Monday 22 June 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৫)

যাত্ৰা আৰু আড্ডা

চ’মাৰ ৰাতিপুৱা৷ অন্যদিনাৰ দৰে পুৱাৰ আহাৰৰ সময়ত হাঁহি আৰু আড্ডাৰ পৰিৱেশ নাই৷ কৰ্মশালাৰ শেষত সকলোকে এটা অৱসাদে আৱৰি ধৰিছিলেই৷ তাতে আগনিশা জাম্বিয়াৰ বিভিন্ন ঠাইত আৰম্ভ হোৱা হিংসাত্মক ঘটনাৰ বাতৰিয়ে গোটেই দলটোক চিন্তিত কৰি তুলিছে৷ আমি বাহৰ পাতি থকা চ’মা টাউনখন ভিতৰুৱা ঠাই বাবে ইয়াৰ বহুতো খৱৰ এতিয়াও দুৰদৰ্শনৰ বাতৰিত অহা নাই৷ গতিকে জাম্বিয়া দলৰ নেতা কালা আৰু ডেভিছনে অফিচৰ দুজনমানক পঠালে, খোঁজেৰে গৈ টাউনৰ পৰিৱেশৰ গম লৈ আহিবলৈ৷


চ’মা টাউনৰ উত্তৰে প্ৰায় চাৰি ঘন্টাৰ বাটত ৰাজধানী লুছাকা৷ তাতে আমাৰ স্থানীয় সহযোগী সংগঠন চিফৰৰ মূল কাৰ্য্যালয়৷ গতিকে স্থানীয় গোটেই দলটো তালৈ উভতি যোৱাৰ কথা৷ বিপৰীত দিশত চ’মা টাউনৰ দক্ষিণত লিভিংষ্ট’ন নগৰী৷ আমাৰ প্ৰকল্পৰ মূল ব্যক্তি টেৰী আৰু জেমছ তালৈ উভতি যাব লাগে- দুদিন পিছতে লণ্ডনলৈ বুলি ফ্লাইট ধৰিবলৈ৷ পৰিকল্পনা মতে সকলো তেনেকৈ দিহাদিহি যোৱাৰ পিছত এলাইডা আৰু মই প্ৰকল্পৰ অন্য দুজন গৱেষক ফ্ৰেডী আৰু মালাইকাৰ সৈতে চ’মাতে এসপ্তাহৰ বাবে ৰৈ দিয়াৰ কথা৷ এই এসপ্তাহতে আমাৰ প্ৰকল্পৰ অধীনত থকা ঠাইবোৰলৈ গৈ তাৰ সমস্যাৰ বুজ লোৱা, স্থানীয় জনজাতিৰ প্ৰতিনিধি সকলক লগ কৰি আলাপ আলোচনা কৰাৰ আঁচনি৷ কিন্তু এতিয়া পৰিস্থিতিৰ মেৰপাকত সেই সকলোবোৰ অসম্ভৱ যেনেই লাগিল৷

পুৱাৰ আহাৰৰ পিছতে দলটোৰ জৰুৰী আলোচনা বহিল৷ ডেভিছন আৰু কালাই স্পষ্ট কৰি দিলে,

’যি বাতৰি পোৱা গৈছে পৰিস্থিতি খুবেই স্পৰ্শকাতৰ৷ ক’ত কেতিয়া হিংসাত্মক ঘটনা ঘটিব একো ক’ব পৰা নাযায়! বিশেষকৈ আমাৰ মাজৰ বিদেশী সকলৰ বাবে এয়া বেছি বিপদজনক!’

’তেনে এলাইডা আৰু মই কি কৰিলে ভাল হ’ব?’-  আমি অলপ কিংকৰ্তব্যবিমুঢ় হ’লো৷

কালাই ক’লে,
’এনে পৰিস্থিতিত তোমালোক ভিতৰুৱা গাঁৱে ভূঞে যোৱাটো খুবেই বিপদজনক! বহুতো ঠাইত গাঁৱৰ মানুহে বাহিৰা যিকোনো মানুহকে সন্দেহজনক বুলি গণ্য কৰি শাস্তি বিহাৰ বাতৰি আহি আছে৷ গতিকে তোমালোকৰ হাতত এতিয়াও এসপ্তাহ সময় আছে যেতিয়া আমাৰ চিফৰৰ দলৰ সৈতে লুছাকালৈকে আহিব পাৰা৷ তিনিদিন পিছত আমি তাত এখন আন্ত:ৰাষ্ট্ৰীয় সভা আহ্বান কৰিছোঁ৷ সমগ্ৰ আফ্ৰিকাৰ বিভিন্ন দেশৰ প্ৰতিনিধিসকলে প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ বিষয়ে সভাখনত অংশ ল’ব৷ তাত থাকিলে তোমালোকেও বহু কথা শিকিব পাৰিবা৷ বহুতো দৰকাৰী বিষয়া আৰু বিজ্ঞানীকো লগ পাবা৷’

এলাইডা আৰু মই টেৰীলৈ চাই পঠিয়ালো৷ এইক্ষেত্ৰত শেষ মতামত ৰজিব টেৰীৰহে৷

টেৰীয়ে ক’লে, সেই সভাত ভাগ ল’ব পাৰিলে খুবেই ভাল কিন্তু পৰিস্থিতিয়ে অহা কেইদিনমানতে কি ৰূপ লয় ক’ব নোৱাৰি৷ টেৰীয়ে প্ৰস্তাৱ দিলে আমাৰ উভতাৰ ফ্লাইট যিহেতু লিভিংষ্ট’নৰ পৰাই আছে, গতিকে আমাৰ দলৰ বিদেশী কেইজন তালৈকে ঘুৰি যাওঁ৷ তিনিদিনৰ পিছত পৰিস্থিতিৰ বুজ লৈ এলাইডা আৰু মই লুছাকালৈ গৈ সেই সভাত যোগ দিব পাৰিম৷  

কথা মতেই কাম৷ চ’মাৰ পৰা লিভিংষ্টন আঢ়ৈ ঘন্টাৰ বাট৷ লুছাকা অভিমুখী চিফৰৰ দলটোক বিদায় দি কিছু সেমেকা মন এটাৰে আমি উভতিলো৷ চিফৰৰ গাড়ীচালক মিঅ’বাৰ সৈতে আমাৰ দলটো ওলাল৷  সন্মুখৰ আসনত বহি জেমছে এখন কিতাপ উলিয়াই ল’লে৷ পিছৰ আসনত এলাইডা, ক’লা, টেৰী আৰু মই৷ 

কিছুপৰ নীৰৱেই পাৰ হৈ গ’লো কাঁইটীয়া অৰণ্য, বাটৰ কাষে কাষে কয়লাৰ বস্তাৰ ভিৰ আৰু কাঁঠফুলাৰ লানি! সকলো ফালেই দেখাত স্বাভাৱিক পৰিৱেশ৷ একোৱেই যেন হোৱা নাই৷ কিন্তু কিছুপৰৰ পিছতেই কেইবা ঠাইতো আমাৰ চকুত পৰিল বাটৰ কাষলৈ চপাই থোৱা আধাপোৰা টায়াৰ, লণ্ডভণ্ড কৰা খুটা আৰু বেঁৰা! হয়তো মাথোঁ যোৱা নিশা সেইবোৰ ঠাইত ঘটি গৈছে জনতাৰ ৰায়ত, মিলিটেৰীৰ গুলীচালনা, কাৰোৱাৰ জীৱন্ত অগ্নিদাহ! ভাৱিয়ে গা জিকাৰ খাই উঠিল মোৰ৷

এলাইডা আৰু ক’লাই টোপনিয়াইছিল৷ গাড়ীৰ ভিতৰৰ উদ্বিগ্নতাৰে ভৰা গধুৰ পৰিৱেশটো দেখিয়ে হয়তো টেৰীয়ে মাতি দিলে,

’এই যে কাঠফুলাবোৰৰ লগতে ৰঙা প্ৰকাণ্ড জলকীয়া দেখিছা, এইবোৰে ভাৰতীয় কাৰীৰ লগত ফেৰ মাৰিব পাৰিবনে?’

মই হাঁহিলো৷ বিদেশী প্ৰায়বোৰ মানুহৰে ভাৱ, ভাৰতীয় কাৰী মানেই পশ্চিমীয়াই সহিব নোৱাৰা মছলা যুক্ত জ্বলা খাদ্য! সেই একেখন দেশতে কত কিমানযে সোৱাদ আছে, ৰন্ধাৰ বিবিধ প্ৰকৰণ আছে তাকে মই প্ৰায়ে সোঁৱৰাই থাকো!


ক’লো,
’হ’ব পাৰে৷ ইয়াৰ জলকীয়া কিমান জ্বলা সেই  বিষয়ে মোৰ একো ধাৰণাই নাই-গতিকে ক’বলৈ টান৷’
’ভিন্দালুৰ দৰে হ’লেতো কথাই নাই!’
’ভিন্দালু? সেইটো কি?’
’সঁচাই নাজানানে তুমি?’

টেৰী যেন ভীষণ আচৰিত হ’ল! ধৰি ল’লে, মই জানি শুনিয়ে নজনাৰ ভাও ধৰিছোঁ৷ কিন্তু সেইদিনাই মই প্ৰথম শুনিলো ভিন্দালুৰ কথা! তেওঁৰ প্ৰতিক্ৰিয়া দেখি মোৰ আকৌ ভাৱ হ’ল টেৰীৰ এইটোও ধেমালিহে৷ আমাৰ দুয়োৰে মাজত ধেমেলীয়া ভাৱতে কথাৰ অলপ কটাকটি হ’ল৷ উপায়হীন হৈ মই জেমছক সুধিলো,

’জেমছ, আপুনি জানেনে ভিন্দালু কি বস্তু?
’ভিন্দালু এটা গান!’ পঢ়ি থকা কিতপখনৰ পৰা মূৰ তুলি জেমছে বেপৰোৱা ভাৱে ক’লে৷
’কি?’

লগে লগে জেমছে গাবলৈ লাগিল,

’ভিন্দালু ভিন্দালু ভিন্দালু ভিন্দালু না না..
ভিন্দালু ভিন্দালু ভিন্দালু ভিন্দালু না না..

ভিন্দালু.......
ভিন্দালু এণ্ড ৱি অ’ল লাইক ভিন্দালু’

মোৰ কৌতুহল বাঢ়ি গ’ল, কিন্তু এইটো সঁচাই খায় নে পিন্ধে খুঁচৰি চাবলৈকো কাৰো লগতে ইন্টাৰনেটো নাই৷ এটা সময়ত তন্দ্ৰালস মাত এটাৰে এলাইডাই বিৰক্তিৰে কৈ উঠিল,

’প্লিজ, ভিন্দালুৰ কথা আৰু নাপতিলেও হ’বনে? মোৰ মূৰ কামোৰণি উঠাৰ উপক্ৰম হৈছে ভিন্দালুৰ আলোচনা শুনি শুনি!’

এলাইডাৰ আপত্তি শুনি আমাৰ তৰ্ক আধাতে বন্ধ হ’ল৷ কিন্তু মই টেৰীক ক’লো,

’লিভিংষ্টনৰ হোটেল গৈ পাই নেট পোৱাৰ পিছত মই খুঁচৰিম ৰ’ৱ৷ নজনাকৈ নেৰিছোঁ!’


চ’মাৰ পৰা লিভিংষ্ট’নলৈ যাত্ৰা

আছেংগাত নতুন আশংকা

লিভিংষ্ট’নৰ আছেংগা ল’জ৷ পৰ্য্যটন নগৰী বাবে ঘাইপথৰ কাষে কাষে অলেখ অসংখ্য ল’জ৷ সকলোৰে আৰ্হি প্ৰায় একেই- পৰ্য্যটকক আকৰ্ষণ কৰাৰ বাবে আধুনিক সা-সুবিধাৰে কিছু দুৰত্বত প্ৰতিটো কোঠা৷ কোঠাৰ লানিবোৰৰ মাজৰ মুকলি ঠাইত ছুইমিং পুল, চাৰিওকাষে বহাৰ ব্যৱস্থা৷ ভীষণ গৰমত পুলৰ পানীৰ কাষত গছৰ ছাঁত বহিয়ে সকলোৱে খোৱা বোৱা কৰিবলৈ ভাল পায় কিজানি!

গৈ পায়ে গম পালো, যোৱা দুদিন ধৰি সমগ্ৰ দক্ষিণ প্ৰভিঞ্চতে ইন্টাৰনেট সেৱা কাটি থৈছে! হোটেলৰ পৰিচালকে ক’লে, হয়তো ছ’ছিয়েল মেডিয়াত গেছিঙ আৰু অন্য হিংসাত্মক ঘটনাবোৰৰ বিষয়ে ভাইৰেল হোৱা উৰা বাতৰি বোৰ ৰুধিবলৈকে চৰকাৰে বন্ধ কৰি থৈছে৷ 

আমি কিছু বিপাঙত পৰিলো৷ ইন্টাৰনেট নাই মানে কাৰোৰে সৈতে সম্পৰ্ক কৰিবলৈ ভীষণ অসুবিধা হ’ব- ক’ত কি হৈছে একো জনাৰ উপায় নাথাকিব৷ বিশ্বাস নহ’ল, মাথোঁ দুমাহ আগতে একেই পৰিৱেশত আবদ্ধ হৈ পৰিছিলো অন্য এখন মহাদেশত, অসমত নিজৰ ঘৰত৷ একেই ঘটনাৰে যেন পুনৰাবৃত্তি! এনেবোৰ পৰিস্থিতিয়ে কেতিয়াবা মোৰ মনলৈ সন্দেহ আনি দিয়ে,

’মই নিজেই এনে পৰিস্থিতি খেদি ফুৰোঁ নে মোক এইবোৰে খেদি ফুৰে!!’

যি নহওক, টেৰী আৰু জেমছে ততাতৈয়াকৈ লিভিংষ্ট’ন বিমানবন্দৰলৈ ওলাই গ’ল, এদিন পিছত লণ্ডনলৈ যাব লগা ফ্লাইটখন সময়মতে যাব নে নাযাব খৱৰ ল’বলৈ৷ আমাৰ ভোকে-ভাগৰে হেঁচা মাৰি ধৰিছিল৷ আবেলিৰ তীব্ৰ ৰ’দজাক মুখতে লৈ ক’লা আৰু এলাইডাৰ সৈতে ওলাই গ’লো নিৰামিষ খাদ্য বিচাৰি৷ জাম্বিয়াত ভৰি দিয়াৰে পৰা সেইটো আমাৰ বাবে অন্য প্ৰত্যাহ্বানবোৰৰ লগতে এটা হৈ পৰিছে৷ প্ৰায়বোৰ ৰেষ্টুৰেন্টতে কেৱল বিভিন্ন প্ৰকাৰৰ মাংসৰ বিধে বিধে খাদ্য৷ নিৰামিষ খাদ্য বিচাৰিলে সকলোৱে আচৰিত ধৰণে আমালৈ চাই পঠিয়ায়, ক’ৰ পৰা এই তিনিও আহিল বুলি!কাৰণ তেনে অভ্যাগত নাহেই হেনো!

অৱশেষত আক তাক সুধি আমি বিচাৰি উলিয়ালোগৈ ’ফ্লেভাৰ্ছ’ নামাৰ ৰেষ্টুৰেন্টখন৷ মেন্যু চায়ে মোৰ চকু কপালত উঠিল৷ বিধে বিধে প্ৰায়বোৰ ভাৰতীয় কাৰী! নিৰামিষ-আমিষ সকলোবোৰ উপলব্ধ৷ কৌতুহল দমাব নোৱাৰি ক’লাই ৱেইট্ৰেছক সুধিয়ে পেলালে 

’এই ৰেষ্টুৰেন্টৰ মালিক ভাৰতীয় নেকি?’

উত্তৰ আহিল, ’নহয়!’

ভাৱ হ’ল, হয়তো জাম্বিয়াত চুকে কোণে থিতাপি লোৱা ভাৰতীয় সকলৰ প্ৰভাৱতে এনেদৰে খাদ্যও সোমাই পৰিছে জাম্বিয়াৰ জনজীৱনত!

তৃপ্তিৰে খাই বৈ আছেংগা গৈ পাওঁ মানে সন্ধিয়া হ’বৰ হ’ল৷ টেৰী আৰু জেমছ বিমানবন্দৰৰ পৰা আহি পাইছিলহি৷ খৱৰ পালো,

’ফ্লাইট সময় মতেই যাব৷ পিছে লিভিংষ্ট’নতো ঠায়ে ঠায়ে জনতাৰ ৰায়’ট আৰম্ভ হৈছে হেনো৷ লগতে গেছিঙৰ ঘটনাৰো বাতৰি আহি আছে৷ গতিকে প্ৰয়োজন নহ’লে নিশাৰ ভাগত ঘুৰা ফিৰা নকৰিবলৈ চৰকাৰে সকলোকে উপদেশ দিছে!’

উপায় নাপাই যিমান পাৰোঁ সোনকালেই নিশাৰ সাঁজো খাই আহো বুলি এইবাৰ আমি পাঁচোজনেই ফ্লেভাৰ্ছলৈ ওলাই গ’লো৷ ভাৰতৰ চহৰবোৰৰ দৰেই ইয়াত প্ৰাইভেট টেক্সিৰ সীমা সংখ্যা নাই৷ গতিকে উভতাৰ পৰত এই দহমিনিটৰ বাট টেক্সি এখন লৈয়ে আহিব পাৰিম বুলি ধৰি ল’লো৷

ফ্লেভাৰ্ছ পৰ্য্যটকেৰে গিজগিজাই আছে৷ নিশাৰ ৰঙীন পৰিৱেশ, মানুহৰ আড্ডা আৰু হাঁহিৰ মাজত ধাৰণাই নহয় এই নগৰখনৰে ঠায়ে ঠায়ে হিংসা দাবানল জ্বলি উঠিছে৷ কেতিয়া কি হ’ব কোনেও ক’ব নোৱাৰে! হয়তো ইন্টাৰনেটৰ অভাৱত বহুতো পৰ্য্যটকে পৰিস্থিতিৰ একো ভূকে পোৱা নাই৷

আমাৰো আড্ডা জমিল৷ খাই বৈ এটা সময়ত টেক্সিৰে আছেংগালৈ উভতনি যাত্ৰা৷ ঘাইপথ এৰি আছেংগালৈ বুলি উপপথটো ল’ব খোঁজোতেই আমাৰ চকুত পৰিল, সন্মুখত বাট বন্ধ কৰি থোৱা আছে! টেক্সিৰ হেডলাইটৰ সন্মুখত জিলিকি উঠিল সশস্ত্ৰ দুজন ব্যক্তি!


অজান আশংকাত আমাৰ হৃদয় কঁপি উঠিল! তেওঁলোকৰ ইংগিতত ট্যু শব্দ এটাও নকৰি টেক্সি চালকে ষ্টাৰ্ট বন্ধ কৰিলে৷ এগৰাকী আমাৰ গাড়ীৰ কাষ চাপি আহি খিৰিকীৰে জুমি চালে৷৷ ইংৰাজীতে সুধিলে,

’ক’লৈ যাব?’
’আছেংগা ল’জ!’- টেক্সি চালকৰ সমীহ ভৰা উত্তৰ৷

তেতিয়ালৈ আমি বুজি উঠিছোঁ, তেওঁলোক জাম্বিয়াৰ বিশেষ মিলিটেৰী বাহিনীৰ৷ 

’ক’ৰ আপোনালোক?’
’আমি যুক্তৰাজ্য আৰু কানাডাৰ পৰা আহিছোঁ৷’- টেৰীয়ে উত্তৰ দিলে৷

ৱেলকাম ট্যু জাম্বিয়া! আপোনালোকৰ নিৰাপত্তা আমাৰ দায়িত্ব৷ পৰিস্থিতি খুবেই স্পৰ্শকাতৰ৷ গতিকে সন্ধিয়া লগাৰ পিছত বাহিৰত ঘুৰা ফিৰা যিমান পাৰি এৰাই চলিব!’

তেওঁলোকৰ সুব্যৱহাৰত আমি প্ৰায় আচৰিতেই হ’লো৷ লগতে সেই মুহুৰ্ত্ততে পৰিস্থিতিৰ ভয়াবহতা নতুনকৈ  উপলব্ধি কৰিলোঁ যেন! আছেংগা পোৱালৈকে আমাৰ কাৰোৰে মুখত এটাও মাত নোলাল৷ 


------------------------------------------

বিশেষ দ্ৰষ্টব্য: ঘটনাৰ মেৰপাকত পৰি ভেনকুভাৰলৈ  উভতি অহাৰ পিছতহে ভিন্দালুৰ বিষয়ে খুঁচৰি চাবলৈ আহৰি পালো৷ গম পালো, ভিন্দালু গোৱা আৰু দক্ষিণ ভাৰতৰ ঠাইবিশেষে প্ৰচলিত এবিধ খুউব জ্বলা মছলাযুক্ত কাৰী৷ কিবা কাৰণত চিকেন টিক্কা মছলাৰ দৰেই এইবিধো যুক্তৰাজ্যত খুবেই জনপ্ৰিয় হৈ পৰিল৷ গতিকে মই সেইবিষয়ে নজনাটো টেৰীৰ বাবে অবিশ্বাস্য হোৱাটোৱে স্বাভাৱিক৷ 

1 comment:

  1. পঢ়ি গৈ থাকোঁতে উৎকন্ঠা বাঢ়ি গৈছিল,ভিন্দালুৰ কথা পাহৰি সুকলমে ঘূৰি আহি আছেঙ্গা ল'জ পোৱাটোহে কামনা কৰিছিলোঁ। পিচত ভিন্দালুৰ বিষয়ে জানি ভাল লাগিল।

    ReplyDelete