Sunday 12 January 2020

ইণ্ডোনেছিয়াত পাঁচবিধ নতুন চৰাইৰ আৱিষ্কাৰ

বিনন্দীয়া প্ৰকৃতিৰ বহুতো আশ্চৰ্য, অনন্য জীৱ-জন্তু এতিয়াও মানুহৰ বাবে অজানা-অদেখা হৈয়ে ৰৈছে৷ পিছে ইয়াৰ মাজতে কেতিয়াবা একো একোটা অভূতপূৰ্ব আৱিষ্কাৰে প্ৰকৃতিৰ এই ৰহস্যময় আৱৰণ ফালি হঠাতে মুকলি কৰি দিয়ে এখন নান্দনিক পৃথিৱী৷ এনে এটি আৱিষ্কাৰ হৈছে শেহতীয়াকৈ ইণ্ডোনেছিয়াৰ ৱালেচিয়া অঞ্চলৰ তিনিটা দ্বীপত পোৱা পাঁচবিধ নতুন চৰাই৷
নেশ্যনেল ইউনিভাৰ্ছিটি অব ছিংগাপুৰ (NUS) আৰু ইণ্ডোনেছিয়ান ইনষ্টিটিউট অব চায়েন্স (LIPI) ৰ এই যুটীয়া গৱেষণাৰ দলটোক নেতৃত্ব দিছিল অধ্যাপক ফ্ৰেংক ৰেইনডট (Frank Rheindt)-এ৷
নতুনকৈ আৱিষ্কৃত টালিয়াবু গ্ৰাছহ’পাৰ ৱাৰ্বলাৰ (Taliabu grasshopper-warbler); 
ফটো: James Eaton/Birdtour Asia

ৱালেচিয়াৰ টালিয়াবু (Taliabu), ট’গিয়ান (Togian) আৰু পেলেং (Peleng) নামৰ তিনিটা দ্বীপৰ চাৰিওফালৰ সাগৰৰ গভীৰতা যথেষ্ট বেছি বুলি তথ্য পোৱাৰ বাবে অধ্যাপক ফ্ৰেংক ৰেইনডটে দ্বীপসমূহত নতুন প্ৰজাতি থকাৰ সম্ভাৱনা দেখা পাইছিল৷ সাগৰৰ গভীৰ পানীৰ বাবে এনে দ্বীপসমূহৰ জীৱ-জন্তুবোৰ কাষৰীয়া ঠাইৰ পৰা  বছৰ বছৰ ধৰি পৃথক হৈ ৰয় আৰু স্বকীয়ভাৱে ক্ৰমবিকাশ হ’বলৈ লয়৷ সেয়ে এনে ঠাইবোৰত অন্য ক’তো নোপোৱা একক জীৱ (endemic) পোৱাৰ সম্ভাৱনা অধিক হয়৷
দলটোৱে গৱেষণা কৰা ৱালেচিয়া দ্বীপপূঞ্জত সংগৃহীত নমুনাসমূহৰ ভিত্তিতে প্ৰসিদ্ধ জীৱবিজ্ঞানী ছাৰ আলফ্ৰেড ৱালেচে ডাৰউইনৰ সমান্তৰালভাৱে বিৱৰ্তন তত্ত্ব উদ্ভাৱন কৰিছিল৷ গৱেষকৰ দলটোৱে ৱালেচৰ লগতে অন্য সংগ্ৰাহকৰ ঐতিহাসিক সংগ্ৰহসমূহো অধ্যয়ন কৰি বাদ পৰা অঞ্চলসমূহত বিশদভাৱে গৱেষণা কৰে৷  
দলটোৱে সংগ্ৰহ কৰা নমুনাসমূহৰ শাৰীৰিক আৰু জিনগত অধ্যয়নৰ ভিত্তিৰ পাঁচবিধকৈ নতুন প্ৰজাতিৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়৷ এই প্ৰজাতি কেইবিধ হৈছে-

  • Taliabu Grasshopper-Warbler
  • Taliabu Myzomela
  • Taliabu Leaf-Warbler
  • Peleng Fantail
  • Peleng Leaf-Warbler
তাৰোপৰি তিনিওটা দ্বীপত তেওঁলোকে মুঠ পাঁচবিধ নতুন উপপ্ৰজাতি যেনে, Taliabu Snowy-browed Flycatcher, Taliabu Island Thrush,  Sula Mountain Leaftoiler, Banggai Mountain Leaftoiler আৰু Togian Jungle-Flycatcher আৱিষ্কাৰ কৰে৷

উৎস: https://www.eurekalert.org/pub_releases/2020-01/nuos-tlb010920.php

গৱেষকৰ দলটোৰ দুগৰাকী সদস্যা Gwee Chyi Yin (বাওঁফালে) আৰু Wu Meng Yue (সোঁফালে) ৰ সৈতে অধ্যাপক ফ্ৰেংক ৰেইনডট (সোঁমাজত)  
 ফটো:National University of Singapore

No comments:

Post a Comment