Saturday 24 July 2021

নিৰৱধি

’দেউতা, শুই উঠিলানে? বাহিৰলৈ ওলাই এবাৰ চোৱাচোন৷’

পুৱাতে ফোনত মিলিৰ এই আব্দাৰটো শুনি পদ্মকান্ত বৰুৱা অলপ আচৰিত হ’ল৷ চিৰাচৰিত নিয়ম অনুসৰি তেওঁ শুই উঠি চাহ একাপ কৰি লৈছিলহে৷ পত্নী তুলু তেতিয়াও বিছনাতে৷ তেওঁ বিছনা এৰালৈ পদ্মকান্ত বৰুৱাই গা ধোৱা ঘৰত গিজাৰৰ চুইচটো অন কৰে আৰু পাকঘৰত সৰহকৈ আদা দিয়া ফিকা চাহ দুকাপ সাজু কৰে ৷ তাৰপিছত নিজৰ চাহকাপ আৰু দিনটোৰ বাতৰি কাকতখন লৈ পদ্মকান্তই বেলকনিৰ চকীখনত বহেহি৷ তেওঁ চাহত কেইশোহামান মাৰে মানে ইতিমধ্যে গৰম হোৱা পানীৰে গা পা ধুই আহি তুলুও বহেহি৷ চাহকাপ অলপ কুহুমীয়াকৈহে খোৱাৰ অভ্যাস তুলুৰ৷ বাতৰি কাকত পঢ়াৰ মাজে মাজে দুয়ো ইটো সিটো কথা পাতে৷ অন্যথা দুয়ো প্ৰায় নীৰৱেই উপভোগ কৰে পুৱাৰ এইখিনি সময়৷ এয়া বেছ কিছুবছৰ ধৰি চলি অহা তেওঁলোকৰ নিত্য নৈমিত্তিক ৰুটিন৷

পিছে আজিৰ দিনটো এটা বিশেষ দিন! পদ্মকান্ত আৰু তুলু দুয়ো হয়তো আশা কৰিয়ে আছিল মিলি, প্ৰদীপ আৰু দিলীপ সকলোৰে ফোনৰ বাবে৷ গতিকে মিলিৰ এই দোকমোকালি পুৱাৰ আব্দাৰটোও আজিৰ বিশেষ দিনটোৰে এটা অংশ বুলি পদ্মকান্তই বুজি পালে৷ মিঠা হাঁহি এটাৰে তেওঁ ফোনটো কাণত লৈয়ে বেলকনিখনলৈ ওলাই আহিল৷ ইতিমধ্যে বিছনা এৰি উঠি অহা তুলুক চকুৰ ইংগিততে ক’লে,

’তোমাৰ চাহকাপ পাকঘৰতে সজাই থৈ আহিছো ৷’

’সম্প্ৰাপ্তি ভিলা’ৰ চতুৰ্থ মহলাত পদ্মকান্ত আৰু তুলু বৰুৱাৰ এপাৰ্টমেন্টৰ এই সৰু বেলকনিখন৷ বেলকনিৰ সোঁমাজতে এখন টেবুল৷ চাহগছৰ অকোঁৱা পকোৱা ঠানিৰ খুঁটিয়ে তুলি ধৰা কাঁচৰ ঘুৰণীয়া টেবুলখন খুউব ডাঙৰো নহয়, সৰুও নহয়৷ টেবুলখনৰ আকাৰটো এই সৰু বেলকনিৰ ঠাইখিনিৰ লগত খাপখোৱাকৈ কৰা যেন৷ বন্ধু মহেশে তেওঁৰ চাহ বাগানৰ নিপুণ শিল্পীৰ হতুৱাই কৰোৱা এই টেবুলখন পদ্মকান্ত আৰু তুলুৰ বিয়াত উপহাৰ দিছিল৷ টেবুলখনৰ দুকাষে দুখন আৰামী চকী৷ তাৰ বাহিৰে সমগ্ৰ বেলকনিখন ভৰি আছে সৰু-ডাঙৰ টাবেৰে৷ টাববোৰত ঠন ধৰি উঠিছে পদ্মকান্ত আৰু তুলুৰ ফুল আৰু শাকনিৰ বাঁৰী এখন- এই কংক্ৰিটৰ অৰণ্যত তেওঁলোকে বৰ হেঁপাহেৰে গঢ়ি তোলা এখিনি সেউজীয়া৷

তেওঁলোকৰ বেলকনিখন অট্টালিকাটোৰ মূল প্ৰবেশদ্বাৰৰ মুখে মুখে নাথাকিলেও বাওঁফালৰ চুকটোৰ পৰা সেই গেইটখন আৰু তাৰ সিপাৰৰ বাটটোৰ কিছু অংশ স্পষ্টকৈ দেখা পায়৷ এতিয়া সেই চুকটোৰ টাববোৰৰ সুৰুঙাৰে গৈ ইন্দ্ৰমালতী আৰু পেন্সি ফুলৰ ডাঙৰ টাব দুটাৰ কাষত থিয় দি পদ্মকান্তই গেইটখনলৈ চাই পঠিয়ালে৷

কলা বিশাল গেইটখনৰ ঠিক বাহিৰতে মিলি আৰু সঞ্জীৱ সিহঁতৰ ৰঙা হোণ্ডা চিটি গাড়ীখনৰ কাষত থিয় দি আছে! ছবছৰীয়া নাতি মুকুলে গাড়ীৰ হুদত বহি লৈ দাঙি ধৰিছে তিনিটামান ৰঙা-বগা বেলুন৷ সিহঁতৰ চকুৱে চকুৱে পৰাত পদ্মকান্তই হাঁহি পেলালে৷ ইতিমধ্যে তুলুও চাহকাপ লৈ বেলকনি পাইছেহি৷

মিলি আৰু সঞ্জীৱ দুয়োয়ে তেওঁলোকলৈ চাই হাত জোকাৰিলে৷ ফোনতে দুয়ো একেলগে ক’লে,

’হেপ্পী এনিভাৰ্ছেৰী মা-দেউতা! আজি সন্ধিয়া ভালকৈ সাজি পাৰি ওলাই থাকিবা দেই৷ পৰিয়ালৰ গোটেইবোৰ স্কাইপত আহিব৷’

লগে লগে মুকুলৰো উলাস ভৰা মাত, ’হেপ্পী এনিভাৰ্ছেৰী ককা-আইতা’! দূৰৈৰ পৰাই সি বেলুনকেইটা জোকাৰি দেখুৱালে৷

পদ্মকান্ত আৰু তুলুয়ে হাত জোকাৰিলে সিহঁতলৈ চাই৷ ফোনতে তুলুয়ে ক’লে,

’ইমান ৰাতিপুৱাই সাজু হৈ গোটেইকেইটা ওলাইছাহি! ঘৰলৈকে আহা বুলিও যে ক’ব নোৱাৰোঁ!’

ক’ভিডৰ লকডাউনৰ বাবে বাংগালোৰৰ এই বয়োজ্যেষ্ঠ আৱাসত আৱাসীসকলৰ বাহিৰে অন্যৰ প্ৰবেশ নিষেধ৷ নিজৰে জী-জোৱাই আৰু নাতিটো এই বিশেষ দিনটোত ইমান ওচৰত থাকিও ইমান দূৰৈত বুলি তুলুৰ মনটো যেন সেমেকিব খুজিলে৷ এনেতে তেওঁ কান্ধত অনুভৱ কৰিলে পদ্মকান্তৰ হাতৰ স্পৰ্শ৷

’কি কৰিবা, উপায়তো নাই! পৃথিৱী খনেইতো ৰৈ গৈছে! পৰিয়ালৰ সকলোবোৰ যে নিৰাপদে আছে, আমি যে ভালে আছোঁ, সেয়াই বৰ ডাঙৰ কথা দিয়াচোন৷’

তুলুয়ে একো নকৈ মূৰ দুপিয়ালে মাথোঁ৷ মিলিহঁতৰ গাড়ীখন তেওঁলোকৰ চকুৰ আঁৰ হৈছে ইতিমধ্যে৷ দুয়ো আহি বেলকনিতে চকীত বহিলহি৷ তুলুৰ মুখৰ পৰা হতাশাৰ ছাঁ তেতিয়াও আঁতৰা নেদেখি পদ্মকান্তই মনতে যেন ঠিক কৰিলে, অন্তত: আজিৰ দিনটোত তেওঁ তুলুক আমন-জীমনকৈ থাকিবলৈ দিব নোৱাৰে৷ চাহকাপত শোহা এটা মাৰি লৈ তেওঁ উৎসাহেৰে ক’লে,

’এতিয়া টেকন’লজিয়ে মূল ভৰসা বুজিছা৷ এই নতুন অচিনাকি পৃথিৱীখনত জীৱনটো চলাই নিবলৈ আমি শিকিব লাগিব- খা-খৱৰ ল’বলৈ দিবলৈ নতুন উপায়বোৰো আপোন কৰিব পাৰিব লাগিব৷ ভিডিঅ’ কল এটা কৰিয়ে সকলোকে মুহুৰ্ত্ততে দেখা পাইছোঁ- কথা পাতিব পাৰিছোঁ, সেয়া জানো সাংঘাতিক কথা নহয়?’

তুলুয়ে এইবাৰ অলপকৈ হাঁহি ক’লে,

’তুমি জানাই দেখোন, মই এতিয়াও পুৰণি ধৰণবোৰৰ মায়া এৰিব পৰা নাই৷ ভিডিঅ’ কলৰ সলনি মুখামুখিকৈ কথা পতা, ফোন বা কীবৰ্ডত হাত ফুৰাই থকাতকৈ চিঠিৰ দুশাৰী কথাই দিয়া মাদকতাখিনিৰ কাৰণেহে হেঁপাহ কৰি থাকোঁ৷’

পদ্মকান্ত কিছুপৰ নীৰৱে ৰ’ল৷ তেওঁৰ মনত পৰিল, সৌ তাহানিতে তুলুৰ চিঠিয়ে আনি দিয়া হৃদয়ৰ কঁপনিবোৰ, আবেগৰ উখল-মাখল ঢৌবোৰ! সঁচাই, ইমান বছৰৰ পিছতো সেই সোঁৱৰণিয়ে তেওঁৰ দেহ-মনত এতিয়াও শিহৰণ আনি দিব পাৰে, সাতোৰঙী পখিলা উৰুৱাব পাৰে ৷ তথাপিও তুলুক বুজনি দিয়াৰ সুৰতে তেওঁ ক’লে,

’জানো৷ কিন্তু এতিয়াতো উপায় নাই৷ আমাৰ হাতত থকা উপায়বোৰকে আপোন কৰি লোৱাৰ বাহিৰে কি কৰিব পাৰোঁ কোৱাচোন! এই সংকটৰ সময়ত অন্তত: আমি দুয়ো ইটো সিটোৰ ছাঁ হৈ ৰ’ব পাৰিছোঁ৷’

তুলুৰ মুখত এইবাৰ মধুৰ হাঁহি এটা বিৰিঙিল৷ তেওঁ কৈ উঠিল,

’এতিয়াহে নে! আজি ছল্লিশটা বছৰেতো আমি তেনেকৈয়ে আছোঁ৷’

বৰুৱাই সেই মধুৰ হাঁহিটোলৈ চাই ৰ’ল৷ চাই চাই কিছু অন্যমনস্ক হৈ পৰিল তেওঁ৷ ইমান মনোৰম, ইমান শান্ত-সমাহিত তুলুৰ সেই দৃষ্টি, সেই হাঁহি৷ যোৱা চাৰিটা দশকত তেওঁলোকৰ জীৱন আকাশে যে কতবাৰ ৰূপ সলাইছে, কত ৰ’দ-বৰষুণ-ধুমুহাই খেলা কৰি গৈছে এই যুগ্ম জীৱনত! কিন্তু সেই সকলোবোৰৰ মাজত এক অনাবিল প্ৰশান্তিৰ ছায়া হৈ ৰৈছে তুলুৰ এই দৃষ্টি আৰু এই মৌসনা মিচিকিয়া হাঁহি!

সিদিনা সন্ধিয়া ঠিক সাত বজাত দুয়ো লেপটপৰ সন্মুখত বহিল৷ ক্ষন্তেকতে স্ক্ৰীণত ভাঁহি আহিল মিলিৰ হাঁহিভৰা মুখ৷

’তোমালোক দুয়োকে বৰ ভাল দেখাইছে দেই৷’

তাইৰ কথাত পদ্মকান্ত আৰু তুলু দুয়োৰে মুখ দুখন যেন ৰামধেনুৰ ৰঙেৰে ৰাঙলী হৈ উঠিব খুজিলে৷ তুলুৰ দেহত নীলা পাটৰ কাপোৰ এযোৰ৷ নীলাৰ মাজত সোণালী সৰু সৰু ফুল৷ তেওঁৰ কাষতে বহি পৰা পদ্মকান্তৰ শুধ বগা পাটৰ পাঞ্জাৱীটোৱে যেন ব্যাকুল হৈ বিচাৰিলে সেই ৰঙৰ উৎসৱ! শেষবাৰ মাজু ল’ৰা প্ৰদীপৰ বিয়াতে দুয়ো এই সাঁজেৰে অতিথি আদৰিছিল৷ তাৰপিছত যোৱা দুবছৰে যেন তেনেদৰে সাঁজোন কাঁচোন কৰাৰ অৱকাশেই নোলাল! জীৱনৰ ৰংবোৰ দৈনন্দিন ব্যস্ততাৰ অজুহাতত এনেকৈয়ে অজনিতে হেৰাই যায় নেকি বাৰু, পদ্মকান্তই মনতে ভাৱিলে৷

স্কাইপৰ একোণৰ পৰা ভাঁহি অহা প্ৰদীপ আৰু এমিৰ দ্বৈত কন্ঠই দুয়োকে বাস্তৱলৈ উভোতাই আনিলে৷ সুদুৰ কেলিফৰ্ণিয়াত তেতিয়া ৰাতি পুৱাইছে মাথোঁ৷ এমিয়ে এমোকোৰা হাঁহিৰে আঙুলীয়াই দেখুৱালে সিহঁতৰ বহা কোঠাৰ বেঁৰাত আঁৰি থোৱা নীলা আৰু বগা বেলুনৰ থোপাটো- তাৰ কাষতে সোণালী আখৰকেইটা ’হেপ্পী এনিভাৰ্ছেৰী৷’

কিছুসময়ৰ ভিতৰতে স্কাইপৰ স্ক্ৰীণখন আপোন মানুহবোৰৰ প্ৰতিচ্ছৱিৰে ভৰি পৰিল৷ তেজপুৰৰ পৰা ডাঙৰ ল’ৰা দিলীপ, পত্নী মাধুৰী, দিল্লীৰ পৰা দিলীপ আৰু মাধুৰীৰ ছোৱালী পৰী, গুৱাহাটীৰ পৰা পৰীৰ ককায়েক ধ্ৰুৱৰ পৰিয়াল৷

সকলোকে একেলগে দেখি পদ্মকান্ত কিছু আবেগিক হৈ পৰিল যেন৷ অন্যসময়ত কাৰোৱাৰ মিলিলে অন্য কাৰোৱাৰ সময় বা আহৰি নোলায়৷ এতিয়া অন্তত: মিলিৰ উৎসাহতে স্কাইপত সকলো লগ হৈছেহি৷ প্ৰদীপৰ বিয়াতে হয়তো গোটেই পৰিয়ালটো শেষৰবাৰ এনেকৈ একেলগ হৈছিল৷ তেজপুৰৰ মূলঘৰ উখল মাখল হৈ পৰিছিল৷ তাৰপিছতে মানুহবোৰ যেন দিহিঙে দিপাঙে হেৰাই গৈছিল৷ প্ৰদীপ আৰু এমি গুচি গৈছিল সুদুৰ কেলিফৰ্ণিয়াৰ কৰ্মক্ষেত্ৰলৈ৷ পদ্মকান্ত আৰু তুলুয়ে তেজপুৰৰ মূল ঘৰ ডাঙৰ ল’ৰা দিলীপ আৰু বোৱাৰী মাধুৰীক চমজাই গুচি আহিছিল বাংগালোৰৰ এই বয়োজ্যেষ্ঠ আৱাসলৈ৷

’মা-দেউতা, তোমালোক এই বয়সত ইমান দূৰৈত কিয় থাকাগৈনো? অৱসৰৰ পিছত ইয়াতে সকলোৰে মাজত থাকি আৰাম কৰিব পাৰা৷’ তেওঁলোক বাংগালোৰলৈ যোৱাৰ সকলো যা-যোগাৰ হৈ উঠাৰ পিছতো দিলীপে ক্ষীণ আশা এটা লৈয়ে দেউতাক পদ্মকান্তক কৈছিল৷

পিছে পদ্মকান্ত আৰু তুলুৱে ইতিমধ্যে সিদ্ধান্ত লৈ পেলাইছিল৷ জীৱনৰ শেষ দিনটোলৈকে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ স্বাধীন চিতীয়াকৈ থাকিব খোজে তেওঁলোকে৷ দুয়ো বাংগালোৰত বহু বছৰ চাকৰি কৰিলে৷ কেইবাবছৰ ধৰি সামাজিক প্ৰতিষ্ঠানৰ সৈতে মিলি দুয়ো উত্তৰ-পূবৰ পৰা প্ৰব্ৰজন কৰা ডেকা-গাভৰুক সংস্থাপনৰ বাবে কাম কৰি আহিছে৷ দেহ-মনে টনালৈকে দুয়ো সেইখিনি কামকে কৰি যাব খোজে৷ বাংগালোৰত জী-জোৱাই মিলি আৰু সঞ্জীৱৰো সংসাৰ৷ গতিকে সিহঁতৰ পৰা অলপ দূৰৈতে এই সম্প্ৰীতি বয়োজ্যেষ্ঠ আৱাসত এপাৰ্টমেন্ট এটা ঠিক কৰি পেলাইছিল দুয়ো৷ এই বয়োজ্যেষ্ঠ আৱাস অন্য যিকোনো সাধাৰণ এপাৰ্টমেন্টৰ দৰেই, কিন্তু প্ৰয়োজন হ’লেই পোৱাকৈ স্বাস্থ্য পৰীক্ষাৰ সুবিধা আৰু অন্য ইটো সিটো কামৰ বাবে লাগ বুলিলেই সহায় পোৱা যায়৷ লগতে ৰুচি অনুযায়ী বয়স্ক লোকৰ কেইবাটাও সক্ৰিয় ক্লাব৷ পদ্মকান্তৰ সৈতে একেসময়তে অৱসৰ লোৱা সহকৰ্মী ৰংগনাথনৰ এইবোৰ কথাই দুয়োকে পতিয়ন নিয়াইছিল৷

মিলিয়ে সদায়ে উৎসৱ-পাৰ্বনত আগভাগ লয়৷ গহীন-গম্ভীৰ স্বভাৱৰ দুয়োটা ককায়েকৰ সম্পূৰ্ণ বিপৰীত যেন তাই! য’তেই নাথাকক তাইৰ স্ফূৰ্ত্তিবাজ স্বভাৱটোৰে পৰিৱেশটো গমগমাই ৰাখে মিলিয়ে৷ আজিও কুশল বাৰ্ত্তা বিনিময়ৰ লগে লগে স্বাভাৱিকভাৱেই আৰম্ভ হোৱা লকডাউনৰ সেমেকা আলোচনাৰ মাজত তায়ে হস্তক্ষেপ কৰিলেহি,

’আজি মা-দেউতাৰ এনিভাৰ্ছেৰীৰ দিনা অন্তত: সেইবোৰ নাপাতো দিয়াচোন৷ ক’ভিড আৰম্ভ হোৱাৰ পৰা সেইবোৰকে দিনে-ৰাতিয়ে পাতিছোঁ৷ আজিৰ দিনটোত বাদ দিয়া সেইবোৰ৷’

দিলীপ আৰু প্ৰদীপেও সঁহাৰি দিলে৷ কিমান পাতিব, কিমান পঢ়িব ক’ভিডৰ কথা! পাতি পাতি জানো কিবা সমাধান উলিয়াব পাৰিব৷ সকলোৱে কৰিব পৰা এটাই আছে, নিজকে আৰু নিজৰ আপোনজনক বচাই ৰখা- যিমান পাৰি সাৱধান হৈ, শৰীৰটোৰ যত্ন লৈ৷

মিলিৰ আগতীয়া পৰিকল্পনা মতেই প্ৰত্যেকেই কেক এটুকুৰা মুখত ল’লে৷ মাক তুলুৱে কৰা গাজৰৰ কেকৰ ৰেচিপি লৈ সকলোৱে নিজৰ নিজৰ ঘৰতে কৰা কেক৷ তাকে দেখি তুলুৰ বুকুখন ভৰি পৰিল-মাতৃত্বৰ আবেগেৰে, এবুকু মৰমেৰে৷

দিলীপে ক’লে,
’চোৱাচোন৷ আজিৰ পৰা ছল্লিছ বছৰৰ আগতে তোমালোকে বিয়া পতাৰ সিদ্ধান্ত লোৱাৰ পৰাই ঠালে-ঠেঙুলীয়ে আজি আমি কিমানবোৰ হ’লোহি!’

’পুলিয়ে-পোখায়ে!’ কৈয়ে ধ্ৰুৱই তাৰ কোলাত বহি কেমেৰালৈ তধা লাগি চাই থকা এবছৰীয়া আজো নাতি ৰুণালৈ দেখুৱাই হাঁহিলে৷ তাৰ লগতে সুৰত সুৰ মিলাই মিলি আৰু সঞ্জীৱে কোলালৈ আনি কেমেৰাৰ সন্মুখত দেখুৱালে মুকুলক৷

সঁচাকৈ! জীৱনৰ এনে একোটা সিদ্ধান্তই যেন বহুতৰ অজানিতেই চিৰ যুগমীয়া বাট এটা মুকলি কৰি থৈ যায়৷ দুটা সত্বা এক হৈ জীৱনৰ বাটত একেলগে খোজ দিয়াৰ সিদ্ধান্ত কৰাৰ পৰাই কেনে এক নতুন আৰম্ভণিৰ সূত্ৰপাত হ’ল৷ আজীৱন মৰম আৰু আপোনত্বৰ বান্ধোনেৰে সাৰ-পানী যোগাই তেওঁলোকেইতো প্ৰতিপালন কৰিলে এই কেইবাটও প্ৰজন্মৰ জীৱন-বৃক্ষ!

পৰীয়ে ধেমেলীয়া সুৰেৰে ক’লে,

’ককা-আইতা, কোৱাচোন অতবছৰৰ সুখী যুগ্ম জীৱনৰ ৰহস্যটোনো কি? আমিবোৰেও জনাৰ দৰকাৰ!’

পৰীৰ বিয়া ঠিক হৈছে তাইৰ লগতে দিল্লীৰ ল’ ফাৰ্ম এখনত একেলগে চাকৰি কৰা সুধীৰৰ সৈতে৷ সেইবাবেই হয়তো ককাক-আইতাকৰ সৈতে এটা বিশাল প্ৰজন্মৰ ব্যৱধান দেও দি হ’লেও তাই জানিব খুঁজিলে, কি সেই যাদুস্পৰ্শ যি দুজন ভিন্ন ব্যক্তিৰ জীৱনৰ বাট এক কৰিব পাৰে, সকলো ধুমুহা-বৰষুণ দেও দি আজীৱন বান্ধি ৰাখিব পাৰে নিবিড়তাৰ বান্ধোনেৰে৷

পদ্মকান্ত আৰু তুলু দুয়ো মিঠা হাঁহি এটাৰে পৰস্পৰে পৰস্পৰলৈ চালে৷ চাৎকৈ যেন তেওঁলোকৰ দুয়োৰে মনৰ পৰ্দাইদি খৰ গতিৰে চলি গ’ল কেমেৰাৰ ৰীল এটা! কি এক অপৰূপ যাত্ৰা এয়া! এই যাত্ৰাক জানো শব্দৰে বীজগণিতৰ এটা সমীকৰণত পৰিণত কৰিব পাৰি? ক’ব পাৰিনে যে বাওঁপক্ষৰ ৰাশিত দুটামান চলকৰ নিৰ্দিষ্ট পৰিমাণ কিছুমানে নিশ্চিত কৰি দিব সোঁপক্ষৰ ৰাশিত ৰৈ থকা সুখী সংসাৰ এখনৰ আশা এটা?

অন্য দিনাৰ দৰেই তুলুৰ মুখখনতে তেওঁৰ অনুভৱৰ ঢৌবোৰ যেন পদ্মকান্তই নিমিষতে পঢ়ি পেলালে৷ কান্ধত পদ্মকান্তৰ হাতৰ কোমল স্পৰ্শতে তুলুয়ে বুজি পালে, তুলুৰ দৰেই তেৱোঁ ভাৱে এই যুগ্ম জীৱন এক যাত্ৰা- এয়া কোনো সম্পৰ্কৰ অন্তিম লক্ষ্য নহয়৷ জীৱনৰ কেঁকুৰিবোৰ, ধুমুহা-বৰষুণ সকলো পাৰ কৰি এই যাত্ৰা অবিৰত আৰু উপভোগ্য কৰিব পাৰে মাথোঁ পাৰস্পৰিক সন্মান, বিশ্বাস আৰু বুজাবুজিয়ে৷ কিন্তু এয়া প্ৰত্যেকৰে নিজস্ব এক যাত্ৰাৰ, নিজস্ব অভিজ্ঞতাৰ উপলব্ধি- অন্য কাৰো সৈতে তুলনা কৰিব নোৱাৰা এক সমান্তৰাল অদ্বিতীয় যাত্ৰাৰ উপলব্ধি৷ পৰীয়েও এদিন নিজেই সেয়া যাত্ৰাৰ বিভিন্ন পৰ্য্যায়ত এটুকুৰা দুটুকুৰাকৈ সেই সাঁথৰৰ সমিধান উলিয়াব -নিজেই উপলব্ধি কৰিব কিহে ধৰি ৰাখে দুটা সম্পূৰ্ণ স্বকীয় সত্বাক আপোনত্বৰ বান্ধোনেৰে৷

সেয়ে পদ্মকান্তই হাঁহি হাঁহি ক’লে,

’মোৰ ফালৰ পৰা তিনিটা উপদেশ দিব পাৰোঁ, প্ৰথম, সদায়ে সহধৰ্মিনীক ৰাতিপুৱাৰ চাহ কাপ দিবা৷ নেভাৰ টেক এনিথিং ফৰ গ্ৰান্টেড! দ্বিতীয়, নিশা বিছনালৈ কেতিয়াও ইজনে সিজনৰ প্ৰতি খং-ক্ষোভ-অভিমান লৈ নাযাবা- যি মনত আছে সকলো পাতি মুকলি মনৰেহে বিছনাত পৰিবা৷’

’আৰু তিনি নম্বৰ উপদেশটো?’- ধ্ৰুৱই মাত লগালে৷

’এইটো মূল আৰু তোমালোক সকলোৱে আগতে শুনিছাই কিজানি- ঘৰৰ গৃহিণী সদায়ে সকলো কথাতে শুদ্ধ!’

লগে লগে সকলোৰে সন্মিলিত হাঁহিত স্কাইপ উথলি উঠিল৷

সিদিনা সেই হাঁহি-ধেমালিৰ মাজত কোনেও ভৱা নাছিল কি এক কাল ধুমুহা নামি আহিব পৰিয়ালটোলৈ আৰু কেনিবা হেৰাই যাব সেই হাঁহিবোৰ!

তাৰ এমাহ নহৌতেই এনিশা মাধুৰীৰ ফোন৷ উচুপনিৰ মাজে মাজে ওলোৱা শব্দ কেইটাৰ পৰা পদ্মকান্ত আৰু তুলুৱে গম পালে, দিলীপৰ ক’ভিড পজিটিভ, গুৱাহাটীত আই চি ইউত ভৰ্ত্তি হৈছে৷ সেই এটা সপ্তাহতে এটা এটাকৈ অশুভ বাতৰিবোৰে যেন লানি লগালে৷ বাৰে বাৰে বাজি উঠা ফোনৰ শব্দত প্ৰত্যেকৰে হৃদয়বোৰ দুশ্চিন্তা-আশংকাৰে কঁপি উঠিল৷ দুদিনতে দিলীপৰ অক্সিজেনৰ মাত্ৰা বিপদজনকভাৱে কমি যোৱাত কৃত্ৰিমভাৱে অক্সিজেন যোগান ধৰিব লগা হ’ল৷ সুস্থ সবল দিলীপকে এসপ্তাহতে জুৰুলা কৰি পেলালে সেই ক্ষুদ্ৰাতিক্ষুদ্ৰ ভাইৰাছৰ আক্ৰমণে৷ দহদিনৰ অন্তত এৰাতি মাজনিশা মাধুৰীৰ হিয়াভঙা কান্দোনে ফোনৰ ইপাৰে প্ৰত্যেকেৰে হৃদয়বোৰ ছিন্নবিছিন্ন কৰি গ’ল৷ তেওঁলোকৰ বৰপুত্ৰ দিলীপ হেৰাই গ’ল চিৰদিনলৈ৷ পদ্মকান্ত আৰু তুলুৰ হৃদয়ৰ একাংশ যেন গোট মাৰি শিল হৈ গ’ল সেইমুহুৰ্ত্ততে৷

অসমৰ কঠোৰ কাৰ্ফিউৰ মাজত দিলীপৰ শ্ৰাদ্ধ পতাৰো সুৰুঙা নাথাকিল৷ পৰী আৰু ধ্ৰুৱ কোনোমতেহে ঘৰ ওলালগৈ মাকৰ কাষত থিয় দিবলৈ, দেউতাকক শেষবাৰৰ বাবে বিদায় জনাবলৈ৷ ভাগ্যক্ৰমে মাধুৰীৰ নিগেটিভ আহিল৷ পদ্মকান্ত আৰু তুলু শোকত ম্ৰিয়মাণ হৈ বাংগালোৰতে ৰ’ল৷ বয়সৰ বাবে দুয়োৰে দেহৰ প্ৰতিৰোধ ব্যৱস্থা দুৰ্বল হোৱাত কাৰো সংস্পৰ্শলৈ আহি বিপদাশঙ্কা বঢ়াব নোৱাৰিলে৷

এমাহ পাৰ হৈ গ’ল৷ কিন্তু সময় যেন স্থিৰ হৈ গ’ল বাংগালোৰৰ বয়োজ্যেষ্ঠ আৱাসত আবদ্ধ পদ্মকান্ত আৰু তুলুৰ বাবে৷ দুয়ো মাথোঁ সকলোৰে পৰা বিছিন্ন হৈ নীৰৱে অপেক্ষা কৰিলে দিলীপবিহীন পৃথিৱীখন বাস্তৱ বুলি হৃদয়ে মানি লোৱালৈ, এই মৰ্মান্তিক আঘাত সহনীয় হোৱালৈ৷

এদিন মিলিয়ে জোৰ কৰি মাক-দেউতাকক আগৰদৰে বেলকনিলৈকে মাতিলে আকৌ৷ বহুদিনৰ মূৰত পুৱাৰ ৰ’দজাকৰ মুখামুখি হ’ল যেন তুলু আৰু পদ্মকান্ত৷ গেইটৰ মুখৰ পৰাই তেওঁলোকলৈ হাত জোকাৰি জোকাৰি মিলিয়ে কান্দি পেলালে৷ পদ্মকান্ত আৰু তুলুয়ে কোনোমতে সামৰি ৰাখিলে পাৰ ভঙা চকুলোৰ বান৷ মিলি আৰু সঞ্জীৱ উভতি যোৱাৰ পিছতো বহুপৰ পদ্মকান্ত আৰু তুলু থিয় দি ৰ’ল বেলকনিতে৷ এটা সময়ত পদ্মকান্ত ভিতৰ সোমাল কিন্তু তুলু আহি বহি পৰিল ঘুৰণীয়া টেবুলখনৰ কাষত তেওঁৰ চকীখনত৷ যত্নৰ অভাৱত লেৰেলি মৰহি যোৱা বাগানখনলৈ তেওঁ অপলক নেত্ৰে চাই ৰ’ল৷

’তোমাৰ চাহ!’

পদ্মকান্তৰ মাতে তেওঁৰ তন্ময়তা ভাঙিলে৷ তেওঁৰ হাতৰ পৰা চাহকাপ লৈ তুলু যেন মূক হৈ পৰিল- দিলীপ হেৰাই যোৱাৰ পিছত এই প্ৰথমবাৰ তেওঁক যেন এটা স্বস্তিয়ে লগ দিলে৷ গতানুগতিক জীৱনৰ ৰেঙণিয়ে আনি দিয়া স্বস্তি৷ বহুদিনৰ মূৰত দুয়ো পৰস্পৰে পৰস্পৰৰ দুচকুলৈ চালে৷ পদ্মকান্ত আহি তুলুৰ কাষৰ চকীখনত বহি পৰিল আৰু আগৰদৰেই একো নোকোৱাকৈয়ে বহু কথা হৈ গ’ল দুয়োৰে মাজত৷

সেইদিনাৰে পৰা পুৱাতে দুয়ো প্ৰায় জোৰ কৰিয়ে ওলাই আহি বেলকনিত আগৰদৰে বহিবলৈ ল’লে৷ একো কথা নাপাতিলেও, শোকত ডুবি থাকিলেও দুয়ো দুয়োৰে কাষত বহি ৰয়৷ কেতিয়াবা ইজনে সিজনৰ হাতত খামুচি ৰয় জোৰেৰে৷ পদ্মকান্তই আগতকৈ বহু নিষ্ঠাৰে আৰু আন্তৰিকতাৰে চাহ দুকাপ কৰিবলৈ ল’লে৷ যেন বছৰ বছৰ ধৰি চলি অহা তেওঁলোকৰ দৈনন্দিন ৰুটিনখনকে দুয়ো ডুবিব ধৰা মানুহে খেৰকুটাক সাবটি ধৰাৰ দৰে ধৰি ওলমি ৰ’ল৷ যেন এটা স্থিৰতা, এক নিশ্চিতি এই অস্থিৰ অপ্ৰত্যাশিত সমুদ্ৰত য’ত তেওঁলোকে নিৰ্ভৰ কৰিব পাৰে৷

এনেকৈয়ে এদিন চাহকাপ শেষ কৰিয়েই উঠি গৈ তুলুৱে অযত্নপালিত টাববোৰত হাত দিলেগৈ৷ বয়স গৰকা পাতবোৰ আঁতৰাই তেওঁ অৱহেলাত সুৰুঙা পাই গজি উঠা বনবোৰো উঘালি তুলসীজোপাক উশাহ ল’বলৈ বাট উলিয়াই দিলে৷ গছজোপা দেখি তেওঁৰো যেন উশাহটো অলপ মুকলি হৈ গ’ল৷ প্ৰতি দেওবাৰে মিলিও নিয়মীয়াকৈ আহিবলৈ ল’লে৷ গাড়ীখন গেইটৰ বাহিৰৰ সেই একেখন ঠাইতে ৰখাই লৈ তাই মাক-দেউতাকক মাত লগায়৷ মুকুল কিমান খৰকৈ ডাঙৰ হৈছে দেখুৱায়৷ কেতিয়াবা তেনেকৈয়ে কথা পাতি পাতি ফোনত কেতিয়া দুঘন্টাৰ ওপৰ পাৰ হৈ যায় তেওঁলোকে গম নাপায়৷

বাংগালোৰত লকডাউন সাময়িকভাৱে লাঘৱ কৰাৰ সময়তে এদিন তেওঁলোকলৈ ’সম্প্ৰাপ্তি ভিলা’ৰ ৰিচেপশ্যন ডেস্কৰ পৰা ফোন আহিল৷ ক’ভিডৰ সঞ্চাৰণ ৰোধাৰ সকলো বৰ্মৰে পৰিবেষ্টিত হৈ পদ্মকান্ত লিফটেৰে ৰিচেপশ্যন ডেস্ক পালেগৈ৷ আৰু উভতি অহাৰ পৰত লগতে লৈ আহিল এখন চাইকেল!

তুলুৱে তেওঁক দেখি আশ্চৰ্য্যচকিত হৈ ক’লে,
’চাইকেল? আপুনি এই বয়সত চাইকেল চলাব? পেডেল মাৰি মাৰি ক’ত চলাবগৈ এই সময়ত?’

’নাই এইখন ইলেকট্ৰিকহে, চাৰ্জ কৰিলেই হ’ল৷ পেডেল মৰাটো অপশ্যনেল বুজিছা৷ সেয়ে অনলাইন অফাৰ দেখি অৰ্ডাৰেই কৰি দিলো৷’ উৎসাহত পদ্মকান্তৰ দুচকু তিৰবিৰাই উঠিল৷

তেওঁক দেখি তুলুৰো হাঁহিটো বহল হৈ পৰিল৷ বহুদিনৰ মূৰত৷ পিছদিনাৰ পৰাই ৰাতিপুৱা চাহকাপ শেষ কৰি তুলুয়ে ফুলনিত লাগে মানে পদ্মকান্তই মাস্ক-গ্লভছ সকলো পিন্ধি লৈ চাইকেলত উঠেগৈ৷ মূল মহানগৰৰ পৰা কিছু আঁতৰত বাবে সেইখিনিত পুৱাতে গাড়ী-মটৰৰ বিশেষ ভিৰ নাই৷ এপাৰ্টমেন্টৰ কাষেৰে যোৱা ওখ হেলনীয়া বাটেৰে ইঞ্জিন আৰম্ভ নকৰাকৈ পদ্মকান্তই চাইকেলখন এৰি দিয়ে৷ চাইকেলৰ খৰ হৈ অহা গতিয়ে, গালে-মুখে স্পৰ্শ কৰা সতেজ বতাহছাটিয়ে তেওঁৰ দেহ-মন শিহৰিত কৰি আনে- শৰীৰত ৰৈ যোৱা শেষনিশাৰ টোপনিহীনতা, মনৰ আশংকা-হাহাঁকাৰ সকলো যেন উটুৱাই লৈ যায়৷

গতানুগতিক জীৱনতে নতুন ৰং সানি পদ্মকান্ত আৰু তুলুৱে যেন পুনৰ বাস্তৱক আকোঁৱালি লোৱাৰ চেষ্টাত মগ্ন হয়! এনেকৈয়ে দিলীপ হেৰাই যোৱাৰ তিনিমাহ পাৰ হৈ গ’ল৷ এনেতে এদিন গধুৰ কন্ঠ এটাৰে ফোনত মাধুৰীয়ে ক’লে,

’অসমত লক ডাউন কিছু খুলিছে৷ গতিকে সৰুকৈ হ’লেও পৰিয়ালৰ মানুহখিনিৰেই তেখেতৰ শ্ৰাদ্ধখন কৰিব খুজিছোঁ৷ আপোনালোক আহিব পাৰিবনে মা-দেউতা?’

নাযাবনে, নাযাবনে তেওঁলোকে বৰপুত্ৰক সমজুৱাকৈ বিদায় জনোৱাৰ এই সুযোগটোৰ বাবে? সেই আকস্মিক দুৰ্য্যোগে মানসিকভাৱে পিষ্ট কৰি পেলোৱা বোৱাৰী মাধুৰীৰ কাষত এপলক থিয় দিবলৈকে? সকলো সাৱধানতা লৈ হ’লেও বিমানত উঠিবলৈকে পদ্মকান্ত আৰু তুলু এইবাৰ সঁচাকৈয়ে সাজু হ’ল৷

Credit: Ivan Grozdanovski
পিছে বাস্তৱৰ কৰাঘাত যেন এতিয়াও বাকী আছিল তেওঁলোকৰ বাবে৷ কুটিল সময়ে মুহুৰ্ত্ততে পুনৰ ৰং সলালে৷ তেজপুৰলৈ যোৱাৰ মাথোঁ এসপ্তাহৰ আগত খৱৰ আহিল তেওঁলোকৰ এই সম্প্ৰাপ্তি ভিলাত কেনেবাকৈ ক’ভিডৰ প্ৰাদুৰ্ভাৱ আৰম্ভ হৈছে৷ এই বয়োজ্যেষ্ঠ আৱাসত সকলো লোকৰ বাবে আশংকা অনুভৱ কৰি সম্পূৰ্ণ কোৱাৰেনটিন কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷ লগে লগে আৰম্ভ হ’ল এক যুদ্ধকালীন প্ৰস্তুতি আৰু সতৰ্কতা৷ প্ৰতিটো এপাৰ্টমেন্টলৈ আহি নাৰ্ছে আৱাসীসকলৰ নিয়মিত স্বাস্থ্যপৰীক্ষা কৰিবলৈ ল’লে৷ আৰু অসমলৈ যোৱাৰ বাবে ঠিক কৰা তাৰিখৰ আগদিনা এনে এটা নিয়মিত পৰীক্ষাৰ পিছতে খৱৰ আহিল, তুলু ক’ভিড পজিটিভ!

পদ্মকান্তৰ বুকুখন চিৰিংকৈ গ’ল! অবিশ্বাস্য যেন ভাৱ হ’ল এই দুৰ্য্যোগৰ উপৰি দুৰ্য্যোগ! ইমান অসহায় যেন তেওঁ কেতিয়াও অনুভৱ কৰা নাছিল৷ মাথোঁ তিনিমাহৰ আগতে এই যুঁজত হাৰ মানি চিৰদিনলৈ হেৰাই যোৱা দিলীপৰ পিছত সত্তৰ বছৰীয়া তুলুৰ দৈহিক-মানসিক অৱস্থাই যেন আশাৰ শেষ সম্বলটোও কাঢ়ি নিব খুজিলে৷ মাকৰ আগত ধৈৰ্য্য ধৰিলেও মিলিয়েও দেউতাকৰ লগত কথা পাতোতে ফোনতে কান্দোনত ভাঙি পৰিল৷ ট্ৰাম্পৰ নেতৃত্ববিহীনতাত ক’ভিডে মাৰাত্মক ৰূপ লোৱা সুদূৰ কেলিফৰ্ণিয়াত আৱদ্ধ হৈ ছটফটাব ধৰিলে মাজুল’ৰা প্ৰদীপ আৰু বোৱাৰী এমিয়ে৷

পদ্মকান্তৰ স্বাস্থ্যৰ প্ৰতি আহি পৰা ভাবুকিলৈ লক্ষ্য ৰাখিয়ে সম্প্ৰাপ্তি ভিলাৰ পৰা সকলো ব্যৱস্থা লোৱা হ’ল তুলুক পৃথককৈ ৰাখি হস্পিটেলত চিকিৎসা কৰোৱাৰ৷ এইবাৰ যেন শেষ সাহসৰ উৎসটোও নোহোৱা হৈ গ’ল দুয়োৰে জীৱনৰ পৰা৷ কিন্তু তথাপিও পদ্মকান্তই হস্পিটেললৈ ওলোৱা তুলুক দূৰৈৰ পৰাই বাৰে বাৰে আশ্বাস দিলে, আগৰ দৰে আকৌ এবাৰ টেকন’ল’জীৰ উপকাৰিতাৰ বিষয়ে চমূ বক্তৃতা এটা দি প্ৰায় জোৰ কৰিয়ে দি পঠালে তেওঁৰ আই পেডটো৷

জ্বৰ আৰু কাহে বিধস্ত কৰা শৰীৰত বন্দী মনটো যেন অধিক বিধস্ত হৈ পৰিল তুলুৰ৷ প্ৰথমনিশা হস্পিটেলৰ বিছনাত নিশ্চল হৈ পৰি থাকি তেওঁৰ মনলৈ আহিল,

’তেন্তে এয়াই নেকি সেই মুহুৰ্ত্ত? য’ত শেষ হৈ যায় জীৱনৰ আশা-নিৰাশা আৰু পোৱা-নোপোৱাৰ হিচাপ? য’ত কুটিল সময়ে সোঁৱৰাই দিয়ে কিমান থুনুকা, কিমান ক্ষণস্থায়ী জীৱনৰ বালিঘৰ!’

শোক আৰু আশংকাৰ সেই চাকনৈয়াত নিজকে এৰি দিব খোজোতেই হঠাৎ এটা চিনাকি সুৰত তেওঁ উচপ খাই উঠিলে৷ পদ্মকান্তৰ মেচেজ, ’আইপেডটো খুলি চোৱাচোন৷’

বিছনাৰ পৰা তুলু উঠি আহিল ৷ দুৰ্বল খোজেৰে কোঠাৰ একাষত থোৱা ছ্যুটকেছটো খুলি আইপেডটো উলিয়াই আনিলে৷ পুনৰ বিছনালৈ উভতি আহি আইপেডটো খোলাৰ লগে লগে সৰি পৰিল এটা খাম! সময়ে আঁচোৰ পেলোৱা অতি প্ৰাচীন কিন্তু তেনেই চিনাকি এটা খাম!!

তুলুৰ মনত যেন পলকতে বিজুলীৰ সঞ্চাৰ হ’ল! তেওঁ জানে কি আছে সেই খামৰ ভিতৰত৷ এখন ছৱিৰ দৰেই তেওঁৰ স্পষ্টকৈ মনত আছে কোনোবা এক যুগতে সেই খাম প্ৰথমবাৰ তেওঁৰ হাতত পৰাৰ মুধুৰতম সময়খিনিৰ আবেগ আৰু উত্তেজনা! তথাপিও তেওঁ খুলিলে৷ ভিতৰত সৌ তাহানিতে পদ্মকান্তই তুলুলৈ দিয়া এখন চিঠি৷ কলমে শাৰীয়ে শাৰীয়ে অঁকা ভালপোৱাৰ আকুলতাৰ মাজত হীৰুদাৰ কবিতাৰ শাৰী-

’উজাগৰ ৰাতি
সপোন দেখিছোঁ মই
ফুল-আলসুৱা তোমাৰ মুখৰ
শইছ-সোণালী হাঁহি|
অযুত তৰাৰ ঘুমটি ভাঙি যেন
সূৰ্য্য আহিছে নামি৷’

হৃদয় বিগলিত হৈ নৈ এখনি যেন বৈ গ’ল তুলুৰ মাজেদি৷ পদ্মকান্তই বোৱায় অনা সেই চিৰন্তন প্ৰেমৰ নৈ৷ সময়ে ঠেলি হেঁচি বহুবাৰ দুয়োকে অকোঁৱা পকোৱা বাটেৰে অজান কেঁকুৰিলৈ লৈ গৈছে৷ জীৱন আকাশে বাৰে বাৰে কতনা ৰূপ সলাইছে৷ তাৰ লগেলগে এই নৈয়েও ৰূপ আৰু গতি সলাইছে৷ কেতিয়াবা চঞ্চলা জুৰি হৈ ঢৌৰ নাচোন তুলিছে- কেতিয়াবা বলিয়া বান হৈ পাৰ ভাঙিছে- কেতিয়াবা পকনীয়া উঠিছে- কেতিয়াবা হৈ পৰিছে এখনি শান্ত সমাহিত বিস্তীৰ্ণ নদী৷ কিন্তু সকলোবোৰৰ মাজতো সেই নৈ থমকি ৰোৱা নাই৷ অবিৰাম বৈয়ে আছে নিৰবধি৷

সেই উপলব্ধিয়ে যেন এটা প্ৰচণ্ড জেদ হৈ তুলুৰ হৃদয় আৰু শৰীৰ আৱৰি পেলালে৷ শেষ উশাহটোলৈকে তেওঁ যুঁজ দিব খোজে সেই নিৰবধি নৈৰ বাবে৷ যুঁজি থকালৈকে তেওঁ যে হাৰ মনাৰ প্ৰশ্ন নুঠে! ৰৈ দিয়াৰ পিছতহে যুঁজ শেষ হয়- বিচাৰ হয় সফলতা-বিফলতাৰ!

পিছদিনাৰ পৰা কোঠাৰ ভিতৰতে তেওঁ খোজ কাঢ়িবলৈ আৰম্ভ কৰিলে৷ মিলি আৰু নাতি-নাতিনীৰ সৈতে স্কাইপত দিনে এবাৰকৈ হ’লেও কথা পাতিবলৈ ল’লে৷ তেওঁ আধুনিক প্ৰযুক্তিক আপোন কৰি লোৱাৰ চেষ্টা দেখি সন্তোষৰ হাঁহি বিৰিঙিল পদ্মকান্তৰ মুখতো৷

এপাৰ্টমেন্ট আৰু হস্পিটেলত পৃথকে পৃথকে পদ্মকান্ত আৰু তুলুৱে আৰম্ভ কৰিলে জীয়াই থকাৰ সেই আদিম সংগ্ৰাম৷

তুলু নথকা স্বত্বেও পদ্মকান্তই প্ৰতিদিনেই চাহ দুকাপেই কৰি থাকিল৷ তুলুৰ চাহকাপ তাতে চেঁচা হৈ পৰি ল’ল প্ৰতিদিনে৷ পদ্মকান্ত আহি বেলকনিত বহে কিন্তু আগৰদৰে বাতৰি-কাকত নপঢ়ে৷ পুৱাই ক’ভিডে কেনেকৈ কিমান দেশ আক্ৰান্ত কৰিছে, কিমান মানুহৰ জীৱন তছ-নছ হৈ গৈছে সেয়া জনাৰ যেন তেওঁ প্ৰয়োজনবোধ নকৰা হ’ল৷ তাৰ সলনি তেওঁ চাইকেলখনকে সাৰথি কৰি ল’লে৷ চাহকাপ খায়ে পুনৰ ওলাই যাবলৈ ল’লে ৰাতিপুৱা৷ দুদিনমানতে চিনাকি হৈ আহিল সেই পাহাৰীয়া পথটো, পথৰ কাষৰ কৃষ্ণচূড়া কেইজোপা আৰু মেটেকাৰে ভৰা বিশাল পুখুৰীটো৷ নিজৰ অজানিতেই তেওঁ যেন উভতি গ’ল কলেজীয়া দিনবোৰলৈ৷ উভতি আহি তুলুবিহীন ঘৰটোৰ দুৱাৰমুখ পোৱাৰ লগে লগে তেওঁ নিজৰ মনৰ ভিতৰতে আওৰোৱা হ’ল, ’আজিৰ দিনটো-মাথোঁ আজিৰ দিনটোৰ কথাই ভাৱিম- আজিৰ দিনটোৱে ভালদৰে কটোৱাৰ চেষ্টা কৰিম৷’

সকলোকে কিছু চিন্তামুক্ত কৰি তুলুৰ স্বাস্থ্যৰ দিলীপৰ দৰে তীব্ৰতাৰে অৱনতি নঘটিল৷ মাথোঁ জ্বৰ-কাহ আৰু দুৰ্বলতাৰে তেওঁ যুঁজি থাকিল হস্পিটেলৰ অকলশৰীয়া কোঠাত৷ তেওঁৰ বাবে নতুনকৈ আপোন হৈ পৰা স্কাইপত সকলোৰে লগতে সঘনাই কল আহিবলৈ ল’লে কেলিফৰ্ণিয়াৰ পৰা প্ৰদীপৰো৷ কেতিয়াবা সি অকলে স্কাইপৰ সন্মুখত বহে৷ কেতিয়াবা তাৰ স’তে এমিও বহে৷ প্ৰদীপ কামত ব্যস্ত হৈ থাকিলেও এমিয়ে অকলেই বহুপৰ কথা পাতে তুলুৰ সৈতে৷ ছোৱালীজনীৰ মুখলৈ চাই চাই তুলুয়ে অন্যমনস্ক হৈ ভাৱিবলৈ লয়, কিয় যে সন্দেহৰ ডাৱৰে আৱৰি ধৰিছিল তেওঁৰ মন আজি দুবছৰৰ আগতে প্ৰদীপে এমিৰ সৈতে বিয়াৰ কথা উলিয়াওতে! কিমান অজান আশংকাই আগুৰি ধৰিছিল তেওঁলোকক৷ সেই নজনা-নিচিনা পশ্চিমীয়া পৃথিৱীখন, তাৰ অচিন মানুহেৰে সম্পৰ্কই তেওঁলোকক ভীষণ দুশ্চিন্তাত ভোগাইছিল৷ গতিকে সময় লৈছিল তেওঁলোকে এমিক আদৰি ল’বলৈ৷ এতিয়া ভাইৰাছৰ তাণ্ডৱে স্তব্ধ কৰি দিয়া এই অচিন পৃথিৱীখনত এমিৰ সৈতে তেওঁলোকৰ দুৰত্বখিনিও যেন কমি আহিল৷ তাই কৈ যোৱা মাক-দেউতাকৰ অসুস্থতা, হস্পিটেলত কাম কৰা বায়েকক লৈ হোৱা দুশ্চিন্তা, ভয় সকলোবোৰ ইমান চিনাকি, ইমান আত্মীয়! হয়তো ক’ভিডে আনি দিয়া এই দুৰ্য্যোগেই এডাল সাকো গঢ়িলে দুয়োৰে মাজত৷ প্ৰথমবাৰৰ বাবে তুলুৱে দেখিলে, সেই শ্বেতাংগদেহী নাৰীৰ মাজতো অহৰহ বৈছে একেই চিৰন্তন আবেগৰ ঢল - জীয়াই থকাৰ হেঁপাহে আনি দিয়া শোক, যন্ত্ৰণা আৰু আশংকা আদিমতম আবেগ৷

সেই অকলশৰীয়া দুসপ্তাহ পদ্মকান্ত আৰু তুলুৰ বাবে দুটা যুগ যেন হৈ পৰিলে যেন৷ ইমান যে অভ্যস্ত হৈ পৰিছিল ইজনে সিজৰ উপস্থিতিত, সেই উপস্থিতিয়ে অহৰহ বিলাই থকা প্ৰশান্তিৰ ছায়াত৷ কিন্তু সেই দুসপ্তাহৰ ভিতৰতে তেওঁৰ কাহ যথেষ্ট কমিল৷ ডাক্তৰে মাথোঁ আৰাম কৰিবলৈ ক’লে আৰু নিয়মিত স্বাস্থ্য পৰীক্ষা কৰি থাকিল৷

এদিন পুৱাই উৎকন্ঠাত তুলুৰ মন থৌকিবাথৌ হৈ পৰিল৷ যোৱা তিনিদিন ধৰি একো উপশম নাই তেওঁৰ৷ জ্বৰ আঁতৰাই এসপ্তাহ হ’ল৷ উপৰা উপৰিকৈ মিলি, প্ৰদীপ আৰু অঙহী বঙহীৰ কল আহিল৷ পদ্মকান্তৰ বাহিৰে তেওঁৰ পিছে কাৰোৰে সৈতে এইমুহুৰ্ত্তত কথা পতাৰ ইচ্ছা নহ’ল৷ এই ধুমুহাত যেন তেওঁৰ একমাত্ৰ লংগৰ পদ্মকান্ত৷ সেই এজন মানুহ যি একো নোকোৱাকৈয়ে বুজি পায় কি চলি আছে তেওঁৰ মনৰ ভিতৰত, যি পলকতে অনুভৱ কৰিব পাৰে তেওঁৰ হৃদয়ৰ কঁপনি, যাৰ সংস্পৰ্শই নিমিষতে উটুৱাই লৈ যাব পাৰে সকলো হাঁহাকাৰ৷

সেইদিনা তেওঁৰ দ্বিতীয় ক’ভিড পৰীক্ষাৰ ৰিজাল্ট অহাৰ কথা৷ এসপ্তাহৰ আগতে প্ৰথমটো পৰীক্ষাত নিগেটিভ অহাৰ খৱৰ পাই গোটেই পৰিয়ালটোৱে সকাহৰ নিশ্বাস পেলাইছিল৷ কিন্তু ডাক্তৰে কৈছিল,
’অলপ ধৈৰ্য্য ধৰক৷ দ্বিতীয়টো পৰীক্ষাত নিগেটিভ হ’লেহে আপোনাক কোৱাৰেনটিনৰ পৰা ওলাই ঘৰলৈ যোৱাৰ অনুমতি দিব৷’

মিলি আৰু পদ্মকান্তৰ আব্দাৰ এৰাব নোৱাৰি দুয়োকে স্কাইপৰ পৰ্দাত ৰ’ৱলৈ দি তুলু মুখামুখি হ’ল নাৰ্ছগৰাকীৰ৷

’কংগ্ৰেছুলেশ্যনছ! আপোনাৰ টেষ্ট নিগেটিভ!’ নাৰ্ছগৰাকীৰ কথা শেষ হ’বলৈকে নাপালে সিফালে মিলিয়ে আনন্দত চিৎকাৰহে কৰি উঠিল যেন৷

বহুদিনৰ মূৰত, বহুমাহৰ মূৰত তিনিও মুকলিকৈ হাঁহিলে, হাঁহি হাঁহি কান্দি পেলালে৷ কি যে এটা সকাহবোধেৰে, অপাৰ কৃতজ্ঞতাৰে উথলি উঠিল তুলুৰ মন৷ যেন মৃত্যুয়ে মাতি মাতি দুৱাৰডলিলৈ আনি তেওঁৰ শিকলি খুলি দিলে৷ যেন নতুনকৈ এবাৰ তেওঁ উপলব্ধি কৰিলে, তেওঁৰ এতিয়াও জীৱন উপভোগ কৰি হেঁপাহ পলুৱা নাই৷ এতিয়াও যে তেওঁ বুকুত কঢ়িয়াই লৈ ফুৰিছে বহুত আশা, বহুত সপোন, বহুত ভালপোৱা- জীৱনৰ প্ৰতি, নিজৰ প্ৰতি, সকলোৰে প্ৰতি৷ যেন সেই সকলোবোৰৰ সন্মিলিত শক্তিয়ে টানি ধৰিলে তেওঁক এই বান্ধোন হেৰাই যাবলৈ নিদিয়াকৈ৷

সেইদিনাই প্ৰায় যন্ত্ৰবৎ ক্ষিপ্ৰতাৰে সৰু চ্যুটকেছটো সামৰি তেওঁ হস্পিটেলত গাড়ীত উঠিলহি, এক অপূৰ্ব পুলকত মন্ত্ৰমুগ্ধৰ দৰে আহি থিয় দিলেহি সম্প্ৰাপ্তি ভিলাৰ এপাৰ্টমেন্টৰ সন্মুখত, হেঁপাহৰ ঘৰখনৰ দুৱাৰমুখত৷

দুৱাৰ খুলিয়েই পদ্মকান্তৰ দুচকু পুনৰ এবাৰ সেমেকি উঠিল৷ অন্য দিনাৰ দৰেই শব্দৰ প্ৰয়োজন নহ’ল তেওঁলোকৰ৷ উশাহো নসলোৱাকৈ তুলু পোনেই গৈ কুঁচি মুঁচি হৈ সোমাই পৰিল পদ্মকান্তৰ বুকুত৷ যি তেওঁৰ বাবে চিৰদিন প্ৰশান্তি আৰু ভালপোৱাৰ ঠিকনা- জীৱন যাত্ৰাৰ বিশস্ত লগৰীয়া৷ যাৰ বাবে তেওঁ চিৰন্তন হৈ ৰ’ৱ খোজে কেতিয়াও থমকি নোৰোৱা এখন নিৰৱধি বোৱতী নৈ৷

No comments:

Post a Comment