Tuesday 20 August 2013

বিচিত্ৰ প্ৰকৃতি:প্ৰাণীৰ সমাজত সহায়কাৰী

প্ৰকৃতিৰ জগতখন চিৰ ৰহস্যময়৷  এই বিচিত্ৰ জগতখনৰ বহু কথাই এতিয়াও আমাৰ বাবে আন্ধাৰতে আছে৷ সময়ৰ লগে লগে এই অজানা প্ৰকৃতিৰ নতুন নতুন দিশ উন্মোচিত হৈ আহিছে৷ ইয়াৰে বহু কথাই আমাৰ বাবে হয়তো আশ্চৰ্য্যজনক৷ চৰাইৰ সমাজত ঘটা সহযোগিতামূলক প্ৰজননো এনে এটা আশ্চৰ্য্যজনক পৰিঘটনা৷ আহকচোন চাওঁ, কি এই সহযোগিতামূলক প্ৰজনন?



প্ৰায়ভাগ চৰাইৰ মাজতে এহাল মতা-মাইকী যোৰ পাতি কণী পাৰি পোৱালি জগোৱাৰ নিয়ম৷ কিন্তু কিছুমান চৰাইৰ প্ৰজাতিৰ ক্ষেত্ৰত এই সচৰাচৰ নিয়মৰ ব্যতিক্ৰম দেখা যায়৷ এই চৰাইবোৰৰ ক্ষেত্ৰত মাক-দেউতাকৰ উপৰিও অন্য ওচৰ সম্পৰ্কীয় চৰায়ে একেটা বাহতে থাকি পোৱালি ডাঙৰ কৰে৷ এনেধৰণে নিজৰ সন্তান নোহোৱা স্বত্বেও পৰিয়ালৰ সম্পৰ্কীয় কণমানিহঁতৰ লালন পালনত যত্ন লোৱা প্ৰজননৰ ধৰণটোক জীৱবিজ্ঞানৰ ভাষাৰে সহযোগিতামূলক প্ৰজনন (co-operative breeding) বুলি কোৱা হয়৷ পূৰ্বতে বিজ্ঞানী সকলে প্ৰায় বিৰল বুলি গণ্য কৰা এই আচৰণ শেহতীয়াকৈ বহুতো জীৱ-জন্তু তথা চৰাই চিৰিকটিয়ে দেখুৱায় বুলি প্ৰমাণিত হৈছে৷ বৰ্ত্তমানলৈকে গৱেষণাত পোৱা তথ্য অনুসৰি বিশ্বৰ সমগ্ৰ চৰাইৰ প্ৰজাতিসমূহৰ ভিতৰত প্ৰায় ৯% চৰাই অৰ্থাৎ প্ৰায় ৮০০ বিধ প্ৰজাতিত আৰু কেইবিধমান স্তন্যপায়ী প্ৰাণী তথা মাছৰ প্ৰজাতিৰ ক্ষেত্ৰত এই আচৰণ দেখা যায়৷ এই প্ৰাণীবোৰক সাধাৰণতে সহায়কাৰী (helper) বুলি আখ্যা দিয়া হয়৷ 



মিয়েৰকেটৰ পৰিয়াল
স্তন্যপায়ী প্ৰাণীৰ ভিতৰত আফ্ৰিকাত পোৱা শিয়ালৰ এক প্ৰজাতি (black-backed jackal, Canis mesomelas)) তথা মিয়েৰকেট (meerkat, Suricata suricatta) নামৰ প্ৰাণীৰ সমাজত সহায়কাৰী থকা দেখা যায়৷ তেনেদৰে ভাৰত তথা প্ৰশান্ত মহাসাগৰত পোৱা এনিমন মাছৰ ক্ষেত্ৰত পোৱালিৰ যত্ন লোৱাত মাক-দেউতাকৰ বাহিৰেও অন্য মাছে সহায় কৰে৷ চৰাইৰ ভিতৰত আফ্ৰিকাৰ এটা জিঞাখাটী চৰাইৰ প্ৰজাতি ( White-fronted Bee-eater), উত্তৰ আমেৰিকাত পোৱা এবিধ কাঠোৰোকা (Red-cockaded woodpeckers) আদিয়ে এই আচৰণ দেখুৱায়৷ তেনেদৰে আমাৰ তেনেই চিনাকি পখৰা মাছৰোকা (Lesser-pied Kingfisher) ৰ সমাজতো সহায়কাৰী চৰাই থকা দেখা যায়৷ 

  •  সহায়কাৰীয়ে কৰেনো কি?
 সহায়কাৰীয়ে অন্যান্য চিকাৰী প্ৰাণীৰ পৰা বাহটোক প্ৰতিৰক্ষা দিয়ে৷ যেনে কণী বা পোৱালি খাবলৈ অহা সাপক জাক পাতি খেদি বা পৰিয়ালৰ অন্যান্য সদস্যক সতৰ্ক কৰি দিয়ে৷ ফলত ই পোৱালিবোৰৰ সুৰক্ষা নিশ্চিত কৰে৷ তাৰোপৰি ইহঁতে খাদ্য আদি গোটাই আনি পোৱালিক খুউৱাতো সহায় কৰে৷ ফলত পোৱালিৰ প্ৰকৃত মাক-দেউতাকৰ কষ্ট বহুখিনি লাঘব হয়৷ গতিকে পোৱালিৰ লগতে মাক-দেউতাকো বেছিদিন জীয়াই থাকে৷ কেতিয়াবা সহায়কাৰীয়ে বাহ সঁজাত তথা কণী উমনি দিয়াতো সহায় কৰে বুলি জনা যায়৷

  •  প্ৰকৃততে কোন এই সহায়কাৰী?
গৱেষণাৰ তথ্য অনুসৰি প্ৰায়বোৰ সহায়কাৰীয়ে পোৱালিৰ প্ৰকৃত মাক-দেউতাকৰ সম্পৰ্কীয় হয়৷ মতা-মাইকী উভয়ে সহায়কাৰীৰ ভূমিকাত অৱতীৰ্ণ হ’ব পাৰে কিন্তু সাধাৰণতে মাইকীতকৈ মতা সহায়কাৰীৰ সংখ্যা বেছি হোৱা দেখা যায়৷

পখৰা মাছোৰোকা
  • স্বাৰ্থান্বেষী নে নিস্বাৰ্থ সেৱা ?
জীৱ-জন্তু তথা চৰাই-চিৰিকটিৰ মাজত এনে ব্যৱহাৰ কিয় দেখা যায় সেয়া এতিয়াও বিতৰ্কিত বিষয়৷ জীৱবিজ্ঞানীসকলে এই প্ৰক্ৰিয়াটোক দুটা ভাগত ভগাই বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে-

১) পূৰ্ণবয়স্ক বয়সতো নিজাকৈ বাহ সাঁজি বংশবৃদ্ধি নকৰি কিয় পুৰণা বাহতে প্ৰয়োজনতকৈ দীঘলীয়াকৈ ৰৈ যায়? 

২) পোৱালিৰ লালন-পালনত কিয় সহায় কৰে?

এই প্ৰশ্ন দুটাৰ উত্তৰ কেইবাধৰণেও দিব পাৰি৷ হয়তো পূৰ্ণতাপ্ৰাপ্তিৰ পিছতো কোনো কোনো পৰিস্থিতিতন্ত্ৰত নতুনকৈ বাহ সাজিবলৈ প্ৰয়োজনীয় ঠাইৰ অভাৱ হয়৷ ফলত মাক-দেউতাকৰ পোৱালিবোৰ পিছৰবাৰ কণী পৰালৈকে পুৰণা বাহ এৰি যাবলৈ সক্ষম নহয়৷ কাৰণ সোনকালে পুৰণি বাহ এৰি গ’লে নতুনকৈ প্ৰজনন ক্ষম হোৱা এই চৰাইবোৰে অভিজ্ঞতাৰ অভাৱ তথা খাদ্যকে আদি কৰি প্ৰয়োজনীয় সম্পদসমূহ গোটাব নোৱাৰাৰ বাবে মৃত্যুমুখত পৰাৰ সম্ভাৱনা থাকে৷ এই ধাৰণাটো (The ecological constraints hypothesis; Selander, 1964)ৰ সমৰ্থনত গম পোৱা গৈছে যে পৰিস্থিতি অনুকূল হ’লে তথা বাহ সাজিব পৰাকৈ নতুন ঠাইৰ সন্ধান পালে সহায়কাৰীয়ে পুৰণি বাহটো এৰি গুচি যায়৷ 

অন্য এটা ধাৰণা ( Philopatry hypothesis; Stacey & Ligon 1987, Waser 1988) অনুসৰি সহায়কাৰীয়ে সন্মুখীন হোৱা বাধা বোৰতকৈ এই সহায়কাৰ্য্যৰ পৰা হোৱা লাভ-লোকচানৰ অংকইহে সিহঁতক এনে আচৰণ দেখুৱাবলৈ উদগনি যোগায়৷ এই ধাৰণা অনুসৰি ঠাইৰ অভাৱ নথকা স্বত্বেও কিছুমান পৰিৱেশত সহায়কাৰী চৰাই থকা দেখা যায়৷ গতিকে এই ধাৰণাই যুক্তি দিয়ে যে, মতা চৰায়ে মাক দেউতাকক নতুন পোৱালিৰ যত্ন লোৱাত সহায় কৰাৰ কাৰণ হৈছে ই উত্তৰাধিকাৰী সুত্ৰে পুৰণি ভৌগোলিক এলেকা (territory)ৰে এটা অংশ লাভ কৰে৷ কাৰণ সমূহীয়াকৈ থকাৰ বাবে নিজা এলেকাৰ আকাৰ কিছু ডাঙৰ হয়৷ তাৰোপৰি এনেদৰে পোৱালিৰ যত্ন লৈ সহায়কাৰীয়ে পিছত নিজৰ পোৱালিৰ তোলাৰ বাবে প্ৰশিক্ষণ লাভ কৰে বুলিও কোনোৱে মত পোষণ কৰে৷ 

আচলতে ভালকৈ চাবলৈ গ’লে এই দুয়োটা ধাৰণাই একেটা মুদ্ৰাৰ ইপিঠি সিপিঠিৰ দৰে৷ কাৰণ প্ৰথমটোৱে পুৰণা বাহ এৰি যোৱাৰ সংকট (risk) আৰু দ্বিতীয়টোৱে পুৰণা বাহতে থকাৰ লাভ সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ গতিকে দুয়োটাই বাহ এৰা আৰু থকাৰ মাজত লাভ-লোকচানৰ বিশ্লেষণ (cost–benefit analysis ) ৰ ওপৰত প্ৰতিষ্ঠিত৷ 

তাৰোপৰি দুৰসম্পৰ্কীয় প্ৰাণীয়েই সহায়কাৰীৰ ভূমিকাত অৱতীৰ্ণ হোৱাৰ অন্তৰালত অন্য এটা ক্ৰমবিৱৰ্ত্তন সম্পৰ্কীয় কাৰণো থকা বুলি ধাৰণা কৰা হয়৷ ক্ৰমবিৱৰ্ত্তনৰ ধাৰণা অনুসৰি সকলো জীৱৰে জীয়াই থকাৰ মূল উদেশ্য বংশবৃদ্ধি কৰা আৰু তাৰদ্বাৰাই ভৱিষ্যত প্ৰজন্মৰ বাবে নিজৰ সৰ্বোচ্চ সংখ্যক জিন এৰি যোৱা৷ ১৯৬৪ চনত প্ৰসিদ্ধ বিজ্ঞানী হেমিলটন (W. D. Hamilton) এ প্ৰমাণ কৰে যে যিহেতু প্ৰাণী এটাৰ একে প্ৰজাতিৰ সম্পৰ্কীয় প্ৰাণীৰ দেহত থকা জিনবোৰৰ মিল থাকে, গতিকে তেনে এটা প্ৰাণীৰ লালন-পালন কৰি জীৱন সুনিশ্চিত কৰিলে মূল প্ৰাণীটোও আংশিকভাৱে লাভান্বিত হয়৷ 

জীৱ-জন্তুৰ বিচিত্ৰ এই পৃথিৱীখনৰ বহু কথাই এতিয়াও আমাৰ অজ্ঞাতেই আছে ৷ তাৰ মাজতে শেহতীয়া গৱেষণাই আৱিস্কাৰ কৰা এনে মনোগ্ৰাহী কথাবোৰে এই ৰহস্যময় জগতখনৰ কিছু কিছু অংশ আমাৰ বাবে বোধগম্য কৰি তোলে আৰু সম্পূৰ্ণকৈ জনাৰ স্পৃহা অদম্য কৰি তোলে৷


সহায়ক গ্ৰন্থপঞ্জী: 
১) Cooperative breeding in birds: long term studies of ecology and behaviour-PB Stacey, WD Koenig - 1990 

২) Ecology and evolution of cooperative breeding in birds
-WD Koenig, JL Dickinson - 2004 

৩) Jetz, Walter; Rubinstein, Dustin R. (2011). "Environmental Uncertainty and the Global Biogeography of Cooperative Breeding in Birds" (PDF). Current Biology 21: 1–7.

৪) Ecological constraints, life history traits and the evolution of cooperative breeding (2000)-BJ Hatchwell, J Komdeur; Animal Behaviour 59: 1079-1086

1 comment: