কেতিয়াবা একো একোটা কাহিনীয়ে দিনৰ পিছত দিন, বছৰৰ পিছত বছৰ মন আকাশত দোলা দি থাকে ৷ দৈনন্দিন জীৱনৰ ব্যস্ততাৰ সৈতে দিনবোৰে বাগৰ সলায়, কিন্তু এই সকলো উখল-মাখলৰ আঁৰতো হৃদয়ৰ এক নিভৃত কোণত স্থিৰ হৈ ৰয় এখন জলমল প্ৰতিচ্ছৱি৷ ব্যস্ত জীৱনৰ কোলাহলে, সময়ৰ আচোঁৰে অকণো ম্লান কৰিব নোৱাৰে সেই কাহিনী৷ মোৰ বাবে এইটোও এনে এটা কাহিনী, এনে এখন নজহা-নপমা প্ৰতিচ্ছৱি!
মনত পৰা বয়সৰ পৰা কাহিনীটো শুনি আহিছোঁ মা বা ঘৰৰ অন্য কাৰোৱাৰ মুখেৰে৷ শুনি শুনি মনতে গঢ় লৈ উঠিছে সেই প্ৰতিচ্ছৱি- বিহপুৰীয়াৰ এটা সৰু ভাড়াঘৰত এটা অস্বস্তিকৰ নিশা৷ ভাতসাঁজ খাই উঠাৰ পিছতে হঠাৎ মাৰ গা-মূৰ বেয়া লাগি আহিছে৷ চুবুৰীয়া এগৰাকীয়ে খৰধৰকৈ ডাক্তৰক মাতিবলৈ ওলাই গৈছে৷ শৰতৰ সেই নিয়ৰসিক্ত নিশাতো মাৰ কপালত বিৰিঙি উঠিছে বিন্দু বিন্দু ঘাম ৷ বিছনাৰ একাষে বহি লৈ বিচনীৰ বা দি দি চুবুৰীয়া দুগৰাকীমান মহিলাই গুণগুণকৈ কথা পাতিছে, ’সাতমাহ পাৰ হৈছেহে, ইমান সোনকালে হ’ব জানো!’
ডাক্তৰ সভাপণ্ডিত আহি পাইছে৷ লগে লগে সকলোৰে উদ্বিগ্ন খোঁজবোৰ দুকোঠলীয়া ঘৰটোত সিচঁৰতি হৈ পৰিছে ৷ সকলো উৎকৰ্ণ হৈ ৰৈছে বেৰৰ সিপাৰৰ পৰা নতুন আৰম্ভণিৰ বতৰা লৈ ভাঁহি অহা এটা ৰু ৰুৱনিৰ বাবে ৷ কিন্তু ঘড়ীৰ কাঁটাই ঘন্টাৰ বাগৰ সলাবলৈ নৌপাওঁতেই কান্দোনৰ সলনি ডাক্তৰৰহে মাত শুনা গৈছে৷ মানুহবোৰৰ মাজত গুণগুণনি উঠিছে; কি? কি হৈছে? কেঁচুৱাই কন্দা নাই কিয়? কোনোবা এগৰাকীয়ে মাৰ ক্লান্ত অথচ উৎকন্ঠিত মুখখনলৈ চাই কৈ উঠিছে,
’বাইদেউ, কেঁচুৱাই উশাহেই লোৱা নাই চোন!’ মাৰ হৃদয়খন ধক্ কৈ কোঁচ খাই গৈছে!
গোটখোৱা মানুহবোৰৰ মাজত উচপিচনি আৰম্ভ হোৱাৰ আগতেই ডাক্তৰ সভাপণ্ডিত ততাতৈয়াকৈ আগবাঢ়ি গৈছে সদ্যোজাতৰ কাষলৈ৷ কণমান মূৰটো এখন হাতেৰে আলফুলে অলপ ওপৰমুৱাকৈ ধৰি লৈ তেওঁ মুখেৰে ঠেলি পঠিয়াবলৈ চেষ্টা কৰিছে এছাটি প্ৰাণচাঞ্চল্য – মোৰ শৰীৰলৈ- মোৰ হৃদয়লৈ৷ কেইটামান উদ্বিগ্ন-কাতৰ মুহুৰ্ত্ত৷ এটা প্ৰথম উশাহৰ আশাত ৰৈ যোৱাৰ উপক্ৰম হৈছে কোঠাটোৰ বহুজনৰ উশাহ৷ আৰু এটা সময়ত মই স্বকীয়ভাৱে টানি লৈছোঁ এটি ক্ষীণ উশাহ- তাৰ পিছত আৰু এটা- তাৰ পিছত আৰু এটা! মই জী উঠিছোঁ৷ ওলাওঁ নোলাওঁকৈ ৰু ৰুৱাই অহা এটা দুৰ্বল কান্দোনে কোঠাটোৰ জড়তা আঁতৰাই পেলাইছে৷
সেই যে এটা কান্দোন ওলাল, তাৰ পিছত বহু দিনলৈ, বহু মাহলৈ মই হেনো কান্দিয়েই কটালো৷ অবিকশিত শৰীৰৰ সৰু- বৰ বহুতো যন্ত্ৰণা দেও দি পিছে এদিন মই ডাঙৰ হ’লো, ভালকৈ খোঁজ কাঢ়িবলৈ নিশিকাকৈয়ে দৌৰিবলৈ হেঁপাহ কৰা হ’লো, সকলো কামতে সময়ৰ টিকনিডাল হাকুটিয়াবলৈ অহৰহ লাগি থকা হ’লো- মাৰ ভাষাত ’জন্মৰ সময়ৰ খৰখেদাই মোক কেতিয়াও লগ এৰা নিদিলে’!
সেই কাহিনীৰ বাৰ বছৰ পিছত দেউতাৰ চাকৰিৰ ঘন বদলিৰ জহতে বহুকেইখন ঠাই ঘুৰি ফুৰি এটা সময়ত আমাৰ পৰিয়ালটো উত্তৰ লখিমপুৰ পালেহি৷ নতুন ঠাই, নতুন স্কুল- নতুনত্বৰ সেই ৰাগী মাৰ নাযাওঁতেই এদিন কোনোবাই মোক আঙুলীয়াই দেখুৱালে,
’সেইটো সভাপণ্ডিতৰ ঘৰ৷ তোৰ জন্মৰ সময়ত আহিছিল যে!’
মই চাই পঠিয়ালো৷ ধূলিময় বাটটোৰ কাষতে এখন সৰু লোহাৰ গেট৷ গেটৰ দুয়োফালে ওখ সেউজীয়া হেজৰ লানি ৷ সৰু চোতালখন পাৰ হৈয়ে এখন গ্ৰীলেৰে আৱৰা বাৰাণ্ডা- দুৱাৰমুখতে জিলিকি আছে এখন নামফলক- ’ডা° বি চি সভাপণ্ডিত’
এয়াই সেই সভাপণ্ডিত, যাৰ বাবে মই আজি খোঁজ দিছোঁ, খেলিছোঁ, হাহিছোঁ, কান্দিছোঁ! চমকি উঠিলো মই৷ ভীষণ ইচ্ছা হ’ল এবাৰ তেওঁক চোৱাৰ৷ এবাৰ সেই প্ৰতিচ্ছৱিক কল্পনাৰ পৃথিৱীৰ পৰা তুলি আনি বাস্তৱৰ পৰশ দিয়াৰ৷ লোহাৰ গেটখনৰ সুৰুঙাৰে যিমানদূৰ পাৰোঁ ভিতৰলৈ চাই চাই কল্পনা কৰিলো, কেনে হ’ব বাৰু মানুহজন! মোৰ মনত বছৰ বছৰ ধৰি গঢ় লৈ উঠা ব্যক্তিজনৰ সৈতে কিবা সাদৃশ্য বিচাৰি পামনে? তেওঁৰ সোঁৱৰণিৰ কোনোবা পৃষ্ঠাত অঁকা আছেনে শৰতৰ সেই নিশাটো? কোনো উত্তৰ নাছিল- কাৰণ বাস্তৱত উত্তৰ বিচৰাৰ সাহস নাছিল মোৰ! ভয় হৈছিল আশৈশৱ কঢ়িয়াই ফুৰা সেই প্ৰতিচ্ছৱি বাস্তৱৰ নিৰ্মম পৰশ পোৱা মাত্ৰেই কাঁচৰ দৰে ভাঙি চুৰমাৰ হৈ যাব বুলি!
কলেজত পঢ়া দিনবোৰত কেইবাবছৰ ধৰি প্ৰায় প্ৰতিদিনেই সেই ঘৰৰ সন্মুখেৰে অহা-যোৱা কৰিলো৷ প্ৰতিবাৰেই ভাৱোঁ, এবাৰ লগ কৰিলে কেনে হয়! কিন্তু পলকতে মনটো সংকুচিত হৈ উঠে৷ ভাৱোঁ, কি বুলি ক’ম তেওঁক? আপুনি সাক্ষ্য থকা বহুতো শিশুৰ জীৱনৰ সেই শাশ্বত মুহুৰ্ত্তবোৰৰ এটাত ময়ো অংশীদাৰ! ভাৱোঁ, মোৰ এই জীৱনৰ বাবে তেওঁক ধন্যবাদ জনোৱাটো জানো ধৃষ্টতাৰে নামান্তৰ নহ’ব! কিয়েইবা কৰিছোঁ মই আজিলৈকে- কোটি কোটি জনসংখ্যাৰ মাজত মই মাথোঁ এটা সংখ্যাই নহয়নে? এনে বহু অনুভৱে ওলোমা বাদুলি দি থিয় দি থাকিল সেই সৰু লোহাৰ গেটখন হৈ৷ পাৰ হোৱাৰ সাহস মই গোটাব নোৱাৰিলো- বহু দিনলৈ, বহু বছৰলৈ৷
সেই কাহিনীটো, সেই প্ৰতিচ্ছৱিখন মনত লৈয়ে আৰু দুটা দশক বাগৰি গ’ল৷ দুটা দশক! এই দীঘলীয়া বাট বুলি আহি বৰ্তমানত ভৰি থোৱালৈকে জীৱনৰ অভিজ্ঞতাই, সময়ৰ পৰিহাসে মোক শিকালে, জীৱনৰ মূল্য তথাকথিত সফলতা-বিফলতাৰ মাপকাঠিৰে বিচাৰ কৰা নাযায়৷ কৰা নাযায় সুখ-দুখ বা পোৱা-নোপোৱাৰ তুলাচালনীৰে৷ জীৱনৰ প্ৰথমটো উশাহ ল’বলৈ মোৰ কষ্ট হৈছিল- তাৰপিছত আজিলৈকে যে সহস্ৰটা উশাহ লৈছোঁ-এৰিছোঁ, মোটামুটি এটা সুস্বাস্থ্যৰ গৰাকী হৈছোঁ, অহৰহ চেষ্টা কৰিছোঁ প্ৰকৃত মানুহ হিচাপে জীৱনটো উদযাপন কৰিবলৈ- সেয়াই জানো জীৱনৰ সাৰ্থকতা প্ৰতিপন্ন নকৰে? বহুসময়ত বৈষয়িক পোৱা-নোপোৱাৰ হিচাপৰ ধূলি-মাকটিয়ে যেন ছাটি ধৰি ৰাখে এই চিৰন্তন সত্যৰ স্বচ্ছতা৷ পাহৰি যাওঁ সুখে-দুখে, আকালে-ভঁৰালে সংগ্ৰামৰ মাজেদিয়েতো জীৱন অনুপম!
এইবাৰ অসমলৈ যাওঁতে মই নিজেই উলিয়ালো,
’মা, এইবাৰ ওলাবাচোন৷ আমি সভাপণ্ডিতক লগ কৰিবলৈ যাম৷’
মা-দেউতা কিছু আচৰিত হ’ল৷ কিন্তু একো নকৈ মান্তি হৈ গ’ল৷
বৰ্ষাসিক্ত এটা আবেলিত সঁচাকৈয়ে ওলালোগৈ৷ মনত বহুতো উৎকন্ঠা- তেওঁ সঁচাই ইয়াতেই আছেনে! থাকিলেও মই ভৱাৰ দৰে তেওঁ যদি নহয়! কিন্তু পূৰ্বৰ দৰে এইবাৰ অনুভৱৰ জোৱাৰে মোক ভেঁটা দি ৰাখিব নোৱাৰিলে৷
মানসিকভাৱে প্ৰস্তুত হ’লো সেই প্ৰতিচ্ছৱিখনৰ বাস্তৱ ৰূপটোৰ মুখামুখি হ’বলৈ৷ আৰু সেই সাহসেই নিমিষতে মোক পাৰ কৰাই দিলে অতদিনে দুলৰ্ঙ্ঘ্য হৈ ৰৈ থকা লোহাৰ সৰু গেটখন, সেই গ্ৰীলখন৷ আগবাঢ়ি গৈ কলিংবেল টিপিলোগৈ৷ ক্ষন্তেক অপেক্ষা৷ কোনো নাই বুলি উভতিব খোঁজোতেই ওলাই আহিল এজন ব্যক্তি৷ বয়স হয়তো আশীৰ উৰ্দ্ধত৷ গাত পুহ মাহৰ জাৰৰ সৈতে যুঁজি থকা এখন এড়ীচাদৰ৷ দেখাতেই শ্ৰদ্ধা উপজিব খোঁজা এটা ব্যক্তিত্ব৷ তেৱেঁইযে সাক্ষাৎ ডাক্তৰ সভাপণ্ডিত সেয়া বুজাত মোৰ অকণো অসুবিধা নহ’ল৷ মোৰ কল্পনাৰ ছৱিখনৰ সৈতে কেনেবাকৈ বহুখিনি মিলি যোৱাত মনটো মুকলি হৈ পৰিল৷
সহজভাৱেই মোৰ চিনাকি দিলো৷ দেউতাই সেই কাহিনীৰ আকৌ এবাৰ বিৱৰণ দিলে৷ পূৰ্বতে প্ৰতিবাৰে শুনাতকৈ এইবাৰ কাহিনীটোৰ মাদকতা বহু বেছি যেন ভাৱ হ’ল৷ কাৰণ এইবাৰ যে স্বয়ং সভাপণ্ডিতৰ সৈতে একেলগে বিচৰাৰ চেষ্টা কৰিলো হেৰাই যোৱা সেই আঁত!
সকলো শুনি লৈ তেওঁ আন্তৰিকতাৰে কিন্তু সততাৰেই ক’লে,
’এতিয়া বয়স হৈছে যে, বহু কথা পাহৰিছোঁ৷ ইমান পুৰণি কথা তেনেকৈ মনত নায়েই৷ কিন্তু লগ কৰিবলৈ আহিলা যে তাতে খুউব ভাল পাইছোঁ৷’
তেওঁৰ ব্যক্তিত্বই ইতিমধ্যে মোক আশ্বস্ত কৰিছিল৷ তেওঁক যে এবাৰ লগ কৰিব পাৰিলো৷ ক’ব পাৰিলো, মোৰ জীৱনত তেওঁৰ ভূমিকা কি সেয়াই মোক সুখী কৰি তুলিবলৈ যথেষ্ট আছিল৷ কৃতজ্ঞতা জনোৱাৰ বাবে ভাষা বিচাৰি মই অস্থিৰ হোৱা নাছিলো৷ কাৰণ কোনো শব্দেৰে সেয়া প্ৰকাশ কৰাৰ প্ৰয়োজন নোহোৱা হৈছিল৷
সভাপণ্ডিতে মোৰ সকলো খৱৰ ল’লে৷ তেওঁৰ ব্যক্তিগত আৰু চাকৰি জীৱনৰ কিছু কথা ক’লে৷ লগতে ক’লে মাথোঁ কিছুদিনৰ আগতে অন্য এগৰাকীয়ে তেওঁক লগ কৰি এনেকুৱাই এখন প্ৰতিচ্ছৱি দাঙি ধৰাৰ কথা- ভিন্ন সময়, ভিন্ন পৰিস্থিতি; কিন্তু সেই একেই শ্বাশ্বত মুহুৰ্ত্ত এটা! ভাৱ হ’ল, নিজৰ অজানিতেই চাগৈ একোজন চিকিৎসক কিমানৰ জীৱনত এনেকৈ কিংবদন্তি হৈ পৰে, হৈ পৰে একো একোটা কাহিনীৰ কেন্দ্ৰবিন্দু ! সভাপণ্ডিতৰো চিকিৎসাসেৱাৰ জনপ্ৰিয়তাৰ কথা ইতিমধ্যেই শুনিছিলো অন্য বহুজনৰ পৰা৷ বয়সে ভেঁটা দিয়াৰ আগলৈকে তেওঁ হেনো মাথোঁ পঞ্চাছ টকাৰ মাননি লৈ ৰোগী চাইছিল ৷
ডাক্তৰ সভাপণ্ডিতৰ ঘৰৰ পৰা ওলাই অহাৰ পৰলৈ মোৰ সকলো আশংকা আঁতৰাই সেই প্ৰতিচ্ছৱিখন বাস্তৱৰ পৰশে ধুই নিকা কৰি তুলিছিল৷ সেই বিনম্ৰ আৰম্ভণিয়ে, অতবছৰে মোক খেদি ফুৰা তাৰ প্ৰচ্ছায়াই অৱশেষত মোৰ হৃদয়ত জিৰণি লৈছিল এটা দৃঢ় বিশ্বাস হৈ- নাম যাৰ জীৱন৷
বি: দ্ৰ: এই সময়খিনিত মোক লগ দিয়াৰ বাবে বন্ধু ৰশ্মি আৰু জেজিৰোণলৈ বিশেষ কৃতজ্ঞতা

কথাবোৰৰ মাজত নিজে জিন গৈ থকা বাবে "নাম যাৰ জীৱন পঢ়ি বেছি ভাল লাগিল। আনেও পঢ়ি ভাল পাব নিশ্চয়। এই চেগতে মান্যবৰ ডাক্তৰ বি চি সভাপণ্ডিতক জলিৰ পিতৃ হিচাপে পুনৰবাৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিলো।
ReplyDelete🙏
Deleteবঢ়িয়া।
ReplyDeleteধন্যবাদ :)
Deleteবহুত ভাল লাগিল পঢ়ি আৰু জানি।
ReplyDeleteধন্যবাদ দেই! মোৰো ভাল লাগিল ভালপোৱা বুলি জানি :)
Delete