Tuesday 21 December 2021

প’লেণ্ডৰ ডায়েৰী (৩): বাবচ্চাৰ সান্নিধ্যত

’জিন ড’ব্ৰে বাবচ্চা (শুভ  দিন আইতা৷)’- দুৱাৰমুখতে বেগ আৰু কোট-মাফলাৰ আদি সকলো এৰি আহি মাত দিলো৷ 

’জিন ড’ব্ৰে, জিন ড’ব্ৰে’ দুৰ্ব্বল মাতটোৰে বাবচ্চাই সঁহাৰি দিলে৷ লিভিং ৰূমৰ একাষে ৰিক্লাইনিং আৰ্মচেয়াৰখন ৰিম’টেৰে কিছু পোনাই লৈ বাবচ্চাই মূৰ তুলি মোলৈ চালে৷ দুচকুত কৌতুহল, মুখত হাঁহিৰ আভাস!

য়ানেকৰ আইতাক বাবচ্চা৷ শতায়ু হ’বলৈ মাথোঁ ছটা বছৰ বাকী৷ অতদিনে তেওঁৰ মাত শুনি আহিছিলো, স্ক্ৰীণৰ সিপাৰে এইখন চেয়াৰতে দেখি আহিছিলো৷ আজি প্ৰথমবাৰৰ বাবে সোশৰীৰে লগ পালো৷ প’লেণ্ডত প্ৰথম সম্ভাষণৰ সৌজন্য ৰাখি গালত চুমা যচাৰ ৰীতি, য়ানেকে কৈছিল৷ পিছে এতিয়াৰ ক’ভিডে স্তব্ধ কৰা পৃথিৱীত দৈনন্দিন জীৱনৰ এনে বহুতো সৰু-বৰ কথা-কম সলনি হৈ গৈছে৷ গতিকে আজিও বিমানযাত্ৰাৰ সকলো সা-সামগ্ৰী ছেনিটাইজ কৰিবলৈ বুলি একাষে থৈ গা পা ধুই আহিহে বাবচ্চাৰ কাষ চাপিলোহি৷

আহি দেখোঁ, বাবচ্চা ব্যস্ত তেওঁৰ সন্মুখৰ টিভিৰ ষ্টেণ্ডত ৰখা ডিজিটেল ফটো ফ্ৰেমৰ ফটোবোৰ চোৱাত৷ চাই চাই মাজে মাজে মোকো আঙুলীয়াই দেখুৱালে,

’য়াছু!’

’মিউনিখ!’

ঠিকেই, কেইমিনিটমানৰ মূৰে মূৰে সেই ফটো ফ্ৰেমত ধৰা দিছে, য়াছু অৰ্থাৎ য়ানেকৰ শৈশৱৰ এক প্ৰতিচ্ছৱি, মিউনিখৰ কোনোবা এক সেউজ লেণ্ডস্কেপত বাবচ্চাৰ হাঁহিভৰা মুখ৷

’বাবচ্চাই এই ফটোবোৰকে চাই চাই পুৰণি কথা সোঁৱৰিবলৈ ভাল পায়৷ এইবয়সত স্মৃতিবোৰ সজীৱ কৰি ৰখাৰ এটা ব্যায়াম যেনেই হৈ পৰিছে এইটো৷’ য়ানেকে ক’লে৷ মাতত কিছু কাৰুণ্য৷ কিছু মমতা৷

এই আৰ্মচেয়াৰ আৰু বিছনাখনেৰে ঘৰৰ চাৰিবেৰেই আজি বহুদিন ধৰি বাবচ্চাৰ পৃথিৱী৷ জীৱনৰ এই বিয়লি বেলাত তেওঁৰ শৰীৰৰ বাবে একো একোটা খোজেই হৈ পৰিছে বিৰাট প্ৰত্যাহ্বান৷ তথাপিও যেন এইগৰাকী নাৰীৰ মনে অহৰহ যুঁজিছে জীৱনৰ শেষ ৰংখিনি ধৰি ৰাখিবলৈ, এই ঘৰৰ সীমাতে মনৰো পৰিসীমাৰ ঘেৰ নাটানিবলৈ৷ সেইবাবেই হয়তো প্ৰতিদিনে পৰম আগ্ৰহেৰে তেওঁ দেশৰ বা-বাতৰি চায়৷ শেহতীয়া ৰাজনৈতিক বা অৰ্থনৈতিক অৱস্থাক লৈ তৰ্ক কৰিব খোজে৷ স্কি জাম্পিং বা কাৰ ৰেচিঙৰ এখনো প্ৰতিযোগিতা চাবলৈ নাপাহৰে৷

কাষ চাপি গৈ মই লাহেকৈ স্পৰ্শ কৰিলো তেওঁৰ সোতোৰা পৰা হাতখন৷ বাবচ্চাই মোলৈ চাই লাহেকৈ হাঁহিলে, য়ানেকক প’লিছ ভাষাতে কিবা ক’লে, কিন্তু তেওঁৰ হাতখনত সংবেদনশীলতাৰ বিশেষ পৰশ নাপালো৷ 

’তোমাৰ ফ্লাইট কেনে আছিল সুধিছে৷’ য়ানেকে মোলৈ চাই ক’লে৷

বাবচ্চাই ইংৰাজী নকয়৷ মোৰ প’লিছ ভাষাৰ তেনেই সীমিত জ্ঞান৷ গতিকে বাবচ্চাই প’লিছত কিবা ক’লে মই ইংৰাজীতে উত্তৰ দিওঁ৷ য়ানেক আশে পাশে থাকিলে সি অনুবাদকৰ দায়িত্ব পালন কৰে৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল৷

’ঘৰ পোৱা দেৰি হোৱাত বাবচ্চা চিন্তাত অস্থিৰ হৈছিল তোমাৰ ভিজাৰ খেলিমেলি হৈ প’লেণ্ডত সোমাবলৈ নিদিয়া বুলি৷’

কিনো ক’ম ভাৱি নাপালো৷ এইগৰাকী বাবচ্চাই কঁপা কঁপা হাতেৰে চহী কৰি মোলৈ নতুন বছৰ আৰু জন্মদিনৰ কাৰ্ড পঠিয়ায়, মোৰ দৰকাৰী কিবা ইন্টাৰভিউ বা পৰীক্ষা থাকিলে ইয়াৰ পৰাই গোটেই সময়খিনি দুটা আঙুলীৰে ক্ৰছ কৰি ৰৈ থাকে সেয়া ঠিকে ঠাকে পাৰ হৈ যোৱালৈ৷  কিবা ক’বলৈ পোৱাৰ আগতেই বাবচ্চাৰ যত্ন লোৱা এভা সোমাই আহিল৷

পুনৰ ’জিন ড’ব্ৰে’ৰে চিনাকি পৰ্ব্ব৷ তেওঁ প্ৰতিদিনে পুৱা-গধুলি আহি বাবচ্চাৰ আলপৈচান ধৰেহি৷ তেওঁক বাবচ্চাই ক’লে, ইটো সিটো খাদ্য উলিয়াই মোক খাবলৈ দিবলৈ৷ বুজিলো, আৰ্মচেয়াৰৰ পৰা উঠিবলৈকো সহায়ৰ দৰকাৰ হোৱা মানুহগৰাকীৰ মাজত এতিয়াও সজীৱ হৈ আছে অতিথি শুশ্ৰষাৰ বাবে খদমদম লগোৱা গৃহিণী এগৰাকী৷

নিশাৰ সাঁজ খাওঁ মানে দীঘলীয়া যাত্ৰাৰ ক্লান্তিয়ে হেঁচা মাৰি ধৰিলে মোক৷ তথাপি লিভিং ৰুমৰ আৰামী ছোফাখনতে আউজি লৈ বহি ৰ’লো৷

মোৰ মনত অনেক প্ৰশ্ন৷ বাবচ্চাৰ জীৱনক লৈ, সেই জীৱনৰ বিভিন্ন আলি-কেঁকুৰিক লৈ৷ দ্বিতীয় মহাযুদ্ধ, নাৎজি বাহিনীৰ শোষণ সকলো নিজ চকুৰে দেখিছে, সেই তিক্ত অধ্যায়ে বাবচ্চাৰ জীৱনলৈও বহু ঘাত-প্ৰতিঘাত আনিছে৷ এইগৰাকী নাৰীয়ে বুকুৰ মাজত সাঁচি ৰাখিছে এই দেশৰ প্ৰায় এটা শতকজোৰা ইতিহাস৷ সেই স্মৃতি বুটলাৰ অদম্য হেঁপাহ পিছলৈ সামৰি থ’লো৷ মাথোঁ নীৰৱে বেছ কিছুপৰ য়ানেক আৰু বাবচ্চাই কথা পতা শুনি ৰ’লো৷ নাতি আৰু আইতাকৰ সেই আন্তৰিক বান্ধোন বুজিবলৈ ভাষাৰ প্ৰয়োজন নহ’ল৷ সময়ৰ আঁচোৰে ক্ৰমাৎ জুৰুলা কৰি অনা আইতাকৰ শুভ্ৰ চুলিত হাত ফুৰাই ফুৰাই য়ানেকে ইটো সিটো কৈ গ’ল৷ বাবচ্চাই ক্লান্তি আৰু তৃপ্তিৰ মিশ্ৰিত আৱেগ লৈ ’টাক টাক’ বুলি হয়ভৰ দি থাকিল৷ সেয়া চাই চাই তন্ময় হৈ মই ডুব গ’লো অতীত সোঁৱৰণিত - বহু যুগৰ আগতে হেৰুওৱা নিজৰ দুজন ককাৰ স্মৃতিচাৰণত৷ 

এটা সময়ত এখোজ দুখোজকৈ গৈ বাবচ্চাই বিছনাত বাগৰ দিলেগৈ৷ য়ানেকে আলফুলকৈ ড্যুভেখন  তেওঁৰ গাত দিলে৷ বিছনাৰ কাষতে পানী, ঔষধ আদি সকলো যোগাৰ দি বিদায় দিব খোজোতে বাবচ্চাই পুনৰ মাত দিলে৷ তেওঁক টেবলেটটো লাগে৷ য়ানেকে কোনোবা এবাৰ বাবচ্চাৰ জন্মদিনত উপহাৰ দিয়া টেবলেটটো এতিয়া বাবচ্চাৰ এৰাব নোৱাৰা সংগী হেনো৷ নিশা টোপনি নাহিলে এপৰলৈকে তেওঁ তাতে অডিঅ’ বুক শুনে৷ সেই নিশাও হাতৰ অনুমানতে বাটন টিপাৰ লগে লগে ভাঁহি আহিল এগৰাকী নাৰীৰ সুমধুৰ কন্ঠ৷

’সেইখন কি কিতাপ?’  কৌতুহল দমাব নোৱাৰি সুধিলো৷

’প্ৰাইড এণ্ড প্ৰিজুদিছ! এয়া তৃতীয় বাৰলৈ শুনিছে কিজানি বাবচ্চাই৷ এইবাৰ নতুন অডিঅ’ বুক দুখনমান আনি দিব লাগিব৷’ য়ানেকে ক’লে৷

গম পালো, এই ঘৰৰ প্ৰতিটো কোঠাতে ঠাহ খাই থকা শাৰী শাৰী কিতাপবোৰ বাবচ্চাৰে যোৱা বিছ বছৰৰ সংগ্ৰহ৷ ইতিহাসৰ কল্পকাহিনী পঢ়ি ভাল পায় তেওঁ৷ এতিয়া চকুৰে ঠিক মনিব নোৱাৰা হোৱাৰে পৰা অডিঅ’ বুকেই হৈ পৰিছে তেওঁৰ সেই বিদ্যানুৰাগী মনৰ খোৰাক৷

’ড’ব্ৰানটছ বাবচ্চা’ (শুভৰাত্ৰি আইতা)

অভিভূত মন এটাৰে বাবচ্চাৰ গালত চুমা দি কৈ উঠিলো৷

’ড’ব্ৰানটছ জলি!’

হাতেৰে হেঁপিয়াই হেঁপিয়াই বাবচ্চাই অ’ডিঅ’ বুকৰ মাতটো ৰখালে ৷ সোতোৰা সোতোৰ দুয়ো হাতেৰে মোৰ দুয়োগালত ধৰি কাষ চপাই আনিলে তেওঁ আৰু মোক কিছু আচৰিত কৰি টপ্ টপ্ কৈ  কপালত দুটা চুমা আঁকি দিলে৷


পূৰ্বৰ খণ্ডসমূহ:

No comments:

Post a Comment