Tuesday 1 January 2019

অপূৰ্ব আয়াৰলেণ্ড (অন্তিম খণ্ড)

উত্তৰ আয়াৰলেণ্ডৰ অপূৰ্ব সাগৰীয় বাট (Causeway Coastal Route)-ৰে আমাৰ বাছ আগবাঢ়িল৷ বাটৰ দুয়োপাৰে চলমান দৃশ্যবোৰৰ ঘনে ঘনে পট পৰিৱৰ্ত্তন হ’ল৷ ভাৱ হ’ল যেন এখন জীৱন্ত ছৱিৰ মাজেৰেহে আমিবোৰ গৈ আছোঁ! 



ক্ষন্তেকৰ বাবে যদি এহাতে শান্ত নিৰ্মল সাগৰ আৰু আনহাতে থিয় শিলাময় পাহাৰ, মুহুৰ্ততে সেয়া সলনি হৈ চকুৰ আগত ভাঁহি উঠিল সাগৰীয় এখন সৰু নগৰ আৰু ঘাঁহনি পথাৰত ভেড়াৰ জাক৷  গাইড আয়ানে আমাক কৈ গ’ল দুয়োপাৰৰ ঠাইবোৰৰ অতীত আৰু বৰ্তমানৰ কাহিনী৷ 

বুশ্বমিলৰ হুইস্কি

আবেলি আমাৰ বাছ ৰ’লগৈ এখন সৰু গাঁৱত৷ গাওঁখনৰ মাজেৰে বুশ্ব নৈ পাৰ হৈ গৈ উত্তৰ অন্ত্ৰিমৰ সাগৰত পৰিছেগৈ-যাৰ নামেৰে গাওঁখনৰ নাম ৰখা হৈছে বুশ্বমিল৷ এই গাওঁখন প্ৰখ্যাত ইয়াৰ চাৰিশবছৰ পুৰণি হুইস্কি প্ৰস্তুত কৰা উদ্যোগৰ বাবে৷ শুনিলো বিশ্বৰ ভিতৰতে এই উদ্যোগেই প্ৰথম সুৰা তৈয়াৰ কৰাৰ লাইচেন্স পাইছিল হেনো৷ ১৬০৮ চনতে ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ইয়াৰ গভৰ্নৰ থ’মাছ ফিলিপছক এই লাইচেন্স দিছিল৷ তাৰপিছত ক্ৰমান্বয়ে অ’ল্ড বুশ্বমিলৰ ’মল্ট হু্ইস্কি’ৰ খ্যাতি দেশ-দেশান্তৰলৈ বিয়পিবলৈ ধৰিলে৷ এবাৰ ভয়ানক জুয়ে সকলো গ্ৰাস কৰি পেলোৱাৰ পিছতো বুশ্বমিল পুনৰ জীয়াই উঠিল আৰু ২০০৮ চনত চাৰিশ বছৰীয়া জন্মদিন উদযাপন কৰিলে ধুমধামেৰে৷ 

বুশ্বমিলত হুইস্কিৰ বেৰেল

সকলো নামি গাওঁখনৰ ওচৰে পাজৰে খোঁজ দিলো৷ গাওঁখনৰ বাটে-পথে গৌৰৱময় অতীতক লৈ কৰা নানা চাইনবৰ্ড আৰু গ্ৰাফিটি চকুত পৰিল৷ ভিজিট’ৰ চেন্টাৰত হুইস্কিৰ সেই  ইতিহাস সুঁৱৰি হৰেক ৰকমৰ বস্তু৷ হুইস্কি চ’চৰ পৰা হুইস্কিৰ সুবাস থকা চকলেট, বিস্কুট, জামলৈকে৷ এইটো ইয়ালৈ আহিহে মন কৰিছোঁ৷ ইয়াতহে মন কৰিছোঁহি, বিভিন্ন খাদ্যৰ ৰেচিপিত  ৱাইন, বীয়েৰ, হুইস্কি ইত্যাদি খুবেই দৰকাৰী আৰু জনপ্ৰিয় সামগ্ৰী৷ 


বহুতে গৈ ওচৰৰ পাবখনত খন্তেক বহিলেগৈ বিখ্যাত হুইস্কিৰ সোৱাদ ল’বলৈ, কিছুমানে যি পাৰে কিনি ল’লে স্মৃতি হিচাপে৷ প্ৰায় এঘন্টামান তাতে কটাই আমিবোৰ বাছলৈ উভতি আহিলো৷ এইবাৰ বাছে গতি ল’লে আমাৰ শেষ আৰু দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষ্যস্থান জায়েন্টছ ক’জৱেলৈ বুলি৷

জায়েন্টছ ক’জৱে

জায়েন্টছ ক’জৱে বুশ্বমিল গাৱঁৰ পৰা মাথোঁ তিনি কিলোমিটাৰ আঁতৰত৷ কেইমিনিটমানৰ ভিতৰতে আমাৰ বাছ ৰ’লগৈ সাগৰৰ পাৰত৷ তাৰপৰাই ডাৱৰৰ লুকা ভাকুৰ মাজেৰে দেখা পালো ৰ’থলিন দ্বীপটো৷ শাৰী শাৰী গাড়ীৰ লানি৷ জায়েন্টছ ক’জৱেলৈ সাগৰৰ পাৰে পাৰে এটা দীঘলীয়া বাট৷ বাছৰ পৰা নামি সেই বাটেৰে অহৰহ অহা-যোৱা কৰি থকা মানুহৰ ভিৰত মিলি পৰিলোগৈ৷

ক’জৱেলৈ যোৱা বাটছোৱা

বতৰ খুবেই ডাৱৰীয়া৷ হয়তো ৰাতিলৈ পুনৰ বৰষুণ হ’ব৷ বতাহৰ হো-হোৱনি আৰু সাগৰৰ ঢ়ৌ শিলৰ গড়াৰ ঠেকা কোৱাৰ প্ৰচণ্ড গৰ্জন৷ অৱশ্যে বতৰে মানুহৰ উৎসাহ সেমেকাব নোৱাৰিলে৷ ভিন্ন বৰ্ণৰ ভিন্ন ভাষাৰ অলেখ অসংখ্য মানুহ-মানুহবোৰৰ উত্তেজিত পৰিতৃপ্ত চকু-মুখ !  প্ৰায় বিশমিনিটমান সাগৰৰ পাৰে পাৰে খোঁজ কঢ়াৰ পিছত থিয় দিলোগৈ জায়েন্টছ ক’জৱেৰ সন্মুখত৷ 


যিমান শুনিলেও, ফটোত দেখিলেও নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰা এটা পৰিঘটনা! চকুৰে মনালৈকে দেখা পালো, শাৰী শাৰী শিল৷ সকোলোবোৰ চেপেটা আৰু ষড়ভূজীয়৷ প্ৰতিটো শিলৰ আকৃতি ইমানেই একে আৰু ইটোৰ ওপৰত সিটো শিল ইমানেই সুন্দৰকৈ জাপি থোৱা আছে যে প্ৰাকৃতিক ভাৱে সৃষ্টি হোৱা বুলি বিশ্বাস কৰিবলৈ টান৷ গাইড আয়ানে কৈছিল, এইবোৰ হেনো পৃথিৱীৰ গৰ্ভত সৃষ্টি হোৱা বেছাল্টৰ থিয় স্তম্ভৰ টুকুৰাহে৷ বহুহাজাৰ বছৰৰ আগতে আগ্নেয়গিৰি উদগীৰণত স্তম্ভবোৰ ওলাই আহিল আৰু টুকুৰা টুকুৰ হৈ সিচঁৰিত হৈ পৰিল৷ শিলবোৰৰ অপ্ৰাকৃতিক যেন লগা সাদৃশ্যৰ মূল কাৰণো সেয়াই৷
জায়েন্ট ক’জৱে 

বৈজ্ঞানিক ব্যখ্যা যিয়েই নহওক আইৰিছ লোকগাঁথাই এই অবিশ্বাস্য পৰিঘটনাক লৈ গঢ়ি তুলিলে এক অনুপম কাহিনী৷ আইৰিছ উপাখ্যান অনুসৰি এই ক’জৱে আচলতে আইৰিছ দৈত্য ফিন মেককুলে সাঁজিছিল৷ ফিনে এদিন খৱৰ পালে যে স্কটিছ দৈত্য বেনাণ্ডনাৰে আয়াৰলেণ্ড দখল কৰাৰ পৰিকল্পনা কৰিছে৷ এদিন সঁচাকৈয়ে বেনাণ্ডনাৰে ফিনক যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনালে৷ তাৰ প্ৰস্তুতি কৰি  ফিন মেককুলে সাঁজি উলিয়ালে এই ক’জৱে  যাতে সাগৰেদি গৈ দুয়ো যুদ্ধৰ বাবে লগ হ’ব পাৰে৷ ইয়াৰে অৱশিষ্ট আজিৰ এই জায়েন্টছ ক’জৱে৷ 
জায়েন্ট ক’জৱেত ওপজা দিনৰ চেলফি

উপাখ্যানটো অৱশ্যে ইমানতে শেষ নহয়৷  যেতিয়া সেই বিয়াগোম স্কটিচ দৈত্য আহি পালে, শত্ৰুৰ বিশালাকায় ৰূপ দেখি ফিনে ভীষণ ভয় খালে আৰু সমুখ সমৰ বাদ দি বুদ্ধিৰ আশ্ৰয় ল’লে৷ গুণা-গঁথা কৰি বেনাণ্ডনাৰে ফিনক বিচাৰি অহাৰ সময়ত  ফিনৰ পত্নীয়ে তেওঁক কেঁচুৱাৰ দৰে জোলনাত শুৱাই ৰাখিলে৷  বেনাণ্ডনাৰে কেচুঁৱা ফিনক দেখি ভাবিলে,  কেচুঁৱাৰে যদি এই আকাৰ, বাপেক কেনে দৈত্যকায় হ’ব! এই কথা ভাবিয়ে ভয়ত তত হেৰুৱাই বেনাণ্ডনাৰ স্কটলেণ্ডলৈ পলাই গ’ল৷ কিন্তু যাওঁতে তেওঁ ক’জৱেটো ধ্বংস কৰি গ’ল যাতে ফিনে তেওঁৰ পিছ ল’ব নোৱাৰে৷ সেয়ে জায়েন্টছ ক’জৱেৰ বাটে বৰ্তমান স্কটলেণ্ড স্পৰ্শ নকৰেগৈ! আয়ানৰ মুখত এই লোকগাথাঁ শুনাৰ পিছত নিজ চকুৰে জায়েন্টছ ক’জৱে চাই অনুভৱ কৰিলো এই আশ্চৰ্য্যকৰ ঠাইখনে জগাই তোলা কৌতুহল নিবাৰণৰ বাবে মানুহৰ কল্পনাই কেনেকৈ চেঁকুৰৰ মালিব পাৰে, কেনেকৈ যুগ যুগ ধৰি সেই কিম্বদন্তি মানুহৰ মুখে মুখে চলি আহে!  

শ শ মানুহৰ মাজত বিলীন হৈ ময়ো পাখিলাহী পখিলাটি হৈ তল ওপৰ কৰি ফুৰিলো শিলৰ খটখটীবোৰেদি৷ সাগৰৰ প্ৰকাণ্ড ঢ়ৌবোৰে শিলত অহৰহ খুন্দা মাৰি তমোময় গৰ্জন কৰি কৰি সমগ্ৰ পৰিৱেশটোৱেই অপূৰ্ব কৰি তুলিলে৷ সন্ধিয়া নমাৰ পৰত  চপৰা চপৰ ওন্দোলা ডাৱৰে নীলিম আকাশখন লুকুৱাই পেলালেহি৷ হেঁপাহ পলুৱাই চাৰিওদিশৰ অপৰূপ শোভা উপভোগ কৰি এটা পৰিতৃপ্ত মন লৈ উভতনি খোঁজ পেলালো আমাৰ বাবে ৰৈ থকা বাছখনলৈ বুলি৷ ভাৱ হ’ল, ইয়াতকৈ বেছি আৰু কিহে মোৰ জন্মদিন স্মৰণীয় কৰি তুলিব পাৰে!

জীৱনৰ প্ৰথমটো সাগৰযাত্ৰা

অৱশেষত আয়াৰলেণ্ডৰ এই যাত্ৰাৰ অন্তিম দিনটো পালেহি৷ আগনিশাৰ দীঘলীয়া বাছ যাত্ৰাৰ ভাগৰ লৈয়ে কেৰলৰ ঘৰৰ মোৰ কোঠাটোত বয়-বস্তু সামৰাত লাগি পৰিলো৷ আয়াৰলেণ্ডৰ পৰা ইংলেণ্ডলৈ উভতাৰ পৰত ফ্লাইট নলৈ সাগৰেৰে যাম বুলি ঠিক কৰি থৈছিলো৷ বেলফাষ্টৰ পৰা লিভাৰপুললৈ নিয়মীয়াকৈ জাহাজ চলে৷ প্ৰায় আঠঘন্টাৰ বাট৷ জীৱনত কেতিয়াও সাগৰেৰে যাত্ৰা কৰি পোৱা নাই৷ গতিকে এইবাৰ এইটো অভিজ্ঞতাও হৈ যাওক বুলিয়ে ওলালো৷ সাগৰীয় উপসৰ্গ (চি চিকনেছ) বোৰৰ কথা ভাৱি মনটো অলপ অসহজ হৈ আছিল বাবে ফাৰ্মাচী এখনত তাৰ বাবে অগতীয়াকৈ খাব পৰা টেবলেটো লৈ ল’লো৷

পুৱা সাত বজা৷ মোৰ যোৱা কেইদিনৰ গৃহস্থ কেৰলক বিদায় জনাই ওলাই আহিলো৷ ৰাতি-পুওৱাই নাই তেতিয়াও৷ কিনকিনীয়া এজাক বৰষুণো আৰম্ভ হ’ল৷ কোনোমতে দৌৰাদৌৰিকৈ আহি বাছষ্টপত থিয় দিলোহি৷ ষ্টেনালাইন কোম্পানীৰ জাহাজ৷ বেলফাষ্টৰ জাহাজৰ বন্দৰটো পাবলৈ মই থকা ঠাইৰ পৰা বাছেৰে প্ৰায় আধাঘন্টা লাগে৷ বৰষুণৰ মাজতে বস্তু-বাহানি লৈ পালোগৈ৷ 

জাহাজৰ ডেকৰ পৰা উত্তৰ  সাগৰ

এনে দীঘলীয়া জাহাজ যাত্ৰাত মোৰ দৰে ’অন ফুট পেছেঞ্জাৰ’ সাধাৰণতে কমেই থাকে৷ প্ৰায়বিলাক যাত্ৰীয়ে নিজৰ গাড়ীৰে যাত্ৰা কৰে৷ কিছু পৰ লাউঞ্জত  অপেক্ষা কৰাৰ পিছত এটা সময়ত  জাহাজত উঠিলোগৈ৷ বিশাল জাহাজ-পাঁচটা ডেকৰ একেবাৰে ওপৰত যাত্ৰীৰ শাৰী শাৰী গাড়ীবোৰ৷ এটা ডেক মূলত:  ৰাজহুৱা ঠাই৷ তাত দীঘলীয়া যাত্ৰাৰ বাবে পৰ্যাপ্ত সা-সুবিধা আছে৷ অতিকৈ পৰিস্কাৰ পৰিছন্ন আৰু আৰামী চকীৰে কেইবাটাও বৃহৎ লাউঞ্জ, শিশুৰ খেলা-ধূলা কৰা ঠাই, এখন কেফে, ৰেষ্টুৰেন্ট, গেমচেন্টাৰ আনকি এটা সৰু চিনেমা হ’লো৷ বাকীবোৰ ডেকত হোটেলৰ সজ্জাৰ দৰেই শাৰী শাৰী কেবিন৷ মই পিছে দিনটীয়া যাত্ৰা বাবে বেলেগকৈ কেবিনো লোৱা নাছিলো৷ সেয়ে প্ৰায়খিনি সময় লাউঞ্জতে কটালো৷ 
জাহাজৰ কেফে

যাত্ৰী যথেষ্ট যদিও ভিৰৰ দৰে ভাব এটা নাহিল৷ হয়তো আহল বহল ঠাইৰ বাবেই তেনে নালাগিল৷ কেইগৰাকীমান বয়সস্থ মহিলাই একোখন আৰামী চকীত বহি ঊলৰ লাৰু আৰু শলালৈ নিবিষ্ট মনে কামত লাগি থাকিল৷ সৰু ল’ৰা-ছোৱালীবোৰ লৈ অহা পৰিয়ালৰ মাক-দেউতাকবোৰ ব্যস্ত হৈ লৰা ঢ়পৰা কৰি থাকিল শিশুৰ খেল-ধেমালিৰ ঠাইখিনিত৷ চিনেমা হ’লটোত ভুমুকিয়াই দেখিলো শিশুৰে এনিমেশ্যন ছবি এখন চলি আছে৷ দুৱাৰেদি পোহৰ সুমুৱাত মোলৈ ঘুৰি চালে কেইবাযোৰো কণমান চকুৱে৷ তাৰপৰা উলটি গৈ ৰেষ্টুৰেন্টতে বহিলোগৈ৷ 

জাকেজুমে যোৱা বহুতো মানুহে তাত একোখনকৈ টেবুল একপ্ৰকাৰ অধিকাৰ কৰি লৈয়ে ঘন্টাৰ পিছত ঘন্টা বীয়েৰৰ কেন লৈ আড্ডা দি থাকিল৷ চকুত পৰিল বাৰ-পোন্ধৰজনীয়া এটা পুৰুষৰ দল৷ বয়স হয়তো বিশৰ পৰা চল্লিশ মানলৈকে৷ সকলোৰে পিন্ধনত ফুলাম চাৰ্ট, ডিঙিত কৃত্ৰিম ফুলৰ মালা৷ ঘনে ঘনে  ৱেইটাৰে বীয়েৰৰ একোটাহঁত বৃহৎ জাৰ দলটোৰ টেবুলত পৰিবেশন কৰিলে আৰু একেটা হাৰতে টেবুলৰ পৰা উফৰি আহি থাকিল একোটাহঁত অট্টাহাস্য৷ নিশ্চয় বেচ্চেলৰেট পাৰ্টি! সন্ধিয়ালৈ দলটোৱে গান গাবলৈ আৰম্ভ কৰিলে৷ জাহাজৰ যাত্ৰীবোৰৰ কোনোৱে আমোদ পালে, কোনোৱে অলপ সময়ৰ বাবে গানত যোগ দিলে আৰু কোনোৱে অস্বস্তিত মুখ ঘুৰালে৷ সকলোৰে প্ৰতি নিৰ্বিকাৰ হৈ দলটোৰ মানুহখিনি পিছে আপোন পাহৰা হৈ ৰ’ল গান-আড্ডা আৰু বীয়েৰৰ মাজত৷

বতৰ ডাৱৰীয়াই হৈ থাকিল৷ সতেজ বতাহজাক গালে-মুখে লগাই মাজে মাজে ৰেলিঙত থিয় দিলোগৈ৷ চকুৰ সন্মুখতে বাৰে বাৰে সলনি হ’ল উত্তৰ মহাসাগৰৰ ৰং-ৰূপ৷ জাহাজৰ গতিয়ে নিৰন্তৰ অশান্ত কৰি তোলা সাগৰৰ পানীখনি আৰু চকুৰে মনালৈকে বতাহত নাচি থকা নীলিম ঢ়ৌবোৰে দেহ-মন আছন্ন  কৰি ৰাখিলে বহুপৰ৷ অনুভৱৰ পৃথিৱীতো ঢ়ৌ খেলি খেলি উঠা নমা কৰিলে ইটো সিটো বহুতো আবেগ৷ এনে মুহুৰ্ত্তবোৰেই যেন নীৰৱে বহু কথা কৈ যায়, বাৰে বাৰে উচ্ছল কৰি যায় হৃদয় ৷ 
অপৰূপ উত্তৰ সাগৰ

আঠঘন্টীয়া সাগৰ যাত্ৰাৰ সময়খিনি কেনেকৈনো পাৰ হৈ গ’ল গম নোপোৱাকৈয়ে নিশা সাতবজাত লিভাৰপুলত ভৰি থ’লোহি৷ তেতিয়া লিভাৰপুল মহানগৰী  মায়াময় হৈ উঠিছে সহস্ৰ ৰং বিৰঙী আলোকসজ্জাৰে৷
জাহাজৰ ডেকৰ পৰা সন্ধিয়াৰ লিভাৰপুল



----সমাপ্ত---- 

No comments:

Post a Comment