Sunday 30 April 2023

এলবাৰ্টা ১০৬: দৈনন্দিন

কানাডাৰ পশ্চিমীয়া নগৰ এডমণ্টনত বসন্তৰ এটি ৰাতিপুৱা। কোনো আগজাননী নোহোৱাকৈ অহাৰ দৰেই শীতৰ দিনবোৰে ঘপকৈ যেন বিদায় মাগিছে। হঠাতে এৰাতিৰ ভিতৰতে তাপমাত্ৰা দহ ডিগ্ৰীৰ ওপৰলৈ উঠিছে। বৰফবোৰ গলি যেনি তেনি পানী বাগৰিছে। মানুহবোৰেও যেন শীতৰ সতে যুঁজি থকাৰ পৰা অকস্মাত মূৰ দাঙি দেখিছে, 'আস্‌, এয়াচোন বসন্ত!' বাটে-পথে বৰফ থাকিলেও অত্যুৎসাহী বহুতে লগে লগেই গৰম দিনৰ কাপোৰ উলিয়াইছে। কেৱল টিচাৰ্ট-চৰ্টছ বা পাতল চোলা এটা গাত সোমোৱাই মানুহবোৰে বিজয়ীৰ হাঁহিৰে ঘৰৰ বাহিৰ হৈছে।

মোৰ দৈনন্দিন জীৱন পিছে প্ৰায় একেই হৈ ৰৈছে। অন্যদিনাৰ দৰেই আজিও পুৱা চাৰে সাতমানতে বাছ ষ্টপত থিয় দিছোঁহি। বেণী গুঁঠা ডাঠ চুলিটাৰীৰ কৃষ্ণাংগ ড্ৰাইভাৰগৰাকীক মাত লগাই সদায় যোৱা বাছখনতে উঠি পৰিছোঁ। 

এডমণ্টনত বসন্ত

৮:১৫ বজাৰ লগে লগে অফিচত কাম আৰম্ভ হৈছে। কফি একাপ লৈ পোনেই টিমছ কেলেণ্ডাৰখন চাই মোৰ দুটা উপলব্ধি হৈছে, আজি শুক্ৰবাৰ! আহ! শনি-দেও দুটা দিনৰ বিৰতি! 

পিছে লগে লগেই আহি পৰিছে দ্বিতীয়টো উপলব্ধি। আজি কামৰ হেঁচা অন্যদিনাতকৈও বেছি! কাৰণ অহা সোমবাৰে মই এসপ্তাহৰ কাৰণে ফিল্ডৱৰ্ক কৰিবলৈ যোৱাৰ কথা। গতিকে সময় সাপেক্ষ সকলো কাম আজি কিবা প্ৰকাৰে শেষ কৰিবই লাগিব! 

কামৰ হেঁচা বাঢ়িলে স্বত:স্ফূৰ্ত্ভাৱে যি কৰোঁ, আজি তাকেই কৰিলোঁ। কামৰ তালিকা এখন কৰি গুৰুত্ব অনুসৰি সজাই ল'লোঁ। মোৰ একমাত্ৰ ষ্টাফ এৰিন। মোৰ দৰেই তাইয়ো প্ৰাদেশিক চৰকাৰৰ বন্যজীৱ বিজ্ঞানী। মাথোঁ জ্যেষ্ঠতা অনুসৰি মই তাইৰ ছুপাৰভাইজাৰ।এডমণ্টনৰ পৰা প্ৰায় পাঁচশ কিলোমিটাৰ দূৰৈৰ ফৰ্ট মেকমাৰিত আমাৰ অফিচ চম্ভালি আছে তাই। 

কানাডাৰ তৈল নগৰী ফৰ্ট মেকমাৰিত পৰিৱেশ আৰু সংৰক্ষিত বনাঞ্চল মন্ত্ৰায়লৰ বিভাগীয় কাৰ্য্যালয় যেতিয়া স্বাভাৱিকতে কাম বেছি। বিয়াগোম তেল উদ্যোগৰ সৈতে অহৰহ সময় আৰু হেঁচাৰ টনা-আজোৰা।

বিচৰাৰ লগে লগেই তাইক অনলাইন পালোঁ।

'এৰিন, আজি কফি কাষতে ৰাখিবা। কামৰ তালিকা দীঘল!'

মোৰ কথা শুনি তাই হোহোৱাই হাঁহি পেলালে। কফিৰ আসক্তিৰ লগতে আমাৰ কাম কৰাৰ ধৰণো একে। সেয়ে মাথোঁ ছমাহৰ বাবেহে একেলগে কাম কৰিছোঁ যদিও আমাৰ মাজত এটা সৌহাৰ্দ্য গঢ়ি উঠিছে।

দুয়ো যেন দিনটোলৈ কঁকাল টঙালোঁ। ন বজাত এখন গুৰুত্বপূৰ্ণ মিটিং। কোম্পেনী 'ক' বৰ্তমান সমগ্ৰ কানাডাতে বিতৰ্কৰ তুংগত। সেই কোম্পানীৰ তেল নিষ্কাষণ কৰা বৰ্জিত পদাৰ্থ কেনেবাকৈ ওলাই পৰি আশে পাশে বহু ঠাই দূষিত কৰিছে। বন্যজীৱ-জন্তুৰ লগতে কাষৰীয়া খিলঞ্জীয়া জাতিৰ খোৱা-পানী বিষাক্ত কৰিছে বুলি দাবী উঠিছে। জৰুৰীভাৱে সেই অঞ্চলত কৰ্মৰত প্ৰাদেশিক বিজ্ঞানীসকলৰ এটা টাস্ক ফৰ্চ গঠন কৰি দিয়া হৈছে। তাৰ ভিতৰত এৰিন আৰু ময়ো। ভৱিষ্যত কৰ্মপন্থা ঠিক কৰাৰ বাবে অতিকৈ কম সময়, দেশজুৰি বিতৰ্ক, বিৰূপ প্ৰভাৱৰ গম্ভীৰতা সকলো মিলি আলোচনা দীঘলীয়া  হৈছে। মোৰ কফিৰ কাপ ঘনে ঘনে খালী হৈ পৰিছে। 

'মোৰ আজি এটা অতি গুৰুত্বপূৰ্ণ কাম সামৰাৰ দায়িত্ব। পৰিৱেশ আৰু সংৰক্ষিত বনাঞ্চল মন্ত্ৰালয়ৰ সৰ্বোচ্চ পৰ্য্যায়ৰ পৰা অহা কাম। গতিকে মই আৰু এৰিনে আজি আৰু সময় দিব নোৱাৰিম।' কৈয়ে মই আলোচনা এৰিছোঁ। আজি যে আমি ঘড়ীৰ কাঁটাৰ লগে লগে ঘুৰাৰ কথা।

তাৰ পৰা ওলায়ে এৰিনে কল কৰিছে। 

'হেল্ল' ষ্ট্ৰেঞ্জাৰ!'

হাঁহি পেলাইছোঁ।  দিনটোতে কিমানবাৰ যে আমি পৰস্পৰে পৰস্পৰক সম্ভাষণ জনাব লগা হয়। গতিকে 'গুড মৰ্ণিং, গুড আফটাৰনুন' আদিৰে নাটেগৈ।

'সময় পালে অহা সপ্তাহত কোম্পানী 'ক'ৰ কথাবোৰ অলপ চোৱা-চিতা কৰিব পাৰিবানে? মোৰ নিমিলেগৈ, জানাই নহয়।'

'একো নাই। মই পিছৰ মিটিংকেইখনত থাকিম। তুমি ফিল্ডৰ পৰা ঘুৰি আহিলে খতিয়ান দিব পাৰিম।'

এৰিনে মোক আশস্ত কৰিছে। জানো যে তাই অত্যন্ত শৃংখলাবদ্ধ। গতিকে যি কামেই নিদিওঁ সময়মতেই কৰিব বুলি মোৰ বিশ্বাস এটা গঢ় লৈ উঠিছে।

মোৰ কম্পিউটাৰৰ স্ক্ৰীণত নতুন ইমেইল এটাই ধৰা দিলে। এই অঞ্চলটোত প্ৰায়ে জৰুৰী কথা ওলাই থাকে। গতিকে লগে লগেই চকু দিলোঁ।

'এৰিন, ভাল খৱৰ! কোম্পানী 'খ'ৰ জেছিকাই ইমেইল কৰিছে। তাৰ টেইলিংচত জীৱ-জন্তু নপৰিবলৈ কি কি ব্যৱস্থা লৈছে সেই ৰিপৰ্টটোত আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিছে।'

'আহ, বঢ়িয়া! জেছিকাই এইবাৰ ভাল কাম কৰিছে দেখোন।' এৰিনৰ উৎসাহ ভৰা মাত। 'তেন্তে আজি 'খ'ৰ পাৰ্মিট ইছ্যু কৰিব পাৰি, নহয় জানো?'

জেছিকা কোম্পেনী 'খ'ৰ পৰিৱেশ বিষয়া। গতিকে সেই কোম্পেনীৰ পৰিৱেশ সংক্ৰান্তীয় কামবোৰত তেওঁৰ সৈতে সঘনাই আমাৰ যোগাযোগ হয়। সেই আপহতে জেছিকাই কেনেধৰণে কাম কৰে তাৰো এটা ধাৰণা গঢ় লৈ উঠিছে।

এৰিনে জেছিকাই পঠোৱা তথ্যবোৰ পৰীক্ষা কৰে মানে মই এনে আবেদন সম্পৰ্কীয় ৱেবছাইটটো খুলিলোঁ। 

'আহ!!' মোৰ মাতটো ডাঙৰকৈয়ে ওলাল নেকি! সিটো পাৰে কথা কৈ থকা এৰিন অলপ উচপ খাই উঠিল যেন।

'কি হ'ল?' তাই ইমেইল পঢ়িবলৈ এৰি সুধিলে।

'জেছিকাই শুধৰোৱা আবেদনখন ইমেইলতহে দিলে। অনলাইন জমা কৰা নাই। ৱেবছাইটত নাথাকিলে মই চৰকাৰীভাৱে গ্ৰহণ কৰিব নোৱাৰোঁ।'

'আহ জেছিকা -জেছিকা-জেছিকা! কিয় এনে কৰে তেওঁ।' কৈ কৈ এৰিন নৰ'লেই। লগে লগেই জেছিকালৈ ফোন কৰি জনালে, জ্যেষ্ঠ বন্যজীৱ বিজ্ঞানী (মই!) অহা সপ্তাহত ফিল্ডত থাকিব। গতিকে অফিচত নাপাব। টেইলিংচৰ কামবোৰ জৰুৰী যদি আজিৰ ভিতৰতে ৱেবছাইটত জমা দিয়ক!

'হৈ গ'ল। জেছিকাই আজিৰ ভিতৰতে জমা দিব পাৰিব হেনো!' 

'এৰিন, তুমি নোহোৱাকৈ মোৰ কাম আগবঢ়াৰ কথা ভাৱিবই নোৱাৰা হৈছোঁ।' তাইৰ তৎপৰতাৰ শলাগ নলৈ নোৱাৰিলোঁ। 

আকৌ এটা ইমেইল। এইবাৰ আমাৰ ডিৰেক্টৰৰ। দীঘলীয়া ইমেইল।মোতকৈ আগেয়ে এৰিনে নিজৰ ইনবক্সত দেখা পালে। তাইৰ এটা হুমুনিয়াহ ওলাল। ডিৰেক্টৰে কোম্পেনী 'গ'ৰ আবেদন ঘুৰাই পঠোৱাক লৈ আমাৰ সিদ্ধান্তৰ বিৰোধীতা কৰিছে। আমালৈ জৰুৰী মিটিঙৰ নিমন্ত্ৰণ পঠাইছে।

'আহ! ডিৰেক্টৰে কেৱল চৰকাৰৰ খ্যাতিৰ কথা ভাৱিছে! এই বিশাল ব'ৰিয়েল অৰণ্যৰ মাজত কোম্পানীৰ এলেকা। তাত জীৱ-জন্তু আৰু মানুহৰ সুৰক্ষাৰ কথাটো দ'কৈ ভাৱি চাবইতো লাগিব!'

এৰিনৰ মাতত কিছু ক্ষোভ, কিছু উৎকণ্ঠা। মই বুজিলোঁ, 'গ'ই এই আবেদনখনৰ বাবে চৰকাৰক যথেষ্ট হেঁচা দিছে। গতিকে ডিৰেক্টৰে এই কামটো সোনকালে সমাধা কৰিবলৈ চেষ্টা কৰাটোৱে স্বাভাৱিক।

আমি দুয়ো বৈজ্ঞানিক গৱেষণাৰ পৰা অহা। গতিকে বিভিন্ন পক্ষৰ সৈতে সহযোগিতাৰ যোগেদি জটিল বিষয়বোৰৰ সমিধান উলিওৱা, কূটনীতিৰ হিচাপ-নিকাচবোৰ মিলাই চলিও পৰিৱেশ আৰু বন্যজীৱৰ সংৰক্ষণৰ বাবে কাম কৰি যোৱা- সকলোবোৰ আমাৰ দুয়োৰে বাবে এতিয়াও নতুন! 

মোৰ কাষেৰে সহকৰ্মী ব্ৰেট পাৰ হৈ গ'ল। ঘড়ীটোলৈ চাই দেখোঁ, বাৰ বাজি পাঁচ মিনিট। লান্সৰ সময়।

'এৰিন,ডিৰেক্টৰৰ সৈতে মিটিং আবেলিহে আছে। আমি তেতিয়ালৈ আমাৰ সিদ্ধান্তক লৈ যুক্তিবোৰ জুকিয়াই ল'ব পাৰিম। যোৱা, লান্স কৰা, অলপ জিৰণি লোৱা। তাৰপিছত পাতিম।'

এঘণ্টাৰ লান্স ব্ৰেক। আজি কামৰ হেঁচা দেখি অলপ ভাৱিব লগাত পৰিলোঁ যদিও নিজকে ক'লোঁ, নাই এই এঘণ্টা বিৰতিৰ দৰকাৰ- মোকো, এৰিনকো।

একবজাৰ লগে লগেই এৰিনৰ কল আহিল। তাইৰ মাতত কিছু সজীৱতা।

'জলি, ৰিজাৰ্ভৰ পৰা ক্ৰেইগে কল কৰিছিল। তেওঁলোকৰ আবেদনখন জমা কৰিছে। গতিকে আমি সোনকালে সেইখনত লগাৰ দৰকাৰ।'

ৰিজাৰ্ভ মানে সেই অঞ্চলত থকা খিলঞ্জীয়া জাতিটোৰ বাসস্থান। আজি কেইবাবছৰ ধৰি তাত মানুহ-ভালুকৰ সংঘাত চলি আছে। শেহতীয়াকৈ সেই খিলঞ্জীয়া জাতিৰ মূখ্য নেতাই মন্ত্ৰীৰ ওচৰত এই বিষয় উত্থাপন কৰিছেগৈ। আৰু তাৰ পৰাই মানুহ-ভালুকৰ সহাৱস্থানৰ এই প্ৰকল্পটো আহি আমাৰ হাতত পৰিছেহি।

মই লৰালৰিকৈ চৰকাৰী ৱেবছাইটত চালো। হয়, ক্ৰেইগে ঠিকেই জমা কৰিছে। আজি এবছৰ ধৰি খিলঞ্জীয়া জাতিটোৰ সৈতে আলোচনা-বিলোচনাৰ শেষত এই ৰূপ পাইছেহি। এৰিন ভালুকৰ বিশেষজ্ঞ। গতিকে তাইৰ জ্ঞান আৰু অভিজ্ঞতাৰ ভিত্তিতে আমি এই প্ৰকল্প চোৱা-চিতা কৰিছোঁ। আজিও আবেদনৰ তথ্য-পাতিখিনি চালি-জাৰি চোৱাৰ দায়িত্ব তাইকে দিলোঁ। মই জানোঁ, অতদিনে এই ফাইল চাই চাই তাই গোটেইবোৰ তথ্য মুখস্থ মাতিব পৰা হৈছেগৈ! 

খিলঞ্জীয়া জাতিটোৰ মানুহ-ভালুকৰ সহাৱস্থান প্ৰকল্পৰ আজি আৰম্ভণি হ'ব। সমগ্ৰ প্ৰদেশখনতে এয়া প্ৰথম এনে প্ৰকল্প। সকলো চালি জাৰি চাই আবেদনত মই চহী কৰাৰ লগে লগে এৰিনে ক্ৰেইগলৈ ফোন কৰি অভিনন্দন জনালে। মই তাইকহে অভিনন্দন জনালোঁ।এই বাইছ-তেইছ বছৰীয়া ছোৱালীজনীয়ে এই প্ৰকল্পৰ গুৰি ধৰাত যেনে পৰিপক্কতাৰ পৰিচয় দিছে তাত মই সঁচাই অভিভূত।

ঘড়ী চাই দেখোঁ, ডিৰেক্টৰৰ সৈতে মিটিঙলৈ মাথোঁ আধাঘণ্টা বাকী। ঠিক কৰিলোঁ, এইখন মিটিঙৰ বাবে আমাক এটা ৰণকৌশলৰ দৰকাৰ। আজি কোনো কাৰণতে আমাৰ কাম ৰৈ যাবলৈ দিব নোৱাৰি।

'এৰিন, মই জানোঁ, আমি দুয়ো চৰকাৰী বহুতো দায়িত্ব গাত পাতি লৈছোঁ। ডিৰেক্টৰৰ উৎসাহতে যোৱা বিছ-ত্ৰিছ বছৰে চলি অহা প্ৰক্ৰিয়া কিছুমান উন্নত কৰাত লাগি পৰিছোঁ। কি কাম হৈছে, কি নহৈছে- কেনেকৈ হোৱা উচিত-এইবোৰৰ বহুত আলোচনা হৈছে। আজি এইবোৰ পাতিবলৈ মোৰ ধৈৰ্য্য আৰু সময় নাই। আজি আমি মন দিয়াৰ দৰকাৰ মাথোঁ এই দিনটোৰ ভিতৰত কিমানখিনি কাম কৰিব পাৰোঁ। সেই কথাটো মিটিঙত মনত ৰাখিবা।'

তাই হয়ভৰ দিলে। এটা এটাকৈ ডিৰেক্টৰৰ সন্মতিৰ দৰকাৰ থকা কামকেইটা তাইক কৈ গ'লোঁ। আজি যদি এইকেইটা সিদ্ধান্ত ল'ব পাৰোঁ, তাৰ কামখিনি কৰি সামৰিব পাৰোঁ- সেয়াই দিনটোৰ কাৰণে আমাৰ কৃতিত্ব।

এৰিনে মন দি মোৰ কথাখিনি শুনিলে।  ইতিমধ্যে ডিৰেক্টৰগৰাকী অনলাইন আহিল। তেওঁ পোনেই আমাক অভিনন্দন জনালে মানুহ-ভালুকৰ সহাৱস্থান প্ৰকল্পৰ আৰম্ভণিৰ বাবে। খিলঞ্জীয়া জাতিটোৰ সৈতে চৰকাৰৰ সহযোগিতাৰো এয়া শুভাৰম্ভণি।

'মিটিঙৰ পিছতে এই ভাল খৱৰটো দি আৰু তোমালোকৰ অৱদানৰ কথা কৈ মন্ত্ৰীলৈ ইমেইল কৰিম।'

তেওঁৰ মাতৰ সুখী সুখী ভাৱে আমাক আশস্ত কৰিলে। তেওঁ সহানুভূতিৰেই ক'লে,

'তোমালোকৰ কামৰ হেঁচা বহুত বেছি বুলি মই বুজোঁ। সেইকাৰণেই কোম্পেনী 'গ'ৰ আবেদনখন আৰু উন্নত কৰিবলৈ কৈ ঘুৰাই পঠোৱাতকৈ এইবাৰ এনেকৈয়ে গৃহীত কৰাৰ কথা কৈছোঁ।'

এৰিন নীৰৱে ৰ'ল। মই দীঘলকৈ এটা উশাহ টানি ল'লোঁ। তাৰপিছত যিমান পাৰোঁ শান্তভাৱে ক'বলৈ ধৰিলোঁ,

'সেয়া আমিও বুজিছোঁ। কিন্তু এইখনতো কোনো উলামুলা আবেদন নহয়। কোম্পানী 'গ'ই নিজৰ এলেকাত বন্যজীৱ কেনেকৈ পৰিচালনা কৰিব, মানুহ-বন্যজীৱৰ সংঘাত কেনেকৈ কমাব তাৰ পৰিকল্পনা এয়া। এবাৰ গৃহীত হোৱাৰ পিছত এইখনেই অন্য কোম্পানীৰ কাৰণেও উদাহৰণ হৈ পৰিব। গতিকে আমি চালি-জাৰি চোৱাৰ দৰকাৰ। সেইকাৰণেই এৰিন আৰু মই মিলি তেওঁলোকৰ পৰা অধিক খতিয়ান বিচাৰিব খুজিছোঁ।'

এৰিনে এইবাৰ মোৰ সমৰ্থনতে বিতংকৈ কৈ গ'ল আবেদনখনত আমি বিচৰা অধিক তথ্যৰ কাৰণবোৰ।

আধাঘণ্টা ধৰি ডিৰেক্টৰে আমাৰ যুক্তিবোৰ মন দি শুনিলে। শেষত ক'লে, তেওঁ আমাৰ প্ৰস্তাৱত সন্মত। কোম্পেনী 'গ' লৈ এইখন ঘুৰাই পঠোৱাৰ দৰকাৰ-সেই এলেকাত মানুহৰ সুৰক্ষাৰ স্বাৰ্থত, জীৱ-জন্তুৰ সুৰক্ষাৰ স্বাৰ্থত।

আমি দুয়ো স্বস্তিৰ নিশ্বাস পেলালোঁ। হৈ গ'ল তেনে! ডিৰেক্টৰ অফলাইন হোৱাৰ লগে লগেই দুয়ো ততালিকে কামত লাগি পৰিলোঁ।

কোম্পানী 'গ'লৈ আবেদন ঘুৰাই পঠাওঁতেই চকুত পৰিল জেছিকাই 'খ'ৰ আবেদন পুনৰ জমা কৰিছে।

'এৰিন, আমাৰ দিনটোৰ প্ৰায়বোৰ কাম শেষ হৈছে। জেছিকাৰ আবেদনখন সামৰিলেই আজৰি আৰু!'

'পাৰিম, পাৰিম। চাৰি বাজিছেহে। আৰু আধাঘণ্টাত হৈ যাব সেইখিনি।'

ইয়াত চাৰে চাৰিবজালৈ অফিচৰ সময়। তেতিয়াহে খেয়াল হ'ল, আজি পুৱাৰে পৰা একেৰাহে অনলাইন মিটিঙতে কথা কৈ আছোঁ। তথাপিও এসপ্তাহৰ কাম এদিনতে সামৰিব লোৱাৰ লক্ষ্যটোও প্ৰায় পূৰ হৈছে যেন। কিন্তু তাৰ লগে লগে মূৰৰ বিষ এটা উঠি আহিব ধৰিছে যেনো ভাৱ হ'ল। আৰু মাথোঁ আধাঘণ্টা!

দুয়ো কথামতেই জেছিকাৰ আবেদন পৰীক্ষা কৰি আলোচনা কৰিলোঁ। আলোচনাৰ মাজতে ডিৰেক্টৰৰ অভিনন্দন আৰু প্ৰশংসাসূচক ইমেইলটো জিলিকি উঠিল। পৰিতৃপ্তিৰ অনুভৱ এটা উজাই আহিব খুজিলে। কিন্তু সময়ৰ টনাটনিলৈ চাই ইমেইলটো সম্পূৰ্ণকৈ পিছত পঢ়ি চাম বুলি সামৰি থ'লোঁ।

কোম্পেনী 'খ'ৰ আবেদন গৃহীত কৰি জেছিকালৈ দিনটোৰ শেষ ইমেইলটো লিখি থাকোঁতেই এৰিনে প্ৰায় চিঞৰি উঠিল,

'জলি, কোম্পেনী 'ঘ'ৰ এটা জৰুৰী ইমেইল আহিছে!'

মোৰ ইনবক্সত চাবলৈ পোৱাৰ আগতেই এৰিনে তাইৰ স্ক্ৰীণৰ পৰা পঢ়ি শুনালে। কোম্পেনী 'ঘ'ৰ এটা বিপদজনক এলেকাত এবিধ সংৰক্ষিত চৰাইয়ে বাহ পাতিবলৈ আৰম্ভ কৰিছে। গৰম হৈ অহাৰ লগে লগে বৰফ গলিলে সেই ঠাই তেল নিষ্কাষণৰ বিষাক্ত পদাৰ্থই আগুৰি পেলোৱাৰ সম্ভাৱনা! অতি সোনকালে চৰাই কেইটা অন্য ঠাইলৈ লৈ যোৱাৰ ব্যৱস্থাৰ বাবে চৰকাৰী অনুমতিৰ দৰকাৰ।

টাইপ কৰি থকাৰ পৰা মই থমকি ৰ'লোঁ। ঘড়ীলৈ চাই দেখোঁ, চাৰি বাজি পোন্ধৰ মিনিট!

কেনেকৈ কি কৰা যায়? পোন্ধৰ মিনিটত? এই কামটোত অনুমতি দিয়াৰ দায়িত্ব আৰু কৰ্তৃত্ব যে কেৱল মোৰহে আছে! এই অনুমতিৰ বাবে বহুতো কথা চালি-জাৰি চোৱাৰ দৰকাৰ। কিমান চৰাই আছে? প্ৰজননৰ কি পৰ্য্যায় চলি আছে? অন্য কোন ঠাইলৈ কেনেকৈ নিয়াৰ পৰিকল্পনা? তালৈ নিলেই যে চৰাই কেইটাই তাত তিষ্ঠিব পাৰিব তাৰ কিবা বৈজ্ঞানিক প্ৰমাণ আছেনে? 

কিন্তু এসপ্তাহ দেৰি হৈ গ'লে যে সেই চৰাইকেইটাৰ মৃত্যু অনিবাৰ্য্য! মই যেন কিংকৰ্তব্যবিমূঢ় হৈ গ'লোঁ।

'মই ফিল্ডৰ কাম শেষ কৰি ঘুৰি অহালৈ এই কামটো পিছ পেলাই থ'ব নোৱাৰি, এৰিন। কি কৰা যায়! সোমবাৰে ফিল্ডলৈ গৈ থকাৰ সময়তে সময় মিলাব লাগিব যেন পাওঁ।'

এনেতে মোৰ ডেস্কৰ কাষত ব্ৰেট থিয় দিলেহি।হেডছেট বেঁকা কৰি তাইক মাত লগালোঁ,

'হাই ব্ৰেট!'

'হাই, বেয়া নাপাবা। তুমি গোটেই দিনটো অনলাইন মিটিঙত থকা কাৰণে মাতিবলৈকে সুবিধা পোৱা নাছিলোঁ। সোমবাৰে ফিল্ডলৈ আমি দুয়ো একেলগে ওলোৱাৰ কথা যে। দুপৰীয়া বাৰ বজাত এডমণ্টন এৰিম বুলি ভাৱিছোঁ, হ'ব নহয়?'

মোৰ যেন মুখলৈ পানী আহিল। সোমবাৰে পুৱা তেনে মোৰ হাতত সময় থাকিব। ব্ৰেটক ধন্যবাদ জনাই যথেষ্ট সকাহেৰে এৰিনক মাইক্ৰ'ফোনত ক'লোঁ,

'এৰিন, এই কামটো সোমবাৰে ৰাতিপুৱা ফিল্ডলৈ যোৱাৰ আগতে কৰি যাম। তুমি সাজু হৈ থাকিবা।'

তায়ো যেন স্বস্তিৰ নিশ্বাস পেলালে। ভাৱ হ'ল, আজিলৈ বহুত হ'ল!

'দিনটোযে কেনেকৈ পাৰ হ'ল, গমকে নাপালোঁ। আজিলৈ এৰোঁ আৰু,নহয়?'

'আচলতে মোৰ আৰু এটা কথা আছিল!' এৰিনে যেন যথেষ্ট অস্বস্তি আৰু সংকোচেৰে ক'লে।

'কোৱা!'

'মোৰ অহা সপ্তাহত এটা চাকৰিৰ ইণ্টাৰভিউ আছে! ছুপাৰভাইজাৰ হিচাপে তোমাৰ ৰেফাৰেঞ্চৰ দৰকাৰ। তাৰ পৰা তোমালৈ ফোন কৰিব। দিব পাৰিবানে?'

চাৎকৈ যেন মোৰ ভিতৰখন ক'লা পৰিল! এৰিনে এই পদবী এৰি অন্য চাকৰি ল'ব খুজিছে!

যিমান পাৰি সহজভাৱে কোৱাৰ চেষ্টা কৰিলোঁ, 'স্বাৰ্থপৰভাৱে মই বিচাৰোঁ, তুমি সদায়ে মোৰ টিমতে থাকা। কিন্তু তুমি নিজৰ কেৰিয়াৰৰ কাৰণে যি ভাল দেখা, য'লৈ যাব বিচাৰা তাতে মই ছুপাৰভাইজাৰ হিচাপে সমৰ্থন কৰিম। মোৰ ৰেফাৰেঞ্চ দিব পাৰা।'

দিনটোৰ শেষত অহা সন্তুষ্টি আৰু পৰিতৃপ্তিৰ ভাৱটো মোৰ হৃদয়ৰ পৰা যেন ইতিমধ্যে কৰ্পূৰ উৰাদি উৰি গৈছে। এৰিনৰ দৰে এগৰাকী সহকৰ্মী হেৰুওৱাৰ দুখটোৱে ছাটি ধৰিব খুজিছে।

এৰিনে কৈ গ'ল নিজৰ পৰিয়ালৰ পৰা বহুদূৰৈত থাকি তাইৰ কষ্ট হৈছে। সেয়ে ঘৰৰ ওচৰৰ  ঠাই এখনত একেটা পদবীলৈকে যাব খুজিছে। কৈ গ'ল, যোৱা ছমাহে একেলগে কাম কৰি তাইৰ পদবীৰ ৰূপ কেনেকৈ সলনি হৈ গৈছে। 

অতদিনে কামৰ বাবে অবিৰাম তাইৰ সৈতে কথা পাতিছোঁ যদিও ভাৱ হ'ল আজিহে যেন এৰিনৰ সৈতে সঁচা অৰ্থত কথা পাতিলোঁ। দুয়ো দুয়োকে সততাৰে ক'লোঁ যোৱা ছমাহৰ অভিজ্ঞতাৰ কথা। 

কথাৰ মাজে মাজে মই মাথোঁ ভাৱি ৰ'লোঁ, কিয় এনেদৰে দিনবোৰ আহে- জিকি জিকি হাৰি যোৱা আৰু হাৰি হাৰি জিকি যোৱা সময়বোৰ লৈ?

'ইণ্টাৰভিউলৈ শুভেচ্ছা দিছোঁ, এৰিন। সেয়া যেনেকুৱাই নহওক, তোমাক কৈ থওঁ- যোৱা ছমাহে তুমি কৰা কাম আৰু সহায় অন্য কাৰোৰে পৰাই মই আশা কৰিব নোৱাৰিলোঁহেতেন।' মোৰ মাতটো যেন কিছু কঁপিল। 

তাৰ এসপ্তাহৰ পিছতে এৰিনে সেই নতুন চাকৰি পালে।

No comments:

Post a Comment