Saturday 14 November 2020

আফ্ৰিকাত প্ৰথম খোজ: লিভিংষ্ট’নৰ দেশত (৭): অন্তিম খণ্ড

আতংকৰ ছাঁ (২)

জাম্বিয়া দেশৰ লিভিংষ্ট’ন বিমানবন্দৰ৷ ক’লা, এলাইডা আৰু মই কিংকৰ্তব্যবিমুঢ় হৈ ৰৈ আছিলোঁ নিৰাপদে এই দেশ এৰাৰ বাট বিচাৰি৷ চাৰিওদিশে চলি থকা হিংসাত্মক ঘটনাবোৰক লৈ ভুৱা বাতৰি বা আতংক বিয়পোৱা ৰোধ কৰিবলৈকে দেশখনৰ সমগ্ৰ চাউথাৰ্ণ প্ৰভিঞ্চতে চৰকাৰে সেইসময়ত ইন্টাৰনেট সেৱা বন্ধ কৰি ৰাখিছে৷ গতিকে অনলাইন শেহতীয়া বা-বাতৰি লোৱা বা ফ্লাইটৰ টিকেট কৰাৰ কোনো উপায় নাই৷

’মে আই হেল্প ইউ?’- এগৰাকী ব্যক্তি কাষ চাপি আহি আমাক সুধিলেহি৷ হয়তো তেওঁ আমাৰ মুখবোৰ দেখিয়েই আমাৰ সহায়হীন অৱস্থাটো বুজিব পাৰিলে৷ তেওঁৰ পিন্ধনত নিৰাপত্তাৰক্ষীৰ ইউনিফৰ্ম৷

অলপ আশাৰ ৰেঙণি লৈ এলাইডাই মাত লগালে,

’হয়, আমাক বৰ জৰুৰীভাৱে কানাডালৈ উভতি যাবলৈ টিকেটৰ দৰকাৰ হৈছে, কিন্তু সকলোবোৰ কাউন্টাৰ আজি বন্ধ হ’লেই৷’

’ইয়াত নিশালৈ বিমান নাথাকেই কাৰণে সন্ধিয়াতে সকলোবোৰ বন্ধ হয়৷ কাইলৈ দহ বজাত আহিলে পাব৷ অন্য কিবা অসুবিধা হৈছে নেকি?’

আমাৰ অৱস্থাটোৰ কথা সকলো শুনি তেওঁ কৈ উঠিল,

’চাওক, দিনৰ ভাগত লিভিংষ্ট’নত একো অঘটন হোৱাৰ বাতৰি পোৱা নাই৷ গতিকে আপোনালোকে উভতি যোৱাৰ ব্যৱস্থা কৰিব নোৱাৰালৈকে নিশ্চিন্তে থাকক৷ আতংক বিয়পাবলৈকে বহুতো ভুৱা বাতৰি প্ৰচাৰ হৈছে- সেইবোৰক লৈ অস্থিৰ হোৱাৰ কোনো প্ৰয়োজন নাই৷ মাথোঁ সাঁজ লগাৰ পিছত ঘুৰা-ফিৰা নকৰিব আৰু টেক্সি লোৱাৰ সময়ত সাৱধান হ’ব৷’

তেওঁৰ কথাখিনিয়ে তিনিওকে যথেষ্ট আশস্ত কৰিলে৷ ক’লাই তাৰ স্বভাৱসিদ্ধ বেপৰোৱা ভাৱেৰে কৈ উঠিল,

’অহ! বহুত টেনছন হ’ল দেই৷ এতিয়া আমাৰ প্ৰিয় ৰেষ্টুৰেন্ট ফ্লেভাৰছলৈ গৈ ভালকৈ নিশাৰ সাঁজ খোৱাৰহে কথা৷’

ফ্লেভাৰছত নিশাৰ সাঁজ সন্ধিয়াতে খাই বৈ আমি আছেংগালৈ উভতিলো৷ তেতিয়ালৈ এলাইডাই কানাডাত থকা মাকক পৰিস্থিতিৰ উমান দিছে ৷ তাইৰ অনুৰোধত মাকে দুঘন্টামান যুঁজি আমাৰ দুয়োজনীৰ এসপ্তাহৰ পিছৰ উভতনি যাত্ৰা আগুৱাই আনি তিনিদিনৰ পিছতে কৰি দিলে৷ তেতিয়াহে ঘটনাবহুল দিনটোৰ শেষত তিনিও স্বস্তিৰ নিশ্বাস পেলাই নিজৰ কোঠালৈ গ’লো৷

অপৰূপা মছিঅ’ টুন্যা



উভতনি যাত্ৰাৰ বাবে লিভিংষ্টন’ত তেতিয়াও দুদিন বাকী৷ আমাৰ তিনিওৰে খুবেই ইচ্ছা আছিল জাম্বিয়াৰ প্ৰকৃতিৰ ৰং-ৰূপ চোৱাৰ, আফ্ৰিকান চাফাৰিৰ অভিজ্ঞতা লোৱাৰ৷ ক’লাই প্ৰস্তাৱ দিলে,


’মছিঅ’ টুন্যা ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ পৰা একেবাৰে ওচৰ৷ এই দুদিন আছেংগাত হা-হুমুনিয়াহ কাঢ়ি উভতাৰ দিনটোৰ বাবে বাট চাই থকাতকৈ তালৈকে চাফাৰি এটা কৰিলে কেনে হয়? শেষৰ দিন দুটা ভালকৈ উপভোগ কৰিব পাৰিম৷’


কথা মতেই কাম৷ লিভিংষ্ট’নতে এটা ট্যুৰ এজেঞ্চিত বন্দোবস্ত কৰিলো৷ তেওঁলোকে আশ্বাস দিলে দিনৰ ভাগত আমাৰ চাফাৰি-গতিকে সম্পূৰ্ণ সুৰক্ষিত! পিছদিনা ৰাতিপুৱা সাত বজাত এখন আহল-বহল মুকলি চাফাৰি কাৰত আমাক আছেংগাৰ পৰা লৈ গ’লহি গাইড থ’মাছ আৰু ড্ৰাইভাৰ এলেক্সে৷ 

মছিঅ’ টুন্যা ৰাষ্ট্ৰীয় উদ্যান


মছিঅ’ টুন্যা ৰাষ্ট্ৰীয় উদ্যানখন লিভিংষ্ট’নৰ গাতে লাগি আছে৷ জাম্বিয়াৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যান কিন্তু আফ্ৰিকাৰ বিগ ফাইভৰ বাসস্থান ইয়াতে৷ গাইড থ’মাছে আমাৰ গছ-লতা-চৰাই চিৰিকটিৰ আকৰ্ষণৰ কথা গম পাই উদ্যানলৈ সোমোৱাৰ বাটত বহুতো ঘাঁহ-বন, গছৰ চিনাকি দিলে৷ লগতে স্থানীয় ব্যৱহাৰ আৰু গছবোৰৰ নামৰ আঁৰৰ কথাবোৰো বৰ ৰস লগাকৈ কৈ গ’ল৷ থ’মাছৰ চৰাই পৰ্য্যবেক্ষণৰ কৌশল দেখি আচৰিত হোৱাত ড্ৰাইভাৰ এলেক্সে ক’লে, ’থ’মাছৰ চকুজোৰ বাইন’কুলাৰ আৰু মগজুটো বাৰ্ড গাইডৰ দৰে!’

মছিঅ’ টুন্যাত জিব্ৰা
উদ্যানখনৰ চাৰিওদিশে অ’ত ত’ত কাইটীয়া গছৰ জোপোহা৷ মিঅ’ম্ব গছেৰে ভৰা বাবে এই অৰণ্যবোৰক মিঅ’ম্ব কাঠনি (woodland) বুলিও কয়৷ বাৰিষাৰ কৃপাত ৰুক্ষ ৰঙা মাটিত জীপ লৈছে সেউজ ওখ-চাপৰ ঘাঁহনিয়ে৷ এনেতে আমাৰ গাড়ীৰ সন্মুখেৰে ইম্পালা এজাকে দেও দি গ’ল ৷ কম সময়ৰ ভিতৰতে নিচেই কাষৰ পৰা আমি দেখা পালো ইম্পালাৰ বিশাল জাক৷ আমালৈ সম্পূৰ্ণ আওকাণ কৰি সিহঁত ঘাঁহ খোৱাত মগ্ন হৈ থাকিল৷ থ’মাছে ক’লে,

’ইয়াত ইম্পালা মাৰি খাবলৈ চিকাৰী জন্তু একো নাই কাৰণেই ইমান নিশ্চিন্ত সিহঁত!’

মাথোঁ ২৫ বৰ্গ কিলোমিটাৰৰ অৰণ্যখনত জন্তুৰ ঘনত্ব ইমান যে প্ৰতি মুহুৰ্ত্ততে আমাৰ তিনিওৰে কেনি চাও কি দেখা পাওঁ যেন অৱস্থা হ’ল! জীৱনত প্ৰথমবাৰৰ বাবে একেবাৰে ওচৰৰ পৰা দেখা পালো জিব্ৰা, জিৰাফ, ভেলভেট বান্দৰ, ৱাইল্ডাবিষ্ট, বুশ্ববাক, ৱাৰ্টহগ আদি নানা জন্তু! মনৰ হেপাঁহেৰে উপভোগ কৰিলো সেই অভিজ্ঞতা!
ইম্পালাৰ জাক


জাম্বেজি নদীৰ পাৰত ক্ষন্তেকৰ বাবে জিৰণি লৈ উঠাৰ পিছত থ’মাছে ক’লে,


’এই উদ্যানৰ প্ৰধান আকৰ্ষণ হ’ল শুকুলা গড়ঁ৷ আমাৰ স্থানীয় প্ৰজাতি নহয় যদিও দক্ষিণ আফ্ৰিকাৰ পৰা আনি এই শুকুলা গড়ঁ কেইটা ইয়াত ৰাখিছে৷ সেইঠাইলৈ পিছে খোজেৰে যাব লাগিব৷’

তেওঁৰ কথামতেই খুউব সাৱধানে আৰু সষ্টমভাৱে আৰম্ভ কৰিলোঁ আমাৰ ৰাইন’ ৱাক৷ আমাৰ আগে পিছে দুজন বন্দুকধাৰী ৷ দহমিনিটমান জোপোহা অৰণ্যৰ মাজেৰে খোজ কাঢ়ি গৈ দেখা পালোগৈ দুটা  খড়্গৰ শুকুলা গড়ঁ! খুপি খুপি থ’মাছে আমাক নিচেই কাষৰ পৰা চোৱাৰ সুবিধা কৰি দিলে৷ এটা এটাকৈ পাচোঁটা গড়ঁ৷ আমাক লৈ বিশেষ আমনি পোৱা যেন নালাগিল- এবাৰ আমালৈ চাই উঠিয়ে আপোন মনে ঘাঁহ খোৱাত ব্যস্ত হৈ থাকিল৷ আগতেই থ’মাছক কৈ থৈছিলো, কেৱল ওচৰৰ পৰা ফটো উঠিবলৈকে আমি গড়ঁকেইটাক আমনি কৰিব নোখোজো৷ এই বিৰল অভিজ্ঞতা জানো এখন চেলফিয়ে প্ৰতিফলন কৰিব পাৰে!
দুটা খড়্গৰ শুকুলা গঁড়


জাম্বেজি নদীৰ সুবাস


সিদিনাই আবেলি ওলালো কাষৰীয়া জাম্বেজি নদীৰ চাফাৰিলৈ৷ এখন সৰু নাওত আমি তিনিও আৰু ড্ৰাইভাৰ মাইকৰ সৈতে গাইড নাছি৷
বিশাল জাম্বেজি নদীত নাও এৰি দিয়াৰ লগে লগে মাইকে ক’লে,


’আপোনালোকৰ চাফাৰিৰ পেকেজতে ড্ৰিংকছ সংযুক্ত৷ ক’ক, স্প্ৰাইটৰ পৰা আৰম্ভ কৰি ৱাইন, বীয়েৰ সকলো আছে৷ চাফাৰিৰ লগতে যিমান মন যায় ল’ব পাৰে৷’


দুয়ো সেয়া জনায়ে ক্ষান্ত নাথাকিল, চাফাৰিৰ গোটেই সময়খিনি আমাক যাচিও থাকিল ইটোৰ পিছত সিটো ড্ৰিংক৷ গাইড নাছিৰ ভাষাত,


’যিমানেই ল’ব চাফাৰি সিমানেই উপভোগ্য হ’ব৷’


ভাৱ হ’ল, এয়া হয়তো পৰ্য্যটকক যৎপৰোনাস্তি সন্তুষ্ট কৰি ভাল টিপছ্ পোৱাৰ এক উপায়! আমাৰ বাবে অৱশ্যে অন্য একো উপায় লোৱাৰ প্ৰয়োজন নহ’ল৷ বিশাল জাম্বেজি নৈৰ কাষৰীয়া সেউজ অৰণ্য, পাৰৰ বিচিত্ৰ চৰাই-চিৰিকটি আৰু জাম্বেজি নৈৰ পৰা দেখা পোৱা সূৰ্য্যাস্তৰ অপূৰ্ব ৰূপে আমাক সহজেই মুগ্ধ কৰি পেলালে৷

জাম্বেজি নৈত সূৰ্য্যাস্ত


সূৰ্য্যাস্তৰ পৰত আমি লং আইলেণ্ড নামৰ এটা দ্বীপত নামিলোগৈ৷ নাছিয়ে টেবুল পাৰি ধুনীয়াকৈ কুকুৰাৰ ড্ৰামষ্টিক আৰু ভজা গাহৰি মাংস সজালে৷ লগতে নিৰামিষ চম’চা! চম’চাৰ আকৃতি দেখি মনতে হাঁহি উঠিল কিন্তু জাম্বিয়াৰ ক’তো পাবলৈ নোহোৱা নিৰামিষ খাদ্য দেখি ভাল পালো৷ তেতিয়ালৈ নাছি আৰু মাইক দুয়ো আমাৰ সৈতে সহজ হৈ পৰিছে৷ তেওঁলোকে আমাৰ কামৰ বিষয়ে জনাৰ আগ্ৰহ কৰাত ক’লাই সকলো বিৱৰি ক’লে৷ মাইকৰ আশ্চৰ্য্য এটাই,


’আপোনালোক তিনিও তিনিখন বেলেগ বেলেগ দেশৰ কিন্তু গোটেইকেইজন নিৰামিষভোজী কেনেকৈ হ’ল!’


বুজিলো জাম্বিয়াৰ দৰে এখন মাংসাহাৰী দেশত তিনিজন নিৰামিষভোজী এনেকৈ গোট খোৱাটোৱে কিমান বিৰল!!


উভতাৰ বাটত জীৱনৰ অন্য এক অপূৰ্ব অভিজ্ঞতা-প্ৰথমবাৰৰ কাৰণে দেখা পালো নীলিম পানীত সাঁতুৰি নাদুৰি থকা বিশাল হিপ্প’ৰ দল৷

থ’মাছে ক’লে,


’সেই যে দেখিছে এটাই মুখখন মেলি হামিওৱা যেন লাগিছে, সেয়া হ’ল আক্ৰমণৰ আগজাননী- আমাক সাৱধান কৰি দিছে আৰু কাষ নাচাপিবলৈ!’

হিপ্প’ৰ জাকৰ খেলা


কি এক শ্বাসৰুদ্ধকাৰী অনুভৱ সেয়া! অপলক নেত্ৰে চাই ৰ’লো নৈৰ সোঁতৰ সৈতে খেলা কৰি থকা সিহঁতৰ বিশালকায় দেহ-আমাৰ নাৱৰ ওপৰত স্থিৰ হৈ ৰোৱা সিহঁতৰ গুলাপী চকু, ফুলি উঠা নাক আৰু আমাক সতৰ্ক কৰি দিয়া শক্তিশালী দাঁতবোৰ৷ আমি খুউব সাৱধানে দুৰত্ব বজাই নাও পাৰ কৰিলো কেইবাটাও হিপ্প’ৰ দলৰ কাষেৰে৷


সন্ধিয়া আন্ধাৰ হোৱালৈ অলেখ অসংখ্য চৰাই-চিৰিকটি, ঘৰিয়াল আৰু কেইবাটাও হিপ্প’ৰ জাক চাই বিস্মিত আৰু তৃপ্ত মন একোটা লৈ আছেংগালৈ উভটিলো৷


বিদায় জাম্বিয়া!


জাম্বিয়াত শেষ নিশা বিজুলী ঢেৰেকনীৰে প্ৰচণ্ড বৰষুণ আহিল৷ ইতিমধ্যে ক’লা ফ্ৰান্সলৈ উভতি গৈছে৷ আছেংগাৰ বিশাল চৌহদটোত মাথোঁ এলাইডা আৰু মই সেইনিশাৰ অতিথি৷ নিশা নিস্তব্ধ ৰেষ্টুৰাখনত খাবলৈ বহি দুয়ো প্ৰতিফলন কৰিলো যোৱা দুসপ্তাহৰ দিনবোৰৰ৷


হঠাৎ পাৱাৰ কাট! চাৎকৈ সকলো লাইট নুমাই গ’ল৷ গোটেই চৌহদটো নীৰৱতা আৰু অন্ধকাৰত ডুব গ’ল এখন্তেক৷ নাজানো কিয় এটা শিহৰণ বৈ গ’ল মোৰ দেহৰ ভিতৰেদি! এলাইডাৰ দুচকুতো আশংকা৷ যিমানেই সাহসী হোৱাৰ চেষ্টা নকৰোঁ কিয় দুয়ো জানো, লিভিংষ্ট’নৰ কোনো ঠাইয়ে এই অন্ধকাৰ নিশা নিৰাপদ নহয়৷


এনেতে নিস্তব্ধ অন্ধকাৰ খেদি ৰেষ্টুৰাৰ এগৰাকী কৰ্মচাৰীয়ে আমাৰ টেবুলত মম এডাল থৈ গ’ল৷ মিচিকিয়া হাঁহি এটাৰে আমাক ক’লে,


’ইয়াত পাৱাৰ কাট হৈ থাকে মাজে মাজে, অলপ পিছতে আহিব কিজানি! আজি আমাৰ হেড কুকে আপোনালোকলৈ নিৰামিষ ডিনাৰ ৰান্ধিছে দেই!’


নিমিষতে সকলো আশংকা আঁতৰি গৈ আমি দুয়ো সহজ হৈ পৰিলো৷ যোৱা কেইদিনতে আছেংগাৰ মেনেজাৰৰ পৰা আৰম্ভ কৰি ৰান্ধনি, কৰ্মচাৰীলৈকে বহুজনৰ লগত আমাৰ আন্তৰিকতা গঢ়ি উঠিছে৷ নিৰামিষ খাদ্যৰ সন্ধানতে প্ৰায় প্ৰতিদিনেই আমি আছেংগাৰ ৰেষ্টুৰেন্টৰ সলনি ফ্লেভাৰছলৈ গৈ খাব লগাত পৰিছিলো৷ সেইবাবেই ইয়াৰ ৰেষ্টুৰাৰ ৰান্ধনিয়ে দোষী অনুভৱ কৰি আমাৰ বাবে শাক-পাচলি বজাৰ কৰোৱাই শেষ নিশাৰ সাঁজ ৰান্ধিছে হেনো!


পৰম তৃপ্তিৰে সেই সাঁজ খাই দুয়ো যেন কিছু আবেগিক হৈ পৰিলো! মূখ্য ৰান্ধনি গৰাকী ওলাই আহি খাদ্যৰ বুজ লোৱাত এলাইডা আৰু মই কৃতজ্ঞতা জনালো৷ তেওঁ ৰন্ধা নিৰামিষ খাদ্যৰ প্ৰশংসা শুনি তেওঁ সন্তুষ্টিৰ হাঁহি এটা মাৰি পাকঘৰত সোমালগৈ৷


পিছদিনা ৰাতিপুৱা আছেংগাৰ মেনেজাৰে গাড়ীত আমাৰ বয়-বস্তু উঠোৱাত সহায় কৰি দিলে৷ আমাক বিদায় দিলেহি ৰুম চাৰ্ভিচৰ কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি মূখ্য ৰান্ধনি সকলোৱে৷ কেইবাজনে ইমেইল আইডি ল’লে ভৱিষ্যতেও যোগাযোগ ৰখাৰ প্ৰতিশ্ৰুতি দি! সেই মুখবোৰলৈ চাই অনুভৱ হ’ল, এই অচিন দেশত অভূতপূৰ্ব পৰিস্থিতিত কেনেকৈ যে বিশ্বাস আৰু সহমৰ্মিতাৰ সাকোঁ গঢ়ি উঠিব পাৰে! কেনেকৈ যে পলকতে আপোন হৈ পৰিব পাৰে অচিনাকি মুখৰ আঁৰৰ হৃদয়বোৰ! জাম্বিয়াৰ ঘটনাবহুল ভ্ৰমণে বহু কথা নকৈ শিকাই গ’ল আমাক- বহু অভিজ্ঞতাৰ ৰং সানি গ’ল জীৱনৰ উকা পৃষ্ঠাত!


বিমানবন্দৰত চেক-ইনৰ সময়ত সুৰক্ষা কৰ্মী এগৰাকী আগবাঢ়ি আহি সুধিলে,


’যাবলৈ ওলালে তেন্তে? আশা কৰোঁ এই যাত্ৰা ভালেই গ’ল আপোনালোকৰ? ’


দেখি মনত পৰিল, এওঁ আমাক বিমানবন্দৰত নিশ্চিন্ত মনেৰে থাকিবলৈ আশ্বাস দিয়া সেই একেগৰাকী সুৰক্ষা কৰ্মী!

এলাইডা আৰু মই খোলা হাঁহি এটাৰে প্ৰায় একেলগৈ কৈ উঠিলো,


’yes, it was an amazing trip!'



লিভিংষ্ট’নৰ দেশত (১): ভিজা, ক’ৰ’না আৰু ধুমুহা
লিভিংষ্ট’নৰ দেশত (২):ভিক্টোৰিয়া ফলছ্: দ্য স্ম’ক দেট্ থাণ্ডাৰছ্
লিভিংষ্ট’নৰ দেশত (৩): এটা সপোন খেদি
লিভিংষ্ট’নৰ দেশত (৪): বাওবাব গছৰ সন্ধানত
লিভিংষ্ট’নৰ দেশত (৫): যাত্ৰা আৰু আড্ডা
লিভিংষ্ট’নৰ দেশত (৬): লিভিংষ্ট’নত স্থবিৰ সময়

1 comment:

  1. এক অকল্পনীয় আৰু বিপজ্জনক ভ্ৰমণ কাহিনীৰ মধুৰ তথা চিত্তাকৰ্ষক পৰিসমাপ্তিয়ে মনোজগতত বাৰুকৈয়ে খলকনি তুলি গ'ল। সুন্দৰ।

    ReplyDelete