ছুইজাৰলেণ্ডৰ জেনেভা বিশ্ববিদ্যালয়ৰ এদল গৱেষকে শেহতীয়াকৈ এই ৰোগৰ জিনগত উৎস আৱিষ্কাৰ কৰিছে৷ তেওঁলোকৰ গৱেষণাই দেখুৱাইছে যে আমাৰ দেহৰ ’গ্লুড ১’ নামৰ এবিধ বিশেষ জিনৰ উৎপৰিৱৰ্তন (mutation) ঘটি হাইপাৰ-ইনছুলিজম সৃষ্টি কৰে৷ এই জিনে জি ডি এইচ নামৰ প্ৰ’টিনৰ সহায়ত অগ্ন্যাশয়ৰ পৰা ইনছুলিনৰ ক্ষৰণ নিয়ন্ত্ৰণ কৰে৷ জি ডি এইচ প্ৰ’টিন মুকলি হৈ থাকিলে এবিধ বিশেষ গ্ৰাহক অণুৰ সৈতে সংযোজিত হয়৷ এই সংযোজন প্ৰক্ৰিয়াই অগ্ন্যাশয়লৈ ইনছুলিন ক্ষৰণৰ বাবে সংকেত পঠিয়ায়৷ সাধাৰণ অৱস্থাত দেহত শৰ্কৰাৰ পৰিমাণ এক নিৰ্দিষ্ট সীমা অতিক্ৰম কৰি গ’লে এই প্ৰ’টিনবিধে অণুবিধৰ সংযোজন বন্ধ কৰি দিয়ে-ফলত ইনছুলিনৰ ক্ষৰণতো বাধা পৰে৷ কিন্তু ’গ্লুড ১’ জিনৰ উৎপৰিৱৰ্তন ঘটিলে জি ডি এইচ প্ৰ’টিনে একেৰাহে গ্ৰাহক অণুৰ সৈতে সংযোজিত হৈ ৰয়৷ ফলত প্ৰ’টিনৰ নিৰ্দেশত অগ্ন্যাশয়েও অনিয়ন্ত্ৰিতভাৱে ইনছুলিন ক্ষৰণ কৰি থাকে৷ এই উৎপৰিৱৰ্তিত জিন থকা ৰোগীৰ দেহত জি ডি এইচ প্ৰ’টিনে যকৃতত এম’নিয়াৰ পৰিমাণো অধিক কৰি তোলে বুলি গৱেষণাটোৱে প্ৰকাশ কৰিছে৷
বৰ্তমানে এই ৰোগৰ চিকিৎসাত দেহৰ পৰা অগ্ন্যাশয় সম্পূৰ্ণকৈ আঁতৰাই পেলোৱা হয়৷ এই প্ৰক্ৰিয়াৰ পৰা অন্যন্য জটিলতা সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে৷ তাৰোপৰি অগ্ন্যাশয় অবিহনে ৰোগী কৃত্ৰিমভাৱে বহুমূত্ৰ ৰোগত ভূগিব পাৰে৷ এই গৱেষণাই দেখুৱাইছে যে জি ডি এইচ প্ৰ’টিনত গ্ৰাহক অণুবিধৰ সলনি কৃত্ৰিম দ্ৰৱ্যৰ সংজোজন ঘটিবলৈ দিলে প্ৰ’টিন বিধে অগ্ন্যাশয়লৈ পঠোৱা সংকেত বন্ধ হ’ব পাৰে৷ ফলত অত্যাধিক ইনছুলিন ক্ষৰণো ৰোধ কৰিব পৰা যাব৷ গতিকে এই নতুন গৱেষণাই ’হাইপাৰ-ইনছুলিজম’ ৰোগৰ উন্নত চিকিৎসাৰ দিশ মুকলি কৰিছে৷
No comments:
Post a Comment