Saturday 1 August 2015

আত্মিক

নন্দিনীয়ে হেণ্ডবেগত যাবতীয় বস্তু কেইপদ ভৰাই বেগটো হাতত লৈয়ে ঘৰৰ পদূলিমূখলৈ ওলাই আহিল৷ লোহাৰ প্ৰকাণ্ড গেটখন অলপকৈ খুলি তাই বাটলৈ চাই পঠিয়ালে ৷ তাৰপিছত আকৌ উভতি ঘৰলৈ সোমাই আহিল৷ যাওঁতে মেখেলাখন অলপকৈ দাঙি কোঁচবোৰ বেয়া নোহোৱাকৈ সাৱধানে খোঁজ দিয়াৰ দৰে নহৈ এইবাৰ তাই দপদপাই সোমাই আহিল৷ পাকঘৰৰ পৰা আলঙে আলঙে তাইৰ কাৰবাৰ চাই থকা মাকে তাইৰ খং উঠাৰ উমান পাই ওলাই আহিল৷ মাকক দেখিয়ে তাই অভিযোগৰ সুৰত ক’লে,

"মা, দেখিছানে! ই অৰ্ণৱ এতিয়াও আহি নাপালে৷ এইবোৰৰ লগত যে একো মিলাব নাপাই দেই ৷ বুঢ়া হ’বৰ হ’ল-সময়ৰ মূল্য বুজিবলৈ নিশিকিলে! ৰ’ৱা, মই ফোন কৰোঁ ৷"

মাকে ক’লে, "ৰ’চোন৷ সি চাগৈ বাটতে আছে,ফোন উঠাবলৈ ৰৈ আৰুহে দেৰি হ’ব ! তোৰ ওলাই হ’লেই নেকি ?"

"হৈ গ’ল মোৰ! আজি আহক ৰ’ৱা সি, পাব এজাউৰি!"

"ৰ’ৱলৈ ইমান টান পাৱ যদি মই কৈছিলোৱে দেখোন, গাড়ীখন লৈ যা৷" মাকে ক’লে, ”লখিমপুৰৰ পৰা পানীগাওঁ কেই কিলোমিটাৰনো!"

"নাই নাই, এই চাদৰ-মেখেলাৰে সাজোন কাচোন কৰি লৈ গাড়ী চলোৱাৰ অভ্যাস নাই মোৰ- গোটেইখন জোটপোঁট লাগিব, ৰিস্কি কাৰবাৰ৷ আৰু সি নিজেই ক’লে, বোলে মোৰ স্কুটাৰ লৈ আহিম-ওলাবি লগতে যাম! সেই কাৰণেহে মই গাড়ী নিয়াৰ কথা নাভাৱিলোৱে৷ সময়ত ওলাই আহিব নোৱাৰে যদি সি ক’লেই হ’ল! ই বৰ অপদাৰ্থ দেই!"

নন্দিনীয়ে আৰু দুটামান বিশেষণ লগাই ভোৰভোৰাই ভোৰভোৰাই ভিতৰৰ কোঠালৈ গ’ল৷

মাকে ভাবিলে, হ’ল আৰু, এইৰ অকৰা খং টো উঠিল যেতিয়া অতদিনৰ মূৰত অহা ল’ৰাটোৱেও ৰক্ষা নাপাব৷

তেওঁ ভিতৰলৈ গৈ দেখিলে, নন্দিনী আইনাৰ সন্মুখত৷ ভনীয়েকে ব্ৰাছডাল লৈ পাকৈত বিউটিচিয়ানৰ দৰে তাইৰ মুখত চলাব লাগিছে৷ তেওঁৰ মুখৰ প্ৰশ্নবোধক ভাৱটো দেখি ভনীয়েকে ক’লে,

"বিয়ালৈনো মানুহ এনেকৈ যায়নে! বায়ে সাজোন-কাচোন একো নিশিকিলে অ’ মা!"

"হেই থ', চাদৰ-মেখেলা পিন্ধি উৰি ওলাইছোঁৱে চোন! ফেশ্বন শ্ব’ত ভাগ ল’বলৈ নাযাওঁ নহয়৷ এনেয়ে মই বিয়া-বাৰুলৈ নাযাওঁ নেকি- মানুহবোৰৰ দামী কাপোৰ, অলংকাৰ, গাড়ী দেখুৱাই ফটা ঢোল বজাবলৈ অকল অজুহাত এটাহে লাগে আৰু!”

তাই ভেকাহিটো মাৰিহে দেখুৱালে, কিন্তু ভনীয়েকক শান্তভাৱে মুখখন পাতি দি বহি থাকিল৷ মাকৰ মনে মনে হাঁহি উঠিল৷ ৰীমাৰ বিয়া বুলিয়ে আজি দুদিনমানৰ পৰা তাই চাদৰ-মেখেলা, লোকাপাৰ-ধানসিৰা, বিয়াৰ নীতি-নিয়ম আদিক লৈ যেনে উথপথপখন লগাইছে যে ঘৰৰ সকলো আচৰিতেই হৈ পৰিছে ৷

কলিংবেলৰ শব্দ শুনি নন্দিনীয়ে খপজপকৈ সকলো সামৰি দুৱাৰ খুলিবলৈ গ’ল৷ হাঁহিমুখে থিয় দি থকা অৰ্ণৱক দেখিয়ে তাই চিঞৰি উঠিল,

"ঐ, সময় বুলি যে বস্তু এটা আছে জাননে নাজান? ঘড়ীটো চাল দিবলৈকে পিন্ধ’ নে কেতিয়াবা কিমান বাজিছে চাবলৈ শিকিছও?"

অৰ্ণৱে "হুহ, কথা কয় শুনা" বুলি কৈয়ে তাইক সম্পূৰ্ণ অৱজ্ঞা কৰি মাকক মাত লগালে৷

"খুড়ী ভাল নে আপোনালোকৰ? বহুদিনৰ মূৰত দেখা পালো৷"

"অ, আমাৰ ভালেই দিয়া ৷ তোমালোকক কাকোৱে আজিকালি লগ নোপোৱাই হ’লো৷ ঘৰলৈ কেতিয়া আহিলা?"

"কালি ৰাতিহে পাইছোঁহি৷ মোৰ ডিব্ৰুগড়ত ফিল্ডৱৰ্ক চলি আছে নহয়, কাম বেছিদিন ক্ষতিও কৰিব নোৱাৰি৷ কালি তাৰ পৰা ঘাটেৰে অকলে বাইক লৈ ঘৰ পাইগৈছোঁহি৷"- কৈ কৈ সি চোফাখনত বহিব ওলাইছিলহে, নন্দিনীয়ে ডবিয়ালে ৷

"বহিবলৈ সময় নাই এতিয়া, উঠ ৷ ইমান দেৰিকৈ ওলাইছহি, সিফালে ৰীমাই চাগৈ বাট চাই আছে৷"

মাকে অৰ্ণৱক চাহ একাপ খাই যাবলৈ ক’লে, কিন্তু সি নন্দিনীৰ ফালে এবাৰ চাই সেই আশা বাদ দিলে৷ "এইজনীৰ পৰা ক’তো শান্তি নাই আৰু" বুলি স্বগতোক্তি কৰি সি ওলাই আহিল ৷

মাকে সিহঁত যোৱাৰ ফালে চাই ভাবিলে, ইমান বছৰৰ পিছতো ইহঁত যে সঁচাই অকণো সলনি নহ’ল! আজি কিমানদিনৰ মূৰত যে অৰ্ণৱ আহিল ! সেই তাহানিতে কলেজত পঢ়োতেই তাক দেখা৷ কলেজৰ ওচৰতে বুলিয়ে নেকি নন্দিনীৰ বন্ধুবোৰৰ বাবে এই ঘৰখন ভাতঘৰেই হৈ পৰিছিল৷ কলেজ শেষ কৰি নন্দিনী দিল্লীলৈ পঢ়িবলৈ গ’ল৷ তাইৰ লগৰবোৰো ক’ত ক’ত যে সিঁচৰতি হৈ পৰিল! আজি অতবছৰৰ মূৰত লগৰ ৰীমাৰ বিয়া বুলিয়ে সিঁহতবোৰ এটা এটাকৈ ওলাইছেহি৷

সিহঁত গৈ বৰমূৰীয়া তিনিআলিটো পাৰ হৈছিলহে, চিপচিপকৈ বৰষুণ পৰিবলৈ ধৰিলে৷ নন্দিনীয়ে কিবা কোৱাৰ আগতেই অৰ্ণৱে ডাঙৰ গছ এজোপাৰ তলত স্কুটাৰখন ৰখাই দিলেগৈ৷ ক’লে,

"ছাতিটো তোৰ উৎপাতত অনাই নহ’ল নহয়! যিসোপাহে মুখত লগাই মেলি আহিছ, বৰষুণে চব ধুই নিব এতিয়া৷ যিমান ঘঁহিলে পিহিলেও কাউৰী সদায় কাউৰীয়ে, বগলী নহয়গৈ, জান’ নাই?" নিজৰ কথাতে ৰস পাই সি খুকখুকাই হাঁহি উঠিল৷

নন্দিনীয়ে তালৈ "মোক জোকাই লাভ নাই" জাতীয় চাৱনি এটা দি চাদৰৰ আগটো মূৰত লৈ থমথমকৈ বহি থাকিল৷ অৰ্ণৱে চেষ্টা নেৰিলে৷

"মোলৈ চা ৷ একো আৰ্টিফিচিয়েল বস্তুৰ দৰকাৰ নাই ৷ এসোপামান ঘঁহি মেলি নুফুৰিলেও এই হাজৰিকা সদায় সতেজ, চিৰসেউজ -কেতিয়াও সলনি নহয়৷"

"হৈছে, এই ঘেগেলা স্কুটাৰখন চলাই যিমান চিৰসেউজটো হৈ গ’লেও তোলৈ কোনেও নাচায় দে!"

"ঐ, স্কুটাৰখনক একো নক’বি দেই৷ দেউতাৰ পৰা পোৱা এইখন৷ ক’তো অকণো দাগ এটা নল’গাকৈ দেউতাই কিমান যত্নৰে ৰাখিছে দেখিছ নাই?চলাই ভাল পাওঁ কাৰণেইটো বাইক খন এৰি এইখন আনিছোঁ৷"

"ভালেই কৰিলি৷ এনেকৈ স্কুটাৰত উঠি গ’লে অন্তত: গাৱঁত কোনেও আমাক বেলেগকৈ নাচাব ৷ আজিকালিৰ দিনত কোনো ছোৱালীয়ে বয়ফ্ৰেণ্ডৰ লগত স্কুটাৰত উঠি নাযায় আৰু ৷”

"অ, ভাল মনত পৰিল৷ মোলৈ তহঁতে ছোৱালী চোৱাৰ দায়িত্ব লৈছিলি নহয় কেতিয়াবাতে, অতদিনে একো নকৰিলি৷ এইবাৰ ৰীমাৰ বিয়াত কিবা এটা কৰিবিয়ে কিন্তু৷"

"অ' অ', আমি ভাবি থৈছোঁৱে, তোক এইবাৰ গতি লগাবই লাগিব ৰ'৷ তোৰ আকৌ যিহে কঁকাললৈকে বৈ পৰা চুলিৰ ৰাজকুমাৰীত মন, পাবলৈকে টান নহয়৷ দীঘলচুলি ইমানেই পছন্দ যদি নিজে তেনেকৈ দীঘল কৰি ৰাখি নলৱ কিয়?"

তাৰ সেই ৰূপটো কল্পনা কৰিয়ে নেকি দুয়োটাই একেলগে হাঁহি উঠিল৷ অৰ্ণৱে আকাশলৈ মূৰ তুলি চাই ক’লে,

"অকণমান কমিছে, গৈ থাকো ব’ল৷ অলপ তিতিলেও একো নাই৷ দৰকাৰ হ’লে সলাই লৈ মোৰ ইযোৰ চাৰ্ট-পেন্ট পিন্ধি ল’মগৈ৷"

নন্দিনী আচৰিত হ’ল,

"ইযোৰ মানে? তই আৰু এযোৰ আনিছ? কিয়?"

"কিয়, দৰা অহাৰ আগে আগে মাজৰাতি কাপোৰ সলাই ইযোৰ পিন্ধিম আকৌ৷ এতিয়া ৰাতিপুৱাৰে পৰা কামত লাগি থকা যোৰকে তেতিয়াও পিন্ধি থাকিম নেকি?"

তাইৰ আকৌ খং উঠিল৷

"আগেয়ে নকৱ কিয় কথাবোৰ? মইতো একো কাপোৰ অনা নাই৷ ইমানকৈ চবকে সুধি লৈ প্লেন কৰিছোঁ৷ এইটো কথাকে কোনেও নক’লে যা:"

"ধেইত, এইবোৰ নিজে জানিবলগীয়া কথা আৰু৷ প্ৰাণজিৎ আহিব নহয় অলপ দেৰিকৈ, তাক ফোন কৰি দে নহ’লে৷"

তাই ফোন লগালে৷ প্ৰাণজিতে সোনকালে শুই উঠাৰ এলাহতে অলপ দেৰিকৈ আহিম বুলি কৈছিল৷ এতিয়া নন্দিনীৰ কঢ়া নিৰ্দেশ পালে, সি আহোতে তাইৰ ঘৰলৈ গৈ মাকৰ পৰা কাপোৰ এযোৰ লৈ আহিব লাগে৷

কেঁচা টোপনি ভঙাৰ কাৰণে সি গেঙেৰি দুটামান মাৰি ’হব যা:’ বুলি কৈ ফোন কাটি দিলে৷

চিপচিপিয়া বৰষুণৰ মাজতে সিহঁত গৈ বিয়াঘৰ পালেগৈ৷ ৰীমা শুৱাকোঠাত এজাক মহিলাৰ মাজত বহি আছিল ৷ নন্দিনীৰ পিছে পিছে সোমাই যোৱা অৰ্ণৱক ড্ৰয়িংৰূমতে বহাই তাই ৰীমাৰ কাষ পালেগৈ৷ আহোতে খাবলৈ কিবা এটা লৈ আহিবিচোন বুলি সি ক’বলৈ নাপাহৰিলে পিছে৷ নন্দিনীহঁতৰ ঘৰত খুড়ীয়ে তালৈ মালপোৱা কৰি থৈছিল বুলি কৈছিল, তাইৰ জহতে মুখত দিবলৈকে নাপালে সি!

"ইমান দেৰি কৰিলি" বুলি কৈ ৰীমায়ে তাই বহিবলৈ ঠাই উলিয়াই দিলে৷

"এই অৰ্ণৱৰ কাৰণে অ’৷ ইমান দেৰিকৈ ওলাইছেহি সি!"

"অ’, এতিয়া ক’ত আছে সি?"

"বাহিৰত বহাই আহিছো৷ ইয়ালৈ ল’ৰা সোমাবলৈ দিব জানো?"

"হেই, মাতি আন তাক৷ সি আহিলে একো নহয়৷"

অৰ্ণৱ আহিল৷ আহিয়েই ৰীমাৰ শেঁতা পৰা মুখখন দেখি ক’লে,

"কি ঐ! মৰিবলৈ ওলোৱাৰ দৰে আছ’ যে? তোক জোৰ কৰি ধৰি বান্ধি বিয়া দিয়া নাই নহয়৷ দহ বছৰীয়া প্ৰেম কৰি নীলিমৰ লগতে বিয়া হ’বলৈ ওলাইছ ৷ এতিয়া এইবোৰ এক্টিং নচলিব দেই৷"

বহি থকা মানুহখিনিৰ কথা-বতৰা তাৰ গলগলীয়া কথা-কেইষাৰে তভক লগালে৷ অলপ আচৰিত হৈ 'কোন ঔ এইটো’ ধৰণে তেওঁলোকে তালৈ চাই পঠিয়ালে৷

ৰীমাই সকলো পাহৰি স্বভাৱসুলভ বলিষ্ঠ মাতটোৰে ক’লে,

"হেই এইটো! আহিয়েই কি কথাবোৰ কৈছহি বাৰু!"

মুহুৰ্ততে পেহী-বৰমা-জেঠাইৰ হাজাৰটা নীতি-নিৰ্দেশনাৰ মাজত নিস্তেজ হৈ থকা ৰীমাজনী সপ্ৰতিভ হৈ উঠিল৷ তাই মন মাৰি আমন জীমনকৈ বহি থকা ৰূপটো দেখি বিমোৰ হোৱা নন্দিনীয়েও স্বস্তিৰ নিশ্বাস পেলালে ৷ কিছুপৰ কথা পতাৰ পিছতে ৰীমাক চোতালত নাম-প্ৰসংগত সেৱা কৰিবলৈ উলিয়াই লৈ গ’ল৷ সিহঁতেও বিয়াঘৰৰ ইটো-সিটো কামত লাগি ভাগি দিলেগৈ৷ আগচোতাল-ঘৰ-পাছচোতাল কৰি থাকোতেই কিমান সময় পাৰ হৈ গ’ল গমকে নাপালে৷

অসুখীয়া দেউতাকক অযথা সমস্যা নিদি বিয়াৰ আয়োজনৰ সকলো দায়িত্ব ৰীমাৰ ভনীয়েকে মূৰ পাতি লৈছে ৷ মাক-দেউতাক দুয়ো কেৱল অভ্যাগতৰ সোধ-পোচত ব্যস্ত আছে ৷ ঘৰৰ ডাঙৰ ছোৱালীজনীৰ বিয়া! গৱেষণাৰ কামত যতি পৰিব বুলি ৰীমাৰ দাবীতে পিছুৱাই ৰখা বিয়াখন অৱশেষত হৈ উঠাৰ স্বস্তি, ছোৱালীজনীক ঘৰৰ পৰা উলিয়াই দিয়াৰ যন্ত্ৰণা, অথচ নীলিমৰ দৰে সঁচা অৰ্থত তাইক বুজা ল’ৰা এজন পোৱাৰ গৌৰৱ -সকলো আবেগ মিলি যেন দুয়োকে কাবু কৰি পেলাইছে ৷ নন্দিনীয়ে গৈ এবাৰ ক’লেগৈ, " আপোনালোকে মিছাতে একো চিন্তা কৰি থাকিব নালাগে দেই৷ আমি আছোঁ নহয়!"

ৰীমাৰ মাকে একো নকৈ মাথোঁ তাইৰ মূৰত হাত ফুৰাই দিলে ৷

নন্দিনী নিজেই আবেগিক হৈ পৰিল যেন! তাই সাউতকৈ তেওঁলোকলৈ কৰি অনা গ্লুক’জ দুগিলাচ দি খোৱাঘৰত সোমালগৈ ৷ দুপৰীয়া অগা-পিচাকৈ শিখা আৰু প্ৰাণজিৎ ওলালহি ৷ প্ৰাণজিতে তাইক কাপোৰসাঁজ দি সেইটো কামত তাক খটুওৱাৰ কাৰণে আকৌ ডবিয়ালে৷ কিন্তু লগতে সিহঁতৰ ঘৰত অৰ্ণৱৰ ভাগৰ মালোপোৱা খাই অহাৰ কথাও পৰম তৃপ্তিৰে ঘোষণা কৰিলে৷

শিখাই ইমান দেৰিকৈ অহাৰ কাৰণে সকলোৰে গালিখিনি হজম কৰি লৈ অলপ অভিমান কৰি ক’লে,

"তহঁতে কি বুজিবি মই কিমান মিলাই লৈ আহিছোঁ! স্কুলত গৰমৰ বন্ধ হ’লে কি হ’ব, টেটৰ ট্ৰেইনিং চলি আছে৷ মই মিলাই মেলি হাফছুটি লৈ আহিছোঁ৷ বাছ সলাই মেলি থাকোতে দেৰি হ’ব বুলি ঘিলামৰাৰ পৰা স্কুটি চলাই আহিছোঁ, ভাব!"

তাইৰ কথা শেষ হ’বলৈকে নাপালে প্ৰাণজিতে টপকৈ ক’লে,

"হেৰৌ, জহাবলৈ আহিছ! মই গাইডক ফাঁকি দি দুদিন আগতেই শ্বিলঙৰ পৰা আহিছোঁ জাননে? অৰ্ণৱেও ফিল্ডৰ কাম বন্ধ কৰি থৈ আহিছে দে!"

নন্দিনীয়ে ৰীমালৈ চাই ক’লে,

"মইহে ৰীমাৰ বিয়া বুলি আজি এসপ্তাহৰ পৰা লখিমপুৰত আছোঁহি! ভাবি আছিলো, এইবাৰ সময় পাইছোঁ যেতিয়া সীমান্তৰ তাত দুদিনমান থাকি আহোঁ, তাৰ ঠাইখন চাবলৈ ইমান মাতি থাকে ৷ টিকট কৰিবলৈ লওঁতেই ৰীমাই গম পাই হুলস্থুলখন লগালে মিছামিছি৷ যোৱাই নহ’ল মোৰ!"

ৰীমাই আলহীক মাত লগাই ইটো সিটো কথা পাতি আছিল৷ কিন্তু নন্দিনীৰ অভিযোগ তাই ঠিকেই শুনিলে৷ ঘুৰি চাই ক’লে,

"কিয় নলগাম! তোৰ একো ঠিকনা নাই-আজি অ’ত, কাইলৈ ত’ত৷ চাচোন, সীমান্তক লগ কৰিবলৈ তাই ছত্তিছগড়লৈ গৈ ঘুৰি আহি এসপ্তাহতে মোৰ বিয়া পায়হি বোলে, সম্ভৱ নেকি?"

নন্দিনীৰ বাহিৰে বাকী গোটেইকেইটাই ’ভালেই কৰিলি’ ধৰণে মূৰ দুপিয়ালে! শিখাই কৈ উঠিল,

"অহ, ভাল মনত পেলাই দিলি দেই, সীমান্তই ৰীমালৈ ফোন লগাই আছিল ৷ মোক আহি পাই ৰীমাৰ লগত তাৰ এবাৰ কথা পতাই দিবলৈ কৈছিল৷"

"হয় নেকি? লগাচোন লগা-মানুহৰ ভিৰ নহওঁতেই শান্তিৰে পাতি লওঁ৷"-ৰীমাই ক’লে৷

ফোন লগে লগে লাগিল৷ লাউডস্পিকাৰত সীমান্তৰ দুষ্টালিভৰা মাতটো ভাঁহি আহিল৷

"ৰীমা ঐ! তই ইমান দুখ দিবি বুলি ভবা নাছিলো দেই ৷ এই মাওবাদীসোপাৰ মাজত সোমালোহি বুলিয়ে মোক ঠগি দিলি নহয়?"

গোটেইকেইটাই গিৰ্জনি মাৰি হাঁহি উঠিল৷ ওচৰত অন্য কোনোবাই শুনিলে নেকি বুলি সচকিত হৈ ৰীমাই ইফালে-সিফালে চালে৷ নিশ্চিত হৈ লৈ এইবাৰ তাইৰ ধমকিটো ডাঙৰকৈয়ে ওলাল৷

"ঐ গৰু! বিয়ালৈতো আহিব নোৱাৰিলি, তাৰ পৰা বৰ বৰ মাত মাতিছ?"

"তেনেকৈ নক’বি ঐ, খেতিৰ বতৰত কাম-বন এৰি মই ইমান দূৰলৈ কেনেকৈ যাওঁ, জানই দেখোন!” সীমান্ত দুখীয়া খেতিয়কক আৰ্থিকভাৱে স্বাৱলম্বী কৰাত সহায় কৰা এটা এন জি অ’ৰ মূখ্য বিষয়া৷ খেতিৰ বতৰ তাৰ বাবে খাৱন শোৱন নোহোৱাকৈ কৰা কামৰ বতৰ!

সুবিধা পাই গোটেইকেইটাই সীমান্তক জাৰিবলৈ লাগিল৷ ৰীমাই সকলোকে তেনেকৈয়ে এৰি বহাঘৰ, খোৱাঘৰত ভুমুকি মাৰিলেগৈ৷ ঘুৰি আহি তাই সিহঁতক আলহী বেছি নহওঁতেই খাই বৈ ল’বলৈ ক’লে৷ আবেলিলৈ সকলো ব্যস্ত হৈ পৰিব৷ তাইৰ কথা মানি সকলো খোৱাঘৰত বহিলগৈ ৷ দেউতাকে ক’লে, "ৰীমাকো তোমালোকৰ লগতে বহুৱাই কিবা এটা খাবলৈ দিয়াচোন৷ পুৱাৰে পৰা একো এটা মুখত দিয়া নাই তাই ৷"

ৰীমা দেউতাকৰ বৰ আদৰৰ ছোৱালী৷ এতিয়াও দেউতাকে নিজে খোৱা লোৱাতকৈ তাই যাতে একো কষ্ট নাপাই সেয়াহে মন কৰি আছে ৷ দেউতাকৰ কথা পেলাব নোৱাৰি তায়ো লগতে বহিলগৈ ৷ এইবাৰ খোৱাৰ টেবুলত শিখাক ’কামোৰ’ দিয়াৰ পৰ্ব৷ বাকীকেইটাই মাজে সময়ে ফোনত বা অনলাইন কথা-বতৰা পাতি থাকিলেও শিখা প্ৰায়ে একেবাৰে নিৰুদ্দেশ হৈ থাকে৷ ’শিখা মৰিল নেকি ঔ’ বুলি সুধিলেহে ইটোৱে সিটোৰ পৰা তাইৰ খৱৰ একোটা পায়৷ সেয়ে আজি প্ৰাণজিৎ আৰু অৰ্ণৱে বেয়াকৈ ধৰিছে তাইক ৷

নন্দিনী কিছু নষ্টালজিক হৈ পৰিল যেন! কিমান বছৰৰ মূৰত এনেকৈ গোটেইকেইটা লগ হৈছে, তাকো কেনে এটা পৰিৱেশত ৷ বিশ্বাসেই হোৱা নাই যে সাতটা বছৰ পাৰ হৈ গ’ল! কলেজত কেনেকৈ যে এজন এজনকৈ লগ লাগি সিহঁতৰ দলটো গোট খাইছিল! প্ৰত্যকেই ভিন্ন ব্যক্তিত্বৰ, কিন্তু ইটোৱে সিটোৰ পৰিপূৰকৰূপে কাম কৰিছিল যেন! তিনিটা বছৰতে বৰ আপোন হৈ পৰিছিল সিহঁত ৷ ইটোৱে সিটোৰ হাঁহি-কান্দোনবোৰ ভগাই লোৱাৰ কিমান যে স্মৃতি গঢ় ল’লে সেই তিনিটা বছৰতে!

তাইৰ আজিও মনত আছে, কোনোবা এটা পৰীক্ষা দি গুৱাহাটীৰ পৰা নিশাৰ বাছেৰে আহোতে এইটো প্ৰাণজিতৰ লগতে এখুন্দা লাগিছিল তাই ৷ আচলতে লগ হ’লেই সিহঁতৰ কেৱল কাজিয়াই লাগিছিল ৷ তাইৰ আগত সি অনবৰতে ’থেকেচি পেলাম’ ধৰণৰ মুড এটা লৈ থাকিছিল আৰু তাই ’তোকো সুদাই নেৰোঁ’ ধৰণৰ ভাৱ এটাৰে ফেপেৰি পাতি আহিছিল ৷ কাৰো একো বুজনিয়ে কাম দিয়া নাছিল৷ প্ৰাণজিতৰ মাকে আনকি ছোৱালীক এনেকুৱা ব্যৱহাৰ কৰিব নাপায় নহয় বুলি বুজাবলৈ চেষ্টা কৰোঁতে সি ওলোটাই কৈছিল, "তাই ছোৱালী নেকি!"

সিদিনাও গুৱাহাটীত অন্য এটা পৰীক্ষাৰ কাৰণে ৰৈ দিবলগীয়া হোৱাত সীমান্ত আৰু শিখাই সিহঁত দুয়োটাকে বেলেগে বেলেগে বুজাইছিল, বাছত কাজিয়া নকৰিবলৈ৷ সকলো শান্তভাৱে শুনি লৈও বাছত উঠিয়ে দুয়োটাই মাজৰ ঠাইকণত হাত থোৱাক লৈ কাজিয়া আৰম্ভ কৰি দিছিল৷ অৱশ্যে সেই কাজিয়া মাজনিশালৈ প্ৰাণজিতৰ সকলোৰে লগত এৰাএৰি হোৱাৰ আবেগৰ ধলে উটুৱাই নিছিল৷ আৰু তাৰ সেই ’পেনপেননি’ আঁতৰাবলৈ নন্দিনীয়ে গান এটাকে গাবলৈ আনুৰোধ কৰাত শেষনিশালৈকে সি এটাৰ পিছত এটাকৈ প্ৰিয় গানবোৰ গাই গৈছিল ৷ আৰু তাই! কেঁচা টোপনি ভঙা বাছৰ মানুহৰ খং উঠিব বুলি ভয়তে তাই তাপ মাৰি আছিল৷

সকলোৰে গিৰ্জনি মৰা হাঁহিত তাইৰ তন্ময়তা ভাগিল৷ ইংগিতপূৰ্ণ কথাবতৰা বোৰ দেখি তাই চকুৰ ইংগিতেৰে কি হৈছে সুধিলে৷ গম পালে, শিখাৰ পৰা এতিয়া ফ’কাছ অৰ্ণৱলৈ গৈছে ৷ ইতিমধ্যে কোনোবা কঁকালৈকে বৈ পৰা চুলিৰ গৰাকী হেনো তাৰ চকুত পৰিছেই ৷ একেবাৰে তাৰ সপোনৰ শ্ৰীমতী হাজৰিকাৰ সৈতে মিলি পৰিছে হেনো ৷ কিন্তু কেণাটো লাগিল, এতিয়া কাষৰ টেবুলতে বহি থকা দেখি তাইৰ পৰিচয় ৰীমাক সোধাতহে ৷ ৰীমাই হাঁহি হাঁহি ফুচফুচাই ক’লে, "লাভ নাই, তাইৰ অহামাহত বিয়াৰ তাৰিখ ঠিক হৈয়ে আছে আকৌ, আমাৰ ওচৰৰ গাওঁখনৰ ছোৱালী৷"

এইবাৰ অৰ্ণৱ চিৰসেউজ নহৈ চিৰকুমাৰ হ’বলৈ গৈ আছে নেকি সেই সম্পৰ্কে বিশদ আলোচনা চলিল ৷ মানুহ আহিবলৈ লোৱাত ৰীমা ওলাই গ’ল৷ নন্দিনীহঁতো কামত ব্যস্ত হ’ল৷ প্ৰাণজিতে মানুহক আদৰি সাদৰি বহুৱালে, অৰ্ণৱ থাকিল খোৱাঘৰৰ পৰিচালনাৰ দায়িত্বত ৷ নন্দিনী আৰু শিখাই কইনাৰ ছাপৰ্ট চিষ্টেমৰ দায়িত্বত থাকিল!

গাঁৱৰ বিয়া, নিশালৈ মানুহ কমি আহিল ৷ দৰা আদৰাৰ প্ৰস্তুতি আৰম্ভ হ’ল৷ কইনাক আকৌ নতুনকৈ সজাবলৈ লৈ আয়তীসকলে জাক জাক নামেৰে উপচাই পেলালে ৷ দিনটোৰ দৌৰাদৌৰিৰ পিছত নন্দিনীহঁতেও অকণমান আহৰি পালে ৷ গোটেইকেইটাই বাহিৰত বহিলহি৷ পুৰণি কথাবোৰকে ওলাল৷ তেনেতে কথা-প্ৰসংগত প্ৰাণজিতে ক’লে,

"ঐ, পৰাগৰ কি হ’লহে? এতিয়ালৈকে দেখাদেখি নাই যে!"

"সি চাগৈ বেংকৰ ফাইলৰ মাজত মূৰ গুঁজি আছে এতিয়াও ৷ বেংকত সোমোৱাৰে পৰা সি অতিপাত ব্যস্ত পৰিছে অ’ ৷"-শিখাই ক’লে ৷

"এহ, যিমান কাম হ’লেও ইয়াতে থাকিও ৰীমাৰ বিয়ালৈ নাহিব নেকি আৰু সি! ৰ, মই ফোন কৰোঁ, সি যিহে, পাহৰিবও পাৰে!"

অৰ্ণৱে ফোন কৰিলে৷ পৰাগ বেংকৰ পৰা আহি ঘৰ সোমাইছিলহে হেনো৷ তাৰ দহমিনিট পিছত সি বিয়াঘৰত হাজিৰ! আহিয়ে ক’লেহি,

"ভাল ফোন কৰিলি দেই! মই তাৰিখটো একেবাৰে পাহৰিছিলোঁ৷" ক্লান্ত মুখখনত হাঁহি বিৰিঙাই সি ক’লে৷

"হ’ব দে, একো নহয়৷ বিবাহিত মানুহৰ সেইটো এনেও প্ৰধান লক্ষণ"- অৰ্ণৱে খোঁচ এটা মাৰিলে৷

আটাইকেইটাৰ লগতে পৰাগেও খোলাকৈ হাঁহি পেলালে৷

এইবাৰ আড্ডা ভালকৈ জমি উঠিল৷ ইমান দিনৰ চেগা-চোৰোকা যোগাযোগৰ মাজত ৰৈ যোৱা সুখ-দুখৰ কথাবোৰ, হাঁহিবোৰ বাধাহীন জুৰি হৈ বৈ আহিল যেন! মাজতে এবাৰ সুবিধা পাই নন্দিনীয়ে প্ৰাণজিতক সুধি পেলালে,

"ঐ, কথা এটা ক’চোন৷ তই যে কলেজৰ শেষৰ দিনবোৰত আমিবোৰ এৰাএৰি হৈ পৰিম, নিজৰ নিজৰ জীৱনত হেৰাই যাম বুলি ইমান ট্ৰেজেদি ফালিছিলি, মনত আছে?"

"এহ, এইবোৰ বেছিভাগ সঁচা বন্ধুত্ব কি নুবুজা বা ভুল বুজা মানুহৰ কথা-কাণ্ড দেখি-শুনি মনলৈ অহা ভয় আছিল জান’ ৷ "

"এতিয়া তেন্তে নাভাব তেনেকৈ?”

"সময়ৰ আঁচোৰ নপৰাটোৱে সঁচা বন্ধুত্ব অ’৷ আমিচোন চবেই সেইখন দেওনা পাৰ কৰি আহিলো ৷ এতিয়া ভালকৈয়ে জানো, আমিবোৰ য’তেই নাথাকো, যিমান দিনৰ মূৰতেই লগ নাপাওঁ কিয়-আমি এনেকৈয়ে থাকি যাম, কলেজীয়া মনবোৰ লৈ!"

নন্দিনীয়ে একো নক’লে৷ প্ৰথমবাৰৰ কাৰণে প্ৰাণজিতৰ লগত তৰ্ক কৰিবলৈ তাইৰ একো শব্দ নাছিল৷ সিফালে বিয়াৰ উৰুলি ভাঁহি আহিল৷ দৰা অহাৰ সময় হ’ল-ৰীমাক উলিয়াই দিবৰ হ’ল
( লী পৰিয়ালৰ হাতত)


1 comment: