Thursday 21 September 2017

কণমান ভেকুলীৰ বধিৰতা

ৰঙালাও বেং (Pumpkin toadlet) - নামৰ দৰেই দেখাতো মৰমলগা এই কণমান বেং বিধ পোৱা যায় ব্ৰাজিলৰ আটলান্টিক অৰণ্যত৷ বিশ্বৰ সবাতোকৈ ক্ষুদ্ৰ ভেকুলীবোৰৰ এবিধ এই বেং৷ শেহতীয়াকৈ ব্ৰাজিল, ডেনমাৰ্ক আৰু ব্ৰিটেইনৰ এদল বিজ্ঞানীয়ে যুটীয়া এক গৱেষণাত ধৰা পেলাইছে যে এই বেঙৰ দুটা প্ৰজাতি বধিৰ-ইহঁতে নিজে মতা মাতো শুনা নাপায়৷ 

আঙুলিৰ মূৰত এটা ৰঙালাও বেং (Brachycephalus pitanga) 
চিত্ৰ: Sandra Goutte
কেমব্ৰিজ বিশ্ববিদ্যালয়ত সম্পন্ন কৰা এলানি পৰীক্ষাত গৱেষকৰ দলটোৱে আৱিষ্কাৰ কৰে যে ৰঙালাও বেঙৰ কাণৰ উচ্চ-কম্পনাংকৰ শব্দ শুনাৰ অংশটো অৱশেষাংগ (vestigial organ) হিচাপেহে আছে৷

জীৱ-জন্তুৱে মানুহৰ দৰেই মাতেৰে ইটোৱে সিটোৰ সৈতে যোগাযোগ ৰাখে৷ ভেকুলীবোৰে নিজৰ এলেকা বা টেৰিট’ৰী ওচৰ চুবুৰীয়াক জনাবলৈ, লগৰীক আকৰ্ষণ কৰিবলৈ আৰু বিপদ সংকেত দিবলৈ টোৰটোৰায়৷ নিজৰ মাতকে শুনা নোপোৱা স্বত্বেও টোৰটোৰোৱা এই ৰঙালাও বেঙৰ দৰে পৰিঘটনা প্ৰাণীজগতত অতিকৈ বিৰল৷ কাৰণ বিৱৰ্তনে প্ৰকৃতিক প্ৰতিটো প্ৰক্ৰিয়াতে মিতব্যয়ী হ’বলৈ বাধ্য কৰে৷ গতিকে নিজৰ মাজতে যোগাযোগ ৰাখিবলৈ মাতৰ প্ৰয়োজনীয়তা নোহোৱা হৈ যোৱাৰ পিছতো এই বেঙৰ মাত কিয় ৰৈ গ’ল?

ৰঙালাও বেং ৰঙালাওটোৰ দৰেই উজ্বল কমলা ৰঙৰ আৰু দিনৰ সময়ছোৱাত সক্ৰিয়৷ গতিকে গৱেষক দলটোৰ ধাৰণা যে, এই বেঙৰ ক্ষেত্ৰত দৃষ্টিয়ে শব্দৰ দ্বাৰা সম্ভৱ নোহোৱা যোগাযোগ বৰ্তাই ৰাখিব পাৰিছে৷ তাৰোপৰি মাত মতাৰ সময়ত ডিঙিৰ চালনায়ো চাক্ষুষ যোগাযোগত সহায় কৰিব পাৰে৷ ৰঙালাও বেঙৰ এই অকাৰ্য্যক্ষম শব্দৰ যোগাযোগ ব্যৱস্থা প্ৰাণীজগততে এক অদ্বিতীয় উদাহৰণ৷ এই বেঙৰ ভৱিষ্যত অধ্যয়নে প্ৰাণীজগতৰ যোগাযোগ ব্যৱস্থাত বিৱৰ্তনৰ প্ৰভাৱৰ এনে ৰহস্যসমূহৰ আঁত ভাঙিবলৈ সহায় কৰিব৷

No comments:

Post a Comment