Monday 31 December 2018

২০১৮ বৰ্ষৰ সৰ্বশ্ৰেষ্ঠ দহটা অসমীয়া গীত

বছৰৰ শেষৰ দিনটোত উভতি চাবলৈ মন গ’ল অসমীয়া সংগীতৰ পৃথিৱীখনলৈ৷ মোৰ প্ৰিয় গীত মানে সেইবোৰ গীত যাৰ ভাষাৰ লালিত্যই, সুৰৰ ঝংকাৰে আৰু মোহনীয় কন্ঠই মোক নিমিষতে লৈ যাব পাৰে অন্য এখন জগতলৈ, যি ক্ষন্তেকতে হৃদয়লৈ কঢ়িয়াই আনিব পাৰে চিনা-অচিনা আবেগৰ একোটা ঢ়ৌ৷ মোৰ বাবে ২০১৮ বছৰটোৰ এনে দহটা সৰ্বশ্ৰেষ্ঠ গীত উল্লেখ কৰিছোঁ৷

১) ন যুঁজৰ ৰণুৱা:
ৰচনা: ইবছন লাল বৰুৱা 
সুৰ আৰু কন্ঠ: জয় বৰুৱা

এইটো এটা ঐতিহাসিক পটভূমিত ৰচিত গান৷ জয় বৰুৱাৰ শক্তিশালী কন্ঠত প্ৰতিফলিত হৈছে বিভিন্ন প্ৰান্তত অযত্নপালিত হৈ থকা একালৰ কোঁচ সাম্ৰাজ্যৰ ধ্বংসাৱশেষ সমূহে কৈ যোৱা অতীত গাথাঁ৷ নৰনাৰায়ণ-চিলাৰায়ে ষোল্ল শতিকাত গঢ়া সেই পৰাক্ৰমী সাম্ৰাজ্যই মহাপুৰুষ জনাৰ পৃষ্ঠপোষকতা কৰি অসমত সত্ৰীয়া সংস্কৃতিৰ বুনিয়াদ গঢ়িছিল ৷ গানটোৱে প্ৰত্যেক অসমীয়াক সোঁৱৰাই যাব সেই গৌৰৱময় অতীতৰ কথা, সোঁৱৰাই যাব সেই একেই মন্ত্ৰৰে, হৃদয় উথলি উঠা জাতীয়তাবাদেৰে বৰ্তমানেও অসমৰ বাবে, অসমীয়া জাতিটোৰ বাবে হাতে কামে লাগি পৰাৰ কথা৷ প্ৰত্যেক অসমীয়াৰ দেহ-মনত শিহৰণ জগাব পৰা সঁচা অৰ্থতে এটা খুব প্ৰেৰণাদায়ক আৰু শক্তিশালী গীত৷ ভিডিঅ’টোৰ চিত্ৰায়নো মনোমোহা৷ কোঁচ সাম্ৰাজ্যৰ বিভিন্ন ধ্বংসাৱশেষবোৰ, খাঁটি অসমীয়া জীৱনৰ ছৱিবোৰে মুহুৰ্ত্ততে মনলৈ কঢ়িয়াই আনে অসমৰ মাটিৰ সুবাস৷ এই সকলোবোৰ কাৰণতে ’ন যুঁজৰ ৰণুৱা’ এই তালিকাৰ প্ৰথম গীত৷



২) ফাগুণ
ৰচনা: পৰম্পৰাগত অসমীয়া হোলী গীত
সুৰ আৰু কন্ঠ: অৰূপজ্যোতি বৰুৱা

’ফাগুণ আইল’ ৰে’ অসমত চলি অহা হোলী গীতৰ কথাৰে অপৰূপ চিত্ৰায়ন আৰু সুমধুৰ কন্ঠেৰে সৃষ্ট এটা গীত৷ বালি চাপৰিৰ শুভ্ৰতাৰ মাজত হোলীৰ নানৰঙৰ সমাবেশ, ৰিব ৰিব ফাগুণৰ পছোৱা বা আৰু প্ৰকৃতিৰ ৰং-ৰূপক আকোঁৱালি ল’ব খোঁজা এদল মানুহৰ কি এক অপূৰ্ব চিত্ৰায়ন! অসমীয়া ভাষাত এনে অভিনৱ আৰু কলাসুলভ গানৰ ভিডিঅ’ কমেই দেখিছোঁ৷ Cultivators সকলৰ পৰা অনাগত দিনত এনেকুৱাই আৰু গীত পাম বুলি আশা কৰিছোঁ৷

৩) Ai'n'e Undak | মিৰিউদ  
ৰচনা: মিৰান এচ টি (Miran ST)
কন্ঠ: পবা গৌৰব (Poba Gourab)
সংগীত: অনুপ কলিতা

শুনিলেই মন-প্ৰাণ মুহি যোৱা এটা মিচিং গীত৷ পবা গৌৰবৰ কি অপুৰ্ব কন্ঠ! পিছে দুখৰ (হয়তো লাজৰো) কথা, এটা শব্দও বুজি নাপাওঁ! কিন্তু গীতটো আজিলৈকে কিমান বাৰ শুনিছোঁ আৰু চাইছোঁ হিচাপ নাই৷ গতিকে এইটো প্ৰিয় গীত নহৈ কেনেকৈ পাৰে! আশা কৰোঁ, মিৰিউদে এদিন গীতবোৰত চাবটাইটল অন্তৰ্ভুক্ত কৰিব৷ অথবা ভৱিষ্যতে এদিন নিজেও মিচিং ভাষা শিকিমগৈ৷



৪) নক্ষত্ৰ
ৰচনা: অভি শইকীয়া
কন্ঠ: শাংকুৰাজ কোঁৱৰ

যোৱাবছৰৰ ’জলপ্ৰপাত’ৰ পিছত নক্ষত্ৰ ৰেইনফৰেষ্ট ৰেকৰ্ডছৰ আন এটি অপূৰ্ব নিবেদন৷  অভি শইকীয়াৰ অপূৰ্ব ৰচনা আৰু শংকুৰাজৰ কন্ঠৰ যুঁটিয়ে নিশাৰ আকাশৰ সহস্ৰ নক্ষত্ৰৰ খেলাক ৰূপক হিচাপে লৈ কঢ়িয়াই আনিছে মানুহৰ চিৰ অন্বেষণৰ বিক্ষিপ্ত অনুভৱবোৰ৷ নিষ্পাপ শৈশৱৰ সোঁৱৰণি আৰু বাস্তৱ জীৱনৰ হাঁহাকাৰবোৰৰ মাজত দুলি থকা গানটো যেন আমাৰ দৰে অজস্ৰজনে বুকুত লৈ ফুৰা এটা জীৱন্ত গান!



৫) মনগীত
ৰচনা: মানস মহন্ত
সুৰ আৰু কন্ঠ: নীলোৎপল বৰা আৰু পাপন

আজিৰ অশান্ত আৰু হিংসাজৰ্জৰিত পৃথিৱীৰ বিমুঢ় মনবোৰলৈ শান্তি আৰু সম্প্ৰীতিৰ বাণী কঢ়িয়াই অনা গীত মনগীত৷ মৰমৰ মাত এষাৰি আৰু অকণমান সহানুভূতিয়ে যে আমাক এখুঁজি দুখুঁজিকৈ আগুৱাই লৈ যাব পাৰে সমন্বয়ৰ বাটত৷ মাত্ৰ প্ৰয়োজন সঠিক দিশত খোঁজটো দিয়াৰ, ইজনে সিজনৰ প্ৰতি সহায়ৰ হাতখন আগবঢ়োৱাৰ৷ ইয়াতকৈ শক্তিশালী বাৰ্তা কি হ’ব পাৰে এই ৰুদ্ধশ্বাস সময়ত? নীলোৎপল আৰু পাপনৰ মনোমোহা কন্ঠ আৰু সুৰৰ কথা বেলেগকৈ দোহৰাৰ হয়তো প্ৰয়োজনেই নাই৷

৬)  ল’ৰালি
ৰচনা সুৰ আৰু কন্ঠ: শাংকুৰাজ কোঁৱৰ

বাস্তৱ জীৱনৰ ক্লান্ত এখন হৃদয়ে শৈশৱৰ সোঁৱৰণিৰ মাজত বিচাৰি যায় হেৰোৱা প্ৰশান্তি৷ শৈশৱতে যে কেনে এক নিষ্পাপ পৃথিৱীত আপোন পাহৰা হৈ ৰওঁ আমি৷ নষ্টালজিক সেই সময়খিনিকে কলা-বগা নানা চিত্ৰৰে জীৱন্ত কৰাৰ প্ৰচেষ্টা গায়কৰ৷ হেৰোৱা ল’ৰালি উভতাই পোৱাৰ হাঁহাকাৰৰ মাজতো আমি সকলোৱেই হয়তো স্বীকাৰ কৰি লওঁ শৈশৱৰ স্থান মাথোঁ সোঁৱৰণিত৷ স্বীকাৰ কৰি লওঁ ৰুঢ় বাস্তৱৰ মুখামুখি হ’লেই কাঁচৰ ঘৰৰ দৰে থনথনাই ভাঙি পৰিব সেই ল’ৰালিৰ সৌধ৷


৭) We shall overcome
ৰচনা: ৰাহুল গৌতম শৰ্মা
সুৰ আৰু কন্ঠ: অৰুপজ্যোতি বৰুৱা

হাজাৰ ধুমুহাই বাট ভেঁটিলেও আমি আগবাঢ়ি যাব লাগিব জীৱনৰ বাটত৷ এই প্ৰেৰণাদায়ক বাৰ্তাটোকে দি গৈছে অৰুপজ্যোতি বৰুৱাৰ কন্ঠৰ ’We shall overcome’ গানটোৱে৷ শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিশুসকলৰ সংগ্ৰাম আৰু সপোনৰ অপৰূপ চিত্ৰায়নেৰে ভিডিঅ’টোও আকৰ্ষণীয়৷ হাতে হাত ধৰি পোহৰৰ সন্ধানত জীৱন সংগ্ৰামত সাহসেৰে আগবাঢ়ি যোৱাৰ বাবে সকলোকে অনুপ্ৰেৰণা যোগাব গানটোৱে৷


৮) আজি ৰাতি

ৰচনা: অনুৰাধা শৰ্মা পূজাৰী
সুৰ: কাজল শৰ্মা
কন্ঠ: অনিন্দিতা পল

ভালপোৱাৰ নৈত উটি যোৱা এটি মায়াবী নিশাৰ মনোৰম চিত্ৰায়ণ ’আজি ৰাতি’৷ অনুৰাধা শৰ্মা পূজাৰীৰ অপূৰ্ব কথা আৰু অনিন্দিতা পলৰ সুমধুৰ কন্ঠই জীৱন্ত কৰি তুলিছে প্ৰেমৰ সেই চিৰন্তন ভাষা য’ত সময়ৰ আঁত হেৰাই যায়, য’ত একাকাৰ হৈ পৰে দুটি সত্তাৰ অবুজ আবেগ, পাৰ ভঙা বাসনা৷ গানটোত ৰূপকৰ ব্যৱহাৰ অনন্য! কপিল বৰা আৰু জেৰিফা ৱাহিদৰ অভিনয়েও গানটোৰ ভাৱ-ভাষা প্ৰতিফলিত কৰাত সফল হৈছে বুলি ভাৱো৷



৯) সৰু সৰু আশাবোৰ
ৰচনা, সুৰ আৰু কন্ঠ: তৰালী শৰ্মা


কেলেণ্ডাৰ ছবিখনৰ এটি গীত ’সৰু সৰু আশাবোৰ’৷ জীৱনৰ ৰং বিৰঙী আশা-হতাশা, সুখ-দুখ সকলো সামৰিও জীৱন উপভোগ কৰাৰ স্পৃহাক কঢ়িয়াই আনে গানটোৱে৷ বাৰে বাৰে সুখৰ বাটটোৰ আঁত হেৰায়, সপোন ভাগে থুনুকা কাঁচৰ দৰে আৰু উপেক্ষিত হৈ ৰয় অভিমানবোৰ৷ কিন্তু তৰালী শৰ্মাৰ শক্তিশালী কন্ঠই কৈ যায়, ’তথাপিও জীৱন, ভালপাওঁ তোক মই!”

১০)  সেউজীয়া
ৰচনা: জ্যোতি-বিষ্ণু আৰু ৰবীন্দ্ৰনাথৰ গীত
সুৰ আৰু কন্ঠ: অনিন্দিতা পল

’সেউজীয়া’ অনিন্দিতা পলৰ এটা সাহসী আৰু অভিনৱ প্ৰচেষ্টা৷ জ্যোতি-বিষ্ণু আৰু ৰবিন্দ্ৰনাথ ঠাকুৰৰ কেইবাটাও গানৰ সংমিশ্ৰণেৰে সেই কিম্বদন্তীসকলৰ গীতৰ মাজত আধুনিক এক উমৈহতীয়া সম্পৰ্ক আনিবলৈ চেষ্টা কৰিছে৷ এই প্ৰচেষ্টাত কালজয়ী গীতসমূহে যাতে স্বকীয় ৰূপ নেহেৰুৱায় তাৰ বাবেও সচেষ্ট হোৱা বাবে ভাল লাগিছে৷ অসমীয়া সংগীতত এনে পৰীক্ষামূলক আৰু সৎ প্ৰচেষ্টা হয়তো কম৷


বিশেষ উল্লেখ:


১) ৰৈ ৰৈ ধেমালি
সুৰ আৰু কন্ঠ: নীলোৎপল বৰা

পৰম্পৰাগত বিহুগীতকে আধুনিক চিত্ৰায়নেৰে তুলি ধৰিছে নীলোৎপল বৰুৱাই৷ যিকোনো বতৰতে অসমীয়াৰ হৃদয়লৈ বিহুৱা বা কঢ়িয়াই আনিব পৰা এটা গীত৷ সেয়ে বিশেষ উল্লেখ নকৰি নোৱাৰিলো৷



২) মই ভাগৰা নাই
ৰচনা: পাৰ্থজিত বৰুৱা
সুৰ আৰু কন্ঠ: জয় বৰুৱা

জীৱনৰ বিয়লি বেলা সোঁৱৰণিৰ মায়াৰে বাস্তৱৰ অৰ্থ বিচৰা এজন মানুহৰ প্ৰতিচ্ছৱি আঁকিছে গীতটোৱে৷ নিসন্দেহে ২০১৮ বছৰটোৰ এটা উল্লেখযোগ্য গীত৷


৩) চুই দিয়ানা
ৰচনা আৰু সুৰ: পলাশ সূৰ্য্য গগৈ
কন্ঠ: দীপলিনা ডেকা

এটা মনপৰশা ৰোমান্টিক গান৷ বিয়াৰ দুৱাৰদলিত এগৰাকী যুৱতীৰ হেঁপাহ আৰু সপোনবোৰক চিত্ৰায়ণ কৰিছে দীপলিনাই নিজে৷ গানটোৰ সুৰ অপূৰ্ব৷



বি: দ্ৰ: ইউটিউবত গীতকেইটিৰ প্লে’লিষ্ট

1 comment:

  1. অতি অপূৰ্ব তালিকা। গীতকেইটী বৰ মনোমোহা। আপোনাক ধন্যবাদ।

    ReplyDelete