ ১৯৫১ চনত জন্ম গ্ৰহণ কৰা মাৰ্কে জীৱনৰ সৰহভাগ কাল ভ্ৰমণ কৰিয়েই পাৰ কৰিছে৷ শেহতীয়াকৈ তেওঁৰ তাৰা নামৰ হাতীজনীৰ সৈতে ইতিহাসৰ প্ৰথম মহিলা মাউত পাৰ্বতী বৰুৱা (প্ৰতিমা পাণ্ডে বৰুৱাৰ ভগ্নী)ৰ লগ হৈ ভাৰতৰ বিভিন্ন অঞ্চলত কৰা ভ্ৰমণৰ সাৱলীল বৰ্ণনাসমৃদ্ধ ‘ট্ৰেভেলচ অন মাই এলিফেন্ট’ (Travels on My Elephant ) নামৰ গ্ৰন্থখনে আন্ত:ৰাষ্ট্ৰীয় খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে৷

বিখ্যাত লিখক তথা পৰ্যটক চাৰ্লছ এলেন ( Charles Allen )ৰ উত্তৰ-পূব ভাৰতৰ বিভিন্ন দু:সাহসিক অভিযানৰ অভিজ্ঞতাৰ পৰা অনুপ্ৰাণিত হৈ ১৯৮২ চনত মাৰ্কে পোন-প্ৰথমে ব্ৰহ্মপুত্ৰৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি বংগোপ সাগৰৰ মোহনালৈকে সমগ্ৰ গতিপথেৰে এনে এক যাত্ৰাৰ পৰিকল্পনা কৰে৷ চাৰ্লছ এলেনে “Last Great Asian Adventure’’ বুলি অভিহিত কৰা এই যাত্ৰাৰ বাবে ভালেমান বছৰ জুৰি অধ্যয়ন আৰু প্ৰস্তুতি চলাই তেওঁ অৱশেষত ১৯৯৮-৯৯ চনত ইয়াৰ শুভাৰম্ভ কৰে৷
মানস সৰোবৰৰ এটা সৰু বৰফাবৃত জুৰিত আৰম্ভ হৈ তিনিখন দেশৰ মাজেৰে, ৫৭১৫ মিটাৰ উচ্চতাৰ পৰা সাগৰ-পৃষ্ঠলৈকে এই ১৮০০ মাইল জোৰা দৈৰ্ঘ্য অতিক্ৰম কৰি বংগোপ সাগৰত বিলীন হোৱা ব্ৰহ্মপুত্ৰ দুয়োপাৰৰ শত-সহস্ৰ লোকৰ জীৱনৰেখা স্বৰূপ৷ এই ব্ৰহ্মপুত্ৰই তীব্বতত চাংপো, তাৰপৰা “হে'য়াৰ-পিন”ৰ আকৃতিৰ গতিলৈ চিয়াং নামেৰে অৰুণাচলত সোমায়হি৷ ই অসমত বিভিন্ন উপনৈসমূহেৰে লগ লাগি বিশাল ৰূপ লয় আৰু সৰ্বশেষত বাংলাদেশত গংগাৰে লগ হৈ পদ্মা নামেৰে সাগৰলৈ গতি লৈ শেষত ই মেঘনা নামেৰে সাগৰত বিলীন হয়৷ গ্ৰন্থখনত এজন বিদেশী পৰ্য্যটকৰ দৃষ্টিভংগীৰে মহাবাহুৰ এই অনন্য ৰূপ, দুয়োপাৰৰ জনজীৱন তথা এই গতিপথৰ আলিয়ে-কেঁকুৰিয়ে লাগি ৰোৱা ইতিহাস সাৱলীলভাৱে অংকিত হৈছে ৷
তীব্বতৰ কৈলাশ পৰ্বতৰ বৰফাবৃত উচ্চতম শিখৰৰত এই অনন্য যাত্ৰাৰ শুভাৰম্ভণি ঘটাই তীব্বতৰ দুৰ্গম অংশ লিখকে খোজেৰে আৰু মাজে মাজে গাড়ী তথা য়াকেৰে অতিক্ৰম কৰে৷ চিয়াঙৰ পাৰৰ গেলিং, টুটিং,ব’না,পাংগ’, পেলিং আদি অৰুণাচল প্ৰদেশৰ অন্তৰ্ভুক্ত সৰু-বৰ ভিতৰুৱা অঞ্চলসমূহ মাৰ্ক আৰু তেওঁৰ সহযোগীসকলে খোজেৰে পৰিভ্ৰমণ কৰে। এই সমগ্ৰ যাত্ৰাপথত হোৱা বিভিন্ন অভিজ্ঞতা যেনে- বাঁহৰ ওলোমা সেঁতুৰে পাৰ হওঁতে পিছলি পৰি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ ৰোমাঞ্চকৰ অভিজ্ঞতা, আপঙৰ সোৱাদ তথা এই গাওঁসমূহৰ স্থানীয় মানুহৰ সৈতে হোৱা ভাব-বিনিময়ৰ এক সজীৱ বৰ্ণনাই পাঠকৰ বাবে অধিক মনোগ্ৰাহী কৰি তোলে৷ তাৰোপৰি এই চিৰ-পৰিৱৰ্ত্তনশীল আৰু ৰহস্যময় নৈখনক নিচেই ওচৰৰ পৰা অনুভৱ কৰা লিখকৰ বৰ্ণনাত নৈখন যেন জীৱন্ত হৈ উঠে৷
ব্ৰহ্মপুত্ৰৰ অসমৰ ভিতৰৰ প্ৰায় সমগ্ৰ অংশটো অৰ্থাৎ পূৱৰ অসম-অৰুণাচল সীমান্তৰ পৰা পশ্চিমৰ ধুবুৰী পৰ্যন্ত লিখকে নাৱেৰে ভ্ৰমণ কৰে৷ এই নৌকাযাত্ৰাৰ মাজত ক্ষন্তেকীয়া বিৰতি লৈ তেওঁ ডিব্ৰুগড়, শিৱসাগৰ তথা মাজুলী আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো ভুমুকি মাৰি যায়৷ ব্ৰহ্মপুত্ৰৰ ইপাৰ-সিপাৰ নেদেখা বিশালতাৰ মাজত দিক-বিদিক হেৰুওৱা অৱস্থাত লিখকে বাৰে বাৰে অনুভৱ কৰে এই মহাবাহুৰ সীমাহীন শক্তিৰ প্ৰভাৱ৷ য’ত একোৱেই স্থায়ী নহয়, যিখন নৈয়ে স্ব-ইচ্ছাৰেই দুয়োপাৰৰ অঞ্চলৰ মানচিত্ৰ ঘনে ঘনে সলনি কৰে তাত কোনোৱে যেন প্ৰকৃত অৱস্থান জনা অসম্ভৱ- কেৱল যেন নাৱৰ চালক ‘গামা’ই দিব্যচকুৰে নাৱৰ গতিপথ স্থিৰ কৰি তেওঁলোকক নিৰাপদে আগুৱাই নিছিল ৷ ব্ৰহ্মপুত্ৰৰ মাজে মাজে সিঁচৰতি হৈ থকা জনপ্ৰাণীবিহীন বালিচৰত নিশা কটাওঁতে পুৱতি নিশা আকাশেদি উৰি যোৱা শ-শ ধৃতিৰাজ চৰাই চাই চাই তেওঁ স্বগতোক্তি কৰি উঠিছিল- “Life couldn’t get much better than this”৷ তেনেদৰে মাজুলীৰ কমলাবাৰী সত্ৰ পৰিদৰ্শন কৰি সত্ৰত বিৰাজমান অবিস্মৰণীয় পবিত্ৰতা, শান্তি আৰু নিৰ্মোহে তেওঁক বুৰাই পেলোৱা যেন অনুভৱ কৰিছিল ৷ শিষ্যসকলৰ শান্ত-সমাহিত আধ্যাত্মিক দৃষ্টিয়ে তেওঁক যেন চুম্বকৰ দৰে সন্মোহিত কৰি পেলাইছিল৷ সংসাৰৰ সকলো মায়া-মোহৰ পৰা মুক্ত হৈ মন্ত্ৰমুগ্ধৰ দৰে তেওঁ তাতে ৰৈ যাব খোজা যেন অনুভৱ কৰিছিল৷ সত্ৰৰ কাঠৰ দুৱাৰখন বন্ধ হৈ যোৱাৰ লগে লগে তেওঁ সপোনৰ পৰা সাৰ পাই উঠা যেন ভাৱ হৈছিল৷
ব্ৰহ্মপুত্ৰৰ বুকুয়েদি নানা বিপদ বিঘিনি নেওচি আগবাঢ়োতে এনেদৰেই লেখক নানা পৰিস্থিতিৰ সম্মুখীন হৈছে , মাৰাঠী বন্ধুৰ পৰা আৰম্ভ কৰি জনজাতীয় গাৱঁৰ গাওঁবুঢ়া, অসমীয়া বন্ধু-বান্ধৱী, মিলিটেৰী কৰ্প’ৰেল, বাংলাদেশী আৰক্ষী আদি বিভিন্ন ব্যক্তিত্বৰ সৈতে এই যাত্ৰাৰ মূহুৰ্তবোৰ অতিবাহিত কৰিছে; এই সৰু বৰ ঘটনাবোৰ খুবেই মনোগ্ৰাহী ভাৱে লেখকে বৰ্ণনা কৰিছে। “ৰিভাৰ ডগ’’ৰ এই যুগমীয়া যাত্ৰাত লেখকৰ সহযাত্ৰী ‘ভাইটি’ নামৰ চিকাৰী কুকুৰটোৰ সৈতে সহমৰ্মিতাইয়ো ইয়াক অন্য এক মাত্ৰা প্ৰদান কৰিছে৷ সমগ্ৰ যাত্ৰাৰ বৰ্ণনাৰ মাজত লিখকৰ ৰসবোধেও গ্ৰন্থখনিৰ প্ৰথমৰ পৰা শেষলৈকে পাঠকৰ বাবে উপভোগ্য কৰি ৰাখে৷ যাত্ৰাৰ বাটে পথে লিখকে প্ৰায় সকলো ঠাইৰ ইতিহাস, লোকগাঁথাৰ উল্লেখ কৰি পাঠকক বহু কথা জনাৰ সুযোগ দিছে৷ সকলো মিলি এই গ্ৰন্থখন নিশ্চিতভাৱে সকলো শ্ৰেণীৰ পাঠকৰ বাবে উপভোগ্য হৈ উঠিছে৷ তাৰোপৰি এই গ্ৰন্থখনে বিশ্বৰ অন্য অংশৰ পাঠক সমাজকো আমাৰ এই অঞ্চলৰ চহকী লোকসংস্কৃতি তথা কিংবদন্তী সমূহৰ প্ৰতি অধিক আগ্ৰহী কৰি তুলিব বুলি আশা কৰিব পৰা যায়৷

গ্ৰন্থ–ৰিভাৰ ডগ
(River Dog-A journey down the Brahmaputra)
গ্ৰন্থকাৰ-মাৰ্ক চান্দ (Mark Shand)
প্ৰথম সংস্কৰণ: ২০০২
প্ৰকাশক: লিটল ব্ৰাউন বুক গ্ৰুপ, লণ্ডন (Little, Brown Book Group, London)
মূল্য-৪৮৫ টকা
জুন, ২০১৩ সংখ্যাৰ সাহিত্য ডট অৰ্গত প্ৰকাশিত

9 comments:

  1. ভাল লাগিল পঢ়ি !!!!!!!!!!!!!!!!!!

    ReplyDelete
  2. পঢ়ি ভাল লাগিল। আপোনাৰ ব্লগখনও ধুনীয়া!

    ReplyDelete
    Replies
    1. পঢ়ি ভাল পোৱা জানি মোৰো ভাল লাগিল :)

      Delete
  3. সুন্দৰ সমালোচনা। ৰিভাৰ ডগ নিশ্চয় সুপাঠ্যই হ'ব।

    ReplyDelete
  4. নৰ্থ ইষ্টৰ মানুহে এই কিতাপখন পঢ়া উচিত।

    ReplyDelete
    Replies
    1. আপুনি জুন, ২৯১৩ লিখিছে; ২০১৩ হ'ব নালাগেনে বাৰু?

      Delete
    2. অশেষ ধন্যবাদ! শুধৰাই দিছোঁ৷

      Delete