Monday, 5 January 2026

সূৰ্যোদয়ৰ দেশ জাপানত (৮)

মিছিমাৰ আকাশীপথ

জাপানৰ পাহাৰী নগৰী হাক'নেৰ ৰাতিপুৱা। গ'ৰাৰ পৰা বাছখন অকোঁৱা পকোঁৱা বাটেৰে পাহাৰৰ ওপৰলৈ উঠিছে। বাছৰ খিৰিকীৰ সিপাৰে দেখা দিছে হাক'নে পৰ্বতমালাৰ শাৰী শাৰী শিখৰ। উত্তৰৰ নিক্ক'ৰ দৰে ইয়াত শৰতে এতিয়াও পূৰ্ণ ৰূপত ধৰা দিয়া নাই। গতিকে দুই এটা হালধীয়া-সুমথিৰা কোণৰ বাহিৰে প্ৰায় সকলো ঠাই সেউজীয়া। কিন্তু সেই সেউজীয়াৰ তীব্ৰতা যেন চকু চাৎ মৰা- ইমান সতেজ (lush) আৰু প্ৰাচুৰ্যময়! যেন প্ৰকৃতিয়ে প্ৰাণ ঢালি ৰং বোলাই দিছে। অপলক নেত্ৰে সেই ৰূপ চাই গ'লোঁ। সেইৰূপেৰে দুয়ো যেন দেহ-মনলৈ কিছু সতেজতা অনাৰো চেষ্টা কৰিলোঁ। কাইলৰ জ্বৰীয়া গা- মোৰো জ্বৰ জ্বৰ ভাৱ এটা আৰম্ভ হৈছে। কিন্তু আজিৰ দিনটোত যে শুই থকা নাযায়-আজিৰ দিনটো আমাৰ বাবে মাউণ্ট ফুজি দৰ্শনৰ একমাত্ৰ সুযোগ! অতদিনে শুনি অহা জাপানৰ সকলোতকৈ সুপ্ৰসিদ্ধ ঠাই মাউণ্ট ফুজিৰ ৰূপ নিজ চকুৰে চোৱাৰ হেঁপাহৰ সন্মুখত জ্বৰীয়া গা কোন কূটা?!

প্ৰায় এঘণ্টাৰ বাছ যাত্ৰাৰ অন্তত দুয়ো মিছিমা চহৰত নামিলোঁগৈ। আমাৰ বিপৰীতমুখী হাক'নে লুপৰ প্ৰথম গন্তব্যস্থান, জাপানৰ আটাইতকৈ দীঘলীয়া ওলমা দলং এই মিছিমা স্কাইৱাক বা আকাশীপথ। হাক'নে লুপৰ এটা অংশ যদিও এই ওলমা দলংখন প্ৰকৃততে হাক'নে চহৰৰ সীমাৰ বাহিৰত মিছিমা চহৰতহে আছে। আকাশীপথৰ দিশে খোজ দি কাইলক ক'লোঁ,

'যি দেখিছোঁ আজি ইয়াৰ পৰা মাউণ্ট ফুজি দেখা পোৱাৰ আশা কম, নহয়?'

কাইলৈ মূৰ তুলি চালে। ঘন ডাৱৰৰ চাদৰৰ সুৰুঙাইদি অ'ত ত'ত নীলিম আকাশে কোনোমতে ভুমুকি মাৰিছে। কিন্তু সান্তনাৰ সুৰত সি ক'লে,

'ক'ব নোৱাৰি। বতাহৰ কোব যথেষ্ট- চোৱাচোন কেনেকৈ ডাৱৰবোৰ লাহে লাহে গৈ আছে। কোনোবা পাকত মাউণ্ট ফুজিয়ে ডাৱৰ ফালি দেখা দিবও পাৰে।'

মিছিমা আকাশীপথত মই

দুয়ো মনে-প্ৰাণে তাকে আশা কৰি মিছিমা আকাশীপথত ভৰি দিলোঁগৈ। মাউণ্ট হাক'নেৰ পশ্চিমে এক বিস্তৃত উপত্যকাৰ সেউজ অৰণ্যৰ ওপৰত এই চাৰিশ মিটাৰ দৈৰ্ঘ্যৰ ওলোমা দলং। উত্তৰে কিক'ৰ' ন' ম'ৰি বনাঞ্চল (Kicoro no Mori Forest)। পশ্চিমদিশে দিগন্তত ধৰা দিলে চুৰুগা উপসাগৰ (Suruga Bay) আৰু নোমাজু এল্পছ (Numazu Alps)-ৰ শিখৰ। ৩৬০ ডিগ্ৰীৰ সেই পেনোৰমিক দৃশ্য উপভোগ কৰি ওলোমা দলঙেৰে খোজ দি সঁচাই দেহ-মন পাতলি আহিল। সোঁমাজ পাই চকুত পৰিল সোঁহাতে এটা সৰু জলপ্ৰপাত, নাম মাটছুঅ' (Matsuo falls)। সেই জলধাৰা ধলধলাই নামি অহাৰ শব্দ, তলৰ অৰণ্যৰ পৰা ভাঁহি অহা চৰাই কিচিৰ মিচিৰ মাত- সকলো মিলি এক অপূৰ্ব প্ৰাকৃতিক দৃশ্যপট। 

মিছিমা আকাশীপথৰ সেউজীয়া আৰু দিগন্তত চুৰুগা উপসাগৰ আৰু নোমাজু এল্পছ

দলংখনৰ সিমূৰে আইচক্ৰীমৰ দোকান, ৰেষ্টোৰাঁৰ লগতে এক সংগ্ৰহহালা। তাৰ লগতে লাগি থকা উদ্যানখনত ছেগৱে', ট্ৰীৱাক আৰু জিপ লাইনিং আদিৰ দৰে প্ৰকৃতিৰ কোলাত কৰিব পৰা অভিযানৰ সুবিধাও আছে। সময়ৰ নাটনিৰ বাবে সেই লোভ সামৰি আমি আকৌ অহাবাটেৰে উভতিলোঁ। তাতে চকুত পৰিল, ওলোমা দলঙৰ সমান্তৰালকৈ থকা জিপ লাইনেৰে 'ওহোওওওও' কৈ চিঞৰি পাৰ হৈ গ'ল দুগৰাকী পৰ্যটক! উভতাৰ বাটত মিছিমা আকাশীপথৰ গিফট ষ্ট'ৰত এপাক সোমালোঁ। তাৰ প'ষ্টকাৰ্ডবোৰ চাই ঈৰ্ষা উপজিল মোৰ। ৰ'দোজ্জল দিনত সেই ওলোমা দলঙৰ পৰা মাউণ্ট ফুজিৰ কি যে মনোৰম ৰূপ! আজি আমাৰ ভাগ্যতহে সেয়া নিমিলিল!

'সময়-সুবিধা ওলাব দিয়া- এতিয়াও সময় আছে!' কাইলে ক'লে।

প'ষ্টকাৰ্ডত দেখা পোৱা ৰ'দোজ্জল দিনৰ মিছিমা আকাশীপথ আৰু মাউণ্ট ফুজি

শান্তিৰ প্ৰৱেশদ্বাৰ

এইবাৰ অহাবাটেৰে বাছে পুনৰ গতি ল'লে। গ'ৰালৈ যোৱা বাটৰ প্ৰায় আধাবাটত অশ্বি হ্ৰদ। হ্ৰদৰ পাৰত নামি এইবাৰ আমি খোজ দিলোঁ পীচ ট'ৰী (Hakone Jinjya Heiwa-no-Torii/ Peace Torii) বা শান্তিৰ প্ৰৱেশদ্বাৰলৈ বুলি। হ্ৰদৰ পানীত থিয় দি আছে সেন্দূৰবৰণীয়া প্ৰৱেশদ্বাৰৰ ছটা স্তম্ভ। এই স্তম্ভবোৰ জাপানী চাইপ্ৰেছ কাঠেৰে সজা।মাজৰ মূল উলম্ব স্তম্ভ দুটা (জাপানী ভাষাত হাশ্বিৰা)ৰ ওপৰত দ্বাৰৰ পথালি স্তম্ভ দুটা (নুকি আৰু কাছাগি)। প্ৰৱেশদ্বাৰৰ তলেৰে হ্ৰদৰ কিছু মাজলৈ যাব পৰাকৈ কংক্ৰিটৰ বাট এটা। তাৰ মাজেৰে হ্ৰদৰ নীলিম পানী আৰু চৌদিশৰ অৰণ্যৰ ৰূপ মনোৰম।

হাক'নেৰ শান্তিৰ প্ৰৱেশদ্বাৰত কাইল আৰু মই

এই ট'ৰী বা প্ৰৱেশদ্বাৰ হ্ৰদৰ পাৰতে থকা এহাজাৰ বছৰীয়া প্ৰাচীন শ্বিন্টো মন্দিৰ হাক'নে মন্দিৰ (Hakone Shrine)-ৰ অংশ।  শ্বিন্টো মন্দিৰৰ ট'ৰী গেটবোৰ পবিত্ৰতা আৰু অশুচিৰ মাজৰ সীমা বুলি গণ্য কৰা হয়। গতিকে আধ্যাত্মিকভাৱে এই প্ৰৱেশদ্বাৰ বহু গুৰুত্বপূৰ্ণ। পিছে এইখন প্ৰৱেশদ্বাৰ শেহতীয়াকৈ অতিকৈ জনপ্ৰিয় হৈ পৰিল সামাজিক মাধ্যমৰ জড়িয়তে। এই দ্বাৰৰ ফটো ইনষ্ট'গ্ৰামত ভাইৰেল হৈ পৰাৰ পিছত এতিয়া প্ৰতিদিনে শ শ পৰ্যটক আহে। তাৰ পৰিণতিতে কিজানি এতিয়া এই দ্বাৰৰ সন্মুখত নানা চৰকাৰী বিধি-নিৰ্দেশনা। ফটো তুলিবলৈ বিশেষ শাৰী ঠিক কৰি দিয়া হৈছে। প্ৰত্যেককে অনুৰোধ কৰা হৈছে- পোন্ধৰ মিনিটতকৈ বেছি সময় যাতে নলয়। 

অশ্বি হ্ৰদৰ পাৰৰ বাট

ভাগ্যক্ৰমে মানুহৰ ভিৰৰ পৰা হাত সৰাৰ বাবে আমাৰ কৌশলে আজি কাম দিলে। হাক'নে লুপৰ শেষৰফালে আবেলিহে ইয়াত পৰ্যটকৰ ভিৰ লাগে। গতিকে মানুহৰ শাৰীত থিয় নিদিয়াকৈয়ে নিৰিবিলিকৈ শান্তিৰ প্ৰৱেশদ্বাৰৰ ৰূপ উপভোগ কৰাৰ সুযোগ পালোঁ। 

হ্ৰদৰ পাৰে পাৰে অৰণ্যৰ মাজেৰে বাট এটা দেখি এইবাৰ সেইদিশে খোজ ল'লোঁ। পুৱাৰ সময় বাবে চৰাইৰ সক্ৰিয়তাও বেছি। ইফালে-সিফালে চৰাই চাই আগবাঢ়োঁতে কাণত পৰিল এটা বিশেষ মাত- টি-ট্ৰিৰি-ট্ৰি-টুৰি-টিটুই। মোৰ মনত তাৰ অসমীয়া অনুবাদ (mnemonics) -কি কৱ-কি কি হ'ল-কৈ দেঅ'! চিনাকি চিনাকি লগা মাতটোৱে মোক কৌতুহলী কৰি তুলিলে। ভালকৈ চাই দেখা পালোঁ, জোপোহা বাঁহৰ মাজত জপিয়াই ফুৰিছে এটা কণমানি চৰাই। ডাঠ সেউজীয়া দেহত ৰঙা ঠোঁট আৰু হালধীয়া ডিঙি। ক'লা দুচকুৰ চাৰিওফালে এটা পাতল হালধীয়া দাগ- দেখাত চছমা পিন্ধি থকাৰ দৰে।

'এইটোচোন ৰেড-বিলড লিঅ'থ্ৰিক্স (Red-billed Leiothrix) চৰাই!' মই প্ৰায় চিঞৰি উঠিলোঁ। 

ডক্টৰেট গৱেষণাৰ সময়ত নাগালেণ্ডত দেখা পাইছিলোঁ এই চৰাইবিধ। সেইবাবেই এই চিনাকি চিনাকি ভাৱ। পিছত গ'ম পালোঁ, দক্ষিণ চীন আৰু হিমালয়ৰ স্থানীয় এই চৰাইটো আশীৰ দশকত জাপানলৈ অনা হৈছিল- বিলাতী চৰাইৰ ব্যৱসায়ৰ বাবে। তাৰপৰাই ঘটনাক্ৰমে মুকলি হৈ চৰাইটো এতিয়া প্ৰাকৃতিক পৰিৱেশৰ অংশ হৈ পৰিল। এয়াও যেন মানুহৰ দূৰদৃষ্টিবিহীন কাৰ্যকলাপৰ এক নিদৰ্শন। খাদ্য আৰু বাহ সজা ঠাইৰ বাবে থলুৱা চৰাইৰ সৈতে প্ৰতিযোগিতা কৰি এনে যিকোনো বিলাতী প্ৰজাতিয়ে স্থানীয় পৰিস্থিতিতন্ত্ৰলৈ আশংকা আনি দিব পাৰে।

ৰেড বিল্ড লিঅ'থ্ৰিক্স চৰাই; ফটো: Dibyendu Ash

জলদস্যুৰ জাহাজেৰে যাত্ৰা

বতৰ তেতিয়াও ডাৱৰীয়া। দুয়ো গৈ অশ্বি হ্ৰদৰ পাৰত থকা ম'ট'হাক'নে পীয়েৰত থিয় দিলোঁগৈ। ক্ষন্তেক পিছতে চকুত পৰিল হ্ৰ্দৰ বুকুৰে আহি থকা জলদস্যুৰ জাহাজখন। হাক'নেৰ পৰ্যটনৰ এক বিশেষ আকৰ্ষণ এই জলদস্যুৰ জাহাজৰ যাত্ৰা (Sightseeing Pirate Cruise)।কাষ চাপি অহাৰ লগে লগে দেখা পালোঁ ৰঙা জাহাজৰ ওপৰত ৰছীৰে টানি ৰখা বহু খলপীয়া চেইল (sail) আৰু সন্মুখলৈ টোৱাই থকা কামানৰ লগতে ঢাল-তৰোৱাল লৈ সোণালী সৈনিকৰ প্ৰতিমূৰ্তি। কেইমিনিটমানৰ ভিতৰতে জাহাজখন ঘাটত লাগিল। দুয়ো পোনেই ওপৰৰ ডেকলৈ উঠি গ'লোঁ। সকলোতে জলদস্যুৰ বিভিন্ন ডিজাইন আৰু অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত- যেন সকলো দিশৰ পৰা পৰ্যটকক জলদস্যুৰ অভিজ্ঞতা দিয়াৰ প্ৰয়াস! পিছে এই জাহাজ কোনো স্থানীয় জলদস্যুৰ সৈতে জড়িত ইতিহাসৰ বাবে নহয়, কেৱল পৰ্যটনৰ বাবেই মুকলি কৰা হৈছিল।

অশ্বি হ্ৰদৰ বুকুত জলদস্যুৰ জাহাজ

লাহে লাহে জাহাজখনে অশ্বি হ্ৰদৰ নীলিম বুকুৰে বাট বুলিলে। তাৰ লগে লগে ভাঁহি উঠিল ইটোৰ পিছত সিটোকৈ পাৰৰ সেউজ পাহাৰবোৰ, হাক'নে মন্দিৰৰ শান্তিৰ প্ৰৱেশদ্বাৰ আৰু কেইবাখনো সৰু-বৰ নাও। হাজাৰ হাজাৰ বছৰৰ আগতে আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত এই হ্ৰদ সৃষ্টি হৈছিল হেনো। কিন্তু এতিয়া এই ঠেক দীঘলীয়া হ্ৰদটোৰ শান্ত বুকুত তেনে এক বিস্ফোৰক ঘটনাৰ যেন কোনো চিন-মোকাম নাই। এতিয়া ই অপূৰ্ব প্ৰাকৃতিক দৃশ্যৰে হাক'নেৰ প্ৰশান্তিময় আত্মাৰ প্ৰতীক হৈ ৰৈছে। জলদস্যুৰ জাহাজৰ পৰা প্ৰাণভৰি টানি ল'লোঁ সেই পেনোৰ'মিক দৃশ্য আৰু প্ৰশান্তিৰ ছাঁয়া।

অশ্বি হ্ৰদৰ বুকুৰ পৰা শান্তিৰ প্ৰৱেশদ্বাৰ

প্ৰায় এঘণ্টীয়া যাত্ৰাৰ শেষত আমাৰ জাহাজখন গৈ হ্ৰদৰ  উত্তৰ মূৰত থকা ট'গেণ্ডাই বন্দৰ (Togendai Port)ত লাগিল। ইতিমধ্যে আমাৰ পেট কলমলাবলৈ আৰম্ভ কৰিছিল। গতিকে তাতে থকা ৰেষ্টোৰাঁ এখনলৈ সোমাই গ'লোঁ। ৰেষ্টোৰাঁৰ মেন্যুত জলদস্যু আৰ্হিৰ কুকুৰা মাংস দেখি তাকে অৰ্ডাৰ কৰিলোঁ। এডাল দীঘলীয়া খৰিকাত মাংস, মিছা মাছ আৰু কেইবাবিধো পাচলিৰ পোৰা। লগতে এটুকুৰা নেমু আৰু বিলাহীৰ চাটনি। 
দিনটোৰ ঘুৰা-ফুৰাৰ শেষত সেই জলদস্যুৰ খাদ্যই যেন যথেষ্ট সকাহ দিলে।
হাক'নেৰ জলদস্যুৰ জাহাজত 

জলদস্যুৰ খাদ্যৰ জুতি লৈ থকাৰ মাজতে কাইললৈ চাই মই আচৰিত হ'লোঁ, 'তোমাৰ সোঁচকুটো বৰলে বিহাৰ দৰে ফুলি আছে। কি হৈছে, কাইল?'

'ইয়ে  হয় নেকি! আজি পুৱাৰে পৰা চকুটোৱে আমনি দি আছে। মাজতে এবাৰ জোৰেৰে মোহাৰি দিলোঁ কাৰণে ফুলিল নেকি!'

'বিষাইছে নেকি?'

'নাই- বিষ নাই। কিন্তু অস্বস্তিকৰ ভাৱ এটাহে আহি আছে- চকুত কিবা এটা সোমাই থকাৰ দৰে।'

ইতিমধ্যে তাৰ জ্বৰীয়া গা- তাতে আকৌ চকুৰ আমনি। কাইলৰ কাৰণে অলপ চিন্তাত পৰিলোঁ। 

'একো নাই দিয়া- আজি উভতি গৈ জিৰণি ল'লেই ঠিক হৈ যাব চাগৈ।' কাইলে ক'লে।

অশ্বি হ্ৰদৰ পাৰত জলদস্যুৰ খাদ্যৰ সোৱাদ

ওৱাকুডানি আগ্নেয়গিৰি

ট'গেণ্ডাই বন্দৰৰ লগতে লাগি আছে ট'গেণ্ডাই ষ্টেচন। তাৰ পৰা ওৱাকুডানি আগ্নেয়গিৰি (Owakudani) লৈ যাবলৈ ৰ'পৱেৰ বাবে সাজু হ'লোঁ। সেই ষ্টেচনৰ এটা মূৰত জলদস্যুৰ জাহাজৰ বাবে পৰ্যটকৰ দীঘলীয়া শাৰী দেখি কাইলে ক'লে, 'আমি হাক'নে লুপ বিপৰীত মূৰত আৰম্ভ কৰি ভাল কৰিলোঁ দেই!' 


ট'গেণ্ডাইৰ পৰা ওৱাকুডানিলৈ ৰ'পৱে

'সঁচাই! এতিয়া মাউণ্ট ফুজিয়ে দেখা দিলেই ভাগ্য মুকলি হয়!' হাঁহি হাঁহি মই ক'লোঁ। 

মাউণ্ট হাক'নেৰ নামনিৰ অপূৰ্ব সেউজীয়া অৰণ্যৰ ওপৰেৰে কেবল কাৰত গৈ থাকোঁতেও একেটা ভাৱেই দোলা দি থাকিল। স্বচ্ছ কাঁচেৰে আবৃত সৰু কেবল কাৰ। আমাৰ দৰে সকলো পৰ্যটকে সন্মুখৰ সলনি পশ্চিমদিশে ডাৱৰ ফালি মাউণ্ট ফুজিয়ে দেখা দিয়াৰ আশাত কেমেৰা সাজু কৰি ৰ'ল। এবাৰ  চকামকাকৈ সেই শিখৰ দেখা পাই বহুতে চিৎকাৰ কৰি উঠিল। কিন্তু এইবাৰো যেন ফুজিয়ে আমাক জোকাইহে গ'ল। পলকতে ডাৱৰৰ আঁৰত লুকাই পৰিল। পোন্ধৰ মিনিটৰ আকাশীপথৰ শেষত আমাৰ সন্মুখত ধৰা দিলে এটা শিলাময় অনুৰ্ব্বৰ যেন লগা পাহাৰে। তাৰ খাদৰ পৰা স্ৰ্পিল গতিৰে অহৰহ আকাশলৈ উঠি গৈছে ঘন বগা ধোঁৱাৰ কুণ্ডলী। ৰ'পৱেৰ পৰা নমাৰ লগে লগে নাকত লাগিল এক উৎকট গোন্ধ। চৌদিশে যেন হাজাৰ গেলা কণী!

'সেয়া হাইড্ৰ'জেন ছালফাইড নহয়নে?' কাইললৈ চাই মই ক'লোঁ। দুয়ো প্ৰায় দৌৰি যোৱাদি ষ্টেচনৰ পৰা ওলাই গ'লোঁ। জীৱনৰ প্ৰথমটো আগ্নেয়গিৰি চোৱাৰ উত্তেজনা আৰু কিছু আশংকা বুকুত লৈ।

অতপৰে দেখি অহা শৰতৰ পৰ্বতীয়া অৰণ্য আৰু প্ৰাচুৰ্যময় সেউজীয়াৰ এক বৈপৰীত্য এয়া। চৌদিশৰ  উকা পাহাৰৰ নামনিত এক বিশাল উপত্যকা। তাৰ বহু কোণৰ পৰা ধোঁৱাৰ বিশাল কুণ্ডলী উঠিছে। 

ওৱাকুডানি 

প্ৰায় ৩,০০০ বছৰ পূৰ্বে আগ্নেয়গিৰি উদগীৰণৰ ফলত ওৱাকুডানিৰ সৃষ্টি হৈছিল। এতিয়াও এই অঞ্চলটো ভূতাত্ত্বিকভাৱে সক্ৰিয় হৈয়েই আছে। গতিকে অহৰহ এই অঞ্চলটোৰ গতিবিধি পৰ্যবেক্ষণ কৰা হয়। পৰ্যটকে চাব পৰাকৈ কেইবাঠাইতো ৰেলিঙৰ ব্যৱস্থা কৰি দিয়া হৈছে। তাৰ পৰা আগলৈ প্ৰৱেশ নিষিদ্ধ। তেনে এটা ৰেলিঙত থিয় দি চাই ভাৱ হ'ল যেন পৃথিৱীৰ জ্বালামুখী শক্তিক তেনেই ওচৰৰ পৰা অনুভৱ কৰাৰ সুযোগ পালোঁ। প্ৰাকৃতিক শক্তি আৰু নিৰন্তৰ পৰিবৰ্তনৰ এক শক্তিশালী সোঁৱৰণ যেন সেয়া!

ওৱাকুডানিৰ ক'লা কণী
তাতে ওৱাকুডানিৰ অন্য এক আকৰ্ষণ ক’লা কণীৰো সোৱাদ লৈ চালোঁ।  ওৱাকুডানিৰ পানীত সিজোৱা সাধাৰণ কুকুৰাৰ কণী ক'লা হৈ আহে। ইয়াৰ চালফাৰ সমৃদ্ধ পানী আৰু আগ্নেয়গিৰিৰ খনিজ পদাৰ্থই কণীৰ খোলাটো ক’লা কৰি পেলায়। কিন্তু ভিতৰৰ অংশটো একেবাৰে স্বাভাৱিক আৰু খাব পৰা হৈ থাকে। স্থানীয় লোককথা অনুসৰি এনে এটা ক’লা কণী খালে সাত বছৰ আয়ুস যোগ হয়। তাৰ পৰিণতিতে পৰ্যটকৰ মাজত এই কণী ইমান জনপ্ৰিয়! কাইল আৰু মই চাৰিটা কণীৰ টোপোলা এটা কিনি তাতে খাই চালোঁ। তাৰ সোৱাদ যিকোনো সিজোৱা কণীৰ দৰেই। অৱশ্যে ওৱাকুডানিৰ ৰূপ উপভোগ কৰি সেই কণী খোৱাৰ আমেজেই বেলেগ যেন লাগিল!

ওৱাকুডানিৰ অঞ্চলটো বিশাল। পৰ্যটকৰ সাংঘাতিক ভিৰ বাবে ভালেসংখ্যক ভিউপইণ্টৰো ব্যৱস্থা কৰি দিয়া হৈছে। তেনে এঠাইতে মাউণ্ট ফুজিৰ দিশে মুখ কৰি  আমি এইবাৰ বহি ল'লোঁগৈ। আকাশত ঘন ডাৱৰ কিন্তু স্থৱিৰ হৈ থকা নাই। লাহে লাহে পশ্চিমলৈ গৈ আছে। গতিকে আমিও আজি ফুজি দৰ্শনৰ আশা এৰিব পৰা নাই। কোনোবা এচপৰা ডাৱৰ আঁতৰি যেন যিকোনো মুহূৰ্ততে উদ্ভাসিত কৰি দিব ফুজিৰ ৰূপ!

প্ৰায় আধাঘণ্টাৰ অপেক্ষা আৰু ক'লা কণীৰ টোপোলা খালী হোৱাৰ পিছত কাইলক ক'লোঁ, 'যাওঁ ব'লা।' মোৰ মাতত কিছু হতাশা, কিছু চিন্তা।

দেখিয়ে বুজিছোঁ, কাইলৰ গা বেয়া হৈ আহিছে। কাহ এটা আৰম্ভ হৈছে। লগতে সোঁচকুটো আগতকৈও ফুলি প্ৰায় মুদ খাই পৰিছে।

নীৰৱে উভতনি বাট ল'লোঁ ষ্টেচনলৈ বুলি। কেইখোজমান দি এনেয়ে এবাৰ ঘুৰি চাই কাইলে চিৎকাৰ কৰি উঠিল। আহ্‌ সেয়াচোন ঘন ডাৱৰৰ ওপৰত মাউণ্ট ফুজিৰ শিখৰ! দুয়ো পুনৰ দৌৰ দিলোঁ ভিউ পইণ্টলৈ। নিজৰ চৰ্ততে যেন মাউণ্ট ফুজিয়ে আমাৰ বহুদিনীয়া হেঁপাহটো পূৰ কৰিলে। কৃতজ্ঞতা আৰু প্ৰাপ্তিৰ আবেগে মোক বুৰাই পেলালে।

দিনটোৰ লুকা-ভাকুৰ অন্তত মাউণ্ট ফুজিৰ দৰ্শন


No comments:

Post a Comment