শালিকা দক্ষিণ-পূব এছিয়াৰ স্থানীয় চৰাই৷ বৰ্তমান ইহঁতক বিশেষকৈ আমাৰ ঘৰ-শালিকাবিধ উত্তৰ আমেৰিকা, নিউজিলেণ্ড, অষ্ট্ৰেলিয়াত নতুনকৈ সংস্থাপন কৰা হৈছে৷ অসমীয়াত এক লোকপ্ৰবাদ আছে, বুঢ়া শালিকাই মাত নলয়৷ সঁচা অৰ্থতে, শালিকাই বিভিন্ন ধৰণৰ মাতৰ সুবহু অনুকৰণ কৰিব পাৰে৷ শালিকাজাতীয় চৰাইবোৰৰ ভিতৰত Common Hill Mynah- ই মাত অনুকৰণ কৰাত আটাইতকৈ পাৰ্গত আৰু সেয়ে ইহঁত Talking Mynah বুলিও জনাজাত৷ এই গুণৰ বাবেই এই শালিকাবিধক বহুতে পোহনীয়া কৰি ৰাখে৷ দৰাচলতে, থাইলেণ্ড, লাওছ আদি কেইখনমান দেশত পোহনীয়া চৰাইৰ বজাৰৰ চাহিদা পূৰাবলৈকে হাজাৰ হাজাৰ Hill Mynah সংগ্ৰহ কৰাৰ ফলত ইয়াৰ জনসংখ্যা বৰ্তমান কমিব ধৰিছে৷ আমাৰ চুবুৰীয়া মেঘালয়ৰ গাৰো পাহাৰত আকৌ স্থানীয় লোকে বাঁহৰ খোৰোঙত ঘাঁহ-বন দি বাহ সাজি ইহঁতক কণী পাৰিবলৈ দিয়ে আৰু পোৱালি বয়সতে পোহনীয়া কৰে৷ ফলত প্ৰজননক্ষম চৰাই হালৰ কোনো ক্ষতি নহয় আৰু ঠাইখনত খেতি-পথাৰ, ফল-মূলৰ অনিষ্ট কৰিব নোৱাৰাকৈ ইহঁতৰ জনসংখ্যাও অতিপাত বৃদ্ধি নাপায়৷ জনামতে, বৰ্তমান ই (Common Hill Myna farming) এক কূটীৰ শিল্পৰ ৰূপেই পাইছেগৈ৷
অসমত দেখা পোৱা অন্য এবিধ শালিকা হৈছে গাং- শালিকা (Bank Myna)৷ ই দেখাত ঘৰ শালিকাৰ দৰে একেধৰণৰ যদিও ইয়াৰ গাৰ ৰং মুগা (grey) আৰু ঠোঁট ৰঙচুৱা বা কমলা হয় (চিত্ৰ)৷ তেনেদৰে, চুটীয়া-শালিকা (Jungle Myna) হাবিৰ ওচৰে পাজৰে থকা মুকলি অঞ্চল বা খেতি পথাৰৰ ফালে দেখা যায় ৷ ইহঁতৰ গা আৰু চকু ঘৰ-শালিকাতকৈ শেঁতাবৰণৰ আৰু ঠোঁটৰ গুৰিত মুকুটৰ দৰে এটা অংশ (crest) থাকে৷
অসমত দেখা পোৱা অন্যান্য শালিকাৰ প্ৰজাতিসমূহ হৈছে-
- Asian Pied Starling: দেহৰ ধৰণ ঘৰ শালিকাৰ দৰে, কিন্তু ক’লা-বগা৷
- কাঠ-শালিকা (Grey-headed Starling /Chestnut tailed starling): দেহৰ ওপৰভাগ মুগাবৰণীয়া, পেটতো ৰঙচুৱা
- Spot-winged Starling: পৰিভ্ৰমী ৷ ই উত্তৰ-পূৰ্বাঞ্চলত শীতকাল কটায়হি৷
- White-vented Myna: ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰেহে হয়তো সচৰাচৰ দেখা পোৱা যায়৷
No comments:
Post a Comment