Sunday 23 July 2017

এজাক ৰ’দৰ সন্ধানত (৮ শেষ খণ্ড): প’ৰ্ট’ৰ আমেজ লৈ দুটা দিন

পূৰ্বৰ খণ্ডসমূহ

ৰায়ানএয়াৰ আৰু জন ষ্টেইনবেক

অচিন আপোন মানুহ


পৰ্ট’ত মাথোঁ দুটা দিন আছিল আমাৰ৷ সময়ৰ টিকনিত ধৰি এই অতীব সুন্দৰ চহৰখন ভালদৰে চাই লোৱাৰ হেপাঁহতে আমি তিনিও গোটেইখন পিটপিটাই ফুৰিলো৷ এনেকুৱা কোনো এবাৰতে পৰ্ট’ৰ মেট্ৰ’ৰে ঘুৰি ফুৰোতে ভিৰৰ বাবে প্ৰজ্ঞা আমাৰ কাষৰ ডবাটোত উঠিল৷ মই আৰু বীৰ অন্য এটা ডবাত মুখামুখিকৈ বহি পৰিলো৷ মোৰ কাষতে এগৰাকী বয়সস্থ পটুৰ্গীজ মহিলা৷

ষ্টেচন ৰামাল'ডে৷ কেইজনমান মানুহ নামি গ’ল৷ আমাৰ তেতিয়াও বহুদূৰ যাবলৈ বাকী৷ এজন মানুহ সোমাই আহি বীৰৰ কাষৰ খালী চিটটোতে বহি পৰিল৷ মেট্ৰ’ চলিবলৈ আৰম্ভ কৰাৰ লগে লগে মানুহজনে বীৰলৈ চাই ইংৰাজীতে ক’বলৈ লাগিল,

’মই বৰ দুখীয়া৷ অলপ সহায় কৰিব পাৰিব নেকি?’

বীৰে কিছু দ্বিধাৰে মোলৈ চাই পঠিয়ালে৷ মানুহজনৰ সাজ-পোছাকত ক’তো দাৰিদ্ৰ্যৰ চিন নাই৷ তাৰ দৃষ্টি অনুসৰণ কৰি এইবাৰ মানুহজনে মোলৈ চাই একেখিনি কথাকে দোহাৰিলে৷ তেনেতে মন কৰিলোঁ, মোৰ কাষত বহি যোৱা মানুহগৰাকী হঠাত খচমচাই উঠিল৷ তেওঁলৈ চাই দেখোঁ, তেওঁ চকুৰে ইংগিত দিছে মানা কৰাৰ দৰে৷ মই নুবুজাৰ দৰে ৰৈ থকাত মানুহগৰাকীয়ে এইবাৰ ভৰিৰে মোৰ ভৰিত হেঁচুকি দিয়াৰ দৰেও কৰিলে৷ এইবাৰ মই মানুহজনলৈ চাই কৈ উঠিলো,

’ ন’, উই ক্যান্ট হেল্প ইউ! ছ’ৰী!’

মানুহজন নীৰৱ হৈ ৰ’ল৷ ক্ষন্তেক পিছতে উঠি কাষৰ ডবাটোলৈ খোঁজ দিলে৷ মোৰ কাষত বহি যোৱা সহযাত্ৰী গৰাকীয়ে এইবাৰ আমাক দুয়োকে আকাৰে ইংগিতে কথা ক’বলৈ লাগিল৷ আমি ইয়াকে বুজিব পাৰিলোঁ যে, এনেকৈ সহায় বা টকা বিচাৰি ফুৰা মানুহবোৰৰ আসৈ দিব নালাগে৷ পৰ্য্যটক দেখিলে এনেয়ে সুবিধা ল’ব খোঁজে৷ মানুহগৰাকীৰ আন্তৰিকতাখিনি দেখি সঁচাই ভাল লাগিল৷ আমি দুয়ো একেলগে কৈ উঠিলো,

’অ’ব্ৰিগেড’-অ’ব্ৰিগেড’!’ (ধন্যবাদ)

ষ্টেচনত নমাৰ পিছত প্ৰজ্ঞাক কাহিনীটো কোৱাত তাই হাঁহি হাঁহি কৈ উঠিল,

’ হেহ, সেই একেজন মানুহে মোকো টকা খুঁজিছিলহি নহয়! মই কি ক’লো জান? ক’লো, মই এটকাও উপাৰ্জন নথকা ষ্টুডেন্টহে-আচলতে আপুনিহে মোক সহায় কৰিব লাগে!

মানুহজনে মোৰ ফালে পেন্দোৱাকৈ চাই একো নোকোৱাকৈ গুচি গ’ল!’

ফাড’ৰ ৰাগীত এটা সন্ধিয়া

পৰ্ট’ৰ ফাড’ সংগীতৰ কথা অহাৰ দিনাৰে পৰা শুনি আছিলো৷ এদিন সন্ধ্যা প্ৰজ্ঞাৰ সৈতে ওলালো, ফাড’ৰ আমেজ লওঁগৈ বুলি৷ চহৰৰ মাজমজিয়াতে পতা এটা সংগীতানুষ্ঠান৷ সৰু মঞ্চ এখনৰ সন্মুখত কেইশাৰীমান চকী৷ গম পালো, এই অনুষ্ঠান প্ৰত্যেক সন্ধিয়াই আয়োজন কৰে আৰু দেশী বিদেশী পৰ্য্যটকৰ মাজত যথেষ্ট জনপ্ৰিয়৷ 

পৰ্টুগজ গীটাৰ ফাড’ৰ অপৰিহাৰ্য্য অংগ
ফাড’ এক প্ৰসিদ্ধ ৰ্পটুগীজ সংগীত৷ এই গীতসমূহ আমাৰ দেহবিচাৰৰ গীতৰ দৰে নীতিশিক্ষামূলক অথবা দাৰ্শনিক৷ মানৱ জীৱনৰ মায়া-মোহৰ ভংগুৰতা  সোঁৱৰাই দিয়ে হেনো এই গীতবোৰে৷ এজনে ক’লে, পৰ্টুগীজ একো বুজি নোপোৱা লোকেও ফাড’ শুনিলে চকুপানীক বাধা দি ৰাখিব নোৱাৰা হয়-এনে এক কাৰুণ্যৰ তীব্ৰতাৰে ভৰি থাকে ফাড’৷

আমি বহাৰ কিছুপৰৰ পিছতেই এগৰাকী গায়িকা মঞ্চলৈ উঠি আহিল৷ লগত  অন্য দুগৰাকী পটুৰ্গী গীটাৰবাদক৷ পটুৰ্গীজ গীটাৰ নহ’লে হেনো ফাড’ পৰিবেশন অসম্ভৱ৷ গায়িকাগৰাকীয়ে এটাৰ পিছত আনটোকৈ গীত গাই গ’ল-সুন্দৰ কন্ঠ আৰু পৰিবেশনেৰে ৷ প্ৰায়ভাগেই কৰুণ বা উদাস সুৰৰ৷ দুই- এটাহে কিছু আনন্দপূৰ্ণ৷ এটা শব্দও বুজি নাপালোঁ যদিও গীতৰ সাৰ্বজনীন ভাষা আৰু সুৰে আমাক চুই গ’ল৷

পৰ্ট ৱাইনৰ সোৱাদ


পৰ্ট’ৰ অলিয়ে গলিয়ে ইমানবোৰ উল্লেখযোগ্য ঠাই চালো যদিও যিটো আকৰ্ষণৰ বাবে পৰ্ট’ আটাইতকৈ বিখ্যাত সেয়া চাবলৈ এতিয়াও বাকী আছিল৷ এই বিশ্ববিখ্যাত পৰ্টুগীজ সম্পদবিধ হ’ল পৰ্ট ৱাইন৷ এই মদৰ বিশ্বৰ সকলো দেশতে আদৰ আছে৷ 


পৰ্ট লুইজ দলংখন পাৰ হৈয়ে ডউৰ’ নদীৰ পাৰত গয়া চহৰত বহুতো বিশ্ববিখ্যাত চেলাৰ (cellar) আছে ৷ সেই চেলাৰবোৰত গাইডেড ট্যুৰ ল’লে এই মদৰ ইতিহাস, প্ৰস্তুতিৰ পৰা আদি  সকলোখিনিৰ আকৰ্ষণীয় উপস্থাপন পোৱা যায়৷ পৰ্ট’ত আমাৰ সময় কমি আহিছিল৷ তথাপি এই আকৰ্ষণ উলাই কৰা আমাৰ তিনিওৰে বাবে অসম্ভৱ যেন ভাৱ হ’ল৷ অৱশেষত সিদ্ধান্ত হ’ল, লিভাৰপুললৈ উভতাৰ ফ্লাইট আছে আবেলি তিনিবজাত৷ পুৱাতে এপাৰ্টমেন্টৰ পৰা সকলো সামৰি ওলাই গ’লে সময় মিলাবগে পাৰিম কিজানি৷ ডউৰ’ নদীত নৌকাযাত্ৰা কৰি গয়াৰ পৰ্ট ৱাইন চেলাৰত ভুমুকি এটা মাৰি এয়াৰপৰ্টলৈ মেট্ৰ’ ধৰিমগৈ৷

কথামতেই কাম৷  ডউৰ’ নৈত নাঁৱেৰে পুৱাৰ ৰ’দ আৰু দুইপাৰৰ সৌন্দৰ্য্য  ৰ আমেজকণ ল’লোগৈ৷ সিদিনা আটাইতকৈ সোনকালে মুকলি থকা চেলাৰ আছিল কেলেম(Calem)৷ তালৈকে গ’লো৷ গম পালো, ট্যুৰ প্ৰায় এঘন্টীয়া৷ ইংৰাজীকে ধৰি প্ৰায় পাঁচ-ছয়টা ভাষাত এই ট্যুৰ ল’ব পাৰি৷ এজন উজ্বল মুখৰ ডেকা ল’ৰা আগবাঢ়ি আহি আমাৰ সৰু দলটোক ভিতৰলৈ মাতি নিলেহি৷ ল’ৰাজনৰ নাম-জোৱাও (Joao)৷

প্ৰথমেই জোৱাওৱে আমাক সৰু ৱাইন সংগ্ৰহালয় এটালৈ লৈ গ’ল৷ এই চেলাৰৰ ইতিহাস আৰু তাত তৈয়াৰ কৰা পৰ্ট ৱাইনৰ বিষয়ে তেওঁ বৰ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰিলে৷ গম পালো, কেৱল ডউৰ’ উপত্যকাত কৰা আঙুৰৰ পৰাহে পৰ্ট ৱাইন তৈয়াৰ হয়৷ পৃ্থিৱীৰ অন্য যিকোনো ঠাইতে সেই একেবিধ প্ৰক্ৰিয়াৰে কৰা ৱাইনে কেতিয়াও একে সোৱাদ আৰু নাম পাব নোৱাৰে৷ ইয়াৰ কাৰণ হ’ল, এই উপত্যকাৰ জলবায়ু আঙুৰ উৎপাদনৰ বাবে আটাইকৈ উপযোগী৷  

কেলেম চেলাৰৰ ভিতৰত পৰ্ট ৱাইন ৰখা বেৰেলবোৰ
পৰ্ট ৱাইনৰ বিশেষত্ব হ’ল, প্ৰাকৃতিক আঙুৰৰ স্পিৰিট এবিধ যোগ দি এই মদৰ কিন্বন প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হয়-ফলত এটা মিঠা সোৱাদ ৰৈ যায়৷ এইবাবেই পৰ্ট ৱাইনৰ এলকহলৰ পৰিমাণো অন্য মদতকৈ বেছি হেনো৷  এই মদ চেলাৰবোৰত শাৰী শাৰী বেৰেলত ৰাখি পুৰণি হ’বলৈ দিয়া হয়৷ প্ৰথমবাৰৰ কাৰণে জানিলো, পৰ্ট ৱাইনো চাৰিবিধ- ৰঙা আঙুৰৰ পৰা কৰা ৰুবী আৰু ৰ’জে পৰ্ট, বগা আঙুৰৰ হুৱাইট পৰ্ট; ট’নি পৰ্ট ৰঙা আঙুৰৰ পৰাই বনোৱা হয় কিন্তু, অ’ক কাঠৰ বেৰেলত ৰাখি পুৰণি হ’বলৈ দিয়াৰ বাবে কাঠৰ সৈতে জাৰণ হৈ এবিধ বিশেষ সোৱাদ সৃষ্টি হয়৷ প্ৰত্যেকবিধৰ খোৱাৰ সময়ো ভিন্ন-হুৱাইট ৱাইন খোৱা হয় মূল আহাৰৰ আগত আৰু ৰুবী আৰু ট’নি পৰ্ট খোৱা হয় আহাৰৰ পিছত ডিজাৰ্ট ৱাইন হিচাপে৷ 

সংগ্ৰহালয়ৰ শেষত আমি থিয় দিলোগৈ শাৰী শাৰী প্ৰকাণ্ড বেৰেলৰ মাজত৷ জোৱাওয়ে বেৰেলবোৰৰ দৈৰ্ঘ্য-প্ৰস্থ-ওজন সকলো ভাঙি পাতি বুজাই অৱশষত ক’লে,
’ইমানসময়ে পৰ্ট ৱাইনৰ ইমানবোৰ কথা শুনি শুনি আপোনালোকৰ কিজানি ইয়াৰ সোৱাদো ল’বলৈ খুউব মন গৈছে, নহয় জানো? আমি তাৰো ব্যৱস্থা কৰি থৈছোঁ৷’

আমাৰ মুখবোৰ উজ্বলি উঠিল৷ জোৱাওৰ পিছে পিছে গৈ আমি এটা হলঘৰ ওলালোগৈ৷ তাত আমাৰ প্ৰত্যেকৰে বাবে তিনিওবিধ ৱাইন সাজু কৰি ৰখা আছিল! আমাৰ উৎসাহী মুখবোৰ দেখি জোৱাওৱে ক’লে,

’আৰামকৈ বহি লৈ লাহে ধীৰে এই উৎকৃষ্ট ৱাইনৰ সোৱাদ লওক৷ মই আপোনালোকক আৰু আমনি নকৰোঁ৷’

জোৱাওক বিদায় দি আমি একোটাকৈ ফুলাম হাঁহি মুখত লৈ প্ৰথমটো গিলাচত চুমুক দিলো৷ আস-কি সোৱাদ! এনেতে মোৰ কেনেকৈ জানো হাতত ঘড়ীটোত চকু পৰিল! লগে লগে জাপ মাৰি উঠিলো৷ এক বাজি পাঁচ মিনিট! মেট্ৰ’ৰে আধাঘন্টা গৈ তিনিবজাৰ ফ্লাইট ধৰাৰ কথা! 

ট’নি, ৰুবী আৰু ৰ’জে ৱাইনৰ সোৱাদ লৈ
প্ৰজ্ঞা আৰু বীৰক সময় দেখুওৱাত সিহঁতো অস্থিৰ হৈ উঠিল৷ কি কৰা যায়! দস্তুৰমত দৌৰাৰ কথা- কিন্তু এই তিনিটা গিলাচ কেনেকৈ এৰি যাওঁ! ভাবিবলৈ সময় নহ’ল৷ আমাৰ সন্মুখত বহি ধীৰে-সুস্থিৰে পৰ্ট ৱাইনৰ সোৱাদ লৈ থকা দলৰ বাকীবোৰৰ আশ্চৰ্য্যান্বিত মুখবোৰ আওকাণ কৰি আমি তিনিও একেশোহাই প্ৰতিবিধ ৱাইন ডিঙিত ঢালি লৈ বাহিৰলৈ দৌৰ দিলো! তাৰপৰা ওলাই নৈৰ পাৰৰ পৰা দলঙলৈকে শাৰী শাৰী চিৰি বগাই কেনেকৈ ট্ৰিনিডাড মেট্ৰ’ ষ্টেচচন পালোহি ক’ব নোৱাৰোঁ৷ কিন্তু লিভাৰপুললৈ অহা ফ্লাইটখন আমি ঠিকেই ধৰিলোঁ!
হেপেঁহুৱা ৰ’দজাক হৃদয়ৰ ভিতৰে-বাহিৰে লৈ ঘৰমুৱা হ’লো

No comments:

Post a Comment