Monday 16 November 2020

নাগৰিক বিজ্ঞান: ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বিজ্ঞান

বিজ্ঞান বুলি ক’লেই হয়তো আমাৰ মনলৈ আহে লেবৰেটৰীত শুভ্ৰ কোট পৰিহিত গৱেষকৰ দল, ভিন্ন আকৃতি-প্ৰকৃতিৰ যন্ত্ৰ বা অবোধ্য কিছুমান সমীকৰণৰ এখন প্ৰতিচ্ছবি! বহুতেই ভাৱি লয়, এয়া হয়তো আমাৰ মগজুৰ পৰিধিৰ বাহিৰত, আমাৰ দৈনন্দিন জীৱনৰ পৰা বহু নিলগৰ এক জগত! যদি আপোনাৰ মনতো বৰ্তমান এনে এটা ধাৰণাই ক্ৰিয়া কৰিছে তেনে নাগৰিক বিজ্ঞান (Citizen Science)-এ আনি দিয়া সম্পূৰ্ণ বিপৰীত এখন পৃথিৱীৰ মুখামুখি হ’বলৈ সাজু হওক! আমাৰ বহুতৰ হয়তো অজানিতেই নাগৰিক বিজ্ঞান নামৰ এই অভূতপূৰ্ব্ব আন্দোলন আৰম্ভ হৈছে, আপোনাৰ-মোৰ দৰে বহুজনে এই আন্দোলনত যোগ দিছে আৰু কণ কণ পানীৰ টোপালেৰে সাগৰ ভৰাৰ দৰে অলেখ অসংখ্য জনতাৰ অৱদানে বিজ্ঞানক সহায় কৰিছে বহু জটিল আৰু সমস্যাৰ সমাধান উলিওৱাত!

নাগৰিক বিজ্ঞান হ’ল বৈজ্ঞানিক গৱেষণাৰ বিভিন্ন পৰ্য্যায়ত জনসাধাৰণেও অংশ লৈ অৱদান আগবঢ়াব পৰা এক মাধ্যম৷ যিকোনো ঠাইৰ, যিকোনো বয়সৰ বা যিকোনো শিক্ষাগত অৰ্হতাৰ মানুহেই নাগৰিক বিজ্ঞানী হ’ব পাৰে৷ তাৰ বাবে মাথোঁ লাগে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ বিষয়ে কিছু কৌতুহল আৰু পৰ্য্যবেক্ষণৰ আগ্ৰহ আৰু সময়৷

নাগৰিক বিজ্ঞান অৰ্থাৎ ’citizen science’ অভিধা (term)টোৰ প্ৰথম ব্যৱহাৰ কৰিছিল ১৯৯৪ চনত কপেনহেগ’নৰ এগৰাকী সমাজ বিজ্ঞানী এলেন আৰৱিন (Alan Irwin)-এ৷ তেওঁৰ মতে নাগৰিক বিজ্ঞান হ’ল ৰাইজে গঠন কৰা আৰু অৱদান আগবঢ়োৱা এক বিজ্ঞান (a form of science developed and enacted by the citizens themselves)৷ এই অভিধা শেহতীয়াকৈ যোগ হ’লেও সমূহীয়া তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰি জনসাধাৰণে বহু শতিকা ধৰি বিজ্ঞানলৈ অৱদান আগবঢ়াই আহিছে৷ নাগৰিক বিজ্ঞানৰ ইতিহাস এতিয়াৰ পৰা দুহেজাৰ বছৰ পুৰণি৷ ১৮০০ ৰ দশকতে ৱেলছ্ কুক (Wells Cooke) নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী পক্ষীবিজ্ঞানীয়ে চৰাইৰ পৰিভ্ৰমণৰ গৱেষণাত ৰাইজৰ সহায় লৈছিল৷ এই গৱেষণাত স্বেচ্ছাসেৱকসকলে পৰিভ্ৰমী চৰাইৰ স্থান আৰু সময়ৰ বিষয়ে তথ্য সংগ্ৰহ কৰি অৱদান আগবঢ়াইছিল৷




বৰদিনৰ পক্ষী জৰীপ
ফটো: https://wa.audubon.org/christmas-bird-count-1

অন্য এক উল্লেখযোগ্য নাগৰিক বিজ্ঞানৰ প্ৰকল্পৰ আৰম্ভণি কৰিছিল আমেৰিকা যুক্তৰাষ্ট্ৰত নেশ্যনেল অডুবন ছ’ছাইটি (National Audubon Society) নামৰ সংস্থাটোৱে৷ উনৈশ শতিকালৈ উত্তৰ আমেৰিকাত বৰদিনৰ দিনা চৰাই চিকাৰৰ এটা পৰম্পৰা প্ৰচলিত আছিল৷ সেই দিনটোত কোনে কিমান চৰাই বধ কৰিব পাৰে তাকে লৈ প্ৰতিযোগিতা হৈছিল৷ ১৯০০ চনৰ ডিচেম্বৰ মাহত নেশ্যনেল অডুবন ছ’ছাইটিয়ে সকলোকে আহ্বান জনালে বৰদিনৰ দিনা চৰাই বধ নকৰি হিচাপ কৰিবলৈ৷ বৰ্তমান এই বৰদিনৰ পক্ষী জৰীপ (Christmas Bird Count) বিশ্বৰ আটাইতকৈ দীঘলীয়াকৈ চলি থকা নাগৰিক বিজ্ঞানৰ প্ৰকল্প ৰূপে পৰিগণিত হৈছে৷

নাগৰিক বিজ্ঞানী কেনেকৈ হ’ব? আপোনাৰ আগ্ৰহ অনুসৰি যিকোনো বিষয় বাছি লওক, লাগিলে সেয়া বতৰ, গছ-লতা, জীৱ-জন্তু বা মহাকাশ যিয়েই নহওক৷ নাগৰিক বিজ্ঞানৰ পৰিসৰ যথেষ্ট বিশাল আৰু সময়ৰ লগে লগে ইয়াৰ বিস্তাৰ অধিক দ্ৰুতগামী হৈছে৷ আপুনি যদি প্ৰকৃতিৰ মাজত সময় কটাবলৈ ভাল পায় তেনে আইনেচাৰেলিষ্টইবাৰ্ড আদি এপ আপোনাৰ ফোনত ইনষ্টল কৰি ল’ব পাৰে৷ এই জৈববৈচিত্ৰ বিষয়ক নেটৱৰ্ক বোৰত সুবিধা আৰু সাৰ্মথ্য অনুসৰি আপুনি লক্ষ্য কৰা যিকোনো গছ-লতা বা জীৱ-জন্তুৰ ফটো, মাত আদিকে ধৰি নানা তথ্য যোগ দিব পাৰে৷ তেনেদৰে আপোনাক যদি মহাকাশৰ অসীম ৰহস্যইহে বেছিকৈ আকৰ্ষণ কৰে তেনে স্পেইচহেক, গেলেক্সি জু আদি প্ৰকল্পই আপোনাক সুযোগ দিব ঘৰতে বহি মঙ্গল গ্ৰহৰ পৃষ্ঠ অন্বেষণ কৰা বা সুদুৰ কোনো তাৰকাপুঞ্জ বিচৰাত!
নাগৰিক বিজ্ঞানৰ প্ৰকল্পৰ কেইটামান উদাহৰণ

ভাৰতত জনপ্ৰিয় নাগৰিক বিজ্ঞানৰ প্ৰকল্পবোৰ হ’ল, চিজনৱাটছ, আই ফাউণ্ড বাটাৰফ্লাইজ, চিটিজেন স্পেৰ’, ইবাৰ্ড, হৰ্ণবিল ৱাটছ্ ইত্যাদি (সম্পূৰ্ণ তালিকাৰ বাবে তথ্যসূত্ৰ চাব পাৰে)৷ প্ৰায়বোৰ প্ৰকল্পৰে মূখ্য ধাৰণা একেই- প্ৰকৃতিৰ বিভিন্ন ৰং-ৰূপৰ তথ্য সংগ্ৰহ৷ উদাহৰণস্বৰূপে, চিজনৱাটছ্ত অংশ ল’বলৈ আপোনাৰ কাম হ’ব, মাথোঁ পছন্দৰ যিকোনো এজোপা গছ বাছনি কৰা আৰু প্ৰতি সপ্তাহে গছজোপাৰ বিভিন্ন পৰিৱৰ্তন পৰ্য্যবেক্ষণ কৰা৷ এই তথ্যৰ সামূহিক বিশ্লেষণৰ পৰা আমি জানিব পাৰিম বিভিন্ন ঋতুৰ পৰিৱৰ্তনে আমাৰ চাৰিওদিশৰ প্ৰকৃতিৰ যেনে গছ-লতাৰ ফুল বা ফল ধৰাৰ সময়ৰ কেনে পৰিৱৰ্ত্তন আনিব পাৰে৷ ৰাইজে আগবঢ়োৱা এনে অৱদানৰ বৈজ্ঞানিক বিশ্লেষণে বহুতো উল্লেখযোগ্য আৱিষ্কাৰত সহায় কৰিব পাৰে৷

নিউয়ৰ্কৰ সোণপোক বিধ
ফটো:https://bugguide.net/node/view/1466799
কেৱল চখ পূৰাবৰ বাবেই নাগৰিক বিজ্ঞানী হৈ পৰা বহু লোকে নতুন আৱিষ্কাৰ কৰি বিজ্ঞানলৈ অমূল্য অৱদান আগবঢ়াবলৈ সক্ষম হৈছে৷ উদাহৰণস্বৰূপে, নিউয়ৰ্কৰ ৰাজ্যিক পতংগ হ’ল এবিধ বিশেষ সোণপোক (Nine-spotted ladybug)৷ কিন্তু ১৯৮২ চনৰ পৰা এই সোণপোকবিধ কোনেও দেখা পোৱা নাছিল আৰু ই বিলুপ্ত হ’ল বুলিয়ে সকলোৱে ধাৰণা কৰি লৈছিল৷ ২০১১ চনত এগৰাকী নাগৰিক বিজ্ঞানীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন পামত হঠাতে এপাহ সূৰ্য্যমুখী ফুলত এই সোণপোকবিধ আৱিষ্কাৰ কৰে৷

অন্য এটা অনন্য উদাহৰণ হ’ল ফ’ল্ডইট! বিজ্ঞানীসকলে এইডছ্ গৱেষণাৰ বাবে অতিকৈ দৰকাৰী এবিধ উৎসেচক (enzyme) ৰ আৰ্হি (model) প্ৰস্তুত কৰিবলৈ চেষ্টা কৰি আছিল৷ পোন্ধৰ বছৰৰ নিৰলস প্ৰচেষ্টাৰ অন্ততো সফলতা লাভ কৰিব নোৱাৰি তেওঁলোকে এই সমস্যা জনসাধাৰণৰ বাবে মুকলি কৰি দিলে৷ তেওঁলোকে ’ফ’ল্ডইট’ নামৰ এবিধ অনলাইন খেলৰ জড়িয়তে জনসাধাৰণক আহ্বান জনালে এই আৰ্হি তৈয়াৰ কৰাত সহায় কৰিবলৈ৷ দুইলাখৰো অধিক লোকে এই অনলাইন খেলবিধত অংশ ল’লে আৰু তিনিসপ্তাহৰ ভিতৰতে ৰহস্যৰ সমাধান উলিয়াবলৈ সক্ষম হ’ল! 

নাগৰিক বিজ্ঞান বহু দিশৰ পৰা আজিৰ পৃথিৱীত অপৰিহাৰ্য্য আৰু অৱধাৰিত হৈ পৰিছে৷ ৰাইজে সংগ্ৰহ কৰা তথ্যই জীৱ-জন্তুৰ সংখ্যা, বিস্তৃতি, ব্যৱহাৰ আদিৰ বিষয়ে বিশদভাৱে জনাত সহায় কৰিছে৷ বিশেষকৈ কম সময়তে বিশাল একোটা অঞ্চলৰ বিষয়ে তথ্য সংগ্ৰহৰ বাবে নাগৰিক বিজ্ঞানৰ বিকল্প নাই৷ তাৰোপৰি অৰ্থনৈতিক বাধাৰ বাবে থমকি ৰোৱা বহু দৰকাৰী গৱেষণাৰ কাৰণে
 নাগৰিক বিজ্ঞান এক অতিকৈ আৱশ্যকীয় আৰু প্ৰাসংগিক মাধ্যম হৈ পৰিছে৷

নাগৰিক বিজ্ঞানে ৰাইজৰ মাজত বৈজ্ঞানিক সচেতনতা বৃদ্ধি কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ প্ৰকৃতি বিষয়ক প্ৰকল্প সমূহে বিনন্দীয়া প্ৰকৃতিৰ ৰং-ৰূপ উপভোগ কৰাত আৰু 
মানুহক প্ৰকৃতিৰ মাজলৈ লৈ যোৱাত সহায় কৰিছে৷ তাৰোপৰি নাগৰিক বিজ্ঞানে আনি দিয়া সচেতনতাই আমাক বিজ্ঞানৰ বিভিন্ন বিষয়ত মতামত প্ৰকাশ কৰা আৰু সময়োপযোগী পদক্ষেপ লোৱাতো উদগণি যোগাইছে৷

সময়ৰ লগে লগে বিজ্ঞানীসকলেও উপলব্ধি কৰিছে যে বৰ্তমানৰ পৃথিৱীৰ বহু ৰহস্য সমাধান কৰিবলৈ পৰম্পৰাগত পদ্ধতিৰে কৰা বিজ্ঞানেই যথেষ্ট নহয়৷ নাগৰিক বিজ্ঞানে বন্ধ কোঠাৰ পৰা বিজ্ঞানক ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিছে৷ গতিকে এই প্ৰকল্পই বহু ক্ষেত্ৰত বিজ্ঞানক অধিক গণতান্ত্ৰিক কৰি তুলিছে৷ নাগৰিক বিজ্ঞান প্ৰকৃতাৰ্থতে হৈ পৰিছে ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বিজ্ঞান!
Illustration and text Frits Ahlefeldt    https://hiking.org/portfolio/giving-a-hand-to-science/



তথ্যসূত্ৰ
  • The Field Guide to Citizen Science: How You Can Contribute to Scientific Research and Make a Difference
  • Michael A. Peters & Tina Besley (2019) Citizen science and post-normal science in a post-truth era: Democratising knowledge; socialising responsibility, Educational Philosophy and Theory, 51:13, 1293-1303,
  • Bowser, A, Cooper, C, de Sherbinin, A, Wiggins, A, Brenton, P, Chuang, T-R, Faustman, E, Haklay, MM and Meloche, M. (2020). Still in Need of Norms: The State of the Data in Citizen Science. Citizen Science: Theory and Practice, 5(1): 18 pp. 1–16.
  • MacPhail, V, Colla, S, R. (2020). Power of the people: A review of citizen science programs for conservation. Biological Conservation Volume 249, 108739
  • Fraisl, D., Campbell, J., See, L. et al. Mapping citizen science contributions to the UN sustainable development goals. Sustain Sci (2020). https://doi.org/10.1007/s11625-020-00833-7
  • ভাৰতৰ নাগৰিক বিজ্ঞান প্ৰকল্পসমূহ

No comments:

Post a Comment