ঈছপৰ সাধুৰ তৃষ্ণাতুৰ কাউৰীটোৰ কথা আপোনাৰ মনত আছেনে? গ্ৰীষ্মৰ দিন এটাত কাউৰী এটাই চাৰিওদিশে পানী বিচাৰি হাহাঁকাৰ কৰি আছিল। এনেতে তাৰ চকুত পৰিল এটা মাটিৰ কলহ। ওচৰ পাই দেখে যে কলহৰ তলিত কণমান পানী আছে কিন্তু তাৰ ঠোঁটেৰে সেয়া ঢুকি নাপায়গৈ। চতুৰ কাউৰীটোৱে ক্ষন্তেক ভাবি উৰা মাৰিলে। তাৰপিছত এঠাইৰ পৰা ঠোঁটেৰে সৰু সৰু শিলগুটি এটা এটাকৈ তুলি আনি কলহটোত পেলাবলৈ আৰম্ভ কৰিলে। যিমানেই শিলগুটি পৰিল, কলহৰ তলিৰ পানীও অলপ অলপকৈ ওপৰলৈ উঠি আহিবলৈ ধৰিলে। আৰু এটা সময়ত কাউৰীটোৱে কলহৰ মুখলৈ উঠি অহা পানী খাই আয়াসেৰে পিয়াহ পলুৱাবলৈ সক্ষম হ'ল।
![]() |
ঈছপৰ সাধুৰ কাউৰীটো; উৎস: মিল' ৱিণ্টাৰ |
বছৰ বছৰ ধৰি এই উপকথাটো ধৈৰ্য্য আৰু উপস্থিত বুদ্ধিৰ চানেকি এক নৈতিক কাহিনী হিচাপে প্ৰচলিত হৈ আহিছে। তাৰ লগতে ই জনমানসত কাউৰীৰ চতুৰালি এক কিংবদন্তীৰূপে প্ৰতিষ্ঠা কৰাত সহায় কৰি আহিছে। পিছে কাউৰীৰ বুদ্ধিমত্তা কেৱল এনে উপকথাতে সীমাবদ্ধ নহয়। শেহতীয়া বৈজ্ঞানিক গৱেষণাই দেখুৱাইছে যে ইহঁত সঁচা অৰ্থতে অবিশ্বাস্যভাৱে বুদ্ধিমান চৰাই। সঁজুলি ব্যৱহাৰ কৰাৰ অপূৰ্ব ক্ষমতাৰ বাবে কাউৰী বৰ্তমান বান্দৰজাতীয় প্ৰাণীৰ পিছতেই প্ৰাণীজগতৰ আটাইতকৈ বেছি বুদ্ধিমত্তা সম্পন্ন প্ৰাণী বুলি পৰিগণিত হৈছে৷
দীৰ্ঘদিন ধৰি সঁজুলি ব্যৱহাৰ কৰাটো মানৱ সমাজৰ এক অনন্য বৈশিষ্ট্য বুলি গণ্য কৰা হৈছিল। সভ্যতাৰ আৰম্ভণিতে চিকাৰ কৰা সঁজুলিৰ পৰা আৰম্ভ কৰি ক্ৰমাগতভাৱে বহু জটিল সঁজুলিৰ উদ্ভাৱন আৰু ব্যৱহাৰে মানুহক সভ্যতাৰ পথত তড়িৎ গতিৰে আগুৱাই লৈ গৈছিল। কিন্তু বৰ্তমান গৱেষণাই প্ৰমাণ কৰিছে যে এইক্ষেত্ৰত মানুহ অকলশৰীয়া নহয়, বহু জীৱ-জন্তুৱেও দৈনন্দিন জীৱনত সঁজুলি ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, চিম্পাঞ্জীয়ে মাছ ধৰিবলৈ ডাল-পাত আৰু কিছুমান শগুনে উটপক্ষীৰ কণী ভাঙিবলৈ শিলগুটি ব্যৱহাৰ কৰে। কিন্তু এই চতুৰ জীৱবোৰৰ ভিতৰত কাউৰীৰ স্থান এখোপ ওপৰত। কাৰণ প্ৰাথমিক সঁজুলিৰ ব্যৱহাৰত পাৰ্গত হোৱাৰ উপৰিও কাউৰীয়ে উপস্থিত বুদ্ধিৰে বহুতো জটিল সমস্যা-সমাধান আৰু জটিল সঁজুলি ব্যৱহাৰ কৰাৰ প্ৰমাণ পোৱা গৈছে৷ উদাহৰণস্বৰূপে, দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ নিউ কেলেডোনিয়া দ্বীপৰ স্থানীয় কাউৰীবোৰ ডাল-পাত, কাঠ আদিৰে সঁজুলি নিৰ্মাণ কৰাৰ ক্ষমতাৰ বাবে জনাজাত। সিহঁতে এই সঁজুলিবোৰ ব্যৱহাৰ কৰি ঈছপৰ সাধুৰ কাউৰীটোৰ দৰেই গছৰ গাঁতৰ পৰা পোক-পৰুৱা আৰু পলু উলিয়াই আনে।
![]() |
নিউ কেলেডোনিয়া দ্বীপৰ স্থানীয় কাউৰী এটাই সৰু লাঠি ব্যৱহাৰ কৰি খাদ্য বিচাৰে। উৎস: গৱেষণা পত্ৰ |
দৰাচলতে বিজ্ঞানীসকলে নিউ কেলেডোনিয়ান কাউৰীৰ ওপৰত আজি কেইবা দশক ধৰি অধ্যয়ন কৰি আহিছে। অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানী এলেক্স কেচলিক আৰু তেওঁৰ দলে বেটী নামৰ কাউৰীজনীৰ বাবে এটা থিয় কাঁচৰ নলীত খাদ্য থৈ এটা পৰীক্ষা কৰিছিল। সেই খাদ্য উলিয়াই আনিবলৈ বেটীক দিয়া হৈছিল এডাল পোন তাঁৰ। বেটীয়ে প্ৰথমে তাঁৰেৰে খাদ্যবিধ তুলি আনিবলৈ কেইবাবাৰো চেষ্টা কৰিলে। তাৰপিছত তাঁৰডাল বাহিৰলৈ আনি বেঁকা কৰি হুক এটাৰ ৰূপ দিলে। এইবাৰ সেই বেঁকা হুকৰ সহায়ত বেটীয়ে নলীৰ পৰা খাদ্য উলিয়াই আনি সকলোকে বিস্ময়াভূত কৰি পেলালে। ইয়াৰ আগতে কোনোধৰণৰ তাঁৰ ব্যৱহাৰ কৰি নোপোৱা বেটীৰ এই বুদ্ধিমত্তা মানুহৰ বাহিৰে অন্য কোনো প্ৰাণীৰ ক্ষেত্ৰতে দেখা নাযায়। গতিকে এই গৱেষণাই কাউৰীৰ বুদ্ধিমত্তাৰ ক্ষেত্ৰত যুগান্তকাৰী অৱদান আগবঢ়ালে। বেটীৰ এই কৃতিত্ব ইমানেই তাৎপৰ্যপূৰ্ণ আছিল যে বেটীৰ নামত এটা ডাক টিকটৰো প্ৰচলন হ'ল।
পৃথিৱীৰ বিভিন্ন ঠাইত প্ৰায় ৪৩ বিধ কাউৰীৰ প্ৰজাতি পোৱা যায়। দক্ষিণ আমেৰিকা আৰু এণ্টাৰ্কটিকাৰ বাহিৰে সমগ্ৰ পৃথিৱীতে বিভিন্ন পৰিৱেশত নিজকে খাপ খোৱাই লৈ এই কাউৰীবোৰে জীৱন নিৰ্বাহ কৰিছে। আমাৰ গাঁৱে-ভূঞে-চহৰে-নগৰে দেখা পোৱা পাটিকাউৰীটোকে কেতিয়াবা ভালদৰে মন কৰিবচোন! ঈছপৰ সাধুৰ কাউৰীটোৰ দৰেই ইহঁতৰো বুদ্ধিমত্তাৰ প্ৰমাণ আপুনি নিজেই হয়তো দেখা পাব।
তথ্যউৎস:
মজাৰ তথ্য।
ReplyDeleteধন্যবাদ গীতাৰ্থ!
Deleteপঢ়ি ভাল পালোঁ। অশেষ ধন্যবাদ।
ReplyDeleteউৎসাহ যোগোৱাৰ বাবে আপোনাকো ধন্যবাদ!
ReplyDelete