Tuesday 9 June 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৪)

বাওবাব গছৰ সন্ধানত 

জাম্বিয়া দেশৰ ক’ল’ম’ জিলাত আমি৷ চ’মা নামৰ সৰু নগৰ এখনত দলটোৱে বাহৰ পাতি আছে৷ বতৰ গোমা৷ নিচেই পুৱাতে খোঁজেৰে ওলাই গ’লো আশে পাশে ঠাইখন চাওঁ বুলিয়ে৷ দেখা পালো প্ৰতিদিনৰ দৰেই আমাৰ প্ৰকল্পৰ মূল সমন্বয়ৰক্ষী জেম্ছ দৌৰিবলৈ ওলাই গৈছে৷ য’ত যেনেকৈয়ে নাথাকক ব্যস্ততাৰ মাজতো এটা দিনো ক্ষতি নকৰাকৈ দৌৰিবলৈ যোৱাৰ কি অদম্য উৎসাহ তেওঁৰ!

ধূলিয়ৰী বাটটোৰ একাষে এখন বিশাল আদ্ৰভূমি, অন্যকাষে গোমধানৰ খেতি- দুই এটা ঘৰ নাতিদূৰৈত৷ হয়তো আগলৈ এখন গাওঁ আছে৷ আমাৰ দলৰ মালাইকাই কৈছিল, সেইফালে কিছুদূৰ আগবাঢ়ি গ’লে স্কুলঘৰ এটাৰ কাষতে এজোপা প্ৰকাণ্ড বাওবাব গছ আছে৷ জাম্বিয়াত ভৰি থোৱাৰ পৰাই মোৰ মনটো উচপিচাই আছে বাওবাব গছ এজোপা নিজ চকুৰে চাবলৈ৷ ওভোতাকৈ ৰোৱা গছ যেন লগা এই বাওবাববোৰ আফ্ৰিকাৰ জীৱনদায়িনী গছ (tree of life)৷ বিস্তৰ চাভানা অঞ্চলত জীৱজন্তুক খাদ্য আৰু আশ্ৰয় দিয়াৰ উপৰিও বাওবাবৰ বাকলিৰ পৰা মানুহে কাপোৰ-ৰছী আদিও তৈয়াৰ কৰে৷ শুনামতে এই গছজোপা তিনিহাজাৰ বছৰ পৰ্য্যন্ত জীয়াই থাকে! গতিকে গছজোপাৰ প্ৰতি মোৰ কৌতুহলৰ শেষ নাই!


বাটত লগ পোৱা প্ৰায় সকলোৱে মাত লগালে খুবেই বন্ধুত্বপূৰ্ণ ভাৱে৷ দেখা পালো, বাটৰ কাষৰ ওখ বনবোৰৰ মাজত ৰেড বিশ্ব’প চৰাইটোৱে অহৰহ দেও দি ফুৰিছে৷ পুৱাৰ ৰ’দত সেউজীয়া বনবোৰৰ মাজত চৰাইটোৰ টিকটিকীয়া ৰঙা মূৰটো জিকমিকাই উঠিছে৷ কি অপৰূপ দৃশ্য! ভালকৈ চাবলৈ বুলি ৰৈ গ’লো তাতে৷ কিছুপৰ আগ্ৰহেৰে তাকে চাই থাকোতে মোৰ কাষতে হঠাৎ সেউজীয়া গাড়ী এখন ৰৈ গ’লহি৷ 
চ’মাৰ ধূলিয়ৰি বাট আৰু সেউজীয়া অৰণ্য
চালকৰ আসনত এগৰাকী আফ্ৰিকান মহিলা- বেছ দেখনিয়াৰ! খিৰিকীৰে মূৰটো উলিয়াই  খুউব উৎসাহেৰে মাত দিলে,
’গুড মৰ্ণিং! ইমানকৈ ফটো তুলিছা যে আমাকো তোলা আকৌ!’
কৈয়ে তেওঁ মুকলিকৈ হাঁহি উঠিল৷

ময়ো হাঁহি মাৰি কাষ চাপি গ’লো৷ চা-চিনাকি পৰ্ব চলিল৷ মানুহগৰাকীৰ নাম বাৰবাৰা৷ পিছৰ আসনত আঠবছৰীয়া জীয়েক জেমা৷ তাইক স্কুলত থ’বলৈ যাবলৈ ওলাইছে৷ মোক হেনো কালি আবেলিও আমি থকা হোটেলৰ কাষত দেখা পাইছিল৷ সৰু ঠাই! নতুন মানুহ সকলোৰে চকুত পৰিবলৈ বেছি সময় নালাগেই৷

মোৰ বাওবাব গছৰ সন্ধানৰ কথা শুনি তেওঁ কলে,
’সেই গছজোপা মই শিক্ষকতা কৰা স্কুলখনৰ লগতে লাগি আছে৷ জেমাৰ দেউতাক সেইখন স্কুলৰে প্ৰধান শিক্ষক৷ আমাৰ ঘৰো স্কুলৰ কাষতে৷ আজি আবেলি ঘৰলৈকে আহিবা ৷ বাওবাব দেখুৱাম আৰু লগতে ভালকৈ বহি কথাও পাতিম৷’

তেওঁৰ নিমন্ত্ৰণ পাই ভালেই পালো৷ এই সুযোগতে এই ঠাইৰ বিষয়ে, ইয়াৰ জীৱনৰ বিষয়ে কিছু আভাস পাম বুলিয়ে! উৎসাহেৰে ক’লো,

’অহ, বঢ়িয়া তেনে! নিশ্চয় আহিম৷ পিছে আজি আৰু কাইলৈ আমাৰ মিটিং এখন আছে৷ মিটিং শেষ কৰি পৰহিলৈহে আপোনালোকৰ ঘৰলৈ আহিব পাৰিম৷ হ’বনে?’

’ঠিক আছে, আহিবা দেই! বাট চাই থাকিম৷’

বাৰবাৰাৰ সেউজীয়া গাড়ীখনে উৰুৱাই যোৱা ধূলিজাকৰ পৰা চকু আঁতৰাইহে উপলব্ধি কৰিলোঁ মোৰ পলমেই হৈছে৷ কৰ্মশালা আৰম্ভ হ’বলৈ বেছিপৰ নাই৷ দুদিন পিছত তেওঁলোকৰ ঘৰলৈ যাওঁতেই ভালকৈ বাওবাবজোপা চোৱাৰ আশা লৈ উভতনি খোঁজ দিলো৷



পৰিৱৰ্ত্তনৰ উকমুকনি

পুৱাৰ খদম্দম্খিনি পাৰ কৰি এটা সময়ত আমাৰ দলটো ওলাই আহিল৷ পোন্ধৰ মিনিটমানৰ বাটতে সভাৰ প্ৰেক্ষাগৃহ টুইন কেভ ল’জ৷ এজন দুজনকৈ বিশাল হ’লটোত মানুহবোৰ গোট খালেহি৷ জিলা প্ৰশাসন, বনবিভাগ, জলসম্পদ বিভাগৰ পৰা আৰম্ভ কৰি স্থানীয় সংগঠন আৰু বিভিন্ন গাঁৱৰ গাওঁবুঢ়া আদিলৈকে বৈচিত্ৰপূৰ্ণ অভ্যাগতৰ দলটো দেখি ভাল লাগিল৷


আমাৰ দলৰ ফ্ৰেডি চ’মাৰ স্থানীয় ল’ৰা৷ সি আঁতৰৰ পৰা আমাক দেখুৱালে,
’সৌৱা যে একাষৰীয়াকৈ বহিছে তেওঁলোক হ’ল ক’ল’ম’ জিলাৰ তিনিজন চিফ৷ তেওঁলোক আমাৰ পৰম্পৰাগত নেতা৷ প্ৰতিজনৰ অধীনত বহুতো গাওঁ আছে আৰু গাওঁবুঢ়াসকলে তেওঁলোকৰ লগত বিচাৰ কৰিহে গাওঁ পৰিচালনা কৰে৷’

দেখিলো, সভাগৃহত প্ৰৱেশ কৰিয়ে প্ৰতিজন লোকে চিফকেইজনৰ ফালে আগবাঢ়িছে৷ প্ৰতিজন চিফৰ সন্মুখত সন্মানেৰে আঁঠু লৈ কৰমৰ্দন কৰি সম্ভাষণ জনাইছে৷

আমি অনুৰোধ কৰাত ফ্ৰেডিয়ে এলাইডা আৰু মোকো শিকালে পৰম্পৰাগত পদ্ধতিৰে কেনেকৈ কৰমৰ্দন কৰিব লাগে৷ ক’লে,

আগবাঢ়ি গৈয়ে প্ৰথমে আঁঠু ল’বা৷ কথা পাতোতে ’ইয়ৰ হাইনেছ’ বুলি সম্বোধন কৰিবা৷ আৰু তিনিবাৰ এনেকৈ হাতখন ঘুৰাই কৰমৰ্দন কৰিবা৷’

ফ্ৰেডীৰ লগতে ইয়াৰ নিয়ম অনুসৰি তিনিটা পৃথক ভংগীমাৰে তিনিবাৰ কৰমৰ্দন কৰাৰ কেইবাৰমান অভ্যাস কৰি লৈ আগবাঢ়ি গ’লো৷ নিজৰ চিনাকি দি কৰমৰ্দন কৰিলোগৈ চিফ চিকান্টাক৷ তেওঁ হাঁহি মাৰি আগ্ৰহেৰে ইংৰাজীতে সম্ভাষণ জনালে৷


কৰ্মশালাৰ একাংশ


এটা সময়ত কৰ্মশালা আৰম্ভ হ’ল৷ আমাৰ দলৰ ফালৰ পৰা ফ্ৰান্সৰ অৰ্থনীতিবিদ ক’লা আৰু ইংলেণ্ডৰ সমাজবিজ্ঞানী জেম্ছে বিতংকৈ বুজালে এই ’থিঅ’ৰি অব চেঞ্জ’নো কি৷ জাম্বিয়া দলৰ নেতা কালাই স্থানীয় টংগা ভাষাত অনুবাদ কৰি গ’ল কথাবোৰ৷ 

’এই কৰ্মশালাৰ জড়িয়তে আমি দুটা প্ৰশ্নৰ উত্তৰ বিচৰাৰ চেষ্টা কৰিম - ক’ল’ম’ জিলাৰ মূল সমস্যাসমূহৰ কাৰণ আৰু পৰিণতি কি? আৰু ইয়াৰ পৰা আমি ভৱিষ্যতে আমি ক’লৈ যাব খোঁজো আৰু কেনেকৈ?  

তেওঁ লগতে স্পষ্ট কৰি দিলে, ’আমি বৰ্তমানৰ পৰা সেই ভৱিষ্যতলৈ যাবলৈ বাটটো বিচৰিম- সেই বাটত আগবাঢ়িবলৈ কোনবোৰ পদক্ষেপ ল’ব পৰা যায় সেয়াও পাতিম৷  কিন্তু এই সকলোবোৰ হ’ব সন্মিলিত প্ৰচেষ্টা৷’

কালাৰ আহ্বানতে  আমিবোৰ যাদৃচ্ছিকভাৱে দুটা গোটত ভাগ হ’লো৷  আমাৰ দলৰ গৱেষকসকলে দুয়োটা গোটৰ আলোচনাত কোনো প্ৰভাৱ নেপেলাবলৈ মূলত: পৰ্য্যবেক্ষকৰ ভূমিকা ল’লে৷ দেখা পালো, মুহুৰ্ত্ততে দুয়োটা দল বিশাল হলঘৰটোৰ দুটাকোণত ব্যস্ত হৈ পৰিল৷ এটা দলত স্বত:স্ফূৰ্ত্ত ভাৱে নেতৃত্ব দিবলৈ আগবাঢ়ি আহিছে জিলা প্ৰশাসনৰ বিষয়া ডৰীন৷ কি এক ব্যক্তিত্ব মানুহগৰাকীৰ! তেওঁ দলটোক প্ৰশ্ন কৰিছে- সকলোৰে মতামত শুনি লৈ খচখচকৈ লিখি ভৰাই গৈছে পেপাৰ পেডৰ পৃষ্ঠা৷ দ্বিতীয় দলত কেয়াৰ ইন্টাৰনেশ্যনেল সংগঠনৰ আহ্বায়ক টেডী উঠি গৈছে পেপাৰ পেডৰ কাষলৈ৷ মানুহবোৰ এপলকৰ বাবেও থমকি ৰোৱা নাই৷ সকলোৱে বিভাগীয় বাধ্যবাধকতা বা মতবিৰোধ পাৰ কৰি খুউব মুকলিকৈ ক’ল’মৰ সমস্যাবোৰৰ নিজা দৃষ্টিভংগীৰে দাঙি ধৰিছে৷  বাৰে বাৰে উচ্চাৰিত হৈছে- বনাঞ্চল ধ্বংস, ধপাত আৰু কয়লাৰ বাণিজ্যৰ প্ৰভাৱ, অনুষ্ঠান-প্ৰতিষ্ঠানৰ মাজত সমন্বহীনতা, সমাজ সচেতনতাৰ অভাৱ আদি প্ৰত্যাহ্বান৷ 
ক’ল’ম’ৰ সমস্যাৰ ৰূপৰেখা

নিচিমাৰে দুপৰীয়াৰ সাঁজ খাই লৈ দুয়োটা দলে বৰ্তমানৰ সমস্যাসমূহ সকলোৰে আগত সাংঘাতিক দক্ষতাৰে  উপস্থাপন আগবাঢ়ালে৷ দুয়োটা দলৰ আলোচনাৰ সুঁতি একেই- বিভাগীয় সমন্বয়ৰ অভাৱত কেনেকৈ চৰকাৰী সেৱা প্ৰতিহত হৈছে, চৰকাৰী আৰু পৰম্পৰাগত নেতৃত্বৰ মাজত সহযোগিতা নথকাৰ বাবে বহুতো ক্ষেত্ৰত হকে বিপৰীত পৰিণতিহে হৈছে! এইবোৰৰ পৰানো কল্যানমুখী এটা ভৱিষ্যতৰ বাবে কেনেকৈ আগবাঢ়িব পৰা যায় সেয়া পিছদিনালৈ বুলি সামৰাৰ সিদ্ধান্ত হ’ল৷ 

সন্ধিয়া উভতি আহি আমাৰ হোটেল পাওঁহি মানে সাত বাজি গ’ল৷ জেট লেগৰ প্ৰভাৱ আৰু দিনটোৰ অৱসাদে মোক বাৰুকৈয়ে জুৰুলা কৰিলে৷ তথাপিও দলটোৰ সৈতে আজিৰ দিনটোৰ আলোচনাত বহি ৰ’লো৷ আজি দুয়োটা দলে উত্থাপন কৰা প্ৰত্যাহ্বানবোৰৰ পৰা ভৱিষ্যতৰ এটা বাট উলিওৱা আৰু সকলোৱে সন্মিলিত ভাৱে কাৰ্য্যপন্থা স্থিৰ কৰাটো যে কাইলৈৰ নতুন প্ৰত্যাহ্বান সেয়া সকলোৱে মৰ্মে মৰ্মে অনুভৱ কৰিলে৷ তথাপি দলৰ সকলো আশাবাদী হৈ ৰ’ল নতুন দিন এটাই নতুন সম্ভাৱনা কঢ়িয়াই অনাৰ হেঁপাহেৰে!


আকাশ চোৱাৰ হেঁপাহ 


কৰ্মশালাৰ দ্বিতীয় দিন! আগদিনা এৰা আঁতবোৰ উলিয়াই লৈ সেই একেই কচৰৎ৷ দুয়োটা দল একেটা প্ৰশ্ন লৈ পৃথকে পৃথকে আলোচনাত বহিল ,

’আমাৰ সপোনৰ ক’ল’ম’খনৰ ৰূপটো কেনে? ভৱিষ্যতে কি বিচাৰোঁ আমি?’

এজনে কৈ উঠিল, ’আমি বিচাৰো শুকাই যোৱা নৈবোৰ আকৌ বব!’

মানুহবোৰৰ মাজত এটা ৰঙীন সপোনৰ সুঁতি উঠিল যেন৷ ওপৰাওপৰিকৈ কৈ গ’ল-

’আমাৰ লঠঙা অৰণ্যবোৰ আকৌ সেউজীয়া হ’ব৷’
’মাটিবোৰ সাৰুৱা হ’ব!’
’গোমাধানৰ খেতি ভাল হ’ব৷’
’খেতিয়ক দুখ-কষ্টবোৰ আঁতৰিব!’


কথাবোৰ শুনি বাৰে বাৰে চমকি ৰ’লো মই৷ এইবোৰ সপোন জানো সকলোৰে একেই নহয়? এনে বহুতো সপোন জানো প্ৰত্যেকেই কঢ়িয়াই ফুৰা নাই? তেনে আমি কিয় অমিলখিনি ক্ষন্তেকৰ বাবে একাষৰীয়াকৈ থৈ মিলবোৰৰ পৰা আৰম্ভ কৰিব নোৱাৰোঁ!


সঁচাই সকলো মতানৈক্য একাষে থৈ মানুহবোৰে যুঁজ দিলে এটা সন্মিলিত বাট গঢ়াৰ প্ৰচেষ্টাত৷ সপোনৰ ক’ল’ম’ক বাস্তৱত ৰূপ দিবলৈ বিভিন্ন জনে বিভিন্ন উপায় প্ৰস্তাৱ কৰিলে৷ ইজনে সিজনক যুক্তি দিলে তাৰে কোনটো কিছুদিনৰ বাবে, কোনটো দীৰ্ঘদিনীয়া পদক্ষেপ৷ পেপাৰ পেডখনত ৰঙা-নীলা টোকাৰ ভিৰ হ’ল৷ প্ৰতিটোতে লিখা আছে একোটা পদক্ষেপ- বৃক্ষৰোপণ, পৰম্পৰাগত আইনৰ সৈতে চৰকাৰী আইনৰ সমন্বয়, বিভাগীয় সহযোগীতা, স্থানীয় জাতি-জনজাতিৰ মাজত সচেতনতা আৰু কল্যানমূলক পদক্ষেপ, বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰেৰে খেতিৰ ফচল বৃদ্ধি ৷ ইটোৰ পৰা সিটোলৈ একোজনে সংযোগ কৰিছে৷ এখোঁজ দুখোঁজকৈ এটা বাটৰ সৃষ্টি হৈছে! 

এটা বাট, বহুতো খোঁজ
কোৱাৰ দৰে কৰিবলৈ তেনে সহজ নহয়- সকলোৱে যেন উপলব্ধি কৰিলে৷ কেইবাজনে আঙুলীয়াই দেখুৱালে বাস্তৱৰ জটিলতাবোৰ! বনবিষয়া ৰেইছে শান্তভাৱে বাকীসকলক কৈ উঠিল,

’বৃক্ষ ৰোপন মানে যিকোনো গছ ৰুই যোৱাৰ কথাও নহয়৷ আমি ভাৱিব লাগিব কোনবোৰ গছ বিচাৰোঁ আৰু কিহৰ বাবে এই বৃক্ষৰোপণ৷’

ভৱিষ্যতৰ সেই সপোন আৰু সপোন চুব খোঁজা পদক্ষেপবোৰৰ উপস্থাপন শুনি চীফ চিকান্টাই মাত দিলে,

’আমি মনত ৰাখিব লাগিব এয়া মাথোঁ এটা প্ৰকল্পৰ সময়সীমাৰ ভিতৰত সম্ভৱ নহয়৷ তেনেকৈ ভৱাটোৱে বাস্তৱসন্মত নহয়৷ এইটো এটা প্ৰক্ৰিয়া৷ এই প্ৰক্ৰিয়াটো আমিয়ে আগবঢ়াই নি থাকিব লাগিব৷ প্ৰথম পদক্ষেপটো হ’ল এই কৰ্মশালাৰ মূল বক্তব্যখিনি স্থানীয় জাতি-জনজাতিবোৰৰ মাজলৈ লৈ যোৱা, কোনবোৰ পদক্ষেপৰ দায়িত্ব কোনে পালন কৰিব সেয়া নিৰ্ধাৰণ কৰা৷’

মোৰ মনত এটা আশাৰ ৰোল উঠিল৷ মাথোঁ দুদিনতে যে ক’ল’ম’ৰ বিভিন্ন অংশৰপৰা প্ৰতিনিধিসকল আহি আলোচনা কৰিলে, এটা সন্মিলিত বাট নিৰ্ধাৰণ কৰিলে, এয়াই এটা সোণালী যাত্ৰাৰ অপূৰ্ব শুভাৰম্ভ! ক’ল’ম’ৰ খেতিয়ক, বিষয়া-কৰ্মচাৰী, বিজ্ঞানী সকলোৰে সৈতে এই যাত্ৰাৰ অংশীদাৰ হ’বলৈ পাই সুখী হৈ উঠিলো মই!


আমাৰ দলৰ (সোঁফালৰ পৰা) মালাইকা, ফ্ৰেডী, এলাইডাৰ সৈতে

নিশাৰ বিভীষিকা 


সেই নিশা দলৰ সকলোৰে সৈতে চ’মা টাউনৰ ৰেষ্টুৰেন্ট এখনত নিশাৰ আহাৰৰ বাবে গ’লো৷ আমাৰ সহযোগী সংগঠন চিফৰৰ বিষয়া লিকাণ্ড’, মালাইকা আৰু এছনেলীৰ সৈতে আড্ডা চলিল৷ লিকাণ্ড’ই জাম্বিয়াৰ পৰম্পৰাগত সুৰাক লৈ হোৱা অভিজ্ঞতাৰ ৰসাল বৰ্ণনা দিলে৷

আড্ডাৰ মাজতে লক্ষ্য কৰিলোঁ, দলৰ বাকী সকলোৰে চকু কিছুদূৰৈত থকা টিভিৰ বাতৰিত! দেখিলো টিভিৰ পৰ্দাত ইখনৰ পিছত সিখন খণ্ডচিত্ৰ আহিব লাগিছে - উত্তপ্ত জনতা, ক’লা ধোঁৱা, মিলিটেৰীৰ জাক জাক দল!

মোৰ প্ৰশ্নবোধক চাৱনি দেখি এছনেলীয়ে মাত দিলে,

’গেছিঙৰ ঘটনা এইবোৰ৷ আজি কিছুদিন ধৰি জাম্বিয়াৰ কেইবাখনো প্ৰভিঞ্চত ৰহস্যময় গেছ আক্ৰমণৰ হৈ আছে৷ কোনে কিয় কৰিছে কোনেও নাজানে!’

’মানে? সঁচাই কিবা ভিত্তি আছেনে এই আক্ৰমণবোৰৰ নে এয়া মানুহৰ মাজত কিবা কাৰণে আতংক বিয়পাবলৈ উলিওৱা উৰাবাতৰি?’ মই আচৰিত হ’লো৷


’অঁ, সঁচাই হৈছে ঠাই কিছুমানত৷ শুনিছোঁ অপৰাধীবোৰে ৰাতি কিবা উপায়েৰে মানুহৰ ঘৰত সোমাই গেছ স্প্ৰে কৰি মানুহবোৰক অচেতন কৰি পেলায়৷ লুটপাট হোৱা নাই বুলি শুনিছোঁ৷ কিন্তু কোনো কোনোৱে কয়, সিহঁতে মানুহৰ গাৰ পৰা তেজ উলিয়াই নিয়ে! কোনেও নাজানে কোনে কি কাৰণে এইবোৰ কৰিছে৷ যোৱা দুদিনত এই গেছিঙৰ আতংক ঠায়ে ঠায়ে এনেকৈ বিয়পিল যে স্থানীয় ৰাইজে ৰায়ট আৰম্ভ কৰি দিছে!’

ফ্ৰেডীয়ে মাত দিলে,

’চৰকাৰৰ মতে ইয়াৰে বহুখিনি উৰা বাতৰি! ছ’ছিয়েল মেডিয়াই বিকৃত কৰি পেলাইছে৷ বিৰোধী ৰাজনৈতিক দলবোৰে আকৌ চৰকাৰৰ কৃতী বুলি সমালোচনা কৰিছে৷’

অবিশ্বাস্য! মোৰ মনত পৰিল এটা সময়ত ভাৰতত বান্দৰ-মানৱক লৈ হোৱা আতংকৰ কথা! কিন্তু ইমান গহীন বুলি অনুমান কৰিব পৰা নাছিলো কিজানি৷ আমি থকা কেইদিনতে এই ঘটনাসমূহ বৰ খৰতকীয়াকৈ জাম্বিয়াৰ বাকীবোৰ অঞ্চলতো বিয়পি পৰিল৷ চৰকাৰে কোনো তাৎক্ষণিক পদক্ষেপ নোলোৱা যেন অনুভৱ কৰি ঠায়ে ঠায়ে স্থানীয় জনগোষ্ঠীবোৰে নিজৰ প্ৰতিৰক্ষাৰ ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিলে৷ ৰায়ট আৰু জনতাৰ হিংসাত্মক প্ৰতিৰোধৰ বাতৰি আহি থাকিল টিভিত৷ বাতৰিত ক’লে,

’জনতাই নীৰৱ চৰকাৰক ধিক্কাৰ দি নিজৰ হাতত আইন তুলি লৈছে৷ ৰাজধানী লুছাকাকে ধৰি বহুতো ঠাইত জনতাৰ দলে হত্যা বা গেছৰ আক্ৰমণৰ আঁৰত থকা বুলি সন্দেহ হোৱা মানুহবোৰক আক্ৰমণ কৰিছে৷ বাট-পথ ৰোধ কৰিছে কোনো বাহিৰৰ মানুহ বা গাড়ী সোমাব নোৱাৰাকৈ৷ সন্দেহজনক গাড়ী- ঘৰ-দুৱাৰত জুই লগাই দিছে৷’

বাতৰি কওঁতাৰ কাষত অহৰহ আহি থকা ভয়ংকৰ খণ্ডচিত্ৰবোৰ আৰু ব্ৰেকিং নিউজৰ হেডলাইন চাই চাই লিকাণ্ডই কৈ উঠিল,

’অহ, এই ঠাইখন চোন আমাৰ পৰা মাথোঁ পাঁচ কিলোমিটাৰ মান আঁতৰত! ৰায়টৰ আক্ৰমণত তাত এজন মানুহ জীৱন্তে অগ্নিদগ্ধ!’

আমাৰ বাবে সকলো আকস্মিক, অবিশ্বাস্য! খোৱা-বোৱা সিমানতে সামৰি আমি সকলো টিভিৰ চাৰিওফালে গোট খালো৷ চাই ৰ’লো সেই ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ হ’ব খোঁজা পৰিস্থিতি৷

শুনিলো, চৰকাৰে অতিৰিক্ত সৈন্যবাহিনী নিয়োগ কৰিছে উত্তেজিত হৈ পৰা জনতা আৰু এই হিংসাত্মক আক্ৰমণবোৰৰ আঁৰৰ অপৰাধীক বিচাৰি উলিয়াবলৈ৷

গধুৰ মন এটাৰে হোটেললৈ উভতাৰ পৰত টেৰীয়ে এলাইডা আৰু মোক একাষৰীয়া কৰি নি ক’লে,

’মই জানো, তোমালোকে আৰু এটা সপ্তাহ ইয়াতে থাকি এই ক’ল’ম অঞ্চলটো, গাওঁ-ভুই, অৰণ্য ভালকৈ চাব খোঁজা৷ কিন্তু পৰিস্থিতি চাই সেয়া সম্ভৱ নহ’বই যেন লাগিছে৷ মোৰ দুদিন পিছতে ভেনকুভাৰলৈ উভতাৰ ফ্লাইট৷ গতিকে কাইলৈ জেমছ আৰু মই লিভিংষ্টনলৈ উভতি যাবলৈ লাগিব৷ চিফৰৰ গোটেইখিনি মানুহ তাৰ বিপৰীত দিশে ৰাজধানী লুছাকালৈ যোৱাৰ কথা৷ আজি বাতৰিত যি দেখিলো দুয়োটা বাটতে বিপদৰ সম্ভাৱনা! কিন্তু ইয়াত ৰৈ দিয়াটোও সুৰক্ষিত নহয়! বিশেষকৈ আমি দুটা দল দুফালে গুচি যোৱাৰ পিছত তোমালোক দুজনী ইয়াত ৰৈ দিয়াটো মই কোনোপধ্যেই সমৰ্থন নকৰোঁ৷’

আমাৰ মন সেমেকিল৷ বহু আশা কৰি আছিলো, এই ঠাই, ইয়াৰ জীৱনৰ ৰেহ-ৰূপ নিজ চকুৰে চাম আৰু শিকিম বুলি৷ পিছে পৰিস্থিতিৰ অপ্ৰত্যাশিত পট পৰিৱৰ্ত্তনে সেই আশাত চেঁচাপানী ঢলাৰ উপক্ৰম কৰিলে৷  সিদিনা নিশা সেমেকা মনেৰে বিছনাত পৰোঁতে কল্পনাও কৰা নাছিলো, আৰু কেনে ঘটনাবহুল সময় এখিনিয়ে অপেক্ষা কৰি আছিল আমালৈ! পিছে বাৰবাৰাৰ ঘৰলৈ গৈ বাওবাব গছ মোৰ চোৱা নহ’ল! 



দ্বিতীয় খণ্ড: লিভিংষ্টনৰ দেশত
তৃতীয় খণ্ড: এটা সপোন খেদি

2 comments:

  1. জাম্বিয়াৰ ক'ল'ন জিলাত ধৰাতল সেউজীয়া কৰি ৰখাৰ বাবে স্থানীয় প্ৰকৃতি প্ৰেমী সকলৰ লগতে বিদেশী গৱেষকসকলে যি সমন্বিত প্ৰচেষ্টাৰ বাবে মত পোষণ কৰিছে সেয়া পৃথিৱীৰ সৰ্বত্ৰ গুঞ্জৰিত হোৱা দৰকাৰ।

    ReplyDelete
  2. পঢ়িলো দেই …

    ReplyDelete